Saturday, 10 August 2019

‘তিনি তালাক' প্ৰথা নিষিদ্ধ আৰু কিছু প্ৰাসংগিক কথা







অৱশেষত কেন্দ্ৰৰ  বিজেপি চৰকাৰে  সংসদৰ   উভয়  সদনত  বিধেয়ক  উত্থাপনৰ মাজেৰে  আইনী  প্ৰক্ৰিয়াৰে  যোৱা ৩০  জুলাই  তাৰিখে ইছলামধৰ্মী লোক সকলৰ  মাজত  প্ৰচলিত তিনি তালাক'  প্ৰথা  নিষিদ্ধ  ঘোষণা  কৰে।  আইনী  প্ৰক্ৰিয়াৰ মাজেৰে  তিনি  তালাক' প্ৰথা  বন্ধ হোৱাৰ লগে  লগে  তালাক'  শব্দটো  তিনিবাৰকৈ  উচ্চাৰণ কৰি পতিয়ে  পত্নীক বিবাহ  বিচ্ছেদ কৰাটো  অপৰাধ বুলি গণ্য কৰা হ'    এনে   অপৰাধৰ  অপৰাধীয়ে   তিনি বছৰ পৰ্যন্ত  কাৰাবাস খাটিব            লাগিব ।  

উল্লেখযোগ্য যে,  ইয়াৰ আগেয়ে  দুবছৰৰ  আগতে  ২০১৭ চনতো  এই বিধেয়ক সংসদৰ মজিয়াত উত্থাপন  কৰা হৈছিল   যদিও  ৰাজ্যসভাৰ মজিয়াত  নাকচ হয়।  এই   প্ৰথা  নিষিদ্ধ  হোৱাৰ পিছতে   প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে    টুইট  যোগে  কয়  যে, “ এটা আওপুৰণি  আৰু  মধ্যযুগীয়  প্ৰথাক  অৱশেষত  ইতিহাসৰ  ডাষ্টবিনলৈ নিক্ষেপ কৰা  'ল।  সংসদে তিনি তালাক' বন্ধ  কৰিছে আৰু  মুছলমান  মহিলাসকলৰ ক্ষেত্ৰত হৈ  থকা এটা ভুলৰ   শুধৰণি  কৰিছে।  এয়া  লিংগভিত্তিক ন্যায়ৰ  দিশে এক বিজয়  আৰু    সমাজলৈ  অধিক  সমতা  আনিব।  ভাৰতে আজি  আনন্দোল্লাস  কৰিছে।   প্ৰধানমন্ত্ৰীৰ সূৰতে সুৰ মিলাই  কেন্দ্ৰীয়  আইন  মন্ত্ৰী ৰবিশংকৰ প্ৰসাদেও তিনি তালাক' নিষিদ্ধ হোৱাৰ দিনটো এটা ঐতিহাসিক দিৱস'   বুলি উল্লেখ কৰিছে।  

ইছলামৰ পবিত্ৰ গ্ৰন্থ  কোৰাণত  তিনি  তালাক  প্ৰথা'ৰ বিষয়ে উল্লেখ নাই যদিও   শতিকাৰ পিছত  শতিকা  ধৰি  বিভিন্ন  দেশৰ  ইছলামধৰ্মী লোকসকলৰ মাজত  এই  প্ৰথা  চলি আহিছে।   বৰ্তমান  সময়ত   প্ৰযুক্তি  ব্যৱহাৰ   কৰি  কাগজত লিখি,    টেলিফোনযোগে  উচ্চাৰণ  কৰি,    অথবা   ইণ্টাৰনেট  সংযোগ  কৰি   স্কাইপৰ  মাজেৰেও  তিনি  তালাক'  দি    বিবাহ বিচ্ছেদ কৰাৰ ঘটনা  ঘটিছে বুলি  শুনিবলৈ পোৱা  গৈছে ।   ভাৰতৰ চুবুৰীয়া  পাকিস্থান  আৰু   বাংলাদেশকে ধৰি   ইছলামধৰ্মী লোকৰ সংখ্যাধিক্য থকা কেইবাখনো  ৰাষ্ট্ৰত  ইতিমধ্যে  তিনি তালাক'  প্ৰথা নাই।  

সংসদৰ মজিয়াৰ বাহিৰেও   তিনি তালাক'  প্ৰথাৰ দৰে  কুপ্ৰথাৰ বিৰুদ্ধে   ভাৰতৰ কেইবাগৰাকীও  ইছলামধৰ্মী  নাৰীয়ে সাহসেৰে  আইনী  যুদ্ধৰ  বাবে  ইতিপূৰ্বেই আগবাঢ়ি  আহিছিল।  তেওঁলোক  হৈছে  ৰাজস্থানৰ  জয়পুৰৰ  আফ্ৰিন ৰেহমান,  উত্তৰাখণ্ডৰ কাশীপুৰৰ  চায়েৰা  বানু, পশি চম বংগৰ  কলিকতাৰ ইচৰাত জাহাঁ,  উত্তৰ  প্ৰদেশৰ চাহাৰাণপুৰৰ আতিয়া চাব্ৰী,  আৰু  ৰাজ্যখনৰ  ৰামপুৰৰ  এলেকাৰ গুলচন পাৰভীন। এই নাৰীসকলৰ  কোনোবাগৰাকী উচ্চশিক্ষিত আৰু সেইবাবেই বিবাহৰ ক্ষেত্ৰত  অসুবিধা হৈছিল,    আৰু কোনোবাগৰাকীয়ে  হয়তো আনুষ্ঠানিক শিক্ষা   পৰ্যন্ত  লাভ   কৰা  নাই । কিন্তু  তিন তালাক' প্ৰথাৰে পতিয়ে  তেওঁলোকৰ সৈতে বিবাহৰ   বিচেছ   টোৱাৰ পিছত   তেওঁলোকে  সাহসেৰে  ন্যায়ালয়ৰ  মজিয়াত ন্যায়ৰ  হকে যুঁজ দিছে।  ইয়াৰ পূৰ্বেও ছাহ বানু নামৰ মহিলাগৰাকীয়ে পূৰ্বৰ পতিৰপৰা  খোৰাকী বিচাৰি ১৯৭৮ চনতেই আদালতৰ মজিয়ালৈ গৈছিল।

এইকলৰ ভিতৰৰে  চায়েৰা  বানুৰ গোচৰৰ ক্ষেত্ৰত  ভাৰতৰ  উচ্চতম  ন্যায়ালয়ে  ইতিমধ্যেই  ৰায়দান কৰি  থৈছে যে,  তিনি তালাক'  উচ্চাৰণ কৰি  দিয়া  বিচ্ছেদ আইনসন্মত  নহয়, এই   প্ৰথা  সংবিধানৰ নৈতিকতাৰ  পৰিপন্থী     এনেদৰে  উচ্চাৰণ কৰি  বিবাহ বিচেছ  কৰিলে, তেনে বিচেছদৰ  কোনোধৰণৰ   গ্ৰহণযোগ্যতা নাই।   এই  প্ৰথাৰে   পতিৰ ঘৰত   নিৰ্যাতন পোৱা   নাৰী  এগৰাকীয়ে  ভাৰতীয  দণ্ডবিধিৰ ৪১৮ () অধীনত ন্যায়ালয়ত গোচৰ তৰিব  পাৰে।  যিহেতু   উচ্চতম  ন্যায়ালয়ে  তিনি তালাক'   প্ৰথাক  ইতিপূৰ্বেই নাকচ কৰিছে  সেয়েহে  এই  ৰায়দানৰ পিছতো সংসদৰ মজিয়াত ততাতৈয়াকৈ বিধেয়ক  উত্থাপন কৰি   আইনৰ মাজেৰে  দেৱানী'  আদালতৰ বিষয় এটা ফৌজদাৰী'  আদালতৰ বিষয়লৈ  কিয় ঠেলি দিয়া  ', তাকে  লৈ  বিভিন্ন  প্ৰশনৰ  উত্থাপন  হৈছে।  অপৰাধ'   বুলি  চিনাক্ত  কৰিলেই এই   কু- প্ৰথা সমাজৰপৰা  নোহোৱা  হৈ  যাব নেকি --  তাকে  লৈও  বিভিন্ন যুক্তি  আগবঢ়োৱা  হৈছে। আনকি   প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ২০১৭চনত সেই সময়ৰ উচ্চতম ন্যায়ালয়ৰ  ৰায়ক আদৰণি  জনাই  টুইট যোগে কৈছিল যে,   তিনি তালাক সন্দৰ্ভত মহামান্য উচ্চতম  ন্যায়ালয়ৰ ৰায়দান ঐতিহাসিক। ই মুছলিম মহিলাক সমতা প্ৰদান  কৰিব  আৰু  মহিলাৰ সবলীকৰণৰ এক শক্তিশালী  ব্যৱস্থা হ'ব। ''

উচ্চতম ন্যায়ালয়ৰ সেই  ৰায়দানক  ঐতিহাসিক  বুলি  অভিহিত কৰাৰ পিছতো  দ্বিতীয়বাৰৰ বাবে  ক্ষমতালৈ  অহাৰ পিছত  ততাতৈয়াকৈ  আইন প্ৰণয়নৰ মাজেৰে  তিনি তালাক' প্ৰথাক নিষিদ্ধ  কৰাৰ দিশটোক লৈ বিভিন্ন  মহলে বিভিন্ন  মত পোষণ  কৰিছে।   অনেকেই  কৈছে যে,   এয়া  এক  সামাজিক কু- প্ৰথা  আৰু  গোটেই বিষয়টো   মুছলিম বিবাহ  আইনৰ  অধীনৰ  বিষয়।   এনে ক্ষেত্ৰত  সামাজিকভাৱে, অৰ্থাৎ  সমাজৰ লগতে  পৰিয়ালটোত  নাৰীগৰাকীৰ  স্থান   শক্তিশালী  কৰাৰ ব্যৱস্থাগ্ৰহণৰ   মাজেৰে  এই  প্ৰথা  বন্ধ  কৰাৰ  প্ৰচেষ্টাইহে  অধিক  সুফল দিলেহেঁতেন।  তাকে নকৰি এই  সংক্ৰান্তত  বিজ্ঞমহলৰ সৈতে  কোনো ধৰণৰ আলোচনা  নকৰাকৈয়ে  বিষয়টো   কাৰাবাসযোগ্য   অপৰাধ  হিচাপে  গণ্য  কৰি   সংসদৰ  মজিয়াত  ততাতৈয়াকৈ বিধেয়কৰ মাজেৰে  আইন  হিচাপে গ্ৰহণ  কৰা হৈছে আইন হিচাপে  গ্ৰহণ কৰা আগেয়ে সংসদৰ স্থায়ী  সমিতিত আলোচনাৰ  বাবে  বিষয়টো   প্ৰেৰণ কৰিলে আলাপ- আলোচনাৰ মাজেৰে  পৰিয়ালৰ   মাজত  আৰু   সমাজত   মুছলিম  মহিলাসকলৰ  স্থান  অধিক  মজবুত  কৰাৰ  বাবে  উক্ত  আইনত  যথাযোগ্য  ব্যৱস্থা গ্ৰহণ কৰিব পৰা গ'লহেঁতেন।  লগতে বিচ্ছেদিত  মহিলাগৰাকীয়ে  পাবলগীয়া ক্ষতিপূৰণ আদিৰ  ক্ষেত্ৰত    পুংখানুপুংখভাৱে  আলোচনা  কৰাৰ  সুযোগ   থাকিলেহেঁতেন  বুলিও কোৱা  হৈছে।  নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিকে  ধৰি কেইবাটাও নাৰী সংগঠনে বিষটো সংসদীয় স্থায়ী সমিতিত আলোচনাৰ বাবে প্ৰেৰণ কৰিবলৈ দাবী জনাই আহিছিল  যদিও চৰকাৰে  তাক                গ্ৰহণ নকৰিলে বুলি  তেওঁলোকে  অভিযোগ কৰিছে। 

কেৱল তিনি তালাক'  উচ্চাৰণ কৰিয়েই  নহয়,  অত্যাচাৰী  আৰু  চতুৰ    পতিয়ে বিভিন্নভাৱে  নিৰ্যাতন দি তিনি তালাক' উচ্চাৰণ  নকৰাকৈয়ো  পত্নীক  পৰিত্যাগ  কৰিব  পাৰে। এনেক্ষেত্ৰত  নাৰীগৰাকীৰ  সুৰক্ষাৰ দিশটো  উক্ত আইনে কিদৰে  চোৱা- চিতা কৰিব · অথবা   এনেদৰে  তিনি তালাক' উচ্চাৰণ  নকৰাকৈয়ো  পৰিত্যক্ত  কৰা  নাৰীসকলৰপৰা সন্তানক  পতিৰ পৰিয়ালে  আঁতৰাই লৈ গ'লে সেই সন্তানৰ  লালন-পালনৰ দি চোৱা- চিতাৰ দিশটো   কি হ'--  এনে বহুতো   সমস্যাৰ ক্ষেত্ৰত  উক্ত আইনত  ব্যাখ্যা  কৰা  হোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে।  এই   কথাবোৰ   প্ৰয়োজনীয় এইবাবেই  যে, ভাৰতীয়  সমাজত  ইছলামধৰ্মী নাৰীসকল  পঢ়া- শুনাৰ লগতে আৰ্থিক স্বাৱলম্বিতাৰ  দিশত অতিকৈ পিচপৰা।

তিনি তালাক' বৈধ নে অবৈধ -- সেই  সম্পৰ্কে  তেওঁলোকৰ  সম্প্ৰদায়ৰ নেতাসকলেহে  কোৱা উচিত বুলিও  ইছলামধৰ্মক  প্ৰতিনিধিত্ব  কৰা কেইবাটাও  সংগঠনে অভিযোগ কৰিছে।  তিনি তালাক  নিষিদ্ধ'  আইনৰ বিৰোধিতা কৰি  অল  ইণ্ডিয়া মজলিছ- এ- ইত্তেহাদুল মুছলিমিন দলৰ  সাংসদ আছাউদ্দিন অ'ৱেচিয়ে  টুইট  কৰি  কৈছে  যে বিষয়টো - ২০১৪ চনৰপৰা মুছলিম পৰিচিতি আৰু নাগৰিকত্বৰ ওপৰত হোৱা বহুবোৰ  আক্ৰমণৰ  এটা অংশ হিচাপেহে চোৱা উচিত। উন্মক্তকাৰীৰ                                    হিংসা, আৰক্ষী অত্যাচাৰ,  আৰু ব্যাপকভাৱে আবদ্ধ কৰি আমাক  নত  কৰিব নোৱাৰে।  সংবিধানৰ ওপৰত দৃঢ় আস্থাৰে   আমি বৈষম্য, অন্যায় আৰু  অধিকাৰ অস্বীকাৰ  কৰা কাৰ্যৰ বিৰোধিতা কৰিছোঁ।   

ভাৰতবৰ্ষ  পিতৃতান্ত্ৰিক   সমাজব্যৱস্থাৰ সৌধটোত   সকলো  ধৰ্মৰ  আৰু  সকলো অংশৰ  নাৰীয়েই   নাৰীয়েই  বৈষম্য  আৰু  শোষণৰ বলি  হৈ আহিছে।  হিন্দু  ধৰ্মটো   ভাৰতীয় নাৰীয়ে  প্ৰাপ্য ম্যৰ্যদা লাভ কৰা  নাই।   ভাৰতৰ   ধৰ্মীয়  সংখ্যালঘু   ইছলাম  ধৰ্মৰ   নাৰীসকলৰ ওপৰত বৈষম্যৰ  প্ৰকোপ  আৰু  বেছি।  সামগ্ৰীকভাৱে ভাৰতৰ   নাৰীৰ বিৰুদ্ধে হোৱা ক্ৰমবৰ্ধিত  অপৰাধৰ  ছবিখনে  আমাক  বহু  কথাই   কয়।  ৰাষ্ট্ৰীয়  ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ তথ্য অনসুৰি  ২০১৬ চনত  নাৰীৰ বিৰুদ্ধে সংঘটিত হোৱা  অপৰাধৰ সংখ্যা আছিল ,৩৮,০০০। ২০১৫ চনত এই সংখ্যা আছিল  ,২৯, ০০০।  অৰ্থাৎ এবছৰতে  নাৰীৰ  বিৰুদ্ধে হোৱা অপৰাধ  ,০০০- তকÍ  অধিক বৃদ্ধি হৈছে।   নাৰীৰ বিৰুদ্ধে হোৱা ধৰ্ষণত ৰুজু হোৱা গোচৰৰ  সংখ্যা  এই দুটা  বছৰত  ক্ৰমে  ৩৪,৬৫১১পৰা বাঢ়ি গৈ   ৩৮, ৯৪৭ হয়গৈ।   ভাৰতৰ সমাজত  নাৰী এগৰাকী কিমান সুৰক্ষিত সেই ভয়ংকৰ  তথ্য পোৱা  যায়  অপৰাধ  ৰ্ষণ  কাৰ্য  সংঘটিত কৰা  অপৰাধীৰ  চৰিত্ৰত।  দেখা গৈছে যে,   নাৰীৰ বিৰুদ্ধে হোৱা ধৰ্ষণ  অপৰাধৰ ৯৪.শতাংশ  অপৰাধীয়েই নাৰীগৰাকীৰ  চিনাকি অথবা  আত্মীয়।  তদুপৰি  আছে  সম্প্ৰদায় নিৰ্বিশেষে  কন্যা ভ্ৰূণ  হত্যা,  বাল্য বিবাহ, যৌতুকজনিত হিংসা  আৰু  হত্যাৰ  দৰে  ব্যাধিবোৰ। বিশেষকৈ   বাল্যবিবাহ মুছলমান  সম্প্ৰদায়ৰ  নাৰীসকলৰ  এক  প্ৰধান  সমস্যা  যাৰ বাবে  তেওঁলোক উচ্চশিক্ষা  লাভৰপৰা  বঞ্চিত  হয়।  হিন্দু ধৰ্মাৰ নাৰীও  বাল্যবিবাহৰ কুপ্ৰথাৰপৰা  মুক্ত  নহয়।  ইপিনে,    কন্যা ভ্ৰূণ হত্যাৰ  দৰে বিষয়টোৱে  ভাৰতবৰ্ষৰ ক্ষমতাৰ অভিকেন্দ্ৰৰ  ৰাজ্যকেইখনমানৰ জনংখ্যাৰ ওপৰত এনে প্ৰভাৱ  পেলাইছে  যে কেইবাখনো ৰাজ্যত প্ৰতিহাজাৰ পুৰুষ  বিপৰীতে নাৰীৰ   অনুপাত   উদ্বেগজনকভাৱে  হ্ৰাস  পাইছে ।  ৰাজধানী ৰাজ্য  নতুনদিল্লীত  প্ৰতি  হাজাৰ পুৰুষৰ  বিপৰীতে   নাৰী  মাত্ৰ  ৮৬৮, হাৰিয়ানাত  ৮৭৯, পঞ্জাৱত  ৮৯৬  । এনে  অনেক  উদাহৰণেৰে তালিকাখন দীঘলীয়া কৰি থাকিব   পৰা যায়, '  সংবিধানে  নাৰী-পুৰুষক  সমান মৰ্যদা  প্ৰদান কৰাৰ পিছতো নাৰীয়ে  চ্ছা থাকিলেও  পুৰষৰ  সমানে সমানে  আগবাঢ়িব পৰা নাই । শিক্ষাৰ ক্ষেত্ৰত  আন সূচকবোৰৰ কথা  বাদ  দি  সৰ্বোচ্চ  পৰ্যায়  পি এইচ ডি লাভৰ  তালিকাখন   চালে দেখা  যায় যে, ২০১৭ চনত  সমগ্ৰ দেশত ৩৪,৪০০ জনক এই ডিগ্ৰী  প্ৰদান  কৰা হৈছিল,  '  নাৰীৰ  সংখ্যা  আছিল মাত্ৰ ১৪,২২১।  এই  পৰিসংখ্যাবোৰৰ ধৰ্মভিত্তিক  তথ্য  অৱশ্যে  দিয়া হোৱা  নাই।

২০১৬ চনৰ কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি  ধৰ্মভিত্তিক দিশেৰে চালে  দেখা যায় যে, সকলো ধৰ্ম লোকৰ ভিতৰতে ইছলামধৰ্মী  লোকসকলৰ   চৰকাৰী  কামত   অংশগ্ৰহণ আটাইতকৈ  কম   অৰ্থাৎ  ৩২. শতাংশ  । হিন্দুসকলৰ  ক্ষেত্ৰত  এই পৰিসংখ্যা ৪১ শতাংশ, খৃষ্টানৰ ৪১. শতাংশ,  শিখৰ৩৬. শতাংশ, বৌদ্ধ  ৪৩. শতাংশ, জৈন  ৩৫. শতাংশ,               অন্যান্য ৪৫  আৰু  ধৰ্মৰ নাম  উল্লেখ নকৰাসকলৰ ৩১. শতাংশ।   সকলো  ধৰ্মৰ লোক  মিলি  চৰকাৰী  কামত   অংশগ্ৰহণৰ  শতাংশ ৩৯.  ২০১৪-১৫ চনত  ৰাজহুৱা খণ্ডৰ বেংক আৰু  ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰত   সংখ্যালঘূ সম্প্ৰদায়ৰ লোকসকলৰ নিযুক্তিৰ হাৰ  আছিল মাত্ৰ ৮.৫৭ শতাংশ     অৱশ্যে পুৰুষ  আৰু নাৰীৰ সুকীয়া তথ্য  এই পৰিসংখ্যাই  দিয়া  নাই।   কেন্দ্ৰীয় চৰকাৰে সবকা  চাথ সবকা বিকাশ' নীতি, যাৰ অধাৰত  সংখ্যালঘূ সম্প্ৰদায়ৰ  লোকসকলৰ  বাবে  বিভিন্ন নীতি  গ্ৰহণ   কৰা  হৈছে,  সেই  নীতিসমূহে এই  ছবিখন সলনি  কৰিব পাৰিছেনে নাই, সেয়া  জানিবলৈ আমি  সময়লৈ অপেক্ষা কৰিব লাগিব।

নাৰী  এগৰাকী  প্ৰকৃততে   সবলীকৰণৰ  দিশে  ধাবিত হ'ব লাগিলে  তাৰ   মূল  আধাৰ হ'  লাগিব   শিক্ষা, অৰ্থনৈতিক  সুৰক্ষা  আৰু  ৰাজনৈতিক  ক্ষমতাহে । এই উদ্দেশ্যেৰেই    সংসদ আৰু বিধানসভাৰ মজিয়াত  মহিলাৰ বাবে ৩৩ শতাংশ   আসন সংৰক্ষণৰ বিধেয়ক গৃহীত কৰাৰ বাবে বিভিন্ন  অংশৰ  প্ৰগতিশীল নাৰী সংগঠনসমূহে দীৰ্ঘদিনধৰি   আন্দোলন  কৰি আহিছে।  কিন্তু ইখনৰ পিছত সিখনকৈ গঠন হোৱা বিভিন্ন দলৰ চৰকাৰে এই দিশটোলৈ  সমূলি মন- কাণ দিয়া   নাই।   তিনি তালাক প্ৰথা'  দৰে  সামাজিক  ব্যাধি   এটা  ফৌজদাৰী  আদালতৰ  মজিয়ালৈ  নি    পত্নীক  তালাক দিয়া  লোকক   অপৰাধী  সজাই জেল  হাজোতলৈ  প্ৰেৰণ কৰিলে   দেশৰ একাংশ  মুছলিম   মহিলাই   কিছু পৰিমাণে  হয়তো সকাহ  লাভ  কৰিব, কিন্তু  ভাৰতবৰ্ষ  মুঠ জনসংখ্যাৰ অৰ্ধেক  অংশৰ   নাৰীয়ে  প্ৰকৃত  সবলীকৰণৰ দিশেৰে আগবাঢ়িব পাৰিব  তেতিয়াহে --  যেতিয়া হিন্দু- মুছলমান নিৰ্বিশেষে  সকলো নাৰীয়ে  সদন  আৰু বিধানসভাৰ মজিয়াত  প্ৰকৃত  ৰাজনৈতি ক  ক্ষমতাৰ  অংশীদাৰ হৈ  নিজে  পিছ   পৰি  থকাৰ  কাৰণসমূহ  আতঁৰাবৰ  বাবে    সিদ্ধান্ত  নিৰ্ণয়ৰ সৰ্বোচ্চ  পৰ্যায়ত  নিজৰ  মতামত  জনাবলৈ  সুযোগ লাভ কৰিব।  ইতিমধ্যে  পঞ্চায়ত পৰ্যায়ত  নিৰ্বাচনৰ মাজেৰে  ক্ষমতাত অংশ লবলৈ  সুযোগ লাভ  কৰা নাৰীসকলে   পঞ্চায়তত নিজৰ  কাৰ্যদক্ষতা  প্ৰমাণ   কৰিবলৈ সক্ষম হৈছে -- গতিকে  বিধানসভা  আৰু সংসদৰ  মজিয়াতো তেওঁলোকে   নিজৰ  কাৰ্যদক্ষতা   প্ৰমাণ  কৰিব নোৱাৰিব  বুলি ভবাৰ অৱকাশ নাই।  দুখৰ  কথা যে,   বৰ্তমানৰ বিজেপি চৰকাৰখনে  দুবাৰকৈ  শাসনত  অধিস্থিত হোৱাৰ   সুবিধা পায়ো  বিধানসভা  ৰু   সংসদৰ  নিৰ্বাচনত  প্ৰাৰ্থীত্বপ্ৰদানৰ  সময়ত   নাৰীৰ বাবে   ৩৩  শতাংশ  আসন  সংৰক্ষণ কৰাৰ  কথা   এবাৰলৈও  উল্লেখ কৰা  নাই। জাতি - ধৰ্ম  অথবা বৰ্ণ নিৰ্বিশেষে   ভাৰতীয়  সমাজখনৰ   মুঠ  জনসংখ্যাৰ  অৰ্ধেক অংশ  নাৰীৰ  নিজকে বিকশিত কৰাৰ এই আকাংখ্যা  পূৰণ কৰাৰ মাজেৰেহে  সকলো  অংশৰ নাৰীয়ে  প্ৰকৃততে  সবলীকৰণৰ দিশেৰে  ধাবিত  '  পাৰিব। 

ৰত্না ভৰালী তালুকদাৰ  
১০-০৮-০১9

Tuesday, 16 July 2019

শীত- তাপ নিয়ন্ত্ৰিত যন্ত্ৰৰ ব্যৱহাৰ বিকল্প এখন পৰিবেশ অনুকল ঘৰ






জলবায়ুৰ  পৰিবৰ্তন  আৰু  গোলকীয় উষ্ণতাবৃদ্ধি  বৰ্তমান  সময়ৰ  এক  জটিল  আৰু   অগ্ৰাধিকাৰ  প্ৰাপ্ত  আলোচনাৰ  বিষয়বোৰৰ  ভিতৰত অন্যতম।  আমাৰ  পৃথিৱীখন  ভবিষ্যতৰ  প্ৰজন্মৰ  বাবে  সুস্থ,   নিৰাপদ  আৰু   বহনশীল  কৰি   ৰখাৰ  স্বাৰ্থতেই   আজি  জলবায়ু  পৰিবৰ্তন গোলকীয় উষ্ণতা বৃদ্ধিৰ  দৰে  বিষয়ৰ ওপৰত  গুৰুত্ব  দিবলগীয়া  হৈছে।    এই  কথা  আজি  সকলোৱেই  স্বীকাৰ  কৰিবলৈ  বাধ্য  যে,    পৃথিৱীৰ  উষ্ণতা   বাঢ়িছে,   বাঢ়িছে   পৃথিৱীৰ  অসুখ।   বনাঞ্চলবোৰ  ধ্বংস   কৰা  হৈছে,   হাবিবোৰ  ভাঙি  মানুহৰ  বসবাসৰ   বাবে  উপযোগী   কৰা  হৈছে  আৰু  পৃথিৱীত  মৰুভূমিৰ  পৰিসৰ   বাঢ়ি  আহিছে।  সেইদৰেই  সলনি হৈছে    গ্ৰীষ্ম,   শীত,  অথবা  বৰষুণৰ  পূৰ্বৰ   চৰিত্ৰ,  বৰফৰ গঠন --  জলবায়ুৰ পৰিবৰ্তনৰ বাবে  গৰমৰ  দিনবোৰত   যদি  দীঘলীয়া   গ্ৰীষ্মপ্ৰৱাহে   দহিছে,  সেইদৰে  শীতৰ  দিনত  বাঢ়িছে    শীতৰ  প্ৰচণ্ড  প্ৰকোপ। বৰষুণৰ  টোপালবোৰৰ চৰিত্ৰও সলনি হৈছে। ব'ৰষুণৰ  টোপালবোৰ গধূৰ  হৈছে  বাবে   আগতকৈ  জোৰকৈ  বৰষুণ  হয়,         ফলত  বৰষুণৰ ফলত বৈ যোৱা  পানীৰ গতিৰ  দ্ৰুততাও  বৃদ্ধি  হৈছে,  ভূমিস্খলনৰ  দৰে  ঘটনা  বাঢ়িছে। 

অসহনীয়  হৈ উঠিছে  গ্ৰীষ্মপ্ৰৱাহ।   গৰমৰ দিনত  জনজীৱন  বিপৰ্যস্ত কৰি  তুলিছে  বিশেষকৈ চহৰ   অঞ্চলবোৰ ।  প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহৰপৰা   ৰক্ষা পাবলৈ   ব্যৱহাৰ  কৰা শীত - তাপ নিয়ন্ত্ৰিত  যন্ত্ৰবোৰে  সৃষ্টি  কৰিছে  নতুন  নতুন পৰিবেশজনিত   সমস্যাৰো । অভাৱনীয় গতিত বৃদ্ধি  পাইছে  বিদ্যুতৰ  চাহিদা।   নতুন  দিল্লীৰ চায়েন্স  এণ্ড  এনভাইৰণমেণ্ট     নামৰ  সংস্থাটোৱে  ৰাজধানী চহৰ  নতুন দিল্লীৰ  যোৱা আঠবছৰৰ  গ্ৰীষ্মৰ  সময়ৰ   বতৰৰ  বিশ্লেষণৰ  ভিত্তিত প্ৰকাশ কৰিছে  যে,  চহৰখনৰ  তাপমাত্ৰা ২৫১পৰা ৩২ ডিগ্ৰী চেলিচয়াছ  হৈ  থকাৰ  সময়চোৱাত   বিদ্যুতৰ  চাহিদা  স্বাভাৱিক    অৱস্থাতে     থাকে । কিন্তু   ইয়াতকৈ বেছি  'লেই  বিদ্যুতৰ  চাহিদা  অভাৱনীয়াভাৱে বৃদ্ধি পায়।   গ্ৰীষ্মৰ প্ৰকোপৰ  পৰা  ৰক্ষা  পোৱাৰ উপায় হিচাপে   শীত- তাপ  নিয়ন্ত্ৰিত  যন্ত্ৰ  ব্যৱহাৰ  কৰাৰ  বাবেই  বিদ্যুতৰ যোগান এনেদৰে অভাৱনীয়ভাৱে  বাঢ়ি  যায়। 

সংস্থাটোৱে   ৰাজধানী চহৰখনৰ তাপমাত্ৰা  আৰু  বিদ্যুতৰ  চাহিদাৰ ওপৰত  নিজাববীয়াকৈ  বিশ্লেষণ  কৰি   প্ৰকাশ  কৰিছে  যে, ২০১৯ চনৰ জুন  মাহৰ ৭ তাৰিখৰপৰা ১২ তাৰিখৰ  ভিতৰত  প্ৰচণ্ড   গ্ৰীষ্মপ্ৰৱাহৰ   সময়ত   আন সময়ৰ  তুলনাত ২৫ শতাংশ  অধিক বিদ্যুতৰ   ব্যৱহাৰ কৰা হৈছে।  গ্ৰীষ্মপ্ৰৱাহৰ  সমগ্ৰ   কালচোৱাত   সমগ্ৰ ভাৰতৰ সৈতে    তুলনা কৰিলে এই  পৰিসংখ্যা   আৰু বেছি   হোৱাৰেই সম্ভাৱনা অধিক   বুলি তেওঁলোকে  প্ৰকাশ  কৰিছে। তাপমাত্ৰা বেছি  হোৱাৰ   বাবেই  দিল্লীৰ  দৰে  চহৰত  গ্ৰীষ্মকালীন সময়ৰ আটাইতকৈ  উষ্ণ সময়চোৱাত ৫০ শতাংশলৈকে বিদ্যুতৰ ব্যৱহাৰ  বৃদ্ধি পায়।  দেশৰ  ধনী আৰু দুখীয়া লোকৰ মাজৰ এক  বিপৰীত  ছবিও     দাঙি  ধৰিছে।   শীত- তাপ নিয়ন্ত্ৰিত যন্ত্ৰৰ  বাবে মুঠ জনসংখ্যাৰ  মাথো ১০ শতাংশই   ৬০ শতাংশ   বিদ্যুৎ  ব্যৱহাৰ কৰে।   ইয়াৰ  বিপৰীতে দেশৰ ৯০ শতাংশ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই  পুৱা ১০ বজাৰপৰা বিয়লি ৪ বজালৈকে সঘন বিদ্যুৎ  কৰ্তনৰ দৰে  সমস্যাৰ সন্মুখীন হয়।   ৰাজধানী চহৰ   দিল্লীত  আটাইতকৈ  উন্নত মানৰ এটা শীত -তাপ নিয়ন্ত্ৰিত যন্ত্ৰ  দিনটোৰ বাবে ব্যৱহাৰ   কৰিলে  আজিৰ তাৰিখত ৫০০০ টকাৰ বিদ্যুতৰ বিল পৰিশোধ কৰিব লাগে।  উল্লেখযোগ্য যে,  ৰাজধানী চহৰখনত বিদ্যুতৰ নিৰিখ সমগ্ৰ দেশৰ ভিতৰতে কম। 


সংস্থাটোৰ  তথ্যত প্ৰকাশ যে,  যদি ভাৰতৰ  সকলোবোৰ বাসগৃত শীত-তাপ যন্ত্ৰ  লগোৱা হয়, তেন্তে ২০১৭-১৮ চনত  দেশত উৎপাদন হোৱা বিদ্যুতৰ তুলনাত  ১২০ শতাংশ অধিক বিদ্যুৎ উৎপাদন কৰিব  লাগিব। প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি এনে পৰিস্থিতিত  ভাৰতৰ  শীতলীকৰণ  কাৰ্য আঁচনি বিফল হৈ পৰিব পাৰে। ২০১৬-১৭ চনত  চহৰ অঞ্চলত জ্জ-জ্ঝ শতাংশ  মানুহে শীত-তাপ নিয়ন্ত্ৰিত  যন্ত্ৰ  ব্যৱহাৰ কৰাৰ লগে  লগে   ঘৰুৱাভাৱে  ব্যৱহৃত বিদ্যুতৰ চাহিদা  ২৪.৩২ শতাংশলৈ বৃদ্ধি  পায় বুলি ২০১৮ চনৰ শক্তি তথ্য প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে।  

প্ৰতিবেদনখনৰ লেখক  তথা  বহনশীল বসতি দল'   প্ৰগ্ৰেম মেনেজাৰ  অবিকল সোমবংশীয়ে কয় যে,  ব্যুৰো অৱ এনাৰ্জি এফিচিয়েন্সিয়ে  দিয়া তথ্য অনুসৰি ২০৩০ চনৰ ভিতৰত  দেশৰ  বাসগৃহসমূহত   অকল  শীত-তাপ নিয়ন্ত্ৰিত  যন্ত্ৰ লগোৱাৰ ফলত হোৱা  বিদ্যুতৰ বোজা  ২০০  গিগাৱাট হবগৈ ।  ইয়াৰ  বিপৰীতে ২০১৫ চনত  শীততাপ নিয়ন্ত্ৰিত যন্ত্ৰকে ধৰি সকলোবোৰ বিদ্যুৎ  সংযোগৰ বোজা  আছিল  মাত্ৰ ২১৬ গিগাৱাট ।  অৰ্থাৎ ২০৩০  চনৰ ভিতৰত মাথোন শীত - তাপ নিয়ন্ত্ৰিত  যন্ত্ৰ ব্যৱহাৰৰ বাবেই  প্ৰয়োজন হোৱা বিদ্যুতৰ চাহিদা বৰ্তামনৰ সমগ্ৰ বিদ্যুৎ চাহিদাৰ  সমান হবগৈ”-- বুলি তেখেতে উল্লেখ কৰে।

এইবছৰৰ জুনমাহত ৰাজধানী নতুন দিল্লীত সৰ্বোচ্চ  গৰম  আছিল ৪৮ ডিগ্ৰী।   সৰ্বাধিক গৰমৰ সময়চোৱাত   গৰমৰ মাত্ৰা আছিল  ৪৫ ডিগ্ৰীৰপৰা ৪৮ ডিগ্ৰীৰ ভিতৰত। সৰ্বনিম্ন তাপমাত্ৰা আছিল ২৯ ডিগ্ৰীৰপৰা ৩৪ ডিগ্ৰীৰ ভিতৰত।৭ জুনৰপৰা  ১২ জুনৰ সময়চোৱাত দিল্লীৰ ষ্টেট লোড ডিচপাটচ চেণ্টাৰৰপৰা প্ৰেৰণ কৰা তথ্যৰ বিশ্লেষণ কৰি দেখা গৈছে যে,  দিনৰ  ভাগতকৈও ৰাতিৰ ভাগত বিদ্যুতৰ  চাহিদা আছিল বেছি।

ৰাজধানী চহৰখনত চলিত বৰ্ষত  গ্ৰীষ্মপ্ৰৱাহৰ শীøত থকা সপ্তাহটোত পূৰ্বৰ সপ্তাহটোৰ তুলনাত ২৫ শতাংশ বিদ্যুতৰ                          বৰ্ধিত  চাহিদা আছিল। যোৱা বøতো  একেই অভিজ্ঞতাই আছিল।  চি এচ ই- ৰ প্ৰতিবেদনত প্ৰকাশ হোৱা মতে  গ্ৰীষ্মৰ  প্ৰকোপে ২৫ - ৰপৰা  ৩০ শতাংশ বিদ্যুতৰ  চাহিদাৰ  ওপৰত প্ৰভাৱ  পেলাব   পাৰে। আনহাতে ,  চলিত বৰ্ষত পূৰ্বৰ বৰ্ষৰ  সতে  গৰমৰ পৰিমাণ সমান  থকাৰ সময়খিনিতো বিদ্যুতৰ  চাহিদা ২৫ শাতংশ  বেছি হোৱা দেখা গৈছে। ২০১৮  আৰু  ২০১৯ চনৰ প্ৰতি ডিগ্ৰী  গৰমৰ  মাত্ৰা বঢ়াৰ লগে লগে এক শতাংশ বিদ্যুতৰ চাহিদাও বৃদ্ধি পাইছে। 

সমগ্ৰ ভাৰতজুৰি প্ৰতি দশকত  মাৰ্চৰপৰা  মে' মাহৰ সময়চোৱাত তাপমাত্ৰা ০.৫৬ ডিগ্ৰী   চেলচিয়াছ  আৰু জুনৰপৰা  চেপ্তেম্বৰ মাহৰ সময়চোৱাত  ০.৩২  ডিগ্ৰী চেলছিয়াছকৈ বৃদ্ধি পাইছে।  লগতে বৃদ্ধি পাইছে এনে সময়ত হ'ব পৰা অসুখ। গ্ৰীষ্মৰ সময়ত  h প্ৰদেশ, উৰিষ্যা, তামিলনাডুৰ দৰে উপসাগৰীয় এলেকাৰ ৰাজ্যসমূহত আৰু মৌচুমী বায়ুৰ আগমণৰ সময়ত  সমগ্ৰ গংগা উপত্যকা এলেকাৰ লগতে  ৰাজস্থানত  এই  কথা বেছিকৈ  পৰিস্ফুট হৈছে।  শীতলীকৰণৰ  চাহিদাকো ই প্ৰভাৱিত কৰিছে বুলি চি এচ ইৰ  প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে। 

সেইদৰে চহৰ অঞ্চলমূহৰ  তাপমাত্ৰায়ো  এক ধৰণৰ বিভিষীকাৰ সৃষ্টি কৰিছে। সম্প্ৰতি দিল্লীত গ্ৰাম্য  এলেকাবোৰতকৈ নগৰাঞ্চলত  গ্ৰীষ্ম প্ৰৱাহৰ দৈৰ্ঘ্য  ২.৩  দিন অধিক।   বাসগৃহবোৰৰপৰা   শীত - তাপ নিয়ন্ত্ৰিত যন্ত্ৰবোৰে এৰি দিয়া গৰমে বাট-পথৰ জনজীৱন বিধস্ত কৰে, ভাৰতৰ অনানুষ্ঠানিক খণ্ডত কাম কৰি জীৱন নিৰ্বাহ কৰা বেছিভাগেই বাট- পথৰ কাষত অথবা পদপথবোৰক উপাৰ্জনৰ নানা সুযাগৰ সন্ধান  কৰে।  শীত -তাপ নিয়ন্ত্ৰিত যন্ত্ৰ ব্যৱহা নকৰা বাসগৃহবোৰৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰে। 

শীত-তাপ নিয়ন্ত্ৰিত  যন্ত্ৰবোৰে  বায়ুমণ্ডললৈ অধিক তাপ বিকীৰণ কৰি পৰিবেশ  অধিক দূষিত  কৰে।  সি এটা পৰিবেশজনিত সমস্যা।  আনহাতে,   বিদ্যুতৰ  উৎপাদন  বৃদ্ধি  কৰাটোৱেই  পৰিস্থিতি মোকবিলা  কৰাৰ  একমাত্ৰ  সমাধানো  'ব নোৱাৰে।  এনে অৱস্থাত  কৃত্ৰিমভাৱে   তৈয়াৰ কৰি লোৱা শীতলীকৰণ  ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ  কৰাতকৈও  প্ৰয়োজনীয়  আন   বিকল্প উপায় উলিওৱাৰ  সময় আহি  পৰিছে  বুলি সংস্থাটোৱে মত  প্ৰকাশ  কৰিছে। সংস্থাটোৰ  মধ্যগ্ৰীষ্মকালীন দুঃস্বপ্ন' শীৰ্ষক  প্ৰতিবেদনত  এনে  অৱস্থাৰপৰা  ৰক্ষা পৰিবলৈ আন  ব্যৱস্থাৰ লগতে  গ্ৰীষ্মৰ  প্ৰকোপৰপৰা হাত সাৰিব পৰা পৰিবেশ   অনুকুল  আবাসগৃহ  সজাৰ ওপৰত গুৰুত্ব  আৰোপ  কৰা  হৈছে।  নগৰ এলেকাবোৰত  প্ৰচণ্ড গ্ৰীষ্মৰপৰা  ৰক্ষা পাবলৈ বাস্তৱিক   উপায় উলিওৱাৰ  বাবে  কাৰ্য- আঁচনি গ্ৰহণ  কৰাৰ  দৰকাৰ বুলিও  সংস্থাটোৰ প্ৰতিবেদনত প্ৰকাশ।  বিশেষকৈ নগৰ এলেকাৰ   বাসগৃহবোৰৰ  আৰ্হি   আৰু নকসা  গ্ৰীষ্ম  প্ৰতিৰোধ কৰিব পৰাৰ ক্ষমতাৰে  নতুনকৈ  পৰিকল্পনা   কৰাৰ   সময়   সমাগত বুলিও  চি এচ ই -য়ে  প্ৰকাশ কৰিছে ।  নতুন   আৰু  নিম্ন  ব্যয়সাপেক্ষ  প্ৰযুক্তিৰ ব্যৱহাৰ  বতাহ অহা - যোৱা কৰিব পৰাৰ ব্যৱস্থাত কিছু উদ্ভাৱনী কৌশলৰ সংযোজন কৰি   বাসগৃহবোৰৰ  নতুন  ৰূপ দিব পৰা যায়,  যাতে  সেইবোৰ  থাকিবলৈ  অৰামদায়ক  হয়। ইতিমধ্যে  ভাৰতৰ কিছুমান ঠাইত  পুৰণিকালৰ দৰে পৰিবেশৰপৰা সহজতে   উপলব্ধ হেৱাৰ সামগ্ৰীৰে  আবাসগৃহ  সজাৰ  পুৰণি পদ্ধতিবোৰ নতুনত্বৰ সংযোজনেৰে  নতুনকৈ  ব্যৱহাৰ কৰাৰ কথা চিন্তা - চৰ্চা  কৰা  দেখা গৈছে। 

প্ৰধানমন্ত্ৰী আৱাস যোজানাৰ দৰে আঁচনিৰ অধীনত  যিবোৰ   বাসগৃহৰ নকসা  বৰ্তমানে আছে, সেইবোৰতো  কিছু  নতুনত্ব   প্ৰদান   কৰাৰ  অৱকাশ আছে ,  যাতে সেইবোৰ সঁচাকৈয়ে  বসবাসৰ উপযোগী হৈ  পৰে।  এই আঁচনিৰ  অধীনত  প্ৰদান কৰা  বাসগৃহবোৰৰ ক্ষেত্ৰত আৰামৰ কথাটো  খুব কমেইহে  গুৰুত্ব  দিয়া  হয়।   চি এচ ই- য়ে  অতি শেহতীয়াকৈ  প্ৰকাশ কৰা  এই তথ্য  আৰু   ছবিখন  অসম বা উত্তৰ-পূব ভাৰতৰ  দৰে  ৰাজ্যৰ  বাসিন্দাসকলেও এবাৰ  বিশেষভাৱে চিন্তা  কৰাৰ দৰকাৰ,  কিয়নো প্ৰৱল আৰু দীঘলীয়া   গ্ৰীষ্মপ্ৰৱাহৰ  দৰে সমস্যা নাথাকিলেও  অবাধ  বনধ্বসংৰ ফলত আমাৰ ৰাজ্যতো  গৰমৰ  প্ৰকোপ বাঢ়ি  আহিছে    আৰু  লগতে বাঢ়িছে শীত-তাপ  নিয়ন্ত্ৰিত যন্ত্ৰৰ ব্যৱহাৰ। যিহেতু শীত-তাপ নিয়ন্ত্ৰিত  যন্ত্ৰবোৰে  নিৰ্দিষ্ট পৰিসৰত গৰমৰ প্ৰকোপ কমোৱাৰ সমান্তৰালভাৱে বায়ুমণ্ডল অধিক  দূষিত  কৰি তোলে, সেয়েহে জধে-মধে  এইবোৰ ব্যৱহাৰ কৰাৰ বিপৰীতে সময় থাকোঁতেই  পৰম্পৰাগত আবাসগৃহৰ  নিৰ্মাণশৈলীৰ ওপৰত সম্পৰীক্ষা  মাজেৰে  নতুন চিন্তাৰ  সংযোজন ঘটাই  পৰিবেশ অনুকুল  বাসগৃহবোৰ   সজাই   তোলাৰ   সময়ো আহি পৰিছে ।

--------

-- ৰত্না ভৰালী তালুকদাৰ