Thursday, 10 April 2025

 

সাহিত্যৰ মিঠা-কেঁহা-তিতিকি



 আমেৰিকাৰ বিখ্যাত ফটোগ্ৰাফাৰ ষ্টুৱাৰ্ট ৰোমক এক সাক্ষাতকাৰৰ শেষৰটো প্ৰশ্ন হিচাপে চাণ্টাল বয়নেচ-এ সুধিছিল- Lastly, I like to ask everyone what advice they would give to their fellow artists, what is your advice? ইয়াৰ উত্তৰত ষ্টুৱাৰ্ট ৰোমে ক’লে-‘Life is shorter than you think. Make your time count. Be curious, sensitive and patient. Treat other artists and fellow aspirants with the respect you yourself would like; these qualities will open a life up to a multiplicity of possibilities and projects.

(সম্পূৰ্ণ সাক্ষাতকাৰৰ বাবে এই লিংকটো চাব পাৰে-https://boynesartistaward.com/interviews/artist-stuart-rome)

এই কথাখিনি, বিশেষকৈ শেষৰ শাৰীটো  সৃষ্টিশীল সাহিত্যৰ বেলিকাও একে। আমি নিজে যদি বিচাৰোঁ যে, সমকালীন লেখকগৰাকীয়ে আমাক শ্ৰদ্ধা কৰক- তেতিয়াহ’লে আমিও তেওঁক সেই পৰিমাণৰ শ্ৰদ্ধা জনাব পাৰিব লাগিব। এই শ্ৰদ্ধা তেতিয়াই জনোৱা হয়, যেতিয়া আমি সমকালীল কবি-সাহিত্যিক-নিবন্ধকাৰসকলৰ কৰ্ম-ৰাজি পঢ়োঁ স্ৰষ্টালৈ মনতে শ্ৰদ্ধাৰ ভাৱ এটা লৈ। এনে শ্ৰদ্ধাই আমাৰ পঠনৰ সময় আনন্দিত কৰি তোলে। সকলো লেখকে একে সময়তে ভাল সৃষ্টি কৰিব নোৱাৰে। কিন্তু পঠনৰ সময়ত এজন পাঠকৰ মন ৰঙিয়াল হৈ থকা, সকলো সংকীৰ্ণতাৰপৰা উৰ্ধত থকাৰ লগতে স্ৰষ্টাৰ প্ৰতি শ্ৰদ্ধালু হৈ থকাটো কৰ্তব্য বুলিয়ে বিবেচনা কৰি আহিছোঁ।  

বহুদিনৰ বিৰতিত বিহু সংখ্যাৰ আলোচনীবোৰে এইবাৰ মেটমৰা সম্ভাৰৰ কিছু গল্প-কবিতা  পঢ়ি উঠি কবলৈ মন গৈছে-এটা ভাল গল্প সদায় এটা ভাল গল্প, এটা ভাল কবিতা সদায় এটা ভাল কবিতা, এখন ভাল উপন্যাস সদায় এখন ভাল উপন্যাস, এখন ভাল নাটক সদায় এখন ভাল নাটক। কোনোবা লেখকে হয়তো নীৰৱতাৰ জগতত বাস কৰে, আনজনে হয়তো সৰৱতাত। কিন্তু লেখক আৰু সৃষ্টি—সদায় ভিন্ন। আপুনি কাক আগ স্থান দিব-স্ৰষ্টাক, নে সৃষ্টিক? কোনোবাই গাৰ জোৰে হেঁচা মাৰি ভাল গল্প এটা বেয়া বুলি কব নোৱাৰে, সেইদৰে বেয়া এটাক ভাল বুলি কব স্বীকৃতি দিব নোৱাৰে। দিলেও সময়ে তাক নাকচ কৰি যাব। সুযোগ বুজি আপুনি কোনোবা লেখকৰ ব্যক্তিগত জীৱন আৰু আদৰ্শৰ  বেকগ্ৰাউণ্ডত বেলচা মাৰি তেওঁৰ সৃষ্টিক আওকাণ কৰিব নোৱাৰে। যদি তেওঁ ভাল সৃষ্টি কৰিছে, সেয়া এটা ভাল সৃষ্টিয়েই হয়। যদি বেয়া কৰিছে, সেয়া বেয়া।

তথাপি কিছুমান লেখকৰ সাহিত্যকৰ্মৰ বেলিকা আমি ইমান সোচ্ছাৰ হৈ উঠোঁ আৰু কিছুমানৰ বেলিকা ইমান নীৰৱ হৈ পৰোঁ। কিয়? হয়। সাহিত্যত মানুহক নীৰৱ কৰি দিয়াটো একধৰণৰ ‘ডিজাইন’। যোৱা সময়চোৱাত এই কথা বাৰে বাৰে উপলব্ধি কৰিছোঁ আৰু শিহৰিত হৈছোঁ।  ইয়াক দুই ধৰণে প্ৰক্ষেপ কৰা হয়। প্ৰথমটোত কোৱা হয়—আপুনি নীৰৱে সাহিত্যকৰ্মত ব্ৰতী হওক। ইমান হুলস্থুল কৰি থাকে কিয়? সূৰ্যক যিদৰে ডাৱৰে আৱৰি ধৰিব নোৱাৰে, সেইদৰে আপোনাৰ মহৎ সৃ্ষ্টিকো কোনোবাই ঢাকি দিব নোৱাৰে। ভাল কাম হ’লে সি মানুহৰ চৰ্চালৈ আহিবই। কিন্তু বাস্তৱত এইটো নহয়-কিয়নো এনে কোনো লেখক থাকে যাৰ সৃষ্টি যাতে পাঠকৰ সন্মুখলৈ যাব নোৱাৰে-তাৰবাবে সন্মুখত থকা দৃশ্যমান আৰু অদৃশ্যমান বাটবোৰ বন্ধ কৰি দিয়া হয়। চৌপাশৰপৰা এনে এটা পৰিবেশৰ সৃষ্টি কৰা হয়, য’ত লেখক  হতাশ হৈ নিজেই সৃষ্টিৰ বাটৰপৰা আঁতৰি যাবগৈ। এনে হৈছে। বহু লেখকে ভাল সৃষ্টি কৰিলেও তাক আলোচনাৰ বাবে উলিয়াই অনা নহয়।এনেকৈয়ে তৰুণ প্ৰজন্মৰ বহু লেখক আমি হেৰুৱাইছোঁ। গৈ গৈ ৰৈ যায়। দ্বিতীয় কথাটো হৈছে, এনে লেখকে যিমানেই ভালকৈ সৃষ্টি কৰিবলৈ চেষ্টা নকৰক কিয়, তেওঁৰ কৰ্মৰ বেলিকা অহৰহ নীৰৱতা প্ৰদৰ্শন কৰা হয়।

ইয়াৰ মাজতে এটা মজাৰ খেল আছে। লেখকে যেতিয়া এটা ভাল সৃষ্টিৰ বাবে প্ৰয়াস কৰি থাকে, পাৰ ভাঙি যাবলৈ চেষ্টা কৰে- চিন্তাৰ জড়তাৰপৰা মুক্ত হৈ নতুন কথা কবলৈ উন্মুখ হয়--তেতিয়া সকলো বাধা নেওচি সাহিত্য আগবাঢ়ি যায়।  কোন সেইজন ৰেফাৰী—যি সকলো প্ৰতিকূলতাৰ মাজতো সাহিত্যৰ সন্মুখলৈ আগুৱাই নি থাকে? সেই ৰেফাৰীজন আন কোনো নহয়, তেওঁ হৈছে আপোনাৰ সাহিত্যৰ উজ্জীৱিত পাঠকজন। সমকালীন সাহিত্যৰ জগতত সৃষ্টিশীল লেখক আৰু উজ্জীৱিত পাঠকজন সদায়ে এটা আনটোৰ পৰিপূৰক। এই পাঠকজন কেতিয়াবা নিজেও সৃষ্টিশীল লোক হ’ব পাৰে আৰু নিজকে পৰ্যায়ক্ৰমে এজন উজ্জীৱিত পাঠকলৈ পৰিণত কৰি থাকিব পাৰে। সমকালীন সাহিত্যৰ অনেক বেমেজালি আৰু চক্ৰান্তৰ মাজতো সৃষ্টিশীল লোকৰ বাবে আটাইতকৈ সুখৰ কথাটো এয়ে যে, আপোনাৰ সৃষ্টিৰ উজ্জীৱিত পাঠক সমাজ আছে। ৰাজনৈতিক দলৰ সভালৈ গাড়ীত উঠাই অনা ৰাইজৰ দৰে তেওঁলোক হয়তো সংখ্যাৰে অগণণ নহয়-তেওঁলোক সংখ্যাত এমুঠি- কিন্তু আপোনাক বোদ্ধাক শাণিত কৰি তুলিবলৈ তেওঁলোক যথেষ্ট। তেওঁলোক গেৰিলাৰ দৰে, নীৰৱে থাকে, লুকাই থাকে—আৰু আপোনাক অহৰহ প্ৰেৰণা দি যায়। কৈ দিয়ে—আপুনি কোনখিনিত ভাল কৰিছে, কোনখিনিত ভুল কৰিছে। আপোনাক অভিনৱ চিন্তাৰে আলোকিত কৰে। আপুনি সেইজন পাঠক বিচাৰি ফুৰিব নালাগে, তেওঁ নিজেই আপোনাৰ কাষ চাপি আহিব।

সাহিত্য শব্দৰ খেল, নে জীৱনৰ খেল? বহুতৰ বাবে সাহিত্য শব্দৰ খেল। সম্পৰীক্ষণৰ খেল। কিন্তু প্ৰকৃত সাধকৰ বাবে সাহিত্য জীৱনৰ খেল। তেওঁ সম্পৰীক্ষণৰ বাটেৰে গ’লেও তাত জীৱনৰ গভীৰতাৰ কথাহে ক’ব। প্ৰজন্মৰ সংকটৰ কথা কলেও তাত প্ৰজন্মই ধৰি ৰখা মূল্যবোধলৈহে বেছিকৈ চকু দিব। প্ৰতিটো প্ৰজন্মই পূৰ্বৰ প্ৰজন্মৰ তুলনাত কিছু পৰিমাণে অধিক সংকটৰ মাজেৰে গতি কৰে। কিন্তু সকলোৱেই অৱক্ষয়ৰ গ্ৰাসত জাহ নাযায়। এচামহে জাহ যায়। বেছিভাগেই সংগ্ৰাম কৰে, হতাশগ্ৰস্ত হয়, যুঁজ কৰি জিকি যায় আৰু প্ৰত্যাহ্বানৰ মাজতো ধৰি ৰাখে মূল্যূবোধ। এয়া নোহোৱা হ’লে মানৱ সমাজ কেতিয়াবাই ধ্বংস হৈ গ’লহেঁতেন। প্ৰজন্মৰ সংকটৰ কথা সাহিত্যত কবলৈ যাওতে প্ৰজন্মক কিদৰে প্ৰতিনিধিত্ব কৰা হয়, সেয়াও বিচাৰ্য বিষয়। আপোনাৰ চোৱাৰ দৃষ্টিভংগীৰ ওপৰতো বহু কথাই নিৰ্ভৰ কৰিব। অসমৰ সমাজ জীৱনৰ এচোৱা গভীৰ সংকটৰ সময়ত বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাই প্ৰজন্মৰ সম্পৰ্কক বৰ সযতনে কাব্যত তুলি ধৰি দায়বদ্ধতাৰ পৰিচয় দিছিল।  সমকালীন সাহিত্যত নৰ-নাৰীৰ আপাতত সাধাৰণ সম্পৰ্কৰ উৰ্ধত তৰুণ প্ৰজন্মৰ সাহিত্যত জীৱনৰ গভীৰতাৰ প্ৰতিফলন দেখিবলৈ পাই ভাল লগাটোৱেই স্বাভাৱিক।

দুজনমান গল্পলেখকে আহ্বান দিছিল— বিহু সংখ্যাত প্ৰকাশিত গল্পবোৰৰ এক আলোচনা সামাজিক মাধ্যমত হ’ব লাগে। কিন্তু আজিকালি সামাজিক মাধ্যমৰ ৰেহ-ৰূপ সলনি হৈ গ’ল। মানুহবোৰে কথা-বতৰাত ভাগ লোৱাতকৈ বেছি পৰিমাণে একোটা ক্ল’জ-চাৰ্কিট কেমেৰা হৈ পৰিল। এনে অৱস্থাত সাহিত্যৰ নিৰ্মোহ সমালোচনা এতিয়া আৰু সামাজিক মাধ্যমত সম্ভৱ নহয়। মুখত হাঁহি ওলোমাই, হাতত লৈ অহা ছুৰীৰে ৰাজহাড় দুটুকুৰা হৈ যোৱাকৈ কৰা কোনে আঘাত কৰি যায়, ধৰিব নোৱাৰি। কিমানবাৰ আৰু আঘাত মেৰামতি কৰি বাৰে বাৰে ঠিয়দঙা দিম! অনাহক সময় নষ্ট। আঘাতৰ প্ৰকোপত যদি কোনোবাজন নীৰৱ হৈ গৈছে, আন কোনোবাই আকৌ ক্ল’জ চৰ্কিট কেমেৰা হবলৈকে ভাল পাইছে। পিছৰটোত সুবিধা বেছি। সেয়েহে সামাজিক মাধ্যমৰ পৰিবেশ এতিয়া আৰু পূৰ্বৰ দৰে গণতান্ত্ৰিক হৈ থকা নাই বুলি ধৰি লৈছোঁ।  

তথাপি সাহিত্যৰ সাধাৰণ পাঠক হিচাপে এটা কথা কবলৈ ভাল লাগে— অসমীয়া সাহিত্যৰ জগতখনত ভাল সৃষ্টি কৰিবলৈ হাবিয়াস থকা তৰুণ প্ৰজন্মৰ সাহিত্যিকৰ অভাৱ নাই। তেনেহ’লে কিয় বাৰু আমি কিছুমানক তুলি ধৰি আন কিছুমানক নীৰৱতাৰ গৰ্ভলৈ ঠেলি দিবলৈ প্ৰয়াস কৰি থাকো? এইক্ষেত্ৰত কবলগীয়া এয়ে যে, তৰুণ প্ৰজন্মই লেখকৰ স্বাধীনতা গ্ৰহণ কৰক আৰু বাজীমাৎ কৰি যাওক। এটা ভাল গল্প, এটা ভাল কবিতা, এখন ভাল উপন্যাস, অথবা সাহিত্যৰ এটা অভিনৱ চিন্তা সমাজৰ হাজাৰ অপশক্তিক প্ৰতিহত কৰি দিব পৰাকৈ শক্তিশালী। আৰু আপুনি যদি ভাল লিখিছে, তেনেহ’লে কৰবাত উজ্জীৱিত পাঠকজনে আপোনাক চিনাক্ত কৰি পেলাইছে। সময়ত তেঁৱেই আপোনাক কৈ দিব—এই বাটে নাহিব, সন্মুখত খাৱৈ আছে। সেই বাটে নাহিব, সন্মুখত গভীৰ নাদ আছে। এই বাটে আহক, এয়াই সাহিত্যৰ জোনাকী বাট।

তেনেহ’লে, আপোনাৰ ভয় নাই।

Friday, 7 March 2025

 

৮-মাৰ্চ  আন্তৰ্জাতিক নাৰী দিৱস, ২০২৫ঃ  ঐতিহাসিক পটভূমি আৰু  ৰাষ্ট্ৰসংঘৰ বাণীঃ For ALL Women and Girls: Rights. Equality. Empowerment-ৰ কিছু দিশ

Source- https://www.un.org/en/observances/womens-day/resources
UN Women Mexico

আজি ৮-মাৰ্চ  আন্তৰ্জাতিক নাৰী দিৱস। পৃথিৱীৰ সকলো কৰ্মজীৱি নাৰীৰ বাবে এটি হেঁপাহৰ দিন। এতিয়া প্ৰশ্ন হৈছে এগৰাকী কৰ্মজীৱি নাৰীৰ পৰিচয় কি? সেইগৰাকী নাৰীয়েই কৰ্মজীৱি, যি কেৱল পাকঘৰ, সন্তানৰ লালন-পালন আৰু ঘৰুৱা কাম-কামৰ মাজতে নিজক সীমাবদ্ধ কৰি নাৰাখি জীৱন-জীৱিকাৰ বাবে কৰ্মক্ষেত্ৰ এখনলৈ ওলাই আহিছে।কব পাৰি যে, আন্তৰ্জাতিক নাৰী দিৱসৰ ধাৰণাটিৰ গৰ্ভতেই প্ৰোথিত হৈ আছে বিভিন্ন ক্ষেত্ৰত কাম কৰা সকলো অংশৰ কৰ্মজীৱি নাৰীৰ পুৰুষৰ সমানে সমানে  মৰ্যদা আৰু অধিকাৰ লাভ কৰাৰ হেঁপাহ। সমানাধিকাৰৰ আকুলতা।

নাৰীৰ বাবে সুকীয়া দিৱস এটিৰ কিয় প্ৰয়োজন-এই প্ৰশ্নটোক লৈ আজিও বহুতেই বিবুধিত পৰে। বিপাঙত পৰে। পৃথিৱীৰ সকলো মানুহেই সমান আৰু নাৰী বাবে পৃথক এটি দিৱসৰ প্ৰাসংগিকতা কিমান? বহুতো পুৰুষ আৰু নাৰী য়ে এই দিৱসটিক লৈ উপলুঙা কৰাও দেখা যায়। যদিহে নাৰীৰ বাবে সুকীয়া দিৱস এটি পালনৰ কোনো অৰ্থই নাই, তেনেহ’লে ৰাষ্ট্ৰসংঘৰ দৰে আন্তৰ্জাতিক নাৰী দিৱস পালনৰ বাবে উদ্যোগ লয় কিয়? প্ৰতিবছৰৰ বাবে একোটা বাণী  নিৰ্দ্ধাৰণ কৰি দিয়ে কিয়? এইবোৰ প্ৰশ্নৰ উত্তৰ পাবৰ বাবেই  আন্তৰ্জাতিক নাৰী দিৱসৰ  ইতিহাস  জনাটো আমাৰ বাবে প্ৰয়োজনীয় কথা হৈ পৰে।

আন্তাৰ্জাতিক নাৰী দিৱস ঐতিহাসিক পটভূমিঃ

এই দিৱসৰ অংকুৰ প্ৰোথিত হৈ আছে প্ৰথম বিশ্বৰ দেশসমূহৰ শিল্প-বিপ্লৱৰ বুকুত। সমাজবিজ্ঞানী এংগেলছৰ সূত্ৰ অনুসৰি আদিম কালৰ চিকাৰজীৱি সমাজখনে সংগঠিত ৰূপ লোৱাৰ সময়তে ক্ৰমে ক্ৰমে নাৰীৰ জীৱন সন্তানৰ লালন-পালন আৰু ঘৰুৱা কামত আৱদ্ধ হৈ পৰাৰ সেই ‘ঐতিহাসিক পৰাজয়’ৰ পিছত পোন প্ৰথমবাৰৰ বাবে উনবিংশ আৰু বিংশ শতিকাৰ শিল্পবিপ্লৱে মানৱ সভ্যতাৰ ইতিহাসৰ গতিপথৰ লগতে নাৰীৰ জীৱন  বহুদূৰ সলনি কৰি পেলাইছিল। শিল্পবিপ্লৱৰ এটা উল্লেখনীয় দিশ আছিল যে এই বিপ্লৱৰ ফলত নাৰীয়ে পাকঘৰ আৰু কৃষিক্ষেত্ৰৰপৰা ওলাই আহি পুৰুষৰ সমানে সমানে  উদ্যোগখণ্ডত  কাম  কৰাৰ মাজেৰে অৰ্থনৈতিক কাম-কাজত যুক্ত হোৱাৰ সুযোগ লাভ কৰে।ইয়াৰ আগলৈকে নাৰীৰ জীৱন ঘৰৰ চাৰিবেৰৰ মাজতেই সীমাবদ্ধ আছিল।যিসকল নাৰীয়ে এই বেৰা ভাঙি ওলাই আহিছিল, তেওঁলোক আছিল মাথোন ব্যতিক্ৰম। শিল্প-বিপ্লৱৰ ফলতেই প্ৰথমবাৰৰ বাবে পাকঘৰ আৰু খেতিপথাৰৰপৰা বাহিৰ পৃথিৱীখনলৈ, মূৰৰ ওপৰৰ আকাশখনলৈ মূৰ তুলি চাবলৈ তেওঁলোকে আহৰি পালে।

বিভিন্ন উদ্যোগখণ্ডত কাম কৰিবলৈ ওলাই অহা এই নাৰীসকলৰ বাবে কৰ্মক্ষেত্ৰত কোনো ৰঙা দলিছা নাছিল।মূলতঃ পৰিয়ালৰ ভৰণ-পোষণৰ বাবে কাম কৰিবলৈ অহা নাৰীসকল আছিল শোষণরআহিলা মাত্ৰ। তেওঁলোক আছিল কম দামী শ্ৰমিক। কামৰ পৰিবেশো আছিল অতি  ভয়ংকৰ।  কামৰ কোনো ধৰণৰ নিৰাপত্তা আৰু সুৰক্ষা নথকাকৈ অতি অমানৱিক পৰিবেশত দিনে ১৬ ঘণ্টা পৰ্যন্ত তেওঁলোকে কাম কৰিব লাগিছিল। মালিকে উদ্যোগক্ষেত্ৰত নাৰী এগৰাকীক এইবাবেই নিয়োগ কৰিছিল যাতে তেওঁলোকক কম পইচাত অধিক সময় কামত খটুৱাব পাৰি। কৰ্মক্ষেত্ৰত নাছিল টয়লেটৰ সুবিধা। শৌচ-প্ৰস্ৰাৱ কৰাৰ সুবিধা নথকা পৰিবেশত দিনে ১৬ ঘণ্টা পৰ্যন্ত কাম কৰি কৰ্মক্ষেত্ৰতেই মৃত্যুৰ মুখতো পৰিবলগীয়া হৈছিল।

এই নাৰীসকলৰ তেওঁলোকৰ অসুবিধাবোৰৰ কথা জনাবলৈ কোনোধৰণৰ ইউনিয়ন আদিও নাছিল,  যাৰ জৰিয়তে তেওঁলোকে নিজৰ দাবীসমূহ কতৃপক্ষৰ সন্মুখত দাখিল কৰিব পাৰে। ইয়াৰ লগতে নাৰীৰ ওপৰত আছিল ঘৰুৱা কামৰ বোজা। অৱশ্যে, ঘৰুৱা কামৰ এই বোজাৰপৰা নাৰীয়ে আজিও মুক্তি লাভ কৰা নাই। অৰ্থাৎ,  অৰ্থনৈতিক কাম-কাজত যুক্ত হোৱাৰ সুযোগ পালেও সেই সময়ত তেওঁলোকে  লাভ কৰা নাছিল সমতা। আজিও লাভ কৰা নাই।তথাপি কব লাগিব, সেই সময়ৰ তুলনাত নাৰীসমাজ আজি বহুদূৰ আগুৱাই আহিছে।এই আগুৱাই অহাৰ বাটতো নিৰন্তৰ সংগ্ৰামৰহে। এই কথা আমি মনত ৰাখিব লাগিব যে, ৰাজনৈতিক ক্ষেত্ৰতো পুৰুষৰ সমানে ভোটাধিকাৰ পাবৰ বাবেও বিশ্বৰ দেশসমূহত নাৰীসকলে বহুদিনৰ দীঘলীয়া সংগ্ৰাম কৰিবলগীয়া হৈছিল। অৰ্থাৎ, ভোটাধিকাৰৰ দৰে  যিবোৰ অধিকাৰ আমি আজি জন্মসূত্ৰেই  লাভ কৰিছোঁ, এটা সংময়ত সেই অধিকাৰ পাবৰ বাবেও প্ৰথম বিশ্বৰ নাৰীসমাজে সংগ্ৰাম কৰিবলগীয়া হৈছিল। কিন্তু ভোটাধিকাৰ লাভ কৰাৰ শতিকা পাৰ হৈ যোৱাৰ পিছতো আজি সংসদ বা বিধানসভাত নিৰ্বাচিত নাৰীৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা। অৰ্থাৎ যিসমূহ মঞ্চত মানুহৰ কল্যাণৰ হকে, অধিকাৰৰ হকে উল্লেখনীয় সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয়—সেই মঞ্চত নাৰীক আজিও উপেক্ষাই কৰা হৈছে।

সমাজবাদীসকলেই নাৰী আৰু পুৰুষৰ সমতা আৰু  সমমৰ্যদাৰ দিশটোত পোনতে আলোকপাত  কৰে।  ১৮৫৭  চনৰ ৮ মাৰ্চৰ দিনা নিউয়ৰ্কৰ বস্ত্ৰউদ্যোগত কাম কৰা নাৰীসকলে কামৰ সময় ১০ ঘণ্টা  কৰাৰ লগতে পুৰুষৰ সমানে অধিকাৰ লাভ কৰাৰ  দাবীত ৰাজপথত এক সমদল উলিয়ায়। এই সমদল আৰক্ষীয়ে কঠোৰ হাতেৰে দমন কৰে।  কিন্তু এই বৰ্বৰ আক্ৰমণৰ পিছতো তেওঁলোকে  বিশ্বৰ  প্ৰথমটো  নাৰীৰ শ্ৰমিক সংস্থা গঠন  কৰিবলৈ সক্ষম হয়।  এই  প্ৰতিবাদৰ ৫০ বছৰ উকলি যোৱাৰ পিছত ১৯০৮ চনৰ ৮ মাৰ্চৰ দিনা এই বস্ত্ৰউদ্যোগৰ নাৰী শ্ৰমিকসকলে ৰাজপথত আন এটি সমদল উলিয়ায়। এই নাৰীসকলে শিশু শ্ৰমৰ অৱসান ঘটোৱাৰ লগতে ভোটাধিকাৰৰ দাবীও উত্থাপন কৰে। আপাতত ৫০ বছৰৰ ব্যৱধান হলেও এই সময়চোৱাত কৰ্মক্ষেত্ৰত নাৰীৰ অধিকাৰ, আৰু ভোটাধিকাৰৰ দাবীত বিশ্বৰ  বিভিন্ন দেশৰ  নাৰীসকলে সংগঠিত হবলৈ প্ৰয়াস কৰে।

১৯০৭ চনত ষ্টুটগাৰ্টত প্ৰথমখন বিশ্ব  নাৰী  সন্মিলন অনুষ্ঠিত হয়। এই সন্মলিনত বিভিন্ন দেশৰ  ৫২ গৰাকী প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিছিল। ১৯০৯ চনৰ ২৮ ফেব্ৰুৱাৰীত আমেৰিকাৰ সমাজবাদী নাৰীসকলে ৰাজনৈতিক অধিকাৰৰ লগতে বিভিন্ন দাবীত সমগ্ৰ দেশত প্ৰতিবাদী সভা আৰু বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত  কৰে । কবলৈ গ'লে সংগঠিত নাৰীৰ এয়াই ‘প্ৰথম ৰাষ্ট্ৰীয় নাৰী দিৱস।' ১৯১০ চনত জাৰ্মানীৰ কোপেনহেগেনত দ্বিতীয়খন বিশ্ব নাৰী সন্মিলন অনুষ্ঠিত হয়, 'ত ১৭ খন দেশৰ ১০০ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে। এই সন্মিলনৰ গুৰি ধৰোঁতা আছিল জাৰ্মানীৰ অগ্ৰণী সমাজবাদী আৰু নাৰীবাদী নেত্ৰী ক্লাৰা জেটকিন।

ক্লাৰা জেটকিনেই কৰ্মজীৱি নাৰীসকলৰ বাবে সমগ্ৰ বিশ্বত এটা ‘আন্তৰ্জাতিক কৰ্মজীৱি নাৰী দিৱস'  পালন কৰাৰ  বাবে প্ৰস্তাৱ আগবঢ়ায়। কবলৈ গ'লে য়োই আন্তৰ্জাতিক নাৰী দিৱসৰ  আৰম্ভণি বিন্দু। বিশ্বৰ যুদ্ধ আৰু শান্তিৰ পৰিৱেশ,  কামৰ সময় আঠঘণ্টা কৰাৰ দাবী, নিশাৰ ভাগৰ নাৰীয়ে কৰা কামৰ ওপৰত বিতৰ্ক আদি বিভিন্ন বিষয়ত এই সন্মিলনে আলোকপাত কৰে। ইয়াৰ পিছতে অষ্ট্ৰিয়া, ডেনমাৰ্ক আৰু চুইজাৰলেণ্ডত এক নিযুত মহিলা সমবেত হৈ ১৯মাৰ্চৰ দিনটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰে। ১৯১৩-১৪ চনৰ আন্তৰ্জাতিক নাৰী দিৱস বিশ্বযুদ্ধৰ প্ৰতিবাদ দিৱস হিচাপে পালন কৰা হয়। ৰাছিয়াত ফেব্ৰুৱাৰী মাহৰ শেষৰটো দেওবাৰে আৰু ইউৰোপৰ আন ঠাইত বস্ত্ৰউদ্যোগৰ মহিলা শ্ৰমিকসকলৰ প্ৰতি সন্মান জনাই ৮-মাৰ্চত এই দিৱস পালন কৰা হয়।

 

অৱশেষত ৰাষ্ট্ৰসংঘই ১৯৭৫ চনৰপৰা ৮ মাৰ্চ দিনটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।যোৱা সময়চোৱাত ৰাষ্ট্ৰসংঘই প্ৰতি বৰ্ষৰ বাবে একোটাকৈ বিষয় নিৰ্বাচন কৰি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰি আহিছে।এই বছৰৰ বাবে ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক নাৰী দিৱসৰ বাণী হৈছে- ‘“সকলো নাৰী আৰু কন্যাৰ বাবে অধিকাৰ। সমতা। সবলীকৰণ।” (“For ALL Women and Girls: Rights. Equality. Empowerment.)ৰাষ্ট্ৰসংঘই সম অধিকাৰ, ক্ষমতা আৰু সুযোগৰ সকলোবোৰ বন্ধ তলা খুলি দি এক নাৰীবাদী ভবিষ্যত  গঢ়ি তোলাৰ বাবে আহ্বান দজনাইছে, যাতে কোনোৱেই পিচপৰি নাযায়। এই বাণীৰ অভিকেন্দ্ৰত আছে সুদীৰ্ঘদিনৰ পৰিবৰ্তনৰ বাবে যুৱসকল বিশেষকৈ কন্যাসন্তান আৰু কিশোৰীসকলকে ধৰি ভবিষ্যতৰ প্ৰজন্মক সবলীকৰণ কৰা।

 

আনহাতে, বেইজিং ডিক্লেৰেচন এণ্ড প্লেচফৰ্ম ফৰ একচনৰ ৩০ বৰ্ষ উপলক্ষ্যে উক্ত অভিবেশনত গ্ৰহণ কৰা ব্যৱস্থাৰাজি বিশেষকৈ আইনী ব্যৱস্থা সুৰক্ষিত কৰা, বিভিন্ন চাকৰিত যোগদানৰ সুযোগৰ সৃষ্টি কৰা, য়ুৱ প্ৰজন্মক নিয়োজিত কৰা, সামাজিক নীতি-নিয়মৰ পৰিবৰ্তন সাধন কৰা, অতীতৰ গতানুগতিক, এলান্ধুকলীয়া ভাৱধাৰাৰপৰা ওলাই অহাৰ বমাজেৰে বেইজিং অধিবেশনৰ আদৰ্শৰ হকে কাম কৰাৰ বিষয়েও ৰাষ্ট্ৰসংঘই আহ্বান জনাইছে।

ইয়াৰ বাবে সংবাদ মাধ্যম, কৰ্পৰেট, চৰকাৰ, সম্প্ৰদায়সমূহৰ নেতৃত্ব, নাগৰিক সমাজ আৰু যুৱপ্ৰজন্মকে কাৰ্যপন্তা গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰসংঘই আহ্বান জনাইছে।

 (https://www.unwomen.org/en/get-involved/international-womens-day )

এইদৰেই আন্তৰ্জাতিক নাৰী দিৱসৰ ঐতিহাসিক পটভূমি বিচাৰ কৰি চালে বৰ্তমানে কৰ্মজীৱি মহিলাসকলে কৰ্মক্ষেত্ৰত লাভ কৰা সুযোগ-সুবিধাবোৰৰ বাবে অতীততে বিভিন্ন কৰ্মক্ষেত্ৰত কাম কৰা কৰ্মজীৱি নাৰীসকলে কিদৰে দীঘলীয়া সংগ্ৰাম আৰু ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছিল, আনহে নালাগে বহু প্ৰত্যাশিত ভোটাধিকাৰ লাভ কৰিবৰ  বাবেও কেনেদৰে  সংগ্ৰাম  কৰিবলগীয়া  হৈছিল, তাৰ এটা  আভাস পাব পাৰি।কব পাৰি যে, প্ৰায় এটা শতিকাৰো অধিককালৰ আন্তৰ্জাতিক নাৰী দিৱস পালনৰ মাজেৰে এই দিৱসে এক দীঘলীয়া সময় পাৰ কৰিছে। কিন্তু নাৰী আৰু পুৰুষৰ মাজত সমতা স্থাপনৰ দিশটোৰ মূল আধাৰটোত কৰিবলগীয়া এতিয়াও অনেক বাকী।

এইক্ষেত্ৰত https://www.internationalwomensday.com – এ আন্তৰ্জাতিক নাৰী দিৱস ২০২৫-বৰ্ষৰ বাবে যি বাণী নিৰ্দ্ধাৰণ কৰিছে, তাত আধুনিক সময়ৰ নাৰী-পুৰুষৰ সমতা স্থাপনৰ অনেক দিশ উন্মোচিত হৈছে। ২০২৫ বৰ্ষৰ আন্তৰ্জাতিক নাৰী দিৱসৰ বাবে তেওঁলোকৰ বাণী হৈছে ‘লিংগ সমতাৰ বাবে কাৰ্যপন্থা ত্বৰান্বিত কৰক’ (Accelerate Action for gender equality) এই লক্ষ্যত উপনীত হবলৈ গুৰুত্ব আৰোপ কৰা দিশকেইটা হৈছে-

ক) সামূহিকভাৱে আমি লিংগ সমতাৰ বাবে কাৰ্যপন্থা ত্বৰান্বিত কৰিব পাৰোঁ। এই দিশত আগুৱাই যাবৰ বাবে সমগ্ৰ বিশ্বজুৰি নাৰীক ইতিবাচক দিশেৰে আগুৱাই আনিবলৈ যিমানবোৰ কৌশল, সম্পদ আৰু কাৰ্যপন্থা (strategies, resources, and activity)আছে—সেইবোৰক মান্যতা দি নাৰীৰ সমানতা ত্বৰান্বিত কৰা। লিংগ সমতাৰ দিশত তাৎপৰ্যপূৰ্ণ প্ৰত্যাহ্বান এতিয়াও আছে যদিও বিশ্বৰ সৰ্বত্ৰে নাৰীসকলক আগুৱাই অনাৰ বাবে যিসমূহ কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে,  সেইবোৰলৈ সমৰ্থন প্ৰদান কৰাৰ মাজেৰেও নাৰী সমতাৰ দিশটো ত্বৰাম্বিত কৰিব পাৰি।

খ) বিশ্বজুৰি তৃণমূল পৰ্যায়ৰপৰা দাতব্য সংস্থালৈকে নাৰী-পুৰুষৰ সমানতাৰ দিশত কাম কৰি অহা বিভিন্ন সংগঠন বা অনুষ্ঠানআছে আছে আৰু সেইবোৰক সমৰ্থন কৰাৰ মাজেৰেও নাৰীৰ সমানতাক ত্বৰান্বিত কৰিব পাৰি।

 গ) ব্যক্তি হিচাপেও নাৰীৰ সমানতাক এনেদৰে ত্বৰান্বিত কৰিব পাৰি-

- নাৰীৰ অৰ্থনৈতিক সবলীকৰণক সহায় কৰাৰ মাজেৰে

- কৰ্মত নাৰীক নিয়োগ কৰা আৰু বিভিন্ন প্ৰতিভা বিকশিত কৰাত সহায় কৰাৰ মাজেৰে

- নাৰী আৰু কন্যাসকলক নেতৃত্ব, সিদ্ধান্ত নিৰ্ণয়, ব্যৱসায়, আৰু বিজ্ঞান-কাৰিকৰী-আভিযান্ত্ৰিক-গণিতত(STEM) আগুৱাই অনাৰ মাজেৰে।

- মহিলা আৰু কন্যাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ পৰিকল্পনা আৰু সেইবোৰ বিকশিত কৰাৰ মাজেৰে

-মহিলা আৰু কন্যাসকলক স্বাস্থ্য-সম্পৰ্কে জ্ঞাত হৈ সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰাৰ মাজেৰে

-বহনক্ষম কৃষি আৰু খাদ্য নিৰাপত্তাৰ ক্ষেত্ৰত মহিলা আৰু কন্যাসকলক জড়িত কৰোৱাৰ মাজেৰে

- মহিলা আৰু কন্যাসকলক গুণগত শিক্ষা আৰু প্ৰশিক্ষণ দিয়াৰ মাজেৰে

- ক্ৰীড়াক্ষেত্ৰত মহিলা আৰু কন্যাসকলৰ অংশগ্ৰহণ আৰু কৃতকাৰ্যতাক স্বীকৃতি দিয়াৰ মাজেৰে

- মহিলা আৰু কন্যাসকলৰ সৃষ্টিশীলতা আৰু কলাসুলভ প্ৰতিভা বিকশিত কৰাৰ মাজেৰে

- মহিলা আৰু কন্যাসকলৰ ভবিষ্যতৰ বিকাশৰ ক্ষেত্ৰসমূহলৈ সমৰ্থন দিয়াৰ মাজেৰে

https://www.internationalwomensday.com-ৰ এই বাণীৰ মাজতেই আচলতে সমাজত নাৰী-পুৰুষ সমানে সমানে আগুৱাই যোৱাৰ বেলিকা কৰিবলৈ থকা পৰ্বতসম দিশ আৰু সুৰুঙাবোৰ প্ৰতিফলিত হৈছে। সমাজ আগুৱাই আহিছে, নাৰী সমানতাৰ বিভিন্ন দিশবোৰো সেইদৰে আগুৱাইছে। কিন্তু তথাপিও কৰণীয় এতিয়াও বাকী।

এই সকলোবোৰ ত্বৰান্বিত কৰাৰ বাবে আহক, ৰাষ্ট্ৰসংঘৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সকলোবোৰ ডিজিটেল মঞ্চত হেচটেগ #ForAllWomenAndGirls to spark dialogue and inspire action-ৰ মাজেৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপনৰ খবৰ আৰু বাৰ্তাবোৰ ভগাই লওঁ।


Sunday, 2 March 2025

 

ষ্ট’ৰীটেলিং মেথডলজি (Storytelling methodology)— যি সাংবাদিকতা আৰু সৃষ্টিশীলতাক একেডাল সূতাৰে বান্ধি ৰাখিছে

এগৰাকী মুক্ত সাংবাদিক (Freelance Journalist, Independent Journalist) আৰু এগৰাকী সৃষ্টিশীল জগতৰ লোক (creative writer)—এই দুটা পৰিচিতিৰ ভিতৰত কোনটো বেছি আপোন? এই প্ৰশ্নটো সুধিলে অলপ বিব্ৰত হৈ পৰোঁ। যেতিয়া সাংবাদিকতা আৰম্ভ কৰিছিলোঁ, তেতিয়া গৈ গৈ কোনোবা এটা কেঁকুৰিত গল্প-উপন্যাস লিখিম বুলি কোনো কথা ভবা নাছিলোঁ। সংবাদিকতাৰ বিচিত্ৰ জগতখনতেই ৰোমান্সিত হ’বৰ বাবে অনেক উপাদান আৰু সমল আছিল। সেয়া আছিল নব্বৈৰ দশক। সাংবাদিক হিচাপে যেতিয়া ক্ষেত্ৰবোৰলৈ গৈ বিচিত্ৰ অভিজ্ঞতাৰ সন্মুখীন হ’লোঁ—তেতিয়া সেই বিচিত্ৰ অভিজ্ঞতাৰপৰা জন্ম হোৱা আৱেগ-অনুভুতিবোৰে লগ এৰি নোযোৱা হ’ল। নব্বৈৰ দশকৰ আমি সাংবাদিকতা আকম্ভ কৰা সময়বোৰ আছিল থৰ থৰ উত্তেজনাৰে ভৰা চৰম অনিশ্চিয়তাৰ সময়। সাংবাদিক হবলৈ অহা অনেক তিৰ-বিৰ, প্ৰগলভ ব্যক্তিত্বই এই পৃষ্ঠ এৰি গুচি গ’ল। অনিশ্চিত জীৱন-জীৱিকাৰ সংগ্ৰামত পৃষ্ঠ এৰি গুচি যাবলৈ বাধ্য হ’ল। মাথোন এমুঠিমানেহে পৃষ্ঠ এৰি নিদিলে।

দশকজোৰা গোষ্ঠী-সংঘৰ্ষ, বান-গৰাখহনীয়াত উপান্ত জীৱন, সমগ্ৰ উত্তৰ-পূব ভাৰতৰ অলেখ জাতি-গোষ্ঠীৰ মাজৰ উগ্ৰপন্থীৰ কাৰ্য-কলাপ, উগ্ৰপন্থী দমনৰ নামত হোৱা সোনাৰ অত্যাচাৰৰ সীমাহীন কাহিনীবোৰ কবলৈ যেন কেৱল সাংবাদিকতাৰ নীতি-নিয়মৰ মাজত বান্ধ খাই থকা শব্দবোৰেই যথেষ্ট নাছিল—লাহে লাহে সেই উপলব্ধি হবলৈ ধৰিছিল। জীয়া জীয়া অভিজ্ঞতাবোৰৰপৰা ওলাই আহিছিল গল্পৰ দৰে কাহিনী।গল্প হওক বা নহওক—শব্দবোৰ স্বতঃস্ফূৰ্ত আছিল। গল্প বুলি কবলৈ আচলতে ভয়ে লাগিছিল। কোনোবাই এইবোৰ মানসম্পন্ন গল্প হোৱা নাই, সাংবাদিকতাধৰ্মী গল্পহে হৈছে বুলি কলেও বিশেষ আফচোচ নাছিল। এতিয়াও সাংবাদিক বুলি ক’লে যিমান স্বচ্ছন্দ অনুভৱ কৰোঁ—সাহিত্যিক বুলিবলৈ এটা সংকোচ হয়েই। বৰঞ্চ মানুহৰ কাহিনী কোৱা মানুহ, মানুহৰ কাহিনী লিখিবলৈ ভালপোৱা মানুহ বুলি ক@লেহে নিজৰ ওপৰত বিশ্বাস এটা ওপজে। এনেকৈয়েই গল্প বা উপন্যাস লিখাৰ প্ৰক্ৰিয়া এটাৰ আৰম্ভ হৈছে। সেইবাবেই হয়তো গল্প বা উপন্যাসৰ প্ৰতিটো metaphor অতি ৰূঢ় বাস্তৱৰপৰা উঠি আহিছে।

প্ৰায়েই সন্মুখীন হোৱা এটা প্ৰশ্ন হৈছে এগৰাকী মুক্ত সাংবাদিক (Freelance Journalist, Independent Journalist)  হিচাপে কি কি সমস্যাৰ সন্মুখীন হৈছোঁ। এই প্ৰশ্নটোৰ উত্তৰ দিবলৈও আচলতেই বেয়া পাওঁ। মুক্ত সাংবাদিক হিচাপে কি কি সমস্যাৰ সন্মুখীন হৈছোঁ। হাতৰ মুঠিত আইডেনটিটি কাৰ্ড নথকাকৈ কেনেকৈ ৰিপৰ্টিং কৰোঁ। এয়া সম্ভৱ হয়নে? হয়, সম্ভৱ। কোনোধৰণৰ আইডেনটিটি কাৰ্ড অথবা অনুমতিপত্ৰ নথকাকৈ চিক্কিমৰ চীন-ভাৰত সীমান্তৰ অত্যন্ত স্পৰ্শকাতৰ জংগু-লাচুনৰ দৰে এলেকালৈ গৈ ৰিপৰ্টিং কৰিছো, যিবোৰ ঠাইলৈ যাবলৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ অনুমতিৰ প্ৰয়োজন হয়।সাংবাদিকৰ বাবে নিষিদ্ধ ভাৰত চৰকাৰৰ অধীনৰ কয়লাখনিৰ তললৈও সোমাইছোঁ। কেনেকৈ?এইবোৰ কথা পাতিবলৈহে ভাল লাগে।  

সাংবাদিকতাৰ ক্ষেত্ৰখনত খুব কম এনে শিক্ষাৰ্থী লগ পাওঁ, যিসকলে সোধে-কি সম্ভাৱনা দেখি আপুনি মুক্ত সাংবাদিকতকাক বৃত্তি হিচাপে বাচি ল’লে? সমস্যা বা প্ৰত্যাহ্বানৰ কথা কোৱাতকৈ এগৰাকী শিক্ষাৰ্থীক এইটো প্ৰশ্নৰ উত্তৰ দিবলৈ ভাল লাগে। বাস্তৱৰ অভিজ্ঞতাৰে সৃষ্টিশীল কাম কৰিব বিচৰা  সৃষ্টিশীল সত্তাৰ বাবে মুক্ত সাংবাদিকতাতকৈ আন সম্ভাৱনাময় বৃত্তি থাকিব পাৰেনে?

এই কথাখিনি লিখাৰ উদ্দেশ্য অৱশ্যেই এনেবোৰ প্ৰশ্নৰ উত্তৰ দিয়া নহয়। মুক্ত সাংবাদিকতাৰ জীৱন কাৰোবাৰ বাবে বাধ্য-বাধকতা(compulsion) আৰু কাৰোবাৰ বাবে পছন্দ (choice)। যিকোনো বৃত্তিৰ দৰেই সাংবাদিকতাৰ বৃত্তিটোতো  পিতৃতান্ত্ৰিকতা আছে, বৰঞ্চ ইয়াত অলপ বেছিকৈহে আছে। এটা সময়ৰ পিছত এই ক্ষেত্ৰখনত থকা নাৰী সাংবাদিকসকল suffocation-ত ভোগে।পদোন্নতি, মাতৃত্ব আদিৰ দৰে গুৰুত্বপূৰ্ণ সময়বোৰতেই এই suffocation আৰম্ভ হয়, যেতিয়া তেওঁলোক বঞ্চণাৰ সন্মুখীন হয়। সৌ সিদিনাও অসমৰ ক’ভিদকালীন পৰিবেশৰ দোহাই দি মাতৃত্বৰ পথেৰে আগবঢ়া নাৰী সাংবাদিক এগৰাকীক কামৰপৰা বিতাড়িত কৰাৰ কথা আমি পাহৰি যোৱা নাই। এনে স্পৰ্শকাতৰ সময়তে বহুতেই পূৰ্ণকালীন সাংবাদিকতা এৰি দিয়ে।মুক্ত সাংবাদিকতাৰ পথ বাচি লয়। অথবা আন বৃত্তিলৈ গুচি যায়। অনেকেই হেৰায়ো যায়, অৰ্থাৎ গৃহিণীৰ সীমিত জীৱন যাপন কৰিবলৈ বাধ্য হয়।

কোনোধৰণৰ বাধ্যবাধকতা নহয়, বৰঞ্চ মুক্ত সাংবাদিকতা জীৱনৰ এক পছন্দ হোৱাৰ বাবেই হয়তো মুক্ত সাংবাদিকতাই একধৰণৰ মানসিক সন্তুষ্টি, ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মিডিয়া ফেল’শ্বিপৰ লগতে তেনে পৰ্যায়ৰ এছাইনমেন্টত কাম কৰাৰ সুবিধা প্ৰদান কৰি একধৰণৰ সাহস আৰু আত্মবিশ্বাস দিছে। এজন সাংবাদিকতাৰ বাবে এইবোৰ স্বীকৃতি বা সন্তুষ্টি হয়তো যথেষ্টহ’ব পাৰে। কিন্তু এজন সৃষ্টিশীল লেখকৰ বাবে?যেতিয়াৰেপৰাই সাংবাদিকতাৰ বাবে ক্ষেত্ৰ অধ্যয়নলৈ যাওতে লগ পোৱা চৰিত্ৰবোৰ গল্প-উপন্যাসৰ মাজেৰে কাহিনী হৈ পৰিছে—তেতিয়াৰেপৰাই একধৰণৰ অতৃপ্তি অথবা ক্ষুধাইহে চেতনা গ্ৰাস কৰি ৰাখিছে। সাংবাদিকতা তথ্যভিত্তিক, এখন প্ৰতিবেদন কিদৰে লিখিবলাগে, সেই বিষয়ে নানা নিৰ্দেশনা আছে।

কিন্তু সৃষ্টিশীল সাহিত্য মানে যে সৃষ্টিশীল সাহিত্যই। ইয়াত তথ্যৰ প্ৰয়োগ  আলংকৰিকহে। সাহিত্যৰ ৰসহে সৃষ্টিশীলতাৰ মূল কথা। লগতে চিন্তাৰ নতুনত্ব। অৱশ্যে (নিজৰ ক্ষেত্ৰত) মূল অধাৰটো সাংবাদিকতা। গতিকেই এটা পৰ্যায়ৰ মাজেৰে যাবলগীয়া হয় (বা হৈছিল), নিজস্ব এটা পদ্ধতি বা methodology আহৰণ কৰিবলৈ—যিটো বাট একেবাৰেই সহজ নহয়। কিয়নো এই methodology হব লাগিব নিজা উদ্ভাৱন। গৈ গৈ বিচাৰি পাব লাগিব। এই এই methodologyটোৱেই হৈছে সেই কথা–যি সাংবাদিকতা আৰু সাহিত্যৰ মাজত এক যোগসূত্ৰ হৈ ঠিয় দিছে।

দীৰ্ঘদিনৰ ক্ষেত্ৰ অধ্যয়নৰ অভিজ্ঞতাৰ মাজেৰে মুক্ত সাংবাদিকতাই ৰিপৰ্টিঙৰ লগতে সৃষ্টিশীল সাহিত্যৰ কাম কৰা ক্ষেত্ৰখনতো এটা নিজস্ব methodology আহৰণ কৰিবলৈ কিছুপৰিমাণে সক্ষম কৰি তুলিছে। আচলতে কবলৈ বিচৰা দিশটো এইটোৱেহে। মুক্ত সাংবাদিকতাই কি দিছে? উত্তৰটোও অতি সহজ। এটা নিজস্ব পদ্ধতি বা methodology বিচাৰি পাব পৰাকৈ হয়তোবা উপযুক্ত কৰি গঢ়ি তুলিছে। যিটো methodology একেলগেই  প্ৰয়োগ কৰিব পাৰি ৰিপৰ্টিঙত, আৰু গল্প-উপন্যাসৰ পভূমিতো

এই পদ্ধতি হৈছে storytelling। মুক্ত সাংবাদিকতাই কি দিলে বুলি সুধিলে একে আষাৰে  কৈ দিব পৰা কতাটো হৈছে যে, ই storytelling methodology-টো দিছে। গল্প-উপন্যাসঅভিন্ন অংগ storytelling। কিন্তু সাংবাদিকতাটো storytelling আছে। আচলতে storytelling ক’ত নাই? সাংবাদিকতাৰ মাজেৰেই হওক বা সৃষ্টিশীলতাৰ মাজেৰেই হওক- আমি মানুহক এটা কাহিনী কব পাৰোঁ। অৱশেষত পাঠকে আমাৰপৰা একোটা কাহিনী বিচাৰে। ৰাজনৈতিক ৰিপৰ্টিং, অনুসন্ধানমূলক ৰিপৰ্টিঙৰ লিখনশৈলী(style) অৱশ্যেই বেলেগ। ইয়াৰ বাহিৰতো সাংবাদিকতাৰ এনে কিছু ক্ষেত্ৰ আছে, য’ত সাংবাদিক এজনে storytelling methodology-ৰ সহায়ত ৰিপৰ্টিং কৰাৰ সুযোগ পায়। এনে ৰিপৰ্টিঙত সাংবাদিকে সংবাদ পৰিবেশনা কৰে এটা কাহিনীৰ মাজেৰে। সাংবাদিকজনে এখন নিৰ্দিষ্ট ক্ষেত্ৰলৈ গৈ সেই কাহিনীটো বিচাৰি উলিয়াব লাগিব—যিটো কাহিনী এ্টা সামগ্ৰীক প্ৰেক্ষাৰ প্ৰতিনিধি। সেই নিৰ্দিষ্ট case study টো বিচাৰি পাবগৈ লাগিব। তাৰ বাবেই তেওঁ অত সাধনা ।

কেনেকৈ পোৱা যায় একোটা case study ? ২০১০চনত এজনী ১০ বছৰীয়া বিড়ি শ্ৰমিকত লগ পাইছিলোঁ ধুবৰীত। স্কুললৈ যোৱাৰ আগতে আৰু স্কুলৰপৰা আহি আঙুলিৰ পাবত বিডি় পকাই থৈ যাব লাগে। এনেকৈ দিনে তিনিশমান বিড়ি পকায়। সৰু আঙুলিৰ জোখবোৰ একো একোটা বিড়িৰ বাবে পাত পকাবলৈ উপযুক্ত বুলি গণ্য কৰা হয়। তাতেই ধঁপাতৰ পাতৰ গুৰা সুমুওৱা হয়। এনেকৈ গোটেই পৰিয়ালটোৱে দিনটো কাম কৰিলে এহেজাৰ বিড়ি বনাব পাৰে। সেই সময়ত এহেজাৰ বিড়ি বনালে পৰিালে ৩৮ টকা পাইছিল। এই কণমানি ছোৱালীজনী শিশু-শ্ৰমিক আইনৰ আওতাত পৰিবনে নাই? এজন সাংবাদিকতাৰ বাবে ৰিপৰ্টিঙৰ এইটোৱেই মূল কথা। কবলৈ গ’লে ই এটা সফল casestudy। বিড়ি-শ্ৰমিকসকলৰ ঘৰে ঘৰে এনে শিশুসকলে বিড়ি পকাব লাগে। গতিকেই তাইৰ কাহিনীটো প্ৰতিনিধিত্বমূলক। এই ছোৱালীজনীৰ বিষয়ে ৰিপৰ্টিং কৰোঁতে এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ জৰিয়তে ১৪ খন দেশলৈ কাহিনীটোৱে প্ৰসাৰ লাভ কৰিছিল।

কোকৰাঝাৰত গোষ্ঠী সংঘৰ্ষত উপানন্ত আদিবাসী মাতৃ এগৰাকীক লগ পাইছিলোঁ। মাতৃয়ে নিজৰ ৰা সন্তানক পঢ়াওৱাৰ স্বাৰ্থত জীয়ৰিক দিল্লীৰ পতিতালয়ৰ দালালৰ হাতত তুলি দিবলৈ ওলাইছিল। ছোৱালীজনীৰ সৌভাগ্যই হওক, বা মাতৃৰ দুৰ্ভাগ্যই হওক  দালালটো পুলিচক হাতত ধৰা পৰিল। এনে অৱস্থাত খঙত টিঙিৰি তুলা হৈ থকা মাতৃগৰাকী আছিল এটা অনুপম case study, যিটো বিচাৰি বিচাৰি পাইছিলোঁগৈ  

এতিয়া কথাটো হৈছে এই case study-বোৰ কেনেকৈ বিচাৰি পোৱা যায়! ইয়াৰ কোনো উত্তৰ আচলতে নাই। এই কথাটো লেখক-সাংবাগদিকৰ বাবে অতিকৈ গোপনীয়। তেওঁ নকয়। সাংবাদিকজনে বা সৃষ্টিশীল লোকজনে আনৰ আগত কৈ নিদিয়ে কিদৰে তেওঁ কাহিনীটো বা casestudy-টো বিচাৰি পালেগৈ। কিন্তু আপুনি সেই কাহিনীটো বিচাৰি পাবগৈ লাগিব, যিটো কাহিনী একেবাৰেই নতুন। তদুপৰি সি এটা organic কাহিনী। যি কাহিনী পাঠকে আগতে শুনা নাই।  যি কাহিনীয়ে পাঠকক আচ্ছন্ন কৰি পেলাব বুলি আপুনি পতিয়ন গৈছে।

অৱশেষত সকলোৱেই বিচাৰে এটা কাহিনী। শুনিবলৈ খোজে। পঢ়িবলৈ খোজে। মজি থাকিব খোজে কাহিনীত। কবিতাটো storytelling আছে। নীলমনি ফুকনৰ সন্ধিয়াৰ দেও লগা ল’ৰাটো, মুঠি মুঠিকৈ কাটি তোৰ ঢেঁকীয়া আঙুলিৰ দৰে কবিতা অতি উচ্চপৰ্যায়ৰ storytelling। এনে storytelling-ত এচমকা জীৱনে সমগ্ৰ জীৱনৰ কথা কবলৈ সক্ষম হয়।সি হৈ উঠে সমূহৰ প্ৰতিনিধি।  সংগীতৰ জগততো আছে অনন্য storytelling। যি গীতৰ lyrics-এটা অনুপম storytelling গাঁঠি দিব পাৰি, সি যুগমীয়া হৈ উঠিবলৈ বাধ্য। সেইবাবেই শীতৰে সেমেকা ৰাতি, পৰহি পুৱাতে, প্ৰশান্ত-অনামিকা, সোণজিৰা মাহীৰ হাঁহি- সংগীতৰ এই storytellingবোৰ চিৰসেউজ। শুনি শুনি আমনি নালাগে।

যিদিনাই এই storytelling methodology বিচাৰি পালোঁ—যিটো সাংবাদিকতা বা সাহিত্য দুয়োটাৰ বাবেই উপযুক্ত হোৱা যেন অনুভৱ হ’ল—সেইদিনাই যেন এক নতুন জীৱনৰো সন্ধান পাইছিলোঁ।  

তাতো কিন্তু প্ৰত্যাহ্বান আছে। পাঠকে বা শ্ৰোতাই সদায় এটা নতুন, প্ৰাণোদ্দীপক, ৰোমান্সকৰ কাহিনীহে শুনিব। আপুনি সদায় এটা নতুন কাহিনী নতুন ধৰণে সজাই-পৰাই কব লাগিব। আপোনাৰ পাঠকে বা শ্ৰোতাই আপুনি পুৰণা হৈ যোৱাটো নিবিচাৰে—আপোনাৰ পুৰণা হৈ পৰা শব্দবোৰ মেটাফ’ৰবোৰ (metaphor) গ্ৰহণ নকৰে। এইটোৱেই তেওঁলোকৰ আব্দাৰ আৰু আপোনাৰ বাবে প্ৰত্যাহ্বান বা চেলেঞ্জ। অৱশেষত এইটোৱেই এজন সৃষ্টিশীল লোকৰ হাতৰ মুঠিত থকা যাদু বা মেজিক। আপুনি এটা পুৰণা কাহিনী কব নোৱাৰে। শুনি শুনি বিৱৰ্ণ হৈ পৰা এটা পুৰণা case study সাংবাদিকতা, সাহিত্য, বা সংগীতৰ জগতলৈ লৈ আহিব নোৱাৰে। এই কামটো আপুনি কিদৰে কৰিব? কিদৰে নিজকে সদায় নতুন কৰি ৰাখিব? কিদৰে নতুন নতুন ক্ষেত্ৰ বিচাৰি উলিয়াব? কিদেৰ নিজকে উজ্জীৱিত কৰি ৰাখিব চিন্তাৰ অভিনৱত্বৰে?

ইয়াৰ ওপৰতেই আপুনি কিমান দূৰলৈ দৌৰিব, সেইটো নিৰ্ভৰ কৰিব। 

আৰু এটা কথা। সাংবাদিকতা যিদৰে ইয়াৰ নিজস্ব সীমাৰে আৱদ্ধ, সেইদৰেই সৃষ্টিশীল জগতখনৰো নিজস্ব পৰিসীমা আছে। এটা ক্ষেত্ৰৰ storytelling আহি আন এটাত বহি যাব নোৱাৰে। তেতিয়া পাঠক বিভ্ৰান্ত হব। আৰু পাঠকক বিভ্ৰান্ত কৰাৰ অধিকাৰ আমাৰ নাই।

শেষৰ কথাটো হৈছে— প্ৰকাশিত গল্পই,  উপন্যাসে কেতিয়াবা সন্তুষ্টি প্ৰদান কৰিছেনে? মুঠেও কৰা নাই। কিন্তু এই সন্তুষ্টি বা অসন্তুষ্টিৰ কথা ভাবিবলৈ আহৰি ক’ত? ভবা মতে লিখি উলিয়াব নোৱাৰিলে, মেটাফৰবোৰ নতুন চিন্তাৰে শক্তিশালী কৰিব নোৱাৰিলে মনলৈ হতাশা অহা স্ববাৱিক। কিন্তু এই  হতাশাই ক্ষেত্ৰ এৰি যাবলৈও নকয়, পৃষ্ঠ এৰি দিবলৈও নকয়। পৰৱৰ্তী গল্প বা উপন্যাসৰ বাবে case study এটা বিচাৰি ঘৰৰপৰা ওলাই যাবলৈহে সকিয়াই দিয়ে।

আমাৰ শব্দবোৰে পাঠকৰ হৃদয়লৈ খোজকাঢ়ে। লেখক-সাংবাদিকে শব্দবোৰক যিমানেই শক্তি দিব, সেইবোৰে সিমান কোবেৰে পাঠকৰ হৃদয়লৈ গতি কৰিব। প্ৰতিজন সৃষ্টিশীল লোকে তেওঁৰ শকতিৰ জোখাৰে এমুঠি পাঠক পায়। এমুঠি সহৃদয়, উজ্জীৱিক পাঠক পোৱাৰ সমান আনন্দ আন একোৱেই দিব নোৱাৰে। আচলতে সহৃদয় পাঠকেহে সৃষ্টিশীল জগতৰ লেখকক জীয়াই ৰাখে।

 

Wednesday, 12 February 2025

 

প্ৰতিভা ভাগৱতীৰ গল্পকলা




        গল্প কোৱাটো এটা জটিল কলা। কাব্যৰ প্ৰাথমিক ভাষা অন্তৰৰ সাৱলীল প্ৰকাশ বুলি যদি ধৰা যায়, তেনেহ’লে গল্পৰ নিৰ্মাণেই কবিতা বা উপন্যাসৰ তুলনাত আটাইতকৈ জটিল কলা বুলি ক'ব লাগিব। ইয়াত এগৰাকী সৃষ্টিশীল লোকৰ নিৰ্মাণৰ স্বাধীনতা কাব্য বা উপন্যাসতকৈ কম—সীমিত দৈৰ্ঘ্যৰ ভিতৰতে মেদহীনভাৱে নিজৰ বক্তব্য কৈ কাহিনী এটাৰে পাঠকক ধৰি ৰখাটো তেনেই সহজ কথা নহয়।

        অসমৰ যিসকল গল্পকাৰে গল্প লিখাৰ কামটোত একাণপতীয়াকৈ লাগি আছে আৰু পাঠকৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে, সেইসকলৰ ভিতৰত প্ৰতিভা ভাগৱতী অন্যতম। কাকত-আলোচনীত তেখেতে নিয়মীয়াকৈ গল্প লিখি আহিছে আৰু সেইবোৰে পাঠকৰ অন্তৰ স্পৰ্শ কৰিছে। তেখেতৰ গল্পবোৰে পাঠকৰ অন্তৰ কিয় স্পৰ্শ কৰিছে, সেই কথা বুজি পাবলৈ হ’লে তিনিটা দিশ পৰিস্কাৰ হৈ পৰে। এইকেইটা হৈছে—গভীৰ সামাজিক প্ৰেক্ষাপটৰপৰা তুলি অনা বিষয়, বিষয়বস্তুৰ ভিন্নতা আৰু গল্পৰ মেদহীন ভাষা।

          প্ৰতিভা ভাগৱতী এগৰাকী তৰুণ প্ৰজন্মৰ প্ৰতিনিধি। এগৰাকী তৰুণ প্ৰজন্মৰ প্ৰতিনিধি হৈয়ো তাৰুণ্যৰ আৱেগক কঠোৰভাৱে জয় কৰি গভীৰ সামাজিক প্ৰেক্ষালৈ যোৱাৰ লগতে নিৰ্মেদ কথনৰ শৈলীৰ বাবে তেখেতে নিৰৱচ্ছিন্নভাৱে যি কষ্টসাধ্য প্ৰচেষ্টা  কৰি আহিছে—সি আমাৰ দৰে লোকক আশ্বস্ত কৰিছে। আচলতে অসম, উত্তৰ-পূৰ্বাঞ্চল বা সমগ্ৰ ভাৰতবৰ্ষই তৃতীয় বিশ্বৰ এখন দেশ হোৱাৰ বাবেই আমাৰ ইয়াত সামাজিক বিষয়ত সাহিত্য সৃষ্টি কৰিব পৰা মেটমৰা সম্ভাৰৰ অভাৱ নাই। এই বিষয়বোৰ অত্যন্ত স্পৰ্শকাতৰ আৰু সেইবোৰে সাহিত্যৰ পাতলৈ উঠি অহাৰ প্ৰাসংগিকতা দাবী কৰে। অথচ বহুতেই বিষয়বস্তু বিচাৰি হাহাকাৰ কৰি অৱশেষত তৰাং আৱেগক প্ৰাধান্য দি পথভ্ৰষ্ট হোৱা দেখা যায়। সুখৰ কথা এয়ে যে, প্ৰতিভা ভাগৱতীয়ে এনে সীমাবদ্ধতাক অতিক্ৰম কৰি গভীৰ সামাজিক বিষয়বোৰলৈ দৃষ্টি নিক্ষেপ কৰিছে। এইবাবেই প্ৰতিভা ভাগৱতীৰ গল্পবোৰৰ যিসমূহ চৰিত্ৰ সেইবোৰ সংগ্ৰামী। যি চৰিত্ৰই সংগ্ৰাম কৰি জীয়াই থাকে—সেই চৰিত্ৰৰ থাকে ক'বলৈ এসাগৰ কাহিনী। জীৱন-জীৱিকাৰ নিৰন্তৰ সংগ্ৰামত মানৱতাৰ হাত ধৰি আগুৱাই গৈ থকা চৰিত্ৰবোৰেই তেওঁৰ প্ৰিয়। ই সাহিত্যৰ কল্যাণমূলক দিশলৈ থকা প্ৰতিভা ভাগৱতীৰ হাবিয়াসৰেই নামান্তৰ। তেওঁৰ গল্পৰ চৰিত্ৰবোৰ আমাৰ বাবে চিনাকি হৈও অচিনাকি। সেইবোৰ আমাৰ চকুৰ সন্মুখতেই থাকে—অহা-যোৱা কৰে। জীৱন-জীৱিকাৰ সংগ্ৰামে তেওঁলোকক অহৰ্নিশে ব্যস্ত কৰি ৰাখে আৰু তাৰ মাজেৰেই জীৱন সুন্দৰ কৰিব বিচাৰে। পোৱা-নোপোৱাৰ হিচাপ ল'বলৈ তেওঁলোকৰ আহৰি নাই। অথচ সেইবোৰ যেন অদৃশ্য, কিয়নো সেইবোৰে প্ৰায়েই সমাজৰ  নিম্নত বাস কৰে।সেইবাবেই আমাৰ উপৰুৱা চকুৱে সেইসকলক ইচ্ছাকৃতভাৱেই যেন অৱহেলা কৰে। জনপদৰ ছন্দৰ এই অদৃশ্যতাক দৃশ্যমান কৰি তোলাতোও গল্পকাৰৰ মহান কৰ্তব্য।

          এই কৰ্তব্য পালন কৰিবলৈ যোৱাটো কিন্তু অতি প্ৰত্যাহ্বানমূলক। সংগ্ৰামী চৰিত্ৰবোৰ অত্যন্ত সংবেদী। এই সংবেদনাক চিনি পোৱাটো আৰু সন্মান কৰিবলৈ শিকাটো গল্পকাৰৰ প্ৰাথমিক দায়িত্ব। এনে একোখন ফিল্ডৰপৰা বিষয় এটা বা চৰিত্ৰ এটা তুলি আনোঁতেও বহুতো সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়। আমি যি দেখোঁ, বা যি শুনো—সেই সত্যৰ আঁৰতো অনেক সত্য থাকে। কেতিয়াবা আমি আনে দেখুৱাবলগীয়াখিনিহে দেখোঁ, প্ৰকৃত সত্যক তেওঁলোকে যিদৰে চাবলৈ কয়, সেইখিনিহে চাওঁ।সত্যক ঢাকি ৰখাৰ তৰপবোৰৰ এই দেওনাবোৰ চেৰাই গৈ প্ৰকৃত সত্যৰ সন্ধান কৰিবলৈ যাওঁতে অধ্যয়ন, অন্তৰ্দৃষ্টি—এই সকলোবোৰ আহিলাৰ হাত ধৰিব লাগিব। এইটো ভাল লগা কথা যে, প্ৰতিভা ভাগৱতীয়ে সংঘাতজৰ্জৰ উত্তৰ-পূব ভাৰতৰ গোষ্ঠী সংঘাতৰ দৰে জটিল বিষয়ক গল্পৰ পাতলৈ তুলি আনিছে। এনে বিষয় যেতিয়া সাহিত্যলৈ আহে, তেতিয়া অনেক সংবেদনশীল কথালৈ দৃষ্টি নিক্ষেপ কৰিবলগীয়া হয়। আমাৰ পৰ্যবেক্ষণ আৰু চেতনাই গোষ্ঠীজীৱনৰ তৰাং সত্যকহে প্ৰকাশ কৰিলে নেকি? সত্যৰ আঁৰৰ সত্যবোৰ ক'ৰবাত উপেক্ষিত হৈ ৰৈ গ’ল নেকি? এনে অনেক প্ৰশ্ন উঠি আহিব পাৰে। নিৰ্দিষ্ট গোষ্ঠীজীৱন বিষয়ক অধ্যয়নৰ লগতে আমি চাব লাগিব গোষ্ঠী-সংঘাতৰ আধাৰত লিখা কোনবোৰ গল্প শ্ৰেষ্ঠ? মানুহৰ পক্ষ লৈ, সকলো সংকীৰ্ণতাৰ উৰ্ধলৈ গৈ লিখা গল্পবোৰেই শ্ৰেষ্ঠ নহয়জানো? লগতে লাগিব নতুনত্বও। এগৰাকী যৌনকৰ্মীৰ জীৱন বিষয়ক অনেক কথাই সাহিত্যত কোৱা হৈ গৈছে। তথাপিও তেনে লোকৰ মনৰ অতল গভীৰৰ অনেক কথা এতিয়াও কোৱা হোৱা নাই।  তেতিয়াহ’লে তেনে যৌনকৰ্মী এগৰাকীৰ কথা সাহিত্যলৈ তুলি আনোতে আমাৰ লক্ষ্য হ’ব লাগিব কোনবোৰ দিশ আন্ধাৰৰপৰা পোহৰলৈ আমি তুলি আনিম-যিবোৰ পাঠকৰ বাবে এতিয়াও অজানা? সাহিত্যৰ গভীৰ দিশবোৰ স্পৰ্শ কৰা মহৎ সাহিত্যৰ অধ্যয়নে এই কথাবোৰলৈ পুংখানুপুংখভাৱে দৃষ্টি দিবলৈ আমাক শিকায়। আচলতে এইবোৰ গল্প লিখাৰ বাটৰ নিৰৱচ্ছিন্ন শিকণৰ প্ৰক্ৰিয়া। সাহিত্যক গভীৰভাৱে লোৱাসকলে আগবাঢ়ি গৈ থকাৰ বাটে বাটে এনে কথাও শিকি গৈ থাকে।শিকাৰ অন্ত হ’ল বুলি ভাবি ল’লেহে গল্পকাৰৰ উত্তৰণৰ পথ বন্ধ হৈ যায়।

এই উত্তৰণেই মূল কথা। প্ৰতিভা ভাগৱতীয়ে এই উত্তৰণৰ দিশেৰে গৈ অসমীয়া গল্পসাহিত্যক অধিক সমৃদ্ধ কৰক, তাকেই কামনা কৰিছোঁ। নিৰ্মেদ কথনেই তেওঁৰ গল্পসাহিত্যৰ  আটাইতকৈ আকৰ্ষণীয় দিশ। অৱশ্যে শৈলী অথবা জীৱনৰ গভীৰতাক স্পৰ্শ কৰিবলৈ আমি বহু সাধ্য-সাধনা কৰিবলগীয়া হয়। তেখেতলৈ অজস্ৰ শুভকামনা।