পাৰ্থবিজয় দত্তৰ অসুখৰ কথা
মই আনতকৈ বহু পলমকৈহে গম পাইছিলোঁ। তাকো ফে'চবুকৰ মজিয়াত। যেতিয়া গম পালোঁ, তেতিয়া গল্পকাৰ বিপাশা বৰাৰ সৈতে যোগাযোগ
কৰিছিলোঁ।বিপাশাই কিছু কথা কৈছিল আৰু পাৰ্থৰ, নে স্বাতীৰ ফোন
নম্বৰটো দিছিল। অৱশেষত মই সন্ধিয়া সময়ত পাৰ্থক ফোন কৰিছিলোঁ। মুম্বাইৰ হস্পিতালত
তেতিয়া তেওঁ কেম'থেৰাপিৰ ক'ৰ্চ সমাপ্ত কৰিছে।ইতিমধ্যে হাওফাওৰ কৰ্কট ৰোগৰ বাবে
তেওঁৰ এটা হাওফাও আঁতৰাই দিয়া হৈছে। ২০১৭ চনৰ চেপ্তেম্বৰ মাহ আছিল।
সময় পালে সন্ধিয়া ঘৰৰ আগ বাৰান্দাত খোজকাঢ়োঁ । তেনেকুৱাতে
পাৰ্থক ফোনত পালোঁ। মুনিচুনিৰ এন্ধাৰৰপৰা পোহৰ বিচাৰি অহা পখী এটিৰ ডেউকাৰ ধপ-ধপনিৰ দৰে লাগিছিল পাৰ্থৰ মাতটো।
মুম্বাইৰ হস্পিতালৰপৰা যেন বতাহত আহি আহিছিল । পাৰ্থই ফোন এৰিব খোজা নাছিল, তেওঁৰ ডেউকাৰ ধপ-ধপনিৰ
দৰে মাতটো মোৰ বুকুৰ গভীৰলৈ সোমাই গৈছিল। মাতটো শুনি থকাটোৱেই যন্ত্ৰণা। কেইবাবাৰো কৈছিলোঁ, ‘তোমাৰ কষ্ট হৈছে, ফোনটো ৰাখি দিয়া।' তেওঁ কৈছিল যে, কষ্ট হোৱা নাই। এবাৰৰ বাবেও তেওঁ নিজৰ অসুখৰ কথা কোৱা
নাছিল। গভীৰ
জীৱন-জিজ্ঞাসাৰে অসমৰ সামাজিক- ৰাজনৈতিক প্ৰেক্ষাপটৰ
চলমান ঘটনাৱলীৰ সম্পৰ্কত জানিবলৈ বিচাৰিলে, আৰু মোৰ মতামত
জানিবলৈ অধীৰ হৈ পৰিল। মোৰ ভাৱ হৈছিল কথা কওঁতে পাৰ্থই হয়তো কষ্ট পাইছে, অথচ ফোনটো ৰাখিব খোজা নাই। সেয়ে নিজৰপৰাই বেছিকৈ কথা কবলৈ ধৰিলোঁ। কিছুমান কথাত তেওঁ মোৰ সৈতে সহমত প্ৰকাশ কৰিলে। কিছুমানৰ বিৰোধিতা কৰিবলৈ নিজৰ
যুক্তি দাঙি ধৰিলে।
আমাৰ প্ৰথম কথা- বতৰা দীঘলীয়া আছিল। ফোনটো ৰাখি মই নিজে পুলকিত হ'লোঁ। মই বুজিলোঁ, জীৱনে মৰ্যদাপূৰ্ণ বন্ধুত্বৰ এক অতি
সমৃদ্ধ অথচ সৰলতাৰে ভৰা প্ৰাণময় বোদ্ধা মোক উপহাৰ দিব খুজিছে । ইয়াৰ বাবে সেই সন্ধিয়াটোৰ ওচৰত মই কৃতজ্ঞ । কিন্তু পাৰ্থৰ পখীৰ ডেউকাৰ ধপ-ধপনিৰ দৰে মাতটো মই সহ্য কৰিব পৰা
নাছিলোঁ। হোৱাটছ এপৰ
জৰিয়তেই আমাৰ কথা-বতৰা আৰম্ভ হ'ল। ইয়াত বহুত সুবিধা আছিল। আমি কথা- বতৰা হ'ব খুজিলে লিখি থৈ
দিলেই হ'ল। নিজৰ সময় অনুসৰি মতামত ৰাখি যাব পাৰি। এনেদৰে
কিমান কথা পাতিলোঁ আমি? হয়তো এখন উপন্যাসৰ সমান। অচিৰেই পাৰ্থই মই বৌদ্ধিক সমৃদ্ধতাৰ বাবে গ্ৰহণ কৰি লোৱা মুষ্টিমেয়
কেইজনমান বন্ধুৰ তালিকাত ঠাই ল'লেহি।
ইমান সমৃদ্ধ হৈও নিজৰ
সৃষ্টিশীলতাক লৈ প্ৰথমে পাৰ্থ
আত্মবিশ্বাসী নাছিল, বিশেষকৈ গল্পবোৰ লৈ। এদিন অসমীয়া সাহিত্যৰ সমকালীন গল্পকাৰসকলৰ বিষয়ে আমি কথা
পাতি আছিলোঁ। কেইজনমান গল্পকাৰৰ কথা কৈ মই তেওঁক কৈছিলোঁ --“They are amazing storytellers
of Assamese literature'‘ পাৰ্থই কৈছিল -‘‘মোৰো মন যায়, এদিন আপোনাৰ এই amazing storytellersসকলৰ তালিকাত মোৰো নাম থাকিব।’” মই মুহূৰ্ততে
কৈছিলোঁ – ‘Partha, you are an amazing
storyteller’। তেওঁৰ বিশ্বাস হোৱা নাছিল। মই আকৌ
কৈছিলোঁ – ‘You really are”! মই কৈছিলোঁ যে, কোনো
পৰিস্থিতিতেই মই মিছা কথা নকওঁ। তেতিয়া তেওঁ মোক বিশ্বাস কৰিছিল। তেওঁৰ
গল্পভাষাৰ বিৰল সংবেদনা, জীৱনৰ প্ৰতি থকা আকুলতা, গল্পৰ ভাষাৰে ওলাই অহা এটা নিভাঁজ
যোৰহটীয়া ভাষাৰ ঠাচ--এই বৈশিষ্টবোৰ দেখুৱাই দিছিলোঁ। কৈছিলোঁ যে, অভিজ্ঞতাৰ
মাজেৰেই গল্পকাৰৰ জীৱনে পূৰ্ণতা পায়। তাৰ বাবে সময়ৰ প্ৰয়োজন। বাট কিন্তু চমু নহয়।
তেওঁক কৈছিলোঁ যে, আমি কোনোৱেই অসীম প্ৰতিভাধৰ নহয়। নিজকে ভাঙি-ছিঙি গৈ
থাকিব লাগিব। মোৰ জীৱন উপলব্ধিৰ এক নিজস্ব দৰ্শন আছিল। পাৰ্থৰ আন এক দৰ্শন আছিল।
আমি পৰস্পৰৰ এই জীৱন দৰ্শনৰ প্ৰতি শ্ৰদ্ধাশীল আছিলোঁ। তেওঁক কৈছিলোঁ -- “লৰা-লৰি নকৰিবা।
লাহেকৈ, কিন্তু দৃঢ়তাৰে যোৱা।” এদিন তেওঁ কৈছিল, তেওঁৰ সেই কেন্সাৰ অতি বিৰলধৰণৰ
বুলি তেওঁক অস্ত্ৰোপচাৰ কৰা ডাক্তৰে কৈছিল। মই লগে লগে কৈছিলোঁ-- ‘‘অসুখৰ কথা নকবা
প্লিজ।” কিন্তু মই ইণ্টাৰনেটৰ কিছু তথ্য চাইছিলোঁ। মই ধৰি লৈছিলোঁ পাৰ্থৰ হাতত কিছু সময় আছে, হয়তো পাঁচবছৰ অথবা দহ বছৰ। পাৰ্থ এজন সৎ আৰক্ষী বিষয়া আৰু সকলো ক্ষেত্ৰতে আনতকৈ বহু তৎপৰ। মই আশা কৰিছিলোঁ কেইটামান অতি উচ্চখাপৰ গল্পৰে অসমীয়া সাহিত্য
সমৃদ্ধ কৰি যাবৰ বাবে পাৰ্থৰ পাঁচটা বছৰেই যথেষ্ট । মই অতি আকুলভাৱে
এইখিনি সময়ৰ বাবে জীৱনৰ ওচৰত হাত পাতিছিলোঁ। সুশান্তই মোক কেইবাবাৰো কৈছিল ভাল গল্প লিখাৰ বাবে পাৰ্থক বেছি
হেঁচা নিদিবলৈ। এটা হাওফাওৰে তেওঁ আন মানুহৰ তুলনাত আধা জীৱনীশক্তিহে মগজুলৈ প্ৰেৰণ কৰিব পাৰে, এই কথা তেওঁ মোক বাৰে বাৰে
কৈছিল। কিন্তু এইখিনি সময়ত পাৰ্থই কেৱল সৃষ্টিশীলতাৰ
কাষতেই নিজকে সমৰ্পণ কৰিছিল। তেওঁ নিজেই নিজৰ উত্তৰণৰ বাবে আপ্ৰাণ চেষ্টা
চলাইছিল। তেওঁ বিচৰাধৰণেই
জীৱনটো উপভোগ কৰক বুলি ভাবিও মই পাৰ্থই কেইটামান ভাল গল্প লিখক বুলি আশা কৰিছিলোঁ। সেই বছৰৰ অসম
প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাত তৰুণ
গল্পকাৰৰ এখন সমাবেশত ভাগ লবলৈ পাৰ্থ আৰু স্বাতী গুৱাহাটীলৈ
আহিছিল। গুৱাহাটীৰ লেখক বন্ধুসকলে তেওঁলোকক নিজৰ ঘৰলৈ নিমন্ত্ৰণ কৰিছিল। সেই সময়তে আমাৰ লেখক সমাজৰ পাৰ্থৰ প্ৰতি থকা মৰম
আৰু কুশল কামনাৰ উমান পাই মই আচৰিত হৈ গৈছিলোঁ। কোনে যে নিমন্ত্ৰণ কৰা নাছিল এই সৃষ্টিশীল যুটিটোক!
তেওঁলোক আমাৰ ঘৰলৈও আহিছিল। য'তেই মন যায় তাতেই ফটো উঠিছিল।স্বাতীয়ে আমাৰ ঘৰৰ বহুত ফটো উঠাৰ বহুত অৱস্থান আৱিস্কাৰ কৰিছিল। তেওঁলোক যোৱাৰ পিছতহে আমাৰ ঘৰত এই ধুনীয়া ঠাইবোৰ আছে বুলি গম পাইছিলোঁ। মই গুৱাহাটীলৈ আহিলে তেওঁলোকক আমাৰ ঘৰতে থকিবলৈ কৈছিলোঁ।
হোৱাটছ এপত আমাৰ নিৰন্তৰ কথা-বতৰা চলিছিল । পাৰ্থই নিজৰ
সাহিত্য সম্পৰ্কে যথেষ্ট
আত্মবিশ্বাসী হৈ উঠিছিল । অতি কম সময়তে
অভাৱনীয় উত্তৰণ ঘটিছিল তেওঁৰ, আমি সকলোৱেই এই
কথা লক্ষ্য কৰিছিলোঁ।

২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত গল্প এটাৰ বাবে মেঘালয়ৰ স্নংপেডং
গাৱঁলৈ গৈছিলোঁ । তাতেই উমগট আৰু চ্ছ্ৰাৰ
নদীৰ সংগমস্থলী।একুৱাৰিয়ামৰ দৰে
স্বচ্ছ এই নদী। জাক পাতি থকা সুমথিৰাবৰণৰ মাছবোৰ পানীৰ তলেৰে
সাঁতুৰি ফুৰে। এই নদীৰে ডিঙা
বাই যাওতে এডাখৰ ঠাইত মই নদীৰ বুকুত ঠিয় দি থকা দুখন পাহাৰ দেখিছিলোঁ।
পাহাৰ দুখন নদীৰ ওপৰত স্থিৰ হৈ আছিল। বতাহত কঁপি থকা নদীৰ প্ৰাণময়, সোঁতাল বুকুত পাহাৰ দুখনৰ প্ৰতিবিম্ব কঁপি আছিল। অদূৰত শিলৰ
মাজত নদীখনৰ এক শুভ্ৰ ফেনিল ৰূপ।নাৱৰীয়াই সেইখিনিতে মাজনদীত নাওখন ৰখাই দিলে।
পাহাৰ দুখনলৈ চাই মোৰ দিল্লীৰ নেচনেল মিউজিয়ামত ইনষ্টিটিউটত পঢ়ি থকা নিজৰ ল'ৰাটো আৰু পাৰ্থলৈ একেলগে মনত পৰিল। মই ম'বাইলত সেই অপৰূপ দৃশ্যটিৰ এটা একমিনিটৰ ভিডিঅ' বনালোঁ। আৰু
দুয়োলৈকে পঠাই দিলোঁ। তেওঁলোকক ক'লো যে, আমি সৃষ্টিশীল
লোকসকলো এনেকুৱাই । আনে আমাক নদীৰ ওপৰত দেখা পাহাৰখনৰ দৰেই স্থিৰ বুলি ভাবে যদিও ভিতৰি আমি
কিন্তু নদীৰ বুকুত প্ৰতিবিম্বিত পাহাৰ দুখনৰ দৰেই অস্থিৰ। কিন্তু এই অস্থিৰতা সৃষ্টিশীল
বাবেই সি আমাৰ কাম্য, আশীৰ্বাদস্বৰূপ।
এই ভিডিঅ' পঠিওৱা বাবে মোৰ ল'ৰাই মোক ধন্যবাদ দিলে। পাৰ্থ অলপ নিমাতে ৰ'ল । তাৰ পিছত এদিন ক'লে তেৱোঁ সেই ঠাইলৈ যাব, আৰু গল্প লিখিব। তেওঁৰ শাৰীৰীক অৱস্থাৰ কথা ভাবি আমাৰ খুব ভয় লাগিল। কিন্তু পাৰ্থ যাবই । বিহুৰ সময়তেই স্বাতীয়ে ফোন কৰি ক'লে তেওঁলোকে
মেঘালয়লৈ ট্ৰিপ এটা কৰিব খোজে । পাহাৰীয়া বতাহে
পাৰ্থক অসুস্থ কৰি তুলিব বুলি আমি উদ্বিগ্ন হৈ ৰ'লোঁ। কিন্তু
তেওঁলোকে শ্বিলং পিক্, লেডী হাইদৰী
পাৰ্ক, মাওলিনং, চেৰাপুঞ্জী -- এই সকলোবোৰ ঠাই
ফুৰিলে । স্নংপেডং গাৱঁলৈ গৈ আমি থাকি অহা হ'মষ্টে'টোত থাকিলেগৈ । আমাৰ দৰে নদীৰ বুকুলৈ পাৰ্থ যাব পৰা নাছিল।
পাৰ্থ যাব নোৱাৰা বাবে স্বাতীও ন'গল।তেওঁ পাৰৰ পৰা শুনিলে শিলৰ
বুকুৰে বাগৰি অহা নদীৰ কল্ কল্ মাত। মাজনিশা পৰ্যন্ত। অতি সংবেদনশীল, জীৱনক গভীৰ মমতাৰে গ্ৰহণ কৰা এই গল্পকাৰজনে হয়তো গোটেই
নিশাটোৱেই শুব নোৱাৰিলে। ওভতাৰ বাটত
তেওঁলোকে আমাৰ ঘৰত এনিশা কটাই গ'ল। সেইদিনা মানুহৰ বিহু আছিল। ইতিমধ্যে ‘সোঁৱৰণিৰ ভাগি যোৱা উকিবোৰৰ পিঠিৰে’ শীৰ্ষক মোৰ গল্পটো ‘সাদিন’ বিহু সংখ্যাত প্ৰকাশ পাইছিল। পাৰ্থই সুশান্তৰ সৈতে প্ৰাণ খুলি কথা পাতিছিল। তেওঁ সুশান্তক
খুব শ্ৰদ্ধা কৰে । ইউ পি এছ চি-ৰ
বাবে প্ৰস্তুতি চলাই থকাৰ সময়ত
সুশান্তৰ ‘দ্য হিন্দু'ত প্ৰকাশিত
প্ৰতিটো খবৰ অতি মনোযোগেৰে পঢ়া বুলি মোক কৈছিল। মই পাৰ্থক এটা
প্ৰত্যাহ্বান দিলোঁ আৰু ক'লো যে, তেওঁ যিটো গল্প লিখিব খুজিছে তাত মোৰ প্ৰকাশিত গল্পটোৰ সামান্য
চিত্ৰকল্প এটাৰো যাতে আভাস নাথাকে। ন'হলে আনে ক'ব যে তেওঁ মোৰ গল্পটোৰদ্বাৰা প্ৰভাৱিত হ'ল। যিটো মই কেতিয়াও নিবিচাৰোঁ। তেওঁ এই প্ৰত্যাহ্বান গ্ৰহণ
কৰিলে। তেওঁ লিখি উলিয়ালে “শ্ল' ৰিভাৰ্ছ মশ্বনত
এটা পাহৰৰ কায়কল্প' নামৰ গল্পটো যিটো ‘প্ৰকাশ' আলোচনীয়ে উলিওৱা পঞ্চাশ অনুৰ্ধ গল্পকাৰসকলৰ বিশেষ সংখ্যাত
প্ৰকাশিত হ'ল। গল্পটো পঢ়ি পাৰ্থৰ প্ৰতি শ্ৰদ্ধা আৰু মৰমত মই
অভিভূত হৈ পৰিছিলোঁ। মই তেওঁক কৈছিলোঁ যে, তেওঁৰ সৈতে একেলগেই ভাল গল্প এটা লিখাৰ
বাবে মই চেষ্টা কৰিম । জুলাই মাহত ‘প্ৰকাশ'আলোচনীৰ এই বিশেষ
সংখ্যাটোৰ লগতে ‘সাতসৰী' আলোচনীত ওলাইছিল
মোৰ ‘নীল পৰ্বতৰ তেজ, ব'ৰষুণ, দেওধাৰ কামিহাড়ৰ
কাউৰীবোৰ' নামৰ গল্পটো। এই সময়ত ‘ধৰ্ষণ'ৰ দৰে জঘণ্য
কাণ্ডক লৈও ৰাষ্ট্ৰ
নিয়ন্ত্ৰিত সাম্প্ৰদায়িক বাগধাৰাত চলা
ষড়যন্ত্ৰবোৰে মোক বিচলিত কৰিছিল আৰু গল্পটোৰ মাজেৰে মই কব বিচাৰিছিলোঁ যে ধৰ্ষণ
এক অতি জঘণ্য, আমানৱিক ঘটনা মাথো। ইয়াৰ কোনো ৰাজনৈতিক উদ্দেশ্য নাই, যদিও সময়ে সময়ে ধৰ্ষণ হৈ পৰে ৰাজনৈতিক
বাগধাৰা। এই গল্পটোৱে পাৰ্থক সমাহিত কৰিলে। তেওঁ মোৰ শব্দবোৰ আকৌ এবাৰ বিশ্বাস
কৰিলে।
সকলো সময়তে পাৰ্থ মোৰ কাষত আছিল। নিজৰ বৌদ্ধিক চিন্তাৰে
অহৰহ সমৰ্থন জনাই গৈছিল। মোৰ অতি ঘনিষ্ট আৰু
তাকৰীয়া বন্ধুমহলৰ এজন টগবগ ব্যক্তিত্ব আছিল তেওঁ। মে' মাহৰ ১৩ তাৰিখে গুৱাহাটীৰ নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ
বিৰুদ্ধে লেখক-শিল্পী সমাজৰ যি প্ৰতিবাদৰ খচৰা আমি কৰিছিলোঁ, তাত তেওঁ আঁৰৰপৰাই এক বিশিষ্ট ভূমিকা গ্ৰহণ কৰিলে । সকলো
সময়তে মোক দিহা-পৰামৰ্শ দি থাকিল। মাত্ৰ চাৰিদিনৰ
ভিতৰতে ফে'চবুকৰ জৰিয়তে হোৱা প্ৰচাৰৰ মাজেৰেই এই প্ৰতিবাদী
কাৰ্যসূচী হৈছিল।সমগ্ৰ অসমৰপৰা সাহিত্যিকসকল আহিছিল। ডিব্ৰুগড়ত থাকিয়েই পাৰ্থই কটন বিশ্ববিদ্যালয়ৰপৰা এটা দল গোটাই দিলে। অৱশেষত সুধিলে এই
প্ৰতিবাদী কাৰ্যসুচীটোৰ বাবে ব্যয় কিমান হ'ল? মই ক'লো যে, এই অনুষ্ঠানৰ বাবে বহুতেই আমাক সহায়
কৰিব বিচাৰিছিল যদিও অৰিন্দম বৰকটকীয়ে কেৱল নিজৰ মাজৰপৰা অহা
বৰঙণিৰেই অনুষ্ঠানটো হ'ব লাগিব বুলি জোৰ দি ধৰিছিল। সমগ্ৰ অনুষ্ঠানটোত আমাৰ মাত্ৰ ১১,৫০০ টকাহে ব্যয় হ'ল, যিটো আমি
কেইজনমানে লগ হৈ বহন কৰিলোঁ। পাৰ্থ খুব সুখী হ'ল। সিদিনা ড০
হীৰেন গোহাঁইৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধ ৰুজু কৰোঁতে ততাতৈয়াকৈ তেখেতৰ ঘৰ
পাইছিলোঁগৈ। পাৰ্থই মেছেজ দিছিল –“Go ahead. He is the Hero”. মই কৈছিলোঁ –“No, he is super Hero”। তেওঁ মানি লৈছিল। “আপুনি নিজে শুদ্ধ বুলি ভবা কামটো কবিৰই নেকি? কাৰো বাধা নামানে নেকি?” -- এনেদৰে সুধিছিল
মোক। মই কৈছিলোঁ --“কৰিবই লাগিব।” মোৰ লিখাৰ
অত্যন্ত নিৰ্মম সমালোচক আছি পাৰ্থ। কেতিয়াবা কব লগা হৈছিল-- “তুমি পুলিচ হয় বাৰু, কিন্তু ইমান
থাৰ্ড ডিগ্ৰী এপ্লাই নকৰিবা। মোৰ বিশ্বাস হেৰাই যাব।” অসম্ভৱ সৰলতাৰে
অন্তৰ ভৰি থকাৰ বাবেই তেওঁ বৰ স্পষ্টভাৱে সমালোচনা কৰিছিল।
তেওঁ আমাৰ ঘৰলৈ অহা চৰাইবোৰ, বাৰান্দা আৰু চাদৰ চৰাইবোৰ ভাল পাইছিল। অৱশ্যে চাদলৈ উঠি গৈ চৰাইবোৰ চাবলৈ
তেওঁ চিৰি বগাব পৰা নাছিল, কল্পনাতে চাইছিল। কেতিয়াবা ভিডিঅ' বনাই চৰাইবোৰৰ কাহিনীবোৰ পঠাই দিলে বৰ ভাল পাইছিল। মই শিশু উপন্যাসখন লিখি থাকোঁতে
পাৰ্থক ক'লো- “তোমাক এটা চৰিত্ৰ বনাই দিম, বেয়া পাবা নেকি।” তেওঁ ক'লে -- “বনাওক, কোনো কথা নাই।' উপন্যাসত তেওঁক ঘৰচিৰিকাবোৰৰ ‘মহা' আৰু স্বাতীক ‘মাহী' বনাই দিলোঁ। পাৰ্থই খুব উপভোগ কৰিলে।
ক'লে --“মই আপোনাৰ
উপন্যাসখনৰ কথা লিখিম।” বৰদিনৰ দিনা সেই
লিখাটো দৈনিক জনমভমিত ওলাল। মই বৰদিনৰ চাণ্টাক্লজৰ উপহাৰটো এনেকৈয়ে অভাৱনীয়ভাৱে
পালোঁ। পাৰ্থই মোক তেনকৈ
এটা surprise দিলে। মই কৃতজ্ঞ যে, তেওঁ সমালোচকৰ
দৃষ্টিৰেই লিখিলে।
মাজতে পাৰ্থই এদিন ক'লে গুৱহাটীৰ এটা আগশাৰীৰ প্ৰকাশন গোষ্ঠীৰপৰা তেওঁ পৰৱৰ্তী গল্পৰ সংকলনটো উলিওৱাৰ কথা ভাবিছে, অৱশ্যে আৰু কিছু ভাল গল্প লিখি লোৱাৰ পিছতহে। মই কৈছিলোঁ লিখি পেলোৱা
গল্পবোৰ ডিটিপি কৰি থবলৈ, যাতে কিতাপখন উলিয়াওতে কম সময় লাগে। পাৰ্থই আৰু এঢাপ আগুৱাই প্ৰাৰম্ভিক প্ৰুফটোও চোৱাই থৈছিল। যোৱা নবেম্বৰত
মাহৰ উত্তৰ-পূব গ্ৰন্থমেলাত পাৰ্থ আৰু মই একেলগে গল্প পাঠ কৰিলোঁ। পাৰ্থ আমাৰ ঘৰতে আছিল। আমি খুব উপভোগ কৰিলোঁ। কিছুদিন ধৰি গল্প
নিলিখাৰ বাবে সিদিনা মই ক'লোঁ --“পাৰ্থ মই নতুন
গল্পৰ কাম আৰম্ভ কৰিছোঁ। তোমাৰ লগত competition কৰি লিখিম। তোমাতকৈ ভালকৈ লিখিম।” পাৰ্থই উত্তৰ দিলে- “ময়ো দি আছোঁ competition আপোনাক।” তেওঁ মোক এটা
অসম্ভৱ competition দিলে। পাৰ্থৰ পদোন্নতি হৈছিল অতিৰিক্ত আৰক্ষী অধীক্ষকৰূপে তিতাবৰৰ বেটেলিয়নলৈ। ১৯ জানুৱাৰীৰ দিনা
ৰাতি ১০ বজাত স্বাতীৰ এটা
মেছেজ আহিল যে পাৰ্থই কোৱাৰ্টাৰ চাবলৈ যোৰহাটলৈ আহোঁতেই হস্পিতালত ভৰ্তি হ'বলগীয়া গ'ল। মই লগে লগে তৰুণ
গল্পকাৰ পঞ্চানন হাজৰিকাক ফোন কৰিলোঁ। তেঁওলোকে খুব সহায় কৰিলে। পাৰ্থক মই সহজতে বনাব পৰা এটা চুপৰ বিষয়ে কৈছিলোঁ। পঞ্চাননে পাৰ্থৰ বাবে এই চুপ পৰ্যন্ত বনাই দিছিল । আমাৰ
সকলোৰে বাবে হিয়াৰ আমঠু আছিল পাৰ্থ। তেওঁৰ শাৰীৰীক অৱস্থাৰ কথা জানি সুশান্ত আৰু
মই যোৰহাটলৈকে যাবলৈ ওলাইছিলোঁ।
সুশান্তই কিছুমান অমোঘ সত্যৰ কথা কৈছিল। তেওঁ পাৰ্থৰ
অসুখৰ বহুত কথা পঢ়ি পেলাইছিল। তেওঁ আশা কৰিছিল যে, মই এইবোৰ কথা জনাৰ দৰকাৰ। অৱশেষত আমি ভাবিলোঁ যে, আগতীয়াকৈ বিদায় লবলগীয়া হলেও পাৰ্থই যাতে গুৱাহাটীৰ ভাল
চিকিৎসালয় এখনত আটাইতকৈ ভাল চিকিৎসা পায়, গুৱাহাটীত তেওঁৰ মৰমৰ লেখকসকলৰ উমাল সান্নিধ্য পায়, আটাইতকৈ ভাল
পৰিবেশত থাকে--তাৰবাবেই তেওঁ গুৱাহাটীলৈ অহাৰ দৰকাৰ।এম্বুলেন্সত উঠি তেওঁ গুৱাহাটীলৈ আহিল । বাটত কিবা অঘটন
হব পাৰে বুলি আমি উদ্বিগ্ন হৈ আছিলেঁ। কিন্তু পাৰ্থ আহিল। সৌভাগ্যক্ৰমে এই সময়তে অসমৰ কেন্সাৰ ৰোগীসকলৰ কল্যাণৰ হকে নিজকে উচৰ্গা কৰা মুম্বাইৰ
অসম ভৱনৰ যুটীয়া আবাসিক আয়ুক্ত দেৱাশীষ শৰ্মাও এইখিনি সময়ত গুৱাহাটীতে আছিল, যাক পাৰ্থই নিজৰ দেউতাকৰ দৰে শ্ৰদ্ধা কৰে। দেৱাশীষ শৰ্মাই আমাক কিছু
মনে মানি লব নোখোজা তথ্য দিলে। পাৰ্থক
মুম্বাইত অস্ত্ৰোপচাৰ কৰা আৰু খুব মৰম কৰা খ্যতনামা চিকিৎসক তপন শইকীয়াও পিছৰ দিনা
গুৱাহাটীলৈ আহিবলগীয়া আছিল। তেওঁ হস্পিতাললৈ আহি পাৰ্থক চালে। আৰু পৰিয়ালৰ লোকসকলৰ
সৈতে কথা হ'ব খুজিলে। সেই সময়ত স্বাতীক কিবা এটা খুৱাবৰ বাবে
বন্ধু এগৰাকীয়ে লৈ গৈছিল। স্বাতীৰ খুৰা আৰু ময়েই তেখেতৰ সন্মুখত ঠিয় দিবলগীয়া হ'ল। অতি বিখ্যাত এই চিকিৎসকগৰাকীয়ে কিছু কথা ক'লে, কিন্তু মুখৰ কথাতকৈও তেওঁৰ শৰীৰৰ ভাষা এক ভয়ংকৰ সত্য হৈ মোৰ সন্মুখত ধৰা দিলে। সন্ধিয়া স্বাতীয়ে ক'লে যে, এই চিকিৎসকগৰাকীয়ে পাৰ্থৰ সন্মুখত ঠিয় দিওতে তেওঁৰ মুখ
চায়েই পাৰ্থয়ো নিজৰ আমোঘ সত্যৰ বিষয়ে গম পাই গ'ল। পাৰ্থ খুব
বুধিয়ক আৰু তীক্ষ্ণ আছিল। কোনেও ফাঁকি দিব নোৱাৰে।
ইয়াৰ পিছৰ কথাবোৰ আছিল সাধুকথাৰ দৰে। পাৰ্থক চাবলৈ
সকলোবোৰ লেখক, আত্মীয়, বন্ধুৰ ভিৰ লাগিল
। সাহিত্যিক গীতালি বৰাই সন্ধিয়া কাণৰ কাষত ফুচফুচাই ক'লে-- ‘‘ৰত্নাবা, পাচ শতাংশ আশাও নাই নেকি?” মই তেওঁক পাৰ্থৰ কিতাপখনৰ সপোনটোৰ কথা ক'লো। গীতালিয়ে ক'লে,- “পাৰ্থৰ এই সপোনটো আমি নিজৰ অৰিহণাৰে সফল কৰি তুলিম।” পিছদিনা পাৰ্থক চিকিৎসা সম্পৰ্কীয় কিছু কথা কবলগীয়া আছিল।
আই চি ইউত থকাৰ বাবে এঘণ্টাকৈহে মানুহক চাবলৈ দিয়া
হৈছিল – এবাৰ দিনৰ ১২ বজাত আৰু এবাৰ সন্ধিয়া ৫ বজাত। ইপিনে
চাবলৈ অহা মানুহৰ ভিৰ। আমি এক মিনিটমানকৈ সময় ভগাই লৈছিলোঁ। পাৰ্থৰ বাবে দিয়া
শুভেচ্ছাবোৰ বাহিৰতে কাগজত লিখি দি থৈ অহা হৈছিল। স্বাতীয়ে মোক কিতাপখনৰ
পৰিকল্পনাটোৰ বিষয়ে পাৰ্থৰ লগত কথা হবলৈ ক'লে। ইয়াৰ বাবে পাৰ্থৰ অনুমতিৰ দৰকাৰ আছিল। মই পাৰ্থৰ কাষলৈ গ'লোঁ। তেওঁ ক'লে-- “আপুনি কওক”' আকৌ ক'লে, “you speak” মই ক'লোঁ -- ‘‘কম।” কথাখিনি কবৰ বাবে তেওঁৰ হাতৰ বাউসীটোকে থাপ
মাৰি ধৰিবলগীয়া হ'ল। তেওঁক ক'লো-- “পাৰ্থ, তুমিটো এতিয়া এটা journey কৰিব লাগিব। আমিও তোমাৰ বন্ধুবোৰে তোমাৰ লগে লগে আন এটা journey কৰোঁ বুলি
ভাবিছোঁ। তোমাৰ গল্পৰ সংকলন এটাকে উলিয়াই আমি
তোমালৈ আমাৰ শুভেচ্ছা পঠিয়াই থাকোঁ। তুমি ভাল পালে আকৌ যেতিয়া লিখিবা, তেতিয়া আন এটা সংকলন উলিয়াবা।” এইখিনি সময়তে আমি দুয়োজনে অত্যন্ত সংহত হৈ জীৱনৰ কাষত নতজানু হ'লোঁ যাতে আৱেগ
সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত থাকে, চকুৰ পানী নসৰে।
পাৰ্থ মোতকৈ বাৰ বছৰৰ সৰু। তেওঁৰ ধৈৰ্য দেখি আকৌ এবাৰ তবধ মানিলোঁ। এই
সময়খিনিৰ ওছৰত মই সদায় কৃতজ্ঞ হৈ ৰ'ম। তেওঁ ক'লে --“ Edit কৰিব লাগিব। সকলো গল্প দিব নোৱাৰি।' মই ক'লোঁ যে, সকলো তেওঁৰ
কথামতেই হ'ব। সংকলনৰ নামো তেঁৱেই দিব। পাৰ্থ মান্তি হ'ল। এই দিনটো ২৩ জানুৱাৰী আছিল। আমাৰ পিছতে স্বাতী আৰু
মৌচুমী নামৰ আৰ্ট অৱ লিভিঙৰ সদস্য
এগকাৰী পাৰ্থৰ কাষলৈ গ'ল। মৌচুমীয়ে পাৰ্থৰ বাবে অলপ ধ্যান কৰিলে। তেওঁ মোক ক'লে পাৰ্থৰ গাত
হাত দি তেওঁৰ কাণদুখন গৰম হৈ গ'ল। পাৰ্থৰ গাত
বোলে তেওঁ ‘এনাৰ্জি লেভেল' বৰ কম পালে।
ধ্যান কৰা মানুহে মানুহৰ গাত হাত থ'লে ‘এনাৰ্জি লেভেলটো' বোলে গম পাই যায়।
তাৰপিছত তেওঁ মোৰ সোঁহাতখন খামুচি ধৰি ক'লে -- “বাপৰে, আপোনাৰ গাত ইমান
এনাৰ্জি আছে।” এই কথাবোৰ মই বিশ্বাস নকৰোঁ।কিতাপখনৰ সামগ্ৰীক
পৰিকল্পনাটোত মই উত্তেজিত হৈ আছিলোঁ, অতি কম সময়ৰ
ভিতৰত কৰিবলগীয়া কঠিন কাম এটা আছিল। তেওঁৰ কথাকেইটা
মনত থাকি গ'ল।

সন্ধিয়ালৈ পাৰ্থক কেবিনলৈ অনা হ'ল। গীতালী বৰাই ৰাতি মোক ফোন কৰি জনালে যে, পাৰ্থৰ মনটো ভাল লগাবলৈ তেওঁ পাৰ্থৰ কেবিনৰ খিৰিকীৰে দেখা
পাই থকা জি এচ ৰ'ডৰ চলমান জীৱনটোৰ কথা, পাহাৰটোৰ কথা
কবলৈ চেষ্টা কৰিছিল। কিন্তু পাৰ্থই বোলে তেওঁৰ হাতখন থাপ মাৰি ধৰি ক'লে-- “গীতালি বা, আপুনি আৰু ৰত্নাবাই মোৰ কিতাপখন পৰি যাবলৈ নিদিব। ভালকৈ
কৰিব।” গীতালিয়ে মোক ক'লে যে পাৰ্থই আচলতে এতিয়া প্ৰকাশ কৰিবলগীয়া কিতাপখনতেই বাস কৰিবলৈ লৈছে। মই দেৱাশীষ শৰ্মাক কিতাপখনৰ পৰিকল্পনাৰ কথা কৈ সুধিলোঁ আমাৰ হাতত কিমান সময় আছে। তেখেতে ক'লে, -- “Ratna, we have
time. We have time in days. And his condition allows a
chemotherapy, then we have time in months.” এই কথা শুনাৰ পিছত আমি এটা হোৱাটছ এপ গ্ৰুপ খুলি লৈ বৰঙণি
সংগ্ৰহ কৰি অতি কম সয়মতে পাৰ্থৰ গল্পৰ সংকলটো উলিয়াই তেওঁৰ হাতত তুলি দিলোঁ। আমাৰ লক্ষ্য আছিল যে মানসিকভাৱে অত্যন্ত সুস্থ
অৱস্থাত থাকোঁতেই আমি পাৰ্থৰ হাতত সংকলনটো তুলি দিম আৰু মাথোন শব্দৰ সাধনা কৰাসকলৰপৰাহে কিতাপৰ বাবে বৰঙণি লম। স্বাতীয়ে যুদ্ধকালীন ক্ষিপ্ৰতাৰে গল্পবোৰ মে’ইল কৰাই অনাই দিলে।
কমল কুমাৰ তাঁতীয়ে যোৱা বছৰৰ আৰম্ভণিতে মোক তেওঁৰ কবিতাৰ
বিষয়ে কিছু কথা লিখি দিবলৈ অনুৰোধ কৰিছিল। এই লিখনি
পঢ়ি পাৰ্থয়ো মোক কৈছিল এদিন যেন ময়ো তেওঁৰ গল্পৰ বিষয়ে লিখোঁ, কিন্তু কিছু ভাল গল্প লিখাৰ পিছতহে। মই সেইদিনা নিশা ২.৩০ বজাত উঠি ‘পাৰ্থবিজয় দত্তৰ গল্পৰ দৰ্শন' নামৰ লিখনিটো
লিখিবলৈ বহিলোঁ। লিখি থাকোঁতে মাজে মাজে ভাৱ হ'ল, সঁচাকৈয়ে মই লিখি যোৱা এই
শব্দবোৰে পাৰ্থৰ জীৱন আৰু মৰণৰ
মাজত এখন দেৱাল হৈ ঠিয় দিবনে! মই ভাৱবাদী নহওঁ, কিন্তু পাৰ্থক
আমাৰ মাজতে ধৰি ৰখাৰ তীব্ৰ বাসনাই মোৰ মনত এই ভাৱৰ জন্ম দিলে। দুপৰীয়া পাৰ্থক কেবিনত পঢ়ি শুনালোঁ। তাৰ আগতে এবাৰ সুশান্তৰ
আগত পঢ়ি ৰিহাৰ্চেল এটা কৰি ল'লোঁ যাতে আৱেগিক
নহওঁ। নাকত কৃত্ৰিম বতাহৰ পাইপডাল ভৰাই আধা-শোৱা অৱস্থাৰে পাৰ্থই কথাবোৰ শুনিলে।
এইকেইদিন তেওঁ আধা-শোৱা অৱস্থাতেই আধা-টোপনিৰ জগতত বাস কৰিছে। সুধিলোঁ, ‘‘ঠিকে আছেনে?” তেওঁ মূৰ
দুপিয়ালে। মই ক'লোঁ-- ‘‘তুমিও কিবা এটা
লিখিব লাগিব।” পাৰ্থই ক'লে - “নালাগে।” মই জোৰ দি ক’লোঁ- ‘‘লাগিবই। লিখিব নোৱাৰিলে
তুমি কৈ যাবা, মই লিখি লৈ যাম।” পিচদিনা তেওঁ প্ৰাক্ কথন নামৰ সেই আচৰিত লিখাটো মোৰ হাতত
তুলি দিলে-- নাকত কৃত্ৰিম বতাহৰ পাইপ ভৰাই আধা-শোৱা অৱস্থাৰে লিখি উলিয়াইছিল তেওঁ।
কিতাপখনৰ বাবে অহৰহ লাগি তেওঁক প্ৰাণময়
উত্তাপেৰে ভৰাই ৰখা বন্ধুসকলৰ প্ৰতি লিখা কৃতজ্ঞতাৰ তালিকাখন পৰ্যন্ত নিজে চালে।
তেওঁ সন্তুষ্ট হোৱাকৈ শিল্লী মনোজ চক্ৰৱৰ্তীয়ে
তিনিবাৰকৈ বেটুপাত আঁকিলে। দৈনিক জনমভূমিৰ
মৃদূল হালৈক লিখাটো শীঘ্ৰে প্ৰকাশ কৰিবৰ
বাবে অনুৰোধ জনালোঁ, মনৰ ভিতৰত ভয় আছিল কিবা এটা অঘটন ঘটিব লাগিলে পাৰ্থই অন্ততঃ এই লিখাটোকে দেখি যাব। মৃদূলে পিচদিনাৰ কাকততে
প্ৰকাশ কৰিলে।

কেবিনৰ কোঠাটোত পৃথিৱীৰ সমস্ত আকুলতা তেওঁৰ চকুলৈ উঠি
আহিছিল।পাৰ্থক চাই উভিত অহাৰ বাটত সেই আকুলতাই মৰিশালিৰ ৰূপ লৈছিল। কবি বিজয় শংকৰ
বৰ্মন আৰু মই সেই চকুহালিৰ কথা পাতি ফোনত একেলগে উচুপি
উঠিছিলোঁ। অৰিন্দম বৰকটকী আৰু মই একেলগে নিস্তব্ধ হৈ গৈছিলোঁ। কমল কুমাৰ তাঁতীয়ে
কান্দি কান্দি মোক কৈছিল - “কত সময় আমি অবাৱত নষ্ট কৰোঁ। আমাৰ জীৱনৰ কিছু মূল্যবান সময় যেন পাৰ্থৰ জীৱনত
সংযোগ হৈ যায়। আৰু অলপ সময় থাকক পাৰ্থ আমাৰ মাজত।” গল্পকাৰ জুৰি বৰুৱাৰ
সতে কথা হওতে আমি পাতিছিলোঁ
কিতাপখনৰ বাবেই পাৰ্থই কেনেদৰে জীয়াই উঠিছে। পৰশমণি গগৈয়ে অতি জৰুৰীভাৱে গল্পবোৰ মে’ইল কৰি দিলে । তেঁৱেই গল্পবোৰ ডিটিপি কৰাৰ লগতে প্ৰাৰম্ভিক প্ৰুফ চাই থৈছিল। ‘প্ৰকাশ’ আলোচনীৰ অৰ্চনা শইকীয়াই দিনে- ৰাতিয়ে একাকাৰ কৰি প্ৰুফ চাই
দিলে। জুৰি বৰা বৰগোহাঞিয়ে
চাবুৱাৰপৰা পাৰ্থৰ খবৰ কৰিবলৈ আহোঁতে এদিন প্ৰেছত থাকি শেষমূহূৰ্তৰ কাম আগবঢ়াই
দিলে । পাৰ্থক অতি ভালপোৱা অমিতাভ ফুকনেও চাবুৱাৰপৰা চুটি লৈ দেখা কৰিবলৈ আহিল আৰু বেটুপাত, প্ৰেছ -- এই সকলোবোৰ কামত সহায় কৰি দিলে। এটা গল্প লক্ষীনন্দন
বৰগোহাঞিয়ে নিজেই দুঘণ্টাৰ ভিতৰতে
ডিটিপি কৰি দিলে। গল্পকাৰ জুৰি
বৰুৱাৰ বেংক একাউণ্টতেই পইচা জমা দিবলৈ কোৱা হ'ল। শ্বৰীফা খাতুন
চৌধুৰী, লুটফা হানুম চেলিমা বেগম, স্বাতী, বিতোপন বৰবৰা, স্বামীম নাচৰিণ, কুশল দত্ত, ৰাজীৱ বৰা, জোনালী পাটোৱাৰী
বৰা, লিপিমণি দত্ত, আৰ্চনা শইকীয়া, মণিকা দেৱী, নৱজিত চেলেং, পঞ্চানন হাজৰিকা, জুৰি বৰা
বৰগোহাঞি, লোপামুদ্ৰা ভট্টাচাৰ্য, ডিম্পী মহন্ত, লক্ষীনন্দন বৰগোহাঞি, কমল কুমাৰ তাঁতী, বিপাশা বৰা, বিজয় শংকৰ বৰ্মন, অৰ্চনা বৰঠাকুৰ পায়েল হাজৰিকা, জুৰি বৰুৱা, দেৱাংগ পল্লৱ
শইকীয়া, লীনা শইকীয়া, মৃদূল হালৈ, বৰ্ণালী বৰগোহাঁই -- আমি সকলোৱেই এটা
পৰিয়ালৰ দৰে আৱেগ-অনুভুতিৰ অসম্ভৱঃ সমুদ্ৰ এখনত উটি-ভাহি ৰ'লোঁ। অৱশেষত অতি আটকধুনীয়া কিতাপখন আমি পাৰ্থৰ হাতত তুলি দিলোঁ। পাৰ্থই আমাৰ মৰমক অতি সম্ভ্ৰমেৰে গ্ৰহণ কৰিলে।

কিমান যে মানুহ আহিল পাৰ্থৰ কাষলৈ! লেখক, বন্ধু, আত্মীয়, পৰিয়াল, আৰক্ষীবিভাগ সকলোৰে সম্ভ্ৰম তেওঁ অৰ্জন কৰিলে। যোৰহাটত আৰক্ষীয়ে
পাৰ্থক বিভাগীয় বিশেষ সন্মান জনালে। এক ধৰণৰ বিৰল নম্ৰতা আৰু
সৰলতাৰেই তেওঁ এই সকলোবোৰ
অৰ্জন কৰিলে। মৰমৰ লেখকসকলৰ মাজত থাকিয়েই তেওঁ বিদায় লৈছে। তেওঁৰ এই সৌভাগ্য আমাৰ বাবে ইৰ্ষণীয়। পাৰ্থৰ সৈতে অতিবাহিত কৰা এই সময়খিনিৰ বাবে মই তেওঁৰ ওছৰত
কৃতজ্ঞ, সুশান্তই কোৱাৰ দৰেই পাৰ্থই এক সোণসেৰীয়া বন্ধুত্ব
মোৰ দুহাতত তুলি দি
গৈছে। যি তুলনাবিহীন।
08-02-2019