Sunday, 1 December 2024

 


লংবুই পৰ্বত, লাং-ইক্ পি আৰু কাজেক আইৰ উৰণীয়া সাধু

(তৰুণ গল্পকাৰ  জুৰি  বৰুৱাৰ  হাতত)






লানি নিচিগা সপোন আৰু সাধুকথাৰ  আলি-মুলিতে  কাজেক  ৰংফাৰপিৰ  বাস । সেয়েহে  যেতিয়া  সপোনতে  ধুনীয়াকৈ  পিনি-পে'কক  পিন্ধি  লংবুই  পৰ্বতৰ ওপৰেদি  তেওঁৰ দেহলাওটো  সৰগলৈ  লৈ  যাবলৈ   বুঢ়ীমাই  আহিল, তেতিয়া দুৱাৰ বাগৰি লংৰি নামৰ  কাৰ্বিগোষ্ঠীয়ে  বাস  কৰা নিগাজী ঠাইখনৰ  ইংলেপথাৰ চিংথং টকবি গাৱঁৰ কাজেক আইতাই ক'লে--

-“কাজেক ৰংফাৰপিৰ কাহিনীও বাৰুকৈ ধেমালি  নহয়, আই! আপুনি মোৰ  কাহিনী শুনিহে  দেহলাওটো  নিব, দেই!”

বহুদিনৰ  আগতেও সপোনতে  ধুনীয়াকৈ পিনি-পে'কক পিন্ধি লংবুই পৰ্বতৰ ওপৰেদি সৰগলৈ লৈ  যাবলৈ বুঢ়ীআই  আহিছিল। সেই সময়ত  কাজেক ৰংফাৰপি  দুজনীকৈ  এমা-ডিমা ছোৱালীৰ  মাক। উত্তৰপাৰৰ চেঁচা নৈৰ পাৰৰ আলুপোৰা চেণ্টাৰৰ নিলগৰ ৰিজাৰ্ভৰপৰা কাজেকৰ মতাজনে পৰিয়ালটোৰে উঠি  আহি  দক্ষিণপাৰৰ  বাগৰিৰ সিফালে  মাহীয়েকৰ  আশ্ৰয়তে  দিহিংছ' পৰ্বতৰ মূৰটোতে  থিতাপি  লৈছে  মাত্ৰ।  হাবিৰ খৰি লুৰি বজাৰত বেচিহে  দুই- এটকা পায়।

সিফালে ভৈয়ামৰ ৰিজাৰ্ভৰপৰা আহি পৰ্বতৰ নতুন  মাটি দেখি কাজেকৰ মন উতলা। আৰাখেতিৰ সময়। নিয়ম কৰি  হাবি ভাঙি গোষ্ঠীয়ে পৰ্বতত জুই  দিলে। মেঘৰপৰা  এজাক-দুজাক  বৰষুণ  সৰিল। মাটি সাৰুৱা হ'ল। তাতেই  সিঁচি  দিলে চুবককাথি ধানৰ কঠিয়া। সুগন্ধি চুবকজহাৰ কঠিয়াও  সিঁচিলে। তামেৰ, জাংমেলেন, ক্ৰেমালু  নামৰ  তিনিবিধকৈ কণীধানৰ কঠিয়া চটিয়াই দিলে। আৰু পুতিলে হানছেৰং আৰু নেমপ'ৰ গুটি-- ভৈয়ামত বেচিবলৈ নিওতে টেঙামৰা আৰু  তিল বুলি কবগৈ। ৰঙালাও, ভেন্দি, লেচেৰা পাচলিৰ গুটি দিলে। এনেকৈ থেকেকৰ কঠিয়াও পুতিলে। তাহানিৰেপৰাই  আৰাখেতিত  কাৰ্বিগোষ্ঠীয়ে থেকেকৰ গুটি পোতে। ভৈয়ামৰ  মানুহে  তাকেই ৰহৰ দাইল  বুলি কয়, ঝুমখেতিৰ  পাচলি  বুলি  মৰমতে  কিনি  লৈ  যায়।

একেডৰা মাটিতে এনেদৰে ভিন  ভিন পৰ্বতীয়া ধান আৰু শাক-পাচলিৰ  খেতি কৰা দেখি  কাজেকৰ  চকু  কপালত উঠিল। হাবিৰ কৌপাতেৰে মেৰিয়াই কাকবাঁহৰ পাবত ভাতচুঙা সিজোৱাৰ দৰে তেওঁলোকে কণীধানৰ গুটিবোৰ  সিজাই খাব। লগতে চেনি-গাখীৰ অকণ  দিলেতো  কথাই  নাই! পৰ্বতৰ কাৰ্বিগোষ্ঠী  খোৱাৰ  বেলিকা আকউ  আৰাখেতিৰ  নেমপ' বুলিলে উলাহতে মতলীয়া।কাকবাঁহৰ পাবত কৌপাতেৰে মেৰিয়াই মাছ-গাহৰি-কুকুৰাৰ  জুইত দিয়া  চুঙা- আঞ্জাকণ উলিয়াই কেৰাহীত এমুঠি  তিল ফুটাই গুৰা কৰি চটিয়াই জাল অকণ  দিব। ভজা তিলৰ তেল আঞ্জাত বিৰিঙি উঠিব। ফুৰফুৰীয়া গোন্ধ এটাৰে পৰ্বত  বতাহ মলমলাই নাযাব  জানো! বছৰটো জুৰি হানছেৰঙৰ  টেঙা  পাত আৰু খৰালি ৰঙা ৰঙা গুটিবোৰ নহলে চলিব নেকি! নহলেনো আঞ্জাৰ  শুকান মাছৰ তিতা, জলকীয়াৰ  জাল  কেনেকৈ কটা যাব।

চকুৰ  সন্মুখতে  লহপহকৈ বাঢ়ি আৰাখেতি সেউজীয়া হ'ল। পথাৰত চৰিবলৈ অহা কপৌ চৰাইবোৰ সেউজীয়াৰ তলত  ঢাক খাই  'ল। ওখ গছৰ ডালত বহিলহি পৰঘুমা। বতাহতে শইচে  হালে-জালে। বৰষুণ পৰিলেই গজি আহে   বন। ঘনাই নিৰাব লাগে। এয়াই আৰাখেতিৰ নিয়ম। শইচ চপোৱাৰো আজেং বুলি  সমূহীয়া নিয়ম এটা আছে। নিয়ম  মতে  এজনে আনজনৰ পথাৰত গা খাটি শইচ চপোৱাত  সহায় কৰি  দিব।  আৰাখেতিৰ  সকলো  শইচ  ঘৰলৈ  আনিবলৈ  নাপায়। বনৰ জীৱলৈ  ভাগ এটাহে থৈ আহিব লাগে।

ভৈয়ামৰ  মাইকী  কাজেক ৰংফাৰপিয়ে খেতিৰ তেনেহেন ৰূপ দেখি আৰাখেতিৰপৰা ওলাই অহাৰ নামেই নোলোৱা হ'ল। সিফালে মতাজনৰ  সকিয়নী-হাত মেলিলেই সৌখন  কাজিৰঙা। চোপ লৈ থকা টেকে, বংক্ৰুই, হাতীৰ  জাকলৈয়ো ভয়! আৰাখেতিৰপৰা ওলাই  নাহিলিনে! 

 

কিন্তু মতাৰ হাক-বচনলৈ তাইৰ গিয়ান  নাই।

এদিনাখন কিন্তু হাবিৰ জন্তু নহয়, লাগিল নহয় আপদীয়া পৰ্বতীয়া কঁপনি জ্বৰটো কাজেকৰ গাত। জ্বৰৰ প্ৰতাপত কঁপি কঁপি দেহলাও ওলাই  যায়হে  যায়! থাকি থাকি পাঁচবছৰমান ভুগিলে। মাকে ভৈয়ামলৈ নমাই আনি দৰৱ-জাতি কৰিলে,'লী গাইৰ মূতাও খুৱালে। কিন্তু জ্বৰ ভাল হোৱাৰ নাম নলয়। একেবাৰে দেও-ভূত লম্ভাৰ দৰে কথা।

দুৱাৰ-বাগৰি লংৰি। পাহাৰ-ভৈয়ামৰ  মানুহবোৰ লগ লগা। কাৰ্বিগোষ্ঠীৰো নানান ধৰমৰ  ফৈদ। কোনোবা যদি  কাৰ্বিৰ তাহানিৰ পৰম্পৰাৰ  প্ৰকৃতি উপাসক, কোনোবাটি আকৌ খ্ৰীষ্টান, কোনোবাটিয়ে হিন্দুধৰ্মকে ল'লে।মিলা-মিলিতে চলি থাকে। বিপদে-আপদে ইফালৰ ধৰমৰ নিয়ম সিফালে সোমাই যায়। ৰ্বতীয়া কঁপনি জ্বৰটো  মানুহৰ গাত থাকেই! সিফালে চিকিৎসা বুলিবলৈ ডাক্তৰৰ দেখা-দেখি নাই। চৰকাৰী বাট-পথ নাই। ভৈয়ামৰ ডাক্তৰে কিবা খোজকাঢ়ি  পৰ্বতলৈ উঠিব নেকি! কিটোনো গৰজ! সেয়েহে  বাগৰিৰ ফালে হিন্দুৱে হওক, খ্ৰীষ্টানেই  হওক, কাৰ্বিৰ নিজা ধৰম  মনাসকলেই হওক বা অনা-কাৰ্বিসকলেই হওক-সকলোৱে এটা কথা জানে, এনেকুৱা কঁপনি জ্বৰ দীঘলীয়াকৈ  থাকিলে   ধুনীয়াকৈ পিনি-পে'কক পিন্ধি নিলগৰ সৌ বুঢ়ীমাই থানখনৰপৰা বুঢ়ী এগৰাকী সপোনতে সৰগৰপৰা নামি  আহিব। কেতিয়াবা সপোনতে দেহলাওটো উলিয়াই নিব। বেমাৰীয়ে সপোনতে জয়দেউ-কাকুতি কৰিলে কেতিয়াবা ভাল হবলৈ  আকউ বিধানো দিব। বোলে, তহঁতে অমুকটো কুঁৱাৰপৰা তোলা পানী খাব। তমুকটো নিজৰাৰ পৰা তোলা পানী খাব। ভাল হ'ব। ভাল হ'ব।

এনেকৈয়ে এদিনাখন থানৰ বুঢ়ীমাইগৰাকী কাজেক ৰংফাৰপিৰ সপোনলৈও নামি আহিল। তেওঁ দেখোন কাজেকৰ দেহলাওটো নিবলৈকে আহিল!কিন্তু সপোনতে কাজেকে এমা-ডিমা ছোৱালি দুটিৰ বধ-শপত দি দেহলাওটো  লৈ নাযাবলৈ জয়দেউ- কাকূতি কৰিবলৈ ধৰিলে। কথাটো টং কৰি বুঢ়ীমাইৰো মন কুমলিল। তেওঁ বিধান দিলে,

-“আই, তহঁতে যে কোৰ মাৰি পানী খেতি কৰ সেই  'তেৰাং লাংছ' নামৰ  নিজৰাটো--নিজৰাৰ তলিতে দুই  ঠাইত  মাটি খান্দিব। তাৰপৰাই কাকবাঁহৰ চুঙাত ঠিলা মাৰি পানী দুচুঙা  উঠাই আনিব। দিনটোৰ ভিতৰতে দুচুঙা পানী খাব। কঁপনি জ্বৰটো তেতিয়া গাৰ পৰা নাইকীয়া হ'ব। জ্বৰ নাইকীয়া হ'লেই আকউ  দীঘলীয়াকৈ জীৱন এটা  পাব, দেই। নাতি-পুতিৰ মুখো দেখিবলৈ আছে। তাৰপিছতহে মই আকৌ এবাৰ নিবলৈ আহিম। সেইদিনা কিন্তু  যাবগৈ লাগিব। সেইদিনা মোক এনেকৈ জয়দেউ-কাকূতি নকৰিব। কৰিলেও শুনিবলৈ নাই।”-- এইবুলি বুঢ়ীমায়ে  সপোনতে  নাইকীয়া হ'ল।

এনেকৈ কাকবাঁহৰ চুঙাত  'তৰোং  লাংছ'ৰ পানী খোৱাৰ  কত  যুগ পাৰ  হৈ  '! কাজেক  ৰংফাৰপিৰ এমা-ডিমা ছোৱালি দুটি পঢ়ি-শুনি খুটি খাব পৰা হ'ল। নাতি-পুতিও পালে। কিবা বোলে, সসাগৰা সংসাৰ ভোগ  কৰিলে। তাৰো অত বছৰৰ পিছত ধুনীয়াকৈ  পিনি-পে'কক পিন্ধি আজি  বুঢ়ীমাই  সপোনতে সৰগৰপৰা নামি  আহিছে।

দোভাগ নিশা। সৌজোপা আইতাৰ মৰমৰ গন্ধসৰৈ। নিয়াৰিকৈ ৰখা আইতাৰ বাৰী।কৰৈ, উৰিয়াম, পমা, বনচোম,  বন-থেৰেজু, ডিমৰুকে ধৰি তৰহে তৰহে সুকাঠী-আওকাঠী  বিৰিখেৰে  উপচি  থকা। নিশাচৰী চৰাইবোৰ তালৈকে   উৰি আহে। ডালত পৰি জুৰি বহে। আজি তাৰেই কোনোবা এটি বিৰিখৰ ডালত পৰি নিয়তি ফেঁচাজনীয়ে বিনাইছে -“নিউ নিউ।” সিফালে আকাশত জোনবায়ো মৰা। 

কাজেক আইতাই  বুজিলে,আজি আৰু  ৰইখা নাই।  বুঢ়ীমায়ে দেহলাও নিবই। আইতাই   সসাগৰা সংসাৰৰপৰা বিদায় লবলৈ সাজু হ'ল।  অৱশ্যে যোৱাৰ আগেয়ে  তেওঁ নিজৰ কাহিনীটোকে  শুনিবলৈ সপোনতে  বুঢ়ীমাইক খাটনি ধৰিলে। 

-“কওক কওক। নিশাৰ  ভিতৰতে ক'ব দেই। পুহৰি  নিশা তোৰ দেহলাওটো  লৈ আমি  যাবগৈ লাগিব। ভেলটোহে বিছনাত থাকিব।”--বুঢ়ীআয়ে ক'লে।

-“হব  বাৰু। কওঁ, শুনক।

কাজেক ৰংফাৰপিয়ে  সাধুকথাটো কবলৈ  ধৰিলে।

 ----

ইংলেপথাৰ চিংথং টকবি গাৱঁৰ প্ৰৌঢ়া কাজেক ৰংফাৰপিয়ে ভাৱে, গাওঁখনত তেওঁৰ দেহলাওটো লংবুই পৰ্বতৰপৰা  নামি  অহা জিৰ জিৰ বতাহজাকৰ দৰেহে বাঢ়িল।তাহানিতে গাওঁবুঢ়া হেমাই টকবিয়ে সীমা বান্ধি দিয়া সৌটো লাং-ইক্পি নিজৰা। পুঠিমাছৰ লেখীয়া কনমাণি নোনেমাছৰ জাক আৰু কাকবাঁহৰ চুঙাত সুমুৱাই, জুইত পুৰি উলিয়াই আনি তাতেই  কেৰাহীত ফুটাই গুৰা কৰা তিল এটেপা চটিয়াই  দিলেই ৰঙা হৈ উঠা মিঠা সোৱাদৰ এধানি এধানি  মিছামাছেৰে ভৰি  থকা নিজৰাটোৰ দৰে তেওঁৰ দেহলাওটো  বাঢ়ি  নাহিল। বাৰিষা নাচনী লাংছ'ৰ দৰে হৈ উঠা   লাং-ইক্পি কাতিমাহতে হাড়ে-চালে লগা বেমাৰীৰ  দৰে  শুকাই  টেটেৰা  পৰে। চাকচন  পোকে যেতিয়া গছৰ  ডালত ৰিঁ ৰিঁ কৈ কান্দে, বিহুৱতী পখীৰ সুহুৰি আৰু বাৰী-নাচনী পখীৰ কিচিৰ-মিচিৰ শুনি মন উতলা হয়-তাৰেই  ঠেও ধৰি বৈ থকা নিজৰাৰ পানীৰ জিৰিক জিৰিক সুৰ এটিও মিহিকৈ বাজি থাকে।  

নহয় নহয়।তাতেও নহয়। আকউ, পৰ্বতৰ গাতেই লাগি থকা নামনিৰ পথাৰখনৰ কাতিমহীয়া  গাখীৰতী ধানৰ থোকত  ওলমি ৰ'দৰ পোহৰত মণিৰ দৰে জিলিকি থকা নিয়ৰৰ কণাবোৰৰ সতেও কাজেক আইৰ দেহলাওটো বাঢ়ি অহা নাই। পথাৰখনৰপৰা পেটৰ নাড়ীলৈকে সোমাই অহা গোন্ধটোৰ সতেও বাঢ়ি  অহা নাই। তেওঁৰ দেহলাওটো লংবুই  পৰ্বতেৰে  বৈ থকা বতাহৰ সতেই বাঢ়ি আহিল।

কাৰ্বি  পৰম্পৰা মানি হেমাই টক্বি গাওঁবুঢ়াই এদিন  নতুন  গিয়াতি  হিচাপে  মাটি-বাৰী দি  সৌ বাগৰি  অঞ্চলৰ  ৰাজআলিৰ সিপাৰে থকা পাঁচ কিলোমিটাৰ দূৰৈৰ  দিহিংছ' নৈৰ  মূৰৰ পৰ্বতীয়া গাওঁখনৰপৰা তেওঁৰ মতাজনক ঘৰৰ বস্তু-বেহানিৰে খোজকাঢ়ি আদৰি আনিলেগৈ। গঞাৰ সতে ভোজ-ভাত খাই গিয়াতি বুলি আকোঁৱালি ল'লে। বোলে,  এইফালে কাৰ্বি আংলঙৰ সীমাৰ ভিতৰতে বহক। আপুনি আখৰ চিনা আণ্ডাৰ-মেট্ৰিক মানুহ। কথা-বতৰাও সাধু।  সজাই-পৰাই কবলৈ জানে। মানুহজনো সভা শুৱনি। আমাৰে সুবিধা  'ব।কাৰ্বি আংলং প্ৰশাসনৰ চাকৰি এটাও পাই  যাবহে পাৰে!

সেইদিনাই গাওঁবুঢ়াই লংবুই পৰ্বতৰ এচোৱাৰ লগতে লাগি থকা ভৈয়ামৰ বস্তি মাটি দি  লাং-ইক্ পি  নিজৰাটোকে সীমা বুলি ধৰি  দিলে। এয়াই  কাৰ্বিগোষ্ঠীয়ে গাৱঁৰ বাহিৰত থকা গিয়াতিক নিজৰ বুলি আকোঁৱালি লোৱাৰ  পৰম্পৰা।  কাকবাঁহৰ কামিৰে পুৰণ চিন দি মাটিৰ দাগ দেখুৱাই গাওঁবুঢ়াই মাটি ভগাই দিব। গাওঁবুঢ়াৰ কথাই  নিয়ম। নিয়মটো পৰ্বতৰ শিলবোৰৰ দৰে, নিকপকপীয়া। কোনেও কামি  উভালিবলৈ  নাযায়। ভৈয়ামৰ দৰে পৰ্বতত মাটিৰ দাগ-পট্টা নাই। সাতে-পাঁচে  গাওঁবুঢ়াই কাকবাঁহৰ কামিৰে পুৰণ চিন দিওতে মুঠতে বাইছ বিঘা মাটি পৰিয়ালে পালে। এনেকৈয়ে  কাজেক আইৰ মতাজন ইংলেপথাৰ চিংথং টক্ বি গাৱঁৰ ভিতৰুৱাল হ'ল। যিদিনা ভোজ-ভাত খাই গাৱঁৰপৰিয়ালৰ এজন হ'ল-সেইদিনাই নিশা গাওঁবুঢ়া হেমাই টকবিয়ে  দুয়োকে সৰগৰপৰা  এখন  হাতেৰে  কাৰ্বি  মানুহলৈ সৌভাগ্যৰ প্ৰতীক কিনদু  আৰু  আনখন  হাতেৰে  আৰাখেতিত কৰিবলৈ ধানৰ শইচ  কঢ়িয়াই  অনা  কাজিৰ ৰংহাংপিৰ সাধুটোও  বিৱৰি ক'লে।

-কিবা বোলে, আমাৰ এইচোৱাৰে দুৱাৰ-বাগৰি লংৰি এলেকাৰ প্ৰতাপী মুখিয়াল হক ৰংহাঙৰ জীয়ৰি কাজিৰ ৰংহাংপি আচৰিত গুণৰ আধিকাৰী আছিল, বুজিছেনে! লংৰি মানে মনত ৰাখিব আকউ। লংৰি  হৈছে  কাৰ্বি মানুহৰ সৰু সৰু ফৈদবোৰে লগ  হৈ বাস কৰা পৰম্পৰাৰ এটা ডাঙৰ এলেকা। এই হিচাপে বাগৰিৰপৰা পূবৰ দেইথৰলৈকে হৈছে  আমাৰ সাতাম-পুৰুষৰ দুৱাৰ-বাগৰি লংৰি। তাৰেই মুখিয়াল আছিল হক ৰংহাং। আমাৰ কাজিৰ আইদেউৰ  আচৰিত গুণবোৰ দেখি সৰগৰ দেৱতাসকলে তেওঁক আকাশলৈ লৈ গ'ল। তাৰপিছত এদিন নিজৰ মাক-দেউতাক, ককাই-ভাই  বিচাৰি কাজিৰ ৰংহাংপি সৰগৰপৰা নামিল। তেতিয়া দেৱতাসকলে তেওঁক কাৰ্বি মানুহে দুখত নপৰিবলৈ  বুলি  মাটি  চহাবলৈ এখন হাতত কিনদু পোৱালি এটা আৰু  আনখন হাতত পৰ্বতৰ ওপৰত আৰাখেতি কৰিবলৈ ধানৰ শইচ দি পঠালে, দেই! তঁহতে সৌ কাজিৰঙা  চৰকাৰী হস্পিতালখন দেখিছেনে?  তাৰ পিছফালেই  দলনিখন দেখিব। তাতেই  কাজিৰ ৰংহাংপিয়ে গা-ধুবলৈ গৈ পানী-ধেমালি কৰিছিল। এনেহে  দলনি! অথাই সাগৰ যেন,  ইপাৰ-সিপাৰ নমণি।  কিবা বোলে, দেও লগা । অথাউনি। খৰালি তাতেই ধাৰ থকা এৰালি বন গজি উঠে। কাঁচিখন হাতত লৈ এৰালি বনৰ শিপাবোৰ কাটি বৰ-চালনীত তুলি জোকাৰি দিলে দেখিব শিপাত লাগি থকা জাক জাক কাৱৈ-গৰৈ-টোৰা-শিঙি মাছ। থলথলাই সৰিব। দেও-মনিচে সতকাই ভৰি দিবলৈ সাহ নকৰা দলনিত আমাৰ কাজিৰ ৰংহাংপিয়ে  বাৰিষা-খৰালি উমলি থাকে ।এনেকৈয়ে কাজিৰ ৰংহাংপিৰপৰাই  দলনিখনৰ নামটো গৈ গৈ মানুহৰ মুখতে কাজিৰঙা দলনি হ'ল।  পিছলৈ দেখোন চৰকাৰীভাৱে সিয়েই গেম চেংচুৱেৰী আৰু কাজিৰঙা অভয়াৰণ্য হ'লগৈ। তাৰপিছত  ৰাষ্ট্ৰীয়  উদ্যান নামটো পালে। কথাটো টং কৰিব দেই, গিয়াতি। হৰলাঙৰ জাঁই উঠা ৰাগী লগাই কথাটো  উৰুৱাই নিদিব। হক  ৰংহাঙৰ জীয়ৰি কাজিৰ ৰংহাংপিৰপৰাই কাজিৰঙা। ইটোহে আচল কথা।আনে  সুকীয়া  সাধুকথাৰ  বিৱৰণী  দিলে বুলিয়ে গোষ্ঠীৰ মানুহে তাত  কাণ  দিবলৈ নাই। যেতিয়া পিতাকৰ দুৱাৰ-বাগৰি লংৰিখন  মজবুত  কৰি  কাজিৰ  ৰংহাংপি সৰগলৈ উভতি গ', তেতিয়া কিনদু পোৱালিটো, মানে কাৰ্বি মানুহলৈ এটা খড়্গ থকা জন্তুটো, লগতে অনা শইচবোৰ মৰততে এৰি থৈ গ'ল। সেয়েহে আমাৰ মানুহে কিনদু, মানে গঁড় হত্যা নকৰে দেই। দেৱতাই উপহাৰ  দিয়া হিচাপত আমি গঁড় মাৰিব নাপায়। গঁড় আহি পথাৰৰ ধানত কামোৰ মাৰিলে আমাৰ আয় বাঢ়িব বুলিহে  বিশ্বাস। আৰু তহঁতে ভাত ৰান্ধিবলৈ চাউল জোখা আনচ'', মানে সৰু দোণটোত কেনেবাকৈ কিনদুৰ ছাল এডোখৰ, চুলি  এডালমান, নখ এটুকুৰা বা আন কিবা এটা অংগৰ চিন এটা কাকবাঁহৰ তমালেৰে বান্ধি লব দেই!তেতিয়াহে পৰিয়ালৰ  আয় বাঢ়িব, আয়ুস বাঢ়িব, সংসাৰ সুখেৰে ভৰি পৰিব। এইটো  নিয়ম আমাৰ দুৱাৰ-বাগৰি লংৰিৰ কাৰ্বিগোষ্ঠীয়ে মানি  চলে।”

নিজৰাৰ পানীৰ দৰে ফটফটীয়া, উৎকৃষ্ট হৰলাং পি জোনবায়ে নাচি থকা আকাশৰ তলত  গাওঁবুঢ়াই এই সাধুকথাটো  কৈছিল। মন দি শুনিছিল কাজেক আৰু তেওঁৰ মতাজনে। তেতিয়া অৱশ্যে পৃথক ৰাজ্য বিচৰাই  হওক, বা  স্বায়ত্ব  শাসিত ৰাজ্য বিচৰাই  হওক-দলে দলে উগ্ৰপন্থী গোটবোৰ নাছিল।গড় হত্যা কৰা চোৰাং চিকাৰীৰ কাহিনীবোৰ বাগৰি এলেকাৰ দিহিংছ'ৰ কাষৰপৰা লংবুই পৰ্বতলৈকে বিয়পি আছিল, কিন্তু  কাৰ্বিগোষ্ঠীৰ মানুহৰ  নাম  চিকাৰীৰ  দলত  নাছিল। তেতিয়া কথাবোৰ সুকীয়াহে আছিল। দলনি-পিতনিত কেতিয়াবা ডেকেৰুৱা গঁড় একোটাই  আন এটালৈ ফেপেৰি পাতি ধৰে। যৌৱনৰ তেজৰ বলত দুটা উতনুৱা গঁড়ৰ মাজত থৈয়ানথৈয়া যুঁজ হয়। কেতিয়াবা যুঁজত তাৰেই  এটা মৰে। তেতিয়াই ফৰেষ্টৰ মানুহে লংবুই, ৰামতি, কূট, হিমা--এনে লেখ-জোখ নোহোৱা পৰ্বতত  বাস কৰা  কাৰ্বিগোষ্ঠীলৈ  বতৰা পঠিয়ায়-‘আপোনাসৱ আহক। ভাগৰ বস্তু  লৈ যাৱকহি।' তেহে কাৰ্বিগোষ্ঠীৰ মানুহে সন্মানেৰে মৃতকৰ চকুৰ পতাত ফুল-পাত দি সেৱা জনাই এধানি বিনাই লব। অৱশেষত বস্তুভাগৰ কটা-ছিঙা কৰা  'ব।  ছাল, চুলি, নখ  আদি সযতনে সংগ্ৰহ কৰি থয়। আৰু তাৰ গাৰ মঙহ! মৰাৰ লগে লগে কাটিলে মঙহ অৱশ্যে নৰম। অলপ দেৰি হ'লেই এঠালেটীয়া হৈ পৰিব। কাটি এৰুৱাই আনিবলৈ টান। ছালডোখৰেই আঢ়ৈ ইঞ্চিমান ডাঠ । মঙহ  সিজালে বোকাৰ  দৰে ভুৰভুৰীয়াহে উঠে। সোৱাদটো মিঠা অৱশ্যে।

বিদেশী খেদা আন্দোলনখনৰ সময়লৈকে এনেকুৱাই চলিছিল। পিচে আন্দোলন শেষ হ'ল কি ন'হল, হাতে  হাতে বন্দুক লৈ জাকে জাকে উগ্ৰপন্থীবোৰহে ওলাল।ইটোহে বোলে স্বাধীন অসম, সিটোহে বোলে কাৰ্বিৰ নিজাকৈ স্বায়ত্ব-শাসিত ৰাজ্য। কাৰ্বি হেমপ্ৰেক! জধে-মধে মানুহ  অপহৰণ কৰি উগ্ৰপন্থীয়ে ধন দাবী দিবলৈ ধৰিলে। আনহে নালাগে স্বজাতিৰ উগ্ৰপন্থীয়ে পৰ্বতৰপৰা নামি সৌ তলামৰা চ'কলৈকে আহি বেপাৰ কৰি থকা বিহাৰী মানুহ গুলীয়াই মাৰিলেহি। তেতিয়াহে  কথাবোৰ ওলট-পালট  'ল। দপ-দপাই সেনাৰ অভিযান চলিল। গাঁৱে-গাঁৱে, ঘৰে-ঘৰে সোমাই সেনাই  টহল দিবলৈ ধৰিলে। কাৰ্বিগোষ্ঠীয়ে এইেবাৰ চকুৰ আগতে নোহোৱা-নোপজা  ঘটনা দেখিলে। মুখৰ মাত হেৰাল। সেনাৰ হাতত পৰি জেল খটাৰ ভয়তে লখিমীৰ চিন বুলি  যতনে  সাঁচি থোৱা থোৱা গঁড়ৰ ছাল, চুলি, নখ, আনচ''-আটাইবোৰ  নি জুইত পুৰি পেলালেগৈ।

কাৰ্বিগোষ্ঠীৰ ঘৰৰপৰা চিৰকাললৈ লখিমীৰ চিন হেৰাই গ'ল।

লাহে লাহে কাজিৰ ৰংহাংপিৰ হাবিখন কাৰ্বিগোষ্ঠীৰ মনৰপৰা দূৰলৈ গৈ থাকিল। গোষ্ঠীৰ আখৰ চিনি নোপোৱা  মানুহে  বুজি নোপোৱা ঢেৰ নিয়ম ওলাল। চিনাকি হাবিখন অচনিাকি হৈ বাঢ়ি যাবলৈ ধৰিলে। নজনা-নুশুনা ঢেৰ কথা ওলাল। কিবা বোলে হাবিৰ নতুন সংযোজন। ইফালেও সংযোজন, সিফালেও সংযোজন। ব্ৰাঘ্য প্ৰকল্প।  বিশ্ব ঐতিহ্য ক্ষেত্ৰ। পৰ্যটন ক্ষেত্ৰ। মুখত ফুটাবলৈকে টান।  নিয়মৰ  প্ৰতাপত  হাবিৰ  ফালে  চাবলৈও  গোষ্ঠীৰ ভয় লগা হ'ল।

জানোচা অপৰাধ হয়! 

জেল খাটিবহে লাগে!

ৰাজআলিৰ আনটো পাৰত থকা গোষ্ঠীৰ মাটি হাবিৰ ভিতৰ সোমাল। মানুহবোৰ চাপি-চুপি ৰাজআলিৰ ইটো পাৰে  উঠি আহিবলৈ ধৰিলে। সৌ চন্দ্ৰসিং ৰংপি গাওঁখনো তাহানি কঁহৰাৰ মিহিমুখতে  নাছিল জানো!পিছতহে  বাকৰিং  ইংতি গাৱঁৰ কাষলৈ উঠি  আহিল!আজি-কালি  কিবা  নিয়ম ওলালেই গোষ্ঠীৰ গাওঁবোৰ, আৰাখেতিৰ  পৰ্বতবোৰ  নতুন সংযোজনত  সুমুৱাই  লয়  বুলি মানুহৰ দেহলাও কঁপি উঠা হ'ল। ব্ৰাঘ্য প্ৰকল্পটোত ৰাজআলিৰ এইটো পাৰৰ  ৰংতাৰা গাঁৱৰ আৰাখেতিৰ মাটিও  সোমাইহে লাগে! এটা চেঁপি থোৱা ভয়, নহয়জানো! মুখৰ মাত-কথা মুখতে হেৰায়। ৰংতাৰাৰ আৰাখেতিত আকৌ এটা দুটা টেকি বা বংক্ৰুই ওলাবই। গাহৰি নাপালে কুকুৰ এটাকে নিব। হাতীয়েও খেতি খায়। আমাৰ এই  ইংলে পথাৰৰপৰা ৰংতাৰালৈ চাৰিঘণ্টাৰ খোজকঢ়াৰ বাট। উঠা-নমা। লুংলুঙীয়া। পৰঘুমা, হাইঠা,পৰ্বতৰ মইনা,পাকৈঢৰা, ৰজাধনেশ পখীবোৰ চাই চাই, সুগৰি পহুৰ মাত শুনি শুনি গৈ থাকিব  লাগে।  হাতীও ওলাব।পৰ্বতৰ ওপৰৰপৰা কাজিৰঙাৰ হাবিখনো লুইতৰ বালিৰে সতে দেখি। সেইহেন ৰংতাৰাৰ আৰাখেতিৰ মাটি  বোলে  ব্ৰাঘ্য  প্ৰকল্পই  সামৰি  লব! গোষ্ঠীৰ  গাওঁ, আৰাখেতিৰ পৰ্বতৰ আলৈ-আঠানি  কৰিব।  পেটতে হাত-ভৰি নুলুকায় জানো!

ভূতৰ ওপৰতে দানহৰ দৰে ওলালহি  আকউ গোষ্ঠীৰ বাহিৰা মানুহৰ  প্ৰতাপ। জোলোঙা টকাৰে উভৈনদী। বোলে,  পৰ্যটন উদ্যোগ কৰিব। পোনতে ৰাজআলিৰ কাষৰ ফুটুকানি, গেজেপনিবোৰ দখল  কৰিলে।  সোণবৰিয়াল,  জেতুলিপকা, লাটুমণি লতাৰ সৰু হাবিবোৰ নাইকীয়া  'লনে  নাই! মেদেলুৱা, কণীবিহৰ দৰে বন-দৰৱৰ পুলিবোৰেই ক'তেবা হেৰাল! আলিৰ সিপাৰে মাটিৰ আকাল পৰাত এইপাৰৰ গোষ্ঠীৰ মানুহৰ মাটি লবলৈ ধৰিলে। সমবায়  পৰ্যটন  হিচাপেও  গোষ্ঠীৰ বাহিৰৰ মানুহে সুবিধা লিয়ালে, দেই। তাতে  বাকৰিং ইংতি  গাৱঁৰ  মাটিও লাহেকৈ সুমুৱাই  'লে।  লোভ দেখুৱাই কম দামতে গোষ্ঠীৰ মানুহৰ মাটি লবলৈ ধৰিলে। কিবা বোলে, লীজতহে  লয়! কাৰ্বি  আংলঙৰ মাটি, কৰ-খাজনাৰো লেঠা নাই। সেইদেখিহে দুৱাৰ-বাগৰি লংৰিত বাস কৰি অহা কাৰ্বিগোষ্ঠীৰ মানুহ টোকোনা হ'বলৈ ধৰিলে। টকাৰ লোভ দেখুৱাই পৰ্বতৰ জীয়া জীয়া শিলবোৰ টানি লৈ গ', আই!পাথৰ ভঙা মেচিনত সুমুৱাই নগৰলৈ চালান  দিলে। পূবৰ ফালে পৰ্বতবোৰ টকলা হৈ পৰিল নে নাই!নিজৰাবোৰ  শুকাই গ'ল নে নাই! কাজিৰ  ৰংহাংপিৰ  দিনৰে   বাঁহনিবোৰৰ কি  গতি  'ল! টকা  ঘটিলে গোষ্ঠীৰ বাহিৰৰ মহলদাৰে। গোষ্ঠীয়ে চুবলৈ পালে এখুদমান কমিচন।  হাতী-পাথৰত বনভোজৰ থলী উলিয়াই নৈখন তেনেই লেতেৰা কৰিলে। মদে-ভাতে সব তাতে ওলায়, আই!চিঞৰ- বাখৰনো কিমান শুনিবা! কিবা বোলে, পৰ্যটক আহিলে কেতিয়াবা আমাৰ  গোষ্ঠীৰ  গাওঁবোৰলৈ ফুৰাবলৈ  লৈ আহে।  বাহিৰৰ মানুহবোৰে বনৰ জীৱ চোৱাৰ লেখিয়াকৈহে  আমালৈ  চাব। লাজৰ  কথা নহয়জানো!  

আই! ৰাজআলিৰ এইটো পাৰে আমাৰ এই লংবুই পৰ্বত অলেখ নিজৰাৰ ঘৰ-অলেখ লাংছ'। শিলৰ  কুৰুং। কুৰুঙত   লতামেকুৰীৰ চোং। ফুটুকা- ফুটুকী টেকেৰ চোং। ভৈয়ামত নাহৰফুটুকী বুলি কয়। সোণ গুঁই, অজগৰৰ ঘৰ।  অপায়দেৱতাৰ সতে ঠিয় শিলত খোজকাঢ়ে দেও লগা বনছাগলী। ভাইগৰ বলতহে কাচিৎ দেখা  দিব। উৰিয়াম  গছত হাতোঁৰা ঘঁহাই নখত ধাৰ দিবলৈ অহা হালধি ৰঙৰ আঁচবোৰেৰে দেওলগা বংক্ৰুই যেতিয়া  ঘূৰিব  আৰু  আচোঁৰৰ  চিনে চিনে ওলাই আহিব উৰিয়াম গছৰ ৰঙা ৰঙা ৰস-গাওঁবাসী তেতিয়া সাৱধান হ'ব।এৰালৰ  গৰু-ছাগলী  বাৰান্দালৈ  উঠাবৰ হ'ল। কেংহইদু, মানে হলৌ বান্দৰৰ পৰিয়ালো দেখিব। দেখিবলৈ একে বাৰে  আৰলেং, মানে  মানুহৰ লেখীয়া।  ওখ গছত চিঞৰি-বাখৰি এনে  হাল্লা  কৰি দিব  যেন  ডাঙৰ  এজাক  সোমাইছেহি।আকউ, কাষলৈ  'লে দেখিবা ওখ ওখ গছবোৰৰ ডালত মুঠেই দুটা বা তিনিটা। হিঃ  হিঃ। কেংহইদু জাকত নাথকে, ৰিয়াল হিচাপত  থাকে।  ফুৰিবলৈলৈ নিজৰ জেগা সীমা মাৰি লয়। আমাৰ এই লংবুই পৰ্বতৰ কেংহইদু পৰিয়ালটো আপুনি সৌ হাতী-পাথৰৰ  কহঁৰা দলংখন পাৰ হৈ যোৱা নেদেখিব। তাতেই সীমা।

সৌ  পিছল কুৰুংটোৰ লতামেকুৰী বাঘৰ চোংটোত এমা-ডিমা পোৱালিকেইটাৰ কুঁউ কুঁউ  মাত  শুনিছে নেকি, আই!  মাকজনীৰ কুহুমীয়া ওহাৰখনৰ গাখীৰতী গন্ধটো পাইছে নেকি! মনা-নমনাকৈ ময়ো দূৰণিতে চাই  আহিলোঁগৈ। কাঠনিৰ পখীবোৰৰ কথানো কি  কম!লংবুই, ৰাম'তি ,হিমা, কূট, ৰংতাৰা-এই ভাগে ভাগে পৰ্বতবোৰৰ ভিতৰুৱাল হাবিত  পাকৈঢৰা, ৰজাধনেশ,  চিল কুৰুৱা, খোপাডাঙৰী, মৌখাপ, পাহাৰী শেন, বাকুহি, পাতিকুকুহা,  ডাবহীকুকুহা,  শিলকতৰা, ৰূপহী,কোকলোঙা-- সৰু-বৰ কত যে পখী!ৰংচঙীয়া পাখিকে চাব, নে অমাতৰ  মাতকে শুনিব!  আমাৰ কঁহৰা নদীখনৰ পৰিয়ালটোত থকা নৈ-নিজৰাবোৰৰ এলেকাত চন্দ্ৰসিং ৰংপি গাওঁ, বাকৰিং ইংতি গাওঁ, হেমাই লেকথে গাওঁ, ফুমেন ইংতি গাওঁ, ৰংতাৰা গাওঁ, ইংলেপথাৰ চিংথং টক্ বি গাওঁ--এইবোৰ গাঁৱৰ গোষ্ঠী এইবোৰতে মচগুল।  তিতালাওৰ টোকোৰাৰে আৰাখেতিৰ  ধানৰ জাঁই উঠা হৰলাং এটুপি খাই সুখী  বুলিবহে  পাৰি। আই!আমাৰ ধৰ্ম- উপাসনাৰ পবিত্ৰ জাম্বলি-আথনত  থকা ৱ'জাৰু, মানে ভীমৰাজ  পখীৰ সাধুটো শুনিব নেকি!

-বৰ  ৰসলগাকৈ  কৈছে  দেই! শুনিবলৈ লোভেই  লাগিছে। বাৰু, চমুৱাই কওক। সিফালে বেলি হ'ব।

কাৰ্বিগোষ্ঠীৰ মতে ৱ'জাৰু, মনে ভীমৰাজ পখী হৈছে চৰাইৰ ৰজা। তাৰ আগতে আকৌ  শগুণহে  ৰজা আছিল। সেই দিনত শগুণে মৰাশ নাখায়। সময়ত শগুণ বুঢ়া হ'ল। চিকাৰ ধৰিব নোৱাৰে। তেতিয়া  ৰজা হিচাপত একোটা চৰাই  নিজে গৈ আহাৰ হ'ব লাগে বুলি  আদেশ দিলে। বোলে, চৰাই বুলি চিনাকি দিলেহে  খাব।ন'হলে নাখায়। কথা শুনি  ভয়তে পখীবোৰে  মেল  চপালে।কি বুদ্ধি কৰিব পৰা যায়! তেওঁবিলাকে  ভীমৰাজ পখীৰ কাষলৈ গ'লগৈ। ভীমৰাজ পখীয়ে বুধি দিলে--বোলে আপোনাসৱে  যেতিয়া আহাৰ হৈ ৰজাৰ কাষলৈ যাব, তেতিয়া ৰজাই ‘কোন আহিছ' বুলি সুধিলে ‘চৰাই' বুলি নকব। নিজৰ নামটোহে  কব। আমাৰ কাৰ্বিৰ মতে আকৌ ৱ',মানে চৰাই। এই হিচাপে চৰাইবোৰৰ নামো ৱ'জাৰু, 'দুদু, 'তেৰাং-- এনেকৈ  দিয়ে। এতিয়া চৰাইবোৰে ৱ'-বুলি নোকোৱাকৈ নিজৰ নিজৰ নামটো  এনেকৈ কবলৈ ধৰিলে--দুদু, তেৰাং। শগুণ ৰজাই ভাবিলে--এইবোৰ পখী নহয়, কিবা বেলেগ জীৱ। এনেকৈয়ে চিনাকি দিওতে দিওতে সাঁজ লাগিবলৈ  'ল। বুঢ়া ৰজাই ভোকত থাকিব নোৱৰি মৰি থকা গৰু এটা দেখি তাৰ ওপৰতে পৰি  খাবলৈ ধৰিলে। ভোকত মৰাশ খাই ৰজা দুখতে ভাগি পৰিল। তেতিয়া পখীবোৰে  বুজিলে,  ৰজাৰ আৰু কাম নাই।  কাক নো ৰজা পাতিব  তাকে লৈ  পখীবোৰে  মেল  চপালে। মেলত ধনেশ পখী ৰজা  হবলৈ  আগবাঢ়ি আহিল।  বোলে মোৰ গা-গাৰি ডাঙৰ, দেখিবলৈও কেনে ধুনীয়া! মইহে  ৰজা হ'বলৈ পাওঁ।পখীবোৰে ক'লে--“তই  অলপ হাল্লা  কৰি দিবচোন।” ধনেশ  পখীয়ে তেতিয়া নিজৰ মাতটো মাতিবলৈ  ধৰিলে। মাত শুনি সকলো চৰায়ে  ভয়ত  পলাই  'ল। তেতিয়া পখীবোৰে  বুজিলে, ধনেশ পখীৰো কাম নাই। সকলোৱে মিলি বুধিয়ক ৱ'জাৰু, মানে ভীমৰাজকে ৰজা পাতিলে। লগতে এদল সৈন্য-সামন্তও দিলে। এই হিচাপত আপুনি দেখিব আজিও ভীমৰাজ  পখী য'লৈকে যায়, আন  কিছুমান পখীও  সৈন্য-সামন্ত হিচাপত লগে লগে যায়। কিবা বোলে, চিকিঅ'ৰিটি! হিঃ হিঃ। ভীমৰাজ  পখীয়ে  ভালকৈ নেতৃত্ব দিলে, দেই। তেওঁ মাতটো সলাই  সলাই, ভেশচন ধৰি নিজকো ৰইখা কৰিব, আন পখীকো ৰইখা কৰিব। আপুনি হাবিৰ ভিতৰত ভীমৰাজ পখীয়ে এনেকৈ মাত সলাই সলাই ৰজাৰ দৰে ঘূৰি ফুৰা দেখিছেনে?  এনেকৈয়ে   মাতটো  সলাই দি বিপদৰ আগজাননীও দিব। আমাৰ  কাৰ্বি উপাসনাৰ কাঠেৰে সজোৱা  পবিত্ৰ  জাম্বলি-আথনত দেখিব একেবাৰে ওপৰত  ভীমৰাজ পখী-তলৰ চাৰিটা ডালত  আনকেইটামান পখী আছে। জাম্বলি আথনে আকউ গোষ্ঠীৰ মূল পাঁচটা ফৈদকো বুজায়।

--সাধুকথাটো সঁচাকৈয়ে  ধুনীয়া।

হয় হয়। মনলৈ আহিছে যেতিয়া এই  চেগতে ডৰিক পখী আৰু  পৰ্বতীয়া মইনা পখীৰ  সাধুটোও  চমুতে  শুনক।   কাৰ্বিগোষ্ঠীত মানুহ মৰিলে বিনাব লাগে বুলি নিয়ম এটা আছে। এনেকৈ এদিন  ধনী  গাওঁবুঢ়াৰ  ছোৱালীজনী ঢুকাল। তেতিয়া গাওঁবুঢ়াৰ ঘৈণীয়েকে ঘোষণা দিলে--“আমাৰ  আইটিৰ হৈ কোনোবাই ধুনীয়াকৈ কান্দক। মই তেতিয়া মোৰ সোণৰ গহণাখিনি উপহাৰ দিম।” তেতিয়া ভৈয়ামৰ ডৰিক  চৰাই আহি ওৰে ৰাতি কান্দিবলৈ ধৰিলে। কান্দি কান্দি চকু ৰঙা পৰি গ'ল। পিচে পুঁৱতি নিশা টোপনিয়ে চকু হেঁচা মাৰি ধৰিলে। হেন সময়তে সুবিধা বুজি পৰ্বতৰ মইনা আহি ওলাওক। ডৰিকে  কলমটিওৱা দেখি মইনাই  পাৰে মানে বিনাই দেখুৱালে ।বুঢ়ীয়ে  শুই উঠিয়েই  বিনাই থকা পৰ্বতৰ মইনাক নিজৰ সোণৰ আ-অলংকাৰবোৰ গলতে পিন্ধাই দিলে। সেইদেখিহে পৰ্বতীয়া মইনা চৰাইৰ  গলত  আজিও সোণবৰণীয়া হাৰ। সিফালে ডৰিক চৰাইৰ কষ্ট অথলে গ'ল। কান্দি  কান্দি  চকু ৰঙা কৰি পেলালে। আজিও  ডৰিক পখীৰ চকু  ৰঙা  নহয়জানো!আমাৰ কাৰ্বিগোষ্ঠীয়ে চৰাই, গছ. পৰ্বত. নৈ-নিজৰা  সংসাৰৰ  সকলোকে   সাধুকথা দি থৈছে।

নাচি  থকা  লাংছ', মানে নিজৰাবোৰৰ কথা শুনিবলৈ মন  নাযাব  জানো, আই! সৌ যে কেতিয়াও শুকাই নোযোৱা  লাংকিৰি নামৰ এটি নাচনী  লাংছ' ৰংতাৰা  গাৱঁৰ আৰাখেতিৰপৰা  নামি  আহিছে, সিফালৰপৰা  আহিছে   কহঁৰাছ' নামৰ নিজৰাটি। কহঁৰাছই বাটে বাটে  সৰু-ডাঙৰ  লাংছ'বোৰেৰে লগ হৈ কহঁৰাপি নাম  'লে। আমাৰ কাৰ্বিত   ভাষাটোত আকৌ লাংছ' মানে নিজৰা, লাংপি মানেহে নদী। এনেকৈ কঁহৰাপি আৰু লাংকিৰি, দুয়ো আহি ফুমেন  ইংতি গাওঁ পালেহি। লাংকৰি  নৈখন নাতিদূৰৈতে ৰেংৰেংআলংপ্ৰু নামৰ ঠাইত থাওকতে মাটিৰ তলত  হেৰাই  'ল।  নৈখন   তাতে নাইকিয়া হ'লেই! ওপৰত দলঙৰ দৰে খোজকাঢ়ি পাৰ হৈ যাব পৰা শিলবোৰহে থাকিল। শিলৰ তলৰ  পাতালত  নৈৰ বৈ যোৱা পানীৰ  হৰ হৰ  শব্দ। আকউ, 'তেই  পাতাল ভেদি লাংকিৰি  নৈ ওলাল, তাতেই  কঁহৰাপি নৈক  লগ পালে  নহয়!ইয়াৰপৰাই  দুয়ো একেলগে  ববলৈ  ধৰিলে। গোষ্ঠীয়ে  জানিবা  তাহানি  সেইটো  কিনদু   লাংছ'হে  বুলিছিল  দেই! হাবিৰ গঁড় আহি তাতেই উমলি থাকিবলৈ ভাল  পাইছিল  বাবে। নাতিদূৰৈতে  সৌটো  আকউ   কিনো! জি লাংছ'--নিমখীয়া পানীৰ নিজৰা। বনৰ পহু, গঁড়, হাতী, বাঘে তাতেই নিমখীয়া পানী খায়, পাৰৰ  নিমখীয়া মাটি চিকুটিবলৈ  আহে । ৰাজআলিৰ সিটো পাৰৰপৰাও আহে। তাৰ উপৰিও বাৰীয়ে বাৰীয়ে ভাগত পৰা অলেখ লাংছ' গৈ গৈ কঁহৰা নৈতে পৰিছেগৈ। বাটতে লগ পোৱা তৰ্ লাংছ' আৰু লাংকামছাং লাংছ'  কথা  কবলৈ  পাহৰিছোঁৱেই। সৌটো কহঁৰাপিৰ মাজতে অকণমানি পৰ্বত, দেখিছেনে? সি যেনিবা অকলশৰীয়া এটি  দ্বীপ-নামটো হেমেপ’ আংলং। বৰলা পৰ্বত। হিঃঃ হিঃ ।

এয়াই আমাৰ দুৱাৰ-বাগৰি লংৰিৰ মাজতে থকা কহঁৰা নৈৰ পৰিয়াল। অবৱাহিকা বুলিহে  কয়  হবলা!আমাৰ কঁহৰা  নৈৰ আমি কাৰ্বি-সন্তান, কাৰ্বিৰ জনম-জন্মান্তৰৰ বাস।জীৱনৰ আয়ুস।ৰংতাৰা গাঁৱৰ পৰ্বতৰ  সিটো পাৰৰ  শিলবোৰতে ডিফলু  নৈৰ ক্ষীণ সুঁতিটোৰ জনম--সেয়াই  ডিফলুমুখ। ডিফলুমুখৰ পৰ্বতত ভোট  জলকীয়া  আৰু  কমলাটেঙাই  বাস কৰে। বতৰৰ সময়ত পুঁৱতি নিশাৰপৰাই শাৰী পাতি খোজকাঢ়ি  কান্ধত ভাৰ বান্ধি, 'হলেবা  পিঠিৰ হোৰাত  বুকি  পকা পকা ভোট জলকীয়া, কমলা টেঙা লৈ লুংলুঙীয়া পৰ্বতীয়া বাটেৰে ডিফলুৰপৰা  কঁহৰাৰ  বজাৰলৈ আহি  থাকিব লানি লানি কাৰ্বিগোষ্ঠীৰ মানুহ। আৰাখেতিৰ পাচলিও আহিব। তেহে ভৈয়ামৰ  মানুহে তৎ পাব! চৰকাৰী বাট  নাই । ডিফলুমুখৰপৰা সৌ পূৱৰ দেইথৰলৈকে ডিফলু  নৈ-নিজৰাৰ  পৰিয়াল।  'তেৰাং  লাংছ'কে ধৰি  বাগৰিৰফালে পচিমৰ  পৰিয়ালটো  দিহিংছ'  নৈৰ। 

আই, নথকাৰ ভিতৰত কাৰ্বিগোষ্ঠীৰ মৰমৰ পৰ্বতীয়া আৰাখেতিৰ বাবে  লংবুই  পৰ্বতৰ এইচোৱাত  সাৰুৱা  মাটিহে  নাই। সেইদেখি আপুনি আৰাখেতিৰ মিঠা ধানৰ শইচ এইচোৱাত নাপাব। পানীখেতিৰ চকচুবক, মণিৰ দৰে থোপা-থুপিকৈ লগা চকলাহাৰ দৰে ধানৰ শইচো  নাপাব। পাবলৈ টান হ'ল। চকলাহা সিজালে ভাতৰ ৰংটো  লাৰ ৰংটোৰ দৰে তেজৰঙা হয়। সেইদেখিহে  চকলাহা। লংবুই পৰ্বতৰ গা বনৰীয়া হানথু, মেহেক, চ”ছতৰ  কুমলীয়া পাতেৰে ভৰি থকা। হানচাংবিৰ  পাতো  উপচি  থাকে। কেৰাহিত ভাজিবলৈ কাকবাঁহ  আৰু তৰাৰ গঁজালিও পাব। এইবোৰেই  আমাৰ শাক-পাচলি। লংবুই পৰ্বত জীয়া  শিল, কুৰুং, কাকবাঁহ আৰু নাচনী নিজৰাৰ  ঘৰ। মাছবোৰ আকউ বৰ টেঙৰ! সেইদেখি লতাবিহ দি পৰ্বতীয়া লাংছ'  কিছু বেলি  মাছবোৰ  ঠৰঙা  কৰি  লব  লাগে, তেহে ধৰিব  পাৰি। বাৰিষা সৰু  নিজৰাবোৰেই পাৰ উপচি  লাংছ'  ৰূপ লব। সেই  নিজৰাৰ  পানীৰে  ভৈয়ামত  গোষ্ঠীয়ে পানীখেতি কৰিব। আই! বছেৰেকীয়া পূজাভাগ, মানে  ৰেকৰংকেৰৰ  দিনা  আমাৰ  লংবুই  পৰ্বতৰ দেৱতাই  বলি নাখায়। তেওঁ বগা কুকুৰা, বগা পাৰ, বগা হাঁহৰ  দৰে  বগা  বস্তুহে  উচৰ্গা লব। কিন্তু  বধিবলৈ নাপায়।  হাবিত এৰি দিব লাগিব।ৰেকৰংকেৰৰ দিনাই কাৰ্বিগোষ্ঠীয়ে  গাঁৱৰ ভাগত পৰা নৈ-নিজৰা-পৰ্বত-গছ, এই  সকলোলৈকে পূজা এভাগ দিব। ভাগে ভাগে  বলি  দিব। মঙলো চাব।যাতে, নজনাকৈ হোৱা সকলো দোষ নাইকীয়া কৰি দিয়ে। বাহিৰা  মানুহে আমাৰ  হাবিলৈ  লোভৰ চকুৰে চালেও দেৱতাই যাতে দোষ মৰিষণ কৰে।

-আই হেৰেই, অলপ লৰালৰি  কৰক। পাতনিতে  নিশাটো  বাগৰিব এতিয়া/ পিচে,  শুনিবলৈ বৰ  শুৱলা হৈছে। গুৰিৰপৰাই কওকচোন। -- সপোনৰ বুঢ়ীআয়ে ক'লে।

সাধুবোৰ অলপ বখানিব  লাগিব, আই! দেহলাওটো ওলাই  যোৱাৰ  বেলাত  সাধুকথাবোৰো ইয়াতেই থৈ যাম। আকউ লগ পামহি  জানো!আমাৰ আকউ  'ৰা-ছোৱালী, নাতি-পুতিৰ হাতত সাধুকথাবোৰ কৈ কৈ দি থৈ যোৱাৰ নিয়ম এটা আছে।তেনেহ'লে শুনক--বঙাইগাওঁ জিলাৰ বিষ্ণুপুৰৰ দাওৰইবাৰী গাঁৱতে আমাৰ আজোককাক বাস। কবলৈ হ'লে আমি হ'লো মূলতে বড়োগোষ্ঠীৰ  মানুহ। খাজনা দিব নোৱাৰাৰ দোষত  ককাদেউতাৰ মাটি  হেৰাল। তেওঁ  শহুৰেকৰ ঘৰত জোঁৱাই  চাপিল। তেতিয়া শহুৰেকে থাকিবলৈ  মাটি-বাৰী দিলে।কিন্তু নিদিলে। সেইদেখি    তেওঁ শোণিতপুৰ জিলাৰ চেঁচা নৈৰ পাৰত আলুপোৰা চেণ্টাৰৰ ভিতৰলৈকে গৈ ৰিজাৰ্ভৰ মাটি ভাঙিলেগৈ।

এনেকৈ তিনিজনকৈ পুতেকক আনি তাতেই  বহিল। অলেখ জাতিৰ  মানুহ  তাত। বড়ো, কাৰ্বি, নেপালী, মাজুলীৰ  ফালে পানীয়ে ভঙা অসমীয়া  গাওঁবোৰৰ মানুহ। ৰিজাৰ্ভৰ মাটি খুলি  সকলোৱে নিজা  নিজা  গাওঁ পাতিলে। মই  হলোঁ ককাদেউতাকৰ  বৰপুতেকৰ ছোৱালী।  আমাৰ  তিনিজন ভাই. চাৰিজনী  ভনী। এজন  ভাই  বোবা।  আমি  তাতেই অসমীয়া লিপিৰে লিখা বড়ো মাধ্যমত এল পি পঢ়িলোঁ। হাইস্কুললৈ যাওতেহে শোণিতপুৰ আৰু লখিমপুৰ  জিলাক  দুভাগ কৰা চেঁচা নৈখন পাৰ হৈ দূৰৈৰ স্কুলত অসমীয়া মাধ্যমত পঢ়িবলৈ  লগা  'ল। ন-কিলোমিটাৰমান  খোজকঢ়াৰ  বাট। মাজতে চেঁচা নৈ। তৰাং বুকু। খোজকাঢ়িয়েই পাৰ হ'ব লাগে। লিপিটো একেই আছিল  বাবে  অসমীয়া মাধ্যমতো  দিগদাৰ ন'হল  পাচে। নৈৰ বহল বুকু পাৰ হওতে অৰুণাচলৰ পৰ্বতৰপৰা কেতিয়াবা বৰষুণৰ পানীৰ ঢল নামিলেহে  লেঠা। নৈৰ কোবাল সোঁত। খুপি খুপি যেনে-তেনে কৰি বালিত ভৰি গুজি গুজি পাৰ হওঁ। কাঁকাললৈকে পানী উঠিব।   ইউনিফৰ্মৰ স্কাৰ্ট ভিজি যাব। পাৰত উঠি গৈ থাকোঁতে গাৰ কাপোৰ গাতে শুকাব।পিচে হাইস্কুলৰ তিনি শ্ৰেণীতে পঢ়া সামৰিবলগীয়া হ'ল। বোবা ভাইটোক ককাই-ভায়ে মাটি-বাৰী নিদিব বুলি অনুমান এটা কৰি আমাৰ বোপায়ে ৰিজাৰ্ভৰ আৰু ভিতৰলৈ গৈ নতুনকৈ মাটি ভাঙিলেগৈ।

ৰিজাৰ্ভৰ  মাটি  ভঙাও  একোটা কাহিনী, আই! হাবিৰ জন্তু-জানোৱাৰৰ ভয় নেওচি বিয়াগোম গছবোৰ  বাগৰাই   মাটি খোলা জানো সহজ  কথা! গছ বাগৰাই ফৰেষ্টৰ মানুহকে  কম টকাত  বেচি  দিব  লাগিব। ট্ৰেকটৰ  লগাই  টানি নিব। কিবা বোলে, ফৰেষ্টৰ মানুহে  চোৰং কাৰবাৰীয়ে  লগা-ভগা।হাবিদেৱতাৰ  জগৰ  লাগিলে  কুঠাৰৰ  ঘাপটো ভৰিতে  নপৰিব জানো!  চেঁচুকৰ ভেঁকুৰে খৰ-খজুৱতি হৈ গাৰ  ছালত  বাহ  নাসাজিব জানো! গাঁৰ, ফোঁহা  উঠি তেজ-পূঁজ ওলাব। ফোঁহাৰ গেলা ঘাঁৰ কেচেমা-কেচেম গন্ধ  ওলাব।  কাষলৈ   যাব নোৱাৰি।  দৰৱ- জাতিও নাই।কেতিয়াবা আকউ উচ্ছেদো হ'ব। তেতিয়া অলপদিনলৈ পিলিং-পালাং কৰিয়ে  থাকিব লাগে। পিছত  ফৰেষ্টৰ  মানুহে পইচা-পাতি লৈ আকউ  তাতেই  বহিবলৈ  দিব।  

তেও বুলি মাটিৰ মোহ। নতুনকৈ খোলা  মাটিৰ এটা গন্ধ  থাকে, আই। মোহ  জাগে।  হাবিতলীয়া গোষ্ঠীক অৰণ্যলৈ  টানি  নিয়ে।   

যি  নহওক, পঢ়িবলৈ মন থাকিলেও স্কুল বাদ পৰিল। এনেকৈয়ে মই টুবুকী জাৰণিৰ কাৰ্বি গাওঁ এখনৰ মেট্ৰিক পৰীক্ষা দিয়া মোৰ কাৰ্বিগোষ্ঠীৰ মতাজনলৈকে চাপি দিলোঁ। মতাজনে  'লে-‘ইয়াত আমাৰ  ভাইগ'  নাই। দক্ষিণপাৰৰ   বাগৰিৰ ফালে থকা মাহীজনীৰ তালৈকে যাওঁ, 'ল। এইখিনি বিদ্যাৰে কাৰ্বি-আংলঙত চাকৰি এটাও  জুটি যাব পাৰে।' এনেকৈয়ে শিলঘাটত জাহাজত উঠি  লুইতখন পাৰ হৈ এইপাৰ পালোঁহি। বাগৰিলৈ আহিয়ে কাৰ্বি  নামটো  ললোঁ। অনজালিৰপৰা কাজেক হ'লোঁ। মতাজনৰ মাহীয়েকৰ ফালৰ উপাধিটোও ল'লোঁ। দখনাখন এৰি  থৈ পিনি-পে'কক পিন্ধিলোঁ। ভৈয়ামৰ মাইকী বুলি পৰ্বতত মৰমটো বেছিকৈহে  পালোঁ।

মতাজন আছিল  দৰ্খাস্ত লিখা, সভা-সমিতিত কথা কোৱাত পাকৈত।কাম-বনতো কাজী। মানুহক দৰ্খাস্ত-পাতি লিখি দিলেও দুটকা আয় হয়। এনেকৈয়ে তেওঁ কাৰ্বিগোষ্ঠীৰ আঞ্চলিক ৰাজনীতি আৰু সমাজনীতিত সোমাই পৰিল।  তেতিয়াই   ইংলেপথাৰ চিংথং টক্ বি  গাৱঁৰ গাওঁবুঢ়াই ইয়ালৈকে মাতি আনি  বহিবলৈ দিলে। ইয়াতে ঝাৰুৰ বেপাৰকৰা,  পৰ্বতৰ   ডালচেনি, বনচোম গছৰ ছালৰ বেপাৰ কৰা আৰু জাগীৰোডৰ কাগজ মিললৈ কাকবাঁহৰ চালান দিয়া ভৈয়ামৰ মহলদাৰবোৰৰ মহৰী হৈ কামত সোমাল। হাতলৈ দুটকা আহিল। কমিচনো পাওঁ, নিজে ঝাৰু কাটি  হাজিৰা এটাও  পাওঁ। সৌ হাতীখুলি চাহবাগানতো বাঁহৰ চাপ্লাই  হয়। চাহবাগানত দেখি দেখি গাওঁবুঢ়াই দিয়া মাটিতেই  ছয়বিঘা মাটিত  চাহগছৰ  পুলি  ৰুলোঁ। পৰ্বতৰ গাৰ এঢলীয়া মাটি। চাহগছবোৰ  লহ-পহাই বাঢ়িল। বাগানতে পাতৰ  চাপ্লাই  হয়, এজেণ্ট আহি লৈ যায়। আমাৰ কাৰ্বিগোষ্ঠীৰ নিজা পৰম্পৰাৰ উঁৰালত খূন্দা চাহপাত আৰু এটি কলি এটি  পাতৰে কৰা চাহো শিকি পেলালোঁ।

-এটি কলি, এটি পাতৰ চাহ! এইটো বা কি! লোকে দেখোন চাহপাত ছিঙাৰ নিয়মটো এটি কলি, দুটি  পাত  বুলিহে  কোৱা শুনোঁ।  

আই। এটি কলি,দুটি পাত--কাৰখানাত চাহপাত বনাবলৈ এইখিনি ছিঙি লব লাগে। পাচে মই  এটি কলি, এটি পাতৰ চাহো শিকি পেলালোঁ। কেনেকৈ শুনক। চাহ বাগানখন কৰাৰ পিছতে মতাজনে ৰাজনীতিত বেছিকৈ লাগিবলৈ ধৰিলে। সৰু-সুৰাকৈ ঠিকাও পালে।এইফালে মই ঘৰ-দুৱাৰ চম্ভালি ল'লোঁ। ছোৱালী দুজনী হাইস্কুল পালেগৈ। ঘৰখনলৈ টিভি  এটা আহিল। এদিন তাতেই  দেখিলোঁ-চীনদেশৰ ফালে এটি কলি এটি পাতেৰে এবিধ  চাহপাত বনায়। বহুত  দাম পায়। কিবা বোলে, গ্ৰীণ  টি।  তাকে দেখি  ময়ো শিকিলোঁ। সপ্তাহত এবাৰকৈ এটি  কলি এটি  পাতহে  ছিঙিব  লাগে। তাকে লেৰেলাই উতলা পানীত  পাঁচচেকেণ্ড সিজাই ছাঁতে বতাহত  শুকুৱাই পেলাব  লাগে। তেতিয়া পাতটো ক'লা ৰঙৰ হ', কলিটো বগা ৰঙৰ হ'ব। বগা ৰঙৰ ক'লি থকা চাহপাতৰ বজাৰত বহুত দাম। এক কেজি বেচিলে   ঘৰতে কেইহাজাৰমান পাওঁ। পিচে, সপ্তাহত এপোৱাহে কৰিব পাৰিব। বেছি  নহয়। তাকো  বাৰিষা কালত ।  সিফালে  তেনে বাগিছাত দৰৱ মাৰিবও নোৱাৰিব। জৈৱিকভাৱে কৰিব লাগিব।

আমাৰ কাৰ্বিগোষ্ঠীয়েও লং লেংপুম মানে, উঁৰালত খূন্দা চাহ তকপেক নামৰ  চাহ এবিধ নাখায় জানো! সেইবিধ  চাহ  খাবলৈও সোৱাদ, আকউ  দৰৱৰ  কামো কৰে।

আই!আমাৰ মতাজনৰ ৰাজনৈতিক দলটো আছিল কাৰ্বিসকলৰ সুকীয়া ৰাজ্য দাবীৰ আঞ্চলিক দল। উঠাই  দিলে নহয়  নিৰ্বাচনত। ডাঙৰ ডাঙৰ সভা হ'ল। সদৰ ডিফুৰপৰা নেতা আহিল। নেতাবোৰে ঢেৰ কথা ক'লে। বোলে,  তেঁওলোকে  গোষ্ঠীৰ মানুহৰ দুখ নাইকীয়া কৰিব। ধনী-দুখীয়া সকলোৱে সমান হ'ব। সকলোৰে হাতলৈ টকা-পইচা আহিব। আমাৰ  'ৰা-ছোৱালীবোৰে পঢ়িবলৈ গাঁৱতে স্কুল পাব। তাকে দেখি মানুহবোৰে ভোট দি সকলোকে জিকাই দিলে।আমাৰ মতাজনো জিকি গ'ল।পিচে, জিকি উঠি দলৰ নেতাই কি কৰিলে? একেবাৰতে ফোৰোহানিহে দিলে- বোলে, মোক ইয়াতে দুশ বিঘা মাটি উলিয়াই দিয়ক।অনা-কাৰ্বিৰ  সমানে সমানে আমাৰ বেপাৰ কৰিবলৈ হ'ল।কি ক'ম আই! আমাৰ মতাজনে নিৰ্বাচনত জিকিলে। সৰু-সুৰা ঠিকা-ঠুকলি কৰিলে। ময়ো চাহপাত বেচা, ঝাৰু কটাত  হাত উজান দিলোঁ।তেও বুলি জীৱনত তিনি ইঞ্চি ইটাৰ দেৱালৰ দুটা কোঠাৰ সৰু পকীঘৰ এটাহে সাজিবলৈ পাৰিলোঁ।অৱশ্যে  মটৰচাইকেল এখনো কিনিবলৈ পাৰিছিলোঁ, দেই। কিন্তু কাৰ্বিগোষ্ঠীৰ দুখৰ অন্ত পেলাব  বুলি  কোৱা নেতাসকল দেখোন নিজেহে শ শ পৰ্বতৰ  গৰাকী  'ল। ডিফুৰপৰা আহি  ইয়াতো পৰ্বত  'লেহি। গোষ্ঠীৰ সামূহীয়া মাটি নিজৰ কৰি ল'লে। নোহোৱা-নোপজা কথা ন'হলজানো? ৰিজৰ্ট খুলিলে। ৰবৰ গছৰ খেতিৰে পৰ্বতৰ ছবিখনেই সলাই  দিলে নহয়।  ৰবৰৰ গছত চৰাই পৰিব জানো? ডালত বহি অমাতৰ মাত মাতিব জানো? পৰম্পৰাৰ আৰাখেতিৰ  মাটি ব্যৱসায় কৰিবলৈ নেতাৰ হাতত এৰি দিব লগা হ'ল। সিফালে গোষ্ঠীৰ দুখৰ অন্ত  পৰিল নে? লীজত গুচি যোৱা মাটিবোৰ  ওভতাই পালেনে? আন কথা  বাদেই  দিয়ক--বাট-পথ এটাকে  সাজি দিলেনে?  গোষ্ঠীৰ বাহিৰৰ  মানুহক যেনিবা গালিহে পাৰিব, নিজৰ  গিয়াতিক  কি ক'?

আমাৰ মতাজনেহে অলপ টকা পাই এইচোৱাৰ কাৰ্বি আংলং আৰু গোলাঘাট জিলাক দুভাগ কৰা  বাটটো  মাটি পেলাই মিহি কৰি  দিলে। দুটামান কালভাৰ্টো সাজি দিলে। পিচে, এইবোৰতে  উগ্ৰপন্থীৰ দলৰ চকু  নপৰিল  জানো!  এইবাৰ   কিবা নতুন উগ্ৰপন্থী ওলাল। ধন দাবীৰ  চমন  আহি গ'ল । দাবী কৰা ধন নিদিয়া দেখি তলামৰাত  মণিৰাম লেকথে বোলা এজনক গুলীয়াই  দিলেনে নাই! আমাৰ  মতাজনকো মাতি পঠিয়ালে। মানুহজনৰ  মুখ  কাতিমাহতে শুকাই যোৱা লাং ইক্ পি নিজৰাটোৰ দৰে টেটেৰা পৰিল। মই বোলো, ময়ো ওলাওঁ। সুধি আহোঁগৈ কিনো জগৰ  লাগিল বুলি । মৰিলেও দুইজনে মৰিম। তেতিয়া আমাৰ ডাঙৰ ছোৱালীয়ে হোষ্টেলত থাকি বোকাখাত কলেজত  পঢ়িবলৈ সোমাইছে।সৰুজনীক গাওঁ সমন্ধীয়া এজনৰ তাতেই  থৈ  আমি  দুয়োজনেই যাবলৈ ওলালোঁ। এনেকৈয়ে মতাজনৰ  কিডনেপ হোৱাৰ কাহিনী এটাও ওলাই গ'ল নহয়!  

-অ'  আই!কিডনেপ হোৱাৰ  কাহিনীও ওলাল নেকি? আচৰিত মানিছোঁ দেই!

হয় আই। উগ্ৰপন্থীৰ দলটোৰ লিডাৰৰপৰা প্ৰথমে  হাতী-পাথৰলৈ যোৱাৰ  নিৰ্দেশ  আহিল। গ'লোঁ তালৈকে।  তাৰপিছতে ক'লে-“ইয়াতে  নহয়।চন্দ্ৰসিং ৰংপি গাৱঁৰ এল পি স্কুলৰ ফিল্ডলৈ ব'লক। নবৌ, আপুনি ঘৰলৈ উভতি যাওক।”  মই কিন্তু উভতি নাহিলোঁ। লগে লগে গ'লো। ফিল্ডতে স্কুলত কাম কৰা অসমীয়া মানুহৰ শিক্ষক এজন ৰৈ আছিল। তেওঁৰপৰা মটৰ চাইকেলখন লৈ মতাজনক তুলি লৈ যাবলৈ ধৰিলে।মোক ক'লে--“আমি আহিলোঁ। আপুনি উভতি যাওক।” মইনো ক'ত উভতি যাওঁ। মৰিলেও মৰিম বুলিহে  আহিছোঁ। সেয়ে মটৰ চাইকেলৰ পিচে পিচে দৌৰিবলৈ ধৰিলোঁ।পৰ্বতৰ গাৰ ওখোৰা-মোখোৰা বাট। মটৰচাইকেল আগুৱাব  নোৱাৰে। মই কোবাকুবিকৈ  খোজকাঢ়িয়ে  লগ লাগোঁ। এনেকৈ গৈ গৈ থাংলাং পাৰ হ'লোঁ। ফাংচ' গাওঁ পালোঁগৈ। তাতেই নিশা হ'ল। মটৰ চাইকোলো গৈ পালে। ময়ো  গৈ পালোঁ। তাৰেই এঘৰত  সোমাল। ছটা ডেকা ল'ৰা।হাতত বন্দুক। ঘৰৰ গৰাকীক আদেশ দিলে,

-আলহীক চাহ  বনাই দিবি, যা।

যেনিবা তাৰহে  ঘৰ!  ভয়তে  ঘৰৰ গৰাকীয়ে  আমাক  চাহ দিলে। তেতিয়া আকৌ ক'লে,

-আজি ৰাতি ঘৰৰ মুৰ্গী মাৰি আলহীক খুৱাব ।

ঘৰৰ গৰাকীয়ে কাওবাও কৰি ক'লে,

-ঘৰত মুৰ্গী নাই, চাৰ। ছুবুৰীয়াৰ মুৰ্গীহে চৰিবলৈ আহিছে।

-এহ! সকলোৱে এনেকৈ কয়। চুবুৰীয়াৰ মুৰ্গী বুলি  মিছা মাতে। মুৰ্গী মাৰি জোল ৰান্ধি আলহীক  খাবলৈ দিব, যা।

ভয়তে গৰাকীয়ে মুৰ্গী মাৰি আমাক খাবলৈ দিলেনে নাই! নিশা  আমাক  ৰখিবলৈ  বুলি  সিহঁতে  তাতেই ৰৈ দিলে। ওচৰতে কেম্প আছিল হবলা। তাৰেপৰাই  টিভি আনিলে। ফিলিম আনিলে। জেনেৰেটৰ লগাই  গোটেই  নিশা ফিলিম চাই পাৰ কৰি দিলে। ঘৰৰ গৰাকী, আমাৰ মতাজন, মোৰ-কাৰো টোপনি নাহিল, আই। পিচদিনা আকৌ মোক ক'লে--“আপুনি লগে লগে নাহিব।ইয়াতে থাকক।” মতাজনক ক'লে--“আপুনি ব'লক।” ইয়াৰপৰা মটৰ চাইকেল চলিব নোৱাৰে। খোজকাঢ়ি সিহঁতজাক আগে  আগে গ'ল। ময়ো পিচে পিচে যাবলৈ ধৰিলোঁ। গাওঁবোৰ  চিনি নোপোৱা  হৈ  আহিল।  

আৰাখেতিৰ শইচ কটাৰ সময়। পথাৰত জাকে জাকে মানুহ। আমাৰ আগে-পিচে বন্দুক লৈ উগ্ৰপন্থীৰ দল। পিচতহে গম পালোঁ, পথাৰৰ  মানুহে  হেনো ভাবিছিল-এয়া উগ্ৰপন্থীৰ দলৰ নেতা। উগ্ৰপন্থীৰ  ৰজা-ৰাণী আহিছে। দল বান্ধি আহিছে। মূৰ তুলি দেখিলোঁ এজোপা  পাখি-উৰহী গছত লমা-লমে উৰহি  লাগিছে। গছজোপাকে বাটৰ চিন হিচাপে মনত ৰাখিলোঁ।মাজে  মাজে ৱায়াৰলেচ চেট  এটা লৈ এটাই দলৰ নেতাৰ  সতে কথা পাতে--“চাৰ!মাইকীজনী নেৰে। লগে লগে আহিছে।” এটা সময়ত বোলে  আদেশ আহিল--“আহিবলৈ  দিয়ক।” গৈ গৈ যেনিবা যেনে-তেনে  সিহঁতৰ কেম্প পালোঁগৈ। বাঁহৰ পাইপ লগাই  নিজৰাৰপৰা পানী বোৱাই আনিছে। তাতেই ভৰি-হাত ধুলোঁ। আমাক এঠাাইত  বহিবলৈ দিলে। বন্দুক লোৱা দলটো আঁতৰি গ'ল। নেতাজন ওলাই আহিল। হাতত এটা চুটি বন্দুক। লগত  একডজনমান চিকিঅ'ৰিটি। হাতত এ কে চিৰিজৰ ৰাইফল।লিডাৰে মতাজনক হেণ্ডচেক কৰিলে--“চাব্বাচ! মতাৰ  লগে  লগে আহিলে যে, সেইবাবে ধন্যবাদ।” মোলৈ  চাই   'লে--“নবৌ, ইমান কষ্ট কৰি  কেলেই আহিলে?” এইবাৰহে মই  মুখ খুলিলোঁ-“ ছাৰ, জানিবলৈ আহিলোঁ, মোৰ মতাজনৰ বা কি জগৰ  '? আপোনালোকৰ বা কিনো জগৰ  লগালে? মই নিজেই জানি লব লাগিব, ছাৰ। মণিৰাম লেকথেৰ দৰে মোৰ মতাজনক মাৰি দিলেও মই তেওঁৰ  জগৰটো  আপোনাৰপৰাই  জানি লব লাগিব। আনৰপৰা  জানিলে শান্তি  নাপাম।  সেইদেখিহে  লগে লগে আহিলোঁ।” তেতিয়াহে  নেতাই ক'লে-“বিশ্বনাথ  চাৰিআলিৰ আপোনালোকৰ আলহী এজন  আমাৰ  দলৰ  সদস্য। সিদিনা দলৰপৰা ওলাই   চাৰেণ্ডাৰ কৰিলে। এতিয়া আপুনি হয়  তাক ধৰি আনি দিয়ক, নহলে সংগঠনত  পাঁচ লাখ  টকা দিয়ক।” 

পাঁচ লাখ টকাৰ কথা  শুনিয়েই  মোৰ মতাজন বাগৰি  পৰাৰ দৰে  'হলজানো! মইহে  ধৈৰ্য  ধৰিলোঁ। ছোৱালী দুজনীৰ মুখ দুখন মনলৈ  আহিল। নেতাজনৰ হাতে-ভৰিয়ে ধৰিলোঁ। সংঠনৰপৰা ওলাই আৰ্মিৰ কেম্পত থকা ল'ৰা কেনেকৈ ধৰি আনিম? সিফালে জনমটো গলেও পাঁচলাখ টকানো ক'ৰপৰা পাম? আমাৰ  কন্দা-কটা দেখি একলাখ  টকাত মান্তি  'লগৈ। মোক থাংলঙত থৈ  আহিবলৈ নিৰ্দেশ  দিলে। মতাজনক ৰাখি থ'লে। তেহে উভতি আহি  মই  টকা বিচৰাত নামি পৰিলোঁ। গিয়াতি চপালোঁ। চাহপাত নিয়া এজেন্টজনৰপৰা আগতীয়াকৈ টকা ল'লোঁ। বহুতে ধাৰ দিলে।কিছুমানে পাঁচ- দহহাজাৰ দি সহায়ো কৰিলে। এনেকৈ এক লাখ গোটালোঁ। জনমত দেখি নোপোৱা টকা।

দিয়াৰ সময়ত গাওঁবুঢ়া-গাওঁবুঢ়ানীযে সাক্ষী হবলৈ মান্তি হ'ল। টকাখিনি দেখিয়ে গাওঁবুঢ়ানী থৰ লাগিল। চকু  ডাঙৰ কৰি সুধিলে--“আও!ইমানবোৰ  নতুন  নতুন পইচা! কেনেকে লোকক দিব?” মই বোলো-“টকা ডাঙৰ নহয়, মানুহজনহে ডাঙৰ। টকা দিবই  লাগিব।” এই ঘটনাৰ পিছত আৰু এবাৰ তেনেকৈ এবাকচ টকা দেখিছিলোঁ, আই! এই কাৰ্বিপৰ্বতৰ বহু ঠাই বড়োগোষ্ঠীৰ মানুহৰো বাস। নিৰ্বাচনত আকৌ আমাৰ মানুহজনৰ দলে সেই মানুহবোৰৰ  ভোট নাপায়। তাৰপিছত এবাৰ দলৰ নেতাই মোক সেই ঠাইবোৰলৈ লৈ গ'ল। ক'লে-“নবৌ, এইফালে আহক।অলপ সহায় কৰি দিয়ক।” তেতিয়া দখনা পিন্ধি বড়ো গোষ্ঠীৰ গাওঁবোৰত সোমাই মই মানুহক  বুজাবলৈ  ধৰিলোঁ। সেইবাৰ দলে সেই ঠাইবোৰত বহুত ভোট পালে, আৰু নিৰ্বাচনত  জিকিল। তেতিয়াহে  মোক গুৱাহাটীলৈ  মাতি  নি গামোচা  পিন্ধাই আদৰি  নললে  জানো!  উপহাৰ হিচাপে  নিশা হোটেললৈ আহি এক বাকচ টকাও দিছিল।কিন্তু মই সেই  টকা নললোঁ, আই। ওপৰতে পোৱা টকা  লবলৈ  মনে ন'কলে। ক'লো-“পাৰিলে মানুহজনক চাকৰি এটাকে দিয়ক।” যি নহওক- সেইদিনা এনেকৈ গাওঁবুঢ়া-গাওঁবুঢ়ানীক  সাক্ষী কৰি টকাটো দিয়াতহে উগ্ৰপন্থীয়ে মানুহজনক এৰি  দিলে। পুৰা চৌবিশদিন ৰাখি থ'লে নহয়। সেই ধাৰ মাৰিবলৈ আমাৰ বৰ কষ্ট হ'ল।বহু দিন লাগিল।

এই ঘটনাৰ পিছৰেপৰা মানুহজন মুজুৰা পৰি গ'ল। এফালে ৰাজনীতিত নিজৰ গিয়াতি মানুহৰ খোৱা-কামোৰা, আনফালে লীজৰ দলিলৰ নামত গোষ্ঠীবোৰ মানুহৰ মাটি ওলাই যোৱাৰ বেদনা। দলিলবোৰ চাই চাই  দেখিছিল গোষ্ঠীৰ  হাতৰপৰা আশী-নব্বৈ বছৰলৈকে মাটিবোৰ ওলাই  গৈছে। পোৱাৰ নামত প্ৰতিবছৰে বিঘাই প্ৰতি এহেজাৰ টকা পায়। এয়া অন্যায়  'হল জানো! অনিয়ম  'লনে নাই!  ক্ষমতা পাই দলৰ নেতায়ো মানুহৰ কথা পাহৰি গ'ল। গাড়ী- মটৰ, টকা-পইচা, মাটি-বাৰীতে মতলীয়া হ'ল। মোৰ  মানুহজনক ৰাজনীতিয়ে আমুৱালে। গাটোত বেমাৰেও  থিতাপি  'লে।

এনেকৈয়ে এদিন বেমাৰী গাৰেই চৰকাৰী  কামত  মটৰচাইকেল লৈ বোকাখাতলৈ যাবগৈ  লগীয়া হ'ল। নিশা তাতেই  থাকিল। পিচদিনা আবেলি উভতি আহিবলৈ ওলাল। যিসকলে লগতে লৈ গৈছিল সিহঁত  অলপ পিচ  পৰিল। মানুহজনে ৰাজআলিৰে অকলে আহি থাকোঁতে শিল টনা ট্ৰাকৰ খূন্দাত উফৰি পৰিল। থিতাতেই হেৰাই গ', আই। কোনোৱে ক'লে এইটো দূৰ্ঘটনা, কোনোৱে ক'লে চল কৰিহে মাৰিলে। লগতে লৈ যোৱা মানুহক সন্ধিয়াখন অকলে আহিবলৈ কিয় দিলে-এইটোতে সন্দেহৰ থল  নাথাকিল নে? গোষ্ঠীৰ মানুহৰ মাটি ৰক্ষাৰ হকে মাত মতাৰ  বাবে কোনোবাই  এনে  কাণ্ড  সংঘটিত কৰালে নেকি। জানিবলৈ  উপায় নাথাকিল । চকুৱে ধোঁৱা-কোৱা দেখিলোঁ। কি হ'ব! ছোৱালী  দুজনীৰ মুখলৈ  চাই  দুখ কৰিবলৈও  পাহৰি থাকিলোঁ। এজনী কলেজ পাইছে, আনজনী হাইস্কুলত ।  পঢ়া-শুনাতো ভাল। 

পিচে আই!ভাল মানুহৰ শতৰু থাকিলেও সহায়  কৰোঁতাৰো অভাৱ  নাই । মানুহজন  হেৰাল বুলি  খবৰ  কৰিবলৈ অহা মানুহেই হাতত টকা-সিকা এগাল তুলি দিলে।ষাঠি হেজাৰৰ ওপৰত টকা উঠি আহিল।মৰা সকাম শেষ হোৱাৰ পিছতো হাতত টকা থাকি গ'ল। মূখ্যমন্ত্ৰীৰ পূঁজিৰপৰা পঞ্চাশ হাজাৰ টকা পালোঁ। পঢ়া খৰছৰ বহুখিনি জোৰা মৰিল।   গোষ্ঠীৰ বাহিৰৰো অনেকে সহায় কৰি দিলে। ডেকা উপাধিৰ এজনে ক'লেহি-“নবৌ, এইটো  এম এ চি টি কে'চ হ'ব।  মটৰ দুৰ্ঘটনাৰ কে'চ। আপুনি  লাগক। বহুত  টকা পাব।সেই টকাৰে ছোৱালী দুজনী মানুহ কৰিব পাৰিব।দুখ  কৰাৰ  সময় নাই। আপুনি লাগক। মই বিনা পইচাৰ উকীল ধৰি দিম।ককাইদেৱে জীয়াই থাকোঁতে বহুতক সহায় কৰি গৈছে।  আপুনি অকলশৰীয়া নহয়।”তেওঁ  সঁচাকৈয়ে  উকীলো ধৰি দিলে। এনেকৈয়ে যুঁজ এখন দিলোঁ। উকীলক ঢেৰ কাগজ - পত্ৰ লাগে। কাগজ- পত্ৰ আনিবলৈ সদৰ বুলি ডিফুলৈ যাব লাগে।তালৈকেও তাঁত-বাটি কৰিলোঁ। উকীলেও নিজাকৈ  বহুত চেষ্টা কৰিলে। আমাৰ মতা-মাইকীহালৰ বয়স কমাই দিলে। ছোৱালী দুজনীৰ পঢ়া-শুনাৰ কথা লিখিলে।  ফলত কে'চটো টনকিয়াল হ'ল। সময়ত ভালেখিনি  টকা পালোঁ। ছোৱালীৰ পঢ়া-শুনা ভালকৈয়ে  'ল। উকীলে আকউ  কে'চৰ টকা লোৱাৰ নামেই ন'ললে। সিফালে চৰকাৰকো কৰ দিবলগীয়া ন'হল।

-সজ কথা। তেনেহ'লে কাহিনী শেষ। এতিয়া ব'লক।

শেষ হবলৈ অলপ  বাকী আছে, আই। কাহিনী এটা ৰৈ  গৈছে। সিও এটা  কবলগীয়া কাহিনী। সময়ত মই আকউ  মতা এজন ললোঁ  নহয়! এম এ চি টি কে'চটোৰ কামত  অফিচে অফিচে ঘূৰিবলগীয়া হ'ল। কাগজ-পত্ৰ গোটাবলৈ সদৰ বুলি ডিফুলৈ যাবলগীয়া হ'ল। তালৈ গ'লে এদিনতে উভতি অহাৰ উপায় নাই। ৰাতি খপিব  লাগে।মানুহে  তাতেই ঢেৰ কাহিনী উলিয়াই দিলে নহয়। বোলে, তাই লোকৰ মতাৰ পিচে পিচে বাইকত  ঘূৰিছে চোৱা! এনেই   ঘূৰিবলৈ পাইছে নেকি!কিবা ভিতৰুৱা কথাহে  আছে, দেই!টকা পাম  বুলি  জানিও বহুতে হিংসা কৰিবলৈ  ধৰিলে।  বিধবাৰ জীৱন সহজ নহয়, আই!মতাজন থাকিলে কোনেও একো নকয়। নাথাকিলেই সাহস পায়। কয় বোলে, “নবৌ, আপুনি এতিয়াও ধুনীয়া হৈ আছে। নতুন মতামানুহ লব লাগে নহয়। মতামানুহ লবলৈ মন নাই  নেকি!” ছোৱালী দুজনীৰ মুখলৈহে চাই সকলো অপমাণ সহি থাকোঁ।

 

টকাখিনি পোৱাৰ পিছতে ভয় বেছিহে হ'ল। ঘৰত মতামানুহ বুলিবলৈও  কোনো নাই। তেতিয়া  গিয়াতিৰ  মানুহেই   'লে-“মতামানুহ এজন লওক। সাহস এটা হ'ব। গোষ্ঠীত এনে নিয়ম  আছে।” সেইদেখি  আকউ এজন  মতামানুহ  ললোঁ। দেওৰ সমন্ধীয়া বুলিবহে পাৰি। মানুহজনৰ ল'ৰা-লুৰিৰ বিয়া হৈ গৈছে।মাইকীজনীও ঢুকাল। এনেকৈয়ে  ভাটীবেলাত  তেওঁৰ সতেই আকউ  জীৱনটো আৰম্ভ কৰিলোঁ। লগৰীয়া বুলিবহে পাৰি। ডাঙৰ ছোৱালীয়ে বাহিৰত পঢ়ি আহিলগৈ। উভতি আহি ঘৰৰ  মাটিতে পৰ্যটনৰ সুবিধা কৰি হ'মষ্টে'  খুলিলে।আমাৰ  নিজৰাটো, শিলবোৰ, কুৰুং, লংবুই পৰ্বত-এই  সকলোবোৰেই যেন তেনে এটি  কামৰ বাবেহে  তাইলৈ  বাট চাই আছিল! জীয়ৰীয়ে মহলদাৰে বিচাৰি আহোঁতেও জীয়া জীয়া  শিলবোৰ বেচিবলৈ নিদিলে, দেই!গছ কটাতো বাদেই,  নতুনকৈ বাঁহগছ ৰুই  শিলবোৰৰ ভেটি  মজবুত কৰিহে দিলে। ফলত কি হ'ল? লাং-ইকপি নিজৰাটোও নতুনকৈ ঠেও  ধৰি উঠিল নে নাই!কবলৈ নতুন সাধুকথা এটা ওলাল নে নাই! পৰ্যটনৰ  বতৰটো  খৰালিহে  আৰম্ভ  হয়। তেতিয়া  চাহপুলিবোৰ  নাবাঢ়ে। আপডাল  কৰিবলগীয়া  নহয়। তাতেই তাই ওখকৈ চাং পাতি তম্বু  টানি পৰ্যটকৰ ৰখাৰ ব্যৱস্থা কৰে।পৰ্বতত বগাবলৈও লৈ যায়। আমাৰ   লতামেকুৰী বাঘৰ পৰিয়ালটো, কুৰুংবোৰ, দেও লগা বনছাগলীবোৰ দেখুৱাই আনেগৈ। এইটো ইক' টুৰিজম   বুলিহে  কয় হবলা! কলেজত পঢ়া ল'ৰা-ছোৱালীবোৰ আহে। গৱেষণা কৰাসকল  আহে। মোকো  বহুত  কথা সোধে। 

আমাৰ কাৰ্বিগোষ্ঠীত বুঢ়া মানুহে  নাতি-পুতিক আমাৰ  নৈ-নিজৰা-পৰ্বত-চৰাই- গছ- বন-জীৱবোৰৰ সাধুবোৰ দি থৈ যোৱাৰ নিয়ম এটা আছে। এই হিচাপত  আমাৰ ছোৱালীয়েও এই  সাধুবোৰ  জানে। পৰ্যটকেও সাধু শুনি তাতেই ভোল যায়। সৰুজনী চাকৰিত সোমাল। সুখে-দুখে ঘৰ-বাৰী টনকিয়াল হ'ল। ছোৱালীৰ বিয়া-বাৰু হ'ল। নাতি- পুতিও পালোঁ। লাং-ইক্ পি নিজৰাটো বাৰিষা কিমানবাৰ উপচি পৰিল আৰু  তিমহীয়া  শুকাই টেটেৰা  পৰিল, তাৰ  জানো হিচাপ থাকিল! আৰুনো কি লাগিছে! সময় বুজি বুঢ়াকালত লগৰীয়া হোৱা সিজন মতামানুহেও বিদায়  মাগিলে। অৱশ্যে মই অকলশৰীয়া ন'হলোঁ, আই। নাতি-পুতি, চাহৰ বাগিচা, এটি কলি এটি পাতৰ চাহৰ কাহিনী- এইবোৰতে দিন-কাল পাৰ হৈ গৈ থাকিল। বহুতকে এনে চাহপাতৰ প্ৰশিক্ষণো দিলোঁ।

 

সিফালে মাটি খাবলৈ অহা দলবোৰো সলনি হৈ গৈ থাকিল। ৰাজনীতিত এচাম মানুহ পুৰণি হ'ল। নতুনকৈ এচাম  আহিল। সকলোকে তাহানিকালত কাজিৰ  ৰংহাংপিয়ে সজাই থৈ যোৱা ঠাইখনৰ মাটি  খাবলৈ লাগে। আমাৰ পৰা ধন  দাবী কৰা উগ্ৰপন্থী নেতাই এদিন চুক্তি কৰি ক্ষমতাত বহিল। আগৰ নেতাৰ দৰে সিহঁতে ফোৰোহানি মাৰি মাটি দিবলৈ নকয়। আৰাখেতিৰ মাটি চিধাই কাঢ়িহে লয়। দে বুলিলে দিবই  লাগিব। চুক্তি কৰিলে  কি হ',  হাতত যে বন্দুক!  আদা-হালধিৰ দামী খেতি  দখল কৰি  লৈ  'ল। সিহঁতে পৰ্বতত  অত্যাচাৰ  কৰাৰ  কোবতে জি লাংছ'  নিমখীয়া পানীৰ  উঁহটো  শুকাই   'গল জানো!  এতিয়া আৰু  তালৈ  পানী  খাবলৈ, নিমখীয়া  মাটি  চিকুটিবলৈ  বনৰ  জীৱবোৰ  নাহে। 

অৱশ্যে এটা  কথা ভাল হ'ল। গোষ্ঠীৰ মানুহে  বুজি  পালে, 'ৰা-ছোৱালীবোৰে  পঢ়া- শুনা  কৰিব লাগিব।  নিজৰ সাধুকথাবোৰ, চৰাই-গছ-হাবি-নৈ-নিজৰাৰ সাধুকথাবোৰ  জানি লব  লাগিব। ঠাইখন, প্ৰকৃতি আৰু  গোষ্ঠীৰ  সতে এইবোৰৰ সম্পৰ্কবোৰ  জানিব  লাগিব। এইটোহে  ভাল কথা হৈছে, দেই। আমিহে নজনাতে কণা-মুণাকৈ কৰিছিলোঁ। সিহঁতে পঢ়ি-শুনি বুজি  লৈ  কৰিছে। মানুহে  আগলৈহে   চাব  লাগে, নহয়জানো আই!জীৱনত  এইটোকে শিকিলোঁ  বুলি ধৰি  'ব। তেনেহ'লে  আই, কাহিনীটো ইমানতে শেষ হ'ল। ভুলেই  হওক, ভালেই  হওক-মানুহৰ  জীৱন এটা পালোঁ। কিবা দোষ  থাকি গ'ল নেকি?ব'লক আই। হাতখন দিয়ক।  বেলি উঠিবৰ হ'ল।

এনেকৈয়ে পুঁৱতি  নিশা  কাজেক আইৰ দেহলাওটো বুঢ়ীমাইৰ সতে যাবলৈ  ধৰিলে-লংবুই  পৰ্বতখনৰ ওপৰেদি,  জিৰ জিৰ বতাহৰ সতে, লাং ইক্ পি নিজৰাৰ জিৰিক জিৰিক মাতটোৰ সতে, লতামেকুৰী বাঘৰ পৰিয়ালটোৰ  মাকজনীৰ  কুহুমীয়া ওহাৰখনৰ গাখীৰতী গন্ধটোৰ সতে। লাহেকৈ বেলিটো ওলাই  আহিবৰ হ'ল। পথাৰখনত নিয়ৰৰ টোপালবোৰে  মুকুতাৰ দৰে জিলিকি উঠিল। দিনৰ পোহৰত সংসাৰ চঞ্চল হৈ উঠিল।কাজেক আইতাৰ বাগিছাত পাত তুলিবলৈ নিয়োগ কৰা মাইকীমানুহ কেইজনীও আহি ওলালহি। মাথোন আইৰ নিথৰ দেহাটোহে দেৰিলৈকে বিছনাত  পৰি থাকিল।

বহু বেলিলৈ বিছনাৰপৰা  নুঠা দেখি  গা বেয়া লগা বুলি জীয়েকে মাত লগালেহি,

- আই, আই।

তাৰপিছত বাগিছাৰ পাত তুলিবলৈ অহা মানুহকেইজনীলৈ চাই  লংবুই পৰ্বতটো ভেদি যোৱাকৈ তাই চিঞৰি উঠিল,

-আই হেৰেই! আই হেৰেই!কোন ক'ত আছাহক! আয়ে দেখোন আমাক এৰি গুচি গ'ল।

 

বহু বেলিলৈ কান্দিলে তাই।  কান্দি কান্দি ডৰিক চৰাইটোৰ দৰে চকুৰ গুৰি দুটা ৰঙা পৰি উঠিল। তাৰ পিছতহে  সাধুকথাটোৰ দৰেই  তাইৰ  কাপোৰ-কানি মলিয়ন  হবলৈ ধৰিলে।

 

------

 

বিশেষ  কৃতজ্ঞতা-- উত্তৰ-পূব ভাৰতৰ  প্ৰকৃতি আৰু মানুহৰ সম্পৰ্কৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰা  জয়ন্ত কুমাৰ শৰ্মা, বন্যপ্ৰাণী জীৱবিদ ডঃ ফিৰোজ আহমেদ, কাৰ্বি আৰু অসমীয়া ভাষাৰ সাহিত্যিক হাংমিজি  হান্সে,  কঁহৰা অঞ্চলৰ  বাপুৰাম ইংতি, মইনা ক্ৰামচাপি, মীনা টকবিপি,  চাৰলংজন তেৰণ,  বাকৰিং  ইংতি  গাৱঁৰ  গাওঁবাসী, হেমাই  লেকথে  গাৱঁৰ গাওঁবাসী, ফুমেন ইংতি গাঁৱৰ গাওঁবাসী, ৰংতাৰা  গাৱঁৰ গাওঁবাসী,  প্ৰকৃতি সংগঠন আৰণ্যকৰ  কাজিৰঙাৰ কাৰ্যালয়ৰ  সমূহ  কাৰ্য-কৰ্তা। 

 

টোকাঃ বাগৰি  এলেকাৰপৰা দেইথৰ এলেকালৈকে কাৰ্বি লোকসকলে  পৰম্পৰাগৰভাৱে বসবাস কৰি  অহা  পৰম্পৰাগত দুৱাৰ বাগৰি লংৰি  এলকোৰ  গোষ্ঠীজীৱনৰ অভিজ্ঞতা, তেওঁলোকে দিয়া  লোককথাসমূহৰ  ভিত্তিতেই গল্পৰ  জুমুঠি নিৰ্মাণ কৰা হৈছে। কাৰ্বিসকলে পৰ্বতত  মাটিত জুই  দি  ঠাই   সলাই সলাই কৰা খেতিক আৰাখেতি  বুলি  কয়। হৰলাং চাউলৰপৰা তৈয়াৰ কৰা তেওঁলোকৰ  পৰম্পৰাগত পানীয়।