Sunday, 1 July 2018

নীলপৰ্বতৰ তেজ, বৰষুণ, দেওধাৰ কামিহাড়ৰ কাউৰীবোৰ





চ'তৰ  নাড়ী  ছিঙি  এজাক   বৰষুণ নামি আহে ।   
নীলপৰ্বতৰ  বলিশালেৰে  নিগৰি অহা এডোঙা  তেজত  এজাক  কাউৰীয়ে   ৰমলিয়াই  উঠে  ।    
শ্যামৰায়  দেওধাৰ   বুকুৰ   কামিহাড়তো  অজাতি  কাউৰীজাকে  দেওপাৰি,   ৰমলিয়াই  উঠে।

চ'তৰ  নাড়ী  ছিঙি  যেতিয়া   বৰষুণজাক   নামি  আহে , তেতিয়া বেলিয়ে   উঠা- নমা  কৰিলে  তেজৰ   বৰণ  লোৱা নৈখনৰ  পাৰত  বাস  কৰা   নীলপৰ্বতৰ  শুকান  মাটিত   সৰি  থকা বিৰিখৰ   বীজ   এটি  সিৰিক   কৰি  উঠে ।  সিৰিক   কৰি উঠে  শিলৰ খোৰোঙত  মন্দিৰ  সাজি  বিচৰণ  কৰা  শ্যামৰায় দেওধা।  শৰীৰৰ   ভস্ম,   ঘিউ,   তেল-  সেন্দূৰৰ  আৰু  স্পৰ্শ   আৰু   মন্দিৰৰ   এচুকৰ  সৌ  ভাঙৰ   খোলাত  ওপঙি  থকা   গোন্ধটিৰ   মায়াপী  আৱেশেৰে   টল- মল  শ্যামৰায়  দেওধাৰ   আটিল,  কৃষ্ণকায়  দেহাটিয়ে  এঙামুৰি   ভাঙি   লাহেকৈ   ঠিয়দঙা  দিয়ে। 

সহস্ৰ   বলিৰ  ডিঙিৰে   নামি   অহা  তেজৰ সোঁত  চলা-ফিৰা  কৰা  দেহাটি  কেৰেচিয়াকৈ  নামি  অহা   ব'ৰষণজাকৰ   ধুৱলি- কুঁৱলীলৈ  ওপঙাই  দি,  শ্যামৰায়  দেওধা  অলীক  হৈ  উঠে।   কিন্  কিন্  টোপালৰ    মূৰ্চনাৰে দেওধাই   কাণ  উণাই   শুনে  সহস্ৰ   ঢোল -  বৰতাল  - কালিবাদনৰ  লহৰত   শক্তিপীঠৰ  তেজে  ভিজা,   শিলুৱা চোতালৰ   আৱাহনী মাত!

দেওধাৰ   কুমাৰী   কন্যাটিয়ে   জলকা  লগা  চকু  দুটিৰে   বৰষুণজাকত  এঙামুৰি  ভাঙি   অলীক  হৈ  উঠা  দেউতাকক     দেখা  পায়।  ভৰিৰ  পতাত  তাইৰ   শক্তিপীঠ  দৰ্শন কৰিবলৈ  অহা  দম্পতি  ভক্ত এহালৰ   বুকুৰ  গৰম তেজৰ  সোঁত  এটিয়ে   খলকনি  তোলে।   মূৰটি  আচন্দ্ৰাই  কৰি  উঠে  শ্যামৰায়  দেওধাৰ   কন্যাৰ ।  শৰীৰেৰে  বগাই  যোৱা  চেঁচা,   মৃতকৰ   স্পৰ্শৰ  দৰে এক   অনুভু তিত  জিকাৰ  খাই  উঠি, ভৰি  দুখনি  তাই   শূন্যতে   এছাৰ   মাৰি  দিয়ে। 

সেইদিনা   লগৰীয়াৰ   সৈতে  বাটলৈ  ওলাই  যাওতে   দেওধাৰ   কুমাৰী   কন্যাটিৰ  সমাহিত   ৰূপ- সুধাৰ  মাজত শক্তিপীঠ দৰ্শন কৰিবলৈ  অহা  স্বামী- স্ত্ৰী এহালে     সাক্ষাৎ  দেৱীৰ  সৌম্য  ৰূপৰ   দৰ্শন  পাইছিল   আৰু  তাইলৈ   কিছু  বেলি   থৰ লাগি  চাই   চকুৰ পচাৰতে তাইক সেৱা এটি  কৰিছিল। আৰু মোনাৰ পৰা এখনি  দাড়ি  কটা ব্লেড  উলিয়াই, নিজৰ   বুকু   কাটি, দেৱীলৈ  বুলি বুকুৰ  তেজ   উচৰ্গা  কৰি  কন্যাটিৰ  চৰণৰ  দুয়োটি   পতাত  তিলক   আঁকি  দিছিল।  আৰু  পিছলৈ  নোচোৱাকৈ কোবা-কুবিকৈ  উভতি  গৈছিলগৈ।  এই  আচহুৱা ভকতিত  শিয়ৰি  উঠিছিল দেওধাৰ  কন্যা । চৰণৰ  দুয়োটি  পতাৰ  তিলকেৰে   নামি  অহা নৰ ৰক্তৰ  ধাৰ দুটি  বৈ যোৱা  ভৰি দুখন  এছাৰি এছাৰি  ঘৰ পাইছিলহি  তাই। 

চ'তৰ নাড়ী  ছিঙা ব'ৰষুণজাকলৈ দেহাটি  ওপঙাই দেওধা অলীক  হৈ  উঠিলে   দুয়োটি   চৰণৰ  ৰক্ততিলকৰ  তেজৰ  ধাৰ  দুটিও  যেন  টগ-বগাই  কন্যাটিৰ   বুকুলৈ   উজাই  আহে! চমকি উঠে  তাই। 
       
চমকি উঠে  দেওধা! অনন্ত পিপাসাত  শ্যামৰায়  দেওধাৰ  জিহ্বাখনি লক্ লকাই    উঠে। 

বলিশালত পঠাৰ ছিঙি পৰা মূৰ শূন্যলৈ তুলি, ডিঙিৰে নিগৰি অহা  তেজৰ  নিজৰাটি  পাণ  কৰিবলৈ   লক্ লকাই    উঠে  শ্যামৰায় দেওধাৰ  জিহ্বা।

বলিৰ  কুমলীয়া  মঙহ ভোগ  কৰিবলৈ লক্ লকাই  উঠে শ্যামৰায় দেওধাৰ জিহ্বা ।

শিলৰ  খোৰোঙত  যোৰ পতা ফেঁটীসাপহালৰ  জিহ্বাৰ দৰেই  লক্ লকাই  উঠে শ্যামৰায় দেওধাৰ   জিহ্বা।

  
কাল-নিৰন্তৰৰ একেটি  পুৰাকথাৰ  গৰ্ভেৰে   বিচৰণ  কৰিবলৈ  দেওধাই  নিজকে  সাজু  কৰে।  প্ৰাচীন  এটি লেহুকা, বীজল মোটৰ ভিতৰেৰে সহস্ৰপদী  হৈ  অহা-যোৱা কৰা  দেওধাৰ সেই পথ,  সেই  বিচৰণ।  শ্যামকানু  নামৰ  এটি  জনগোষ্ঠীয়  শৰীৰ  দেৱতাৰ  আৱাহনীৰে  শ্যামৰায় দেওধা  হৈ উঠাৰ  পথ।  পাহাৰী  নদীৰ   পৰা   উঠি অহা   কুঁৱলীৰ  কুণ্ডলীৰ  দৰে  চকা-মকা ।  জনগোষ্ঠীয়  বিৱৰণী এটিৰ  বিশ্বাস  আৰু  অবিশ্বাসৰ   এখনি  জালেৰে   সৰকি  আহে   মানুহটো  -- সৰকি  আহে   আলষণী ভেটি    দিয়া   বগৰীৰ  কাইঁটেৰে  -- অপায়  দেৱতালৈ  ভোগ দিয়া ভগা  জাকৈৰ  কাঠিৰে  উঠি   আহে -- দেৱতাৰ   আৱাহনীৰ  উচৱৰ  নিশাবোৰৰ   পকা অঙঠাৰ  ওপৰেৰে খোজকাঢ়ি।  

অষ্টপ্ৰহৰজুৰি  দেৱীৰ  দুৱাৰমুখত  পহৰা  দিয়া  লোক  এটিৰ  আত্মীয়  শ্যামকানু  নামৰ  যুৱকটি   এনে এটি   বিৱৰণীৰ  বাটেৰেই   শক্তিপীঠ   দৰ্শন  কৰিবলৈ  আহে । নিতৌ  পুৱা  একোটি  বলিৰ  তেজেৰে  তুষ্ট   হোৱা শক্তিপীঠৰ  দেৱীৰ মাহাত্ম্য  দেখি   সি  থৰ্ থৰকৈ   কঁপে। প্ৰতিটো পুৱা বলিকটাৰ একেটি   ঘাপত  পঠাৰ  মূৰ  সৰি  পৰে।   বলিৰ  ডিঙিৰে নামি   অহা  তেজেৰে  দেৱী হয় তুষ্ট । সেই পঠাৰ  মঙহেৰে  ৰন্ধা   হয়  মধ্যাহ্নৰ  অন্নভোগ ।  অন্নভোগ  গ্ৰহণ  কৰি  ভক্তসৱ  হয় তুষ্ট। 

পুৱতি  নিশাতে  আহি  দেৱীপীঠৰ  চোতালত  ভৰি থোৱা  ভক্তসৱে   সঁচাৰ  কাঠিৰে  গাঁথি  মাৰি  থোৱা  লোহাৰ   একা-বেঁকা, দীঘলীয়া  পিঞ্জৰাটিৰ ভিতৰেৰে শাৰী পাতি, খুপি খুপি  আগবাঢ়ে। বলিশালৰ তেজ,  পশুৰ কপালত  তিলক  আঁকি দিয়া তেল-সেন্দূৰ, ঘিউৰ   চাকি,  ধূপ আৰু   ধুনাৰ  সেমেকা,  বিচিত্ৰ  গোন্ধে  মেৰিয়াই  থাকে  পিঞ্জৰাত শাৰী  পতা  ভক্তৰ   শৰীৰ।  সুদীৰ্ঘ   প্ৰতীক্ষাৰ  শেষ  হয়।  গৰ্ভগৃহৰ   শিলুৱা  বাটেৰে   নামি  অহা  শীতল   জলধিৰ  নিজৰাটিয়ে  ঢৌৱাই   থকা  মাতৃৰ  যোনীমণ্ডল   স্পৰ্শ  কৰি  ভক্তসৱে   উচৰ্গা  কৰে  নৈবেদ্য।  মাতৃৰ  যোনিপথে  নামি  অহা  নক্ষত্ৰ  দুহাতত  ধাৰণ কৰি   আৰ্তনাদ কৰি উঠে -- 

জয় মাতা!শক্তিদায়িনী মাতা!!
শক্তি দে! শক্তি দে!!

পিঞ্জৰাৰ ভিতৰত  শাৰী পতা  ভক্তসৱো চমকি  উঠে।  টুকুৰা- টুকুৰ  হয় শক্তিপীঠৰ   বতাহ  ।

জয় মাতা!শক্তিদায়িনী মাতা!!
শক্তি দে! শক্তি দে!!

চমকি উঠে   শ্যামকানু।  পাহাৰী  নদীৰ   কুঁৱলীৰ   কুণ্ডলীৰ  চকা-মকাৰ  পৰা  ওলাই   অহা  ডেকাটি   হেৰাই   যায়   দেৱীৰ  অচলা  মানৱী  ৰূপ   কুমাৰী  কন্যাৰ   পূজণৰ  বিচিত্ৰ   বিৱৰণীত।  শিলুৱা  খটখটীৰ   ভাঁজে  ভাঁজে   ভাঙৰ   খোলাৰ   গন্ধময়,  আৱাহনী ধোঁৱাই  বেৰি ধৰে তাক।   নীলপৰ্বতৰ   আকাশ- বতাহ   কঁপাই  নিনাদিত  হোৱা  বিয়াগোম  ডম্বৰুৰ  ডুগ  ডুগ  শব্দই   কাণ তাল   মাৰি   ধৰে  ।   মৰ  আঁউসীৰ   নিশা  পীতবস্ত্ৰে    শোভিত   ম'হ   কালী   মন্দিৰৰ   বলিশালত  গোঁসানীৰ   চৰণত  অৰ্পণ   কৰি  সংগ্ৰহ   কৰা   ৰক্তৰ  স্বাদত  সি হেৰাই  যায়।  হেৰাই   যায়   ভৈয়ামৰ সৌ   শ্মশানকালীৰ মন্দিৰত   শৱদেহৰ   ভস্ম   শৰীৰত   সানি,   কাষ্ঠ-সংস্কাৰৰ   অৱশেষ   ৰৈ   যোৱা  মৃতকৰ  পচা  মাংস  ভক্ষণ   কৰি  মোক্ষৰ   পৰীক্ষা দিয়া   অঘোৰপন্থী   দলটিৰ বিচৰণত ।   

 বিচিত্ৰ   ভোগ,  বিধান  আৰু   উপাসনাৰ  কঁপি  উঠা  বিৱৰণীত  সি হেৰাই  যায়।

মৰ  আউঁসী  ভাঙৰ  গন্ধময়   ধোঁৱাৰ  কুণ্ডলীৰে  শ্মশানত  পুতি  থোৱা   গৰাকীবিহীন   লাচবোৰৰ   পৰা  উঠি  আহে   নৰমুণ্ড।  উঠি আহে   শৰীৰৰ  হাড়।  ৰজস্বলা  নাৰীৰ  তেজৰ  একোটি   সুঁতি   জীৱন্ত  হৈ  উঠে   ।  নীলপৰ্বতৰ কাষৰ  সৌ   নদীৰে অহা কাঠৰ  নাৱৰ চপ্  চপ্   শব্দৰ  মাজত   নৰমুণ্ড,  মৃতকৰ হাড়,   বনত  চৰি ফুৰা  বিচিত্ৰ   জীৱৰ  নখ,  দন্ত ,  যৌনকেশ , নাভিমূল,  প্ৰস্ৰাৱ   আৰু   বিষ্ঠাৰ   এক  অলীক,   পাৰাপাৰহীন  বেহা   জীৱন্ত  হৈ  উঠে ।   ভক্তৰ   সন্তুষ্টিৰ    বাবে   ভোগৰ  নৈবেদ্য   হৈ   ৰাতিৰ   বুকু   ফালি  ওলাই   আহে   অতৃপ্ত   ললনা --  সন্তানৰ   কামনাৰে  বিহ্বল  তেওঁলোক,  স্বামীৰ অত্যাচৰেৰে   জৰ্জৰিত ।   সংগমৰত   পুৰষ   আৰু   নাৰীৰ   ভংগীৰে   পৰি  থকা  লট্ পটী-চট্ পটী   বিৰিখৰ   শিপাবোৰ  সাৰ  পাই,  লৰ-চৰ কৰি   উঠে।   শ্মশানৰ   ৰাতি ফুৰা   উপাসকৰ  সতে  নামি   অহা  মিলনৰ  ৰস সোমাই  যায়  ভূমিৰ  গৰ্ভলৈ।  মাতৃৰ  যোনীপথে  নামি   অহা  নক্ষত্ৰবোৰত  ভেজা  দি  অলেখ  কাহিনীৰ   পাখি  গজে ।   এন্ধাৰ  নিশা   পকা  অঙঠা  হৈ   জলে  গোঁসানীৰ   বাঘৰ  চকু । এন্ধাৰৰ  ফাঁকে  ফাঁকে  বাঘৰ  মঙহাল  শৰীৰ অগাডেৱা ।   বাঘ ফুৰা  বাঘ  ফুৰা  গোন্ধ  এটাই   এন্ধাৰবোৰ   মেৰিয়াই    ধৰে।  মেৰিয়াই   ধৰে  ৰাতি ফুৰা  বাঘৰ  হোঁকাৰণিয়ে  তপত  নিশাহ   আৰু   ফুচ-ফুচনিবোৰ  ।   ৰচিত   হয়   বিচিত্ৰ  বিধান।

জালিকটা  এন্ধাৰৰ চকা- মকাত   শ্যামকানু  হেৰাই   যায়।   পাহাৰী  নদীৰপৰা   উঠি   অহা কুঁৱলীৰ  কুণ্ডলীবোৰ  দৰে  শৰীৰৰ  শিৰা আৰু নাড়ীবোৰ পাক খাই জিকাৰ খাই উঠে ।ভাঙৰ  খোলাৰ   গন্ধময়  ধোঁৱাৰ   কুণ্ডলীৰ  আৱেশত  জলকা   লাগে ।   চমকি উঠে  সি।   ঘৰৰ   মায়া   ত্যাগ  কৰি   নীলপৰ্বতৰ  শিলৰ  খোৰোঙত   জুপুৰি   সাজি  থাকিবলৈ   লয়  উদাসী  সন্যাসীৰ   দৰে। 

এদিন  শ্যামকানুৰ   হাতলৈও   নামি   আহে  নক্ষত্ৰ ।   মৰ আঁউসীৰ  নিশাৰ  ৰহস্যময়   ভাঙৰ  খোলাত    দিঠক  আৰু   সমাজিকৰ   মায়াজালত   শ্মশানকালীৰ    উপাসকসৱৰ    বিয়াগোম  ডম্বৰুৰ  ডুগ ডুগ   শব্দ ভেদি সি   শুনিবলৈ পায় দেৱীৰ  আৱাহনী  মাত!  নীলপৰ্বত  চুই   থকা   সোঁতাল  নৈখনৰ   ঢৌৰে  উটি  অহা   প্ৰাচীন কোনো  পীঠৰ  এখনি   বলি  কটা    খড়গৰ    সন্ধান  দি   দেৱীৰ   আকূল   আৱাহনী  মাত  সি শুনা পায়।   আৱাহনী  মাতে    টানি  নিয়ে  তাক ।  ভাঙৰ   খোলাত  উপাসৱকসৱক  এৰি  থৈ  এন্ধাৰ  ফালি  মানুহটোৱে ঢাপলি মেলে।   এন্ধাৰত  ৰঙা  ফুল  হৈ  উঠা  ভাঙৰ  খোলাৰ  গন্ধময়  ধোঁৱাৰ  মাজেৰে  কুণ্ডলীৰ   মাজেৰে  বিচিত্ৰ  ৰেখা  হৈ  শ্মশানকালীৰ  মন্দিৰৰ   উপাসকসৱৰ   অট্টহাস্যই   নিশাটো  মেৰিয়াই ধৰে  ।   চাপি আহে   গোঁসানীৰ  বাঘ।   এন্ধাৰত  বাঘৰ  চকুবোৰ   অঙঠা   হৈ   জলে ।  এন্ধাৰৰ ফাঁকে  ফাঁকে    বাঘৰ  মঙহাল  শৰীৰ  অগাডেৱা কৰে।  বাঘ  ফুৰা  বাঘ  ফুৰা   গোন্ধটিয়ে  এন্ধাৰবোৰ  মেৰিয়াই   ধৰে ।  বলি  কটা   চাবলৈ  শংকা কৰা   কোনোবা   ভক্তই   যেতিয়া  দেৱীলৈ  উচৰ্গা   কৰা   পঠা   মন্দিৰৰ   চোতালত    এৰি   যায়  ভক্তিভাৱে,  তেতিয়া  নীলপৰ্বতত   বিচৰণ কৰা  দেৱীৰ   সন্তানস্বৰূপ   বাঘৰ  পৰিয়ালটোৱে   নিশা  নিশা   সেই  পঠা  ভক্ষণ   কৰে।   নিজৰ   বিচৰণ  জনাই   বিয়পাই  দিয়ে  বাঘ  ফুৰা  বাঘ ফুৰা  গোন্ধ।   পকা অঙঠা  হৈ  জলি  উঠা  চকুৰে   নিশাৰ  প্ৰহৰী  হৈ   সুৰক্ষা  দিয়ে দেৱীক।

দিঠক   আৰু  সমাজিকৰ  মায়াজালত    বাঘৰ  জলি  উঠা   চকুৰ   পোহৰেৰে  গৈ ,  মৃতকৰ  স্পৰ্শ  যেন   চেঁচা  নৈৰ  তাল   বুকু   সাঁতুৰি   সি  বলি  কটা  খড়গ   খামুচি ধৰে।  নদীৰ  সোঁতাল  বুকুৰে  উটি    উটি  অহা  বলি কটা তেজ দাগ   লগা ৰাঙলী  খড়গ!  পুৱা  সাৰ  পাই  নিজৰ  চোতালত  দিঠক   আৰু   সপোনৰ  মায়াজালৰ  খড়গ  দেখা পাই    চমকি   উঠে   মানুহটো।     দুখনি চৰণ   তাৰ   দেৱতাক   তুষ্ট  কৰাৰ   প্ৰাচীন,  দেওলগা   নৃত্যৰ  ছন্দৰে   সহস্ৰপদী  হৈ  উঠে । শিৰা   আৰু  নাড়ীবোৰ  পাক খাই  আহে ।  পাহাৰী  নদীখনৰ   পৰা  উঠি  অহা   কুঁৱলীৰ কুণ্ডলীৰ দৰে  শৰীৰটো   জিকাৰ  খাই  উঠে,   আৰু   গাৰ   কাপোৰ   দলিয়াই  মানুহটো   নঙঠা  হৈ  পৰে  ।    নীলপৰ্বতত  বনজুই    হৈ  বিয়পি  পৰে   দেৱীৰ  আৱাহনীৰ  মাতৰ   খবৰ।   গোট খোৱা  ভক্তসৱে  নঙঠা  দেহা  ৰক্তৰঙী  বস্ত্ৰেৰে  আবৃত  কৰি  সমাহিত  কৰে  তাক ।  

সহস্ৰপদী  নৃত্যৰে  ঢপলিয়াই  আহি   শক্তিপীঠৰ  শিলুৱা চোতালত ঢলি  পৰে  সি । ম'হবলিৰ  শালত  কঠিন  পৰীক্ষাৰ  ঢাপ পাৰ  হৈ  যায়  ।   বলিশালৰ সোঁমাজত    উপবিষ্ট   কুমাৰী  কন্যাৰ  দুহাতৰ  মুঠিৰ   গোপন  সম্পদৰ  অলীক  সম্ভেদ দিয়ে।  পূৰ্বে   সম্ভেদ  নোপোৱা   কুবেৰৰ  ভঁৰাললৈ  প্ৰক্ষেপ  কৰোঁতে  নিজৰ   হাথিয়াৰ   সঠিকভাৱে   চিনাক্ত   কৰে ।  

সপোন আৰু দিঠকৰ মায়াজালত  নৈৰ  সোঁতাল  বুকুৰে সাঁতৰি  গৈ  উদ্ধাৰ কৰা খড়গৰ  সৈতে  অবিকল যি  হাথিয়াৰ!

এটি   এটিকৈ   ঘটে   অলৌকিক  ঘটনা ।  ভক্তগণে  যেতিয়া  খোৰোঙৰ   জুপুৰিটিৰ  কাষত   ক্ষুদ্ৰ  মন্দিৰটি  স্থাপনা  কৰাৰ  মানস   কৰে, তেতিয়া   সেই  স্থানত  আভিৰ্ভাৱ   ঘটে   গোঁসানীৰ  ৰক্তৰঙা  শিলৰ  জিহ্বাৰ।  ভক্তগণ  উবুৰি খাই   পৰে।   এন্ধাৰৰ  ৰঙা  ফুল   হৈ  উঠা  ভাঙৰ  খোলাৰ  গন্ধময় ধোঁৱাৰ মাজেৰে  বিচিত্ৰ  ৰেখা হৈ  ৰাতিৰ  বুকুলৈ বিয়পি  আহে   শৱদাহৰ  ভস্ম শৰীৰত   সানি,  মৃতকৰ  পঁচা  মঙহৰ   ভক্ষণ কৰি  মোক্ষ  লাভ ক ৰা  শ্মশানকালীৰ   মন্দিৰৰ  উপাসকৰ  অট্টহাস্য।

দেওধা !   ভক্ত  শ্যামকানু   শ্যামৰায  দেওধা  হৈ   উঠে  ।  ভৱশৰীৰ  হৈ  উঠে   দেৱতাই   বাস   কৰা  শৰীৰ ।  কাহিনী  বতাহ  হয়।   কাহিনী বিয়পি  যায় । এখনি  মুখৰপৰা  দহখন,  দহৰপৰা শত,  শতৰপৰা  সহস্ৰ ।  শ্যমৰায়  দেওধা  কিংবদন্তি  হয়।   মৰ  আঁউসীৰ   শ্মশানপূজাত   অঘোৰপন্থী  সমাজে   বলিৰ  তেজ   নৰমুণ্ডত ঢালি  লওঁতে    গগণ   ভেদি  যি  বিশালকায়   ডম্বৰু  বাজি  উঠে,  সেই   ডুগ্  ডুগ্   শব্দ দেওধাই চেতনত   তুলি  লয় ।   শক্তিপীঠৰ   শিলুৱা  চোতালৰ   সহস্ৰ  ঢোল- বৰতাল- কালি   আৰু   উৰুলৰি   ধ্বনি চেতনত তুলি  লয়।  বলিশালৰ  উটি   অহা তেজে   ধুৱাই  নিয়ে   সহস্ৰপদী দেওধাৰ  চৰণ।   অনন্ত   পিপাসাত  শ্যামৰায়  দেওধাৰ  জিহ্বাখনি  লক্ লকাই    উঠে।    বলিশালত পঠাৰ   ছিঙি  পৰা মূৰ  শূন্যলৈ  তুলি,  ডিঙিৰে  নিগৰি  অহা  তেজৰ  নিজৰাটি  পাণ  ক ৰিবলৈ   লক্ লকাই  উঠে  শ্যামৰায় দেওধাৰ  জিহ্বা।   বলিৰ  কুমলীয়া  মঙহ ভোগ  কৰিবলৈ  লক্ লকাই  উঠে  শ্যামৰায় দেওধাৰ জিহ্বা । 

দেওধা সংসাৰী হয়।    মাটিৰ   প্ৰতিমা যেন  তেজ  আৰু  মঙহৰ  এটি   শৰীৰ  আহে  দেওধাৰ  কাষলে।    ভাঙৰ  খোলাৰ  গন্ধময়  ধোঁৱাৰ  কুণ্ডলীৰপৰা  ওলাই  আহি ,  দেৱতাই   বাস  কৰা  শৰীৰটি   খহাই ,   তেজ  আৰু   মঙহৰ   সুবাসিত,   মায়াসনা   পথে   প্ৰৱেশ   কৰে  দেওধাই ।  পথটিয়ে   দেওধাক   বান্ধি   ৰাখিব  খোজে  ।  নিবিড়   হৈ   আহে   নিশা  ।    নিবিড়  নিশাৰ  এন্ধাৰ   ঘন কৰি   আঁতৰি   যায় জোঁৰ  হৈ  জলা  গোঁসানীৰ   বাঘৰ    চকু।  আঁতৰি যায়   দেওধাৰ  খোৰোঙৰ  চৌপাশৰ   বাঘ  ফুৰা  বাঘ ফুৰা  গোন্ধ । 

এটি  কন্যা  আহি দেওধাক পূৰ্ণ  কৰে ।  আৰু  এদিন  শেঁতা পৰা  মানুহজনী  ৰজস্বলা  তেজৰ ডোং  এটিত    চট - ফটাই  চট-ফটাই   নিথৰ  হৈ   পৰে।  দেওধাৰ  কবিৰাজী   বিধান  অসাৰ  কৰি  দেৱীৰ  বস্তু   লৈ যায়  দেৱীয়ে ।    মন্দিৰৰ  এচুকৰ  সৌ  দেওধাৰ  খোলাৰ   নৰমুণ্ড,  মৃতকৰ হাড়,    বিচিত্ৰ   জীৱৰ  নখ,  দন্ত , যৌনকেশ,  নাভিমূল,   প্ৰস্ৰাৱ   আৰু  শগুণ  পখীৰ   বিষ্ঠাৰ  মিশ্ৰণৰ   অলীক  বিধানৰ   মাজত    বাঢ়ি  আহে  দেওধাৰ  কন্যা ।   সংগমৰত  নাৰী-পুৰুষৰ  দৰে  পৰি থকা   লট্ পটী-চট্ পটী   বিৰিখৰ   শিপাবোৰৰ  নিশা  নিশা  জীৱন্ত  হৈ   উঠাৰ পথেৰে       তেলে- সেন্দূৰে  ৰাঙলী   হৈ    পিতৃয়ে   নামি  যোৱাৰ  অস্ফুট   নাদ  আৰু  ফুচ-ফুচনিৰ  মাজত  বাঢ়ি  আহে  তাই।   বাঢ়ি   আহে    পিতৃৰ  পুৰাকথাৰ  বাটটি  খেপিয়াই,   বলিৰ তেজ  আৰু   ডিঙি সৰি পৰা  কুমলীয়া  পঠাৰ  মাংসৰ  সোৱাদত  উচপ খাই,  উচপ খাই।

সকলো  বিচৰণ   শেষ  হ'লে  কেনিও   খোল  নোখোৱা  এখনি  কপাটৰ  মুখেৰে  দেওধা  যেতিয়া   খোৰোংটোলৈ   উভতি   আহে , তেতিয়া  দেৱতাই  বাস  কৰা   ৰাঙলী  শৰীৰত এজন  পিতৃ  নিৰলে  সাৰ   পাই   উঠে ।   সজাৰ   লঠঙা   হাবিত  পানী  পিয়া পখী  হৈ  মাতৃহাৰা   কন্যাটিয়ে   বিননি তোলে ।    চকু   দুটিত   তাইৰ    গজি  উঠা   দুখন নৈ  শুকাই   তৰাং  বালি   হ'ব   খোজে।   তিৰ- বিৰ  দুটি  নিয়ৰকণা  চকুৰপৰা   সৰি   পৰিব   খোজে ।  থাকি  থাকি    শৰীৰটি পাহাৰী নদীৰ  পৰা উঠি অহা কুঁৱলীৰ  কুণ্ডলীৰ  দৰে  পাক  খাই, জিকাৰ  খাই   উঠিব  খোজে।  ভাঙৰ  খোলাৰ  গন্ধময়  ধোঁৱাৰ কুণ্ডলীত   দেওধা জলকা লগাৰ  দৰে তায়ো খোৰোংটিৰ  নিভৃতত  জলকা  লাগে  অকলশৰে। 

চমকি উঠে   দেওধা ।  চকু  দুটি   চ'তৰ   শুকান   মাটিয়ে   শুহি  লোৱা  এজাক   ব'ৰষুণৰ   দুটি  ধাৰ  হৈ   উঠে ।  ভাঙৰ  নিচাই   শুহি   নিয়া  দেহৰ  দোৰোল  খোৱা  জিহ্বা  লৰ-চৰ   কৰি   দেওধাই   জীয়েকক   কথা   এটি  কব  খোজে।  কব   খোজা  কথাটি   ওলাই  নাহে ।   ওলাই  নহা  কথাটি   অজাতি  কাউৰী  হৈ   শ্যমৰায়  দেওধাৰ  কামিহাড়ত  পৰি  ৰমলিয়াই   উঠে!

ৰমলিয়াই  উঠে  শ্যামৰায়  দেওধাৰ  কামিহাড়ত  পৰি।

ব'ৰষুণ  ঘন  হ'লে    বাৰিষাৰ  দেৱধ্বনি   উচৱৰ  পীঠলৈ   নামি  আহে   ঢুলীয়াৰ  দল।   শীৰ্ণ   বুকু  আৰু   ৰ'দে পোৰা  কামিহাড়    উজলাই   সহস্ৰ  ঢোল- বৰতাল - কালিবাদনৰ   সমস্বৰ,   আকাশ   কঁপোৱা   ছন্দেৰে   দলটিয়ে   উপবাসৰ   বিধানত   থকা  দেওধাক    জাগ্ৰত  ক ৰে  ।   জাকি  মাৰি   উঠে   দেওধা।   কাল-নিৰন্তৰৰ   লেহুকা আৰু   বীজল মোটটিৰ  ভিতৰেৰে  সহস্ৰপদী   দেওধা  বগুৱা  বাই   আহে।   উপবাসে  শুধি  কৰা   দেহাটি   ৰক্ত বস্ত্ৰ,   ঘিউ   আৰু  তেল- সেন্দূৰেৰে  সজ্জিত   কৰে ।   ভক্তই   সজাই  দিয়া   ৰক্ত জবা,  নীলপদ্ম,   গেন্ধাই ফুলৰ   দীঘল  মালা  ডিঙিত  আঁৰি   লয়।  শিৰত  ধাৰণ কৰে   জলি  থকা  এগছি চাকি।  সহস্ৰ  ঢোল , বৰতাল   আৰু   কালিবাদনৰ  আবাহনীৰে  শক্তিপীঠৰ  শিলুৱা  চোতাললৈ   তেলে- সেন্দূৰে  ৰঙা-  ৰাঙলী হৈ   নৃত্যৰত  দেওধা  নামি   আহে ।  সহস্ৰপদী  হৈ   উঠে  দেৱতাই   বাস  কৰা শৰীৰ।    পাৰভঙা  ভক্তৰ   সন্মোহিত  অৱস্থান,  আয়তীৰ  জাত জাত  উৰুলি ধ্বনি,   দলিয়াই  দিয়া  উচৰ্গাৰ  পঠা আৰু  যুৰীয়া  পাৰৰ  ডিঙি  মুচৰি,  শক্তিপীঠৰ   ভঁৰালৰ   খড়গ  দুহাতত  তুলি লৈ   অলীক  হৈ   উঠে   শ্যামৰায়  দেওধা।   

সকলো   বিৱৰণী  পাহৰি  যায়   শ্যামৰায়  দেওধাই।  খোৰোঙত   এৰি   অহা  পানী পিয়া পখীটিয়ে   সজাৰ  লঠঙা   হাবিত   বিনাই  উঠাৰ কথা  পাহৰি যায় ।  

 দেৱীৰ  অচলা  মানৱীৰূপ  কুমাৰীকন্যা  এটিক  সেৱাটি   জনাই,    বলিকটা  সমাজে  ধাৰ  দি   আগবঢ়াই   দিয়া   খড়গৰ   ওপৰত    দুভৰি  থৈ  শ্যামৰায়   দেওধাই   শূন্যত    দেৱনৃত্য  প্ৰদৰ্শন  ক ৰি  কৰি  নিজেই  দেৱতা  হৈ    উঠে।   দূৰ্গাষ্টমীৰ  খড়গপূজাত  বলি  কটা  খড়গত  বাস  কৰিবলৈ   নামি  আহে  সৰগৰ দেৱতা।  সেই    নিশাৰ   ত্ৰিশুলীনি  পূজাত  দেৱতাই   বিৰাজ   কৰা   ধাৰাল  খড়গ  দুহাতেৰে   দাঙি,  চকুত  কাপোৰ   বান্ধি   তাহানিৰ   নৰবলিৰ  সোৱঁৰণিৰ   পৰম্পৰাৰে   আটাৰে   সজা  পূৰ্ণাবয়ৱ,  সুঠাম দেহৰ  প্ৰতীকি   নৰ-মূৰ্তিত    বলিকটাই  ঘাপ  দিয়ে ।  ঘাপ দিয়ে ।   বলিশালত   চিটিকি  পৰে   প্ৰতীকি   নৰমুণ্ড।   খড়গৰ  কঠিন  নাল  মুঠি    মাৰি   ধৰি   উঠে   আৰু   নামে     পাহোৱাল   বলিকটাৰ   হাত ।  উঠে   আৰু  নামে।  অৱশ  হৈ  আহিব  খোজে  বলিকটাৰ   দেহ।   ঘৃত- চাকি,  ধূপ-ধুনা   আৰু   বলি যোৱা পশুৰ  কেঁচা তেজৰ   গোন্ধত   আচন্দ্ৰাই   কৰিব  খোজে   মূৰ।   সৰি  পৰে।  সৰি পৰে  শত - সহস্ৰ  মূৰ   উচৰ্গাৰ   বলিৰ।  ডিঙি  ছিগি  সৰি পৰা দেহা  ধৰ-ফৰাই  ধৰ- ফৰাই  নিথৰ হয়।  বলিৰ তেজৰ  তিলক কপালত  আঁকি  ভক্তসৱে চিৎকাৰ  কৰি   উঠে।

জয় মাতা !শক্তিদায়িনী  মাতা !!
শক্তি দে ! শক্তি দে!!

সকলো  অঘটন  পাহৰি   যায়  দেওধাই।  পাহৰি  যায়   চ'তৰ নাড়ী  ছিঙা  ব'ৰষুণজাকৰ   আগে আগে  ভোগৰ  বাসনাই  অতৃপ্ত  কৰাৰ  শৰীৰ  তৃপ্ত  কৰিবলৈ নিশাৰ  এন্ধাৰ ভেদি  ওলাই  অহা  সন্তানৰ  কামনাৰে  বিহ্বল,   বিবাহিত  লালনাটিৰ  কথা। বাঘ  ফুৰা  বাঘ ফুৰাৰ গোন্ধটি  মেৰিয়াই   লৈ   নীলপৰ্বতৰ  নিশাবোৰ  তাইৰ  বিচৰণৰ  ছন্দত  জাগি উঠাৰ কথা পাহৰি যায় দেওধাই।  খোৰোঙৰ  নিভৃতত   সন্তানৰ   কামনাৰে  বিহ্বল,  স্বামীগৃহৰ  ককৰ্থনাৰে  জৰ্জৰিত  সেই   নাৰীৰ যোনীপথে   কিংবদন্তি  হৈ  উঠা  তেল-সেন্দূৰ -ঘৃতৰে  ৰাঙলী  শৰীৰটি  লৈ   নামি যোৱাৰ   কথা  পাহৰি যায়  শ্যমৰায় দেওধাই।

সহস্ৰ ঢোল -  বৰতাল -কালীবাদনৰ  সমস্বৰ  ধ্বনিত   ঘিঁউ-  তেল- সেন্দূৰেৰে   ৰাঙলী  শৰীৰ  হৈ   শক্তিপীঠৰ   শিলুৱা  চোতাললৈ নামি  অহা  নৃত্যৰত  দেওধাই  পাহৰি যায়।  

দূৰ্গাষ্টমীৰ   মায়াপী  খড়গৰ  ধাৰটিত দেৱধ্বনি  উছৱৰ   পীঠত   ঠিয়দঙা  দি,   শূন্যতেই  আলৌকিক  নৃত্য কৰে   শ্যামৰায়  দেওধাই ।   ধূপ- ধুনা, তেল- বন্তিৰ   ধোঁৱাৰ  আৱেশত    শুকাই   আহে  ডিঙি  ।  ভক্তই  উচৰ্গা কৰা   পাৰৰ  ডিঙি   ছিঙি  পাণ  কৰে  নামি  অহা  ৰক্তৰ  নিজৰা। তেল - সেন্দূৰ -  ঘৃত আৰু   ৰক্তজবাৰ   মালাৰ  ধাৰেৰে   মিহলি  হৈ   নামি  আহে  পাণ  কৰা   বলিৰ  চেঁ চা নপৰা  তেজৰ  টোপাল ।  মুখেৰে  প্ৰকট   হয়  দৈৱ বচন।

দেৱতা ! দেৱতা হৈ  উঠে  দেওধা।  কুকুৰাৰ  জঁৰ  দৰে   বিজুলীৰ  সৰ্পিল  চমক হৈ   উজলি  উঠে।   কঁপি উঠে  সন্মোহিত  ভক্তগণ  --  মনৰ  সংযোগ হেৰালে  পৰিব নেকি  সৰি   দেওধা  খড়গৰ   ধাৰেৰে,  আহিব নেকি  নামি  অপায়  মৰক  নীলপৰ্বতৰ  বুকুলে।

পাহৰি যায়  দেওধাই  সেই  নিশা   লট্ পটী-চট্ পটী  লতাবোৰ  জীৱন্ত   হৈ   উঠাৰ  সময়তে  দুৱাৰমুখ আহি  পোৱা  ললনাটিৰ  স্বামীৰ  কথা ।  পাহৰি  যায়   মানুহটোৰ  চকুযুৰি  গোঁসানীৰ  বাঘৰ   চকু  হৈ  উঠাৰ   কথা, তাৰ   মঙহাল  শৰীৰটো  বাঘৰ  শৰীৰৰ দৰে  লৰ-চৰ  কৰাৰ কথা,   গাৰ  পৰা ওলাই  অহা    বাঘ  ফুৰা  বাঘ ফুৰা  গোন্ধটোৰ কথা ।  নিশাৰ চিঞৰ - বাখৰত  বিচনাৰপৰা  নামি   আহি  কঁপি কঁপি ঠিয়  দঙা  দিয়া  মাতৃহাৰা  কন্যাই   বস্ত্ৰহীন   পিতৃক  দেখি  কোব খোৱা সাপ  হৈ  উঠাৰ  কথাও  পাহৰি  যায়  দেওধাই ।

বলিশালত  সৰি পৰা জীৱৰ  ডিঙিৰে  নামি অহা তেজৰ স্ৰোতত ৰঙা-ৰাঙলী হৈ উঠা  দেওধাই   দৈৱ বচন শুনি   থৰ থৰকৈ  কঁপি উঠা  ভক্তৰ  সন্মুখত  লৈ  সকলো অঘটন  পাহৰি যায় ।     সহস্ৰ  বলিৰ  মৃত্যুমুখী   আৰাও  ঢোল - বৰতাল - কালী আৰু  আয়তীৰ   উৰুলি  সতে   তেজৰ   এখনি  নৈ হৈ   নীলপৰ্বতৰ   ভূমিত   সুপ্ত  হৈ  পৰে  --   সুপ্ত  হৈ  পৰে --  আৰু  ভূমিৰ  তলত  গোপন,  গাৰ  নোম  সিয়ৰি  উঠা  কথনবোৰ  সাৰ  পাই,  শ্যামৰায় দেওধাৰ  গালৈকে  পাখি  মেলি  আহে ।   পাখি মেলি  আহে  পাখি   গজা  জাক   জাক    উঁইপোকৰ  দৰে।  কটা  যোৱা  মূৰবোৰে  পাখি  পিন্ধি  আহে  ।  পাখি  পিন্ধা  মূৰবোৰে  ভাঙৰ  খোলাৰ গন্ধময়   ধোঁৱাৰ  কুণ্ডলী  হৈ   দেওধাক  হেঁচা মাৰি ধৰে।

পাহৰি  যায়  দেওধাই    খোৰোঙত   এৰি  অহা   পানী পিয়া  পখীটিৰ কথা  ---  অপমান   সহিব   নোৱাৰি আপোনঘাতী হোৱা সন্তানৰ  বাবে বিহ্বল সেই   বিবাহিত   ললনাৰ কথা ---  নিশাৰ  এন্ধাৰত   চকুবোৰ  গোঁসানীৰ  বাঘৰ  চকু হৈ  উঠা   তাইৰ  মানুহটোৰ কথা।  মানুহটোৰ   গাৰপৰা ওলোৱা বাঘ  ফুৰা  বাঘ   ফুৰা গোন্ধটোৰ কথা  পাহৰি  যায়  দেওধাই।  শক্তিপীঠৰ    পূজাৰীয়ে  মন্ত্ৰোচ্ছাৰণেৰে   চটিয়াই   দিয়া  পবিত্ৰ   জলধিয়ে   শাঁত   পেলায় দেৱতাই   বাস  কৰা  নৃত্যৰত  দেওধাৰ   শৰীৰ।

উচৱৰ শেষত  যেতিয়া  শ্যামৰায় দেওধা  খোৰোঙলৈ  উভতি আহে,   তেতিয়া  খোৰোঙত   যোৰ  পতা   সাপহালৰ  কণি   ফুঁটি  ওলোৱা  পোৱালিবোৰে   এধানি  এধানি  জিহ্বাবোৰ  লক -  লকাই   দেওধাৰ   গাতেই   বগাই  ফুৰে । ঘিউ  আৰু তেল- সেন্দূৰেৰে   ৰাঙলী  হৈ   ধূপ-  ধূনাৰ  গোন্ধ তেতিয়াও  মাৰ নোযোৱা  শৰীৰটোত   বগাই   ফুৰা  সাপৰ  পোৱালিবোৰৰ সতে   ‘‘জয়  মাতা,  জয়  মাতা”  বুলি   খোৰোংটি   কঁপাই ,   আৰ্তনাদ   কৰি   দেওধা  আকৌ  এবাৰ  অলীক হৈ  উঠে  । 

শ্যামৰায় দেওধাই  বাট  চায় ! শ্যামৰায় দেওধাই  বাট চায় !

শৰীৰত   বগাই  ফুৰা  সাপৰ পোৱালিবোৰৰ সতে  তাৰ ৰাঙলী শৰীৰটোৱে যেতিয়া  ‘‘জয়  মাতা,  জয়  মাতা”  বুলি   আৰ্ত নাদ কৰি  উঠিব, তেতিয়া  মন্দিৰলৈ  ভক্তগণ  চাপি- কুচি আহিব।  উপাসনা  আৰু   বিধানৰ  বিচিত্ৰ   ৰাগীৰে   আকৌ  এবাৰ  ঐশ্বৰিক হৈ  উঠিব  দেওধাৰ  শৰীৰ।   পিতৃক  চাবলৈ ওলাই   অহা   মাতৃহাৰা  জীয়ৰীটিয়ে  এই   দু্যতি  সহিব  নোৱাৰি    যেতিয়া  কাষৰ  কোঠাটোৰ  নিভৃতত  এন্ধাৰত এছাৰ  খাই   পৰিবগৈ, তেতিয়া  বুজাব  নোৱাৰা    বেদনাৰে   শ্যামৰায় দেওধাৰ  চকুৰ  কোণ  দুটি সেমেকি উ×ঠি ব ।  এমাহ  ধৰি  উপবাসে   আৰু   মানৱী  শৰীৰ   স্পৰ্শ  নকৰাকৈ  দেৱতালৈ  সমৰ্পিত   কৰা  শৰীৰটি  সলাই  মাতৃহাৰা  কন্যাটিৰ   মূৰত চেনেহৰ  হাতখনি   বুলাই  দিবলৈ  হাহাকাৰ কৰি উঠিব  শ্যামৰায় দেওধাৰ  বুকু।   

দেৱীৰ   সমাহিত, অচলা  মানৱীৰূপ   কুমাৰী  কন্যাক   পূজাৰ  কৰাৰ   মাজেৰে   দেৱীক তুষ্ট কৰি,   দেৱতাৰ শৰীৰ  সলাই    নিজৰ  শৰীৰলৈ  উভতি  আহিবলৈ   নিজকে  সাজু  কৰিব  দেওধাই।    নীলপৰ্বতৰ চোপত  বাস  কৰা  সমাজখনৰ  কুমাৰী  কন্যাসকলৈ ভোগ-নৈবেদ্য  আগবঢ়াই  দিয়া এই  পূজাভাগতো  সৰি  পৰিব  ভক্তই   উচৰ্গা  কৰা বলিৰ  মূৰ।   
     
শ্যামৰায় দেওধাই  বাট  চায় ! শ্যামৰায় দেওধাই  বাট চায় !  খোৰোঙত  অকলে  এৰি থৈ  দেৱধ্বনি উচৱলৈ   বাট  লোৱা  দেওধাাই   কন্যাটি  ওলাই  অহালৈ  আকূল হৈ   বাট  চায়।   

অধীৰ  হৈ  উঠে দেওধা।  ভক্তক  বিদায়  দি  দেওধাই   নিভৃতলৈ  চাই  পঠিয়াই।  ভিতৰৰ এন্ধাৰত   চট-ফটাই  নিথৰ হোৱা  বলিৰ  পঠাৰ দৰে তেজৰ ডোঙত  পৰি  থকা  পানী  পিয়া  পখীটিক  দেখি  হাহাকাৰ কৰি উঠে  দেওধা ।

বাঘ ফুৰা  বাঘ ফুৰা গোন্ধ এটি  বিয়পি  পৰে।   বাঘৰ  মঙহাল  শৰীৰ লৰ-চৰ কৰে।   বলিৰ তেজত ঠোঁট পখালি  অহা  কাউৰীজাকে দেওধাৰ  কামিহাড়ত দেওপাৰি,  ৰমলিয়াই   উঠে। ৰমলিয়াই,  দেওপাৰি  উঠে  দেওধাৰ কামিহাড়ত  ।  

শিলৰ খোৰোংটিয়ে হেঁচা মাৰি ধৰে  দেওধাৰ  বুকু।     চকুলো  শুকাই   যায়।  সন্মুখৰ   বলিৰ  পঠাটিলৈ  চাই  কিবা  এটি  কব খোজে ।   কব   খোজা  কথাটি  ওলাই   নাহে।   পাহৰি  যায়   দেওধাই।  পাহৰি  যায়   দেৱীৰ   সমাহিত, অচলা  মানৱীৰূপ   কুমাৰী  কন্যাক   পূজাৰ  কৰাৰ   মাজেৰে   দেৱীক তুষ্ট কৰি,   দেৱতাৰ শৰীৰ  সলাই  নিজৰ  শৰীৰলৈ  উভতি  অহাৰ পথ। 

পাহাৰী  নদীৰপৰা  উঠি  অহা  কুঁৱলীৰ  প্ৰাচীন  কুণ্ডলীবোৰে অবাক সোঁৱৰণী  হৈ  দেওধাক মেৰিয়াই  ধৰে,  মেৰিয়াই ধৰে। 

 নীল  পৰ্বতৰ  বুকুত  শ্যামৰায় দেওধা হেৰাই যায়।
        
--------

চ'তৰ নাড়ী ছিঙা   ব'ৰষুণজাকে  চুই   গ'লে  নীলপৰ্বতৰ   নামনিত  বাস   কৰা   মহানগৰীখনিও   সিৰিক্  কৰি  উঠে।  ভৰ  বাৰিষাৰ  দেৱধ্বনি উচৱৰ   সহস্ৰ  ঢোল- বৰতাল- কালিৰ সুৰধ্বনি   আৰু দেওধাৰ  পদযুগলৰ  সন্মোহিত  ছন্দলৈ   সাজু কৰি তোলে  মহানগৰবাসীয়ে  নিজকে।  

উচৱৰ চোতালত  তেল- সেন্দূৰ - ঘৃতৰ লেপনেৰে  দেওধাৰ    ৰাঙলী   শৰীৰ  আবাহনী  নৃত্যৰে   জাকি  মাৰি  উঠে।  সহস্ৰ  বলিৰ  মৃত্যুমুখী   আৰাও  সহস্ৰ   ঢোল - বৰতাল - কালী আৰু  আয়তীৰ   উৰুলি  সতে   তেজৰ   এখনি  নৈ   হৈ   সুপ্ত  হৈ  পৰে --   সুপ্ত  হৈ  পৰে।  নীলপৰ্বতৰ  বুকুৰে  তেজৰ  এই  নৈ  ঘন  ব'ৰষুণৰ সতে   মহানগৰীৰ  বুকুলৈ  নামি   আহে।  উচৱ শেষ  হয়।  শক্তিপীঠৰ    পূজাৰীয়ে  মন্ত্ৰো২৬াৰণেৰে    চটিয়াই   দিয়া  পবিত্ৰ   জলধিয়ে  শাঁত   পেলায় দেৱতাই   বাস  কৰা  দেওধাৰ   শৰীৰ।    নিৰ্মল   এছাটি   বতাহ  বলে  আৰু  পৰিস্কাৰ  আকাশৰ  তলত  চিকুণ  দুপৰীয়া  এটিয়ে  কমাবলৈ   ধৰে । 

অকস্মাত,  এটি  মৰণকাতৰ  আৰ্তনাদত   কমাই  থকা   দুপৰীয়াটো  ভাঙি   টুকুৰা - টুকুৰ  হৈ  পৰে ।  আৰ্তনাদটি   ভঙা   আয়নাৰ  দৰে  ঠান- বান  হৈ  পৰা  দুপৰীয়াটোত   এছাৰ   খাই  পৰে।   নীলপৰ্বতৰ   দেৱীগৃহৰ   বলিশালত  ডিঙি  সৰি    পৰা  পঠা  এটিয়ে  বেবাই  উঠাৰ দৰে,  আটি  আটি  ঠেং  বান্ধি  খড়গৰ   তলত  পেলাই   লোৱা  বলিৰ   ম'হটিয়ে  হোকাৰি উঠাৰদৰে  শূন্যত  এছাৰ  খাই  পৰে  এই   নাদ । 

এখনি  বলিশাল  শূন্যলৈ  ওপঙি  দেও  পাৰি   উঠে! সহস্ৰ ঢোল-  বৰতাল - কালিৰ  সুৰধ্বনি  শূন্যত   এছাৰ  খাই   পৰে।


দেৱধ্বনি উচৱৰ  টল-মল ক্ষণত  নীলপৰ্বতৰ   এচুকৰ  শিলৰ  খোৰোঙত  বলিৰ  পঠাৰ   দৰে  পৰি ৰয়  দেওধাৰ   কন্যা।  চকুৰ  সমুখত তাইৰ  সেই  নিশা  বস্ত্ৰহীন  পিতৃৰ   সন্মুখত  গোঁসানীৰ  বাঘৰ  চকু  হৈ   জলা  মানুহটি দেখা     পায়।   অসময়ত  লট্ পটী- চট্ পটী  বিৰিখৰ শিপাবোৰ  কেৰ-মেৰ কৰি  উঠে।   উচৱৰ মজিয়াত   ভক্তই  উচৰ্গা  পাৰৰ  ডিঙি   ছিঙি  নামি  অহা  ৰক্তৰ  নিজৰা  পাণ  কৰা  শ্যমৰায়  দেওধাৰ  মূৰ্তিটি  তাইৰ  চকুৰ   আগেৰে  অগা-দেৱা  কৰে।  মূৰ্তিটিলৈ চাই   তাই  কিবা  এটি  কব  খোজে।  কব  খোজা  কথাটি  তাইৰ  ওলাই  নাহে।  হাত দুখনি মেলি   খেপিয়াই  শূন্যতে  কিবা এটি   ধৰিব  খোজে  তাই। দেওধাৰ   কবিৰাজী   শালৰপৰা  উঠি   আহি    লট্ পটী-চট্ পটী বিৰিখৰ  শিপাবোৰে  তাইক   মেৰিয়াই   ধৰে  ।  খোৰোঙত  লৰ-চৰ কৰে  বাঘৰ  মঙহাল শৰীৰ। মেৰিয়াই  ধৰে   বাঘ  ফুৰা বাঘ   ফুৰা  গোন্ধটোৱে ।  ভৰ দুপৰতে  জোঁৰ হৈ  জলি উঠে  বাঘৰ  চকু।  চোকা  হৈ  আহে  তাৰ  নখ  আৰু  দাঁত।

দেওধাৰ কন্যাই   দুচকু  মুদি  দিয়ে ।

এটি  নক্ষত্ৰ  মৰি  আহে।  ব'ৰষুণে   চুই   যোৱা   মাটিৰ  দৰে  কোমল,  শ্যামৰায়  দেওধাৰ  কুমাৰী  কন্যাৰ  আলসুৱা  যোনিপথত  এটি   নক্ষত্ৰ  মৰি আহে।    

ৰমলিয়াই  উঠা  কাউৰীজাকৰ  ঠোঁট  ৰাঙলী  কৰি  বলিশালৰ  তেজ   আৰু  শ্যামৰায়  দেওধাৰ   কুমাৰী কন্যাৰ   যোনিপথৰ  তেজ  একাকাৰ  হৈ   কমাই   থকা   দুপৰীয়াটোৰ   বুকুৰে   মহানগৰত  বাস  কৰা  প্ৰজাসৱৰ চেতনলৈ  নামি  আহে,   নামি  আহে  ।  

 মৃতকৰ   শোভাযাত্ৰাৰ  এটা  দীঘল  বাটে  মোৰ  লয় ।

 ----------



ৰত্না ভৰালী তালুকদাৰ
৩৮, এম আহমেদ ৰ'ড
ৰিহাবাৰী, গুৱাহাটী - ৭৮১০০৮


No comments:

Post a Comment