Saturday, 10 June 2017

কিলিং চংক্ৰেৎ



 — ৰত্না ভৰালী তালুকদাৰ

(আগডোখৰৰ নিৰ্মিতিঃ
 
এটা পুৰাতনৰ সাধু আৰু এটা বিনিৰ্মিত সাধু বাটেৰে গৈ আছিল বাট আছিল পাহাৰীয়া গতিকে সাধু দুটাৰ আমনিও লাগিছিল উঠা- নমা কৰি কৰি বাটতে ইটোৱে সিটোক  লগ পালে দুয়োটাই বোলে বাট চমুৱাবলৈ কাহিনীকে   শুনোঁ আহা পুৰাতনৰ সাধুৱে বোলে তোমাৰ কাহিনী কোৱা ইটোৱে বোলে, নহয়, তোমাৰটো আগে কোৱা ইয়াৰ পিছত দুয়ো ঠিক কৰিলে কাহিনী সিহঁতে একেলগেই কৈ যাব ৰু  কোনখিনিত মিল আছে  কোনখিনিত গৰমিল কৰিবলগীয়া  আছে বিচাৰি উলিয়াব এইদৰে কাহিনী কৈ কৈ সাধু  দুটা আগবাঢ়িল......)

[এক]

পাহাৰ হৈছে  আৰলেংসকলৰ কলিজাৰ এফাল আৰু পাহাৰৰ আমঠু হৈছে  কুলু কুলুকৈ বৈ যোৱানাচনী লাংছ' কাকবাহঁৰ গজালিৰ দৰে বাঢ়িছিল পাহাৰবোৰ বাঢ়ি বাঢ়ি ডাৱৰৰ দেশ পালেগৈ তেতিয়া সিহঁতে চু বলৈ পালে আকাশৰ পানী সিহঁতৰ  বুকু সাৰুৱা হৈ উঠিল আৰু তাতেই  জন্ম 'লে কাহিনীয়ে পাহাৰে জন্মোৱা কাহিনীবোৰ  আৰলেংসকলে মুখত ধৰি ৰাখিলে আৰলেংসকলে তেঁওলোকৰ মুখতে সাৰ দিলে পানী দিলে আৰু জীয়াই ৰাখিলে কাহিনী পবিত্ৰ  হৰলাং  পি  আৰলেংসকলে গালে
কাথি ৱাংবে আকলাং
লংলে আংকৰ পাচৰাণ
ছিনিং আংকৰ জিহুৰ মান
লাছি পাচ'ৰাণ জলাং
ধান নহাৰ দিনতো, মাটিৰ তলৰ শিপা, আকাশত ওলমি থকা ফল খাওতেও আৰলেঙে পবিত্ৰ মদ বনাইছিল --   কেনে সুখৰ কথা, নহয়নে!  

হেম্ফু  দেৱতাই বোলে আৰলেংসকলে বৰ সুখ পাওক আৰু সুখ পাওক আৰু হেম্ফু  দেৱতাই দেৱভনী ৰাছিনজাক পাহাৰৰ ৰাংমুক্ৰাঙৰ  'ৰা  লংমুক্ৰাঙৰ সৈতে  বিয়া পাতি দিলে
সুখৰ কথা নহয়নে ! আস তেনেই সুখৰ কথা
 
তাৰপিছত, এদিনাখন  ' কি  বাছাপী আইতাই বোলে, “হে' মোৰ  স্বামী দেৱতা আমাৰ সিঁচৰিত হৈ থকা আৰলেং প্ৰজাসকলক একগোট কৰি গাঁও এখন পাতক এনে কৰিলে কাচেনৰ দিনতে  আৰলেংসকলৰ প্ৰথম গাঁও পতা হৈছিল  বুলি  ইতিহাসে '
 
- সুখৰ কথা নহয়নেআস তেনেই সুখৰ কথা হয় হয় বৰ সুখৰ কথা
 
পাহাৰে আৰলেংসকলক সকলো দিলে আৰহি দিলে, ইংচুম  দিলে, ফাং গছ দিলে, ' তেৰাং, 'দুদু পখী দিলে........ এনেকৈ নিজৰ নিজৰ ফৈদবোৰ বাচি লোৱাৰ পিছত  আৰুনো বাকী থাকিল কি· আৰলেংসকলে ঢেৰ সুখ পালে, ঢেৰ সুখ পালে  
পাহাৰবোৰো ওখ হৈ গৈ থাকিল এদিন আৰলেংসকলে নেদেখাতে পাহাৰৰ বুকুত গজিল শিল একেবাৰে নিভৃতত 'লা 'লা শিলবোৰ  পাহাৰৰ গাতে ভেজা দি আকাশলৈ উঠি '
 
এদিন 'লা শিল থকা গাৱঁলৈ  আৰলেং এজনে  জীয়ৰীক  বিয়া দিলে এদিন তেঁও  জীয়ৰীৰ খবৰ কৰিবলৈ ' তেঁও কি দেখিলে?  তেঁও দেখিলে শিল থকা গাঁওখনৰ আৰলেংসকলে নাঙঠ - পিঙঠ হৈ গাবোৰ 'লা 'লা শিলবোৰত ঘঁহিবলৈ ধৰিছে আৰলেংজনে দেখিলে এইদৰে ঘঁহি থাকোঁতে তেঁওলোকৰ দেহা বাঘৰ দৰে হৈ  পৰিছেকি কথা, কি বতৰা আৰলেংজনৰ মুখৰ মাত মুখতে হেৰাল ঘঁহি থাকোঁতে সিহঁতৰ হাত  ৰু ভৰিবোৰত  বাঘৰ হাতোঁৰা গজি উঠিল আৰু দেহাবোৰো হৈ পৰিল বাঘৰ দৰেই আৰলেংজনৰ চকুৰ সমুখতে গাঁওখনৰ আৰলেংবোৰ বাঘলৈ পৰিণত ' আৰু ডাঙৰ ডাঙৰ গোঁজৰণি মাৰি  সিহঁতে কাষৰ গাঁওবোৰলৈ ঢাপলি মেলিলে —  চিকাৰ ধৰিবলৈ
 
বিয়লি চিকাৰ কৰি বুটলি অনা জন্তুবোৰ লৈ বাঘবোৰ উভতি আহিল শিলত গা ঘঁহি ঘঁহি আকৌ আৰলেং হৈ পৰিল  জন্তুৰ মাংসৰে মজা কৰি ভোজ খালে
জীয়ৰীৰ খবৰ কৰিবলৈ যোৱা আৰলেংজনে  যাদু- বস্তুটোৰ মাটিত পৰা খোজৰ চিন   চাইহে বুজিলে এয়া ভগৱান বস্তু টেকী বা বংক্ৰুই  বাঘ নহয় যাদু বস্তুটোৰ খোজৰ চাপত পাচোঁটা আঙুলিৰ চিন পৰিছে
 
এইবাৰহে আৰলেংজনৰ মুখৰ মাত হেৰাল
 
কিলিং চংক্ৰেৎ!  
এয়া কিলিং চংক্ৰেৎ- খোজৰ চাপ

আৰলেঙৰপৰা বাঘৰ ৰূপ ধৰিব পৰা যাদুবিদ্যা
- দেও লগা কথা, নহয়নে  হয়, একেবাৰে দেও লগা  কথা তেনেই দেও লগা কথা
বুধিয়ক আৰলেংজনে জীয়ৰীৰ ঘৰৰপৰা উভতি আহোঁতে  লাহেকৈ 'লা শিলৰ টুকুৰা এটা সামৰি 'লে এইদৰেই  পাহাৰত কিলিং চংক্ৰেৎ-  যাদুবিদ্যা বিয়পি পৰিল
——
দিনবোৰ গৈ গৈ  বগা বগা চাহাবৰ দিন পালেহি বগা বগা চাহাবে কিলিং লংৰিৰ আৰলেংসকলৰ পৰা খাজনা উঠাবলৈ যাওক কিলিং লংৰিৰ আৰলেংসকলে বোলে খাজনাহে লাগেনে· এইবুলি  বগা বগা চাহাবৰ চকুৰ সমুখতে 'লা  'লা শিলত গা ঘঁহি ঘঁহি সিহঁত  বাঘ হৈ পৰিল
 
কিলিং চংক্ৰেৎ হৈ পৰিল
 
চাহাবৰ চকুৰ সমুখতে সিহঁত কিলিং চংক্ৰেৎ '
পোনতে  বগা বগা চাহাবৰ তৎ হেৰাল বুজি পোৱাৰ পিছত খঙত জলি উঠিল খং খাই চাহাবে ব্লাষ্টিং কৰি আকাশলৈ উঠি যোৱা জীয়া জীয়া শিলবোৰ চুৰ- মাৰ কৰি পেলালে
হায় হায় জীয়াই থকা শিলবোৰ বধি চুৰ- মাৰ কৰি পেলালে তেনেই চুৰ- মাৰ কৰি পেলালে তেনেহলে আৰলেংসকলে কিলিং চংক্ৰেট-ৰ  যাদু ৰূপ ধৰিবলৈ এৰি দিলে নেকি?
[দুই

নিংছ' আছঙৰ  আইদেউসকলে বাকৰিত মেল মাৰিছিল বাহিৰত কুহুমীয়া ' জিৰ্ জিৰ্ বতাহত কঁপি আছিল তেঁওলোকৰ পীনি - পে'কক  তেঁওলোকৰ তেজগোৰা মুখ আৰু উদং, স্বাস্থ্যবান কলাফুল 'দজাকে  চুই আছিল 'দজাকৰ প্ৰতি অকণো মৰম লগা নাছিল নিংছ'সকলৰ তেঁওলোকৰ সমুখত এয়া থৰ লাগিছে নিবোকা পাহাৰ থৰ লাগিছে  লাংছ'বোৰ
সেয়েহে আইদেউসকলৰ মনবোৰ গোমা সৌৱা চেদ- ভেদ নোহোৱাকৈ ফুলিছে পাহাৰৰ ৰঙাফুল  জুই জুমৰ মাটি মোকলাবলৈ দিয়া হাবিত দিয়া পবিত্ৰ জুই নহয় এয়া আৰলেংসকলৰ বাবে তেনেই অচিনাকি জুই আহিছে  এইকুৰা যিবিলাকে ইংচুম গছৰ পাতৰ দৰে পখৰা- পাখৰি কৰি থয়  শৰীৰআৰু          ৰিত  পিন্ধে ফাং গছৰ পাতৰ ৰঙৰ বুটসিহঁতেই মাতি আনিছে এইকুৰা জুই  
ভয় লগা কথা নহয়নে? বৰ ভয় লগা কথা একেবাৰে ভয় লগা কথা
বাছাপী আইতাই সাৱধান কৰি কৈছিল, নিংছ'সকল, কিলিং চংক্ৰেৎ নামৰ সেই ভয়ংকৰ যাদুকৰটো যিদিনা আহিব বাঘৰ ভেশেৰে, তোমালোক দুৱাৰ মাৰি 'ৰা- ছোৱালী লৈ সোমাই  পৰিবা ভিতৰত লাগিলে সি ছাগলীকে  নিয়ক, গাহৰিকে নিয়ক..... পিচে, আইদেউসকলে শুনিবলৈ পাইছে এই যাদু- বাঘৰ ছলন হেনো তেনেই আচহুৱা কথাবোৰ শুনি নিংছ' আইদেউসকলৰ বুকুখন ৰম ৰমকৈ পোৰে
আৰলেংসকলে প্ৰথমতে ভাবিছিল হয়তো জুমৰ পথাৰত কেতিয়াবা হঠাতে ওলোৱাদি ওলাইছেহি ভগবান বস্তুটেকি নহ'লে বংক্ৰুই সৰ্বজান্তা এই দুই প্ৰাণী হৈছে হাবিৰ ৰক্ষা কৰোতা অন্তৰ্যামী চকুৰে পঢ়ি থয় আৰলেঙৰ মনৰ ভিতৰ চিনি লয় পাপৰ ভৰেৰে পৰিপূৰ্ণ আত্মা আৰু যিজন মহাপাপী, তেঁওক এদিন টানি নিয়েহি  যেতিয়া টেকি বা বংক্ৰুইয়ে টানি নিয়ে কোনো আৰলেং, তেতিয়া তেঁওৰ পুনৰ জনম নহয় চমাংকান নহয় উচেপীয়ে নাগায় গীত সেয়েহে তেঁওৰ বাবে বন্ধ হৈ পৰে চাৰ্হে গীতৰ সুৰেৰে নিৰ্দেশিত  পথেৰে গৈ স্ফৰ্গলোকৰ পৰা পৰিয়ালৰ মাজলৈ উভতি অহাৰ পথ
 
পিচে, আৰলেংসকলে বুজিব পাৰিলে এয়া টেকি বা বংক্ৰুইতো নহয়েই, আনকি পুৰাতন কিলিং চংক্ৰেতৰ   চলনৰ সৈতেও আছে তাৰ বহুতো অমিল
 
এনেকৈ বাকৰিত মেল পাতি দুখৰ কথা গাই থাকোতেই আইদেউসকলে দেখিলে সৌৱা দেখোন  কাৰোবাক বোকোচাত বান্ধি কেকোঁ-জোকোঁকৈ  আহিব লাগিছে  ৰংকিমি গাৱঁৰ ডলা সিং  ইংতি তাৰ খোজটোতে আইদেউসকলে কিহবাৰ গোন্ধ এটা পালে আইদেউসকলক তাতে দেখা পাই  ডলা সিং  ইংতি তেনেই লেতু সেতু হৈ পৰিল বোকোচাৰ ছোৱালীকণক দেখুৱাই সি খঙে - দুখে ৰেপি ৰেপি কটা  বুকুখন উদঙাই হিয়ালি-জিয়ালিকৈ গাবলৈ ধৰিলে
ছাংলিং পেন ক্লিৰণি
নাজাং নাছেৰলি[]
ক্লিমমে তাইনেৰি
বাং, ৰংৰ' জুই পাৰণি
পে চেংজইমেজি........ 
তাৰ বিননিত তেঁওলোক মজি যোৱাৰেই কথা কিন্তু হঠাতে এগৰাকীয়ে সম্বিৎ ঘুৰাই পালে বোলে, হেৰ' ধৰ ধৰ, ছোৱালীকণক দাংকোলাকৈ ধৰ  হস্পিতাললৈ ', হস্পিতাললৈ ' ...তেঁওলোকে ডিফু সদৰ হস্পিতাললৈ ঢাপলি   মেলিলে
এইদৰে নিংছআইদেউসকলে আচহুৱা ধৰণৰ  কিলিং চংক্ৰেৎ- এটাৰ মেলা চিকাৰৰ  কাহিনী এটাৰ সৈতে  যুঁজিবলগাত পৰিল
 
[তিনি

যেতিয়া ইংচুম গছৰ পাতৰ দৰে শৰীৰ পখৰা- পাখৰি কৰি আৰু ৰিত  ফাং গছৰ পাতৰ ৰঙৰ বুট পিন্ধা দল  দুটাই হেমপ্ৰেক আৰু ডিমাৰাজিৰ দাবীত পাহাৰত ৰঙাফুল ফুলাবলৈ ধৰিলে তেতিয়া সিহঁতক দমন কৰিবলৈ পঠিয়াই দিয়া ' এটা আনুষ্ঠানিক দল ইয়াৰ বাবে দলটোক পাহাৰৰ হাবিলৈ নি প্ৰশিক্ষণো দিয়া ' সিহঁতে  ইতিমধ্যেই  শিকিছিল চাৰ্চ  অপাৰেছন আৰু  কাউণ্টাৰ অপাৰেছন সিহঁতে  ইতিমধ্যেই  শিকি ছিল ফে'ইক এনকাউণ্টাৰ এতিয়া সিহঁতে হেমপ্ৰেক আৰু ডিমাৰাজিৰ ফৈদৰ দৰে হাবিৰ মাজত হাবি 'বলৈ শিকি ল'লে  সিহঁতে শিকিলে আৰলেংসকলে পাহাৰৰ পৰা, হাবিৰ পৰা বুটলি লোৱা সনাতন মূল্যবোধৰ শিকনিক ধ্বংস কৰি তেঁওলোকৰ মনৰ বল ভাঙিব পৰা মন্ত্ৰ এই সকলো বিষয়তে পাৰ্গত হৈ দলটো  এদিন পাহাৰৰ বুকু দুফাল কৰি ধহ- মহাই  যোৱা ৰেলগাড়ী এখনত উঠি পাহাৰ পালেহি

 
এই দলটোৱেও ইংচুম গছৰ পাতৰ দৰে পখৰা- পাখৰি পোচাক আৰু ফাং গছৰ পাতৰ ৰঙৰ বুট  পিন্ধিছিল হাততো আছিল বন্দুক ভিতৰৰ কথাটো ', হাতত বন্দুক  থাকিলে পাহাৰৰ হাবিত ইংচুম গছৰ পাতৰ দৰে  পখৰা-পাখৰি পোচাক আৰু  ফাং গছৰ পাতৰ ৰঙৰ বুট  পিন্ধাটোৱেই সহজ তেতিয়া সিহঁত হৈ পৰে হাবিৰ দৰে  
এই নতুন দলটোৰ মুখৰ কথা আৰলেংসকলে বুজি পোৱা নাছিল অৱশ্যে আন দুটা দলৰ দৰে এই দলটোৱে পাহাৰত  লুকাই লুকাই বন্দুক নুফুটালে বৰং সিহঁতে কান্ধত বন্দুক লৈ মুকলিমুৰীয়াকৈ ৰাস্তাত টহল দিলে আৰু আৰলেংসকলক নিৰ্ভয় দিবলৈ চেষ্টা কৰিলে..... এসময়ত আৰলেংসকলেও ভাবিবলৈ আৰম্ভ কৰিলে -  হয়তো তেঁওলোকক সকাহ দিবলৈকে সিহঁত তালৈ আহিছে

 
পাহাৰৰ ভাঁজত সোমাই থাকিবলৈ ভালপোৱা আৰলেংসকল হৈছে নিৰ্জু। হাই- উৰুমি ভাল নোপোৱা নিচক  উতনুৱা নহয়  কাজেই, ইংচুম গছৰ পাতৰ দৰে পখৰা-পাখৰি পোচাক আৰু ফাং গছৰ পাতৰ ৰঙৰ বুট পিন্ধি পাহাৰত ৰঙাফুল ফুলোৱা দলবোৰক দমন কৰিবলৈ যোৱা নতুন দলটোৱে আৰলেংসকলৰ মন যোগোৱাত লাগিল কিয়নো নিৰ্জু  আৰলেংসকলক ভেটি কৰিয়েই সিহঁতে  লব লাগিব শত্ৰুৰ গোপন আস্তানাৰ সম্ভেদ  সেয়েহে  বুজি নোপোৱা মাত- কথাৰেই সিহঁতে   আৰলেংসকলৰ কাষ চাপিবলৈ চেষ্টা কৰিলে আৰু, পাহাৰৰ  আৰলেংসকল এবাৰ আশ্বস্ত 'লে কাষ চাপিবলৈনো কিমান পৰ? সিহঁতে জুম চপাব নোৱাৰা আৰলেংসকলক খাবলৈ   যোগাৰ দিলে, কাম দিলে, চাং ঘৰ সাজি দিলে, পুৰি যোৱা গাঁও পাতি দিলে

এইদৰে সিহঁতে ফুচুলাই ফুচুলাই আৰলেংসকলে মুখতে সাৰ দি পানী দি জীয়াই থোৱা কাহিনীবোৰৰ বৃত্তান্ত জানি পেলালে সিহঁতে জানিলে ইংচুমআৰহি  আৰু ফাং গছৰ বৃত্তান্ত সিহঁতে জানিলে 'দুদু, 'লেং'তেৰাং, ৱজাৰু  পখীৰ বৃত্তান্ত চাৰ্হে গীতত আৰলেংসকল অহা- যোৱা কৰাৰ ইতিহাস সিহঁতে জানিলে  চকুৰ সমুখতে নেদেখা হৈ যোৱাৰ ৰংবিন মায়া তিছ' চমাংকানৰ  নিষিদ্ধ আলৌকিক কাণ্ড
 
এই সকলোবোৰ সিহঁতে জানি পেলালে সিহঁত বিস্ময়ত অভিভূত হৈ পৰিল ইমান কাহিনী দিব পাৰেনে পাহাৰে আৰলেংসকলক! ইমান মৰম দিব পাৰেনে!   
এইদৰে আৰলেংসকলে সাৰ দি পানী দি মুখতে জীয়াই খোৱা কাহিনীবোৰ খুছৰি উলিয়াই দলটোৱে নিশা  নিশা শত্ৰুপক্ষক বিচাৰি উলিওৱাৰ ৰণ- কৌশল ৰছনা কৰিবলৈ ধৰিলে এই ৰণ- কৌশলেই অতি নিখুঁত বুলি  প্ৰমাণিত ' কিয়নো পাহাৰে আৰলেংসকলক শাক- পাচলি- ধান- আদা- মাকৈ - লাংছ'- হাবি সকলোৰে  জন্মৰ কাহিনী দিছিল আৰু  আৰলেংসকলে মুখতে সাৰ দি, পানী দি সিহঁতক জীয়াই ৰাখিছিল আৰলেংসকলে কেতিয়াও মিছা কথা নকৈছিল দলটোৱে কাহিনীবোৰ চিজিলকৈ সজাই-পৰাই দেখিবলৈ পালে যে, কাহিনীবোৰেই তৈয়াৰ কৰি থৈছে আৰলেংসকলৰ জান - জুৰি- নিজৰা- নিষিদ্ধ অৰণ্যৰ বতৰাশত্ৰুৰ অহা- যোৱা কৰা বাট - জিৰণিৰ গোপন  আস্তানা   
অৱশেষত সিহঁতে জানিবলৈ পালে কিলিং চংক্ৰেৎ  যাদুবিদ্যাৰ কথা.... যিজন বুঢ়া আৰলেঙে সন্ধিয়া এটাত সিহঁতক এই বিশেষ কাহিনীটো কবলৈ ধৰিলে, তেঁওলৈ সিহঁতে আগবঢ়াই দিলে অতি উৎকৃষ্ট মদ বুঢ়া আৰলেঙ জনে বৰ সুখ পালে আৰু, এবাৰ সুখ পালে আৰলেঙৰ মুখখন হৈ পৰে বৈ যোৱা নাচনী লাংছ'  থমকি ৰবলৈ পাহৰি যায়
 
বুঢ়া আৰলেংজনে কৈ ' কেনেকৈ এদিন 'লা শিল থকা গাৱঁলৈ আৰলেং এজনে জীয়ৰীক  বিয়া দিলে তেঁও কৈ ' এদিন জীয়ৰীৰ খবৰ কৰিবলৈ গৈ তেঁও কেনেকৈ দেখিলে শিল থকা গাঁওখনৰ আৰলেংসকলে  নাঙঠ - পিঙঠ হৈ গাবোৰ 'লা 'লা শিলবোৰত ঘঁহি থকা তেঁও কৈ ' শিলত গা-ঘঁহি  থাকোঁতে কেনেদৰে  মানুহবোৰে বাঘৰ ৰূপ 'লে কেনেদৰে বাঘৰপৰা আকৌ মানুহ ' কেনেদৰে আৰলেংজনে গম পালে সিহঁত কিলিং চংক্ৰেৎ বুলি বুঢ়া আৰলেংজনে কৈ ' কেনেদৰে বগা বগা চাহাববোৰে কিলিং লংৰিৰ  আৰলেংসকলৰ পৰা খাজনা উঠাবলৈ গৈছিল কেনেদৰে বগা বগা চাহাবৰ চকুৰ সমুখতে 'লা 'লা শিলত গা ঘঁহি  ঘঁহি সিহঁত  বাঘ হৈ পৰিছিল কিলিং চংক্ৰেৎ হৈ পৰিছিল আৰু কেনেদৰে  বগা বগা চাহাববোৰে খং খাই ব্লাষ্টিং কৰি আকাশলৈ উঠি যোৱা জীয়া জীয়া শিলবোৰ চুৰ- মাৰ কৰি পেলাইছিল এই  সকলোবোৰ কাহিনী  বুঢ়া আৰলেংজনে  গাই  গাই শুনাই দিলে
 
দলটোৰ নেতাজন হতাশ হৈ পৰিল
 
তেনেহ'লে কাহিনীৰ ইয়াতে শেষ ' বগা চাহাবে ব্লাষ্টিং কৰি শিলবোৰ চুৰ- মাৰ কৰি দিয়াৰ পিছত আৰুনো  বাকী থাকিল কি?
বুঢ়া আৰলেংজনৰ চকু দুটা পিৰিকিয়াই উঠিল নাতি বয়সৰ দলনেতাজনলৈ বুঢ়াৰ অকণমান চেনেহো জাগিল

বোপা, এইফালে আহকচোন- এইবুলি থৰক বৰককৈ বুঢ়াই ঘৰৰ ভিতৰৰফালে খোজ 'লে দলনেতাজনে বাধ্য হৈ তেঁওৰ পিচ 'লে ঘৰৰ ভিতৰ সোমাই বুঢ়াই চন্দুকৰ দৰে বাহেঁৰে সজা বাকচ এটিলৈ  সেৱা এটি জনালে

হে হে হে, দেখিছা চাহাবে ব্লাষ্টিং কৰি শিলবোৰ চুৰ- মাৰ কৰিছিল  কিন্তু ব্লাষ্টিং কৰোতে টুকুৰাবোৰ  উফৰি ইফালে সিফালে পৰা নাছিলনে? শুনক তাৰ পৰাই আমাৰ পিতা- পুৰুষ আৰলেংসকলে চাহাবৰ চকুত  ধূলি মাৰি বুটলি আনি কেইটামান শিলৰ টুকুৰা ইয়াতে থাপনা কৰিলে.......হে হে হে ....

এইবুলি বুঢ়াই মদৰ জালত থৰক বৰক গাটো চোঁচোৰাই দলনেতাজনৰ কাষলৈ নিলে আৰু বৰ সাৱধানেৰে  'লে, — দেও  বস্তু নাতিল'ৰা পেৰাত সুমুৱাই থৈছোঁ আজিলৈ গাত  ঘঁহি চোৱা নাই কেলেইনো মিছাতে লোকৰ অপকাৰ কৰো দেও-বস্তু বাবেহে হেম্ফু দেৱতাক সেৱা এটি জনাই পিতা- পুৰুষ আৰলেঙে সাঁচি ৰাখিছে  নাতিল'ৰা আমিও হৃদয়ত ইয়াকেহে ধৰিছোঁ তুমি দেও- বস্তুক মানি চলিবা,  তোমাকো দেও-বস্তুৱে মানিব কিলিং চংক্ৰেৎ - যাদুবিদ্যাৰ মহিমা জানো এতিয়া আছে .....হে হে হে

নিচাৰ জালতে পূৰ্ব-পুৰুষৰপৰা সাঁচি থোৱা গোপন কথা এটিৰ সম্ভেদ দি আৰলেংজনে  চাগৈ সুখেই পালে ইংচুম গছৰ পাতৰ দৰে পখৰা-পাখৰি পোচাক আৰু ফাং গছৰ পাতৰ ৰঙৰ বুট পিন্ধি আহিলেও নাতিবয়সীয়া এই আলহীকেইটাই আৰলেংসকলক চাংঘৰ সাজি দিছে, গাঁও পাতি দিছে উৎকৃষ্ট মদৰ  বটলটি  আৰু  এৰী  লেটাৰ  ভজাৰে তেঁও দলনেতাক আপ্যায়নো ভালকৈয়ে কৰিলে

———

পিচদিনা নিশা দলনেতাই চকুলৈকে ঢাকি মাস্ক এখন পিন্ধি 'লে আৰু হাতত সাৰে ভাৰিত সাৰে গৈ  বৃদ্ধ  আৰলেংজনৰ ঘৰত টুকুৰিয়ালেগৈ বৃদ্ধই দুৱাৰ খোলাৰ লগে লগেই হিচ হিচকৈ পিষ্টলৰ নলীৰপৰা ওলোৱা কেইটামান শব্দ ৰাতিটোৰ বুকুত সোমাই পৰিল

হয়তো কোনেও একো নুশুনিলেই.................নিমিষতে  বুঢ়া আৰলেঙজনৰ পৰিয়ালৰ সকলো শেষ '  কোনোৱেই নাবাচিল কেনিও এটা চিঞৰ ফুটি নোলাল 'দুদু  পখীটোৱেও বিননি নুতুলিলে গছৰ ডালত পৰি ঘটনাটো দেখি থকা 'দুদু পখীজনী ভয় খাই উৰি ' নিমাতে আয়ৈ দেহি, তায়োতো জানিছে  পাহাৰতএতিয়া  বন্দুক কিমান সহজ নিধন কিমান সহজ ইংচুম গছৰ পাতৰ দৰে শৰীৰ পখৰা-পাখৰি কৰি আৰু ৰিত  ফাং গছৰ পাতৰ ৰঙৰ বুট  পিন্ধি অহাজন কোনটো দলৰ  আছিল বৃদ্ধ আৰলেঙজনে ধৰিবই নোৱাৰিলে  

সকলোকে বধি দল নেতাই চন্দুকৰ দৰে বাঁহেৰে সজা বাকচটোৰ কাষলৈ ' লাহেকৈ তাৰ ঢাকনিখন খুলিলে আৰু উলিয়াই আনিলে 'লা- 'লা শিলৰ টুকুৰাবোৰ তাৰ চকুযোৰ তিৰবিৰাই উঠিল কাপোৰ সোলোকাই সি নঙঠা ' আৰু নঙঠা গাটো শিলতþ ঘহিবলৈ ধৰিলে ঘঁহি থাকোঁতেই তাৰ আঙুলি বাঘৰ হাতোঁৰালৈ পৰিণত ' চাওতে চাওতে  তাৰ বাঘৰ ৰূপ সম্পূৰ্ণ হৈ উঠিল
 
এতিয়া সি কিলিং চংক্ৰেৎ চিকাৰলৈ কৰিবলৈ সাজু

....শিলত  গা ঘঁহি সি পূৰ্বৰ ৰূপ 'লে ...তাৰ মুখত  ক্ৰুৰ হাঁহি এটি ফুটি উঠিল হয়তো সি ভাবিলে..... যুদ্ধ জয় হৈয়েই ' দেখোন

-------

দলটোৰ পিচদিনাৰ চাৰ্চ অপাৰেচনৰ ঠাই  আছিল ৰংকিমি গাঁও অপাৰেচনলৈ যাওতে দলনেতাই শিলৰ টুকুৰাকেইটা  গোপনে লগত 'লে

সীমামূৰীয়া গাওখনলৈ গৈহে  দলটো আচৰিত ' গাৱঁত দেখোন আৰলেংসকল নায়েই কেৱল আলৰ  বুঢ়া- বুঢ়ীসকলে চাঙত অলস হৈ পৰি আছে  আৰু চোতালবোৰত শিশুবোৰে উমলি আছে দলটোৱে সৰু  'ৰা এটিৰপৰা বস্তিৰ কাংবুৰাৰ সম্ভেদ 'লে 'ৰাটিয়ে  ডলা সিং ইংতিৰ ঘৰলৈ আঙুলিয়াই বতৰা দিলে যে গাঁৱৰ মানহবোৰ  জুমলৈ গৈছে

কাংবুৰাৰ ঘৰত কোন আছে·

- কাংবুৰাৰ জীয়ৰী কাদম আছে

- গাৱঁত ডেকাল'ৰা নাই নে· ডাঙৰ মানুহ নাই নে·

ওহোঁ জুমলৈ '

'ৰাটি  আচৰিতো হ', আমোদো পালে ইংচুম গছৰ পাতৰ দৰে শৰীৰ পখৰা- পাখৰি কৰি  আৰু  ভৰিত  ফাং গছৰ পাতৰ ৰঙৰ বুট পিন্ধা দলটোৱে দেখোন হেনা-হুচাকৈ সিহঁতৰ মাত- কথাকে কৈছে কিন্তু 'ৰাটিৰ  মুখৰ কথা শুনি দলটোৰ ইটোৱে সিটোলৈ এনেকৈ চোৱা- চুই কৰিলে যে.........সিহঁতৰ চকুবোৰ সৰু 'ৰা- ছোৱালীৰ জাকটোৰ বাবে আচিনাকি হৈ  আহিল 'ৰা-ছোৱালীৰ জাকটোৱে মাথোঁ দলটোৰ নেতাৰ দৰে লগাটোৱে শিলৰ টুকুৰা এটা উলিয়াই কাংবুৰাৰ  ঘৰৰফালে বাট লোৱাহে দেখিবলৈ পালে

ইফালে ভিতৰত কাদম আছিল কঁকালত তাঁত এখন বান্ধি জাং বৰং এখন বৈ কাদমৰ মাকনাঠেংপী মহিলা আত্মসহায়ক  গোটৰ' সদস্যা আৰু সুবিধা পালেই এনেকৈ জাংবৰং  বৈ তেঁওলোকে বিক্ৰী কৰি দুপইচা  উলিয়ায় মাকে ৰং - বিৰঙী জাংবৰং বৈ টকা উপাজÊ  কৰা দেখি কাদমৰো গা উঠিল তাই মাকৰপৰা কঁকালত বান্ধি লোৱা তাঁতত জাংবৰং  ববলৈ শিকি পেলালে আৰু এতিয়া আৰু সময় পালেই তাঁতত বহে আজিও মাক- দেউতাকক জুমলৈ পঠিয়ায়েই তাই খৰ-খেদাকৈ তাঁতৰ পাটত বহিছিলহি নহ'লে মাকে তাইকো জুমলৈ  লগ ধৰিছিল এনেকৈ তাঁতৰ পাটত বহিলেই ৰঙিয়াল কাদমৰ মুখেৰে গুণগুণকৈ গানৰ কলি নিগৰি নিগৰি ওলাই   আহে


কোনোবা এজন অহা যেন পাই তাঁতৰ পাটৰপৰা কাদমে মূৰটো তুলি চালে বহুদেৰি তাঁতৰ পাটত তলমূৰকৈ থকা  বাবেই নেকি, তাই চকু ওপৰলৈ তুলি মূৰ- ফুৰণিহে উঠা যেনেই পালে তাই গম পালে ইংচুম গছৰ পাতৰ দৰে শৰীৰ পখৰা- পাখৰি কৰি  আৰু  ৰিত  ফাং গছৰ পাতৰ ৰঙৰ বুট পিন্ধাটোৱে দেখোন তাইলৈ বৰ ঘিণ লগাকৈ চাইছে কাদমে চাই থাকোতেই সি কাপোৰ- কানি খুলি নঙঠা হ' আৰু শিলচটাত গাটো  ঘহিঁবলৈ 'লে

.........এতিয়া কাদমে চকুৰ আগত দেখিলে এটা বাঘ তাইৰ মূৰ-ফুৰণিটো বাৰু আজিহে ইমান আপদীয়া হ'ব লাগেনে· বাঘটো বগুৱা বাই বগুৱা বাই তাইৰ ফালে আগুৱাই আহিছে নেকি? সি তাইক থপিয়াই নিবহি নেকি?
কাদমে চকুৰ টিপ এটা মাৰিবলৈ পাহৰি গ'ল।  চিঞৰ এটা মাৰিবলৈ পাহৰি গ'ল। বাঘটোৱে গোটেই পাহাৰটোত পুৰঠ হানচেৰঙৰ বাকলিৰ ৰঙ সানি তেনেই লেতেৰা কৰি পেলালে - একেবাৰে ফেনেকি পেলালে......।  ইমান নিজান দুপৰটো — ইমান নিৰৱ কোনেও নাজানিলে নে? — ৰিঁ ৰিঁ কৈ কন্দা চাকচন পোকটোৱেও নাজানিলে নে?  ল'ৰা- ছোৱালীৰ জাকটো ক'লৈ গ'ল? চাঙত পৰি থকা আলৰ বুঢ়া- বুঢ়ীকেইটা কলৈ গ'ল?

মলয়া বতাহজাকে কিন্তু কাদমৰ গাৰপৰা উঠি বাঘ এটাই গাত শিল এটা ঘঁহি ঘঁহি আঁতৰি যোৱাটো ঠিকেই দেখিবলৈ পালে। বতাহজাকে  সৱ বুজিলে। কাদমৰ কুমলীয়া দেহাটো বতাহজাকে আলফুলকৈ চুই থাকিল। গধূলি মাক- দেউতাক জুমৰ পৰা উভতি অহালৈকে বতাহজাক তাইৰ কাষতে ৰৈ ৰৈ তাইক জীয়ন দি থাকিল।
-----

(মাজডোখৰৰ নিৰ্মিতিঃ 

এই সকলোবোৰ ঘটনা ঘটাৰ সময়ত সাধু দুটা আছিল পাহাৰত। সিহঁতে পাহাৰৰ এই  নতুন কাণ্ড - কাৰখানা বোৰৰ আহ-পাহ ফঁহিয়াই চাইছিল। সিহঁতে ইংচুম গছৰ পাতৰ দৰে শৰীৰ পখৰা- পাখৰি কৰি আৰু ভ ৰিত  ফাং গছৰ পাতৰ ৰঙৰ বুট পিন্ধা দলবোৰৰ কাম-কাজ ফঁহিয়াই চাইছিল। আৰলেংসকলৰ কষ্টই সিহঁতক বৰ দুখ দিছিল। কিন্তু সিহঁতে চেষ্টা কৰিছিল নিৰ্মোহ হৈ জীয়াই থাকিবলৈ। অৱশ্যে পুৰাতনৰ সাধুটোৰ কষ্ট হৈছিল বেচি। কিয়নো, তাৰ জীউটো আছিল আৰলেংসকলৰ প্ৰাচীন লোকগাথাত। যি একেবাৰে থান- বান হৈ পৰিছিল। সেয়েহে সি জীয়াই থাকিবলৈকে বহুত জটিল কথা নতুনকৈ শিকিবলগীয়াত পৰিছিল। কিন্তু ইটো  সাধুৱে তাক ধেৰ সহায় কৰিলে। ভাল শিক্ষক এজনৰ দৰেই সি জটিল কথাবোৰ নিৰহ- নিপানীকৈ সখিয়েকক বুজাবলৈ চেষ্টা কৰিলে। গতিকে পুৰাতনৰ সাধুটো মৰি ন'গল। ইয়াৰ পিছত যিখিনি ঘটিল সেয়া সিহঁতে  একেলগেই দেখিলে।) 
[চাৰি]


ৰংকিমি গাৱঁৰপৰা চৈধ্য মাইলৰ পাহাৰীয়া ৰাস্তাটো কেকোঁ- জোকোঁকৈ বগাই আহিছিল ডলা সিং ইংতি। বোকোচাত তাৰ বাৰবছৰীয়া জীয়ৰী কাদম। আঁহটো তাইৰ তেনেই কুমলীয়া।  জুমৰ তলিৰ হেংথে এটিৰ জালিৰ দৰে। আস্।  হেংথে এটিৰ জালিৰ দৰে। বৰ মৰমৰ জীয়ৰী তাই ডলা সিং ইংতিৰ। একেবাৰে  দেহলাওকণ। জাংবৰং বোৱাৰ হেঁপাহত জুমৰ তলিলৈ যাবলৈ মন কৰা নাছিল তাই। গধূলিবেলিকা জুমৰপৰা উভতি আহিহে  ডলা সিং ইংতিয়ে দেখিলে মুচ- কঁচ গৈ পৰি থকা দেহলাওজনীক। বতাহে চুই চুই তাইক জীয়ন দি আছিল।  পানী এফোঁটাও মুখত পৰা নাছিল তাইৰ। মানুহটো এতিয়া জীয়ৰীৰ তেজেৰে তেনেই লুতুৰি- পুতুৰি হৈছে। তাৰ দেহলাওজনীয়ে গোটেই গাটোতে পুৰঠ হানচেৰঙৰ বাকলিৰ ৰঙ সানিছে ।
কি হ'ব এতিয়া?  কি আথেকাৰ হ'ব? এয়াযে আৰলেংসকলৰ সমাজত তেনেই নোহোৱা- নোপজা কথা। 
নিংছ' আইদেউসকলৰ বুকু ঢপ-ঢপাই থাকিল। তেঁওলোকে যেন আন কথা চিন্তা কৰিব নোৱাৰা হ'ল। ঠাইতে হেম্ফু  দেৱতালৈ তেঁওলোকে সেৱা জনালে, হে' প্ৰভূ ছোৱালীকণক জীয়াই ৰাখা, আমাৰ আয়ুস দিও জীয়াই ৰাখা। নিংছ' আছঙৰ আইদেউসকলে ডলা সিং ইংতিৰ কাষে কাষেই থাকিল। কাদমৰ মাকৰ কাষে কাষেই  থাকিল। তেঁওলোকে যিমান পাৰে সিমান কৰিলে । 
হস্পিতালৰ বিচনাত পৰি থকা কুমলীয়া হেংথেৰ জালিৰ দৰে ছোৱালীকণলৈ চাই থকা আইদেউসকলৰ বুকুত চাকচন  পোকটোৱে ৰিঁ ৰিঁ কৈ কান্দি উঠিল। তেঁওলোকে হাহাকাৰ কৰি উঠিল। ক'ৰ পৰা জানো বল পালে  নিংছ' আছঙৰ আইদেউসকলে পাহাৰৰ আৰলেংসকলৰ গোটেইবোৰ নিংছ'ক ৰাস্তালৈ টানি  আনিলে। তেঁওলোক থানালৈ গ'ল। সংবাদকৰ্মীৰ কাষলৈ গ'ল। মানৱ অধিকাৰ আয়োগৰ মুখে মুখে মুখ পাতি ধৰিলে। ইমানকথা  আহিল তেঁওলোকৰ মুখলৈ। ইমান বল আহিল তেঁওলোকৰ গালৈ।  তেঁওলোকে পাহাৰত হুলস্থুল লগাই দিলে।
তিনিদিনৰ দিনাহে কাদমৰ হুচ আহিল। তাইৰ হুচ অহাত ডলা সিং ইংতিৰো হুচ আহিল। মাকৰো হুচ আহিল।  নিংছ' আছঙৰ আইদেউসকলৰো হুচ আহিল। যেতিয়া কথা কব পৰা হ'ল, তেতিয়া কাদমে সেহাই সেহাই  বোলে কিলিং চংক্ৰেৎ-ৰ  আচল ৰূপটো তাই চিনি থৈছে। 
আকৌ এবাৰ হুলস্থুল লাগিলনে? সংবাদ কৰ্মীসকল দৌৰি আহিল। থানাখনৰ পুলিচবোৰ দৌৰি আহিল। নিংছ'সকলে হৈ - হাল্লা কৰি দিলে। সৱেই হেঁচা দিলে, সৱেই হেঁচা দিলে। ছোৱালীকণে ন্যায়টোকে পাওক। 
এনেকৈ হেঁচা পৰাৰ পিছত সেইদিনাৰ ৰংকিমি গাৱঁত চাৰ্চ অপাৰেছনৰ দায়িত্বত থকাবিলাকৰ তালিকা বিচৰা  হ'ল। আইডেণ্টিফিকেচন পেৰেড  হ'ল। জুমৰ তলিৰ কুমলীয়া হেংথেৰ জালিৰ দৰে ফুলকুমলীয়া আমাৰ  কাদমজনী,তাই কিন্তু অকণো ভয় নকৰিলে। নিংছ' আছঙৰ আইদেউসকলৰ সৈতে গৈ তাই আইডেণ্টিফিকেচন পেৰেডত যোগ দিলেগৈ। কিন্তু ক'তা? কিলিং চংক্ৰেৎ-ৰ আঁৰৰ আচল ৰূপ লোৱাটো দেখোন তাত নায়েই। 
তেনেহ'লে·  আৰলেংসকলৰ পাহাৰবোৰ পুৰঠ হানচেৰং  কৰি তোলা অনেক কাহিনীৰ এটা হৈ এই কাহিনীও হেৰাই  গ'ল নেকি·.....হেৰাল নেকি· .......হেৰাল নে???
কাদমে দেখোন কাৰো কথা নুশুনে· চকু মেলিলেই তাই সমুখত দেখে কিলিং চংক্ৰেৎ । সি আহে। হাবিৰপৰা লুকাই  লুকাই আহে। আগৰ দৰেই আহে । সি পূৰ্বৰ ৰূপলৈ উভতি যোৱা নাই।  কিলিং চংক্ৰেৎ হৈয়েই হাবিত সি লুকাই লুকাই আছে। তাই  কিলিং চংক্ৰেৎ টো চকুৰে দেখিয়েই থাকিল, দেখিয়েই থাকিল।


আয়ৈ দেহি। কুমলীয়া হেংথেৰ  জালিৰ দৰে ছোৱালীজনীলৈ চাই মাক- বাপেকৰ বুকুখন মোঁচৰ খাই আহে।  ডাক্তৰে  কয় বোলে মনত বেয়াকৈ ভয় সোমাই তাই পাগলী হ'ল। বাপেকৰ মনে জানো মানে? মাকৰ মনে জানো মানে?

জীয়েকলৈ চাই হায় ঐ বিয়ৈ কৰি থকা ডলা সিং ইংতিয়ে এদিন বহাৰপৰা ঠিয় দিলে। সি জুমৰ তলিলৈ যোৱাৰপৰা কুমলীয়া হেংথেৰ জালিৰ আঁহৰ দৰে ছোৱালীকণলৈ চাই বুকুখন মোঁচৰ খাই অহালৈকে গোটেই  কথাটো ভালকৈ  ভাবিলে। বহুত সময় ভাবিলে।

[পাঁচ ]

আৰলেংসকল হৈছে অস্ত্ৰ নোহোৱাকৈ য়ে চিকাৰ ধৰাত পাকৈত।  কিয়নো, পাহাৰে আৰলেংসকলক দি থৈছে ফান্দ সজাৰ অনেক কাহিনী। হাতত যদি ফান্দেই আছে  অস্ত্ৰৰনো কিহৰ প্ৰয়োজন? আৰলেংসকলে মুখতে সাৰ দি পানী দি ফান্দ সজাৰ কাহিনীবোৰ জীয়াই ৰাখিছে। ডলা সিং ইংতিয়ে সেয়েহে এদিন আৰলেংসকলক  গোটাই- পিতাই বোলে, হে' প্ৰভুসকল, কিলিং চংক্ৰেৎ- ক যদি কাদমে দেখিছেই, তেন্তে তাইত ভাৰসা ৰাখক।সি মৰা নাই। আমি কিলিং চংক্ৰেৎ -ক ধৰিবলৈ ফান্দকে সাজোঁ আহক। জীয়াই আছে যদি সি ফান্দতে পৰিব।
আৰলেংসকলে বোলে, কেনে নাহক কথা। এনেহেন যাদু- বস্তু ফান্দত সোমাবহিনে? ইফালে প্ৰাণ যোৱাৰো ভয়। 
ডলা সিং ইংতি ফোঁপাই উঠিল। সি এজাউৰি বক্তৃতাকে গাই দিলে। বোলে, আৰলেংসকল, আপোনাসকলে   এবাৰ ভাবি চাওকচোন আমাৰ পুৰাতন কাহিনীৰ কিলিং চংক্ৰেৎ- এ কেতিয়াবা ফুলকুমলীয়া জীয়ৰীক বেয়া চকুৰে চাইছেনে? নে কোনোবা আৰলেঙৰ গাতেই হাত দিছে?  আমাৰ কল্পনাৰ কিলিং চংক্ৰেৎ - এ বাঘৰ ৰূপলৈ গাঁৱে-গাঁৱে ফুৰি গাহৰি- ছাগলী চিকাৰ কৰিহে বুটলি নিয়ে। তাকেই আমি ভয়ানক যাদু বস্তু বুলি ভয়  কৰোঁ। আৰলেংসকল এইটো কিলিং চংক্ৰেৎ আমাৰ কাহিনীত জীয়াই থকা যাদু-বস্তু  নহয়। ই আমাৰ  সাতামপুৰুষৰ পৰম্পৰাৰ বাহিৰৰ। পাহাৰে আমাক দিয়া আমাৰ পুৰাতন মূল্যবোধৰ কাহিনীৰ বাহিৰৰ নষ্ট  যোৱা বস্তু। ইয়াক আমি পুৰুষে পুৰুষে আমাৰ মুখত সাৰ দি পানী দি জীয়াই ৰখা কাহিনীৰ মাজত জাহ যাবলৈ দিমনে? দিয়াটো জানো উচিতনে, এনে অপ-সংস্কৃতিক পুলিতে বধি থোৱাহে উত্তম?  আৰলেংসকল, ভাবি  চাওক — নষ্ট যোৱা কাম কৰাৰ বাবেই সি কিলিং চংক্ৰেৎ-ৰপৰা আৰলেঙৰ ৰূপ ঘূৰাই পোৱা নাই। বাঘ হৈ  হাবিয়ে হাবিয়ে ঘুৰি ফুৰিছে। আমি একগোট হ'লে  হাবিয়ে হাবিয়ে ফান্দ পাতি তাক সহজেই ধৰিব পাৰিম। কওকচোন প্ৰভুসকল, পাৰিমনে নাই? 
এইবাৰহে আৰলেংসকলে বোলে, হয় হয়। সজ সজ। এইষাৰকে দেখোন আমি ভাবি উলিয়াব পৰা নাছিলোঁ। — এইবুলি আৰলেং সকলে এখন ফান্দ, দুখন ফান্দ, ঢেৰ ফান্দ সাজি উলিয়ালে। 
এদিন সঁচাকৈয়ে কিলিং চংক্ৰেৎ ফান্দত পৰিল। ফান্দত  পৰা অসহায় জীৱটোলৈ চাই আৰলেংসকলে দেখিলে যাদু-স্তুটোৰ মুখখনে এবাৰ বাঘ লয়, এবাৰ পূৰ্বৰ মুখখন লয়, কিন্তু গাটো একেই থাকে। সি নিজৰ ৰূপো লব পৰা নাই, যাদু বস্তুৰ ৰূপো লব পৰা নাই।
আৰলেংসকলে ফান্দৰ কাষলৈ পাগলী কাদমক লৈ আহিলেগৈ। কাদমে বোলে, হয় হয় এয়াই, এয়াই। জাংবৰং বৈ থাকোতে মই দেখা পোৱা মুখখন এয়াই ।

———
ইয়াৰ পিছত  ডলা সিং ইংতিৰ বহুখিনি কাম নিংছ আছঙৰ আইদেউসকলেই সমাধা কৰি দিলে। তেঁওলোকে কাদমক  সাহ দিলে, পিত দিলে, স্কুলত নাম লগাই দিলে। এনেকৈ কাদমৰ আৰু এটা জীৱনৰ আৰম্ভণি হ'ল। আৰু, বহু দিনৰ পিছত,  এদিন কাদমৰ বিয়াত ডলা সিং ইংতিয়ে গোৱা স্তুতিগীতটো পাহাৰবোৰত  বিয়পি  পৰিল, 

হে' ফিথে ফুথে.....হে' ঈশ্বৰ...
এই হাজাৰ বছৰৰ শিলৰ সাঁকো হেন কটকটীয়া,
সোণৰ হাৰ হেন মোৰ জী- জোঁৱাইৰ
পবিত্ৰ বন্ধন দীৰ্ঘজীৱি হওক
সতি- সন্ততিৰে আনন্দমুখৰ  জীৱন ধাৰণ কৰি,
বগলীহেন চৰাইবোৰৰ চিৰবসতিৰ  স্থল
সেই চিৰসেউজ বিলৰ দৰে হওঁক,
হে প্ৰভূ, তোমালৈ মোৰ আন্তৰিক প্ৰণাম।
আৰণাম।
———

( শেষডোখৰৰ নিৰ্মিতিঃ  

এই স্তুতিগীতটি  শুনি পুৰাতনৰ সাধুটোৱে যেন জীউটাহে ওভতাই পালে। আস  কিমানদিন হ'ল এনে এষাৰ  গীত  শুনিবলৈকে তাৰ বুকুখনে ধৰফৰাই থকা নাছিলনে ? দুচকুৰে তাৰ সৰসৰকৈ পানী পৰিবলৈ ধৰিলে । তাৰ এনেহেন থৌকি-বাথৌ অৱস্থা দেখি ইটো সাধুৰো চকুপানী ওলাওঁ ওলাওঁ হ'ল। কিন্তু সি নিজকে সামৰি ল'লে। দুয়োটা সাধুৱে বুজিলে, সমুখৰ বাট এটাই আৰু বৰ জটিল। জীৱনক তুমি যিমানেই নিৰ্মিতি নিদিয়া কিয়, হাতে হাত ধৰি যোৱাৰ বাহিৰে গত্যন্তৰ নাই। এইষাৰ কথা  উপলদ্ধি কৰি গভীৰ মমতাৰে দুয়োটা সাধুৱে পৰস্পৰক এবাৰ আকোঁৱালি লৈ ক'লে - কাৰদম।) 



--
ৰছনা কাল ২০০৭ চন। প্ৰকাশ – গৰীয়সী



[গল্পত ব্যৱহাৰ হোৱা বিবাহৰ গীত দুটি বিদৰছিং ক্ৰ'ৰ “কাৰ্বিসকলৰ বিবাহ নামৰ প্ৰবন্ধটিৰপৰা লোৱা হৈছে।কাৰ্বি লোকাচাৰ, পৰলৌকিক বিশ্বাস আদিৰ বিশ্লেষণৰ ক্ষেত্ৰত বসন্ত দাসৰ “কাৰ্বি সংস্কৃতিৰ ধাৰা নামৰ  পুথিখনৰ সহায় লোৱা হৈছে।

টোকা- আৰলেং —কাৰ্বিসকলে নিজকে আৰলেং বুলি কয়, যাৰ অৰ্থ মানুহ। টেকী--ঢেকীয়াপতীয়া বাঘ। বংক্ৰুই - নাহৰফুটুকী বাঘ। কাৰ্বি জনবিশ্বাসত বাঘে খোৱাটো বৰ ডাঙৰ পাপ। এনেলোকে পুনৰ জন্ম লৈ পৰিয়ালৰ মাজলৈ উভতি আহিব নোৱাৰে। লাংছ'— নিজৰা। চমাংকান - কাৰ্বিসকলৰ মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠান। চাৰ্হে গীত - চমাংকানৰ গীত।  উচেপী — চাৰ্হে গীত গোৱা তিৰোতা। ইংচুন  —শিৰীষ গছ । ফাং - গমাৰী গছ। আথেকাৰ- কাৰ্বিসকলৰ শুচি কৰি লোৱা প্ৰথা। চাকচন — এবিধ পোক । হেমপ্ৰেক —কাৰ্বি উগ্ৰপন্থীয়ে দাবী কৰা কাৰ্বি ৰাজ্য।  ডিমাৰাজি-— ডিমাচা উগ্ৰপন্থীয়ে দাবী কৰা ডিমাচা ৰাজ্য। হেংথেগোমধান। কাংবুৰাগাঁওবুঢ়া। গাং বৰং- কাৰ্বিসকলে ঘৰতে বৈ লোৱা মোনা  চকচু,- ধান, হেং- কচু , ফিৰই- কাঠআলু। বংহম -ৰঙালাও।  হানচেৰং   টেঙামৰা। নিংছ'-- কাৰ্বি মহিলা বুজোৱা শব্দ।- ৱ' তেৰাং -ধনেশ পখী। ৱ'দুদু —হুদু । ৱ'থুং- কপৌ চৰাই।  ছাংলিং পেনক্লিৰণি...... পে চেংজইমেজি..কাৰ্বিসকলৰ পৰম্পৰাগত বিবাহত কইনা খোজা-মেলা কৰাৰ সময়তকইনাৰ বাপেকে গোৱা গীত এটিৰ আগলি অংশ। গীতাংশৰ ভাৱটো এনে  — হে' বিয়ৈ- বিয়ৈনী, আমাৰ কন্যা ইমানেই নাবালক যে, তাই এতিয়াও সমনীয়াৰ সৈতে                       খেলিয়েই দিন পাৰ কৰিছে...... ] 

(পটভূমি – নব্বৈৰ দশকৰপৰা কাৰ্বিভূমিত কাৰ্বিসকলৰ একাংশ উগ্ৰপন্থী গোটে এখন পৃথক কাৰ্বি ৰাজ্য ‘কাৰ্বি হেমপ্ৰেক’ আৰু ডিমাছাসকলৰ একাংশ উগ্ৰপন্থী গোটে আন এখন পৃথক ৰাজ্য ‘ডিমাৰাজি’ৰ বাবে কৰা সশস্ত্ৰ সংগ্ৰাম কৰিিছল।  উগ্ৰপন্থী কাম-কাজ আৰু গোষ্ঠী-সংঘৰ্ষ দমন কৰা উদ্দেশ্যে মোতায়েন কৰা নিৰাপত্তাৰক্ষীৰ হাতত অনেক নাৰী ধৰ্ষিতা হৈিছল। এনে এগৰাকী ধৰ্ষিতা কিশোৰীৰ সংগ্ৰামেই এই গল্পৰ পটভূমি) 

Monday, 5 June 2017

শংকৰদেৱ আৰু অসমীয়া আঞ্চলিকতাবাদ - ‘কুক্কুৰ শৃগাল গৰ্দভৰো আত্মাৰাম’ৰ বিপৰীতে এতিয়া বৰ্ণবাদৰ প্ৰৱণতা

http://asomiyapratidin.in/index.php?date=06-06-2017&page=4


ৰত্না ভৰালী তালুকদাৰ 

অসমৰ ভাষা-সাহিত্য আৰু সংস্কৃতিৰ অন্যতম প্ৰাণ প্ৰতিষ্ঠাতা শংকৰদেৱৰ দৰ্শন অধ্যয়ন কৰিলে প্ৰথমতে এটা সৰ্বভাৰতীয় সত্তা আৰু দ্বিতীয়তে, সেই সত্তাক সাৰ-পানী যোগাবৰ বাবে এটা উজ্জীৱিত আঞ্চলিকতাবাদী অসমীয়া সত্তা দেখিবলৈ পাঁও অৱশ্যে, আঞ্চলিকতাবাদ এটা ৰাজনৈতিক ধাৰণা। তদুপৰি, শংকৰদেৱৰ জীৱনকালত ‘আঞ্চলিকতাবাদ’ৰ বাগধাৰা এটিয়ে  গঢ় লৈ উঠাতো  নাছিলেই, বৰং সেই সময়ৰ অসমখন আছিল বিভিন্ন ৰাজন্য তথা সামন্তবৰ্গৰ তলত বিভিন্ন শ্ৰেণীৰে শাসিত। 

তেনেক্ষেত্ৰত শংকৰদেৱৰ সাহিত্য দৰ্শনত আঞ্চলিকতাবাদৰ সুৰ বিচাৰিবলৈ যোৱাটো বাতূলতা নেকি? আমাৰ ধাৰণাত  নহয়। বৰং, বৰ্তমানৰ ধৰ্ম সংপৃক্ত ৰাজনৈতিক বাগধাৰাই আমাৰ দেশৰ গণতন্ত্ৰ তথা ধৰ্মনিৰপেক্ষতালৈ ভাবুকি  কঢ়িয়াই অনাৰ সময়ত শংকৰদেৱৰ দৰ্শনৰ বিভিন্ন দিশৰ ওপৰত পোহৰ পেলাবলৈ চেষ্টা কৰাটো উচিত বুলিহে আমাৰ অনুভৱ  হয়।  শংকৰদেৱৰ দৰ্শনৰ সৰ্বভাৰতীয় সত্তাৰ সমানেই শক্তিশালী আঞ্চলিকতাবাদী ধাৰাটিক বুজিবলৈ হ’লে আমি তেখেতৰ সাহিত্য আৰু সাংস্কৃতিক উপজীব্যৰ মাজত নিহিত হৈ থকা অন্তঃস্ৰোতটিৰ নজহা-নপমা ৰত্নবোৰৰ সন্ধান কৰিবলগীয়া হয়।

মূলতঃ শংকৰদেৱে এনে এটা কালিকা লগা ভাষাৰে অসমীয়া সাহিত্য সৃষ্টি কৰি থৈ গৈছে, যি ভাষা কেইবা  শতিকা ধৰি পুৰণি হোৱা স্বত্বেও প্ৰাচীন হোৱা নাই উদাহৰণস্বৰূপে, শংকৰদেৱৰ সাহিত্য সৃষ্টিৰ অন্যতম কীৰ্তি কীৰ্তনঘোষাৰ কথা প্ৰথমটি কূট - ‘প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন’ – এই বাক্যাংশৰে আজিও এটা আধুনিক প্ৰবন্ধৰ আৰম্ভণি কৰিব পাৰি আনকি, অলপ সৃষ্টিশীলতাৰ পৰিচয় দি এটা চুটিগল্পৰ আৰম্ভণি পৰ্যন্ত কৰিব পাৰি। তেখেতৰ  সাহিত্যভাষাৰ এই সৰ্বগ্ৰাসী, সৰ্বব্যাপ্ত চেতনাৰ বাহক হৈছে পূতঃসলিলা হৈ থকা অন্তঃস্ৰোতটিৰ এক দায়বব্ধ, নিঁভাজ, আঞ্চলিকতাবাদী সত্তা- যি সৰ্বভাৰতীয় চেতনাৰ আৱৰ্তত থাকিও নিজস্ব পৰিচয়েৰে সমুজ্জল  

ব্ৰাহ্মণ্যবাদৰ কবলত আৰু বৰ্ণবাদ চেপাত হাৰাশাস্তি হোৱা সেই সময়ৰ অসমীয়া মানুহক ধৰ্মৰ কেঁকোৰা-চেপাৰ পৰা মুক্তি দিবলৈ  শংকৰদেৱে আপাত সৰল একশৰণ নামধৰ্ম প্ৰচাৰ কৰিছিল “এক দেউ,  এক সেউ, এক বিনে নাহি কেউ” বাৰ্তাৰে কিন্তু ধৰ্মৰ উদাৰবাণীৰ পৰিধি পাৰ হৈ অসমীয়া জাতিয়ে নিজৰ অস্তিত্ব বিচাৰি পালে শংকৰদেৱৰ দৰ্শন আৰু তাৰ মাজত নিহিত হৈ থকা অসমীয়া জাতিসত্তাৰ সন্ধানত। শংকৰদেৱৰ দৰ্শনত নিহিত হৈ থকা এই সত্তাই জাতিটোৰ সংকটকালত নতুন নতুন বাগধাৰাৰে উদাৰ অসমীয়া আঞ্চলিকতাবাদৰ সন্ধানত পোহৰ পেলাই থাকিব বুলি আশা কৰিব পাৰি । 

দুবাৰকৈ ভাৰত ভ্ৰমণ কৰা শংকৰদেৱে ভ্ৰমণ কৰাৰ কালত ইয়াৰ বহুবৰ্ণী-বৈচিত্ৰময় সংস্কৃতিক  উপলব্ধি কৰিছিল দেখিবলৈ পাইছিল দেশৰ প্ৰান্তে প্ৰান্তে বসবাস কৰা সৰু-বৰ  জাতিসত্তা - তেঁওলোকৰ মুখৰ ভাষা, সাজ-পাৰ, জীৱন ধাৰণৰ বৈচিত্ৰতা এইবোৰৰ সন্মিলিত শকতিয়েই যে মহান ভাৰতবৰ্ষ, সেই কথাও তেখেতে উপলব্ধি কৰিছিল সেয়েহে তেখেতে কবলৈ দ্বিধাবোধ নকৰিলে ‘ধন্য ধন্য ভাৰত বৰিষে’ বুলি কিন্তু নিজে সংস্কৃতত অগাধ পাণ্ডিত্য লাভ কৰাৰ লগতে দেশৰ প্ৰখ্যাত পণ্ডিতসকলৰ সান্নিধ্য পোৱাৰ পিছতো কিহে তেঁওক এই উপলব্ধি দিলে যে,  “ধন্য ধন্য ভাৰত বৰিষে’ৰ অস্তিত্বক স্বীকাৰ কৰি লৈও ভাষা-সাহিত্যৰ বেদিত পুষ্প-অৰ্ঘ্য দিবৰ বেলিকা উৰ্ধত তুলি ধৰিব লাগিব আইৰ মুখৰ ভাষাক, চিৰি লুইতৰ দুয়োপাৰে যুগ যুগ ধৰি বাস কৰি অহা জনগোষ্ঠীসমূহৰ সাংস্কৃতিক  জীৱনক। সাহিত্যৰ ক্ষেত্ৰত শংকৰদেৱ ইমানেই সম্পৰীক্ষাবাদী যে, য’তেই সুবিধা পাইছে — তাতেই তেঁও সৰ্বভাৰতীয় সনাতন হিন্দু ধৰ্মৰ উপাখ্যানবোৰৰ চৰিত্ৰসমূহৰ চিত্ৰণ, অথবা পৰিবেশ বৰ্ণণৰ বেলিকা নিৰন্তৰে ব্যৱহাৰ কৰি গৈছে থলুৱা উপমা-দৃশ্য-পট-পটন্তৰ  কীৰ্তন ঘোষাৰ  ‘হৰমোহন’ত তেখেতে স্বৰ্গৰ নন্দন –কাননখন বৰ্ণণা কৰিছে অসমৰ গছ-গছনিৰে।সাহিত্যৰ চৰিত্ৰ চিত্ৰণৰ ক্ষেত্ৰত শংকৰদেৱে সচেতনভাৱেই  গ্ৰাম্য  অসমীয়া মানুহৰ মনস্তত্বঃৰ গভীৰলৈ প্ৰৱেশ কৰিছে কৃষ্ণৰ শিশুলীলাৰ বৰ্ণণাৰ যি যশোদা, সেই যশোদা আঞ্চলিক সত্তা - যি বাস কৰে অসমৰ এখন গাৱঁত, আৰু গৃহস্থীৰ নানা জঞ্জালৰ মাজত সন্তানৰ ওভট নাচোন দেখি টিকিচি-বিকিচি হৈ উঠা মাক এজনীৰ দৰেই কৃষ্ণক গালি পাৰে  -  “খাইবো আজি কৃষ্ণ তোৰ মাথা”(শিশুলীলা, চতুৰ্থ কীৰ্তন) ‘হৰমোহন’ত শিৱৰ ছবিখন অঁকাৰ সময়ত শংকৰদেৱে ব্যৱহাৰ কৰা ভাষাৰ কৌতুকময়তাই আমাক যিমান মোহিত কৰে, সিমানেই বিস্ময়াভিভূত কৰে শিৱৰ চৰিত্ৰৰ আঞ্চলিক চিত্ৰায়নে। এই আঞ্চলিকতাবাদী চৰিত্ৰৰ বাবেই নামঘৰৰ মজিয়াত কীৰ্তন পাঠ শুনাৰ অভিজ্ঞতা থকাসকলৰ বাবে পাঠেকীৰ ‘পাঠ’ আৰু ‘ব্যাখ্যা’ৰ সময়ত ভকতৰ চকুৰপৰা সৰি পৰা ভকতিৰ অমিয়া ৰসৰ পানী দুটোপাল যিমান চিনাকি - তেনেকৈ সময় বিশেষে সোলা দাঁতৰ ফাঁকেৰে ফুচুককৈ সৰি পৰা হাঁহি এটিও সমানেই চিনাকি । সাংস্কৃতিক কৰ্ম-কাণ্ডৰ বেলিকাও তেঁও থলুৱা জনগোষ্ঠীয় সমলক প্ৰাধান্য দিয়াৰ মাজেৰে আঞ্চলিক চেতনাকেই ওপৰলৈ তুলি আনিছে । সত্ৰীয়া নৃত্যৰ গৱেষক ড০ মল্লিকা কন্দলিয়ে তেখেতৰ “নৃত্যকলা প্ৰসংগ আৰু সত্ৰীয়া নৃত্য” গ্ৰন্থত বড়োসকলৰ বাগৰুম্বা, খেৰাই, বাৰদৈচিখলা, ৰাভাসকলৰ হামজাৰ, মিচিং আৰু সোণোৱাল কছাৰীৰ বিহু, কাৰ্বি, হাজংসকলৰ নৃত্যৰ উপাদানৰ বিষয়ে বিতংকৈ আলোচনা কৰিছে – যি আজিৰ তাৰিখত হৈ উঠিছে সুস্থ আঞ্চলিকতাবাদী চেতনাৰ ধাৰক আৰু বাহক। 

এই নিবন্ধত শংকৰদেৱৰ দৰ্শনৰ মাজত নিহিত হৈ থকা আঞ্চলিকতাবাদী সত্তাৰ ওপৰত আলোকপাত কৰাৰ  কাৰণটি হৈছে শেহতীয়াকৈ কিছু শক্তিয়ে পৰিকল্পিকভাৱেই অসমীয়া জাতীয় জীৱনৰ প্ৰাণৰ স্পন্দন স্বৰূপ শংকৰদেৱক নস্যাৎ কৰিব খোজাৰ প্ৰৱণতাৰ সম্পৰ্কত আমাৰ মনত উদ্ভৱ হোৱা সংশয় অসমৰ মাটি-পানীত সিচৰিত হৈ থকা সমলবোৰ বুটলি আনি সাহিত্যকৰ্ম তথা সৃষ্টিশীল সাংস্কৃতিক উপজীৱ্যক যথাযথ স্বীকৃতি প্ৰদান কৰাৰ বাবেহে শংকৰদেৱৰ সাহিত্যৰ আঞ্চলিকতাবাদী চৰিত্ৰত ‘ধন্য ধন্য ভাৰত বৰিষে’ৰ ধাৰণাটি অনায়াসে জাহ গৈছে। কিন্তু বৰ্তমানে অসংখ্য জাতি- জনগোষ্ঠী জাহ যোৱা আমাৰ মৰমৰ চিৰিলুইতখন যেতিয়া হৈ উঠিছেহি ‘কৰ্প’ৰেট পৰ্যটন মানচিত্ৰ’ৰ অংশ - আৰু ইয়াক শক্তিশালী কৰিবৰ বাবে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংস্থাৰ আশীষবাণীৰে ‘নমামী ব্ৰহ্মপুত্ৰ’ নামৰ এটা ‘ৰাজনৈতিক-সাংস্কৃতিক’ বাগধাৰাৰ অৱতাৰণা কৰিব খোজা হৈছে - তেতিয়া আমি উপলব্ধি কৰিছোঁ যে, এই বাগধাৰাৰে পৰিচিতি লাভ কৰিবলৈ সাজু হোৱা ‘ব্ৰহ্মপুত্ৰ’খন আমাৰ ঐতিহ্যময় ‘চিৰিলুইত’ৰ সত্তাত জাহ যোৱা নাই  

আমাৰ শংকা হয় যে, চিৰি লুইতৰ দৰেই চিৰপ্ৰৱাহমান আমাৰ আঞ্চলিক সত্তাক নস্যাৎ কৰাৰ অংশ হিচাপেই এতিয়া আৰম্ভ হৈছে অসমীয়াৰ মানসপটৰপৰা শংকৰদেৱৰ যাউতিযুগীয়া আৰু সৰ্বগ্ৰাসী চেতনাক উৎখাত কৰাৰ ষড়যন্ত্ৰ তাৰেই অংশ হিচাপে সত্ৰীয়া সংস্কৃতিৰ নাভিকেন্দ্ৰ হিচাপে ইমান দিনে পৰিচিত হৈ থকা মাজুলীৰ সত্ৰৰ বৰঘৰৰ মজিয়াৰপৰা  হাতে শংকৰদেৱ আৰু আনহাতে শকৰদেৱ প্ৰদত্ত কৃষ্ণচেতনাক উৎখাত কৰি ‘ৰাম’ক প্ৰতিষ্ঠা কৰা দুৰ্বাসনা চলিছে বুলি সন্দেহ আৰু সংশয়ে বাহ সাজিছে অলেখ বান, নৈৰ খহনীয়া, আৰ্থিক দৈন্যদশাৰ মাজতো অনাহাৰে থাকি পেটত গামোচা বান্ধি চৈধ্য প্ৰসংগ, সত্ৰীয়া সংস্কৃতিৰ অমূল্য বৰঘৰ অচিনা শতৰুৱে হাতচানি কৰিব নোৱাৰাকৈ ধৰি ৰখা আতৈসকলৰ ভোকাতুৰ, নিমাখিত মুখমণ্ডলৰ ওপৰেৰে সত্ৰৰ নাভিমূলত সজীৱ হৈ উঠিছে ধৰ্মীয় ৰাজনীতিৰ দ্বিতীয় এক বিধানসভা  আৰু শংকৰদেৱৰ চেতনাক বিলোপ কৰি ক্ৰমশঃ আমাৰ চেতনালৈ উঠাই আনিব খোজা হৈছে ‘ৰাম’ৰ চেতনা শংকৰদেৱৰ কৃষ্ণচেতনাৰ নাভিকেন্দ্ৰ মাজুলীত বাটৰ দাঁতিৰ গছ শালি  ‘ৰাম’ৰ  চাইনব’ৰ্ড জিলিকি উঠিছে
 
আমি জানো, এইদৰে প্ৰতিষ্ঠা কৰিব খোজা ‘ৰাম’ আমাৰ পৰম্পৰাৰ বাল্মিকীৰ ৰামায়নৰ সেই প্ৰজাবৎসল ‘ৰাম’ নহয় শংকৰদেৱৰ ‘ৰাম বিজয়’ অংকীয়া ভাওনাৰ ৰামৰ চেতনাও ইয়াত নাই। বৰং,  এই ‘ৰাম’ আমাৰ বাবে অচিনাকি এক আগ্ৰাসনমুখী সাংস্কৃতিক হস্ত -- ইয়াৰ জন্ম হিন্দুত্ববাদৰ গণ্ডীত। এই ‘ৰাম’ৰ  চেতনাই শংকৰদেৱে দি থৈ যোৱা “কুকুৰ-শৃগাল গদৰ্ভৰো আত্মাৰাম”ৰ চেতনাৰ বিপৰীতে পোষকতা কৰিব বৰ্ণবাদৰ - য’ত অন্ত্যজসকল, জনজাতীয় লোকসকল আৰু সংখ্যালঘূসকল আৰু বেছি সংকুচিত হৈ পৰিব এই ‘ৰাম’ আৰোপিত সৰ্বভাৰতীয় চেতনাত কক-বকাই উঠিব শংকৰদেৱে দি থৈ যোৱা ‘ধন্য ধন্য ভাৰত বৰিষে’ৰ বিনন্দীয়া আৰু ভাষা-সাহিত্য- সাংস্কৃতিক চেতনাৰ আঞ্চলিকতাবাদী সত্তাৰ সন্মিলিত ৰূপ
 
আকৌ এবাৰ সত্তা হেৰুওৱাৰ ভয়ত আমি বিতত হঁও। আৰু আমাৰ চেতনত সাৰ পাই উঠে এজন শংকৰদেৱ- চিৰি লুইতৰ দৰে প্ৰৱাহমান এক নিৰৱধি চেতনা। এইজনা শংকৰ গুৰুক চিনি পোৱাত পলম হ’লে অনাগত সময়ত অসমীয়া জাতিয়ে বহুতেই হেৰুৱাব লাগিব
 
অসমীয়া প্ৰতিদিন 
০৬-০৬-১৭



Saturday, 3 June 2017



‘গোলাম’ – গোলাম সময় আৰু গোলামী চিন্তাৰ বিৰুদ্ধে

ৰত্না ভৰালী তালুকদাৰ


এটি কীট – সময়ে – অসময়ে তেঁওক অতীষ্ঠ কৰি তোলাৰ দৰেই সিদিনাও সি তেঁওৰ মগজুত কটু্কটাই উঠিল। আৰু তেঁওৰ হাতলৈ উঠি আহিল তীখৰ এডাল কলম। সমুখত দিস্তা কাগজ পাৰি তেঁও খচ্ খচকৈ লিখি গ’ল সেই আচৰিত গল্পটি। অৱশেষত তেঁও তাৰ নাম দিলে ‘গোলাম’। হয়তো গল্পটি লিখিবলৈ বহি তেঁও নিজকে ক’লে – প্ৰথমে নিজক মুক্ত কৰিব লাগিব গোলামী বাসনাৰপৰা। হয়তো তেঁও তাকেই কৰিলে। 

কিন্তু তেঁওতো বহু আগেয়েই — টগবগ কৈশোৰৰ এটি বিশেষ সোণপুৱতিত — কোঠাৰ ভিতৰৰ সময়বোৰ যেতিয়া হৈ উঠিছিল অশান্ত কিছুমান ইলেকট্ৰন তেতিয়াই তেঁও তৈয়াৰ কৰি লৈছিল আহিবলগীয়া সময়বোৰত তেঁওৰ নামটিয়ে কঢ়িয়াই আনিবলগীয়া যশস্যাৰ গোলামিৰপৰা নিজৰ বাবে মুক্তিৰ এটা মাৰ্গ। আৰু, তেঁও পৰিত্যগ কৰিছিল নিজৰ নামটিক। নামৰ বাসনাৰ অভেদ্য দূৰ্গ ভেদ কৰি যিদিনা ওলাই আহিছিল সেই কিশোৰটি – হয়তো সিদিনাই ঠিৰাং হৈছিল যে, এদিন সেই কিশোৰটিয়ে এটা সাধুকথা ক’ব – আৰু স্ফটিক জলাধাৰ সদৃশ নিৰ্মল দাপোনৰ দৰে সেই সাধুকথাত প্ৰতিবিম্বিত হ’ব আমাৰ গোলামি বাসনা।

তেঁও চৌখিন। তেঁও তীখৰ। তেঁও খেয়ালী । সম্পৰীক্ষাৰ নিষ্ঠাবান কৰ্মী তেঁও । এটি তীৰ্যক প্ৰশ্ন গতানুতাগতিক পৰম্পৰাৰ প্ৰৱাহলৈ । তেঁও যথাৰ্থ আন্তৰ্জাতিকতাবাদী স্বাধীন সত্তা। আপোচহীন। কিয়নো তেঁওৰ আছে সুধীজন ইৰ্ষাকাতৰ হৈ উঠিব পৰাকৈ লিখকৰ স্বাভিমানগুণমুগ্ধ পাঠকৰ মনত এইবুলি প্ৰশ্ন উঠিব পৰাকৈ যে — তেঁওৰ এই সকলো নিয়ন্ত্ৰিত চলন, কঠোৰ আয়োজন আছিল নেকি ‘গলাম’ৰ বাবেই! কিয়নো, আপাতত সাধাৰণজনৰ এজন হিচাপেই তেঁও যাপন কৰিছে তেনেই নিমাখিত এটি জীৱন। তেঁওৰ নিঃকিন ঢিলা-সোলোকা সাজ, তেঁওৰ আউল-বাউল চুলিৰ তলত দুলি থকা শৰীৰ — হয়তোবা ভাৰাক্ৰান্ত —মহানগৰীৰ ৰাজপথেৰে চুঁচৰি ফুৰা চিটিবাচবোৰৰ ভিতৰলৈ সোমাই পৰা তেঁওৰ স্বছন্দ ভৰি। এনে লাগে যেন নিৰ্দয় চিটিবাচত উঠিবলৈ ধৰোঁতে চলন্ত বাহনখনিৰপৰা তেঁও দুলি দুলি সৰি পৰিব। আৰু তেতিয়াই হয়তো হেণ্ডিমেনে তেঁওৰ বাবে আগবঢ়াই দিয়ে তেলে-ম’বিলে এন্ধেৰুৱা কৰা সহৃদয়তাৰ এখনি হাত। আৰু মানুহজনক  চিটিবাচৰ ভিৰৰ মাজলৈ আগবঢ়াই দিয়ে। তেঁও চিনি পায়, চিনি পায় সেই উত্তাপ। এনে লাগে যেন এই চঞ্চল, চৌপাশৰ হট্টগোল, বিভিষীকাময়, উত্তেজনাসঞ্চাৰী ঘটনাপ্ৰৱাহৰ বৌদ্ধিক কচৰতৰ প্ৰক্ৰিয়াটিত তেঁও অনুপস্থিত। কিয়নো, তেঁও প্ৰতিষ্ঠিত শব্দৰসিকৰ বাগাড়ম্বৰ মেলৰ সভাত নাই। আলমিৰাত জাঁপ খাই থকা সম্বৰ্ধনাৰ গামোচাত তেঁও নাই। তেঁও ফুলাম জাপিতো নাই।

হয়তো তেঁও নিজেই ঘোষণা কৰি দিছে তেঁওৰ অনুপস্থিতি। যিদৰে কৈশোৰৰ সোণপুৱতিত ঘোষণা কৰিছিল যশ আৰু গৰিমাৰ গোলামিৰপৰা মুক্তি—নিজৰ নামটিৰ নস্যাৎকৰণেৰে। তেঁও নাই। তেঁও হেৰাই হৈছে পদপথেৰে খোজকাঢ়ি যোৱাসকলৰ ভৰিৰ তলত চেঁপা খাই। হয়তো তেঁও হেৰাই গৈছে চিটিবাচৰ ভিৰত। জীৱনৰ অসন্তুষ্টিৰে কোঙা হৈ থকা বাচভৰ্তি যাত্ৰীৰ উষ্ণ, ৰসময় আলাপত তেঁও হেৰাই গৈছে। হস্তমৈথুনৰ সঞ্জীৱনীৰে জীয়াই থকা ৰুক্ষ-ভংগুৰ এই মহানগৰৰ অসংখ্য  গলিৰ মাজে স্মৃতি-বিভ্ৰমত ভোগা ৰোগীসকলৰ মাজৰ এজন হৈ তেঁও হেৰাই গৈছে। তেঁও চকুৰে মণিবপৰালৈকে নিৰীক্ষণ কৰিছে মধ্যবিত্তীয় চেতনাপ্ৰৱাহৰ প্ৰাত্যহিকতাৰে সংকীৰ্ণ পিতনি এখনত সাৰ-পানী পাই কিল-বিল কৰা অসংখ্য কীটৰ চাল-চলন, সিহঁতৰ পদোন্নতিৰ উচ্চাকাংখা, অপ্ৰাপ্তিৰ তপত হুমুনিয়াহ, হেঁচা-ঠেলাৰে গৰম হৈ পৰা শ্বাস-প্ৰশ্বাসত। অতিশয় সংগোপনে নিৰীক্ষণ কৰিছে তেঁও – এজন প্ৰকৃত কথাকাৰৰ দৰে, নিৰ্মোহ হৈ। ইমান অনুপস্থিত তেঁও, ইমান নিম্ন তেঁওৰ কণ্ঠ যে – যেতিয়া তেঁও দিনৰ টল-মল পোহৰতো বাটে বাটে খোজকাঢ়ি যায়, অথবা পাচলি বজাৰলৈ, অথবা দৰৱৰ দোকানলৈ – তেতিয়াও বাটৰুৱাই আনকি ফুচফুচায়ো নকয় – “চোৱা, চোৱা এইজনেই  আমাৰ উত্তেজনাৰ সেই অশান্ত ইলেকট্ৰন, যিজনে আমাৰ বাবে লিখি উলিয়ালে ‘গোলাম’।”

এনেদৰে আপাতত অনুপস্থিতিৰ অলিয়ে-গলিয়ে বিচৰণ কৰি তেঁও হৈ উঠে আশ্বৰ্যকৰভাৱেই সতেজ আৰু ইৰ্ষণীয়। যেন এক নিষ্ঠাবান সমাজকৰ্মী। তেঁও নিৰ্মেদ। তেঁও সমাহিত। অৱশেষত তেঁও নিজকে উপস্থিত কৰাইছেগৈ শব্দৰ পাঠ, পঠন আৰু নিৰ্মাণৰ ৰ’দে-বৰষুণে মুষলধাৰ, কোলাহলময় এখনি  চোতালত। তেঁওৰ সম্বৰ্ধনাহীন আৰু আড়ম্বৰহীন জীৱনৰ সুগন্ধিত ভাঁজবোৰত আয়োজন কৰা সেই চোতাল মুখৰ হৈছে বিনন্দীয়া শব্দৰ ঠিকনাৰে। যিহেতু তেঁও জানে – ইয়াত শব্দ স্থায়ী হয়।তেঁও সেই ঠিকনাটিৰ এজন ডাকোৱাল হৈ পৰে। তেঁও দিস্তা কাগজ মেলি ধৰে।

আৰু লিখি যায়গোলামঅভিজ্ঞ স্থপতিৰ দৰে সাজি উলিয়ায় সিখনি শব্দময় চহৰ – য’ত বাস কৰে গোলামসৱে। ইমান কাপুৰুষ এই চহৰৰ বাসিন্দা, যে প্ৰয়োজনবোধ কৰা নাই নিজকে সোধাৰ – কিহৰ গোলাম তেঁও। সোধা নাই – কাৰ বাবে এই গোলামি। উত্তৰ-ঔপনিবেশিক গোলাম নেকি তেঁও সিখনি দেশৰ – যি দেশৰ মহানগৰীৰ গলি এটাত “এজাক বৰষুণত ঘৰৰ বেৰে মজিয়াই সৰু সৰু ভেকুলী, শামুক, বহু বিচিত্ৰ পোক-পতংগ আৰু বহুবিধ বিছা”ৰ অবাধ বিচৰণ – আৰু সিখনি দেশৰ কৰ্মচাৰীক পদোন্নতিৰ বাবেই প্ৰয়োজন চুৰি কৰি হলেো প্ৰথম বিশ্বৰপৰা কঢ়িয়াই অনা এখন ডিপ্লমাৰ। “জাৰ্মানীৰ ডিপ্লমা –পদোন্নতি অনিবাৰ্য।” গোলাম নেকি সেই উত্তৰ-ঔপনিবেশিক ৰাষ্ট্ৰৰ ব্যৱস্থা – ৰাষ্ট্ৰ যন্ত্ৰ (state mechinary) – চিন্তাৰ পৰাধীনতাৰ!

কথাকাৰে জানে – আধুনিতাৰ উচ্ছিষ্টভোগী, সুবিধাবাদৰ সেমেকা কোণ এটিত চূক-ভেকুলীৰ দৰে উশাহ লোৱা এই উত্তৰ-ঔপনিবেশিক গোলামটি অতিশয় চতুৰ। অতি অপ্ৰয়াসে সি বিপথে চালিত কৰে গুৰুজনক – সেইজন বিদেশৰ গুৰু – ফ্ৰাউ মুলাৰ, যি নিজৰ ল’ৰা-ছোৱালীক নিব খোজে প্ৰাচ্যৰ ৰূপকথা যেন লগা দেশবোৰ দেখুৱাবলৈ( কিন্তু ডিপ্লমা আনিবলৈ নহয়)। কিয়নো সি সিদ্ধি লাভ কৰিছে ভকতীয়া বিনয়েৰে, কোনেও ধৰা পেলাব নোৱাৰাকৈ চৌৰ্য কাৰ্য সম্পাদনা কৰি আদায় কৰি আনিছে প্ৰাপ্তি – য’ত সি বিক্ৰী কৰিছে মগজু – অথচ সেই বাটত নাই কোনো ‘ব্যাকৰণৰ ভুল’। সুবিধাবাদ আৰু পদোন্নতিৰ জখলাত সি ব্যাকৰণসিদ্ধ।  অপৰাধবোধে ক্ৰিয়া নকৰে তাক, জালিয়তিৰে হলেও বিদেশৰপৰা গোটোৱা এখন প্ৰমাণপত্ৰৰ বাবে পাৰিলে সি মাটিকেই বন্ধক দিব, অথবা যদিহে মেধাবী, তেন্তে যেন তেন প্ৰকাৰেণ যোগাৰ কৰি লব এটি বৃত্তি – আৰু একো নাথাকিলে প্ৰচুৰ তেলকেই দিব “যত চব ইয়ে’’ মানুহক, ঘৰৰ চাকৰিৰপৰা বেতনহীন ছুটিকেই লব।

এইদৰেই ‘গোলাম’ৰ কথাকাৰে আমালৈ খুলি দিলে খিৰিকিবোৰ। আৰু সেই খিৰিকিৰে তললৈ চালে আমি দেখা পাওঁ অনেক পংকময় পিতনি আৰু ওপৰলৈ চালে কোনোমতে মণিবপৰা কিছু তৰাৰ চিকমিকণি। আমি দোখোঁ শাৰী পাতি ৰৈ থকা সহস্ৰজন অ
হায় পিতৃমাতৃ। নিজৰ সন্তানক সৰুটি কালত হয়তো তেঁওলোকেই শিকাইছিল গোলামিৰে উচ্চাকাংখাৰ পথ। দিছিল ভাটৌ হোৱাৰ আখৰা। অথচ আজিৰ এই বেচামাল দুনিয়াৰ হঠকাৰী প্ৰতিযোগিতাত তেঁওলোক অতিকৈ হতাশাগ্ৰস্ত – কিয়নো এনেদৰে উৎপাদিত গোলামবোৰে সংখ্যাৰ দিশে হয়তো আকাশৰ তৰাকো চেৰ পেলাইছে আৰু বহুজাতিক কোম্পাণীৰ গোলামিৰ বজাৰত যোগান আৰু চাহিদাৰ মাজত দেখা গৈছে ভয়ংকৰ  অসমতূল পৰিবেশ। তেঁওলোকে উদ্বাৱন কৰিছে গোলামিৰ ন ন কৌশল আনকি বিদেশৰপৰা অনা প্ৰমাণপত্ৰ পৰ্যন্ত হৈ পৰিছে মূল্যহীন, অপ্ৰাসংগিক। এনেকৈয়ে তেঁওলোকৰ আপুতৰ পূত সতি-সন্ততিসকল হৈ পৰিছেগৈ ফুল-তৰা-গানৰ কথা নজনা এজাক শিক্ষিতৰ এটা হতাশগ্ৰস্ত প্ৰজন্ম। বাটত সিহঁতৰ ভিৰ বাঢ়ি আহিছে।

আকৌ যেতিয়া উচ্চশিক্ষাৰ প্ৰতি আকূলতাৰে চাওঁ কোনো এক বিশ্ববিদ্যালয়ৰ তোৰণৰ দিশে, তেতিয়া দেখা পাঁও নে’ট-শ্লেট-জে আৰ এফ আৰু বিদেশী জাৰ্ণালত নিবন্ধ প্ৰকাশৰ প্ৰমাণপত্ৰ লৈ কোনো এ সাক্ষাতকাৰলৈ আকূলভাৱে ৰৈ থকা চাকৰিপ্ৰাৰ্থীৰ দীঘল দীঘল শাৰীবোৰ – যিমানেই দিন যায়, প্ৰমাণপত্ৰ বোজাটোৰ দৰেই বাঢ়ি যায় সেই শাৰীটোও । পৰিশেষত হয়তো কাৰোবাৰ ভাগ্যত জুটি যায় এটি কনট্ৰেকচুৱেল পদ – দাম দহহাজাৰ টকা। বাটত এঁওলোকৰো পৰিশীলিত ভিৰ বাঢ়ি আহে। ভয় লগাকৈ।

এনে লাগে যেন অচিৰেই ধৈৰ্যচ্যুতি ঘটিব – বিদ্ৰোহ কৰি উঠিব এওঁলোকে। ৰাজপথ কঁপাই  দিব

‘গোলাম’ৰ খিৰিকিৰে চালে দেখা যায় সেইসকলকো – যি দক্ষতাবিহীনঅৰ্হতাবিহীন। দলে দলে যায়গৈ গোলামিৰ বাবে – সদ্য অতীত হৈ পৰা কোনো এক সংঘৰ্ষপীড়িত এলেকাৰ পৰা – বানে গৰকা মথাউৰিৰ পৰা – কূটৰ হৈ অহা পথাৰৰপৰা চিটিকি চিটিকি – ৰোলৰ ডবাবোৰে হেঁচুকি হেঁচুকি  লৈ যায় ঠিকাদাৰৰ চুক্তিৰে বন্দী সিহঁতক। আপাতত এঁওলোকৰ নাথাকে তেনেকৈ হতাশা – কিয়নো তেঁওলোকেও জানে – গোলামি বিনে নাহি আন  গতি – চিন্তা মাথো দুবেলা দুমুঠি।

এইদৰেই গোলামি মানসিকতাৰে গোমা হৈ আহে আকাশ- বতাহ। জানোচা কেনেবাকৈ গোলামবোৰ বিদ্ৰোহী হৈ উঠে – অথবা একত্ৰিত হয় – সেই আশংকাতে চলে কাৰচাজি। সময়ে সময়ে সলনি হয় তাৰ  ৰূপ। যিদৰে শতাব্দী প্ৰাচীন জিজ্ঞাসা আৰু প্ৰজ্ঞাৰ সাধনাক নস্যাৎ কৰি এতিয়া আমাৰ চেতনাত  অকস্মাতে জগাই তোলা হৈছে গৰু নামৰ এটা চাৰিঠেঙীয়া জন্তুৰ অৱস্থিতি। এজনী স্বাস্থ্যৱতী গো-মাতাই আমাৰ চেতনাক চানি ধৰিছে – গো- চেতনাৰ ৰক্ষক আৰু ভক্ষক ৰূপে গোলামিৰ নতুন বাগধাৰা খাৰা কৰোৱা হৈছে আমাৰ চিন্তাৰ স্বাধীনতাৰ বাটত এঁৰালৰ খুঁটি পুতি। সাংস্কৃতিক বণিয়াৰ আগ্ৰাসী ষড়যন্ত্ৰেৰে আমাৰ পৰম্পৰাৰ গৰুবিহুটিয়ে ৰূপ লৈছেগৈ গো-মাতাৰ পূনৰ। ভেলেকীবাজিৰে সন্যাসী কৰ্প’ৰেটৰ চত্ৰছায়াত সাৰ-পানী পাই  বাঢ়িছে গো-মূত্ৰৰ এখনি সৰ্বাগ্ৰাসী বজাৰ। আমি বাধ্য হঁও, পাণ কৰোঁ গো-মূত্ৰ – চেতনা উদ্দীপক পানীয়ৰূপে, আৰু পূৰ্ণ হঁও গোলামৰ মানসিকতাৰে।

আমাৰ সাতাম-পুৰুষৰ সংস্কৃতিক নস্যাৎ কৰি এতিয়া আমাৰ সংস্কৃতিৰ ওপৰত এই আচহুৱা গোলামিক চুপাৰ ইম্প’জড্ (Super-imposed) কৰা হৈছে কম্পিউটাৰৰ ফটোশ্বপৰ কায়দাৰে। য’ত মূল সংস্কৃতিৰ বৰ্ণচ্ছটা ঢাক খাই পৰিছে। আৰু হাত তালি দিয়া হৈছে বিকৃতিত। যিদৰে ‘গোলাম’ৰ কথাকাৰে বাস্তৱৰ গুৱাহাটীক নস্যাৎ কৰি চুপাৰ ইম্প’জড্ কৰিছে (Super-imposed)    গোলাম গুৱাহাটীৰ – ‘‘ভেম্বৰ, ডিছেম্বৰ মাহত  যেতিয়া গুৱাহাটীৰ বৰফ পৰিব আৰম্ভ কৰে, সৰু সৰু ল’ৰা- ছোৱালীবোৰৰ বৰ আনন্দ হয়। ৰাস্তা, ঘৰৰ চাল, ফুল আৰু গছ-গঠনি, যান-বাহন সকলো বৰফত ঢাক খাই বগা হৈ পৰে। ....গজাল লগোৱা বুট আৰু ৰং-বিৰং টুপী পিন্দি সৰু সৰু ল’ৰা-ছোৱালীবোৰে চিঞৰ- বাখৰ কৰি সিহঁতৰ স্কী, শ্লেজ-গাড়ী আৰু চকা লগোৱা ৰ’লাৰ স্কেটাৰবোৰলৈ পৰম উৎসাহেৰে  বাহিৰ হৈ পৰে।” আৰু সুদূৰ জাৰ্মানীত তেঁওৰ শিক্ষক ফ্ৰাউ মুলাৰে কেনেদৰে চিঞৰি উঠিছে – “চমৎকাৰ, চমৎকাৰ।”

শ্ৰদ্ধালু পাঠকে যেতিয়া পাঠ কৰে  ‘গোলাম’  - পঠনৰ আয়ৰণি, আমেজ আৰু ব্যাখ্যাৰ চমৎকাৰিত্বই তেঁওক কৰি তোলে বিশ্ময়াভিভূত। “বেচতো! চমৎকাৰ।” – এইবুলি তথাপি নিজকে কব নোৱাৰে তেঁও। নিজৰ গাতেই বৰং চিকুট মাৰি চায়। অন্তৰৰ এচূকত গাপ দি ৰখা জীৱনৰ অন্তহীন সময়ৰ কোনো এটি ক্ষণৰ বুজা-পৰাৰ গোলামী পল এটি হয়তো অজানিতে উদ্ভাসিত হৈ উঠে। নিজকেই প্ৰশ্ন কৰে পাঠকে – কিয় লিখিছিল কথাকাৰে এই ‘গোলাম’ নামৰ গল্প? বুকুৰ নিজানত এই আশা আছিল নেকি তেঁওৰ – যে, মানুহে এদিন মুক্তি পাব মানুহৰ গোলামিৰ পৰা।”

আৰু তেতিয়াই গল্পকাৰৰ সৈতে নতুনকৈ তেঁও স্থাপন কৰে এটি সংযোগ। তেঁও উমান পায় গোলাম সময় আৰু গোলাম চিন্তাৰ বিৰুদ্ধেই কথাকাৰৰ ‘গোলাম’। তেঁও ‘গেলাম’ৰ কথাকাৰে খুলি দিয়া খিৰিকিখনেৰে ওপৰলৈ চায়।

ওপৰত এখন ধূসৰ আকাশ। মাজে কিছু তৰাৰ চিকমিকণি।
তেঁও আশ্বস্ত হয়, তেঁও আশ্বত্ব হয়।

(সৌৰভ কুমাৰ চলিহাৰ ‘গোলাম’  গল্পটিৰ কিছু উপলব্ধিৰে। )




  ৰছনা- ১১-০৫-১৭