Tuesday, 18 September 2018

শোকৰ ঐতিহ্য -- বতাহৰ চেঁচা তৰোৱাল




মৃতকৰ   শৰাধত   দুভৰিৰ  ধূলা  থৈ  শাখাতি  ৰাভাই  যেতিয়া   কান্দোনৰ  ৰোল  তোলে,  তেতিয়া   তেওঁ  চেতনাত   বহন   কৰি   নিয়ে  জনগোষ্ঠীৰ   শোক  --  শোকৰ  ঐতিহ্য,  আৰু   উত্তৰাধিকাৰ --  সমাহিত  এখনি  নদীৰ  দৰে  --  মাতৃৰ   বুকুত   বতাহৰ   চেঁচা  তৰোৱাল  নাচি  উঠে।   মৃতকৰ চোতালত  কুকুৰাৰ  ডিঙি   ছিগি  নামি  আহে  তেজৰ  পবিত্ৰ  নিজৰা।   আতালৰ  জোঙা  ভাঙি   নামি   আহে    পোকা   লগা  ছিনছিনা  মদৰ  পবিত্ৰ   নিজৰা।  শাখাতি  ৰাভাৰ  চকু   দুটিও   শোকৰ  উত্তৰাধিকাৰৰ  চঞ্চলা  নিজৰা  হৈ  উঠে। 

তিনিখলপীয়া   সাজ - পাৰ   পৰিধান  কৰি   তেওঁ   শোকৰ   উপাসনাথলীৰ   মাজ- মজিয়াত  ঠিয়দঙা  দিয়ে ।   সজাত   ধাৰণ  কৰে   স্বজনৰ  বিয়োগৰ  শোক।   জীৱিত  আৰু   মৃতকক   সংযোগ  কৰা  চকুৰ  পানীৰ  নিচিগা   ধাৰৰ  নৈ   বুকুলৈ  নমাই  আনে ।   চকুৰ   মণিত   গজে   পানীগছা ।   দীঘল   সুৰবোৰৰ  এখনি   অপাৰ্থিৱ   জালৰ   গাঁঠিবোৰলৈ  তেওঁ   সোমাই   যায়।   নিজৰ   সন্তানস্বৰূপ  মৃতকক  সমাজলৈ  ওভতাই   অনাৰ  দায়িত্ব  কান্ধত  লৈ   মাতৃ   গধুৰ  হৈ   উঠে।    তিতালাওৰ  টোকোৰাৰে   নামি  অহা  মদৰ  পবিত্ৰ  নিজৰাটি   শৰীৰত  বোৱাই   গোটেইজনী   মানুহ   চপচপীয়া  হয় ।  চকু  দুটি  তেওঁৰ   সুলকি  পৰে   আৰু   বগাই   গুচি  যায়   গাৱঁৰ  নঙলাবোৰ   পাৰ  হৈ,   মৰিশালি চেৰাই   গৈ,   শালবনৰ   কুঁহিপাতৰ   আগলিৰ  জুৰণি  পাৰ   হৈ ।  সহস্ৰ   ছহিদৰ  চিতাৰ  জুয়ে  লঠঙা  কৰা শিমলু  আৰু   মদাৰ  গছৰ  ডালত  পৰি   মৃতকৰ  পুনৰ   জনমৰ  সবিশেষ  বিৱৰি   বিনাই  থকা  থকা  কপোতী  পখীৰ কাষ   পায়গৈ । শিমলু -  মদাৰৰ  ডালত  সোঁৱৰণীৰ  এটি   বীৰগাথা  সাৰ পাই,  লৰ- চৰ  কৰি  উঠে।    লঠঙা  ডালৰপৰা  নমাই  আনি  মৃতকৰ  আৱাহনীৰ  হিয়া  ভঙা  গীত,   ‘‘অ' মানুহ''   বুলি মৃতকক  উদ্দেশি্য  তেওঁ  গায়---
পানচুনা ডালায়
মান্দাৰেনা ডালায়।।
অ....অকায় ডালায় পাকেয়ান 
ডুগডুগুৰ ডুগডুগুৰ
ত্ৰিঙেতা......তুখুৰছে
গো......মান্দায় 
পানচুনা ডালায়
মান্দাৰেনা  ডালায় ।।  
সুৰৰ  বৈ   অহা  নদীয়ে  মৃতকৰ  চোতাল  ওপচাই  দিয়ে।  সেই  ধলে   সমাজত  বহাসকলৰ  পবিত্ৰ  মদৰ   নিজৰাৰে  চপচপীয়া  হোৱা  শৰীৰ পখালি  নিয়ে।   শাখাতি  ৰাভাৰ  ডিঙিৰে  নামি  অহা  সুৰত   বিলীন   হৈ  তেওঁসৱে   বিনায় -- “অ'  মৃত আত্মা,  তুমি ক'ত আছা· শিমলু  গছৰ  ডালত  বহি, মদাৰ গছৰ  ডালত  পৰি  কিয়  কান্দি - কাটি  আছা·  খাল- বিল  পাৰ  হৈ  ক'লৈ গুচি গ'লা · তোমাৰ মিঠা মাতে  আমাৰ  মনত  কিমান  ভাল  লগাইছিল/   তুমি আকৌ ঘুৰি  আহা  আমাৰ কোলাত, আমাৰ মাজলৈ । অকছি  গছৰ  মৰা ঠানিত বহি,  কাউৰীৰ  ৰূপ ধৰি কা কা কৰি, কাক দেখি কান্দিছা·  আহা,   আকৌ  আমাৰ   মাজলৈ ! ”

ডাৱৰ  ভাঙি   সৰি  পৰা  পানীৰে   উতলা হোৱা  সুৰৰ   সহস্ৰ   নিজৰা  তেওঁৰ  ওঁঠলৈ  নামি  আহে।  নিজৰাবোৰ   লগ হৈ   নৈ  হয়।  শোকৰ  নদীত  সাঁতুৰি  আকু ল  হোৱা  শাখাতি  ৰাভালৈ  তেওঁসৱে  তধা  লাগি  চায়।   জলক - তভক   চকুবোৰত  তিনিখলপীয়া  সাজ  পৰিধান  কৰি   বিয়াকুল  হৈ   কন্দা   মানুহজনী  কজলা  পথাৰ   হৈ   এপলক   উজলি   উঠে।   আৱেগৰ  খুন্দাত  শাখাতি   ৰাভা  নিজেও   জিকাৰ  খাই  উঠে ।  বাঁহৰ   জখলাৰে    নামি  হাজিৰা   ক ৰিবলৈ  গৈ   গাৰোপাহাৰৰ   কয়লাৰ  এন্ধাৰ   কুৰুঙত  হেৰাই  যোৱা  একেটি   পুতেকলৈ  শোকৰ  গীত   গোৱাৰ  বিৱৰণী  এটি  তেওঁ   গাতেই   মথি  লয়।   মথি  লয়   মণিব  নোৱাৰা  এখনি   স্বাধীন   হাছঙৰ  চকা- মকা  সপোনত  মতলীয়া  হৈ   হাবিলৈ  গুচি যোৱা    নিজৰ   মানুহটোৰ  শৰাধৰ   গীত  গাবলৈ  নোপোৱাৰ    বিৱৰণী।    বন্দুকৰ   প্ৰশিক্ষ ণ   লবলৈ   মানুহটো   হাবিলৈ  গুচি  যোৱাৰ   পিছৰ    কঁপি  থকা  দিনবোৰ,  তেওঁৰ  লা-  বৰণীয়া  সাজ - পাৰৰ  তলত   পৰি   থকা উদং   ৰাতিবোৰ,    স্বাধীন   হাছঙৰ    বন্দুকধাৰীয়ে    কচুৱনিত   পুতি  থোৱা   বন্দুক  পুলিছ   আৰু  মিলিটেৰীয়ে    উঠাই   নিয়াৰ  সময়বোৰৰ   বিৱৰণী  তেওঁ   নিজৰ  গাত   মথি   লয়।   পাহাৰীয়া  মেলেৰীয়া   হৈ   নেদেখা   হাবিত  বুকুৰ   মানুহ   হেৰাই  যোৱাৰ  কণা-  মুণা   বিৱৰণী এটি   উঠি  আহে।   বৰষুণৰ পিছত  পাহাৰৰ   টিঙেৰে  ওলোৱা   ধোঁৱাৰ   দৰে  বিৱৰণী  উঠি  আহে,   উঠি  নাহে   মৃতক। 

সকলো   বিৱৰণী  মথি   লয়  তেওঁ।   বাৰীৰ   কচুৱনিত    বন্দুক  উদ্ধাৰ   হোৱাৰ  পিছত   বন্দুকধাৰীক  আশ্ৰয়   দিয়াৰ  জগৰত  কাৰাগাৰলৈ  অহা- যোৱা   কৰোঁতে ,  কাৰাগাৰত  থকাৰ   অজুহাতত  সমাজে   এৰি  দিওঁতে   উধাৰ - পৰাচিত   হৈ    সমাজত  সোমোৱাৰ  সকাম  পাতোঁতে   তামাই দেৱী  নামি  আহি    আশীৰ্বাদ   দিয়া  পাহাৰৰ  নামনিৰ  দ' পথাৰৰ   মাটিবোৰ  এডৰা  এডৰাকৈ হেৰাই  যোৱাৰ   বিৱৰণী   মৃতকক   ওভতাই   অনাৰ    গীতৰ  সতে   মাতৃয়ে  নিজৰ   গাতেই   মথি   লয়।  মথি  লয়   গাৱঁৰ চৌবাটাত  গাড়ী  ৰখাই  পুলিছ - মিলিটেৰীৰ  দল  আহি  তচ - নচ  কৰোঁতে  ল'ৰা-বোৱাৰী  ছেদেলি -ভেদেলি হোৱা ৰাইজৰ টিটকাৰী  আৰু  খং।

শৰাধৰ  চোতালত   মদৰ  নিজৰাটিৰ   ৰাগীৰে   মাতৃয়ে    সকলো  বিৱৰণী  নিজৰ   গাত  মথি  লয়।   সকলো   মৃতক  সমাজলৈ   উভতি  অহাৰ   বিৱৰণী   আৰু    বুকুৰ  মানুহ  মৃতক   হৈ  উভতি  নহাৰ  বিৱৰণী   বুকুৰ   কুৰুঙত   সুমুৱাই  তেওঁ   নিজেই   এখনি  হাছং  হৈ   উঠে/  পবিত্ৰ   সমাজক  সাক্ষী  কৰি  তেওঁৰ  শৰীৰত  এখনি  হাবি   গজি  উঠে।   হাবি  গেজেপনি --   হাবি  অগাইধনি  --  হাবি  সহস্ৰ  ছহিদ  জাহ  যোৱা   সেঁাৱৰণিৰ  শিলৰ  কুৰুং   বাস  কৰা ভূমি ।  সেই  হাবি   চিকুণ  হৈ  সাজি  উঠে    বায়খ'ৰ   উচৱৰ  কেঁচা  পিঠাগুৰিৰে  সেমেকি   উঠা  বেদী।   বলিত  কটা   যোৱা  গাহৰি  আৰু   সহস্ৰ   কুকুৰাৰ   ডিঙিৰে  নামি   বাহঁৰ  খোক  ভৰি  উঠা  তেজ  আৰু   তিতালাওৰ  টোকোৰাৰে     বাগৰি   মদৰ   নিজৰাটি   হাছঙলৈ   বৈ  আহে,  সেমেকাই  তোলে  ।  পূজাৰীৰ   আৱাহনী  আৰু   খাম- ব্ৰাংছিৰ    ছন্দত   পিঠাগুৰিৰ  বেদীৰ  মেগেলা  বন,  টংলতিৰ  আগ  সাৰ  পাই   উঠে ।  লৰ - চৰ কৰে।  বেতপাতৰ  কিৰীটি   পিন্ধি  কেঁচা  পিঠাগুৰিৰ   শৰীৰ   জোনৰ  শেঁতা  পোহৰত   লয়লাসে   নামি  আহে  ।  ফুলি   উঠে   পদুমৰ  পাহি । বিলৰ  পানীৰ  ভেঁট ।  কচুৱনিৰ   জোনাকী  উৰে।   জলি  উঠে   সাতখলপীয়া  মেজিৰ  অগণি ।  ময়ুৰৰ   লয়লাসে  কেঁচা পিঠাগুৰি  সানি  সেমেকি  উঠা   শৰীৰ   নাচি   উঠে,  নাচি  উঠে।   এন্ধাৰত   কুকুহা  উৰে।   পবিত্ৰ  কুকুহা  শিৰত ধাৰণ  কৰি,  অগণিত   স্নান   কৰি  বীৰৰ  দৰে  দেও  দি  গুচি  যায়  কেঁচা  পিঠাগুৰিৰ   শৰীৰ।  

 জাগ্ৰত   আৱাহনীৰে  হাছঙলৈ   আকাশৰ   বৰষুণ  নামি   আহে ।   শাখাতি   ৰাভা    জুৰুলি -  জুপুৰি  হয়  ।   তেওঁ পাহাৰৰ   নামনিৰ  পানীখেতিৰ  এখনি  দ  পথাৰ  হয়  আৰু   তামাই  দেৱীৰ  আশীৰ্বাদ   লবলৈ  এপলক   ৰৈ  দিয়ে ।   যাদু   আৰু   পৰম্পৰাৰ    এটি   শোক গাথাৰ   বঙিয়াত   শাখাতি   ৰাভাই    বাস কৰে ।  মৃতসকলক জনগোষ্ঠীৰ   কোলালৈ ওভতাই   অনাৰ   পবিত্ৰ   দায়িত্ব   মূৰ   পাতি   লয়।  হাঁহি আৰু কান্দোনৰ জিলিঙণিত  তেওঁ মুণিচুণিৰ   নঙলা  খোলে।  নঙলাৰে   ঘৰত  সোমালে  চোতালৰ এচুকত পানীৰ জুৰণিত দ'ম হৈ থকা নেগুৰীয়া  শামুক,   কেকোঁৰা   আৰু  এৰাগছৰ পাত খুৱাই  জীয়ন  দি  থোৱা  এৰীপলুৰ  লেটাবোৰ  লৰ- চৰ  কৰি  উঠে। একেটি নাতিয়ে তেওঁলৈ দুয়োহাত মেলি  দিয়ে।সাজযোৰ  সলাই  থৈ,  গা-টি  তিয়াই  লৈ  তেওঁ   নাতিৰ   কাষ  পায়গৈ।  গুজি  দিয়ে   নাতিৰ  হাতত  বিস্কুটৰ টোপোলা । নাতিয়ে   মেলি   ধৰে   স্কুলৰ  বহীত অঁকা  বিচিত্ৰ  আঁক- বাক।   নাতিক    বুকুত  সাৱটি   অময়া  সুখত  তেওঁ  দিনটোৰ   জুৰণীয়া  হাঁহিটি   মাৰে ।  


শাখাতি  ৰাভাই   যেতিয়া  হাঁহে,  তেতিয়া  তেওঁৰ   বিচৰণৰ   আটাইবোৰ  বাট   চকুৰ   পানীগছাই   ভেটি   ধৰে।  যেতিয়া তেওঁ  কান্দে,   তেতিয়া  সেই     পানীগছা  মানুহৰ   বুকুলৈ  নৈৰ  ধল   হৈ   নামি  আহে।   বুকুৰ  হাড়  জৰ-জৰকৈ   সৰে।দিনৰ বেহা  সামৰি  আজৰি    পৰত   জোঙা  ভাঙি    নামি  অহা   এটুপি   মদৰ   বাবে  জিভাখনি   তেওঁৰ  শুকাই   আহে।শুকাই  অহা  জিভা   ৰাতিৰ   বুকুৰে  মেলি  ধৰে।  জিভাৰ   পিয়াহ   জিভাত   সামৰি   বোৱাৰীয়ে  যতনাই   দিয়া   ভাতমুঠি   গিলি   গাটো   বাহঁৰ  চাংখনত   নমাই   দিয়ে।   তিনিখলপীয়া   সাজ- পাৰ   তেওঁৰ  খহি  পৰে।   দিঠক  আৰু   সপোনৰ   চিল-মিল  অগীয়া- বগীত  তেওঁ তামাই  দেৱী  নামি   আহি   আশীৰ্বাদ   দিয়া  দ  পথাৰৰ  মাটিকেইডৰা  পায়গৈ । নিজহাতে  বোকা   দিয়া   মাটিৰ    আঠালগা   বৰাধানৰ  খেতি   চপাই   আনে।  ৰ'দত   শুকুৱাই, উৰালত  খুন্দি ,   সাঁচতীয়া   বাখৰ  নমাই   আনি  পকা অঙঠা  আৰু  তিতালাওৰ  টোকোৰাৰ  তলত  জোঙা   পাতি   তৈয়াৰ   কৰে   হেঁপাহৰ মদ।   চিল- মিল  সপোনৰ  মদ   শূন্যলৈ  গুচি   যায়  । নামি  আহে   মৃতকৰ  আৱাহনীৰ  সুৰ   নিজৰাৰ   দৰে।     গভীৰ   হাবিত   মাজনিশাৰ   লাইকছ  দেৱতাক  পূজিবলৈ  যোৱা  নঙঠা   শৰীৰ   কিছুমান মূৰত  পাগ  মাৰি,  জঁপিয়াই   নাচি- বাগি   আহে! কয়লাৰ  নেদেখা   পুংবোৰ   বুকুৰ  সহস্ৰ   কুৰুঙৰ  সতে  একাকাৰ  হয়।   চৌবাটাত  গাড়ী   ৰাখি  নামি  অহা   পুলিছ - মিলিটেৰীজাকে   গাওঁখন ঘেৰি   ধৰি,  কচুৱনিত পুতি  থোৱা  বন্দুক   উলিয়াই   আনি   তেওঁৰ   শৰীৰেৰে   দুপদুপাই    পাৰ   হৈ   গুচি  যায়।  খহি  পৰে   তিনিখলপীয়া  সাজ,  চুলিৰ  খোপা।  দুপদুপাই   গুচি   যায়    কাৰাগাৰত   পৰাৰ   বাবে   গাওঁবাসীৰ   টিটকাৰী,  সমাজৰপৰা  বহিস্কৃত   হোৱাৰ  ভয়,  ৰাইজৰ  এজন  হবলৈ পতা  উধাৰ -  পৰাচিতৰ  সকামৰ  আৰ্শীবাদ ।  পাহাৰীয়া  মেলেৰীয়াত  নেদেখা   হাবিত  হেৰাই   যোৱা  শৰীৰ  মাটি  ফুটি  ওলাই  আহে।  লা-  বৰণীয়া  সাজপাৰৰ   তলত  পৰি  ৰোৱা  উদং  ৰাতি  উদং  হাতে  ভৰাই তোলে।

শাখাতি  ৰাভা  জিকাৰ  খাই  উঠে। জিভাখন  শুকাই   আহে ।  জোঙাৰ  গোন্ধ   শুঙি   দীঘলীয়া  বাঁহীটোৰ  দৰে  নাকৰ  ফুটা দুটি  ৰাতিৰ   বুকুৰে  দীঘল  কৰি  দিয়ে।  এজাক   চেঁচা   বতাহ    ফাৰকান্তি   শৰাধৰ   তৰোৱাল  হৈ  তেওঁৰ  বুকুত   নাচি   উঠে।  অচিনা  এক  ভয়ত   মানুহজনী  শিয়ৰি   উঠে।    শিতানৰ   দা   আৰু   ভৰিৰ  পঠানত  পেলাই  লোৱা  বাঢ়নীটাঁৰ  দুয়োটি  হ াতেৰে  খামুচি   ধৰে।   অপায়দেৱতা  দূৰ  কৰাৰ   সুৰ  এপদ   গায়  ।  শেহৰাতিৰ   টোপনিত  ঢলি  পৰে।

গঁৰালৰ   কুকুৰা  উৰি  আহি চোতালত পৰি  ধান খুজি মাতিলে তেওঁ খক-মককৈ  সাৰ পায় । বোৱাৰীৰ কোঠালৈ গৈ  মাতষাৰ  দিয়ে   আৰু   নাতিটোক   এবাৰ  কাষলৈ  চপাই   লয়।  দিনৰ  দিনটো   বোৱাৰীয়ে  বিচাৰি- খোচাৰি,  বুটলি  জীয়ন দি  ৰখা নেগুৰীয়া শামুক, কেকোঁৰা,  এৰীপলুবোৰ চপাই লয়।পদুমৰ  মোলান   আৰু   চকা,  ভেঁটফুলৰ আলু,   নিকৰি,  বাঁহৰ  গাজ  আৰু  বতৰৰ  আন  পাচলিৰ বেহাখন  সাজু  কৰি  লয়।  ঠেলাত তুলি  আনি  বোৱাৰীয়ে   বেহাখন  অট'ভানত  তুলি  দিয়ে । বাটৰ  বতাহ   দুফাল  কৰি   অটোভান   ধূপধৰাৰ  চ'কৰ পৰা সত্তৰ কিলোমিটাৰ দূৰৈৰ   মহানগৰীলৈ  ঢাপলি  মেলে।  শাখাতি   ৰাভাই  লগৰীয়াৰ  সতে  বস্তাৰ ওপৰতে  বহি  দিয়ে।  উধাতু খাই অহা গাড়ীত শাখাতি ৰাভাৰ  চকু  দুটি সুলকি   পৰে । সুলকি   পৰা   চকু  শালবনৰ সেউজীয়া  আগলিত   ঢপলিয়াই  ফুৰে।  পুৱাৰ  ৰ'দে   আহি  তাত  ছাঁ  আৰু  পোহৰৰ  লুকা- ভাকু  খেলে।   মৃতকৰ  শৰাধত  শিমলু   আৰু  মদাৰৰ  লঙঠা   ডালৰপৰা   নমাই   অনা  দীঘল  সুৰটিৰ   দৰে   শালবনৰ    জুৰণিৰপৰাও  তেওঁ  কিবা   এটি   খেপিয়াই   আনিব  খোজে।  ছাঁ  আৰু  পোহৰত ঠেকা  খাই  চকু  দুটি  বাৰে  বাৰে  উভতি আহে।    জিভাখনি  তেওঁৰ   জোঙা   ভাঙি  নামি  অহা   এটুপি  মদৰ    বাবে   শুকাই   আহে।   শুকাই    অহা  জিভা    বতাহৰ  বুকলৈ  মেলি  দিয়ে।  জোঙাৰ   গোন্ধ  শুঙি দীঘলীয়া  বাঁহীৰ  দৰে  নাকৰ  ফুটা  দুটি  বতাহৰ  বুকুৰে  দীঘল  কৰি দিয়ে।  নেগুৰীয়া  শামুক, কোকোঁৰা, এৰীপলুবোৰ  লৰ-চৰ কৰি   উঠে।  গাড়ীৰ   থেকেচনি আৰু  ৰ'দৰ  তাপত   অমাত  জীৱবোৰ  আধা জীয়ে, আধা  মৰে। আধা   মৰা জীৱৰ  গাৰপৰা অহা  গোন্ধ  এটাই  তেওঁৰ  নাকৰ   বাট  ভেটি  ধৰে।

জনগোষ্ঠীৰ  শোকৰ  ঐতিহ্য  বহন  কৰা  মাতৃয়ে  অট'ভানৰপৰা  নামি  বেগাবেগিকৈ   বস্তাবোৰ  নমায়।   মহানগৰীৰ  পদপথ  দখল   কৰি   বেহাখনি মেলি    ধৰে    ।   এখনি  থৈলা  পাৰি  এপদ  এপদকৈ   বস্তুবোৰ  সজাই  যায়।  উচিত   দাম  লৈ,   হাঁহি - মাতি  মুখৰ   হৈ   গ্ৰাহকক   তুষ্ট কৰে।   খাকী  সাজ   পিন্ধা  লাঠীধাৰীৰ   আপচু  মাত,   লাঠিৰ  খোঁচ    লগৰীয়াকেইজনীৰ  দৰে   সহজতে     গা -  পাতি  লয়।  উে২৬দৰ    হুইছেল  বাজিলে    উধাতু  খাই   বেহাখনি  সামৰি    চূকলৈ   লৰ   মাৰে।   চুচুক- চামাককৈ   ওলাই    আহি   সুযোগ    বুজি   খাকী পোচাকধাৰীৰৰ   হাতত গুজি  দিয়ে   টকাৰ  টুপলি।    প্ৰস্ৰাৱৰ   সুবিধা  নোহোৱাৰ  বাবে   যোনিৰ  পথত  হোৱা  জলা- পোৰাৰ   বেদনা   এটুপি  মদৰ  বাবে   শুকাই   অহা   জিভাখনিৰ  দৰেই   নিজৰ   গাত  মথি  লয়।    নিজৰাৰ   দৰে   নামি  অহা  ঘাম  কাপোৰৰ  তলেৰে  সৰকি  যায়।   টেঙাপানীৰ   উগাৰ,   নামি  অহা  ঘাম   আৰn   প্ৰস্ৰাৱৰ   লুণীয়া   বেদনাই   মৃতকৰ  চোতালৰ    শোকৰ   সুৰ  পাহৰাই   থয়।সহস্ৰ    গ্ৰাহকৰ   ভৰিৰ   ধূলা,  মুখৰ   থুই,  সন্ধিয়াৰ   মদাহীৰ  প্ৰস্ৰাৱৰ   বীজাণুৰে  ভৰি   থকা  পদপথৰ  চূকলৈ  গৈ  ষ্টীলৰ   টিফিনৰ টেমাতো  খোলে   আৰু   হাতখন   ধুই   বোৱাৰীয়ে   সজাই     দিয়া  ভাতখিনি  চুচুক - চামাককৈ  খাই   লয়।   বেহা  সামৰি  পদপথত   বহা  চাহৰ  দোকানত  এটুপি  চাহ   খাই,    নাতিলৈ  বিস্কুটৰ  পেকেট,  ঘৰুৱা বজাৰৰ  টোপোলা  সামৰি  ওভতনিৰ   বাচত উঠে।

চিনাকি   গাড়ীত   ভাৰাটো  শোধায়েই     ভাগৰত  তেওঁ   চকুযুৰি   মুদি  দিয়ে ।   গাড়ীৰ  পিচফালৰ   চিট   এটাত  বহি   আৰামেৰে  বহি    শৰীৰটো  বাচৰ  হেন্দোলনিৰ  সতে  দুলাই   দুলাই   তেওঁ  নিজকে  নিচুকায়।    সোঁৱৰণি    আৰু   পাহৰণিৰ   নিজৰাবোৰ  নামি   আহি   তেওঁৰ   চকুত  জুৰ  লয়।    বেপাৰৰ  টকাৰ  মোনাটিত   তেওঁ  আলফুলে   আঙুলিবোৰ   বুলাই  দিয়ে।   মুখলৈ   হাঁহি  এটি  নামি  আহে।   স্কুলৰ   ইউনিফৰ্ম   পিন্ধি,  পিঠিত  কিতাপৰ  বেগ   লৈ   একেটি  নাতিয়ে   স্কুললৈ  যোৱাৰ   ছবিখনি  চকুত   ভাহি  উঠে।  তাৰ   স্কুলৰ   বহীৰ  অঁভজা  ছবিবোৰে   কচুৱনীৰ জোনাকী  হৈ  বায়খ'ৰ বেদীৰ  ফুটুকী  তৰা সাজে।    উভতি  অহাৰ বাটত   তেওঁৰ   চকুÿযুৰি  সুলকি  শালবনৰ  আগলিত  ঢপলিয়াই   ফুৰিব   নোখোজে ।   বাচৰ  জোকাৰণিত    দুলি   দুলি   মানুহজনী   আপোনমনে   টোপনি  যায়।  “আইতা --  উঠক, উঠক ”    বুলি চিনাকি  হেণ্ডিমেনে   টোপনিৰপৰা   জগাই    ধূপধৰাৰ  চ'কত   নমাই  দিয়ে।  ভগৰুৱা  দেহাটো  তেওঁ  নিলগতে থকা  গাওঁখনিৰ    মুণিচুণিৰ   নঙলালৈ  টানি   নিয়ে।   গা- পা ধুই   বোৱাৰীয়ে  দিয়া  চাহটুপি  খায়,  টকাৰ  মোনাটো  চমজাই   দিয়ে  আৰু   নাতিক কোলাত   লৈ  অময়া    হাঁহিটি   মাৰে । বিস্কুটৰ  টোপোলাতো  গুজি  দি,   কোলাত   বহুৱাই    লৈ  তাৰ  স্কুলৰ  কিতাপ আৰু   বহীৰ  সতে  ধেমালি-  ধুমুলা  কৰে  ।  আইতাই   নাতিক   শুনায়  সোঁৱৰণিৰ   সাধুকথা --    হকতপলা পাহাৰৰ   ভয়ংকৰ   বৰসাপে  মানুহ   গিলাৰ  সাধু।    বোৱাৰী  পাগত   সোমায়।  সাধু   শুনি   নাতি টোপনিত   ঢলি  পৰে  ।  

নাতি  টোপনিত   ঢলি  পৰে  ।   আৰু   শাখাতি   ৰাভাৰ  সেঁাৱৰণিৰ   সাধু   হকতপলা  পাহাৰৰ    বৰসাপ   হয়।    পেট  পেলাই   চুঁচৰি   আহে   ভাৱনাৰ    বৰসাপ ।   শাখাতি  ৰাভাক   কুণ্ডলী  পকাই  মেৰিয়াই    ধৰে  --   মূৰৰপৰা   গিলি   আনে --    আৰু   ওকালিয়াই    দিয়ে।গিলি  আনে  --  আৰু   ওকালিয়াই  দিয়ে।  শাখাতি  ৰাভা  মৰে --   আৰু   জীয়ে।   ফাৰকান্তি   শৰাধৰ  নাচনি  কাঠিৰ   তন্দালেংকা  পখী  নামি  আহে।    শাখাতি   ৰাভাৰ   বুকুৰ  সহস্ৰ  কুৰুঙৰ  শুকাই  নহা  ঘাঁ  সি  চোকা  ঠেঁাটেৰে   খুঁটিয়াই   খুঁটিয়াই   আকৌ  এবাৰ   তচ - নচ কৰে।      গোপন   এন্ধাৰ   ভাঙি  ফুচ - ফাচ  মাত- কথা  ওলাই   আহে।  খাৰ  দিয়া  মাটিকলাইৰ  বীজলত   নেগুৰীয়া   শামুকৰ  কোমল  মঙহৰ   পিঠালি  এখন  শূন্যলৈ  ওপঙি  উঠে।  বেৰৰ   জলঙা   ফুটি  ওলাই    আহে   চিকাৰী  চকু।   গজ গজ কৈ  বাঢ়ি  আহিব  খোজা   একেটি   পুতেকৰ  হাতত  শাখাতি  ৰাভাক  গতাই ,   পাহাৰৰ   নামনিৰ  দ'  মাটিৰ   শালিখেতিৰ  মাটি   চমজাই    বুকুৰ  মানুহ টো   সপোনৰ  পম  খেদি  গুচি   যায়।   নেদেখা   হাবিলৈ   গুচি  যোৱাৰ   বাটত    শাখাতি   ৰাভাৰ   চোতাল  বন্দুকধাৰীৰ   ভাতঘৰ  হয়।   জুহালত   ৰাতিৰ  সাজ   টকালি  পাৰি   খাই ,  স্বাধীন  হাছং   বিচৰা  বন্দুকধাৰীৰ   দল   মেকুৰীৰ   খোজেৰে   শালবনৰ   অৰণ্য  ভাঙি   হাবিৰ   গভীৰলৈ   গুচি  যায় ।   শাখাতি  ৰাভাৰ   লা- বৰণীয়া  তিনিখলপীয়া  সাজপাৰৰ   আঁৰত   উদং   ৰাতি   পৰি   থাকে । নেগুৰীয়া  শামুকেৰে   ৰন্ধা   মাটিকলাইৰ  সিজোৱা  খাৰৰ   বীজলে   তেওঁৰ   ডিঙিটো  সোপা   মাৰি  ধৰে।   ৰাতিটো    বৰসাপ  হৈ   আহে।   কুণ্ডলী   পকাই  শাখাতি   ৰাভাক  মেৰিয়াই   ধৰে ।   গিলি   আনে,   আৰু   ওকালিয়াই    দিয়ে।   গিলি   আনে,  আৰু   ওকালিয়াই  দিয়ে। 

জোনাক ত  ফুটা  মায়াপী   ফৰিং  খাই  কোন   আওমৰণে   মৰে! কচুৱনিত   পুতি   থোৱা  বন্দুকৰ  নলী  মূৰ  দাঙি   উঠে।   শাখাতি   ৰাভাৰ   জুহালত  মাটিকলাইৰ   পিঠালিৰে   ভাত   খাই   গুচি যোৱা   কোন  বন্দুকধাৰীয়ে   কচুৱনিত  বন্দুক   পোতে --  কোনে  কামোৰ  মাৰে  তেওঁৰ   বুকুৰ আগলিৰ   মঙহ!  মুঠিৰপৰা  হেৰাই  যায়   তামাই  দেৱী নামি আহি    আৰ্শীবাদ  দিয়া  পাহাৰৰ  নামনিৰ   দ মাটিৰ  শ্যামলা   পথাৰ !

গজ গজকৈ  বাঢ়ি  অহা  পুতেক   পুলিছ  আৰু   মিলিটেৰীৰ  হাত   সাৰিবলৈ  গাৰোপাহাৰলৈ  গুচি  যায়।   কয়লাৰ  এন্ধাৰ  পুঙলৈ   নামি  গৈ  লৈ   আহে   উপাৰ্জনৰ   সৰহীয়া  ধন।  শালকাঠৰ   খুঁটা  পুতি , টিনৰ  চাল  তুলি  কেঁচী-  বাতামৰ   ঘৰ তোলে।   লা-  বৰণীয়া  তিনিখলপীয়া   সাজ   পিন্ধি   ঘৰলৈ  আহে   লখিমি  বোৱাৰী --   কাঠৰ   হেঁতাৰে  বোৱাৰীয়ে   বিলায়  সাঁচতীয়া  গাহৰিৰ  মঙহৰ ভোজ।   ধূসৰ  হৈ    আহে  বন্দুকৰ   বিৱৰণী/   শাখাতি  ৰাভাৰ   বুকু   জুৰাই   আহে    কোলালৈ    নাতি  আহে।   সুলকি  পৰে  শাখাতি  ৰাভাৰ   চকু।তামাই  দেৱী নামি আহি   আৰ্শীবাদ  দিয়া  পাহাৰৰ   নামনিৰ   মাটিকেইডৰা  পায়গৈ।  মাটিকেইডৰা   ওভতাই   অনাৰ  সপোন  এটা  সুলকি  পৰা   চকু  দুটাই   ধৰি   আনে। 

আৰু  এদিন  গজগজকৈ   বাঢ়ি অহা   ডেকাটো  ওপৰৰ  মাটিয়ে হেঁচা  মাৰি ধৰা  কয়লাৰ  কুৰুঙত  হেৰাই  যায়।    লগৰীয়াই   কঢ়িয়াই   আনে  তাৰ  জীৱ নথকা দেহ।  ক্ষতিপূৰণৰ  কেইহাজাৰমান  টকাৰ   সতে   মৃতক  হৈ  কয়লাৰ   কুৰুঙৰপৰা   উঠি আহে।   শোকৰ ঐতিহ্য   বহন কৰি  নিয়া   মাতৃ   মৃতকক  ওভতাই   অনাৰ  গীতটো  গাবলৈ  গৈ    বাৰে  বাৰে  ঢলি  পৰে।

শামুক, কেকোঁৰা, এৰীপুলৰ  লেটা,   বনৰীয়া শাক-পাচলিৰ বেহাখন  লৈ  শাহু  আৰু  বোৱাৰী  বাটলৈ  নামি  আহে।  লগৰীয়াই   দেখুৱাই   দিয়ে   মহানগৰীৰ  পদপথত   উপাৰ্জনৰ   নতুন  পথ।   ইউনিফৰ্ম   পিন্ধি   স্কুললৈ  যোৱা  নাতিলৈ  চাই  অটোভানত  উঠি  তেওঁ  এইছাটি  বতাহ  গাত   লগাই   লয়।  স্বজনৰ   বিয়োগ   হ'লে  বেহাখন  সিদিনাৰ      বাবে   সামৰি  থয়।   শৰাধৰ  শোকৰ  উপাসনাথলীৰ  মাজ- মজিয়াত  ঠিয়দঙা  দিয়ে  ।  জোঙা ভাঙি  তিতালাওৰ টোকোৰাৰে  নামি  অহা  মদৰ  নিজৰাত সকলো শোক  একাকাৰ কৰি  কান্ধত তুলি   লয়   জনগোষ্ঠীয়   শোকৰ    ঐতিহ্য  । 

অনেক  ধামখুমিয়াত   স্বাধীন   হাছঙৰ   সপোনৰ  বিৱৰণী    ধূসৰ   হৈ   পৰে।   তেজ,   বন্দুক , হেৰাই  যোৱা  মাটি   আৰু  নেদেখা  পাহাৰত  হেৰাই   যোৱা  আপোনজনৰ  বিৱৰণীৰে   নতুন    সমীকৰণ   হৈ  যিদিনা   হাছঙলৈ   আহে    স্বায়ত্বশাসন --  জনগোষ্ঠী  মতলীয়া  হয়   আৰু   উচৱৰ  আনন্দ  বিয়পি  পৰে --  সেইদিনা   উচৱলৈ  লোক  সংগীতৰ   বিশিষ্ট   শিল্পী  হিচাপে   শাখাতি  ৰাভায়ো   এভাগ  নিমন্ত্ৰণী    পায়।   বোৱাৰীয়ে  তিনিখলপীয়া  পবিত্ৰ  সাজ   পিন্ধাই  তেওঁক  উচৱৰ  মজিয়ালৈ  আগবঢ়াই   দিয়ে।  স্বজন- স্বজাতিৰে  ভৰি  পৰা  উচৱৰ   পথাৰৰ   অতবোৰ   লোক দেখি  শাখাতি   ৰাভাই ৰ লাগি  ৰয়।   চকুৰ    পানীগছাই    সন্মুখৰ  আটাইবোৰ  বাট   ভেটি  ধৰে  ।  জাকি   মাৰি   উঠি   আহে   কচুৱনিত  পুতি   থোৱা  বন্দুক -- নেগুৰীয়া  শামুকৰ  মঙহেৰে    মাটিকলাইৰ  বীজল   পিঠালি  --  গোপন এন্ধাৰ  ভাঙি   ফুচ- ফাচ কথা --  বেৰৰ  জলঙা  ফালি   চিকাৰী চকু।    স্বাধীন  হাছঙৰ  সপোন দেখি    হেৰাই  যোৱা  বুুকুৰ    মানুহটোৰ  বিৱৰণীৰ   এচমকা  উচৱৰ  মজিয়াত কোনোবাই   কব   বুলি   আশাৰে   বাট   চাই   ৰয়।   বন্দুকধাৰীক   আশ্ৰয়   দিয়াৰ  অপৰাধত   কাৰাগৰাৰলৈ   অহা-  যোৱা কৰোঁতে   তামাই  দেৱী   নামি  আহি   আশীৰ্বাদ  কৰা   মাটি কেইডৰা  হেৰাই  যোৱাৰ   কথাষাৰ  কবলৈ  সুবিধা  এটি   পাব  বুলি    আশাৰে   বাট   চাই   ৰয়।  পুলিছ -  মিলিটেৰীৰ  অত্যাচাৰত  গৰোপাহাৰৰ   কু য়লাৰ কুৰুুঙলৈ  নামি   যোৱা একেটি  পুতেকৰ   কথাষাৰ   কোৱাৰ  সুবিধা  এটি   পাব   বুলি   আশা  পালি  ৰৈ  দিয়ে   তেওঁ।   চকুযুৰি   সুলকি  পৰে।   সুলকি  পৰা  চকু   মঞ্চত  উপবিষ্ট   বিশিষ্টসকলৰ  তিৰবিৰ   চকুৰ  আগলিত   বগাই   ফুৰেগৈ  ।  শিমলু  আৰু   মদাৰৰ  লঙঠা ডালৰপৰা  মৃতকৰ ওভতনিৰ আৱাহনী  গীত  নমাই   অনাৰ  দৰে   মঞ্চত  উপবিষ্টসকলৰ  তিৰবিৰ    চকুৰপৰাও  নিজলৈ  এটি  ৰেঙণি  নমাই  আনিব  খোজে  তেওঁ। 

 অৱশেষত  মাতৃয়ে   কৃষ্টি   দলৰ  হৈ  মৃতকৰ  আৱাহনীৰ    পবিত্ৰ  গীতটি  পৰিবেশন কৰাৰ   সুবিধা  পায়।    জনগোষ্ঠীৰ  শোকৰ  ঐতিহ্য  বহন  কৰা  মাতৃয়ে  সকলোৰে  সন্মুখত  এটি  ৰাজহুৱা   সম্বৰ্ধনা  পায়।  মৃতকৰ   শৰাধৰ  গীতটি    গাই শাখতি  ৰাভাই  যেতিয়া  উচৱৰ   মজিয়াত  কান্দোনৰ ৰোল তোলে , তেতিয়া  চকুৰ   পানীগছা  নৈ  হৈ   অতবোৰ  ৰাইজৰ  চকুলৈ  বৈ    আহে।  আৱেগত  ৰাইজ   জুৰুলি -  জুপুৰি হয়।    গীতৰ  শেষত  ভাগৰুৱা  দেহাৰে  তেওঁ   কৃষ্টিদলৰ   সদস্যসকলৰ   সৈতে   উভতি  আহে।    চকুযুৰি   সুলকি   পৰে।   সুলকি  পৰা  চকু    শালবনৰ   আগলিত   দৌৰি   ফুৰে।   বোৱাৰীৰ  হাতত   তুলি   দিয়া   বেপাৰৰ   পইচাৰ  মোনাখন  উজলি  উঠে।    শিমলু   আৰু  মদাৰৰ  লঠঙা    ডালৰপৰা   মৃতকৰ ওভতনিৰ  গীতটি   নমাই   অনাৰ   দৰে    বাটৰ  কাষৰ   শালবনৰ  আগলিতো    চকু   দুটিয়ে  কিবা  এটি  খেপিয়াই   ধৰিব  খোজে।  জোঙা   ভাঙি  নামি   অহা  এটুপি  মদৰ   বাবে   জিভাখনি তেওঁৰ  শুকাই   আহে।   শুকাই   অহা  জিভা তেওঁ    বতাহৰ    সেঁাতলৈ  উলিয়াই     দিয়ে ।  জোঙাৰ   গোন্ধ  শুঙি   নাকৰ   ফুটা  দুটি  দীঘলীয়া  বাঁহীটিৰ   দৰে   বতাহৰ   সোঁতলৈ   উলিয়াই   দিয়ে। 

সম্বৰ্ধনা গ্ৰহণ কৰি  মুণিচুণিৰ নঙলাৰে সোমাই  আহোঁতে শামকু, কেকোঁৰা, এৰীপলুৰ লেটাবোৰ  লৰ-চৰ কৰি উঠে  জঁপিয়াই ,  হাত মেলি   আহে   নাতি।  হাত মেলি   অহা    নাতিক  সাৱটি  ধৰাৰ  উলাহ  এটিয়ে   চুই   যায়  শাখাতি  ৰাভাক।   বহন  কৰি  অনা  অনেক সোঁৱৰণি   আৰু  পাহৰণিৰ   বিৱৰণীৰপৰা  এই   উলাহটি   তেওঁ   দুয়োটি    হাতত  তুলি  লয়।   আৰু  সন্মুখৰ  আন  এটা   দিনৰ  বাবে  সাজু   হয় ।  

সাজু   হয়   জনগোষ্ঠীৰ   শোকৰ  ঐতিহ্য  বহন  কৰি  অনা  মাতৃ  --  আন  এটি   দিনৰ   বাবে --   সমাহিত   এখনি   নদীৰ  দৰে  --   মাতৃৰ   বুকুত  বতাহৰ  চেঁচা  তৰোৱাল  নাচি  উঠে।    
 ---------



কৃতজ্ঞতা -- শ্ৰীযুতা  দূৰ্গাৱতী  ৰাভা, চৰাইবাহা গাওঁ, ধূপধৰা  আৰু  শ্ৰীযুত  হিতেশ্বৰ ৰাভা,  নিখিল ৰাভা ছাত্ৰ সন্থা

[টোকা--  ৰাভাসকলে মৃতকক অতি অভিনৱ পদ্ধতিৰে  সন্মান জনায়।   শ্ৰাদ্ধৰ দিনা  বীৰসকলৰ  গাথাৰে ৰঞ্জিত গীত গাই গাই  সেই   মৃতকক পুনৰ  ৰাভাসমাজলৈ উভতি আহিবলৈ আহ্বান জনায়।   শোকৰ গীত  গোৱাৰ  বাবে   নিৰ্দিষ্ট    মহিলা থাকে।  অৱস্থাপন্নসকলে   ফাৰকান্তি   আৰু তাৰাংকাজি নামৰ  বিশেষ  শ্ৰাদ্ধ  পাতে।  সোঁৱৰণিৰ ছদিহৰ  বীৰগাথা, ৰাভাসকলৰ  শৌৰ্য-বীৰ্যৰে মণ্ডিত  গীত পৰিবেশন কৰি ঢাল   তৰোৱাল  লৈ  নৃত্য  কৰে ।  ফাৰকান্তি  শ্ৰাদ্ধৰ  নৃত্যই  হৈছে  ৰাভাসকলৰ  বিখ্যাত   ফাৰকান্তি  নৃত্য । 

হাছং - ৰাভাসকলৰ  বাসভূমি, জোঙা -- মদ তৈয়াৰ কৰা  মাটিৰ পাত্ৰ, ছিনছিনা --  সাঁচতীয়া অতি উৎকৃষ্ট মদ, তন্দালেংকা - কাঠৰোকা  চৰাই।   ৰাভাসকলে   মৃতকৰ  ফাৰকান্তি  শৰাধত কৰা নৃত্যত   এডাল  কাঠিত  কাঠৰ  মাছৰোকা [মাছালেংকা]  আৰু  বাঢ়ৈটোকা চৰাই  নচুৱায়। তামাই - শস্যৰ অধিষ্ঠাত্ৰী  দেৱী,   চৌবাটা--  গাৱঁৰ বাটচ'ৰা। ]  

8 comments:

  1. Amazing Ratna baa..... it has an excuisite poetic appeal

    ReplyDelete
  2. Darun Sundar lekha ,deeply feeling rabha life .

    ReplyDelete
  3. It feels like a montage - appealing to eyes n ears. It touched my heart so deep that I felt something choking me at times n soothing me d very next moment like a lullaby. Amazing Ratnaba.

    ReplyDelete
  4. Thank you so much. I am deeply touched by your intense words.

    ReplyDelete
  5. This comment has been removed by the author.

    ReplyDelete
  6. পানচুনা ডালায়
    মান্দাৰেনা ডালায়।।
    অ....অকায় ডালায় পাকেয়ান
    ডুগডুগুৰ ডুগডুগুৰ
    ত্ৰিঙেতা......তুখুৰছে
    গো......মান্দায়
    পানচুনা ডালায়
    মান্দাৰেনা ডালায় ।।
    অনুগ্ৰহ কৰি এই বাক্য কেইশাৰীৰ প্ৰতিটো শব্দৰ অৰ্থ সহ অসমীয়া ভাঙনি কৰি দিব নেকি বা? দিলে বহুত সুখী হম। ধন্যবাদ

    ReplyDelete