Wednesday, 7 March 2018

নিবন্ধ







অসম মহিলা বিশ্ববিদ্যালয় বিলুপ্তিকৰণ চৰকাৰৰ এক ষড়যন্ত্ৰহে


ৰত্না ভৰালী তালুকদাৰ




এজন উপাচাৰ্য নথকাৰ সুৰুঙা লৈ অসম চৰকাৰে আক্ৰোশমূলকভাৱে ২০১৩ চনত যোৰহাটত প্ৰতিষ্ঠা কৰা উত্তৰ-পূব ভাৰতৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠান পৰ্যায়লৈ নমাই আনিব খুজিছে। দুবছৰ সম্পূৰ্ণ কৰিবলগীয়া বিজেপি নেতৃত্বাধীন চৰকাৰখনে উন্নয়ন আৰু সু-শাসনৰ শ্লগানেৰে ক্ষমতালৈ অহাৰ পিছত এটাৰ পিছত এটাকৈ জনবিৰোধী কামেই কৰি গৈছে। ইয়াৰ আগতেও কাৰিকৰী শিক্ষাৰ শিক্ষাৰ্থীসকলক বিতুষ্ট কৰি চৰকাৰখনে তেওঁলোকৰ মতৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিছিল। শেহতীয়াকৈ, উত্তৰ-পূবৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়খন বাতিল  কৰাৰ ঘোষণাই চৰকাৰৰ শিক্ষাবিৰোধী আৰু আক্ৰোশমূলক নীতিকেই প্ৰতিফলিত কৰিছে মাথোন
 

অসম মহিলা বিশ্ববিদ্যালয় আইন, ২০১৩ৰ মাজেৰে যোৰহাটত স্থাপন কৰা  এই বিশ্ববিদ্যালয়ে জনসাধাৰণৰ মনত নতুন আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছিল। অসমৰ শিক্ষাক্ষেত্ৰৰ প্ৰাণকেন্দ্ৰ যোৰহাটত স্থাপন কৰিবলগীয়া বিশ্ববিদ্যালয়খনৰপৰা কেৱল অসমৰেই নহয়, ছুবুৰীয়া ৰাজ্যকেইখনৰ ছাত্ৰীসমাজ উপকৃত হোৱাৰো যথেষ্ট সুযোগ আছিল। কিন্তু ছাত্ৰ আন্দোলনৰ মাজেৰে ৰাজনীতিত প্ৰৱেশ কৰি সৰ্বকালৰ জনপ্ৰিয় ভোট লাভ কৰি ক্ষমতাত আৰোহণ কৰা মূখ্যমন্ত্ৰীগৰাকীয়ে তেখেতক সক্ষাৎ কৰিবলৈ যোৱা ছাত্ৰী প্ৰতিনিধিৰ দল এটিক হতাশ কৰি বিশ্ববিদ্যালয়খনৰ বিলুপ্তিকৰণৰ কথাহে স্পষ্টকৈ জনাই দিয়ে। 


অসমৰ মহিলা বিশ্ববিদ্যালয়খনে পাঠ্যক্ৰম প্ৰৱৰ্তন, নিযুক্তি, ছাত্ৰীৰ ভৰ্তিকৰণৰ দিশসমূহেৰে যথেষ্ট পৰিমাণে আগবাঢ়ি অহাৰ পিছতো শিক্ষামন্ত্ৰীৰ লগতে ৰাজ্যচৰকাৰৰ আক্ৰোশমূলক পদক্ষেপে আচলতে কি সুচাইছে? উন্নয়ন আৰু সু-শাসনৰ প্ৰতিশ্ৰুতিৰে ক্ষমতা লাভ কৰাৰ পিছতেই সকলো প্ৰতিশ্ৰুতি উপেক্ষা কৰি একমাত্ৰ ‘হিন্দুত্ব’ৰ নামত দেশৰ মানুহক ভাগ ভাগ কৰিব খোজাৰ  চক্ৰান্তৰে চালিত চৰকাৰখনে যেতিয়া বিভিন্ন শিক্ষাবিৰোধী নীতিৰে অগ্ৰণী ছাত্ৰসমাজৰ লগতে জনসাধাৰণৰ মতামতক একপ্ৰকাৰে উপেক্ষা কৰি গৈছে, সেই সময়ত উত্তৰ-পূব ভাৰতৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়খন ধ্বংস কৰি পেলোৱাৰ চক্ৰান্ত কৰাটো আচৰিত কথা নহয়। কিয়নো হিন্দত্বুবাদী নীতিৰ অন্যতম কাৰ্যসূচী কেৱল ধৰ্মীয় সংখ্যালঘূ জনসাধাৰণ লক্ষ্য কৰি লোৱাই নহয়বৰ্ণবাদী সমাজব্যৱস্থাক সাৰপানী দিয়াৰ মাজেৰে হিন্দু ধৰ্মৰ আৱৰ্তৰ নিম্নত জন্মগ্ৰহণ কৰা শূদ্ৰসকল আৰু নাৰীসকলক অৱদমিত কৰি ৰখাও ইয়াৰ উদ্দেশ্যকেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে জনসাধাৰণক এইবোৰ কাৰ্যক্ৰমণিকাত ব্যস্ত কৰি ৰাখি দেশৰ অৰ্থনীতি এফালৰপৰা বৃহৎ পুঁজিপতিৰ হাতত সঁপি দিছে আৰু আঞ্চলিকতাবাদী কণ্ঠবোৰ দুৰ্বল কৰি আনিছে। আমি যেতিয়া চৰকাৰক সমালোচনা কৰোঁ, তেতিয়া এই দিশবোৰৰ প্ৰতি দৃ্ষ্টি নিক্ষেপ কৰিয়েই সমালোচনা কৰোঁ উচ্চশিক্ষা যেতিয়া এই সকলোবোৰৰ বিৰুদ্ধে প্ৰগতিশীলতাৰ এক অস্ত্ৰ, তেতিয়া বিদ্বৎসমাজ আৰু শিক্ষাৰ্থীসকলৰ তীব্ৰ জনমতক উপেক্ষা কৰি প্ৰচলিত শিক্ষাব্যৱস্থাক পতনৰ মুখলৈ ঠেলি দিয়াটোও চৰকাৰৰ এক অভিসন্ধি বুলিয়েই পতিয়ন যাব পাৰি

মহিলা বিশ্ববি্দ্যালয় এখনৰ প্ৰয়োজনীয়তা অসমত সঁচাকৈ নাই নেকি? একবিংশ শতিকাৰ দ্বিতীয় দশকত অসমৰ উচ্চশিক্ষাৰ ক্ষেত্ৰখনত নাৰীৰ অংশগ্ৰহণৰ সামগ্ৰীক ছবিখন কেনে? মানৱ সম্পদ মন্ত্ৰণালয়ৰ উচ্চ শিক্ষা বিভাগে প্ৰকাশ কৰা ২০১৬-১৭ বৰ্ষৰ উচ্চশিক্ষাৰ সৰ্বভাৰতীয় জৰীপ অনুসৰি ১৮-২৩ বছৰ বয়সসীমাৰ মাত্ৰ ১৭.২ শতাংশ শিক্ষাৰ্থীয়েহে অসমত উচ্চশিক্ষাৰ সুযোগ লাভ ৰিছে ছাত্ৰৰ ক্ষেত্ৰত উচ্চশিক্ষা লাভৰ শতকৰা হাৰ ১৭.৯-ৰ বিপৰীতে ছাত্ৰীৰ ক্ষেত্ৰত ১৬.৬অনুসুচীত জাতিৰ ক্ষেত্ৰত -১৯.শতাংশ ছাত্ৰ  আৰু ১৮.শতাংশ ছাত্ৰী (সৰ্বমুঠ ১৯ শতাংশ) অনুসুচীত জনজাতিৰ ২৩.৯ শতাংশ ছাত্ৰ আৰু ২১,২ শতাংশ ছাত্ৰীয়ে (সৰ্বমুঠ ১৯.৯ শতাংশ)উচ্চশিক্ষা লাভ কৰিছে অৱশ্যে সৰ্বভাৰতীয় পৰ্যায়তো এই সংখ্যা সিমান সন্তোষজনক নহয় কিন্তু অসমৰ তুলনাত সৰ্বভাৰতীয় পৰ্যায়ত উচ্চশিক্ষাৰ ছবিখন কিছুপৰিমাণে হলেও  আগবঢ়া ভাৰতত উচ্চ শিক্ষাক্ষেত্ৰত ১৮-২৩ বছৰ বয়সসীমাৰ অন্তৰ্ভুক্ত শিক্ষাৰ্থীৰ শতকৰা হাৰ ২৫.২ শতাংশ। ছাত্ৰৰ শতকৰা হাৰ ২৬ ছোৱালীৰ ক্ষেত্ৰত ২৪.৫ শতাংশ। অনুসূচীত জাতিৰ মুঠতে ২২.১ শতাংশই  অনুসুচীত জনজাতিৰ ক্ষেত্ৰত ১৫.৪ শতাংশ শিক্ষাৰ্থীয়ে উচ্চশিক্ষা লাভ কৰে আনহাতে, সমগ্ৰ দেশৰ মুঠ শিক্ষাৰ্থীৰ মাত্ৰ ০.৪ শতাংশইহে পি এইচ ডি আহৰণ কৰে  


অসমত প্ৰতি লাখ জনসংখ্যাত ১৫ খনকৈ মহাবিদ্যালয় আছে এই পৰিসংখ্যা তেলেংগনাত ৫৯, কৰ্ণাটকত ৫৩, হিমাচল প্ৰদেশত ৫১, আৰু কেৰালাত ৪৪ ২০১৬-১৭ বৰ্ষৰ উচ্চশিক্ষাৰ সৰ্বভাৰতীয় জৰীপ অনুসৰি অসমত  এই বৰ্ষত  পি এইচ ডি ত নাম ভৰ্তি কৰা গৱেষক ছাত্ৰৰ সংখ্যা ২,৫৪৫-ৰ বিপৰীতে গৱেষক ছাত্ৰী মাত্ৰ,৫৭৩  এম ফিল পাঠ্যক্ৰমত ছাত্ৰ ৭৬, ছাত্ৰী ১৫২ অথচ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত ছাত্ৰৰ তুলনাত ছাত্ৰীৰ সংখ্যাহে বেছি  এই বৰ্ষত স্নাতকোত্তৰ পৰ্যায়ত ৩৩,৮৩৪ জন ছাত্ৰ বিপৰীতে ৪২,৪৪৩ ছাত্ৰীয়ে শিক্ষা লা কৰিছে। স্নাতক পৰ্যায়ৰ ছাত্ৰ ২৩,৭৫,৬৭ আৰু ছাত্ৰী ২৪,৪২,৮৬। 


সামগ্ৰীকভাৱে এই বৰ্ষত উচ্চ শিক্ষাৰ ক্ষেত্ৰত অৰ্থাৎ স্নাতক পৰ্যায়ৰপৰা ওপৰলৈকে মুঠতে ৩,২৩,৯০ছাত্ৰ আৰু  ৩,১৬,৩৮০ছাত্ৰীয়ে নামভৰ্তি কৰিছে অনুসুচীত জাতিৰ ছাত্ৰৰ সংখ্যা ২,৫৬৭, আৰু ছাত্ৰীৰ সংখ্যা ২৫,৭৪৬ অনুসুচীত জনজাতিৰ ক্ষেত্ৰত ছাত্ৰৰ সংখ্যা ৫২,৬৮৮ আৰু ছাত্ৰীৰ সংখ্যা ৫২,১৪৫ অন্যান্য পিচপৰা শ্ৰেণীৰ ৮৭,৬৬৯ জন ছাত্ৰ আৰু ৯২,৫৫০ জনী ছাত্ৰীয়ে উচ্চশিক্ষাৰ সুযো লাভ কৰিছে মুছলমান সংখ্যলঘূসলৰ প্ৰতিনিধিত্ব এনেধৰণৰঃ ছাত্ৰ-৪৩,৫৪৭ আৰু ছাত্ৰী-৩৮,৯৯৮। অন্যান্য সংখ্যালঘূ সম্প্ৰদায়ৰ – ছাত্ৰ ৩,৬৬৯ আৰু  ছাত্ৰী ৪,০১৭। শাৰীৰিক ভাৱে অক্ষমসকলৰ মাত্ৰ ৩৮৮ ছাত্ৰ আৰু ২৪৪ ছাত্ৰীয়ে উচ্চশিক্ষা লাভ কৰিছে।


নাৰীৰ শিক্ষাৰ দিশটোৰ কথা অনুধাৱণ কৰি বিশ্ববিদ্যালয় অনুদান আয়োগেও মহিলা বিশ্ববিদ্যালয় স্থাপনৰ দিশটোত অগ্ৰাধিকাৰ দিছে আৰু  ২০১২-১৭ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়চোৱাত আয়োগে সমগ্ৰ দেশখনত ২০খন মহিলা বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱ দিয়ে, যাতে অতি পৰম্পৰাগত, গ্ৰাম্য, আৰু উপ-নগৰ এলেকাবোৰৰ ছাত্ৰীয়ে উচ্চশিক্ষাৰ ক্ষেত্ৰখনত প্ৰৱেশ লাভ কৰিব পাৰে। বিশ্ববিদ্যালয়ৰ “Inclusive and  Qualitative Expansion of Higher Education, 12th Five Year Plan, 2012-17” শীৰ্ষক প্ৰতিবেদনত কোৱা হৈছে যে, “দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা আৰু ৰাজ্যচৰকাৰসমূহে ভুমি আৰু সহায্য প্ৰদান কৰি এনে বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিব পাৰে। একমাত্ৰ মহিলাৰ বাবে বিশ্ববিদ্যালয় স্থাপনৰ বেলিকা কিছুপৰিমাণে মতৰ বৈপৰীত্য থাকিব পাৰে, আমাৰ ব্যৱস্থাৰ সামাজিক গতিশীলতাৰ কথা ভাবিয়েই এই ধাৰণা দিয়া হৈছে। আমাৰ জনসংখ্যাৰ কিছুমান অংশই এতিয়াও ল’ৰা-ছোৱালীয়ে একেলগে শিক্ষাগ্ৰহণ কৰাৰ ক্ষেত্ৰত কথাটোত মুকলি নহয়, ফলত সবলীকৰণৰ বাবে উচ্চশিক্ষাৰ সুফল গ্ৰহণৰ পৰা  তেওঁলোক বঞ্চিত হয়। এই নিৰ্দিষ্ট এলেকাবোৰত উচ্চশিক্ষাৰ এনেধৰণৰ আচুতীয়া  প্ৰতিষ্ঠানে পৰিকল্পনা নাৰীৰ উচ্চশিক্ষাৰ ক্ষেত্ৰত অতুলনীয় অৱদান আগবঢ়াব পাৰে। কিন্তু এই ধাৰণাটোৰ সীমাবদ্ধতা আছে। কথাত কোনো দ্বিমত নাই যে, জিলাবোৰত অধিক পৰিমাণৰ ছাত্ৰীনিবাস আৰু  অধিক ছাত্ৰী মহাবিদ্যালয় স্থাপনৰ মাজেৰেহে উচ্চশিক্ষাৰ ক্ষেত্ৰত থকা সৰ্বমুঠ নামভৰ্তিকৰণ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিব পৰা যাব” 


বিশ্ববিদ্যালয় অনুদান আয়োগৰ এনে অভিমতৰ পিছত অসমে এখন মহিলা বিশ্ববিদ্যালয় লাভ কৰাৰ কথাটো ৰাজ্যখনৰ বাবে আশীৰ্বাদহে হব লাগিছিল আৰু  এইক্ষেত্ৰত বিশেষ ভূমিকাহে গ্ৰহণ কৰিব লাগিছিল যাতে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূব ভাৰতৰ বাবে সি এখন লেখত লবলগীয়া শিক্ষানুষ্ঠান হৈ উঠে বিশ্ববিদ্যালয়খনৰ ছাত্ৰীসকলৰ আন্দোলন মাথোন কেইশমান ছাত্ৰীৰ ডিগ্ৰী লাভ কৰাৰ বিতৰ্ক নহয়, বৰং নাৰীৰ উচ্চশিক্ষা আৰু মৰ্যদাপ্ৰাপ্তিৰ বিৰুদ্ধে জনবিৰোধী চৰকাৰ এখনৰ আকোৰগোঁজ স্থিতিক প্ৰত্যাখান কৰাৰ প্ৰতীকহে হৈ উঠিছেএই আন্দোলনে সকলো বিবেকবান লোককেই ছাত্ৰীসকলৰ পক্ষত অৱস্থান লবলৈ অনুপ্ৰাণিত কৰিব।  


-----


Monday, 5 March 2018

কবিতা

অলৌগুটি-তলৌগুটি

তোমাৰ আছে  চুঙা-বাদুলিৰ খোৰোং

আৰু মোৰ দুচকুৰ নিজৰা
স্বাস্থ্যৱতী মাতৃৰ সুডৌল স্তন পাৰ হৈ
যি বৈ আহে

জাৰণি মুখৰ কৰি
কত চিৰিকটি উৰি আহে
নিজৰাত পাখি কটালে

যি নদীত জোন গজে, জো মৰে
সেই নদী মোৰ
মোৰ নাভিৰে উঠি অহা জোনে পতা
প্ৰতিপদ আৰু আঁউসী আছে মোৰ

যি হাবিত মই গজোঁ, দুপতীয়া হঁও
সুমুৱাই দিওঁ আঙুলিৰ শিপা
সেই হাবিৰ মই সৰাপাত

য’ত মই গজোঁ, আৰু মৰোঁ
মই সেই সোঁতাল নদী
য’ত বেলি উঠে, আৰু মৰে


তোমাৰ আছে চুঙা-বাদুলীৰ খোৰোং
আৰু
বেলিৰ ডাৱৰ আৰু ৰামধেনুবোৰ মোৰ





হিমা

তুমি বাঢ়ি অহা গছৰ পাতৰ কবিতা
আমাৰ আশাৰ আগলিত বাস কৰা
উৰণীয়া এগছি চাকি

থোৰ মেলি অহা জীৱনৰ
ফাগুণী বতাহৰ আগ

এটি নতুন বিৱৰণী- গতি, ছন্দ
আৰু ৰঙা-নীলা ষ্টে’ডিয়ামত  
নাচি উঠা শৰীৰবোৰৰ  
   
আমি ৰ লাগি চোৱাৰ সন্মোহনত   
তুমি বিজুলিয়াই উঠা ৰাগী

বতাহত ওলমি থকা
আমি অঁকা সপোনৰ বাগিচাৰ ডালিম   

আমাৰ সন্তানবোৰৰ হেঁপাহত জাগি উঠা
দুৰ্নিবাৰ উশাহৰ নাম
মন যায়, মন যায় হিমা দাস

ডাৱৰ ভাঙি বৰষুণ নমোৱাৰ আবাহনী। 

31-08-2018







টো- পইডম্, টো- পইডম্


টো- পইডম্ আপোনাৰ আঙুলিৰ গান 

ৰ’দ আহে ৰ’দ যায়

ব’ৰষুণ আহে ব’ৰষুণ যায় 

আপোনাৰ কৃষ হাতৰ শালবনত 

আখৰাৰ বতাহ ৰৈ যায়





গেলেৰীৰ আমাৰ কথাবোৰ টো- পইডম্

লেৱা টনা সপোনবোৰ টো- পইডম্

সৰকি অহা ছাঁ আৰু পোহৰৰ,

বাদুংদুপ্পাৰ নীৰৱ উপাসক 
টো- পইডম্, টো- পইডম্!


আপুনি বায়খ’ৰ চথাৰৰ যাদু লগা কুকুহা
টো- পইডম্ আপোনাৰ বেত গছৰ কিৰিটী 
টো-পইডম্ ময়ুৰৰ নাচোনেৰে উজলি উঠা ৰাতি


ৰৈ যোৱা শইচৰ মেজিৰ অগণিৰে গুচি যায় 
ময়ুৰৰ নাচোনেৰে কুকুহা উৰুৱাই 
কলহৰ নলীৰে বায়খ’ৰ দেও মদ চাকি যায় 
বাইখ’ৰ নিশাৰ কেঁচা পিঠাগুৰিৰ শৰীৰ ময়ুৰৰ পেখম 
মদৰ নিজৰা হৈ পথাৰলৈ বৈ যায়


শামুকৰ খোলা ডুব যোৱা পিঠালিৰ দৰে 
লপ্ থপ্ মাটিলৈ 
ৰ’দ আহে, ব’ৰষুণ আহে, গজি উঠে শইচ


কিনো লইলাচে তৰা ফুটে
কচুৱনিৰ জোনাকী উৰে
খাম-ব্ৰাংছিৰ টল-মল নিশা 

আপোনাৰ কেঁচা পিঠাগুৰিৰ শৰীৰ 
যাদুৰ কুকুহা হৈ উৰে


টো-পইডম্! টো-পইডম্!

১৪-০৬-২০১৮

(টো-পইডম্- The Bird - শুক্ৰাচাৰ্য ৰাভাৰ একে নামৰ এখন নাটক)

(বাদুংদুপ্পা- ৰাভাসকলৰ বাদ্যযন্ত্ৰ, লেৱা টানা- ৰছী টনা, বায়খ’- শস্যৰ কামনাৰে ৰাভাসকলৰ পবিত্ৰ উচৱ -- এই উৎসৱৰ নিশা শুধ বগা সাজ পৰিধান কৰি আৰু শিৰত বেত গছৰ পাতৰ কিৰিটীৰে শোভিত কৰি চথাৰ ৰ গীত পৰিবেশনৰ মাজেৰে ময়ুৰৰ দৰে লয়লাসে নৃত্য কৰি, অগ্নিৰ জলি উঠা মেজিৰ অঙঠাৰে নৃত্যবিদসকল পাৰ হৈ যায়। নৃত্যৰ শেষত অংশ লোৱাসকলক কলহৰ নলীৰে পবিত্ৰ মদ বাকি ভৰি ধুৱাই দিয়াৰ লগতে মুখতো বাকী দিয়া হয়। লইলাচ- লয়লাস। পিঠালি -- মাটিমাহৰ জোল, পিঠাগুৰি আৰু শামুকৰ খোলাৰ সুমিষ্ট, বীজলুৱা ব্যঞ্জন। খাম- ঢোল। ব্ৰাংছি- বাঁহী)











ভৰিবোৰ 

(শ্ৰদ্ধাৰে, মহাৰাষ্ট্ৰৰ ৰাজপথত সমবেত কৃষকলৈ) 

অৰণ্য ফালি ওলাই আহিছে
নাঙলৰ ফাল হৈ ওলাই আহিছে
বসুমতীৰ গৰ্ভেৰে, শুকান পথাৰেৰে,
আলকাতাৰাৰ বাটেৰে 

ভাগৰা নাই, ভাগৰা নাই-
বৈ আনিছে ফাগুনৰ পতাকা, পলাশৰ জুই
আমাৰ দুচকুত ৰঙাই তুলিছে
আমাৰ সপোন 


শোতোৰা-শোতোৰ ছালবোৰ
ভৰিৰ পতাত লাগি আহিছে
বুকুৰ হাড়ত ওলমি আহিছে
দুচকুৰ সপোন 


ওলমি আহিছে জোলোঙাত
ঋণৰ বোজাত হেৰাই যোৱা পঁজাৰ মাৰলি 


মৰাপাটৰ ফানতিত উতলা হৈছে
পৃথিৱীৰ প্ৰেমত বাউল হোৱাৰ সপোন



হে’ নাঙলৰ ফাল ফালি শইচ গজোৱা
পৃথিৱীৰ প্ৰথম প্ৰেমিক ! 


পথৰ কূটৰ মজিয়াত আজি
তোমাৰ লংমাৰ্চৰ ভৰিবোৰেৰে
লিখি যোৱা
আমাৰ ভবিষ্যতৰ লিপি।


১২-০৩-২০১৮



(On March 12, 2018 the country witnessed the biggest  Farmer's Protest when over 1,00,000 farmer in Maharastra participated in a Long March to Maharastra Mantralaya under the banner of All India Kisan Sabha with determination and and confidence to raise their protest to waive loans. The Long  March started on MArch 6 with arounf 30,000 peasants and the number swelled gradually. Thousands of farmers in India  have  to commit suicide due to  unfavourable bank-loans. The protest shook the moral of the Nation and  force the government to assure waiving their loans and to address land-related  issues.)   






আহা, চলাই দিয়া বুলডজাৰ






চোৱা-কিমান সংহত হৈ

কলাসন্মতভাৱে আমি শিকিছোঁ

গ্ৰহণ কৰিবলৈ আঘাত


উত্তেজিত হোৱা নাই, নহওঁ

বুকুৰ মাজত মাথোঁ গভীৰলৈ গুচি যায়   

আদৰ্শৰ শিপা



ইমান প্ৰেৰণাময় এই সময়!



আহা, চলাই দিয়া বুলডজাৰ

ছুৰীৰে হানি নিয়া পিছফালেৰে

  

আমাৰ চিতাৰ জুয়ে দহি নিব তোমাক 


আৰু যেতিয়া চেঁচা পৰিব মৰিশালিৰ বতাহ

ইমান চেঁচা হৈ বলিব মৰিশালিৰ বতাহ-


যে তুমিও হৈ উঠিবা

চেঁচা বৰফৰ টুকুৰা 
মৃত।  






বগীঢলা





নিম্নজনক ভয় কৰিবা

এই দেশৰ মাটিত

তেঁওৰ প্ৰথমটি বীৰ্যৰ টোপাল

পৰাৰ বাবে

তেঁওক ভয় কৰিবা



তেঁও কৰ্কশ, ৰূঢ়, হুটা

তোমাৰ ভগবানৰ ভৰিৰপৰা
গজি অহা শূদ্ৰতকৈও
অধম তেঁও

বৰ কুৎসিত, চেপেটা নাক,
গাৰ বৰণ ক’লা

কাষলতিৰ তলৰ ঘাম
ইমান দুৰ্গন্ধময়  
যে,
চানি ধৰে তোমাৰ মগজু

সাজু কৰি ৰাখিবা বন্দুকৰ নলী
কাঢ়ি ল’বা
কাঢ়ি ল’বা তেঁওৰ ঈশ্বৰ

নিম্নজনৰ ঈশ্বৰ
তেঁওৰ গছ
তেঁওৰ মহুৱা ফুল

ওফৰাই দিবা তেঁওক মাটিৰপৰা
ছিঙি পেলাবা শিপা

তোমাৰ বাগিচাৰ চাহৰ পুলিৰ দৰে
কলম দিবা হাতৰ আঙুলি
ছিঙি আনিবা এটি কলি দুটি পাত
হৃদয়ত সজাল ধৰা

ঢালি দিবা, ঢালি দিবা  
বেটেৰীৰ পানী ঢলা মদ
তেঁওৰ ভাগৰুৱা জিভাত

তেঁও পাহৰি পেলাব শিপা
তেঁও পাহৰি পেলাব মাটি

কিন্তু ইমানৰ পিছতো
তেঁওক তুমি
ভয় কৰিবই লাগিব

কিয়নো এই দেশৰ মাটিত
তেঁওৰেই প্ৰথমটি বীৰ্যৰ টোপাল
পৰাৰ বাবে
নিম্নজনৰপৰাই আৰম্ভ হ’ব
ইতিহাসৰ প্ৰথম পাত। 


-----
(On December 14, 2017 10 tea-garden workers were shot at by owner of the Bogidhala Tea Estate 27 km off  Golaghat town in Upper Assam, Samir Ray and Sudhir Ray, while they gathered in front of the owners bunlglow seeking pending wages and launched a protest. the indiscriminate firing injured 10  agitator critically.)