Friday, 17 January 2025

 

মণিকংকনা বৰবৰাৰ গল্পৰ  যুঁজাৰু চৰিত্ৰবোৰ 


ফটো-মণিকংকনা বৰবৰা 

গভীৰ অন্তৰ্দৃষ্টি, সমাজ সচেতনতা, প্ৰবল অনুসন্ধিৎসা আৰু গভীৰ মমতাৰে কিছুমান অদৃশ্যপ্ৰায় সত্য আৰু নিঁভাজ(organic)কাহিনী গল্পসাহিত্যলৈ তুলি আনিব বিচৰা অসমীয়া গল্পসাহিত্যৰ শেহতীয়া ধাৰাটোৰ এগৰাকী গল্পকাৰ মণিকংকনা বৰবৰা। গদ্য-সাহিত্যৰে অসমীয়া সাহিত্যৰ জগতত ভৰি দিয়া মণিকংকনাই গল্প কবলৈ আৰম্ভ কৰিছিল ক’ভিডকালীন সময়ত—অতিমাৰীৰৰ কোৱাৰেনটিনকালত কাম হেৰুৱাই ভাৰতবৰ্ষৰ দীঘে-বাণিয়ে খোজকাঢ়ি ঘৰলৈ ওভতা শ্ৰমিকসকলৰ বিষয়ে লিখা এটা গল্পৰে। সেই গল্পৰ নামেৰেই তেওঁৰ শেহতীয়া গল্প সংকলন “গৈ থকা মানুহবোৰ”। তেতিয়াৰেপৰা মাত্ৰ চাৰি বছৰৰ ভিতৰতে তেওঁ প্ৰথমখন গল্প সংকলন প্ৰকাশ কৰি পাঠকৰ বাবে তুলি দিছে।

সাধাৰণতে আমাৰ চকুত নপৰা কিছুমান অদৃশ্যপ্ৰায় মানুহ, যিবোৰৰ বেছিভাগেই নাৰী—সেই জীৱন্ত চৰিত্ৰবোৰেই সততে মণিকংকনাৰ গল্পৰ চৰিত্ৰ।সেই চৰিত্ৰবোৰক গল্পৰ মজিয়ালৈ তুলি অনাতেই তেওঁ নিজৰ দায়িত্ব সামৰি থোৱা নাই, বৰঞ্চ, সেই চৰিত্ৰবোৰত জীৱনৰ মহত্ব দান কৰিব পৰা  ক্ষমতাইহে তেওঁক সফল গল্পকাৰৰ দিশে লৈ গৈছে। বহুক্ষেত্ৰত পৰিহাসৰ মাজেৰেই তেওঁ চৰিত্ৰবোৰত মহত্ব দান কৰিবলৈ সক্ষম হৈছে। নৌবৃং- মিছিং সম্প্ৰদায়ৰ এনে এগৰাকীৰ নাৰী, যাৰ অৰ্থ সম্ভ্ৰান্ত আপোনজনৰ ঘৰত কেঁচুৱা তুলি-তালি ডাঙৰ কৰা তিৰোতা বা ছোৱালী। আপুন্তি নামৰ নৌবৃংজনীয়ে এদিনাখন উপলব্ধি কৰিছে যে, বিয়াৰ পিছত তাইৰ পিঠিত পৰা মদাহী গিৰিয়েকৰ কোবকেইটা আৰু তাই যিখন সম্ভ্ৰ্ন্ত ঘৰত ধাইমাক হিচাপে কাম কৰিছিল, সেইখন ঘৰৰেই জীয়ৰি আৰু বাহিৰত থাকি ভালকৈ পঢ়া-শুনা কৰি বিয়া হৈ যোৱা ছোৱালীজনীৰ পিঠিত পৰা গিৰিয়েকৰ কোবকেইটাৰ মাজত এটাই পাৰ্থক্য আছে। আপুন্তিয়ে নিজৰ কোবকেইটাৰ বিষৰৰপৰা সকাহ পাবলৈ পিঠিখন ৰ’দলৈ উলিয়াই দিব পাৰে, কিন্তু ধনীঘৰৰ আত্মীয় ছোৱালীজনীয়ে নোৱাৰে। পৰা নাই।  সম্ভ্ৰান্ত বাবেই তাই অন্তৰৰ সকলো বেদনা, পিঠিৰ পুৰুষতান্ত্ৰিক কোবকেইটা কোঠাৰ ভিতৰতে ঢাকি থবলৈ বাধ্য। তেনেহ’লে কোন বেছি স্বাধীন? পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাত পিষ্ট আৰু নাৰীবাদী তত্বৰ আধাৰত দ্বান্দ্বিক বিশ্লেষণেৰে সিক্ত হৈ অহা  নাৰী জীৱনৰ এনে অনেক প্ৰহসন মণিকংকনাৰ গল্পত আছে। কিন্তু সেইবোৰৰ সফল দিশটো হৈছে যে ইয়াত তত্ব বিচাৰি পাবলৈ টান। কিয়নো গভীৰ অন্তৰ্দৃষ্টিয়ে প্ৰতিটো চৰিত্ৰক তেজে-মঙহে-চকুপানীয়ে- কঠোৰ জীৱন-জাৱিকাৰ সংগ্ৰামেৰে মানৱিক কৰি তুলিছে। মানুহক তেওঁ কেৱল আদৰ্শগতভাৱে নহয়, বৰঞ্চ অন্তৰৰ মমতাৰে গভীৰভাৱে ভাল পায় বাবেই গল্পবোৰ ইমান জীৱন্ত।

কিন্তু মণিকংকনা কেৱল সংবেদী নাৰীজীৱনৰেই কথক নহয়। ঠুটুনী, আপুন্তি, বাবেশ্বৰ, পুনচাঙ আদি চৰিত্ৰবোৰৰ সমাহাৰেৰে তেওঁ গল্পকথাৰ যিখন পৃথিৱী আমাৰ সন্মুখলৈ তুলি দিছে—সেই পৃথিৱীখনত আছে তেওঁৰ গল্প কোৱাৰ হাবিয়াসৰ লগত সংপৃক্ত হৈ থকা সততা। সাহস। ভিৰৰ মাজত হেৰাই নোযোৱাৰ প্ৰতিশ্ৰুতি। তেওঁ এটা অৱস্থান লৈছে আৰু সেই অৱস্থানৰপৰাই দৃঢ়তাৰে গল্পবোৰ কৈছে। সেইবাবেই গল্পৰ চৰিত্ৰবোৰ অস্থিৰ নহয়। এক বিৰলধৰণৰ চাৰিত্ৰিক দৃঢ়তা তেওঁৰ গল্পৰ চৰিত্ৰবোৰত পোৱা যায়। কোনো ওলোম-জোলোম নাই। জীৱনৰ অভিজ্ঞতাৰে তেওঁ বুজি উঠিছে যে, এই গল্পবোৰ অৰ্থাৎ এই মানুহবোৰৰ কাহিনীবোৰ কোৱাটো জৰুৰী। সেইবাবেইহে তেওঁ এই গল্পবোৰ কৈছে। গল্পৰ শৰীৰ নিৰ্মাণৰ নামত তেওঁ শব্দৰ কাৰচাজিও কৰা নাই, চাটুকাৰিতাৰো আশ্ৰয় লোৱা নাই। গতিকেই গল্পৰ পঠনত আছে এক অনন্য সৰলতাৰ স্বাদ। চিত্ৰকল্পবোৰ স্থানীয় প্ৰেক্ষাৰ পৰা আহিছে বাবেই বহু সময়ত সেইবোৰেও মন মুহি নিয়ে। 

অৱশ্যে এটা কথা— মণিকংকনাৰ গল্পত বিষয়বস্তুৰ ক্ষেত্ৰত যি বৈচিত্ৰতা দেখা পোৱা যায়, বিৱৰণীৰ সময়ত সেয়া যেন অনুপস্থিত। ফলত বহুকেইটা গল্পৰ কথন একেই যেন হৈ পৰিছে। এয়া আচলতে গল্পকাৰৰ  দোষ বুলি কবও নোৱাৰি। অধ্যয়নৰ মাজেৰেই এই সীমাবদ্ধতাক অতিক্ৰম কৰিব পৰা যায়। কৰিব লাগিবও।

কবই লাগিব যে, মণিকংকনাই সাহিত্যৰ বাটৰ সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰি নিজৰ বাবে এটা ইৰ্ষণীয় বাট মুকলি কৰি লৈছে, যি বাট আচলতে অতি কঠিন। ইয়াত ৰঙা দলিচা নাই, চৰকাৰী স্বীকৃতি বা পুৰস্কাৰৰ আশা নাই। আৰু বহুত লোভনীয় কিবাকিবিয়েই নাই।এনে বাটত অতিকৈ আপোনজনেও এৰি থৈ গুচি যায়। গতিকে ৰঙা সুৰুযটোৰ  দৰে উজ্জ্বল হৈ থকা অন্তৰৰ এক সুগন্ধি গিদাৰ লগতে সমাজ আৰু মহৎ সাহিত্যৰ প্ৰতি থকা দায়বদ্ধতাৰেই তেওঁ আগবাঢ়ি যাব লাগিব। এই খোজটোৰ মাজেৰেই তেওঁ সমসাময়িক আন বহুতো  গল্পকাৰক একধৰণে টক্কৰো দিছে। যিহেতু টক্কৰ দিছেই, গতিকে এই যুদ্ধখন তেওঁ কৰিবই লাগিব। কিয়নো এতিয়া তেওঁৰ পৰিচয় মাথোন এজন গল্পকাৰ হৈ থকা নাই, তেওঁ এতিয়া এজন যুঁজাৰুও।

ৰত্না ভৰালী তালুকদাৰ 

 

ৰূপান্তৰৰ শিল্পী'ৰ শিল্পদৰ্শন সাম্প্ৰদায়িকতাবাদ প্ৰতিহত  কৰাৰ অন্যতম পোহৰ






-- ৰত্না ভৰালী তালুকদাৰ

ৰূপকোঁৱৰ  জ্যোতিপ্ৰসাদ  আগৰৱালা এগৰাকী স্বাভিমানী অসমীয়া, গৌৰৱী ভাৰতীয় আৰু  একেটি সময়তে বিশ্ব নাগৰিক। তেখেত ৰূপান্তৰৰ শিল্পী।  কবলৈ গ'লে এই ‘ৰূপান্তৰৰ শিল্পী'--অভিধাটিতে লুকাই আছে শিল্পীগৰাকীৰ  শিল্পদৰ্শন। শিল্পীৰ  শিল্পদৰ্শনৰ আটাইতকৈ প্ৰস্ফুটিত ৰূপ বোধহয় এইষাৰি কবিতাতেই পৰিস্ফুট  হৈছে--“জনতা, তোৰ প্ৰাণৰো  প্ৰাণত,  মনৰো  মনত শিল্পী যে মই  লুকাই  লুকাই আছোঁ, তোৰ সপোনৰ কত ছবিত  কত যে ফুল বাছোঁ, লুকাই লুকাই আছোঁ।”  নাতিদীৰ্ঘ  জীৱনত এক বিশাল কৰ্মযজ্ঞৰ পাতনি মেলা শিল্পীয়ে এই  কথা  কৈছিল ১৯৪৮ চনত শিৱসাগৰত অনুষ্ঠিত  হোৱা সদৌ  অসম শিল্পী সংঘৰ প্ৰথম অধিবেশনত  প্ৰদান কৰা এক দীঘলীয়া ভাষণ ‘শিল্পীৰ পৃথিৱী', '  জ্যোতিপ্ৰসাদৰ  শিল্পদৰ্শন  আৰু  ৰূপান্তৰৰ  ধাৰণা  অতি  শক্তিশালী ৰূপত  প্ৰতিষ্ঠা  কৰা  হৈছে। 

এই ভাষণটিত জ্যোতিপ্ৰসাদ আগৰৱালাই ভাৰতীয় আৰু অসমীয়া সংস্কৃতিত  কৃষ্ণ সংস্কৃতিৰ প্ৰভাৱ আৰু  কালিকা,  আৰু ইয়াৰ লগতে অসমীয়া ভাষা আৰু সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠাতা শংকৰদেৱে এই কৃষ্ণ সংস্কৃতিক চিত্ৰিত কৰি  সাহিত্যৰ  মেটৰা সম্ভাৰেৰে ভাষা-সংস্কৃতিৰ  ভেটি বান্ধি  থৈ  গৈছে--এই সকলো দিশ সামৰি  কৃষ্ণ সংস্কৃতিৰ যি বিজ্ঞানসন্মত ব্যাখ্যা জ্যোতিপ্ৰসাদে আগবঢ়াইছে--সেই  ব্যাখ্যাৰ মাজেৰেই  আজি ৰজাঘৰীয়া  পৃষ্ঠপোষকতাত   ধৰ্ম-ভাষা-সংস্কৃতি-জাতি- নগোষ্ঠীৰ  পৰিচিতি আৰু বিকাশৰ নামত  ভেদ ভেদ কৰি পোলোৱাৰ  জঘন্য  ৰাজনীতিক ভালদৰে উপলব্ধি কৰিব পাৰি। সেইবাবেই  ৰূপান্তৰৰ  শিল্পীগৰাকীৰ বাবে  ‘সংস্কৃতি' দৰাচলতে  কি আছিল, আৰু তেখেতৰ শিল্পদৰ্শন  কি আছিল তাক  উপলব্ধি কৰাৰ  সময়  আহি পৰিছে। কি এই জ্যোতিপ্ৰসাদৰ শিল্পদৰ্শন,  যাক  আমি   ‘জ্যোতিদৰ্শন'  বুলিও কব পাৰোঁ-যি  দৰ্শনে আজিৰ এই  ধৰ্মান্ধতা  আৰু  সাম্প্ৰদায়িকতাবাদত  অতীষ্ঠ   হৈ  উঠা সমাজক  এক সুস্থিৰ দিশৰ সন্ধান দিব পাৰে!যি দৰ্শনৰ সময়োপযোগী ব্যাখ্যা  আজি অতিকৈ প্ৰাসংগিক।  

তেখেতে  কৈছে, ‘মানুহ  হৈছে  সপোন  দিঠকলৈ পৰিণত কৰাৰ শিল্পী। সেইহে  মই  মানুহ-শিল্পী।  আপোনালোক মানুহ-- মানুহ আপোনালোকো প্ৰত্যেকজনেই  শিল্পী, পৃথিৱীখন  শিল্পীৰ ঘৰশিল্পীৰ কাৰখানা--আৰু  শিল্পী  সাংস্কৃতিক সম্পদৰ প্ৰদৰ্শক।” এই ব্যাখ্যাৰ মাজেৰে প্ৰতিজন মানুহৰ বুকুতেই তেওঁ শিল্পৰূপ আছে  বুলি দোহাৰি  গৈছে।  ভাবিলে আচৰিত লাগে, অসমৰ সমাজ ব্যৱস্থাৰ ভাঙোণ আনিবলৈ  বৰ্তমানৰ সাম্প্ৰদায়িক শক্তিয়ে অসমৰ সংস্কৃতিৰ যি দুটি  মূল আধাৰ-কৃষ্ণ  সংস্কৃতি আৰু  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শনকেই বিকৃত কৰি পেলাইছে-- এই দুয়োটি বাগধাৰাৰ, অৰ্থাৎ কৃষ্ণ-সংস্কৃতি  আৰু শংকৰদেৱৰ দৰ্শনৰ বিষয়ে  জ্যোতিপ্ৰসাদ  আগৰৱালাই ‘শিল্পীৰ পৃথিৱী'ত  ৰূপান্তৰৰ তত্বৰে  ইমান সুন্দৰ ব্যাখ্যা  দি থৈ  গৈছে যেসেই পোহৰে হতাশাৰ   সূচীভেদ্য  অন্ধকাৰৰ মাজত  আমাৰ  মন  একুৰা জোঁৰৰ দৰেই আলোকিত কৰি তোলে। তিপ্ৰসাদ আগৰৱালাই  কৃষ্ণ  সংস্কৃতিৰ বিষয়ে কবলৈ গৈ এনেদৰে  ৰূপকীয়   ব্যাখ্যা কৰিছে , --“এতিয়ালৈকে কৃষ্ণৰ জীৱনেই এই পৃথিৱীৰ মানৱ জীৱনৰ সনাতন সত্য হৈ আছে।  এই সংস্কৃতিৰ প্ৰতীকৰ  জন্ম  হয় দুস্কৃতিৰ মাজতেই। একে মঙ্গহতেই, একে বঙ্গহতেই , দুস্কৃতিৰ মাজেদিয়ে সংস্কৃতিয়ে জন্ম লয়। দুস্কৃতিৰ তালৈ ভয়, তাক বধিবলৈ বিচাৰি ফুৰে। সি আহিব বুলি ভয়ত  আগৰপৰাই  সন্ত্ৰস্ত। তাক জন্ম দিয়া মাকক সাৱধানেৰে থয় þবন্দীশালত। সংস্কৃতি বন্দীশাল পোহৰ কৰি জন্মগ্ৰহণ কৰে, কিন্তু চালুকীয়া অৱস্থাত সি অজ্ঞাতবাস  কৰিবলৈ লাগে গোৱালৰ ঘৰতহে-- তাক  এই  গোৱাল জনতাইহে  আতৌ-পুতৌকৈ তুলি তালি ডাঙ্গৰ-দীঘল কৰে। দুস্কৃতিয়ে  তাক মাৰিবলৈ সকলো  ষড়য়ন্ত্ৰ কৰি থাকে, পুতনাক  পঠিয়ায়। কিন্তু সকলো দুস্কৃতিৰ           ষড়যন্ত্ৰ  ব্যৰ্থ কৰি সংস্কৃতি ৰূপী  কৃষ্ণই  নিজৰ শক্তিৰ শিশুকালতেই পৰিচয় দিয়ে-- গাৱঁৰ ল'ৰাৰ লগত গৰু চৰায়, আৰু বজায় সুকুমাৰ কলাৰ বাঁহী। যি  বাঁহীয়ে মানুহক মুগ্দ্ধ কৰে।” জ্যোতিপ্ৰসাদৰ মতেকৃষ্ণ এক সাধাৰণ  মানুহ  নহয়মানৱ সত্তা  নহয় ।   কৃষ্ণ   হৈছে  সাধাৰণ  মানুহৰ বুকুত  থকা  শিল্পৰূপী সংস্কৃতি, যাক  সকলো  বিপদৰপৰা আঁৰ  কৰি জনতাই  নিজৰ বুকুৰ আৱৰি-সামৰি ৰাখে।  সেই জনতাৰ বুকুৰ মাজতহে কৃষ্ণ   সংস্কৃতিৰ  বাঁহী  বাজি উঠেঅৰ্থাৎ  জীৱনৰ সুকুমাৰ কলাৰ  উৎকৰ্ষ   সাধন হয়-- কংসৰ  ৰাজপ্ৰসাদত  নহয়।   এই  ৰূপকীয় ব্যাখ্যাৰ মাজেৰে জ্যোতিপ্ৰসাদে  আমাক অতিকৈ  সাধাৰণ ভাষাত বুজাই  থৈ  গৈছে  যেমানুহক ধৰ্ম  অথবা  জাতিৰ নামত ভাগ ভাগ  কৰিব বিচৰা  ৰাষ্ট্ৰৰূপী  কংসই   নহয়, বৰং  গকুলৰ  গোৱালৰূপী  সাধাৰণ  মানুহেহে  সংস্কৃতিক লালন   কৰে।  ইয়াত কংসৰ ৰাষ্ট্ৰৰ প্ৰতীক বুলি ধৰিলে দেখিবলৈ পাওঁ যেআজিৰ পৰিবেশতো  ৰাষ্ট্ৰৰূপী কংসই  সাম্প্ৰদায়িকতাবাদ আৰু  ধৰ্মীয়  উন্মাদনাৰূপী দুস্কৃতিৰ  দানৱেৰে জ্যোতিপ্ৰসাদৰ হিয়াৰ আমঠুস্বৰূপ জনতাৰ মাজৰপৰা ঐক্যৰূপী সনাতনী  সংস্কৃতিক নিধন কৰিবলৈ উঠি পৰি লাগিছে।  কৃষ্ণক মাৰিবলৈ  তাহানি কংসই   পুতনা  ৰাক্ষসী মেলি দিয়াৰ  দৰেই  আধুনিককালত  হাতৰ মুঠিত ৰখা অধিকাংশ  সংবাদমাধ্যম  আৰু   আন  অনুচৰবোৰ মেলি  দি  জনসাধাৰণৰ কল্যাণকামী কণ্ঠ   ৰুদ্ধ  কৰি নানা  তৰহৰ  উপৰুৱা  আৰু  বজৰুৱা  কথাৰে  জনসাধাৰণক প্ৰলোভিত কৰি ৰাখিবলৈ নিৰন্তৰে চেষ্টা চলাইছে।   আৰু সেইবাবেই জ্যোতিপ্ৰসাদৰ শিল্পদৰ্শন চৰ্চা কৰাটো আমাৰ বাবে হৈ  উঠিছে  এক সময়োপযোগী কাম। 

 ‘শিল্পীৰ পৃথিৱী'ত জ্যোতিপ্ৰসাদে  কৈছে --“শ্ৰীমন্ত শংকৰেও এই  ‘কৃষ্ণ'কেই আমাক সংস্কৃতিৰ প্ৰতীক কৈ দি গৈছে আৰু  তেওঁ নিজৰ জীৱনতো কৃষ্ণৰ শিল্পীৰূপ  মানৱ জীৱনক প্ৰকাশ কৰিবলৈ তেওঁ প্ৰতিবাৰে মনীষাৰে চেষ্টা কৰি গ'ল। প্ৰায়বোৰ ধৰ্মপ্ৰচাৰকেই সন্যাসীৰ দৰে ধৰ্ম প্ৰচাৰ কৰি ফুৰে।  কিন্তু শ্ৰীমন্ত শংকৰে কৃষ্ণৰ অৰ্থটো ভালকৈ বুজিছিল-- সেইহে কৃষ্ণৰ আদৰ্শত সেই যুগৰ উপযোগী জীৱন গঢ়িছিল। ”এই কৃষ্ণৰ আদৰেৰে অনুপ্ৰাণিত হৈয়েই  শংকৰদেৱে যে,  ‘ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কূল, দাতাত চোৰত যেন দৃষ্টি সমতুল”- ব¿ুল  মহাত্মা গান্ধীতকৈও বহু  শতিকাৰ আগতেই এই পবিত্ৰ অসমভূমিত এক সামাজিক বিপ্লৱৰ সুচনা কৰিছিল, তাক তেওঁ  উক্ত বক্তৃতাত  স্পষ্টভাৱে  উল্লেখ কৰিছে।

মন  কৰিবলগীয়া কথাটো হৈছে  জ্যোতিপ্ৰসাদে এই “শিল্পীৰ  পৃথিৱী” শীৰ্ষক  উক্ত  বক্তৃতাটি   প্ৰদান কৰিছিল দেশে  স্বাধীনতা লাভ কৰাৰ পিছে পিছে। সেই সময়ত নতুন ভাৰত গঢ়াৰ, নতুন অসম গঢ়াৰ সপোনত দেশৰ কাণ্ডাৰীসকল উদ্বাউল। এই সময়তে জ্যোতিপ্ৰসাদে ক'লে--“আজি আমি কৃষ্ণৰ নামো লৈছোঁ, গুণো গাইছোঁ--তাৰ কিন্তু অৰ্থ হেৰুৱাইছোঁ। আজিও  আমি  কৃষ্ণকেই লব লাগিব। কিন্তু কৃষ্ণত বৃন্দাবনৰ বংশীবাদকৰ মূৰ্তিৰেও নোৱাৰোঁ-- আমকি  কৃষ্ণ নামটোৰেও নোৱৰোঁ। এই দুয়োটা হিন্দুধৰ্মৰ বাহি্যক ৰূপৰ সৈতে সোমাই আছে। আজি আমি যিখন ভাৰত গঢ়িম--যিখন অসম গঢ়িম--সেই ভাৰতত, অসমত হিন্দু, মুছলমান, জৈন, খৃষ্টিয়ান, ইহুদী, শিখ আদি নানা ধৰ্মৰ মানুহ। এওঁলোকৰো নিজা নিজা  সংস্কৃতিৰ প্ৰতীক আছে কৃষ্ণৰ দৰে। এতিয়া আমি কৃষ্ণৰ অৰ্থটোহে উলিয়াই   আনিব লাগিব আজিৰ যুগলৈ তাৰ ভিতৰৰ সত্যটো--যি সাৰ্বজনীন সেই সত্যটো পৃথিৱীৰ আন ধৰ্মৰ বা সংস্কৃতিৰ প্ৰতীকৰ পিছত থকা সত্যৰ সতে এক হবলৈ বাধ্য। আমাৰ প্ৰতীকৰ  ৰূপ মিলাব নোৱাৰো। তাৰ অৰ্থৰ মিল অৱশ্যেই আছেইতাকেই আমি কৰিব লাগিব। সাংস্কৃতিক  সমন্বয়ৰ এইটোৱেই অৰ্থ। সাংস্কৃতিক  ঐক্যৰ এইটোৱেই ব্যৰ্থ নোহোৱা উপায়। এই  অৰ্থ উলিয়াই সকলোৰে লগত যেতিয়া সি মিলিব, --তেতিয়া  তাক  সকলোৱে লব পৰা নাম দিব লাগিব। আজি সেইটোৱেই  হৈছে--আজি কৃষ্ণৰ আন সকলো ধৰ্মৰ অৰ্থৰ সৈতে মিলা অৰ্থৰ এই  যুগৰ  অৰ্থৰ  নামাকৰণ হৈছে ‘সংস্কৃতি'।  আজি আমাৰ সকলো ভাৰসাৰ থল হৈছে এই সংস্কৃতিয়েই । শ্ৰীমন্ত  শংকৰৰ সংস্কৃতিৰ ৰূপান্তৰৰ নীতি খটুৱালেই  আমি ‘কৃষ্ণ' নামৰ ঠাইত ‘সংস্কৃতি' নামটো পাওঁ । আৰু  সংস্কৃতি  কাক বোলে, তাক  আজি হিন্দুমুছলমানখ্ৰীষ্টান, ইহুদী সকলোৱেই জানে --সকলোৱেই বিচাৰে-- যাক ন'ললে  মানুহ দুস্কৃতিৰ আক্ৰমণত ধ্বংস পাব। ” অৰ্থাৎ যি ‘কৃষ্ণ'ক জ্যোতিপ্ৰসাদ আগৰৱালাই ‘সংস্কৃতিঅভিধাৰে  আখ্যায়িত কৰিলে, তাৰ আধাৰ ‘সাংস্কৃতিক সমন্বয়বা প্ৰকাৰান্তৰে ‘উদাৰতা' বুলিও কৈ থৈ গৈছে।   থোৰতে কবলৈ গ'লে  ঐতিহ্যৰ চেতনাৰে অহা  এই সমন্বয় বা উদাৰতাই   ৰূপান্তৰৰ শিল্পী জ্যোতিপ্ৰসাদৰ  ‘শিল্প দৰ্শন' বা ‘জ্যোতি দৰ্শন'। 

এইবাবেই জ্যোতিপ্ৰসাদ আগৰৱালাৰ  শিল্পদৰ্শনৰ মৰ্ম  উপলব্ধি কৰিবলৈ হ'লে আমি মাথোন এইগৰাকী  শিল্পীৰ ৰছনাৱলী বিজ্ঞানসন্মতভাৱে  ৰ্চা কৰিলেই ন'হব, অসমীয়া সমাজ- ভাষা-সংস্কৃতিৰ ভেটি  বান্ধোতাসকল যেনে-- শংকৰদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে মনীষিসকলৰ সাহিত্য কৰ্মৰাজিও সমানেই অধ্যয়ন  কৰিব লাগিব। কিয়নো  আজি কুটিল  ৰাজনীতিক ৰ, সাম্প্ৰদায়িক শক্তিৰ   হাজাৰ ষড়যন্ত্ৰৰ  মুখতো অসমীয়া জাতি যদি টুকুৰা- টুকুৰ নোহোৱাকৈ থাকিব পাৰিছে- তাৰ গুৰিটো হৈছে এইসকল মনীষাই উদাৰতা আৰু সমন্বয়ৰ মাজেৰে গঢ়ি  থৈ যোৱা সমাজখনহে ।  আৰু  তেওঁলোকৰ  কলমেৰে নিগৰি অহা  কালিকালগা শব্দবোৰহে--যি আমাৰ চেতনাৰে প্ৰবাহিত  হৈ আছে,  হয়তোবা আমি নজনাকৈয়ে।  জাতিৰ সংকটকালত তেওঁলোকে শব্দৰ মাজেৰে দি থৈ যোৱা নিদানবোৰৰ দৃষ্টান্তৰেই আমি ভাঙোণমুখী সমাজ বাৰে বাৰে জোৰা লগাব পাৰোঁ। হাজাৰ সংকটৰ মাজতো আজি অসমীয়া জাতি সেই বাবেই সৌভাগ্যবান।

পৰিহাসৰ কথা এয়ে যে, যিজনা জ্যোতিপ্ৰসাদে প্ৰতিজন মানুহৰ বুকুতেই ‘শিল্পী' লুকাই থাকে বুলি কৈ গৈছে,   দেশৰ  সেই  জনসাধাৰণৰ অধিকাংশই   কিন্তু নিজৰ প্ৰাণত লুকাই থকা এই  শিল্পীসত্তাৰ ৰূপ দেখা নাপায়। কিয়নো  এতিয়াও  দুবেলা-দুসাঁজ যোগাৰ কৰাৰ চিন্তাতেই  জনসাধাৰণে নিজক  সংকুচিত  কৰি  ৰাখিবলগীয়া হয়। ইয়াৰে  লগতে  থাকে  অজস্ৰ  ষড়যন্ত্ৰ । প্ৰচাৰ মাধ্যমৰ জৰিয়তে  নানানটা ফন্দি,  হাজাৰ হাজাৰ  হিতাধিকাৰী আঁচনি,  কোটি কোটি  টকাৰ ঋণ  লৈ  দেশৰ কৰ্মসংস্থাপনহীন জনতাক  বিনামূলীয়া আঁচনিৰে চলাই-ভুলাই ৰাখি তেওঁলোকৰ মূৰতে সেই ঋণ  জাপি দিয়াৰ  কৌশল,  একাংশ  মোহগ্ৰস্ত  শিল্পী-সাহিত্যিকক  নিচাগ্ৰস্ত  কৰি  ৰাখিবলৈ অনেক প্ৰলোভনৰ জাল।  এনে পৰিবেশত  শিল্পীদিসৱৰ  নামত  তেখেতৰ শিল্পদৰ্শনৰ স্বৰূপ উপলব্ধি  কৰাৰ বিপৰীতে  উপৰুৱা গীত-মাত-বক্তৃতাৰে  মায়াজাল  ৰচি   সাধাৰণ মানুহৰ  বুকুত জ্যোতিপ্ৰসাদে দেখা পোৱা   শিল্প  ৰূপ মোহাৰি  পেলাবলৈ  বিচৰাটোৱেই  সহজ কথা।  বহুক্ষেত্ৰত  তেওঁলোক  এই ক্ষেত্ৰত সফলো হৈছে। “ৰূপান্তৰৰ  শিল্পী'গৰাকীক  ৰোমাণ্টিক অভিধাৰে ‘ৰূপকোঁৱৰ'তেই সীমামব্ধ কৰি  ৰাখিব বিচৰাটোও সুবিধাবাদীৰ এটা কৌশলহে। 

 স্বভাৱিকতেই অৱশেষত  জ্যোতি প্ৰসাদৰ শিল্প-দৰ্শনৰ সেই মৰ্ম- “ৰূপান্তৰৰ মাজেৰে  সংস্কৃতিৰ বাণীকেই  মানুহৰ  মাজলৈ আমি কঢ়িয়াই নিব লাগিব”--সেই কাম  কৰাৰ  দায়িত্ব  আমাৰ দৰে  নিঃকিন  সাহিত্য  আৰু  সাংস্কৃতিক কৰ্মীসকলৰ। তেখেতে কৈছে-- “জনতাৰ ভিতৰত  শিল্পীটো যে নিশ্চয়কৈ আছেতাৰেই আমি জনতাক জ্ঞান দিব লাগিব।” প্ৰয়োজনত বিপ্লৱী হবও লাগিব।  এইক্ষেত্ৰত  জ্যোতিপ্ৰসাদ আগৰৱালা  নিজেই অগ্ৰগামী।  জনতাক উদ্দেশি  তেখেতে কৈছে-- “তোৰ সেই নিজানত, সেই  গহনত, তোৰেই, ময়েই, শিল্পীয়েই, তোৰ আন্ধাৰক নাশিবলৈ তোৰ বুকুতেই  বিপ্লৱী হৈ জাগিম।”  

প্ৰশ্ন  হয়  এই   ধৰ্মীয় গোড়ামি আৰু  সংকীৰ্ণতাৰপৰা জ্যোতিপ্ৰসাদ আগৰৱালা কিদৰে  মুক্ত  আছিল?  কিদৰে নিজকে তেনে এক পৰ্যায়লৈ তেখেতে উত্তৰণ ঘটাব পাৰিছিল? মানুহৰ  প্ৰতি  গভীৰ ভালপোৱা,  মানৱতাবাদেৰে সিক্ত  হৈ  অহা শিল্পীৰ দৰ্শনৰপৰাই জ্যোতিপ্ৰসাদ আগৰৱালাই   সংকীৰ্ণতাৰপৰা মুক্ত  হৈ প্ৰতিজন মানুহৰ   বুকুত  লুকাই থকা  শিল্পীৰ ৰূপ  উপলব্ধি কৰিব পাৰিছিল। এয়া কোনো তত্ব নহয়-- সি এক  প্ৰায়োগিক  কথা  আৰু  গভীৰ  জীৱনোপলব্ধিৰ  বিষয় । সেইজনা শিল্পীৰ প্ৰকৃত দৰ্শন আজি বহুতেই  দেখা নাপায়।  শিল্পীদিৱসৰ  নামত এতিয়া  বহু ঠাইত  ৰূপান্তৰৰ শিল্পীগৰাকীৰ শিল্প- দৰ্শনৰ বিষয়ে  চৰ্চা কৰাৰ বিপৰীতে গীত-মাত-আবৃত্তি প্ৰতিযোগিতা অথবা পৰিবেশনা, সুকোমল   শব্দৰ  ইননি- বিননিৰ  মাজতেই  শিল্পীগৰাকীক সংকুচিত কৰি ৰখা হৈছে। এনে সংকুচিত মানসিকতাই  আমাক  জাতিৰ সংকটকালত  আত্মমগন  হবলৈহে  শিকাব  কিন্তু  উদাৰবাদী, গণতান্ত্ৰিক  অসমীয়াৰ  বুকুত সোমাই  থকা  হাজাৰ  বছৰীয়া সমন্বয়ৰ  সংস্কৃতিৰ  দৰ্শন  যিদৰে বিকৃত কৰা  হৈছে,  গুৰুজনাৰ আদৰ্শক যিদৰে বিকৃত কৰা হৈছে, আৰু  তাৰ  মাজেৰে সাংস্কৃতিকভাৱে  অসমীয়াৰ কঁকাল ভাঙি পেলাবলৈ  যি ষড়যন্ত্ৰ   ৰছনা কৰা হৈছে-- তাক  প্ৰতিহত কৰিবলৈ  আমি উপায় বিচাৰি উলিয়াব নোৱৰিম।  

---- 

Thursday, 9 January 2025

 

খং নিষ্কাশন আৰু  কৃতজ্ঞতা প্ৰকাশ 






টেলিকম কোম্পাণীবোৰে চাইবাৰ অপৰাধ আৰু সুৰক্ষাৰ সন্দৰ্ভত সাৱধানসুচক বাৰ্তা প্ৰেৰণ কৰিবলৈ গৈ অসমীয়া ভাষা বিকৃত কৰি ‘সঞ্চয়ৰ পানী নিষ্কাশন’ৰ দৰে শব্দৰ সৃষ্টি কৰি অসমীয়া ভাষাৰ বিকৃতকৰণ কৰাৰ বাবে আমাৰ খং উঠিছে। ভাষাজননীৰ মৰ্যদা হানিকৰ বিষয়ত মানুহৰ খং উঠা স্বাভাৱিক কথা।

‘সঞ্চয়ৰ পানী নিষ্কাশন’—বেছ কেইদিনমান ধৰি  বজাৰত চলিল।

এই আপাহতে নিজৰো খং নিষ্কাশনৰ বিষয়ে কিছু কথা ভাবি চাবলৈ মন গ’ল। সৃষ্টিশীল জগতৰ এজন লোক যেতিয়া স্পষ্টবাদী হয়, তেতিয়াহ’লে এই কথা নিশ্চিত যে, খং উঠিবই! খং অবিহনে সৃষ্টিৰ প্ৰকাশ হ’ব নোৱাৰে। এয়াই সত্য। খং উঠে অপ্ৰকাশৰ বেদনাতখং উঠে নিজৰ সতে হোৱা অন্যায়-অবিচাত। খং উঠে সমাজৰ অন্যায়-অবিচাৰৰ বিৰুদ্ধে। মধ্যবিত্তীয় বিলাস-বৈভৱত সৃজনীশীলতাৰ ৰস-তত্ত্বৰ সন্ধান কৰাৰ বিপৰীতে গভীৰ জীৱনলৈ গৈ সামাজিক প্ৰেক্ষাৰ বিষয়ে লিখিবলৈ ভালপোৱা মানুহৰ মনত সামাজিক অন্যায়-অবিচাৰ বিৰুদ্ধে খং উঠাটোৱেই স্বাভাৱিক, কিয়নো সেয়াই সৃষ্টিশীল সাহিত্যৰ উৎসৰ অভিকেন্দ্ৰ (triggering point)।  

 অৱশ্যে ‘কূটনীতি’ত (diplomacy)অভিজ্ঞ হ’ব পাৰিলে সুকীয়া কথা। তেতিয়া খং নুঠে। কিন্তু সৃষ্টিশীল জগতৰ মানুহ এজনে কূটনীতি অৱলম্বন কৰিবলৈ গ’লে নিজৰ সৃষ্টি অথবা শব্দবোৰ সেৰেকা বা ফিকা হৈ পৰাৰ সম্ভাৱনাহে অধিক।  

এইবাবেই কিছুমান খং আমাৰ প্ৰিয়। কিছুমান অদৰকাৰী খঙো নোহোৱা নহয়। অৱশ্যে ভাল লগা কথাটো হৈছে--অদৰকাৰী খংবোৰৰ  নিষ্কাশনৰ উপায় নোহোৱা নহয়। খং নিষ্কাশনপদ্ধতিবোৰ মানুহ ভেদে সুকীয়া। নিজা। পদ্ধতি নিজেই উদ্বাৱন কৰিবলগীয়া হয়। কাৰোবাৰ উপদেশ শুনি তাক কামত নিজৰ খটুৱাব নোৱাৰি। 

নিৰ বাবে খং নিষ্কাশনৰ উপায়টো ভাবি উলিয়াবলৈ কিছু সময় লাগিছিল। এদিন ভাবি পালোঁ যে, যাৰ ওপৰত বা যি বিষয়ত যেতিয়া খং উঠে--তেতিয়া তাক চেঁপি ৰখা অনুচিত।অদৰকাৰী খং সদায় নিষ্কাশন কৰি দিব লাগে। পুহি ৰাখিব নাপায়। খং নিষ্কাশনৰো আকৌ নানান উপায় আছে। এইক্ষেত্ৰত নিজৰ বাবে বিচাৰি পোৱা মাধ্যম বা উপায়টো আছিল শব্দৰ মাজেৰেই নিস্কাষণ কৰা। ধৰা হওক—কোনোবা ব্যক্তিৰ বিৰুদ্ধে খং উঠিছে। এতিয়া কি কৰা যায়? কৰা উচিত? আজিৰ দিনত জানো চিঞৰ-বাখৰ কৰি কাৰোবাৰ প্ৰতি থকা খং নিস্কাষণ কৰিব পাৰি! নোৱাৰি। গতিকে কলমটো তুলি লৈ যাৰ ওপৰত খং উঠে, তেওঁকে লক্ষ্য কৰি গুৱালগালি এসোপা লিখি গ’লেই হৈ গ’ল। কাম শেষ। শব্দ বিচাৰি নাপালে অভিধান  চাব পাৰি, ‘মৎস্যগন্ধা’  উপন্যাসপৰা শব্দ তুলি আনিব পাৰি। মুঠতে তুলি অনা শব্দবোৰ বিশেষণ হিচাপে ব্যৱহাৰ কৰি গ’লেই হ’ল!

এনেদৰে লিখি উঠাৰ পিছতে সি এটা আমোদজনক খেল হৈ পৰে।খং নিষ্কাশন হৈ যোৱাৰ পিছত মন মুকলি হৈ যায়। অৱশ্যে লিখা উঠাৰ পিছতে কথাখিনিৰ মৃত্যুদণ্ড দিয়া হয়। কম্পিউটাৰৰ ফাইলৰ ‘ডিলিট’ ম’ড অন কৰি দিয়া হয়। ইয়াৰ পিছতে কৰা কামটো হৈছে ভাল লগা কিবা পঢ়া, লিখা, গান শুনাধুনীয়াকৈ কিবা এটা ৰন্ধা। শেষৰ কামটো আটাইতকৈ ভাল। ঘৰৰ সকলোৰেপৰা প্ৰশংসা বুটলিব পৰা যায়।  

সেইদৰেই, যিসকলৰ প্ৰতি কৃতজ্ঞ, তেওঁলোকৰ বিষয়েও এষাৰ কথা লিখি থোৱা হয়। এইখিনি লিখি থোৱা কম্পিউটাৰৰ ফাইলটো অৱশ্যে ‘ডিলিট’ কৰা নহয়। লগতে থাকে। এনেদৰে কৃতজ্ঞতা প্ৰকাশ কৰিবপৰা হৈ বহুতো ব্যক্তি  জীৱনলৈ আহিছে। কবলৈ গ’লে খং উঠা মানুহ বা বিষয়ৰ তালিকাতকৈ এইখন তালিকাহে বেছি দীঘলীয়া । প্ৰবীণৰপৰা তৰুণলৈ অনেকজন এইখন তালিকাত আছে। কেতিয়াবা খং উঠাজনো কোনোবা সময়ত কৃতজ্ঞতাৰ তালিকাত সোমাইছে। আচলতে এইটো এটা মজাৰ খেল। জীৱনৰ যাদু।এইবাবেই আমি ঘৰৰ মূল দুৱাৰখন যিদৰে সকলোৰে বাবে খোলাকৈ ৰাখোঁ, সেইদৰেই হৃদয়ৰ কপাটখনো সকলোৰে বাবে মুকলিকৈ ৰাখিবলৈ বাধ্য।

আমি সৃষ্টিশীল  জগতৰ মানুহ। আমি সৃষ্টি কৰা শব্দবোৰৰ একোটা নিজস্ব গতি থাকিব লাগিব। সাহিত্যৰ সম্পৰীক্ষাৰ নামত শব্দবোৰ সেৰেকা জীৱনৰ ফিকা পানী হ’ব নালাগিব। অন্ততঃ সেইবোৰে নিজৰ শকতিৰেই মানুহৰ কাষলৈ যাবগৈ লাগিব। কোনোবাই কঁকালত ধৰি দাঙি দিলে বুলিয়েই শব্দই দুৰ্নিবাৰ গতি লাভ নকৰে।নিজৰ শকতিৰে আঁটে মানেহে শব্দই যাত্ৰা কৰিব আৰু এটা সময়ত ৰৈ দিবগৈ। মহৎ শব্দ হ’লে সি কিন্তু গৈয়ে থাকিব। যোৱাৰ  বাট নিজেই বিটাৰি লব। তোতিয়া আনে মি সৃষ্টি কৰা শব্দবোৰ ‘গল্প নহয়’, ‘উপন্যাস নহয়’ বুলি প্ৰচাৰ চলাই থাকিলেবা কূটনীতিবিদৰ দৰে অসম্ভৱধৰণে নীৰৱতা অৱলম্বণ কৰিলেও সেইবোৰ মৰি নাযায়। নিজস্ব গতিৰেই আমাৰ শব্দ মানুহৰ কাষলৈ যায়। সকলো পৰিধি ভাঙি গুচি যায়। কেতিয়াবা ভাষাৰ পৰিধিও ভাঙে।

সৃষ্টিশীল মানুহ বাবেই আমাৰ জীৱনলৈ নানা আমন্ত্ৰণ আহে। এতিয়া  কথাটো হৈছে, কোনবোৰ আমন্ত্ৰণ আমি গ্ৰহণ কৰিম? য’লৈ গ’লে আমি নিজকে প্ৰসাৰিতবোধৰ উপলব্ধিৰে সিক্ত কৰি আহিব নোৱাৰিম তালৈ যোৱাটো উচিত নে? য’ত সংকীৰ্ণ ভাৱনাই মনবোৰ বোৰি ধৰিব, মানুহৰ মাজৰপৰা আমাক আঁতৰাই আনিব--সেই আমন্ত্ৰণবোৰ আমি নিশ্চয়েই উপেক্ষা কৰা উচিত- লাগে সেইবোৰ যিমানেই লোভনীয় নহওক!

ভাৰতবৰ্ষ এখন কল্যাণকামী ৰাষ্ট্ৰ। সেইবাবেই  দেশৰ সকলো অংশৰ জনসাধাৰণৰ লগতে লেখক-শিল্পী-সাহিত্যিকসকলৰ কল্যাণৰ বাবেও চৰকাৰে নানা আঁচনি গ্ৰহণ কৰে। উপযুক্ত লোকক এই আঁচনিবোৰেৰে সামৰি লোৱাটো চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য।  জনসাধাৰণে এইবোৰ নিৰীক্ষণ কৰে। কিয়নো এইবোৰ ৰাইজৰ কৰৰ টকা জড়িত হৈ থকা বিষয়। আমিও কৰোঁ। 

 

উমৰাংচুৰ অবৈধ কয়লাখনিত নিহতজনৰ বাবে এটুপি চকুলো

২০০৫ চন টিকক পৰ্বতৰ বুকু খান্দি কৰা মুক্তখনন

ফটো-ৰত্না ভৰালী তালুকদাৰ 


২০০৫ চনত চেণ্টাৰ ফৰ চায়েন্স এণ্ড এনভিৰণমেণ্টে মোৰ লগতে দেশৰ বাৰজন সাংবাদিকক এটা ফেল’শ্বিপ দিছিল মাইনিং খণ্ডত ক্ষেত্ৰ অধ্যয়ন কৰি ৰিপৰ্টিং কৰিবলৈ। উজনি অসমৰ মাকুম কয়লাক্ষেত্ৰত শ্ৰমিকৰ অৱস্থা আৰু পৰিবেশৰ ওপৰত কয়লাখননৰ প্ৰভাৱ সন্পৰ্কে অধ্যয়ন কৰিবলৈ কতৃপক্ষৰপৰা অনুমতি পোৱা নাছিলোঁ। কাষৰ গাঁৱৰ কেইবাজনো লোকৰ লগতে শ্ৰমিক নেতাৰ সহায়ত সেই অধ্যয়ন কৰোঁতে কয়লাখনন কিমান বিপদজনক নিজেই দেখিবলৈ পাইছিলোঁ। পৰিবেশ সুৰক্ষাৰ লগতে অবাধ হাৰত মুক্তখনন বন্ধ কৰাৰ বাবে প্ৰতিবাদ মুখৰ হৈ এনেদৰে বিভিন্নজনক সহায় কৰা বহুত মানুহ পিছলৈ ‘নিখোঁজ’ হৈ গৈছিল।  টিপঙৰ ‘লাচিত খনি’ তেতিয়াও মুক্ত খননৰ বাবে উন্মুক্ত হোৱা নাছিল। শ্ৰমিকসকলে কেনেদৰে কাম কৰে, তাৰ বুজ লবলৈ অনুমতি নথকা স্বত্বেও ‘লাচিত খনি’ৰ তললৈ সোমাই গৈছিলোঁ, মূৰত এটা লাইট পিন্ধি। তেতিয়াই কয়লাখনিৰ তলা-নলাবোৰ দেখিছিলোঁ। পিছত অৱশ্যে চিনেমাত ভালকৈ দেখিবলৈ পাইছিলোঁ। শ্ৰমিকসকলে মাটিৰ তলত দহ নম্বৰ পৰ্যায়লৈকে গৈ আঠঘণ্টাৰ শ্বিফট্ ডিউটি কৰে। আসন্ন মৰণৰ ভয় সাৱটি বছৰৰ পিছত বছৰ ধৰি মাটিৰ তলত কাম কৰাৰ ফলত তেওঁৱলোকৰ মানসিক অৱস্থা কি হ’ব পাৰে? মাটিৰ তলৰ তিনি নম্বৰ পৰ্যায় পাওতেই মোৰ উশাহ বন্ধ হোৱাৰ উপক্ৰম হোৱাত ওলাই আহিবলগীয়া হৈছিল।

টিপঙৰ ‘লাচিত খনি’ কেন্দ্ৰীয় চৰকাৰৰ অধীনত আছিল। এজন তৰুণ ‘মাইনিং চৰ্দাৰ’ লগ পাইছিলোঁ। তেওঁৰ দেউতাকে খনিৰ তলত মাটি খহি পৰাত পোত গৈ মৃত্যু হোৱাৰ বাবে compassionate ground-ত চাকৰিটো পাইছিল। তেওঁকে সুধিছিলোঁ—তেনেহ’লে কি সাহসত একেটা চাকৰিকে কৰিবলৈ আহিছে!

মেঘালয়ৰ যি ‘rat hole mining’—সেইবোৰত কাম কৰা শ্ৰমিকৰ অৱস্থা তাতোকৈও ভয়ানক। তালৈ গৈ ৰিপৰ্টিং কৰাৰ উপায়ো নাই। সেইবোৰ এক ৰহস্যময় মৰণৰ ফান্দ।  

বৈধই হওক বা অবৈধ-যেতিয়াই কয়লাখনিত শ্ৰমিক নিহত হোৱাৰ কথা শুনা পাওঁ, তেতিয়াই নিজৰ সেই উশাহ বন্ধ হৈ যোৱাৰ অৱস্থাটো মনলৈ ভাহি আহে। উংৰাংচুৰ অবৈধ কয়লাখনিত আৱদ্ধ হৈ পৰা শ্ৰমিককেইজনৰ ঘটনাটোৱেও শান্তিত থাকিবলৈ দিয়া নাই। দেশৰ শাসকে উন্নয়নৰ নামত বন ধ্বংস, পত্নীৰ নামত হকে-বিহকে মাটি দখল, কোনোবা ৰাজনীতিকৰ পত্নীৰ হাতত অবৈধ কয়লাখনি তুলি দিয়াৰ নতুন নতুন নেৰেটিভ ৰচনা কৰিছে। তাকে ঢাকিবলৈ মানুহক দেখুৱাই হিন্দু-মুছলমানৰ নামত বিভেদৰ ৰাজনীতি। উংৰাংচুৰ অবৈধ কয়লা খনিত হেৰাই যোৱা শ্ৰমিককেইজন কি সম্প্ৰদায়ৰ? হিন্দু, নে মুছলমান? টেলিভিছনত দেখিছোঁ তেওঁলোকৰ আত্মীয়ৰ হাহাকাৰ। কি মিঞা, কি ৰাজবংশী, কি বড়ো--তেওঁলোকৰ উঁৱলি যোৱা ঘৰবোৰ ৰাজনীতিকসকলে দেখিছেনে? মাকবোৰ-জীয়েকবোৰ-পত্নীসকলৰ কান্দোন শুনিছেনে? কিহৰ সুখত ঘৰৰ মতামানুহে ইমান বিপদজনক কামলৈ নিজকে ঠেলি দিয়ে? এটা পৰিয়ালৰ মূল মানুহজন হেৰাই যোৱাৰ মৰ্মন্তুদ অভিজ্ঞতা কেইলাখমানৰ ক্ষতিপুৰণৰ টকাই সামৰিব পাৰিবনে?

উচ্চতম ন্যায়ালয়ে কয়লাখনন বন্ধ কৰিছে। কিন্তু বাস্তৱত কি হৈ আছে?  

উমৰাংচুত উচ্চপদস্থ ৰাজনীতিকৰ পত্নীয়ে চলোৱা অবৈধ কয়লাখননৰ উচিত তদন্ত হ’বনে? সময়ে ইয়াৰ বিচাৰ নিশ্চয় কৰিব।

 

Friday, 3 January 2025

 


Dramatization of literary works: Padmapriya, Bindu, Bhograj Aru Janokir Kothare is a successful experiment in Assamese theatre



Words do travel. Spoken words mostly travel from mouth to mouth, while written words may travel from book to book and from one reader to another. Meaningful literary words, however, have multiple wings to make their voyage in various forms, mediums to shape diversified contents in the universe of creativity. At times they may travel from the world of fiction to different form of art and undergo metamorphosis into a new creation.

In an innovative attempt, a few short stories of Indian literature have made their voyage to the field of drama in the curated hands of noted theatre personality of Assam, Robijita Gogoi, who has edited the Padmapriya, Bindu, Bhograj Aru Janokir Kothare, a collection of five dramatization of stories with different flavour and substances, recently published by Jirsong Theatre Publication, Guwahati.

The collection of dramatizations include, (1) Devipeethaor Tez, the dramatization of Mamoni Raisom Goswami’s celebrated short story with the same name; (2) Jatra Subha Haok, derived from two short stories-“Na Jane Kohi Besh Mey” by Phaniswar Nath Renu and “Sukh-Dukh” by Pranjal Sharma Basistha, (3) Neota Nirman from Hay, written by Assamese short-story writer and playwright Mahendra Borthakur, (4) Iti Mrinalini, the dramatization of Rabindranath Tagore’s celebrated short story “Streer Patra”, and (5) Baduli from the original short story with the same name written by eminent writer Anuradha Sarma Pujari.

Of these, Robijita Gogoi herself completed dramatization of “Devipeethar Tej”, “Jatra Subha Haok” and “Iti Mrinalini”. The dramatization of “Baduli” is by Pankaj Jyoti Bhuyan, while Neota Nirman is a joint effort of Robijita Gogoi and Mrinal Jyoti Goswami.

This attempt of extension from literature to the field of performing art is, however, an intense effort. Robijita and two other theatre personalities have portrayed unique expertise in using language as a tool to keep originality of the literary essence, while doing the dramatization part of the work. Dialogues with different tone and flavour to express different temperament plays a significant role to translate the substance. The dual efforts of making the drama content interesting for a larger audience while keeping the literary sense unscathed, are indeed difficult tasks as contents of original literary works are of diversified tastes.

For example, both Devipeethar Tej and Iti Mrinalini are set on the backdrop of the protagonists with indomitable spirit to break barriers of patriarchal norms of the society. The two female protagonists of both drama question patriarchy by their action. Here dialogues with intense thought and meaning plays the most vital role. The original tone and flavour of literary work is omnipresent in the drama version of both “Devipeethar Tej” and “Iti Mrinalini”.

Baduli is set on the temperament of typical mentality of a worthless and ambitious lady without substance, who ironically happens to be the wife of a senior police officer. Unlike Devipeethar Tej and Iti Mrinalini, the language construct in Baduli is on farce and satire to enthral the audience. The dialogue of this drama is full of wit, humour, and irony.

Again, Jatra Subha Haok is set on conversation among few co-travellers who take part in light conversation in a bogie of a running train. These travellers belong to different communities and speak different languages. However, inside the bogie, they speak in a communicative language with a typical accent of their own languages. These co-travellers have their different experiences of life which unfold in their conversation. A poet, who believes in daily horoscopes and love to act accordingly, is the key protagonist of the drama. Apart from setting the drama on the backdrop of a running train-bogie, which seems interesting and innovative, the multi-lingual structure of the novel is also one of the prominent features to draw immediate attention of intelligent audience.

Neota Nirman is set on the concept of run for your life in a competitive world and obviously dialogue is playing a significant role to translate the original short story into an interesting drama.

The collection is important as it marks a coordinated effort of giving literature an extended form and to take literary work of leading writers to a wider audience. The effort encompasses transcending language boundaries of Assamese literature, which is also a laudable task in contemporary literature of theatre.

Picking up fiction with different temperament and taste, is another important aspect of the collection, which speaks volume about the passion of Rabijita Gogoi to experiment on stage with vivid ideas and thought. The Padmapriya, Bindu, Bhograj Aru Janokir Kothare is a successful experimentation of dramatization of literary works.

Ratna Bharali Talukdar 

www.nezine.com 

পদ্মাপ্ৰিয়া, বিন্দু, ভোগৰাজ আৰু জানকীৰ কথাৰে —এমুঠি ভাৰতীয় গল্পৰ মঞ্চ অভিযোজনাৰ সফল প্ৰয়াস

শব্দই ভ্ৰমণ কৰে। কথিত শব্দই মানুহৰ মুখে মুখে ভ্ৰমণ কৰে। লিখিত শব্দই ভ্ৰমণ কৰিব পাৰে কিতাপৰ পৰা কিতাপলৈ, এজন পঢ়ুৱৈৰপৰা আন এজন পঢ়ুৱৈলৈ। গভীৰ অৰ্থব্যঞ্জক শব্দই আকৌ ডেউকা লগাই লয়, বিভিন্ন মাধ্যমেৰে কলাৰ অলেখ মাধ্যমলৈ বিয়পি যাবলৈ। কেতিয়াবা শব্দই গল্প-সাহিত্যৰ নিৰ্দ্ধাৰিত আৱৰ্ত পাৰ হৈ নাটকৰ পৃথিৱীলৈ গুচি যায়।

এনেকৈয়ে ভাৰতীয় সাহিত্যৰ এমুঠি চুটিগল্পই সাহিত্যৰ পৰা যাত্ৰা আৰম্ভ কৰিছে নাটকৰ জগতলৈ--বিশিষ্ট নাট্যকাৰ ৰবিজিতা গগৈৰ সম্পাদনাত আৰু জিৰছং থিয়েটাৰ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত পদ্মাপ্ৰিয়া, বিন্দু, ভোগৰাজ আৰু জানকীৰ কথাৰে’ শীৰ্ষক নাট্যসংকলনৰ মাজেৰে, য’ত ভাৰতীয় সাহিত্যজগতৰ ভিন্ন সোৱাদৰ গল্পৰপৰা তুলি অনা পাঁচখন নাটকৰ সোৱাদে প্ৰাণ পাই উঠিছে।

এই নাটককেইখন হৈছে-(১) মামনি ৰয়ছম গোস্বামীৰ একে নামৰ গল্পৰপৰা তুলি অনা ‘দেৱীপীঠৰ তেজ’, (২)ফণিশ্বৰ নাথ ৰেণুৰ ‘না জানে ক’হি বেশ মে” আৰু প্ৰাঞ্জল শৰ্মা বশিষ্ঠৰ সুখ-দুখ’ৰ আধাৰত ‘যাত্ৰা শুভ হওক’, (৩) সাহিত্যিক আৰু নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ ‘হায়’ নামৰ গল্পৰ আধাৰত ‘নেওতা নিৰ্মাণ’, (৪) ৰবীন্দ্ৰ নাথ ঠাকুৰৰ বিখ্যাত গল্প স্ত্ৰীৰৰ -পত্ৰ’ৰ আধাৰত ‘ইতি মৃণালিনী’ আৰু (৫) অনুৰাধা শৰ্মা পূজাৰীৰ ‘বাদুলি’ গল্পৰ আধাৰত একে নামৰ অভিযোজনা ‘বাদুলি’ ।

ইয়াৰে ভিতৰত ৰবিজিতা গগৈয়ে নিজেই ‘দেৱীপীঠৰ তেজ’, ‘যাত্ৰা শুভ হওক’, আৰু ‘ইতি মৃণালিনী’ৰ নাট্যৰূপ দিছে। ‘বাদুলি’ৰ নাট্যৰূপ পংকজ জ্যোতি ভূঞাৰ। ‘নেওতা নিৰ্মাণ’ৰ নাট্যৰূপ ৰবিজিতা গগৈ আৰু মৃণাল জ্যোতি গোস্বামীৰ।

গল্পৰপৰা পাখি মেলি নাটকৰ দৰে পৰিবেশ্য কলাৰ ক্ষেত্ৰখনলৈ কঢ়িয়াই নিয়াৰ এই প্ৰচেষ্টাৰ গভীৰতা আছে। ইয়াত মূল সাহিত্যৰ যি ব্যঞ্জনা তাক অক্ষুণ্ণ ৰাখিবলৈ ৰবিজিতা গগৈ আৰু আন দুজন নাট্যকাৰে নাটকীয় উপস্থাপনাত ‘ভাষা’ক এক সঁজুলি হিচাপে ব্যৱহাৰ কৰাৰ ওপৰতে বিশেষ গুৰুত্ব আৰোপ কৰিছে। সেইবাবেই বিভিন্ন মেজাজৰ নাটকেইখনত ভিন্ন সোৱাদৰ সংলাপে বিশেষ ভূমিকা পালন কৰিছে বিষয়বস্তুৰ সাৰভাগ বৃহৎ দৰ্শকৰ সন্মুখলৈ লৈ যোৱাত। নাটকীয়তা অক্ষুণ্ণ ৰক্ষা কৰাৰ সমান্তৰালভাৱে সাহিত্যিক ৰসো অক্ষুণ্ণ ৰাখিবলৈ কৰা প্ৰচেষ্টা তেনেই সহজ নহয় বুলিয়ে কব লাগিব, কিয়নো গল্পসমূহৰ মূল বিষয়সমূহ ভিন্ন সোৱাদৰ।

উদাহৰণ স্বৰূপে, ‘দেৱীপীঠৰ তেজ’ আৰু ‘ইতি মৃণালিনী’ৰ প্ৰেক্ষা এনে পৃষ্ঠত আছে, য’ত কেন্দ্ৰীয় চৰিত্ৰই সমাজৰ পিতৃতান্ত্ৰিক পৰম্পৰাক সৰ্বতোপ্ৰকাৰে কঠোৰ প্ৰত্যাহ্বান জনাইছে। দুয়োখন নাটকৰ কেন্দ্ৰীয় নাৰী চৰিত্ৰই তেওঁলোকৰ কাৰ্যৰ মাজেৰে পিতৃতন্ত্ৰৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিছে। দুয়োখন নাটকত সংলাপ অতি গভীৰ আৰু অৰ্থব্যঞ্জক, যি নাট দুখনিক নাট্য-সাহিত্য ৰূপেও অনন্য মাত্ৰা প্ৰদান কৰিছে। ‘দেৱীপীঠৰ তেজ’ আৰু ‘ইতি মৃণালিনী’ নাটকত মূল সাহিত্যৰ যি শক্তিশালী আবেদন সেয়া পুৰামাত্ৰাই উপস্থিত।

সেইদৰে ‘বাদুলি’ হৈছে নিৰ্বোধ, অন্তঃসাৰশূন্য আৰু উচ্চাকাংক্ষী এগৰাকী মহিলাৰ কাহিনী, যি ঘটনাক্ৰমে উচ্চপদস্থ আৰক্ষী বিষয়াৰ পত্নী। ‘দেৱীপীঠৰ তেজ’ আৰু ‘ইতি মৃণালিনী’ৰ বিপৰীতে ইয়াত ভাষাৰ নিৰ্মাণ প্ৰহসন আৰু ব্যংগৰ পৃষ্ঠত গঠন কৰা হৈছে, যাতে সি সহজতে দৰ্শকৰ অন্তৰ স্পৰ্শ কৰে। স্বভাৱিকতে নাটকৰ সংলাপ হাস্য,ব্যংগ, প্ৰহসনেৰে ভৰা।

সেইদৰে ‘যাত্ৰা শুভ হওক’ নাটকত কাহিনী চলি থকা ৰেলৰ ডবা এটাত যাত্ৰিক হিচাপে ভ্ৰমণ কৰা কিছু কথা-বতৰাৰ মাজেৰে আগবাঢ়ে্। তেওঁলোক ভিন্নভাষী, হলেও সকলোৱে বুজি পাব পৰা ভাষা এটাৰে নিজৰ নিজৰ ভাষিক উচ্চাৰণৰ মাজেৰে কথা-বতৰাত অংশ লয়। কথা-বতৰাৰ মাজে মাজে তেওঁলোকৰ জীৱনৰ বিভিন্ন অভিজ্ঞতা ওলাই পৰে। দৈনন্দিন ৰাশিফল বিশ্বাস কৰা আৰু সেইমতে চলা কবি এজন নাটকৰ কেন্দ্ৰীয় চৰিত্ৰ। চলন্ত ৰেলৰ ডবাৰ ভিতৰত নাটকৰ কাহিনীৰ প্ৰেক্ষা তৈয়াৰ কৰাটোতেই উদ্ভাৱনীৰ পৰিচয় আছে, তাতেই আকৌ বহুভাষিক চৰিত্ৰবোৰে বুদ্দিদ্বীপ্ত দৰ্শকক এক সুকীয়া আমেজ দি যায়।

নেওতা-নিৰ্মাণ’-এ কৈছে প্ৰতিযোগিতামুখী পৃথিৱীত মানুহৰ জীৱনৰ দৌৰৰ কথা। ইয়াতো সংলাপ এক বিশেষ ধৰণে নিৰ্মাণ কৰা হৈছে, যাতে দৰ্শকে নাট্য-উপভোগৰ এক ভিন্ন মেজাজ লাভ কৰিব পাৰে।

নাট্য-সংকলনটোৰ মাজেৰে সাহিত্যৰ এক সম্প্ৰসাৰিত ৰূপ দি ভাৰতীয় সাহিত্যৰ প্ৰসিদ্ধ সাহিত্যিক কেইজনমানৰ সাহিত্যকৰ্মক বহলভিত্তিক অধিক দৰ্শকৰ মাজলৈ নিয়াৰ যি সংহতিমূলক প্ৰয়াস কৰা হৈছে, সেয়া প্ৰশংসাৰ যোগ্য। অসমীয়া সাহিত্য আৰু ভাষাৰ পৰিধি অতিক্ৰম কৰি সমসাময়িক ভাৰতীয় সাহিত্যৰ গল্পক সামৰি লব পৰাটোও ৰবিজিতা গগৈৰ আন এক কৃতিত্ব।

সেইদৰেই, লঘূ-গুৰু বিষয় সামৰি ভিন্ন মেজাজৰ গল্প সামৰি লোৱাৰ কামটোকো সাধুবাদ দিব লাগিব। এনে প্ৰয়াসে যি অসমৰ এগৰাকী প্ৰসিদ্ধ নাট্যকাৰ ৰবিজিতা গগৈয়ে মঞ্চত ভিন্ন দৰ্শন আৰু ভাৱনাৰ সম্পৰীক্ষা কৰিব খোজা প্ৰচেষ্টাৰ বিষয়েই জানিবলৈ দিয়ে। স্বভাৱিকতেই পদ্মাপ্ৰিয়া, বিন্দু, ভোগৰাজ আৰু জানকীৰ কথাৰে —এমুঠি ভাৰতীয় গল্পৰ মঞ্চ অভিযোজনাৰ সফল প্ৰয়াস।

 ৰত্না ভৰালী তালুকদাৰ 

www.nezine.com