Copyright- Ratna Bharali Talukdar. No part of any item may be reproduced, or utilized in any forms or by any means, electronic or mechanical, including photocopying, recording, or by any information storage and revival system, without prior permission of the blogger. Contact 94351-05414 e-mail ratnabharalitalukdar@gmail.com. The blogger has decided to donate body after death for the benefit of life saving medical research.
Friday, 7 March 2025
৮-মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস, ২০২৫ঃ ঐতিহাসিক
পটভূমি আৰু ৰাষ্ট্ৰসংঘৰ বাণীঃ For ALL Women and Girls:
Rights. Equality. Empowerment-ৰ কিছু
দিশ
আজি
৮-মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস। পৃথিৱীৰ
সকলো কৰ্মজীৱি নাৰীৰ বাবে এটি হেঁপাহৰ দিন। এতিয়া প্ৰশ্ন হৈছে এগৰাকী কৰ্মজীৱি
নাৰীৰ পৰিচয় কি? সেইগৰাকী নাৰীয়েই কৰ্মজীৱি, যি কেৱল পাকঘৰ, সন্তানৰ লালন-পালন আৰু ঘৰুৱা কাম-কামৰ
মাজতে নিজক সীমাবদ্ধ কৰি নাৰাখি জীৱন-জীৱিকাৰ বাবে কৰ্মক্ষেত্ৰ এখনলৈ ওলাই
আহিছে।কব পাৰি যে, আন্তৰ্জাতিক নাৰী দিৱসৰ ধাৰণাটিৰ গৰ্ভতেই
প্ৰোথিত হৈ আছে বিভিন্ন ক্ষেত্ৰত কাম কৰা সকলো অংশৰ কৰ্মজীৱি নাৰীৰ পুৰুষৰ সমানে
সমানে মৰ্যদা আৰু অধিকাৰ লাভ কৰাৰ হেঁপাহ।
সমানাধিকাৰৰ আকুলতা।
নাৰীৰ
বাবে সুকীয়া দিৱস এটিৰ কিয় প্ৰয়োজন-এই প্ৰশ্নটোক লৈ আজিও বহুতেই বিবুধিত পৰে।
বিপাঙত পৰে। পৃথিৱীৰ সকলো মানুহেই সমান আৰু নাৰী বাবে পৃথক এটি দিৱসৰ প্ৰাসংগিকতা
কিমান? বহুতো পুৰুষ আৰু নাৰী য়ে এই দিৱসটিক লৈ উপলুঙা কৰাও দেখা
যায়। যদিহে নাৰীৰ বাবে সুকীয়া দিৱস এটি পালনৰ কোনো অৰ্থই নাই, তেনেহ’লে ৰাষ্ট্ৰসংঘৰ দৰে আন্তৰ্জাতিক নাৰী দিৱস পালনৰ বাবে
উদ্যোগ লয় কিয়? প্ৰতিবছৰৰ বাবে একোটা বাণী
নিৰ্দ্ধাৰণ কৰি দিয়ে কিয়? এইবোৰ
প্ৰশ্নৰ উত্তৰ পাবৰ বাবেই আন্তৰ্জাতিক
নাৰী দিৱসৰ ইতিহাস জনাটো আমাৰ বাবে প্ৰয়োজনীয় কথা হৈ পৰে।
আন্তাৰ্জাতিক
নাৰী দিৱস ঐতিহাসিক পটভূমিঃ
এই দিৱসৰ
অংকুৰ প্ৰোথিত হৈ আছে প্ৰথম বিশ্বৰ দেশসমূহৰ শিল্প-বিপ্লৱৰ বুকুত। সমাজবিজ্ঞানী
এংগেলছৰ সূত্ৰ অনুসৰি আদিম কালৰ চিকাৰজীৱি সমাজখনে সংগঠিত ৰূপ লোৱাৰ সময়তে ক্ৰমে
ক্ৰমে নাৰীৰ জীৱন সন্তানৰ লালন-পালন আৰু ঘৰুৱা কামত আৱদ্ধ হৈ পৰাৰ সেই ‘ঐতিহাসিক
পৰাজয়’ৰ পিছত পোন প্ৰথমবাৰৰ বাবে উনবিংশ আৰু বিংশ শতিকাৰ শিল্পবিপ্লৱে মানৱ
সভ্যতাৰ ইতিহাসৰ গতিপথৰ লগতে নাৰীৰ জীৱন
বহুদূৰ সলনি কৰি পেলাইছিল। শিল্পবিপ্লৱৰ এটা উল্লেখনীয় দিশ আছিল যে এই
বিপ্লৱৰ ফলত নাৰীয়ে পাকঘৰ আৰু কৃষিক্ষেত্ৰৰপৰা ওলাই আহি পুৰুষৰ সমানে সমানে উদ্যোগখণ্ডত
কাম কৰাৰ মাজেৰে অৰ্থনৈতিক
কাম-কাজত যুক্ত হোৱাৰ সুযোগ লাভ কৰে।ইয়াৰ আগলৈকে নাৰীৰ জীৱন ঘৰৰ চাৰিবেৰৰ মাজতেই
সীমাবদ্ধ আছিল।যিসকল নাৰীয়ে এই বেৰা ভাঙি ওলাই আহিছিল, তেওঁলোক আছিল মাথোন ব্যতিক্ৰম। শিল্প-বিপ্লৱৰ ফলতেই
প্ৰথমবাৰৰ বাবে পাকঘৰ আৰু খেতিপথাৰৰপৰা বাহিৰ পৃথিৱীখনলৈ, মূৰৰ ওপৰৰ আকাশখনলৈ মূৰ তুলি চাবলৈ তেওঁলোকে আহৰি পালে।
বিভিন্ন
উদ্যোগখণ্ডত কাম কৰিবলৈ ওলাই অহা এই নাৰীসকলৰ বাবে কৰ্মক্ষেত্ৰত কোনো ৰঙা দলিছা
নাছিল।মূলতঃ পৰিয়ালৰ ভৰণ-পোষণৰ বাবে কাম কৰিবলৈ অহা নাৰীসকল আছিল শোষণরআহিলা
মাত্ৰ। তেওঁলোক আছিল কম দামী শ্ৰমিক। কামৰ পৰিবেশো আছিল অতি ভয়ংকৰ।
কামৰ কোনো ধৰণৰ নিৰাপত্তা আৰু সুৰক্ষা নথকাকৈ অতি অমানৱিক পৰিবেশত দিনে ১৬
ঘণ্টা পৰ্যন্ত তেওঁলোকে কাম কৰিব লাগিছিল। মালিকে উদ্যোগক্ষেত্ৰত নাৰী এগৰাকীক
এইবাবেই নিয়োগ কৰিছিল যাতে তেওঁলোকক কম পইচাত অধিক সময় কামত খটুৱাব পাৰি।
কৰ্মক্ষেত্ৰত নাছিল টয়লেটৰ সুবিধা। শৌচ-প্ৰস্ৰাৱ কৰাৰ সুবিধা নথকা পৰিবেশত দিনে ১৬
ঘণ্টা পৰ্যন্ত কাম কৰি কৰ্মক্ষেত্ৰতেই মৃত্যুৰ মুখতো পৰিবলগীয়া হৈছিল।
এই
নাৰীসকলৰ তেওঁলোকৰ অসুবিধাবোৰৰ কথা জনাবলৈ কোনোধৰণৰ ইউনিয়ন আদিও নাছিল, যাৰ
জৰিয়তে তেওঁলোকে নিজৰ দাবীসমূহ কতৃপক্ষৰ সন্মুখত দাখিল কৰিব পাৰে। ইয়াৰ লগতে নাৰীৰ
ওপৰত আছিল ঘৰুৱা কামৰ বোজা। অৱশ্যে, ঘৰুৱা
কামৰ এই বোজাৰপৰা নাৰীয়ে আজিও মুক্তি লাভ কৰা নাই। অৰ্থাৎ, অৰ্থনৈতিক
কাম-কাজত যুক্ত হোৱাৰ সুযোগ পালেও সেই সময়ত তেওঁলোকে লাভ কৰা নাছিল সমতা। আজিও লাভ কৰা নাই।তথাপি কব
লাগিব, সেই সময়ৰ তুলনাত নাৰীসমাজ আজি বহুদূৰ আগুৱাই আহিছে।এই
আগুৱাই অহাৰ বাটতো নিৰন্তৰ সংগ্ৰামৰহে। এই কথা আমি মনত ৰাখিব লাগিব যে, ৰাজনৈতিক ক্ষেত্ৰতো পুৰুষৰ সমানে ভোটাধিকাৰ পাবৰ বাবেও
বিশ্বৰ দেশসমূহত নাৰীসকলে বহুদিনৰ দীঘলীয়া সংগ্ৰাম কৰিবলগীয়া হৈছিল। অৰ্থাৎ, ভোটাধিকাৰৰ দৰে
যিবোৰ অধিকাৰ আমি আজি জন্মসূত্ৰেই
লাভ কৰিছোঁ, এটা সংময়ত সেই অধিকাৰ পাবৰ বাবেও প্ৰথম
বিশ্বৰ নাৰীসমাজে সংগ্ৰাম কৰিবলগীয়া হৈছিল। কিন্তু ভোটাধিকাৰ লাভ কৰাৰ শতিকা পাৰ
হৈ যোৱাৰ পিছতো আজি সংসদ বা বিধানসভাত নিৰ্বাচিত নাৰীৰ সংখ্যা আঙুলিৰ মূৰত গণিব
পৰা। অৰ্থাৎ যিসমূহ মঞ্চত মানুহৰ কল্যাণৰ হকে, অধিকাৰৰ
হকে উল্লেখনীয় সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয়—সেই মঞ্চত নাৰীক আজিও উপেক্ষাই কৰা
হৈছে।
সমাজবাদীসকলেই
নাৰী আৰু পুৰুষৰ সমতা আৰু সমমৰ্যদাৰ
দিশটোত পোনতে আলোকপাত কৰে। ১৮৫৭
চনৰ ৮ মাৰ্চৰ দিনা নিউয়ৰ্কৰ বস্ত্ৰউদ্যোগত কাম কৰা নাৰীসকলে কামৰ সময় ১০
ঘণ্টা কৰাৰ লগতে পুৰুষৰ সমানে অধিকাৰ লাভ
কৰাৰ দাবীত ৰাজপথত এক সমদল উলিয়ায়। এই
সমদল আৰক্ষীয়ে কঠোৰ হাতেৰে দমন কৰে।
কিন্তু এই বৰ্বৰ আক্ৰমণৰ পিছতো তেওঁলোকে
বিশ্বৰ প্ৰথমটো নাৰীৰ শ্ৰমিক সংস্থা গঠন কৰিবলৈ সক্ষম হয়। এই
প্ৰতিবাদৰ ৫০ বছৰ উকলি যোৱাৰ পিছত ১৯০৮ চনৰ ৮ মাৰ্চৰ দিনা এই
বস্ত্ৰউদ্যোগৰ নাৰী শ্ৰমিকসকলে ৰাজপথত আন এটি সমদল উলিয়ায়। এই নাৰীসকলে শিশু শ্ৰমৰ
অৱসান ঘটোৱাৰ লগতে ভোটাধিকাৰৰ দাবীও উত্থাপন কৰে। আপাতত ৫০ বছৰৰ ব্যৱধান হলেও এই
সময়চোৱাত কৰ্মক্ষেত্ৰত নাৰীৰ অধিকাৰ, আৰু
ভোটাধিকাৰৰ দাবীত বিশ্বৰ বিভিন্ন
দেশৰ নাৰীসকলে সংগঠিত হবলৈ প্ৰয়াস কৰে।
১৯০৭ চনত
ষ্টুটগাৰ্টত প্ৰথমখন বিশ্ব নাৰী সন্মিলন অনুষ্ঠিত হয়। এই সন্মলিনত বিভিন্ন
দেশৰ ৫২ গৰাকী প্ৰতিনিধিয়ে অংশ গ্ৰহণ
কৰিছিল। ১৯০৯ চনৰ ২৮ ফেব্ৰুৱাৰীত আমেৰিকাৰ সমাজবাদী নাৰীসকলে ৰাজনৈতিক অধিকাৰৰ
লগতে বিভিন্ন দাবীত সমগ্ৰ দেশত প্ৰতিবাদী সভা আৰু বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰে । কবলৈ গ'লে সংগঠিত নাৰীৰ এয়াই ‘প্ৰথম ৰাষ্ট্ৰীয় নাৰী দিৱস।' ১৯১০ চনত জাৰ্মানীৰ কোপেনহেগেনত দ্বিতীয়খন বিশ্ব নাৰী
সন্মিলন অনুষ্ঠিত হয়, য'ত ১৭ খন
দেশৰ ১০০ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে। এই সন্মিলনৰ গুৰি ধৰোঁতা আছিল জাৰ্মানীৰ
অগ্ৰণী সমাজবাদী আৰু নাৰীবাদী নেত্ৰী ক্লাৰা জেটকিন।
ক্লাৰা
জেটকিনেই কৰ্মজীৱি নাৰীসকলৰ বাবে সমগ্ৰ বিশ্বত এটা ‘আন্তৰ্জাতিক কৰ্মজীৱি নাৰী
দিৱস' পালন
কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়ায়। কবলৈ গ'লে য়োই আন্তৰ্জাতিক নাৰী দিৱসৰ আৰম্ভণি বিন্দু। বিশ্বৰ যুদ্ধ আৰু শান্তিৰ
পৰিৱেশ, কামৰ সময়
আঠঘণ্টা কৰাৰ দাবী, নিশাৰ ভাগৰ নাৰীয়ে কৰা কামৰ ওপৰত বিতৰ্ক
আদি বিভিন্ন বিষয়ত এই সন্মিলনে আলোকপাত কৰে। ইয়াৰ পিছতে অষ্ট্ৰিয়া, ডেনমাৰ্ক আৰু চুইজাৰলেণ্ডত এক নিযুত মহিলা সমবেত হৈ
১৯মাৰ্চৰ দিনটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰে। ১৯১৩-১৪ চনৰ আন্তৰ্জাতিক
নাৰী দিৱস বিশ্বযুদ্ধৰ প্ৰতিবাদ দিৱস হিচাপে পালন কৰা হয়। ৰাছিয়াত ফেব্ৰুৱাৰী মাহৰ
শেষৰটো দেওবাৰে আৰু ইউৰোপৰ আন ঠাইত বস্ত্ৰউদ্যোগৰ মহিলা শ্ৰমিকসকলৰ প্ৰতি সন্মান
জনাই ৮-মাৰ্চত এই দিৱস পালন কৰা হয়।
অৱশেষত
ৰাষ্ট্ৰসংঘই ১৯৭৫ চনৰপৰা ৮ মাৰ্চ দিনটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ
সিদ্ধান্ত গ্ৰহণ কৰে।যোৱা সময়চোৱাত ৰাষ্ট্ৰসংঘই প্ৰতি বৰ্ষৰ বাবে একোটাকৈ বিষয়
নিৰ্বাচন কৰি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰি আহিছে।এই বছৰৰ বাবে ৰাষ্ট্ৰসংঘৰ
আন্তৰ্জাতিক নাৰী দিৱসৰ বাণী হৈছে- ‘“সকলো নাৰী আৰু কন্যাৰ বাবে অধিকাৰ। সমতা।
সবলীকৰণ।” (“For ALL
Women and Girls: Rights. Equality. Empowerment.)ৰাষ্ট্ৰসংঘই সম অধিকাৰ, ক্ষমতা
আৰু সুযোগৰ সকলোবোৰ বন্ধ তলা খুলি দি এক নাৰীবাদী ভবিষ্যত গঢ়ি তোলাৰ বাবে আহ্বান দজনাইছে, যাতে কোনোৱেই পিচপৰি নাযায়। এই বাণীৰ অভিকেন্দ্ৰত আছে
সুদীৰ্ঘদিনৰ পৰিবৰ্তনৰ বাবে যুৱসকল বিশেষকৈ কন্যাসন্তান আৰু কিশোৰীসকলকে ধৰি
ভবিষ্যতৰ প্ৰজন্মক সবলীকৰণ কৰা।
আনহাতে, বেইজিং ডিক্লেৰেচন এণ্ড প্লেচফৰ্ম ফৰ একচনৰ ৩০ বৰ্ষ
উপলক্ষ্যে উক্ত অভিবেশনত গ্ৰহণ কৰা ব্যৱস্থাৰাজি বিশেষকৈ আইনী ব্যৱস্থা সুৰক্ষিত
কৰা, বিভিন্ন চাকৰিত যোগদানৰ সুযোগৰ সৃষ্টি কৰা, য়ুৱ প্ৰজন্মক নিয়োজিত কৰা, সামাজিক নীতি-নিয়মৰ পৰিবৰ্তন সাধন কৰা, অতীতৰ
গতানুগতিক, এলান্ধুকলীয়া ভাৱধাৰাৰপৰা ওলাই অহাৰ বমাজেৰে বেইজিং
অধিবেশনৰ আদৰ্শৰ হকে কাম কৰাৰ বিষয়েও ৰাষ্ট্ৰসংঘই আহ্বান জনাইছে।
এইক্ষেত্ৰত
https://www.internationalwomensday.com
– এ আন্তৰ্জাতিক নাৰী দিৱস ২০২৫-বৰ্ষৰ বাবে
যি বাণী নিৰ্দ্ধাৰণ কৰিছে, তাত আধুনিক সময়ৰ নাৰী-পুৰুষৰ সমতা স্থাপনৰ
অনেক দিশ উন্মোচিত হৈছে। ২০২৫ বৰ্ষৰ আন্তৰ্জাতিক নাৰী দিৱসৰ বাবে তেওঁলোকৰ বাণী
হৈছে ‘লিংগ সমতাৰ বাবে কাৰ্যপন্থা ত্বৰান্বিত কৰক’ (Accelerate Action for gender
equality) । এই লক্ষ্যত উপনীত হবলৈ গুৰুত্ব আৰোপ কৰা দিশকেইটা হৈছে-
ক)
সামূহিকভাৱে আমি লিংগ সমতাৰ বাবে কাৰ্যপন্থা ত্বৰান্বিত কৰিব পাৰোঁ। এই দিশত
আগুৱাই যাবৰ বাবে সমগ্ৰ বিশ্বজুৰি নাৰীক ইতিবাচক দিশেৰে আগুৱাই আনিবলৈ যিমানবোৰ
কৌশল, সম্পদ আৰু কাৰ্যপন্থা (strategies, resources, and activity)আছে—সেইবোৰক মান্যতা দি নাৰীৰ সমানতা ত্বৰান্বিত কৰা। লিংগ
সমতাৰ দিশত তাৎপৰ্যপূৰ্ণ প্ৰত্যাহ্বান এতিয়াও আছে যদিও বিশ্বৰ সৰ্বত্ৰে নাৰীসকলক
আগুৱাই অনাৰ বাবে যিসমূহ কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে,
সেইবোৰলৈ সমৰ্থন প্ৰদান কৰাৰ
মাজেৰেও নাৰী সমতাৰ দিশটো ত্বৰাম্বিত কৰিব পাৰি।
খ)
বিশ্বজুৰি তৃণমূল পৰ্যায়ৰপৰা দাতব্য সংস্থালৈকে নাৰী-পুৰুষৰ সমানতাৰ দিশত কাম কৰি
অহা বিভিন্ন সংগঠন বা অনুষ্ঠানআছে আছে আৰু সেইবোৰক সমৰ্থন কৰাৰ মাজেৰেও নাৰীৰ
সমানতাক ত্বৰান্বিত কৰিব পাৰি।
- নাৰীৰ
অৰ্থনৈতিক সবলীকৰণক সহায় কৰাৰ মাজেৰে
- কৰ্মত
নাৰীক নিয়োগ কৰা আৰু বিভিন্ন প্ৰতিভা বিকশিত কৰাত সহায় কৰাৰ মাজেৰে
- নাৰী
আৰু কন্যাসকলক নেতৃত্ব, সিদ্ধান্ত নিৰ্ণয়, ব্যৱসায়, আৰু
বিজ্ঞান-কাৰিকৰী-আভিযান্ত্ৰিক-গণিতত(STEM) আগুৱাই
অনাৰ মাজেৰে।
- মহিলা
আৰু কন্যাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ পৰিকল্পনা আৰু সেইবোৰ বিকশিত কৰাৰ মাজেৰে
-মহিলা
আৰু কন্যাসকলক স্বাস্থ্য-সম্পৰ্কে জ্ঞাত হৈ সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰাৰ মাজেৰে
-বহনক্ষম
কৃষি আৰু খাদ্য নিৰাপত্তাৰ ক্ষেত্ৰত মহিলা আৰু কন্যাসকলক জড়িত কৰোৱাৰ মাজেৰে
- মহিলা
আৰু কন্যাসকলক গুণগত শিক্ষা আৰু প্ৰশিক্ষণ দিয়াৰ মাজেৰে
-
ক্ৰীড়াক্ষেত্ৰত মহিলা আৰু কন্যাসকলৰ অংশগ্ৰহণ আৰু কৃতকাৰ্যতাক স্বীকৃতি দিয়াৰ
মাজেৰে
- মহিলা
আৰু কন্যাসকলৰ সৃষ্টিশীলতা আৰু কলাসুলভ প্ৰতিভা বিকশিত কৰাৰ মাজেৰে
- মহিলা
আৰু কন্যাসকলৰ ভবিষ্যতৰ বিকাশৰ ক্ষেত্ৰসমূহলৈ সমৰ্থন দিয়াৰ মাজেৰে
https://www.internationalwomensday.com-ৰ এই বাণীৰ মাজতেই আচলতে সমাজত নাৰী-পুৰুষ সমানে সমানে
আগুৱাই যোৱাৰ বেলিকা কৰিবলৈ থকা পৰ্বতসম দিশ আৰু সুৰুঙাবোৰ প্ৰতিফলিত হৈছে। সমাজ
আগুৱাই আহিছে, নাৰী সমানতাৰ বিভিন্ন দিশবোৰো সেইদৰে আগুৱাইছে। কিন্তু
তথাপিও কৰণীয় এতিয়াও বাকী।
এই
সকলোবোৰ ত্বৰান্বিত কৰাৰ বাবে আহক, ৰাষ্ট্ৰসংঘৰ
আহ্বানৰ প্ৰতি সঁহাৰি জনাই সকলোবোৰ ডিজিটেল মঞ্চত হেচটেগ #ForAllWomenAndGirls to spark
dialogue and inspire action-ৰ মাজেৰে
আন্তৰ্জাতিক নাৰী দিৱস উদযাপনৰ খবৰ আৰু বাৰ্তাবোৰ ভগাই লওঁ।
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment