Copyright- Ratna Bharali Talukdar. No part of any item may be reproduced, or utilized in any forms or by any means, electronic or mechanical, including photocopying, recording, or by any information storage and revival system, without prior permission of the blogger. Contact 94351-05414 e-mail ratnabharalitalukdar@gmail.com. The blogger has decided to donate body after death for the benefit of life saving medical research.
Wednesday 6 November 2024
ধ্ৰুপদী ভাষা, অসম সাহিত্য সভা, মান্য আলোচনী আদি….
অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ সন্দৰ্ভত কিছু কথা কবলৈ মন গৈও অৱেশষত কোৱা হৈ উঠা নাছিল।ইতিমধ্যে বহু
পানী ঘোলা হৈয়ে গ’ল। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ সময়ত স্বভাৱিকতে
মনত ৰং লাগিছিল আৰু কিবা এষাৰ লিখোঁ বুলি ভাবোঁতেই ইমান বিতৰ্ক উঠিল যে, লিখিবলৈ
গৈয়ো থমকি ৰ’লোঁ। ‘ধ্ৰুপদী’ অভিধাটো ভাল লাগে। মাতৃভাষালৈ যিকোনো স্বীকৃতিয়েই
স্বাগতম!ইযে আইৰ মুখৰ ভাষা! পিচে ধ্ৰুপদী বুলিলে যেনেকুৱা অনুভৱ হয়, তাতকৈ
সুৱদি-সুৰীয়া অসমীয়া ভাষা বুলিলে আৱেগটো উথলি উঠে। বহু ঠাই নুঘূৰিলেও কিছু ঠাই
ঘূৰিছোঁ। অসমীয়া ভাষাটোৰ সমান সুৱদী আৰু সুৰীয়া ভাষা আন ক’ৰবাত আছে বুলি ভাবিবলৈ
টান লাগে। মূল ভাষাটোৰ ভিতৰতে কিমান যে ভাষা(ঠাঁচ)! বৈ থকা নিজৰায়ো ইয়াত ঋতুৱে
ঋতুৱে কথা কয়।চকুৰ আগৰ পথাৰখনে বাৰটা মাহত তেৰটা ৰূপ সলায়। বৈ যোৱা বতাহজাকেও কতযে
নাম পায়! ভাৱ হয়, ইয়াত সকলো বৈয়েই থাকে—মৰমৰ নৈ, অৱেগৰ ঢল সকলো বৈ যায়।
গল্প-উপন্যাসৰ সমল বুটলি, সাংবাদিকতাৰ ক্ষেত্ৰ অধ্যয়নলৈ গৈ গৈ অৱশেষত ধৰিব
পাৰিছোঁগৈ- আমাৰ ইয়াত সাহিত্যতকৈ সংগীতলৈহে মানুহৰ ধাউতি যে বেছি, তাৰো কাৰণ এই
সুৰবোৰেই! সেইবাবেই হয়তো আমাৰ মানুহক সাহিত্যলৈ চপাই আনিবলৈ টান। অৱশ্যে
লোক-সাহিত্যলৈ অনায়াসে ঢাল খায়। এই সুৰবোৰৰ কালিকা শংকৰদেৱেও হয়তো উপলব্ধি কৰিছিল।
এনেকুৱা সময়তে ধ্ৰুপদী ভাষাৰ স্বীকৃতি যেতিয়া আহিছে, তেতিয়া অন্ততঃ ৰাজ্যখনৰ দোকান,
শ্ব’ৰুম, মলবোৰৰ নাম-ফলকত অসমীয়া ভাষাটো লাগিব বুলি, অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ
বন্ধ হৈ নাযাব বুলি, আৰু সৰু-বৰ (ধনী-দুখীয়া-আঢ্যৱন্ত) সকলোৱে মাতৃভাষাৰ মাধ্যমত
নিজৰ সন্তানক পঢ়ুৱাবলৈ আগ্ৰহী হৈ উঠিব বুলি আশা কৰিব পাৰি। হওতে ভাষা-গৌৰৱ সপ্তাহ
বুলি কিছুমান অনুষ্ঠান চলি থকাৰ বতৰা নোপোৱা নহয়—কিন্তু ভাষাৰ বিকাশৰ মূল কথাবোৰ
যেনে ডিজিটেল জগতত ভাষাটোক প্ৰতিষ্ঠা কৰাৰ বেলিকা সম্ভাৱনা, প্ৰত্যাহ্বান আদিৰ
সন্দৰ্ভত বস্তুনিষ্ঠ বিশ্লেষণ, ভাষাৰ উন্নতিৰ অপৰিহাৰ্য দিশ লেখকৰ স্বাধীনতা,
চিন্তাৰ স্বাধীনতা—এইবোৰে ভাষা গৌৰৱ সপ্তাহ পালনত প্ৰাধান্য পাইছেনে? নে
চৰ্বিত-চৰ্বণতে কাৰ্যসূচীবোৰ শেষ হৈছে? বাতৰিকাকত, টেলিভিছন, ডিজিটেল মাধ্যম অথবা
সামাজিক মাধ্যমত গুৰু-গম্ভীৰ আলোচনা হোৱাৰ উমান পোৱা নাই। এমুঠি চিৰিয়াচ লোকে বৰ
নীৰৱে ভাষাটোৰ হকে নিৰন্তৰে কাম কৰি গৈছে, যাৰ মাজত তৰুণ প্ৰজন্মৰো বহুতো
আছে—এইটোৱে আশাৰ কথা। অসম সাহিত্য সভাঃ অসমৰ বহুতো লব্ধ-প্ৰতিষ্ঠিত সাহিত্যিক,
বিশেষকৈ নমস্য মহিলা সাহিত্যিকক সন্মান জনাব নজনা অসম সাহিত্য সভাক লৈও কিবা এষাৰ
কবলৈ মনটো আগবাঢ়ি নাহে। কিন্তু ভাৱ হয়, এটা সময়ৰ ৰাইজৰ মৰমৰ এই অনুষ্ঠানটো
কৰ্কটৰোগে গ্ৰাস কৰাৰ দৰে তিল তিলকৈ মাৰি পেলোৱাটোও এটা দীঘলীয়া ষড়যন্ত্ৰহে। আজি
সাহিত্য সভাক তুচ্ছ-তাচ্ছিল্য কৰাৰ পৰ্যায়লৈ লৈ যোৱাসকলে ইয়াৰ ঐতিহ্য পাহৰি যোৱাটো,
বিশেষকৈ অতি সংকটৰ সময়ত ভাষিক জাতীয়তাবাদ প্ৰতিষ্ঠা কৰাত অনুষ্ঠানটোৰ বৰঙণি পাহৰি
যোৱাটো নিতান্তই দুখজনক। অসমীয়া মধ্যবিত্তৰ একাংশই ভাষিক জাতীয়তাবাদৰ ভেটি দলিয়াই
পেলাইছে, এই কথা ঠিক। কিন্তু শতাব্দী প্ৰাচীন জাতীয় জীৱনৰ অনুষ্ঠান এটা এনেদৰে তিল
তিলকৈ ক্ষয় হোৱাটো কিদৰে চাই আছে! মনত পৰে, এটা সময়ত জাতীয় জীৱনৰ ৰাজনৈতিক
প্ৰশ্নবোৰত অসম সাহিত্য সভাই কিদৰে মুখৰ হৈছিল। অসম সাহিত্য সভাৰ তুলনাত কিন্তু
বড়ো সাহিত্য সভাই বড়ো জাতীয় জীৱনৰ প্ৰশ্নত এতিয়াও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি
আহিছে। এই দিশটো অতি তাৎপৰ্যপূৰ্ণ। এটা কথা মনত ৰখা উচিত-জাতীয় জীৱনৰ
শিক্ষা-সংস্কৃতিৰ মূল আধাৰবোৰ ক্ৰমান্বয়ে ধ্বংস কৰি পেলোৱাটো এটা ডিজাইন(design) এই
কথা উপলব্ধি নকৰাকৈ অনুষ্ঠান এটাৰ ম্যাদ উকলি যোৱা বুলি কৈ পেলোৱাটো কেনেধৰণৰ কথা!
অসমীয়া ভাষিক জাতীয়তাবাদৰ অৱশিষ্টখিনিও মোহাৰি পেলাবলৈ এই অনুষ্ঠানটো নিঃশেষ হৈ
যোৱাটো হয়তো কাৰোবাৰ বাবে নিতান্তই প্ৰয়োজনীয় কথাও। এটা সময়ত অসম সাহিত্য সভা
বুলিলে আমিও আৱেগিক আছিলোঁ। তেৰ বছৰ বয়সতে মুগাৰ চাদৰ-মেখেলা পিন্ধি মাজুলীৰপৰা
এচোৱা খোজকাঢ়ি, এচোৱা নাৱেৰে, এচোৱা বাচত উঠি বিহপুৰীয়া সাহিত্য সভাৰ অধিবেশনলৈ গৈ
কিতাপ কিনি আনিছিলোঁ। কিন্তু মামনি ৰয়চম গোস্বামী, নিৰুপমা বৰগোহাঞিৰ দৰে নমস্য
সাহিত্যিকক উপেক্ষা কৰাৰ ষড়যন্ত্ৰবোৰ এটা এটাকৈ দেখাৰ পিছত তেনে আৱেগলৈ পানী এচলু
ঢালি আঁতৰি আহিলোঁ। কিন্তু অনুষ্ঠানটো মৰি যাওক বুলি বহুতেই কৈ থকাৰ সময়ত কিবা এষাৰ
নিলিখাকৈ থাকিবও পৰা নাই। মান্য আলোচনীঃ অসমীয়া ভাষাৰ আধুনিক ৰূপ দিয়াত আলোচনী
সাহিত্যৰ প্ৰাসংগিকতা কিমান আছিল, সেই কথা নকলেও হ’ব। আলোচনীৰ হাত ধৰিয়ে অসমীয়া
সাহিত্য উঠি আহিছিল। নতুন নতুন সাহিত্যিকৰ সৃষ্টিত আলোচনীৰ গুৰুত্ব এতিয়াও
আছে।এইক্ষেত্ৰত আমাৰো দ্বিমত থাকিবলগীয়া নাই। কিন্তু মান্য আলোচনীৰ শেহতীয়া কিছু
‘নেৰেটিভ’ৰ সন্দৰ্ভত কিছু কথা কবলগীয়া নিশ্চয় আছে। চপা মাধ্যমত কেইখনমান সাহিত্য
আলোচনী অসমত আছে। সমস্যা-সম্ভাৱনা আদিৰ মাজতে এই সাহিত্য আলোচনীকেইখন চলি আছে। ইয়াত
আমাৰ সদিচ্ছা আছে। কিন্তু এইকেইখন আলোচনীত প্ৰকাশ হ’লেহে ‘মান্য’ সাহিত্যিক, আনবোৰত
লেখাসকল ‘মান্য’ নহয়—এনে ‘নেৰেটিভ’ এটা বিয়পাই থকাটোৱে কি সুচায়? এই ‘মান্যতা’ৰ
সূচক কি? যিসকলে এই ‘নেৰেটিভ’ৰ সৃষ্টি কৰিছে তেওঁলোকক কোনে এই অধিকাৰ দিছে? বহুতো
লেখক, বিশেষকৈ নবীন লেখকে এনে প্ৰৰোচনাত ভৰি দিয়ে। তেওঁলোকক প্ৰৰোচিত কৰিবলৈও সহজ।
কিন্তু সাহিত্যৰ সৰ্বশেষ কথা হৈছে—আপুনি কি লিখিছে সেইটোহে। ক’ত লিখিছে সেইটো নহয়।
নতুনত্বহীন, সম্পৰীক্ষাহীন, সম্পৰীক্ষাৰ নামত উপৰুৱা চৰ্চা আৰু চৰ্বিত-চৰ্বণ
কথাশিল্পৰে ভাষা-সাহিত্যৰ উন্নতি নহয়। আৰোপিত আদৰ্শৰ ভৰেৰেও সাহিত্য নহয়। তেহেলৈ
লিখাবোৰ যি আলোচনীতেই প্ৰকাশ নহওক। যিকেইখনক ‘মান্য’ বুলি প্ৰচাৰ চলোৱা হয়, তাত
লিখা প্ৰকাশ কৰাৰ উদ্বিগ্নতাতো(!)বহু লেখক হেৰাই যায়।বহুতৰ চোক হেৰায়। হয়তো
সেইবাবেই যোৱা সময়চোৱাত বহুতো সম্ভাৱনাময় সাহিত্যিকে কলম সামৰি থৈছে, হয়তো ‘মান্য’
আলোচনীত প্ৰকাশ ন’হল বুলি আত্মবিশ্বাসৰ অভাৱত, হয়তো প্ৰৰোচনাত। কেতিয়াবা এই হেৰাই
যোৱাকলৰ মুখবোৰ মনলৈ আহে। দুখ লাগে সেইসকললৈ, যিসকলে যাত্ৰা সম্পূৰ্ণ নকৰাকৈয়ে
বিদায় লৈছে।
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment