Copyright- Ratna Bharali Talukdar. No part of any item may be reproduced, or utilized in any forms or by any means, electronic or mechanical, including photocopying, recording, or by any information storage and revival system, without prior permission of the blogger. Contact 94351-05414 e-mail ratnabharalitalukdar@gmail.com. The blogger has decided to donate body after death for the benefit of life saving medical research.
Friday, 17 January 2025
‘ৰূপান্তৰৰ শিল্পী'ৰ শিল্পদৰ্শন
সাম্প্ৰদায়িকতাবাদ প্ৰতিহত কৰাৰ অন্যতম
পোহৰ
-- ৰত্না ভৰালী তালুকদাৰ
ৰূপকোঁৱৰ
জ্যোতিপ্ৰসাদ আগৰৱালা এগৰাকী
স্বাভিমানী অসমীয়া, গৌৰৱী ভাৰতীয় আৰু
একেটি সময়তে বিশ্ব নাগৰিক। তেখেত ৰূপান্তৰৰ শিল্পী। কবলৈ গ'লে এই ‘ৰূপান্তৰৰ
শিল্পী'--অভিধাটিতে লুকাই আছে শিল্পীগৰাকীৰ শিল্পদৰ্শন। শিল্পীৰ শিল্পদৰ্শনৰ আটাইতকৈ প্ৰস্ফুটিত ৰূপ বোধহয় এইষাৰি
কবিতাতেই পৰিস্ফুট হৈছে--“জনতা, তোৰ প্ৰাণৰো প্ৰাণত, মনৰো মনত শিল্পী যে মই লুকাই
লুকাই আছোঁ, তোৰ সপোনৰ কত ছবিত কত যে ফুল বাছোঁ, লুকাই
লুকাই আছোঁ।” নাতিদীৰ্ঘ জীৱনত এক বিশাল কৰ্মযজ্ঞৰ পাতনি মেলা শিল্পীয়ে এই কথা
কৈছিল ১৯৪৮ চনত শিৱসাগৰত অনুষ্ঠিত
হোৱা সদৌ অসম শিল্পী সংঘৰ প্ৰথম
অধিবেশনত প্ৰদান কৰা এক দীঘলীয়া ভাষণ ‘শিল্পীৰ
পৃথিৱী'ত, য'ত জ্যোতিপ্ৰসাদৰ শিল্পদৰ্শন
আৰু ৰূপান্তৰৰ ধাৰণা
অতি শক্তিশালী ৰূপত প্ৰতিষ্ঠা
কৰা হৈছে।
এই ভাষণটিত জ্যোতিপ্ৰসাদ আগৰৱালাই ভাৰতীয় আৰু অসমীয়া
সংস্কৃতিত কৃষ্ণ সংস্কৃতিৰ প্ৰভাৱ
আৰু কালিকা,
আৰু ইয়াৰ লগতে অসমীয়া ভাষা আৰু সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠাতা শংকৰদেৱে
এই কৃষ্ণ সংস্কৃতিক চিত্ৰিত কৰি সাহিত্যৰ মেটমৰা সম্ভাৰেৰে ভাষা-সংস্কৃতিৰ
ভেটি বান্ধি থৈ
গৈছে--এই সকলো দিশ সামৰি কৃষ্ণ
সংস্কৃতিৰ যি বিজ্ঞানসন্মত ব্যাখ্যা জ্যোতিপ্ৰসাদে আগবঢ়াইছে--সেই ব্যাখ্যাৰ মাজেৰেই আজি ৰজাঘৰীয়া
পৃষ্ঠপোষকতাত ধৰ্ম-ভাষা-সংস্কৃতি-জাতি-
নগোষ্ঠীৰ পৰিচিতি
আৰু বিকাশৰ নামত ভেদ
ভেদ কৰি পোলোৱাৰ জঘন্য ৰাজনীতিক ভালদৰে উপলব্ধি কৰিব পাৰি। সেইবাবেই ৰূপান্তৰৰ
শিল্পীগৰাকীৰ বাবে ‘সংস্কৃতি'
দৰাচলতে কি আছিল, আৰু তেখেতৰ শিল্পদৰ্শন কি আছিল তাক উপলব্ধি কৰাৰ
সময় আহি পৰিছে। কি এই জ্যোতিপ্ৰসাদৰ
শিল্পদৰ্শন, যাক আমি
‘জ্যোতিদৰ্শন' বুলিও কব পাৰোঁ-যি দৰ্শনে আজিৰ
এই ধৰ্মান্ধতা আৰু
সাম্প্ৰদায়িকতাবাদত অতীষ্ঠ হৈ
উঠা সমাজক এক সুস্থিৰ দিশৰ সন্ধান
দিব পাৰে!যি দৰ্শনৰ সময়োপযোগী ব্যাখ্যা আজি অতিকৈ প্ৰাসংগিক।
এইবাবেই
জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিল্পদৰ্শনৰ
মৰ্ম উপলব্ধি কৰিবলৈ হ'লে আমি
মাথোন এইগৰাকী শিল্পীৰ ৰছনাৱলী
বিজ্ঞানসন্মতভাৱে চৰ্চা
কৰিলেই ন'হব, অসমীয়া সমাজ- ভাষা-সংস্কৃতিৰ ভেটি বান্ধোতাসকল যেনে-- শংকৰদেৱ, লক্ষ্মীনাথ
বেজবৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে মনীষিসকলৰ সাহিত্য
কৰ্মৰাজিও সমানেই অধ্যয়ন কৰিব লাগিব।
কিয়নো আজি কুটিল ৰাজনীতিক ৰ, সাম্প্ৰদায়িক শক্তিৰ হাজাৰ ষড়যন্ত্ৰৰ মুখতো অসমীয়া জাতি যদি টুকুৰা- টুকুৰ নোহোৱাকৈ
থাকিব পাৰিছে- তাৰ গুৰিটো হৈছে এইসকল মনীষাই উদাৰতা আৰু সমন্বয়ৰ মাজেৰে গঢ়ি থৈ যোৱা সমাজখনহে । আৰু
তেওঁলোকৰ কলমেৰে নিগৰি অহা কালিকালগা শব্দবোৰহে--যি আমাৰ চেতনাৰে
প্ৰবাহিত হৈ আছে,
হয়তোবা
আমি নজনাকৈয়ে। জাতিৰ সংকটকালত তেওঁলোকে
শব্দৰ মাজেৰে দি থৈ যোৱা নিদানবোৰৰ দৃষ্টান্তৰেই আমি ভাঙোণমুখী সমাজ বাৰে বাৰে
জোৰা লগাব পাৰোঁ। হাজাৰ সংকটৰ মাজতো আজি অসমীয়া জাতি সেই বাবেই সৌভাগ্যবান।
পৰিহাসৰ
কথা এয়ে যে, যিজনা জ্যোতিপ্ৰসাদে প্ৰতিজন মানুহৰ
বুকুতেই ‘শিল্পী' লুকাই থাকে বুলি কৈ গৈছে,
দেশৰ সেই
জনসাধাৰণৰ অধিকাংশই কিন্তু নিজৰ
প্ৰাণত লুকাই থকা এই শিল্পীসত্তাৰ ৰূপ
দেখা নাপায়। কিয়নো এতিয়াও দুবেলা-দুসাঁজ যোগাৰ কৰাৰ চিন্তাতেই জনসাধাৰণে নিজক সংকুচিত
কৰি ৰাখিবলগীয়া হয়। ইয়াৰে লগতে
থাকে অজস্ৰ ষড়যন্ত্ৰ । প্ৰচাৰ মাধ্যমৰ জৰিয়তে নানানটা ফন্দি, হাজাৰ হাজাৰ হিতাধিকাৰী আঁচনি,
কোটি
কোটি টকাৰ ঋণ লৈ
দেশৰ কৰ্মসংস্থাপনহীন জনতাক
বিনামূলীয়া আঁচনিৰে চলাই-ভুলাই ৰাখি তেওঁলোকৰ মূৰতে সেই ঋণ জাপি দিয়াৰ
কৌশল,
একাংশ মোহগ্ৰস্ত শিল্পী-সাহিত্যিকক নিচাগ্ৰস্ত
কৰি ৰাখিবলৈ অনেক প্ৰলোভনৰ
জাল। এনে পৰিবেশত শিল্পীদিসৱৰ
নামত তেখেতৰ শিল্পদৰ্শনৰ স্বৰূপ
উপলব্ধি কৰাৰ বিপৰীতে উপৰুৱা গীত-মাত-বক্তৃতাৰে মায়াজাল
ৰচি সাধাৰণ মানুহৰ বুকুত জ্যোতিপ্ৰসাদে দেখা পোৱা শিল্প
ৰূপ মোহাৰি পেলাবলৈ বিচৰাটোৱেই
সহজ কথা। বহুক্ষেত্ৰত তেওঁলোক
এই ক্ষেত্ৰত সফলো হৈছে। “ৰূপান্তৰৰ
শিল্পী'গৰাকীক
ৰোমাণ্টিক অভিধাৰে ‘ৰূপকোঁৱৰ'তেই সীমামব্ধ কৰি ৰাখিব বিচৰাটোও সুবিধাবাদীৰ এটা কৌশলহে।
প্ৰশ্ন হয়
এই ধৰ্মীয় গোড়ামি আৰু সংকীৰ্ণতাৰপৰা জ্যোতিপ্ৰসাদ আগৰৱালা কিদৰে মুক্ত
আছিল?
কিদৰে
নিজকে তেনে এক পৰ্যায়লৈ তেখেতে উত্তৰণ ঘটাব পাৰিছিল? মানুহৰ প্ৰতি
গভীৰ ভালপোৱা, মানৱতাবাদেৰে
সিক্ত হৈ
অহা শিল্পীৰ দৰ্শনৰপৰাই জ্যোতিপ্ৰসাদ আগৰৱালাই সংকীৰ্ণতাৰপৰা মুক্ত হৈ প্ৰতিজন মানুহৰ বুকুত
লুকাই থকা শিল্পীৰ ৰূপ উপলব্ধি কৰিব পাৰিছিল। এয়া কোনো তত্ব নহয়-- সি
এক প্ৰায়োগিক কথা
আৰু গভীৰ জীৱনোপলব্ধিৰ
বিষয় । সেইজনা শিল্পীৰ প্ৰকৃত দৰ্শন আজি বহুতেই দেখা নাপায়।
শিল্পীদিৱসৰ নামত এতিয়া বহু ঠাইত
ৰূপান্তৰৰ শিল্পীগৰাকীৰ শিল্প- দৰ্শনৰ বিষয়ে চৰ্চা কৰাৰ বিপৰীতে গীত-মাত-আবৃত্তি
প্ৰতিযোগিতা অথবা পৰিবেশনা, সুকোমল
শব্দৰ ইননি- বিননিৰ মাজতেই
শিল্পীগৰাকীক সংকুচিত কৰি ৰখা হৈছে। এনে সংকুচিত মানসিকতাই আমাক
জাতিৰ সংকটকালত আত্মমগন হবলৈহে
শিকাব কিন্তু উদাৰবাদী, গণতান্ত্ৰিক অসমীয়াৰ
বুকুত সোমাই থকা হাজাৰ
বছৰীয়া সমন্বয়ৰ সংস্কৃতিৰ দৰ্শন
যিদৰে বিকৃত কৰা হৈছে,
গুৰুজনাৰ
আদৰ্শক যিদৰে বিকৃত কৰা হৈছে, আৰু
তাৰ মাজেৰে সাংস্কৃতিকভাৱে অসমীয়াৰ কঁকাল ভাঙি পেলাবলৈ যি ষড়যন্ত্ৰ
ৰছনা কৰা হৈছে-- তাক প্ৰতিহত
কৰিবলৈ আমি উপায় বিচাৰি উলিয়াব
নোৱৰিম।
----
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment