Monday, 5 March 2018

কবিতা

অলৌগুটি-তলৌগুটি

তোমাৰ আছে  চুঙা-বাদুলিৰ খোৰোং

আৰু মোৰ দুচকুৰ নিজৰা
স্বাস্থ্যৱতী মাতৃৰ সুডৌল স্তন পাৰ হৈ
যি বৈ আহে

জাৰণি মুখৰ কৰি
কত চিৰিকটি উৰি আহে
নিজৰাত পাখি কটালে

যি নদীত জোন গজে, জো মৰে
সেই নদী মোৰ
মোৰ নাভিৰে উঠি অহা জোনে পতা
প্ৰতিপদ আৰু আঁউসী আছে মোৰ

যি হাবিত মই গজোঁ, দুপতীয়া হঁও
সুমুৱাই দিওঁ আঙুলিৰ শিপা
সেই হাবিৰ মই সৰাপাত

য’ত মই গজোঁ, আৰু মৰোঁ
মই সেই সোঁতাল নদী
য’ত বেলি উঠে, আৰু মৰে


তোমাৰ আছে চুঙা-বাদুলীৰ খোৰোং
আৰু
বেলিৰ ডাৱৰ আৰু ৰামধেনুবোৰ মোৰ





হিমা

তুমি বাঢ়ি অহা গছৰ পাতৰ কবিতা
আমাৰ আশাৰ আগলিত বাস কৰা
উৰণীয়া এগছি চাকি

থোৰ মেলি অহা জীৱনৰ
ফাগুণী বতাহৰ আগ

এটি নতুন বিৱৰণী- গতি, ছন্দ
আৰু ৰঙা-নীলা ষ্টে’ডিয়ামত  
নাচি উঠা শৰীৰবোৰৰ  
   
আমি ৰ লাগি চোৱাৰ সন্মোহনত   
তুমি বিজুলিয়াই উঠা ৰাগী

বতাহত ওলমি থকা
আমি অঁকা সপোনৰ বাগিচাৰ ডালিম   

আমাৰ সন্তানবোৰৰ হেঁপাহত জাগি উঠা
দুৰ্নিবাৰ উশাহৰ নাম
মন যায়, মন যায় হিমা দাস

ডাৱৰ ভাঙি বৰষুণ নমোৱাৰ আবাহনী। 

31-08-2018







টো- পইডম্, টো- পইডম্


টো- পইডম্ আপোনাৰ আঙুলিৰ গান 

ৰ’দ আহে ৰ’দ যায়

ব’ৰষুণ আহে ব’ৰষুণ যায় 

আপোনাৰ কৃষ হাতৰ শালবনত 

আখৰাৰ বতাহ ৰৈ যায়





গেলেৰীৰ আমাৰ কথাবোৰ টো- পইডম্

লেৱা টনা সপোনবোৰ টো- পইডম্

সৰকি অহা ছাঁ আৰু পোহৰৰ,

বাদুংদুপ্পাৰ নীৰৱ উপাসক 
টো- পইডম্, টো- পইডম্!


আপুনি বায়খ’ৰ চথাৰৰ যাদু লগা কুকুহা
টো- পইডম্ আপোনাৰ বেত গছৰ কিৰিটী 
টো-পইডম্ ময়ুৰৰ নাচোনেৰে উজলি উঠা ৰাতি


ৰৈ যোৱা শইচৰ মেজিৰ অগণিৰে গুচি যায় 
ময়ুৰৰ নাচোনেৰে কুকুহা উৰুৱাই 
কলহৰ নলীৰে বায়খ’ৰ দেও মদ চাকি যায় 
বাইখ’ৰ নিশাৰ কেঁচা পিঠাগুৰিৰ শৰীৰ ময়ুৰৰ পেখম 
মদৰ নিজৰা হৈ পথাৰলৈ বৈ যায়


শামুকৰ খোলা ডুব যোৱা পিঠালিৰ দৰে 
লপ্ থপ্ মাটিলৈ 
ৰ’দ আহে, ব’ৰষুণ আহে, গজি উঠে শইচ


কিনো লইলাচে তৰা ফুটে
কচুৱনিৰ জোনাকী উৰে
খাম-ব্ৰাংছিৰ টল-মল নিশা 

আপোনাৰ কেঁচা পিঠাগুৰিৰ শৰীৰ 
যাদুৰ কুকুহা হৈ উৰে


টো-পইডম্! টো-পইডম্!

১৪-০৬-২০১৮

(টো-পইডম্- The Bird - শুক্ৰাচাৰ্য ৰাভাৰ একে নামৰ এখন নাটক)

(বাদুংদুপ্পা- ৰাভাসকলৰ বাদ্যযন্ত্ৰ, লেৱা টানা- ৰছী টনা, বায়খ’- শস্যৰ কামনাৰে ৰাভাসকলৰ পবিত্ৰ উচৱ -- এই উৎসৱৰ নিশা শুধ বগা সাজ পৰিধান কৰি আৰু শিৰত বেত গছৰ পাতৰ কিৰিটীৰে শোভিত কৰি চথাৰ ৰ গীত পৰিবেশনৰ মাজেৰে ময়ুৰৰ দৰে লয়লাসে নৃত্য কৰি, অগ্নিৰ জলি উঠা মেজিৰ অঙঠাৰে নৃত্যবিদসকল পাৰ হৈ যায়। নৃত্যৰ শেষত অংশ লোৱাসকলক কলহৰ নলীৰে পবিত্ৰ মদ বাকি ভৰি ধুৱাই দিয়াৰ লগতে মুখতো বাকী দিয়া হয়। লইলাচ- লয়লাস। পিঠালি -- মাটিমাহৰ জোল, পিঠাগুৰি আৰু শামুকৰ খোলাৰ সুমিষ্ট, বীজলুৱা ব্যঞ্জন। খাম- ঢোল। ব্ৰাংছি- বাঁহী)











ভৰিবোৰ 

(শ্ৰদ্ধাৰে, মহাৰাষ্ট্ৰৰ ৰাজপথত সমবেত কৃষকলৈ) 

অৰণ্য ফালি ওলাই আহিছে
নাঙলৰ ফাল হৈ ওলাই আহিছে
বসুমতীৰ গৰ্ভেৰে, শুকান পথাৰেৰে,
আলকাতাৰাৰ বাটেৰে 

ভাগৰা নাই, ভাগৰা নাই-
বৈ আনিছে ফাগুনৰ পতাকা, পলাশৰ জুই
আমাৰ দুচকুত ৰঙাই তুলিছে
আমাৰ সপোন 


শোতোৰা-শোতোৰ ছালবোৰ
ভৰিৰ পতাত লাগি আহিছে
বুকুৰ হাড়ত ওলমি আহিছে
দুচকুৰ সপোন 


ওলমি আহিছে জোলোঙাত
ঋণৰ বোজাত হেৰাই যোৱা পঁজাৰ মাৰলি 


মৰাপাটৰ ফানতিত উতলা হৈছে
পৃথিৱীৰ প্ৰেমত বাউল হোৱাৰ সপোন



হে’ নাঙলৰ ফাল ফালি শইচ গজোৱা
পৃথিৱীৰ প্ৰথম প্ৰেমিক ! 


পথৰ কূটৰ মজিয়াত আজি
তোমাৰ লংমাৰ্চৰ ভৰিবোৰেৰে
লিখি যোৱা
আমাৰ ভবিষ্যতৰ লিপি।


১২-০৩-২০১৮



(On March 12, 2018 the country witnessed the biggest  Farmer's Protest when over 1,00,000 farmer in Maharastra participated in a Long March to Maharastra Mantralaya under the banner of All India Kisan Sabha with determination and and confidence to raise their protest to waive loans. The Long  March started on MArch 6 with arounf 30,000 peasants and the number swelled gradually. Thousands of farmers in India  have  to commit suicide due to  unfavourable bank-loans. The protest shook the moral of the Nation and  force the government to assure waiving their loans and to address land-related  issues.)   






আহা, চলাই দিয়া বুলডজাৰ






চোৱা-কিমান সংহত হৈ

কলাসন্মতভাৱে আমি শিকিছোঁ

গ্ৰহণ কৰিবলৈ আঘাত


উত্তেজিত হোৱা নাই, নহওঁ

বুকুৰ মাজত মাথোঁ গভীৰলৈ গুচি যায়   

আদৰ্শৰ শিপা



ইমান প্ৰেৰণাময় এই সময়!



আহা, চলাই দিয়া বুলডজাৰ

ছুৰীৰে হানি নিয়া পিছফালেৰে

  

আমাৰ চিতাৰ জুয়ে দহি নিব তোমাক 


আৰু যেতিয়া চেঁচা পৰিব মৰিশালিৰ বতাহ

ইমান চেঁচা হৈ বলিব মৰিশালিৰ বতাহ-


যে তুমিও হৈ উঠিবা

চেঁচা বৰফৰ টুকুৰা 
মৃত।  






বগীঢলা





নিম্নজনক ভয় কৰিবা

এই দেশৰ মাটিত

তেঁওৰ প্ৰথমটি বীৰ্যৰ টোপাল

পৰাৰ বাবে

তেঁওক ভয় কৰিবা



তেঁও কৰ্কশ, ৰূঢ়, হুটা

তোমাৰ ভগবানৰ ভৰিৰপৰা
গজি অহা শূদ্ৰতকৈও
অধম তেঁও

বৰ কুৎসিত, চেপেটা নাক,
গাৰ বৰণ ক’লা

কাষলতিৰ তলৰ ঘাম
ইমান দুৰ্গন্ধময়  
যে,
চানি ধৰে তোমাৰ মগজু

সাজু কৰি ৰাখিবা বন্দুকৰ নলী
কাঢ়ি ল’বা
কাঢ়ি ল’বা তেঁওৰ ঈশ্বৰ

নিম্নজনৰ ঈশ্বৰ
তেঁওৰ গছ
তেঁওৰ মহুৱা ফুল

ওফৰাই দিবা তেঁওক মাটিৰপৰা
ছিঙি পেলাবা শিপা

তোমাৰ বাগিচাৰ চাহৰ পুলিৰ দৰে
কলম দিবা হাতৰ আঙুলি
ছিঙি আনিবা এটি কলি দুটি পাত
হৃদয়ত সজাল ধৰা

ঢালি দিবা, ঢালি দিবা  
বেটেৰীৰ পানী ঢলা মদ
তেঁওৰ ভাগৰুৱা জিভাত

তেঁও পাহৰি পেলাব শিপা
তেঁও পাহৰি পেলাব মাটি

কিন্তু ইমানৰ পিছতো
তেঁওক তুমি
ভয় কৰিবই লাগিব

কিয়নো এই দেশৰ মাটিত
তেঁওৰেই প্ৰথমটি বীৰ্যৰ টোপাল
পৰাৰ বাবে
নিম্নজনৰপৰাই আৰম্ভ হ’ব
ইতিহাসৰ প্ৰথম পাত। 


-----
(On December 14, 2017 10 tea-garden workers were shot at by owner of the Bogidhala Tea Estate 27 km off  Golaghat town in Upper Assam, Samir Ray and Sudhir Ray, while they gathered in front of the owners bunlglow seeking pending wages and launched a protest. the indiscriminate firing injured 10  agitator critically.) 


ত্ৰিপুৰা, মাৰ্ক্সবাদ আৰু কিছু অনুভৱ




 

(ফটো উৎস-  ফে’চবুকৰপৰা সংগৃহীত )

ফে’চবুককে ধৰি চছিয়েল নেটৱৰ্কিং চাইটবোৰত এইকেইদিন সৰ্বাধিক চৰ্চা লাভ কপা বিষয়টোৱেই হৈছে ত্ৰিপুৰা আৰু বামপন্থীসকল। দেশৰ সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত বামপন্থীসকলৰ আকাৰ তেনেই সৰু। তেওঁলোকক ক্ৰমে চেঁপি না হৈছে আৰু ৰাজনীতিত অচিৰেই অদৃশ্য হৈ পৰিব বুলিও কোৱা হৈছে। ইয়াৰ পিছতো মাৰ্ক্সবাদ সম্পৰ্কীয় চৰ্চা বামপন্থীসকলৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। বৰং  সাধাৰণ মানুহৰ মুখতহে বামপন্থীৰ বিষয়টোৱে চৰ্চা লাভ কৰিছে। 

কিয়? এই চৰ্চাই বহুতো কথা ভাবিবলৈ আমাক বাধ্য কৰি তুলিছে। ত্ৰিপুৰা সম্পৰ্কে লাভ কৰা কিছু অভিজ্ঞতালৈ আকৌ এবাৰ চকু ফুৰাবলৈ বাধ্য কৰিছে। 

ভাৰতৰ এটা কোণত অৱস্থিত ত্ৰিপুৰা এখন সৰু ৰাজ্য। ২০০৭ চনত পোনপ্ৰথনমবাৰৰ বাবে সেই সময়ত কাম কৰি থকা India Together নামৰ আলোচনীখনৰ পৰা এটা এছাইনমেণ্ট পাওঁ উত্তৰ-পূব ভাৰতৰ ত্ৰিপুৰা, মেঘালয় আৰু অসমৰ শিক্ষাখণ্ডৰ কিছু বিষয়ৰ বিস্তৃত অধ্যয়ন কৰি ৰিপ’ৰ্টিং কৰাৰ বাবে – মধ্যাহ্নভোজন আঁচনিও ইয়াৰ আওতাত আছিল। সেই সময়ত অসমৰ সংবাদকাকতসমূহ ৰান্ধনিৰ সমস্যা, বিদ্যালয়ৰ প্ৰধান শিক্ষকে ভাত ৰান্ধিবলগীয়া হোৱা, ৰান্ধনিঘৰৰ সমস্যা, চাউল বিতৰণৰ দূৰ্নীতিকে ধৰি বিভিন্ন নেতিবাচক, অথচ বাস্তৱ-আধাৰিত ৰিপ’ৰ্টিঙেৰে ভৰি আছিল। অসমৰ বান অধ্যূষিত মৰিগাওঁ, পলাশবাৰীৰ দৰে এলেকাসমূহৰ বিদ্যালয়লৈ গৈ দেখিছিলোঁ, এই বান অধ্যূষিত এলেকাত মধ্যাহ্ন ভোজনে বিদ্যালয়লৈ শিক্ষাৰ্থীৰ উপস্থিতিৰ হাৰ কেনেদৰে বঢ়াই তুলিছিল। কোনো কোনো বিদ্যালয়ত উপস্থিতিৰ হাৰ ৪৪ শতাংশৰপৰা ৯২ শতাংশ পৰ্যন্ত বৃদ্ধি হৈছিল এই আঁচনি প্ৰৱৰ্তন কৰাৰ পিছতেই। এই কথাবোৰে অসমৰ দৰিদ্ৰতাৰ আন এক বাস্তৱতাক তুলি ধৰিছিল। সেই একে  সময়তে ত্ৰিপুৰাত দেখিছিলোঁ ৰাজ্যচৰকাৰৰ পূঁজিৰে মধ্যাহ্নভোজনত শাক-পাচলিৰ লগতে সপ্তাহত এদিন কণীৰো যোগান ধৰা হৈছিল। তাতেই গম পাইছিলোঁ ১৯৭৮ চনত ত্ৰিপুৰাত প্ৰথমবাৰৰ বামফ্ৰণ্ট চৰকাৰ গঠন হোৱাৰ পিছতে বাবে বিদ্যালয়সমূহত মধ্যাহ্নভোজন প্ৰৱৰ্তন কৰা হৈছিল, ৰাজ্য চৰকাৰৰ উদ্যোগত। পিছত কেন্দ্ৰীয় চৰকাৰে ইয়াক নীতি হিচাপে গ্ৰহণ কৰে। একে বছৰতে টাটা- আৰজিভিএন চিনিয়ৰ ফেলশ্বিপ লাভ কৰিছিলোঁ উত্তৰ-পূব ভাৰতৰ কেইখনমান ৰাজ্যৰ উন্নয়নমূলক নিবন্ধ লিখাৰ বাবে। তেতিয়াই গ্ৰামীন ত্ৰিপুৰাৰ অৰ্থনীতিৰ সৈতে পৰিছয় ঘটে। আনাৰস, কঁঠালৰ পৰিস্কাৰ বাৰীবোৰ দেখিছিলোঁ। সম্পদৰ দুখীয়া ত্ৰিপুৰাবাসীয়ে কোনো সম্পদেই সাধাৰণতে হাতচানি নকৰে। লাহে লাহে আনাৰসৰ বাৰীৰ ঠাইত ৰবৰ গছ ৰোপণ, আৰু ৰবৰ গছে আনি দিয়া অৰ্থনৈতিক সুচলতাও দেখিছিলোঁ। ইউ পি এ চৰকাৰৰ ‘ৰেগা’ৰ অধীনত ত্ৰিপুৰাই গ্ৰহণ কৰা আটাইতকৈ উল্লেখনীয় কামটো আছিল পথৰ সংযোগকৰণৰ মাজেৰে গাওঁবোৰ সংহত কৰা। ‘ৰেগা’ৰ অধীনত অহা টকাৰেই তেওঁলোকে প্ৰথমবছৰত  পথৰ বাবে মাটি কটাৰ কাম, দ্বিতীয় বছৰত ইটা পেলোৱাৰ কাম, তৃতীয় বছৰত আলকাতাৰা দিয়াৰ কাম—এনেদৰে ঢাপে ঢাপে গাওঁবোৰ পকী পথেৰে সংযোগ কৰাৰ পৰিকল্পনাৰে দেশৰ ভিতৰতে ৰেকৰ্ড স্থাপন কৰিছিলউগ্ৰপন্থী অধ্যূষিত এলেকাত গাওঁ এখনত পঞ্চায়তৰ জনজাতীয়  মহিলা সভানেত্ৰী এগৰাকীয়ে গোটেই গাওঁখনৰ সকলোবোৰ বিপিএল পৰিয়ালৰ বাবে ৰেগা আঁচনিৰ অধীনত ১০০ দিনৰ কামৰ সুযোগৰ সৃষ্টি কৰি দেশৰ ভিতৰতে এই লক্ষ্যত  উপনীত  হোৱা প্ৰথমখন গাৱঁৰ স্বীকৃতি লাভ কৰিছিল, আৰু এই ৰিপ’ৰ্টিং কৰিছিলোঁ আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান Women's Feature Services-। সমাদৃত ৰিপ’ৰ্টিংবোৰৰ এইটোও এটা। এই গাওঁ পঞ্চায়তৰ সম্পাদকজন পূৰ্বতে উগ্ৰপন্থী সদস্য আছিল। এই সময়চোৱাত অসমতো কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ এনেবোৰ আঁচনি লোৱা হৈছিল আৰু কংগ্ৰেছ চৰকাৰৰ কাম-কাজৰ সৈতে ত্ৰিপুৰাৰ বামফ্ৰণ্ট চৰকাৰৰ কাম-কাজৰ তুলনামূলক অধ্যয়ন কৰিবলৈ আমাৰ দৰে ক্ষেত্ৰ অধ্যয়নৰ মাজেৰে কাম কৰিবলৈ ভালপোৱা সাংবাদিকৰ বাবে যথেষ্ট আকৰ্ষণীয় আছিল।

সম্পদৰ দুখীয়া হোৱা বাবে আৰু কেন্দ্ৰীয় চৰকাৰৰপৰা সদায় পোৱা অৱহেলাৰ বাবে কামৰ সুযোগ সৃষ্টিৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বানবোৰে যে ত্ৰিপুৰাৰ অভিলাসী যুৱপ্ৰজন্মক এদিন হতাশাৰ মুখলৈ ঠেলি দিব, সেই কথাও অনুভৱ কৰিছিলোঁ। পাঁচটকীয়া ভাৰাৰ শ্বেয়াৰ অটোত উঠি লৈ ৰাতি চাৰে দহবজালৈকে ৰিপ’ৰ্টিঙৰ কামত ঘূৰাৰ অভিজ্ঞতা এতিয়া অনা-বামপন্থী নতুন চৰকাৰৰ দিনত লাভ কৰিবলৈ পাম নে নাপাম – সেই কথা  চাবলগীয়া হ’ব। 

২০০৮ চনত  সাহিত্য অকাডেমীৰ দ্বাৰা আয়োজিত উত্তৰ-পূৰ্বাঞ্চলীয় সাহিত্য উৎসৱ আৰু ২০১৬ চনৰ ত্ৰিপুৰা সাহিত্য উৎসৱত ভাগ লোৱাৰ সুযোগ পাইছিলোঁ। ৰাজ্যখনৰ সকলোবোৰ জনজাতীয় ভাষাৰ বাবে নিৰ্ধাৰিত কাৰ্যসূচী আছিল এই সাহিত্যৰ উৎসৱসমূহত। বিশেষ অধিবেশন নিৰ্ধাৰিত কৰা আছিল। ত্ৰিপুৰী, চাকমা, ৰিয়াং, মণিপুৰী, গড় আদি সৰু ডাঙৰ জনজাতীয় ভাষাবোৰৰ কবিসকলে নিজৰ কবিতা পাঠ কৰিছিল নিজৰ ভাষাত, আৰু লগতে হিন্দী অথবা ইংৰাজীৰ  অনুবাদো পাঠ কৰা দেখিছিলোঁ। ভাষাবোৰ নুবুজিলেও সুৰবোৰেই  মনপুতি শুনিছিলোঁ। লিখক হিচাপে যথেষ্টই Empowered যেন অনুভৱ হয়, বিশেষকৈ যুৱ প্ৰজন্মৰ সাহিত্যিকসকলক। অসমৰ সাহিত্য উৎসৱ বা গ্ৰন্থমেলাসমূহৰ বাকৰিত জনগোষ্ঠীয় ভাষাসমূহক ইমানখিনি  Space দিয়াৰ ক্ষেত্ৰত আমি কিন্তু সদায়েই অৱহেলা কৰোঁ। সংখ্যাগৰিষ্ঠ ভাষা এটাক প্ৰতিনিধিত্ব কৰি কেতিয়াবা এই ভাষা-ভাষী লোকসকলৰ সন্মুখত অসহায় অনুভৱ কৰোঁ। আইৰ মুখৰ ভাষাক বিশ্বমানসত প্ৰতিষ্ঠা কৰাৰ সপোন জানো অপৰাধ হ’ব পাৰে! ত্ৰিপুৰাতো  অনুভৱ কৰিছিলোঁ জনজাতীয় লোকসকলৰ মনৰ বেথা। নিজকে বিকশিত কৰা হেঁপাহ আৰু সন্মুখৰ সীমাহীন প্ৰাচীৰবোৰ। 

সম্পদৰ অভাৱনীয় আকাল থকা ৰাজ্য এখনত ২৫ বছৰ কাল শাসনত থকা মূল্যবোধৰ ৰাজনীতিত বিশ্বাসী দল এটাৰ বাবে বৰ্তমানৰ টকা আৰু  ক্ষমতা নিৰ্ভৰ, সংসদীয় গণতন্ত্ৰত জনসধাৰণৰ প্ৰত্যাশাৰ সন্মুখত তিষ্ঠি থকাটো সহজ কথা নহয়। দীৰ্ঘসময় ধৰি ক্ষমতাত থাকিলে ক্ষমতালোভী এচাম স্তাৱক বাহিনীৰো জন্ম হয় – সুবিধা বুজি ইলুটি-সিলুটি কৰিবলৈ। ক্ষমতাৰ আৰাম আৰু বিলাসেও কেতিয়াবা ঘেৰি ধৰে। আৰু ইয়াৰ বিপৰীতে জনসাধাৰণৰ প্ৰত্যাশাৰ সীমা নাই। ২০১০ চনত এবাৰ ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ যোৱা গাওঁ এখনৰ গাওঁবাসীয়ে কৈছিল – এতিয়া আমি তিনিসাজ ভাত খাবলৈ পাওঁ। আমি  সকলোৱে এই প্ৰশান্তিৰ কথাটো অনুভৱ কৰিবলৈ সক্ষম নহলেও ভাৰতীয় অৰ্থনীতিৰ বিভিন্ন জৰীপবোৰৰ হিচাপ-নিকাচ ৰখাসকলে নিশ্চয় জানে গাওঁবাসীয়ে তিনিসাজ ভাত খাবলৈ পোৱাৰ দৰে অৰ্থনীতি এটাৰ অন্তৰ্নিহিত কথা । প্ৰত্যাশাপূৰণৰ ক্ষেত্ৰত চৰকাৰৰো এটা নিৰ্দিষ্ট সীমাবদ্ধতা থাকিব।সুৰুঙাবোৰৰ সৃষ্টি এনেদৰেই হয়। 

আৰু সদায়ে ক্ষমতাত থাকিব লাগিব বুলি কি কথা আছে? আচলতে গণতন্ত্ৰ বুলি কলেও ভাৰতবৰ্ষৰ নিৰ্বাচনী ৰাজনীতি এতিয়া যে  নিৰ্ণয় কৰে বৃহৎ পূঁজিপতিয়েহে সেই কথা কোনেও নুবুজাকৈ থকা নাই। বিজেপি আৰু আৰ এছ এছৰ হাত ধৰি অহা বৃহৎ পুঁজিপতিৰ এই কেঁকোৰা চেঁপাৰ সন্মুখত আৰ্থিক সম্বলহীন বামপন্থীয়ে নিৰ্বাচনী যুঁজত কিদৰে যুঁজিব? কিন্তু নিৰ্বাচনী যুদ্ধৰ অংকৰ হিচাপ কৰিয়েই আদৰ্শৰ শক্তি জুখিবলৈ যোৱাটোও কিমান সমীচিন? নিৰ্বাচনী পৰাজয় মানেই আদৰ্শৰ মৃ্ত্যু নেকি?  দ্বান্দিক পৰিবৰ্তনৰ মাজেৰে সমাজৰ বিকাশত আস্থা ৰখা মাৰ্ক্সবাদীসকলে জানে,  সন্মুখৰ পথ কঠিন হলেও সি সূৰ্যৰ দৰে  সত্য। একমাত্ৰ মাৰ্ক্সবাদেই দেখুৱাই সেই পথ যি পথে ধনী-দুখীয়াৰ ব্যৱধান নথকা সমাজব্যৱস্থাৰ প্ৰৱৰ্তন কৰিব পাৰি বিজ্ঞানসন্মতভাৱে। সেয়েহে শক্তি স্তিমিত হৈ অহা বুলি প্ৰচাৰ কৰিলেও আজিৰ তাৰিখতো ব্যাপক চৰ্চা বামপন্থীৰেই, চৰ্চা মাৰ্ক্সবাদীৰেই! একমাত্ৰ আদৰ্শৰ প্ৰতি থকা আস্থায়েইতো এই চৰ্চাৰ চালিকাশক্তি। সকলো দূৰ্বলতা, পৰীক্ষা-নীৰিক্ষাবোৰৰ সফলতা আৰু বিফলতাৰ মাজতো মাৰ্ক্সবাদী আদৰ্শলৈ যুৱ ৰক্তৰ আমদানি নোহোৱাকৈ থকা নাইপৰম্পৰাগতভাৱে মাৰ্ক্সবাদত আস্থা ৰখা পৰিয়ালসমূহৰপৰাও বিদ্যায়তানিক দিশেৰে উজ্জীৱিত যুৱপ্ৰজন্মৰ স্ৰোত অব্যাহত আছে অবিৰতভাৱে– বিদ্যায়তানিক শিক্ষাৰে লাভ কৰিবপৰা বিলাস-বৈভৱৰ আৰামী জীৱন এৰি দি আদৰ্শৰ বাবেই এই যুৱপ্ৰজন্ম সৰ্বক্ষণৰ কৰ্মী হৈছে। এয়া মাত্ৰ বিলাসী সপোন নহয়। ই গভীৰ আশাবাদকেই প্ৰতিফলিত কৰে। আমাৰ সৃজনীশলতাকো সাৰ-পানী দিয়ে মাৰ্ক্সবাদী বিশ্লেষণেই। কিন্তু নিৰ্ণায়ক শক্তি হৈ উঠিবলৈ যে বাট বহুদূৰ! হয়তো কেইবাটাও জন্ম বাকী। আজিৰ মাৰ্ক্সবাদীয়ে যিখন সমাজৰ বাবে কাম কৰি গৈছে, অপমান মূৰ পাতি লৈছে, সেইখন সমাজ নেদেখাকৈয়ে তেওঁ হয়তো মৰি যাব—কিন্তু সান্তনা লৈ যাব যে সপোনৰ সমাজৰ প্ৰতিষ্ঠাৰ হকে আপোচহীনতাৰে তেওঁ কাম কৰি গ’ল। সকলো সীমাবদ্ধতা আৰু প্ৰতিকূলতাৰ মাজতো ক্ষমতাৰ ৰাজনীতিৰপৰা আঁতৰি আহি জনসাধাৰণৰ মাজলৈ গৈ, জনসাধাৰণৰ মুখৰ ভাষাৰে কব পৰা মানুহৰ কল্যাণকামী ৰাজনীতিয়েই আদৰ্শক প্ৰাসংগিক কৰি ৰাখিব, সঞ্জীৱনী দি যাব।