কালা(Qala) আৰু কিছু অনুভৱ
Photo--internetআন বহুতো বাগধাৰাৰ দৰেই ‘নাৰীয়েই নাৰীৰ শত্ৰু’ বুলি কথা এষাৰ সমাজিক মাধ্যমত চলি থাকে।এগৰাকী নাৰী আন এগৰাকীৰ বিৰুদ্ধে কেতিয়াবা ইমান খড়্গহস্ত হৈ উঠে যে, সি অৱশেষত এক শেষ নোহোৱা পৰিক্ৰমা হৈ পৰেগৈ। ইও এক বেমাৰ। মনৰ অস্বাভাৱিক অৱস্থা। কিন্তু বিষয়টো ইমান জটিল আৰু মনঃস্তাত্বিক যে সহজতে তাৰ তলা-নলা পাবলৈ কঠিন। ইৰ্ষা, ব্যক্তিগত জীৱনৰ গুপুত অৱদমনৰ অধ্যায় বা আন কিবা কাৰকৰ বাবে এগৰাকী নাৰী হঠাতে আন এগৰাকীৰ শত্ৰু হৈ উঠে। এনে ঘটনা বাস্তৱত দখা যায়। কিন্তু যিকোনো সৃষ্টিশীল কৰ্মত এই বিষয়টো ফুটাই তোলা অতিকৈ কঠিন কাম। কেতিয়াবা অৱেশ্য সুদক্ষ কাৰিকৰৰ হাতেৰে পাগত উঠা কোনো শিল্পকৰ্মই এনে কঠিন মনঃস্তত্বক অতি সুন্দৰকৈ ফুটাই তুলিবলৈ সক্ষম হয়।
২০২২ চনত নিৰ্মিত কালা(Qala) নামৰ চলচ্চিত্ৰখন চাবলৈ সুযোগ পালোঁ সিদিনাহে। চলচ্চিত্ৰৰ কাহিনী বিংশ শতিকাৰ চল্লিছৰ দশকৰ। চল্লিছৰ দশকৰ চলচ্চিত্ৰ নিৰ্মাণৰ সামগ্ৰীক পৰিবেশৰ ইমান সুক্ষ্ণাতিসুক্ষ্ণ উপস্থাপনা চলচ্চিত্ৰখনত আছে যে, প্ৰথম কেইমিনিটমানতেই সেই পৰিবেশলৈ দৰ্শক সোমাই যায়।এই প্ৰাথমিকতাৰ অন্তত দৰ্শকে গম পায়, অতি সাৱধানতাৰে কাহিনী আগুৱাই গৈছে। এটা এটা ফ্ৰেম, চৰিত্ৰৰ প্ৰতিটো খোজ, অংগৰ সঞ্চালনৰ লয়বোৰ--সকলো চল্লিছৰ দশকৰ। বেছিভাগ শ্ব’ট আচলতে একোখন মনোৰম প’ৰ্ট্ৰেইট। কিছুমান বৰ্ণিল কেনভাচ। আৰু কিছুমান কল্পনাৰ সিপাৰৰ চলমান কেনভাচ। কেমেৰা আৰু কষ্টিউম কোনোবাখিনিত ছন্দোবদ্ধ হৈ কাহিনীত বিয়পি আছে। আৰু আছে সংগীতৰ অনন্য সুধা। ধীৰ, মন্থৰ, সমৰ্পিত।
চলচ্চিত্ৰত দেখা গৈছে এটি সংগীতৰ পৰিয়ালত জন্মগ্ৰহণ কৰা কালাই সকলোৰে ইস্পিত চলচ্চিত্ৰৰ সংগীতৰ ‘গ’ল্ডেন বিনীল’ বঁটা লাভ কৰিছে, উৎস্যুক সাংবাদিকসকলৰ সন্মুখীন হৈছে। আৰু প্ৰায় তাৰ লগে লগেই জীৱনৰ নেপথ্যৰ অনেক বিভ্ৰান্তি উন্মোচিত হৈ পৰিছে। যেতিয়া কালা মাতৃৰ গৰ্ভত আছিল, তেতিয়া গৰ্ভত যমজ ভাতৃৰ সতেই আছিল। কিন্তু ওপজাৰ লগে লগে দেখা গ’ল ভাতৃ উপজিছে মৃত সন্তানৰ ৰূপত। কালাৰ মাতৃ নিজেও আছিল সংগীতজ্ঞ। কিন্তু চল্লিছৰ দশকৰ সেই পুৰুষতান্ত্ৰিক সমাজত চলচ্চিত্ৰত গীত গোৱা নাৰীকণ্ঠক ‘বাই’ বুলি গণ্য কৰাৰ বিপৰীতে পুৰুষকণ্ঠক গণ্য কৰা হৈছিল ‘পণ্ডিত’ৰূপে। ইয়াত কোনো সন্দেহ নাই যে সংগীতক উন্মাদৰ দৰে ভালপোৱা কালাৰ মাতৃয়ে চলচ্চিত্ৰত গীত গোৱাৰ বাসনা জলাঞ্জলি দিছে। কিন্তু পুত্ৰ সন্তান জন্ম হ’লে নিশ্চয় চলচ্চিত্ৰত গীত পৰিবেশন কৰিবলৈকে ডাঙৰ কৰিলেহেঁতেন। পূৰ্বজসকলৰ দৰে এজন বিখ্যাত সংগীতজ্ঞ কৰি তুলিলেহেঁতেন। কিন্তু হায়! কন্যাসন্তানক কোলাত জাপি দি চিকিৎসকে কৈছে-“মাজে মাজে এনেকুৱা হয়, গৰ্ভত দুটা সন্তানৰ বীজ থাকিলে স্বাস্থ্যবান বীজটোৱে গৰ্ভৰ পুষ্টি-আহাৰ বেছিকৈ গ্ৰহণ কৰি গৈ থাকে। তেতিয়া আনটো বঞ্চিত হয়। আৰু এনেকৈ গৰ্ভতে দুৰ্বল হৈ হৈ এটি সন্তান জন্মতে মৃত হিচাপে উপজিব পাৰে।’
মাতৃৰ গৰ্ভতে পুষ্টি-আহাৰ বেছিকৈ খাই ভাতৃক মৃত্যুৰ মুখলৈ ঠেলি যি কন্যাসন্তানে পৃথিৱীৰ মুখ দেখিছে, কোলাত তুলি লোৱাৰ মুহূৰ্ততে মাতৃয়ে সেই সন্তানক কেনেদেৰ গ্ৰহণ কৰিছে? নকলেও হ’ব বিধবা মাতৃৰ সতে পৰৱৰ্তী সময়ত কালা ডাঙৰ হৈছে অবৰ্ণণীয় ঘৃণাৰ মাজত। ঘৃণা, কেৱল ঘৃণা। কালাও সংগীত অন্ত প্ৰাণ। মাকে তাইক সংগীতৰ শিক্ষা দিছে, কিয়নো মাতৃ নিজেও উচ্চাকাংখী। কিন্তু জীয়েকে নামৰ শেষত ‘বাই’ লগাবলৈ নহয়, তাই নামৰ আগত ‘পণ্ডিত’ শব্দ লগাব পাৰিব লাগিব। অথচ মাকে জানে, এয়া অসম্ভৱ কথা। অৱেশষত দুয়োৰে জীৱনলৈ আহিছে মাউৰা জগন বাটৱাল—যি মন্দিৰৰ প্ৰাংগণত সংগীত পৰিবেশন কৰে, যাৰ আছে যাদুৰ দৰে এক অনন্য কণ্ঠ।সংগীতৰ প্ৰতি সমৰ্পিত। কোনো সন্দেহ নাই যে, জগন বাটৱালক তোলনীয়া পুত্ৰৰূপে গ্ৰহণ কৰি পুত্ৰক সংগীতৰ মহাসভাত প্ৰতিষ্ঠা কৰিবলৈ মাতৃ উত্ৰাৱল হৈ উঠিল। এই উন্মাদনাই এনে ৰূপ ল’লে যে, কন্যাসন্তানে সংগীতৰ সাধনা কৰাৰ কথা পাহৰিয়েই নগ’ল—বৰং সংগীত সাধনাৰ সকলো বাট বন্ধ কৰিবলৈ উঠি-পৰি লাগিল।
এই পাহৰি যোৱাৰপৰাই কাহিনীয়ে অনন্য মোৰ লৈছে। চলমান কেনভাছ এখনত মানৱ মনৰ অন্ধকাৰ সুৰংগৰ ভিতৰৰ চেঁচুক, অৱদমন, উচ্চাকাংক্ষা, ইৰ্ষা, প্ৰতিশোধ, একাকীত্বৰ অসংখ্য তৰপ উবুৰি খাই পৰিছে। সংগীতৰ জগতখনত কালাক অদৃশ্য কৰি আনিবলৈ মাতৃয়ে যিমানেই নিষ্ঠুৰ পৰিকল্পনাবোৰ কৰিলে, জীয়েক হৈ উঠিল সিমানেই উচ্চাকাংখী, প্ৰতিশোধপৰায়না, কষ্টসহিষ্ণু। অকলশৰীয়া নাৰীৰ প্ৰতিষ্ঠাৰ সংগ্ৰামত যেতিয়া বিবেক, অন্তৰ্দ্বন্দ, যৌনতা, পাপ-পূণ্যৰ বিচাৰ, স্নেহ— সকলোবোৰেই পণ্য হৈ উঠে, সংগীতক নিৰলে ভালপোৱা সৰলপ্ৰাণ সত্তাই উচ্চাকাংখী নাৰীৰ সপোন চৰিতাৰ্থ কৰা বাটত চৰম বলিদান দিবলগীয়া হয়, তেতিয়া বহু আকাংখিত আৰু ই্স্পিত লক্ষ্যপ্ৰাপ্তিয়ে মনক বিমল আনন্দ দিয়েনে? দংশনৰ ধাৰাল জিহ্বাই প্ৰতিভাশালী উচ্চাকাংখী নাৰীক ক’লৈ লৈ যায়! উচ্চাকাংখ্যাৰ বাটত জীৱনৰ সৰলতা, সন্তানৰ মমত্ব, পৰিয়াল বান্ধোন—সকলোবোৰ বাজী ৰখাৰ পিছত নিজলৈ বাকী থাকে কি? দিনৰ পিছত দিন ধৰি টোপনি যোৱা পিলবোৰে এধানিও পোহৰ আহিব নোৱাৰা গুহাৰ ভিতৰৰ যিবোৰ মকৰাজালৰ তললৈ ঠেলি পঠিয়ায়, তাৰপৰা পৰি্ৰাণ পোৱাৰ উপায় কি?
শুভ্ৰ বৰফৰ অসংখ্য মেটাফ’ৰ আৰু শ্বটবোৰেৰে সমৃদ্ধ চলচ্চিত্ৰখনে মৃতৱৎ চেতনাৰ এনে অজস্ৰ প্ৰশ্নৰ সন্মুখলৈ দৰ্শকক ঠেলি দিছে।
তৃপ্তি দিমৰী, বাবলি খানক নায়ক-নায়িকা হিচাপে লৈ অৱদমন আৰু উচ্চাকাংখ্যাক কলাৰ জগতৰ এক মনঃস্তাত্বিক বাগধাৰালৈ পৰিণত কৰা অন্বিতা দত্তৰ চলচ্চিত্ৰখনত কেমেৰা, শ্বটবোৰ, অভিনয়, কষ্টিউম—প্ৰতিটো বিভাগৰ কুশলীসকলৰ সংবেদী হাতৰ কৰ্ম ইটোতকৈ সিটো একাঠী চৰা। এই সামগ্ৰীকতাই এক আচৰিত অনুভুতিৰ জগতলৈ আমাক লৈ যায়। বিশেষকৈ যদিহে আপুনি সৃষ্টিশীল জগতৰ নাৰী, তেতিয়া আপুনি আপোনাৰ জীৱনৰ বঙিয়াৰে পাৰ হৈ অহাৰ সময়বোৰৰ অনেক কণ্ঠস্বৰ নিশাৰ চিল-মিল টোপলি ভেদি আপোনাৰ কাণলৈ আহিব। সেইবোৰে আপোনাক ক্ষন্তেকলৈ হলেও বিতত কৰি তুলিব।
No comments:
Post a Comment