Saturday, 30 November 2024

 

সাহিত্যৰ সত্য, জীৱনৰ সত্য



 

সাহিত্যৰ সত্য কি? জীৱনৰ সত্যনো কি? সাহি্ত্যৰ সত্য আৰু জীৱনৰ সত্য একেই নে?

সাহিত্যৰ সমল বুটলিবলৈ যাওতে প্ৰায়েই সন্মুখীন হোৱা ই এক কঠিন প্ৰশ্ন। সাহিত্যৰ সমল বিচাৰি ফুৰোঁতে সন্মুখীন হোৱা জীৱনৰ কোনবোৰ সত্য বা অভিজ্ঞতাক আমি  পাঠকৰ বাবে বুটলি আনিম?

এটা উদাহৰণ- গুৱাহাটীৰ সমীপতে থকা দিপৰ বিলক লৈ কেতিয়াবা ৰিপৰ্টিং কৰিছোঁ, কেতিয়াবা ফুৰিবলৈ গৈ তাৰ সৌন্দৰ্যত মুগ্ধ হৈছোঁ। কিন্তু দিপৰ বিলক লৈ এটা গল্প লিখাৰ পৰিকল্পনা কৰাৰ সময়তে মাছমৰীয়া সমাজখনৰ কিছু অভিজ্ঞতা আৰু জীৱন সত্যৰ কেতবোৰ দিশ চকুৰ সন্মুখলৈ উঠি আহিল। তেওঁলোকে মেলি ধৰিছিল ৰূপকথাৰ দৰে কিছুমান অনাৱিস্কৃত সত্যৰ সঁফুৰা, যিবোৰ কথা হয়তোবা পূৰ্বতে আনক কোৱা হোৱা নাছিল। হয়তো কোনোৱেই নোসোধাৰ বাবেই ৰূপকথাৰ সঁফুৰা অন্ধাৰত ৰৈ গৈছিল। আনকি আন্তঃৰাষ্ট্ৰীয় সংস্থাবোৰে দিপৰ বিল সম্পৰ্কে কৰা অধ্যয়নবোৰেতো তাৰ উল্লেখ নাছিল।

উল্লেখ নাছিল, সেইবাবেই জানো কাহিনী নোহোৱা হৈ যাব?

অৱদমিত সমাজ এখনৰ এনে অকথিত অভিজ্ঞতা উলিয়াই অনাৰ বেলিকা আমি নিজা কিছু পদ্ধতি(methodology)আহৰণৰ দৰে উদ্ভাৱনী কৌশলৰ সহায় লবলগীয়া হয়। অৱদমন (subjugation) যেতিয়া শতিকাৰ পিছত শতিকা ধৰি চলে, তোতিয়া সেইখন সমাজত বাস কৰা মানুহৰ আচৰণত তাৰ প্ৰভাৱ পৰে। অৱদমিত (subdued) মানুহৰ গাথাৰে বিশ্ব সাহিত্য কিমানধৰণে যে সমৃদ্ধ হৈছে তাৰ লেখ-জোখ নাই। মহাশ্বেতা দেৱীয়ে বোধহয় তেওঁলোকৰ কথাকেই সাহিত্যলৈ আনিব বুলি একধৰণে পণ লৈছিল। মামণি ৰয়চম গোস্বামী, অৰূপ পংগীয়া কলিতাৰ দৰে লেখকেনো কি কৰিছে! তাকেই কৰা নাই জানো! প্ৰেমতান্দেও কৰিছে। 

নব্বৈৰ দশকৰপৰা আমাৰ সমাজজীৱন এক সুকীয়া গতি লাভ কৰিছে। বিশ্বায়নৰ হাত ধৰি অহা  ব্যক্তিকেন্দ্ৰিকতাত সমাজ ডুব গ!ল। িবশ্বায়নৰ পূৰ্বৰৰ আৰু  আজিৰ সময়ৰ মাজত বহুত পাৰ্থক্য। আজিৰ  সমাজ জীৱন জটিল। এনে সময়ত অৱদমিত (Subdued) মানুহৰ জীৱনৰ গাথা সাহিত্যলৈ আনোঁতে লেখকে কি কৌশল অৱলম্বন কৰে।

কথা হৈছে, আজিৰ তাৰিখত এখন অৱদমিত (Subdued) সমাজক প্ৰতিনিধিত্ব কৰা লোকসকলে এদিনতে গল্পৰ উঁহ বিচাৰি যোৱা লোক এজনক নিজৰ সমাজখনৰ ভিতৰুৱাল কথাবোৰনো কিয় ক’ব? পূৰ্বতে  আনে তেওঁলোকৰ অভিজ্ঞতা যিধৰণে সাহিত্যলৈ আনিছে তাত তেওঁলোক সুখী নে? সাহিত্যত মানৱ সমাজৰ বিকৃত উপস্থাপনাও( misrepresentation) মন কৰিবলগীয়া দিশ। এনে ক্ষেত্ৰত তেওঁলোকে এদিনীয়া চিনাকিৰ মানুহৰ আগত জীৱনৰ অভিজ্ঞতা কি বিশ্বাসত ক’ব ?বিশ্বাস-অবিশ্বাসৰ এই দেওনাখন পাৰ হোৱাটোৱে প্ৰাথমিক সাফল্য।সততা ইয়াৰ মাপকাঠি।  আকৌ, যদিহে বিশ্বাসত লয়,                    তেনেহ’লে মূল কাহিনী বিকৃত কৰি তেওঁলোকক অযথা মনোকষ্ট দিয়াটো উচিত নে? কল্পনা(imagination)আৰু নিৰ্মাণৰ(construct) অধিকাৰ থাকিল বুলিয়েই শতিকাৰ পিছত শতিকা ধৰি এখন সমাজক অনুপ্ৰেৰণা দি অহা কাহিনী এটা বিকৃত কৰাৰ অধিকাৰ সৃষ্টিশীল লেখকৰ থাকে জানো? আজিৰ তাৰিখত ই এক অতিকৈ সংবেদী প্ৰশ্ন। সৎ লেখক এজনে এনে কাম কৰি সমাজক মনোকষ্ট নিদিয়ে।ইয়াত লেখকৰ স্বাধীনতা সীমাবদ্ধ। বিশিষ্ট কবি নীলমণি ফুকনৰ আনৰ জীৱনৰ ওপৰত আধাৰিত কবিতাকেইটা পঢ়িলে সৃষ্টিশীল লোকৰ কল্পনা (imagination)আৰু নিৰ্মাণৰ(construct) সীমাবদ্ধতাৰ (limitation)বিষয়ে উপলব্ধি কৰিব পাৰি।

শতিকাৰ পিছত শতিকা ধৰি বৰ্ণবাদৰ আধিপত্যবাদী হেঁচাত পিষ্ট সমাজ এখনে তেওঁলোকৰ মাজতে নিৰলে আৰু সংগোপনে জীয়াই ৰখা ৰূপকথাক চিজিল লগাই কাৰোবাৰ আগত কবলৈ  নজনাটো স্বভাৱিক  কথা। এইখিনিতে  লিখকৰ দায়িত্ব বুলি কথা এষাৰ আহি পৰে। চিজিল হৈ নথকা তেওঁলোকৰ কথাখিনিৰ আঁৰৰ ৰূপকথাৰ সত্যক বিকৃত নোহোৱাকৈ, নিঁভাজ ৰূপত পাঠকৰ সন্মুখলৈ তুলি অনাটো তেওঁৰ দায়িত্ব। কাহিনী সঠিককৈ বুজিবলৈ অন্তৰ্দৃষ্টি, অধ্যয়ন, অনুমোদিত উল্লেখ আদিৰ সহায় লবলগীয়া হয়। অভিজ্ঞতাই কয় যে, শিক্ষা-সংস্কৃতি-সাহিত্যৰ মতনদবোৰ দখল কৰি থকা আধিপত্যবাদী সমাজেও কেতিয়াবা তথাকথিত ‘প্ৰান্তীয়’ বুলি মোহৰ লগাই দিয়া সমাজ এখনক শতিকাৰ পিছত শতিকা ধৰি  আত্মবিশ্বাসী কৰি ৰখা ৰূপকথাবোৰ পোহৰলৈ ওলাই অহাটো নিবিচাৰে।

মনলৈ অহা প্ৰশ্নটো আছিল যে, দিপৰ বিলৰ দৰে কালিকা লগা বিল এখনক যুগ যুগ ধৰি ৰক্ষা কৰি অহা ঐতিহ্যবাহী মাছমৰীয়া সমাজখনক ‘প্ৰান্তীয়’ (fringe)  বুলি মোহৰ লগাই দিয়াৰ অধিকাৰ কোনে দিছে? সাহিত্যৰ সত্য বিচাৰি বিচাৰি কেতিয়াবা এনেদৰেই জীৱন সত্যক আৱিস্কাৰ কৰিবলগীয়া হয়গৈ।

কিন্তু এয়াই নহয় ।আধিপত্যবাদী সমাজৰ প্ৰতিনিধিসকলে (representative) কেতিয়াবা লেখকক বিভ্ৰান্ত কৰি দিয়ে--“এইবোৰ তেওঁলোকৰ মনে সজা কথাহে দেই, আমিতো এইবোৰ কথা শুনা নাছিলোঁ। আপুনি কেনেকৈ গম পালে?” হয়।তেওঁলোকে শুনা নাছিল।মূল কথাটো হৈছে—“শুনিবলৈ বিচাৰিছিল জানো?” এখন হৃদয় লৈ তেওঁলোকৰ কাষ চাপিছিল জানো? মাথোন ডিগ্ৰী আহৰণৰ বাবেই কৰা গৱেষণাৰ ঠৰঙা প্ৰশ্নবোৰৰ আঁৰত মানৱীয় দৃষ্টিভংগী আছিল নে?

তেওঁলোকে কেতিয়াবা সৃষ্টিশীল লোকৰ গৱেষণাৰ নিজস্ব পদ্ধতি(methodology)নাকচ কৰিব বিচাৰে। আনে কেনেকৈ লিখে, সেই বিষয়ে কোৱাটো সম্ভৱ নহয়। সেইবাবেই নিজা অভিজ্ঞতাৰে কব  পাৰি যে, সমকালীন সাহিত্যত গল্প-উপন্যাস লিখাৰ কাৰ্যও সৰু-সুৰা একোটা গৱেষণাই, যদিহে সাহিত্যক ৰমন্যাসিক বিলাসৰ (romanticism) উৰ্ধত দায়িত্ব সহকাৰে সাহিত্যক গ্ৰহণ কৰা হয়। পাৰ্থক্য এয়ে যে, প্ৰতিটো গল্প বা প্ৰতিখন উপন্যায়ৰ বাবে প্ৰয়োজনীয় গৱেষণাৰ পাঠ্যকৰ্ম (course work) আৰু পদ্ধতি (methodology)সুকীয়া। পুনৰাবৃত্তি ইয়াত নাই।

আধিপত্যবাদী সমাজখনৰপৰা অহা প্ৰশ্নৰ আঁত ধৰিয়েই দিপৰ বিলৰ মাছমৰীয়া সমাজখনৰ ৰূপকথাই দিয়া অনুসন্ধিৎসাৰ ফলতে মিৰ্জা নাথনৰ ‘বাহাৰিস্তান-ই-গায়বি’ৰ ময়িদূল ইছলাম বৰাই কৰা ইংৰাজী ভাঙণিৰ এহেজাৰ পৃষ্ঠাৰ কিতাপখন পঢ়াৰ এক ব্যৰ্থ অভিযানো চলোৱা হ’ল। ব্যৰ্থ অভিযান, কিয়নো গ্ৰন্থখনিত তাৰ উল্লেখ নাছিল।এতিয়া কথাটো হৈছে যে, এনেবোৰ উৎসুকতাৰ সতে লিখি উলিওৱা গল্পটোৰ কিবা সমন্ধ থাকিবও পাৰে, অথবা নাথাকিবও পাৰে। যিকোনো ধৰণে গল্প এটা কবলৈ সৃষ্টিশীল মানুহৰ স্বাধীনতা থাকে। কিন্তু অনুসন্ধিৎসা আহিছিল আধিপত্যবাদী সমাজ এখনৰ প্ৰতিনিধি এজনে অৱদমিত সমাজখনৰ প্ৰচলিত ৰূপকথাটিক অস্বাকীৰ কৰাৰ মানসিকতাপৰাহে। আচলতে ইতিহাসক আশ্ৰয় কৰিয়েই অনাখৰী লোকসমাজত ৰূপকথাৰ, কিংবদন্তিৰ সৃষ্টি হয়। গতিকে ‘বাহাৰিস্তান-ই-গায়বি’য়ে নিৰাশ কৰিলেও মনত কেনেবাকৈ অনুসন্ধিৎসাখিনি ৰৈ গৈছিল। হয়তো সেইবাবেই শেহতীয়াকৈ বি চি এলেনৰ ‘আচাম ডিষ্ট্ৰিক্ট গেজেট’ত দিপৰবিলৰ মাছমৰীয়া সমাজখনে উল্লেখ কৰা ৰূপকথাটিক লগ পাই গলোঁ।এয়া এক ভাল লগা অভিজ্ঞতা। এনে সফলতা আৰু বিফলতাৰ যাত্ৰাবোৰ সুকীয়া আমেজ থাকে বাবেই সাহিত্যৰ বাট ইান সুন্দৰ।

ক্ষেত্ৰ এখনৰ পৰা অধ্যয়নৰ মাজেৰে উঠি অহা সাহিত্য যেতিয়া এনে এক অৱদমিত সমাজৰ হয়, তেতিয়া তাক ‘সাহিত্য’ বুলি স্বীকৃতি দিবলৈও অনেকৰ থেৰোঁগেৰোঁ অৱস্থা। বহুতেই কবলৈ বিচাৰে—এইবোৰ সাংবাদিকতাধৰ্মী লেখা।সাহিত্য নহয়।  তেনেহ’লে ‘সাহিত্য’ৰ সংজ্ঞা কি? এইক্ষেত্ৰতো তেওঁলোকৰ উত্তৰ অস্পষ্ট। সাহিত্যই জীৱনৰ কথা কব লগিব এয়া ঠিক, কিন্তু সি একে আষাৰেই ‘সাহিত্য’ও হ’ব লাগিব, সেয়াও ঠিক। বহুক্ষেত্ৰত দেখা যায়, যিসকলে এনেধৰণৰ ক্ষেত্ৰ বা পৃষ্ঠৰপৰা উঠি অহা সাহিত্যক ‘সাহিত্য’ বুলি স্বীকৃতি দিবলৈ  টান পায়, তেওঁলোকে যিধৰণৰ লেখাক ‘সাহিত্য’ বুলি কয়—সেইবোৰৰ সকলোবোৰেই মানসম্পন্ন সাহিত্যকৰ্ম হয়নে? সৃষ্টিশীল লোক এজনৰ বেলিকা কথাবোৰ আৰু পাক লগা হৈ পৰে। তেৱোঁ নাজানে--কোনবোৰ সাহিত্য, কোনবোৰ নহয়। কিয়নো সাহিত্যৰ বাটটোৰ তেওঁ এজন পথিক, য’ত তেওঁ কণা-মূণাকৈহে গৈ থাকে। এনে ক্ষেত্ৰত নিৰন্তৰ নাকচকৰণে তেওঁক বাট এৰি দিবলৈ বাধ্য কৰে নেকি?এয়া অসম্ভৱ। ভিতৰৰপৰা এহা এচাটি পোহৰে তেওঁক পথ প্ৰদৰ্শন কিৰ গৈ থাকে। 

সাহিত্যৰ বাটেৰে গৈ অনেক জীৱন সত্য এনেকৈ আৱিস্কাৰ কৰা যায়। এনেকুৱা হয়। আচৰিত কথা এয়ে যে, সৃষ্টিশীল জগতৰ একাংশ আধিপত্যবাদীয়ে সাহিত্যত এই প্ৰশ্নবোৰ নাকচ কৰি যাব বিচাৰে। জীৱনৰ কঠিন সত্যৰ সতে অহা এনে অভিজ্ঞতাবোৰ সাহিত্যৰ পাতলৈ উঠি অহাটো নিবিচাৰে। সেইবাবেই যিসকলে অৱদমিত সমাজ খনৰ অনুচ্চাৰিত কণ্ঠ আৰু সত্যক সাহিত্যলৈ তুলি আনিবলৈ বিচাৰে, অনাবিস্কৃত সত্যক সাহিত্যত প্ৰতিষ্ঠা কৰিব বিচাৰে-তেওঁলোককো একধৰণে নাকচ কৰি যায়, বা কৰি যাব বিচাৰে। তেওঁলোকে তাৰ বাবে সামাজিক মাধ্যমৰ দৰে শক্তিশালী মঞ্চৰো  আশ্ৰয় লয়, এটা অনবৰতে ‘হয়ভৰ’ দি থকা বাহিনীৰ সৃষ্টি কৰে।  নস্যাৎকৰণৰ এই দিশবোৰ লৈ মূৰ ঘমাবলগীয়া একো নাই। কিয়নো এইবোৰ সাময়িক অপপ্ৰচাৰহে। সাময়িক বিভ্ৰান্তি। কিয়নো সাহিত্যই সৰ্বকালে জীৱনৰ মহৎ সত্যকেই প্ৰকাশ কৰি আহিছে।

কিন্তু এটা কথা--গোৱেলচীয় পদ্ধতিৰে মিছা কথা এটাকেই সঁচা বুলি বাৰে বাৰে কৈ থাকিলে, প্ৰতিষ্ঠানিক হোৱা সুবিধাৰে সৃষ্টি কৰি লোৱা অনুগতবাহিনীৰ মাজেৰে বাৰে বাৰে মিছাটোকেই সঁচা বুলি প্ৰচাৰ কৰি থাকিলে সমসায়িক আন বহুতো সৃষ্টিশীল লোক বিভ্ৰান্ত হয়। প্ৰজন্ম বিভ্ৰান্ত হয়। আধিপত্যবাদীয়ে সদায় এইটোৱেই বিচাৰে। সাহিত্যৰ বাটত এনে নিৰন্তৰ অপপ্ৰচাৰে বিশেষভাৱে ক্ষতি কৰে সততাৰে সাহিত্য সৃষ্টি কৰিব বিচৰা আন বহুতৰ।

Tuesday, 19 November 2024

 ৰাস-ভাওনাৰ কিছু কথা


এইবাৰ ৰাসৰ কিছুমান ভিডিঅ’ দেখি চকু কপালত উঠাৰ দৰে হ’ল। এটা ভিডিঅ’ দেখিলোঁ এগৰাকীয়ে অতি বিকৃতভাৱে মঞ্চত ‘আয়াম্যা ডিস্ক ডান্সাৰ’ গাই শৰীৰ জোকাৰি জোকাৰি এটা সময়ত ‘ৰাস এনজয় কৰক” বুলি মঞ্চৰপৰা বিদায় লৈছে।তেওঁ মূল হিন্দী গীতটোও বিকৃত কৰিলে আৰু ৰাসৰ দৰে মঞ্চখনো বিকৃত কৰিলে। হয়তো ৰাস প্ৰদৰ্শনৰ পূৰ্বতে মঞ্চত সভা হৈছে, তেওঁক তালৈ আদৰি নিয়া হৈছে। তেওঁ হয়তো কোনোবা ইউটিউৱাৰ, নহলে ‘ৰিল’ বনোৱা নাৰী। পিচে, ইমান স্থূল ৰুচিৰ মানুহক যিসকলে মঞ্চলৈ আদৰি নিছে, তেওঁলোক ‘ধন্য ধন্য’ বুলি নকৈ উপায় নাই।

আজিকালি যিকোনো সৃষ্টিশীল কৰ্মত গভীৰভাৱে নিমজ্জিত হৈ থকাসকলক উপেক্ষা কৰি স্থুল বিনোদনক প্ৰাধান্য দিয়াৰ প্ৰৱণতা এটা গঢ় লৈ উঠিছে, যিটো অতিকৈ বিপদজনক। এটা কথা মনত ৰখা ভাল যে, অতিমাত্ৰা সকলোতেই বেয়া।
ৰাস-ভাওনাৰ মূল উপাদান ভক্তিৰস। সৰুৰেপৰা আমি ৰাস আৰু ভাওনাৰ মাজতেই ডাঙৰ হৈছিলোঁ। এটা সময়ত মাজুলীত কেইখনমান মুষ্টিমেয় মঞ্চৰাস আৰু সত্ৰৰ ৰাস অনুষ্ঠিত হৈছিল। সত্ৰৰ ৰাস বিনামূলীয়া। চৌপাশৰ মানুহ উজাৰ খাই পৰে। সত্ৰত বিশেষকৈ আধ্যাত্মিক পৰিবেশত মহাৰাসৰ ওপৰতে বেছিকৈ জোৰ দিয়া হৈছিল।সত্ৰৰ নামঘৰৰ জেকা মজিয়াত বহি দুপৰ নিশালৈকে কলমটিয়াই কলমটিয়াই ৰাস চোৱাৰ এটা উন্মাদনা আছিল। গায়ন-বায়ন, সূত্ৰধাৰী নাচ ইয়াৰ অবিচ্চেদ্য অংগ। খোল-তাল-শংখধ্বনিৰ মাজেৰে মহাৰাসৰ কৃষ্ণৰ আভিৰ্ভাৱৰ সময়খিনিয়েই আমাৰ বাবে সত্ৰৰ ৰাসৰ মূল শিহৰণ আছিল। মহাৰাসৰ কৃষ্ণৰ প্ৰৱেশৰ সময়তে আয়তীসকলে উৰুলি জোকাৰ দিয়ে। ভক্তিৰসৰ আৱেগত উথলি উঠি চকুলো ওলায়। কৃষ্ণৰ গালৈ ভক্তিভাৱত সিকি-আধলি দলিয়াই সেৱা ধৰে।অলৌকিক পৰিবেশৰ দৰে এক চেতনা জাগ্ৰত হয়।এই দিশবোৰৰ বিভিন্ন মনোবৈজ্ঞানিক ব্যাখ্যা থাকে। কিন্তু সেই ভক্তিৰসৰ আৱেশৰপৰা সতকাই ওলাই আহিবলৈ টান।
মঞ্চৰাসৰ কথা অৱশ্যে কিছু সুকীয়া।সত্ৰৰ ৰাসৰ তুলনাত জাক-জমক। অনন্তশয্যা, কংস, দৈৱীৰপৰা পুতনা ৰাক্ষসী, বকাসুৰ, অঘাসুৰ, কালীয় দমনৰ কৃষ্ণ—প্ৰতিটো ‘চিন’ দৰ্শকৰ আকৰ্ষণ। বিভিন্ন পৰীক্ষা-নীৰিক্ষাও কৰা হয়। বিশেষকৈ মুখাবোৰৰ ক্ষেত্ৰত। যিয়েই নহওক, ৰাসৰ মূল সাৰগৰ্ভ অংশৰপৰা কোনোৱেই আঁতৰি নাহে।

অভিনয়ৰ সংযমৰ বাবেই ৰাস বা ভাওনাৰ প্ৰাকমুহূৰ্তত ভাৱৰীয়াৰ ব্ৰত, উপবাসো বাধ্যতামূলক আছিল।

সংস্কৃতি পৰিবৰ্তনশীল আৰু সময়ৰ লগে লগে সংস্কৃতিলৈ পৰিবৰ্তন আহিবলৈ বাধ্য। কিন্তু পৰিবৰ্তনৰ নামত স্বকীয়তাক পাহৰি স্থুলতাক আদৰি ল’লে ধ্বংস হবলৈ কিমানপৰ? প্ৰায়বোৰ বৈদ্যুতিন আৰু ডিজিটেল মাধ্যমত দেখিলোঁ ৰাসৰ বাতৰি প্ৰচাৰ কৰাৰ নামত কংসকেই বেছিকৈ প্ৰাধান্য দিয়া হৈছে। ৰাসৰ মূল আকৰ্ষণ কংস জানো! ৰাধা-কৃষ্ণৰ প্ৰেমগাথাই ৰাসৰ সাৰকথা। সাংবাদিকে হাতত ‘বুম’ডাল লৈ কংসৰ ভাও লোৱাজনক ‘ডায়লগ’ এটা কওক বুলি অনুৰোধ কৰাটো বৰ শ্ৰুতিকটূ হৈছে। প্ৰয়োজনত ‘বচন এষাৰ মাতক’ বুলি কব নোৱাৰি নেকি? ভাৱৰীয়াৰ সাজ-সজ্জা, অংগসজ্জাৰ দিশটোও আচৰিতধৰণৰ হৈ পৰিল। ৰাস, ভাওনা, বিয়াৰ কইনা-সকলোতে কাৰু-কাৰ্যবোৰ একাকাৰ হৈ পৰিছে। চাব নোৱাৰি। চকু চাট মাৰি ধৰে। ৰজা-মহাৰজাই বচন নমতালৈকে দক্ষিণৰ ফালৰ অভিনেতা নে থলুৱা অভিনেতা ধৰিব নোৱাৰি। চকুবোৰ ইমান টেলেকা-ভেলেকা কৰাৰ প্ৰয়োজন আছেনে? খোজ-কাটল, চকুৰ চাৱনি, লয়লাস, বচন মতা- সকলোতে হিন্দী চেনেলৰ জনপ্ৰিয় আধ্যাত্মিক চিৰিয়েলবোৰৰ অভিনেতাৰ অভিনয়ৰ চাপ। ৰজা-মহাৰজাৰ দৰে চৰিত্ৰই ছোঁ-ঘৰৰ আঁৰকাপোৰৰ তলেৰে ওলাই আহোঁতে ইমান লম্ফ-জম্ফ কৰাৰেই বা কি দৰকাৰ! ৰজা-মহাৰজাৰ গাম্ভীৰ্যতা ৰাখি ওলাব নোৱাৰি নেকি?
কোনোবাখন থলীত দেখিলোঁ বিহু নাচ আৰু বৃন্দাবনৰ ৰাধা-কৃষ্ণৰ নাচ এক হৈ গৈছে। লোক-নৃত্য আৰু সত্ৰীয়া নৃত্যৰ মাজত পাৰ্থক্য আছে। অৱেশ্য সত্ৰীয়া নৃত্যত মিছিং জনেগাষ্ঠীৰ লোকনৃত্যৰ মুদ্ৰা, বিহুনাচৰ চেৰেকী পাকৰ লগতে অসমৰ জাতি-জনেগাষ্ঠীসমূহৰ লোকনৃত্যৰ বিভিন্ন ভংগীমা কেনেদৰে সোমাই পৰিছে, সেই বিষয়ে গৱেষকসকলে ইতিমধ্যেই বিভিন্ন গৱেষণা কৰিছে। এই ভংগীমাবোৰ দীঘলীয়াকালৰ সহজাত প্ৰক্ৰিয়াৰ মাজেৰে আহিছে। ৰাসৰ নৃত্যৰ নৃত্যাংশ সত্ৰীয়াৰ আধাৰতে কৰা হয়। নতুনত্ব আৰু সম্পৰীক্ষাৰ বেলিকা সমল ব্যক্তিসকলৰ গৱেষণাৰাজিৰ সহায় ল’লেই বহু কথা গম পোৱা যায়। তাকে নকৰি উপৰুৱাকৈ সংমিশ্ৰণ ঘটাবলৈ গ’লেও সি বিকৃত হোৱা আশংকা থাকে। শংকৰদেৱেও জানো মন কৰিলে বিহুনাচকে অংকীয়া ভাওনাত সুমুৱাই দিব নোৱাৰিলেহেঁতেন? তাকেই নকৰি থলুৱা পৰম্পৰাৰ উপাদানৰ সমাহাৰ ঘটায়ো সংস্কৃতিৰ ক্ষেত্ৰত সুকীয়াধৰণে সম্পৰীক্ষা কৰাৰ কাৰণ কি আছিল? এই মূল প্ৰশ্নবোৰৰপৰা আঁতৰি আহি নতুনত্ব বা সম্পৰীক্ষাৰ কথা কব নোৱাৰি।

অৱশ্যে সকলোবোৰ বিকৃত হৈছে বুলি কব নোৱাৰি। প্ৰকৃত সাধকসকলে সদায়েই জাক-জমকীয়া প্ৰচাৰ মাধ্যমৰ আঁৰত থাকি অনুজ্জল পোহৰত অক্লান্ত সাধনাৰে সংস্কৃতিৰ মূল উপাদান ধৰি ৰাখে।আজিও ৰাখিছে।

আমাৰ পৰম্পৰাৰ ৰাস আৰু বিশেষকৈ ভাওনালৈ সম্পৰীক্ষাৰ নামত যিমানবোৰ সমকালীন বিজতৰীয়া উপাদান সোমাই আহিছে, সময় থাকোঁতেই সংশ্লিষ্ট লোকসকলে তালৈ কাণসাৰ দিয়া ভাল।বচন, অভিনয়, অংগসজ্জা—এই উপাদানবোৰৰ ক্ষেত্ৰত নিজৰ বৈশিষ্ট হেৰুৱাই পেলোৱাৰ পিছত ৰাস-ভাওনাকো কেতিয়াবা উত্তৰ ভাৰতৰ ফালৰ কোনোবাই হিন্দী সংস্কৃতিৰ উপাদান বুলি কৈ দিব। তেতিয়া জানো “কি হেৰুৱালোঁ, কি হেৰুৱালোঁ” বুলি চিঞৰ-বাখৰ কৰি কিবা লাভ হ’ব?
All reactions:
Nabajit Chelleng and 9 others

Sunday, 17 November 2024

কালা(Qala) আৰু কিছু অনুভৱ
Photo--internet


আন বহুতো বাগধাৰাৰ দৰেই ‘নাৰীয়েই নাৰীৰ শত্ৰু’ বুলি কথা এষাৰ সমাজিক মাধ্যমত চলি থাকে।এগৰাকী নাৰী আন এগৰাকীৰ বিৰুদ্ধে কেতিয়াবা ইমান খড়্গহস্ত হৈ উঠে যে, সি অৱশেষত এক শেষ নোহোৱা পৰিক্ৰমা হৈ পৰেগৈ। ইও  এক বেমাৰ। মনৰ অস্বাভাৱিক  অৱস্থা। কিন্তু বিষয়টো ইমান জটিল আৰু  মনঃস্তাত্বিক যে সহজতে তাৰ তলা-নলা পাবলৈ  কঠিন। ইৰ্ষা, ব্যক্তিগত জীৱনৰ গুপুত অৱদমনৰ অধ্যায় বা আন কিবা কাৰকৰ বাবে এগৰাকী নাৰী হঠাতে আন এগৰাকীৰ শত্ৰু হৈ উঠে। এনে ঘটনা বাস্তৱত দখা যায়। কিন্তু যিকোনো সৃষ্টিশীল কৰ্মত এই বিষয়টো ফুটাই তোলা অতিকৈ কঠিন কাম। কেতিয়াবা অৱেশ্য সুদক্ষ কাৰিকৰৰ হাতেৰে পাগত উঠা কোনো শিল্পকৰ্মই এনে কঠিন মনঃস্তত্বক অতি সুন্দৰকৈ ফুটাই তুলিবলৈ সক্ষম হয়। 

 ২০২২ চনত নিৰ্মিত কালা(Qala) নামৰ চলচ্চিত্ৰখন চাবলৈ সুযোগ পালোঁ সিদিনাহে। চলচ্চিত্ৰৰ কাহিনী বিংশ শতিকাৰ চল্লিছৰ দশকৰ। চল্লিছৰ দশকৰ চলচ্চিত্ৰ নিৰ্মাণৰ সামগ্ৰীক পৰিবেশৰ ইমান সুক্ষ্ণাতিসুক্ষ্ণ উপস্থাপনা চলচ্চিত্ৰখনত আছে যে, প্ৰথম কেইমিনিটমানতেই সেই পৰিবেশলৈ দৰ্শক সোমাই যায়।এই প্ৰাথমিকতাৰ অন্তত দৰ্শকে গম পায়, অতি সাৱধানতাৰে কাহিনী আগুৱাই গৈছে। এটা এটা ফ্ৰেম, চৰিত্ৰৰ প্ৰতিটো খোজ, অংগৰ সঞ্চালনৰ লয়বোৰ--সকলো চল্লিছৰ দশকৰ। বেছিভাগ শ্ব’ট আচলতে একোখন মনোৰম প’ৰ্ট্ৰেইট। কিছুমান বৰ্ণিল কেনভাচ। আৰু কিছুমান কল্পনাৰ সিপাৰৰ চলমান কেনভাচ। কেমেৰা আৰু কষ্টিউম কোনোবাখিনিত ছন্দোবদ্ধ হৈ কাহিনীত বিয়পি আছে। আৰু আছে সংগীতৰ অনন্য সুধা। ধীৰ, মন্থৰ, সমৰ্পিত। চলচ্চিত্ৰত দেখা গৈছে এটি সংগীতৰ পৰিয়ালত জন্মগ্ৰহণ কৰা কালাই সকলোৰে ইস্পিত চলচ্চিত্ৰৰ সংগীতৰ ‘গ’ল্ডেন বিনীল’ বঁটা লাভ কৰিছে, উৎস্যুক সাংবাদিকসকলৰ সন্মুখীন হৈছে। আৰু প্ৰায় তাৰ লগে লগেই জীৱনৰ নেপথ্যৰ অনেক বিভ্ৰান্তি উন্মোচিত হৈ পৰিছে। যেতিয়া কালা মাতৃৰ গৰ্ভত আছিল, তেতিয়া গৰ্ভত যমজ ভাতৃৰ সতেই আছিল। কিন্তু ওপজাৰ লগে লগে দেখা গ’ল ভাতৃ উপজিছে মৃত সন্তানৰ ৰূপত। কালাৰ মাতৃ নিজেও আছিল সংগীতজ্ঞ। কিন্তু চল্লিছৰ দশকৰ সেই পুৰুষতান্ত্ৰিক সমাজত চলচ্চিত্ৰত গীত গোৱা নাৰীকণ্ঠক ‘বাই’ বুলি গণ্য কৰাৰ বিপৰীতে পুৰুষকণ্ঠক গণ্য কৰা হৈছিল ‘পণ্ডিত’ৰূপে। ইয়াত কোনো সন্দেহ নাই যে সংগীতক উন্মাদৰ দৰে ভালপোৱা কালাৰ মাতৃয়ে চলচ্চিত্ৰত গীত গোৱাৰ বাসনা জলাঞ্জলি দিছে। কিন্তু পুত্ৰ সন্তান জন্ম হ’লে নিশ্চয় চলচ্চিত্ৰত গীত পৰিবেশন কৰিবলৈকে ডাঙৰ কৰিলেহেঁতেন। পূৰ্বজসকলৰ দৰে এজন বিখ্যাত সংগীতজ্ঞ কৰি তুলিলেহেঁতেন। কিন্তু হায়! কন্যাসন্তানক কোলাত জাপি দি চিকিৎসকে কৈছে-“মাজে মাজে এনেকুৱা হয়, গৰ্ভত দুটা সন্তানৰ বীজ থাকিলে স্বাস্থ্যবান বীজটোৱে গৰ্ভৰ পুষ্টি-আহাৰ বেছিকৈ গ্ৰহণ কৰি গৈ থাকে। তেতিয়া আনটো বঞ্চিত হয়। আৰু এনেকৈ গৰ্ভতে দুৰ্বল হৈ হৈ এটি সন্তান জন্মতে মৃত হিচাপে উপজিব পাৰে।’ মাতৃৰ গৰ্ভতে পুষ্টি-আহাৰ বেছিকৈ খাই ভাতৃক মৃত্যুৰ মুখলৈ ঠেলি যি কন্যাসন্তানে পৃথিৱীৰ মুখ দেখিছে, কোলাত তুলি লোৱাৰ মুহূৰ্ততে মাতৃয়ে সেই সন্তানক কেনেদেৰ গ্ৰহণ কৰিছে? নকলেও হ’ব বিধবা মাতৃৰ সতে পৰৱৰ্তী সময়ত কালা ডাঙৰ হৈছে অবৰ্ণণীয় ঘৃণাৰ মাজত। ঘৃণা, কেৱল ঘৃণা। কালাও সংগীত অন্ত প্ৰাণ। মাকে তাইক সংগীতৰ শিক্ষা দিছে, কিয়নো মাতৃ নিজেও উচ্চাকাংখী। কিন্তু জীয়েকে নামৰ শেষত ‘বাই’ লগাবলৈ নহয়, তাই নামৰ আগত ‘পণ্ডিত’ শব্দ লগাব পাৰিব লাগিব। অথচ মাকে জানে, এয়া অসম্ভৱ কথা। অৱেশষত দুয়োৰে জীৱনলৈ আহিছে মাউৰা জগন বাটৱাল—যি মন্দিৰৰ প্ৰাংগণত সংগীত পৰিবেশন কৰে, যাৰ আছে যাদুৰ দৰে এক অনন্য কণ্ঠ।সংগীতৰ প্ৰতি সমৰ্পিত। কোনো সন্দেহ নাই যে, জগন বাটৱালক তোলনীয়া পুত্ৰৰূপে গ্ৰহণ কৰি পুত্ৰক সংগীতৰ মহাসভাত প্ৰতিষ্ঠা কৰিবলৈ মাতৃ উত্ৰাৱল হৈ উঠিল। এই উন্মাদনাই এনে ৰূপ ল’লে যে, কন্যাসন্তানে সংগীতৰ সাধনা কৰাৰ কথা পাহৰিয়েই নগ’ল—বৰং সংগীত সাধনাৰ সকলো বাট বন্ধ কৰিবলৈ উঠি-পৰি লাগিল। 

 এই পাহৰি যোৱাৰপৰাই কাহিনীয়ে অনন্য মোৰ লৈছে। চলমান কেনভাছ এখনত মানৱ মনৰ অন্ধকাৰ সুৰংগৰ ভিতৰৰ চেঁচুক, অৱদমন, উচ্চাকাংক্ষা, ইৰ্ষা, প্ৰতিশোধ, একাকীত্বৰ অসংখ্য তৰপ উবুৰি খাই পৰিছে। সংগীতৰ জগতখনত কালাক অদৃশ্য কৰি আনিবলৈ মাতৃয়ে যিমানেই নিষ্ঠুৰ পৰিকল্পনাবোৰ কৰিলে, জীয়েক হৈ উঠিল সিমানেই উচ্চাকাংখী, প্ৰতিশোধপৰায়না, কষ্টসহিষ্ণু। অকলশৰীয়া নাৰীৰ প্ৰতিষ্ঠাৰ সংগ্ৰামত যেতিয়া বিবেক, অন্তৰ্দ্বন্দ, যৌনতা, পাপ-পূণ্যৰ বিচাৰ, স্নেহ— সকলোবোৰেই পণ্য হৈ উঠে, সংগীতক নিৰলে ভালপোৱা সৰলপ্ৰাণ সত্তাই উচ্চাকাংখী নাৰীৰ সপোন চৰিতাৰ্থ কৰা বাটত চৰম বলিদান দিবলগীয়া হয়, তেতিয়া বহু আকাংখিত আৰু ই্স্পিত লক্ষ্যপ্ৰাপ্তিয়ে মনক বিমল আনন্দ দিয়েনে? দংশনৰ ধাৰাল জিহ্বাই প্ৰতিভাশালী উচ্চাকাংখী নাৰীক ক’লৈ লৈ যায়! উচ্চাকাংখ্যাৰ বাটত জীৱনৰ সৰলতা, সন্তানৰ মমত্ব, পৰিয়াল বান্ধোন—সকলোবোৰ বাজী ৰখাৰ পিছত নিজলৈ বাকী থাকে কি? দিনৰ পিছত দিন ধৰি টোপনি যোৱা পিলবোৰে এধানিও পোহৰ আহিব নোৱাৰা গুহাৰ ভিতৰৰ যিবোৰ মকৰাজালৰ তললৈ ঠেলি পঠিয়ায়, তাৰপৰা পৰি্ৰাণ পোৱাৰ উপায় কি?

শুভ্ৰ বৰফৰ অসংখ্য মেটাফ’ৰ আৰু শ্বটবোৰেৰে সমৃদ্ধ চলচ্চিত্ৰখনে মৃতৱৎ চেতনাৰ এনে অজস্ৰ প্ৰশ্নৰ সন্মুখলৈ দৰ্শকক ঠেলি দিছে। তৃপ্তি দিমৰী, বাবলি খানক নায়ক-নায়িকা হিচাপে লৈ অৱদমন আৰু উচ্চাকাংখ্যাক কলাৰ জগতৰ এক মনঃস্তাত্বিক বাগধাৰালৈ পৰিণত কৰা অন্বিতা দত্তৰ চলচ্চিত্ৰখনত কেমেৰা, শ্বটবোৰ, অভিনয়, কষ্টিউম—প্ৰতিটো বিভাগৰ কুশলীসকলৰ সংবেদী হাতৰ কৰ্ম ইটোতকৈ সিটো একাঠী চৰা। এই সামগ্ৰীকতাই এক আচৰিত অনুভুতিৰ জগতলৈ আমাক লৈ যায়। বিশেষকৈ যদিহে আপুনি সৃষ্টিশীল জগতৰ নাৰী, তেতিয়া আপুনি আপোনাৰ জীৱনৰ বঙিয়াৰে পাৰ হৈ অহাৰ সময়বোৰৰ অনেক কণ্ঠস্বৰ নিশাৰ চিল-মিল টোপলি ভেদি আপোনাৰ কাণলৈ আহিব। সেইবোৰে  আপোনাক   ক্ষন্তেকলৈ হলেও বিতত কৰি তুলিব। 

Wednesday, 6 November 2024

ধ্ৰুপদী ভাষা, অসম সাহিত্য সভা, মান্য আলোচনী আদি….
অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ সন্দৰ্ভত কিছু কথা কবলৈ মন গৈও অৱেশষত কোৱা হৈ উঠা নাছিল।ইতিমধ্যে বহু পানী ঘোলা হৈয়ে গ’ল। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ সময়ত স্বভাৱিকতে মনত ৰং লাগিছিল আৰু কিবা এষাৰ লিখোঁ বুলি ভাবোঁতেই ইমান বিতৰ্ক উঠিল যে, লিখিবলৈ গৈয়ো থমকি ৰ’লোঁ। ‘ধ্ৰুপদী’ অভিধাটো ভাল লাগে। মাতৃভাষালৈ যিকোনো স্বীকৃতিয়েই স্বাগতম!ইযে আইৰ মুখৰ ভাষা! পিচে ধ্ৰুপদী বুলিলে যেনেকুৱা অনুভৱ হয়, তাতকৈ সুৱদি-সুৰীয়া অসমীয়া ভাষা বুলিলে আৱেগটো উথলি উঠে। বহু ঠাই নুঘূৰিলেও কিছু ঠাই ঘূৰিছোঁ। অসমীয়া ভাষাটোৰ সমান সুৱদী আৰু সুৰীয়া ভাষা আন ক’ৰবাত আছে বুলি ভাবিবলৈ টান লাগে। মূল ভাষাটোৰ ভিতৰতে কিমান যে ভাষা(ঠাঁচ)! বৈ থকা নিজৰায়ো ইয়াত ঋতুৱে ঋতুৱে কথা কয়।চকুৰ আগৰ পথাৰখনে বাৰটা মাহত তেৰটা ৰূপ সলায়। বৈ যোৱা বতাহজাকেও কতযে নাম পায়! ভাৱ হয়, ইয়াত সকলো বৈয়েই থাকে—মৰমৰ নৈ, অৱেগৰ ঢল সকলো বৈ যায়। গল্প-উপন্যাসৰ সমল বুটলি, সাংবাদিকতাৰ ক্ষেত্ৰ অধ্যয়নলৈ গৈ গৈ অৱশেষত ধৰিব পাৰিছোঁগৈ- আমাৰ ইয়াত সাহিত্যতকৈ সংগীতলৈহে মানুহৰ ধাউতি যে বেছি, তাৰো কাৰণ এই সুৰবোৰেই! সেইবাবেই হয়তো আমাৰ মানুহক সাহিত্যলৈ চপাই আনিবলৈ টান। অৱশ্যে লোক-সাহিত্যলৈ অনায়াসে ঢাল খায়। এই সুৰবোৰৰ কালিকা শংকৰদেৱেও হয়তো উপলব্ধি কৰিছিল। এনেকুৱা সময়তে ধ্ৰুপদী ভাষাৰ স্বীকৃতি যেতিয়া আহিছে, তেতিয়া অন্ততঃ ৰাজ্যখনৰ দোকান, শ্ব’ৰুম, মলবোৰৰ নাম-ফলকত অসমীয়া ভাষাটো লাগিব বুলি, অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ বন্ধ হৈ নাযাব বুলি, আৰু সৰু-বৰ (ধনী-দুখীয়া-আঢ্যৱন্ত) সকলোৱে মাতৃভাষাৰ মাধ্যমত নিজৰ সন্তানক পঢ়ুৱাবলৈ আগ্ৰহী হৈ উঠিব বুলি আশা কৰিব পাৰি। হওতে ভাষা-গৌৰৱ সপ্তাহ বুলি কিছুমান অনুষ্ঠান চলি থকাৰ বতৰা নোপোৱা নহয়—কিন্তু ভাষাৰ বিকাশৰ মূল কথাবোৰ যেনে ডিজিটেল জগতত ভাষাটোক প্ৰতিষ্ঠা কৰাৰ বেলিকা সম্ভাৱনা, প্ৰত্যাহ্বান আদিৰ সন্দৰ্ভত বস্তুনিষ্ঠ বিশ্লেষণ, ভাষাৰ উন্নতিৰ অপৰিহাৰ্য দিশ লেখকৰ স্বাধীনতা, চিন্তাৰ স্বাধীনতা—এইবোৰে ভাষা গৌৰৱ সপ্তাহ পালনত প্ৰাধান্য পাইছেনে? নে চৰ্বিত-চৰ্বণতে কাৰ্যসূচীবোৰ শেষ হৈছে? বাতৰিকাকত, টেলিভিছন, ডিজিটেল মাধ্যম অথবা সামাজিক মাধ্যমত গুৰু-গম্ভীৰ আলোচনা হোৱাৰ উমান পোৱা নাই। এমুঠি চিৰিয়াচ লোকে বৰ নীৰৱে ভাষাটোৰ হকে নিৰন্তৰে কাম কৰি গৈছে, যাৰ মাজত তৰুণ প্ৰজন্মৰো বহুতো আছে—এইটোৱে আশাৰ কথা। অসম সাহিত্য সভাঃ অসমৰ বহুতো লব্ধ-প্ৰতিষ্ঠিত সাহিত্যিক, বিশেষকৈ নমস্য মহিলা সাহিত্যিকক সন্মান জনাব নজনা অসম সাহিত্য সভাক লৈও কিবা এষাৰ কবলৈ মনটো আগবাঢ়ি নাহে। কিন্তু ভাৱ হয়, এটা সময়ৰ ৰাইজৰ মৰমৰ এই অনুষ্ঠানটো কৰ্কটৰোগে গ্ৰাস কৰাৰ দৰে তিল তিলকৈ মাৰি পেলোৱাটোও এটা দীঘলীয়া ষড়যন্ত্ৰহে। আজি সাহিত্য সভাক তুচ্ছ-তাচ্ছিল্য কৰাৰ পৰ্যায়লৈ লৈ যোৱাসকলে ইয়াৰ ঐতিহ্য পাহৰি যোৱাটো, বিশেষকৈ অতি সংকটৰ সময়ত ভাষিক জাতীয়তাবাদ প্ৰতিষ্ঠা কৰাত অনুষ্ঠানটোৰ বৰঙণি পাহৰি যোৱাটো নিতান্তই দুখজনক। অসমীয়া মধ্যবিত্তৰ একাংশই ভাষিক জাতীয়তাবাদৰ ভেটি দলিয়াই পেলাইছে, এই কথা ঠিক। কিন্তু শতাব্দী প্ৰাচীন জাতীয় জীৱনৰ অনুষ্ঠান এটা এনেদৰে তিল তিলকৈ ক্ষয় হোৱাটো কিদৰে চাই আছে! মনত পৰে, এটা সময়ত জাতীয় জীৱনৰ ৰাজনৈতিক প্ৰশ্নবোৰত অসম সাহিত্য সভাই কিদৰে মুখৰ হৈছিল। অসম সাহিত্য সভাৰ তুলনাত কিন্তু বড়ো সাহিত্য সভাই বড়ো জাতীয় জীৱনৰ প্ৰশ্নত এতিয়াও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই দিশটো অতি তাৎপৰ্যপূৰ্ণ। এটা কথা মনত ৰখা উচিত-জাতীয় জীৱনৰ শিক্ষা-সংস্কৃতিৰ মূল আধাৰবোৰ ক্ৰমান্বয়ে ধ্বংস কৰি পেলোৱাটো এটা ডিজাইন(design) এই কথা উপলব্ধি নকৰাকৈ অনুষ্ঠান এটাৰ ম্যাদ উকলি যোৱা বুলি কৈ পেলোৱাটো কেনেধৰণৰ কথা! অসমীয়া ভাষিক জাতীয়তাবাদৰ অৱশিষ্টখিনিও মোহাৰি পেলাবলৈ এই অনুষ্ঠানটো নিঃশেষ হৈ যোৱাটো হয়তো কাৰোবাৰ বাবে নিতান্তই প্ৰয়োজনীয় কথাও। এটা সময়ত অসম সাহিত্য সভা বুলিলে আমিও আৱেগিক আছিলোঁ। তেৰ বছৰ বয়সতে মুগাৰ চাদৰ-মেখেলা পিন্ধি মাজুলীৰপৰা এচোৱা খোজকাঢ়ি, এচোৱা নাৱেৰে, এচোৱা বাচত উঠি বিহপুৰীয়া সাহিত্য সভাৰ অধিবেশনলৈ গৈ কিতাপ কিনি আনিছিলোঁ। কিন্তু মামনি ৰয়চম গোস্বামী, নিৰুপমা বৰগোহাঞিৰ দৰে নমস্য সাহিত্যিকক উপেক্ষা কৰাৰ ষড়যন্ত্ৰবোৰ এটা এটাকৈ দেখাৰ পিছত তেনে আৱেগলৈ পানী এচলু ঢালি আঁতৰি আহিলোঁ। কিন্তু অনুষ্ঠানটো মৰি যাওক বুলি বহুতেই কৈ থকাৰ সময়ত কিবা এষাৰ নিলিখাকৈ থাকিবও পৰা নাই। মান্য আলোচনীঃ অসমীয়া ভাষাৰ আধুনিক ৰূপ দিয়াত আলোচনী সাহিত্যৰ প্ৰাসংগিকতা কিমান আছিল, সেই কথা নকলেও হ’ব। আলোচনীৰ হাত ধৰিয়ে অসমীয়া সাহিত্য উঠি আহিছিল। নতুন নতুন সাহিত্যিকৰ সৃষ্টিত আলোচনীৰ গুৰুত্ব এতিয়াও আছে।এইক্ষেত্ৰত আমাৰো দ্বিমত থাকিবলগীয়া নাই। কিন্তু মান্য আলোচনীৰ শেহতীয়া কিছু ‘নেৰেটিভ’ৰ সন্দৰ্ভত কিছু কথা কবলগীয়া নিশ্চয় আছে। চপা মাধ্যমত কেইখনমান সাহিত্য আলোচনী অসমত আছে। সমস্যা-সম্ভাৱনা আদিৰ মাজতে এই সাহিত্য আলোচনীকেইখন চলি আছে। ইয়াত আমাৰ সদিচ্ছা আছে। কিন্তু এইকেইখন আলোচনীত প্ৰকাশ হ’লেহে ‘মান্য’ সাহিত্যিক, আনবোৰত লেখাসকল ‘মান্য’ নহয়—এনে ‘নেৰেটিভ’ এটা বিয়পাই থকাটোৱে কি সুচায়? এই ‘মান্যতা’ৰ সূচক কি? যিসকলে এই ‘নেৰেটিভ’ৰ সৃষ্টি কৰিছে তেওঁলোকক কোনে এই অধিকাৰ দিছে? বহুতো লেখক, বিশেষকৈ নবীন লেখকে এনে প্ৰৰোচনাত ভৰি দিয়ে। তেওঁলোকক প্ৰৰোচিত কৰিবলৈও সহজ। কিন্তু সাহিত্যৰ সৰ্বশেষ কথা হৈছে—আপুনি কি লিখিছে সেইটোহে। ক’ত লিখিছে সেইটো নহয়। নতুনত্বহীন, সম্পৰীক্ষাহীন, সম্পৰীক্ষাৰ নামত উপৰুৱা চৰ্চা আৰু চৰ্বিত-চৰ্বণ কথাশিল্পৰে ভাষা-সাহিত্যৰ উন্নতি নহয়। আৰোপিত আদৰ্শৰ ভৰেৰেও সাহিত্য নহয়। তেহেলৈ লিখাবোৰ যি আলোচনীতেই প্ৰকাশ নহওক। যিকেইখনক ‘মান্য’ বুলি প্ৰচাৰ চলোৱা হয়, তাত লিখা প্ৰকাশ কৰাৰ উদ্বিগ্নতাতো(!)বহু লেখক হেৰাই যায়।বহুতৰ চোক হেৰায়। হয়তো সেইবাবেই যোৱা সময়চোৱাত বহুতো সম্ভাৱনাময় সাহিত্যিকে কলম সামৰি থৈছে, হয়তো ‘মান্য’ আলোচনীত প্ৰকাশ ন’হল বুলি আত্মবিশ্বাসৰ অভাৱত, হয়তো প্ৰৰোচনাত। কেতিয়াবা এই হেৰাই যোৱাকলৰ মুখবোৰ মনলৈ আহে। দুখ লাগে সেইসকললৈ, যিসকলে যাত্ৰা সম্পূৰ্ণ নকৰাকৈয়ে বিদায় লৈছে।