সাহিত্যৰ মিঠা-কেঁহা-তিতিকি
(সম্পূৰ্ণ সাক্ষাতকাৰৰ বাবে এই লিংকটো চাব পাৰে-https://boynesartistaward.com/interviews/artist-stuart-rome)
এই কথাখিনি, বিশেষকৈ শেষৰ শাৰীটো সৃষ্টিশীল সাহিত্যৰ বেলিকাও একে। আমি নিজে যদি বিচাৰোঁ যে, সমকালীন লেখকগৰাকীয়ে আমাক শ্ৰদ্ধা কৰক- তেতিয়াহ’লে আমিও তেওঁক সেই পৰিমাণৰ শ্ৰদ্ধা জনাব পাৰিব লাগিব। এই শ্ৰদ্ধা তেতিয়াই জনোৱা হয়, যেতিয়া আমি সমকালীল কবি-সাহিত্যিক-নিবন্ধকাৰসকলৰ কৰ্ম-ৰাজি পঢ়োঁ স্ৰষ্টালৈ মনতে শ্ৰদ্ধাৰ ভাৱ এটা লৈ। এনে শ্ৰদ্ধাই আমাৰ পঠনৰ সময় আনন্দিত কৰি তোলে। সকলো লেখকে একে সময়তে ভাল সৃষ্টি কৰিব নোৱাৰে। কিন্তু পঠনৰ সময়ত এজন পাঠকৰ মন ৰঙিয়াল হৈ থকা, সকলো সংকীৰ্ণতাৰপৰা উৰ্ধত থকাৰ লগতে স্ৰষ্টাৰ প্ৰতি শ্ৰদ্ধালু হৈ থকাটো কৰ্তব্য বুলিয়ে বিবেচনা কৰি আহিছোঁ।
বহুদিনৰ বিৰতিত বিহু সংখ্যাৰ আলোচনীবোৰে এইবাৰ মেটমৰা সম্ভাৰৰ কিছু গল্প-কবিতা পঢ়ি উঠি কবলৈ মন গৈছে-এটা ভাল গল্প সদায় এটা ভাল গল্প, এটা ভাল কবিতা সদায় এটা ভাল কবিতা, এখন ভাল উপন্যাস সদায় এখন ভাল উপন্যাস, এখন ভাল নাটক সদায় এখন ভাল নাটক। কোনোবা লেখকে হয়তো নীৰৱতাৰ জগতত বাস কৰে, আনজনে হয়তো সৰৱতাত। কিন্তু লেখক আৰু সৃষ্টি—সদায় ভিন্ন। আপুনি কাক আগ স্থান দিব-স্ৰষ্টাক, নে সৃষ্টিক? কোনোবাই গাৰ জোৰে হেঁচা মাৰি ভাল গল্প এটা বেয়া বুলি কব নোৱাৰে, সেইদৰে বেয়া এটাক ভাল বুলি কব স্বীকৃতি দিব নোৱাৰে। দিলেও সময়ে তাক নাকচ কৰি যাব। সুযোগ বুজি আপুনি কোনোবা লেখকৰ ব্যক্তিগত জীৱন আৰু আদৰ্শৰ বেকগ্ৰাউণ্ডত বেলচা মাৰি তেওঁৰ সৃষ্টিক আওকাণ কৰিব নোৱাৰে। যদি তেওঁ ভাল সৃষ্টি কৰিছে, সেয়া এটা ভাল সৃষ্টিয়েই হয়। যদি বেয়া কৰিছে, সেয়া বেয়া।
তথাপি কিছুমান লেখকৰ সাহিত্যকৰ্মৰ বেলিকা আমি ইমান সোচ্ছাৰ হৈ উঠোঁ আৰু কিছুমানৰ বেলিকা ইমান নীৰৱ হৈ পৰোঁ। কিয়? হয়। সাহিত্যত মানুহক নীৰৱ কৰি দিয়াটো একধৰণৰ ‘ডিজাইন’। যোৱা সময়চোৱাত এই কথা বাৰে বাৰে উপলব্ধি কৰিছোঁ আৰু শিহৰিত হৈছোঁ। ইয়াক দুই ধৰণে প্ৰক্ষেপ কৰা হয়। প্ৰথমটোত কোৱা হয়—আপুনি নীৰৱে সাহিত্যকৰ্মত ব্ৰতী হওক। ইমান হুলস্থুল কৰি থাকে কিয়? সূৰ্যক যিদৰে ডাৱৰে আৱৰি ধৰিব নোৱাৰে, সেইদৰে আপোনাৰ মহৎ সৃ্ষ্টিকো কোনোবাই ঢাকি দিব নোৱাৰে। ভাল কাম হ’লে সি মানুহৰ চৰ্চালৈ আহিবই। কিন্তু বাস্তৱত এইটো নহয়-কিয়নো এনে কোনো লেখক থাকে যাৰ সৃষ্টি যাতে পাঠকৰ সন্মুখলৈ যাব নোৱাৰে-তাৰবাবে সন্মুখত থকা দৃশ্যমান আৰু অদৃশ্যমান বাটবোৰ বন্ধ কৰি দিয়া হয়। চৌপাশৰপৰা এনে এটা পৰিবেশৰ সৃষ্টি কৰা হয়, য’ত লেখক হতাশ হৈ নিজেই সৃষ্টিৰ বাটৰপৰা আঁতৰি যাবগৈ। এনে হৈছে। বহু লেখকে ভাল সৃষ্টি কৰিলেও তাক আলোচনাৰ বাবে উলিয়াই অনা নহয়।এনেকৈয়ে তৰুণ প্ৰজন্মৰ বহু লেখক আমি হেৰুৱাইছোঁ। গৈ গৈ ৰৈ যায়। দ্বিতীয় কথাটো হৈছে, এনে লেখকে যিমানেই ভালকৈ সৃষ্টি কৰিবলৈ চেষ্টা নকৰক কিয়, তেওঁৰ কৰ্মৰ বেলিকা অহৰহ নীৰৱতা প্ৰদৰ্শন কৰা হয়।
ইয়াৰ মাজতে এটা মজাৰ খেল আছে। লেখকে যেতিয়া এটা ভাল সৃষ্টিৰ বাবে প্ৰয়াস কৰি থাকে, পাৰ ভাঙি যাবলৈ চেষ্টা কৰে- চিন্তাৰ জড়তাৰপৰা মুক্ত হৈ নতুন কথা কবলৈ উন্মুখ হয়--তেতিয়া সকলো বাধা নেওচি সাহিত্য আগবাঢ়ি যায়। কোন সেইজন ৰেফাৰী—যি সকলো প্ৰতিকূলতাৰ মাজতো সাহিত্যৰ সন্মুখলৈ আগুৱাই নি থাকে? সেই ৰেফাৰীজন আন কোনো নহয়, তেওঁ হৈছে আপোনাৰ সাহিত্যৰ উজ্জীৱিত পাঠকজন। সমকালীন সাহিত্যৰ জগতত সৃষ্টিশীল লেখক আৰু উজ্জীৱিত পাঠকজন সদায়ে এটা আনটোৰ পৰিপূৰক। এই পাঠকজন কেতিয়াবা নিজেও সৃষ্টিশীল লোক হ’ব পাৰে আৰু নিজকে পৰ্যায়ক্ৰমে এজন উজ্জীৱিত পাঠকলৈ পৰিণত কৰি থাকিব পাৰে। সমকালীন সাহিত্যৰ অনেক বেমেজালি আৰু চক্ৰান্তৰ মাজতো সৃষ্টিশীল লোকৰ বাবে আটাইতকৈ সুখৰ কথাটো এয়ে যে, আপোনাৰ সৃষ্টিৰ উজ্জীৱিত পাঠক সমাজ আছে। ৰাজনৈতিক দলৰ সভালৈ গাড়ীত উঠাই অনা ৰাইজৰ দৰে তেওঁলোক হয়তো সংখ্যাৰে অগণণ নহয়-তেওঁলোক সংখ্যাত এমুঠি- কিন্তু আপোনাক বোদ্ধাক শাণিত কৰি তুলিবলৈ তেওঁলোক যথেষ্ট। তেওঁলোক গেৰিলাৰ দৰে, নীৰৱে থাকে, লুকাই থাকে—আৰু আপোনাক অহৰহ প্ৰেৰণা দি যায়। কৈ দিয়ে—আপুনি কোনখিনিত ভাল কৰিছে, কোনখিনিত ভুল কৰিছে। আপোনাক অভিনৱ চিন্তাৰে আলোকিত কৰে। আপুনি সেইজন পাঠক বিচাৰি ফুৰিব নালাগে, তেওঁ নিজেই আপোনাৰ কাষ চাপি আহিব।
সাহিত্য শব্দৰ খেল, নে জীৱনৰ খেল? বহুতৰ বাবে সাহিত্য শব্দৰ খেল। সম্পৰীক্ষণৰ খেল। কিন্তু প্ৰকৃত সাধকৰ বাবে সাহিত্য জীৱনৰ খেল। তেওঁ সম্পৰীক্ষণৰ বাটেৰে গ’লেও তাত জীৱনৰ গভীৰতাৰ কথাহে ক’ব। প্ৰজন্মৰ সংকটৰ কথা কলেও তাত প্ৰজন্মই ধৰি ৰখা মূল্যবোধলৈহে বেছিকৈ চকু দিব। প্ৰতিটো প্ৰজন্মই পূৰ্বৰ প্ৰজন্মৰ তুলনাত কিছু পৰিমাণে অধিক সংকটৰ মাজেৰে গতি কৰে। কিন্তু সকলোৱেই অৱক্ষয়ৰ গ্ৰাসত জাহ নাযায়। এচামহে জাহ যায়। বেছিভাগেই সংগ্ৰাম কৰে, হতাশগ্ৰস্ত হয়, যুঁজ কৰি জিকি যায় আৰু প্ৰত্যাহ্বানৰ মাজতো ধৰি ৰাখে মূল্যূবোধ। এয়া নোহোৱা হ’লে মানৱ সমাজ কেতিয়াবাই ধ্বংস হৈ গ’লহেঁতেন। প্ৰজন্মৰ সংকটৰ কথা সাহিত্যত কবলৈ যাওতে প্ৰজন্মক কিদৰে প্ৰতিনিধিত্ব কৰা হয়, সেয়াও বিচাৰ্য বিষয়। আপোনাৰ চোৱাৰ দৃষ্টিভংগীৰ ওপৰতো বহু কথাই নিৰ্ভৰ কৰিব। অসমৰ সমাজ জীৱনৰ এচোৱা গভীৰ সংকটৰ সময়ত বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাই প্ৰজন্মৰ সম্পৰ্কক বৰ সযতনে কাব্যত তুলি ধৰি দায়বদ্ধতাৰ পৰিচয় দিছিল। সমকালীন সাহিত্যত নৰ-নাৰীৰ আপাতত সাধাৰণ সম্পৰ্কৰ উৰ্ধত তৰুণ প্ৰজন্মৰ সাহিত্যত জীৱনৰ গভীৰতাৰ প্ৰতিফলন দেখিবলৈ পাই ভাল লগাটোৱেই স্বাভাৱিক।
দুজনমান গল্পলেখকে আহ্বান দিছিল— বিহু সংখ্যাত প্ৰকাশিত গল্পবোৰৰ এক আলোচনা সামাজিক মাধ্যমত হ’ব লাগে। কিন্তু আজিকালি সামাজিক মাধ্যমৰ ৰেহ-ৰূপ সলনি হৈ গ’ল। মানুহবোৰে কথা-বতৰাত ভাগ লোৱাতকৈ বেছি পৰিমাণে একোটা ক্ল’জ-চাৰ্কিট কেমেৰা হৈ পৰিল। এনে অৱস্থাত সাহিত্যৰ নিৰ্মোহ সমালোচনা এতিয়া আৰু সামাজিক মাধ্যমত সম্ভৱ নহয়। মুখত হাঁহি ওলোমাই, হাতত লৈ অহা ছুৰীৰে ৰাজহাড় দুটুকুৰা হৈ যোৱাকৈ কৰা কোনে আঘাত কৰি যায়, ধৰিব নোৱাৰি। কিমানবাৰ আৰু আঘাত মেৰামতি কৰি বাৰে বাৰে ঠিয়দঙা দিম! অনাহক সময় নষ্ট। আঘাতৰ প্ৰকোপত যদি কোনোবাজন নীৰৱ হৈ গৈছে, আন কোনোবাই আকৌ ক্ল’জ চৰ্কিট কেমেৰা হবলৈকে ভাল পাইছে। পিছৰটোত সুবিধা বেছি। সেয়েহে সামাজিক মাধ্যমৰ পৰিবেশ এতিয়া আৰু পূৰ্বৰ দৰে গণতান্ত্ৰিক হৈ থকা নাই বুলি ধৰি লৈছোঁ।
তথাপি সাহিত্যৰ সাধাৰণ পাঠক হিচাপে এটা কথা কবলৈ ভাল লাগে— অসমীয়া সাহিত্যৰ জগতখনত ভাল সৃষ্টি কৰিবলৈ হাবিয়াস থকা তৰুণ প্ৰজন্মৰ সাহিত্যিকৰ অভাৱ নাই। তেনেহ’লে কিয় বাৰু আমি কিছুমানক তুলি ধৰি আন কিছুমানক নীৰৱতাৰ গৰ্ভলৈ ঠেলি দিবলৈ প্ৰয়াস কৰি থাকো? এইক্ষেত্ৰত কবলগীয়া এয়ে যে, তৰুণ প্ৰজন্মই লেখকৰ স্বাধীনতা গ্ৰহণ কৰক আৰু বাজীমাৎ কৰি যাওক। এটা ভাল গল্প, এটা ভাল কবিতা, এখন ভাল উপন্যাস, অথবা সাহিত্যৰ এটা অভিনৱ চিন্তা সমাজৰ হাজাৰ অপশক্তিক প্ৰতিহত কৰি দিব পৰাকৈ শক্তিশালী। আৰু আপুনি যদি ভাল লিখিছে, তেনেহ’লে কৰবাত উজ্জীৱিত পাঠকজনে আপোনাক চিনাক্ত কৰি পেলাইছে। সময়ত তেঁৱেই আপোনাক কৈ দিব—এই বাটে নাহিব, সন্মুখত খাৱৈ আছে। সেই বাটে নাহিব, সন্মুখত গভীৰ নাদ আছে। এই বাটে আহক, এয়াই সাহিত্যৰ জোনাকী বাট।
তেনেহ’লে, আপোনাৰ ভয় নাই।
No comments:
Post a Comment