Wednesday, 18 December 2024

 

গ্ৰন্থৰ বতৰৰ বিষয়ঃ  সাহিত্যপ্ৰগতিশীল চেতনা  




ডিচেম্বৰ মাহতো অসমত গ্ৰন্থৰ বতৰ বুলিবই পাৰি। শীতৰ আগমণ, ডাঙৰ  গ্ৰন্থমেলা আৰু তাৰেই আঁত ধৰি হোৱা সৰু সৰু গ্ৰন্থমেলা, লেঠাৰি নিচিগা গ্ৰন্থ উন্মোচনী সভাবোৰেই চাগে কিতাপৰ এই বতৰটোৰ পৰিবেশ আনি দিয়ে। গ্ৰন্থমেলা উপলক্ষ্যে বিভিন্ন কবি সন্মিলন, গল্পকাৰ সন্মিলন, ঔপন্যাসিক সন্মিলন, আলোচনাচক্ৰ আদি অনুষ্ঠিত হয়। কেতিয়াবা ভাৱ হয়—শদিয়াৰপৰা ধুবুৰীলৈ এইযে ইমানবোৰ সভা-সমিতি, আলোচনাচক্ৰ, গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ আছে, সেইবোৰত সাহিত্যৰ নতুন চিন্তা উদ্ৰেককাৰী বা চিন্তাৰ অভিনৱত্বৰ মাজেৰে সাহিত্যৰ প্ৰগতিশীলতাৰ দিশবোৰ কেতিয়াবা আলোচিত হৈছেনে?কিয়নো জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছে— ৰূপান্তৰেহে জগত সুন্দৰ কৰে। জীৱনৰ শেষৰফালে তেখেতে নিজেই ৰঙা দলিচাৰপৰা ঘাঁহনিলৈ নামি অহা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছিল।

চিন্তাৰ তৰংগ নথকা  আৱেগৰ পোতাপুখুৰীত যি সাহিত্য সৃষ্টি হয়, সেয়া প্ৰগতিশীল নহয়সি চৰ্বিত-চৰ্বণৰ নামান্তৰ। কিন্তু সাহিত্যলৈ ৰূপান্তৰ কিদৰে আহে? সাহিত্যলৈ  ৰূপান্তৰ আহে চিন্তাৰ অভিনৱত্বৰ মাজেৰে। ইয়াৰ বাবেই এটা কালত সৃষ্টি কৰি থৈ যোৱা সাহিত্যৰ ব্যখ্যা আৰু বিচাৰ কেতিয়াবা উপযুক্তজনৰ হাতত পৰিবলৈ শতিকাৰ পিছত শতিকা ধৰি অপেক্ষা কৰিবলগীয়া হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তনপুথিত নিহিত হৈ থকা অসমীয়া ভাষা আৰু তদানীন্তৰ সমাজখনৰ প্ৰতিফলনৰ কালিকাবোৰ অসমীয়া মানুহে ন কৈ উপলব্ধি কৰিবলৈ ড০ হীৰেন গোহাঁইৰ ব্যাখ্যাৰ সময়লৈকে অপেক্ষা কৰিবলগীয়া হৈছে।  

এই কথা ঠিক যে, প্ৰযুক্তিৰ ব্যৱহাৰে আন ক্ষেত্ৰৰ দৰে সাহিত্যৰ ক্ষেত্ৰলৈ বৈপ্লৱিক পৰিবৰ্তন আনিছে। প্ৰযুক্তিৰ হাত ধৰিয়েই বিশ্ব সাহিত্যৰ সুধা এতিয়া আমাৰ চোতাল পালেহি। তাৰ গম-গতি বুজিবলৈ অৱশ্যেই নিজাকৈ আহোপুৰুষাৰ্থ কৰিব লাগিব। এনেহেন প্ৰযুক্তিৰ যুগত মনলৈ অহা প্ৰশ্ন হৈছে, সাহিত্যৰ ৰূপান্তৰ ঘটাব পৰা অভিনৱ চিন্তাৰ প্ৰকাশ গ্ৰন্থজগতৰ সতে সমন্ধ থকা সাহিত্যৰ মেলাসদৃশ বা উৎসৱসদৃশ আয়োজনবোৰত ঘটিছে নে নাই? এই অনুষ্ঠানবোৰত সাহিত্যৰ  যিধৰণৰ আলাপ-আলোচনা হয়, সেয়া প্ৰযুক্তিৰ মাধ্যমেৰে (ফেচবুক লাইভ, ইউ টিউৱ আদি)  সকলোৰে বাবে উপলব্ধ কৰিব পৰাৰ  সুবিধা এতিয়া তেনেই সহজ। কিন্তু খূব কমেইহে তেনে প্ৰচেষ্টা হাতত লোৱা দেখা যায়।

সৌ সিদিনালৈকে সাহিত্য বিষয়ক তৰহে তৰহে গঠনমূলক আলোচনাৰে মুখৰ হৈ থকা সামাজিক মাধ্যমত এতিয়া আচৰিতধৰণৰ নীৰৱতালেখকসমাজৰ মাজত বিভেদৰ বূজ সিঁচি দিয়াত চৰকাৰ সফল হোৱা বুলিয়েই কব লাগিব।   মৰিশালি আহে লাহে লাহে। পিচে, এইখন মৰিশালি যেন কিছু খৰকৈয়ে আহিছে ।একাংশই আকৌ ৰজাঘৰীয়াৰ আশীৰ্বাদত পুষ্ট হৈ তেওঁলোকে ভাল নোপোৱা অথচ মানুহৰ কথক হবলৈ ভালপোৱা সমকালীন আন একাংশক সৃষ্টিশীল জগতৰ মানুহ নহয় বুলি গেজেটেড্ অফিচাৰৰ দৰে ‘চাৰ্টিফিকেট’ দিব পৰাকৈয়ে সাহসী হৈ উঠিছে।সৃষ্টি কৰি লোৱা অনুগতবাহিনীৰ সাময়িক প্ৰতাপেৰ তেললোক মহীয়ান।

সাম্প্ৰদায়িক আৰু  মৌলবাদী শাসন চলি থকা দেশত যেতিয়া জনসাধাৰণৰ খাদ্য, মুখৰ শব্দ, মগজুৰ চিন্তা-- সকলোতেই অলিখিত ‘ফটোৱা’ জাৰি কৰা হৈ গৈছে, সাহিত্যৰ সভাঘৰৰ মঞ্চত কোন কোন উপবিষ্ট  পাৰিব, তাৰো ভিতৰুৱাল নিৰ্দেশনা ৰজাঘৰীয়াৰপৰা প্ৰদান কৰা হৈছে, আৰু সমান্তৰালকৈ চৰকাৰৰ হঠকাৰী কামৰ বিৰোধিতা কৰাসকলক ‘এঘৰীয়া’ কৰাৰ ন ন আয়োজন চলিছে—তেনেক্ষেত্ৰত সাহিত্যৰ বাকৰিলৈ যে মৰিশালিৰ নীৰৱতা নামি নাহিব, তাতনো আচৰিত হবলগীয়া কি আছে?এতিয়া চিন্তা উদ্ৰেককাৰী কবিতা এটাৰ বিষয়ে, গল্প এটাৰ বিষয়ে সামাজিক মাধ্যমত চৰ্চা কৰিবলৈকে ভয়। জানোচা জেল খাটিব লাগে!এনে ঘটনা ঘটিছেও। কিন্তু এই ভয় বহুক্ষেত্ৰত অনাহক নহয়নে? এই সময় পাৰ হৈ যাব। কোনোবাই যিমানেই চেষ্টা নকৰক কিয়, দীঘলীয়া সময়ৰ বাবে মানুহৰ মগজু, চিন্তাৰ কৰ্ষণ জানো বন্ধকত ৰাখিব পাৰিব?  

সাহিত্যৰ এনে মেলাসদৃশ বা উৎসৱসদৃশ পৰিবেশতেই সেয়ে হয়তো বৰ্তমান পৰিবেশত প্ৰায় এলাগী হৈ ৰোৱা বিষয় এটাই মনলৈ আহিল। বিষয়টো হৈছে প্ৰগতিশীল সাহিত্য। সাহিত্যৰ এনে বিভেদকামী, খৰাংসদৃশ পৰিবেশ দূৰ কৰিবলৈ যিখন ক্ষেত্ৰৰ পৰা অহা সাৰ-পানীৰ অতিকৈ প্ৰয়োজন। মনলৈ আহিল যোতিয়া এই বিষয়টোকো সমালোচনাত্মক মনোভাৱেৰে চোৱাই যুগুত বুলি বিবেচনা কৰিছোঁ।  পাৰিছেনে প্ৰগতিশীল সাহিত্যৰ ধাৰাটোৱে প্ৰত্যাশা পূৰণ কৰিবলৈ? দেশৰ দুঃসময়ত নিজৰ কৰ্তব্য পালন কৰিবলৈ?  

প্ৰগতিশীল সাহিত্য বুলি ক’লেই আকৌ বহুতেই কোঁচ খাই যায়। সাহিত্যই নিজেই যেতিয়া জীৱনৰ বিশাল অংশক সামৰি লয়, তেনেহ’লেনো প্ৰগতিশীল সাহিত্য বুলি ধাৰা এটাৰ অৱকাশ কি? আচলতে সাহিত্যত প্ৰগতিশীল ধাৰা বুলি ধাৰা এটা থকাটো উচিত জানো? যিসকলে প্ৰগতিশীল সাহিত্য বুলি নাক কোঁচাই উঠে— তেওঁলোকৰ অনেকেই কিন্তু মুঞ্চী প্ৰেমচান্দ, ভীচম্ চাহনী, মুল্ক ৰাজ আনন্দ, মহাশ্বেতা দেৱীৰ দৰে লব্ধপ্ৰতিষ্ঠিত লেখকসকল, যিসকেল প্ৰগতিশীল আন্দোলনৰ নেতৃত্ব বহন কৰি গৈছে—কথাই প্ৰতি তেওঁলোকৰ উদ্ধৃতি দিবলৈ ভালপায়। আমাৰ সাহিত্যলৈও বিশেষকৈ গীতি-সাহিত্যৰ ক্ষেত্ৰত কেশৱ মহন্ত, বিষ্ণু ৰাভা, গণশিল্পী হেমাংগ বিশ্বাস,  ভূপেন হাজৰিকাৰ দৰে ব্যক্তিয়ে প্ৰগতিশীল সাহিত্যৰ ধাৰাটোৰপৰাই উল্লেখনীয় বৰঙণি যোগাই থৈছে।স্বনামধন্য লেখক ড০ অৰূপা পটংগীয়া কলিতাৰ সৃষ্টিশীল সাহিত্যৰ পৃষ্ঠাবোৰ একেধাৰে প্ৰগতিশীল চেতনাৰে সমৃদ্ধ আৰু লগতে সেইবোৰ অতি উচ্চপৰ্যায়ৰ সাহিত্য।              

আচলতে প্ৰগতিশীল সাহিত্যনো কি?

সাহিত্য সৃষ্টিশীল কলা। সেইবাবেই সাহিত্যত মানৱ জীৱনৰ সকলো অভিজ্ঞতাৰ সকলো ধৰণৰ পৰীক্ষা-নিৰীক্ষা সম্ভৱ। মানৱ জীৱন ৰহস্যৰ অনন্ত আৰু বিশাল সমুদ্ৰত সকলোবোৰ দিশলৈকে সৃষ্টিশীল লোকৰ চকু যাব।যাবই! কিন্তু তাতেই এটা কথা থাকে। সৃষ্টিশীলতাৰ যিকোনো দিশৰ দৰেই সাহিত্যৰো এটা কল্যাণকামী দিশ আছে। ৰামায়ন, মহাভাৰতৰ দৰে মহাকাব্যৰো কল্যাণকামী দিশ নাই জানো! প্ৰগতিশীল সাহিত্যৰো এটা কল্যাণকামী দিশ থাকিব। কিন্তু প্ৰগতিশীল সাহিত্যৰ ৰূপ-ৰস-গন্ধ সমাজ-বাস্তৱতাৰ গভীৰৰ বিজ্ঞানমনস্কতাৰে সমৃদ্ধ হৈ আহিব, গভীৰ সামাজিক প্ৰেক্ষাৰ দ্বান্দ্বিক বিশ্লেষণৰ মাজেৰে সমৃদ্ধ হৈ আহিব। কল্যাণকামী উদ্দেশ্য থাকিলেও প্ৰগতিশীল সাহিত্যৰ পাতত অৱতাৰী পুৰুষৰ দৰে কোনোবা এজন মহানুভৱৰ হঠাতে আভিৰ্ভাৱ ঘটিব নোৱাৰে। উপৰুৱা আৱেগ-অনুভুতিৰ স্থান থাকিব নোৱাৰে। যি ঘটিব সমাজজীৱনৰ নিৰন্তৰ সংগ্ৰামৰ মাজেৰে ঘটিব। এজন প্ৰগতিশীল লেখকে সদায় এটা পক্ষ লব। সাহিত্যৰ মাজেৰেই তেওঁ পাঠকক জনাই দিব—তেওঁনো কাৰ পক্ষ লৈছে।তেওঁ সদায় মানুহৰ পক্ষত থাকে। তেওঁৰ মনত সংকীৰ্ণতা নাই।

একেবাৰে সৰল অৰ্থত কবলৈ গ’লে প্ৰগতিশীল সাহিত্যৰ ধাৰাৰ প্ৰতিনিধিত্ব কৰা লেকক এগৰাকী কণ্ঠহীনৰ প্ৰতিনিধি। তেওঁ সামূহিক জীৱনৰ কথক। তেওঁৰ হাতত সাহিত্যৰ একোটা চৰিত্ৰই সমূহকেই প্ৰতিনিধিত্ব কৰে। ব্যক্তি জীৱৱনৰ পোৱা-নোপোৱাৰ অনৰ্থক হিচাপত তেওঁ সময় ব্যয় নকৰে। তেওঁ বিচাৰে সকলো মানুহৰ সমভাৱে বিকাশ হওক, সমাজৰপৰা বৈষম্য, শোষণ, অন্যায়-অবিচাৰ অন্ত পৰক। তেওঁৰ কলমে সদায় দুঃস্থজনৰ কাষলৈকে যায়, তেওঁলোকৰ কথাই বাৰে বাৰে কৈ থাকে। এয়া অৰ্থহীন হাহাকাৰ বা ইননি-বিননি নহয়।

কিন্তু এই কণ্ঠহীনজনৰ বিষয়বোৰ সাহিত্যৰ ক্ষেত্ৰলৈ আনিলেই নহ’ব। কণ্ঠহীনজনক প্ৰকৃততে কণ্ঠ দিয়া আৰু তাৰ মাজেৰে তেওঁক শক্তিশালী কৰাহে লেখকৰ মূল উদ্দেশ্য। ইয়াৰ বাবে কলমডালেই তেওঁৰ একমাত্ৰ অস্ত্ৰ। কণ্ঠহীন, দুৰ্বলজনৰ  নেৰেটিভ সাহিত্যত প্ৰতিষ্ঠা কৰিব লাগিব—যাতে তেওঁলোকৰ জীৱনৰ মান উন্নত হয়। জীৱন প্ৰজ্ঞাৰ আলোকেৰে উদ্বাসিত হয়। তেনে সাহিত্য সৃষ্টিৰ বাবে উপযুক্ত পৰিবেশ সৃষ্টি কৰা, সকলোকে সামৰি লোৱানীতি গ্ৰহণ কৰি (inclusive space) সকলো প্ৰত্যাহ্বান নেওচি  সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক চলমান দিশবোৰৰ গুঢ়াৰ্থৰে সমকালীন সাহিত্যত এক নতুন জোঁৱাৰৰ সৃষ্টি কৰাই প্ৰগতিশীল চেতনাৰ লোকসকলৰ, প্ৰগতিশীল সাহিত্যৰ সংগনবোৰ প্ৰধান কাম। কিয়নো তেনে এক মহৎ কাম ব্যক্তিসত্ত্বাই এককভাৱে কৰাটো অসম্ভৱ কথা। একধৰণৰ সামুহিক প্ৰচেষ্টাৰ মাজেৰেহে তেনে এক জোঁৱাৰ সম্ভৱ হৈ উঠে।সেয়েহে প্ৰগতিশীল লেখকসমাজ সমূহৰ সমাজ।  অৱশ্যেই প্ৰগতিশীল আন্দোলনৰ ধাৰাটোত প্ৰতক্ষ্যভাৱে যোগদান নকৰাকৈও প্ৰগতিশীল সাহিত্যৰ সৃষ্টি কৰিব পাৰি, সৃজনীশীলতাক প্ৰগতিশীলতাৰ উপাদানেৰে সমৃদ্ধ কৰিব পাৰি-যেতিয়া লেখকসত্তা নিজেই চিন্তাৰে আৰু চেতনাৰে প্ৰগতিশীল হয়, উজ্জীৱিত হয়।  

ভাৰতবৰ্ষত এখন হিন্দুৰাষ্ট্ৰৰ প্ৰতিষ্ঠাৰ লক্ষ্য লৈ ক্ষমতালৈ অহা বৰ্তমানৰ চৰকাৰখনে সকলোৱে দেখা পোৱাকৈ ধৰ্মৰ নামত হিন্দু-মুছলিমৰ মাজৰ বিভেদকামী নীতি গ্ৰহণ কৰিছে, আৰু তাৰেই আঁৰে আঁৰে তলসুঁতীয়াকৈ বৰ্ণবাদী ব্যৱস্থাটোকো ধীৰে ধীৰে কটকটীয়া কৰি গৈছে। অনুমান কৰিবলৈ কঠিন নহয় যে জনসাধাৰণৰ একাংশয়ো এই নব্য হিন্দু চেতনা উপভোগ কৰি আপাতত সুখী। যাৰ বাবেই মূল্যবৃদ্ধি, দেশৰ অৰ্থনীতিৰ অভাৱনীয় ধাৰৰ বোজা, বৈষম্যমূলক উন্নয়ন, উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ দৰে বিষয়বোৰে তেওঁলোকক স্পৰ্শ কৰা নাই যেনেই অনুভৱ হয়। উদং পাকঘৰ, হিতাধিকাৰীৰ ধনৰ বাবে নিজৰ আত্মসন্মান পৰ্যন্ত বিক্ৰী, কিহবাৰ লোভত বাটে-ঘাটে উৰি ফুৰা মানুহৰ জাক—এইবোৰেই আজিৰ গ্ৰাম্য-অৰ্থনীতিৰ বাস্তৱতা।  কিন্তু সমাজৰ সাৰ্বিক কল্যাণৰ বিপৰীতে, প্ৰগতিশীল চেতনাৰ বিপৰীতে হোৱা এনে কাৰ্যৰ বাবে সমাজ জীৱনৰ গভীৰত পৰা নেতিবাচক প্ৰভাৱ, মানৱীয় সংকটৰ বিষয়ে কোনে পোনতে চিন্তা-চৰ্চা আৰম্ভ কৰিব? সাহিত্যৰ বিকল্প বাগধাৰা এটা কোনটো পক্ষৰপৰা আহিব? মানুহৰ বিবেকক পণবন্দী কৰি ৰখাৰ বিৰুদ্ধে কাৰ কলম সজোৰে সোচ্ছাৰ হ’ব? সমষ্টিগত চেতনাৰে প্ৰগতিশীল লোকসকলৰপৰাই এই বাণী উঠি আহিব, তেওঁৱলোকৰ মাতষাৰেই প্ৰথমে শুনা পোৱা যাব। তেওঁলোকেই পোনতে আগবাঢ়ি অহা উচিত। সেইবাবেই তেওঁলোকৰ ওপৰত সমাজৰ এক দৃষ্টি নিবদ্ধ হৈ থাকে। এখেতসকলে কি কৰিছে?সময়ৰ আহ্বান বুজি পাই নিজৰ কাম কৰিছেনে নাই?

চিন্তাৰ অভিনৱত্ব, প্ৰচুৰ অধ্যয়ন, পূৰ্বসূৰীৰ কাম-কাজৰ অধ্যয়ন আৰু মূল্যায়ন, সমাজবাস্তৱতাৰ বিজ্ঞানসন্মত বিশ্লেষণৰ মাজেৰেই তেনে কাৰ্য সিদ্ধি হ’ব। কিন্তু যদি তাকেই কৰিবলৈ অপাৰগ হয়, তেনেহ’লে সকলোবোৰ গতানুগতিকতাত হেৰাই যাব। শ্ল’গানধৰ্মীতাই আগুৰি ধৰিব। আচলতে গতানুগতিকতাত, চিন্তাৰ নতুনত্বহীনতাত সকলোৱেই হেৰাই যায়। মেলামুখী সাহিত্যই আচলতে কাৰ উপকাৰ সাধন কৰে? সময়োপযোগী চিন্তাৰে নিজকে সমৃদ্ধ কৰিব নোৱাৰিলে সকলো হেৰাই যাবলৈ বাধ্য। যদিহে চিন্তাৰ অভিনৱত্ব থাকে তেনেহ’লে তাৰ প্ৰতিফলন ঘটিব কামততাক সকলোৱে দেখা পাব। তেতিয়া অনেকজন কাষলৈ চাপি আহিব। হাতে হাত ধৰিব। প্ৰগতিশীল সাহিত্যৰ ধাৰাটো এটা অৱসৰকালীন সময় কটোৱাৰ উপাদান বা কেৰিয়াৰসৰ্বস্ব কাৰবাৰ হ’ব নোৱাৰে।ইয়াৰ এক সামাজিক গুৰুত্ব আছে। মানুহে প্ৰাণ পৰ্যন্ত বিসৰ্জন দিছে। নাট্যকাৰ চফদৰ হাচমীয়ে আততায়ীৰ হাতত প্ৰাণ দিয়া নাছিলনে? কিয় দিছিল? সাহিত্যৰ দিশে মানুহক প্ৰেৰণা দিয়া আৰু উজ্জীৱিত কৰি তোলাৰ কাৰবাৰটো ধেমালি নহয়। নিজৰ লগতে অনেকক  মহৎ উদ্দেশ্যৰ দিশে টানি নিব পৰাকৈ উজ্জীৱিত হ’ব লাগিবএকেলগেই আগুৱাই যোৱাৰ মানসিকতাও তাকিব লাগিব। সকলোকে সামিৰ লবব নোৱাৰিলে (Inclusive) হ’ব নোৱাৰিলে চেতনাত মামৰে নধৰিব জানো!

দেশত সাম্প্ৰদায়িক চৰকাৰ আৰু ফেচীবাদী শাসনৰ এটা দশক কালচোৱাত প্ৰগতিশীল চেতনাৰ সাহিত্যৰ ধাৰাটোত  চকুত পৰিবলগীয়া বহু দিশ আহি পৰিছে। যিবোৰ দিশৰ প্ৰতি মানুহৰ মনত প্ৰশ্ন জাগে। নতুন চিন্তাৰে জনসাধাৰনক সজাগ কৰাৰ বেলিকা প্ৰগতিশীল সাহিত্য-সংস্কৃতি বিষয়ক অনুষ্ঠানবোৰৰ ভূমিকাও পৰ্যালোচনা কৰা প্ৰয়োজন। এনে অনুষ্ঠানৰ সংখ্যা কম নহয়, অনুষ্ঠানসমূহৰ সতে জড়িত হৈ থকা লোকৰ সংখ্যাও কম নহয়। তেনেহ’লে সাম্প্ৰদায়িক, ফেচীবাদী শক্তিক টক্কৰ দিব পৰাকৈ শক্তিশালী, ঐক্যবদ্ধ বিকল্প বাগধাৰা এটা প্ৰগতিশীল সাহিত্যলৈ উঠি আহিব পৰা নাই কিয়?

সকলোধৰণৰ শোষণৰ অন্ত পেলাই সাম্য-মৈত্ৰী-সমবিকাশৰ আদৰ্শই যেতিয়া প্ৰগতিশীল চেতনাৰ উপজীব্য। অসমৰ লব্ধ প্ৰতিষ্ঠিত নাৰী সাহিত্যিকক যথাযোগ্য ন্মান দিয়া হোৱা নাই বুলি যদি অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানলৈ আঙুলি টোঁওৱা হয়, তেনেহ’লে প্ৰগতিশীল চেতনাৰ লেখকক প্ৰতিনিধিত্ব কৰা মঞ্চবোৰলৈও একেই প্ৰশ্ন উঠিব নে নাই? যদিহে সাম্য-মৈত্ৰীৰ আদৰ্শৰ কথা কোৱা হয়—তেনেহ’লে সেই সাম্য-মৈত্ৰীৰ আদৰ্শ কেৱল ধনী-দুখীয়াৰ শ্ৰেণীভিত্তিক বাগধাৰা হৈ থাকিব নে, সি লিংগভিত্তিক আদৰ্শৰ পুৰুষ-নাৰীৰ বাগধাৰাকো সামৰি ল’ব? এই প্ৰশ্নবোৰো আহি পৰে। প্ৰগতিশীল চেতনাৰ মঞ্চমসূহৰ আৱৰ্তত অনেক বিদূষী নাৰী লেখকক দেখা পোৱা যায়। এনে মঞ্চবোৰৰ নেতৃত্বত কিন্তু এই বিদূষা নাৰীসকল সদায় অনুপস্থিত। তেওঁলোকক অদৃশ্য কৰি ৰখা হয়। প্ৰগতিশীল চেতনাৰ লোকসকলে আয়োজন কৰা সভা-সমিতিলৈ আগ্ৰহেৰে গৈ মঞ্চত উপবিষ্টসকলৰ মাজত এগৰাকীও বিদূষী নাৰী দেখা নাপালে মনলৈ বিৰাগ ভাৱ অহাটো নিতান্তই স্বভাৱিক কথা।

আন এটি গুৰুত্বপূৰ্ণ কথা হৈছে যে, নতুন প্ৰজন্মৰ লেখকৰ মনৰ কথাবোৰ, তেওঁলোকৰ মনত উদয় হোৱা দ্বিধা, সংসয়বোৰ প্ৰগতিশীল চেতনাৰ বুলি দাবী কৰা লোকসকলে বা সংগঠনবোৰে বুজিবলৈ চেষ্টা কৰিছে নে? বিভেদকামী শক্তিয়ে নতুন প্ৰজন্মক মানৱৰ হিতকাৰী সাহিত্য সৃষ্টিৰ ধাৰাৰপৰা আঁতৰাই ৰাখিব বিচাৰে। অললং-ভললং নানা কথাৰে চলাই-ভুলাই  ৰাখি নিজৰ উদ্দেশ্য সিদ্ধি কৰে।সেইবাবেই সাহিত্যৰ জগতত ভৰি থৈয়ে নতুন প্ৰজন্মৰ অনেক সাহিত্যিক হেৰাই গৈছে। সৃষ্টিশীল হৈ থাকিব পৰাকৈ তেওঁলোকৰ অনেকেই  নিজকে উজ্জীৱিত কৰি ৰাখিব পৰা নাই। অনেকেই প্ৰলোভনত হেৰাইছে। অনেক বিভ্ৰান্ত হৈছে । তাৰে মাজতে দুই এজনে গবূৰভাৱে সাহিত্যক আঁকোৱালি লবৰ প্ৰয়াস কৰিছে। তেওঁলোকক বাট দেখুৱাব কোনে? গ্ৰন্থমেলাৰ বাকৰিবোৰত নতুন প্ৰজন্মক মাতি নি লেখকৰ ‘মনৰ ভাৱ’ কবলৈ দিয়াৰ যি তথাকথিত format, সেই আপাতত তৰাং দেওনাখন পাৰ হৈ সমাজ জীৱনৰপৰা প্ৰেৰণা খনি আহৰণ কৰিব পৰা মহতী সাহিত্যৰ গভীৰ সত্যবোৰলৈ নতুন প্ৰজন্মৰ হাবিয়াসক ধাবিত কৰাৰ কিবা গভীৰ প্ৰচেষ্টা প্ৰগতিশীল সাহিত্যৰ মঞ্চবোৰত আৰম্ভ হৈছেনে নাই? একবিংশ শতিকাৰ এই অস্থিৰ প্ৰজন্মটোক বাট দেখুওৱা ইমান সহজ নহয়। এই কথাবোৰ কোনে চিন্তা কৰিব?


-- ৰত্না ভৰালী তালুকদাৰ

 

 

 

 

 

 

 

 

No comments:

Post a Comment