Friday, 17 January 2025

 

মণিকংকনা বৰবৰাৰ গল্পৰ  যুঁজাৰু চৰিত্ৰবোৰ 


ফটো-মণিকংকনা বৰবৰা 

গভীৰ অন্তৰ্দৃষ্টি, সমাজ সচেতনতা, প্ৰবল অনুসন্ধিৎসা আৰু গভীৰ মমতাৰে কিছুমান অদৃশ্যপ্ৰায় সত্য আৰু নিঁভাজ(organic)কাহিনী গল্পসাহিত্যলৈ তুলি আনিব বিচৰা অসমীয়া গল্পসাহিত্যৰ শেহতীয়া ধাৰাটোৰ এগৰাকী গল্পকাৰ মণিকংকনা বৰবৰা। গদ্য-সাহিত্যৰে অসমীয়া সাহিত্যৰ জগতত ভৰি দিয়া মণিকংকনাই গল্প কবলৈ আৰম্ভ কৰিছিল ক’ভিডকালীন সময়ত—অতিমাৰীৰৰ কোৱাৰেনটিনকালত কাম হেৰুৱাই ভাৰতবৰ্ষৰ দীঘে-বাণিয়ে খোজকাঢ়ি ঘৰলৈ ওভতা শ্ৰমিকসকলৰ বিষয়ে লিখা এটা গল্পৰে। সেই গল্পৰ নামেৰেই তেওঁৰ শেহতীয়া গল্প সংকলন “গৈ থকা মানুহবোৰ”। তেতিয়াৰেপৰা মাত্ৰ চাৰি বছৰৰ ভিতৰতে তেওঁ প্ৰথমখন গল্প সংকলন প্ৰকাশ কৰি পাঠকৰ বাবে তুলি দিছে।

সাধাৰণতে আমাৰ চকুত নপৰা কিছুমান অদৃশ্যপ্ৰায় মানুহ, যিবোৰৰ বেছিভাগেই নাৰী—সেই জীৱন্ত চৰিত্ৰবোৰেই সততে মণিকংকনাৰ গল্পৰ চৰিত্ৰ।সেই চৰিত্ৰবোৰক গল্পৰ মজিয়ালৈ তুলি অনাতেই তেওঁ নিজৰ দায়িত্ব সামৰি থোৱা নাই, বৰঞ্চ, সেই চৰিত্ৰবোৰত জীৱনৰ মহত্ব দান কৰিব পৰা  ক্ষমতাইহে তেওঁক সফল গল্পকাৰৰ দিশে লৈ গৈছে। বহুক্ষেত্ৰত পৰিহাসৰ মাজেৰেই তেওঁ চৰিত্ৰবোৰত মহত্ব দান কৰিবলৈ সক্ষম হৈছে। নৌবৃং- মিছিং সম্প্ৰদায়ৰ এনে এগৰাকীৰ নাৰী, যাৰ অৰ্থ সম্ভ্ৰান্ত আপোনজনৰ ঘৰত কেঁচুৱা তুলি-তালি ডাঙৰ কৰা তিৰোতা বা ছোৱালী। আপুন্তি নামৰ নৌবৃংজনীয়ে এদিনাখন উপলব্ধি কৰিছে যে, বিয়াৰ পিছত তাইৰ পিঠিত পৰা মদাহী গিৰিয়েকৰ কোবকেইটা আৰু তাই যিখন সম্ভ্ৰ্ন্ত ঘৰত ধাইমাক হিচাপে কাম কৰিছিল, সেইখন ঘৰৰেই জীয়ৰি আৰু বাহিৰত থাকি ভালকৈ পঢ়া-শুনা কৰি বিয়া হৈ যোৱা ছোৱালীজনীৰ পিঠিত পৰা গিৰিয়েকৰ কোবকেইটাৰ মাজত এটাই পাৰ্থক্য আছে। আপুন্তিয়ে নিজৰ কোবকেইটাৰ বিষৰৰপৰা সকাহ পাবলৈ পিঠিখন ৰ’দলৈ উলিয়াই দিব পাৰে, কিন্তু ধনীঘৰৰ আত্মীয় ছোৱালীজনীয়ে নোৱাৰে। পৰা নাই।  সম্ভ্ৰান্ত বাবেই তাই অন্তৰৰ সকলো বেদনা, পিঠিৰ পুৰুষতান্ত্ৰিক কোবকেইটা কোঠাৰ ভিতৰতে ঢাকি থবলৈ বাধ্য। তেনেহ’লে কোন বেছি স্বাধীন? পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাত পিষ্ট আৰু নাৰীবাদী তত্বৰ আধাৰত দ্বান্দ্বিক বিশ্লেষণেৰে সিক্ত হৈ অহা  নাৰী জীৱনৰ এনে অনেক প্ৰহসন মণিকংকনাৰ গল্পত আছে। কিন্তু সেইবোৰৰ সফল দিশটো হৈছে যে ইয়াত তত্ব বিচাৰি পাবলৈ টান। কিয়নো গভীৰ অন্তৰ্দৃষ্টিয়ে প্ৰতিটো চৰিত্ৰক তেজে-মঙহে-চকুপানীয়ে- কঠোৰ জীৱন-জাৱিকাৰ সংগ্ৰামেৰে মানৱিক কৰি তুলিছে। মানুহক তেওঁ কেৱল আদৰ্শগতভাৱে নহয়, বৰঞ্চ অন্তৰৰ মমতাৰে গভীৰভাৱে ভাল পায় বাবেই গল্পবোৰ ইমান জীৱন্ত।

কিন্তু মণিকংকনা কেৱল সংবেদী নাৰীজীৱনৰেই কথক নহয়। ঠুটুনী, আপুন্তি, বাবেশ্বৰ, পুনচাঙ আদি চৰিত্ৰবোৰৰ সমাহাৰেৰে তেওঁ গল্পকথাৰ যিখন পৃথিৱী আমাৰ সন্মুখলৈ তুলি দিছে—সেই পৃথিৱীখনত আছে তেওঁৰ গল্প কোৱাৰ হাবিয়াসৰ লগত সংপৃক্ত হৈ থকা সততা। সাহস। ভিৰৰ মাজত হেৰাই নোযোৱাৰ প্ৰতিশ্ৰুতি। তেওঁ এটা অৱস্থান লৈছে আৰু সেই অৱস্থানৰপৰাই দৃঢ়তাৰে গল্পবোৰ কৈছে। সেইবাবেই গল্পৰ চৰিত্ৰবোৰ অস্থিৰ নহয়। এক বিৰলধৰণৰ চাৰিত্ৰিক দৃঢ়তা তেওঁৰ গল্পৰ চৰিত্ৰবোৰত পোৱা যায়। কোনো ওলোম-জোলোম নাই। জীৱনৰ অভিজ্ঞতাৰে তেওঁ বুজি উঠিছে যে, এই গল্পবোৰ অৰ্থাৎ এই মানুহবোৰৰ কাহিনীবোৰ কোৱাটো জৰুৰী। সেইবাবেইহে তেওঁ এই গল্পবোৰ কৈছে। গল্পৰ শৰীৰ নিৰ্মাণৰ নামত তেওঁ শব্দৰ কাৰচাজিও কৰা নাই, চাটুকাৰিতাৰো আশ্ৰয় লোৱা নাই। গতিকেই গল্পৰ পঠনত আছে এক অনন্য সৰলতাৰ স্বাদ। চিত্ৰকল্পবোৰ স্থানীয় প্ৰেক্ষাৰ পৰা আহিছে বাবেই বহু সময়ত সেইবোৰেও মন মুহি নিয়ে। 

অৱশ্যে এটা কথা— মণিকংকনাৰ গল্পত বিষয়বস্তুৰ ক্ষেত্ৰত যি বৈচিত্ৰতা দেখা পোৱা যায়, বিৱৰণীৰ সময়ত সেয়া যেন অনুপস্থিত। ফলত বহুকেইটা গল্পৰ কথন একেই যেন হৈ পৰিছে। এয়া আচলতে গল্পকাৰৰ  দোষ বুলি কবও নোৱাৰি। অধ্যয়নৰ মাজেৰেই এই সীমাবদ্ধতাক অতিক্ৰম কৰিব পৰা যায়। কৰিব লাগিবও।

কবই লাগিব যে, মণিকংকনাই সাহিত্যৰ বাটৰ সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰি নিজৰ বাবে এটা ইৰ্ষণীয় বাট মুকলি কৰি লৈছে, যি বাট আচলতে অতি কঠিন। ইয়াত ৰঙা দলিচা নাই, চৰকাৰী স্বীকৃতি বা পুৰস্কাৰৰ আশা নাই। আৰু বহুত লোভনীয় কিবাকিবিয়েই নাই।এনে বাটত অতিকৈ আপোনজনেও এৰি থৈ গুচি যায়। গতিকে ৰঙা সুৰুযটোৰ  দৰে উজ্জ্বল হৈ থকা অন্তৰৰ এক সুগন্ধি গিদাৰ লগতে সমাজ আৰু মহৎ সাহিত্যৰ প্ৰতি থকা দায়বদ্ধতাৰেই তেওঁ আগবাঢ়ি যাব লাগিব। এই খোজটোৰ মাজেৰেই তেওঁ সমসাময়িক আন বহুতো  গল্পকাৰক একধৰণে টক্কৰো দিছে। যিহেতু টক্কৰ দিছেই, গতিকে এই যুদ্ধখন তেওঁ কৰিবই লাগিব। কিয়নো এতিয়া তেওঁৰ পৰিচয় মাথোন এজন গল্পকাৰ হৈ থকা নাই, তেওঁ এতিয়া এজন যুঁজাৰুও।

ৰত্না ভৰালী তালুকদাৰ 

No comments:

Post a Comment