Tuesday, 27 January 2026

 

 

কথাবোৰ কবই লাগিব- পল্লৱ হাজৰিকাৰ এখন প্ৰতিশ্ৰুতিৰ কাব্য সংকলন


-ৰত্না ভৰালী তালুকদাৰ





কাব্য সংকলন এখনৰ নাম যেতিয়া ‘ক থাবোৰ কবই লাগিব' হয়, তেতিয়া কবিৰ কাব্যসৃষ্টিৰ লক্ষ্য  আৰু উদ্দেশ্যৰ বিষয়ে এটি ধাৰণা আগতীয়াকৈয়ে মনলৈ আহি যায়। কবিতা এক কঠিন কলা, তাতেই সেই কবিতাবোৰ যদি মানুহক ভালপোৱাৰ  প্ৰেৰণাৰপৰা আহৰিত হয়, তেতিয়া কবিতাই  শব্দ আৰু ভাৱনাৰ এক স্বাভাৱিক শকতি নিজেই বহন কৰি  আনে।   মানুহক ভালপোৱাৰ প্ৰতিশ্ৰুতিৰে উঠি  অহা কবি পল্লৱ হাজৰিকাৰ  প্ৰত্যয়দ্বীপ্ত চিত্ৰকল্পৰে ভৰা এলানি কবিতাৰ সংকলন হৈছে ‘কথাবোৰ কবই লাগিব।' একে আষাৰে কব লাগ¿লে ‘ক থাবোৰ কবই লাগিব'  কবিতাবোৰ নিৰ্মেদ,  ব্যতিক্ৰমী চিত্ৰকল্পবোৰ কবিৰ নিজা অভিজ্ঞতা আৰু উপলব্ধিৰপৰা আহৰিত। কবিয়ে নিজস্ব এক ভাষা  গঢ়ি লবলৈ কৰা প্ৰয়াস তাত স্পষ্ট।

যিবোৰ মানুহৰ কথা কবই লাগিব বুলি তেওঁ অনুভৱ কৰিছে, সেইবোৰ আচলতে প্ৰতিনিধিত্বমূলক। বহু কবিয়ে কবিতা লিখে, কিন্তু তেনেই তাকৰীয়া কেইজনমানেহে অনুভৱ কৰে দায়িত্ববোধ-মানুহক ভালপোৱাৰ দায়িত্ব। মানুহক ভালপোৱাতো  বোজা নহয়। কিন্তু সি এক গধূৰ দায়িত্ব। সৃষ্টিশীল মানুহৰ সৃষ্টিৰ তাড়ণা এক নিৰৱধি চেতনা যদিও  মহাৰ্ঘ সময়ত  মানুহক ভালপোৱাটো এক দায়িত্বও  হৈ উঠে। কোন সেই মানুহ, যাৰ কথা কবই লাগিব বুলি তেওঁ অনুভৱ কৰিছে। সেইবোৰ মানুহ- যিসকলৰ কণ্ঠ একেবাৰেই অনুচ্চাৰিত, অথবা যিসকল সকলোতে অনুপস্থিত-সাহিত্যত, সমাজত, ৰাজনীতিত-সকলোতে। অথচ যাক জখলা হিচাপে সাৰথি কৰিয়েই উঠি যায় বিশিষ্টজন। কোনোবা সাহিত্যিক হয।  কোনোবা হয় সমাজসেৱক। অথবা ৰাজনীতিক।

কথাবোৰ কবই লাগিব' কাব্যসংকলনৰ প্ৰথম কবিতাটো ‘টেঙানি'। ইয়াৰ আৰম্ভণিৰ স্তৱকটি  উচ্ছেদৰ  নিৰ্মম  সোৱঁৰণিৰ।  উচ্ছেদ শব্দৰ উল্লেখ নকৰাকৈয়ে কবিয়ে লিখিছে-

কোনে জানে

কাৰ ঘৰৰ হাতী

কাৰ বাৰীত মেলিলে

চনক কৈ ভাগি কঁকাল

চনক কৈ ভাগি গ'ল কাৰ তিনিশজোপা লাগনি  তামোল

...

এনেহেন বতৰত

খুৱাওনে তোমাক মাগুৰ মাছৰ আঞ্জা

সিখন গাৱঁৰ এবাটি আপং ।

দ্বিতীয় কবিতাটি ‘পথাৰ'। এসময়ত পথাৰক লৈ কবিয়ে কিমানযে কবিতা লিখিছিল। আজিকালি তৰুণ কবিৰ কবিতাত পথাৰৰ উল্লেখ কমেইহে থাকে।

‘মেঘ আৰু মাটিৰ অন্যতম পৃষ্ঠপোষক

হে' পথাৰ

তুমি ক'ত আছা শুই আছা নেকি শিমলুৰ দীঘল বিষাদ ছাঁত

...

জোকে খোৱা কলাফুলৰ মমতাত

দে'ই যোৱা  পিঠিৰ আকুলতাত

পৃথিৱীৰ প্ৰথমহাল মানুহৰ তুমি

হালধীয়া চাদৰ এখনেৰে মেৰিয়াই ধৰিছিলা

আৰু গৰ্ভধাৰণ কৰিছিলা সময়ক'

সংকলনটিত থকা  সাম্প্ৰতিক শীৰ্ষক চাৰিটা কবিতাৰ শেষৰ কবিতাটি ক্ৰমে  বজাৰ, বিজ্ঞাপন, ক্ৰেতা  আৰু  বিক্ৰেতা শীৰ্ষক   চাৰিটা স্তৱকেৰে  সজোৱা হৈছে। এই চাৰিটা স্তৱকৰ মাজেৰেই ভোগবাদী অৰ্থনীতিৰ তত্বও ওলাই আহিছে। বিক্ৰেতাই প্ৰথমে এখন  বজাৰৰ  সৃষ্টি কৰে  আৰু  বিজ্ঞাপনৰ  মায়াজালেৰে  ক্ৰেতাক টানি নিয়ে।আপাতত ৰঙীণ, সম্ভাৱনাৰে ভৰি থকা যেন লগা  সেই  বজাৰখন আচলতে  মানুহৰ বেহাৰ। কৰ্পৰেট সংস্কৃতিৰ বিষময় ফল প্ৰব্ৰজনৰ পৰিস্থিতিৰ ষড়যন্ত্ৰ,  ৰঙীণ জীৱনৰ আঁৰৰ  মানুহৰ  সৰবৰাহ আজি জানো সমাজৰপৰা নাইকীয়া  হৈছে? নাই হোৱা। বৰঞ্চ সি অতি নিকপকপীয়া হৈছে। ভিন ভিন ৰূপত মানৱ সৰবৰাহৰ এই বজাৰখন অতি ৰমৰমীয়া। কবিয়ে কৈছে,

‘বিক্ৰেতা উৎফুল্লিত

মানুহৰ মঙহৰ বজাৰ ভাল 

এইখন বজাৰত অৰ্থনীতিৰ সূত্ৰৰ সাল-সলনি  ঘটে

যিমান যোগান সিমান চাহিদা'

এটি  প্ৰাণস্পৰ্শী কবিতা ‘আগন্তুক' । ইয়াৰ চিত্ৰকল্পবোৰ  নিপুণ।  গভীৰ জীৱনৰ। কেইটিমানৰ  উদাহৰণ দিয়াৰ লোভ সামৰিব নোৱাৰি।

‘বিশ্বায়নৰ বতাহ খাই

কি আৰু লেটেকু পনিয়ল

মাটি-কাঁদুৰি খুতৰা'

এজন বাটৰুৱাই  কয়

...

বিশ্বায়নে বাৰ্ণিচ কৰা

অতবোৰ গৰৈ শিঙি মাগুৰ

অইৰণ আৰু অন্যান্য

বেচেৰা আগন্তুক।'

চিত্ৰকল্পকেইটি একেধাৰে  শাণিত  আৰু  তিৰ্য্যক।  ‘সৰাপাত' কবিতাৰ কেইটিমান শাৰী এনেধৰণৰ-

‘মলিন শুভ্ৰতাত

দুলি আছে শইচৰ পাঁচোটা আঙুলি

বা-পানী-আকাশ সকলোৱে

আঁজলি পাতি আছে ৰ'দ- ধান হ'

জোনাক -জিলমিল  প্ৰেম হ''

 

এটি আশ্বৰ্যকৰ কবিতা ‘ৰুদ্ধদ্বাৰ '। কবিতাটিৰ  আৰম্ভণিয়ে চমৎকাৰ।

‘শিতানত এখন পীৰা লৈ শুই পৰিছে গাওঁবোৰ

পিৰালিত বহি শোক টানিছে আইসকলে

...

শিতানত এখন পীৰা

শুই পৰা এজাক মানুহ

বৰষুণ নপৰি বন্ধ্যা হোৱা এমুঠি শইচ

যেন

এক নষ্ট সাম্প্ৰতিক।”

‘আমি' কবিতাটিৰ কেইটিমান চিত্ৰকল্পৰ উল্লেখ কৰাৰ লোভ সামৰিব নোৱাৰি । এই চিত্ৰকল্পকেইটিৰ কাবি্যক সৌন্দৰ্য যিদৰে অনন্য, সেইদৰে প্ৰকাশিকা শকতিও আচৰিত । ব্যাখ্যা তাত নি¦xয়োজন।

“শৰতৰ ৰাতি অতি বিতোপন বাবেই

কৃষ্ণই কৰিলে নেকি কেলি

আমাৰতো মধুসোলেং মাটিকান্দুৰি খুতৰা

জাহ গ'ল পানীৰ তলত

অতল অন্ধাৰত ধনগুলৈ বিচাৰিছিল নেকি কৃষ্ণই

ৰাধাৰ ওপঙা স্তনত

খান্দিছিলে নেকি স্তনবৃন্তৰ তলৰ সোণ-পৰুৱা

আমাৰতো আহুধানৰ পথাৰো তল গ'

জাক জাক উদঙীয়াৰ খোজত'

'দহীনতাৰ স্তৱকৰ কেইটিমান শাৰী-

টোলোঠা-পকা পকাদি পকিছিল শৈশৱ

যৌৱন যেন ৰ'দহীন

দিনহীন দিনমণি'

 

সেইদৰে ‘আত্মপাঠ' কবিতাত আছে দুৰ্দিনৰ প্ৰেমৰ বতৰা। জটিল সময়ৰ  আচহুৱা ৰূপকেৰে সজোৱা কবিৰ প্ৰেম।

‘তোমাৰ এপাক নচুৱাব পৰাকৈ

মই সমৃদ্ধ নহওঁ

গুঁই চালৰ টোকাৰি

আস কি এক জৰৌ-ৰোৱা সপোন

যঁতৰৰ মহুৰাৰ দৰেই

নাচ ঘূৰপাক নাচ

...

মই বৰ নিঃকিন নিৰন্ন

ঢেঁকীৰ নেজত উঠা নাই মোৰ ঘৈণীৰ ভৰি'

 

এনে দুঃসময়ৰ বিৱৰণী  ‘সৰুধন' কবিতাটো আছে -

‘সাহসে নুকুলায়

অ সৰুধন

পঞ্চায়তে

পঞ্চায়তে

ওলাইছে ধন

 

ডিঙিৰ ওপৰত পানী

ভৰিৰ পতাত বালি

ভূমিহীন  ভূ-ভাৰস্ত

...

সৰুধন

কাক বলি দি ৰাখিবি তোৰ মোৰ বুকুৰ দলং          '

 ‘কথাবোৰ কবই লাগিব'ৰ কবিতাবোৰৰ পঠনে কয় যে কাব্যৰ বাটেৰে  আহি আহি কবিয়ে দেখা  পাইছে অন্য এখন জগতৰ সন্ধান। য'ত হেৰুৱাবলৈ একো নাথাকে, কিন্তু পাবলৈ থাকে এখন পৃথিৱী। এইখন পৃথিৱীৰ বেদনাবোৰ কাৰোবাৰ ব্যক্তিগত হা-হুমুনিয়াহ নহয়,  দূৰ-সুদূৰৰ  শক্তিশালী চক্ৰান্তত চেদেলি-ভেদেলি হৈ যোৱা এমুঠি মানুহৰ।  যিসকল থাকে কেৱল হেৰুওৱাৰ ইতহিাস। কবিয়ে সেই ইতিহাস ধৰি ৰাখিব বিচাৰে শক্তিশালী চিত্ৰকল্পৰ মাজেৰে। সেয়েহে তেওঁ প্ৰত্যয়েৰে কব পাৰে,

‘থাকে মথাউৰিতো কিছু মানুহ

কলৰ ভূৰত উঠি বিচাৰি ফুৰে

আইতাৰ সাধুকথা আৰু গেঁৰ ধৰা ধানৰ ঠোক

বকুলবড়া...বকুলবড়া...বকুলবড়া

উস্ মাল্টিনেশ্যনেলৰ  কেটৱাক।'

অৱশ্যে সকলোবোৰ কবিতা  এনে অপূৰ্ব চিত্ৰকল্পৰে সমৃদ্ধ হোৱা নাই,  মসৃণ হোৱা নাই,  বোধ আৰু চেতনাৰ গাঢ়তাৰে মথিত হৈ অহা নাই। তথাপি কব লাগিব এই  কবিতাবোৰ  সামূহিক চেতনাৰ  দ্যোতনাৰে  ব্যতিক্ৰমী । কবি নিজে  সমসাময়িক বহু কবিতকৈ আগবঢ়া । প্ৰগতিশীল চেতনাৰ  বহু কবিয়ে কবিতাৰ নামত  শ্ল'গান লিখে, অথবা বাগাড়ম্বৰ লিখে- কিন্তু  পল্লৱ হাজৰিকাই কবিতা লিখিছে আৰু content-ত লিখিছে। এইবোৰ আত্মবিশ্বাস আৰু  প্ৰতিশ্ৰুতিৰো  কবিতা। সেইবাবেই ভবিষ্যতৰ  বাবে  প্ৰস্তুতিও হ'  লাগিব আৰু  বেছি। কবিলৈ শুভকামনা ।


Friday, 16 January 2026

 

 

 জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিল্পদৰ্শন সাম্প্ৰদায়িকতাবাদ প্ৰতিহত কৰাৰ এচাকি পোহৰ



 পকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা এগৰাকী স্বাভিমানী অসমীয়া, গৌৰৱী ভাৰতীয় আৰু কেটি সময়তে বিশ্ব নাগৰিক। তেখেত ‘ৰূপান্তৰৰ শিল্পী'। কবলৈ গ'লে ‘ৰূপান্তৰৰ শিল্পী'-এই অভিধাটিতে লুকাই আছে শিল্পীগৰাকীৰ শিল্পদৰ্শন।শিল্পীৰ  শিল্পদৰ্শনৰ আটাইতকৈ প্ৰস্ফুটিত ৰূপ বোধহয় এইষাৰি কবিতাতেই পৰিস্ফুট হৈছে-“জনতা, তোৰ প্ৰাণৰো প্ৰাণত, মনৰো  মনত শিল্পী যে মই লুকাই লুকাই আছোঁ, তোৰ সপোনৰ কত ছবিত কত যে ফুল বাছোঁ, লুকাই লুকাই আছোঁ।”  নাতিদীৰ্ঘ জীৱনত এক বিশাল কৰ্মযজ্ঞৰ পাতনি মেলা শিল্পীয়ে ই কথা কৈছিল ১৯৪৮ চনত শিৱসাগৰত অনুষ্ঠিত  হোৱা সদৌ অসম শিল্পী সংঘৰ প্ৰথম অধিবেশনত প্ৰদান কৰা এক দীঘলীয়া ভাষণ ‘শিল্পীৰ পৃথিৱী', 'ত  জ্যোতিপ্ৰসাদৰ শিল্পদৰ্শন আৰু ৰূপান্তৰৰ ধাৰণা অতি শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰা হৈছে। 

জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘শিল্পীৰ পৃথিৱী' পঢ়াটো প্ৰতিজন অসমীয়াৰ বাবেই এটি কৰ্তব্য-এইবাবেই যে, এই ভাষণটিত জ্যোতিপ্ৰসাদ আগৰৱালাই  ভাৰতীয়  আৰু অসমীয়া সংস্কৃতিত কৃষ্ণ সংস্কৃতিৰ প্ৰভাৱ আৰু কালিকাৰ বিষয়ে বৰ্ণণা কৰিছে। শ্ৰীমন্ত শংকৰদেৱেও কৃষ্ণ সংস্কৃতিকেই আমাক দি থৈ যোৱা  নাই  জানো! জ্যোতিপ্ৰসাদ আগৰৱালায়ো অসমীয়া ভাষা আৰু সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠাতা শংকৰদেৱে এই কৃষ্ণ সংস্কৃতিক চিত্ৰিত কৰি সাহিত্যৰ মেটভৰা সম্ভাৰেৰে  ভাষা-সংস্কৃতিৰ যি ভেটি বান্ধি থৈ  গৈছে-এই সকলো দিশ সামৰি কৃষ্ণ সংস্কৃতিৰ যি বিজ্ঞানসন্মত ব্যাখ্যা  আগবঢ়াইছে- সেই ব্যাখ্যাৰ মাজেৰেই  আজি ৰজাঘৰীয়া পৃষ্ঠপোষকতাত ধৰ্ম-ভাষা-সংস্কৃতি-জাতি-জনগোষ্ঠীৰ পৰিচিতি আৰু বিকাশৰ  নামত ভেদ ভেদ কৰি পোলোৱাৰ জঘন্য ৰাজনীতিক ভালদৰে উপলব্ধি কৰিব পাৰোঁ। ব্যাখ্যা কৰিব পাৰোঁ। 

 

অন্ততঃ এইবাবেই ৰূপান্তৰৰ শিল্পীগৰাকীৰ বাবে ‘সংস্কৃতি' দৰাচলতে কি আছিল, আৰু তেখেতৰ শিল্পদৰ্শন কি আছিল  তাক উপলব্ধি কৰিব লাগিব বুলি অনুভৱ কৰোঁ। জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া সংস্কৃতিৰ নতুনকৈ  প্ৰাণ প্ৰতিষ্ঠা কৰিছিল।আমাৰ পৰম্পৰাৰ বিয়ানামৰ সুৰ যেতিয়া আধুনিক  হাৰনিয়ামৰ  ৰীডত  ‘গছে  গছে  পাতি  দিলে ফুলৰে শৰাই, কি ৰাম ৰাম ফুলৰে শৰাই' বুলি নতুনকৈ প্ৰাণ পাই উঠি, তেতিয়াই আধুনিক গীত আৰু লোকপৰম্পৰাই  একেলগে হাতে হাত ধৰি আগুৱাই যোৱাৰ নতুন বাট এটাও ওলাই পৰিল। ইয়াৰ ফলত লোকসংস্কৃতি মৰহি ন'গল, বৰঞ্চ কব পাৰি পৰম্পৰাৰ গীত-মাতে নতুন জীৱনৰ এটা সম্প্ৰসাৰণহে লাভ কৰিলে, নতুনকৈ উজ্জীৱিত হ'ল। লগতে লোকসংস্কৃতিৰেই হাত ধৰি আমাৰ কৃষ্টিলৈ সোমাই আহিল আধুনিক গীতৰ শৰাই। এয়াই ৰূপান্তৰৰ ধৰ্ম। ইয়াত একোৱেই মৰহি নাযায়, বৰঞ্চ সকলোৱেই নতুনকৈ প্ৰাণ পাই উঠে। হাৰমনিয়ামৰ ৰীডত যেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাই  বিয়ানামৰ সুৰ তুলিলে তেতিয়া চৌদিশে বিতৰ্কৰ ঢৌ উঠিছিল, কিন্তু সেই বিতৰ্কৰ প্ৰতি তেওঁ  কাণসাৰ দিয়া নাছিল,  কিয়নো তেখেতে বিশ্বাস কৰিছিল ৰূপান্তৰত, সম্পৰীক্ষাত। পুৰণি জীয়াই থাকিব লাগিব, কিন্তু নতুনৰো আগমণ ঘটিব লাগিব। জ্যোতিপ্ৰসাদ আগৰৱালাৰ সেই বাটেৰেই আহি আহি যেতিয়া ৩৮,০০০ৰো অধিক গীত গোৱা  জুবিন গাৰ্গেও  লোকপৰম্পৰাৰৰ গীতসমূহ বিকৃত নকৰাকৈ মূল সুৰতে গাই থৈ গ', তেতিয়া আমি সগৌৰৱেৰে কবলৈ পৰা হ'লোঁ যে, জুবিন গাৰ্গৰ কণ্ঠৰ মাজেৰে এই গীতসমূহে আকৌ এবাৰ নতুন জীৱন পালে, এটি সম্প্ৰসাৰণ লাভ কৰিলে। জুবিন গাৰ্গৰ কণ্ঠৰ এই লোকপৰম্পৰাৰ গীতসমূহে আমাক অসমৰ লোকসংগীতৰ মজবুত ভেটিটোৰ কথাও সোঁৱৰাই দিয়ে। টোকাৰি গীত, লোকগীত, দিহা নামৰপৰা নিচুকণি গীতলৈকে সকলো গীতেই তেওঁ গাই থৈ গৈছে। আচলতে সকলো মহান শিল্পীয়ে তেওঁলোকৰ অতুলনীয় কণ্ঠৰ মাদকতাৰে লোকপৰম্পৰাৰৰ গীতসমূহক একোটি  নতুন জীৱন  দিয়ে। জ্যোতিপ্ৰসাদৰ হাত ধৰি ওলাই অহা  অসমীয়া সংগীত আৰু  বিশ্ব  সংগীতৰ  অনন্য  সংযোগৰ  সৃষ্টি  কৰা  ভূপেন হাজৰিকায়ো তাকেই কৰিছে।এই সকলোবোৰ  জ্যোতিপ্ৰসাদ আগৰৱালাৰ সম্পৰীক্ষাৰ প্ৰেৰণা বুলিয়ে হব লাগিব।

তেনেহ'লে কি এই জ্যোতিপ্ৰসাদৰ শিল্পদৰ্শন, যাক আমি ‘জ্যোতিদৰ্শন' বুলিও কব পাৰোঁ-যি  দৰ্শনে আজিৰ ৰজাঘৰে বিয়াপাই দিব বিচৰা ধৰ্মান্ধতা আৰু  সাম্প্ৰদায়িকতাবাদত  অতীষ্ঠ হৈ উঠা সমাজক এক সুস্থিৰ দিশৰ সন্ধান দিব পাৰে। যি দৰ্শনৰ সময়োপযোগী ব্যাখ্যা  আজি অতিকৈ প্ৰাসংগিক। 

তেখেতে কৈছে, ‘মানুহ হৈছে সপোন দিঠকলৈ পৰিণত কৰাৰ শিল্পী। সেইহে মই মানুহ-শিল্পী।আপোনালোক মানুহ- মানুহ আপোনালোকো প্ৰত্যেকজনেই শিল্পী, পৃথিৱীখন শিল্পীৰ ঘৰ, শিল্পীৰ কাৰখানা- আৰু শিল্পী সাংস্কৃতিক সম্পদৰ প্ৰদৰ্শক।” এই ব্যাখ্যাৰ মাজেৰে প্ৰতিজন মানুহৰ বুকুতেই তেওঁ শিল্পৰূপ আছে বুলি দোহাৰি গৈছে। ভাবিলে আচৰিত লাগে, অসমৰ সমাজব্যৱস্থাৰ ভাঙোণ আনিবলৈ বৰ্তমানৰ সাম্প্ৰদায়িক শক্তিয়ে অসমৰ সংস্কৃতিৰ যি দুটি মূল আধাৰ-কৃষ্ণ  সংস্কৃতি  আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ  দৰ্শন-এই দুয়োটিকে  বিকৃত  কৰিছে।  এই দুয়োটি বাগধাৰাৰ, অৰ্থাৎ  কৃষ্ণ-সংস্কৃতি আৰু শংকৰদেৱৰ দৰ্শনৰ বিষয়ে  জ্যোতিপ্ৰসাদ  আগৰৱালাই ‘শিল্পীৰ পৃথিৱী'ত  ৰূপান্তৰৰ তত্বৰে  ইমান  সুন্দৰ ব্যাখ্যা দি থৈ গৈছে যে, সেই পোহৰে হতাশাৰ সূচীভেদ্য  অন্ধকাৰৰ মাজত  আমাৰ  মন  একুৰা জোৰৰ দৰেই আলোকিত কৰি তোলে।

 জ্যোতিপ্ৰসাদ আগৰৱালাই  কৃষ্ণ সংস্কৃতিৰ বিষয়ে কবলৈ গৈ এনেদৰে ৰূপকীয়  ব্যাখ্যা কৰিছে- “এতিয়ালৈকে কৃষ্ণৰ জীৱনেই এই পৃথিৱীৰ মানৱ জীৱনৰ সনাতন সত্য হৈ আছে। এই সংস্কৃতিৰ প্ৰতীকৰ  জন্ম  হয় দুস্কৃতিৰ মাজতেই। একে মঙ্গহতেই, একে বঙ্গহতেই, দুস্কৃতিৰ মাজেদিয়ে সংস্কৃতিয়ে জন্ম লয়। দুস্কৃতিৰ তালৈ ভয়, তাক বধিবলৈ বিচাৰি ফুৰে। সি আহিব বুলি ভয়ত আগৰপৰাই সন্ত্ৰস্ত।তাক জন্ম দিয়া মাকক সাৱধানেৰে থয় þবন্দীশালত। সংস্কৃতি বন্দীশাল পোহৰ কৰি জন্মগ্ৰহণ কৰে, কিন্তু চালুকীয়া অৱস্থাত সি অজ্ঞাতবাস কৰিবলৈ লাগে গোৱালৰ ঘৰতহে-তাক এই  গোৱাল জনতাইহে আতৌ-পুতৌকৈ তুলি তালি ডাঙ্গৰ-দীঘল কৰে। দুস্কৃতিয়ে তাক মাৰিবলৈ সকলো ষড়য়ন্ত্ৰ কৰি থাকে, পুতনাক পঠিয়ায়। কিন্তু সকলো দুস্কৃতিৰ ষড়যন্ত্ৰ ব্যৰ্থ কৰি সংস্কৃতিৰূপী কৃষ্ণই নিজৰ শক্তিৰ শিশুকালতেই পৰিচয় দিয়ে-গাৱঁৰ ল'ৰাৰ লগত গৰু চৰায়, আৰু বজায় সুকুমাৰ কলাৰ বাঁহী। যি  বাঁহীয়ে মানুহক মুগ্ধ কৰে।” জ্যোতিপ্ৰসাদৰ মতে, কৃষ্ণ এক সাধাৰণ মানুহ নহয়, মানৱ সত্তা নহয়। কৃষ্ণ হৈছে সাধাৰণ  মানুহৰ বুকুত  থকা  শিল্পৰূপী সংস্কৃতি, যাক সকলো বিপদৰপৰা আঁৰ কৰি জনতাই নিজৰ বুকুৰ আৱৰি-সামৰি ৰাখে। সেই জনতাৰ বুকুৰ মাজতহে কৃষ্ণ   সংস্কৃতিৰ বাঁহী বাজি উঠে, অৰ্থাৎ জীৱনৰ সুকুমাৰ কলাৰ উৎকৰ্ষ সাধন হয়-কংসৰ ৰাজপ্ৰসাদত নহয়।এই  ৰূপকীয় ব্যাখ্যাৰ মাজেৰে জ্যোতিপ্ৰসাদে আমাক অতিকৈ সাধাৰণ ভাষাত বুজাই থৈ গৈছে যে, মানুহক ধৰ্ম  অথবা জাতিৰ নামত ভাগ ভাগ কৰিব বিচৰা ৰাষ্ট্ৰৰূপী  কংসই নহয়, বৰং গকুলৰ গোৱালৰূপী সাধাৰণ  মানুহেহে  সংস্কৃতিক লালন   কৰে।



ইয়াত কংসক ৰাষ্ট্ৰৰ প্ৰতীক বুলি ধৰিলে দেখিবলৈ পাওঁ যে, আজিৰ পৰিবেশতো ৰাষ্ট্ৰৰূপী কংসই সাম্প্ৰদায়িকতাবাদ আৰু ধৰ্মীয় উন্মাদনাৰূপী দুস্কৃতিৰ দানৱেৰে জ্যোতিপ্ৰসাদৰ হিয়াৰ আমঠুস্বৰূপ জনতাৰ মাজৰপৰা ঐক্যৰূপী সনাতনী  সংস্কৃতিক নিধন কৰিবলৈ উঠি পৰি লাগিছে। কৃষ্ণক মাৰিবলৈ তাহানি কংসই পুতনা ৰাক্ষসী মেলি দিয়াৰ দৰেই  আধুনিককালত হাতৰ মুঠিত ৰখা অধিকাংশ সংবাদমাধ্যম আৰু আন  অনুচৰবোৰ মেলি দি জনসাধাৰণৰ কল্যাণকামী কণ্ঠৰুদ্ধ কৰি নানা তৰহৰ উপৰুৱা আৰু বজৰুৱা কথাৰে জনসাধাৰণক প্ৰলোভিত কৰি ৰাখিবলৈ নিৰন্তৰে চেষ্টা চলাইছে। আৰু সেইবাবেই জ্যোতিপ্ৰসাদৰ শিল্পদৰ্শন চৰ্চা কৰাটো আমাৰ বাবে হৈ উঠিছে এক সময়োপযোগী কাম। 

‘শিল্পীৰ পৃথিৱী'ত জ্যোতিপ্ৰসাদে কৈছে-“শ্ৰীমন্ত শংকৰেও এই ‘কৃষ্ণ'কেই আমাক সংস্কৃতিৰ প্ৰতীককৈ দি গৈছে আৰু তেওঁ নিজৰ জীৱনতো কৃষ্ণৰ শিল্পীৰূপ  মানৱ জীৱনক প্ৰকাশ কৰিবলৈ তেওঁ প্ৰতিবাৰে মনীষাৰে চেষ্টা কৰি গ'ল। প্ৰায়বোৰ ধৰ্মপ্ৰচাৰকেই সন্যাসীৰ দৰে ধৰ্ম প্ৰচাৰ কৰি ফুৰে। কিন্তু শ্ৰীমন্ত শংকৰে কৃষ্ণৰ অৰ্থটো ভালকৈ বুজিছিল- সেইহে কৃষ্ণৰ আদৰ্শত সেই যুগৰ উপযোগী জীৱন গঢ়িছিল। ”এই কৃষ্ণৰ আদৰেৰে অনুপ্ৰাণিত হৈয়েই শংকৰদেৱে যে, ‘ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কূল, দাতাত চোৰত যেন দৃষ্টি সমতুল”-বুলি মহাত্মা গান্ধীতকৈও বহু শতিকাৰ আগতেই এই পবিত্ৰ অসমভূমিত এক সামাজিক বিপ্লৱৰ সুচনা কৰিছিল, তাক তেওঁ উক্ত বক্তৃতাত স্পষ্টভাৱে উল্লেখ কৰিছে।

মন কৰিবলগীয়া কথাটো হৈছে জ্যোতিপ্ৰসাদে এই “শিল্পীৰ পৃথিৱী” শীৰ্ষক উক্ত বক্তৃতাটি প্ৰদান কৰিছিল দেশে  স্বাধীনতা লাভ কৰাৰ পিছে পিছে। সেই সময়ত নতুন ভাৰত গঢ়াৰ, নতুন অসম গঢ়াৰ সপোনত দেশৰ কাণ্ডাৰীসকল উদ্বাউল। এই সময়তে জ্যোতিপ্ৰসাদে ক'লে--“আজি আমি কৃষ্ণৰ নামো লৈছোঁ, গুণো গাইছোঁ--তাৰ কিন্তু অৰ্থ হেৰুৱাইছোঁ। আজিও আমি কৃষ্ণকেই লব লাগিব। কিন্তু কৃষ্ণত বৃন্দাবনৰ বংশীবাদকৰ মূৰ্তিৰেও নোৱাৰোঁ-আমকি কৃষ্ণ নামটোৰেও নোৱৰোঁ।এই দুয়োটা হিন্দুধৰ্মৰ বাহি্যক ৰূপৰ সৈতে সোমাই আছে। আজি আমি যিখন ভাৰত গঢ়িম-যিখন অসম গঢ়িম-সেই ভাৰতত, অসমত হিন্দু, মুছলমান, জৈন, খৃষ্টিয়ান, ইহুদী, শিখ আদি নানা ধৰ্মৰ মানুহ। এওঁলোকৰো নিজা নিজা সংস্কৃতিৰ প্ৰতীক আছে কৃষ্ণৰ দৰে।এতিয়া আমি কৃষ্ণৰ অৰ্থটোহে উলিয়াই আনিব লাগিব আজিৰ যুগলৈ তাৰ ভিতৰৰ সত্যটো-যি সাৰ্বজনীন সেই সত্যটো পৃথিৱীৰ আন ধৰ্মৰ বা সংস্কৃতিৰ প্ৰতীকৰ পিছত থকা সত্যৰ সতে এক হবলৈ বাধ্য। আমাৰ প্ৰতীকৰ  ৰূপ মিলাব নোৱাৰো। তাৰ অৰ্থৰ মিল অৱশ্যেই আছেইতাকেই আমি কৰিব লাগিব। সাংস্কৃতিক  সমন্বয়ৰ এইটোৱেই অৰ্থ। সাংস্কৃতিক  ঐক্যৰ এইটোৱেই ব্যৰ্থ নোহোৱা উপায়। এই  অৰ্থ উলিয়াই সকলোৰে লগত যেতিয়া সি মিলিব, তেতিয়া তাক সকলোৱে লব পৰা নাম দিব লাগিব। আজি সেইটোৱেই  হৈছে-আজি কৃষ্ণৰ আন সকলো ধৰ্মৰ অৰ্থৰ সৈতে মিলা অৰ্থৰ এই যুগৰ অৰ্থৰ নামাকৰণ হৈছে ‘সংস্কৃতি'। আজি আমাৰ সকলো ভাৰসাৰ থল হৈছে এই সংস্কৃতিয়েই। শ্ৰীমন্ত শংকৰৰ সংস্কৃতিৰ ৰূপান্তৰৰ নীতি খটুৱালেই আমি ‘কৃষ্ণ' নামৰ ঠাইত ‘সংস্কৃতি' নামটো পাওঁ। আৰু সংস্কৃতি কাক বোলে, তাক আজি হিন্দু, মুছলমান, খ্ৰীষ্টান, ইহুদী সকলোৱেই জানে-সকলোৱেই বিচাৰে-যাক ন'ললে মানুহ দুস্কৃতিৰ আক্ৰমণত ধ্বংস পাব।” অৰ্থাৎ যি ‘কৃষ্ণ'ক জ্যোতিপ্ৰসাদ আগৰৱালাই ‘সংস্কৃতিঅভিধাৰে আখ্যায়িত কৰিলে, তাৰ আধাৰ ‘সাংস্কৃতিক সমন্বয়' বা প্ৰকাৰান্তৰে ‘উদাৰতা' বুলিও কৈ থৈ গৈছে। থোৰতে কবলৈ গ'লে ঐতিহ্যৰ চেতনাৰে অহা এই সমন্বয় বা উদাৰতাই ৰূপান্তৰৰ শিল্পী জ্যোতিপ্ৰসাদৰ ‘শিল্প দৰ্শন' বা ‘জ্যোতি দৰ্শন'। 

এইবাবেই জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিল্পদৰ্শনৰ মৰ্ম  উপলব্ধি কৰিবলৈ হ'লে আমি মাথোন এইগৰাকী  শিল্পীৰ ৰছনাৱলী বিজ্ঞানসন্মতভাৱে  চৰ্চা কৰিলেই ন'হব, অসমীয়া সমাজ-ভাষা-সংস্কৃতিৰ ভেটি বান্ধোতাসকল যেনে-শংকৰদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে মনীষিসকলৰ সাহিত্য কৰ্মৰাজিও সমানেই অধ্যয়ন কৰিব লাগিব। কিয়নো আজি কুটিল ৰাজনীতিকৰ, সাম্প্ৰদায়িক শক্তিৰ হাজাৰ ষড়যন্ত্ৰৰ মুখতো অসমীয়া জাতি যদি টুকুৰা-টুকুৰ নোহোৱাকৈ থাকিব পাৰিছে-তাৰ গুৰিটো হৈছে এইসকল মনীষাই উদাৰতা আৰু সমন্বয়ৰ মাজেৰে গঢ়ি  থৈ যোৱা সমাজখনহে। আৰু তেওঁলোকৰ  কলমেৰে নিগৰি অহা  কালিকালগা  শব্দবোৰহে--যি আমাৰ চেতনাৰে প্ৰবাহিত হৈ আছে, হয়তোবা আমি নজনাকৈয়ে। জাতিৰ সংকটকালত তেওঁলোকে শব্দৰ মাজেৰে দি থৈ যোৱা নিদানবোৰৰ দৃষ্টান্তৰেই আমি ভাঙোণমুখী সমাজ বাৰে বাৰে জোৰা লগাব পাৰোঁ। হাজাৰ সংকটৰ মাজতো আজি অসমীয়া জাতি সেই বাবেই সৌভাগ্যবান।

পৰিহাসৰ কথা এয়ে যে, যিজনা জ্যোতিপ্ৰসাদে প্ৰতিজন মানুহৰ বুকুতেই ‘শিল্পী' লুকাই থাকে বুলি কৈ গৈছে,   দেশৰ  সেই  জনসাধাৰণৰ অধিকাংশই কিন্তু নিজৰ প্ৰাণত লুকাই থকা এই  শিল্পীসত্তাৰ ৰূপ দেখা নাপায়। কিয়নো  এতিয়াও  দুবেলা-দুসাঁজ যোগাৰ কৰাৰ চিন্তাতেই  জনসাধাৰণে নিজক  সংকুচিত  কৰি  ৰাখিবলগীয়া হয়। ইয়াৰে  লগতে  থাকে  অজস্ৰ  ষড়যন্ত্ৰ । প্ৰচাৰ মাধ্যমৰ জৰিয়তে  নানানটা ফন্দিহাজাৰ হাজাৰ  হিতাধিকাৰী আঁচনিকোটি কোটি  টকাৰ ঋণ  লৈ  দেশৰ কৰ্মসংস্থাপনহীন জনতাক  বিনামূলীয়া আঁচনিৰে চলাই-ভুলাই ৰাখি তেওঁলোকৰ মূৰতে সেই ঋণ জাপি দিয়াৰ কৌশল, একাংশ  মোহগ্ৰস্ত   শিল্পী- সাহিতি্যকক  নিচাগ্ৰস্ত  কৰি  ৰাখিবলৈ অনেক প্ৰলোভনৰ জাল।  এনে পৰিবেশত   শিল্পীদিসৱৰ  নামত  তেখেতৰ শিল্পদৰ্শনৰ স্বৰূপ উপলব্ধি  কৰাৰ বিপৰীতে  উপৰুৱা গীত-মাত-বক্তৃতাৰে  মায়াজাল  ৰচি   সাধাৰণ মানুহৰ  বুকুত জ্যোতিপ্ৰসাদে দেখা পোৱা   শিল্প  ৰূপ মোহাৰি  পেলাবলৈ  বিচৰাটোৱেই  সহজ কথা।  বহুক্ষেত্ৰত  তেওঁলোক  এই ক্ষেত্ৰত সফলো হৈছে। “ৰূপান্তৰৰ  শিল্পী'গৰাকীক  ৰোমাণ্টিক অভিধাৰে ‘ৰূপকোঁৱৰ'তেই সীমামব্ধ কৰি  ৰাখিব বিচৰাটোও সুবিধাবাদীৰ এটা কৌশলহে। 

স্বভাৱিকতেই  অৱশেষত  জ্যোতি প্ৰসাদৰ শিল্প-দৰ্শনৰ সেই মৰ্ম-“ৰূপান্তৰৰ মাজেৰে  সংস্কৃতিৰ বাণীকেই  মানুহৰ  মাজলৈ আমি কঢ়িয়াই নিব লাগিব”-সেই কাম কৰাৰ দায়িত্ব আমাৰ দৰে নিঃকিন  সাহিত্য  আৰু  সাংস্কৃতিক কৰ্মীসকলৰ। তেখেতে কৈছে-“জনতাৰ ভিতৰত শিল্পীটো যে নিশ্চয়কৈ আছে, তাৰেই আমি জনতাক জ্ঞান দিব লাগিব।” প্ৰয়োজনত বিপ্লৱী হবও লাগিব। এইক্ষেত্ৰত  জ্যোতিপ্ৰসাদ আগৰৱালা  নিজেই অগ্ৰগামী। জনতাক উদ্দেশি তেখেতে কৈছে- “তোৰ সেই নিজানত, সেই গহনত, তোৰেই, ময়েই, শিল্পীয়েই, তোৰ আন্ধাৰক নাশিবলৈ তোৰ বুকুতেই বিপ্লৱী হৈ জাগিম।”  

প্ৰশ্ন হয় এই ধৰ্মীয় গোড়ামি আৰু  সংকীৰ্ণতাৰপৰা জ্যোতিপ্ৰসাদ আগৰৱালা কিদৰে মুক্ত আছিল? কিদৰে নিজকে তেনে এক পৰ্যায়লৈ তেখেতে উত্তৰণ ঘটাব পাৰিছিল?মানুহৰ  প্ৰতি গভীৰ ভালপোৱা, মানৱতাবাদেৰে সিক্ত হৈ অহা শিল্পীৰ দৰ্শনৰপৰাই জ্যোতিপ্ৰসাদ আগৰৱালাই সংকীৰ্ণতাৰপৰা মুক্ত হৈ প্ৰতিজন মানুহৰ বুকুত লুকাই থকা  শিল্পীৰ ৰূপ  উপলব্ধি কৰিব পাৰিছিল। এয়া কোনো তত্ব নহয়-সি এক প্ৰায়োগিক কথা আৰু  গভীৰ  জীৱনোপলব্ধিৰ বিষয়। সেইজনা শিল্পীৰ প্ৰকৃত দৰ্শন আজি বহুতেই  দেখা নাপায়। শিল্পী দিৱসৰ  নামত এতিয়া  বহু ঠাইত  ৰূপান্তৰৰ শিল্পীগৰাকীৰ শিল্প-দৰ্শনৰ বিষয়ে  চৰ্চা কৰাৰ বিপৰীতে গীত-মাত-আবৃত্তি প্ৰতিযোগিতা অথবা পৰিবেশনা, সুকোমল শব্দৰ  ইননি-বিননিৰ  মাজতেই  শিল্পীগৰাকীক সংকুচিত কৰি ৰখা হৈছে। এনে সংকুচিত মানসিকতাই  আমাক  জাতিৰ সংকটকালত  আত্মমগন  হবলৈহে শিকাব কিন্তু উদাৰবাদী, গণতান্ত্ৰিক অসমীয়াৰ বুকুত সোমাই থকা হাজাৰ বছৰীয়া সমন্বয়ৰ  সংস্কৃতিৰ দৰ্শন যিদৰে বিকৃত কৰা  হৈছে, গুৰুজনাৰ আদৰ্শক যিদৰে বিকৃত কৰা হৈছে, আৰু  তাৰ  মাজেৰে সাংস্কৃতিকভাৱে  অসমীয়াৰ কঁকাল ভাঙি পেলাবলৈ যি ষড়যন্ত্ৰ ৰছনা কৰা হৈছে-তাক  প্ৰতিহত কৰিবলৈ  আমি উপায় বিচাৰি উলিয়াব নোৱৰিম।    

 

 ৰত্না ভৰালী তালুকদাৰ

 

 

 

 

Wednesday, 14 January 2026

  

কদম ফুলবোৰ দৈৱকীৰ নৱম সন্তান -বিজয় শংকৰ বৰ্মনৰ পৰ্বান্তৰৰ কবিতা


ফটো- বিজয় শংকৰ বৰ্মন 



অসমীয়া কাব্য সাহিত্যত  বিজয়  শংকৰ বৰ্মন  তেওঁৰ  প্ৰজন্মৰ   কবিসকলৰ  অন্যতম প্ৰেৰণা।  সম্ভৱতঃ  প্ৰজন্মৰ   কবিসকলৰ  আটাইতকৈ উদযাপিত কবিগৰাকীও তেঁৱেই।

লোকপৰম্পৰাৰ ৰেঙণি  আৰু নৃ-তাত্বিক উৎসুকতা আছিল বিজয় শংকৰ বৰ্মনৰ আদিকালৰ কবিতাৰ  চকুত পৰা বৈশিষ্ট।  সময়ৰ লগে  লগে সেই  জিজ্ঞাসালৈ  আহিছে   বোধ, চেতনা, প্ৰজ্ঞা  আৰু  কৃ২৬সাধনাৰ পোতন। আংগিকবিষয় বৈচিত্ৰতাৰে চকুত পৰাতকৈ  লোকজীৱনৰ সম্পদ বুটলি ঐতিহ্যৰ  বাটেৰে আগবাঢ়িবলৈ ভালপোৱা  বিজয় শংকৰ বৰ্মনৰ  কবিতাবোৰ পঢ়িলেই অনুভৱ হয় যে, কবিতাৰ বাটেৰে বহুদূৰ আগবাঢ়ি যাবলৈ, বাটত পোৱা  কষ্টবোৰত শৰীৰৰ ঘাম নিগৰাবলৈ আৰু চকুৰ পানী পেলাবলৈ   তেওঁ সাজু।  সচেনত কবিয়ে নিজকে পুনৰাবৃত্তি  নকৰে। সেইবাবেই তেওঁ নিজকে ন ন অভিজ্ঞতাৰ কষটি শিলত এৰি  দিবলগীয়া  হৈছে । হোৱাই উচিত।  অন্যথা কবি যে হেৰাই  যাব। আমাৰ দৰে পাঠকেও  চকুত সমালোচকৰ  নিষ্ঠুৰ  বিতচকু পিন্ধি ৰৈ থাকোঁ। অপেক্ষা কৰোঁ। 

বিজয় শংকৰ বৰ্মন আমাৰ মননৰ কবি। উজ্জীৱিত পাঠকৰ অপেক্ষাক ধৰি ৰাখে তেওঁ।জীৱনৰ প্ৰথমখন কবিতা পুথি ‘দেও'ৰ পৰা আৰম্ভ কৰি শেহতীয়া ‘কদম ফুলবোৰ দৈৱকীৰ নৱম সন্তান'লৈকে এটি দীঘলীয়া বাট পাৰ কৰা বিজয় শংকৰ বৰ্মনৰ কবিতাৰ যাত্ৰালৈ লক্ষ্য কৰিলে এই কথাৰেই উমান পোৱা যায়। চতুৰ্থ  শতিকাৰপৰা  প্ৰামাণ্য লিপি থকা অসমীয়া ভাষাৰ যি প্ৰকাশিকা শকতি  আৰু  কালিকা, বিজয় শংকৰ বৰ্মনক সেই  প্ৰকাশিকা শকতি আৰু  কালিকাৰ একে আষাৰে যথাযোগ্য উত্তৰাধিকাৰ বুলি কব পাৰি। কবিতা তেওঁৰ বাবে ধেমালি নহয়- জীৱন। অসমীয়া ভাষাৰ কালিকা তেওঁ আত্মস্থ কৰিছে। লোকপৰম্পৰাক সন্মান কৰিছে। উত্তৰ-পূব ভাৰতৰ বৰণীয়া নৃ-গোষ্ঠীৰ জীৱনলৈ কৌতূহলী দৃষ্টি নিক্ষেপ কৰিছে আন বহুতৰ দৰে কেৱল ৰমন্যাসিক বিলাসিতাৰে নহয়, গোষ্ঠীজীৱনক বুজাৰ আগ্ৰহেৰে। আৰু যতনেৰে ৰোৱা পুলিটিৰ টি এটি সুমিষ্ট ফলৰ দৰেই গোট গোট কবিতা আমালৈ আগবঢ়াই দিছে।

 কদম ফুলবোৰ দৈৱকীৰ নৱম সন্তান'ৰ  কবিতাবোৰ পূৰ্বৰ কবিতাৰপৰা পৃথক।পৃথক-এইবাবেই যে, ইয়াত সমকালীন ৰাজনৈতিক প্ৰেক্ষাৰপৰা আহৰণ কৰা এলানি  উল্লেখনীয় কবিতা আছে। তাৰ বিভিন্ন প্ৰসংগ আৰু অনুসংগবোৰ  আছে. সমকালীন কবি -সাহিত্যকে ৰাজনীতিৰপৰা আঁতৰত থাকি  প্ৰকৃতিৰ  দৰে  বিষযবোৰত  অধিক   চৰ্চা কৰিব  লাগে  বুলি বুলি একধৰণৰ বাগধাৰা চলোৱা  হৈছে। তেওঁলোকক চলে-বলে কৌশলে  গঁৰালত  সুমুৱাই  লৈ  সৃষ্টিশীল  স্বাধীনতাত আঘাত হানিবলৈ বিচৰা হৈছে। তেনে এক প্ৰেক্ষাত বিজয় শংকৰ বৰ্মনে তেওঁৰ  কাব্যদৰ্শন আৰু কবিতাৰ মূল সৌন্দৰ্যৰ সতে আপোচ  নকৰাকৈও কিছু ৰাজনৈতিক দিশক কবিতাৰ  বিষয়  কৰি  লোৱাটোৱে আমাক আশ্বস্ত কৰিছে। বিজয় শংকৰ বৰ্মনে সেই  বাগধাৰাক একে আষাৰে  নাকচ  কৰিছে। সৃষ্টিশীল   সাহিত্যও  আচলতে  ইতিহাসেই।  ইতিহাসৰ এচোৱা সময় সাহিত্যই  ধৰি ৰাখে।  ব্যক্তিগত দুখ-বেদনা,  হাহাকাৰৰ ৰোদন হোৱাৰ বিপৰীতে বিজয় শংকৰ বৰ্মনৰ  কবিতাই  জটিল   সময়ৰ  প্ৰাসংগিক  কথা  কবলৈ সক্ষম  হোৱাটো  সমকালীন  অসমীয়া  কবিতাৰ বাবে  অতিকৈ আশাৰ বতৰা।

 এই  সংকলনটিৰ এটি উল্লেখনীয় কবিতা হৈছে ‘এইমাত্ৰ অ' মোৰ আপোনাৰ দেশ'। কবিতাটি আৰম্ভ হৈছে এনেদৰে,

 এইমাত্ৰ আমি পালোঁহি

এইমাত্ৰ আমি ঘৰৰপৰা উভতি আহি

তলা খুলিলোঁ আমাৰ আনখন ঘৰৰ'

 এই আনখন ঘৰ কি? আনখন ঘৰ তেওঁৰ দেশ। আমাৰ সৃষ্টিশীল লোকসকলৰ অনেকেই ৰাষ্ট্ৰ আৰু দেশৰ পাৰ্থক্য  বুজি নাপায়। দেশ হৈছে আমাৰ ভাষা, আমাৰ ইতিহাস, আমাৰ পৰিচিতি, আমাৰ সংস্কৃতি আৰু আৱেগেৰে আমাৰ ওপজা ভূমি।আৰু ৰাষ্ট্ৰ হৈছে দেশৰ মানুহক নিয়ন্ত্ৰণতৰখা সাৰ্বভৌম কতৃপক্ষ। এই দেশৰ মানুহৰ বাবে, প্ৰকৃতিৰ বাবে, ইয়াৰ নৈ-উপনৈ, পৰ্বত-কন্দৰবোৰৰ  বাবেই  আমাৰ যে কতনা হাবিয়াস! কতনা যাতনা আমি সহোঁ! সকলো সৃষ্টিশীল মানুহে বিচাৰে দেশৰ মানুহ কুশলে থাকক, প্ৰকৃতি কুশলে থাকক, কুশলে থাকক ইয়াৰ আকাশ-বতাহ-পানী। কিন্তু বাস্তৱত সেয়া নহয়। হৈ নুঠে। যিসকলে ক্ষমতাত উপবিষ্ট হয়, তেওঁলোকে নিজৰ ক্ষমতা  অক্ষুণ্ণ ৰাখিবলৈ দেশৰ মানুহক ভাগ ভাগ কৰে নিজৰ স্বাৰ্থত। ৰাষ্ট্ৰ নিৰ্মাণৰ  অচিলা লৈ ব্যক্তিগত লালসা পূৰণৰ কৰিবলৈ প্ৰকৃতি ধ্বংস কৰে। মানুহৰ অকল্যাণ হয়।সচেতন কবিয়ে উপলব্ধি কৰে তেনে কঠিন সময়ত দেশত বাস কৰা মানুহৰ  অভিজ্ঞতা কেনে হয়,

 এইমাত্ৰ চিনাকি যেন লগা এটি পুৰাতন দুৰ্গন্ধ

'ৰবাত জেঠী এটা মৰাৰ খবৰ

'ৰবাত নিগনি এটা পচাৰ

এই  ওকালি  আহিব খোজা গোন্ধটো লৈ

আজিৰ ৰাতিটো কটাম?'

আচলতে এই আটাইবোৰ মেটাফ'ৰ কুটিল  সময়ৰ। আচলতে জেঠী, নিগনিবোৰ মৰাৰ দৰেই, মৰাৰ পিছত  পচি গোন্ধ ওলোৱাৰ দৰেই  মৰিছে মানুহ । কেতিয়াবা উচ্ছেদৰ  নিৰ্মম বিৱৰণীত, কেতিয়াবা এনকাউণ্টাৰত, দুৰ্নীতিৰ বিৱৰণী ঢাকিবলৈ কৰা ষড়যন্ত্ৰৰ প্ৰৰোচনাত। জেঠী-নিগনিৰ দৰে মানুহ মৰিছে।মানুহৰ কল্যাণৰ প্ৰতিশ্ৰুতি দি  ক্ষমতালৈ অহা  শাসকে দেশৰ মানুহৰ প্ৰতি কৰ্তব্য পালন কৰা নাই। কেতিয়াবা খহনীয়াত  আমাৰ পৰম্পৰাৰ গাওঁ  জাহ  যায়। নিৰ্মাণৰ  নামত  উঠাই লৈ যোৱা হয়  নৈৰ বুকুৰ বালি, শিল। নৈয়ে হেৰুৱাই পেলায় জলধাৰণ ক্ষমতা। এই অন্তহীন লোভৰ সন্মুখত নৈৰ বুকুৰ মাছ-কাছ-শিহুবোৰৰ কি হ'! নৈ বহল হয়, ধেনুভিৰীয়া হৈ  মানুহৰ চোতাললৈকে  সোমাই  আহে।  আৰু থাকে দেশৰ মানুহৰ নিৰ্মম অভিজ্ঞতা । 

 এইমাত্ৰ গাৱঁৰ ঘৰৰ চোতাললৈ ধেনুভিৰীয়া হৈ 

সোমাই অহা সীমা।

মই মৰি যোৱাৰ পাছতো বুকুত খাই থকা

দগধা গোৰৰ শব্দ।'

এনে চিত্ৰকল্পবোৰ কবিতালৈ উঠি অহাৰ যি সময়, তাক ব্যাখ্যা কৰিবলৈ বাস্তৱতে আছে অলেখ ঘটনা-পৰঘিটনা-প্ৰসংগ অথবা অনুসংগ। আমাৰ সামূহিক সোৱঁৰণিৰ (collective memory) গুপ্তহত্যা, এনকাউণ্টাৰ, সেনাৰ সন্ত্ৰাসকে ধৰি অজস্ৰ  বিৱৰণী।

 কবিতাটিত কবিৰ ভাষা ধীৰে ধীৰে শাণিত হৈছে । ক্ষোভিত হৈ উঠিছে জাতি ৰক্ষাৰ নামত, আদৰ্শৰ নামত  কৰা বিশ্বাসঘাতক দলবোৰ প্ৰতি।

 এইমাত্ৰ পৰ্হূতাৰ বড়ি  খাই শুই থকা মোৰ অসমী আই

এইমাত্ৰ আইৰ আঁচলৰ এলান্ধুৰ দাগ

এইমাত্ৰ দাগকে আখৰ বুলি পঢ়িব খোজা শনাহী ঘৰিয়াল

এইমাত্ৰ জাতীয়তাবাদৰ জোল খাবলৈ ৰৈ থকা

দুৱাৰৰ চুকৰ বিড়াল

এইমাত্ৰ

মোৰ দেশ মোৰ দেশ

এইমাত্ৰ মাথোন নামাৱলী,

খাৰ-চাবোনে খাই অনা মাতৃভাষাৰ দেহ'

এই সকলোবোৰেই জাতিৰ নামতভাষাৰ নামত, জন্মভুমিৰ নামত সুবিধাবাদীৰ দলে কৰা বিশ্বাসঘাতকতাৰ দ্যোতক।  জাতি আৰু  আইৰ মুখৰ মাতষাৰৰ প্ৰতি নামি অহা ভাবুকিৰ কথাকেই  ইয়াত কোৱা হৈছে। অসমী আই, আইৰ  মুখৰ মাতষাৰ আজি নিজৰ সন্তানৰ অৱহেলাত বিপন্ন হোৱা নাই--বিপন্ন  হৈছে প্ৰৰোচনাত, চক্ৰান্তত।উপযুক্ত চিকিৎসা নথকাৰ দিনত গাৱঁৰ গৰ্ভৱতী নাৰীয়ে শৰীৰত কিবা আহুকাল অনুভৱ কৰিলে কবিৰাজৰ  নিদানৰ ওপৰত নিৰ্ভৰ কৰে, এয়াই পৰ্হূতাৰ বড়ি। এয়া  বিজ্ঞানসন্মত নিদান নহয়। চক্ৰান্তকাৰীৰ দেখা-অদেখা, মানুহে ঢুকি পোৱা- নোপোৱা  অলেখ চক্ৰান্তত  জন্মভুমি  অসমী আইৰ অৱস্থাও  তিয়া তেনে। আইৰ আঁচলৰ এলান্ধুৰ দাগকেই সিহঁতে যে   আখৰ  বুলি পতিয়ন নিয়াব বিচাৰে, সেয়াও এক প্ৰৰোচনাহে। কবিয়ে এই ঘটনা-পৰিঘটনাবোৰ  গভীৰভাৱে  নিৰীক্ষণ কৰিছে, অনুভৱ কৰিছে তাৰ মৰ্মন্তুদ অনুভৱ।

 এইমাত্ৰ এটা পলাতক চিন্তা

বয়স জন্মৰ নে মৃত্যুৰ

এইমাত্ৰ যেন মেঘ কটা পোহৰ

পানী-পিপলিৰ ৰঙাাখিনি'

আইৰ মুখৰ মাতষাৰ ৰক্ষণাবেক্ষণ দিয়াৰ  নামত  আনসকল  বাদেই, স্বয়ং জাতি ৰক্ষাৰ দায়িত্ব লোৱাসকলেও  যেতিয়া জাতীয়তাবাদৰ জোল খাবলৈ দুৱাৰৰ চুকত মেকুৰী হৈ চোপ পাতে, তেতিয়ানো  কবিয়ে কি কৰিব। বৰ্তমান যেতিয়া ক্ষয়িষ্ণু, আশাহীনতাৰে ভৰা, তেতিয়া তেওঁ বাট চাব অনাগত ভবিষ্যলৈ। শুভ দিনৰ আশাৰে তেওঁ ক'ব--

 আমাৰ সন্তানহঁতে অঁকা আখৰৰ জঁকাত

জোৰেৰে লিপিট খুৱাই থওঁ

এইমাত্ৰ

তোমাক।'

কাক? প্ৰেয়সীক নেকি? নহয়, তেওঁৰ পৰাণৰ দেশখনক।

কবিতাটিত ‘এইমাত্ৰ' শব্দটিৰ পুনৰাবৃত্তিয়ে বাৰে বাৰে সোঁৱৰাই দিছে যে এই ঘটনা-পৰিঘটনাবোৰ অতি সাম্প্ৰতিক কালৰ। পুনৰাবৃত্তিয়ে কবিতাটিক এটি ব্যঞ্জনা দিয়াই নহয়, সি আমাক বাৰে বাৰে সোঁৱৰায়ো আছে যে, এই ঘটনাৱলী নিচেই কাষৰ।এইমাত্ৰ ঘটিছে। এইবোৰ সৌ তাহানিৰ  কথা  নহয়। সি এক তৰংগায়িকত  ভাৱনাৰে  কবিতাটি  বান্ধি ৰাখিছে।  কবিতাটিৰ  নিৰ্মাণৰ আঁৰৰ   কাবি্যক ভাৱনাৰ স্তৰবোৰৰ যি মথন, তাক ক্ৰমশঃ শক্তিশালী কৰি গৈছে। বিশ্বসাহিত্যৰ কাব্যত  এনেধৰণৰ শব্দ পুৰনাৰবৃত্তিৰ পদ্ধতি (method) নতুন নহয়।  কিন্তু নতুন নহয় বাবেই যে সি অপ্ৰাসংগিক, সেয়াও নহয়।

নিৰ্মম শ্লেষ আৰু পৰিহাসেৰে লিখা আন এটি কবিতা হৈছে ‘স্বাধীনতা।' কবিতাত দোকানীজন আমাৰ দেশক  শাসকবৰ্গ। দোকানত বেছিবলৈ থোৱা সামগ্ৰীবোৰ  দৰিদ্ৰ নাৰায়নক  ভাগ ভাগ কৰাৰ হাথিয়াৰ। বিভাজনমুখী অলেখ   ৰাজনীতিৰে যাৰ ভাগ্য বিপন্ন। কবিয়ে কৈছে,

 ‘দোকানলৈ আহাঁ, দেশৰ মানুহ জনতা জনাৰ্দন

নাথৰ চেপাই সাঁথৰ খুলি হাতখনেৰে যেতিয়া সেপিয়ায়

আঙুলিৰ আগত পাঁচোটা সূৰ্যোদয়

আহাঁ মোৰ দেশৰ মানুহ, দীনবন্ধু দীনদয়াল

ইয়াত প্ৰতিটো বিক্ৰীয়েই হ'ব স্বাধীনতাৰ উৎসৱ

বহনিৰেই হ'ব এই উত্তোলন।'

মানুহক গভীৰভাৱে ভালপাবলৈ নোৱাৰিলে কবিতালৈ এনে নিৰ্মম চিত্ৰকল্প  তুলি আনিব  নোৱাৰি। ‘মোৰ দেশৰ বৰণ বগা?' শীৰ্ষক কবিতাত আছে কবিৰ গভীৰ উপলব্ধি--

 ‘লিখিছিলোঁ এদিন--

মোৰ পৃথিৱীখন ভূগোলত নাই

মোৰ পৃথিৱীখন আখৰতো নাই

তথাপি

আই পিয়াহেই মোৰ পৃথিৱী

আইৰ মাতষাৰিয়েই মোৰ উশাহ

....

চিকেন নেকৰ এইফালেও থাকে মোৰ আই

শয্যাশায়ী

শুই থাকে

ঢেঁকীৰ মাত শুনিলেই উচাপ খাই উঠে। '

 ওপজা  ঠাইখনক লৈ ইমান আকুলতা, বিয়াকুলতাৰ  স্পষ্ট  প্ৰকাশৰ  জানো  কিবা ব্যাখ্যা  থাকিব  পাৰে! অৱশ্যে এনে চিত্ৰকল্পৰ মাজেৰে কবিয়ে যদি জন্মভূমিৰ বেদনাৰ কথা  কবলৈ বিচাৰিছে, দুখৰ গাথাৰ বিষয়ে  কবলৈ বিচাৰিছে, তেনেহ'লে মনত এটি প্ৰশ্নৰ উদয়ো হয়-- চিকেন নেকৰ  এইফালে  থকা আই জানো সঁচাকৈয়ে শয্যাশায়ী? হয়,   নানা চল-চক্ৰান্তত তেওঁ সময়ে সময়ে ধৰাশায়ী  হৈছে, কিন্তু আইৰ সন্তানে প্ৰতিৰোধো  গঢ়ি  তুলিছে। অৱশ্যে  এই    কথাও সত্য যে,   আইৰ সন্তানে গঢ়ি তোলা সেই  প্ৰতিৰোধ অত্যন্ত নিষ্ঠুৰ ষড়যন্ত্ৰৰে  ভাঙি দিয়া হৈছে। কা-আইন বিৰোধী আন্দোলনৰ পঞ্চছহিদৰ হত্যা তাৰেই জানো বিৱৰণী নাছিল!

বিজয় শংকৰ বৰ্মনৰ কবিতাৰ বিষয়ে লিখিবলৈ লৈ নৃ-গোষ্ঠীয় জীৱনলৈ দৃষ্টি দিয়াৰ ক্ষেত্ৰত কবিৰ হেঁপাহৰ কথা  নিলিখিলে জানো হ'!সমসাময়িক আন বহুতো কবিৰ দৰে তেওঁ গোষ্ঠীজীৱনক ৰমন্যাসিক বিলাসিতাৰে চোৱা নাই।  তেওঁ লিখিছে খহনীয়াৰ কথা।  মাটিবোৰ, গাওঁবোৰ  হেৰাই যোৱাৰ কথা। আৰু লিখিছে গোষ্ঠীৰ সৰলতাক লৈ চলা ষড়যন্ত্ৰবোৰৰ কথা। ‘উছৱৰ দিন' কবিতাত কবিৰ এই  অন্তৰ্দৃষ্টিৰ গাঢ়তা ।

 ‘তই  ৰিবিগাছেঙত ফাগুনৰ ফুল তুলিবি

ৰঙাকৈ সময়ৰ পাৰিত চকুলোৰ বুটা বাছিবি

...

পানীৰ ধাৰত পৰি খাগৰি কঁপাৰ দৰে 

প্লাষ্টিকৰ তম্বুবোৰ কঁপে

গুমৰাগৰ গুমগুমণিত

 

ঠেঁটুৱৈ ধৰা জাৰত

আমাৰ পোনাকেইটি কঁপে

...

...

বাটবোৰ ভেটা দিবলৈ

শূল পুতি থয় কোনোবাই

আঙুৰ টেঙা বুলি কৈ

নোহোৱা হয় সমাজিকত

আঙুৰ খোৱা চৰাই' 

গভীৰ উপলব্ধি, অন্তৰৰ ভালপোৱাৰ দৰদেৰে  সিক্ত হৈ অহা এইবোৰ অনুপম চিত্ৰকল্প। বোধ আৰু উপলব্ধিৰ স্বতঃস্ফূৰ্ত  প্ৰকাশ। সেইবাবেই  নিৰ্মাণৰো বিশেষ প্ৰয়োজন হোৱা নাই। মানুহক ভালপাবলৈ জানিলে, সাহিত্যলৈ ভালপোৱাক তুলি অনাৰ পদ্ধতিবোৰ শিকিলে এনেদৰেই  চলমান গোষ্ঠীজীৱনৰ ছন্দময় প্ৰৱাহৰপৰা  উঠি  আহে  কবিতাৰ যুগমীয়া  মেটাফ'ৰ। গোষ্ঠীজীৱনৰ জীৱনপ্ৰৱাহৰ যি ছন্দ, সেই ছন্দতেই কবিতাটো গাঁঠি থোৱা  হৈছে।

অৱশ্যে  কোনো কোনো কবিতাত এই নিৰৱধি প্ৰকাশ অনুপস্থিত। দীঘলীপুখুৰী গুৱাহাটী মহানগৰীৰ বুকুৰ কেৱল এটা পুখুৰী নহয়, ই মহানগৰীৰ প্ৰাচীনতাৰ চিন। যোৱা সময়চোৱাত এই দীঘলীপুখুৰীক ধ্বংস কৰিবলৈ যো জা চলা বুলিও কতযে গুণগুণণি উঠিছে?নিষ্ঠুৰ শাসকৰ  হাতত মানুহ আজি অসহায় কবিৰ কবিতালৈও আহিছে তাৰ  ধ্বনি-প্ৰতিধ্বনি।  ‘কালি ৰাতি' শীৰ্ষক  কবিতাটি  এইখিনিতে মন কৰিবলগীয়া ।

‘কালি  ৰাতি

পহৰা দি থাকোঁতে

কোনে কোনে দেখিছিলা

লেকেচিয়াই থকা এটা সিংহ

নগৰৰ দীঘল পুখুৰীটোৰ পাৰত

তাৰ গাৰ শোটোৰা-মোটোৰ ছালত

দুটা ঘাপ

চিকাৰীৰ

শিপা কটা সভ্যতাৰ সেনাপতিৰ' 

পঠনৰ সময়ত ভাৱ হয়, প্ৰাচীন ৰজা ভগদত্তই খন্দোৱা বুলি থকা ইতিহাসেৰে সমৃদ্ধ, মহানগৰীৰ সভ্যতাৰ প্ৰাচীনতা   আৰু ঐতিহ্যক  সাৱটি থকা এই  পুখুৰীটিক নিধন কৰিবলৈ চলোৱা ষড়ÿযন্ত্ৰৰ প্ৰেক্ষাত  কবিতাটি   শাণিত হৈ উঠিব  নোৱৰিলেহেঁতেন জানো?  দীঘলীপুখুৰীৰ দৰে ঐতিহ্যৰ  ধ্বংসৰ  ষড়যন্ত্ৰ  যেতিয়া  কাব্যৰ  বিষয়  হয়, তেতিয়া কবিতাত নিনাদিত হোৱা শব্দবোৰ  হৈ  উঠে  মূল্যবোধৰ, সভ্যতাৰ স্খলনৰো ৰূপক। কবিতাই  অৱশ্যে   সেই  কথা নোকোৱাকৈ থকা নাই। 


 ভয়ংকৰ সময়ৰ নিনাদিত স্বৰ লিপিট খাই থকা এটি কবিতা ‘গুলী'

গুপ্তাংগ বিদাৰি এটি গুলী

কণমানি

কচুতলী

এটা গুলীৰ ৰক্তনেৰেটিভ

নামি অহা দুটি ধাৰা

কেঁচা তেজৰ চেঁচা তেজৰ

....

পকচ', তুমিও মায়াৰ হৰিণ?'

এখন নতুন পৃথিৱীৰ সপোন দেখুওৱা সপোনৰ সদাগৰৰ হাতত পৰি দেশৰ মানুহৰ অৱস্থা কি  হৈছে, তাৰ নিৰ্মম বিৱৰণী আছে  ‘নতুন পৃথিৱী' শীৰ্ষক কবিতাৰ পংক্তিত। মানুহৰ কল্যাণ এতিয়া হিতাধিকাৰী সৃষ্টিৰ ৰাজনীতি মাথো। য'ত মানুহে হেৰুৱাইছে সৰ্বস্ব। আমাৰ বেদনাবোৰ হৈ উঠিছে প্ৰৰোচনাৰ  বীভৎস তাচ্ছিল্য।

 কেঁকোৰাবোৰ গাঁতত নাই

কেঁকোৰাবোৰে

আমাৰ সপোনক গাত

গাঁত খানি খানি 

অমৃত কলহত লুকুৱাই ৰখা

আমাৰ ক'লা কলিজাবোৰ পায়'

                   

এনে চিত্ৰকল্পই আমাৰ চেতনাক এনেদৰে বিন্ধি যায় যে, সেইবোৰ পঠনৰ দেওনা পাৰ হবলৈকে কঠিন। 

 এই অনন্যসুন্দৰ চিত্ৰকল্পৰ দেওনা পাৰ হৈ গ'লে উমান পোৱা যায় যে, সমকালীন ৰাজনৈতিক প্ৰেক্ষাৰ বিষয়বোৰ কবিতালৈ আনিব খুজিও কোনোটো কবিতাত তেওঁ যেন ক'ৰবাত থমকি ৰৈছে। ‘কদম ফুলবোৰ দৈৱকীৰ নৱম সন্তান'ৰ কবিতাবোৰ সময়ৰ নিষ্ঠুৰ শিলালিপি। কিন্তু বহুবোৰ  চিত্ৰকল্প তিৰ্যক আৰু শাণিত  হোৱাৰ থল থকা স্বত্বেও  ক'ৰবাত থমকি ৰৈছে। সময়ৰ সকলো সত্য তাত উন্মোচিত হোৱা নাই। অথবা, বহু দৰকাৰী প্ৰসংগ উহ্য হৈ ৰৈ গৈছে।  পাঠকৰ বাবে তাত সংকেত নাই।অথবা, প্ৰয়োজনীয় ইংগিত নাই। হয়তোবা অতি বেছি  সম্পাদনাৰ  প্ৰকোপত কোনো কোনো  কবিতাই তাৰ সাৰভাগ বহু অংশ হেৰুৱাই পেলাইছে।বিজয় শংকৰ বৰ্মনৰ কবিতা পঢ়াসকলে এই কথা জানে যে,নিজৰ কবিতাৰ সম্পাদনাৰ ক্ষেত্ৰত  কবি অতি নিষ্ঠুৰ। নৃশংস বুলিও কব পাৰি। কবিতা এটিৰ শব্দৰ সঁফুৰাবোৰ তেওঁৰ হাতৰপৰা তকাই ওলাই নাহে। কিন্তু সম্পাদনাৰ  কোবতেই হওক বা আন কাৰণতেই  হওকআনিব বিচৰা বিষয়বস্তুৰ মূল নিৰ্যাস কবিতাৰ পৰা হেৰাই গ'লে সি তাৰ প্ৰাসংগিকতাও বহু পৰিমাণে হেৰুৱাই পেলায়।

 

কেতিয়াবা ভাৱ হয়, সমাজৰ নিষ্ঠুৰ প্ৰহসনবোৰ নিষ্ঠুৰভাৱেই কোৱা ভাল। তাক মসৃণ চিত্ৰকল্পৰে সজাবলৈ গ'লে কবিতা হিচাপে সেইবোৰ অনন্যসুন্দৰ হৈ উঠে সেই কথা ঠিক--কিন্তু আঁৰ-বেৰৰ প্ৰকোপত সমাজ সত্য ক'ৰবাত  লুকাই পৰে? মানুহ বিভ্ৰান্ত হয়। কবিয়ে লিখা এই কবিতাটোৰ পৃষ্ঠ কি? প্ৰাসংগিকতা কি? এইবাবেই  হয়তোবা ‘ফুলুং  চাপৰিত'  দৰে কবিতাৰ  চিত্ৰকল্পবোৰ ৰূপক হিচাপে অতূলনীয় হৈও বিষয়বস্তুৰ নিৰ্মমতাৰে  তিৰ্যক আৰু  শাণিত  হৈ  উঠা নাই।অসমৰ  নৈ-উপনৈবোৰত হাজাৰ বিজাৰ চৰ-চাপৰি আছে। তেনেহ'লেনো  কবিয়ে ‘ফুলুং চাপৰি'ক লৈ এটি কবিতা লিখিলে কিয়? কি তাৰ পৃষ্ঠ? ইতিহাস? এই প্ৰশ্ন পোনতেই পাঠকৰ মনলৈ আহিব।  কবিতাটিত উন্মোচিত হ'ব খোজা  অলেখ সত্য  যেন  আঁৰ কাপোৰৰ আঁৰতেই ৰৈ গ'ল। ‘ফুলুং চাপৰিত'  কবিতাত কবিয়ে কৈছে -

 

ধুনীয়া গোলাপী ৰঙে মচি দিব খোজা

সৰু সৰু শিলালিপিবোৰ

প্ৰত্নতাত্বিকসকল, তোমালোক যোৱাগৈ

সেন্দূৰ লেপি বৰণ কৰা পবিত্ৰ শিল

নতুন ইতিহাসবিদ,

আহাঁ, দেৱতাৰ পদচিহ্ন

অথবা অসুৰৰ

'ৰবাত পোৱা নেকি চোৱা'

তেনেহ'লে কি এই ফুলুং চাপৰিৰ ইতিহাস, যাক বিচাৰি উলিয়াবলৈ কবিয়ে নতুন ইতিহাসবিদক আমন্ত্ৰণ জনাইছে? তাৰ তিলমানো ইংগিত বা আভাস নিদিয়াকৈ কেৱল অতূলনীয় চিত্ৰকল্পৰ মাজেৰে সজোৱা কবিতাটিয়ে পাঠক বিভ্ৰান্ত নকৰিবনে? তদুপৰি কবিয়ে কৈছে--


মোৰ বুকুৰ উল্টাখান্দাত

পৰি ৰোৱা বিৱৰ্ণ বেদীৰ স্মৃতি

বগা ফুলে ঢাকি থয়

টোপ টোপ কৈ সৰে

বালি সৰকি অহা পানী হোৱা তেজ

-মাটিৰ, মুখৰ মাতৰ'

উল্টাখান্দা বুকুৰ খহনীয়া, যি খহে  ধীৰে ধীৰে, পানীৰ  ঢৌ নামি যোৱাৰ পিছৰ  ধীৰে ধীৰে ধীৰে  নামি যোৱা যোৱা  বালিৰ দৰে মূল ভূখণ্ডৰপৰা সুলকি। কঠিন এই যাতনা। অনন্য চিত্ৰকল্প। কিন্তু কবিতাৰ বিষয় যদি ফুলুং চাপৰি, তেনেহ'লে সেই কবিতাৰ বিশেষত্ব কি? ফুলুং চাপৰি এইবাবেই ইতিহাস যে, ইয়াৰ সতে জড়িত হৈ আছে  সামূহিক সোঁৱৰণিৰ এক নিদাৰুণ গাথা। তাহানিৰ  হাবিৰাম বড়ো আৰু বিহুৰাম বড়ো নামৰ দুজনকৈ যুৱকৰ  নাম।   দুয়ো আছিল সাম্যবাদী আদৰ্শৰ। অসম আন্দোলনৰ সময়ত হাবিৰাম বড়ো আৰু  বিহুৰাম বড়োৰ নামৰ সাম্যবাদী দৰ্শনৰ দুজনকৈ প্ৰাণ দিবলগীয়া হোৱাৰ যি সোঁৱৰণি, সেয়াই ফুলুং চাপৰিৰ  গাথা। আজিৰ ফুলুং চাপৰিৰ মানুহে নাজানে, হয়তোবা পাহৰি পেলাইছে সেই সামূহিক সোঁৱৰণি, কিয়নো সেই সোঁৱৰণি কঢ়িয়াই নিয়া যি গোষ্ঠী, তেওঁলোক ক্ৰমে ক্ৰমে তাৰপৰা উচ্ছেদিত হ'ল। অনেক প্ৰগতিশীল বাগধাৰাৰ কবিৰ হাতেৰে কেতিয়াবা কেতিয়াবা ফুলুং চাপৰিৰ বাগধাৰা এতিয়াও উঠি আহে। সেই ফুলুং চাপৰিৰ জনগোষ্ঠীয় মানুহবোৰ ক'ত হেৰাল?তেওঁলোকে হেৰুৱালে  ভূমি।  তাৰ ঠাইত গঢ় লৈ উঠিল বৰ্তমানৰ উত্তৰ গুৱাহাটীৰ নগৰী।ভূমি এক আৱেগ। গোষ্ঠীয়ে যেতিয়া ভূমি  হেৰুৱায়, তেতিয়া তাৰ সতে জড়িত হৈ থকা  অলেখ সোঁৱৰণিও হেৰুৱাই  পেলায়। কবিয়ে কবিতাটিত  অতি স্পষ্টকৈ  কৈছে  দুৰাকাংখী, স্বাৰ্থপৰ মানুহৰ বাসনাৰ কথা--

 ফুলং চাপৰিৰ মোৰ ফাৰ্ম হাউছৰ

ওখ গছকেইজোপাৰ কোনোবা এজোপাতেই

এই ধুনীয়া জোনটো বান্ধি থ'ব পৰা হ'লে'

কিন্তু  সুবিধাবাদীৰ এই উচ্চাকাংক্ষাৰ আঁৰত ক'ত হেৰাই গ'ল ফুলুং চাপৰিৰ সেই জনগোষ্ঠীয় মানুহবোৰ? কবিয়ে  তাকেই উন্মোচন কৰিবলৈ পুৰণি যুগৰ প্ৰত্নতাত্বিক নস্যাৎ কৰি নতুন ইতিহাসবিদক নিমন্ত্ৰণ দিছে নেকি?  নে, উত্তৰ গুৱাহাটীৰ ভূমিখণ্ডৰ আশে-পাশে এলাগী হৈ সিচঁৰতি হৈ থকা অলেখ প্ৰত্নতাত্বিক সমলৰ উপযুক্ত ৰক্ষণাবেক্ষণৰ  অভাৱৰ  কথা কৈছে।বহুতৰ বাবে আজিও  অজানা ফুলং চাপৰিৰ সেই  বিশেষ  সামুহিক সোঁৱৰণিৰ গাথা  কবিতাটিত অনুপস্থিত।  কবিতাৰ পঠনে  ফুলুং চাপৰিৰ জনগোষ্ঠীয় মানুহে একালত মাটিৰ ভোগ দখলৰ বাবে কৰা সংগ্ৰামৰ সোঁৱৰণিৰ উল্লেখ, ইংগিত বা প্ৰসংগই কবিতাটিক অন্য এক মাত্ৰা দিলেহেঁতনে বুলি অনুভৱ হয়। কবিতাৰ শেষত কবিয়ে কৈছে,

 

গাড়ীৰ হে'ড লাইটৰ পোহৰত

আখৈগুটিৰ দৰে ছিটিকি পৰা

এটা ৰাতিৰ হৰিণ

বৰলুইতৰ ফালে  লৱৰি যোৱা দেখিছিলোঁ'

 

এই অনন্য চিত্ৰকল্পটিয়ে ফুলুং চাপৰিৰ বুকুত পোত খাই থকা তাহানিৰ ইতিহাসতকৈও  ক্ষিপ্ৰতাৰে  আমালৈ কঢ়িয়াই আনে লৰ্কাৰ কবিতাৰ বিষাদময়তাক। কঢ়িয়াই আনে লৰ্কাৰ জীৱনত হৰিণৰ চিত্ৰকল্পৰ বিষণ্ণ সোঁৱৰণি। সেই  দিশৰপৰা কব পাৰি, কবিতা হিচাপে ‘ফুলুং চাপৰিত' অতূলনীয় । কিন্তু  ইতিহাসৰ পাতৰ এচোৱা মৰ্মন্তুদ বিৱৰণীৰ ইংগিত,  নিৰ্যাস আৰু চিত্ৰকল্প সেই কবিতাত অনুপস্থিত।

আন এটি কবিতা ‘সভ্যতা এৰাতিৰ স্বপ্ন নহয়, মণিপুৰ' কবিতাটি কবিয়ে মণিপুৰৰ  অশান্তৰ্জজৰ পৰিস্থিতিৰ বিষয়ে আলোকপাত কৰিছে। বিজয় শংকৰ বৰ্মন মূলতঃ যিহেতু অনন্য চিত্ৰকল্পৰ কবি, সেয়েহে এই কবিতাটিতো আছে তাৰ নিৰ্যাস, আস্বাদ। 

 

ওফন্দি উঠা মণিপুৰ

ফণা মেলা

মেঘ হৈ ঢাকি ধৰা

কাংবাই  লাঙলৰ ধোঁৱাবোৰ

....

...

এঙাৰ এঙাৰ অৰণ্যৰ  পাছতো এখন অৰণ্য আছে

যিদৰে অৰণ্যৰ পাছত এখন ঘৰ এডৰা পথাৰ মানুহ চোতাল

লোকটাকৰ নাভিকুণ্ডত এতিয়াও ফুলি আছে পূণ্যৰ পদুম।'

কবিতাৰ এই আকূতিতকৈ বাস্তৱৰ মণিপুৰ কিন্তু অধিক লেলিহান। এয়া পাপ অথবা পূণ্যৰ বিৱৰণী নহয়। মণিপুৰ এক ষড়যন্ত্ৰ। কুকি গোষ্ঠী ইতিহাসৰ এক হতভগীয়া গোষ্ঠী, কিন্তু আন্তৰ্জাতিক। তিনিখন ৰাষ্ট্ৰত তেওঁলোক  বিয়পি আছে। কিন্তু মে'ইটেইসকলৰ ভুমি এডোখৰেই। সেই ভূমি হেৰাই গ'লে তেওঁলোক ক'লৈ যাব? কি হ'ব ইতিহাসৰ, সোঁৱৰণিৰ, কৃষ্টিৰ আৰু আৱেগৰ উত্তৰাধিকাৰৰ? সেইবাবেই তেওঁলোক নিষ্ঠুৰ হবলৈ বাধ্য নেকি? মণিপুৰৰ পৰ্বতে-কন্দৰে তাহানিৰেপৰা থকা নগাগোষ্ঠীবোৰৰেই বা অৱস্থা কি? কি হ'ব তেওঁলোকৰ ভাগ্য? আজি গাজাষ্ট্ৰীপতকৈও কঠিন মণিপুৰৰ পৰিস্থিতি। কিন্তু আন্তৰ্জাতিকমহলৰ  চকুত মণিপুৰ অনুপস্থিত। দেশৰ ৰাজধানীত বহি থকা নিয়ন্তাৰ দৃষ্টিতো মণিপুৰ আপাতত অনুপস্থিত। আমিও খবৰ ৰখা নাই আমাৰ ছুবুৰীয়াৰ। কা-আইন বিৰোধী আন্দোলনৰ সময়তো আমাৰ বাগধাৰা আছিল-অসমীয়াৰ  ভূমি  এডোখৰেই।  ইয়াত সংখ্যালঘূ হ'লে আমি ক'লৈ যাম? ‘আনসকলৰ' যে সুকীয়া ঠাইতো ভূমি আছে।ভূমি মাথো এক বসতিস্থল  নহয়, সি জাতীয় আৱেগ।  পৰম্পৰা আৰু কৃষ্টিৰ বাহক। সামুহিক সোঁৱৰণিৰ চিহ্ন।এই কবিতাত কবিয়ে আশা কৰিছে-

 মণিপুৰ

জ্বলি যোৱা ঘৰবোৰ আকৌ ঠিয় হ'

ছাইৰ মাজেদি ৰঙচুৱা ঘাঁহবোৰ গজি উঠিব

তেজৰ ডোঙাবোৰত  মুখ চাই

পিশাচবোৰ আঁতৰি যাব

 

ফুল ফুলাৰ দৰে মিচিকিয়াই হাঁহি

শিশুহঁতে চকু মেলিব'

 এয়া কবিৰ  আশাহে । ই কবিতাটিৰ চিত্ৰকল্পবোৰে আমাক  অগ্ৰজ কবি নীলমনি ফুকনৰ কবিতাৰ আকূতিবোৰলৈ মনত পেলাই দিয়ে, কিন্তু সেই দিনবোৰতকৈ আমি বহুদূৰ আগুৱাই আহিলোঁ। কবিতায়ো বাট সলালে।  আজিৰ কবিতাই  কাব্যগুণেৰে আৰু বোদ্ধাৰে সমৃদ্ধ হৈয়ো মানুহৰ বুকুৰ মাজলৈ বাট লোৱাৰ বলেৰে বলীয়ান হৈ উঠিব পাৰে, কিয়নো  লেখেৰে এমুঠি হলেও  সময়ৰ তুলাচনীত  আজিৰ  পাঠকো  সমানেই  উজ্জীৱিত। সেই উজ্জীৱিত পাঠকৰ মননক তিৰ্যক আৰু শাণিত ভাৱনাৰে জোকাৰি দিয়াৰ দায়িত্ব কিন্তু কবিৰেই। পাঠেহে কবিতাক পূৰ্ণতা দিয়ে । পাঠ নোহোৱা হ'লে ৰামায়ন আৰু মহাভাৰতৰ দৰে মহাকাব্যই জানো সভ্যতা গঢ়িব পাৰিলেহেঁতেন? কবিতাই যিমানেই পাঠকৰ মনলৈ  বাট লব, সিমানেই ব্যাপ্ত হ'ব তাৰ পাঠ। সিদ্ধি হ'ব কবিতাৰ উদ্দেশ্য। মণিপুৰৰ জলন্ত পৰিস্থিতি লৈ কবিতা লিখাৰ বাবে কবি  সাধুবাদৰ যোগ্য, কিন্তু কবিতাৰো এক উদ্দেশ্য থাকে । সেই উদ্দেশ্য মাথোন অভিনৱ সৃষ্টিৰ নহয়, সেই উদ্দেশ্য মানুহৰ কল্যাণৰ। তাৰবাবে কেতিয়াবা  কবিতা হ'ব লাগিব ক্ষুৰধাৰ। সময়ৰ নিষ্ঠুৰতাৰে  প্ৰাসংগিক। তেনে কবিতা তেওঁ লিখিবই লাগিব, লিখিব লাগিব নিজকে জীয়াই ৰাখিবলৈ, প্ৰাসংগিক কৰি তুলিবলৈ। বিজয় শংকৰ বৰ্মনৰ দৰে প্ৰজন্মই উদযাপন কৰা কবিৰ ক্ষেত্ৰত সেইবাবেই আমি কেতিয়াবা নিষ্ঠুৰ হবলৈ, তীক্ষ্ম  নজৰ ৰাখিবলৈ  বাধ্য।

কদম ফুলবোৰ দৈৱকীৰ নৱম সন্তান'ৰ সকলোবোৰ  কবিতাবোৰৰ পৃষ্ঠ   কেৱল ৰাজনৈতিক নহয়। ‘লীলাভূমি' শীৰ্ষক চাৰিটা কবিতা,  কালদিয়া ঘাটত, আই গোঁসানীৰ দৰে কবিতাবোৰৰ বিষয় মূলতঃ প্ৰেম। সমকালীন ইতিহাসৰ আন বহুতো বিষয় কবিতাবোৰলৈ উঠি আহিছে। সুগন্ধিৰ সাধু, 'ৰিডৰেদি, বাপতি সাহোন, খতিৰ কবিতা-ৰ দৰে কবিতাসমূহে আমাৰ মন দোলাই যায়। বীৰেন সিংহ, বিপুল কুমাৰ দত্ত, জয়ন্ত মহাপাত্ৰৰ দৰে অগ্ৰজসকলৰ বাবেও তেখেতে লিখা কেইটিমান কবিতা আছে।

অনন্য ব্যঞ্জনাৰে সমৃদ্ধ কবিতালানিৰ আন এটি দিশ হৈছে এই কবিতাবোৰক কবিতাক গভীৰভাৱে লব বিচৰা ন-শিকাৰুৰৰ উপযুক্ত হাতপুথি বুলি কব পাৰি। কবিতাবোৰ পঢ়ি অনুভৱ হ'ল বিজয় শংকৰ বৰ্মন এই সময়ৰ এজন যথাৰ্থ প্ৰতিনিধি, কবিতাৰে জীৱন প্ৰসাৰিত কৰা অসমীয়া সাহিত্যৰ এজন উল্লেখনীয় কবি, এজন দায়িত্বশীল  সাহিত্যকৰ্মী-আৰু সবাৰো উপৰি এগৰাকী শিক্ষক, নতুন কবিৰ বাবে। এই যাত্ৰা অব্যাহত থাকক। তাকেই কামনা কৰিছোঁ।

 (তৰুণ কবি দেৱৰাজ মিলিলৈ কৃতজ্ঞতাৰে)

ৰত্না ভৰালী তালুকদাৰ