Thursday, 9 January 2025

 

খং নিষ্কাশন আৰু  কৃতজ্ঞতা প্ৰকাশ 






টেলিকম কোম্পাণীবোৰে চাইবাৰ অপৰাধ আৰু সুৰক্ষাৰ সন্দৰ্ভত সাৱধানসুচক বাৰ্তা প্ৰেৰণ কৰিবলৈ গৈ অসমীয়া ভাষা বিকৃত কৰি ‘সঞ্চয়ৰ পানী নিষ্কাশন’ৰ দৰে শব্দৰ সৃষ্টি কৰি অসমীয়া ভাষাৰ বিকৃতকৰণ কৰাৰ বাবে আমাৰ খং উঠিছে। ভাষাজননীৰ মৰ্যদা হানিকৰ বিষয়ত মানুহৰ খং উঠা স্বাভাৱিক কথা।

‘সঞ্চয়ৰ পানী নিষ্কাশন’—বেছ কেইদিনমান ধৰি  বজাৰত চলিল।

এই আপাহতে নিজৰো খং নিষ্কাশনৰ বিষয়ে কিছু কথা ভাবি চাবলৈ মন গ’ল। সৃষ্টিশীল জগতৰ এজন লোক যেতিয়া স্পষ্টবাদী হয়, তেতিয়াহ’লে এই কথা নিশ্চিত যে, খং উঠিবই! খং অবিহনে সৃষ্টিৰ প্ৰকাশ হ’ব নোৱাৰে। এয়াই সত্য। খং উঠে অপ্ৰকাশৰ বেদনাতখং উঠে নিজৰ সতে হোৱা অন্যায়-অবিচাত। খং উঠে সমাজৰ অন্যায়-অবিচাৰৰ বিৰুদ্ধে। মধ্যবিত্তীয় বিলাস-বৈভৱত সৃজনীশীলতাৰ ৰস-তত্ত্বৰ সন্ধান কৰাৰ বিপৰীতে গভীৰ জীৱনলৈ গৈ সামাজিক প্ৰেক্ষাৰ বিষয়ে লিখিবলৈ ভালপোৱা মানুহৰ মনত সামাজিক অন্যায়-অবিচাৰ বিৰুদ্ধে খং উঠাটোৱেই স্বাভাৱিক, কিয়নো সেয়াই সৃষ্টিশীল সাহিত্যৰ উৎসৰ অভিকেন্দ্ৰ (triggering point)।  

 অৱশ্যে ‘কূটনীতি’ত (diplomacy)অভিজ্ঞ হ’ব পাৰিলে সুকীয়া কথা। তেতিয়া খং নুঠে। কিন্তু সৃষ্টিশীল জগতৰ মানুহ এজনে কূটনীতি অৱলম্বন কৰিবলৈ গ’লে নিজৰ সৃষ্টি অথবা শব্দবোৰ সেৰেকা বা ফিকা হৈ পৰাৰ সম্ভাৱনাহে অধিক।  

এইবাবেই কিছুমান খং আমাৰ প্ৰিয়। কিছুমান অদৰকাৰী খঙো নোহোৱা নহয়। অৱশ্যে ভাল লগা কথাটো হৈছে--অদৰকাৰী খংবোৰৰ  নিষ্কাশনৰ উপায় নোহোৱা নহয়। খং নিষ্কাশনপদ্ধতিবোৰ মানুহ ভেদে সুকীয়া। নিজা। পদ্ধতি নিজেই উদ্বাৱন কৰিবলগীয়া হয়। কাৰোবাৰ উপদেশ শুনি তাক কামত নিজৰ খটুৱাব নোৱাৰি। 

নিৰ বাবে খং নিষ্কাশনৰ উপায়টো ভাবি উলিয়াবলৈ কিছু সময় লাগিছিল। এদিন ভাবি পালোঁ যে, যাৰ ওপৰত বা যি বিষয়ত যেতিয়া খং উঠে--তেতিয়া তাক চেঁপি ৰখা অনুচিত।অদৰকাৰী খং সদায় নিষ্কাশন কৰি দিব লাগে। পুহি ৰাখিব নাপায়। খং নিষ্কাশনৰো আকৌ নানান উপায় আছে। এইক্ষেত্ৰত নিজৰ বাবে বিচাৰি পোৱা মাধ্যম বা উপায়টো আছিল শব্দৰ মাজেৰেই নিস্কাষণ কৰা। ধৰা হওক—কোনোবা ব্যক্তিৰ বিৰুদ্ধে খং উঠিছে। এতিয়া কি কৰা যায়? কৰা উচিত? আজিৰ দিনত জানো চিঞৰ-বাখৰ কৰি কাৰোবাৰ প্ৰতি থকা খং নিস্কাষণ কৰিব পাৰি! নোৱাৰি। গতিকে কলমটো তুলি লৈ যাৰ ওপৰত খং উঠে, তেওঁকে লক্ষ্য কৰি গুৱালগালি এসোপা লিখি গ’লেই হৈ গ’ল। কাম শেষ। শব্দ বিচাৰি নাপালে অভিধান  চাব পাৰি, ‘মৎস্যগন্ধা’  উপন্যাসপৰা শব্দ তুলি আনিব পাৰি। মুঠতে তুলি অনা শব্দবোৰ বিশেষণ হিচাপে ব্যৱহাৰ কৰি গ’লেই হ’ল!

এনেদৰে লিখি উঠাৰ পিছতে সি এটা আমোদজনক খেল হৈ পৰে।খং নিষ্কাশন হৈ যোৱাৰ পিছত মন মুকলি হৈ যায়। অৱশ্যে লিখা উঠাৰ পিছতে কথাখিনিৰ মৃত্যুদণ্ড দিয়া হয়। কম্পিউটাৰৰ ফাইলৰ ‘ডিলিট’ ম’ড অন কৰি দিয়া হয়। ইয়াৰ পিছতে কৰা কামটো হৈছে ভাল লগা কিবা পঢ়া, লিখা, গান শুনাধুনীয়াকৈ কিবা এটা ৰন্ধা। শেষৰ কামটো আটাইতকৈ ভাল। ঘৰৰ সকলোৰেপৰা প্ৰশংসা বুটলিব পৰা যায়।  

সেইদৰেই, যিসকলৰ প্ৰতি কৃতজ্ঞ, তেওঁলোকৰ বিষয়েও এষাৰ কথা লিখি থোৱা হয়। এইখিনি লিখি থোৱা কম্পিউটাৰৰ ফাইলটো অৱশ্যে ‘ডিলিট’ কৰা নহয়। লগতে থাকে। এনেদৰে কৃতজ্ঞতা প্ৰকাশ কৰিবপৰা হৈ বহুতো ব্যক্তি  জীৱনলৈ আহিছে। কবলৈ গ’লে খং উঠা মানুহ বা বিষয়ৰ তালিকাতকৈ এইখন তালিকাহে বেছি দীঘলীয়া । প্ৰবীণৰপৰা তৰুণলৈ অনেকজন এইখন তালিকাত আছে। কেতিয়াবা খং উঠাজনো কোনোবা সময়ত কৃতজ্ঞতাৰ তালিকাত সোমাইছে। আচলতে এইটো এটা মজাৰ খেল। জীৱনৰ যাদু।এইবাবেই আমি ঘৰৰ মূল দুৱাৰখন যিদৰে সকলোৰে বাবে খোলাকৈ ৰাখোঁ, সেইদৰেই হৃদয়ৰ কপাটখনো সকলোৰে বাবে মুকলিকৈ ৰাখিবলৈ বাধ্য।

আমি সৃষ্টিশীল  জগতৰ মানুহ। আমি সৃষ্টি কৰা শব্দবোৰৰ একোটা নিজস্ব গতি থাকিব লাগিব। সাহিত্যৰ সম্পৰীক্ষাৰ নামত শব্দবোৰ সেৰেকা জীৱনৰ ফিকা পানী হ’ব নালাগিব। অন্ততঃ সেইবোৰে নিজৰ শকতিৰেই মানুহৰ কাষলৈ যাবগৈ লাগিব। কোনোবাই কঁকালত ধৰি দাঙি দিলে বুলিয়েই শব্দই দুৰ্নিবাৰ গতি লাভ নকৰে।নিজৰ শকতিৰে আঁটে মানেহে শব্দই যাত্ৰা কৰিব আৰু এটা সময়ত ৰৈ দিবগৈ। মহৎ শব্দ হ’লে সি কিন্তু গৈয়ে থাকিব। যোৱাৰ  বাট নিজেই বিটাৰি লব। তোতিয়া আনে মি সৃষ্টি কৰা শব্দবোৰ ‘গল্প নহয়’, ‘উপন্যাস নহয়’ বুলি প্ৰচাৰ চলাই থাকিলেবা কূটনীতিবিদৰ দৰে অসম্ভৱধৰণে নীৰৱতা অৱলম্বণ কৰিলেও সেইবোৰ মৰি নাযায়। নিজস্ব গতিৰেই আমাৰ শব্দ মানুহৰ কাষলৈ যায়। সকলো পৰিধি ভাঙি গুচি যায়। কেতিয়াবা ভাষাৰ পৰিধিও ভাঙে।

সৃষ্টিশীল মানুহ বাবেই আমাৰ জীৱনলৈ নানা আমন্ত্ৰণ আহে। এতিয়া  কথাটো হৈছে, কোনবোৰ আমন্ত্ৰণ আমি গ্ৰহণ কৰিম? য’লৈ গ’লে আমি নিজকে প্ৰসাৰিতবোধৰ উপলব্ধিৰে সিক্ত কৰি আহিব নোৱাৰিম তালৈ যোৱাটো উচিত নে? য’ত সংকীৰ্ণ ভাৱনাই মনবোৰ বোৰি ধৰিব, মানুহৰ মাজৰপৰা আমাক আঁতৰাই আনিব--সেই আমন্ত্ৰণবোৰ আমি নিশ্চয়েই উপেক্ষা কৰা উচিত- লাগে সেইবোৰ যিমানেই লোভনীয় নহওক!

ভাৰতবৰ্ষ এখন কল্যাণকামী ৰাষ্ট্ৰ। সেইবাবেই  দেশৰ সকলো অংশৰ জনসাধাৰণৰ লগতে লেখক-শিল্পী-সাহিত্যিকসকলৰ কল্যাণৰ বাবেও চৰকাৰে নানা আঁচনি গ্ৰহণ কৰে। উপযুক্ত লোকক এই আঁচনিবোৰেৰে সামৰি লোৱাটো চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য।  জনসাধাৰণে এইবোৰ নিৰীক্ষণ কৰে। কিয়নো এইবোৰ ৰাইজৰ কৰৰ টকা জড়িত হৈ থকা বিষয়। আমিও কৰোঁ। 

No comments:

Post a Comment