Saturday, 13 July 2019

অক্কণমানি বাগিছাৰ যাদু






(১)

আইতাৰ অক্কণমানি বাগিছাখন  

অক্কণমাণি বিৰিখ  
                       দৈৰ খোলত  থাকে
 অক্কণমাণি  বিৰিখ
                      চাহৰ কাপত থাকে 
অক্কণমানি বিৰিখ
                      হাঁহৰ পেটত থাকে
অক্কণমানি বিৰিখ
                     সৰু  খৰাহীত থাকে
আইতাৰ বুলনি চ'ৰা
                     অক্কণমানি বিৰিখবোৰে
                    সেউজীয়া কৰে 


অক্কণমানি  বাগিছাখন  আছে  আইতাৰ  বুলনিচ'ৰাত।  আইতাই  বৰ  যতন কৰি  তেওঁৰ  বুলনিচ'ৰাতে  বাগিছাখন পাতিছে   বাগিছা  খুচৰি থকাটো  আইতাৰ  এটা চখৰ  কাম।  ইফালে  আকউ  তেখেতৰ  বয়সো  হৈ  আহিছেতো! সেয়েহে  বোলে  আগৰ  নিচিনাকৈ   বৰকৈ খৰ - ধৰ কৰি  কাম   কৰিব  নোৱাৰে।  গতিকে  আইতাই  কৰিছে  কি  --   বুলনিচ'ৰাতে  পাতি  লৈছে  এখন  অক্কণমানি  বাগিছা । 
বুলনিচ'ৰাত  বাগিছা  আইডিয়া'টো বাৰু  অলপ  গোলমলীয়া  নহয়নে·   বুলনিচ'ৰাত   দুটামান   টাবত  ফুলৰ পুলি  সজাই থৈছা, ভাল কথা।   কিন্তু   এখন বাগিছা পাতি  লোৱা! পিচে,  আইতাৰ  মূৰত  এবাৰ  কথাটো সোমাল যেতিয়া উপায় নাই  তেওঁ  নাচোৰবান্দা।

কোঠাৰ  ভিতৰতে বাগিছা  এখন পতাক  লৈ   ককাৰ  কিমান  যে খং ! আগফালৰ   বাৰান্দা  আৰু  ছাদৰ  গছসোপাই   তোমাক   অঁটা  নাই নেকি ? কোঠাৰ ভিতৰতে  বাগিছা  পাতিব খুজিছা যে? কিন্তু  আইতায়ো এৰি দিয়াৰ  ভকত নহয়।আজিকালি বোলে  ঘৰৰ ভিতৰতে অক্কণমানি  বাগিছা  খন পতাতো  এটা ফেশ্যন'। আৰু  ইয়াৰপৰাতো লোকচান  নাই  । বৰং  ভিতৰখন সেউজীয়া  হৈ  থাকিব, আমাক  অম্লজান দি থাকিব --  আইতাই  এনেকৈয়ে  যুক্তি  আৰম্ভ  কৰি দিলে ।
   
--এইটো  এটা  নতুন  আইডিয়া, বুজিছা। সৰু  সৰু  টাবত  সৰু  সৰু টাবত সৰু সৰুকৈ  গছবোৰ  ৰুই  দিম ।  অলপ  ঠাইতে   বহুত  টাব থাকিব।  দেখিবলৈয়ো ধুনীয়া  'ব।  আমাৰ  এই   নাল  ভগা  চাহৰ কাপবোৰোতো   গছপুলি  ৰুব পাৰি ” --  আইতাই   ককাক বুজালে। 

 ককাৰ  চকু  ডাঙৰ  হৈ  'ল। কাম  নাই  আৰু!

ককাৰ খং দেখি  আইতাই   লাহেকৈ  লেপটপটো  খুলিলে ।  লেপটপত তেওঁ    তেওঁৰ   বন্ধু  কিছুমানে  কোঠাৰ ভিতৰতে   সাজি  উলিওৱা কিছুমান    বাগিছা দেখুৱালে।   আইতাৰ এই  বন্ধুবোৰৰ বেছিভাগেই   আকৌ বিদেশৰ ।  আস! সঁচাকৈ  তেওঁলোকে  কোঠাবোৰ সজাই  পেলাইছে   একোখন বাগিছাৰেই ।  তৰহে তৰহে বাগিছা।  ককাৰ   চকু  থৰ  হৈ  'ল।   তেওঁ যেন  আইতাৰ  লেপটপটোৰ ভিতৰলৈকে সোমাই যাব!

-- এয়া চোৱাচোন-- চুইডেনৰ  স্মিথ  নামৰ  এইজন দেখোন  নিজৰ শোৱা কোঠাটোতে  অকণি  অকণি  টাবত  বিচিত্ৰ  বিৰিখৰ  বাগিছা পাতিছে।  পঢ়াৰ টেবুলখনত কেইবাটাও টাব ৰাখিছেই   বাৰু, আনকি চকীৰ হেন্দেলডালতো  বুদ্ধি কৰি ওলমাই   দিছে  কেইটামান   সৰু  সৰু টাব।  এয়া চোৱা তেওঁ  লিখিছে  --  সকলো  মিলাই  কোঠাটোতে  মুঠতে  দুশ জোপা  বিৰিখ  আছে  বোলে।  এটা  কোঠাত  দুশজোপা  গছ!  হয় হয় । মিছা নহয় কথাটো।”-- আইতাই দেখুৱালে।   
আৰু  নিউয়ৰ্কত  থকা  ইলিনা  নামৰ  এই  বান্ধৱীগৰাকীয়ে দেখোন   পাকঘৰটোৰ  খালি ঠাইবিলাকো  এৰি  দিয়া  নাই।  ঘৰৰ  গোটেই কোঠাবোৰতে  সৰু -ডাঙৰ  বিভিন্ন আকাৰৰ টাবত তেওঁ  কৰিছে   বিভিন্ন শাক - পাচলিৰ  খেতি। ফ্লেটত থকাৰ  বাবে  তেওঁৰ হেনো  বাগিছা পাতিবলৈ ঠাই, সেয়েহে এনেকৈয়ে চখ পূৰণ  কৰিছে।   ইণ্টাৰনেট' যোগে আইতাৰ  পৃথিৱীৰ দূৰ- দূৰণিৰ দেশৰ  এই   বন্ধুসকলৰ  বাগিছাবোৰ দেখি  ককা  আচৰিত হ'ল। 

আৰে,   এইজনক চোৱাচোন --   পুৰণা জোতাবোৰৰ  ভিতৰতে  মাটি ভৰাই  কোঠাৰ ভিতৰতে  ফুলৰ  পুলি  ৰুইছে।  কোঠাৰ  'দপৰা  ঠাইত  থৈ  দিয়া  বাবে ৰং- বিৰঙী   ফুলবোৰ ধনীয়াকৈ  ফুলিছেও! হালি-  জালি থকা  ফুলবোৰৰ  ধুনীয়া   ভিডিঅ' এটাও  কৰি দিছে -- আয়ৈ দেহি,  কি যে মৰম লগা !

দক্ষিণ  আফ্ৰিকাৰ  ৰবাৰ্ট  নামৰ  এইজনক চোৱা --   তেখেতে  ঘৰৰ  পুৰণি  হৈ যোৱা বেগকেইটাও  এৰি  দিয়া  নাই , তাতেই  মাটি   ভৰাই   কৰিছে  পালেং  শাক,  তৰহে  তৰহে  বীনৰ খেতি। সৰু  কপৌ  ফুলৰ  বাগিছা এখনো আছে।  মানুহজনে  মাজে  মাজে  তেওঁ  গছবোৰক  গীতো  শুনায় বুলি  লিখিছে।  

অষ্ট্ৰেলিয়াৰ  এই   ইলিয়ানা নামৰ আইতাজনীলৈ চোৱা-- তেওঁৰ ঘৰৰ ভিতৰখন  দেখোন কেকটাছেৰে  ভৰা।  সৰু সৰু অকণি অকণি কেকটাছ । লণ্ডনৰ  মাৰ্গাৰেট আইতাৰ  চখ  আকৌ বিভিন্ন ৰঙৰ পাতৰ বাগিছা পতাত। ৰঙা- নীলা-বেঙুনীয়া- সেইজীয়া কিম্মান ৰঙৰ পাতৰ  গছ  যে  নাই তেওঁৰ কোঠাৰ ভিতৰৰ অক্কণমানি  বাগিছাত!যেন আইতাৰ লেপটপৰ ভিতৰৰপৰা  ৰংবোৰ জাঁপ মাৰি নামিহে আহিব!

আশ্বৰ্যকৰ   লিলিপুট   বাগিছা! ফটোৱে মিছা  কথা নকয়। -- ককাৰ মনটো  জুৰাই  'ল।  

--দেখিলানে মোৰ এই বন্ধুবোৰ। তেওঁলোকৰো আমাৰ দৰেই  বয়স  হৈছে  আৰু এনেকৈয়ে  নিজৰ নিজৰ   চখৰ কাম  কৰি আজৰি  সময় কটাইছে। বুজিছা,  আমি  হৈছোঁ এনেকুৱা এটা কমিউনিটি'  মানে, সমভাৱাপন্ন  মানুহৰ দল-- যিসকলে পৃথিৱীখনৰ সকলোবোৰ ঠাই  সেউজীয়া কৰি ৰাখিব খোজোঁ। গোটেই  পৃথিৱীতে আমাৰ  এই কমিউনিটি'তো বিয়পি আছে” --  আইতাই ক'লে ।
 
ককা  আচৰিত  হৈ   'ল -- এনেকুৱা  বিচিত্ৰ  মানুহো আছেনে!

হাঁহিও  উঠি গ'ল তেওঁৰ ।তেওঁ  নজনাকৈয়ে  আইতাই  এই  বিচিত্ৰ  চখৰ  মানুহবোৰৰ লগত  মনে  মনে বন্ধু  পাতি পেলাইছে! বৰ স্মাৰ্ট' দে'ই !
--চৌব্বিশ ঘণ্টা কিতাপৰ মাজত মূৰটো গুজি অকালতে বুঢ়া হোৱাতকৈ   মাজে মাজে  এনেকৈ চখৰ কামবোৰ  কৰি লব লাগে,  বুজিছা।  মনটো ডেকা হৈ থাকিব।” -- আইতাই  ককাক ক'লে।
 
--মোৰ যে  কিতাপ পঢ়াটোৱেই  চখ!”-- ককাই ক'লে।  আইতা বিৰক্ত হৈ গ'ল। মানুহটোৰ  মুখত  মাত্ৰ এটাই  কথা কিতাপ, কিতাপ।

যি নহওক,   ককা  কিন্তু  সৈমান  'ল। হাত  দুখন জোকাৰি জোকাৰি   ককাই ক'লে -- '  তোমাৰ যি  মন যায়,   তাকেই  কৰা -- মানা কৰি লাভ আছে জানো! পিচে,   ইয়াৰে  কোনখন বাগিছা তোমাৰ পছন্দ হৈছে।

ককাৰ সন্মতি  পাই আইতাই  হাঁহি   দিলে।
-- প্ৰতিখনেই  পছন্দ  হৈছে। কিন্তু,   মই মোৰ   বাগিছাখন  নিজৰ  মতে সজাম  --  আইতাৰ চকুযোৰ  উজলি   উঠিল।

--‘“বাৰু যোৱা,  চাহ  একাপ  কৰাগৈ। চেনি  কমাই  নিদিবা কিন্তু  বয়স  হৈছে  বুলি।” -- ককাই ক'লে।

এইবাৰ  আমাৰ  হাঁহি  উঠি  'ল।   সদায়েই এনেকুৱা হয়।  যুঁজ - বাগৰৰ শেষত  ককাই   হাত দাঙি  সদায়  এনেদৰেই কয়।  একাপ চাহেৰে  শান্তি   চুক্তি  এখন  কৰি  পেলায়।   আৰু , আমি গম   পাই যাওঁ -- আইতা জিকিল!   

আইতাৰ   কাম  আৰম্ভ  হৈ  'ল।  মাটিৰে  সজা  দৈৰ খোল,  চীনামাটিৰ  দীঘল  দীঘল  কাপ,   বাহঁৰ  সৰু  ধুনীয়া এটা  খৰাহী,   পোৰামাটিৰ  হাঁহৰ  সৰু   সৰু  টাব --  আৰু  কত যে  কি !  এইবোৰৰ  ভিতৰতে  সাৰ দি,  মাটি দি  বিৰিখবোৰ  ৰুই  আইতাই  সাজি  'লে  তেওঁৰ  অক্কণমানি   বাগিছা । 

বেলেগ বেলেগ ঠাইলৈ ফুৰিবলৈ  যাওতে সেইবোৰ  ঠাইৰ  নদীৰ  কাষত পোৱা শিল গোটাই অনাৰ অভ্যাস  এটা   আছে আইতাৰ। আইতাৰ মতে,    নদীৰ বুকুত  পোৱা এই শিলবোৰেই  সেই  ঠাইবোৰৰ  আটাইতকৈ  প্ৰাচীন সভ্যতা।  মানে, সেই   ঠাইডোখৰৰ  কথা নদীৰ  বুকুৰ  শিলবোৰেই  হেনো আটাইতকৈ  ভালকৈ   জানে।  ভালকৈ কাণ পাতিব   জানিলে  শিলে  কোৱা এই  কথাবোৰ  বোলে   শুনিবলৈ  পায়।

সেয়েহে  আইতাই  শিল গোটাই  ভাল পায়   আইতাৰ । এই  চখৰ  বাবেই  মনোজ মামায়ো  মাজে  মাজে আইতাক  উপহাৰ দিয়ে  নিজে  বনোৱা  শিলৰ পুতলা । আইতাৰ  শিলবোৰৰো  আছে  নিজৰ  সাধু।  
আৰু   আছে   সাগৰৰ   তলিৰ  এটোপোলা  শংখ  --  বিশ্বমামাই উপহাৰ  দিয়া।  শংখবোৰো পুতলাৰ দৰেই,  সিহঁতৰো  আছে  নিজৰ  একোটা  সাধু। এই গোটেইবোৰকে  আনি  টাবৰ জোপোহাবোৰৰ মাজে মাজে  ধুনীয়াকৈ সজাই  দিলে অক্কণমানি   বিৰিখৰ  বাগিছা।

আইতাই তেওঁৰ অক্কণমানি   বাগিছাখনৰ  নাম  দিলে  --  সপোনৰ বাগিছা'  সেইবাবেই  ৰাতি  'লে  তালৈ  নামি আহে সপোন।  আৰু  আৰম্ভ হয় যাদু।  কেনেকৈ? 'ম ক'ম-- সকলো কথাই ক'ম । ৰ'বা, আগতে  আমাৰ চিনাকিটো দি লওঁ।

আইতাৰ  এই  সপোনৰ  বাগিছাখনৰ  সৰু  সৰু  টাবৰ   বিৰিখৰ   সৰু  সৰু  জোপোহাবোৰৰ  আঁৰতেই  আমিও  থাকোঁ  । শুঁৰডাল  ওপৰলৈ  দাঙি  হাতী  ককাই,    বনৰজা  নাহৰফুটুকী,  ঢেকীয়াপতীয়া,   গড়  ককাই ,  বান্দৰ,   হৰিণাবোৰ  আৰু   কত   কি!   মানে,  এখন  সৰু - সুৰা   চিৰিয়াখানা   বুলিবই   পাৰা।  চিৰিয়াখানা?  আচৰিত হৈছা,  নহয়! ন'হবানো  কিয়?  আইতাৰ  বুলনি চ'ৰাটোৰ  অক্কণমানি  বাগিছাখনৰ   ভিতৰতে  বাৰু    এখন  চিৰিয়াখানা কেনেকৈ   থাকিব?
'বা  কথাটো  কওঁ।   আচলতে  কি  জানা --  আমিবোৰ  'লোঁ   অক্কণমানি   বাগিছাখন  শুৱনি  কৰি  থকা  সৰু    সৰু পুতলা -- মাটিৰ পুতলা।  ইনা মাহী  আৰু  জীনা  মাহী  --  মানে  আইতাৰ  দুজনী  ছোৱালী যে --  ইনা  মাহীয়ে সাজিছিল আমাক, মানে এই  অক্কণমানি মাটিৰ  পুতলাবোৰক ।

মাটিৰে  সাজি লৈ  মাহীয়ে বোলে আমাক  তপত  ভাটীত  সেকি  টান কৰি পেলালে ।  তপত  ভাটী! ভৈয়াই   ঔ!কথাটো ভাবিলেই  গা- টো চম-চমাই   যায়। কিন্তু আইতাই কয়,   সেইবাবেই  বোলে আমাৰ  গাটো    ইমান  টান। মাটিৰ  খোলা  হলেও  সেইবাবেই  এতিয়ালৈকে  নভগাকৈ আছোঁ।  তপত  ভাটীত যে দি  দিলে,  সেই বাবেই   আমি হ'লোঁ টেৰাকোটা -- পোৰা মাটিৰ পুতলা।

অক্কণমানি  পুতলা আমি  
মাটিৰে  সজা
অক্কণমানি  পুতলা আমি 
তপত ভাটীত সেকা 
অক্কণমানি  পুতলা আমি 
আলাসৰ  লাৰু
অক্কণমানি  পুতলা আমি
বুলনিচ'ৰাত  থাকোঁ

এতিয়া  জীনা  মাহী  পঢ়িবলৈ বিদেশলৈ  'ল। আৰু   মানুহবোৰে  কয়,   ইনা মাহী বোলে একেবাৰে সৰগলৈ  গুচি  'লগৈ।  তেওঁ বোলে  তাৰপৰা  আৰু  আহিব  নোৱাৰে।  আইতাই সৌ  ফটোখনত  বন্ধাই  চুকৰ  বেতৰ  ধুনীয়া ৰেকটোতে তেওঁক  থৈ  দিছে।  বহুদিন  ধৰি আইতাই  আমাকো আইনা  লগোৱা শ্ব'কেছ এটাৰ ভিতৰত ভৰাই থৈ  দিছিল।  এতিয়া বাগিছাখন পতাৰ পিছত  আমাকো  ইয়ালৈকে  লৈ আহিল। সেউজীয়া বিৰিখৰ মাজত থাকি এতিয়া ইমান যে সুখী  আমি!
আচলতে  মানুহবোৰে যে  কয়  ইনা মাহী নেদেখা দেশলৈ  'লগৈ  বুলি  --  কথাটো  কিন্তু  একেবাৰেই   মিছা।  ৰাতি হ'লে  ককা - আইতা যেতিয়া বিচনাত  শুবলৈ  যায়গৈ,  তেতিয়াই   তেওঁ  ফটোৰ ফ্ৰে'মটোৰপৰা ওলাই  আহে --  আৰু  আমাৰ   সতে কিমান যে  মস্তি  কৰে! আৰু  আমাৰ  সতে  খেলিবলৈ  ইষু দাদা, ৰং মাইনা , আগানমুনু, সোণালী  চৰাই বা,  মিমি, মুগ্দ্ধা,  লালা,  ৰিবলু  দাদা,  পৰী,  পাহি,  ৰাখী, কুঁহি  বা,  আদি,  চাকি, প্ৰাজ্ঞ   --  এই   সকলোকে লৈ  আহেগৈ।  আৰু  আহে লালা  আৰু  কুট  কুট ।   নামি আহে   আইতাই   বাৰান্দাত  সাজি  দিয়া  জোতাৰ বাকচৰ   বাহত ঘৰ  সজা  ঘৰচিৰিকা চৰাইবোৰ, ছাদৰ  বাগিছা  কপৌ,  কাণকুৰিকা,  বুলবুলি।  সপোনৰ বাগিছাত সকলো হৈ পৰে  মতলীয়া । 

--------
(২)

ৰাতি হ'লে  ইনা মাহী জখলাৰে নামি  আহে  

কেতিয়াবা  আইতাই    কি  কৰে --  ইনা মাহীৰ  ফটোখনৰ কাষতে ৰৈ একেথৰে চাই থাকে। তেতিয়া  'ৰপৰা   জানো  আইতাৰ চকু  দুটালৈ  নদীৰ দৰে পানীবোৰ আহে!  চকুৰপৰা  নামি  তেওঁৰ  গালদুখনেৰে  পানীবোৰ  বৈ  আহে। 

সেই  পানীৰেই   আইতাই কেতিয়াবা তেওঁৰ  বাগিছাখনিৰ  অক্কনমানি   বিৰিখবোৰৰ পাতবোৰ  ধুই দিয়ে।  তেনেকুৱা সময়ত বিৰ বিৰ কৰি কি যে কথাবোৰ কয় -- ধৰিবকে  নোৱাৰি।  বৰ মজা  লাগে  চাবলৈ। এনেয়েতো আইতাৰ যি হে  খঙ!

আইতাৰ  চকুৰ  নদী  দুখনলৈ  ভয়ো  লাগে  আমাৰ।   আমি যে  মাটিৰ  পুতলা! নদীৰ  ধলত  ভাগি- চিগি  যাও  যদি  কি হ’ব  কোৱা! কেতিয়াবা  ককাই  আইতাৰ গালৰপৰা  নদী দুখন মচি  দিয়ে। ককাই মচি দিলেই  নদী  দুখন  নাইকীয়া  হৈ যায়। কি কৰিবা, আমাক এনেকৈ এৰি থৈ নেদেখা দেশলৈ তাই গুচি  গৈছে   --   এনেকৈ  কয় আইতাক  ককাই।   

ৰাতি  'লে  ইনা মাহী ফটোৰ ফ্ৰেমটোৰপৰা ওলাই  আহি আমাৰ সতে  কিম্মান যে মস্তি  কৰে  -- সেই কথাটোকেতো  আমি  ককা - আইতাক  কব  নোৱাৰোঁ ।  সঁচা- সচি  মানুহবোৰৰ লগত  এইটোৱেই  দিগদাৰ!  তেওঁলোকে  আন কাৰো ভাষা  বুজি  নাপায়।  আমি যে  মাটিৰ  পুতলা --  মাটিৰ পুতলাৰ ভাষাও   বুজি  নাপায়! 

আমি  আইতাৰ   সপোনৰ বাগিছাত  বাস  কৰাবোৰে  আকৌ   সকলোৰে  ভাষা বুজি  পাওঁ।  আৰু  এটা কথা। ককা-  আইতাৰ দৰে  আমাৰ চকুলৈ টোপনিও নাহে।  ইনা  মাহীৰ চকুলৈও নাহে।  তেৱোঁ যে  এতিয়া সপোনৰ   বাগিছাত থাকে! সেইবাবেই  তেওঁ   শুব  নালাগে।

আৰু তোমালোকৰ  দৰে  আমাৰ  খোৱাৰ লেঠাটো নায়েই!  আমাৰ ভোকেই  নালাগে।  পিয়াহো নালাগে।

বুজিলাতো! সপোনৰ দেশত আমাৰ ভোক - পিয়াহ - টোপনি -- এক্কোৱেই নালাগে।

আমাক লাগে  মাথো গান গাবলৈ, নাচিবলৈ আৰু ফুৰ্তি কৰিবলৈ।

গান  গাই  নাচি -  বাগি থাকিবলৈ নাপালে আমি  চাগে  তোমালোকে নেদেখা ঠাইলৈ গুচি যাবগৈ লাগিব!  তোমালোকক  আৰু দেখাই  নাপাম।

ইনা মাহীয়ে  কেনেকৈ  ফটোৰ  ফ্ৰে'মৰপৰা ওলাই  আহে,  আৰু কেনেকৈ   আমাৰ বাবে বন্ধুবোৰ গোটাই আনে -- সেইটোও এটা  মজাৰ  কথা।   

কিন্তু তাৰ আগতে শুনি লোৱা  আমাৰ আচল  ঘৰখনৰ কথা।   তোমালোকৰ   বহুতেই  তালৈ  গৈছা ।  সেই যে,  দলহৰিণবোৰে  জাক পাতি বিলখনত পানী খাবলৈ  আহে,  আৰু  চিতল  মাছবোৰে  যে সেই বিলখনত  জঁপিয়াই জঁপিয়াই নাচি  থাকে।  আবেলি জীপ চাফাৰী আৰু পুৱা  হাতীত উঠি  জন্তুবোৰ দেখুৱাবলৈ লৈ যায় যে!বুজি  পোৱা  নাই!  ঠিক  আছে,   আৰু  এটা  সুযোগ দিলোঁ,  এই সাঁথৰটো শুনা --

' ক ককাই, গঁড় ককাই
'ত বাৰু ঘৰ
জোঙাকৈ  খড়গটোৰে 
'লৈ মাৰা লৰ
ঘাঁহ - বনৰ মাজত সোমাই
আপোনমনে থাকা
ধুনীয়াকৈ প'জ দি
কেমেৰাত ফটো উঠি
কি যে ভাল পোৱা!

ধৰিব পাৰিলা?
কাজিৰঙা!
শুদ্ধ উত্তৰ। দহ নম্বৰ দিলোঁ।তাতেই আমাৰ আচল ঘৰ ।

ককা- আইতাই কয়, জীনা মাহী আৰু ইনা মাহীক লৈ এবাৰ ককা- আইতা কাজিৰঙালৈ গৈছিল। তেওঁ  ঘৰলৈ উভতি আহি   তাতে  থকা  জীৱ-জন্তুবোৰৰ  নিচিনাকৈ   আমাক  সাজিলে । আৰু  তপত ভাটীত  সেকি একেবাৰে  টান কৰি দিলে, যাতে  আমি  সোনকালে ভাগি নাযাও। ফটোৰ ফ্ৰে'মটোলৈ  গুচি  অহাৰ  আগলৈকে  এনেকৈ  মাটিৰে  বস্তু সজা  আৰু ছবি  আঁকি  ইনা মাহীয়ে বৰ  ভাল পাইছিল।

ইনা মাহীক  কুটুৰি  কুটুৰি ইণ্টাৰনেট'  পৰা খবৰ গোটাই  আমি আমাৰ   আচল  ঘৰখনৰো  বহুত কথৰ গম  ধৰিব পৰা হৈছোঁ। সকলো কথাই  সুখৰ নহয়, বুজিছা।  গড়   ককাইটোলৈ যে  কিমান  দুখ  লাগে। কেতিয়া  যে  চোৰাং চিকাৰীৰ হাতত  প্ৰাণ বায়ু উৰি যাবলগীয়া  হয়  -- সেই   চিন্তাতে কেতিয়াবা  সৌ জখলাডালৰ  দৰে জঠৰ  হৈ  পৰোঁ। নাকৰ  ওপৰতে  থকা   খড়গটোৱেই   কাল শতৰু তাৰ। এই  খড়গটোৰ  বাবেই  চোৰাং  চিকাৰীয়ে  তাক  মাৰি  পেলায়। 

আৰু,  বান আহিলেতো কথাই নাই --  কিমান জীৱ-জন্তু যে  উটি গৈ  মৰে।  বহুত  জীৱ - জন্তুৱে  আকৌ   বাট  পাৰ হৈ   কাষৰ  পাহাৰখনত উঠি  আশ্ৰয়  লবলৈ  যাওতেও  গাড়ীয়ে  চেঁপি  মাৰে।  আচল ঘৰখনলৈ  যাব নোৱৰিলে  কি হ',  এইবোৰ কথাই  আমাৰ  হিয়া দহি  থাকে   

মাটিৰ  পুতলা হলেও  একোখন  হৃদয়   আছে   আমাৰ  -- মাটিৰ হৃদয়।

দিনত   আইতাৰ   কথা  মানি   আমি  বাগিছত  মনে মনে  তেনেকৈয়ে  পৰি  থাকোঁ। ন'হলে তেওঁৰ ধুনীয়া   বুলনি  'ৰাটো  পৰিপাটি   হৈ  নাথাকিব  আৰু  আলহী  আহিলে বেয়া দেখিব ।  তেতিয়াই  আইতাৰ  খংটো  উঠি  নাহিব  জানো·   আইতাৰ  আকৌ   বহুত   কাম  থাকে  নহয় ! সেয়ে  আইতাৰ  আমনি  হয়   বুলি  লৰ- চৰ নকৰাকৈ  মনে  মনে  থাকোঁ।

পিচে,  ৰাতি  'লে  হৈ  পৰে  সৱ কথা  ওলট – পালট!   

ৰাতিৰ   ভাত সাজ  সোনকালে  খাই  ডাক্তৰে খাবলৈ কোৱা  দৰৱকেইটা খাই  ককা- আইতা বিচনালৈ যায়।  ককা- আইতা  বিচনালৈ  'লেই   আমি  এঙামুৰি  ভাঙি  হাত- ভৰিবোৰ  লৰ- চৰ  কৰোঁ।  বিচনাত পৰিলেও  ককা- আইতাৰ  চকুলৈ সোনকালে  টো পনি   নাহে ।   ফটোৰ  ফ্ৰে'মত  সোমাই  থকা  ইনা  মাহীলৈ বোলে  তেওঁলোকৰ তেতিয়াহে   বৰকৈ মনত পৰে।   বিদেশত পঢ়ি  থকা  জীনা মাহীলৈও  ইমান মনত   নপৰে  বোলে।   টোপনি   নাহিলে  ককাই   টোপনি  মাতি মাতি নামঘোষাৰ  পদ  এফাঁকি   গায়  - 

শোক মোহ মহা পংক মাজে  
            অৰ্জুন মগন ভৈলা দেখি
পৰম ঈশ্বৰ দৈৱকী নন্দ নন্দন,

বাপৰে!!  ইম্মান যে  টান  পদ!  একোৱেই  বুজি নাপাওঁ। তাতকৈ  আমাৰ কবিতাবোৰে ভাল, পটকৈ  বুজি  পাই যায়-- ইমান সহজ।   ককাৰ  পদবোৰ  লগে  লগে  কেতিয়াবা  গাব  খুজিলে   দাঁত  ভাগি   যাব  খোজে  আমাৰ --  এনেয়েও  আমি  হৈছোঁ  মাটিৰ  পুতলা, তেনেই ঠুনুকা। আইতাই    কয়, -- “মই   মৰম কৰি  সযতনে  ৰাখোঁ  বাবেইহে   কোনোমতে   নভগাকৈ আছ  -- নহলে কোনোবাদিনাই  যমপুৰী   পালিগৈহেঁতেন।  যম   ৰজাই তপত তেলত পেলাই  ভাজি  বনাই   খালেহেঁতেন । 

ভয়তে  ডিঙি  শুকাই  যায়  আমাৰ।

কেতিয়াবা  আকৌ কয় - এজনী  বিদেশত, আনজনী  যম  ৰজাৰ  ঘৰত।  মই  নোহোৱা হ'লে কোনে চাব  তহঁতক। 

আকৌ ভয়তে ডিঙি শুকাই যায় আমাৰ। 

আইতায়ো  চাগৈ  ককাৰ  পদফাঁকি বৰকৈ  বুজি  নাপায়! আপোনাৰ ভগা ঢোলৰ দৰে মাতটোৰে গোৱা  পদ  শুনিলে অহা টোপনিও  পলাব এতিয়া!  --  এইবুলি আইতই   ককাক ভেকাহি  মাৰি  উঠে।   

আচলতে কি জানা, ইনা মাহীয়ে ফটোৰ ফ্ৰে'মৰপৰা ওলাই টোপনি অহাৰ গীতটো গাই নিদিয়ালৈকে তেওঁলোকে  এনেকৈ  সাৰ  পায়েই  থাকিব,  আৰু  কাজিয়া  কৰি  থাকিব। এয়াই হৈছে ককা- আইতাবিলাকৰ নিয়ম। এজনে আনজনকৰ কথাত পটকৈ সৈমান নহয়।

সেয়ে  মনে মনে আমি  অক্কণমানি  বাগিছাৰ   সৰু  সৰু  টাবৰ  সৰু  সৰু  জোপোহাবোৰৰপৰা ওলাই  আহোঁ । গোটেইসোপাই   লগ   লাগি   বুলনিচ'ৰাৰ  কাষৰ   আলহী  কোঠাটোত  থকা ষ্টীলৰ  জঠৰ  জখলাডালৰ কাষলৈ গৈ, জখলা  সাৰ পোৱাৰ  গীতটো গাবলৈ  ধৰোঁ  ---

' জখলা
জঠৰ জখলা
চকু দুটি মেলা
ফটোৰ ফ্ৰে'মৰ
ইনা মাহীক
আমাৰ  মাজলৈ  আনা

এনেকৈ গীতটো  গাই  দিলে জখলাডালে চকু  দুটা  আধা  মেলি  দিয়ে। জঠৰ যে,  সেয়ে   এবাৰতে উঠি  আহিব নোৱাৰে।

 --গীতটো আৰু  এবাৰ  গোৱাচোন।   তেতিয়াহে  ভালকৈ সাৰ পাম।

আমি আৰু এবাৰ গাই দিওঁ।

' জখলা
জঠৰ জখলা
চকু দুটি মেলা
ফটোৰ ফ্ৰে'মৰ
ইনা মাহীক
আমাৰ  মাজলৈ  আনা

এইবাৰ তেওঁ ভালকৈ সাৰ পাই যায়।  জখলাৰ গীতত দাড়ি- কমা- প্ৰশ্নবোধক  কিয় নিদিলোঁ  বুলি  আমাক দোষ নিদিবা আকৌ!  জখলাৰ  গীতত  দাড়ি- ক’মা- প্ৰশ্নবোধক একো দিব নোৱাৰি।  গীতত  অকণমান যতি  পৰিলেই তেওঁ  সেইখিনিতে  জঠৰ   হৈ   যাব। সেয়ে  একে  উশাহে  গীতটো  গাব  লাগে।

গীত শুনি  জপং  জপং কৈ  ওলাই আহি  জখলাই বেতৰ   ৰেকডালতে  গাটো পাতি দিয়ে। । ইনামাহীয়ে   দিনত  ফটোৰ ফ্ৰেমটোতে সেমাই থাকেতো!  জখলাডালে  গাটো পাতি দিলেই  ফ্ৰে'মৰ স্ক্ৰু-টো খুলি জাঁপ  মাৰি   নামি  আহে।  

আৰু ,  চব  কথা যাদুকৰী হৈ যায়। 

ফ্ৰে'মৰপৰা  ওলাই   জখলাডালেৰে  ডালেৰে  নামি  নামি  আহি  থাকোঁতে   জখলাডালে মাহীৰ   গাটো   ডাঙৰ  কৰি  কৰি   আনি  থাকে।  মাহীৰ  চকু দুটা  তিৰ- বিৰ  কৰি  উঠে।   কি যে মজা  লাগে   চাবলৈ।   মাটি  পায়হি   মানে  তেওঁ  ডাঙৰ হৈ যায়।  ডাঙৰ মানে,  নেদেখা দেশলৈ গুচি যাওতে যিমান ওখ আছিল, ঠিক   সিমান ওখ  হৈ   যা!   

হিপ হিপ  হুৰৰেই!”--  এইবুলি ফুলি থকা ফ্ৰকটোৰ ফিৰফিৰীয়া ফ্ৰীলবোৰ নচুৱাই নচুৱাই তেওঁ  ইৰিকটি  মিৰিকটি'  গানটো গাই নাচোন এপাক দি লয়,  

ইৰিকটি মিৰিকটি
বাঁহৰ শলা,
মোমাইৰ পদূলিত
বান্ধিলোঁ ঘোঁৰা ।

আহ! দিনৰ  দিনটো ফটোৰ ফ্ৰে'মত সোমাই একেটা  'জকে  দি  থকাটো  কিমান যে টান কাম! গাটো   অসাৰ হৈ যায়।   হাত - ভৰি কেইটা এতিয়াহে  মুকলি  'ল। উফ!এয়াই  হৈছে   মুকুতিৰ  আনন্দ! বাৰু,  বুঢ়া- বুঢ়ীক এপাক  চাই  লওঁ!   এইবুলি  আমালৈ  চাই তেওঁ  চকুৰ টিপ এটা মাৰিব   আৰু  আইতাৰ  বিচনাৰ  কা  পাবগৈ।

ইনা  মাহীয়ে  কয় -- কেৱল তেওঁহে  বোলে   ককা- আইতাৰ  চকুলৈ   টোপনি  অহাৰ  গীতটো    গাব  জানে। আগতে  জীনা মাহীয়েও  জানিছিল।  কিন্তু   ইমান  দিন  বিদেশত থকাৰ  পিছত তেওঁৰ  বা মনত   আছেনে  নাই , কোনে জানে?  অভ্যাস নাথাকিলে  সকলো কথাই  পাহৰি যায়   -- অনভ্যাসে  হতবিদ্যা!  

ককা- আইতায়ো আজি-কালি  কথা পাতি থাকে বিদেশৰপৰা  জীনা  মাহী উভতি অহাৰ  আশা  নাই বোলে। তেওঁ  'ত গৱেষণাটো   কৰি  আছে,  তাতেই   বোলে  কাম  কৰিবলৈও  সুবিধা  পাইছে।    জীনা  মাহী নাহিলে  ইনা মাহীয়েইতো   ককা- আইতাৰ সুখ- দুখৰ খবৰ  ৰাখিব  লাগিব।  

জিঞা  পাখিৰ দৰে  নাচনি চোলাটো  নচুৱাই   নচুৱাই তেওঁ   আলফুলকৈ ককা- আইতাৰ চকুৰ পতাত  আঙুলি  দুটা  বুলাই গুণ গুণকৈ  গায় -- 

চিল মিল টোপনি 
আহা  নামি অহা
কুঁৱলী সূতাৰ জখলাৰে 
আহা  নামি অহা
ৰঙা- নীলা দোলনাৰে 
দুলি দুলি আহা
চিল মিল টোপনি
আহা  নামি অহা

আমাৰ গীতৰ   সুৰেৰে 
নাচি- বাগি আহা   
ককা- আইতাৰ
চকুৰ পতাত
ঘৰখনি সাজা

চিল মিল টোপনি
আহা  নামি আহা

এনেকৈয়ে  গীত  গাই   গাই  আকুল- বিয়াকুল হৈ   ইনা  মাহীয়ে   টোপনিক   ককা-আইতাৰ  চকুলৈ আহিবলৈ   মাতি  থাকিব,  মাতি থাকিব । 

গুণ গুণকৈ কেইবাবাৰো গীতটো গোৱাৰ পিছতে ঘটি যাব ঘটনাতো ।

---------            

(৩)

খেলৰ হয় আৰম্ভণিআহি পালে টোপনি

এটা  সময়ত  সন্মুখৰ  দুৱাৰখন ঘপকৈ  খোল  খাই যাব।  আৰু  ঢলং- পলং  খোজ দি  খোলা  দুৱাৰেৰে   হন্ত - দন্তকৈ  টোপনি  নামৰ   প্ৰকাণ্ড  বিৰাট   বপুটো  সোমাই  আহিব -- যেন এটা প্ৰকাণ্ড  আলুৰ বস্তা! 

'লা  এটা  মস্ত    হলৌ চোলাভৰিত   গাম বুট,   মূৰত  টুপিচকুত  মস্ত  এযোৰ  গগলচ্  আৰু  জুটুলা- জুটুল চুলি একোচাৰ   তলত আলুৰ  বস্তাৰ   আচল  ৰূপটো দেখাই  নাযায়।  কিন্তু  মস্ত  জধলা যে  দেখিলেই  গম  পায়।  জধলা  হলেও   গাটো লেতেৰা লেতেৰা গোন্ধাই  নাথাকে, সেয়াই ৰক্ষা!    আমালৈ নোচোৱাকৈ   চিধাই  গুজ গুজ কৈ  ককা-আইতাৰ  কোঠা  পাবগৈ।  কথা- বতৰাও পাতিব   নাজানে  হব  পায়! 

ইনা  মাহীয়ে  কয় -- তেওঁ  দেখাতহে  তেনেকুৱা  আজগুবি।আচলতে  বৰ  অজলা । অন্তৰখনো   কোমল।  তেওঁৰ কোলাত  ঢলি  পৰিলেই   সকলোৰে  চকু  জাপ খাই যায়, দুখ-ভাগৰ  আঁতৰে । আৰু  তেওঁৰ  হলৌচোলাটো  চিৰিঞ্জবোৰেৰে  ভৰি  থাকে বোলে।  চোলাৰ   তলৰপৰা  চিৰিঞ্জ  এটা  এটা  উলিয়াই  লৈ  তাত  নিজৰ  গাৰপৰাই  পনীয়া   বল- শক্তি  ভৰাই  লয়  । আৰু  চিৰিঞ্জটোৰে  সকলোৰে  গাত  সেই  বল- শক্তি   ভৰাই  দিয়ে ।

কথাটো শুনিয়েই কিবা বিকচিনা  লাগি যায়! কিমান যে দুখ পায়  চাগে ককা- আইতাই।  

একেবাৰেই  দুখ  নাপায়”--  ইনা  মাহীয়ে  কয় --  তেতিয়াহে  পিচদিনা  আকৌ কাম  কৰিবলৈ বল - শক্তি পাব!”  

খোলা দুৱাৰেদি সোমায়েই  চিধাই   ককা- আইতাৰ কোঠালৈ  গৈ কোলাখন  পাতি তেওঁলোকক পথালি- কোলা কৰি ল'ব।  তেতিয়া  ককা- আইতা  টোপনিৰ কোলাত ঢলি  পৰে। তেওঁলোকৰ  চকুৰ পতা জাপ খাই  যায়।  

ইমান খৰ- খেদাকৈ  ক'ৰপৰানো  আহে  তেওঁ ।  ইনা মাহীয়ে কয় -- টোপনিৰ ঘৰ  বোলে   কলৰ  তলত। সৰু থাকোঁতে আইতাই বোলে  তেওঁক টোপনিৰ  গীত  এটা এনেকৈ  গাই  শুনাইছিল --

টোপনি টোপনি
' হেৰ' টোপনি
টোপনিৰ  কলৰ তলত ঘৰ
আমাৰে ঘৰকে
নাহিবি টোপনি
শাহু আইৰ উঠিছে জ্বৰ।

দিনৰ দিনটো  কলৰ তলৰ চেঁচুকত সোমাই   থাকিলে  এনে  জলৌ- জপৌ অৱস্থা   হ'বইতো! 

কলৰ  তলত থাকোঁতেই বোলে তেওঁৰ  গাটো  ৰসাল  হৈ,   টুপ-টুপীয়া   হৈ  পৰে। মানুহৰ গাত চিৰিঞ্জেৰে  ভৰাই দিয়ে যে পনীয়া  বল-শক্তিবোৰ -- দিনৰ দিনটো চেঁচুকত সেইবোৰ এনেকৈ  নিজৰ  গাতেই  গজাই   লয়।  ৰাতি ৰাতি  মানুহবোৰৰ গাত ৰসবোৰ ভৰাই দিয়েগৈ।

টোপনিৰ কোলাত ককা-আইতা ঢলি পৰাৰ পিছতে  ইনা মাহীয়ে  লাহেকৈ  আইতাৰ কোঠাৰ দুৱাৰখন  বন্ধ  কৰি দিয়ে,   আৰু ওলাই আহে।   অহাৰ  বাটত  যাকেই  পায়,   চবকে জোকাই  জোকাই  গীত একোটা গাবই !  ডাইনিং  টেবুলখনত   দাঁত নিকটাই  পৰি   থকা   কবিতা  মামীয়ে  দিয়া ভোটজলকীয়াৰ  আচাৰৰ  পেটুৱা  বটলটোৰ  নাকতে  চিকুট এটা  মাৰি  দি গায় –

তেলত দিয়া ভোট জলকীয়া
' তেলত দিয়া ভোট জলকীয়া
সোণামুৱাটি হৈ 
'দ  পুৱাই  থাকিবা।

চিকুট  খাই ভোট  জলকীয়াৰ আচাৰৰ   বটলে  দুখতো নাপায়েইধুনীয়াকৈ ভেলেঙা   হাঁহি এটা মাৰি দিব।  বৰ  দুখ  তাৰ -- ইমান জলা, কোনেনো চুবলৈ  সাহ  কৰিব  বাৰু!  যিয়ে  আহেসিয়েই ক'ব -- আইঔ! ভোট জলকীয়াৰ আচাৰ , হাতেৰে  নুচুবা দে', কেনেবাকে সেইখন  হাত  চকুলৈ গ'লে  হ'ল  আৰু!  চকু ফুটি যাব।”  সি  কিবা  দেৱালীৰ  ফটকা  ব'ম নেকি!  আটাইতকৈ  জলা বুলি এবাৰ ৰেকৰ্ডো  হৈছিল  তাৰ।   পিচে, সেয়াই  কাল হ'ল । অলপ  ধতুৱাবোৰে  চুবলৈকে  ভয়  কৰে।

সেয়ে   আমন- জিমনকৈ  ডাইনিং  টেবুলত  বহি   থাকোঁতেই  দিন গৈছে  ।  বিৰক্ত হৈ  আইতাই   কোন দিনা  ঘৰৰ জাবৰ নিবলৈ  অহা  ৰতন দাদাক  দি দিয়েকি ঠিক! 

ইনা মাহীয়ে  কাকলি জেঠায়ে  আইতাক  দিয়া ৰঙা টেঙামৰাৰ জেলীৰ  বটলটোকো  চুমা এটা  দি গাব --

ৰঙা টেঙামৰাৰ জেলী
' ৰঙা টেঙামৰাৰ জেলী
সোণামুৱাটি হৈ 
'দ পুৱাই থাকিবা ।

ৰঙা টেঙামৰাৰ জেলীৰ বটলটোৱে ইনা মাহীৰ গালে- মুখে জেলী এসোপা সানি দিব। জঁপিয়াই  জঁপিয়াই নাচি                                     নাচি  আহি এইবাৰ তেওঁ লীনা  মাহীয়ে  দিয়া ৰঙা- নীলা- হালধীয়া-সেউজীয়া ৰঙেৰে সাজি দিয়া  কুৰুচা সূতাৰ  পুতলাটোক কোলালৈ তুলি লৈ  গাব,

কুৰুচা সূতাৰ মেম চাহেব 
' কুৰুচা সূতাৰ মেম  চাহেব
ৰাতিপুৱাই  গা ধুই 
'দ পুৱাই  থাকিবা।

কুৰুচা  সূতাৰ মেমচাহেবে  কৰিব কি, জাঁপ মাৰি নামি নাচি- নাচি আমাৰ  কাপাবহি। 

বচ ....আৰম্ভ  হৈ  যায়  আমাৰ কুচ- কাৱাজ।

বেৰৰপৰা বগাই  নামি  আহে   চামগুৰি  সত্ৰৰপৰা  আনি  সজাই  থোৱা  গৰুণ্ড পখীৰ মুখা । পুতনা ৰাক্ষসীৰ ভয় লগা মুখাখনো নামি আহে।
জোপোহা গছবোৰত ওলমি থকা  ৰং সলোৱা  পাতবেংকেইটাই  জঁপিয়াই  নামি আহে । 
সৌ চুকত সোমাই  থকা   কাঠৰ  ধনেশ পখীটোৱে  প্ৰকাণ্ড ঠেঁাটটো  ঘূৰাই  আমাৰ ফালে এবাৰ চায়।

আৰু যে, উৎপাত কৰি  থকাৰ  বাবে  আইতাই  বেৰত  ওলমাই  থৈ দিছে   পিন'ক্কিঅ'টো।  সি  তাৰপৰাই  চিঞৰি উঠে --“  ইনা মাহী, ইনা মাহী। মোক নমাই দিয়ানা। বেৰত ওলমি থাকি ইমান দুখ পাইছোঁ।” 

ইনা মাহীয়ে নমাই  দিয়াৰ লগে লগেই  লেং পেং কৈ  গৈ  মিউজিক  চিষ্টেমতো  বজাই  দিবগৈ  । গান - বাজনা যিমানেই  নহওক কিয়, মিউজিক চিষ্টেমৰ আৱহ সংগীত ন'হলে  ভাল নালাগে তাৰ। 

এনেকৈয়ে  আৰম্ভ  হৈ  যায়  মস্তি।    মাটিত সোমাই   থকা  অক্কণমানি  বিৰিখবোৰে  লচ- চৰ কৰিব   নোৱাৰে।  সিহঁতে  মাটিকে  খামুচি  থাকিব লাগে যে!  আচলতে আমিও  বৰকৈ  লৰ-চৰ  কৰিব নোৱাৰোঁ -- ভাটীত সেকি দিয়া বাবে  আমাৰ  গাত অলপ জঠৰতা আছে। তাতে  আকৌ  কাৰোবাৰ  গচকত পৰি  হাত-  ভৰি   ভাগে বুলি অনবৰতে  সৱধানে  থাকিব লাগে। আইতাৰ  বুলনিচ'ৰাৰ   সৌ  চুকটোত  থকা  পোৰামাটিৰ  পুতলাৰ  সৰু  গেলেৰীটো  দেখিছানে --  কোলাত কেঁচুৱা লৈ  মাকবোৰ যে--  তেওঁলোকেও  আমাৰ দৰে  অলপ - অচৰপ  লৰ- চৰ কৰিব পাৰে।

তথাপি  মাটিক  খামুচি থাকিবলগীয়া হোৱা  বিৰিখবোৰতকৈ আমাৰ ভাগ্য  অলপ  ভাল বুলিয়েই  ভাবোঁ  আমি।   অক্কণমানি  বাগিছাৰ  বিৰিখবোৰৰ  মন  ভাল  লাগিবলৈ  আমি ইনা  মাহীয়ে শিকাই দিয়া  বিৰিখৰ  গীতটোকে প্ৰথমে  এ বাৰ   গাই একোপাক  নাচি  লওঁ   --

অক্কণমানি বিৰিখ
                     দৈৰ খোলত  থাকে
অক্কণমানি বিৰিখ
                     চাহৰ কাপত থাকে .....

নিজে  লৰ-চৰ কৰিব  নোৱৰিলেও গছবোৰে  পাতবোৰ  নচুৱাই  দিব  পাৰে।    সিহঁতে পাত লৰালেই  আইতাৰ   বুলনি  চ'ৰালৈ  জুৰ  মলয়া  নামৰ  বতাহ  এছাটি   সোমাই  আহে।  আৰু  আমাৰ   গা- বোৰ  জুৰ  লগাই দিয়ে।   

জুৰ ময়লা ছাটি  সোমাই  আহিলেই  কোনোমতে  নিজকে  চোঁচোৰাই  চুকৰপৰা  গেলেৰীটোৰপৰা ওলাই   আহে  গৌৰীপুৰৰ   আষাৰিকান্দিৰ  পোৰামাটিৰ  পুতলাবোৰ।   গৌৰীপুৰৰ  নাম  তোমালোকে  শুনিছানে ·  তাত যে লোকগীতৰ  শিল্পী প্ৰতিমা পাণ্ডে আইতাৰ  ঘৰ! কেতিয়াবা   গৌৰীপুৰলৈ গ'লে আইতাৰ ঘৰটো  আৰু  আষাৰিকান্দি গাৱঁলৈ  এবাৰ   যাবলৈ   নাপাহৰিবা দে'ই।  ৰ'বা তেওঁলোকক নিজৰ  কথাটো নিজেই  কবলৈ দিওঁ।

--' হাতীমা পুতুল, ৰু   অলপ আগুৱাই আহা । তোমালোকৰ কথাবোৰ কোৱাচোন।
 
তেওঁলোক ওলাই  আহি এইখিনি পায় মানে  কিছু সময় ল'ব। সময়ৰ সদ ব্যৱহাৰ কৰি   তেওঁলোকৰ  কথা  অলপ  কৈয়েই   দিওঁ  ৰ'বা।   আষাৰিকান্দিৰ  পুতলাবোৰৰ  আকৌ  কোলাত থাকে  একোটি   কেঁচুৱা একোটা । মানেতেওঁলোক মাতৃ।  বুলনিচ'ৰালৈ  আলহী  আহিলেই   আইতাই   পুতলাকেইটা  দেখুৱাই  কয়   -- এয়াই   ঐতিহ্যসম্পন্ন  হাতীমা পুতুল।   আইতাৰ  মুখৰপৰা  শুনি শুনি কথাবোৰ আমাৰো মুখস্থ  হৈ  গৈছে।   পুতলাৰ  কাণদুখন   হৈছে  হাতীৰ   দৰে,   আৰকোলাত   কেঁচুৱা  লৈ থকাৰ  বাবে তেওঁলোক   মাতৃ  -- থোৰতে  এয়াই  হাতীমা পুতুলৰ কথা ।  পুৰণি কালত   গৌৰীপুৰৰ   ৰজা- মহাৰজাসকলৰ  আৰু  জমিদাৰসকলৰ  হাতীৰ মহল আছিল।   সেয়ে হাতীৰ সৈতে তেওঁলোকৰ  বৰ ওচৰ                       সম্পৰ্ক। সেইবাবেইতো ভূপেন মামাই গাইছিল  --

গৌৰীপুৰীয়া গাভৰু দেখিলোঁ
হাতী ধৰিবলৈ গৈ
হাতীও ধৰিলোঁ
তাইকো মোহিলোঁ
সাতুঁৰি গদাধৰ নৈ

শুনিছানে  গীতটোসেইবাবেই পুতলাতো লগাই  হাতীৰ কাণ।

এয়া, হাতীমা পুতুল চূকৰপৰা  ওলাই আহি  অক্কণমানি বাগিছা পালেহি। ৰ'বাএতিয়া বাকীখিনি তেঁৱেই  কওক।

হাতীমা পুতুলে কবলৈ ধৰিলে --  নমস্কাৰ।  মই  আহিছোঁ আষাৰিকান্দি  গাৱঁৰপৰা। কবলৈ গ'লে,   মই এটা পোৰামাটিৰ ভাস্কৰ্যহে।  ইনা মাহীৰ  বাবেই  আইতাৰ  বুলনিচ'ৰা শুৱনি   কৰিছোঁহি । ফটোৰ ফ্ৰে'মত থাকিবলৈ অহাৰ  বহুদিনৰ আগেয়ে এবাৰ ইনা মাহীয়ে আমাৰ  গাৱঁলৈ  আহি  এমাহমান  থাকি  লৈ  পোৰামাটিৰ   এই   ভাস্কৰ্যবোৰ  শিকি  পেলাইছিল।সেই সময়তে তেওঁ খেৰৰ মাজত সুমুৱাই আমাক নিজে উঠি অহা গাড়ীখনত সাৱধানে তুলি  আমাক ইয়ালৈ  লৈ  আনিলে।

ইনা মাহীয়ে  লাহেকৈ   ক'লে -- আইদেউমোৰ কথা কব নালাগে । তোমালোকৰ গাওঁখনৰ কথা কোৱা।

পুতলাই  ক'লে -- ' আমাৰ  আষাৰিকান্দি  গাওঁখন!” -- এইবুলি কৈ  পুতলা  ভাৱনাত   গধুৰ  হৈ  গ'ল।  গাওঁখনলৈ  মনত পৰিলেই  আৱেগত  কথাবোৰ  কবিতাৰ  দৰে  হৈ  যায়  হাতীমা পুতুলৰ  -- 

পোৰামাটিৰ পুতলাই
কথা কয় ক'?
পোৰামাটিৰ পুতলাই
নাও চলায় ক'?
মাটিবোৰে কথা কোৱা
মাটিবোৰে হঁহা - কন্দা
সেইখনি মোৰ 
অতি  মৰমৰ
আষাৰিকান্দি গাওঁ।

এইবুলি নিজকে  সামৰি লৈ তেওঁ কবলৈ ধৰিলে,

 --ভাৱনাত  পৰিলে  কথাবোৰ সজায়- পৰাই কবলৈ দিগদাৰ। তাতেই   আচলতে  আমি  গৌৰীপুৰৰ দেশীভাষাৰে কথা  কোৱা  পুতলা  ।   গাওঁখনলৈ  ইমান  যে  মনত পৰে!  এটা  সময়ত  আষাৰমানে  আহাৰ মাহত  যে  আমাৰ দুখ- কষ্টৰ  সীমা নাইকীয়া  হৈ  কান্দি   থাকিবলগীয়া  হৈছিলতাৰ বাবেই  আমাৰ গাওঁখনৰ  নাম   আষাৰিকান্দি  হ'ল।  আহাৰ  মাহত  চাৰিওফালে  বান।  মাটিৰ  পাত্ৰ  সাজিবলৈ  মাটি   নাথাকে ।  চব পানীৰ তলত ।   আমাৰ মানুহবোৰে   আন  কাম কৰিব  নাজানে --  তেওঁলোক যে শিল্পী!মানুহে  মৃৎশিল্পী  বুলি কয় । বৰ দুখৰ  দিন আছিল ।

দুখৰ দিনৰ কথা ক'লে দুখতে গধুৰ হৈ পুতলা দোঁ  খাই পৰে।আইতাৰ দৰে কেনেবাকৈ নদী দুখন  চকুলৈ  নামি আহে   যদি! সেয়ে মনটো পুতলাৰ  মনটো ভাল  কৰি দিবলৈ  ইনা  মাহীয়ে  লৰালৰিকৈ কয়,

-- তোমালোকৰ সৰলাবালা আইতাৰ কথা কোৱা আকৌ।
এইবাৰ  পুতলাই  হাঁহি দিয়ে ।

--', ম। তে খেতে  পুতলাবোৰ   সাজি হাতীমা পুতুলৰ  পৰম্পৰাটো জীয়াই  নৰখা   হ'লে  আজি  মই   ক'তনো  তোমালোকৰ আগত এইবোৰ  কথা কবলৈ  পাৰিলোঁহেতেঁন। এই  শিল্পক  জীয়াই  ৰখাৰ  বাবেই  তেখেতে পালে  ৰাষ্ট্ৰপতিৰ   শিল্পী বঁটা । এয়া  তাহানিৰ যুগৰে  কথা।  তেখেতৰ  ঘৰলৈ গ'লে দেখিবা  বেৰত সজাই  থোৱা  আইতাৰ  শিল্পী  বঁটা।  তেখেতেই   হৈছে   আমাৰ সকলোৰে  মৰমৰ   সৰলাবালা দেৱী আইতা।  আইতা  ঢুকাল।  পিচে  আষাৰিকান্দি  গাঁৱক  দি থৈ  গ'ল  এটি  চিনাকি।   এতিয়া  আগৰ সেই   দুখৰ  দিন  নাই!  আইতাৰ   পুত্ৰ   আৰু  নাতি --  সকলোৱেই  এতিয়া নামজলা শিল্পী ।   পুৱাৰপৰা  গধূলিলৈ পোৰামাটিৰ  কামত  ব্যস্ত  হৈ  থকা এখন  শিল্পীৰ গাওঁ।   সৌযে  পোৰামটিৰ  হাঁহ   দুজনী দেখিছা , সিহঁত  আচলতে ফুলৰ টাবহে । দেখিলে  ধৰিবই  নোৱাৰি, নহয়নে!  ইমান নিপু শিল্পীৰ হাতৰ পৰশ!   সেইবাবেই  সকলোতে  এতিয়া  আমাৰ  ইমান আদৰ।” 

এইবুলি  হাতীমা পুতুলে নিজৰ  গাওঁখনৰ  চিনাকি দিলে । একেলগে বহুত কথা  কৈ পুতলাৰ  ভাগৰ  লাগিল।
আইতাৰ বুলনি চ'ৰা গহীন হৈ গ'ল।   আষাৰিকান্দিৰ পুতলা তেনেই সাধাৰণ পুতলা নহয়!

ইনা মাহীয়ে  ক'লে,
--ধন্যবাদ, আইদেউ!  বৰ সাৰুৱা ভাষণ দিলা তুমি । হাত চাপৰি দিয়া। হাত চাপৰি দিয়া!”

হাত চাপৰি!
হাত চাপৰি!
হাত চাপৰি!  

Wednesday, 12 June 2019

একান্ত আৰু ব্যক্তিগত




জীৱনৰ দুটা বছৰ আৰু কেইটামান মাহ  মাজুলী আউনীআটি হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলোঁ। সেই সময়ত মেঘনাদ পায়েং ছাৰক আমি হেড ছাৰ হিচাপে পাইছিলোঁ। ছাৰৰ ঘৰ আছিল কানীয়াজান গাৱঁত। সেই সময়ৰ  মাজুলীৰ চহকী মিছিং গাওঁবোৰৰ এখন, য’ত আছিল পকীখুঁটাৰ চাংঘৰ । এক পাহৰিব নোৱাৰা ব্যক্তিত্ব  আছিল মেঘনাদ পায়েং ছাৰ। তেখেতে ইংৰাজী পঢুৱাইছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত পঢ়িবৰ বাবে গুৱাহাটীলৈ আহিলোঁ। মাজুলীৰ ঘৰখনলৈ বন্ধৰ সময়তহে অহা-যোৱা থাকিল। বহুদিন ধৰি ছাৰৰ খবৰ কেৱল আৰ-তাৰ মুখেৰেহে পাই থাকিলোঁ। ইতিমধ্যে পোহাৰদিয়া, হুকোনামুখ, কানীয়াজান, বতিয়ামাৰী আদি গাওঁবোৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াত পৰাৰ খবৰবোৰ পাই আছিলোঁ  -- যি গাওঁ আছিল নদীৰ মুখত। ধান, মাহ, সৰিয়হ, নহৰুৰ দৰে শস্যৰে উভৈনদী। চিনাকি মানুহবোৰৰ মুখবোৰ চেৰেং-চেৰেংকৈ মন পৰিছিল।  বান-গৰাখহনীয়াৰ খবৰ বুটলিবলৈ সুশান্ত মাজুলীলৈ গৈছিল। আৰু মথাউৰিৰ ওপৰলৈ উঠি  অহা মেঘনাদ পায়েং ছাৰক লগ পাইছিল। সুশান্তই ছাৰৰ সৈতে বহু পৰ কথা পাতিলে। মথাউৰিৰ ওপৰত ঘৰ সজা ছাৰে সুশান্তক বোলে কৈছিল, “ৰত্না মোৰ বৰ মৰমৰ ছাত্ৰী আছিল, কিন্তু তোমাক আজি মই চাহ একাপো খুৱাব নোৱাৰিম।” — সুশান্তই আহি পাই মোক এই কথা ক’লে।  তেতিয়া মোৰ বুকুৰ ভিতৰতো আন এক বান আৰু গৰাখহনীয়াৰ সৃষ্টি হ’ল। তেখেত আছিল আমাৰ প্ৰিয় ছাৰ মেঘনাদ পায়েং। যি গোটেই জীৱন পিচপৰা ঠাইৰ ছাত্ৰ-ছাত্ৰীক মানুহ কৰাৰ তাগিদাত এখনি সুচল ঠাইত ঘৰ সাজিব নোৱাৰিলে। এনেকুৱা অনেক শিক্ষক আছিল  আমাৰ  জীৱনত।  অনেক ক্ষণৰ নিস্তব্ধতাৰ পিছত লিখিছিলোঁ সেই গল্প “ঘৰ ঘৰ খেলিবা? আহা”।  নীলাক্ষিয়ে  এই গল্পটো পাঠ কৰাৰ পিছত আজি উপহাৰ দিলে এই কবিতাটি । কবিতাটিয়ে মেঘনাদ পায়েং ছাৰৰ দৰে শিক্ষকৰ বিৱৰণী আকৌ এবাৰ সজীৱ কৰি তোলাৰ লগে লগে বহু পৰ মুক কৰিও তুলিলে। অশেষ ধন্যবাদ নীলাক্ষি শব্দ ভালপোৱা এজন মানুহৰ বাবে জীৱনত ইয়াতকৈ শ্ৰেষ্ঠ উপহাৰ কি হ’ব পাৰে! 

স্পেচ-- নীলাক্ষি গোস্বামী

স্পেচৰ কথা আহিলেই ক্ষণিকৰ বাবে হ'লেও কিছু বিভ্ৰান্তিত পৰোঁ
ভ্ৰমৰ ভিতৰতে এগৰাকী পৰিব্ৰাজকৰ দৰে পিটপিটকৈ নিৰীক্ষণ কৰোঁ
স্পেচৰ অৱস্থিতি

কিছু স্পেচ ৰাখি সজা ঘৰটোত থাকে এটা মিহিকৈ মৰ্য্যদাৰ প্ৰলেপ ,,,কোনেও নেদেখা
নিজানত নিৰলে উচুপি থকাজনেও
বিচাৰি থাকে হেনো
নিজৰ মাজতেই নিজৰ স্পেচ
স্পেচ ক'ত ?
স্পেচ ?
আপাততঃ দেখা স্পেচ
গোপন কুঠৰিৰ স্পেচ(আনতকৈ কিছু পৃথক)
বুকুৰ ঘৰখনৰ স্পেচ একা ?
আপোনজনৰ চকুৰ কোটৰৰ স্পেচৰ কথা
নকলোৱেই যেনিবা
পেটৰ ভিতৰৰ স্পেচ পূৰাবলৈ আকৌ বহিঃজগতৰ স্পেচৰ টনা আজোৰা
কেতিয়াবা অফুৰন্ত স্পেচ থাকিও অভাৱে আবৰি থাকে অৰণ্য এখনৰ দৰে
এই স্পেচৰ জগতখনো যে আৰু !
লিখনিৰ গুৰুত্ব বুজি বাতৰি কাকত ,আলোচনীয়ে দিয়া স্পেচ
বিজ্ঞাপনৰ লোভনীয় অফাৰসমূহে মিতব্যয়ী মগজুত নিজেই উলিয়াই লোৱা স্পেচ
জীৱনৰ বাবে যন্ত্ৰণাই নিগাজিকৈ উলিয়াই লোৱা স্পেচ যিদৰে নৈয়ে বিচাৰি লয় নৈপৰীয়াৰ স্পেচ
মূধচৰ পৰা তৰা গণিব পৰা স্পেচ
ভাতৰ চৰুত স্পেচ
ভোক আৰু শোকৰ বাবে স্পেচেই স্পেচ
শেষযাত্ৰাৰ বাবে অকণমান স্পেচ
যিদৰে বৰষুণৰ বাবে আকাশৰ স্পেচ
চৰাইৰ বাবে গছৰ
শিপাৰ বাবে স্পেচ কেবল মাটিৰ বুকুত
স্পেচৰ বাবেই জীয়াই থাকিও মৃত্যুবৰণ কৰা নতুবা মৃত্যুৰ পিছতো জী থকা কথাটো সম্পূৰ্ণ সুকীয়া আৰু বিপৰীতধৰ্মী
কোনে জানে কাৰ জীৱনত কাৰ বাবে কিমান স্পেচ
আছেনে স্পেচ এৰি দিয়াৰ আহৰি
নোপোৱাৰ খেদ
কিম্বা পাইও হেৰুওৱাৰ দুখ
ভৰে যদি ভৰি পৰক
মনৰ স্পেচবোৰ স্বস্তিৰ সহজ উশাহেৰে
সমবিন্যাসেৰে
পোৱা নোপোৱা
হৰা জিকা
ছাঁ পোহৰৰ খেলখনত স্পেচৰ অপূৰ্ব কাৰুকাৰ্য্য,চালে চকুৰোৱা

Ratna Bharali Talukdar বা আপোনাৰ পৰা মৰমৰ উপহাৰটি পোৱা বাবে খুবেই আনন্দিত হৈছোঁ । 'ঘৰ ঘৰ খেলিবা ? আহা " গল্পটি কবিতাৰ ৰূপ দিবলৈ কৰা আমাৰ এয়া ক্ষুদ্ৰ প্ৰয়াস । 

Tuesday, 11 June 2019

বাৰীৰ এলাগী এৰীগছজোপাও হ'ব পাৰে অৰ্থনৈতিক উন্নতিৰ কাৰক





 অসমৰ ৰেচম  শিল্পৰ  এক  সমৃদ্ধ  আৰু  গৌৰৱময়  ধাৰা  আছে ।   এৰী,  মুগা  আৰু  পাট এই তিনিওটাই  অসমৰ পৰম্পৰাগত ৰেচম শিল্প। এই  কথা সঁচা যে   আধুনিকতাৰ কোবাল গতি  আৰু  উদৰীকৰণ  অৰ্থনীতিৰ  ধামখুমিয়াত   পৰম্পৰাগত  ৰেচম  শিল্পই সংকটৰ সন্মুখীন হৈছে । কতৃপক্ষৰ  অমনোযোগিতা এই সংকচৰ প্ৰধান কাৰক।  বিশেষকৈ  বনৰীয়া অৱস্থাতহে হোৱা  মুগাশিল্প  এতিয়া অতিশয়   সংকটৰ   সন্মুখীন জলবায়ুৰ পৰিবৰ্তনৰ লগে লগে  পৰম্পৰাগত চোমনিবোৰ  ভাঙি পোলোৱাৰ বাবে ।  উজনি অসমত  মুগাপালনৰ তুলনাত অধিক উপাৰ্জনক্ষম  অৰ্থনৈতিক  কৰ্ম  হিচাপে  পৰম্পৰাগত চোমনিবোৰ  ভাঙি   ক্ষুদ্ৰ   চাহবাগিছালৈ   পৰণিত কৰা  হ'ল   আৰু  আৰু  নামনি  অসমৰ  বৃহত্তৰ বকো, গোৱালপাৰা  অঞ্চলৰ  চোমনিবোৰৰ প্ৰায়ভাগেই   ৰবৰ বাগানলৈ ৰূপান্তৰিত  কৰা হ'ল।   এনেদৰেই মুগাৰ  উৎপাদনৰ সংকট আহিছে।   আনহাতে,   সামান্য  অংশৰ  নুনীপাটৰ  বাহিৰে  পাটসূতাৰ  উৎপাদন  অসমত  নহয়েই।   অসমৰ লগতে  ভাৰতবøৰ  পাটসূতাৰ চাহিদা  মূলত  চীন বজাৰখনে  পূৰণ কৰে  আৰু   বাংগালোৰৰপৰাই   সি নিয়ন্ত্ৰিত  হয়। 

এই তিনিওবিধ  ৰেচম  শিল্পৰ ভিতৰতে  আটাইতকৈ  অৱহেলিত   ৰেচম  শিল্পটিয়েই হৈছে এৰীপালন । আনহাতে, এৰীৰ দুৰ্দশাৰ বিপৰীতে   মুগাশিল্পই  ৰাজকীয়  প্ৰাধান্য  লাভ  কৰিছে। পাটশিল্পৰ আদৰো কম নহয় ।  আমাৰ  মানসিকতাত  এৰী  শিল্প  এতিয়াও  সাধাৰণ মানুহৰ  শিল্প, আৰু দুখীয়া   মানুহৰ  বস্ত্ৰ  হৈ  ৰোৱা বাবে অতিকৈ সমৃদ্ধ  এই  শিল্পৰ ধাৰাটিয়ে পাবলগীয়া  মৰ্যদা  এতিয়াও  লাভ কৰা নাই।   অথচ  আছে ইয়াৰ স্থায়িত্ব গুণ।   ৰাজ্যখনৰ  বিভিন্ন  অঞ্চলত  প্ৰায় সকলোবোৰ জাতি- জনগোষ্ঠীৰ মাজত  এৰীপলু  পোহাৰ লগতে  এৰীৰ  বস্ত্ৰ বোৱাৰ  এক সমৃদ্ধ  পৰম্পৰা আছে।  যিসকলৰ মাজত এৰীৰ পৰা  উৎপাদিত  বস্ত্ৰৰ বয়নকলাৰ প্ৰচলন নাই, তেওঁলোকে  আননৰ সৈতে লেটা বিনিময় কৰে। অসমৰ পাহাৰ - ভৈয়ামৰ  কেইবাটাও  এলেকা  এৰী শিল্পৰে সমৃদ্ধ এলেকা হিচাপে  স্বীকৃত।  এৰীয়া  চাদৰখন  যিদৰে  আমাৰ  সকলোৰে  অতি আদৰৰ, সেইদৰে  এৰী লেটা বিভিন্ন  জনগোষ্ঠীৰ  বাবে  উচ্চ প্ৰটিনযুক্ত সুমিষ্ট  খাদ্য। আজিকালি গুৱাহাটী মহানগৰীকে   ধৰি    থলুৱা খাদ্য যোগান ধৰা বিভিন্ন ৰেষ্টুৰেণ্টত ইয়াৰ পৰিবেশনো কৰা হয়।  কিন্তু  এক সমৃদ্ধ   পৰম্পৰাৰে  চহকী  হোৱাৰ  পিছতো  কতৃপক্ষৰপৰা  পাবলগীয়া   মনোযোগ নোপোৱাৰ   বাবেই  অসমৰ  জলবায়ু এৰী শিল্পৰ  বাবে  এতিয়াও   যথেষ্ট  পৰিমাণে  উপযোগী হৈ থকা  স্ব¤ত্বেও  এই শিল্পটিয়ে  পাবলগীয়া মৰ্যদা  লাভ  কৰা নাই।

ৰেচম  শিল্প  হিচাপে বিশেষকৈ  মুগাপালনৰ প্ৰক্ৰিয়াৰ সৈতে   এৰীপালনক   তুলনা কৰি চালে দেখা  যায়  যে এৰীপালনৰ   আটাইতকৈ সুবিধাজনক  কথাটো  হৈছে,  একোটা কোঠাৰ ভিতৰতে  এই  পলু  পুহিব  পাৰি  আৰু  খুব বেছি   প্ৰতিপালনৰ থাকিলেই   হয়।    মুগাপলুৰ দৰে   চৌবিশ ঘণ্টাই  পহৰা  দি থাকিব নালাগে।   ইয়াৰ  বিপৰীতে  মুগা  পলু  বনৰীয়া  অৱস্থাত, অৰ্থাৎ  চোমনিতহে  পুহিব   পাৰি  আৰু চৰাই - চিৰিকতিৰ পৰা ৰক্ষা কৰিবলৈ   অনবৰতে ৰখীয়া এজনৰ প্ৰয়োজন হয়।  আকৌ  অতি  স্পৰ্শকাতৰ    মুগা পলুৰ  ক্ষেত্ৰত    সততে দেখা পোৱা  বিভি ন্ন কাৰকৰ বাবে হোৱা  প্ৰদূষণৰ  ফলত,   স মীপৰ ঠাইবোৰৰ খেতি - খোলাত    কীটনাশৰ  দৰৱৰ প্ৰয়োগৰ ফলত  অথবা  অত্যধিক  'ৰষুণৰ ফলত হোৱা ভেঁকুৰৰ সংক্ৰমণ,   অথবা  খৰাং পৰিস্থিতি  বাবে  হোৱা  সমস্যাবোৰ  এৰীপুলৰ ক্ষেত্ৰত  সতকাই দেখা নিদিয়ে, ঘৰৰ ভিতৰতে পালন  কৰিব পৰাৰ ব্যৱস্থা থকাৰ বাবে।
অৱশ্যে  এৰী পলু পোহাৰ পৰম্পৰা  সমগ্ৰ এৰী শিল্পটোৰ সৈতে জড়িত কৰ্ম-কাণ্ডৰ   এটি   অংশহে  মাথো।  এৰীবস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত  সৌ তিনি- চাৰিবছৰমান  আগলৈকে সমৃদ্ধ  হৈ  থকা   অসমৰ এটা  অঞ্চল   হৈছে   দক্ষিণ  কামৰূপৰ  মীৰ্জা,  ছয়গাওঁৰপৰা  বকোলৈকে  থকা  বিস্তৃত  এলেকাটো। সৌ-সিদিনালৈকে  এই এলেকা  এৰীশিল্পৰ বাবে  বিখ্যাত আছিল  আৰু  শিপীনিসকলে দিনটোত  চাৰি- পাঁচঘণ্টাকৈ কাপোৰ বৈ এযোৰ এৰীয়া  চাদৰত পাঁচহাজাৰ পৰ্যন্ত   টকা উপাৰ্জন কৰিছিল।  এই  এৰীশিল্পৰ  মাজেৰেই  সেই অঞ্চলটোৰ জনজাতীয় আৰু অজনজাতীয় মহিলাসকলৰ মাজতো  এক  দীঘলীয়া সম্পৰ্কই গঢ় লৈ উঠিছে।  এৰী  পলু পোহাৰ কামটো সাধাৰণতে  ৰাভা অথবা   গাৰো  জনগোষ্ঠীৰ  লোকসকলে কৰে  আৰু তেওঁলোকৰপৰা  লেটাবোৰ  অসমীয়াভাষী মহিলাসকলে  ক্ৰয় কৰি লৈ টাকুৰীত সূতা কাটি ,  কাপোৰ বৈ বজাৰত  বিক্ৰী কৰে।   জনজাতীয় লোকসকলে  প্ৰটিনৰ উৎস হিচাপে লেটা  গ্ৰহণ  কৰে।   এই  এলেকাৰ বিজয়নগৰ এৰীকাপোৰৰ ক্ৰয় - বিক্ৰয়ৰ বােব বিখ্যাত।  অতি উচ্চমানৰ  এই কাপোৰৰ   বজাৰখন ভাৰতৰ বিভিন্ন  ঠাইৰ লগতে  নেপাল  পৰ্যন্ত  বিয়পি আছে।  আনকি কেইজনমান উদ্যমীৰ যোগেৰে   ইউৰোপলৈও  এই  কাপোৰ পঠিওৱা হয়। এই বিস্তৃত   এলেকাটোত   হাটবাৰ  বহাৰ দিনা লেটা কিনা- বেচা কৰা মহিলাসকলে উখল-মাখল কৰি থকাটো সৌ-সিদিনালৈকে এক চকুত পৰা দৃশ্য আছিল। বৰ্তমানেও তেওঁলোকে এৰী লেটা কিনা-বেচা কৰে যদিও পৰিমাণ একেবাৰেই কমি আহিছে।

এনে এক সমৃদ্ধ   পৰম্পৰাৰ প্ৰতি  লক্ষ্য  ৰাখিয়েই    বেলতলাত থকা  ভাৰতীয় উদ্যোগিক   প্ৰতিষ্ঠানে  কিছুবছৰৰ  আগতে  বকো অঞ্চলৰ  শিপীনিসকলক জড়িত কৰি   ক্লাষ্টাৰ ডেভেলপমেণ্ট'   আঁচনি এটিও লৈছিল।  ভাৰতীয় উদ্যোগিক প্ৰতিষ্ঠানৰ সৈতে সংযোজিত হোৱা মহিলা শিপীনিসকলৰ প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰি সূতাৰ ৰং দিয়া, চাদৰ -মেখেলা  অথবা  শাৰীৰ বাবে বিভিন্ন চানেকি  ব্যৱহাৰ কৰি কাপোৰ বোৱা আদি বিভিন্ন ক্ষেত্ৰৰ প্ৰশিক্ষণ লৈছে।   
এই  এমুঠি  মহিলাসকলৰ উপৰিও  সমগ্ৰ অঞ্চলটোৰ  মহিলাসকলে  লেটা কিনাৰপৰা  সূতা কাটি, কাপোৰ বৈ  বজাৰলৈ  বিক্ৰীৰ বাবে নিজে লৈ  অনালৈকে সমগ্ৰ  প্ৰক্ৰিয়াটোত নিজেই জড়িত হৈ    থাকে । গতিকে  এৰীপালনৰ   সমগ্ৰ  ব্যৱস্থাটোৰ  সৈতে   মহিলাসকল  পোনপটীয়াকৈ জড়িত।  তেওঁলোক যথেষ্ট পৰিমাণে  আত্মবিশ্বাসীও।  কিন্তু  সৌ সিদিনালৈকে খদমদমাই থকা  অঞ্চলটোৰ   এই  সমৃদ্ধ  এৰীপালনৰ সংস্কতি  বিভিন্ন  কাৰণত  ম্লান  হৈ পৰিছে।   বৰিহাট  এলেকাৰ  শিপীনিসকলে  কয় যে, মাথো তিনি -চাৰি  বছৰমান  আগলৈকে এযোৰ  এৰীয়া  চাদৰ বৈ তেওঁলোকে পাঁচহেজাৰ পৰ্যন্ত    টকা   উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল।  বহুতো শিপীনিৰ  তাঁতশালবোৰৰ লগতে   সূতা  কটা  সজুঁলি  আদি  এতিয়া  এলাগী হৈ ঘৰতে পৰি ৰৈছে।  এই শিপীনিসকলে ঘৰুৱা কাম- বনৰ লগতে  খেতি-  বাতি ১ কাম সামৰি আজৰি  হৈ দিনে প্ৰায় চাৰি - পাঁচঘণ্টাকৈ কাপোৰ বয়, আৰু তাৰ মাজেৰে হোৱা উপাৰ্জনৰ বাবে তেওঁলোক সুখী।  কতৃপক্ষৰ অমনোযোগিতাৰ বাবেই  যোৱা কেইটামান বছৰৰ ভিতৰতে  তেওঁলোকৰ  এই  ø  ম্লান  পৰি  আহিছে।  এই সমগ্ৰ এলেকাটোৰ   শিপীনিসকলক  উন্নতমানৰ শালৰ যোগান  ধৰি দক্ষতা  বৃদ্ধিৰ প্ৰশিক্ষণৰ মাজেৰে   ৰাষ্ট্ৰীয়  আৰু আন্তঃৰাষ্ট্ৰীয়  বজাৰত চাহিদা থকা  উন্নতমানৰ  বস্ত্ৰ  বিশেষকৈ শাৰী,  কুশ্বন ক'ভাৰ,  বেডকভাৰ আদিৰ  দৰে  বস্ত্ৰৰ  বয়নকলাৰে সংযোজিত  কৰাৰ  লগতে  যুৱ প্ৰজন্মৰ  শিপীনিসকলক  অনলাইন মাৰ্কেটিং ব্যৱস্থাৰে  সংযোজিত  কৰাৰ   থল আছে  । অসমৰ  বিভিন্ন জনগোষ্ঠীৰ  জনজাতীয় মহিলাসকলৰ বিশেষকৈ  বড়ো,  মিছিং আদি জনগোষ্ঠীৰ শিপীনিসকলৰো  এৰী কাপোৰ বোৱাৰ অপূৰ্ব  দক্ষতা আছে।  দক্ষতা বৃদ্ধিৰ  প্ৰশিক্ষণৰ   মাজেৰে  তেওঁলোকক আধুনিক সময়ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ আত্মবিশ্বাসী কৰি তোলাৰ প্ৰয়োজন।   

অৱশ্যে  সামগ্ৰীকভাৱে  চাবলৈ গ'লে  বয়লকলা এৰীপালনৰ  সমগ্ৰ  প্ৰক্ৰিয়াটোৰপৰা  আহিব পৰা অৰ্থনৈতিক লাভৰ   এটা সামান্য  অংশহে।    ব্যৱসায়ভিত্তিক  এৰী পালনৰ জৰিয়তে  আহিবপৰা সম্ভাৱনীয়তাৰ  আন এক  দিশ   আমি আওকাণ   কৰি আহিছোঁ ।  সেয়া  হৈছে  বজাৰত উপলব্ধ  অতি  দামী  কেষ্ট'ৰ তেলৰ উৎপাদন -- যাক  এৰীগছৰ  গুটি পৰাই   উৎপাদন কৰা  হয়।  আমাৰ এৰীপালকসকলে এৰী লেটাৰ খাদ্য হিচাপেহে এৰীগছ ৰোৱে । কিন্তু এৰী  গুটিৰ বাবে  ব্যৱসায়ভিত্তিত  এৰীগছৰ  উৎপাদনৰ  সমান্তৰালভাৱে  বৱসায়িকভাৱে  কৰা   এৰীপালনে  এই দুয়োটা  দিশৰপৰাই পালকসকলক সমৃদ্ধ  কৰা লগে লগে এক সমৃদ্ধ পৰম্পৰাকো  জীয়াই ৰখাত   সহায়  কৰিব।   এই ক্ষেত্ৰত কেৰালাৰ  ব্যৱসায়ভিত্তিক   এৰীগছৰ উৎপাদনৰ   উদাহৰণ দি  ৰেচম  বিভাগৰ এগৰাকী বিষয়াই কিছুবছৰৰ আগতে  আমাক   কৈছিল যে, এই  খেতিয়কসকলে  এৰীগছৰপাত   এৰীপুলৰ  খাদ্য বুলি জনাৰ পিছত   এতিয়া   এৰীপলু  পোহাৰ  কামো আৰম্ভ কৰিছে। অসমৰ  জলবায়ুৰ  এই গছৰ বাবে  অতিকৈ  উপযোগী বাবে  এই  গছৰ উৎপাদনৰ খৰছো প্ৰায় শূন্য বুলিব পাৰি।

এৰীপালনৰ পৰম্পৰাৰ পৰা আহিব পৰা আন এটি   দিশ হৈছে পৰ্যটনৰ সৈতে এই  শিল্পৰ  সম্পৰ্ক স্থাপন কৰাৰ মাজেৰে আনিব পৰা  অৰ্থনৈতিক সুচলতা। বিশেষ  বিশেষ  পৰ্যটনস্থলীৰ  আশে- পাশে  এৰীপালনৰ পৰম্পৰাৰে সমৃদ্ধ গাওঁসমূহ  গঢ়ি তুলি  পৰ্যটকৰ  বাবে  সেইবোৰ  আকøণীয়  কৰি তুলিব পাৰি।   বিশেষকৈ বিদেশী পৰ্যটকসকলক লক্ষ্য কৰি লৈ এনে গাওঁসমূহ গঢ়ি তুলিলে অথবা তেনে পৰ্যটনস্থলীৰ ওচৰে- পাজৰে আগৰেপৰাই   থকা তেনে  পৰম্পৰাৰে  সমৃদ্ধ  গাওঁবোৰৰ সৈতে  পৰ্যটনৰ সংযোগ ঘটাব পাৰিলে   (উদাহৰণস্বৰূপে  চানডুবি তেনে এক পৰ্যটনস্থলী হ'ব পাৰে , যাৰ কাষে-পাজৰে  এনে গাওঁবোৰ আছে) এই লোকসকলে  অৰ্থনৈতিকভাৱে উপকৃত হোৱাৰ লগে লগে পৰ্যটকসকলেও আমাৰ  এৰীপালন,  হস্ত-তাঁত, টাকুৰীত সূতা কটা আদি  পৰম্পৰাবোৰৰ বিষয়ে জানিব পাৰিব।

ৰত্না ভৰালী তালুকদাৰ 
------