ডা০ ববিতা বড়া গগৈৰ ‘কাঁইট’
গল্প বা উপন্যাসক যেতিয়া আমি Fiction বুলি কওঁ, তেতিয়া তাৰ সমাৰ্থক অসমীয়া শব্দটো বোধহয় কল্প-কাহিনী হয়। কল্পনাশ্ৰয়ী বা কল্পনাৰপৰা ওলোৱা সাহিত্য। কিন্তু কল্প-কাহিনী বুলি কলেও সি জানো সম্পূৰ্ণকৈ কল্পনাৰপৰা আহে? কোনো কাহিনীয়েই সম্পূৰ্ণকৈ কল্পনাৰপৰা অহা সম্ভৱ নহয়। কল্পনানো ক’ৰপৰা আহে? আমাৰ মন গহনৰ ক’ত থাকে সেই কল্পলোক।
সেই কল্পলোকখন পৃথিৱীতে থাকে। লেখকৰ বাস্তৱ অভিজ্ঞতাৰ সোপানত থাকে। বাস্তৱৰ অভিজ্ঞতাতহে কল্পনাৰ ব্যৱহাৰ কৰা হয়। আমাৰ কল্পনাই বাস্তৱ অভিজ্ঞতাৰ দেওনা চেৰাই যাব নোৱাৰে। তাতেই কল্পনাৰ সীমাবদ্ধতা ফুটি উঠে।
উজ্জীৱিত পাঠকসমাজৰ বোধ আৰু মেধা এতিয়া এক বিশেষ স্তৰত উপনীত হোৱাৰ লগে লগে গল্পই হওক, বা উপন্যাসেই হওক—কল্পকাহিনীৰ
লেখকলৈও ন ন প্ৰত্যাহ্বান আহিছে। অন্তৰ স্পৰ্শ কৰিব নোৱাৰা কাহিনীৰ প্ৰতি আজৰ
পাঠকো একেবাৰেই হৃদয়হীন। কেনেকৈনো তেওঁৰ কাহিনীটোৱে পাঠকৰ অন্তৰত এধানি ঠাই লবগৈ
তাৰ বাবেই স্ৰষ্টাৰ অশেষ প্ৰচেষ্টা।
তৰুণ লেখকৰ সৃষ্টিশীল কামৰ প্ৰতি
আমাৰ এক আগ্ৰহ থাকে। সেই লেখকে যেতিয়া উপন্যাস সৃষ্টিৰ দৰে দীঘলীয়া কাম এটা কৰে,
তেতিয়া সেই উৎসুকতা দুগুণে বৃদ্ধি পায়। তেওঁনো গল্প বা কবিতাৰ বাটেৰে নগৈ
দীঘলীয়া কাহিনী এটা কিয় কবলৈ বিচাৰিলে?
যেতিয়া পাঠকে কাহিনী এটা পঢ়ে, তেতিয়া
তাৰ প্ৰাথমিক কথাটো হৈছে কাহিনীৰ পঠনীয়তা। সোলোক-ঢোলোক কাহিনী এটা পাঠকে আদৰি নলয়।কাহিনীৰ
পঠনীয়তা পিছতে বিচাৰলৈ আহে আন কেতবোৰ দিশ। বহুতেই ব্যক্তিজীৱনৰ ইননি-বিননিবোৰকে
সাহিত্যৰ পাতলৈ তুলি আনি তাতেই অলংকাৰ প্ৰয়োগ কৰি পাঠকৰ অন্তৰলৈ সোমাব বিচাৰে। সাহিত্যই
মূলত ব্যক্তিজীৱনৰ কথা কলেও একোজন সাহিত্যিকে সমাজ জীৱনৰ গভীৰ দিশবোৰ
ফঁহিয়াই চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছেনে নাই, সেই কথাটোতেই সাহিত্যৰ স্থায়িত্ব নিৰূপণ
কৰিব পৰা গুণবোৰ নিহিত হৈ থাকে বুলি আমাৰ মনে বিবেচনা কৰে। মহাপুৰুষ শ্ৰীমন্ত
শংকৰদেৱে কীৰ্তনপুথিত শ্ৰীকৃষ্ণৰ শিশুকালৰ বিষয়ে বৰ্ণণা কৰি মাতৃ যশোদাৰ মুখত দিয়া
বচন এষাৰ হৈছে-“কেনে মাটি খাইলি অৰে গোপাল, কোবাই আজি তোৰ ফাড়িবো ছাল।”
শ্ৰীকৃষ্ণই যেতিয়া মাটি খাইছে, তেতিয়া যশোদাই চকু পকাই এনেদৰেই ক্ৰোধ প্ৰকাশ
কৰিছে। শংকৰদেৱে জানো এই কথা জনা নাছিল যে, যশোদা গকুলৰ ৰজা নন্দৰ মহিষী, তেওঁ সন্তানত
গাৱঁলীয়া মাতৃ এগৰাকীৰ দৰে এনেকৈ গালি নাপাৰে! কিন্তু চৰিত্ৰটো নন্দৰাণী যশোদাৰ হলেও মাতৃ যশোদাৰ ছবিখনত শ্ৰামন্ত শংকৰদেৱে গাৱঁলীয়া মাতৃ এগৰাকীহে অংকণ কৰিছে। তেওঁনো কিয় ৰাজমহিষীয়ে কোৱাৰ দৰে সংলাপ নিলিখিলে।
ইয়াৰ আঁৰৰ বিজ্ঞান কি? সেই বিজ্ঞান হৈছে শব্দক সাধাৰণ মানুহৰ
অন্তৰলৈ লৈ যোৱাৰ হাবিয়াস। এনে সম্পৰীক্ষাত শংকৰদেৱ সফল হোৱাৰ বাবেই অনাখৰী মানুহে শতিকাৰ পিছত শতিকা ধৰি কীৰ্তন পুথি নিজৰ মুখতে ধৰি ৰাখিছিল। কীৰ্তন পুথি
ঘাইকৈ ধৰ্মীয় সাহিত্য হলেও কীৰ্তনত এনেদৰে সেই সময়ৰ গ্ৰাম্য নাৰী এগৰাকীৰ জীৱনৰ এচমকা ফুটি
উঠিছে।ইমান নিমজকৈ আহিছে যে, ঘপকৈ ধৰিব পৰা নাযায়। যেতিয়া শ্ৰীমন্ত শংকৰদেৱেই মানুহৰ অন্তৰত সোমাবলৈ শব্দৰ প্ৰয়োগৰ বেলিকা এনে সাধ্য-সধনা কৰিছে, তেনে ক্ষেত্ৰত আজিৰ যুগৰ
লেখক-সাহিত্যিক হৈ আমি জানো এই আশা কৰাটো ভুল যে, আমাৰ শব্দবোৰ পাঠকে মৰমেৰে
আকোঁৱালি লওক! কিন্তু লেখকৰ বাবে প্ৰত্যাহ্বান এইটোৱেই যে, আজিৰ পাঠকো অতিকৈ উজ্জীৱিত।
সেয়েহে উজ্জীৱিত পাঠকৰ আশাৰ তৰীত জীয়াই থকাটো লেখকৰ বাবে একধৰণে প্ৰত্যাহ্বানো।
ইতিমধ্যে তিনিখনকৈ উপন্যাস সৃষ্টি
কৰা ডা০ ববিতা বড়া গগৈৰ ‘কাঁইট’ নামৰ উপন্যাসখনৰ কাহিনীয়ে অসমৰ সমাজ জীৱনৰ পৰা
আহৰিত সামাজিক চৰিত্ৰ বহন কৰিব পৰাটো অন্যতম সফলতা বুলি কব লাগিব।নব্বৈৰ দশকৰ সমাজ
জীৱনৰ অস্থিৰতা, স্বাধীন অসমৰ দাবীত হোৱা সশস্ত্ৰ সংগ্ৰাম, সেনাৰ অত্যাচাৰৰ ফলত
সাধাৰণ মানুহৰ জীৱন, গ্ৰাম্য-জীৱন কিদৰে চেদেলি-ভেদেলি হৈ পৰিছিল তাৰেই এক সুক্ষ্ম
অৱলোকন উপন্যাসখনৰ মাজেৰে উঠি আহিছে।উঠি আহিছে গ্ৰাম্য জীৱনৰ অভিজ্ঞতাৰ মানৱীয়
চৰিত্ৰৰ চিত্ৰণৰ মাজেৰে। এটা নিটোল কাহিনীৰ মাজেৰে। ডা০ ববিতা বড়া গগৈয়ে উপন্যাসৰ
কলেৱৰ বৃদ্ধি কৰাৰ স্বাৰ্থত কাহিনী ওলোম-জোলোম কৰি তোলা নাই।অনাহক কল্পনীৰ পয়োভৰ
নাই। তেওঁ content-ৰ প্ৰতি সুবিচাৰ কৰিছে।
সেই দুৰ্যোগৰ সময়ত কত যে প্ৰতিভা
অকালতে হেৰাই গ’ল! বিপৰ্যস্ত জীৱনত থাউনি হেৰুৱাই, হতাশগ্ৰস্ত হৈ বহুতেই নিচাত
আশ্ৰয় ল’লে আৰু এনেকৈয়ে জীৱনৰপৰা পলাব বিচাৰিলে। আমাৰ গাৱঁৰ জীয়ৰি-বোৱাৰীৰ হাতত কাৰ
বা কুটিল স্পৰ্শ লাগিল! কতই যে মৰণক সাৱটি
ল’লে! জীৱন ঘূণীয়া হ’ল, আৰু সমাজ জীৱন হৈ পৰিল বিপৰ্যস্ত। আচলতে সেই অশান্ত সময়ৰ
প্ৰতিটো ঘটনাৰেই সাহিত্যৰ পাতলৈ উঠি অহাৰ যোগ্যতা আছে। প্ৰতিটো অভিজ্ঞতাই
প্ৰাসংগিক।আমাৰ জাতিৰ ওপৰত কৰা পৰীক্ষা-নীৰিক্ষাৰ সেই নিকৰুণ অভিজ্ঞতাৰ এটি ঘটনাও
পেলনীয়া নহয়। সকলোৱেই সাহিত্যত স্থান পাবৰ যোগ্য।কিয়নো, এইবোৰ কথা উত্তৰপুৰুষে
জানিব লাগিব। অসমীয়া সাহিত্যৰ লেখক-সাহিত্যিকৰ অনেকেই এই কৰ্তব্য সাহসেৰে পালন
কৰিছে, আৰু অনেকেই কৰা নাই। অসমীয়া সাহিত্যত conflict literature এক উল্লেখনীয় আৰু
শক্তিশালী বাগধাৰা। এই কাহিনীবোৰ সাহিত্যলৈ তুলি অনাটো লেখকৰ এক গধুৰ দায়িত্ব।
কিন্তু এইখিনিতে সাহিত্যত প্ৰতিনিধিত্বৰ (representative) কথাও আহি পৰে। এই কাহিনীবোৰ সাহিত্যৰ পাতলৈ তুলি অনাৰ সময়ত আপুনি কাক প্ৰতিনিধিত্ব কৰিছে? ৰজাঘৰীয়াৰ বক্তব্যৰে সাহিত্যৰ পাত যিসকলে সজাই তোলে তেওঁলোকক তৰহে তৰহে বঁটা-বাহনেৰে সন্মানিত কৰা হয়। সাহি্ত্যৰ জাকজমকীয়া আসনবোৰ তেওঁলোকৰ হাতত তুলি দিয়া হয়। কিন্তু সাধাৰণ মানুহৰ কাহিনী আৰু তেওঁলোকৰ বক্তব্য সাহিত্যলৈ তুলি অনাসকলক! তেওঁলোকৰ বাবে ৰজাঘৰীয়া আদৰ-সাদৰ নাথাকে। তেওঁলোক জাতিস্কাৰ কৰি তোলে সময়ৰ মহাৰ্ঘ বিশ্লেষণে। মহৎ সাহিত্যৰ দিশেৰে বাট বুলিব পাৰিলে সময়েই তেওঁলোকক জীয়াই জীয়াই ৰাখে। এইখিনিতে ডা০ ববিতা বড়া গগৈৰ উপন্যাসৰ কাহিনীৰ নিৰ্বাচনে আমাক আশ্বস্ত কৰিছে।
উপন্যাসখনৰ
শেষৰ অংশত নবীন প্ৰজন্মৰ প্ৰতি ৰখা তেওঁৰ আস্থায়ো পাঠকক আশ্বস্ত কৰিব। আচলতে
‘কাঁইট’ উপন্যাসখনত আছে লেখকৰ পূৰ্বৰ সাহিত্যকৰ্মৰ পৰা নিজৰ উত্তৰণৰ এক পৰিস্ফুট পথ,
আৰু এই পথেৰে সুদূৰলৈ যোৱাৰ সম্ভাৱনাৰ স্বাক্ষৰ।
ডা০ ববিতা বড়া গগৈলৈ অলেখ শুভকামনা।
No comments:
Post a Comment