Friday, 23 October 2020

কাফকাৰ ‘হাংগাৰ আৰ্টিষ্ট’ আৰু বিশ্ব ক্ষুধা সূচক,২০২০ত ভাৰতবৰ্ষ

 


PIC- Ratna Bharali Talukdar

‘ক্ষুধাৰ শিল্পী’ বা ‘হংগাৰ আৰ্টিষ্ট’ নাৰ গল্পটো ফ্ৰানজ্ কাফকাৰ এক অমৰ সৃষ্টি । মাথোন চল্লিছ বছৰ জীয়াই থকা কাফকাই গল্পটি লিখিছিল ১৯২২ চনত, মৃত্যুৰ দুবছৰ পূৰ্বে। শুনিবলৈ আচৰিত যেন লাগিলেও এয়া সঁচা যে,  এই পৃথিৱীত কেইবাটাও শতিকা ধৰি ‘ক্ষূধাৰ শিল্পী’য়ে প্ৰদৰ্শন  কৰিছিল ক্ষুধাৰ কলা। ‘ক্ষুধাৰ শিল্পী’ বা ‘হংগাৰ আৰ্টিষ্ট’ক চাবলৈ মানুহ দল বান্ধি উধাতু খাই দোৰি আহিছিল, জুম বান্ধিছিল, হেতা-ওপৰা লাগিছিল। সোতৰ, ওঠৰ, উনবিংশ আনকি কুৰি শতিকাতো ইউৰোপত দেখিবলৈ পোৱা গৈছিল ‘হাংগাৰ আৰ্টিষ্ট’ৰ ক্ষুধাৰ কলাৰ প্ৰদৰ্শন। কি এই ক্ষুধাৰ কলা? এই কলাৰ সাধকসকলে দীঘলীয়া সময়ৰ বাবে একো নোখোৱাকৈ গঁৰালত সোমাই থাকে। দৰ্শকে অনাহাৰে-উপবাসে শীৰ্ণকায় হৈ পৰা ‘ক্ষুধাৰ শিল্পী’ চাবলৈ উত্ৰাৱল হয়, ঠিক চাৰ্কাছৰ জন্তু চোৱাৰ দৰেই পায় বন্য উল্লাস।

মহান সাহিত্যিক ফ্ৰানজ্ কাফকাই ‘হাংগাৰ আৰ্টিষ্ট’ নামৰ গল্পটি লিখি এই পৃথিৱীৰপৰা ‘ক্ষূধাৰ শিল্পী’সকল বিলুপ্ত হৈ যোৱা বুলিয়েই যেন ঘোষণা কৰিছিল। আধুনিক গল্প সাহিত্যৰ সংজ্ঞাকেই  ওলট-পালট কৰি পেলোৱা কাফকাৰ ‘মেটামৰফচিছ’ গল্পটোৰ দৰেই এই বিখ্যাত গল্পটোৰো  অনেক ব্যাখ্যা আছে। ব্যাখ্যাবোৰে সাহিত্যৰ সীমা পাৰ হৈ জীৱনৰ নতুন নতুন প্ৰশ্ন আমাৰ সন্মুখত উন্মোচিত কৰিছে।দৰাচলতে কি কথা কবলৈ বিচাৰিছে গল্পটোৱে? অনাহাৰে থকাৰ (বা থাকিবলগীয়া হোৱাৰ) প্ৰক্ৰিয়া এটা কেনেকৈ শিল্প ৰূপ হয়? মানৱ মনৰ এয়া কি বিচিত্ৰ ৰূপ? মনৰ গহনত থকা বিকৃত আনন্দ চৰিতাৰ্থ কৰাৰ বাসনা নেকি এয়া? এই ক্ষুধা মাথোন পেটৰ ক্ষুধাইনে? জীৱনৰ আধ্যত্মিকতাহীনতাৰ প্ৰতীক নেকি সি? নে ভাঙি যোৱা মানৱিক সম্পৰ্কবোৰৰ গাথা?দৰিদ্ৰতাৰ প্ৰতি সমাজৰ দৃষ্টিকোণৰ প্ৰতিফলন?নে সভ্যতাৰ যাত্ৰাপথৰ এটি পৰিহাস? কাফকাৰ আন গল্পবোৰৰ দৰেই ইয়াতো আছে পৰিহাস, পৰিহাসৰ স্তৰ আৰু সিবোৰে আমাক দিয়া বিস্ময়। কাফকাৰ গল্পত ‘ক্ষূধাতুৰ শিল্পী’ৰ মৃত্যু হৈছে। সভ্যতাৰ এটা সময় আহিছে, যেতিয়া এজনে হয়তো আন এজনৰ অস্থি-চৰ্মসাৰ শৰীৰৰ  প্ৰদৰ্শন চাবলৈ আগ্ৰহ হেৰুৱাই পেলাইছে।

আৰু দুটা বছৰৰ পিছত কাফকাৰ ‘হাংগাৰ আৰ্টিষ্ট'-এ এশবছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিব।  

কাফকাৰ ‘হাংগাৰ আৰ্টিষ্ট’ত থকা জীৱন আৰু জিজ্ঞাসাৰ ব্যাখ্যাবোৰৰ দৰেই, তেওঁ গল্পটো লি্খাৰ প্ৰায় এটা শতিকাজোৰা কালত বিশ্বৰ মানুহে ক্ষুধা সম্পৰ্কেও নতুন নতুন ব্যাখ্যাৰ উদ্ভাৱন কৰিছে। ক্ষুধাৰ ধাৰণাই নিয়ন্ত্ৰণ কৰিছে ৰাজনীতি, অৰ্থনীতি আৰু সমাজনীতি। শেহতীয়াকৈ Global Hunger Index,2020, অৰ্থাৎ ২০২০চনৰ ‘বিশ্ব ক্ষুধা সুচক’ত দেখুওৱা হৈছে যে, দেশৰ জনসাধাৰণৰ ক্ষুধা নিবাৰণ কৰাৰ কৃতকাৰ্যতাৰ দিশত ভাৰতৰ স্থান এতিয়া পাকিস্তান আৰু নেপালৰ দৰে দেশতকৈও তলত। নিঃসন্দেহে ‘বিশ্ব ক্ষুধা সুচক,২০২০’-এ আমাৰ দেশক লজ্জানত কৰিছে। কিন্তু বছৰটোৰ আৰম্ভণিতেই অক্সফে’ম(OXFAM)নামৰ আন্তৰ্জাতিক সংস্থাটিৰ প্ৰতিবেদনত কোৱা হৈছে, যোৱা বৰ্ষবোৰত দেশৰ দুখীয়াসকল কিদৰে আৰু বেছি দুখীয়া আৰু ধনীসকল ধনী হৈ গৈ আছে। এই বৰ্ষৰ জানুৱাৰী মাহৰ অক্সফে’মৰ (OXFAM)প্ৰতিবেদনত কোৱা হৈছিল যে, দেশৰ ১০ শতাংশ মানুহে মুঠ সম্পদৰ ৭৪.৩ শতাংশ নিজৰ ভঁৰালত কুক্ষিগত কৰিছে আৰু ৯০ শতাংশ মানুহৰ হাতত আছে বাকী ২৫.৭ শতাংশ সম্পদ। অক্সফে’মৰ (OXFAM)উক্ত প্ৰতিবেদনত পুনৰ কোৱা হৈছে যে, দেশৰ মাত্ৰ এক শতাংশ মানুহে ৪০ শতাংশ সম্পদ নিজৰ হাতলৈ লৈ গৈছে। আৰু একেবাৰে তলত থকা ৫০ শতাংশ মানুহৰ হাতত মুঠ সম্পদৰ মাত্ৰ ২.৮ শতাংশ ৰৈ গৈছে।

সংস্থাটোৱে এই প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছতেই বিশ্বজুৰি কৰ’ণাভাইৰাছে অতিমাৰীৰ ৰূপ ল’লে। লক্ ডাউনৰ লগে লগেই আমাৰ দেশত ডেৰ কোটি শ্ৰমিকে পোনে পোনে কাম হেৰুৱায়। কাম হেৰুৱাই প্ৰব্ৰজিত শ্ৰমিকসকলে নিজৰ ঘৰখনলৈ বুলি খোজকাঢ়ি দেশৰ  ইমুৰৰপৰা সিমুৰলৈ যি অভাৱনীয়  যাত্ৰা কৰিলে সেই যাত্ৰাকালত আমি যেন  কাফকাৰ ‘ক্ষূধাৰ শিল্পী’জনেই কোটি কোটি প্ৰব্ৰজিত শ্ৰমিকৰ ৰূপত আমাৰ চকুৰ সন্মুখত নতুনকৈ দেখা পালোঁ! তেওঁলোকৰ হাজাৰ মাইলৰ বাট খোজকঢ়াৰ কালৰ ভৰিৰ ফটা গোৰোহাবোৰ, প্ৰসূতি মাতৃয়ে ঘৰমুৱা যাত্ৰাত ৰাজপথৰ ওপৰতে সন্তান প্ৰসৱ কৰাৰ দৃশ্যবোৰ চাবলৈ আমি জানো হেতা-ওপৰা লগোৱা নাছিলোঁ? এই কোটি কোটি দৰিদ্ৰ নাৰায়ন যেন কাফকাৰ হাংগাৰ আৰ্টিষ্টজনৰ একো একোটি সংস্কৰণ হৈ উঠিছিল। তেওঁলোকৰ সেই দশা চাবলৈ দেশবাসী বাতৰি কাকতবোৰত, টেলিভিছনৰ পৰ্দাত, সামাজিক মাধ্যমত উবুৰি খাই পৰিছিল। ইয়াৰ আগতেও ‘ক্ষূধাৰ শিল্পী’ৰ প্ৰতি আমাৰ আগ্ৰাহাতিশয্য আমি দেখুৱাইছিলোঁ, যেতিয়া ঋণৰ বোজাত আত্মহত্যা কৰা আৰু জুৰুলা হৈ পৰা কৃষকে ৰাজপথৰ ওপৰেৰে হাজাৰ মাইলৰ বাট খোজকাঢ়ি প্ৰতিবাদ কৰিছিল।

ফ্ৰানজ কাফকাৰ জীৱনৰ এই অন্তিমটো গল্পত ‘ক্ষুধাৰ শিল্পী’ বা ‘হাংগাৰ আৰ্টিষ্ট’জন চল্লিছদিন এটা গঁৰালত সোমাই থাকে অনাহাৰে। চল্লিছটা দিন—কিয়নো মালিক, যাক কাফকাই ইম্প্ৰেচিঅ’ বুলি কৈছে, তেওঁ ভাৱে যে, চল্লিছদিনতকৈ বেছি সময় অনাহাৰে থাকিলে জনতাই শিল্পীৰ প্ৰতি থকা স্বাভাৱিক উৎসুকতা হেৰুৱাই পেলাব পাৰে। শিল্পীয়ে অনাহাৰে থকাৰ কালত কেনেবাকৈ চুৰ কৰি হলেও কিবা খাইছে নেকি তাকে চাবলৈ জনতা গঁৰালৰ কাষত উবুৰি খাই পৰে। সেকা মঙহ, মদৰ বটল লৈ অনাহাৰী, অস্থি-চৰ্মসাৰ দেহাৰ গৰাকীক চাবলৈ আকূল হৈ উঠা চৌখিন প্ৰজাই ‘ক্ষূধাৰ শিল্পী’ক পহৰা দিয়ে। এজন মানুহে একো নোখোৱাকৈ গঁৰালৰ ভিতৰত এনেদৰে থাকিব পাৰেনে? কেনেকৈ থাকে? হাজাৰ প্ৰশ্ন মনত লৈ জনতা উবুৰি খাই পৰে। ‘ক্ষূধাৰ শিল্পী’ৰ বিষয়ে জনৰৱ বিয়পি পৰে। কোনোবাই কয়, তেওঁ এজন প্ৰচাৰমুখী ফোপজহী ৰঙাই। আন কোনোবাই কয়, হয়তো আনে নেদেখাকৈ তেওঁ মনে মনে কিবা খাই লৈছে। কিন্তু এই সন্দেহবোৰে ‘ক্ষুধাৰ শিল্পী’ বিৰক্ত কৰে। নিজৰ প্ৰদৰ্শন তেওঁ অত্যন্ত সততাৰে কৰিব বিচাৰে।

চল্লিছটা দিনৰ অন্ত পৰাৰ  পিছত মালিক (ইম্প্ৰেচাৰিঅ’) সোমাই আহে। ‘ক্ষুধাৰ শিল্পী’ সোমাই থকা গঁৰালটো ফুলেৰে সজোৱা হয়। আঁৰ কাপোৰ উঠি যায় । পেশীবহুল হাতেৰে তেওঁ জাৰ্ণ-শীৰ্ণ ‘ক্ষুধাৰ শিল্পী’ক তুলি ধৰি দুজনী সুন্দৰীক গতাই দিয়ে মানুহৰ সন্মুখত প্ৰদৰ্শন কৰিবৰ বাবে। সুন্দৰীয়ে গঁৰালৰ ভিতৰৰপৰা তেওঁক উলিয়াই আনে—যেন আভিজাত্যৰে ভৰা বিলাসী সামগ্ৰীহে মুকলি কৰা হৈছে! ইতিমধ্যে ‘ক্ষুধাৰ শিল্পী’ৰ মূৰটো তললৈ হালি পৰি বুকুত ওলমি ৰৈছেগৈ, কঁপা কঁপা হাত-ভৰি মানুহটো কোনোমতেই থিৰেৰে থাকিব পৰা নাই-আৰু সন্মুখত আছে  সেই অগণণ মানুহ, চমঝদাৰ দৰ্শক, যি ৰৈ থাকে শিল্পীৰ প্ৰদৰ্শন চাবলৈ, হোতা-ওপৰা কৰি টিকেট কাটে, বাজী ধৰে। তেওঁক গঁৰালৰপৰা উলিয়াই অনাৰ কামত নিয়োজিত সুন্দৰী যুৱতীয়ে হয়তো  তেনে অস্থি-চৰ্মসাৰ  ব্যক্তি এটি আশা কৰা নাছিল— সেয়ে তেওঁৰ চকু চকুলোৰে উপচি পৰে। কিন্তু এতিয়ালৈকে প্ৰায় চেতনা হেৰুৱাই পেলোৱা ‘ক্ষুধাৰ শিল্পী’ক সন্মুখত দৰ্শকৰ সন্মুকত পাতি থোৱা টেবুল-চকীত বহুৱাই ইম্প্ৰেচাৰিঅ’-ই সামান্য খোৱাবস্তু গুজি দিয়ে। অৰ্কেষ্ট্ৰা বাজি উঠে। অৰ্কেষ্ট্ৰাৰ মাতত আন সকলো কখা তল পৰি যায়। এনেকৈয়ে এটা চল্লিছদিনীয়া ক্যেৰিকেচাৰৰ অন্ত পৰে।

 ‘ক্ষুধাৰ শিল্পী’য়ে কিছুদিনৰ বাবে বিৰতি লয়। আকৌ আৰম্ভ কৰে তেওঁৰ ক্ষুধাৰ শিল্পৰ প্ৰদৰ্শন। লাহে লাহে তেওঁ বিমৰ্ষ হৈ আহে। মানুহে তেওঁৰ শিল্পৰূপ গভীৰভাৱে নোলোৱাৰ বাবে তেওঁ বিমৰ্ষ হয়। কোনোবাই  যদিহে ভাৱে, দিনৰ পিছত দিন ধৰি লঘোণে থাকিবলগীয়া হোৱাৰ অৱস্থাই তেওঁক বিমৰ্ষ কৰিছে, তেতিয়া তেওঁ খঙত একো নাই হৈ পৰে। কিন্তু ইম্প্ৰেচাৰিঅ’ বাবে এয়াও সুযোগ, জনতাৰ দৃষ্টি আকৰ্ষণ কৰি ধন ঘটাৰ, গঁৰালত সোমাই থকাৰ কালত চাবলৈ অহা উপস্থিত দৰ্শকক তেওঁ পতিয়ন নিয়ায় — হয় দীৰ্ঘদিনৰ অনাহাৰৰ বাবেই তেওঁৰ স্বভাৱ খিট-খিটীয়া।    

কাফকাই আমাক কৈছে যে, লাহে লাহে মানুহে ‘ক্ষুধাৰ শিল্পী’য়ে দাঙি ধৰা শিল্পকলাৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলাইছে। এতিয়া আৰু মানুহে ‘ক্ষুধাৰ শিল্পী’ৰ প্ৰদৰ্শন চাবলৈ টিকেট কাটি হল ভৰ্তি প্ৰেক্ষাগৃহলৈ সোমাই নাহে, কংকালসদৃশ অস্থি-চৰ্মসাৰ সেই দেহাবোৰৰ প্ৰতি জনতাৰ এতিয়া আৰু সেই উৎসুকতা নাই। উপায়বিহীন হৈ ‘হাংগাৰ আৰ্টিষ্ট’ এখন চাৰ্কাচত সোমায়হি। মালিকে তেওঁক জন্তুবোৰৰ কাষতে এটা গঁৰাল দিয়ে। কিন্তু তেওঁ সোমাই থকা গঁৰালটোতকৈ বাঘ-সিংহ থকা গঁৰালটোৰ প্ৰতিহে মানুহৰ আগ্ৰহ বেছি। অৱেশেষত এটা পৰিয়াল আহে, পৰিয়ালটিৰ কণ কণ শিশুকেইটিয়ে ‘ক্ষুধাৰ শিল্পী’ৰ দৃষ্টি আকৰ্ষণ কৰে। তেতিয়া দেউতাকে সিহঁতক সোঁৱৰণিৰ জলঙাৰে পুৰণি দিনৰ কথাবোৰ মনত পেলাই দিয়ে। কিন্তু নতুন যুগৰ এই প্ৰজন্মই কোনোবা মানুহ লঘোণে থকাৰ কথাটো বুজি নাপায়, সিহঁতৰ চকুত এতিয়া সমৃদ্ধিৰ দিনৰ ছবি। এনেকৈয়ে ‘ক্ষুধাৰ শিল্পী’ক সকলোৱেই উপেক্ষা কৰি চাৰ্কাচৰ আন মজা লবলৈ গুচি যায়।

তাৰপিছত এদিন চাৰ্কাচৰ পৰিদৰ্শক সেই গঁৰালৰ কাষলৈ আহে, তাত ‘ক্ষুধাৰ শিল্পী’ক অতি মুৰ্মুৰ্ষু অৱস্থাত খেৰৰ ওপৰত পৰি থকা দেখা যায়। তেওঁ ‘ক্ষুধাৰ শিল্পী’ক সোধে সিনো কিয় আন একো কাম নকৰিলে। ‘ক্ষুধাৰ শিল্পী’য়ে কোনোমতে মূৰটো সামান্য ওপৰলৈ তোলে, দেখাত এনে লাগে যেন তেওঁৰ ওঁঠ দুটিয়ে এটি চুমাহে আশা কৰিছে। অৱশেষত  তেওঁ কয়—এনে ভাৱে কয় যেন এটা শব্দও তেওঁৰ কাণৰপৰা সাৰি নাযায়—‘কিয়নো, মই বিচৰাধৰণে খাবলৈ কোনো খাদ্যই পোৱা নাছিলোঁ। যদিহে পালোঁহেঁতেন, বিশ্বাস কৰক, মই নিজকে এইদৰে প্ৰদৰ্শন কৰিবলগীয়া জীৱলৈ পৰিণত নকৰিলোঁহেঁতেন, আপোনাৰদৰে আৰু আন সকলোৰে দৰেই মন ভৰি উঠালৈকে খালোঁহেঁতেন।”

হয়তো এয়াই হৈছে সেই মোক্ষম অনুভুতি, যাক গল্পকাৰে শব্দৰ মাজেৰে প্ৰকাশ কৰিলে—যি আজিও প্ৰাসংগিক। কাফকাৰ গল্পত ইয়াৰ পিছতেই ‘ক্ষুধাৰ শিল্পী’য়ে চকু মুদে। অনাহাৰে থকাৰ বাবে নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ বাবে কোনো হাবিয়াস আৰু নাই। গঁৰালৰ খেৰবোৰৰ সতে ‘ক্ষুধাৰ শিল্পী’ক কবৰ দিয়া হয়। অৱশেষত গঁৰালটোত সুমুৱাই দিয়া হয় এটা ঘোং--ক’লা বাঘ। সি দৰ্শকক অতিকৈ আমোদ দিলে, মালিকক সন্তুষ্ট কৰিলে, ‘ক্ষুধাৰ শিল্পী’ৰ দৰে সি অভুক্ত হৈ থকা নাছিল। সানন্দে খাদ্য গ্ৰহণ কৰিছিল। তাৰ স্বাধীনতা উপভোগ কৰিছিল।

কাফকাৰ গল্পত ‘ক্ষুধাৰ শিল্পী’ৰ মৃত্যু হৈছে। কিন্তু কেৱল গল্পতহে তেওঁৰ মৃত্যু হৈছে । বাস্তৱত  তেওঁ যে আজিও জীয়াই থাকিল। বিশ্ব ক্ষুধা সুচক, ২০২০-ৰ মাজেৰে  আমি দেখিলোঁ কাফকাই গল্প ৰূপ দিয়াৰ প্ৰায় এশবছৰীয়া যাত্ৰাকালতো এই ‘ক্ষুধাৰ শিল্পী’জন ভাৰতবৰ্ষৰ দৰে দেশত চৰকাৰী আঁচনিৰ কোটি কোটি হিতাধিকাৰীৰ এজন হৈ কিদৰে জীয়াই আছে। ক্ষুধাৰ সুচকত আমাক দেশক তেওঁ লজ্জাজনক পাৰদৰ্শিতালৈ ঠেলি দিছে। কিন্তু কেৱল ‘ক্ষুধাৰ শিল্পী’জনেই নহয়--জীয়াই আছে সেই জনতাও, যি চাব বিচাৰে ‘ক্ষুধাৰ শিল্পী’ৰ পাৰদৰ্শিতাৰ প্ৰদৰ্শন—কেতিয়াবা কোটি কোটি প্ৰব্ৰজিত শ্ৰমিকৰ ভৰিৰ ফটা তলুৱাত, কেতিয়াবা আত্মহত্যা কৰা কৃষকৰ পৰিয়ালবোৰত, আৰু কেতিয়াবা বিনামূলীয়া চাউল আৰু কিলোত সত্তৰটকীয়া পাচলিৰ বুজিব নোৱাৰা অংকবোৰ উপভোগ কৰি। আৰু জীয়াই আছে সেই ইম্প্ৰেচাৰিঅ’। যি সুযোগ বুজি চমঝদাৰ দৰ্শকক প্ৰদৰ্শন কৰে ক্ষুধাৰ শিল্পৰূপৰ পৰিহাস। সোণৰ সূতাৰে বোৱা বস্ত্ৰত নিজৰ নাম খোদাই কৰা চ্যুট পিন্ধি দেশৰ নেতাই যেতিয়া বিদেশৰ ৰাষ্ট্ৰপতিক আদৰণি জনায়, তেতিয়া আমি জানো তেওঁৰ মুখত এজন ইম্প্ৰেচাৰিঅ’কেই দেখা নাপাওঁ! আৰু বিশ্ব ক্ষুধাৰ সুচক, অক্সফে’মৰ (OXFAM) দৰে সংস্থাৰ প্ৰতিবেদনবোৰে আমাক অহৰহ কৈ আছে ‘ক্ষুধাৰ শিল্পী’সকলৰ সংখ্যা কিদৰে বাঢ়ি আহিছে--ইমানকৈ বাঢ়িছে যে, তেওঁলোকক চাবলৈ অতীতৰ দৰে এতিয়া আৰু প্ৰদৰ্শনীৰ প্ৰয়োজন নহয়। তেওঁলোক এতিয়া সৰ্বত্ৰে দৃশ্যমান–পৰিসংখ্যাত আৰু ৰাজপথতো।

২৪-১০-২০২০

Thursday, 1 October 2020

সাহিত্য আলোচনাৰ এক ভিন্ন দৃষ্টিকোণ

 




 



 

 গ্ৰন্থ- অনুবন্ধ (প্ৰথম প্ৰকাশ -- মাৰ্চ, ২০১৮)

প্ৰকাশক --ক্ৰান্তিকাল প্ৰকাশন, মূল্য -- ২০০ টকা (পকাবন্ধা)

আমাৰ বাবে অসমীয়া ভাষাত লিখা উৎকৃষ্ট গল্পবোৰ পঠনৰ মাজেৰে গল্পসাহিত্যক  বিশষেভাৱে  ভালপাবলৈ  উদ্বুদ্ধ  কৰা গল্পকাৰসকলৰ অন্যতম  আছিল মনোজ কুমাৰ গোস্বামী। তেখেতৰ বিখ্যাত গল্প ‘সমীৰণ বৰুৱা আহি আছে'ৰ নিৰ্মাণ পদ্ধতি বুজিবলৈ চেষ্টা কৰি অনুভৱ কৰিছিলোঁ যে, গল্পটোৰ  নিৰ্মিতিত ‘উপস্থিতি'  আৰু ‘অনুপস্থিতি'-ৰ ধাৰণা  বিশেষভাৱে সক্ৰিয় হৈ আছে। পাঠকৰ তীব্ৰ কৌতূহল স্বত্বেও গল্পত সমীৰণ বৰুৱা কায়িকভাৱে অনুপস্থিত-- তেওঁ তাত নাই। গল্পকাৰে  সমীৰণ বৰুৱাৰ ‘উপস্থিতি' তেওঁৰ কায়িক ‘অনুপস্থিতি'ৰ মাজেৰেই ঘোষণা কৰিছে বুলি পতিয়ন  গৈ আছিলোঁ তেতিয়ালৈকে, যেতিয়া গল্পৰ নিৰ্মিতিৰ কথা কবলৈ গৈ অৰিন্দম বৰকটকীয়ে ক'লে যে,  গল্পত সমীৰণ  বৰুৱাক ‘মিউট' ম'ডত ( mute mode), অৰ্থাৎ নিৰ্বাক কৰি ৰখা হৈছে। গল্পৰ ‘উপস্থিতি' আৰু ‘অনুপস্থিতি'ৰ ধাৰণাৰ দেওনা পাৰ হৈ অৰিন্দম বৰকটকীয়ে দেখুৱাই দিয়া ই ‘মিউট'  ম'ডটোৰে  গ'লে গল্পৰ পঠন আকৌ এবাৰ বিশেষ হৈ উঠে। গল্পটো আৰু এবাৰ আৱিস্কাৰ কৰাৰ সুক্ষ্ম কপাট এখন মুকলি হৈ পৰে। 

 সাহিত্যত সৃষ্টিকৰ্তাৰ বাবে সমালোচক অপৰিহাৰ্য। সাহিত্যৰ পাঠকে ভাবে যে সৃষ্টিকৰ্তাৰ তৃতীয় নয়ন এটা থাকে। সৃষ্টিকৰ্তাই  আকৌ সমালোচকৰ আৰু এটা বিশেষ নয়ন থাকে বুলি ভাবি লয়।আৰু আশা কৰে সমালোচকে  সেই   নয়নৰ আলোকেৰে এদিন তেওঁৰ বাটটোও পোহৰাই তুলিব, তাৰ দ্যুতিৰে তেওঁৰ সৃষ্টিৰ জগতৰ বিস্তাৰ ঘটিব।হয়তো  এইবাবেই ‘সমীৰণ বৰুৱা আহি আছে'  নামৰ গল্পটোত সমীৰণ বৰুৱাক ‘মিউট' হিচাপে আৱিস্কাৰ কৰি পাঠক আকৌ   এবাৰ সমৃদ্ধ হয়। অৰিন্দম বৰকটকীৰ পঠনৰ জগতখন জনাসকলে এই  কথাৰো উমান পায় যে,  বিভিন্ন  বিষয়, ইচ্ছ্যু বা অনুষ্ঠানত নিজৰ উপস্থিতি সাব্যস্ত কৰি ৰখাৰ পিছতো তেওঁ নিজকে বহু সময়ত  অতি প্ৰাসংগিকভাৱে   ‘সমীৰণ বৰুৱা'  নামৰ চৰিত্ৰটোৰ দৰেই ‘মিউট' কৰি ৰাখে । আচলতে, সেই  সময়খিনিত তেওঁ  ‘মিউট'  জগতখনত  বাসো কৰে। ‘মিউট',  কিন্তু প্ৰাসংগিক।  

সাহিত্যত নিজৰ স্থান নিৰ্বাচন কৰি লোৱাৰ বাবেই লেখা-মেলাৰ বিশাল পৃথিৱীখনৰ ভিতৰত একেলগে  থকা  বহুকেইখন জগতত অৰিন্দম বৰকটকীয়ে বিচৰণ  কৰে। আৰু প্ৰয়োজন বুজি  নিজৰ  দায়িত্ব  বিস্তাৰ কৰি  লয়। অসমৰ উচ্চপৰ্যায়ৰ সাহিত্য আলোচনী ‘প্ৰকাশ'ৰ  সম্পাদনাৰ দায়িত্বত থকাৰ  সময়ত  এগৰাকী সম্পাদক হিচাপে অৰিন্দম বৰকটকীৰ ভূমিকা  সকলোৰে চকুত পৰিছিল। সুদক্ষ সম্পাদকে লেখকৰ বৌদ্ধিক সত্তাৰ প্ৰতিপালন কৰিব জানে।  সি এনে এটি কলা য'ত হৰিষ আৰু বিষাদ একেলগে থাকে। সৃষ্টিশীল সত্তাৰ মান-অভিমান  আৰু   অহং ভাৱৰ জেওৰা-জপনা পাৰ হৈ ভিতৰৰ জগতখনলৈ প্ৰৱেশ কৰি সৃষ্টিৰ বাবে  নিৰন্তৰ  তাগিদা  দি এজাক  লেখকক টগ্ বগ্  কৰি ৰখাৰ  পৰিবেশ  এটাৰ  সৃষ্টি কৰা-- আৰু তাৰ হৰিষ আৰু বিষাদবোৰ নিজৰ  ভিতৰত  প্ৰতিপালন কৰি নিজে উত্তৰণৰ বাটেৰে যোৱাৰ লগতে লেখকক  বৌদ্ধিক  নিৰাপত্তা  দিব  পৰাজনেই   প্ৰকৃত সম্পাদক।বৰ্তমানে তেওঁৰ মূখ্য সম্পাদনাত অসমৰ নবীন কবিৰ বাবে নগাঁৱৰপৰা তিনিমিহীয়াকৈ  প্ৰকাশিত হৈ থকা ‘যাত্ৰা'  নামৰ কাব্য আলোচনীখন নবীন লেখকৰ প্ৰতি তেওঁৰ দায়বদ্ধতাৰ অন্যতম প্ৰমাণ। লক্ ডাউনৰ সময়তো এইখন মঞ্চই  প্ৰযুক্তিৰ উপযুক্ত ব্যৱহাৰ কৰি কবিতাৰ পঠন  আৰু  প্ৰৱীণ-নবীনৰ  অপূৰ্ব সংগমেৰে  কাব্য আলোচনাৰ এক ৰুচিসন্মত পৰিবেশ জীয়াই  ৰাখিছে। আচৰিত হ’বলগীয়া নাই যে,  জাতি আৰু ভাষাৰ প্ৰশ্ন  জড়িত হৈ থকা স্পৰ্শকাতৰ বিষয়বোৰত তেওঁ নিজৰ দায়িত্ব বিস্তাৰ কৰি ৰাজপথলৈয়ো নামি  আহিছে,   লেখককূলৰ  ৰাজপথৰ সংগ্ৰামৰ বৌদ্ধিক নেতৃত্ব দিছে।দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত অৰিন্দম  বৰকটকীক  কেতিয়াও অজুহাত দিয়া দেখা নাযায়,  অথবা কৰবাত আন্তৰিকতাহীনভাৱে উপস্থিত থকাও দেখা নাযায়।প্ৰজন্মৰ  প্ৰতি  দায়িত্ব তেওঁৰ  আছে,  তাক পালন কৰাত কৃপণালি নকৰে, কিন্তু প্ৰয়োজনসাপেক্ষে কঠোৰ।বিশেষকৈ  সৃষ্টিশীল লোকৰ সংহতিৰ ক্ষেত্ৰত, লাগিলে সি ৰাজপথৰ প্ৰতিবাদৰ ভাষাই হওক।গতিকে মঞ্চ সদায় নিস্কলুষ,  সৃষ্টিশীলতাৰ সতে জড়িতসকলৰ বাবে  সুৰক্ষিত। নিজকে  ‘মিউট'   কৰি ৰাখি এনে  বহু  কামৰ  হৰিষ  আৰু বিষাদৰ অভিজ্ঞতা  লবলৈ  তেওঁ  সাজু। 

 এনে এক সাহিত্য  সমালোচকৰ  সমালোচনাৰ  দৰ্শন আলোচনা  কৰাৰ সময়ত  ব্যক্তিসত্তাৰ এই  দিশবোৰো আমি গুৰুত্ব দিওঁ,  এইবাবেই যে,  সমালোচনাৰ শব্দবোৰতো ব্যক্তিসত্তাৰ এইবোৰ দিশৰ প্ৰভাৱ পৰিছে। ২০১৮-চনত প্ৰকাশিত নিৰ্বাচিত সাহিত্য সমালোচনাৰ গ্ৰন্থ ‘অনুবন্ধ'ত সাহিত্য সমালোচক হিচাপে অৰিন্দম বৰকটকীৰ প্ৰস্তুতি, দৰ্শন আৰু  সিদ্ধান্তবোৰ একেসময়তে স্পষ্ট হৈ উঠিছে। সাহিত্যৰ সমালোচনাৰ ক্ষেত্ৰত তেওঁ নিজৰ এটা  দৰ্শনেৰে লেখকৰ জগতলৈ সোমাব খোজাৰ বিপৰীতে ভিতৰলৈ গৈ লেখকৰ দৰ্শন আৱিস্কাৰ কৰি তাৰ আধাৰত লেখকে সাহিত্যলৈ দিয়া নিৰ্যাস  আবিস্কাৰ কৰাৰহে বেছিকৈ পক্ষপাতী।এজন পৰ্যটকৰ দৰে নহয়,  পৰিব্ৰাজকৰ দৰে তেওঁ  নিষ্ঠাসহকাৰে বিচৰণ কৰে, আৰু সমল বোটলে। গতিকেই তেওঁৰ সমালোচনাত  উদ্ভাসিত হয় লেখকৰ ভিন্ন ভিন্ন জগতৰ ভিন্ন ভিন্ন দৰ্শন।ইয়াত একঘেয়ামি  নাই।তত্বৰ অনাহক দপদপনিবোৰ তেওঁ বিশ্বাস নকৰে, যদিওবা তত্ব  সাৰথি হিচাপে থাকে,  কিন্তু চালক তেওঁ নিজে--বোধ,  উপলব্ধি, সমাজ বাস্তৱতাৰ বিশ্লেষণৰ লগতে বক্তব্য আৰু লেখক সম্পৰ্কে সিদ্ধান্তও নিজা।   

 ক্ৰান্তিকাল প্ৰকাশনে প্ৰকাশ কৰা ‘অনুবন্ধ'  ২৭০ পৃষ্ঠাৰ এখন মেটমৰা সম্ভাৰৰ গ্ৰন্থ য'ত  আছে উনৈশজন কবিৰ  লগতে দুজন গল্পকাৰৰ সাহিত্যৰ সমালোচনা, চাৰিজন বিশিষ্ট ব্যক্তিৰ সাক্ষাতকাৰ আৰু লগতে কবিতা বিষয়ক  পাঁচখন ৰচনা। উনৈশ গৰাকী কবিৰ ভিতৰত এগৰাকী মহিলা কবি ৰশ্মিৰেখা বৰাৰ কবিতাৰ সমালোচনাই   সংকলনটোত  স্থান পাইছে, যি নিজে এগৰাকী গল্পকাৰো।

‘অনুবন্ধ' ৰ কবিতাৰ বিষয়ক সমালোচনাত স্থান পোৱা বিশিষ্ট  কবিসকল হৈছে  কবীন ফুকন,  জ্ঞান পূজাৰী, বিপুলজ্যোতি শইকীয়া, নীলিম কুমাৰ,  জীৱন নৰহ, ৰাজীৱ বৰুৱা, হেমাংগ দত্ত, ৰশ্মিৰেখা বৰা, বিজয় শংকৰ বৰ্মন, কমল কুমাৰ তাঁতী।  সংকলনৰ গল্প সাহিত্য সমালোচনাত স্থান পাইছে দুগৰাকী গল্পকাৰে, আৰু তেওঁলোক হৈছে   ক্ৰমে মনোজ কুমাৰ গোস্বামী  আৰু মৌচুমী কন্দলী।  বৰকটকীয়ে  ‘আকৌ পঢ়াৰ অনুভৱ'  বুলি  আন এক শিতানত  কবি চন্দ্ৰকুমাৰ, কবি বেজবৰুৱা,   হেম বৰুৱাৰ কবিতা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কবিতা, অজিৎ  বৰুৱাৰ কবিতা, সৌৰভ চলিহাৰ গল্প, কবি নীলমনি ফুকন আৰু কবি ভবেন বৰুৱাৰ কবিতাৰ ওপৰত আলোকপাত কৰিছে। সাক্ষাৎকাৰ শিতানত চাৰিজন প্ৰবীণ আৰু দিগ্ গজ  ব্যক্তিত্ব নীলমনি ফুকন, নগেন শইকীয়া, ড০ হীৰেন গোহাঁই আৰু গল্পকাৰ  অপূৰ্ব শৰ্মাৰ সাক্ষাতকাৰ সন্নিবিষ্ট কৰা হৈছে। সংযোজন শিতানৰ ৰচনাকেইখন হৈছে  ক্ৰমে -- কবিতাত লোকজীৱন, আশীৰ দশকৰ কবিতা, কবিতাত সমাজ আৰু সহৃদয়তা,  নতুন কবিতাঃ নতুনৰ কবিতা(ক) আৰু নতুন কবিতাঃ নতুনৰ কবিতা (খ) ।

 সংকলনৰ প্ৰথমটি সমালোচনা প্ৰয়াত কবীন ফুকনৰ কবিতাৰ সমালোচনাৰে  আৰম্ভ  হৈছে।   কবলৈ  গ'লে,  এই  সমালোচনাত অৰিন্দম বৰকটকীয়ে সাধাৰণতে পাঠকে মূলত ৰমন্যাসিক আৰু  লীৰিক্যেল  কবিতা লিখা বুলি ভাবি  লোৱা কবীন ফুকনৰ কবিসত্তাক নতুনকৈ উন্মোচিত কৰিছে কবিৰ গভীৰ জীৱনবোধ, লোক জীৱনৰ প্ৰতি থকা শ্ৰদ্ধা, কবিতাত জীৱন জিজ্ঞাসাৰ দ্বন্দ, কবিতাসমূহৰ ব্যঞ্জণা আৰু মননৰ নতুন তাৎপৰ্যৰে।অসমীয়া কবি আৰু পাঠকৰ সন্মুখত কবীন ফুকনৰ কবিতাৰ বিষয়ে কবলৈ গৈ তেওঁ কৈছে--“কিন্তু ভাৱৰ মাধুৰ্যতাতে তেওঁৰ কবিতা শেষ নহয় --মাধুৰ্যতাৰেও তেওঁ কঢ়িয়াই আনে যন্ত্ৰণা, সমস্যা, আধুনিক দগ্ধ হদয়ৰ প্ৰতিচ্ছবি,  কাৰণ তেওঁৰ কবিতা তীক্ষ্ন  মনন আৰু বোধ সংশ্লেষণ, সাদৃশ্যৰ মাজত বৈসাদৃশ্য আৰু  বৈসাদৃশ্যৰ মাজৰ সাদৃশ্য বিচৰাৰ বিজ্ঞানসুলভ উদ্দীপনা  আৰু মানুহৰ মনৰ ভিতৰলৈ অনুসন্ধানী আৰু বন্ধনযুক্ত অভিযান।”  তেওঁ আকৌ কৈছে--“জীৱন আকূতিৰ অনুপস্থিতিত আধুনিকতাৰ উন্মেষ নহয় বুলি তেওঁৰ কবিতাই প্ৰমাণ কৰিলে।”  এনেবোৰ উপলব্ধিয়ে কবীন ফুকনৰ কবিতাকেই নতুন তাৎপৰ্য দিয়া নাই,  বৰং কাব্য সমালোচনাৰ বাবে সমালোচকৰ প্ৰস্তুতিৰ বিষয়েও আমাক জানিবলৈ দিছে।সেইদৰে সমকালীন অসমীয়া কবিসকলৰ মাজৰ এগৰাকী অতি গুৰুত্বপূৰ্ণ কবি জ্ঞান পূজাৰীৰ কবিতাৰ বিশ্লেষণ সংকলনটোৰ আন এক সম্পদ। জ্ঞান পূজাৰীৰ কবিতাৰ বিষয়ে কবলৈ গৈ তেওঁ কৈছে -- “প্ৰায়সকল অসমীয়া কবিয়ে  দ্বিধা, দ্বন্দ, সংশয়, আৰু সন্ত্ৰাসৰ  পৃথিৱীখন মাজত  জীৱনৰ প্ৰাচুৰ্যৰ সন্ধান কৰে। জ্ঞান পূজাৰীয়ে  দ্বিধা, দ্বন্দ, সংশয়, আৰু সন্ত্ৰাসক কাব্যৰ মৰ্যদা দিয়ে। সঁচা অৰ্থতেই এইজন কবিয়ে জুইৰ সতে ধেমালি কৰে।”  সাহিত্যৰ  প্ৰতি একধৰণৰ দায়িত্ব অনুভৱ কৰা বাবেই আশীৰ দশকৰ বিস্ময়কৰ কবি বিপুলজ্যোতি শইকীয়া,  যি মহাবিদ্যালয়ত  অধ্যয়ন কৰি থকাৰ সময়তেই কবিতাত জীৱন পাৰ হৈ মহাজীৱনক স্পৰ্শ কৰাৰ বিৰল অনুভুতিৰে পাঠকক মন্ত্ৰমুগ্দ্ধ কৰি পৰৱৰ্তী সময়ত প্ৰায় নীৰৱ হৈ পৰিছে,  আৰু আন এজন প্ৰায় হেৰাই যোৱা কবি হেমাংগ দত্তৰ কবিতাৰ দুটিকৈ মননশীল সমালোচনা সন্নিবিষ্ট কৰিছে-- যাতে পাহৰণিৰ গৰ্ভত এই কবিতাবোৰ হেৰাই নাযায়।   

সংকলনত সন্নিবিষ্ট হোৱা প্ৰতিগৰাকী লেখকৰ  সমালোচনাৰ মূল্যায়ন  কৰাটো এই নাতিদীৰ্ঘ আলোচনাত সম্ভৱ   নহয়। তথাপি সমকালীন সাহিত্যিকসকলৰ ক্ৰমে মৌচুমী কন্দলীৰ  গল্প, জীৱন নৰহ,  নীলিম  কুমাৰ, বিজয় শংকৰ বৰ্মন,  ৰাজীৱ বৰুৱা, ৰশ্মিৰেখা বৰাৰ কবিতাৰ বিশ্লেষণত সমালোচকৰ তীব্ৰ  সংবেদী মননে  আমাক আশ্বস্ত  কৰিছে। সমালোচক এগৰাকীয়ে সমকালীন বিশ্বসাহিত্যৰ ধাৰাবোৰ জনাৰ দক্ষতা আহৰণ কৰিব লাগিব  বুলি থকা সাধাৰণ ধাৰণাৰ বিপৰীতে একে সময়তে তেওঁ কিমান পৰিমাণৰ এগৰাকী  দীক্ষিত আৰু মনোযোগী পাঠকো হব  লাগিব সেই কথা এই সমালোচনাবোৰ পঢ়িলে উপলব্ধি কৰিব পাৰি। আচৰিত কথা যে, কবিতাৰ কথা কবলৈ গৈ কেতিয়াবা তেওঁ নিজেও চিত্ৰকল্প নিৰ্মাণ কৰি তুলিছে। উদাহৰণস্বৰূপে, জ্ঞান পূজাৰীৰ কবিতাৰ বিষয়ে আলোচনা কৰোঁতে তেওঁ  নÍব্বৰ দশকৰ কবিসকলৰ কবিতাৰ প্ৰসংগ টানি এনেদৰে কৈছে--“কিন্তু নব্বৈ  দশকৰ বহুতো কবিৰ কবিতা যেতিয়া গাইগুটীয়াকৈ ভাল লাগে, অথচ সংকলনত পাত লুটিয়ালে একেটা কবিতাকেই পঢ়ি থকা যন লাগে, তেতিয়া ভাৱ হয় ভাষাৰ প্ৰতি সাংঘাটিক মোহে  ভাৱৰ গুৰুত্ব নোহোৱা কৰিছে, নে সামাজিক সমৃদ্ধিৰ পৰিৱৰ্তে  আত্মদীপোভৱৰ পথ লোৱাৰ বাবে কবিতাই  ব্যক্তিকেন্দ্ৰিকতাৰ পৰিধিত আৱদ্ধ হৈ পৰিছে। ফলশ্ৰুতিত সফলতাৰ বিন্দুতো বহুতো প্ৰতিভাবান কবিৰ কবিতা একেটা ঘৰৰ বহুতো কোঠালি হ'ল, কিন্তু বহুতো খিৰিকীৰ সম্ভাৱনা ন'হল।” নকলেও হ’ব অৰিন্দম বৰকটকীয়ে কোৱা এই ‘বহুতো  খিৰিকী' আধুনিক কম্পিউটাৰৰ ‘উইণ্ড'  প্ৰগ্ৰেমৰ সেই অনন্ত সম্ভাৱনাৰ খিৰিকীবোৰৰ মেটাফৰ,  য'ত প্ৰতিখন খিৰিকীয়েই আমাৰ বাবে কঢ়িয়াই আনে বিস্ময়, থৰ থৰ কৌতূহল, নজনাক জনাৰ অনন্ত হেঁপাহৰ অফুৰন্ত সম্ভাৱনাবোৰ।সাহিত্যৰ সমালোচনাত এজন সমালোচকে সৃষ্টি কৰা এনে মেটাফৰৰ সাক্ষাৎ আমাৰ বাবেও  বিস্ময়কৰ। এই বিস্ময় স্বত্বেও কাব্য সমালোচনাৰ কিছু সীমাবদ্ধতাও চকুত নপৰা নহয়। ‘অনুবন্ধ'ত  সন্নিবিষ্ট হোৱা একে বয়সৰ দুটা পৃথক ধাৰাৰ দুগৰাকী কবি ক্ৰমে বিজয় শংকৰ বৰ্মণৰ কবিতাৰ বিশ্লেষণত দেখা  পোৱা  প্ৰগলভতা আৰু  সুক্ষ্মাতিসুক্ষ্ম কাৰুকাৰ্যবোৰ কমল কুমাৰ তাঁতীৰ কবিতাৰ বিশ্লেষণত  দেখিবলৈ পোৱা হোৱা নাই। এয়া ইচ্ছাকৃত নহয়, বৰং সমালোচকৰ সীমাবদ্ধতাহে,  যাক  অনাগত সময়ত তেওঁ অতিক্ৰম কৰি  যাব  বুলি আশা কৰিব পাৰি, যিহেতু অৰিন্দম বৰকটকীৰ সমাজ বাস্তৱতাৰ বিশ্লেষণৰ দক্ষতাও অপূৰ্ব। সাহিত্যৰ সমালোচনালৈ  তাক  নিঃসংকোচে আনিলেই হ'ল।‘ নতুন কবিৰ কবিতা' শিতানত তেখেতে ‘কথন'  নামেৰে সংকলন এটি প্ৰকাশৰ পিছতে নীৰৱ হৈ পৰা জ্যোৎস্না কলিতাৰ লগতে কবিতাত নিজৰ শৈলীৰে  জিলিকি  উঠা,  অথচ সঘনে নাম উচ্চাৰিত নোহোৱা সমুদ্ৰ কাজল শইকীয়াৰ কবিতাৰ বিষয়ে উল্লেখ কৰিছে। 

সাহিত্যৰ ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাশীল অৰিন্দম বৰকটকীয়ে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য,  হেম বৰুৱা বা অজিৎ বৰুৱা, হীৰেন ভট্টাচাৰ্য, নীলমনি ফুকনৰ কবিতালৈ পুনৰ এবাৰ  ভূমুকি  মাৰি চাইছে।বিশেষকৈ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কবিতাৰ অৱলোকনে গ্ৰন্থৰ সৌন্দৰ্য বৃদ্ধি কৰিছে এইবাবেই যে,  উপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বৃহৎ কলেৱৰটিৰ আঁৰত কবিজন প্ৰায়েই উপেক্ষিত হৈ ৰয়।অৰিন্দম বৰকটকীৰ কাব্য সমালোচনাৰ দক্ষতাই বাবেই এই কবিসকলৰ কীৰ্তি আকৌ এবাৰ সমুজ্জল হৈ উঠিছে। অৱশ্যে এই শিতানত থকা  সৌৰভ কুমাৰ চলিহাৰ প্ৰেমৰ গল্প সম্পৰ্কীয় ব্যতিক্ৰমী ৰচনাখন আন কেইখনৰ দৰে আটোম-টোকাৰি  হোৱা নাই।

অৰিন্দম বৰকটকীযে  দীৰ্ঘসময় ধৰি অসমৰ  সাহিত্য  আৰু   সমাজজীৱনত পোহৰ পেলোৱা  এলানি ব্যক্তিত্বৰ পদ্ধতিগত ভাৱে সাক্ষাতকাৰ গ্ৰহণ কৰি আহিছে। সমকালীন সাহিত্য জীৱনক  প্ৰভাৱিত কৰা চাৰিজনকৈ  ব্যক্তিৰ সাক্ষাতকাৰৰ অন্তৰ্ভুক্তিয়ে গ্ৰন্থখন সমৃদ্ধ কৰিছে।এই সাক্ষাতকাৰবোৰ পঠনৰ মাজেৰেও সমালোচকগৰাকীৰ জীৱন জিজ্ঞাসাৰ লগতে এই ব্যক্তিকেইগৰাকীৰ সৃষ্টিৰাজিৰ সতে তেওঁৰ গভীৰ পৰিচিতিৰ আন এটি দিশ উন্মোচিত হৈছে।  সময়ত এই সাক্ষাতকাৰবোৰো সাহিত্যৰ ইতিহাসৰ  অন্যতম  সম্পদৰূপে পৰিগণিত  হবগৈ।

অৰিন্দম বৰকটকী এই সময়ৰ সেইজন সাহিত্য সমালোচক--যি এজন লেখকে  সৃষ্টি  কৰা শব্দবোৰক বিশ্বাস কৰাৰ উপৰিও সামগ্ৰীকভাৱে লেখকৰ সংহতিতো বিশ্বাস কৰে। সাহিত্যৰ সমালোচনা তেওঁৰ বাবে মাথোন এটা  পেশা অথবা কৰি ভাল পোৱা কাম নহয়--তেওঁ দায়িত্ব সহকাৰে এই  কামটোক এটা কলাৰ পৰ্যায়লৈ লৈ যাবলৈ চেষ্টা কৰিছে। সাহিত্যৰ পঠনৰ সময়ত তেওঁ হৈ উঠে মানৱিক, অত্যন্ত দৰদী। কেৱল মগজুৰে নহয়, এখন  হৃদয় লৈ তেওঁ লেখকৰ শব্দবোৰ পঢ়ে,  অসীম ধৈৰ্যৰে,  একধৰণৰ বিৰল সংবেদনাৰে--লাগিলে লেখক নতুনেই হওক, প্ৰবীনেই হওক,  প্ৰতিষ্ঠিতই হওক বা কোনেও চিনি নোপোৱা এজনেই হওক।তেওঁ সময় দিয়ে।প্ৰায় সকলোবোৰকে তেওঁ ব্যক্তিগতভাৱে চিনিও পায়— সম্ভৱক্ষেত্ৰতঃ পঢ়ি উঠি এটা বাৰ্তা  দিয়ে।অসমৰ অস্ত্ৰ-সংঘাতৰ পৰিস্থিতিৰ ওপৰত তেওঁ  উগ্ৰপন্থী সদস্যসকলকে ধৰি সৃষ্টিশীল লোকসকলে লিখা যিমানবোৰ সৃজনীমূলক লিখনি, প্ৰতিবেদন, টোকা আদি পঢ়িলে, হয়তো নিজে সৃষ্টিশীল লেখক হোৱাহেঁতেন অস্ত্ৰ-সংঘাতৰ পৰিণতিৰ অসমীয়া সাহিত্যৰ প্ৰামাণ্য  উপন্যাসখন তেওঁৰ কলমৰপৰাই ওলালেহেঁতেন। অসমীয়া ভাষাত লিখা এটা ভাল কবিতাৰ বাবে, এটা ভাল গল্পৰ  বাবে বা এখন ভাল উপন্যাসৰ বাবে ইমান আকূলতাৰে অপেক্ষা কৰা সমালোচক আন ভাষাৰ সাহিত্যত পাবলৈ  আছেনে নাই,   জনা নাযায়। অসমীয়া  ভাষাৰ লেখকসকল এই ক্ষেত্ৰত ইমানেই  ভাগ্যবান। সমকালীন বিশ্ব-সাহিত্যৰ তেওঁ এজন অনুৰাগী পাঠক, আৰু অসমীয়া সাহিত্যতো  কামনা কৰে তেনেধৰণৰ  সৃষ্টি। সেইবাবেই  একে সময়তে সমকালীন সৃষ্টিশীল সত্তাবোৰ প্ৰতিপালন কৰাটো নিজৰ কৰণীয় বুলি বিশ্বাসো কৰে।অৰিন্দম বৰকটকীৰ সমালোচনা  পঢ়ি উঠি এনে অনুভৱ হয় যে,  তেওঁ লেখকৰ অন্তৰৰ জগত একোখনো আন বহু সমালোচকৰ তুলনাত  ইৰ্ষণীয়ভাৱে  বেছিকৈ  জানে,  আৰু জনাৰ আনন্দৰ নিৰ্যাস লেখকে সৃষ্টি কৰা শব্দৰ মাজেৰে নিজে উপভোগ কৰে। ভাষা-সাহিত্যৰ ঐতিহ্যক অন্তৰৰ গভীৰৰপৰা  ভাল  পাব নোৱাৰিলে কেৱল  লেখকে সৃষ্টি কৰা শব্দৰ মাজেৰেই এজন সমালোচক ইমান গভীৰলৈ যাব পৰাটো সম্ভৱ নহয়। হয়তো সেইবাবেই অৰিন্দম বৰকটকী  নামটো  প্ৰতিজন তৰুণ লেখকৰ  বাবে এটি ভাৰসাৰ  নাম,  তৰুণ কবি অথবা  গল্পকাৰ নিশ্চিত যে,  লেখা  সমলোচকৰ দৃষ্টিৰপৰা  আঁতৰি থকা নাই। লেখকে স্থাপনা কৰা এই ভাৰসা বা সংযোগৰ বাবেই সমকালীন বহু সমালোচকৰ ৰসহীন, যান্ত্ৰিক ভাষাৰ  বিপৰীতে অৰিন্দম বৰকটকীৰ সমালোচনাৰ ভাষা আৰু আলাপবোৰ জীৱন্ত,  মানৱিক। লেখকৰ উত্তৰণৰ বাবে তেওঁ  অপেক্ষা কৰিব জানে, কোনো লৰালৰি নাই।এগৰাকী নিৰ্মোহ  সমালোচক হোৱাৰ পিছতো তেওঁৰ সমালোচনাত  লেখক এজন  তেজে-মঙহে পাঠকৰ  কাষলৈ  গৈ  পায়।   

 কিন্তু ইমানবোৰ সম্ভাৱনীয়তাৰ পিছতো ‘অনুবন্ধ'ই কিছুমান গুৰুতৰ সীমাবদ্ধতা চেৰাই যাব  নোৱাৰিলে।  কিয়নো দুটাকৈ গল্প সমালোচনা, সৌৰভ কুমাৰ চলিহাৰ প্ৰেমৰ গল্পৰ ওপৰত লিখা  ৰচনাখন,   গল্পকাৰ  অপূৰ্ব  শৰ্মাৰ সাক্ষাতকাৰ, ড০ হীৰেন গোহাঁই  আৰু নগেন শইকীয়াৰ সাক্ষাতকাৰটি বাদ দিলে ‘অনুবন্ধ'ক মোটামুটিভাৱে  এটা কাব্য-সমালোচনাৰ সংকলন বুলিবহে পাৰি। অৰিন্দম বৰকটকীৰ কথাশিল্পৰ পঠনৰ প্ৰতি  আগ্ৰহ  কবিতাৰ পঠনতকৈ কোনো গুণে কম নহয়। তেখেতৰ কথাশিল্পৰ সমালোচনাও কাব্য সমালোচনাৰ  দৰেই  প্ৰগলভ আৰু   নতুন উপলব্ধিৰে ভৰা। সমাজ বাস্তৱতাক লৈ সৃষ্টি হোৱা কাহিনীকথনে  তেওঁকো অতিকৈ  আকৰ্ষিত কৰে।   তেনেহ'লে কথাশিল্পক গুৰুত্বসহকাৰে লৈ লেখা-মেলা কৰা সমসাময়িক গল্পকাৰ আৰু ঔপন্যাসিকসকলৰ সৃজনীশীল  কামে তেখেতৰ সাহিত্য সমালোচনাত কিয় যথোপযুক্ত স্থান পাব পৰাকৈ সক্ষম ন'হল? ‘অনুবন্ধ'ত অসমীয়া            কথাশিল্পৰ উপযুক্ত প্ৰতনিধিত্বিৰ অভাৱে সাহিত্যৰ মানসম্পন্ন ৰূপকাৰসকলক নিশ্চয়েই সংশয়ৰ মাজলৈ ঠেলি  দিয়া নাই। বৰং,  সমালোচনা সাহিত্যত তেওঁলোকৰ  অনুপস্থতিয়ে সমালোচকৰ সীমাবদ্ধতাকেহে প্ৰতীয়মান  কৰিছে।  সামগ্ৰীকভাৱে কাব্য সমালোচনাৰ এক অনুপম দলিল হৈও কথাশিল্পক উপযুক্ত স্থান দিব নোৱাৰৰ দোষৰপৰা  গ্ৰন্থখন মুক্ত হব পৰা নাই। 

 ইয়াৰ লগতে ‘অনুবন্ধ'ৰ সমালোচনামূহৰ  পঠনে  আমাৰ মনলৈ আন এক  দুচিন্তাও  কঢ়িয়াই  আনিছে --  যি দুচিন্তা আহিছে সাহিত্যত লিংগীয়  প্ৰতিনিধিত্বৰ দৃষ্টিকোণৰপৰা। সমকালীন  অসমীয়া সাহিত্যৰ জগতখনত মহিলা কবি, গল্পকাৰ পন্যাসিকসকল কেৱল সংখ্যাগত দিশৰপৰাই নহয়, গুণগত দিশৰপৰাও সমানেই  চকুত  পৰা। অথচ এজন সমালোচকৰ দৃষ্টিত তেওঁলোক ক'ত যে হেৰাই যায়! ‘অনুবন্ধ'ও ইয়াৰ ব্যতিক্ৰম ন'হল। অৰিন্দম বৰকটকীয়ে  এয়া ইচ্ছাকৃতভাৱে নিশ্চয়েই কৰা নাই,  কিয়নো সাহিত্যত লিংগীয় বৈষম্যৰ দৰে ক্ষুদ্ৰ চিন্তা তেওঁৰ চিন্তাৰ পৰিধিৰ বাহিৰত বুলিয়েই জানো।কিন্তু কেনেবাকৈ হলেও অলেখ মানবিশিষ্ট সমালোচনাৰে ভৰা গ্ৰন্থখনিত এই দিশটোৰ  প্ৰতিফলন   ঘটিছে।  আৰু   আমি  তাক   আওকাণ কৰিব পৰা নাই। অসমীয়া গল্প আৰু  উপন্যাসৰ ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই যোৱা  অথচ  সমালোচকৰ  সুদৃষ্টি   আকৰ্ষণ কৰিবলৈ  সক্ষম নোহোৱা  তিলোত্তমা  মিশ্ৰ, স্বৰ্ণলতা বৰা,  ফুল গোস্বামী,  মনোৰমা দাস মেধিৰ দৰে বিশিষ্ট কথাশিল্পীসকলৰ সাহিত্যকৰ্মক সমালোচনা সাহিত্যই যথাযথ মৰ্যদা দিব নোৱাৰাটো অসমীয়া সাহিত্যৰ বাবে দুখদায়ক অভিজ্ঞতা বুলিহে ক’ব  লাগিব। সমালোচনা সাহিত্যক জীৱনৰ এক  দায়িত্ব  ৰূপে লোৱাৰ সময়ত  এজন   সমালোচকে সাহিত্যৰ  লিংগীয়   দিশবোৰলৈ দিশবোৰলৈ খেয়াল ৰখা এইবাবেই  প্ৰয়োজন  যে,  অসমীয়া সহিত্যত  সমকালীন  নাৰী  সাহিত্যিকৰ কৰ্মৰাজি এতিয়া আৰু গুণগত দিশেৰে  সমালোচকে  উলাই কৰিব পৰা  অৱস্থাত নাই। হাজাৰ প্ৰতিবন্ধকতা নেওচি তেওঁলোক আগবাঢ়ি গৈছে।তেওঁলোকৰ সাহিত্য কোনোমতেই ‘কোটা'ৰ ভিতৰৰ সাহিত্যচৰ্চা নহয়।সমালোচকৰ নীৰৱতা, সন্তানৰ লালন-পালনৰ দায়িত্বৰ লগতে পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাৰ  আওতাত বিভিন্ন দ্বন্দৰ সতে অহৰহ মোকাবিলা কবিলগীয়া হোৱা পৰিবেশৰ বাবে প্ৰেৰণাদায়ী  সঞ্জীৱনীৰ অভাৱত বহুতো নাৰী সাহিত্যিকৰ জীৱন আদবাটত মৰহি  যায়।ই এক বাস্তৱতা। তাৰ মাজতো যিসকল অৱশেষত  উজলি  উঠেগৈ, তেওঁলোকক অন্ততঃ সমালোচক এজনে স্বীকৃতি দিয়া উচিত। এয়া  এক  দায়িত্বও।আশা কৰিব পাৰি যে,  সমকালীন  সমালোচকে  প্ৰাপ্যৰপৰা   বঞ্চিত  কৰি ৰাখিলেও ভবিষ্যতৰ গৱেষক,  সমালোচকে এই  মহীয়সী নাৰী সাহিত্যিকসকলৰ কৰ্মৰাজিক  নিশ্চয় সন্মান জনাব।   

এই সীমাবদ্ধতাসমূহ আঙুলিয়াই দিয়াটো জৰুৰী, কিয়নো ‘অনুবন্ধ'ৰ মাজেৰে সমকালীন সাহিত্য বিচাৰত সমালোচকৰ এক দৰ্শন পোহৰ হৈ উঠিছে, য'ত সমালোচকে পূৰ্বৰ তুলনাত অধিক স্বাধীনতা লৈছে আৰু আত্মবিশ্বাস লাভ  কৰিছে। সন্মুখত এক দীঘলীয়া বাট  আছে, যি জটিল আৰু কণ্টকাকীৰ্ণ। এতিয়াৰপৰা সমালোচকে নিজকেই প্ৰত্যাহ্বান দি,  নিজৰ সীমাবদ্ধতা ভাঙি আগুৱাব লাগিব।  ন ন ক্ষেত্ৰত বিচৰণ সম্ভৱ কৰি তুলিব পাৰিব লাগিব। অন্যথা,  তেখেতে  জ্ঞান পূজাৰীৰ কবিতাত নব্বৈৰ দশকৰ বহুতো কবিৰ কবিতা সফলতাৰ বিন্দুত উপনীত হৈও  বহুতো সম্ভাৱনাৰ খিৰিকী হোৱাৰ  পৰিৱৰ্তে  একেটা ঘৰৰ বহুতো কোঠালি হোৱাৰ যি অপৰূপ  চিত্ৰকল্প নিৰ্মাণ কৰিছে,   সেই  চিত্ৰকল্পয়েই কালান্তক বাস্তৱ হৈ তেওঁকো সীমাবদ্ধ  কৰি পেলাব। সমালোচনাৰ ন ন ক্ষেত্ৰলৈ  নিজৰ  দৃষ্টি প্ৰসাৰিত কৰিব নোৱাৰিলে  অৰিন্দম  বৰকটকীৰ সমালোচনাও  সাহিত্যৰ  নতুন  নতুন ৰ'দৰ খবৰবোৰ   কঢ়িয়াই অনা  কম্পিউটাৰৰ ‘উইণ্ড'  প্ৰগ্ৰেমৰ  অলেখ  অযুত  খিৰিকীৰ পৰিৱৰ্তে  একেটা  ঘৰৰ অনেক কোঠালিহে   হবগৈ--যাক তেওঁ  অতদিনে সন্মুখৰপৰা বৌদ্ধিক নেতৃত্ব দি অহা সমকালীন  প্ৰজন্মই  আশা নকৰে। কিন্তু এই সীমাবদ্ধতাই গ্ৰন্থখনে সাঙুৰি লোৱা সাহিত্যিককলৰ কৰ্মৰাজিৰ মননশীল সমালোচনাৰ ক্ষেত্ৰত অৰিন্দম বৰকটকীৰ নিষ্ঠা,  একাগ্ৰতা আৰু দীঘলীয়া প্ৰস্তুতিৰ পৰা  আহৰিত তেওঁৰ  সাহিত্য-সমালোচনাৰ দৰ্শনৰ  মূল্যায়নৰ সামান্যতমো হেৰ-ফেৰ ঘটাব পৰা নাই। বৰং কব পাৰি যে,   ‘অনুবন্ধ'  সাম্প্ৰতিক  সময়ৰ সমালোচনা সাহিত্যৰ এক মূল্যবান দলিল। সাহিত্যক গভীৰভাৱে লোৱাসকলৰ বাবে এখন অৱশ্য পঠনীয় গ্ৰন্থ,  লাগিলে তেওঁ  সৃষ্টিশীল ক্ষেত্ৰৰ সতে জড়িত হওকেই বা নহওক। 

------

 -- ৰত্না ভৰালী তালুকদাৰ

০৯-০৮-২০২০