Friday, 20 June 2025

 

 

মায়-ব্ৰা পৰ্বত,  জিউনি মৈদেৰ,  ওভতনিৰ উলুম'ৰা




-- ৰত্না ভৰালী তালুকদাৰ

(তৰুণ গল্পকাৰ পঞ্চানন হাজৰিকাৰ হাতত) 

গোষ্ঠীয়ে কয়, আনচুমৈ বসুমতাৰী এটা সাঁথৰ। 

বহুদিনৰ আগৰ কথা। আনচুমৈ তেতিয়া মাক বিলাইশ্ৰীৰ কোলাত। ভূটানৰ পৰ্বতবোৰৰ তলে তলে সৌবোৰ  ভুমুক। পানীভুমুক। মাটি ফুটি ওলোৱা  স্ফটিক  পানীৰ  নিজৰা। তাতেই  পাটনাদৰ ৰিং বহুৱাই ভৈয়ামৰ গোষ্ঠীয়ে  কলহত পানী ভৰাই  খাবলৈ  আনে। বুকুৰ  দখনাৰ  গাঁথিটো  টানকৈ  বান্ধি, কেঁচুৱাক উৰা কাপোৰ এখনেৰে পিঠিত  আঁটি তাই  কলহত পানী ভৰাই আনিবলৈ ওলাল। পাছে, বৈ থকা স্ফটিক পানীৰ নিজৰাৰ বুকুত দেখিলে নহয় নাচি থকা পানী-বেহৰ শাকবোৰ। সেউজীয়া পাতবোৰে পানীৰ তলে,  পানীৰ তলে নাচন কৰিছে। পানীবতাহত  হালিছে - জালিছে। ভাজি খাবলৈ এমুঠি তুলিবলৈ  কাৰনো সত  নাযাব!কলহ  নমাই  তললৈ  হাউলি  তাই  পানীৰ তলৰ  শাক তুলিবলৈ  ধৰিলে।

তেনেতে ওলালহি নহয় হাবি ভাঙি প্ৰকাণ্ড দন্তাল এটা । হায়ৈ! বিয়ৈ! খৰ-ধৰত উৰা কাপোৰৰ গঁঠি ঢিলা হৈ কেঁচুৱা আনচুমৈ মাটিতে সৰি পৰিল। বিলাইশ্ৰীয়ে লৰ-চৰ কৰিবলৈকে পাহৰি গ'ল। সিফালে দন্তালে কৰিলে কি, শুঁৰডালেৰে কেঁচুৱাক পকাই তুলি ধৰিলে।শূইনলৈ পাক এটা মাৰি মাটিত  নমাই  দিলেহি। চিৎ-খৰ  মৰা যেন পাই কেঁচুৱায়ো হাঁহি  দিলে। যেন খেলা এটাহে  খেলিলে, তেনে ভাৱত নিজৰাৰ পানী খাই  আপোনমনে  হাবিৰ  দন্তাল  হাবিলৈ গ'ল। 

ঘটনা শুনি গোষ্ঠীৰ মুখৰ মাত হৰিল। এয়া  অলপ কথা নহয় দেই।  হাতী  অন্তৰ্যামী। আৰু   ই , পানীকেঁচুৱাটো-- ই দেখোন এটা  সাঁথৰৰ মানুহ। ৰহস্যৰ ভাখ্ৰী।

এনেকৈয়ে সাধুকথাটোৱে জনম লভিলে।

-------

যেতিয়া আনচুমৈৰ চকুত পতাত বনপোৰা জুয়ে আগুৰি ধৰা হাবিৰ  শুকান জাৰণিত  পৰি  থকা   উলুম'ৰাৰ  কণী  দুটাই  ধৰ-ফৰ কৰে, তেতিয়াও গোষ্ঠীয়ে কয়-অৱশ্যেই সি এটা সাঁথৰ। আনে নুবুজা  ৰহস্যৰ ভাখ্ৰী। ভঁৰাল।

সপোনৰ দৰে আছিল বনপোৰা জুইত উলুম'ৰাৰ কণী বিচাৰি পোৱাৰ  কথা।  কণীৰ  ভিতৰ ঘোলা নাছিল।  গাঢ় জলফাই বৰণৰ চোকোৰাৰ  তলত লৰ-চৰ কৰি থকা দুটি নিৰীহ জীৱৰ আভাসহে আছিল। সি  আলফুলকৈ  দুহাতত তুলি লৈছিল। শৰীৰত বৈ গৈছিল অবুজ শিহৰণ।

উলুম'ৰা! পৰাণৰ উলুম'ৰা!

জনা নাছিল সি। নামো শুনা নাছিল এই পখীৰ। মৰুপ্ৰান্তৰ দৰে বালিময় ভূমিত ‘গ্ৰীণ  ৱাৰিয়ৰ',   অৰ্থাৎ সেউজ যোদ্ধাসকলৰ দলটিয়ে ধীৰে ধীৰে গজাই থকা হাবিৰ জাৰণিত আনচুমৈয়ে অকস্মাতে দেখিছিল সেই আচহুৱা, সংবেদী   পখী। জাৰণিৰ পখীবোৰে যোৰ পতাৰ সময়। মতাটোৱে দি আছিল যোৰ পতাৰ এখন নাচন।ঠেও ধৰি ধৰি,    খুঁটি  এটাৰ দৰে পোনকৈ শূইনলৈ উৰি উৰি  দিছিল সি একেটাই নাচন। আপোনতে  বিভোৰা হৈ । নীলা ভেলভেটৰ  দৰে   গাৰ  বৰণ। দীঘলকৈ ডিঙি। বগলী পখীৰ  দৰে ঠেং। উৰি যোৱা ডৌকাদুখনি ওপৰে  কজলা,  তলে বগা।  কিৰীটিৰ  দৰে  শিৰত  চিক-মিক কৰিছে  গৌৰৱৰ  ছন্দিত জঁ। শূইনতে হালিছে। জালিছে। 

কাষতে কজলা বৰণৰ মাইকীজনী।মতা উলুম'ৰাক উপেক্ষা কৰি আপোনমনে চৰি আছে।

বহলকৈ জাৰণিৰ বুকু। সন্মুখত শূইনলৈ জঁ দোলাই প্ৰকৃতিৰ বুকুত অজানা পখীৰ ৰহস্যময়,  আধিভৌতিক নাচন ।  সেই নাচনে জাৰণিত যোৰ পাতিবলৈ অহা তিতিৰ পখীয়ে তৰোৱালৰ ধাৰৰ দৰে মাত উলিয়াই হাবিখন দুফাল কৰি  বিনোৱা কান্দনো তল পেলাইছে। 

 

আনচুমৈ আছিল অকলে। লগত ইংৰাজী দৈনিক কাকতখনৰ স্থানীয় সংবাদদাতাজনে সেউজ যোদ্ধাসকলৰ  কাম- কাজত অভিভূত হৈ ৰাজহুৱা ধন সংগ্ৰহ কৰি কিনি দিয়া ডিজিটেল কেমেৰাটো।নাচন চাই, নাচন চাই আনচুমৈ  বিভোৰ হৈ পৰিছিল। তেতিয়াও পখী নিৰীক্ষণ কৰাৰ আনুষ্ঠানিক  প্ৰশিক্ষণ লোৱা  নাছিল  সি। যেতিয়া হুঁচ আহিল,  তেতিয়াহে  জাৰণিৰ পখী জাৰণিৰ বুকুত হেৰাবলৈ নৌপাওতেই লৰালৰিকৈ ভিডিঅ' এটা বনাই,   ফটো কেইখনখনমান তুলি  ল'লে। সন্ধিয়া সেই ভিডিঅ'  আৰু ফটোবোৰ সি স্বেচ্ছাসেৱক হিচাপে কাম কৰিবলৈ লোৱা প্ৰকৃতি সংগঠনটোৰ বন্যপ্ৰাণী  সংৰক্ষক বৈভৱ কাকতিলৈ পঠিয়াই  দিলে।

ফটো দেখিয়েই বৈভৱ কাকতি  জাঁপ মাৰি উঠিল।

-আনচুমৈ, এই যোৰা উলুম'ৰা পখী। বিপন্ন উলুম'ৰা। বেংগল ফ্ল'ৰিকান। আমাৰ ভয় আছিল,  জানোচা ভৈৰৱকুণ্ড  বনভূমিৰপৰা চিৰদিনলৈ হেৰাই গ'ল উলুম'ৰা পখী। হয়তোবা প্ৰলয়ত। হয়তোবা মানুহৰ ধ্বংসযজ্ঞত। বহু বছৰ  ধৰি ভৈৰৱকুণ্ডৰ বনভূমিত উলুম'ৰাৰ চিন নাছিল। সেই  হেৰাই যোৱা পখী হাবিলৈ উভতি আহিছে। তই অসম্ভৱক সম্ভৱ কৰিছ আনচুমৈ। নিজৰ হাতেৰে  গজাই লোৱা হাবিলৈ উলুম'ৰা ওভতাই আনিছ।

আৱেগ ঢাকি ৰাখিব পৰা নাছিল অগ্ৰজ বনপ্ৰাণী সংৰক্ষকজনে । গোষ্ঠীৰ মানুহবোৰৰ দৰেই কৈ উঠিছিল, 

-আনচুমৈ, তই  সঁচাকৈয়ে  যাদুকৰ।এটা সাঁথৰ। ৰহস্যৰ ভাখ্ৰী।

হাবি এখন সিহঁতে অৱশ্যেই গজাই আছিল। কিন্তু সেই দিনাৰপৰাহে সি আই ইউ চি এন ৰে'ডলিষ্ট অনুসৰি  বিশ্বৰ অতিশয় বিপন্ন প্ৰজাতিৰ তালিকাত থকা উলুম'ৰাৰ বিষয়ে জানিবলৈ আহৰি পালে।খৰচি মাৰি পঢ়িলে সি উলুম'ৰাৰ  কথা। 

সুযোগ পালেই চকুচৰহাই হাবিত জুই দিছিল। আনচুমৈৰ নেতৃত্বত এদল সেউজ যোদ্ধাই গজোৱা হাবি। হাবি ভাঙি ৰোৱনি কৰা গছৰ পুলি শুকান ডাল আনিবলৈ যোৱাৰ অচিলাতে কাটি থৈ আহিছিল। ফাগুন আৰু চ'তৰ  মাহ  দুটা আছিল অতিকৈ ভয়ংকৰ ।পাল পাতি পহৰা দিছিল সিহঁতে। এনে সময়তে খৰস্ৰোতা  ভৈৰৱকুণ্ড নৈত  বনভোজ  খাবলৈ মানুহে উজাৰ খাই পৰে। শুকান সৰাপাতত কেনোবাই চিগাৰেট জ্বলাই দলিয়াই পেলাই  দিয়া জুইশলা কাঠিৰপৰাও  হৈ উঠিব পাৰে সৰ্বনাশ। 

অকস্মাতে খবৰ আহিছিল- হাবিত জুই লাগিছে। ফৰেষ্টৰ মানুহৰ সতে ঢপলিয়াই গৈছিল সেউজ যোদ্ধাৰ দল।কেঁচা গছৰ ঠানি ভাঙি ভাঙি কোবাই কোবায়েই বনজুই  নুমুৱাব খুজিছিল। শইচত দৰৱ দিয়া স্প্ৰে’ মেচিনত পানী ভৰাই,  পাইপেৰে চটিয়াই বনজুই নুমুৱাব খুজিছিল। চ'তৰ খৰাং। দাবানল হৈ  উঠিছিল জুই । প্ৰটেকচন  গিয়েৰ  নথকা দলটোৱে সুৰক্ষাৰ বাবে নিজা নিজা  টৰচাইকেলৰ হেলমেটবোৰকে পিন্ধি ললেও  সিহঁতৰ  গা অগণিৰ তাপত ধৰফৰাই  উঠিছিল ।

তেতিয়াই দেখিছিল সি। বনজুয়ে সংহাৰ কৰিবলৈ বাকী থকা এডোখৰ জাৰণিত। দুটিকৈ কণী । উলুম'ৰাৰ।গাঢ় জলফাইৰ বৰণ কণীৰ চোকোৰাৰ।

জুই নুমুৱাবলৈ এৰি তভক মাৰি ৰ'ল আনচুমৈ। ইফালে-সিফালে চালে। জানোচা মাক-বাপেক হালক দেখাই পায়!   নাই।প্ৰাণৰ মায়াত অগণিৰপৰা বাচিবলৈ উমণিত বহা কণী  এৰি  হয়তোবা  দূৰণিলৈ  গুচি  গৈছে। হয়তোবা সিহঁত নিজেও জুইত জাহ  গৈছে। সি কণী দুটা হেলমেটৰ ভিতৰত ভৰাই ফৰেষ্টৰ মানুহৰ  হাতত তুলি  দিবলৈ ওলাল। ফৰেষ্টৰ মানুহে হেহোঁনেহোঁ কৰিলে। তোমালোক প্ৰকৃতি  সংগঠনৰ মানুহ। তোমালোকেই  লৈ যোৱা।  লাহেকৈ  মস্কৰাও  কৰিলে। বন্যপ্ৰাণী ৰক্ষা  কৰাৰ নামত তোমালোকে উদ্ধাৰ কৰিছা চৰাইৰ কণী। হি হি।

বন্যপ্ৰাণী উদ্ধাৰৰ প্ৰ'টকল মানি উদ্ধাৰকাৰ্যৰ ভিডিঅ' ৰেকৰ্ডিং হৈছিল।  হেলমেটৰ উমত সোমাই   উলুম'ৰাৰ   কণী  আহি তাৰ  ঘৰ পালেহি। কোঠাৰ লাইট নুমুৱাই  এন্ধাৰত  টৰ্চ  মাৰি চালে। চোকোৰাৰ ভিতৰত  পোহৰ দেখিবলৈ  উচ-পিচ কৰা দুটি জীৱ। 

কি হ'ব? নিলগৰ মূৰ্গী পালন কেন্দ্ৰৰ হেচ্ছাৰীত দিব  নেকি? সি বৈভৱ কাকতিৰ উপদেশ বিচাৰিলে। তেখেতে ক'লে-‘গাঁৱৰ কাৰোবাৰ ঘৰৰ উমনতি বহা মূৰ্গীৰ কণীৰ সতে থৈ চোৱা। হেচ্ছাৰীত দিব  নালাগে।'  এনেকৈয়ে ঘৰচীয়া   কুকুৰাৰ পাখিৰ গৰমৰ  উমনিত কণী  ফুটি ওলাল  উলুম'ৰাৰ দুটি  পোৱালি। পাছে,  উলুম'ৰাৰ  পোৱালিয়ে দেখোন  কুকুৰাৰ  পোৱালিৰ  লগ নলয়। উপায়বিহীন হৈ সি পোৱালি দুটি  দুহাতত  তুলি ল'লে। কজলা বৰণ। কোমল, উমাল,  অস্থিৰ,  স্পন্দিত স্পৰ্শ। শৰীৰটো তাৰ জিকাৰ খাই উঠিল। এধানি এধানি  পোৱলি দুটিৰ গা গৰম কৰি ৰাখিবলৈ সি কাগজৰ কাৰ্টুন এটাৰ ভিতৰতে এশ পাৱাৰৰ বাল্ব এটা জ্বলাই  দিলে। হাতৰ তলুৱাত লৈ  বন-ফৰিং ধৰি  খুৱাই-বোৱাই ঘৰৰ ভিতৰতে পোৱালি দুটিক  এসপ্তাহলৈ  জীৱন দিলে।  প্ৰমাণ  হিচাপে  ৰাখি  থ'লে  প্ৰতিটো কামৰ  ভিডিঅ' ৰেকৰ্ডিং।

এদিন গ'ল। দুদিন গ'ল। এসপ্তাহ  দিনা  যেতিয়া  পোৱালি দুটা ফৰেষ্টৰ  মানুহক  চমজাই  দিবলৈ ওলাল,  তেতিয়া  অবুজ এক  য়াই যেন তাক পিচলৈ টানি আনিলে। কি সতে এৰি  দিব!  এয়া  যে  বুজাব  নোৱাৰা মমতাৰ  ভাৰ! কিন্তু বনৰ জীৱ ঘৰত ভিতৰত ৰখাটো আইনবিৰুদ্ধ কথা। ফৰেষ্টৰ মানুহে তাৰ কথা ৰাখি আলফুলে  বন্যপ্ৰাণী উদ্ধাৰকাৰী সংস্থাৰ  হাতত পোৱালি দুটি তুলি দিলেগৈ।

তাৰপিছত?  আজি-কালিকৈ  পাৰ হয় দিন।এটি  লহমাৰ বাবেও পোৱালি  দুটি মনৰপৰা জনো  আঁতৰি  যায়?  কি  খাইছে?   খাবলৈ পাইছেনে?  দহদিনৰ দিনা যেতিয়া খবৰ আহিল যে, উদ্ধাৰকাৰী সংস্থাই পোৱালি দুটা  বচাব নোৱাৰিলে, সেইদিনা  সি বুজাব নোৱাৰা বেদনাত অস্থিৰ হৈ পৰিল।  চকুৰে ধাৰাসাৰে পানী সৰিবলৈ ধৰিলে।

গোষ্ঠীয়ে তেতিয়াও ক'লে-আনচুমৈ, তই এটা সাঁথৰ। ৰহস্যৰ ভাখ্ৰী। তোৰ দৰে আন কোনেনো খাৱন-শোৱন এৰি   বনজুইৰ  মাজৰপৰা তুলি অনা উলুম'ৰাৰ  কণী  কুকুৰাৰ  গঁৰালত  উমনি  দিয়াই  পোৱালি  জগাই  তুলিব?  দিন আৰু  নিশাবোৰ  একাকাৰ কৰি  এশ   পাৱাৰৰ  বাল্বৰ গৰমত বন-ফৰিং খুৱাই আপডাল কৰিব!এদিন তোৰ মনৰ কামনা পূৰ  হ'ব। পূৰ হ'ব।

এয়াও আছিল আনচুমৈ বসুমতাৰী সাঁথৰ হৈ পৰাৰ অলেখ সাধুকথাৰ আঁৰৰ এটি সাধুকথা।

তেনেহ'লে সঁচাকৈয়ে সি এটা সাঁথৰ নেকি। আনে নুবুজা ৰহস্যৰ ভাখ্ৰী নেকি।

---

গজাই থকা হবিখনত ৰোৱনি কৰা  গছপুলিৰ মাজে মাজে অপতৃণ নিৰাই থাকোঁতে সেউজ যোদ্ধাৰ দলটো  অকস্মাতে  এটা প্ৰকাণ্ড দন্তালৰ সন্মুখত পৰিছিল। নতুনকৈ ৰোৱনি কৰা গছপুলিবোৰৰ মাজত আঁৰ লবলৈও একো নাছিল।  দলটোকে য'তেই আছে, ত'তেই থাকিবলৈ কৈ সি লাহেকৈ ঠিয়দঙা দিলে। দন্তাল আহি তাৰ সন্মুখ পালেহি।দন্তালৰ   সতে যুঁজিবলৈ কোনোবা এটাই লাহেকৈ তাৰ হাতত অপতৃণ নিৰাই থকা  খন্তিখনকে তুলি  দিলেহি।সি অৱশ্যে খন্তি  লোৱা  হাতখন ওপৰলৈ নুতুলিলে। দন্তালৰ চকুলৈ পোনে পোনে চাই নীৰৱে অন্তৰ্যামী জীৱটিক তাৰপৰা আঁতৰি  যাবলৈ মিনতি   কৰিলে।চাৰি চকুৰ মিলন হ'ল। দন্তালে  বেছি সময়  মানুহৰ পোৱালিৰ  চকুলৈ চাই থাকিব নোৱৰিলে। এটা সময়ত  নীৰৱে আঁতৰি গ'ল।

গোটেই দলটো চুপ-চাপ। দন্তাল  চকুৰ আঁৰ হোৱাৰ পিছতে সিহঁতে তাক সাৱটি ধৰিলেহি।

--আনচুমৈ! তই সঁচাকৈ এটা সাঁথৰ দেই। ৰহস্যৰ ভাখ্ৰী। তোৰ বাবেই আজি চাগে আমাৰ প্ৰাণ বাচিল। 

---

মায়-ব্ৰা পৰ্বত। মায় বাৰা। এঠালেটীয়া বৰা ধান। খেতিয়কৰ লখিমী বাৰা ধানৰ সঁচ য'ত বনৰীয়াকৈ গজিছিল।  সেয়াই দেও লগা মায়-ব্ৰা পৰ্বত। যি ধানে মতলীয়া হ'বলৈ গোষ্ঠীক দিছিল উৎকৃষ্ট পানীয়। জৌ। পোকা লগা জুমাই।  পুহন মদ। চিফুং আৰু চেৰজাৰ মতলীয়া সুৰত জাঁই তুলিবলৈ।গোষ্ঠীয়ে  ভাত  খাবলৈ  বনৰীয়াকৈ পোৱা  মায়ছাফাখ্ৰী, খোয়াপমুনি অথবা নাগ্ৰী ধানৰ সঁচ নহয় এয়া। এয়া এঠা লগা বৰা ধানৰ সঁচ ।

পৰ্বতলৈ বুলি বাথৌ-ব'ৰাইৰ উপাসকসৱে কৰিছিল খেৰাইৰ জাগ্ৰত  পূজা। মাইনাওক তুষ্ট  কৰিবলৈ। লখিমীক সেৱা জনাবলৈ। চৰাচৰৰৰ বায়ু-পানী-আকাশ-মাটি-জুইৰ প্ৰতীক পবিত্ৰ সিজু গছৰ তলত। জৌৰ নৈখন,  জুমাইৰ নৈখন   ধনচিৰিৰ পানীৰ সতে এক হৈ গৈছিল। খাম-চেৰজা-চিফুঙৰ সুৰ আৰু দৌদিনিৰ নাচনত মায়-ব্ৰা পৰ্বতৰ ওখ  টিং কঁপি উঠিছিল।নাচনৰ শেষত কালৰ সত্য প্ৰকাশ  কৰিছিল দেৱতাই  লগ  দিয়া দৌদিনীয়ে।দিছিল বিধান। সেই  বিধান মানি অপায়-বিয়াধি নাশিবলৈ গোষ্ঠীয়ে ধনচিৰিৰ বুকুত দিছিল ওমা বে'দৰ-গাহৰি পোৱালি। কেতিয়াবা  জোৰা সোণ।কেতিয়াবা পাউৰা।

 

তথাপিযে আহিল  প্ৰলয়! কোনেও নাজানিছিল-কেনেকৈ ঘটিল?  কিয় ঘটিল?  কিনো জগৰ লাগিল  বাথৌ-ব'ৰাইৰ।  সেই বছৰতে গোষ্ঠী জুৰি এটা উক-মুকনি হৈছিল।সুকীয়া এখন ৰাজ্য বিচাৰি গোষ্ঠীৰ ছাত্ৰ সংগঠনৰ নেতৃত্বত ‘ডিভাইড  আছাম ফিফটি ফিফটি'   বুলি ধ্বনি উঠাৰ বছৰটোৰ কথা।এফালে বাটত অন্দোলনৰ শিঙা, আনফালে চকুৰ পচাৰতে  ধনচিৰি নৈখন পগলা হৈ,   মায়-ব্ৰা পৰ্বতটোৰ সমান ওখ হৈ, হিলৈৰ দৰে ফুটি বৈ আহিল। ভাঙি দুফাল কৰি লৈ গ'ল পৰ্বতৰ বুকু। গোষ্ঠীয়ে অসহায় হৈ চাই ৰৈছিল চকুৰ পচাৰতে উটি যোৱা মায়-ব্ৰা পৰ্বতৰ গছ-বিৰিখ।বনৰ  জীৱকূল।  গতি সলাই সংহাৰী হৈছিল নৈ। 

এয়াই আৰম্ভণি। প্ৰলয়ৰ পিছত আহিল খহনীয়া।নৈৰ বুকু বহল হৈ গৈ থাকিল।ভৈৰৱকুণ্ডৰ গহীন বনৰ ভিতৰ মায়-ব্ৰা পৰ্বতৰ গাৰপৰা খহি পৰা অনুৰ্বৰ, বালিময় মাটিৰে পোত যাবলৈ ধৰিলে।নৈত সোমাল গোষ্ঠীৰ খেতিৰ সাৰুৱা  মাটি।

এইখিনিতে।এইখিনিতে বেলিৰ গজালিটো ওলায়।মাকৰ পেটৰপৰা এইমাত্ৰ ওলাই অহা কেঁচুৱাটোৰ দৰে।ৰঙামুৱা।  পুঁৱতিৰ চতিয়ানা ফুলৰ গন্ধৰ সতে বতাহলৈ বিয়পি যায় । দিনটো জুৰি আকাশত ঘূৰে। সৌ ভূটানৰ পৰ্বতলানিৰ সিপাৰে  সাঁজবেলা লহিয়ায়। লাহেকৈ উঠি আহে ওখাফ'ৰ।জোনবাই । উঠি  আহে  ওখাফ'ৰৰ  লগৰীয়া অলংবাৰ। ভোটাতৰা। 

 

 

দুটুকুৰা হোৱা মায়-ব্ৰা পৰ্বতৰ খহি পৰা টিঙত এবেলি  জিৰায়।

গোষ্ঠীয়ে  কয়,  আনচুমৈয়ে যেতিয়া খোজকাঢ়ে, তেতিয়া এনে লাগে যেন সুমিষ্ট খয়েৰ  গছৰ  হাবি এখন সন্মুখলৈ  গৈ  আছে। হয় হয়। তাৰ বুকুত খয়েৰ গছৰ এখন সুমিষ্ট হাবি।নহয় নহয়। এইখন কেৱল সুকাঠী আওজাৰ, আমলখি,  ওদাল, চিছু, শিলিখা বা অৰ্জুন গছৰ হাবি নহয়। হাতীয়ে ডাল ভাঙিবলৈ ভালপোৱা শিমলু পুলিৰ হাবিও নহয়। তাৰ   বুকুত সুমিষ্ট খয়েৰৰ গছবোৰৰো এখন ধুনীয়া হাবি আছে।হস্তীকূলৰ  প্ৰিয় খয়েৰৰ গছ।নিশা হ'লে যেতিয়া দুটুকুৰা হোৱা মায়-ব্ৰা পৰ্বতৰ টিঙত ওখাফ'ৰে এবেলি জিৰায়,  চিফুং আৰু চেৰজাৰ মতলীয়া ৰাগীত ধনচিৰিৰ বুকুৰপৰা জুৰণিৰ বা-ছাটি বলে--তেতিয়াই  তেওঁবিলাকে পৰ্বতৰপৰা  নামি আহে। 

মৈদেৰনি ফাল' । লাহাৰ-ফাহাৰ খালামনায়। ফৈনায় । ফৈনায় । 

হাতীৰ জাক। দলদোপ-হেন্দোলদোপকৈ। নামি আহে। নামি আহে।

পৰ্বতীয়া হাতীৰ জাক। কেতিয়াবা নামে ভূটানৰ পৰ্বতৰপৰা। কেতিয়াবা অৰুণাচল প্ৰদেশৰ পৰ্বতৰপৰা। ট্ৰেন্স- বাউণ্ডেৰী মানচিত্ৰৰ নিয়ম  নুবুজাকৈ পৰ্বতৰ উঠা-নমাত চৰি  ফুৰা হাতীৰ গা। সৰু সৰু গা। গোটোং। চিৰি-চেহেৰাও  ভাল।  আনচুমৈৰ বুকুৰ ভিতৰত লৰে। চৰে। ঠেঙুলি ভাঙি এপাল  হাতী। তাৰ বুকুৰ খয়েৰৰ গছৰ হাবিখনৰ সুমিষ্ট  ঠেঙুলিত কোমল, আটিল, স্পৰ্শকৰ  দৰে শুঁৰডাল  বোলাই দিয়ে। মায়-ব্ৰা পৰ্বতৰ টিঙত সিচৰিত হৈ পৰে খয়েৰ গছৰ সিঠা,  ডাল ভঙা পাত,  উভালি পেলোৱা শিপা । 

আকাশত ওখাফ'ৰ। লগৰীয়া অলংবাৰ। মৰতত মায়-ব্ৰা পৰ্বত,  মৰুময় ভৈৰৱকুণ্ড  বনভূমিত সেউজ যোদ্ধাসৱে  গজাই থকা চিকাৰদাঙা হাবি আৰু ধনচিৰিৰ বহল বুকু। মতলীয়া হয় হাতীৰ জাক। মতলীয়া হয় পৰ্বতৰ টিঙৰ শিলুৱা খাঁজত নিমখীয়া মাটি কামুৰিবলৈ পাল পাতি অহা  জীৱকূল।দেও ছাগলী। সুগৰি পহু। ক'লা ভালুক। ঘোং।অজগৰ। সোণগুই। কেটেলাপহু। কাচিৎ আহে  পৰ্বতীয়া বাইচন। আনচুমৈৰ ভৰিৰ তলেৰে  পাৰ  হৈ  যায়  বিস্ময়ৰ  সৰীসৃপ।  পিট ভাইপাৰ। সেউজীয়া নাচোনমতী। অতিকৈ বিষাক্ত।ওখাফ'ৰৰ শেঁতা পোহৰত সি দেখা পায়। লাহেকৈ আওকাণ  কৰে। যাগৈ যা। বনৰ  বস্তু বনলৈ। 

আনমনা হৈ পৰে সি । ধনচিৰিৰ বুকু জুৰি থাকিবনে এই ৰম্যভূমি! 

যিদিনা উজনিৰ সীমান্তৰপৰা চিকিৎসা কৰোৱাৰ নামত এদল ঘৰচীয়া হাতী ‘এনিমেল এম্বুলেন্স'ত উঠাই  এছক'ৰ্ট কৰি   লৈ যোৱা বুলি বাতৰি বিয়পি পৰিছিল,  ৰাজপথেৰে শাৰী শাৰীকৈ যোৱা ‘এনিমেল এম্বুলেন্স'ৰ ভিডিঅ'বোৰ ম'বাইল ফোনত বিয়পি পৰিছিল, সেইদিনা সি ভাবিছিল-এয়া দুৰণিৰ বতৰা। ইয়ালৈ  আহি নাপায়। কিন্তু সেয়া  জানো কেৱল  দূৰণিৰ বতৰা হৈয়ে  থাকিল! অনেক  প্ৰশ্ন, কৌতূহলবোৰে গধূৰ কৰি তোলা বতাহ,  বনৰ  জীৱক ধৰি আনি  বেমাৰী সজাই ‘এনিমেল এম্বুলেন্স’ত উঠাই এনেদৰে বাহিৰলৈ  উলিয়াই নিয়াৰ চেঁপা উত্তেজনা-এইবোৰ  সাধু গোপন হৈ থকা নাই।সেউজ যোদ্ধাৰ দলে উমান পালে-সুযোগ বুজি  মানুহ আহি ইয়াতো পাইছেহি।ভূটান, অৰুণাচল প্ৰদেশ আৰু  অসমৰ ট্ৰেন্স-বাউণ্ডেৰী ফৰেষ্ট এলেকাৰ তলে তলে পিনপিনাই ফুৰিছে। চেগ  বুজি সেউজ যোদ্ধাৰ দলে কথা পাতিছিল।  চান্দি  চাইছিল মন। উমান  পাইছিল-হাতী ধৰা বন্ধ হোৱাৰ পিছত কাম হেৰুৱাই অকামিলা হৈ পৰা ফান্দীও আছে  পিনপিনাই ফুৰা এই দলত। 

সষ্টম হৈছিল। সেউজ যোদ্ধাৰ নেটৱৰ্ক।এই  ট্ৰেন্স-বাউণ্ডেৰী আন্তৰ্জাতিক ভূখণ্ডৰ কোনোবাডোখৰত  অচিৰেই নীৰিহ   হস্তীয়ে ফান্দীৰ জালত ভৰি দিব নেকি! সুদূৰৰ  সীমান্তৰ  বনভূমিৰ দৰেই  ইয়াতো চলিব নেকি হাতী ধৰাৰ গোপন, নিষিদ্ধ আখৰা।হ'ব নেকি হাতী অনা-নিয়া কৰাৰ চোৰাং বেহাক আনুষ্ঠানিক ৰূপ দিবলৈ কাগজ-পত্ৰৰ তৈয়াৰ কৰাৰ গোপন, ৰহস্যময় প্ৰস্তুতি।চিকিৎসাৰ নামত ‘এনিমেল এম্বুলেন্স'ত উঠাই লৈ যাব নেকি এই  ট্ৰেন্স-বাউণ্ডেৰী ভূখণ্ডৰ    স্বাস্থ্যবান হাতী। অলেখ প্ৰশ্ন। অলেখ সন্দেহ। সুদূৰৰ  গুজৰাটত বন্যপ্ৰাণীপ্ৰেমী বুলি জনপ্ৰিয় হোৱাৰ বাসনাৰে আম্বানী  সদাগৰৰ পুতেকে খোলা বন্যপ্ৰাণী আশ্ৰয়গৃহলৈ বনৰ স্বাস্থ্যবান হাতী ধৰি ভুৱা কাগজ বনাই অসুস্থ বুলি প্ৰমাণ  কৰি  লৈ যাব নেকি? অসুস্থ বন্যপ্ৰাণী চিকিৎসাৰ বাবে আশ্ৰয়গৃহ খোলা বুলি সদাগৰৰ পুতেক জনপ্ৰিয় হোৱাৰ আমোদ- বাসনা চৰিতাৰ্থ কৰিবলৈ!   

 যিদিনাই গোষ্ঠীৰ মৰিশালিৰপৰা তিনিটাকৈ কবৰৰ কংকাল উঠাই লৈ যোৱাৰ ঘটনা এটা ৰৌজাল-বৌজাল হ'ল-সিদিনাৰপৰা সিহঁতৰ টোপনিও হেৰাইছে। কাৰ কাম?  সন্দেহৰ আঙুলি গৈছে হাতীৰ কথা সুধি সুধি পিনপিনাই ফুৰা দলটোলৈ।

গিৰ্জাৰ চেটাৰডে এছেম্বলিত  সিদ্ধান্ত লৈছিল-গুডফ্ৰাইডে উচৱ আহি থকাৰ উপলক্ষ্যত  সিহঁতে গিৰ্জাৰ  গাতেই  লাগি  থকা মৰিশালিখনৰ  হাবি-বন নিৰাই পৰিস্কাৰ কৰিব। সিদ্ধান্ত মৰ্মেই দা-কোৰ লৈ দেওবাৰে মৰিশালি নিৰাবলৈ কামত  লাগিছিলহি।অকস্মাতে ল'ৰাজাকে দেখিছিল মৰিশালিত খান্দি থোৱা  মাটিৰ  ঢিপ। কাষতে জোপোহানিত  উবুৰি  খাই   পৰি থকা কবৰৰ ক্ৰছ।

এটা। দুটা। তিনিটা। 

মৰিশালি খান্দি কোনোবাই তিনিটাকৈ কবৰৰ কংকাল উঠাই লৈ গৈছিল। 

স্তব্ধ হৈ গৈছিল গোষ্ঠী। মৰিশালিৰ মৃতকক নিৰাপদে ৰাখিব নোৱাৰাৰ বেদনাত। অপায়-মৰকত,  গুলী-বাৰুদৰ খেলত  কিমানবাৰ নষ্ট গৈছে গোষ্ঠীৰ সীমান্তৰ গাওঁ। কিন্তু চুৰি?  নাই। কাৰোবাৰ চোতালৰপৰা সামান্য বস্তু এটা হেৰোৱাৰো  ৰেকৰ্ড নাই। আজিও গাৱঁৰ গোষ্ঠীয়ে দুৱাৰৰ খিলি নলগায়। লগাবলৈ নাজানে।তেনেহ'লে কোনে কৰিলে এই অপকৰ্ম?   ফাদাৰ, পাষ্ট'ৰ, গোষ্ঠীৰ মুখিয়াল উধাতু খাই আহিছিল। ওদালগুৰি, অৰুণাচল প্ৰদেশ, ভূটানৰ আৰক্ষী আহি ওলাইছিল।  তদন্ত হৈছিল। দিন-বাৰ-সপ্তাহ পাৰ হৈ গৈছে। গোষ্ঠীয়ে উত্তৰ পোৱা নাই। অৱশেষত সকালোৱে তাকেই  ভাৰসা  কৰিছে। পুলিচক খবৰ দিয়া,  এজাহাৰ লিখা-এইবোৰ আনুষ্ঠানিক নিয়মৰ কথা। কিন্তু  আনচুমৈয়েহে  হয়তো  পাৰিব  দুৰ্বত্তক বিচাৰি উলিয়াবলৈ ।

সি যে এটা সাঁথৰ। আনে নুবুজা ৰহস্যৰ ভাখ্ৰী!

আকাশত ওখাফ'ৰ। লগৰীয়া অলংবাৰ। মৰতত মায়-ব্ৰা পৰ্বত,  মৰুময় ভৈৰৱকুণ্ড  বনভূমিত সেউজ যোদ্ধাসৱে  গজাই থকা চিকাৰদাঙা হাবি আৰু ধনচিৰিৰ বহল বুকু।উদাস হৈ পৰে সি। পাৰিবনে গোষ্ঠীৰ  মানুহক বিশ্বাস  দিবলৈ। মৰিশালিৰ কবৰ খান্দি মৃতকক উঠাই লৈ যোৱা দুবৃত্তৰ সন্ধান উলিয়াবলৈ। ট্ৰেন্স-বাউণ্ডেৰী এলেকাৰ হস্তীকূলৰ  খবৰ  বিচাৰি  পিনপিনাই ফুৰা দলটোৰ সতে আছে নেকি মৰিশালিৰ কংকাল চুৰ হোৱা ঘটনাৰ কিবা সমন্ধ।

সৌখন আংৰা নৈ। ভূটানৰ পৰ্বতীয়া গোষ্ঠীৰ চেনেহ খাই ভৈয়ামলৈ নামিছে। খৰালি খীণাই  এৰীসূতা  এডালৰ  দৰে  চিৰিলি হৈ পৰে। বাৰিষাহে চাব লাগে তাইৰ চমক। ভমক। পানীভুমুকবোৰ সাৱটি,  থমকি থমকি বৈ যাব। নাতিদূৰৈত পৰ্বতীয়া গোষ্ঠীৰ চেনেহ খাই নামি অহা আনখন নৈ। জামপানী। পকি মলঙি যোৱা  জামুকৰ দৰে বৰণ। গাৱঁৰ  মাটিৰ এইখিনিতেই ঘটিছে দুয়োৰে মিলন। সেয়েহে তাহানিতে  হাবি ভাঙিবলৈ আহি গোষ্ঠীৰ ভূমিহীন মানুহৰ জুমটোৱে  সমজুৱাকৈ ঠিৰাং কৰিছিল-‘দে। নৈৰ  ভমক দেখি  নামি দিলোঁ আংৰা। হাবি ভাঙি গাওঁখন পাতিব  পাৰিলে  নামটো আংৰাজুলি হ'ব।'

ইয়াৰপৰা আগুৱাই জামপানীয়ে  দুমাইলৰ নিলগতে লগ ল'লে অৰুণাচল প্ৰদেশৰ পৰ্বতৰপৰা নামি অহা ভৈৰৱীৰ।  আকৌ  এবাৰ দুখন নৈ লগ হ'ল। তাৰপিছতে দুই নৈ একেলগে মাখন ৰঙৰ শিলবোৰৰ ওপৰেৰে উৰি যোৱা বগলীপখীৰ  দৰে বগী ধকেধকী হৈ,  ধনচিৰি  নাম লৈ নামি গ'ল। গোষ্ঠীৰ বাবে আংৰা আৰু জামপানী নৈৰ মিলন যদি চিফুং বাঁহীৰ  সুৰ, তেনেহ'লে জামপানী আৰু ভৈৰৱী নৈৰ মিলন চেৰজাৰ মায়া লগা ৰাগী। কাকনো এৰিবা,  কাকনো ধৰিবা।

ওভতাই থোৱা পাচিটোৰ দৰে ঘূৰণীয়া শিলটোৱেই আন্তঃৰাষ্ট্ৰীয় সীমাৰ খুঁটি । সিদিনালৈকে খুঁটিৰ কথা গোষ্ঠীৰ খেয়ালত নাছিল। খুঁটিৰ সিপাৰৰ পৰ্বতলৈ আছিল অবাধ আহ-যাহ। শইচৰ বতৰত টাটু ঘোঁৰাত উঠি পৰ্বতীয়া গোষ্ঠী নামি  আহিছিল কুৰ্মা খাবলৈ।ঘোঁৰাৰ পিঠিত  বৈ  আনিছিল  জাব্ৰাং গছৰ তেল। শুকান মূলাৰ গুৰা। কমলাটেঙা। আদা। শুকান জলকীয়া। আৰু আনিছিল গাঞ্জা। কুৰ্মা খাবলৈ আহি ভৈয়ামৰ গোষ্ঠীৰ ঘৰত এসপ্তাহলৈ ৰৈ গৈছিল।উভতি  যাওতে লৈ গৈছিল গুটি ধান। বিনিময় প্ৰথাৰে এদোন গুটিধান নিবলৈ বিচাৰিলে ভৈয়ামৰ কুৰ্মাই উলাহতে দুই- তিনিদোন দিছিল। কুৰ্মা খোৱা মানে জানো কেৱল বস্তুৰ বিনিময়! সাঁজবেলা গাঞ্জাৰ ধোঁৱা,  জুমাইৰ  ৰাগীৰে  ৰঙিয়াল হৈ উঠা জুহালৰ এলান্ধুত দুটা গোষ্ঠীৰ অবুজ ভাৱনাৰ ইফাল-সিফাল এই কুৰ্মা খোৱাৰ  ৰীতি।   

ভৈয়ামৰ  গোষ্ঠীও  গৈছিল। চাই আহিছিলগৈ পৰ্বতৰ টিঙত জুই দি, এঙাৰবোৰ  ঠাণ্ডা কৰি সাৰুৱা মাটিত যতনাই   লানিকৈ কৰা গাঞ্জাগছৰ খেতি। ভৈয়ামৰ পানীখেতিৰ তুলনাত তেনেই কমকৈ ফচল পোৱা পৰ্বতীয়া ধান আৰু পাচলিৰ খেতি। উতনুৱা দুই-চাৰিটাই গোষ্ঠীৰ বিশ্বাসৰ দীঘল চুলিৰ সৰু সৰু জুটুলা-পুতুলি বনমানুহবোৰ বাস কৰা বুলি ভাবি পৰ্বতৰ দীঘলীয়া খোৰোংবোৰ ঘূৰ্মুটিয়াই ঘূৰ্মুটিয়াই হেৰাই গৈছিল। বনমানুহে দৰৱ-জাতি ভৰাই থোৱা জালি-কটা বেতৰ খৰাহীটো সিহঁতৰ কাষলতিৰ তলৰপৰা কাঢ়ি আনিব পাৰিলেই ধনী মহাজন হৈ উঠিব বুলি উলাহত   মতলীয়া হৈছিল। অৱশ্যে গোষ্ঠীৰ বিশ্বাসৰ সেই সৰু সৰু জুটুলা-পুতুলি বনমানুহৰ দলটোৱে গোষ্ঠীৰ মানুহৰ চকুত কেতিয়াও  ধৰা দিয়া নাছিল।

ক'ভিড অতিমাৰীত বহুদিন সীমান্ত গে'ট বন্ধ হৈ থকাৰ পিছতেই লাগিছে কেণা ।আন্তঃৰাষ্ট্ৰীয়  সীমান্ত এলেকাৰ বুজি নোপোৱা নতুন নিয়মৰ বান্ধোনত সোমাই পৰিছে গোষ্ঠী। এতিয়া গাড়ীত উঠিহে পৰ্বতীয়া গোষ্ঠী আহে। বজাৰত বয়-বস্তু কিনে। বাটৰ মানুহ বাটে বাটে গুচি যায়। পুৰণা কুৰ্মা বুলি মনত পেলাই কেতিয়াবা দুই-এঘৰত সোমায়।  এইফালৰ গোষ্ঠীয়ে তালৈ নিশা খপিবলৈ গ'লে মানুহে  প্ৰতি দিনে বাৰশ টকাৰ কৰ দিব লাগে।

এতিয়াহে গোষ্ঠীয়ে  উমান পাইছে  যে,  আংৰাজুলি মাথোন এখন  গাওঁ নহয়। দুখন ৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় সীমা। সৌ-সিদিনালৈকে যি কথা তেনেই সহজ আছিল, সেয়া যেন আজি  অতিকৈ কঠিন। সৌ  সীমান্তৰ খুঁটিটো,  ওভতাই থোৱা  পাচিৰ দৰে শিলটোৰপৰা এখোজ আগুৱালেই সিফালৰ ৱাটচ টাৱাৰৰপৰা  নামি  আহিব পাৰে বন্দুকৰ গুলী। গোষ্ঠীয়ে  শিকিছে এই নতুন বিৱৰণী।তেওঁলোক সীমান্তৰ মানুহ।ব'ৰ্ডাৰলেণ্ড পিপল । প্ৰতিজন মানুহ ৰাষ্ট্ৰৰ নিৰাপত্তা আৰু  অখণ্ডতাৰ  চকু  আৰু  কাণ। 

আন্তঃৰাষ্ট্ৰীয় সীমান্ত।এক চেঁপা উত্তেজনা। গোপন খবৰ সৰবৰাহৰ থলী।  

আংৰাজুলি । আনচুমৈৰ গোষ্ঠীৰ গাওঁ। তাহানিতে  যেতিয়া গাওঁ পাতিবলৈ হাবি ভাঙিছিল, তেতিয়া মানুহবোৰৰ  লগতে   লাগি আহিছিল কলেৰা অপদেৱী। কলেৰা মহামাৰীৰ অত্যাচাৰত গাওঁখন আইধা পৰিছিল। লাহে লাহে গোষ্ঠীয়ে   মাটিৰ তলৰপৰা নিগৰি অহা পানীৰ ভুমুকত পাটনাদৰ ৰিং বহুৱাই স্ফটিকৰ দৰে নিৰ্মল পানী আহৰণ কৰি খাবলৈ শিকিলে। তেহে কলেৰা অপদেৱীৰ কোব কমিল। কিন্তু পৰ্বতৰপৰা নামি অহা কঁপণি  জ্বৰটো! নিভা কুইনাইন,  ক্ল'ৰ'কুইন দৰৱে  কাম নকৰা হৈ আহিছিল। আঁঠুৱা লৈও তৎপোৱা নাছিল। মেলেৰীয়া মহ  নিধন কৰাৰ  লেঠাৰি-নিচিগা আঁচনিয়েহে  অলপদিনৰপৰা দূৰ কৰিছে কঁপণি জ্বৰৰ কোব । 

প্ৰলয়ত মায়-ব্ৰা পৰ্বতখন দুটুকুৰা হোৱাৰ বছৰটোতে গোষ্ঠীৰ ছাত্ৰ সংগঠনৰ নেতৃত্বত যেতিয়া ‘ডিভাইড আছাম ফিফটি ফিফটি' বুলি ধ্বনি উঠিল, তেতিয়াও নষ্ট হৈছিল গাওঁ। এইবাৰ কলেৰা অপদেৱী আৰু  পৰ্বতীয়া কঁপণি জ্বৰত নহয়।  পুলিচৰ অত্যাচাৰত। অত্যাচাৰত থাকিব নোৱাৰি গাওঁ এৰি  সিপাৰৰ পৰ্বতত তিনিমাহ  পলাই  আছিলগৈ। কি  আছিল সেই আক্ৰোশ?  গোষ্ঠীয়ে বুজা নাছিল। তিনিমাহৰ পিছত উদং গাঁৱলৈ উভতি  আহি  দেখিছিল,  দুৰ্বত্তই বেৰ কাটি ঘৰৰ সকলো লুট-পাত কৰি লৈ গৈছে। গোহালিৰ গৰু-ছাগলী-গাহৰিৰ চিন-মোকাম নাই। 

 

সেই কাণ্ডৰ মাজতে আহিল বন্দুক লোৱা উগ্ৰপন্থীৰ  ধুম। দলে দলে ওলাল। এদলে বোলে, গোষ্ঠীৰ বাবে সুকীয়া  স্বাধীন  ৰাষ্ট্ৰহে লাগিব।পঢ়া-শুনা কৰা  চোকা চোকা ল'ৰাবোৰ সিহঁতে যুঁজলৈ লৈ গ'ল। পৰ্বতত উঠিলগৈ। তাতেই  শিৱিৰ পাতি যুদ্ধ  চলালে। আন এটা দলো ওলাল। বোলে, নহয় এখন সুকীয়া ৰাজ্যহে  লাগিব। কোন জিকিব, কোন হাৰিব। দুই দলৰ মাজত হোৱা ভাতৃঘাটী সংঘৰ্ষতো আওমৰণে মৰিল গোষ্ঠীৰ এজাক।

এইফালেদিয়ে পৰ্বতলৈ উঠিছিল। তাতেই শিৱিৰ আছিল। আংৰাজুলি আছিল পৃথক ৰাষ্ট্ৰ বিচৰা দলৰ শীৰ্ষ নেতা এজনৰ গাওঁ। গাৱঁৰ প্ৰথমজন প'ষ্ট গ্ৰেজুৱেট হিচাপে সন্মানীয় ব্যক্তি। এয়াই  দোষ।সেইবাবেই নষ্ট হৈছিল আংৰাজুলি । এবাৰ। দুবাৰ।বাৰে বাৰে। এফালে সেনা । আনফালে উগ্ৰপন্থীৰ কুটাঘাত। গোষ্ঠীৰ  মাত-কথা  মৰি  আহিছিল। মাতবোৰ  ফুচ-ফুচনি হৈ গৈছিল। গাৱঁৰ দুইমূৰে দুটাকৈ আৰ্মি কেম্প। দুই কেম্পক যোগ কৰিবলৈ নিজাকৈ বহুৱাই লোৱা লেণ্ডলাইনৰ তাঁৰডালে গাওঁবাসীক অহৰহ সষ্টম কৰি ৰাখিছিল। মতা মানুহৰ গাত কোব নমৰাকৈ সিহঁতে কথা  নাপাতে। দিনৰ পিছত দিন। মাহৰ পিছত মাহ। বছৰৰ পিছত বছৰ। দে। দে। খবৰ দে। খবৰ দিব  পাৰিলেও  পিটন। নোৱাৰিলেও  পিটন।

কোনোবা উগ্ৰপন্থীয়ে  সৌ কাষৰ কাহীবাৰীত  থানাৰ পৰিদৰ্শক এজনক গুলীয়াই  ৰিলে। ফল ভুগিল  আংৰাজুলিৰ গোষ্ঠীয়ে। গাৱঁৰ ল'ৰা-বুঢ়া গোটেইবোৰেকে ধৰি নি বেৰেকত সুমুৱাই হাত-ভৰি গুৰা কৰি দিছিল। মাটিত শাৰী পতাই শুৱাই লৈ গাৰ ওপৰেৰে খোজকাঢ়ি পাৰ হৈছিল বুটজোতা পিন্ধা সেনাৰ দল। কাৰোবাৰ কামিহাড় ভাঙিছিল।  কাৰোবাৰ  কঁকালৰ  ৰাজহাড়  গুৰা হৈ গৈছিল।

উগ্ৰপন্থী দলৰ সদস্য হোৱাৰ সন্দেহত  খত ক'লা কাপোৰ বান্ধি  উঠাই  নিছিল গোষ্ঠীৰ যুৱক। সেই যুৱক কেতিয়াবা মৃতদেহ হৈ পথাৰত পৰি ৰৈছিল। কেতিয়াবা মৃতদেহ পৰ্যন্ত বিচাৰি পোৱা নাছিল। সেনাৰ চকুৰে  দেখা নোপোৱাকৈ নহয়, বেলিয়েও দেখা নোপোৱাৰ আবুৰত ৰাখিব লাগিছিল গাৱঁৰ জীয়ৰি। বোৱাৰী। 

মায়-ব্ৰা পৰ্বত দুটুকুৰা হোৱা প্ৰলয়টোৱেই এই লানি নিচিগা ধ্বংসযজ্ঞৰ আৰম্ভণি। নাই চৰকাৰ। নাই  প্ৰশাসন।   প্ৰলয়ৰ পিছত যি অৱশিষ্ট বনভূমি বাচি আছিল,  চেগ বুজি তাতেই পৰিল চোৰাং চিকাৰীৰ চকু।পৰ্বতৰপৰা নামি  ছাগলীৰ পালৰ দৰে চৰিবলৈ আহিছিল হৰিণাৰ  দল। বনৰ আন জীৱৰ দল। গাৱঁত খপি, চিকাৰ  কৰি মঙহ  শুকুৱাই দাঙি লৈ গৈছিল। চিকাৰদাঙা গাওঁখনৰ নাম তেনেকৈয়ে হৈছিল ।

তথাপি জীয়াই থাকিল গোষ্ঠী। নষ্ট যোৱা সময়ৰ বুকুত খোজ দি,  আংৰা নৈৰ  পানীত গাওঁ নষ্ট হোৱাৰ বেদনা উটুৱাই নতুনকৈ গঢি ল'লে গাওঁ। মৰি  নোযোৱা পানীভুমুকে পানীৰ জীৱকো জীয়ন দিলে,   মাটিৰ  জীৱকো  নতুনকৈ জীয়ন দিলে।  

আংৰাজুলি। তাহানিকালত  হাবি  ভাঙিবলৈ অহা ভূমিহীন মানুহৰ দলটোৱে জুম পাতি গছ কাটি  মোকলাই   লৈছিল  ৰূপিত  মাটি। পুৱতি নিশাৰপৰা  কৰত-কুঠাৰৰ শৱদ। কাষত দিনে-নিশাই  জ্বলি থকা একুৰা  বিয়াগোম  জুই। ঢেকীয়াপতীয়া, নাহৰফুটুকী,  ভালুক, কেটেলাপহু, হৰিণাৰ জাকবোৰ হাবিৰ  ভিতৰলৈ সোমাই  গৈছিল।

আমনি কৰিবলৈ  পাহৰা  নাছিল হাতীৰ জাকবোৰে। মৈদেৰনি  ফাল'। বনভূমি হেৰুৱাই অনাথ হৈ পৰা হস্তীকূলৰ  পাল। পথাৰৰ শইচ খাবলৈ অহা হাতী খেদাটো গোষ্ঠীৰ বাবে আছিল এটা খেল। হাতী খেদিবলৈ  হ'লে  মুখেৰে  বেয়া মাত-কথা ওলাবলৈ  নেপায়। মিঠা  মিঠা কথা কৈ খেদাব লাগে দেই। যাৱকগৈ যাৱক। আমাৰ ধান খাবলৈ নাহিব। বেৰা ভাঙি জুমাই খাবলৈ নাহিব।

তথাপি পথাৰলৈ অহা  হাতী খেদিবলৈ শুদা হাতে যাব নোৱাৰি। বল্লম এডাল হাতত লৈহে ওলাব  লাগিব।এনেকৈ ওলাওতে হ'ল কি,  আনজাও নামৰ গিৰিহতে হাতত লোৱা বল্লমডালৰ জোংটো চোঁচা মাৰি অহা বনৰীয়া হাতীৰ কপালতে লাগিল।দীঘল  নালটো  মাটিত  পোত  খাই  লাগি ধৰিলে। হাতী লৰ-চৰ কৰিব নোৱাৰা অৱস্থা। সিফালে অনজাও হাতীৰ সন্মুখত। কি জানো মোহাবিষ্ট হ'ল, লৰ-চৰ কৰিব নোৱাৰা হৈ মানুহটো তাতেই থৰ লাগিল।  আনবোৰ  দূৰলৈ পলাল।তাৰ   সন্মুখত  হাতী। হাতীৰ  কপালত লাগি  ধৰা  বল্লমৰ জোং। খং উঠি শুঁৰডালেৰে  দলি মাৰি  দিলেই  মানুহ  খতম। পাছে হাতীয়ে প্ৰাণে নবধিলে। হাতী  ঘূৰিল। উভতি  যাবলৈ ওলাল।  যাওতে   ভৰিতে  সামান্যকৈ আঘাত  কৰি  গ'ল। অনজাওৱে চিৰকাললৈ দুপিয়াই দুপিয়াই খোজ দিবলগীয়া হ'ল।

  

ফাইলাৰ সাধুটো ক'লে আকউ  গোষ্ঠীয়ে হাঁহিব, নে কান্দিব ভাবিয়ে নাপায়। সাঁজবেলা ফাইলাৰ  মানুহজনীয়ে  ক'লে--‘বহু দিন মছ-তাছ খাবলৈ পোৱা নাই। ব'লক। আংৰা নৈ বুকুলৈ যাও। না-খান্দা মাছ দুটামানকে ধৰোঁগৈ। কি ঠিক!না-থু  মাছৰ  জাক এটাও  চালনীত উঠিব পাৰে! সোৱাদৰ চাটনী এখন খাবলৈকে হ'ব।'  এইবুলি দুবছৰীয়া কেঁচুৱাটো কাষৰ ঘৰত থৈ দুয়ো হাতত চালনীখন লৈ আংৰা নৈলৈ গ'ল।

অলপ পিছতে গঞাই শুনিলে নহয় হাতীক কান্দন। কেঁচুৱাটো থৈ যোৱা মানুহঘৰে হুলস্থুল লগাই দিলে। ইফালে নৈৰ পাৰত হাতীয়ে কান্দিছে, সিফালে ফাইলাই মানুহজনীৰ সতে মাছ ধৰিবলৈ গৈছে। কি হ'ব এতিয়া। হাতে হাতে বল্লম, জোঁৰ লৈ গঞা ওলাই গ'ল। দেখিলে, ফাইলাৰ মানুহজনী  কান্দি-কাটি বাউলী হৈ ঢপলিয়াই আহিছে। ফাইলাক নিলে ঐ,  ফাইলাক নিলে। মানুহবোৰ চাপি গ'ল। দেখিলে,  হাতীয়ে চাৰিটা ভৰিৰ মাজত ফাইলাক লৈ পুতলাৰ দৰে খেলি আছে। ভৰিখনেৰে বুকুত সামান্য হেঁচা দিলেই ফাইলা খতম। পাচে, মানুহৰ চিঞৰ-বাখৰ শুনি হাতী হাবিৰ ভিতৰ পালেগৈ। গোষ্ঠীয়ে দেখিলে, ভৰিৰ আচোঁৰত ফাইলাৰ গাৰ কাপোৰ ফালি-চিৰি তথৈবচ। ভয় আৰু বেদনাত মানুহৰ   হুঁচ নাই। ভায়েকে বোকোচাত বান্ধি  স্পিতাললৈ  লৈ  গ'ল। পিচদিনা বেমাৰীক কোকলাবাৰী হস্পিতাললৈ  নিব  লগা হ'ল। বুকুৰ দুডাল কামিহাডহে  ভাগিছে। আন আঘাত  নাই। 

গোষ্ঠীৰ  মুখৰ বিৱৰণীত  হাতীয়ে-মানুহে  সন্মুখা-সন্মুখি হোৱাৰ লেখ-জোখ কাহিনী থাকিলেও হাতীয়ে  জীৱন  হানি কৰাৰ ৰেকৰ্ড  আংৰাজুলিত নাই।  হাতী অন্তৰ্যামী। আপুনি জগৰ নলগালে কেলেই দায় ধৰিব!

------

বিৱৰণীৰ সেই দেও লগা জোলোঙা বোকোচাত বৈ আনচুমৈয়ে  ঠিৰাং কৰিলে,   হাতত বন্দুক লৈ সুকীয়া ৰাজ্য বা  স্বাধীন ৰাষ্ট্ৰ নহয়-এদল লগৰীয়া গোটাই প্ৰলয়ৰ  মায়-ব্ৰা পৰ্বত আৰু ভৈৰৱকুণ্ডৰ বনভুমিত  নতুনকৈ হাবি এখন গজাই তোলাহে যুগুত,   যাতে গোষ্ঠীৰ দেও লগা বিৱৰণী মৰি নাযায়।নতুন বিৱৰণীয়ে  যাতে জনমহে  পায়। সেয়েহে ‘গ্ৰীণ ৱাৰিয়ৰ’ অৰ্থাৎ সেউজ যোদ্ধা   নাম লৈ সিহঁতে হাতে-কামে নামি পৰিল।

বনৰ হাতীয়েও কিহবাৰ  উমান পালে হবলা, দিলে নহয় সিহঁতেও দলটোৰ হাতত তুলি নতুন এটা সাধুকথা। সিও এক   অবুজ  সাঁথৰ।

উচন যোৱা বনভূমি মানেই বেদখলকাৰীৰ বসতি। ভৈৰৱকুণ্ডৰ  বনভূমিলৈও  আহিছিল ।এঘৰ, দুঘৰকৈ ।লাহে লাহে ছশৰে অধিক পৰিয়াল হৈছিল। নিজৰ নিজৰ গাওঁ এৰি উঠি অহা ভিন ভিন গোষ্ঠীৰ লোক।বনভুমিখন  হাতীৰ নিগাজী ঘৰ বুলি কৈ হাবি গজোৱাৰ স্বাৰ্থত সেউজ যোদ্ধাৰ  দলটোৱে তেওঁলোকক নিজৰ নিজৰ  গাৱঁলৈ উভতি যাবলৈ কোৱাত বেছিভাগেই তৰ্ক নকৰাকৈ  উভতি গৈছিল । সাতঘৰমানেহে  আকোৰগোঁজ মাৰি বহি  থাকিল।  গছ-গছনিৰ শুকান ডাল সংগ্ৰহ কৰিবলৈ বুলি  গজাই  লোৱা  হাবিখন নষ্ট কৰাত এই পৰিয়ালকেইটা আগৰণুৱা  আছিল। নতুনকৈ ৰোৱনি কৰা গছৰ পুলিও উভালি নষ্ট কৰিছিল। উপায় নাপাই  এই বসতিৰ কাষতেই সেউজ যোদ্ধাৰ দলটোৱে খেৰ-বাঁহ গোটাই নিজৰ কাৰ্যালয় খুলি  লৈছিল। নিশা পাল পাতি পাতি হাবিখন  পহৰা দিছিল।

ধীৰে ধীৰে গজিছিল হাবি। বাৰিষাৰ গহীন  বতাহ,  খৰালিৰ কুঁৱলীৰ সেমেকা  বুকুৰে । বতৰে বতৰে  সলাইছিল  সাজ।  সেৰেঙাৰপৰা জোপোহানি  হৈছিল। জোপোহানিৰপৰা ডাঠ। সলনি হৈছিল হাবি ভাঙি সৰকি যোৱা  বতাহৰ সুৰ। উৰি যোৱা বতাহৰ  সুৰ গছৰ ঘন পাতত খুন্দা খাই,  জঁয়াৰ হৈ উঠিছিল। উভতি আহিছিল হাবিৰ পখীৰ  নাচন। জাৰণিৰ  পখীৰ কান্দন । বতাহত দুলিছিল যোৰ পাতিবলৈ নাচন কৰা পখীৰ আধিভৌতিক জঁ। ডাঙৰ  হবলৈ  ধৰিছিল হাতীৰ  ল । তিনি-চাৰিটা থকা হাতীৰ পাল একোটা  দহ-বাৰটা হৈছিলগৈ। ৰোৱনি কৰা তৰাৰ  গঁজালিবোৰ আছিল নতুন মোহ। ওখাফ'ৰৰ শেঁতা  পোহৰত  আনচুমৈৰ  বুকুত গজা  খয়েৰ গছৰ হাবিখনৰ ঠেঙুলি ভাঙিবলৈ তেওঁবিলাক নামি আহিছিল। 

মৈদেৰনি ফাল'। লাহাৰ-ফাহাৰ খালামনায় ।

হস্তীকূল। দলদোপ-হেন্দোলদোপকৈ।

দলটোৱে  দখলকাৰী পৰিয়ালকেইটাক কৈছিল- এইখন তাহানিৰেপৰাই হাতী থকা  হাবি । আপোনালোক উঠি  যাৱক।

-কিন্তু,  কোনে শুনে এই কথা। 

তাৰপিছত হ'ল কি,  পৰিয়ালকেইটা এদিন ভাবিব নোৱাৰা এক উচ্ছেদৰ বলি হ'ল। এই  উচ্ছেদ  কৰিলে কোনে?   নিশা অহা হাতীৰ পালে। কোনোবা এটি  নিশা আহি অকস্মাতে হাতীৰ দলটোৱে পৰিয়ালকেইটাৰ  ঘৰ-দুৱাৰ  ভাঙি চাৰ- খাৰ কৰি পেলালে। বাধা দিবলৈ চাওতে খঙাল হাতীৰ  পালটোৱে হুলস্থুল, দৌৰা-দৌৰিৰ মাজতে মাইকী মানুহ এজনী  ঠিয়ৈ ঠিয়ৈ দুফাল কৰি দিলে। ঘৰ-দুৱাৰ  ধ্বংস কৰি অহা বাটে গুচি গ'ল। আচৰিতধৰণে এই লণ্ড-ভণ্ডৰপৰা  বাচি   গ'ল সেউজ যোদ্ধাৰ  দলৰ কাৰ্যালয়া ।  নিশা খপি  পহৰা দিয়া ডেকাটিকো  একো  নকৰিলে। এখন কাগজৰো হানি-বিঘিনী ন'হল। 

বনজুইৰ  দৰেই  বিয়পিছিল  ঘটনা।  হায়ৈ! বিয়ৈ!হাতীয়ে লণ্ড-ভণ্ড কৰা পৰিয়ালকেইটাই চৰকাৰী সাহায্য লৈ নিজৰ নিজৰ গাৱঁলৈ গ'ল।যাওতে কৈ গ'ল-আমাৰ ভুল হৈছিল।হাতী অন্তৰ্যামী।  জোকাবলৈ  নাপায়।

টালি-টোপোলা বান্ধি মানুহজাক গুচি গ'ল। সেইফালে চাই গোষ্ঠীয়ে কবলৈ ধৰিলে- আনচুমৈ  সঁচাকৈয়ে  এটা  সাঁথৰ। ৰহস্যৰ ভাখ্ৰী। নহলেনো হাতীৰ পালটোৱে কেলেইবা এই কাণ্ড  কৰিলে। লণ্ড-ভণ্ড কৰাৰ সময়ত কেলেইবা দলৰ কাৰ্যালয়টোৰ হানি-বিঘিনী নকৰিলে।

মুখে মুখে বাগৰি  হাতীয়ে  মানুহক উচ্ছেদ কৰাৰ বিৱৰণীটো নতুন সাধুকথা এটা  ন'হলজানো। এই সাধুকথাটোক  দীঘলীয়া  কৰি  নিবলৈ  বন্যপ্ৰাণী  সংৰক্ষক বৈভৱ  কাকতিয়ে ‘গজকথা’  নামেৰে এলানি নতুন  নতুন সাধুকথা   ৰছনা কৰি  উলিয়ালে। যেনিবা সৌ  ৰৌতাৰ  বুকুৰে  যোৱা ৰে'ললাইনত চলা  ৰে'লগাড়ীৰ  ইঞ্জিনৰ  পিছে  পিছে   তেওঁ নতুন নতুন ডবাবোৰ  লগাইহে দিলে। তেওঁৰ নেতৃত্বতে সেউজ যোদ্ধাৰ দলে গাঁৱে গাঁৱে মেল  পাতি হাতী অহা-যোৱা কৰাৰ বাটত অসুবিধা নকৰাকৈ শইচৰ পথাৰৰ কাষে কাষে  সৌৰ-বেৰাৰ ব্যৱস্থা  কৰিলে । জৈৱ-বেৰা পদ্ধতিৰে নেমু পুলি ৰুই হাতী অহাৰ বাট ভেটাৰ লগতে নতুন  জীৱিকাৰ  সন্ধান দিলে। ছাত্ৰ  আৰু  শিক্ষকসকলক  হাতী আহিলে কিদৰে  খেদিব  লাগে,   সেই  বিষয়ে  প্ৰশিক্ষণ  দিলে। চাৰিওফালৰ বাট বন্ধ কৰি হাতী খেদিবলৈ  নাযাব। ওলাই  যাবলৈ বাট এটা  ৰাখিব। গাৱঁৰ স্কুলৰ  মধ্যাহ্ন ভোজনৰ ৰচদ-পাতি ৰখা ঘৰটোতো হাতীয়ে কেতিয়াবা উৎপাত কৰিছিল। তাতে ৰন্ধন ঘৰৰ চাৰিফালেও সৌৰ-বেৰা দিলে।পৰিবেশ সুৰক্ষা নেটৱৰ্কিং গোট গঠন কৰি হাবিৰপৰা হাতী ওলাই অহাৰ বাটৰ খবৰ-বাতৰি খৰতকীয়াকৈ পোৱাৰ ব্যৱস্থা কৰিলে।  বাটত সৌৰ-লাইটৰ  ব্যৱস্থা কৰিলে। হাতী খেদোঁতে  আঘাত পালে  লগে লগে  চিকিৎসাৰ  ব্যৱস্থা কৰিব পৰাকৈ গোষ্ঠীক  প্ৰশিক্ষণ দি  এটা  প্ৰাথমিক চিকিৎসাৰ  দলো গঠন কৰি দিলে। দলটোৱে আকউ সকলো ঘটনাতে মানুহক প্ৰাথমিক চিকিৎসা দিব পৰা হৈ উঠিল। 

পাচে,  গোষ্ঠীৰ বাবে পিচে আটাইতকৈ ৰোমান্সকৰ আছিল হাতীয়ে  মালা পিন্ধাৰ সাধু। ৰেডিঅ' কলাৰ লগোৱাৰ  সাধুটোৱেই হাতীয়ে মালা-পিন্ধা সাধু বুলি মুখে মুখে বাগিৰিছল। সেইসময়ত বৰ বৰ বিশেষজ্ঞসকল গাৱঁলৈ আহিল।  কিমান যে আলচ-বিলচ হ'ল! তেওঁলোকে কেইবামাহো ধৰি হাতীৰ  পালবোৰ  নিৰীক্ষণ  কৰিলে। যেতিয়া চুড়ান্ত  সিদ্ধান্ত হ'ল তেতিয়া প্ৰকৃতি সংগঠনৰ মানুহ, সেউজ যোদ্ধাৰ ল, বনবিভাগ, আৰক্ষী,  ট্ৰেংকুলাইজাৰ বিশেষজ্ঞ, পশু-চিকিৎসকৰ দল-সকলো ভাগে ভাগে আহি উপস্থতি হ'লহি। ওপৰত চলিল ড্ৰোন কেমেৰা। তলত ভিডিঅ' ৰেকৰ্ডিং আৰু ফটো তোলৰ দায়িত্ব পৰিল আনচুমৈৰ । প্ৰথমে লক্ষ্য  কৰা  হৈছিল এটা দন্তালক। অতি পৰিকল্পতিভাৱে, সফলতাৰে ট্ৰেংকুলাইজড  কৰা হ'ল। টোপনি অহা দৰৱৰ প্ৰভাৱত জাকৰ মাজত থকা দন্তাল লাহে লাহে পিছ পৰিল। আনবোৰ অগুৱাই গ'ল। সেই চেগতে বিশেষজ্ঞৰ দলে  হাতীৰ ডিঙিত ৰেডিঅ' কলাৰ সংযোগ  কৰিলে। আধাঘণ্টাৰ  ভিতৰতে  কাম খতম। এতিয়া  চেটেলাইটৰ সহায়ত ট্ৰেন্স-বাউণ্ডেৰী এলেকাত হাতীৰ বিচৰণ নিৰীক্ষণ কৰিবলৈ সুবিধা হ'ল।  দলটো উল্লাসিত হৈ উঠিল।প্ৰশাসনে বান্ধি দিয়া নিৰাপদ দূৰত্বত ৰৈ চাই থকা গোষ্ঠীৰ চকু কপালত উঠিল বনৰ   হাতীক মালা পিন্ধোৱাৰ এই আচৰিত দৃশ্য দেখি।

মাকৰ বোকোচাত থাকোঁতেই ভুমুকৰ পানীত বনৰ হাতীয়ে তাক লৈ খেলা কৰা সাধুটো শুনি শুনি ডাঙৰ হোৱা আনচুমৈয়ে হাবিক কেতিয়াৰপৰা ভাল পাবলৈ শিকিছিল, সেই কথা তাৰ আৰু মনত নাই। মনত  থকাৰপৰা  হাবিয়েই  তাৰ আকৰ্ষণ।ৰোমান্স । টেলিভিছনৰ পৰ্দাত  বনৰ জীৱ ট্ৰেংকুলাইজড কৰি ৰেডিঅ'কলাৰ লগোৱাৰ দৃশ্য সি অনেকবাৰ দেখিছে।ৰোমান্সিত হৈছে। সেইদিনা সি যে নিজেই  তেনে এক  কাৰ্যসূচীত গুৰুভাৰ  পালন কৰিবলৈ পালে। যেনিবা  সপোন এটাহে। এক বিৰল ঘটনাৰ সতে জড়তি হৈ পৰিল সি।গৰ্ব  হ'ল  তাৰ । দলৰ  কৰ্ম-কুশলতাত।  সাধাৰণতে সি টিভিত দেখা প্ৰগ্ৰেমবোৰত ট্ৰেংকুলাইজড্  কৰাৰ কিছুসময়ৰ পিছত  হাতী  মাটিত বাগৰি  পৰে   আৰু তেতিয়াই  ৰেডিঅ'  কলাৰ সংযোগ কৰা হয়। কিন্তু সেইদিনা সি  দেখিলে,   দক্ষ বিশেষজ্ঞৰ হাতত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ এই  লেণ্ডস্কেপ এলেকাত কৰা  ৰেডিঅ'  কলাৰ  প্ৰগ্ৰেমত ট্ৰেংকুলাইজড্ কৰা হাতী  মাটিত  বাগৰি  নপৰিল। ঠিয়  হৈয়ে  ৰ'ল। অতি কম পৰিমাণৰ  টোপনি অহাৰ দৰৱ প্ৰয়োগ  কৰা  হৈছিল। অৰ্ধ-চেতন অৱস্থাত  ঠিয় হৈ  থকা হাতীৰ   চকুত  কাপোৰ থৈ  নিয়াৰিকৈ ৰেডিঅ'  কলাৰ  সংযোগ কৰা হ'ল। অতি কম সময়ত। চকুৰ সন্মুখতে লাহে  লাহে  সাৰ পাই হাতীয়ে জাকৰ লগ  ল'লেগৈ। 

পাচে সকলো  সাধুৰ বাট  হবলা সফলতাৰ  আছিল? সেইদিনাখন  অকস্মাতে  লাগিল নহয় কেণা।দোভাগ  নিশা আনচুমৈ ঘৰলৈ  উভতিছিল  বিমৰিষ হৈ।দিনৰ ভাগত এজনী মাতৃ-হস্তীৰ শৰীৰত ৰেডিঅ'  কলাৰ  সংযোগ কৰাৰ  এটি প্ৰচেষ্টা ব্যৰ্থ হৈ  গৈছিল। ব্যৰ্থ  হৈ গৈছিল কেইবামাহৰো প্ৰস্তুতি। পানীত পৰিছিল লাখ লাখ টকা। অৱশ্যে   কাৰিকৰী ত্ৰুটি নাছিল  এয়া।  সকলো  প্ৰস্তুতি নিখুঁত  আছিল। সঠিক সময়ত বিশেষজ্ঞই  ট্ৰেংকুলাইজড কৰিলে।  কিন্তু দন্তালৰ বেলিকা যিদৰে  দলটোৱে তাক এৰি থৈ  আগুৱাই  গৈছিল, মাতৃ-হস্তীৰ  বেলিকা হস্তীকূলৰ  আচৰণ হৈ পৰিল একেবাৰে  বিপৰীত। ওপৰৰপৰা  ড্ৰোন কেমেৰাই কাৰ্যসূচীৰ  ৰেকৰ্ডিঁং  কৰাৰ ভিডিঅ'  কম্পিউটাৰৰ  পৰ্দাত চাই বিশেষজ্ঞসকলে দেখিলে,   প্ৰায়  দুকুৰিমান  হাতীয়ে মাতৃ-হস্তীক  চাৰিওফালৰপৰা  আগুৰি  ধৰিছে। এনেকৈয়ে   হস্তীকূলে   পিচ পৰি ৰোৱা মাতৃৰ  চাৰিওফালে সুৰক্ষাৰ এক অভেদ্য দূৰ্গ  ৰছনা কৰিছে। সিহঁতে  মাতৃ-হস্তীক এৰি থৈ আগুৱাই  যোৱা  নাই। পূৰ্বৰ  দন্তালৰ  বেলিকাতো এনে হোৱা নাছিল!এয়াই  হয়তো  হস্তীকূলৰ  দলনেত্ৰীৰ  সুৰক্ষাৰ  প্ৰতি  দলৰ  কৰ্তব্যনিষ্ঠা।  

ৰেডিঅ'  কলাৰ সংযোগ কৰিবলৈ অহা দল বিপাঙত পৰিল। অভেদ্য হস্তী-দূৰ্গৰ  ভিতৰলৈ  সোমাই  ৰেডিঅ' কলাৰ লগোৱাৰ সাহস নকৰিলে। প্ৰগ্ৰেম  বাতিল কৰা হ'ল।বিশেষজ্ঞৰ দল অহা বাটে উভতি গ'ল।

এই নতুন  অভিজ্ঞতাৰ বিষয়ে আলচ-বিলচ কৰি ঘৰমুৱা হওতে আনচুমৈৰ নিশা দোভাগ হ'ল। এনে কাৰ্যসুচীৰ পিছত সিহঁতে সাধাৰণতে নিশাটো কাৰ্যালয়তে কটাই  সফলতাৰ  উদযাপন কৰে। কিন্তু  সিদিনা কাম-বন সামৰি সি পলমকৈ  হলেও ঘৰলৈ  উভতি  আহিল। গাৱঁৰ মুখতে সৌখন  প্ৰাথমিক বিদ্যালয়।  তাৰপিছতে  গিৰ্জাঘৰটো।   জামপানী নৈৰপৰা বোৱাই  অনা ডং এটাই দুয়োৰে সীমা বান্ধিছে। মৰিশালিখন  গিৰ্জাৰ  লগতে লগা। কংকাল হেৰোৱাৰ   ঘটনাৰ আৰক্ষীয়ে  কৰা তদন্তৰ এতিয়ালৈকে  ফল  ওলোৱা নাই। গোষ্ঠীয়ে নিজাকৈ সৌৰ-লাইট লগাই  মৰিশালিখন  পোহৰ কৰি থবলৈ টকা সংগ্ৰহ কৰি আছে। অহা-যোৱা কৰোঁতে সেইফালে চকু গ'লে  আনচুমৈ  বিমৰিষ হৈ পৰে।

চিমেণ্টৰ ব্লকপৰা বাটটোৰে ধীৰে ধীৰে বাইকখন চলাই আহোঁতে তাৰ ভাৱ হ'ল মৰিশালিত কিহবাই লৰ-চৰ কৰিছে।  অকস্মাতে মনত সন্দেহ  হ'ল। ছয়া-ময়া অন্ধাৰত সৌ লৰ-চৰ কৰি থকা ছায়ামূৰ্তিকেইটা কি?  কাষলৈ চাপি গ'ল। অলপতে কবৰৰ কংকাল উঠাই  নিয়া দলটো  নেকি? হয়তো আনচুমৈ আজি গাৱঁত নথকাৰ খবৰ সিহঁতে পাইছে।  আৰু তাৰেই সুযোগ  লৈছে। এৰা, সকলো ঠিকে থাকিলে সি আজি দলৰ কাৰ্যালতেই থাকিলেহেঁতেন। আনচুমৈৰ গা সিৰিককৈ উঠিল। অচিনা ভয়ত বুকু কঁপি উঠিল। তথাপি ‘হেই, হেই-কোন, কোন'  বুলি হুলস্থুল লগাই সি আগুৱাই   গ'ল। তাৰ হুলস্থুলত মানুহকেইটা সষ্টম হ'ল। কাষ পাওতেই হঠাতে সিহঁতৰ এটাই কোৰৰ নালেৰেই কোব মাৰি তাক  মাটিত পেলাই দিলে। অচেতন হোৱাৰ দৰে হৈ, আনচুমৈ  মাটিতে  পৰি গ'ল।  চকুৰে ধোঁৱা-কোৱা দেখিবলৈ ধৰিলে। চকুৰ পতা জাপ খোৱাৰ উপক্ৰম হ'ল। 

তেনেতেই ঘটিল নহয় ঘটনাটো।ক'ৰপৰা জানো জাক পাতি ওলালহি! মৈদেৰনি ফাল' । লাহাৰ-ফাহাৰ খালামনায়। হাতীৰ পাল। দলদোপ-হেন্দোলদোপকৈ আহিছে। মুদ খাবলৈ ধৰা চকুৰ পতা মেলি  অৰ্ধ-চেতন  অৱস্থাতে  আনচুমৈয়ে ভাবিবলৈ  চালে-অথনি  ড্ৰোন  কেমেৰাত ধৰা দিয়া পালটোৱেই  নেকি? নহয়   নহয়। তাতোকৈও ডাঙৰ। হাতীৰ পাল নহয়,  যেনিবা চকুৰ আগত মায়-ব্ৰা পৰ্বতখনহে  লৰিছে। চৰিছে। প্ৰলয়! প্ৰলয়!চকুৰ পতা তাৰ জাপ খাই গ'ল। এটা দন্তালে শুঁৰডালেৰে পলকতে পাক মাৰি আনচুমৈক পিঠিৰ ওপৰত তুলি ল'লে। তাৰপিছত পালটো আগবাঢ়িল।

চকুৰ পচাৰতে হাতীৰ খচকত মৰিশালিত কবৰ খান্দিবলৈ অহা দুৰ্বত্তকেইটাৰ প্ৰাণবায়ু ওলাই গ'ল।

পুৱালৈকে হাতীৰ পালটোলে লৰ-চৰ নকৰিলে।তাতেই ৰৈ থাকিল।পুৱা গোষ্ঠীয়ে দেখিলে-হাতীৰ পাল এটাই গাঁৱলৈ  সোমোৱাৰ বাট ভেটি ধৰিছে। খবৰ বিয়পি পৰিল। ভয়ত গোষ্ঠীৰ থৰ-কাচুটি হেৰাল।চুচুক-চামাককৈ গোষ্ঠীৰ মানুহ আগুৱাই অহা দেখি দন্তালে আনচুমৈক পিঠিৰপৰা নমাই  দিলে। তেতিয়ালৈকে কিছু  সুস্থিৰ  হৈছে  সি।

তেতিয়াহে গাষ্ঠীৰ মানুহে দেখিলে হাতীৰ খচকত মৰাকেইটা। বাহিৰৰপৰা আহি হাতীৰ বিষয়ে সোধ-পোচ কৰি  পিনপিনাই ফুৰা সন্দেহজনক মানুহকেইটাই দেখোন। দেখি-শুনি মুখৰ মাত মুখতে হেৰাল। বাথৌ ব'ৰাইলৈ  জনোৱা  আৰজ'ৰ দৰে, যিশুলৈ  জনোৱা প্ৰাৰ্থনাৰ সুৰৰ দৰে কাতৰ হৈ আথে-বেথে গোষ্ঠীয়ে মুখৰ ভিতৰতে বিৰবিৰালে,

- হাতী অন্তৰ্যামী। আপুনি জগৰ নলগালে হাতীয়ে কেলেই  দায় ধৰিব/ হাতী অন্তৰ্যামী।

লাহেকৈ বেলিৰ গজালিটো ওলাই আহিল। এইবাৰ হাতীৰ জাকটো ধীৰে ধীৰে মায়-ব্ৰা পৰ্বতৰ ফালে যাবলৈ ধৰিলে। পৰ্বতৰ তলত ধনচিৰিৰ পাৰত বহলকৈ জাৰণি। জাৰণিৰ পখীয়ে যোৰ পতাৰ সময়।যোৰ পাতিবলৈ  অহা  এটি   তিতিৰ পখীয়ে তৰোৱালৰ ধাৰৰ দৰে মাতটো  লিয়াই হাবিখন দুফাল  কৰি  কান্দিছে। সি যোৰ পাতিবলৈ বিনালে  গোষ্ঠীয়েও তাৰ কান্দনটো নকল কৰি  গায়, ‘ পাণ-বিড়ি- চিগাৰেট/পাণ-বিড়ি-চিগাৰেট/'  তৰোৱালৰ ধাৰ যেন সেই  বিননি তল পেলাই এটা উলুম'ৰাই নাচন  তুলিছে। ঠেও ধৰি ধৰি।  খুঁটি এটাৰ  দৰে পোনকৈ,   শূইনলৈ  উৰি  উৰি।আপোনতে বিভোৰা হৈ । ছন্দিত,  নাচনী জঁ শূইনত দোলাই।

দন্তালে  চমজাই  দিয়াৰ  পাছত চিকিৎসা কৰি আনচুমৈ যিদিনা সুস্থ হৈ উঠিল, সেইদিনাহে  গোষ্ঠীযে  কবলৈ সকাহ পালে,

-এয়া বাৰু অলপ কথানে! ই  সঁচাকৈয়ে এটা সাঁথৰ দেই। এটা ৰহস্যৰ ভাখ্ৰী।


-----

কৃতজ্ঞতা-- অসমৰ অন্যতম প্ৰকৃতি  সংগঠন ‘আৰণ্যক'ৰ ক্ষেত্ৰ সমন্বয়ক  আংৰাজুলি  গাৱঁৰ    দিদম দৈমাৰী ।  প্ৰকৃতি  সংগঠনটোৰ   হস্তী গৱেষণা আৰু সংৰক্ষণ বিভাগৰ মুৰব্বী  তথা  মানাহ  লেণ্ডস্কেপৰ  প্ৰশাসক ড০ বিভুতি  প্ৰসাদ  লহকৰ, বিশিষ্ট বন্যপ্ৰাণী বিশেষজ্ঞ তথা সৰীসৃপ গৱেষণা আৰু সংৰক্ষণ বিভাগৰ  মুৰব্বী ড০ ফিৰোজ আহমেদ, প্ৰাকৃতকি সম্পদ আৰু ব্যৱস্থাপনা তথা জীৱিকা বিভাগৰ  পৰামৰ্শদাতা ড০ জয়ন্ত কুমাৰ শৰ্মা,   ক্ষেত্ৰ সমন্বয়ক  ৰাবিয়া দৈমাৰী।  আংৰাজুলি  গাৱঁৰ  দেবেন দৈমাৰী প্ৰমূখ্যে  সমূহ  গাওঁবাসী।

জ্fউনি মৈদেৰ--পৰাণৰ হাতী।

ডং-- নামনি অসমৰ বহু ঠাইত পৰ্বতৰপৰা বৈ আহা নৈৰপৰা বোৱাই  অনা  পৰম্পৰাগত  জলসিঞ্চন পদ্ধতি ।বহু গাওঁ, অঞ্চল জুৰি  ডঙৰ পানী  বোৱাই নিয়া হয়।  ডং পৰিচালনা সমিতিয়ে পানী বিতৰণৰ নিয়ম বান্ধি দিয়ে। পৰ্বতৰ নামনিৰ   কিছুমান ঠাইত এই  ডংবোৰৰ পানী ইমান  নিৰ্মল যে, খাবলৈও ব্যৱহাৰ কৰিব পাৰি। বিশেষকৈ  যিবোৰ  ডঙৰ   বুকুত  ভুমুক থাকে, তাতে   নাদৰ ৰিং বহুৱাই খোৱাপানী  সংগ্ৰহ  কৰা হয়।


Thursday, 19 June 2025

 

‘শিল্পীৰ পৃথিৱী'ৰ আলোকেৰে

 জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিজ্ঞানসন্মত শংকৰদেৱ অধ্যয়নৰ এক অৱলোকন 




ৰত্না ভৰালী তালুকদাৰ

এই পবিত্ৰ অসম ভূমিত জন্ম গ্ৰহণ কৰা যিকোনো সৃষ্টিশীল লোক, যিসকলে নিজৰ সৃষ্টিশীলতাক গতিশীল কৰি ৰখাটো এক কৰ্তব্য বুলি ভাবি লয়, তেওঁলোকৰ বাবে শ্ৰীমন্ত  শংকৰদেৱৰ সৃষ্টিৰাজিৰ অধ্যয়ন কেৱল এক অনুপ্ৰেৰণাই নহয়,  এক স্ব-আৰোপিত দায়িত্বও। অলেখ জাতি-উপজাতিৰে অসমীয়া এটা বৰণীয়া জাতি।বাৰেৰহণীয়া  কৃষ্টি-সংস্কৃতিৰে ভৰা এটা প্ৰাণোচ্ছল জাতি হিচাপে ইতিহাসৰ পাতত অসমীয়া জাতি নিজৰ মহিমাৰে  জীয়াই  থকাৰ  যি  কালিকা-  তাক উপলব্ধি কৰিবলৈ ঐতিহ্য চেতনাৰ লগতে আমাক গভীৰ অধ্যয়নৰো প্ৰয়োজন। অসমীয়া জাতিৰ সৌভাগ্য  এয়ে যে,  জাতিৰ সাহিত্য-সংস্কৃতিৰ বৰভেটি গঢোঁতা শ্ৰীমন্ত শংকৰদেৱে আমাক এনে কিছুমান সঞ্জীৱনী দি থৈ গৈছে যে,  তেখেতৰ কৰ্মৰাজিৰ অধ্যয়নৰ মাজেৰে সকলো মানুহেই নিজৰ বাবে  এক প্ৰচ্ছন্ন জীৱনাদৰ্শ হৰণ  কৰি লব পাৰে। সেইবাবেই বোধহয় বিশেষকৈ সাহিত্য আৰু সংস্কৃতিৰ জগতৰ প্ৰায় সকলোবোৰ ক্ষণ জন্মা মনিষীৰ বাবে জগত গুৰু শ্ৰীমন্ত  শংকৰদেৱৰ সৃষ্টিৰাজিৰ বিষয়ে  অধ্যয়ন কৰা,   চৰ্চা কৰা এক মহৎ কৰ্তব্য।      

অৱশ্যে সকলোৱেই শংকৰদেৱ অধ্যয়নৰ বিজ্ঞানসন্মত চৰ্চা কৰিব পাৰিছে বুলি ধাৰণা নহয়। যিকোনো বিষয়ৰ  বিজ্ঞানসন্মত চৰ্চা তেতিয়াই সম্ভৱ হৈ উঠে,  যেতিয়া তাক নতুন সময়ৰ পৰিপ্ৰেক্ষিতত নতুন ৰূপেৰে ব্যখ্যা কৰি সময়োপযোগী কৰি তুলিব পৰা  যায়।  

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনকাল নাতিদীৰ্ঘ।কিন্তু এই নাতিদীৰ্ঘ  জীৱনতে  সুকুমাৰ  কলাৰ  সাধকগৰাকীয়ে শংকৰদেৱৰ অধ্যয়নৰ বেলিকা যিধৰণৰ বিজ্ঞানসন্মত  দৃষ্টিভংগী  গ্ৰহণ  আৰু তাৰ ব্যাখ্যাৰ  ইৰ্ষণীয় পাৰদৰ্শিতা  লাভ কৰিছিল,  সেই কথাই আমাক বিস্মিত কৰে। কবলৈ গ'লে, ৰূপকোঁৱৰৰ যি  শিল্পদৰ্শন  আৰু তাৰ  উত্তৰণ, সেয়া বহুলাংশে তেখেতৰ শংকৰদেৱ চৰ্চা আৰু অধ্যয়নৰ  গৰ্ভৰপৰাই  ওলাই  আহিছে  বুলি   কব  পাৰি। এইক্ষেত্ৰত অৱশ্যে  ৰূপকোঁৱৰৰ বিশ্ববীক্ষাৰ কথাও কব লাগিব, যাৰ মাজেৰে বিশ্বসংস্কৃতিৰ প্ৰৱাহৰ সতে অসমীয়া সংস্কৃতিৰ তুলনা কৰি তেওঁ উত্তৰণৰ মাজেৰে  নিজৰ  শিল্প-দৰ্শন গঢ়ি তুলিছে।

জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই  অনন্য শিল্পদৰ্শনৰ  পূৰ্ণ  প্ৰকাশ  ঘটিছে ‘শিল্পীৰ পৃথিৱী'ত। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ  আগৰৱালাৰ জীৱনৰ প্ৰায় অন্তিম সময়ত ১৯৪৮ চনত শিৱসাগৰত অনুষ্ঠিত হোৱা ‘সদৌ অসম শিল্পী সংঘ'ৰ  প্ৰথম অধিবেশনৰ  সভাপতিৰ অভিভাষণখনেই  ‘শিল্পীৰ পৃথিৱী'। ‘শিল্পীৰ পৃথিৱী'  এক বিশাল  অভিভাষণ  আৰু  ইয়াতেই শিল্পীগৰাকীৰ শ্ৰীমন্ত শংকৰদেৱ অধ্যয়ন আৰু চৰ্চাৰ গভীৰতাৰ স্বাক্ষৰ তেখেতে ৰাখি থৈ গৈছে। নকলেও হ'ব যে,গুৰুজনা বিষয়ক যিখিনি কথা তেওঁ ‘শিল্পীৰ পৃথিৱী'ত কৈছে, সেয়া সামগ্ৰীক ভাষণৰ মাত্ৰ কিছু  অংশহে। কিন্তু  তাৰপৰাই তেখেতে  গোটেই  জীৱন  জুৰি কৰা শংকৰদেৱ অধ্যয়নৰ  বিস্তৃতিৰ উমান পাব পাৰি। দৰাচলতে  শ্ৰীমন্ত  শংকৰদেৱৰ  সামগ্ৰীক অধ্যয়নৰ আমঠুখিনিয়েই তেখেতে ‘শিল্পীৰ পৃথিৱী'ত ব্যক্ত কৰি থৈ গৈছে। কুৰি শতিকাৰ  আৰম্ভণিতে জন্ম  গ্ৰহণ কৰা এগৰাকী ৰূপান্তৰৰ শিল্পীয়ে তেওঁতকৈ পাঁচশ বছৰতকৈও আগতে জন্মগ্ৰহণ কৰা আন এগৰাকীৰ ৰূপান্তৰৰ শিল্পীৰ অৱদানক কিদৰে আৱিস্কাৰ  কৰিছে, নতুন সময়ৰ প্ৰেক্ষাত পূৰ্বৱৰ্তীৰ দৰ্শনক কিদৰে  বিজ্ঞানসন্মতভাৱে  ব্যাখ্যা কৰিছে-সেই কথাই  আমাক  বিস্মিত কৰাই নহয়-অসমীয়াৰ আধ্যাত্মিক দৰ্শনৰ মূল কালিকা ‘কৃষ্ণ’ সংস্কৃতিক  নস্যাৎ কৰিবলৈ বৰ্তমান সময়ত যিধৰণৰ ষড়যন্ত্ৰ  চলিছে ,সেই কথাৰ উমান লোৱাৰ বেলিকাও জ্যোতিপ্ৰসাদৰ এনে   ঐতিহ্যচেতনাৰপৰা আহৰিত শিল্পদৰ্শনে আমাক  সহায়  কৰিছে। এই দৰ্শনে  কেৱল  জ্যোতিপ্ৰসাদ আগৰৱালাৰ  শংকৰদেৱ অধ্যয়নৰ বিস্তৃতিৰ  কথাকেই কোৱা নাই। 

আচলতে, পৃথিৱীত অধ্যয়নশীল লোকৰ অভাৱ নাই। অধ্যয়ন বহুতেই  কৰে, কিন্তু  কম সংখ্যক  প্ৰতিভাধৰ লোকৰহে  থাকে সেই বিৰল বীক্ষণ, ভিন্ন সময়ৰ প্ৰেক্ষাত পদ্ধতিগত অধ্যয়নৰ  পৰা আহৰণ কৰা বোধ আৰু  উপলব্ধিক নতুন যুগৰ প্ৰেক্ষাত নতুনকৈ  ব্যাখ্যা কৰাৰ। যিদৰে জ্যোতিপ্ৰসাদ আগৰৱালাই শংকৰদেৱৰ আদৰ্শক পৰীক্ষা  কৰি  চাইছিল  পুৰণিক নতুনকৈ চোৱাৰ অন্তৰ্দৃষ্টিৰে নতুন সময়ৰ  কষটি  শিলত। তেখেতে শংকৰদেৱক ঠেক  পৰিচিতিৰ  গণ্ডীত  মাথোন এজন ধৰ্মপ্ৰচাৰক বুলি মানি  লবলৈ ৰাজী হোৱা নাই, বৰঞ্চ সাংস্কৃতিক গুৰুৰ আসনতহে  উপবিষ্ট কৰাইছে। 

‘শিল্পীৰ পৃথিৱী'ত তেখেতে গুৰুজনাৰ  বহুল  প্ৰচলিত ‘ধৰ্মপ্ৰচাৰক' ভাৱমূৰ্তিৰ উৰ্ধলৈ গৈ  কৈছে-“শ্ৰীমন্ত  শংকৰ আমাৰ সংস্কৃতিৰ গুৰু। আজিৰপৰা পাঁচশ বছৰ আগতেই এখেতে আমাক যি সাংস্কৃতিক আদৰ্শ দিলে আজি এই নতুন দিনত আমি সেই সাংস্কৃতিক আদৰ্শকেই ধৰি নতুন দিনৰ নতুন পৃথিৱীলৈ যাত্ৰা কৰিব পাৰিমনে নোৱাৰোঁ?  ইয়াকেই আজি  শ্ৰীমন্ত শংকৰে দি যোৱা সংস্কৃতিৰ আদৰ্শত আমি নতুনৰ পোহাৰত সুক্ষ্মভাৱে বিশ্লেষণ কৰি চাই-সেইমতেই  আগবাঢ়িব লাগিব। সেইকাৰণেই শ্ৰীমন্ত শংকৰে দিয়া সংস্কৃতিটোনো কি তাক আমি বুজিবলৈ প্ৰথমেই চেষ্টা কৰিব লাগিব। শ্ৰীমন্ত  শংকৰে দিয়া সংস্কৃতিৰ নাম হৈছে কৃষ্ণ। কৃষ্ণ শব্দৰ বৈয়াকৰণিক অৰ্থ হৈছে সংস্কৃতি। আজি আমি  ভাৰতীয়ই, ইউৰোপীয়, মংগোলীয়ই, গণতান্ত্ৰিকে, জনতান্ত্ৰিকে যাক  সংস্কৃতি বুলি  কওঁ-- পুৰণি ভাৰতত থকা হিন্দু সংস্কৃতি গঢ়া আৰু সেইমতে চলা মানুহখিনিয়ে সংস্কৃতিক কৃষ্ণ বুলি নাম দিছিল আৰু কৃষ্ণ বুলি উপাসনা পূজা  আৰু  কৃষ্ণই দেখুওৱা  আদৰ্শমতে মানৱ জীৱনত আগবাঢিছিল। ভাৰতত সত্য, ত্ৰেতা, যুগ পাৰ হৈ  দ্বাপৰত আহি ভাৰতীয় সংস্কৃতিয়ে যি ৰূপ ধাৰণ কৰিলে--সেই  ৰূপটোৱেই হৈ গৈছে কৃষ্ণ। এই সেই ভাৰতীয়ৰ মহান ঐতিহ্যকেই-সেই ঐতিহ্যৰ কৃষ্ণৰূপী সংস্কৃতিকেই শ্ৰীমন্ত শংকৰে উপনিষদ ভাগৱতৰপৰা আনি অৰ্থাৎ ব্ৰাহ্মণ্য সংস্কৃতিকেই সেই যুগৰ উপযোগী ৰূপত আমকি দি থৈ গ'ল।”

প্ৰকৃত শিল্পীয়ে জানে, চৰ্বিত-চৰ্বণত তেওঁ হেৰাই যাব যদিহে বিপ্লৱী সত্তা আহৰণ কৰিব পৰা নাযায়। শিল্পীৰ এই  বিপ্লৱী সত্তা কি? ই হাতত বন্দুক তুলি লৈ কৰা প্ৰতিবাদ নহয়। শিল্পীয়ে বিপ্লৱী সত্তা আহৰণ কৰে আদৰ্শৰ  দ্বন্দ্বৰ  মাজেৰে,  জীৱনৰ নুতন উপলব্ধিৰে। এইক্ষেত্ৰত,   যিকোনো শিল্পীয়ে বিপ্লৱী সত্তা আহৰণ কৰিবলৈ প্ৰাথমকিভাৱে চেষ্টা  কৰে অধ্যয়নৰ মাজেৰে, ঐতিহ্যৰ চেতনাৰ মাজেৰে গতি  কৰি।  জ্যোতিপ্ৰসাদ আগৰৱালাৰ অধ্যয়নৰ পদ্ধতিত ঐতিহ্যৰ চেতনা অতি তীক্ষ্ণ। সেইবাবেই ‘শিল্পীৰ পৃথিৱী'ত গুৰুজনাৰ উল্লেখ বিস্তৃত নহলেও,  যিখিনি  আছে সেয়া  সমস্ত উপলব্ধি আৰু সাৰকথাৰ শাহ বুলি উমান পাব  পাৰি।  জ্যোতিপ্ৰসাদে ঐতিহ্য চেতনা আহৰণ কৰাৰ সমান্তৰালভাৱে  স্থানীয় সংস্কৃতিৰ কালিকা  আত্মস্থ  কৰিবলৈ ভাৰতীয় সংস্কৃতিৰ লগতে বিশ্ব  সংস্কৃতিৰো নানা দিশ  অধ্যয়ন  কৰিছে। সেইবাবেই  শংকৰদেৱৰ  কৰ্ম-ৰাজিৰ  অধ্যয়নৰ মাজেৰে তেখেতে  গুৰুজনাৰ  ধৰ্মীয়  দৰ্শনৰ পৰিধি ভাঙি  সুকুমাৰ  কলা, স্থাপত্যৰ দৰে  দিশসমূহলৈ বিজ্ঞানসন্মত  দৃষ্টি  নিক্ষেপ  কৰিছে। 

কৃষ্ণ  সংস্কৃতি  সুকুমাৰ কলাৰ প্ৰতীক বুলি উপলব্ধি কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছে--“কিন্তু  দ্বাপৰত মনীষৰ পূৰ্ণ উপলব্ধিত দেখিলে, নহয়, মানুহৰ দৃষ্টিভংগী হ'ব লাগিব artistic, অৰ্থাৎ  শিল্পীহে  মানুহ। এই  শিল্পীটো হ'ব লাগিব প্ৰধান-আৰু জীৱনক কলাময়ী ৰূপ দিবলৈ যাওঁতে দুস্কৃতিৰ সতে যুদ্ধ আছে তাৰ বাবে বীৰত্বটো লাগিবই। কিন্তু মানুহৰ পূৰ্ণ জীৱন শিল্পীৰ ৰূপতহে ওলাব। সেইবাবে কৃষ্ণ শিল্পী-সুকুমাৰ কলা বিশাৰদ-চিৰসুন্দৰ মূৰ্তিৰে আঁকিলে। আৰু  এটা ডাঙৰ কথা যে কৃষ্ণক  ব্যৱসায়ী সুকুমাৰকলাসেৱী কৰি অঁকা নাই। আঁকিলে জীৱনৰ শিল্পীকৈ। সুকুমাৰ কলাৰ মাজেদিয়ে কৃষ্ণৰ  প্ৰথম প্ৰকাশ-কিন্তু সেই প্ৰকাশ একেবাৰে বাস্তৱ জীৱনৰ উতলি থকা জীৱনৰ মাজত। বাস্তৱ  জীৱনক্ষেত্ৰ আৰু বাস্তৱৰ ভাৱৰীয়া হৈয়েই কৃষ্ণৰ শিল্পীৰূপ প্ৰতিভাত। একেবাৰে জনতাৰ জীৱনৰ সোঁমাজতে। মানুহ যে শিল্পী-আৰু তাতেই গৈ তাৰ পূৰ্ণ বিকাশ আৰু প্ৰকাশ হ'ব-আৰু ব্যক্তিশিল্পীটোৱে জীৱনৰ কেন্দ্ৰজ্যোতি হৈ জনতাকো শিল্পীৰূপ দি জীৱনৰ পূৰ্ণৰাস পাতিব লাগিব-এই সত্যৰূপ ধৰা পৰিল দ্বাপৰতেই আমাৰ মনীষাত-কিন্তু এতিয়া এইযে মানুহৰ শিল্পীৰূপ এই কথাটো লাহে লাহে প্ৰতিভাত হৈ আহিছে পাশ্চাত্য এই কুৰি  শতিকাতহে।”

এই প্ৰসংগত প্ৰকৃত শিল্পীয়ে যে গজদন্ত  মিনাৰত  নহয়, মানুহৰ  মাজতে বাস কৰে সেই   কথাকেই  তেখেতে স্পষ্টকৈ  বুজাবলৈ চেষ্টা কৰিছে। ‘ব্যৱসায়ী সুকুমাৰকলাসেৱী'  শব্দযুগলৰ  প্ৰয়োগ মন কৰিবলগীয়া। প্ৰকৃত শিল্পী কেতিয়াও ৰজাঘৰীয়া  টুকৰ নহয়।  প্ৰকৃত শিল্পীৰ ব্যৱসায়িক দৃষ্টিভংগী নাথাকে, তেওঁ  মানুহৰ মাজতে সাধাৰণজনৰ এজন হৈ বাস কৰে। শ্ৰীকৃষ্ণও নাছিল । শ্ৰীমন্ত শংকৰদেৱো  নাছিল। শ্ৰীকৃষ্ণৰ জন্ম  হৈছে অত্যাচাৰী কংস  ৰজাৰ পোতাশালত। তোলনীয়া সন্তানৰূপে পালিত হৈছে গকুলৰ  গোপপালকৰ প্ৰধান নন্দৰ  ঘৰত, গোপপালকৰ  সতে  গৰু চৰাই উমলি-জামলি,  গৰখীয়াৰ ঘৰে ঘৰে মাখন চুৰ কৰি খাই ৰং-ধেমালি কৰি ডাঙৰ হৈছে। গৰু চৰাবলৈ যাওতেই  শিকিছে  কৃষ্টিৰ আধাৰ  মোহন  বাঁহী। কোনো সন্দেহ নাই যে,   দুস্কৃতি  নাশি  সংস্কৃতিক  থাপিবলৈ  পকিপক্ক  ৰাজনীতিবিদৰ দৰে জীৱনৰ পৰৱৰ্তী সময়ত বিভিন্ন কৰ্তব্য পালন কৰা  কৃষ্ণৰ এই শিশুৰূপেই যুগ যুগ  ধৰি সৰলপ্ৰাণ ভাৰতীয়ৰ বুকুত অনন্য স্থান  লৈছে। লগতে  ইয়াত কোনো সন্দেহ নাই যে,  দুবাৰকৈ  ভাৰত ভ্ৰমণ কৰি অনন্য জ্ঞান-অভিজ্ঞতাৰে সমৃদ্ধ হৈ  উভতি আহি  শ্ৰীমন্ত  শংকৰদেৱে  অসমীয়া সমাজখন কৃষ্টি-সংস্কৃতিৰে  বান্ধিবৰ সময়ত এই শিশুকৃষ্ণৰ ছবিখনেই  সাহিত্যত নিকপকপীয়াকৈ বান্ধিলে। সেই  সময়ত অনাখৰী মানুহে  বুজিব পৰাকৈ  উপযোগী  কৰি তুলি অতি বিচক্ষণতাৰে  নিঁভাজ  গাৱঁলীয়া শব্দৰ  প্ৰয়োগেৰে শ্ৰীমন্ত  শংকৰদেৱে  কিদৰে এই কাম সম্ভৱ  কৰি তুলিছিল,  সেয়া ড০ হীৰেন গোহাঁইৰ শংকৰদেৱ চৰ্চাৰ মাজেৰে আমি বিতংকৈ জানিব পাৰোঁ। ‘ব্যৱসায়ী সুকুমাৰকলাসেৱী'  হোৱাৰ বিপৰীতে শ্ৰীমন্ত শংকৰদেৱ  সদায় আছিল ৰাইজৰ মাজত, ৰজাঘৰীয়াৰ অত্যাচাৰতো তেওঁ শিৰ নত কৰা নাছিল।

ভাৰতীয় বা অসমীয়া মানুহৰ মনত এই  কৃষ্ণ সংস্কৃতি বা পৰম্পৰাৰৰ  মৰ্মাৰ্থ  জ্যোতিপ্ৰসাদে লাভ  কৰিছিল ক'ৰপৰা?   শংকৰদেৱ চৰ্চাৰ মাজেৰেই তেখেতে যে  এই  ‘কৃষ্ণ'  সংস্কৃতিৰ মহিমা  উপলব্ধি  কৰিছিল, তাক  বুজাত অসুবিধা  নহয়। ভাৰতৰ সনাতনী সংস্কৃতিত কৃষ্ণ পৰম্পৰাই এক বিশাল ঠাই  অধিকাৰ কৰিছে  আৰু সেই কৃষ্ণ পৰম্পৰাকেই সংস্কৃতিৰ  দ্যোতক  বুলি  গণ্য কৰাৰ ক্ষেত্ৰত  জ্যোতিপ্ৰসাদ আগৰৱালাৰ এনে উপলব্ধি  বৈপ্লৱিক  বুলি  কব  পাৰি। অধ্যয়ন, বোধ আৰু গভীৰ অন্তৰ্দৃষ্টিৰ মাজেৰেই  এই বৈপ্লৱিক চেতনা তেখেতে আহৰণ কৰিছে।  লগতে  তেখেতে এই  কথা  বলৈ পাহৰা  নাই যে, গুৰুজনাই  কেইবা শতিকাৰো আগতেই ভাৰতীয় সংস্কৃতিৰ কৃষ্ণ  পৰম্পৰাৰ সেই মৰ্মাৰ্থ উপলব্ধি কৰিছিল।

কোনো সন্দেহ নাই  যে,  গুৰুজনাৰ  সাহিত্যক সাৰথি  কৰিয়েই  তেখেতে  সেই  উপলব্ধি আহৰণ কৰিবলৈ  সক্ষম হৈছিল। হয়তো তাৰ বাবে দীঘলীয়কালৰ অধ্যয়নো কৰিছিল।  ‘শিল্পীৰ পৃথিৱী'ত তেখেতে কৈছে-“শ্ৰীমন্ত শংকৰেও এই কৃষ্ণকে আমাক সংস্কৃতিৰ প্ৰতীককৈ দি গৈছে  আৰু তেওঁৰ নিজক জীৱনতো কৃষ্ণৰ শিল্পীৰূপ মানৱ জীৱনত প্ৰকাশ কৰিবলৈ তেওঁৰ প্ৰতিভাৰে মনীষাৰে  চেষ্টা  কৰি গ'ল। প্ৰায়বোৰ ধৰ্ম প্ৰচাৰকে  সন্যাসীৰ দৰে ধৰ্ম প্ৰচাৰ  কৰি ফুৰে। কিন্তু শ্ৰীমন্ত শংকৰে কৃষ্ণ শব্দটোৰ অৰ্থ ভালকৈ বুজিছিল- সেইহে কৃষ্ণৰ আদৰ্শতে সেই যুগৰ উপযোগী জীৱন গঢ়িছিল। আৰু সেইদৰে জীৱন গঢ়ি জগতকে জীৱন কেনে হ'ব লাগে দেখুৱাইছিল। সেইকাৰণে তেওঁ  দৈহিক সৌন্দৰ্যযুক্ত হৈ মানুহৰ শাৰীৰীক সৌন্দৰ্য যে থাকিব লাগে, তাক উপলব্ধি কৰি শৰীৰ  চৰ্চা, ব্যায়াম  আদি  কৰি  শৰীৰৰ  দৈহিক ভাগলৈ সম্পূৰ্ণ মন দিছিল। তেওঁ শৰীৰৰ শক্তিকো উপেক্ষা নিশ্চয় কৰা নাছিল--ভৰ বাৰিষা লুইত পাৰ হোৱা, ষাঁড় গৰুৰ শিঙত ধৰি পোলোৱাত তেওঁৰ দৈহিক শক্তি  আৰু শৰীৰ পুষ্ট কৰা খেল-ধেমালিকো তেওঁ কৰ্তব্যৰ ভিতৰত ধৰিছিল। তেওঁ  মানসিক স্থিতাৱস্থাৰ কাৰণে নিজৰ দেহৰ, মনৰ, হৃদয়ৰ সক লো গুণাগুণৰ ওপৰত নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ব্ৰহ্মচৰ্য্য, যোগাভ্যাস সকলো কৰিছিল।তেওঁ সংসাৰী হৈ, গৃহী হৈ আদৰ্শ গৃহস্থ, আদৰ্শ সংসাৰীৰ চানেকি দেখুৱাইছিল। তেওঁ সকলো শাস্ত্ৰৰ পণ্ডিত হৈছিল। তেওঁ সুকুমাৰ কলাৰ আটাইকেইবিধ- কবিতা, সংগীত, স্থাপত্য, ভাস্কৰ্য, আলেখ্যত বিশাৰদ হৈছিল। তেওঁ পৰিকল্পনা কৰিছিল, তেওঁ গাইছিল, বজাইছিল, নাচিছিল। তেওঁৰ চৰিত্ৰকাৰকে তেওঁ যে এজন মানুহ মোহিত কৰিব পৰা অতি সুদক্ষ শিল্পী আছিল, তাকে কৈ গৈছে। তেওঁৰ কবিতা, গীত, সুৰে আজিও পাঁচশবছৰৰ পিছতো তাৰ মাজেদি অহা তেওঁৰ প্ৰতিভাৰ শতদলৰ সুৰভিয়ে অসমীয়াৰ মনোবল আমোলমোলাই থৈছে।”-থোৰতে , মাথোন  এটা পেৰাগ্ৰাফত কোৱা  এই বক্তব্যতে জ্যোতিপ্ৰসাদ  আগৰৱালাৰ শ্ৰীমন্ত  শংকৰদেৱ অধ্যয়নৰ বিস্তৃতিৰ উমান পাব পাৰি।

কিন্তু কেৱল অধ্যয়নৰ বিস্তৃতিৰ মাজেৰে  নহয়, শংকৰদেৱ চৰ্চাৰ  প্ৰগতিশীল উপাদানেহে  জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিল্পী সত্তাটিক নতুনকৈ সজাই  তুলিছে।  শংকৰদেৱৰ অধ্যয়ন আৰু  চৰ্চাক প্ৰগতিশীলতাৰ  সূত্ৰৰে  অভিনৱত্ব প্ৰদান কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই ‘শিল্পীৰ পৃথিৱী'ত পুনৰ কৈছে-“১৯৩০ চনত বাৰ্লিনত ভাৱিষ্যতিক, আধুনিক  স্থাপত্যৰ কেইটিমান নতুনকৈ সজা ৰাজহুৱা ঘৰ দেখি-চক খাই উঠি-সেই বিদেশৰ চহৰৰপৰাই এই অসমৰ মহাপ্ৰতিভালৈ শিৰ দোঁৱাইছিলোঁ। ইয়াৰ পিছত ইউৰোপৰপৰা মই উভতি আহি ১৯৩১ চনত বৰদোৱা সত্ৰলৈ গৈ তাত বৰদোৱাৰ নামঘৰৰ খূঁটাত কাটি থোৱা ভাস্কৰ্য্যৰ নিদৰ্শন দেখি আকৌ এবাৰ বিস্ময়ত অভিভূত হৈছিলোঁ। সেই সময়ত বিশ্ববিশ্ৰুত ভাস্কৰ্য্যশিল্পী Epstein অৰ এক ভাস্কৰ্য্যৰ  কাৰিকৰীত জগতত এটা ৰোমাঞ্চ (sensation) সৃষ্টি হৈছিল। বিখ্যাত সমালোচকসকলে  Epstein অৰ কাৰিকৰীত ভাৰতীয়  প্ৰভাৱ আছে বুলি কৈছিল। সেই  কাৰিকৰীতেই দেখিলোঁ  বৰদোৱা নামঘৰৰ খূঁটাত কটা মূৰ্তিবোৰ। আচৰিত হ'লোঁ। ভকতক প্ৰশ্ন কৰোঁতে ক'লে সেই খুঁটাবোৰ গুৰুৰ দিনৰেই। তেন্তে এই ভাস্কৰ্যতো হিন্দুৰ দেৱ-দেৱীৰ ভাস্কৰ্য্যৰ কাৰিকৰী নহয়। এই নামঘৰৰ স্থাপত্যৰ দৰে বৈপ্লৱিক ভাস্কৰ্য্যটো দৃষ্টিভংগীৰপৰা ওপজা কাৰিকৰী। যি  কাৰিকৰী অলপ হেৰফেৰ হৈ আজি পাঁচশ বছৰৰ পিছত Epstein অৰ বটালিয়েদি ওলাই জগতৰ ৰোমাঞ্চিত কৰিছে তেতিয়া মোৰ মনে গাই উঠিছিল,


আগে নিচিনিলোঁ   এবেসে জানিলোঁ

তেন্তে তুমি শ্ৰীৰাম

অজ্ঞানীক মোক    প্ৰভূ ক্ষেমিয়োক

চৰণে কৰোঁ প্ৰণাম।

 

পশ্চিমীয়া শিক্ষা পাই অহঙ্কাৰত অন্ধলা হৈ ঘৰৰে মহাপ্ৰভূক চিনি নাপাই ফুৰা মোৰ মনটোৰ সকলো অহঙ্কাৰ সেইদিনা একেবাৰেই ধূলিস্যাৎ হৈ গ'ল। সেইদিনাৰপৰাহে মই অসমীয়া হবলৈ আৰম্ভ কৰিলোঁ। মোৰ ভিতৰৰ চাহাবটো ওলাই লৰ  মাৰিলে।“

“তাৰপাছত নামঘৰ ভিতৰলৈ গৈ দেখিলোঁ-থাপনাখন  দেখোন cubist design অৰ, তাত অঁকা-বাকবোৰ কোনোটো  impressionist, কোনটো symbolist শিল্পীৰ আলেখ্যৰ দৰে। বাৰে বাৰে এটা প্ৰশ্ন জাগিবলৈ ধৰিলে  বিদেশত কেলৈ পঢ়িবলৈ গৈছিলো, ঘূৰি আহিদেখোন ঘৰতে পালোঁ। তেতিয়াৰেপৰাই শ্ৰীমন্ত শংকৰৰ সৰ্বতোমুখী  প্ৰতিভা বুজিবলৈ চেষ্টা কৰি আহিছোঁ--আজিওতো সকলো বুজি শেষ কৰিব পৰা নাই। ইয়াকে কৰিছিল শ্ৰীমন্ত শংকৰে জনতাৰ মাজত, গাৱঁৰ মাজত। জনতাক সাংস্কৃতিক জীৱন দিবলৈ। সেইকাৰণেই  জনতাই  বুজি পোৱা সৰল অসমীয়ালৈ তেওঁ ভাঙি  দিলে ভাগৱত,  যি আছিল সংস্কৃত ভাষাত --জনতাই  হাতেৰে ঢুকি নোপোৱাত।  তেওঁ তাক আনি দিলে একেবাৰে জনতাৰ কোলাত। তেওঁ জীৱনৰ মহাশিল্পী হৈ বহিল অসমীয়া জনতাৰ মাজত বহিল  অসমীয়া  জনতাৰ নৱ জীৱন গঢ়িবলৈ। এই নতুন সমাজ সৃষ্টি অভিযানত তেওঁ  প্ৰথমেই সুকুমাৰ কলা-শিল্পী হৈয়েই ওলাই গৈ  পিছত সামাজিক সংগঠনৰ সকলো বিভাগতেই সেই শিল্পীৰ সৌন্দৰ্য সৃষ্টি-দৃষ্টিৰেই  সেই বৈপ্লৱিক ভংগীমাৰেই দেখা দিলে।

 

এই অনুপ্ৰেৰণাৰেই জ্যোতিপ্ৰসাদে লিখিছিল,

‘!

“জনতা তোৰ প্ৰাণৰো প্ৰাণত,

মনৰো মনত

শিল্পী যে মই

লুকাই লুকাই আছোঁ

তোৰ সপোনৰ

কত ছবিত কত যে ফুল  বাছোঁ

লুকাই লুকাই আছোঁ।”

এয়াই  হৈছে কৃষ্ণ-সংস্কৃতিৰ দৰ্শন, যাক শ্ৰীমন্ত  শ্ৰীমন্ত  শংকৰদেৱে অভিনৱত্বৰে  গীত-মাত-অভিনয়-কৰ্মসংস্কৃতিৰে   নতুনকৈ  প্ৰতিষ্ঠা কৰিলে  নতুন সময়ৰ প্ৰেক্ষাত তেওঁৰ জীৱনকালত,  আৰু তাৰ পাঁচশ বছৰৰ পিছত সেই উপলব্ধিকেই  নৱ ৰূপ লিখিলে  জ্যোতিপ্ৰসাদ  আাগৰৱালাই। যে, প্ৰকৃত শিল্পীৰ অৱস্থান মানুহৰ মাজত, তেওঁ  মানুহৰ মাজতে লুকাই  লুকাই মানুহৰ সপোনৰ মাজেৰেই জীৱনৰ জয়গান গাই যায়। এই শিল্পীজন ৰজাঘৰীয়াৰ পদলেহনকাৰী ‘ব্যৱসায়ী সুকুমাৰকলাসেৱী' নহয়।

 জ্যোতিপ্ৰসাদে শ্ৰীমন্ত  শংকৰদেৱৰ কৰ্মৰাজিৰ চৰ্চাৰ কিমান গভীৰলৈ প্ৰৱেশ কৰিছিল তাক বুজিব  পাৰি  সমাজৰ অস্পৃস্যতা দূৰ কৰিবৰ ৰণে শংকৰদেৱে লোৱা বৈপ্লৱিক ব্যৱস্থাৰ উধৃতি দিবলৈ  গৈ তেওঁ  ‘শিল্পীৰ পৃথিৱী'ত তুলি দিয়া কীৰ্তনপুথিৰ তলৰ উদ্ধৃতিৰপৰা,

“ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কূল

দাতাত চোৰত যেন দৃষ্টি সমতূল”

এইদৰেই  ক্ষণজন্মা গণশিল্পীগৰাকীয়ে  গুৰুজনাৰ আদৰ্শক যিদৰে  নতুনকৈ আৰু বিজ্ঞানসন্মতভাৱে  আৱিস্কাৰ কৰিলে   তাৰ  স্বাক্ষৰ ‘শিল্পীৰ পৃথিৱী'ৰ পাতত ৰৈ গৈছে। কবলৈ গ'লে, চৰ্বিত-চৰ্বণতাৰ উৰ্ধলৈ গৈ এয়াই ৰূপান্তৰৰ বিপ্লৱী  মন্ত্ৰ। আজিৰ ধৰ্মভিত্তিক ঘৃণাৰ ৰাজনীতিৰ কবলত ককবকাই থকা সমাজত য'ত গাহৰি-কুকুৰা পালন কৰাৰ অপৰাধতে মানুহক এঘৰীয়া  কৰা হৈছে, বা ধৰ্মীয়ভাৱে  সংখ্যালঘূ হোৱাৰ বাবেই নানা অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া হৈছে-তেনে সময়ত অন্তৰ পোহৰ কৰা এনে সাহিত্যৰ পঠন আৰু আলোচনাই  সমাজক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰিব পাৰি।


Tuesday, 13 May 2025

 

বুদ্ধ-পূৰ্ণিমা, বুদ্ধ ডুডলচ্, সাধুকথাৰপৰা ওলাই অহাৰ বাট




 

পৰহি মোৰ জন্মদিন আছিল। এইটো একো ডাঙৰ কথা নহয়। সামাজিক মাধ্যমত মোৰ জন্মদিন hide option-ত আছে।কোনেও নাজানে। তাৰ আগদিনা মাতৃদিৱস আছিল। আমাৰ হিমাক্ষী বৰাই কৰ্মক্ষেত্ৰত দিনটো কাম কৰি নিশালৈকে নিজৰ মাতৃৰ বাবে এটা কবিতা লিখি উলিয়াইছিল। কবিতাটোৱে  আচলতে আমাৰ বয়সৰ সকলো মাতৃক প্ৰতিনিধিত্ব কৰে—পঞ্চাশৰ দশক পাৰ হোৱা আমাৰ দৰে মাতৃবোৰৰ আশা, আকাংক্ষা, আশাভংগৰ বেদনা, ৰোগ-আজাৰ, সন্তানৰ সপোনত মজি গৈ নিজডৰ সপোন পাহৰি যোৱা, ক’ৰবাত ওলমি থকা তাহানিৰ হেৰাই যোৱা সপোনবোৰ —এই সকলোবোৰ সামৰি  কবিতাটো । পিছদিনা পুৱাই কবিতাটো তেওঁ ম’বাইলৰ বাৰ্তা-বাকচত  মোলৈ পঠিয়াই দিলে। তেতিয়া মই বাৰ্তা দিলোঁ—‘আজি মোৰো জন্মদিন। আচলতে মোৰ দুটা জন্মদিন। এটা বাৰ মে’। আনটো বুদ্ধ পূৰ্ণিমা।কোনোবা এদিন বুদ্ধ-পুৰ্ণিমাৰ দিনা মোৰ জন্ম হৈছিল, যিদিনা বাৰ মে’ আছিল। কাচিৎ কেতিয়াবাহে এই দুটা দিনৰ সংযোগ একেদিনাই হয়। বহুত বছৰৰ মূৰত এইবাৰো হৈছে। গতিকে তুমি মোকো এটা কবিতা উপহাৰ দিয়া।’

হিমাক্ষী আৰু মোৰ মাজত এটা সংযোগ আছে। আমি বেছি কথা নাপাতোঁ। বহুত কম। কিন্তু আচলতে  আমি কথাই পাতি থাকো মনে মনে। তাৰে কিছুমান কথা ম’বাইলৰ বাৰ্তা-বাকচত লিপিবদ্ধ হৈ থাকে। কথা কবলৈ মন গ’লে হিমাক্ষীয়ে বাৰ্তা-বাকচত কিবা এটা লিখি থৈ দিয়ে। কথা পাতিলে আমনি হ’ব বুলি ভাবি লয় চাগে। এমাহমান তেনেকৈয়ে যায়। কি বা ক’ব! ৰৈ থাকোঁ। আমাৰ কথাবোৰ soulfull, ক’ৰবাত মনক পূৰ্ণতাৰে দোলা দি যায়। ঠিক ‘বুদ্ধ ডুডল্’(Buddha Doodles)বোৰৰ দৰে। বুদ্ধ ডুডল্--গভীৰ উপলব্ধি থকা এটা ক্ৰীড়াসুলভ চিত্ৰকৰ্ম।

হিমাক্ষী  তৰুণ প্ৰজন্মৰ বন্ধুসকলৰ  অন্যতম। বিশেষ। এই বন্ধুত্ব সৰল, কিন্তু সহজ নহয়। তৰুণ প্ৰজন্মৰ আচলতে বহু কথাই সহজ নহয়।

ম’লি হান, ওৰফে মলিকিউলচ্-এ অঁকা ‘বুদ্ধ ডুডলচ্’ৰ বিষয়ে জানিব পাৰিছিলোঁ যিকোনো বিষয়ত মোৰ সৃষ্টিশীল লেখক এজনৰ থাকিবলগীয়া এটি প্ৰয়োজনীয়  গুণ- detachment নাই বুলি সততে শুনা অভিযোগবোৰৰ বাবে। সমালোচনাৰ বাবে।  যিকোনো সমালোচনাক যিহেতু আগ্ৰহেৰে গ্ৰহণ কৰোঁ, সেয়ে সৃষ্টিশীল সাহিত্যিকৰ থাকিবলগীয়া গুণ detachment-ৰ বিষয়েও পঢ়া-শুনা কৰি থাকোঁ। সঁচাকৈয়ে মোৰ detachment নাই নেকি? লিখিবলগীয়া সাধুকথাটোৰ গভীৰলৈ গৈ আকৌ প্ৰয়োজনীয় সময়ত তাৰপৰা ওলাই আহি চিন্তা কৰিব নোৱাৰোঁ নেকি? শেহতীয়াকৈ দিপৰ বিলক লৈ লিখা গল্পটো-দিপৰ, দ্য ৱাটাৰস্কে’প-কিমান বছৰ গল্পটোৰ ভিতৰত সোমালো আৰু ওলালোঁ!দিপৰ বিলখন দেখিলেই ভাৱ হৈছিল—ইয়াত মোৰ বাবেও এটা কাহিনী আছে।  মায়-ব্ৰা পৰ্বত আৰু লংবুই পৰ্বতৰ গল্প দুটাও দুবছৰমান  ধাৰণ কৰি আছিলোঁ। Detachment ন’হল নেকি? কিছুমান সামাজিক-ৰাজনৈতিক বিষয়ত এটা নিৰ্দিষ্ট অৱস্থান লওঁ আৰু মাত মাতোঁ বাবেই detachment নাই বুলি সমালোচনাৰ সন্মুখীন হৈছোঁ, নে সঁচাকৈয়ে মোৰ এই গুণটো নাই।

কেতিয়াবা কোনো এজন সাহিত্য অনুৰাগীয়ে কয়, আমাৰ নিজাইন আলোচনীৰ সাহিত্য আলোচনাবোৰ বহুত গভীৰ। অলপ পাতলীয়া হ’ব লাগে। বুজি পোৱা হ’ব লাগে। শ্ৰোতা-দৰ্শকৰ সংযোগ(connection)ত অধিক মন দিব লাগে। এনে সঁহাৰিয়েও  কিছু কথা ভাবিবলৈ সুবিধা কৰি দিয়ে।  

Detachment -- এই কথাটো পঢ়িবলৈ গৈয়ে সাধুকথাবোৰ লিখাৰ সময়ত কোনখিনিত নো সাধুটোৰপৰা ওলাই আহিব লাগে, কাহিনীৰ সতে কিমানবাৰ ওলোৱা-সোমোৱা কৰি থাকিব লাগে সেই বিষয়ে অলপ পঢ়া-শুনাই কৰি দিলোঁ। এটা সময়ত নীলমনি ফুকন ছাৰে কিছু কথা  কৈছিল। কাহিনী এটাক লৈ কিদৰে খেলি থাকিব  লাগে।  পৰৱৰ্তী সময়ত, নকলেও হ’ব যে detachment চৰ্চাৰ প্ৰাথমিক শিক্ষকগৰাকী গুগলবিজ্ঞানেই আছিল। গৈ গৈ তাতেই পালোঁগৈ ‘বুদ্ধ ডুডলচ্’। এজন বৌদ্ধ সন্যাসী আৰু হাতী এটাৰ কাৰ্টুনেৰে ম’লি হান-এ ২০১১ চনৰপৰা প্ৰতিদিনে এটিকৈ কাৰ্টুন চিত্ৰ আঁকি আহিছে, যি কৰ্মক তেওঁ  ক্ৰীড়াসুলভ বিনোদনৰ মাজেৰে জীৱনৰ গভীৰতাৰ সন্ধান বুলি উপলব্ধি কৰিছে। ম’লি হানৰ বাবে এয়া হৈছে গভীৰ অনুৰাগৰ ধ্যান- বুকুৰ ভিতৰৰ গভীৰ নাদটোক সমগ্ৰ জীৱনৰ বাবে নিৰহ-নিপানীকৈ ৰাখিবলৈ কৰা গভীৰতাৰ সন্ধান। যোৱা চৈধ্যটা বছৰত শিল্পীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে সমগ্ৰ পৃথিৱীত হাজাৰ হাজাৰ অনুৰাগীৰ সৃষ্টি কৰিছে প্ৰতিটো দিনত বৌদ্ধ সন্যাসী আৰু হাতী এটাৰ চৰিত্ৰৰে  অংকন কৰা জীৱনোপলব্ধিৰে সমৃদ্ধ কাৰ্টুনবোৰৰ মাজেৰে।

Detachment এটা প্ৰক্ৰিয়া। এটা process বুলি কব পাৰি।মাৰ্ক্সবাদক যদি  মাথোন এটা আদৰ্শ নহয়, বৰঞ্চ জীৱনৰ  practice বুলি গ্ৰহণ কৰা হয়, তেনেহ’লে বুজিব পাৰি এই practice কিমান কঠিন। সামাজিক বিষয়ৰ দ্বান্দ্বিক বিশ্লেষণ ন’হলে সাহিত্যও আগনাবাঢ়ে, সমাজো আগনাবাঢ়ে। সমাজবাস্তৱতাৰ বিজ্ঞানসন্মত বিশ্লেষণ নহ’লে সাহি্ত্যই জনপ্ৰিয়তা পালেও দীৰ্ঘকালত কেতিয়াবা সেইবোৰ propaganda বা জাবৰ হৈ যাবগৈ পাৰে। অৱশ্যে সাহিত্য মূলতঃ সাহিত্যই। সমাজবাস্তৱতাৰ পৰা আহৰিত সাহিত্যৰ এইটো এটা ডাঙৰ প্ৰত্যাহ্বান। আপুনি এটা গল্প কবলৈ গ’লে সি এটা গল্পই হ’ব লাগিব। এতিয়া প্ৰশ্ন হ’ব পাৰে-গল্পনো কি? ইয়াৰ চাৰিসীমা কি? গল্প কেতিয়াবা ৰাছিয়াৰ  পৰম্পৰাৰ matryoshka doll-বোৰৰ দৰে হ’ব পাৰেনে? ‘জোনফুল’ উপন্যাসত এই matryoshka doll-বোৰৰ প্ৰসংগ বাৰে বাৰে আহিছে।‘জোনফুল’ লিখিবলৈ গৈ দেখিছিলোঁ মাকৰ পেটৰপৰা পোৱালি ওলোৱাৰ দৰে অসমৰ সশস্ত্ৰ সংগ্ৰামৰ কাহিনীবোৰ এটাৰ পেটৰপৰা আনটো নিৰৱচ্ছিন্নভাৱে ওলায়েই থাকে, ওলায়েই থাকে-যদিওবা সেই সংগ্ৰামখনৰ জোৰ আছিল অতিকৈ সীমিত। এটা গল্পৰ মূল কাহিনীয়ে দাবী কৰিলে matryoshka doll-বোৰৰপৰা নিৰ্বাচিত কৰি আনি এটা দুটা সাধুকথা মূল কাহিনীৰ সতে কৈ দিব পাৰি নে নোৱাৰি—অৱশ্যেই মূল গল্পৰ ছন্দপতন নঘটাকৈ? সৃষ্টিশীল সাহিত্যত detachment-ক এটা process বুলি ধৰি ল’লেও বুজিব পাৰি ইয়াৰ সাধনা আচলতে কিমান কঠিন।

বুদ্ধক বহুতে জীৱনৰ বাবে বিভিন্নধৰণে গ্ৰহণ কৰিছে। বুদ্ধ মোৰ বাবে সদায় প্ৰতিবাদ। কাহিনীবোৰ হয়তো বুদ্ধ ডুডলচ্।

কিন্তু এটা কথা- কাহিনীৰপৰা ওলোৱা-সোমোৱাৰ practice কৰোঁতে কৰোঁতে যদি মানুহৰ কল্যাণৰ বাবে মাত মাতিবলগীয়া  গভীৰ ৰাজনৈতিক-সামাজিক বিষয়বোৰৰপৰাও ফালৰি কাটি আহিছোঁ, নিস্পৃহ হৈ পৰিছোঁ, তেনেহ’লে সাহিত্যতো নিৰ্ঘাত fail মাৰিম, জীৱন ব্যৰ্থ হৈ যাব।  বাকীখিনিক জীৱনৰ process আৰু practice-ৰ মাজত যুঁজ-বাগৰ কৰি থাকিবলৈ দিয়া। ইয়াৰ আনন্দ আৰু বেদনাবোৰ নিজা, তাতেই আছে জীৱনৰ মজা।



১৪ মে, ২০২৫