উমৰাংচুৰ অবৈধ
কয়লাখনিত নিহতজনৰ বাবে এটুপি চকুলো
২০০৫ চন টিকক পৰ্বতৰ বুকু খান্দি কৰা মুক্তখনন
ফটো-ৰত্না ভৰালী তালুকদাৰ
২০০৫ চনত
চেণ্টাৰ ফৰ চায়েন্স এণ্ড এনভিৰণমেণ্টে মোৰ লগতে দেশৰ বাৰজন সাংবাদিকক এটা ফেল’শ্বিপ
দিছিল মাইনিং খণ্ডত ক্ষেত্ৰ অধ্যয়ন কৰি ৰিপৰ্টিং কৰিবলৈ। উজনি অসমৰ মাকুম
কয়লাক্ষেত্ৰত শ্ৰমিকৰ অৱস্থা আৰু পৰিবেশৰ ওপৰত কয়লাখননৰ প্ৰভাৱ সন্পৰ্কে অধ্যয়ন
কৰিবলৈ কতৃপক্ষৰপৰা অনুমতি পোৱা নাছিলোঁ। কাষৰ গাঁৱৰ কেইবাজনো লোকৰ লগতে শ্ৰমিক
নেতাৰ সহায়ত সেই অধ্যয়ন কৰোঁতে কয়লাখনন কিমান বিপদজনক নিজেই দেখিবলৈ পাইছিলোঁ।
পৰিবেশ সুৰক্ষাৰ লগতে অবাধ হাৰত মুক্তখনন বন্ধ কৰাৰ বাবে প্ৰতিবাদ মুখৰ হৈ এনেদৰে বিভিন্নজনক
সহায় কৰা বহুত মানুহ পিছলৈ ‘নিখোঁজ’ হৈ গৈছিল। টিপঙৰ ‘লাচিত খনি’ তেতিয়াও মুক্ত খননৰ বাবে
উন্মুক্ত হোৱা নাছিল। শ্ৰমিকসকলে কেনেদৰে কাম কৰে, তাৰ বুজ লবলৈ অনুমতি নথকা
স্বত্বেও ‘লাচিত খনি’ৰ তললৈ সোমাই গৈছিলোঁ, মূৰত এটা লাইট পিন্ধি। তেতিয়াই কয়লাখনিৰ
তলা-নলাবোৰ দেখিছিলোঁ। পিছত অৱশ্যে চিনেমাত ভালকৈ দেখিবলৈ পাইছিলোঁ। শ্ৰমিকসকলে
মাটিৰ তলত দহ নম্বৰ পৰ্যায়লৈকে গৈ আঠঘণ্টাৰ শ্বিফট্ ডিউটি কৰে। আসন্ন মৰণৰ ভয়
সাৱটি বছৰৰ পিছত বছৰ ধৰি মাটিৰ তলত কাম কৰাৰ ফলত তেওঁৱলোকৰ মানসিক অৱস্থা কি হ’ব
পাৰে? মাটিৰ তলৰ তিনি নম্বৰ পৰ্যায় পাওতেই মোৰ উশাহ বন্ধ হোৱাৰ উপক্ৰম হোৱাত ওলাই আহিবলগীয়া
হৈছিল।
টিপঙৰ ‘লাচিত
খনি’ কেন্দ্ৰীয় চৰকাৰৰ অধীনত আছিল। এজন তৰুণ ‘মাইনিং চৰ্দাৰ’ লগ পাইছিলোঁ। তেওঁৰ দেউতাকে
খনিৰ তলত মাটি খহি পৰাত পোত গৈ মৃত্যু হোৱাৰ বাবে compassionate ground-ত চাকৰিটো
পাইছিল। তেওঁকে সুধিছিলোঁ—তেনেহ’লে কি সাহসত একেটা চাকৰিকে কৰিবলৈ আহিছে!
মেঘালয়ৰ যি ‘rat
hole mining’—সেইবোৰত কাম কৰা শ্ৰমিকৰ অৱস্থা তাতোকৈও ভয়ানক। তালৈ গৈ ৰিপৰ্টিং
কৰাৰ উপায়ো নাই। সেইবোৰ এক ৰহস্যময় মৰণৰ ফান্দ।
বৈধই হওক বা
অবৈধ-যেতিয়াই কয়লাখনিত শ্ৰমিক নিহত হোৱাৰ কথা শুনা পাওঁ, তেতিয়াই নিজৰ সেই উশাহ
বন্ধ হৈ যোৱাৰ অৱস্থাটো মনলৈ ভাহি আহে। উংৰাংচুৰ অবৈধ কয়লাখনিত আৱদ্ধ হৈ পৰা শ্ৰমিককেইজনৰ
ঘটনাটোৱেও শান্তিত থাকিবলৈ দিয়া নাই। দেশৰ শাসকে উন্নয়নৰ নামত বন ধ্বংস, পত্নীৰ
নামত হকে-বিহকে মাটি দখল, কোনোবা ৰাজনীতিকৰ পত্নীৰ হাতত অবৈধ কয়লাখনি তুলি দিয়াৰ নতুন
নতুন নেৰেটিভ ৰচনা কৰিছে। তাকে ঢাকিবলৈ মানুহক দেখুৱাই হিন্দু-মুছলমানৰ নামত বিভেদৰ
ৰাজনীতি। উংৰাংচুৰ অবৈধ কয়লা খনিত হেৰাই যোৱা শ্ৰমিককেইজন কি সম্প্ৰদায়ৰ? হিন্দু,
নে মুছলমান? টেলিভিছনত দেখিছোঁ তেওঁলোকৰ আত্মীয়ৰ হাহাকাৰ। কি মিঞা, কি ৰাজবংশী, কি
বড়ো--তেওঁলোকৰ উঁৱলি যোৱা ঘৰবোৰ ৰাজনীতিকসকলে দেখিছেনে? মাকবোৰ-জীয়েকবোৰ-পত্নীসকলৰ
কান্দোন শুনিছেনে? কিহৰ সুখত ঘৰৰ মতামানুহে ইমান বিপদজনক কামলৈ নিজকে ঠেলি দিয়ে? এটা
পৰিয়ালৰ মূল মানুহজন হেৰাই যোৱাৰ মৰ্মন্তুদ অভিজ্ঞতা কেইলাখমানৰ ক্ষতিপুৰণৰ টকাই
সামৰিব পাৰিবনে?
উচ্চতম
ন্যায়ালয়ে কয়লাখনন বন্ধ কৰিছে। কিন্তু বাস্তৱত কি হৈ আছে?
উমৰাংচুত উচ্চপদস্থ
ৰাজনীতিকৰ পত্নীয়ে চলোৱা অবৈধ কয়লাখননৰ উচিত তদন্ত হ’বনে? সময়ে ইয়াৰ বিচাৰ নিশ্চয়
কৰিব।
সময়ৰ ওপৰত এই অন্যায়ৰ বিচাৰৰ দায়িত্ব দিব লগা হোৱাটো আমাৰ বাবে দুখৰ কথা।
ReplyDeleteহয়, এয়াও সময়ৰ পৰিহাস।
Delete