Thursday, 18 January 2018

পাবলো নেৰুদাৰ কবিতাৰ অনুবাদ




মাটিল্ড উৰুটিয়া মই তোমাক ইয়াতেই এৰি থৈ যাবলৈ ওলাইছোঁ
মোৰ যি আছিল, মোৰ যি নাছিল
মই যি হওঁ, মই যি নহওঁ।
মোৰ ভালপোৱা এটি ক্ৰন্দনৰত শিশু
তোমাৰ বাহু এৰি আহিব নোখোজা
মই তাক তোমাকেই গতাই যাম ইয়াত সৰ্বতিকাললৈ
মই তোমাকেই বাচি লৈছোঁ।

মই তোমাকেই বাচি লৈছোঁ
বেছিকৈ উচতনি পাই বতাহৰ
দক্ষিণৰ শীৰ্ণ বিৰিখবোৰতকৈও,  
জুপি হেজল গছ আগষ্টৰ,
মোৰ বাবে তুমি ইমান সুমিষ্ট
এখনি ডাঙৰ বেকাৰীৰ দৰেই
তোমাৰ আছে এখনি মাটিৰ হিয়া
কিন্তু তোমাৰ বাহু দুটি যে সৰগৰপৰা অহা।

তুমি ৰঙা আৰু মছলাদাৰ
তুমি বগা আৰু নিমখীয়া
চাৰৰ পিয়াজৰ দৰে
তুমি এটি হাঁহি থকা পিয়ানো
এটি এটি কৰি মানৱীয় সুৰেৰে গথা
আৰু সংগীত ধাৱমান হয় মোৰ ওপৰেৰে
তোমাৰ চকুৰ পতাৰপৰা তোমাৰ চুলিৰপৰা
তোমাৰ সোণৰ ছায়াত মই বাগৰি থাকোঁ
তোমাৰ কাণেৰেই মই বিমুগ্ধ হওঁ
যদিওবা সিহঁতক মই আগতে দেখিছিলোঁ
সাগৰতলিৰ পোৱালমণিবোৰত
সাগৰত তোমাৰ নখবোৰৰ কাৰণে
মই মাছবোৰভয় খুৱাই গৈছিলোঁ.......

কেতিয়াবা আমি যেতিয়া বন্ধ কৰি দিম জীয়াবলৈ
বন্ধ কৰি দিম আহিবলৈ আৰু যাবলৈ
ধূলিৰ সাততৰপীয়া কম্বলৰ তলেৰে
আৰু মৰণৰ শুকান ভৰিবোৰেৰে
আমি আকৌ কাষ চাপিম প্ৰিয়তমা
আশ্বৰ্য-চকিত হ’ম, বিবুধিত পৰিম ।
আমাৰ সুকীয়া সুকীয়া পাখিবোৰ   
আমাৰ গুণগুণণি তোলা চকুবোৰ
আমাৰ ভৰিহালি যি পোৱা নাছিকাহানিও লগ
আৰু খোদাই কৰি থোৱা আমাৰ চুমাবোৰ,
আৰু আমি উভতি আহিম একেলগে।
কিন্তু সিনো আৰু কিডাল  ভাল কৰিব আমাৰ বাবে,
এই কবৰৰ কাষলৈ গৈ থকা
আহা, জীৱনে যাতে আমাক নকৰক পৃথক
আৰু, মৰণক কোনেনো খাতিৰ কৰিছে?   


(আনন্দৰ কথা যে, পাবলোৱে ভাল পাইছিল, আৰু সেইবাবেই মই ইয়াত কব বিচৰা নাই যে, আমি তেওঁক এমিনিটৰ শোকেৰে সুৱঁৰিম। নাই নাই-- মই পাবলোক এক মিনিটক অনন্দও বিচৰা নাই --বিচাৰিম বহুতো কোলাহল, অনেক প্ৰশংসা   -- টিট্ৰ’ কপ’ল’কা)

(মই সুখী, অৱশেষত মই মোৰ পাবলোৰ সৈতে এক হবলৈ ওলইছোঁ --  মাটিল্ড উৰুটিয়া, জানুৱাৰী ৫, ১৯৮৫ পুৱাৰ তিনিবজা)

-------







গোটেই দীঘলীয়া  জাৰকালিটোত

তইৰ আয়নাৰ চকুৰে নিগৰি আছিল ৰহস্যময়ী চকুলোবোৰ

আৰু পৰি আছিল তাইৰ গালত, সৰি পৰা নাছিল

পলৰীয়াসৱে কৈছিল, এয়া চেঁচুকনিহে

এটি আশ্বৰ্য, মই কওঁ শ্ৰদ্ধা অৱনত হৈ….

কিন্তু তাই কিয়বা উচুপে?



-----






যেতিয়া তেওঁলোকে মোক চাবলৈ খোজে,  তেওঁলোকে এতিয়া জানে

তেওঁলোকে মোক চাব লাগিব য’ত মই নাই

আৰু যদি বাকী থাকে তেওঁলোকৰ সময় আৰু  মাতবোৰ

পাতি চাব পাৰে এবাৰ কথা  মোৰ প’ৰট্ৰেটখনেৰে।


----------


Source - Pablo Neruda - Absence and Presence
Translation into English by Alastair Reid 





 ()

ময়েই পাবলো চৰাই
এখনি  ডেউকাৰ চৰাই
মই পৰিচ্ছন্ন  ছায়াবোৰেৰে উৰোঁ
আৰু  বিবুধি  পোহৰেৰে
মোৰ ডেউকাহালি  অদেখা
মোৰ কাণে  কঁপণি তোলে শৱদত
যেতিয়া  মই  উৰোঁ বিৰিখৰ মাজে
অথবা কবৰ শিলা তলে
এটি  শোকৰ  ছাতিৰ  দৰে,
অথবা এখনি লঠঙা হেংদান
এখনি ধনুৰ দৰে নিয়াৰি,
অথবা  আঙুৰৰ দৰে  গোল ।
মই উৰোঁ,  মই  উৰোঁ নজনাকৈয়ে
ৰাতিৰ  আঘাতত ।

যিসকলে মোক কামনা কৰে তেঁওলোক  তাতে আছে.
যিসকলে  মোৰ গীশুৱলা হেন  নাপায়,
যিসকলে  কামনা কৰে মোৰ মৰণৰ দশা
যিসকলে  নাজানে  মই  আহিছোঁ
আৰু  যিসকলে মোক পাবলৈ নাহিব ওলাই,
মোক আঘাত দিবলৈ,  মোক ভুল বুজিবলৈ
আৰু  মোৰ ভঙা ডেউকা  চুমিব  
বতাহৰ এটি  সুহুৰি  হৈ।
সেয়ে  মই  আহোঁ  আৰু  যাওঁ
কিন্তু উৰোঁৱেই  বা নুৰোঁ, মই  গাওঁ
ময়েই সেই  জুৰুলা  চৰাই
ধূমুহাৰ  নীৰৱতাৰ ।  


 [দুই

মই  যদি  মৰোঁ,  মোক  এনে  প্ৰাণান্তিক  সাধনেৰে  জীয়াই  ৰাখিবা
যে  তুমি  জগাই  তুলিব  পাৰা  বিৱৰ্ণ  পাল  আৰু  চেঁচা,  
তুলি  ধৰিবা  অবিনশ্বৰ  চকুহালি দক্ষিণৰ পৰা দক্ষিণলৈ
আৰু  তোমাৰ  গায়কীৰে সপোন  ৰবিৰ  পৰা  ৰবিলৈ। 
মই  তোমাৰ হাঁহি অথিৰতালৈ খোজটি  নিবিচাৰো
মই  নিবিচাৰো  মৰণলৈ মোৰ  হৰষিত ঐতিহ্য

মই মানুহজনক  নামাতিবা। মই  নাই। 
মই  থাকোঁ নিজে  নথকাৰ স'তে যেন  এখনি  ঘৰতহে

মইবিহীনতা এখনি  ঘৰ,   ইমান বিয়পা
যে ভিতৰেদি  তুমি  অপ্ৰয়াসে  সৰকিবা  বেৰ
ৰু  শূইনত  ওলোমাই  দিবা  ছবিবোৰ
মইবিহীনতা  এখনি  ঘৰ,   ইমান  ফটফটীয়া   
যেমই  জীৱ বাহিৰ হোৱাজনে,  তোমাক দেখা পাম,  জীয়াই থকা
আৰু  যদিহে  তুমি  পোৱা সন্তাপমোৰে  বহনামই  পুনু  মৰিম। 


 (তিনি)

মোৰ মেজখনিৰ চাৰিওটি খুটাত
মই  উদঙাই  থও  মালিতা
খুলি লও  ৰুটিমদ
সেকা  উপাদেয় 
[সমাজিকৰ  তমসাময়  চুমুক] 


বামই  বহলাই  থও কেঁচী
পিয়লানখ,
থুপি ফুলহাতুৰী
মোৰ বিশ্বাসী মেজ,
এক  চাৰিঠেঙীয়া  দানহ
ভাৰ বৈ  নিয়ে
মোৰ  সপোন  আৰু  মোৰ জীয়ন

(চাৰি )


সিহঁতে মোক কৈছিল
অনেক কথা, সৱ কথা
সিহঁতে কেৱল  মোক  চুই পোৱা নাছিল
ৰু তুলি লোৱা নাছিল  মই দিয়া  হাতখনি
সিহঁতে মোৰ  জীৱনৰে  বান্ধৱ   আছিল
এনেকৈ,
যেন মোতেই  জীয়াই  আছিল
এনে  জীৱনী শকতি  হৈ  আছিল,
যেসিহঁতে  মোৰ জীৱনৰ  আদ-ডুখৰি  ভগাই  লৈছিল
আৰু   মৰণৰো  আদ- ডুখৰি ভগাই  লব।

(পাঁচ)

মাথোঁ ছায়াবোৰেহে
জানে
গোপন কথা 
বন্ধ ঘৰৰ
মাথোঁ
নিষিদ্ধ বতাহে
আৰু জোনবায়ে, যি উজলে
মূধচত।


(ছয়) 




মোৰ হিয়াখনি ভ্ৰমি ফুৰে
একেযোৰ জোতাৰ ভিতৰত
আৰু মই হজম কৰিছোঁ কাঁইটবোৰ
য’ত মই আছিলোঁ তাত নাছিল এধানি জিৰণি 
য’ত মোক আঘাত কৰা হৈছিল, গতিয়াই দিয়া হৈছিল,
য’ত সিহঁতো মোক মাৰি পেলাইছিল মই পৰি গৈছিলোঁ
আৰু উঠি আহিছিলোঁ ইমান সজীৱ হৈ
আৰু তাৰ পিছত আৰু পিছত  আৰু পিছত  আৰু পিছত
কবলৈ ইমানবোৰ যে কথা

মোৰ আৰু যোগ দিবলৈ একোৱেই নাই ।

মই আহিছিলোঁ এই  ধৰাত  জীয়াই থাকিবলৈ।

Source - Pablo Neruda, Absence and Presence
Translated into English by Alastair Reid



 

Thursday, 11 January 2018

পাবলো নেৰুদাৰ এমুঠি কবিতাৰ অনুবাদ





 ()

ময়েই পাবলো চৰাই
এখনি  ডেউকাৰ চৰাই
মই পৰিচ্ছন্ন  ছায়াবোৰেৰে উৰোঁ
আৰু  বিবুধি  পোহৰেৰে
মোৰ ডেউকাহালি  অদেখা
মোৰ কাণে  কঁপণি তোলে শৱদত
যেতিয়া  মই  উৰোঁ বিৰিখৰ মাজে
অথবা কবৰ শিলা তলে
এটি  শোকৰ  ছাতিৰ  দৰে,
অথবা এখনি লঠঙা হেংদান
এখনি ধনুৰ দৰে নিয়াৰি,
অথবা  আঙুৰৰ দৰে  গোল ।
মই উৰোঁ,  মই  উৰোঁ নজনাকৈয়ে
ৰাতিৰ  আঘাতত ।

যিসকলে মোক কামনা কৰে তেঁওলোক  তাতে আছে.
যিসকলে  মোৰ গীশুৱলা হেন  নাপায়,
যিসকলে  কামনা কৰে মোৰ মৰণৰ দশা
যিসকলে  নাজানে  মই  আহিছোঁ
আৰু  যিসকলে মোক পাবলৈ নাহিব ওলাই,
মোক আঘাত দিবলৈ,  মোক ভুল বুজিবলৈ
আৰু  মোৰ ভঙা ডেউকা  চুমিব  
বতাহৰ এটি  সুহুৰি  হৈ।
সেয়ে  মই  আহোঁ  আৰু  যাওঁ
কিন্তু উৰোঁৱেই  বা নুৰোঁ, মই  গাওঁ
ময়েই সেই  জুৰুলা  চৰাই
ধূমুহাৰ  নীৰৱতাৰ ।  


 [দুই

মই  যদি  মৰোঁ,  মোক  এনে  প্ৰাণান্তিক  সাধনেৰে  জীয়াই  ৰাখিবা
যে  তুমি  জগাই  তুলিব  পাৰা  বিৱৰ্ণ  পাল  আৰু  চেঁচা,  
তুলি  ধৰিবা  অবিনশ্বৰ  চকুহালি দক্ষিণৰ পৰা দক্ষিণলৈ
আৰু  তোমাৰ  গায়কীৰে সপোন  ৰবিৰ  পৰা  ৰবিলৈ। 
মই  তোমাৰ হাঁহি অথিৰতালৈ খোজটি  নিবিচাৰো
মই  নিবিচাৰো  মৰণলৈ মোৰ  হৰষিত ঐতিহ্য

মই মানুহজনক  নামাতিবা। মই  নাই। 
মই  থাকোঁ নিজে  নথকাৰ স'তে যেন  এখনি  ঘৰতহে

মইবিহীনতা এখনি  ঘৰ,   ইমান বিয়পা
যে ভিতৰেদি  তুমি  অপ্ৰয়াসে  সৰকিবা  বেৰ
ৰু  শূইনত  ওলোমাই  দিবা  ছবিবোৰ
মইবিহীনতা  এখনি  ঘৰ,   ইমান  ফটফটীয়া   
যেমই  জীৱ বাহিৰ হোৱাজনে,  তোমাক দেখা পাম,  জীয়াই থকা
আৰু  যদিহে  তুমি  পোৱা সন্তাপমোৰে  বহনামই  পুনু  মৰিম। 


 (তিনি)

মোৰ মেজখনিৰ চাৰিওটি খুটাত
মই  উদঙাই  থও  মালিতা
খুলি লও  ৰুটিমদ
সেকা  উপাদেয় 
[সমাজিকৰ  তমসাময়  চুমুক] 


বামই  বহলাই  থও কেঁচী
পিয়লানখ,
থুপি ফুলহাতুৰী
মোৰ বিশ্বাসী মেজ,
এক  চাৰিঠেঙীয়া  দানহ
ভাৰ বৈ  নিয়ে
মোৰ  সপোন  আৰু  মোৰ জীয়ন

(চাৰি )


সিহঁতে মোক কৈছিল
অনেক কথা, সৱ কথা
সিহঁতে কেৱল  মোক  চুই পোৱা নাছিল
ৰু তুলি লোৱা নাছিল  মই দিয়া  হাতখনি
সিহঁতে মোৰ  জীৱনৰে  বান্ধৱ   আছিল
এনেকৈ,
যেন মোতেই  জীয়াই  আছিল
এনে  জীৱনী শকতি  হৈ  আছিল,
যেসিহঁতে  মোৰ জীৱনৰ  আদ-ডুখৰি  ভগাই  লৈছিল
আৰু   মৰণৰো  আদ- ডুখৰি ভগাই  লব।

(পাঁচ)

মাথোঁ ছায়াবোৰেহে
জানে
গোপন কথা 
বন্ধ ঘৰৰ
মাথোঁ
নিষিদ্ধ বতাহে
আৰু জোনবায়ে, যি উজলে
মূধচত।


(ছয়) 




মোৰ হিয়াখনি ভ্ৰমি ফুৰে
একেযোৰ জোতাৰ ভিতৰত
আৰু মই হজম কৰিছোঁ কাঁইটবোৰ
য’ত মই আছিলোঁ তাত নাছিল এধানি জিৰণি 
য’ত মোক আঘাত কৰা হৈছিল, গতিয়াই দিয়া হৈছিল,
য’ত সিহঁতো মোক মাৰি পেলাইছিল মই পৰি গৈছিলোঁ
আৰু উঠি আহিছিলোঁ ইমান সজীৱ হৈ
আৰু তাৰ পিছত আৰু পিছত  আৰু পিছত  আৰু পিছত
কবলৈ ইমানবোৰ যে কথা

মোৰ আৰু যোগ দিবলৈ একোৱেই নাই ।

মই আহিছিলোঁ এই  ধৰাত  জীয়াই থাকিবলৈ।

Source - Pablo Neruda, Absence and Presence
Translated into English by Alastair Reid



Monday, 1 January 2018

২০১৮ ৰ প্ৰাক্ক্ষণত - ( দৈনিক জনমভূমি - ০১-০১-১৮)



শব্দ লিখকৰ শ্ৰেষ্ঠতম উত্তাপ। মাথো এই উত্তাপৰ অগণিতেই দগ্ধ হ’ব খোজে তেঁও। শব্দৰ উত্তাপে আনি দিয়া যন্ত্ৰণাকাতৰ মুহূৰ্তবোৰেই লিখকৰ যাত্ৰাপথৰ সৰ্বোত্তম সময়। 

সময় যেতিয়া ৰোগগ্ৰস্ত, তেতিয়া লিখকে জীৱনৰ মুকুতা বুটলি অনাৰ বাটত খাপ পিটি ৰৈ থাকে জৰা। সময় যেতিয়া ৰোগগ্ৰস্ত, তেতিয়া চমকৰ টুলুঙা প্ৰচাৰত সমাজ ডুব যায় । ফচহু ৰং সানি অনাহক উচৱৰ প্ৰহেলিকাত জাতিয়ে ঢালি দিয়ে গা । সময় যেতিয়া ৰোগগ্ৰস্ত, মংগলকামী জনতাক বাটৰপৰা একাষৰীয়া কৰি ঠেলি দিয়া হয় সংগোপনে এন্ধাৰলৈ। সজোৱা হয় বাট ৰজাৰ প্ৰশস্তিৰে । তোষামোদৰ পতাকা বতাহত দোঁ খাই আহে। সময় যেতিয়া ৰোগগ্ৰস্ত - জীৱন আৰু সত্যৰ গভীৰতম অন্বেষণৰ যাত্ৰা এন্ধাৰৰ বুকুত তল পৰি, মুক হৈ ৰয় কণ্ঠ। সাহিত্যৰ বাটত পোহৰ বিচাৰি হাবাথুৰি খায় লিখকে। তথাপিও জীয়াই থাকে লিখক - সময়ৰ কঠিনতাক নেওচি তেঁও বুকুত লালন কৰে উম সনা শব্দৰ উত্তাপ। মানুহৰ কল্যাণ আৰু উত্তৰণৰ গভীৰ আশা বুকুত লৈ থাপনা কৰে বিশ্বাস । ৰজা যোৱাৰ বাট সুগম কৰিবলৈ মংগলকামী যি জনতাক আঁৰ কাপোৰৰ পিছলৈ ঠেলি দিয়া হয় - শুনিবলৈ নোপোৱা কৰি অনা হয় হৃদয় উজ্জীৱিত সঞ্জীৱনীৰ মাত – জীয়াই থকাৰ হাহাকাৰৰ ওপৰেৰে শুনা মূৰ্খৰ আনন্দৰ আয়োজনত যেতিয়া দেও পাৰি উঠে ৰাতিয়ে – তেনে নিৰাশাৰ বুকুলৈ পাৰি দিয়া মংগলকামী জনতাৰ ক্ৰমশঃ ৰুদ্ধ হৈ অহা মাতটিক তেঁও লালন কৰে। লালন কৰে শব্দৰ উত্তাপেৰে। আস্থাৰে। শীতসুপ্তিৰ কঠিন সময় অলৰ-অচৰ হৈ পাৰ কৰিবলগীয়া সৰীসৃপবোৰৰ দৰে তেঁওলোকৰ সতে তেঁও জীয়াই থাকে। নিৰলে। পাৰ হ’ব নোখোজা অলস, শ্লথ সময়বোৰত লিখকে নিজকে প্ৰশ্ন কৰে অহৰহ - কাৰ বাবে শব্দ - কাৰ বাবে সাহিত্য - কাৰ বাবে জীৱন। 

অৱশেষত এই প্ৰশ্ন হৈ পৰে তেঁওৰ শীতসুপ্তিৰ অক্সিজেন । বাটৰ কুঁৱলী আঁতৰি যায় । আৰু এখন দীঘলীয়া ইতিহাস তেঁওৰ সমুখত উন্মোচিত হয়। মানুহৰ ইতিহাস। তেঁও দেখা পায় অলেখ জোন উঠি অহাৰ আৰু অলেখ জোন মৰি যোৱাৰ এই ইতিহাস মাথো ৰজাকেই ভঙা আৰু পতাৰ খেল নহয়। মাথো ৰজাৰ বাবেই পাৰি দিয়া নহয় বাটৰ দলিচা। ক্ৰমে তেঁও যাত্ৰা কৰে সেই ইতিহাসৰ বুকুৰে। বুটলি লয় জোনাকে - এন্ধাৰে এলাগী বাটত পৰি থকা অলেখ নিলিখা শব্দ মৰকত মণিৰ দৰে। যি শব্দত সাৰে থাকে জীৱন, থাকে প্ৰত্যয়। তেঁও অনুভৱ কৰে এক গভীৰ দায়িত্ববোধ মানুহৰ বাবে । সময় যেতিয়া দুঃসময় – তেঁও জানে - এই দুঃসময় তেঁওৰ বাবে শ্ৰেষ্ঠতম সময়। কিয়নো ইয়াৰপৰাই আৰম্ভ হ’ব নতুনৰ সুচনা।