Friday 14 June 2024

 

 লোপামুদ্ৰা ভট্টাচাৰ্ৰ  ‘সুহৃদ’ৰ বিষয়ে



 

সাহিত্যৰ কিছুমান কাম কেতিয়াবা একধৰণৰ দায়িত্বৰ দৰে হৈ পৰে। লোপামুদ্ৰা ভট্টাচাৰ্য এগৰাকী লেখক আৰু শিক্ষক। মূলতঃ গল্পলেখক লোপামুদ্ৰা ভট্টাচাৰ্যই ক’ভিদ অতিমাৰীৰ সময়তে এটা self assigned কৰ্তব্য সমাপণ কৰিছিল শিক্ষক জীৱনৰ অভিজ্ঞতাৰে। যাৰ ফলশ্ৰুতি হৈছে  ‘সুহৃদ’ নামৰ কৈশোৰ মনঃস্তত্ব বিষয়ক তেওঁৰ শেহতীয়া উপন্যাসখন।

ক’ভিদ অতিমাৰীৰ সময়ত সমগ্ৰ বিশ্বৰ মানৱজাতি ভয়ংকৰ অভিজ্ঞতাৰ মাজেৰে পাৰ হৈছিল। এটা বীজাণুৰ সন্মুখত অসহায় মানৱজাতি, বিভিন্ন দেশৰ শসকবৰ্গই ৰছনা কৰা ঘৃণাৰ ৰাজনীতি, কোৱাৰেনটিনকালৰ থাউনি হেৰুৱাই প্ৰব্ৰজিত শ্ৰমিকে কৰা অন্তহীন যাত্ৰা, মাহৰ পিছত মাহ ধৰি ঘৰৰ ভিতৰত আৱদ্ধ হৈ পৰা জীৱন—এই সকলোবোৰ অনাহুত অভিজ্ঞতা সৃষ্টিশীল লোকসকলে নিজৰ নিজৰ কামেৰে ধৰি ৰাখিবলৈ নানা প্ৰচেষ্টা হাতত লৈছিল। এই সময়তে লোপমুদ্ৰা ভট্টাচাৰ্যই নিৰলে কৈশোৰ মনঃস্তত্ব আৰু ক’ভিদকালীন অভিজ্ঞতাক লৈ লিখি উলিয়ালে এখন মৰ্মস্পৰ্শী উপন্যাস—যাৰ নাম ‘সুহৃদ’।

কবলৈ গ’লে, নামটোৱেই আচলতে উপন্যাসখনৰ বিষয়ে বহু কথা কৈ পেলাইছে। সেই অতিমাৰীৰ সময়ত হঠাতেই বিদ্যালয়বোৰ বন্ধ কৰি দিয়া হ’ল। অনলাইন পাঠ্যক্ৰম নামৰ এবিধ তেনেই অচিনাকি পাঠ্যক্ৰমৰ মাজত বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছ্ত্ৰীসকল সোমাই পৰিল। এটা স্মাৰ্ট ফোন, নেট পেক্  সকলোৰে বাবে আৱশ্যকীয় হৈ পৰিল। এখন চৰকাৰী বিদ্যালয়ত কৰ্মৰত  শিক্ষয়িত্ৰী হিচাপে এই নতুন ব্যৱস্থাই কৈশোৰৰ বয়ঃসন্ধিৰ সময়চোৱাত, বিশেষকৈ চৰকাৰী বিদ্যালয়ৰ আৰ্থিকভাৱে পিচপৰা শিক্ষাৰ্থী আৰু অভিভাৱকক কেনেদৰে জীৱন-জীৱিকাৰ যুদ্ধৰ লগতে অতিৰিক্তভাৱে আন সমস্যাৰ মাজলৈ ঠেলি দিব পাৰে, সেই কথা লোপামুদ্ৰা ভট্টাচাৰ্যৰ দৰে আন কোনে ভালকৈ বুজিব?

কিন্তু কেৱল ক’ভিদৰ সমস্যাই মূল কথা নহয়। কিশোৰ প্ৰজন্মই এই সময়তে সন্মুখীন হয় শাৰীৰীক পৰিবৰ্তন আৰু মানসিক পৰিবৰ্তনৰ বুজিব নোৱাৰা সমস্যাবোৰৰ। আহে প্ৰেমৰ অনুভূতিও। বয়সে বান্ধোন নামানে। কিন্তু পৃথিৱী জোঁকাৰি যোৱা এক ভয়ংকৰ মানৱিক বিপৰ্যয়য়ে আনসকলৰ লগতে কিশোৰ প্ৰজন্মকো ঘৰ চাৰিবেৰত আৱদ্ধ কৰি পেলাইছে। সংকীৰ্ণ কৰি আনিছে তেওঁলোকৰ পৃথিৱী। এই বান্ধোনৰ ভয়াবহতা আচলতে উপলব্ধি কৰাও এক কঠিন কাম। সেয়েহে হয়তো উপন্যাসখন উচৰ্গা কৰা হৈছে ২০২০ চনৰ দশমমানৰ শিৰক্ষাৰ্থীসকলৰ হাতত-তেওঁলোকে জীৱনত প্ৰথমবাৰৰ বাবে এটা গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হবলৈ প্ৰস্তুতি চলোৱাৰ সময়তে আহি পৰা এই দুৰ্যোগে এই বিশেষ শিক্ষাৰ্থীসকলক যথাৰ্থতেই এক উদ্বিগ্নতাৰ মাজলৈ ঠেলি দিছিল। যিসকল আৰ্থিকভাৱে পিচপৰা, তেওঁলোকৰ বাবে এই উদ্বিগ্নতা আছিল আৰু  বেছি। বহু সমত কৈশোৰকালৰ উদ্বিগ্নতাৰপৰা অহা আচৰণবোৰ পিতৃ-মাতৃয়েও সঠিকভাৱে উপলব্ধি কৰিবলৈ অপাৰগ হৈ পৰে। তেনে সময়ত সময়তে এগৰাকী শিক্ষকৰ এখন সহানুভুতিশীল হাতে কৈশোৰৰ জটিল জীৱনত কিদৰে যাদুৰ পৰশ দিব পাৰে, তাৰ হৃদয়স্পৰ্শী বিৱৰণী ‘সুহৃদ’ত আছে। অৱশ্যে এই যাদুৰ পৰশ শূন্যৰপৰা আহৰিত নহয়, ইয়াৰ বাবে প্ৰয়োজন হয় একোখন মৰমী, স্পৰ্শকাতৰ হৃদয়ৰ। কবলৈ গ’লে অনেক শিক্ষকেই শিক্ষাৰ্থীক পঢ়ায়—কিন্তু  কোনো কোনো শিক্ষকে শিক্ষাৰ্থীৰ অন্তৰখনো পঢ়ি পেলায়, নিজৰ সন্তানৰ দৰেই অনুভৱ কৰে তেওঁলোকৰ প্ৰতি দৰদ। তেওঁ হৈ উঠে মমতাময়ী মাতৃ।  

গল্পই হওক বা উপন্যাস—সংবেদী হৃদয়,স্পৰ্শকাতৰতা আৰু গভীৰ মানৱিক অনুভুতিয়েই আচলতে লোপামুদ্ৰা ভট্টাচাৰ্যৰ সাহিত্যৰ কালিকা শক্তি। চৌপাশৰ সমাজখন, তাত বাস কৰা মানুহবোৰৰ প্ৰতি তীক্ষ্ণ অনুসন্ধিৎসাৰে তেওঁ সাহিত্যৰ ভেটি নিৰ্মাণ কৰে। বহুসময়ত তেওঁৰ গল্পৰ পঠনে আমাৰ স্নেহ দেৱীৰ গল্পবোৰলৈ মনত পেলায়-য’ত মানুহৰ মনৰ বিচিত্ৰ অনুভুতিৰ আস্বাদে আমাৰ আচৰিত কৰি থৈ যায়।

পূৰ্বৰ অভিজ্ঞতাৰ বিপৰীতে ‘সুহৃদ’ত তেওঁ কিন্তু এক প্ৰত্যাহ্বান গ্ৰহণ কৰিছে। এই প্ৰত্যাহ্বান কিশোৰ মনঃস্তত্বক লৈ উপন্যাস সৃষ্টিৰ, তাকো ক’ভিড অতিমাৰীৰ দৰে ভয়ংকৰ মানৱিক অভিজ্ঞতাৰ সন্মুখত থাউনি হেৰুওৱা এজাক কিশোৰক লৈ—এয়া সহজ কথা নহয়। সকলোৰে বাবে সুখপাঠ্য যদিও, মূলতঃ যিসকলে এই অভিজ্ঞতা পাৰ কৰি গৈছে, তেওঁলোকেই হয়তো ‘সুহৃদ’ উপন্যাসৰ শব্দবোৰৰ মাহাত্ম্য আটাইতকৈ ভালকৈ বুজিবলৈ সক্ষম হ’ব। উপন্যাসখনৰ পঠনে কয়, লোপামুদ্ৰা ভট্টাচাৰ্য এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী হোৱাৰ বাবেই হয়তো এনে এখন হৃদয়স্পৰ্শী উপন্যাস দায়বদ্ধতাৰে লিখি পাঠকৰ সন্মুখলৈ আগবঢ়াই দিবলৈ সক্ষম হৈছে।

এই সকলোবোৰৰ মাজতে অৱশ্যে এটা কথা কব লাগিব। লোপামুদ্ৰা ভট্টাচাৰ্যৰ সাহিত্য পঢ়িলে ভাৱ হয়—পাণ্ডুলিপি অৱস্থাত নিজাকৈ আৰু এবাৰ সম্পাদনা কৰিবলৈ তেওঁ যদি অলপ সময় উলিয়াব পাৰিলেহেঁতেন! ‘সুহৃদ’ৰ বেলিকাও কিছু পৰিমাণে এই কথা কব পাৰি। কৰ্মজীৱি নাৰী লেখকৰ এয়া এক সমস্যা যে চাকৰি, ঘৰ-সংসাৰ, সন্তানৰ লালন-পালনৰ লগে আন সামাজিক কামৰ ব্যস্ততাই সাহিত্যৰ বাবে দিবলগীয়া প্ৰয়োজনীয় সময়খিনিৰ অনেক অংশ কাঢ়ি লৈ যায়। কিন্তু এই প্ৰত্যাহ্বান গ্ৰহণ কৰি নিজৰ উত্তৰণ তেওঁ ঘটাবই লাগিব, অন্যথা সৃষ্টি স্থবিৰ হৈ পৰিব। সেইবাবেই এগৰাকী নাৰী লেখকৰ বাবে হয়তো জীৱনৰ দ্বিতীয় ইনিংছটি অতি গুৰুত্বপূৰ্ণ হৈ পৰে-যি সময়ত তেওঁ সন্তানৰ লালন-পালন, নিজকে প্ৰতিষ্ঠা কৰা যুঁজ-বাগৰবোৰৰপৰা কিছুপৰিমাণে মুক্ত হৈ পৰে।

এই সকলোবোৰৰ প্ৰেক্ষাত এক নিৰ্দিষ্ট দৃষ্টিৰে ‘সুহৃদ’ক এক বিশেষ সময়ৰ দলিল হৈ ৰব বুলি নিসন্দেহে কব পাৰি। বিশ্বজোৰা এক জটিল সংকটৰ সন্মুখত কিশোৰ মনঃস্তত্ব বিষয়ক এনে এখন উপন্যাস আমাক উপহাৰ  দিয়াৰ বাবে তেওঁক ধন্যবাদ দিবই লাগিব। বিশেষকৈ অসমীয়া ভাষাক লিখা এই উপন্যাসখনে সময়ক ধৰি ৰখাৰ ইস্পিত লক্ষ্যত উপনীত হোৱাৰ প্ৰত্যাশা স্বভাৱিকতেই পূৰণ কৰিছে।  তেওঁলৈ শুভকামনা। চৰৈৱতী।

 ১৪-০৬-২০২৪

Thursday 13 June 2024

 


বাসন্তী বজাৰৰ গল্পবোৰ 



সমকালীন অসমীয়া সাহিত্যৰ জগতখনলৈ চালে বহু সময়ত ভাৱ হয়, সাহিত্যই প্ৰকৃতাৰ্থত যেন appreciation হেৰুৱাইছে। সামাজিক মাধ্যমত এতিয়া গল্প বা কবিতা এটা পঢ়ি ভাল লাগিল বুলি কবলৈও বিপদ। ফে’ইক একাউণ্টৰপৰা অজান মৌলবাদীৰ ফটোৱা আহি পৰে। কবি, গল্পকাৰ অথবা উপন্যাসিকসকল-যিসকলৰ মুষ্টিমেয়েকইজনে গভীৰ সামাজিক প্ৰেক্ষাৰপৰা কথা কবলৈ চেষ্টা কৰিছে, তেওঁলোকৰ বাবেও যেন উপযুক্ত হাত এখনৰ অভাৱ। এষাৰ অন্তৰভৰা প্ৰেৰণাৰ অভাৱ।  যি কি নহওক, কমকৈ হ’লেও কিছু সংখ্যকে ব্যতিক্ৰমী উপস্থাপনাৰে সাহিত্যৰ আংগিক, কলা-কৌশলৰ বেলিকা নিৰৱচ্ছিন্নভাৱে একধৰণৰ গম্ভীৰ প্ৰয়াস অব্যাহত ৰাখিছে আৰু তেওঁলোকৰ সৃষ্টিৰাজিৰ appreciate কৰাটো দোষৰ কথা নহয় বুলিয়েই ভাৱোঁ।

চৌপাশৰ সমাজৰ চলমান কাৰকবোৰৰ খুঁটি-নাটিলৈ তীক্ষ্ণতাৰে নজৰ দি গভীৰ পৰ্যবেক্ষণৰপৰা নিজা এক আকৰ্ষণীয় গল্পভাষা নিৰ্মাণ কৰিবলৈ বিচৰা এজন গল্পকাৰ হৈছে অজয় কুমাৰ ৰায়। তেখেতৰ দ্বিতীয়খন গল্পসংকলন ‘বাসন্তী বজাৰ’ৰ গল্পসমূহলৈ মন কৰিলেই চিৰিয়াছ গল্প কোৱাৰ  হাবিয়াস পুহি ৰখা গল্পকাৰজন অনায়াসে বিচাৰি পাব পাৰি।

কবলৈ গ’লে চৰিত্ৰবোৰ, কাহিনীটো আৰু বিশেষকৈ এক শৈল্পিক গল্পভাষা তেওঁৰ গল্পৰ অন্যতম আকৰ্ষণীয় দিশ। অতি কম গল্পতহে এনে  নিটোল, নিৰ্মেদ, ভাষাশিল্প দেখা পায়। আৰু এটা কথা- তেওঁৰ গল্পৰ প্ৰায়বোৰ চৰিত্ৰ voiceless, সেইবোৰে নিজৰ কথাবোৰ কবলৈ, বক্তব্য উপস্থাপন কৰিবলৈ একোটা কণ্ঠ বিচাৰে, এজন প্ৰতিনিধি বিচাৰে।  যিসকলে এই কামটো কৰিবলৈ যায়, তেওঁলোক কিমান পৰিমাণে দায়বদ্ধ হ’ব লাগে, সেই কথাও গল্পকাৰে নিজেই উপলব্ধি কৰে—কিয়নো তেওঁ মাথোন গল্পকাৰ নহয়, এজন representative-ও।  

বোধহয় সেইবাবেই অজয় কুমাৰ ৰায়ৰ বহু চৰিত্ৰ উঠি আহিছে অদৃশ্যতাৰপৰা। ‘হিতাধিকাৰী’ গল্পৰ মদনৰ দৰে চৰিত্ৰ সমাজত প্ৰায় অদৃশ্য। কিন্তু সেইবুলি এই মানুহবোৰ সংখ্যালঘূ নহয়, বৰঞ্চ সমাজত তেনে মানুহৰ সংখ্যাই বেছি। অথচ চকুৰ আগতে থাকিলেও এই মানুহবোৰে চেঁচুকত, বা এন্ধাৰত বিচৰণ কৰাৰ দৰে থাকে বাবে প্ৰায়েই এনে মানুহবোৰ দেখিবলৈ পোৱা নাযায়।  অজয় কুমাৰ ৰায়ে গল্পৰ মাজেৰে তেওঁ নিষ্ঠাৰে এই কামটো কৰিবলৈ প্ৰয়াস কৰিছে।

ইয়াৰ লগতে পাঠকৰ বাবে গল্পটোৰ বাবে প্ৰয়োজনীয় ভাষা আৰু আংগিক বিচাৰি পাবলৈও তেওঁ বিভিন্ন প্ৰয়াস কৰে। সেয়েহে ‘বাসন্তী বজাৰ’ গল্প সংকলনৰ গল্পবোৰত আমি কেইবাটাও গল্পভাষা বিচাৰি পাওঁ। ‘হিতাধিকাৰী’ৰ ভাষা ‘বাসন্তী বজাৰ’ৰ ভাষাতকৈ সুকীয়া। ‘হিতাধিকাৰী’ ‘বাসন্তী বজাৰ’ বা ‘যতীন দাসক আমি পাহৰি যোৱা উচিত’ৰ দৰে গল্পৰ ভাষা আৰু আংগিক চমৎকাৰ। বিশেষকৈ ‘হিতাধিকাৰী’ৰ  মাজেৰে তেওঁ পৰিহাস আৰু ব্যংগক গল্পলৈ আনিবলৈ যি ভাষা নিৰ্মাণ কৰি পেলাইছে—তাৰ পৰিপক্ব ৰূপটোৱে আমাৰ মন বহুপৰলৈ দোলাই থৈ যায়। এনে গল্প বৰ সহজে মন আৰু মগজুৰপৰা উলিয়াই দিব নোৱাৰি। প্ৰায়বোৰ গল্প তেওঁ সমাজ জীৱনলৈ ব্যৱস্থাই কঢ়িয়াই অনা বিভাজন, বিষণ্ণতা আৰু পৰিহাসৰ ভাষাৰে নিৰ্মাণ কৰিছে আৰু সফল হৈছে। এনে গল্পৰ পিচফালে থকা সুক্ষ্ম পৰ্যবেক্ষণ, দীঘলীয়া হ’মৱৰ্ক  আৰু  লেখকৰ দৰ্শনৰ ঐকান্তিকতাক পঠনৰ সময়ত উপলিব্ধ কৰিবলৈ কঠিন নহয়। এনে গল্পই কয় গল্প কবলৈ গল্পকাৰৰ দীঘলীয়া কালৰ বাবে থকা প্ৰস্তুতিৰ কথা।

অৱশ্যে, ‘বাসন্তী বজাৰ’ৰ সকলোবোৰ গল্পই সমানেই ৰসোত্তীৰ্ণ হৈছে বুলি কব নোৱাৰি। ‘পায় ভুতুনী পৰৰ খায়, নাপায় ভুতুনী নিজৰ খায়’, ‘গুৱাহাটীত গুৱেভৰা’, ‘দুটা ভূতৰ গল্প’ৰ দৰে গল্পবোৰ নাম উল্লেখ কৰিব পাৰি। কিন্তু এটা কথা সঁচা যে কথন, আংগিক আৰু থীম্-ৰ গতানুগতিকতাক অতিক্ৰম কৰিবলৈ যিসকল গল্পকাৰে সম্পৰীক্ষা কৰিবলৈ ভাল পায়, তেওঁলোকৰ সকলো গল্প সমানেই পাগত উঠা নহবও পাৰে।কিন্তু তাৰ ভয়ত সম্পৰীক্ষা কৰিবলৈ ভয় কৰি গতানুগতিকতা বা একঘেয়ামিত ডুব যোৱাটোহে বেয়া কথা, তেতিয়া অৱসাদগ্ৰস্ততাই লেখকক আগুৰি ধৰিব আৰু লেখকজীৱনৰ আয়ুসকাল টুটি আহিব। সম্পৰীক্ষাবাদীসকলে নিজকে অতিক্ৰম কৰি নিৰলসভাৱে আগুৱাই  যায়। এইক্ষেত্ৰত আগুৱাই যোৱা বাটত গল্পকাৰৰ  গভীৰ অনুসন্ধিৎসা, চিৰিয়াছ পঠন আৰু বিচক্ষণতাই বিশেষভাৱে সহায় কৰিব বুলি বিশ্বাস হয়।

বহু সময়ত অজয় কুমাৰ ৰায়ৰ গল্পভাষা, সমাজ-বাস্তৱতাৰ নিৰীক্ষণৰ দক্ষতা আৰু প্ৰকাশভংগীৰ সাৱলীলতাই তেখেতৰ  মাজত এজন উপন্যাসিককো চকা-মকাকৈ আৱিস্কাৰ কৰাই থৈ যায়, যি আমাৰ দৰে পাঠকৰ  প্ৰত্যাশা বৃদ্ধি কৰে।  

অজয় কুমাৰ ৰায়ৰ দৰে চিৰিয়াছ গল্পকাৰৰপৰা আমি দীঘলীয়া সময়ৰ গল্পকথনৰ প্ৰস্তুতি আশা কৰিছোঁ, যিহেতু কল্পনাশ্ৰয়ী সাহিত্যতকৈ নিৰ্মম বাস্তৱৰ অভিজ্ঞতাৰে অহা সাহিত্যৰ আয়ুসকাল সদায় বেছি।  কিন্তু তাৰ বাবে  লাগিব নতুনত্ব আৰু নিজকে সময়োপযোগী কৰি আগুৱাই নিয়াৰ নিৰলস প্ৰচেষ্টাও।  

১৩-০৬-২০২৪

Wednesday 5 June 2024

 

প্ৰসংগ গৌৰৱ গগৈঃ


Pic-Official Facebook page-Gourav Gogoi

গৌৰৱ গগৈক যেতিয়া যোৰহাট সমষ্টিৰপৰা লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ কোৱা হ’ল, তেতিয়া  কেৱল যোৰাহাট সমষ্টিৰ ৰাইজৰেই নহয়, সমগ্ৰ অসমবাসীৰ আশীৰ্বাদৰ বৰষুণ যেন তেওঁৰ শিৰলৈ নামি আহিল।যোৰহাট সমষ্টিৰ প্ৰাৰ্থীত্ব পাই তেওঁ কৈছিল যে, তেওঁৰ নিজকে অভিমন্যুৰ দৰেই লাগিছে। অৱশ্যে মহাভাৰতৰ অভিমন্যূৰ বিপৰীতে তেওঁ দূৰ্গ ভেদি ওলাই আহিব পাৰিব। লোকসভা সমষ্টিটোত নিৰ্বাচনী যুঁজৰ প্ৰস্তুতিৰ বাবে খুৱ কম সময় পোৱা গৌৰৱ গগৈয়ে কিন্তু যিধৰণৰ মৌলিক (organic) চিন্তা আৰু উদ্ভাৱনী (Innovative)ৰণকৌশল ৰছনা কৰিলে, সি সকলোকে স্তম্ভিত কৰি তুলিলে।দল অথবা ৰাদজনীতিৰ উৰ্ধত সকলোৱেই গৌৰৱ গগৈলৈ এবাৰ হলেও চাবলৈ বাধ্য হ’ল।  প্ৰাৰ্থীত্ব লাভ কৰি আপোন মাটিত ভৰি দিয়েই গৌৰৱ গগৈয়ে যেতিয়া এপাক বিহু নাচি ৰংডংকা বজাই ল’লে, তেতিয়া আপাতত এনে লাগিল যেন তেওঁ সকলোধৰণৰ মানসিক চাপৰপৰা মুক্ত। অথচ তেওঁৰ বিৰুদ্ধে সমগ্ৰ প্ৰশাসন আৰু দলীয় শক্তিক যোৰহাটক এনেদৰে ব্যৱহাৰ কৰা হৈছিল যে, যুৱনেতাজন আচলতে সৰ্বাধিক চাপত আছিল বুলি বুজি পাবলৈ কাৰো অসুবিধা হোৱা নাছিল।

যি নহওক, তেওঁ দূৰ্গ ভেদি ওলাই আহিল।কেৱল মাজুলীৰ বাহিৰে আন কেউটা সমষ্টিত তেওঁ প্ৰথমস্থানত (lead) ৰ’ল।মাজুলীতহে বোধহয় এক সন্মানজনক ভোট লাভ কৰিও ছহেজাৰৰো অধিক ভোটত পিচ পৰিল। গতিকে নিৰ্বাচনী বৈতৰণী সুকলমে পাৰ হোৱাৰ পিচদিনাই যে তেওঁ মাজুলীলৈ গৈ গৰাখহনীয়াত সততে আক্ৰান্ত হৈ থকা জনগোষ্ঠীয় ভাই-ভনীসকলৰ সৈতে এপাক বিহু নাচি আহিলগৈ তাতো একধৰণৰ মৌলিক (organic) চিন্তা আৰু উদ্ভাৱনী (Innovative) ৰণকৌশলেই ফুটি উঠিছে বুলি অনুমান কৰিবলৈ কঠিন নহয়।

আজিকালি মাজুলীৰ বিষয়ে কিবা লিখিবলৈকে অসুবিধা—আইনী মেৰ-পেচত সোমাই অযথা হাৰাশাস্তি হোৱাৰ ভয়। কিন্তু হিন্দুত্ববাদৰ কেকোঁৰা চেঁপাত মাজুলীৰ অভ্যন্তৰত মাথোন শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ বিকৃত হোৱাই নহয়, বৰঞ্চ সমাজৰ মূলসুঁতিৰ সমাজখনৰ অন্যতম অংশীদাৰ নিম্নবৰ্ণ আৰু জনগোষ্ঠীয় লোকসকলৰ লগতে পিচ পৰি থকা আনসকলৰ  মনতো যে একধৰণৰ দহন আৰম্ভ হৈছে তাক উপলব্ধি কৰিবলৈ কঠিন নহয়।এই দহন নথকা হ’লে দীঘলীয়া কাল ধৰি  সাংগঠনিক অথা দলীয় ভিত্তিৰ দিশেৰে থৰক-বৰক হৈ থকাৰ পিছতো মাজুলীৰ দৰে সমষ্টিত তেওঁ এনে সন্মানজনক ভোট লাভ কৰিবলৈ সক্ষম ন’হলহেঁতেন।  তেওঁৰ উপস্থিতিয়ে্ মানুহৰ মনত আশাৰ সঞ্চাৰ কৰিব নোৱাৰিলেহেঁতেন। সেইবাবেই গৌৰৱ গগৈয়ে নিৰ্বাচনী ফলাফলৰ পিচদিনাই গৈ মাজুলীৰ বৰ্ষাসিক্ত আলিবাটত ৰংচঙীয়া সাজপাৰ পিন্ধা বিহুৱা-বিহুৱতীসকলৰ সতে মাৰি অহা বিহুখন দেখি ৰং পালোঁ। কবলৈ গ’লে আমিও ব্যক্তিগতভাৱে বান-গৰাখহনীয়াত ককবকাই থকা সেইসকল মাজুলীবাসীৰ জীয়াই থকা সংগ্ৰাম, তেওঁলোকৰ চকুপানী, দুখ আৰু হাহাকাৰবোৰতহে বাস (belong) কৰোঁ, আমাৰ প্ৰতিটো শব্দৰ শক্তি তেওঁলোকৰ মান-মৰ্যদা প্ৰতিষ্ঠাৰ সংগ্ৰামৰ বাবেই উৎসৰ্গা কৰোঁ। হকে-বিহকে সকলো সুবিধা ভোগ কৰি গজদন্ত মিনাৰত বহি থকাসকলৰ লগত নহয়।

ৰাজনীতিৰ সীমাবদ্ধতা বুজি পাওঁ। কিন্তু শ্ৰেণীবিভক্ত সমাজৰ পিচপৰাসকলৰ লগতে জনগোষ্ঠীয় আৰু নিম্নবৰ্গৰ লোকসকলৰ জীৱনৰ মৰ্যদা আৰু সমাজত তেওঁলোকপ্ৰয়োজনীয় স্থান (space) সুৰক্ষিত কৰাৰ বেলিকা ৰাজনীতিৰ প্ৰয়োজনীয়তাও সমানেই উপলব্ধি কৰোঁ।ভাৰতৰ ৰাজনীতিয়ে আজি চৰ্বিত-চৰ্বণৰ বিপৰীতে দাবী কৰে মৌলিক(organic)চিন্তা আৰু উদ্ভাৱনী (Innovative) ৰণকৌশ। পৰিৱৰ্তিত সময়ৰ এই আহ্বান আজিৰ ৰাজনীতিকে বুজি পাবনে?  

০৬-০৬-২০২৪