একবিংশ শতিকাত
অসমীয়া জাতীয়তাবাদলৈ অহা প্ৰত্যাহ্বান আৰু সুযোগ
-ৰত্না ভৰালী তালুকদাৰ
একবিংশ শতিকাত ‘অসমীয়া
জাতি' আৰু ‘অসমীয়া
জাতীয়তাবাদ'লৈ
অহা প্ৰত্যাহ্বান শীৰ্ষক
এটি নিবন্ধ লিখিবলৈ লৈ প্ৰথমেই মনত
পৰিল ভূপেন হাজৰিকাদেৱৰ সকিয়নীলৈহে- “আমি অসমীয়া, নহও দুখীয়া,
বুলি সান্ত্বনা লভিলে নহ'ব। আজিৰ অসমীয়াই নিজক নিচিনিলে
অসমতে ভগনীয়া হ'ব।”
কিয় জানো, একবিংশ শতিকাৰ
তৃতীয়টো দশকত ঠিয় দি অসমীয়া জাতীয়তাবাদৰ
প্ৰতি দৃষ্টি নিক্ষেপ কৰিলে
সম্ভাৱনাৰ তুলনাত প্ৰত্যাহ্বানসমূহেই
পোনতে চকুত পৰে। অৱশ্যে প্ৰত্যাহ্বানৰ মাজতেই থাকে সম্ভাৱনাৰো দুৱাৰ। কিন্তু
তাৰবাবে
প্ৰয়োজন হয় প্ৰজ্ঞাৰ।
প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ নতুন নতুন ক্ষেত্ৰলৈ যেতিয়া দৃষ্টি
প্ৰসাৰিত হয়, তেতিয়াই জানো
সম্ভাৱনাৰ নৱ নৱ দুৱাৰবোৰো উন্মোচিত হৈ নুঠিব!
কবলৈ গ'লে অসমীয়া ‘জাতি' আৰু ‘জাতীয়তাবাদ'-
এই দুয়োটা শব্দই আজিৰ তাৰিখত
কালিকা লগা শব্দ। অসমীয়া ‘জাতি'নো কি? অসমত
বাস কৰা মানুহ মাত্ৰেই ‘অসমীয়া'-এই কথাটো অসমীয়া ‘জাতি'ৰ
অভিধাই সামৰি লবনে? গৌৰৱময়
ক্ষণবোৰত আমি কও- “এয়া জাতিটোৰ বাবেই গৌৰৱৰ কথা।” অলপতে অসমীয়া ভাষালৈ ‘ধ্ৰুপদী'
ভাষাৰ স্বীকৃতি প্ৰদান কৰা হৈছে। এই বিষয়টোত উপজিয়েই
অসমীয়া ভাষা কোৱা লোক এজনৰ
আৱেগ আৰু অসমৰ এক প্ৰধান জনগোষ্ঠী বড়ো, যিসকলে
উপজিয়েই বড়ো ভাষা কয়-দুয়োজনৰে আৱেগ একেই হ'বনে? আন গোষ্ঠী যেনে কাৰ্বি, মিছিং, দেউৰী-যিসকলৰ আইৰ মুখৰ ভাষা প্ৰাথমিকভাৱে অসমীয়া নহয়, তেওঁলোকৰ আৱেগ একেই হ'বনে? এই প্ৰেক্ষাতেই
মনত প্ৰশ্নৰ উদয় হয়- অসমীয়া ‘জাতি' মানে মূলতঃ
কি? অসমীয়া
‘জাতীয়তাবাদ' নো কি?
তাতোকৈও
প্ৰাসংগিক কথাটো হৈছে, আজিৰ তাৰিখত এই শব্দযুগলৰ
ব্যাপ্তিয়েই বা কিমান!
বহল অৰ্থত
অসম বুলি ক'লে আমি সেইডোখৰ ভূমিৰ
কথাকেই বুজি আহিছোঁ, যিডোখৰ ভূমিত ইতিহাসৰ
ভিন্ন সময়ত ভিন্ন ভিন্ন মানুহৰ ঠালবোৰ আহি দীৰ্ঘকাল
ধৰি বসতি কৰি
সামগ্ৰীকভাৱে এটা জাতিসত্তাৰ
আধাৰত ‘অসমীয়া' বুলি নিজৰ পৰিচিতি দাঙি
ধৰিছে। ইয়াৰ সমান্তৰালভাৱে এই জাতিসত্তাসমূহে সেই সাৰ্বিক
পৰিচিতিৰ আৱৰ্তত নিজৰ ভাষিক, সাংস্কৃতিক আৰু
স্বায়ত্ত শাসন ব্যৱস্থাৰ আওতাত ৰাজনৈতিক
পৰিচিতিও সযতনে ধৰি
ৰাখিছে। মানুহৰ প্ৰব্ৰজনৰ এটা
বাট হোৱাৰ বাবেই
ইতিহাসে ঢুকি পোৱাৰ আগৰেপৰাই দলে দলে মানুহ ইয়ালৈ আহি বসতি স্থাপন
কৰিছিল। তেওঁলোকে নিজকে ঘাইকৈ নিজস্ব গোষ্ঠীৰ আধাৰতহে চিনাকি
দিছিল।
এই অৰ্থত অসম
নামটো পুৰণি, কিন্তু ‘অসমীয়া' অভিধাটি উপনিবেশিক
নিৰ্মাণ। ব্ৰিটিছ অহাৰ আগলৈকে
‘অসম' নামৰ ভূখণ্ডত বাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীয়ে
গোষ্ঠীৰ পৰিচয়েৰে নিজৰ পৰিচিতি দিছিল--কোঁচ, আহোম, বড়ো, মিচিং, ৰাভা, গাৰো-এনেকৈ। কবলৈ গ'লে আজিও
এয়াই তেওঁলোকৰ প্ৰাথমিক পৰিচিতি, এই পৰিচিতিয়েই তেওঁলোকৰ প্ৰাথমিক আৱেগ। এই
পৰিচিতিৰ উৰ্ধলৈ গৈ সেইবাবেই হয়তো ‘অসম' নামৰ এই ভূখণ্ডত
‘অসমীয়া' জাতি গঠনৰ প্ৰক্ৰিয়াটো এতিয়াও সম্পূৰ্ণ হৈ
উঠিছে বুলি কব নোৱাৰি। এক উদাৰবাদী, গণতান্ত্ৰিক ধাৰণাৰেহে সামগ্ৰীকভাৱে অসমত বাস কৰা মানুহক
‘অসমীয়া' পৰিচিতিয়ে
সামৰি লয়। স্বৰূপাৰ্থত ‘জাতীয়তাবাদ', কোনো এক
ভৌগোলিক এলেকাত বাস কৰা
জাতি এটাৰ পৰিচিতি সত্তা আৰু জাতীয়
আৱেগৰ ওপৰত ভিত্তি কৰি গঢ়
লৈ উঠা ৰাজনৈতিক
ধাৰণাহে। বোধহয় সেইবাবেই ‘অসমীয়া
জাতীয়তাবাদ'ৰ
এটা সৰ্বজনগ্ৰাহ্য সংজ্ঞা
বা ধাৰণা গঢ়
লৈ উঠা নাই।
কিয়নো অসমীয়া জাতি সৰু - বৰ অলেখ জাতি-জনগোষ্ঠীৰ সমষ্টি।
যিবোৰ গোষ্ঠীৰ আছে নিজস্ব ভাষা,
ধৰ্ম, আচাৰ-ব্যৱহাৰ, উৎসৱ-পাৰ্বণকে ধৰি পূৰ্ণাংগ
সংস্কৃতি এটাৰ সকলোবোৰ উপাদান, যাৰ সৈতে জডিত
হৈ আছে তেওঁলোকৰ জাতীয়
আৱেগ-প্ৰাথমিকভাৱে তেওঁলোকে সেই আৱেগৰ সৈতেই
নিজৰ আত্মীয়তা অনুভৱ কৰিব।
এনে সমাজবাস্তৱতাৰ
পৃষ্ঠত জাতীয়তাবাদৰ চৰ্বিত-চৰ্বণ আলোচনাই ইয়াক অধিক সংকুচিত
কৰি তোলাৰ আশংকাই অধিক, যিটো বাস্তৱতে হৈছেও। কিন্তু
ইয়াৰ বিপৰীতে নতুন নতুন ক্ষেত্ৰসমূহলৈ জাতীয়তাবাদৰ ধাৰণাটিক
সম্প্ৰসাৰিত কৰি, নৱতম তত্ত আৰু বিশ্লেষণেৰে যদিহে অসমীয়া
জাতীয়তাবাদ সময়োপযোগী কৰি তোলাৰ প্ৰচেষ্টা হাতত
লোৱা হয়, তেতিয়াহ'লে তেনে
প্ৰচেষ্টাই নতুনত্বৰ
সম্ভাৱনাও কঢ়িয়াই অনিব বুলি
আশা কৰিব পাৰি।
ভাষিক
জাতীয়তাবাদঃ
অসমীয়া
জাতীয়তাবাদৰ আধাৰ কি? শ্ৰীমন্ত শংকৰদেৱৰ
কৃচ্ছসাধনা আৰু ভাষা-সাহিত্য
চৰ্চাই প্ৰদান কৰা প্ৰাণ-সঞ্জীৱনীয়ে আঞ্চলিক সাহিত্য হিচাপে
অসমীয়া ভাষা আৰু সাহিত্যক এক নতুন
ৰূপ দিছিল। বিশেষকৈ কীৰ্তনপুথিত শংকৰদেৱে
কিদৰে সেই সময়ত সাধাৰণ
মানুহে ব্যৱহাৰ কৰা সাধু
ভাষাকেই ব্যৱহাৰ কৰি মানুহৰ অন্তৰত
যিদৰে প্ৰৱেশ কৰিছিল, সেই বিষয়ে ড০ হীৰেন গোহাঁইৰ দৰে বিদগ্ধ পণ্ডিতে ব্যাখ্যা
কৰি থৈ গৈছে। কবলৈ গৌৱৰ অনুভৱ হয় যে,
কীৰ্তন ঘোষাৰ প্ৰথমটি পদেই অসমীয়া ভাষাৰ আধুনিক ৰূপটো তেতিয়াই প্ৰতিষ্ঠা হোৱাৰ প্ৰমাণ দাঙি
ধৰিছে। সাংস্কৃতিক পৰিমণ্ডলতো শংকৰদেৱে
নামঘৰৰ আৰ্হি, নৃত্যৰ সাজ, চেও, আদি উপাদানবোৰত বিভিন্ন
গোষ্ঠীৰ সাংস্কৃতিক উপাদানবোৰ ব্যৱহাৰ কৰাৰ
কথা গৱেষকসকলে ফঁহিয়াই দেখুৱাইছে। ধৰ্ম প্ৰচাৰৰ বেলিকাও শংকৰদেৱে বিভিন্ন গোষ্ঠীৰ লোকক ধৰ্মপ্ৰচাৰৰ
দায়িত্ব প্ৰদান কৰি এক সকলোকে সামৰি লোৱা
নীতি(inclusiveness) গ্ৰহণ কৰিছিল।
এয়া আছিল তেখেতৰ
সাধনাৰে গঢ় লৈ উঠা এক আঞ্চলিক
সাহিত্য। হয়তো এই প্ৰচেষ্টা নিৰৱধি আৰু
উদাৰভাৱেৰে চলি থকা হ'লে পৰৱৰ্তী সময়ত বৃহত্তৰ অসমীয়া
জাতি আৰু জাতীয়তাবাদৰো পূৰ্ণ ধাৰণা
এটাই গঢ় লৈ উঠিলেহেঁতেন। কিন্তু শংকৰদেৱৰ পৰৱৰ্তী সময়ত সকলো
গোষ্ঠীকে সামৰি লৈ ভাষিক-সাংস্কৃতিক কৰ্ষণ আৰু আদান-প্ৰদানৰ
যুগান্তকাৰী প্ৰচেষ্টাসমূহ স্থবিৰ হৈ পৰিল। বৰঞ্চ শংকৰদেৱে প্ৰচাৰ কৰা একশৰণ নাম
ধৰ্ম তেখেতৰ প্ৰয়াণৰ পৰৱৰ্তী সময়ত বহুধা বিভক্ত
হৈ পৰিল। অপতৃণৰ দৰে দ্বন্দ্ব-খৰিয়ালে অসমীয়া ভাষাৰ কৰ্ষণৰ বাট আগুৰি ধৰিলেহি।শংকৰদেৱে
ভবাৰ দৰে সত্ৰ অনুষ্ঠানসমূহ
বৌদ্ধিক চিন্তা- চৰ্চাৰ কেন্দ্ৰ
হৈ উঠি সৰ্বাসাধাৰণ মানুহৰ বুকুলৈ যাব নোৱাৰিলে, বিপৰীতে মানুহৰপৰা আঁতৰিহে আহিল।‘সৰ্বগুণাকৰ' আৰু ‘যাকেৰি নাহিকে উপাম' তেখেত নিশ্চয় আছিল,কিন্তু সংকীৰ্ণ স্বাৰ্থত
‘মানুহ' শংকৰদেৱৰ তুলনাত
‘অৱতাৰী' আৰু ‘ধৰ্ম প্ৰচাৰক' শংকৰদেৱকহে মানুহৰ
মাজলৈ নিয়াৰ বেলিকা ব্যৱহাৰ কৰা হ'ল। ভাষাৰ উন্নত
চিন্তা-চৰ্চা ধোঁৱাচাঙত উঠিল।
পুথি-পাঁজি সাধাৰণ মানুহে
চুব নোৱাৰা হ'ল, সেইবোৰ ধোঁৱাচাঙত তুলি সংৰক্ষণ কৰাৰ
ব্যৱস্থা কৰা হ'ল। অৱশ্যে কীৰ্তনঘোষাৰ সেই
প্ৰভাৱী, সাধু
ভাষাৰ চৰ্চা অনাখৰী মানুহৰ মুখে
মুখে চলি থকাটো কোনেও ৰোধ কৰিব
নোৱাৰিলে। সত্ৰৰ নামঘৰত
নৃত্য-গীত-ভাওনাৰ দৰে সাংস্কৃতিক উপাদানসমূহৰ চৰ্চা চলি থাকিলেও
সেইবোৰ সমাজৰ বৃহত্তৰ অংশৰ মানুহৰ মাজলৈ পাৰ ভাঙি যাব নোৱাৰিলে। ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানৰ উপৰিও কিছুপৰিমাণে গণতান্ত্ৰিক
অনুষ্ঠান ৰূপে নামঘৰসমূহ গাওঁকেন্দ্ৰিক
কিছু ভূমিকা পালন কৰিছিল। কিন্তু এই অনুষ্ঠানবোৰেও এটা বৃহত্তৰ
অসমীয়া জাতি অথবা জাতীয় আৱেগ সঞ্চাৰ কৰা ক্ষেত্ৰত
ভূমিকা গ্ৰহণ কৰিব পৰাকৈ কেতিয়াও শক্তি
আহৰণ কৰিব পৰা নাছিল। শংকৰদেৱক মানুহৰূপে নতুনকৈ আৱিস্কাৰ
কৰিবলৈ অসমীয়া জাতিয়ে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱালৈকে অপেক্ষা কৰিবলগীয়া হ'ল। ড০ হীৰেন
গোঁহায়ে বিজ্ঞানসন্মত, দ্বান্দ্বিক চৰ্চাৰে আন এজন
শংকৰদেৱ মানুহৰ সন্মুখত উন্মোচন কৰালে, যাৰ হাত ধৰি অসমীয়া ভাষাৰ চৰ্চা
আৰু বিকাশৰ অনেক কথাই শিকিব পাৰি।
যি কি নহওক, শংকৰদেৱৰ যুগান্তকাৰী প্ৰচেষ্টাৰ কেইবা
শতিকা পাৰ হৈ যোৱাৰ পিছত
১৮৪৬ চনত খ্ৰীষ্টান মিছনেৰীসকলৰ
প্ৰচেষ্টাত চপা আখৰত প্ৰথমখন
মাহেকীয়া আলোচনী ‘অৰুণোদই'ৰ প্ৰকাশ আৰু ১৮৮৮ চনত
কলকতাত গঠন হোৱা
‘অসমীয়া ভাষা উন্নতি সাধিনী' সভা আছিল উপনিবেশিক শাসনৰ সংকটৰ প্ৰেক্ষাত ভাষাৰ উন্নতি
আৰু ভাষাভিত্তিক জাতিগঠনৰ
এক তাৎপৰ্যপূৰ্ণ নিৰ্মাণ।
সভাৰ উদ্যোগত প্ৰকাশিত মাহেকীয়া
‘জোনাকী' আলোচনী সমীয়া
ভাষিক জাতীয়তাবাদৰ অন্যতম মাইলৰ খুঁটি। পৰৱৰ্তী সময়ত
উষা, বাঁহী, সাদিনীয়া অসমীয়াৰ দৰে কাকত-আলোচনীৰ মাজেৰেই কলকতাত পঢ়িবলৈ যোৱা ছাত্ৰসমাজৰ উদ্যোগত অসমীয়া
ভাষাৰ নৱজাগৰণৰ মাজেৰে ভাষিক
জাতীয়তাবাদৰ সুচনা হয়। অসমীয়া
ভাষিক জাতীয়তাবাদ গঠনত এই আলোচনী আৰু সংবাদপত্ৰসমূহৰ উল্লেখনীয় ভূমিকা আছিল। কবলৈ গ'লে, ভাষিক জাতীয়তাবাদ গঠনৰ ক্ষেত্ৰত ৰামধেনু
আলোচনীলৈকে একধৰণৰ কালিকা আছিল। কবলৈ গ'লে এই সমৃদ্ধ পৰম্পৰাৰেই আঁত ধৰি
বিংশ শতিকাত সম্পৰীক্ষামূলক সৃষ্টিশীল
সাহিত্যৰ মাজেৰে অসমীয়া
ভাষিক জাতীয়তাবাদ স্ব-মহিমাৰে বিকশিত হয়।
ভাষিক জাতীয়তাবাদ শক্তিশালী কৰাত শিল্পী-সাহিত্যিকসকলৰো গুৰুত্বপূৰ্ণ ভূমিকা আছিল। কেৱল সাহিত্য বা সংবাদপত্ৰসমূহেই নহয়, ভাৰতবৰ্ষত সবাক চলচ্চিত্ৰ আৰম্ভ হোৱাৰ
চাৰিবছৰৰ ভিতৰতে জ্যোতিপ্ৰসাদ
আগৰৱালাই গীত, নাট আৰু
সাহিত্যৰ বাটেৰেই গৈ
অসমীয়া ভাষাৰ প্ৰথমখন
চলচ্চিত্ৰ ‘জয়মতী' নিৰ্মাণ কৰিলে। ১৯৬০
চনত জ্ঞানদা কাকতি অভিনীত চলচ্ছিত্ৰ ‘পূৱেৰুণ'ৰ বাৰ্লিন
যাত্ৰা আৰম্ভ হয়, আৰু এনেকৈয়ে ‘পূবেৰুণ'
চিনেমাই বিদেশত প্ৰদৰ্শিত
প্ৰথমখম অসমীয়া চলচ্ছিত্ৰৰ খ্যাতি
কঢ়িয়াই আনে। এনে সাফল্য অসমীয়া চলচ্ছিত্ৰৰ দিশেৰেই
ঐতিহাসিক নাছিল, কব নোৱাৰাকৈয়ে এনেবোৰ
প্ৰচেষ্টাবোৰ ভাষিক
জাতীয়তাবাদৰো অন্যতম শক্তিশালী স্তম্ভ হৈ
উঠিছিল। বিংশ শতিকাৰ কেইবাটাও দশক বহু দিশৰ
পৰাই ভাষিক জাতীয়তাবাদৰ বাবে ভাগ্যবান বুলিব পাৰি।
এই শতিকাতে ভূপেন হাজৰিকাৰ
কালজয়ী গীতসমূহ যিদৰে
ভাষাৰ পৰিধি ভাঙি বিশ্বলৈ
বিয়পি গৈছিল-সেইদৰেই অজিত বৰুৱা,
নৱকান্ত বৰুৱা, নীলমণি ফুকনৰ দৰে কবিসকল; ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য,
মামণি ৰয়চম গোস্বামী, লক্ষীনন্দন বৰা, হোমেন বৰগোহাঞি, মহিম বৰা, সৌৰভ
কুমাৰ চলিহাৰ দৰে কথা-সাহিত্যিক সকলে অসমীয়া সাহিত্যক এক
প্ৰতিষ্ঠিত মৰ্যদা প্ৰদান
কৰিছিল। ড০ হীৰেন গোহাঁইৰ
নেতৃত্বত অসমীয়া সমালোচনা সাহিত্যলৈও এক নতুন ঢল আহিল। ভাষা-সাহিত্যৰ এনে উন্মেষৰ
মূখ্য উদ্দেশ্য যদিওবা ভাষিক জাতীয়তাবাদ প্ৰতিষ্ঠা
কৰা নাছিল, কিন্তু
উন্নতমানৰ বৌদ্ধিক চৰ্চাই কব নোৱাৰাকৈয়ে ভাষিক জাতীয়তাবাদৰ আধাৰটিক শক্তিশালী
কৰি তুলিছিল। বিংশ শতিকাৰ শিল্প- সাহিত্যৰ
জগতখনে বিভিন্ন দিশেৰে অসমীয়া ভাষাক এক সন্মানীয় স্থানলৈ
লৈ গৈছিল।
বৌদ্ধিক দিশৰ
এই চৰ্চাৰ বাহিৰত সাধাৰণ মানুহৰ মুখত চলমান
ভাষা হিচাপেই হওক বা সংযোগী
ভাষা হিচাপেই হওক অসমীয়া ভাষিক
জাতীয়তাবাদে যি শক্তি
আহৰণ কৰিব বুলি ভবা
গৈছিল-- সেয়া বাস্তৱতে দেখা পোৱা ন'গল। ভাষাৰ বৌদ্ধিক
উৎকৰ্ষতা মধ্যবিত্তৰ কৰ্ষণৰ ফচল।
কিন্তু ভাষা জীয়াই থাকে সাধাৰণ মানুহৰ মুখত। নানান জাতি-জনগোষ্ঠীয়ে বাস
কৰা অসম
এখন ঠাই য'ত জাতি-জনগোষ্ঠীবোৰৰ সৰহভাগেই নিজৰ মাজতে আইৰ মুখৰ ভাষাৰে কথা
কয় আৰু নিজৰ
গোষ্ঠীৰ বাহিৰৰ মানুহৰ সতে কথা পাতিবলৈ
হ'লে সংযোগী
ভাষা হিচাপে অসমীয়া ভাষা কয়।
উপনিবেশিক কালত অৰুণাচল প্ৰদেশক
নেফা, অৰ্থাৎ নৰ্থ ইষ্ট
ফ্ৰণ্টিয়াৰ এজেন্সি হিচাপে ঘোষণা
কৰি শাসন কৰাৰ সময়ত
অসমৰ বহু মানুহে তালৈ
শিক্ষকতা আৰু আন
চাকৰি কৰিবলৈ গৈছিল। তেওঁলোকে তালৈ অসমীয়া ভাষাটোও কঢ়িয়াই নিছিল।
তাৰেই ফলশ্ৰুতিত অসমীয়া ভাষা
অৰুণাচলৰ সাধাৰণ মানুহৰ বাবে
অন্যতম সংযোগী ভাষা হৈ উঠাই
নহয়--য়েচে দৰজে ঠংচি বা লুুম্মে¤ৰ দাইৰ দৰে অসমীয়া সাহিত্যৰ
ওজা সাধক সকলৰো সৃষ্টি হৈছিল। লাহে লাহে এই ঠাই হিন্দীভাষাই দখল কৰি ল'লে। বৰ্তমানে
মামাং দাইৰ দৰে য়েচে দৰজে
ঠংচি বা লুম্মেৰ দাইৰ
উত্তৰাধিকাৰীসকলে ইংৰাজী ভাষাৰে
সাহিত্য চৰ্চা কৰে। অসমৰ বড়োসকলৰ মুখৰ ভাষা
এদিন অসমীয়া ভাষাতেই
বিলীন হৈ যাব বুলি ভবাৰ বিপৰীতে বিংশ শতিকাৰ শেষৰফালে বড়ো
জাতীয়তাবাদৰ উত্থানে বড়ো ভাষাক
নতুন সঞ্জীৱনীৰে সাংবিধানিক মান্যতা প্ৰদান কৰিলে। ভাষাৰ উন্নতি সাধনৰ হাত ধৰিয়েই গঢ় লৈ উঠিছিল অসমীয়া ভাষিক
জাতীয়তাবাদ। তেনেহ'লে
ভাষাৰ এনে সংকোচনে
অসমীয়া ভাষিক জাতীয়তাবাদক কিবা
প্ৰকাৰে সংকুচিত কৰিছে নেকি? ভাষিক জাতীয়তাবাদৰ প্ৰসংগ উত্থাপিত হোৱৰ
সময়ত অসমীয়া ভাষা-সাহিত্যৰ জগতখনে
শ্ৰীমন্ত শংকৰদেৱে কেইবাটাও শতিকাৰ
আগতেই কৰা প্ৰচেষ্টাৰ দৰে সকলো জাতি-জনগোষ্ঠীক সামৰি লোৱাৰ প্ৰচে ষ্টা গ্ৰহণ কৰিছিল নে নাই, আৰু যদি কৰিছিল,
সেয়া আনুষ্ঠানকিতা
বা প্ৰতিনিধিত্বমূলক আছিল, নে আন্তৰিক আছিল-সেই প্ৰশ্নবোৰো
উত্থাপিত হোৱাৰ অৱকাশ থাকি যায়।
মনত
ৰাখিবলগীয়া কথাটো হৈছে যে, এই নিবন্ধত ভাষিক
জাতীয়তাবাদৰ প্ৰসংগ আহিলেও সামগ্ৰীকভাৱে
জাতীয়তাবাদ এক ৰাজনৈতিক অভিধাৰণা। এইক্ষেত্ৰত ‘সকলোকে
সামৰি লোৱা নীতি' (inclusiveness) প্ৰশ্ন মনলৈ অহাৰ সময়ত
ভাষিক জাতীয়তাবাদৰ যি
বাস্তৱতা, সেয়া
ৰাজনৈতিক আৰু সামাজিক
পৰিসৰতো উত্থাপিত হোৱাৰ থল
থাকে। ৰাজনৈতিক ক্ষমতাৰ বেলিকা
আৰু আৰ্থ- সামাজিক ক্ষেত্ৰতো সকলো
জাতি-জনগোষ্ঠীৰ লগত ‘সকলোকে সামৰি লোৱা নীতি' (inclusivity) গ্ৰহণ কৰা হৈছেনে নাই? বিশেষকৈ স্বাধীনতা লাভৰ পৰৱৰ্তী সময়ত? তেনেহ'লে আশীৰ দশকৰ শেষলৈ কিয়নো বড়োসকলে
স্বাধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম
এখন আৰম্ভ কৰিবলগীয়া হ'ল? কিয়নো স্বায়ত্বশাসন
ব্যৱস্থাৰে সুৰক্ষিত কৰাৰ পিছতো
কাৰ্বিপৰ্বত আৰু বৰাইল পৰ্বতত পৰিচিতি সত্ত্বাৰ আন্দোলনৰ আন এক ৰণদুন্দুভি
বাজি উঠিল? আন
জাতি-গোষ্ঠীবোৰেও কিয়নো নিজৰ নিজৰ
পৰিচিতি সত্ত্বাৰ আধাৰত সংগ্ৰাম আৰম্ভ কৰিলে? এই প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ
ভাষিক, সামাজিক আৰু
ৰাজনৈতিক দিশত অসমীয়া
জাতীয়তাবাদৰ বিভিন্ন চলমান
কাৰকলৈ(dynamism)দৃষ্টি নিক্ষেপ কৰাৰ বেলিকা আশীৰ
দশকৰ ছবছৰীয়া অসম আন্দোলন
বহুতো দিশৰপৰা গুৰুত্বপূৰ্ণ হৈ
উঠে। প্ৰথম অৱস্থাত বহিৰাগত
খেদা আন্দোলন আৰু পিছলৈ বিদেশী বহিস্কাৰৰ দাবীত ছয়বছৰীয়া
যি ঐতিহাসিক অসম আন্দোলন
হৈছিল, তাত অসমৰ
সকলো জাতি-জনগোষ্ঠীৰ যোগদান আছিল বিস্ময়কৰ। বিভিন্নধৰণৰ
সীমাবদ্ধতা স্বত্বেও সামগ্ৰীকভাৱে
অসমীয়া জাতীয়তাবাদৰ চেতনাৰ আধাৰটো যে মূলত উদাৰ গণতান্ত্ৰিক আছিল,
তাৰ প্ৰতিফলনো অসম
আন্দোলনৰ প্ৰথম অৱস্থাত দেখিবলৈ পোৱা গৈছিল। সময় বাগৰাৰ
লগে লগে অসম আন্দোলনৰ সাম্প্ৰদায়িক জাতীয়তাবাদী শক্তিৰ
ৰূপ প্ৰকাশ্য হৈ উঠিল।
মন কৰিবলগীয়া দিশটো আছিল যে,
এই জাতীয়তাবাদী সত্তাৰ
ভিতৰতে অতি সংগোপনে সাম্প্ৰদায়িক জাতীয়তাবাদী শক্তিৰ বীজো ৰোপণ হ'ল। এই সাম্প্ৰদায়িক জাতীয়তাবাদী শক্তিৰবোৰেই
অত্যন্ত কৌশলেৰে গঢ়ি তুলিলে ভয়ংকৰ
ৰাজনৈতিক বাগধাৰাৰ ব্লুপ্ৰিণ্ট। কমিউনিষ্ট
নিধন যজ্ঞ, কংগ্ৰেছ দলৰ বচা বচা নেতা- কৰ্মীক হত্যা,
আন্দোলনৰ বিৰোধিতা
কৰাসকলৰ ওপৰত নিৰ্বিচাৰ অত্যাচাৰ এই ব্লুপ্ৰিণ্টৰ অংশ আছিল মাথোন।
কিন্তু কেৱল এয়াই নহয়। নেলী, চাউলখোৱা চাপৰি,
মুকালমুৱাৰ ঘটনাৰ
দৰে ঘটনাবোৰৰ আঁৰৰ কাৰকবোৰৰ
নেতৃত্বত আছিল জাতীয়তাবাদী শিৱিৰৰ
গাত সংগোপনে সোমাই
থকা সাম্প্ৰদায়িক শক্তিৰ
চক্ৰান্ত।
বহুতেই এই
শক্তিক উগ্ৰজাতীয়তাবাদী বুলি
আখ্যা দিছিল। কিন্তু পৰৱৰ্তীকালৰ
ঘটনাসমূহে প্ৰমাণ কৰিলে যে, অসম
আন্দোলনৰ আঁৰ লৈ যিবোৰ কূটাঘাত কৰা হৈছিল, সেইবোৰৰ শক্তিৰ
চৰিত্ৰ আছিল মূলতঃ সাম্প্ৰদায়িক জাতীয়তাবাদী
শক্তি। অৱশ্যে এই কথাও সঁচা যে,
ইতিহাসৰ কলংকস্বৰূপ এই ভয়ংকৰ ঘটনাবোৰৰ বাবে
দোষ মূৰ পাতি লবলগীয়া হৈছিল সেইসকলে, যিসকল প্ৰকৃত অৰ্থতেই
জাতীয়তাবাদী আদৰ্শত বিশ্বাস কৰিছিল। এই
লোকসকলে পৰৱৰ্তী সময়ত জাতীয়তাবাদী চৰকাৰ গঠন হোৱৰ পিছতো ক্ষমতাৰ ৰাজনীতিৰ সুযোগ
গ্ৰহণ কৰি সা-সুবিধা আদায় কৰিবলৈ
নিশিকিলে। ইয়াৰ বিপৰীতে পালে দশকৰ পিছত
দশক ধৰি পালে লাঞ্চনা আৰু
আশা ভংগৰ বেদনা। অসম আন্দোলনৰ কূটাঘাতমূলক কাৰ্যৰ বাবে মিছা অপবাদ। যেতিয়া
জাতীয়তাবাদী চৰকাৰ গঠন হ'ল, তেতিয়া তেওঁলোক ক্ষমতাৰ
মচনদৰপৰা আঁতৰি থাকিল। বিংশ শতিকাৰ ১৯৭৯ চনৰপৰা হোৱা
অসম আন্দোলনৰ নেতৃত্ব প্ৰদান কৰা
বহু দিগগজ্ জাতীয়তাবাদী নেতাই যেতিয়া একবিংশ শতিকাৰ
২০১৬ চনত সাম্প্ৰদায়িক জাতীয়তাবাদৰ পোষকতা কৰা দল আৰু শক্তিৰ
সতে যোগদান দি চৰকাৰ গঠন কৰিলেগৈ, তেতিয়া অসম অন্দোলনৰ গাতে আশ্ৰয় লোৱা
সাম্প্ৰদায়িক জাতীয়তাবাদী শক্তিৰ
কোনো কথাই যেন গোপন
হৈ নাথাকিল। সকলো
কথাই প্ৰকাশ্য হৈ
পৰিল। এইবোৰ উদাহৰণে
জাতীয়তাবাদী শিৱিৰত সংগোপনে থাকি
সাম্প্ৰদায়িক জাতীয়তাবাদী শক্তিয়ে
কিদৰে দশকৰ পিছত দশক
ধৰি সাৰ-পানী গোটাই আছিল, সেই কথা পৰিস্কাৰ
কৰি দিলে। সকলোতকৈ ডাঙৰ কথাটো
হৈছে যে, ইয়াৰ ফলত
সৰ্বাধিক ক্ষতি হৈছে
প্ৰকৃত জাতীয়তাবাদী শিৱিৰৰ। নকলেও
হ'ব যে এনেবোৰ জাতিদ্ৰোহী কৰ্ম-কাণ্ডই
প্ৰকৃত জাতীয়তাবাদী আদৰ্শৰ লোকসকলক যে যথেষ্ট
পৰিমাণে মনোকষ্ট দিছিল, সেই বিষয়ে বিভিন্ন সময়ত গ্ৰাম্য
এলেকাত সাংবাদিকতা বা সাহিত্যৰ সমল
বুটলিবলৈ যোৱাৰ সময়ৰ ক্ষেত্ৰ অধ্যয়নত আমি
মৰ্মে মৰ্মে উপলব্ধি কৰিছিলোঁ।
যি নহওক, ছবছৰীয়া অসম আন্দোলনৰ অভিজ্ঞতাই অসমৰ সৰু-বৰ জাতিসত্তাসমূহকো একধৰণে নতুন
চেতনাৰে জোকৰি গ'ল।
আশীৰ দশকৰ শেষৰফালে আৰম্ভ হৈ
নব্বৈৰ দশকত প্ৰকট হৈ উঠিল অসমৰ
জাতিসত্তাসমূহৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ ভিত্তিত পৰিচিতি
সত্তাৰ আন্দোলন। এওঁলোকৰ সৰহভাগেই নিজৰ নিজৰ জাতিৰ আশা-আকাংখ্যাৰ লগতে ৰাজনৈতিক অধিকাৰৰ প্ৰসংগে বাৰ
পাদ-প্ৰদীপলৈ লৈ আহিল আৰু অসম আন্দোলনকেই আদৰ্শ হিচাপে গ্ৰহণ কৰিলে। বহু ক্ষেত্ৰত গণতান্ত্ৰিক আন্দোলনৰ সমান্তৰালভাৱে সশস্ত্ৰ
বিদ্ৰোহৰ পন্থাই এনে আন্দোলনবোৰক
ত্বৰান্বিত কৰিলে। বড়ো, ৰাভা, মিচিং, কাৰ্বি, ডিমাচা, মাৰ, কুকি আদি বিভি
ন্ন গোষ্ঠীৰ মাজত হোৱা গোষ্ঠী- সংঘাতৰ
তেজেৰে অসমৰ মাটি ৰাঙলী হ'ল। এই জাতি-জনগোষ্ঠীসমূহৰ সংগ্ৰামে তেওঁলোকৰ বাবে ইস্পিত ফলাফল কঢ়িয়াই
আনিবলৈ সক্ষম হ'ল নে নাই, তাৰ উত্তৰো
সময়ে দিব।
এই
সকলোবোৰ সংগ্ৰামৰ ভিতৰতে
বড়ো জাতীয়তাবাদ আৰু স্বাধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম
উত্থান এক অন্যতম আকৰ্ষণীয় অধ্যায়। নকলেও হ'ব যে, প্ৰায়বোৰ জাতিসত্তাৰ পৰিচিতিসত্তাৰ আন্দোলনৰ আধাৰ
আছিল মূলতঃ ৰাজনৈতিক
আকাংক্ষা । কিন্তু বডোÿসকলে ৰাজনৈতিক আকাংক্ষাৰ লগে লগে
ভাষা-সাহিত্য-সংস্কৃতিৰ বিকাশৰ দিশটোও পাদ-প্ৰদীপলৈ লৈ আহিছিল। ইয়াৰ নেতৃত্বত আছিল বডোÿ সাহিত্য সভাৰ দৰে
সংগঠন। ইয়াৰ ফলশ্ৰুতিও
আছিল যথেষ্টই আশাব্যঞ্জক।
একবিংশ শতিকাৰ প্ৰথমভগতেই ২০০৩
চনত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু বড়ো সংগঠনৰ মাজত
হোৱা চুক্তি অনুসৰি
বড়ো ভাষাই সংবিধানৰ অষ্টম
অনুসূচীত স্থান পাবলৈ সক্ষম হ'ল। তেওঁলোকে বড়ো ভাষাৰ বাবে
দেৱনাগেৰী লিপি গ্ৰহণ কৰি লিপি সমস্যাৰ সমাধান কৰিলে।
অনেকেই এই
পৰিচিতি সত্তাৰ এই
আন্দোলনবোৰ অসমীয়া
মূলসুঁতিৰপৰা জনগোষ্ঠীয় লোকসকলক
আঁতৰাই অনাৰ চক্ৰান্ত বা কৌশল বুলি কবলৈ বিচাৰে। কিন্তু
শিক্ষা-উন্নয়ন আদি সকলো দিশতে
পিচ পৰি থকা গোষ্ঠীসমূহৰ
ক্ষোভ আৰু হতাশা আৰু তেওঁলোকৰ ওপৰত অধিকাংশ
বৰ্ণবাদী মধ্যবিত্তৰ অসমীয়াই হেয় ভাৱে
কৰা সামাজিক ব্যৱহাৰৰ বিৰুদ্ধে
অন্তৰৰ যি দাবানল, তাৰ বাস্তৱ ভিত্তি নথকা হ'লে এই আন্দোলনবোৰো প্ৰাসংগিক হৈ উঠিব নোৱাৰিলেহেঁতেন বা
স্থায়িত্ব লাভ কৰিবলৈ সক্ষম ন'হলহেঁতেন। প্ৰশ্ন উঠে, এই পৰিচিতিসত্তাৰ
আন্দোলনবোৰে ভাষিক জাতীয়তাবাদৰ আধাৰটোলৈ
প্ৰত্যাহ্বান আনিছে নেকি? এই প্ৰশ্ন অতিকৈ
প্ৰাসংগিক হৈ উঠিল, যেতিয়া একবিংশ
শতিকাৰ দ্বিতীয়টো দশকত কা-আইন বিৰোধী আন্দোলনখন তুংগত উঠিল। অসমীয়া পৰিচিতিৰ আৱৰ্তৰ ভাষিক
জাতীয়তাবাদৰ আৱেগ যে স্তিমিত হৈ
আহিছে, আৰু জাতীয়তাবাদত আস্থা ৰখা
বুলি কোৱা বহুতেই
সাম্প্ৰদায়িক জাতীয়তাবাদৰ পোষকতা কৰা
দল আৰু শক্তিৰ কাষত
আশ্ৰয় লৈছে সেয়া কা-আইন বিৰোধী
আন্দোলনৰ মাজেৰেই
পৰিস্ফুট হ'ল।
কা-আন্দোলনৰ নেতৃত্ব প্ৰদান কৰা সৰহভাগ নেতাই সাম্প্ৰদায়িক জাতীয়তাবাদৰ
পোষকতা কৰা দল আৰু শক্তিৰ সৈতে আপোচকামীতাৰ নীতি গ্ৰহণ কৰিলে। সাম্প্ৰদায়িক শক্তিৰ চত্ৰছায়াতেই অসম গণ পৰষিদৰ দৰে
জাতীয়তাবাদী ধাৰাৰ ৰাজনৈতিক দলে
নিজৰ অস্তিত্ব ৰক্ষা কৰিবলগীয়া হ'ল। সকলো সময়তে একেটা ছাতিৰ তলতে
থকা বুলি ভবা জনগোষ্ঠীসমূহো যে
লাহে লাহে মূলসুঁতিৰ অসমীয়া সমাজখনৰপৰা আঁতৰি গৈছে, সেই কথাও পৰিস্কাৰ হৈ উঠিল। যিসকলে প্ৰকৃত জাতীয়তাবাদী আদৰ্শত বিশ্বাস কৰে, তেওঁলোকে জাতীয় জীৱনৰ এই
প্ৰশ্নবোৰ, প্ৰশ্নবোৰৰ
আঁৰৰ সমাজ- বাস্তৱতাক তত্ত্বগতভাৱে
বিশ্লেষণ কৰিবলৈ সক্ষম নোহোৱাটো এই সময়ৰ
পৰিহাস বুলিয়েই কব লাগিব। যাৰ বাবেই
নেকি গোষ্ঠীজীৱনৰ বহু বাস্তৱতাক
জাতীয়তাবাদী তত্তই স্পৰ্শ কৰিবলৈ সক্ষম হোৱা নাই।
সাংস্কৃতিক
জাতীয়তাবাদঃ
যেতিয়া বৃহত্তৰ
অসমীয়া জাতিৰ ভাষিক জাতীয়তাবাদৰ পৰিসৰ সংকুচিত
হৈ উঠিছে, সেই সময়তে
কিন্তু চলমান হৈ থকা আৰু
পূৰ্বতকৈ অধিক গতিৰে ত্বৰান্বিত
হোৱা সাংস্কৃতিক সমলৰাজিৰ দিশবোৰেৰে
জাতীয়তাবাদৰ কথা কব পাৰি নে নোৱাৰি
তাৰ সম্পৰীক্ষা কৰাৰ দিশটোও প্ৰাসংগিক
হৈ উঠিছে
বুলি কব পৰা যায়। উল্লেখযোগ্য যে, বিশ্বৰ বহু জাতি-গোষ্ঠীৰ জাতীয় আৱেগৰ আধাৰ সাংস্কৃতিক। নব্বৈৰ দশকৰ উদাৰবাদী অৰ্থনীতি আৰু তথ্য-প্ৰযুক্তিৰ বিকাশে অসমৰ সৰু-বৰ সকলো গোষ্ঠীকেই নিজৰ সাংস্কৃতিক
সমলৰাজি বিশ্বৰ মানুহৰ সন্মুখলৈ তুলি অনাৰ বেলিকা এক ভেটি প্ৰদান কৰিলে। একবিংশ
শতিকাত এই ধাৰাটি অধিক বিকশিত
হৈছে। ভাষিক জাতীয়তাবাদ বুলি ক'লেই অসমৰ জাতি-জনগোষ্ঠীসমূহে একধৰণে বৰ্ণবাদী মধ্যবিত্তৰ
আধিপত্যবাদী স্বৰূপ দেখি সংকুচিত
হৈ পৰে বা আঁতৰি যোৱাৰ দৰে অৱস্থা
হয়। ইয়াৰ বিপৰীতে কিন্তু সাংস্কৃতিক সমলৰাজিৰ আদান- প্ৰদানৰ বেলিকা
সকলোৱেই এক ধৰণৰ ঐক্য অনুভৱ কৰে। বহল অৰ্থত অৱশ্যে ভাষাও গোষ্ঠীজীৱনৰ সংস্কৃতিৰেই
ভিতৰুৱা। কিন্তু জাতীয়তাবাদৰ
প্ৰশ্নত ভাষা আৰু আধ্যাত্মিক সংস্কৃতিৰ
আন উপাদানসমূহৰ মাজত
এইখিনিতে একধৰণৰ পাৰ্থক্য
পৰিলক্ষিত হয়। বস্তুগত সংস্কৃতিৰ
ভিতৰুৱা সম্পদসমূহৰ স্থিতিশীলতা (ststic)
থাকিব পাৰে, কিন্তু আধ্যাত্মিক
সংস্কৃতিৰ সমলৰাজি সদায়
গতিশীল (dynamic)।
কিছুমান সৰু সৰু উদাহৰণৰপৰা এই দিশটো ভালকৈ বুজিব পাৰি।
যেতিয়া কোনো এখন ৰাজহুৱা সভা
অনুষ্ঠিত কৰা হয়, তেতিয়া
সন্মানীয় অতিথিগৰাকীক গামোচা,
আৰ'নাই, প'হ'-যিহেৰেই আদৰণি
নজনাওক কিয়, মনলৈ একেই উত্তাপ আহিব। বাগেজাৰী,
বাগাৰুম্বা, গুমৰাগ, বিহুনাচৰ মাদকতা অথবা উৎসৱৰ ভোজ-ভাত খোৱাৰ আনন্দ জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৱে
একেদৰেই অনুভৱ কৰিব। কোনেও ইয়াত
নিজৰটো ভাল, আনৰটো বেয়া বুলি উচ্চ-বাচ্য নকৰে। এবুকু পানীত পৰি আহু ধান দাই থকা মিচিং গাভৰুৰ মুখেৰে
নামি অহা অইনিতমৰ সুৰটিয়ে সকলোৰে
হিয়া সমানেই দহি নাযায় জানো?
সাংস্কৃতিক জাতীয়তাবাদৰ
বেলিকা আন এক সন্মোহণী বৈশিষ্টয়ো আমাৰ
দৃষ্টি আকৰ্ষণ কৰে। ভাষিক
জাতীয়তাবাদত এটা নম্বৰৰ খেল থাকে, গোষ্ঠীৰ জনসংখ্যাৰ আকাৰে ইয়াৰ স্থায়িত্ব অথবা বিকাশৰ ক্ষেত্ৰত সদায়েই
চলমান কাৰক হৈ ঠিয়
দিয়ে। সেয়েহে ‘আনসকল'ৰ (others)চকুত
তাৰ এটা আধিপত্যবাদী প্ৰকাশ স্পষ্ট হৈ
উঠে। কিন্তু সাংস্কৃতিক জাতীয়তাবাদত সেই
সংশয় নাই। গোষ্ঠী হিচাপে আকাৰত
যিমানেই সৰু নহওক
কিয়, সংকুচিত হবলগীয়াকৈ কোনো ভয় নাই। উদাহৰণস্বৰূপে তিৱা,
দেউৰী, টাই-তুৰুং, টাই-খামতি,
টাই-খামিয়াং, আইতনীয়াসকলৰ দৰে ক্ষুদ্ৰ গোষ্ঠীৰ
কথা মনলৈ আহে, যিসকল সংখ্যাগতভাৱে আকাৰত যথেষ্ট
সৰু, মাথোন কেইহাজাৰমান। কিন্তু বৰ্ণাঢ্য
সংস্কৃতিৰে তেওঁলোক বৃহত্তৰ অসমীয়া
সংস্কৃতিৰ একোপদ মীনা কৰা গহনা-যাৰ অবিহনে
জাতিৰ অস্তিত্ব কল্পনা কৰিব নোৱাৰি।
পৰিহাসৰ কথা
এয়ে যে, ভাষিক জাতীয়তাবাদলৈ
প্ৰত্যাহ্বান অহাৰ সময়ত যুগ
যুগ ধৰি একেখন আকাশৰ তলত সাতোৰঙী
ৰামধেনুৰ দৰে থকা জাতি-গোষ্ঠী-সম্প্ৰদায়সমূহৰ
সাংস্কৃতিক সমলৰাজিৰ আধাৰতো
বৃহত্তৰ উদাৰবাদী জাতীয়তাবাদৰ এটি আভিনৱ
আধাৰ তৈয়াৰ কৰিব পৰা যায় নেকি,
সেই বিষয়ে গুৰুত্বপূৰ্ণ
চিন্তা-চৰ্চা কৰা পৰিলক্ষিত হোৱা নাই।
পাৰিপাৰ্শ্বিক জাতীয়তাবাদঃ
পৰ্বত-ভৈয়াম, অসংখ্য নৈ-নিজৰা,
বৰ্ষাৰণ্যৰ সমাহাৰেৰে অতূলনীয় পৰিস্থিতিতন্ত্ৰ আৰু জৈৱ-বৈচিত্ৰৰ
মণ্ডলৰ অংশীদাৰ হোৱাৰ সুবাদত পৰিবেশক লৈও একধৰণৰ জাতীয়তাবাদ গঢ় লৈ উঠাৰ
সুযোগ আছে। অসমৰ বিনন্দীয়া হাবি-বন-নৈ-নিজৰা-পৰ্বতবোৰে
উপনিবেশিক কালত নিজস্ব চৰিত্ৰ হেৰুৱাই পেলাইছিল উপনিবেশিক শাসকৰ হস্তক্ষেপত। উপনিবেশিক শাসকৰ শাসনৰ আধাৰ আছিল শোষণ। তৈল ভাণ্ডাৰৰ আৱিস্কাৰ, চাহ
বাগিছাৰ বাবে মাটি দখল, ৰেলপথ সজাৰ বাবে গছ কাটিবলৈ প্ৰয়োজনীয় হাবি ধ্বংসৰে এই পৰিস্থিতিতন্ত্ৰৰ
অভূতপূৰ্ব পৰিবৰ্তন ঘটোৱা হ'ল। স্বাধীনতাৰ পৰৱৰ্তী সময়তো অসমৰ
সম্পদৰ ওপৰত এবাধ লুণ্ঠন চলিয়েই থাকিল। এই লুণ্ঠণৰ শেষ এতিয়াও হোৱা নাই । শেহতীয়াকৈ দিহিং-পাটকাই বৰ্ষাৰণ্য, হোলোংপাৰ
গিবন অভয়াৰণ্য এনে শোষণৰ একোটা
উদাহৰণ। প্ৰশ্ন হয়, এই বিষয়বোৰ জাতীয়তাবাদী চিন্তা-চৰ্চাৰ
আধাৰ হ'ব নোৱাৰেনে? পৰিবেশৰ দৰে এক বহল
ক্ষেত্ৰলৈ জাতীয়তাবাদী চিন্ত-চৰ্চাৰ সম্প্ৰসাৰণ ঘটাব নোৱাৰি নেকি? একবিংশ শতিকাৰ প্ৰথমটো দশকতেই অসমত নদীবান্ধ বিৰোধী আন্দোলন তুংগত
উঠিছিল। নদীবান্ধে সমগ্ৰ পৰিবেশলৈ
ভাবুকি কঢ়িয়াই অনাৰ বিষয়ে তীব্ৰ জনমত হৈছিল। এই আন্দোলনে এক বিজ্ঞানসন্মত পাৰিপাৰ্শিবক আন্দোলনৰ ৰূপ লোৱাৰ অৱকাশো থকাৰ
আছিল। কবলৈ গ'লে, উত্তৰ-পূব
ভাৰতৰত অপূব জৈৱ বৈচিত্ৰতাই সমগ্ৰ অঞ্চলটো জুৰি এক নতুন পাৰিপাৰ্শিবক জাতীয়তাবাদ গঢ় লৈ উঠাৰ সম্ভাৱনীয়তা দাবী কৰে। কিন্তু
ইয়াৰ বাবে প্ৰয়োজন
উপযুক্ত নেতৃত্ব আৰু বিচক্ষণতাৰ।
ইয়াৰ সমান্তৰালভাৱেই অঞ্চলটোৰ উন্নয়ন
আৰু সঠিক বিকাশৰ স্বাৰ্থত সংসদৰ দৰে উপযুক্ত মঞ্চত ‘লবী' তৈয়াৰ কৰাৰো অৱকাশ
থাকে। পাৰিপাৰ্শিবক জাতীয়তাবাদৰ অন্যতম
সুবিধা এয়ে যে, বৰ্তমানৰ জলবায়ু পৰিবৰ্তনৰ দৰে
কাৰকসমূহে বিশ্বজনীন আবেদন লাভ কৰাৰ সময়তে এনে জাতীয়তাবাদ গঢ় লৈ উঠাৰ
প্ৰাসংগিক প্ৰেক্ষাও তৈয়াৰ হৈ গৈছে।
বহুক্ষেত্ৰত
পাৰিপাৰ্শ্বিক
জাতীয়তাবাদে ৰাজনৈতিক মানচিত্ৰৰ সংকীৰ্ণ ঠাই (political
maping) অতিক্ৰম কৰি যায়।
উদাহৰণস্বৰূপে, ইউনেস্ক'ৰ
বিশ্ব ঐতিহ্যক্ষেত্ৰৰ অন্যতম মানস
ৰাষ্ট্ৰীয় উদ্যানৰ এফাল ভূটানত
আছে। নদীবান্ধৰ দৰে বিষয়বোৰেও, বিশেষকৈ নামনি অসমত
ভূটানৰপৰা নামি অহা
নৈবোৰৰ বেলিকা বিষয়বস্তুৱে
ৰাজনৈতিক মানচিত্ৰৰ সংকীৰ্ণ সীমা অতিক্ৰম
কৰি গৈছে। ভাষিক জাতীয়তাবাদৰ সীমাবদ্ধতাক
অতিক্ৰম কৰি আন্তঃৰাজ্যিক
আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আমাৰ
স্থানীয় বিষয়বোৰ লৈ গৈ জমনত
গঠন কৰাৰ যোৱাৰ অৱকাশো
পাৰিপাৰ্শিবক জাতীয়তাবাদৰ মাজেৰেই
আহৰণ কৰিব পৰা যায়।
অৰ্থনৈতিক
জাতীয়তাবাদঃ
অসম নামৰ
ভূখণ্ডটিৰ সকলো জাতি-গোষ্ঠী-সম্প্ৰদায়ক
সামৰি লৈ জাতীয়তাবাদৰ প্ৰসাৰ ঘটাব পৰা
এটি দিশ হৈছে অৰ্থনৈতিক জাতীয়তাবাদ।
বহুতেই থলুৱা অৰ্থনীতিৰ বিকাশেই ইয়াৰ সাৰ কথা বুলি কবলৈ বিচাৰিলেও
অৰ্থনৈতিক জাতীয়তাবাদৰ আওতালৈ আহিব পৰা বহু দিশৰ বিষয়ে এতিয়াও চিন্তা-চৰ্চা আৰম্ভ
হৈছে বুলি কব নোৱাৰি। কবলৈ গ'লে আৱহমান কালৰেপৰাই অসমৰ প্ৰতিটো গোষ্ঠীৰ নিজা ভাষা, সংস্কৃতি,
বাস কৰিবলৈ এডোখনৰ ভৌগোলিক এলেকা থকাৰ দৰেই একোটা নিজা অৰ্থনৈতিক
ব্যৱস্থাও আছিল। এই অৰ্থনীতিৰ বহু বৈশিষ্ট
এতিয়াও জীয়াই আছে। পৰ্বতীয়া গোষ্ঠীসমূহৰ
ঝুমখেতিত উৎপাদিত সামগ্ৰী, পৰ্বতীয়া হাবিৰ সামগ্ৰী
আৰু ভৈয়ামৰ সামগ্ৰীৰ মাজত এক বজাৰ অৰ্থনীতিও
আছিল। উপনিবেশিক কালত আৰু তাৰ
পৰৱৰ্তী সময়ত মুদ্ৰা অৰ্থনীতিয়ে পূৰ্বাপৰৰপৰা
চলি অহা ই
অৰ্থনীতিৰ মুদা মাৰিলেও তাৰ অৱশিষ্ট এতিয়াও আছে। অৰ্থনৈতিক জাতীয়তাবাদৰ আধাৰ হৈছে প্ৰতিটো জাতি-গোষ্ঠীৰ
পৰম্পৰাগত নিজা অৰ্থনৈতিক ব্যৱস্থাটোৰ শাহখিনি, প্ৰজ্ঞাখিনি আহৰণ কৰি এক সবল আৰু নিজা অৰ্থনীতিৰ বিকাশ
ঘটোৱা। গুৱাহাটীকে ধৰি অসমৰ চহৰ অঞ্চলৰ পদপথবোৰ থলুৱা লোকৰ উৎপাদিত সামগ্ৰীৰে ভৰি থাকে।
প্ৰশ্ন হয়, পদপথৰপৰা দোকানলৈ আৰু দোকানৰপৰা মলৰ ভিতৰলৈ কেতিয়াবা এই সামগ্ৰীসমূহৰ উত্তৰণ কোনোবাদিনা
ঘটিবনে? অৰ্থনৈতিক জাতীয়তাবাদ মানে গাৱঁৰ মানুহৰপৰা
সামগ্ৰী ক্ৰয় কৰি
নগৰৰ বিক্ৰীকেন্দ্ৰত বিক্ৰী কৰা
নিশ্চয় নহয়-শ্ৰম, অৰ্থনীতি
আৰু পূঁজিহে তাৰ মূল আধাৰ। অসমৰ দৰে
ৰাজ্যৰ পৰিপ্ৰেক্ষিতত সি হৈছে ৰাজ্যখনৰ
মানুহৰ অৰ্থনৈতিক সুৰক্ষা, আটাইতকৈ প্ৰাসংগিক ভূমিৰ
সুৰক্ষা। সমকালীন প্ৰেক্ষাত ৰাজ্যখনৰ সম্পদৰ অধিকাৰ ইয়াৰ স্থানীয়
মানুহৰ হাতত ৰখা। কিন্তু একাংশ
স্থানীয় মানুহ, বা
গোষ্ঠীৰ এমুঠি মানুহো আজি নিজৰেই সম্পদৰ লুণ্ঠণকাৰীহে, সম্পদৰ
উচিত ব্যৱস্থাপনাৰে জাতীয় আৰ্থনীতি গঢ়ি তোলা
তেওঁলোকৰ লক্ষ্য নহয়--বিশেষকৈ এনে স্থানীয় বিত্তবান দেখিবলৈ পোৱা যায়,
যিজনে হঠাতে পোৱা ৰাজনৈতিক
ক্ষমতা লাভ কৰি লালায়িত হৈ উঠে আৰু
নিজৰ জ্ঞাতি-ভাইৰ তেজ শুহিবলৈকো
খাতিৰ নকৰে। অৰ্থনৈতিক ক্ষেত্ৰত বহিৰাগতৰ
অবাধ দখল যিমান দুৰ্ভাগ্যজনক, সেইদৰে এইসকলো সমানেই বিপদজনক।
এইক্ষেত্ৰত সঠিক পৰিকল্পনাৰে অৰ্থনৈতিক জাতীয়তাবাদৰ ৰূপৰেখা
তৈয়াৰ কৰি এক ধৰণৰ নতুন জাতীয়তাবাদী চেতনাৰে জাতীয় জীৱনৰ
প্ৰাণ-সঞ্চাৰ কৰিব পৰা যায়। নকলেও
হ'ব ইয়াৰ বাবে যিদৰে
প্ৰয়োজন গভীৰ অধ্যয়ন, সেইদৰেই এনে তাৰ আধাৰো হ'ব লাগিব সকলোকে সামৰি লোৱা নীতিহে।নিজৰ ভিতৰতে
এচাম অতীৱ সম্পদশালী লোকৰ সৃষ্টি কৰি ধনী আৰু দৰিদ্ৰৰ মাজৰ ব্যৱধান বৃদ্ধি কৰা নহয়।
অসমত জাতীয়তাবাদী আদৰ্শ আৰু ভাৱধাৰালৈ অহা প্ৰত্যাহ্বানৰ সন্মুখত চৰ্বিত- চৰ্বণৰপৰা আঁতৰি আহি এনেদৰেই নতুন নতুন ক্ষেত্ৰলৈ এই চিন্তা-চৰ্চাৰ ক্ষেত্ৰ প্ৰসাৰিত কৰাটো একবিংশ শতিকাৰ আন এক প্ৰত্যাহ্বান। বিশেষকৈ ধৰ্মীয় সাম্প্ৰদায়িক আৰু সাম্প্ৰদায়িক জাতীয়তাবাদী শক্তিৰ আৱেশৰপৰা মুক্ত হবলৈ প্ৰকৃত জাতীয়তাবাদত বিশ্বাস কৰাসকল এনে স্বাধীন চিন্তাৰ অধিকাৰী হেৱাটো এই সময়ৰেই এক আহ্বান--যি কাম বাস্তৱত হৈ উঠাটো শতিকাটোৰ তৃতীয় দশকটোতো পৰিলক্ষিত হোৱা নাই।
তেনেহ'লে ‘অসমীয়া জাতি'
আৰু ‘অসমীয়া জাতীয়তাবাদ'নো প্ৰকৃততে কি?
সি এক প্ৰশ্ন
হৈয়েই ৰ'ব নেকি?