Tuesday, 19 November 2024

 ৰাস-ভাওনাৰ কিছু কথা


এইবাৰ ৰাসৰ কিছুমান ভিডিঅ’ দেখি চকু কপালত উঠাৰ দৰে হ’ল। এটা ভিডিঅ’ দেখিলোঁ এগৰাকীয়ে অতি বিকৃতভাৱে মঞ্চত ‘আয়াম্যা ডিস্ক ডান্সাৰ’ গাই শৰীৰ জোকাৰি জোকাৰি এটা সময়ত ‘ৰাস এনজয় কৰক” বুলি মঞ্চৰপৰা বিদায় লৈছে।তেওঁ মূল হিন্দী গীতটোও বিকৃত কৰিলে আৰু ৰাসৰ দৰে মঞ্চখনো বিকৃত কৰিলে। হয়তো ৰাস প্ৰদৰ্শনৰ পূৰ্বতে মঞ্চত সভা হৈছে, তেওঁক তালৈ আদৰি নিয়া হৈছে। তেওঁ হয়তো কোনোবা ইউটিউৱাৰ, নহলে ‘ৰিল’ বনোৱা নাৰী। পিচে, ইমান স্থূল ৰুচিৰ মানুহক যিসকলে মঞ্চলৈ আদৰি নিছে, তেওঁলোক ‘ধন্য ধন্য’ বুলি নকৈ উপায় নাই।

আজিকালি যিকোনো সৃষ্টিশীল কৰ্মত গভীৰভাৱে নিমজ্জিত হৈ থকাসকলক উপেক্ষা কৰি স্থুল বিনোদনক প্ৰাধান্য দিয়াৰ প্ৰৱণতা এটা গঢ় লৈ উঠিছে, যিটো অতিকৈ বিপদজনক। এটা কথা মনত ৰখা ভাল যে, অতিমাত্ৰা সকলোতেই বেয়া।
ৰাস-ভাওনাৰ মূল উপাদান ভক্তিৰস। সৰুৰেপৰা আমি ৰাস আৰু ভাওনাৰ মাজতেই ডাঙৰ হৈছিলোঁ। এটা সময়ত মাজুলীত কেইখনমান মুষ্টিমেয় মঞ্চৰাস আৰু সত্ৰৰ ৰাস অনুষ্ঠিত হৈছিল। সত্ৰৰ ৰাস বিনামূলীয়া। চৌপাশৰ মানুহ উজাৰ খাই পৰে। সত্ৰত বিশেষকৈ আধ্যাত্মিক পৰিবেশত মহাৰাসৰ ওপৰতে বেছিকৈ জোৰ দিয়া হৈছিল।সত্ৰৰ নামঘৰৰ জেকা মজিয়াত বহি দুপৰ নিশালৈকে কলমটিয়াই কলমটিয়াই ৰাস চোৱাৰ এটা উন্মাদনা আছিল। গায়ন-বায়ন, সূত্ৰধাৰী নাচ ইয়াৰ অবিচ্চেদ্য অংগ। খোল-তাল-শংখধ্বনিৰ মাজেৰে মহাৰাসৰ কৃষ্ণৰ আভিৰ্ভাৱৰ সময়খিনিয়েই আমাৰ বাবে সত্ৰৰ ৰাসৰ মূল শিহৰণ আছিল। মহাৰাসৰ কৃষ্ণৰ প্ৰৱেশৰ সময়তে আয়তীসকলে উৰুলি জোকাৰ দিয়ে। ভক্তিৰসৰ আৱেগত উথলি উঠি চকুলো ওলায়। কৃষ্ণৰ গালৈ ভক্তিভাৱত সিকি-আধলি দলিয়াই সেৱা ধৰে।অলৌকিক পৰিবেশৰ দৰে এক চেতনা জাগ্ৰত হয়।এই দিশবোৰৰ বিভিন্ন মনোবৈজ্ঞানিক ব্যাখ্যা থাকে। কিন্তু সেই ভক্তিৰসৰ আৱেশৰপৰা সতকাই ওলাই আহিবলৈ টান।
মঞ্চৰাসৰ কথা অৱশ্যে কিছু সুকীয়া।সত্ৰৰ ৰাসৰ তুলনাত জাক-জমক। অনন্তশয্যা, কংস, দৈৱীৰপৰা পুতনা ৰাক্ষসী, বকাসুৰ, অঘাসুৰ, কালীয় দমনৰ কৃষ্ণ—প্ৰতিটো ‘চিন’ দৰ্শকৰ আকৰ্ষণ। বিভিন্ন পৰীক্ষা-নীৰিক্ষাও কৰা হয়। বিশেষকৈ মুখাবোৰৰ ক্ষেত্ৰত। যিয়েই নহওক, ৰাসৰ মূল সাৰগৰ্ভ অংশৰপৰা কোনোৱেই আঁতৰি নাহে।

অভিনয়ৰ সংযমৰ বাবেই ৰাস বা ভাওনাৰ প্ৰাকমুহূৰ্তত ভাৱৰীয়াৰ ব্ৰত, উপবাসো বাধ্যতামূলক আছিল।

সংস্কৃতি পৰিবৰ্তনশীল আৰু সময়ৰ লগে লগে সংস্কৃতিলৈ পৰিবৰ্তন আহিবলৈ বাধ্য। কিন্তু পৰিবৰ্তনৰ নামত স্বকীয়তাক পাহৰি স্থুলতাক আদৰি ল’লে ধ্বংস হবলৈ কিমানপৰ? প্ৰায়বোৰ বৈদ্যুতিন আৰু ডিজিটেল মাধ্যমত দেখিলোঁ ৰাসৰ বাতৰি প্ৰচাৰ কৰাৰ নামত কংসকেই বেছিকৈ প্ৰাধান্য দিয়া হৈছে। ৰাসৰ মূল আকৰ্ষণ কংস জানো! ৰাধা-কৃষ্ণৰ প্ৰেমগাথাই ৰাসৰ সাৰকথা। সাংবাদিকে হাতত ‘বুম’ডাল লৈ কংসৰ ভাও লোৱাজনক ‘ডায়লগ’ এটা কওক বুলি অনুৰোধ কৰাটো বৰ শ্ৰুতিকটূ হৈছে। প্ৰয়োজনত ‘বচন এষাৰ মাতক’ বুলি কব নোৱাৰি নেকি? ভাৱৰীয়াৰ সাজ-সজ্জা, অংগসজ্জাৰ দিশটোও আচৰিতধৰণৰ হৈ পৰিল। ৰাস, ভাওনা, বিয়াৰ কইনা-সকলোতে কাৰু-কাৰ্যবোৰ একাকাৰ হৈ পৰিছে। চাব নোৱাৰি। চকু চাট মাৰি ধৰে। ৰজা-মহাৰজাই বচন নমতালৈকে দক্ষিণৰ ফালৰ অভিনেতা নে থলুৱা অভিনেতা ধৰিব নোৱাৰি। চকুবোৰ ইমান টেলেকা-ভেলেকা কৰাৰ প্ৰয়োজন আছেনে? খোজ-কাটল, চকুৰ চাৱনি, লয়লাস, বচন মতা- সকলোতে হিন্দী চেনেলৰ জনপ্ৰিয় আধ্যাত্মিক চিৰিয়েলবোৰৰ অভিনেতাৰ অভিনয়ৰ চাপ। ৰজা-মহাৰজাৰ দৰে চৰিত্ৰই ছোঁ-ঘৰৰ আঁৰকাপোৰৰ তলেৰে ওলাই আহোঁতে ইমান লম্ফ-জম্ফ কৰাৰেই বা কি দৰকাৰ! ৰজা-মহাৰজাৰ গাম্ভীৰ্যতা ৰাখি ওলাব নোৱাৰি নেকি?
কোনোবাখন থলীত দেখিলোঁ বিহু নাচ আৰু বৃন্দাবনৰ ৰাধা-কৃষ্ণৰ নাচ এক হৈ গৈছে। লোক-নৃত্য আৰু সত্ৰীয়া নৃত্যৰ মাজত পাৰ্থক্য আছে। অৱেশ্য সত্ৰীয়া নৃত্যত মিছিং জনেগাষ্ঠীৰ লোকনৃত্যৰ মুদ্ৰা, বিহুনাচৰ চেৰেকী পাকৰ লগতে অসমৰ জাতি-জনেগাষ্ঠীসমূহৰ লোকনৃত্যৰ বিভিন্ন ভংগীমা কেনেদৰে সোমাই পৰিছে, সেই বিষয়ে গৱেষকসকলে ইতিমধ্যেই বিভিন্ন গৱেষণা কৰিছে। এই ভংগীমাবোৰ দীঘলীয়াকালৰ সহজাত প্ৰক্ৰিয়াৰ মাজেৰে আহিছে। ৰাসৰ নৃত্যৰ নৃত্যাংশ সত্ৰীয়াৰ আধাৰতে কৰা হয়। নতুনত্ব আৰু সম্পৰীক্ষাৰ বেলিকা সমল ব্যক্তিসকলৰ গৱেষণাৰাজিৰ সহায় ল’লেই বহু কথা গম পোৱা যায়। তাকে নকৰি উপৰুৱাকৈ সংমিশ্ৰণ ঘটাবলৈ গ’লেও সি বিকৃত হোৱা আশংকা থাকে। শংকৰদেৱেও জানো মন কৰিলে বিহুনাচকে অংকীয়া ভাওনাত সুমুৱাই দিব নোৱাৰিলেহেঁতেন? তাকেই নকৰি থলুৱা পৰম্পৰাৰ উপাদানৰ সমাহাৰ ঘটায়ো সংস্কৃতিৰ ক্ষেত্ৰত সুকীয়াধৰণে সম্পৰীক্ষা কৰাৰ কাৰণ কি আছিল? এই মূল প্ৰশ্নবোৰৰপৰা আঁতৰি আহি নতুনত্ব বা সম্পৰীক্ষাৰ কথা কব নোৱাৰি।

অৱশ্যে সকলোবোৰ বিকৃত হৈছে বুলি কব নোৱাৰি। প্ৰকৃত সাধকসকলে সদায়েই জাক-জমকীয়া প্ৰচাৰ মাধ্যমৰ আঁৰত থাকি অনুজ্জল পোহৰত অক্লান্ত সাধনাৰে সংস্কৃতিৰ মূল উপাদান ধৰি ৰাখে।আজিও ৰাখিছে।

আমাৰ পৰম্পৰাৰ ৰাস আৰু বিশেষকৈ ভাওনালৈ সম্পৰীক্ষাৰ নামত যিমানবোৰ সমকালীন বিজতৰীয়া উপাদান সোমাই আহিছে, সময় থাকোঁতেই সংশ্লিষ্ট লোকসকলে তালৈ কাণসাৰ দিয়া ভাল।বচন, অভিনয়, অংগসজ্জা—এই উপাদানবোৰৰ ক্ষেত্ৰত নিজৰ বৈশিষ্ট হেৰুৱাই পেলোৱাৰ পিছত ৰাস-ভাওনাকো কেতিয়াবা উত্তৰ ভাৰতৰ ফালৰ কোনোবাই হিন্দী সংস্কৃতিৰ উপাদান বুলি কৈ দিব। তেতিয়া জানো “কি হেৰুৱালোঁ, কি হেৰুৱালোঁ” বুলি চিঞৰ-বাখৰ কৰি কিবা লাভ হ’ব?
All reactions:
Nabajit Chelleng and 9 others

No comments:

Post a Comment