ষ্ট’ৰীটেলিং মেথডলজি (Storytelling
methodology)— যি সাংবাদিকতা আৰু সৃষ্টিশীলতাক একেডাল সূতাৰে বান্ধি ৰাখিছে
এগৰাকী মুক্ত সাংবাদিক (Freelance Journalist, Independent Journalist) আৰু এগৰাকী সৃষ্টিশীল
জগতৰ লোক (creative writer)—এই দুটা পৰিচিতিৰ ভিতৰত কোনটো বেছি
আপোন? এই প্ৰশ্নটো সুধিলে অলপ বিব্ৰত হৈ
পৰোঁ। যেতিয়া সাংবাদিকতা আৰম্ভ কৰিছিলোঁ, তেতিয়া গৈ গৈ কোনোবা এটা
কেঁকুৰিত গল্প-উপন্যাস লিখিম বুলি কোনো কথা ভবা নাছিলোঁ। সংবাদিকতাৰ বিচিত্ৰ
জগতখনতেই ৰোমান্সিত হ’বৰ বাবে অনেক উপাদান আৰু সমল আছিল। সেয়া আছিল
নব্বৈৰ দশক। সাংবাদিক হিচাপে যেতিয়া ক্ষেত্ৰবোৰলৈ গৈ বিচিত্ৰ অভিজ্ঞতাৰ সন্মুখীন
হ’লোঁ—তেতিয়া সেই বিচিত্ৰ অভিজ্ঞতাৰপৰা জন্ম হোৱা আৱেগ-অনুভুতিবোৰে লগ এৰি নোযোৱা হ’ল। নব্বৈৰ দশকৰ আমি সাংবাদিকতা আকম্ভ কৰা সময়বোৰ আছিল থৰ থৰ উত্তেজনাৰে ভৰা
চৰম অনিশ্চিয়তাৰ সময়। সাংবাদিক হবলৈ অহা অনেক তিৰ-বিৰ, প্ৰগলভ ব্যক্তিত্বই এই
পৃষ্ঠ এৰি গুচি গ’ল। অনিশ্চিত জীৱন-জীৱিকাৰ সংগ্ৰামত পৃষ্ঠ এৰি গুচি যাবলৈ বাধ্য
হ’ল। মাথোন এমুঠিমানেহে পৃষ্ঠ এৰি নিদিলে।
দশকজোৰা গোষ্ঠী-সংঘৰ্ষ, বান-গৰাখহনীয়াত
উপান্ত জীৱন, সমগ্ৰ উত্তৰ-পূব ভাৰতৰ অলেখ জাতি-গোষ্ঠীৰ মাজৰ উগ্ৰপন্থীৰ
কাৰ্য-কলাপ, উগ্ৰপন্থী দমনৰ নামত হোৱা সোনাৰ অত্যাচাৰৰ সীমাহীন
কাহিনীবোৰ কবলৈ যেন কেৱল সাংবাদিকতাৰ নীতি-নিয়মৰ মাজত বান্ধ খাই থকা শব্দবোৰেই যথেষ্ট
নাছিল—লাহে লাহে সেই উপলব্ধি হবলৈ ধৰিছিল। জীয়া জীয়া অভিজ্ঞতাবোৰৰপৰা
ওলাই আহিছিল গল্পৰ দৰে কাহিনী।গল্প হওক বা
নহওক—শব্দবোৰ স্বতঃস্ফূৰ্ত আছিল। গল্প বুলি কবলৈ আচলতে ভয়ে লাগিছিল। কোনোবাই এইবোৰ
মানসম্পন্ন গল্প হোৱা নাই, সাংবাদিকতাধৰ্মী গল্পহে হৈছে বুলি কলেও বিশেষ আফচোচ
নাছিল। এতিয়াও সাংবাদিক বুলি ক’লে যিমান স্বচ্ছন্দ অনুভৱ কৰোঁ—সাহিত্যিক বুলিবলৈ
এটা সংকোচ হয়েই। বৰঞ্চ মানুহৰ কাহিনী কোৱা মানুহ, মানুহৰ কাহিনী লিখিবলৈ ভালপোৱা
মানুহ বুলি ক@লেহে নিজৰ ওপৰত বিশ্বাস এটা ওপজে। এনেকৈয়েই গল্প বা উপন্যাস লিখাৰ
প্ৰক্ৰিয়া এটাৰ আৰম্ভ হৈছে। সেইবাবেই হয়তো গল্প বা উপন্যাসৰ প্ৰতিটো metaphor অতি ৰূঢ় বাস্তৱৰপৰা উঠি আহিছে।
প্ৰায়েই সন্মুখীন হোৱা এটা
প্ৰশ্ন হৈছে এগৰাকী মুক্ত সাংবাদিক (Freelance Journalist, Independent Journalist) হিচাপে কি কি
সমস্যাৰ সন্মুখীন হৈছোঁ। এই প্ৰশ্নটোৰ উত্তৰ দিবলৈও আচলতেই বেয়া পাওঁ। মুক্ত
সাংবাদিক হিচাপে কি কি সমস্যাৰ সন্মুখীন হৈছোঁ। হাতৰ মুঠিত আইডেনটিটি কাৰ্ড নথকাকৈ কেনেকৈ ৰিপৰ্টিং কৰোঁ। এয়া সম্ভৱ হয়নে?
হয়, সম্ভৱ। কোনোধৰণৰ আইডেনটিটি কাৰ্ড অথবা অনুমতিপত্ৰ নথকাকৈ চিক্কিমৰ চীন-ভাৰত
সীমান্তৰ অত্যন্ত স্পৰ্শকাতৰ জংগু-লাচুনৰ দৰে এলেকালৈ গৈ ৰিপৰ্টিং কৰিছো, যিবোৰ
ঠাইলৈ যাবলৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ অনুমতিৰ প্ৰয়োজন হয়।সাংবাদিকৰ বাবে নিষিদ্ধ
ভাৰত চৰকাৰৰ অধীনৰ কয়লাখনিৰ তললৈও সোমাইছোঁ। কেনেকৈ?এইবোৰ কথা পাতিবলৈহে ভাল লাগে।
সাংবাদিকতাৰ ক্ষেত্ৰখনত খুব কম
এনে শিক্ষাৰ্থী লগ পাওঁ, যিসকলে সোধে-কি সম্ভাৱনা দেখি আপুনি মুক্ত
সাংবাদিকতকাক বৃত্তি হিচাপে বাচি ল’লে? সমস্যা বা প্ৰত্যাহ্বানৰ কথা
কোৱাতকৈ এগৰাকী শিক্ষাৰ্থীক এইটো প্ৰশ্নৰ উত্তৰ দিবলৈ ভাল লাগে।
বাস্তৱৰ অভিজ্ঞতাৰে সৃষ্টিশীল কাম কৰিব বিচৰা সৃষ্টিশীল সত্তাৰ বাবে মুক্ত সাংবাদিকতাতকৈ আন সম্ভাৱনাময় বৃত্তি থাকিব পাৰেনে?
এই কথাখিনি লিখাৰ উদ্দেশ্য অৱশ্যেই এনেবোৰ প্ৰশ্নৰ উত্তৰ
দিয়া নহয়। মুক্ত সাংবাদিকতাৰ জীৱন কাৰোবাৰ বাবে বাধ্য-বাধকতা(compulsion)
আৰু কাৰোবাৰ বাবে পছন্দ (choice)। যিকোনো বৃত্তিৰ দৰেই সাংবাদিকতাৰ
বৃত্তিটোতো পিতৃতান্ত্ৰিকতা আছে, বৰঞ্চ ইয়াত
অলপ বেছিকৈহে আছে। এটা সময়ৰ পিছত এই ক্ষেত্ৰখনত থকা নাৰী সাংবাদিকসকল suffocation-ত ভোগে।পদোন্নতি, মাতৃত্ব আদিৰ দৰে গুৰুত্বপূৰ্ণ সময়বোৰতেই এই suffocation আৰম্ভ হয়, যেতিয়া তেওঁলোক বঞ্চণাৰ সন্মুখীন হয়। সৌ সিদিনাও অসমৰ
ক’ভিদকালীন পৰিবেশৰ দোহাই দি মাতৃত্বৰ পথেৰে আগবঢ়া নাৰী সাংবাদিক এগৰাকীক কামৰপৰা
বিতাড়িত কৰাৰ কথা আমি পাহৰি যোৱা নাই। এনে স্পৰ্শকাতৰ সময়তে বহুতেই পূৰ্ণকালীন
সাংবাদিকতা এৰি দিয়ে।মুক্ত সাংবাদিকতাৰ পথ বাচি লয়। অথবা আন বৃত্তিলৈ গুচি যায়।
অনেকেই হেৰায়ো যায়, অৰ্থাৎ গৃহিণীৰ সীমিত জীৱন যাপন কৰিবলৈ বাধ্য হয়।
কোনোধৰণৰ বাধ্যবাধকতা নহয়,
বৰঞ্চ মুক্ত সাংবাদিকতা জীৱনৰ এক পছন্দ হোৱাৰ বাবেই হয়তো মুক্ত সাংবাদিকতাই একধৰণৰ মানসিক সন্তুষ্টি,
ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মিডিয়া ফেল’শ্বিপৰ লগতে তেনে পৰ্যায়ৰ এছাইনমেন্টত
কাম কৰাৰ সুবিধা প্ৰদান কৰি একধৰণৰ সাহস আৰু আত্মবিশ্বাস দিছে।
এজন সাংবাদিকতাৰ বাবে এইবোৰ স্বীকৃতি বা সন্তুষ্টি হয়তো যথেষ্টহ’ব
পাৰে। কিন্তু এজন সৃষ্টিশীল লেখকৰ বাবে?যেতিয়াৰেপৰাই সাংবাদিকতাৰ বাবে ক্ষেত্ৰ
অধ্যয়নলৈ যাওতে লগ পোৱা চৰিত্ৰবোৰ গল্প-উপন্যাসৰ মাজেৰে কাহিনী হৈ পৰিছে—তেতিয়াৰেপৰাই
একধৰণৰ অতৃপ্তি অথবা ক্ষুধাইহে চেতনা গ্ৰাস কৰি ৰাখিছে। সাংবাদিকতা তথ্যভিত্তিক, এখন
প্ৰতিবেদন কিদৰে লিখিবলাগে, সেই বিষয়ে নানা নিৰ্দেশনা আছে।
কিন্তু সৃষ্টিশীল সাহিত্য মানে
যে সৃষ্টিশীল সাহিত্যই। ইয়াত তথ্যৰ প্ৰয়োগ আলংকৰিকহে। সাহিত্যৰ ৰসহে সৃষ্টিশীলতাৰ মূল কথা।
লগতে চিন্তাৰ নতুনত্ব। অৱশ্যে (নিজৰ ক্ষেত্ৰত) মূল অধাৰটো সাংবাদিকতা। গতিকেই এটা
পৰ্যায়ৰ মাজেৰে যাবলগীয়া হয় (বা হৈছিল), নিজস্ব এটা পদ্ধতি বা methodology আহৰণ কৰিবলৈ—যিটো বাট একেবাৰেই
সহজ নহয়। কিয়নো এই methodology হব লাগিব নিজা উদ্ভাৱন। গৈ গৈ
বিচাৰি পাব লাগিব। এই এই methodologyটোৱেই হৈছে সেই কথা–যি
সাংবাদিকতা আৰু সাহিত্যৰ মাজত এক যোগসূত্ৰ হৈ ঠিয় দিছে।
দীৰ্ঘদিনৰ ক্ষেত্ৰ অধ্যয়নৰ অভিজ্ঞতাৰ মাজেৰে মুক্ত সাংবাদিকতাই ৰিপৰ্টিঙৰ লগতে সৃষ্টিশীল সাহিত্যৰ কাম কৰা
ক্ষেত্ৰখনতো এটা নিজস্ব methodology আহৰণ কৰিবলৈ কিছুপৰিমাণে
সক্ষম কৰি তুলিছে। আচলতে কবলৈ বিচৰা দিশটো এইটোৱেহে। মুক্ত
সাংবাদিকতাই কি দিছে? উত্তৰটোও অতি সহজ। এটা নিজস্ব পদ্ধতি
বা methodology বিচাৰি পাব পৰাকৈ হয়তোবা উপযুক্ত কৰি গঢ়ি
তুলিছে। যিটো methodology একেলগেই প্ৰয়োগ কৰিব পাৰি ৰিপৰ্টিঙত, আৰু গল্প-উপন্যাসৰ
পটভূমিতো।
এই পদ্ধতি হৈছে storytelling। মুক্ত সাংবাদিকতাই কি দিলে বুলি সুধিলে একে
আষাৰে কৈ দিব পৰা কতাটো হৈছে যে, ই storytelling
methodology-টো দিছে। গল্প-উপন্যাসৰ অভিন্ন
অংগ storytelling। কিন্তু সাংবাদিকতাটো storytelling আছে। আচলতে storytelling ক’ত নাই? সাংবাদিকতাৰ মাজেৰেই হওক বা সৃষ্টিশীলতাৰ মাজেৰেই হওক- আমি মানুহক এটা কাহিনী কব পাৰোঁ। অৱশেষত পাঠকে আমাৰপৰা
একোটা কাহিনী বিচাৰে। ৰাজনৈতিক ৰিপৰ্টিং, অনুসন্ধানমূলক ৰিপৰ্টিঙৰ লিখনৰ শৈলী(style) অৱশ্যেই
বেলেগ। ইয়াৰ বাহিৰতো সাংবাদিকতাৰ এনে কিছু ক্ষেত্ৰ আছে, য’ত সাংবাদিক এজনে storytelling methodology-ৰ সহায়ত
ৰিপৰ্টিং কৰাৰ সুযোগ পায়। এনে ৰিপৰ্টিঙত সাংবাদিকে সংবাদ পৰিবেশনা কৰে এটা কাহিনীৰ মাজেৰে। সাংবাদিকজনে এখন নিৰ্দিষ্ট
ক্ষেত্ৰলৈ গৈ সেই কাহিনীটো বিচাৰি উলিয়াব লাগিব—যিটো কাহিনী
এ্টা সামগ্ৰীক প্ৰেক্ষাৰ প্ৰতিনিধি। সেই নিৰ্দিষ্ট case study টো
বিচাৰি পাবগৈ লাগিব। তাৰ বাবেই তেওঁ অত সাধনা ।
কেনেকৈ পোৱা যায় একোটা case study
? ২০১০চনত এজনী ১০ বছৰীয়া বিড়ি শ্ৰমিকত লগ পাইছিলোঁ ধুবৰীত। স্কুললৈ যোৱাৰ
আগতে আৰু স্কুলৰপৰা আহি আঙুলিৰ পাবত বিডি় পকাই থৈ যাব লাগে। এনেকৈ দিনে তিনিশমান বিড়ি
পকায়। সৰু আঙুলিৰ জোখবোৰ একো একোটা বিড়িৰ বাবে পাত পকাবলৈ উপযুক্ত বুলি গণ্য কৰা হয়। তাতেই ধঁপাতৰ পাতৰ গুৰা সুমুওৱা হয়।
এনেকৈ গোটেই পৰিয়ালটোৱে দিনটো কাম কৰিলে এহেজাৰ বিড়ি বনাব পাৰে।
সেই সময়ত এহেজাৰ বিড়ি বনালে পৰিালে ৩৮ টকা পাইছিল। এই কণমানি
ছোৱালীজনী শিশু-শ্ৰমিক আইনৰ আওতাত পৰিবনে নাই? এজন সাংবাদিকতাৰ বাবে ৰিপৰ্টিঙৰ এইটোৱেই
মূল কথা। কবলৈ গ’লে ই এটা সফল casestudy। বিড়ি-শ্ৰমিকসকলৰ ঘৰে ঘৰে এনে শিশুসকলে
বিড়ি পকাব লাগে। গতিকেই তাইৰ কাহিনীটো প্ৰতিনিধিত্বমূলক। এই ছোৱালীজনীৰ বিষয়ে ৰিপৰ্টিং কৰোঁতে এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ জৰিয়তে ১৪
খন দেশলৈ কাহিনীটোৱে প্ৰসাৰ লাভ কৰিছিল।
কোকৰাঝাৰত গোষ্ঠী সংঘৰ্ষত উপানন্ত
আদিবাসী মাতৃ এগৰাকীক লগ পাইছিলোঁ। মাতৃয়ে নিজৰ ল’ৰা সন্তানক পঢ়াওৱাৰ স্বাৰ্থত জীয়ৰিক দিল্লীৰ পতিতালয়ৰ দালালৰ হাতত তুলি দিবলৈ ওলাইছিল। ছোৱালীজনীৰ সৌভাগ্যই হওক,
বা মাতৃৰ দুৰ্ভাগ্যই হওক দালালটো পুলিচক হাতত
ধৰা পৰিল। এনে অৱস্থাত খঙত টিঙিৰি তুলা হৈ থকা মাতৃগৰাকী আছিল এটা অনুপম case study, যিটো বিচাৰি বিচাৰি পাইছিলোঁগৈ।
এতিয়া কথাটো হৈছে এই case study-বোৰ
কেনেকৈ বিচাৰি পোৱা যায়! ইয়াৰ কোনো উত্তৰ আচলতে
নাই। এই কথাটো লেখক-সাংবাগদিকৰ বাবে অতিকৈ গোপনীয়। তেওঁ নকয়। সাংবাদিকজনে বা
সৃষ্টিশীল লোকজনে আনৰ আগত কৈ নিদিয়ে কিদৰে তেওঁ কাহিনীটো বা casestudy-টো বিচাৰি
পালেগৈ। কিন্তু আপুনি সেই কাহিনীটো বিচাৰি পাবগৈ লাগিব, যিটো
কাহিনী একেবাৰেই নতুন। তদুপৰি সি এটা organic কাহিনী। যি কাহিনী পাঠকে আগতে শুনা
নাই। যি কাহিনীয়ে পাঠকক আচ্ছন্ন কৰি
পেলাব বুলি আপুনি পতিয়ন গৈছে।
অৱশেষত সকলোৱেই বিচাৰে এটা কাহিনী।
শুনিবলৈ খোজে। পঢ়িবলৈ খোজে। মজি থাকিব খোজে কাহিনীত। কবিতাটো storytelling আছে। নীলমনি ফুকনৰ সন্ধিয়াৰ দেও লগা ল’ৰাটো, মুঠি মুঠিকৈ কাটি তোৰ
ঢেঁকীয়া আঙুলিৰ দৰে কবিতা অতি উচ্চপৰ্যায়ৰ storytelling। এনে
storytelling-ত এচমকা জীৱনে সমগ্ৰ জীৱনৰ কথা কবলৈ সক্ষম হয়।সি হৈ
উঠে সমূহৰ প্ৰতিনিধি। সংগীতৰ জগততো
আছে অনন্য storytelling। যি গীতৰ lyrics-ত এটা অনুপম
storytelling গাঁঠি দিব পাৰি, সি যুগমীয়া হৈ উঠিবলৈ বাধ্য। সেইবাবেই
শীতৰে সেমেকা ৰাতি, পৰহি পুৱাতে, প্ৰশান্ত-অনামিকা, সোণজিৰা মাহীৰ হাঁহি- সংগীতৰ এই storytellingবোৰ চিৰসেউজ। শুনি শুনি
আমনি নালাগে।
যিদিনাই এই storytelling methodology বিচাৰি পালোঁ—যিটো সাংবাদিকতা বা সাহিত্য
দুয়োটাৰ বাবেই উপযুক্ত হোৱা যেন অনুভৱ হ’ল—সেইদিনাই যেন এক নতুন জীৱনৰো সন্ধান পাইছিলোঁ।
তাতো কিন্তু প্ৰত্যাহ্বান আছে। পাঠকে বা শ্ৰোতাই
সদায় এটা নতুন, প্ৰাণোদ্দীপক, ৰোমান্সকৰ কাহিনীহে শুনিব। আপুনি সদায় এটা নতুন
কাহিনী নতুন ধৰণে সজাই-পৰাই কব লাগিব। আপোনাৰ পাঠকে বা শ্ৰোতাই আপুনি পুৰণা হৈ
যোৱাটো নিবিচাৰে—আপোনাৰ পুৰণা হৈ পৰা শব্দবোৰ মেটাফ’ৰবোৰ (metaphor) গ্ৰহণ নকৰে।
এইটোৱেই তেওঁলোকৰ আব্দাৰ আৰু আপোনাৰ বাবে প্ৰত্যাহ্বান বা চেলেঞ্জ। অৱশেষত এইটোৱেই
এজন সৃষ্টিশীল লোকৰ হাতৰ মুঠিত থকা যাদু বা মেজিক। আপুনি এটা পুৰণা কাহিনী কব
নোৱাৰে। শুনি শুনি বিৱৰ্ণ হৈ পৰা এটা পুৰণা case study সাংবাদিকতা, সাহিত্য, বা
সংগীতৰ জগতলৈ লৈ আহিব নোৱাৰে। এই কামটো আপুনি কিদৰে কৰিব? কিদৰে নিজকে সদায় নতুন
কৰি ৰাখিব? কিদৰে নতুন নতুন ক্ষেত্ৰ বিচাৰি উলিয়াব? কিদেৰ নিজকে উজ্জীৱিত কৰি
ৰাখিব চিন্তাৰ অভিনৱত্বৰে?
ইয়াৰ ওপৰতেই আপুনি কিমান দূৰলৈ দৌৰিব, সেইটো
নিৰ্ভৰ কৰিব।
আৰু এটা কথা। সাংবাদিকতা যিদৰে ইয়াৰ নিজস্ব
সীমাৰে আৱদ্ধ, সেইদৰেই সৃষ্টিশীল জগতখনৰো নিজস্ব পৰিসীমা আছে। এটা ক্ষেত্ৰৰ storytelling আহি আন এটাত বহি যাব নোৱাৰে। তেতিয়া পাঠক
বিভ্ৰান্ত হব। আৰু পাঠকক বিভ্ৰান্ত কৰাৰ অধিকাৰ আমাৰ নাই।
শেষৰ কথাটো
হৈছে— প্ৰকাশিত গল্পই, উপন্যাসে কেতিয়াবা সন্তুষ্টি
প্ৰদান কৰিছেনে? মুঠেও কৰা নাই। কিন্তু এই সন্তুষ্টি বা অসন্তুষ্টিৰ কথা ভাবিবলৈ আহৰি
ক’ত? ভবা মতে লিখি উলিয়াব নোৱাৰিলে, মেটাফৰবোৰ নতুন চিন্তাৰে শক্তিশালী কৰিব নোৱাৰিলে
মনলৈ হতাশা অহা স্ববাৱিক। কিন্তু এই হতাশাই
ক্ষেত্ৰ এৰি যাবলৈও নকয়, পৃষ্ঠ এৰি দিবলৈও নকয়। পৰৱৰ্তী গল্প বা উপন্যাসৰ বাবে case
study এটা বিচাৰি ঘৰৰপৰা ওলাই যাবলৈহে সকিয়াই দিয়ে।
আমাৰ শব্দবোৰে
পাঠকৰ হৃদয়লৈ খোজকাঢ়ে। লেখক-সাংবাদিকে শব্দবোৰক যিমানেই শক্তি দিব, সেইবোৰে সিমান
কোবেৰে পাঠকৰ হৃদয়লৈ গতি কৰিব। প্ৰতিজন সৃষ্টিশীল লোকে তেওঁৰ শকতিৰ জোখাৰে এমুঠি
পাঠক পায়। এমুঠি সহৃদয়, উজ্জীৱিক পাঠক পোৱাৰ সমান আনন্দ আন একোৱেই দিব নোৱাৰে। আচলতে
সহৃদয় পাঠকেহে সৃষ্টিশীল জগতৰ লেখকক জীয়াই ৰাখে।
No comments:
Post a Comment