Wednesday, 17 September 2025

 

 শিখা গগৈৰ উপন্যাস ‘যুগান্তৰ’- এক বিশেষ সামাজিক সংকটৰ দলিল  




যেতিয়া কোনো এক  লাভজনক চৰকাৰী উদ্যোগখণ্ড যিকোনো পাকচক্ৰত বন্ধ হৈ যায়, অথবা ষড়যন্ত্ৰ কৰি বন্ধ হৈ যাবলৈ দিয়া হয়-তেতিয়া সেই উদ্যোগখণ্ডত কাম কৰা মানুহবোৰৰ কি হয়? কি হয় তেওঁলোকৰ জীৱনৰ, সপোনবোৰৰ? আধাতে চাকৰি এৰি দিবলগীয়া হোৱা সেই পৰিয়ালবোৰৰ!

যিকোনো কাৰণতেই নহওক কিয়- কেইটামান বছৰৰ আগতে যেতিয়া জাগীৰ’ডৰ কাগজকল বন্ধ কৰি দিয়াৰ দৰে পৰিস্থিতি এটাৰ সৃষ্টি কৰি দিয়া হ’ল তেতিয়া তাক কৰ্মৰত হৈ থকা শ শ কৰ্মচাৰী, বিষয়াৰ পৰিয়ালৰ জীৱনলৈ কিদৰে অমানিশা নামি আহিছিল, সেই অভিজ্ঞতা আমাৰ বাবে বৰ বেছি পুৰণা হোৱা নাই।  কি হ’ল তেওঁলোকৰ সতি-সন্ততিবোৰৰ? আমি খবৰ ৰাখিছোঁনে?

কিছুদিনৰ আগতে বিবাহৰ অনুষ্ঠান এটিত বিশ্ববিদ্যালয় এখনৰ শিক্ষক এগৰাকীয়ে লগ পাই সুধিছিল, industrial layoff-ৰ পৰিবেশত অসমত সম্প্ৰতি কোনো উপন্যাস ৰছনা হৈছে নেকি? বিশেষকৈ মহিলাসকলৰ অৱস্থা লৈ? তেখেতে জাগীৰোডৰ কাগজ কল বন্ধ হৈ যোৱাৰ পৰৱৰ্তী সময়ত তাৰ বিষয়া-কৰ্মচাৰীসকলৰ পৰিয়ালৰ অৱস্থাক লৈ উদ্বিগ্ন হৈ আছিল। উত্তৰত কৈছিলোঁ, বিশ্ববিদ্যালয়ৰ প্ৰকল্প এটাৰ মাজেৰেই দেখোন তেনে এক কাম কৰিব পৰা যায়। সাংবাদিক বা লেখক হিচাপে আনি কিছুমান পৰিস্থিতি  দেখা পাওঁ, যিবোৰৰ বিস্তৃত বিদ্যায়তানিক অধ্যয়ন হোৱাটো আমিও বিচাৰোঁ। তেখেতে ক’লে-হয়তো, পৰা যায়। অহাবছৰত, (অৰ্থাৎ এই বছৰতে) তেনে এটা প্ৰকল্পৰ সম্ভাৱনীয়তাৰ বিষয়ে ভাবিব পাৰি বুলিও তেখেতে ক’লে।

হঠাতে সুধি দিলোঁ–এটা collaboration কৰিব পাৰি নেকি? অৰ্থাৎ methodology আৰু field-study কৰি এটা বিদ্যায়তানিক প্ৰকল্প সমাপ্ত কৰা হ’ল আৰু সেই অভিজ্ঞতাৰে এখন উপন্যাসো লিখা হ’ল। পাৰি পাৰি। তেখেত ক’লে-আমি কথা পাতিম ৰ’ব।উত্তৰবোৰ নেতিবাচক হ’ব বুলি জানিও আজিকালি এনেকৈ সুধিয়েই দিওঁ- পাৰি নেকি collaboration কৰিবলৈ। কৰিব নেকি?

বাৰু, গ’ল কথা গুচিল। বহুদিনৰ নীৰৱতা। তাৰপিছত এদিন তেখেতে এটা মেচেজ দিলে। আমাৰ সিদিনাৰ কথা-বতৰাখিনিক লৈ  আনুষ্ঠানিকভাৱে আগবাঢ়িব পাৰি । আমাৰফালৰপৰা বিষয়টো ইতিবাচকেই আছিল।  পিচে, তেখেতৰ সতে হোৱা কথা-বতৰাই তেনে এক প্ৰকল্পৰ সৈতে জড়িত হোৱাৰ আশা নিৰ্বাপিতহে কৰিলে। মূৰ ঘমাই (brain-storming), আলোচনা-পৰ্যালোচনাৰ অন্ততঃ এটা পদ্ধতি(methodology) বাচি উলিওৱাৰ পিছত  যদি ক্ষেত্ৰ অধ্যয়নলৈ যোৱাৰ কোনো অৱকাশেই নাথাকে, বিপৰীতে শিক্ষাৰ্থীৰ দ্বাৰা সংগৃহীত তথ্য-সংগ্ৰহৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয়, তেনেহ’লে আমাৰ দৰে ফিল্ডত কাম কৰিবলৈ ভালপোৱা মানুহৰ তাত কামেইবা কি?  তাতকৈ নিজাববীয়াকৈয়ে সাজু হোৱাই ভাল! কিন্তু এই অভিজ্ঞতাৰ মাজেৰে আমাৰ উচ্চশিক্ষাৰ জগতখনৰ  সৃষ্টিশীল গৱেষণাৰ বিষয়টোৰ কিদৰে হাত-ভৰি বান্ধি পেলোৱা হৈছে, তাক বাৰুকৈয়ে বুজি পালোঁ।

আশী-নব্বৈৰ দশকত এটা স্পান সূতাৰ মিল, এটা পলিয়েষ্টাৰ সূতাৰ মিল, আৰু এটা ৰাষ্ট্ৰীয়কৃত কাগজ কলেৰে খদমদমাই অসমৰ এখন বিশেষ উদ্যোগ নগৰলৈ পৰিণত হোৱা জাগীৰোড নগৰৰ পলিয়েষ্টাৰ সূতাৰ মিলটো সঠিক ব্যৱস্থাপনাৰ অভাৱ আৰু ৰাজনীতিৰ পাকচক্ৰত পৰি কিদৰে বন্ধ হৈ পৰিল আৰু industrial layoff-ৰ ফলত মানুহবোৰে কাম হেৰুওৱাৰ পৰৱৰ্তী সময়ত কি অৱস্থালৈ গতি কৰিলে-‘যুগান্তৰ’ শীৰ্ষক উপন্যাসখনৰ মাজেৰে তাৰ এক সফল নথিকৰণ(documentation)সম্পন্ন কৰি তুলিছে এগৰাকী শিক্ষক আৰু উপন্যাসিক শিখা গগৈয়ে। উপন্যাসখনৰ পঠনে  উক্ত বিবাহ অনুষ্ঠানটিত বিশ্ববিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ সতে হোৱা কথা-বতৰাৰ লগতে পৰৱৰ্তী সময়ত তেখেত অসহায় হৈ পৰাৰ অৱস্থাটোলৈ মনত পেলায়ো দিলে।

১৬৬ পৃষ্ঠাৰ এই  উপন্যাসখন শিখা গগৈয়ে  বান্ধি ৰাখিছে এটা নিটোল কাহিনীৰে। প্ৰথমেই দৃষ্টি আকৰ্ষণ কৰা বিষয়টো হৈছে নিটোল, নিৰাভৰণ কথনশৈলী। বহুতো নাৰী সাহিত্যিকৰ অলংকাৰ নিৰ্ভৰ, আৱেগমথিত কথনশৈলীৰ বিপৰীতে শিখা গগৈৰ সংহত কথনশৈলীয়ে উপন্যাসৰ পঠন ধৰি ৰাখিছে। আজিকালি বহুতো উপন্যাস পঢ়িলে এনে ভাৱ হয় যেন দুশ পৃষ্ঠা্ৰ উপন্যাস এখনকে বজাৰলৈ দৃষ্টি ৰাখি জোৰকৈ চাৰিশমান পৃষ্ঠাৰ কলেৱৰৰ ৰূপ দিয়া হয় আৰু ফলস্বৰূপে অজস্ৰ পুনৰাবৃত্তি, আৱেগমথিত বাগাড়ম্বৰে পঠনৰ সময়ত পাঠকৰ মনোযোগ অহৰহ ব্যাহত কৰি থাকে।ই এক আমনিদায়ক অৱস্থা। 

শিখা গগৈয়ে পাঠকক আভুৱা ভাৰিবলৈ অকণো চেষ্টা কৰা নাই। তেখেতে এখন সুখপাঠ্য উপন্যাস আমাৰ হাতত তুলি দিছে।এনে এটা কাহিনী কবলৈ প্ৰাৰয়োজন হোৱা ৰাজনীতিও তেওঁ আত্মস্থ কৰিছে। অৰ্থাৎ, সাহিত্যিক হিচাপে আপুনি কাৰ পক্ষ লব-এইটো এটা মৌলিক প্ৰশ্ন। এইটো হৈছে তেখেতৰ প্ৰাথমিক কৃতিত্ব। কিয়নো গল্প এটা কবলৈ যিদৰে কাহিনী আৰু কিছু টেকনিক লাগে, এটা সাৰ্থক কাহিনী উপন্যাসৰ মাজেৰে কবলৈ হ’লে কিন্তু সাহিত্যিকজনৰ এটা দৰ্শনো লাগিব। উপন্যাসত স্ৰষ্টাৰ সাহিত্যৰ দৰ্শন প্ৰতিফলিত হ’ব লাগিব- অন্যথা ওলোম-জোলোমত উপন্যাস হেৰাই যাব।

দ্বিতীয়তে আকৰ্ষণ কৰা দিশটো হৈছে ক্ষেত্ৰ অধ্যয়ন। তেখেতে  কাহিনীৰ বাবে যিবোৰ case-study তুলি আনিছে, প্ৰতিটোৱেই যথাৰ্থভাৱে উপন্যাসখনৰ উদ্দ্যেশ্যধৰ্মিতাক সমৃদ্ধ কৰিছে। কাহিনীবোৰ বাস্তৱৰ, সেয়েহে industrial layoff-ৰ পৰৱৰ্তী সময়ৰ দুখৰ পেনপেননিৰ বিপৰীতে ইয়াত মানুহবোৰৰ জীৱন-সংগ্ৰামৰ দিশটোহে বেছিকৈ পৰিস্ফুট হৈছে।তেখেতৰ  পৰ্যবেক্ষণে দেখুৱাইছে যে,  এনে অৱস্থা এটি আহিলে দুই এজনেহে মদৰ পিপাত ডুব দি জীৱন শেষ কৰি দিব, অথবা আত্মহননৰ পথলৈ নিজকে ঠেলি দিব। বেছিভাগেই কিন্তু জীৱন-জীৱিকা, পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা আৰু কাম হেৰুওৱাৰ পিছৰ হৃত মৰ্যদা উদ্ধাৰৰ দুৰ্মদ সংগ্ৰামতহে ব্ৰতী হ’ব। তেওঁলোক পৰাজিত কাহিনীৰ স্ৰষ্টা হবও নিবিচাৰে আৰু একেসময়তে কাৰোবাৰ অনুকম্পা বা সহানুভুতিত জীয়াই থাকিবও নোখোজে- তেওঁলোকে  বিচাৰে এটি মৰ্যদাৰ জীৱন।  তাৰ মাজতেই তেওঁলোকে লিখি থৈ যাব বিচাৰে মানৱ জীৱনৰ সাৰ্থকতা।আচলতে ফিল্ডৰ পৰা তুলি অনা বাস্তৱৰ জীয়া জীয়া অভিজ্ঞতাবোৰৰ প্ৰতি হেঁপাহ ইমান বেছি যে, কেতিয়াবা ঘৰ-বাৰী এৰি থৈ ফিল্ড এখনতেই পৰি থাকিবলৈ মন যায়। সেয়েহে আমাৰ দৰে পাছকে  পঠনত উন্মোচিত কৰিব পাৰে- কোনখিনি কল্পনা, কোনখিনি বাস্তৱৰপৰা আহৰিত।

আৰু এটা কথা, অসমৰ শেহতীয়া উপন্যাস নিৰ্মাণৰ প্ৰচলিত ধাৰা-যেনে ইতিহাস-আশ্ৰয়ী  ঘটনা বা চৰিত্ৰত বাস্তৱৰ ৰূপ দি কল্পনাৰ সহায়েৰে কাহিনী নিৰ্মাণ, অস্ত্ৰ-সংঘাত, গেৰিলা সংগ্ৰামৰ ধাৰা—আদি চৰ্বিত-চৰ্বণ বিষয়বোৰৰপৰা ইচ্ছাকৃতভাৱে ফালৰি কাটি আহি আন একপ্ৰাসংগিক, জীয়া বাস্তৱতাক তেওঁ উপন্যাসৰ কাহিনী কৰি লৈছে। ফলত পঠনত অনুভৱ কৰিব পাৰি এক সতেজতা, অন্য জীৱনৰ সোৱাদ। মূল কাহিনীত সাঙোৰ খাই থকা পৃষ্ঠভূমিৰ গোষ্ঠী-জীৱনৰ অনন্য স্বাদো তেওঁ উপেক্ষা কৰা নাই।

অৱশ্যে এখন সাৰ্থক উপন্যাস হিচাপে কিছু খুঁটি-নাটিৰপৰা ইয়াক মুক্ত বুলি কব নোৱাৰি। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘প্ৰতিপদ’ উপন্যাস সমান বৰ্ণিল উপন্যাস বুলিবও নোৱাৰি।অৱশ্যে ‘যুগান্তৰ’ত  তাৰ পৰিসৰো কম। কিয়নো এই পলিয়েষ্টাৰ সূতাৰ মিলটোত কৰ্মৰত পৰিয়ালৰ সংখ্যাও যিহেতু কম, গতিকে তাৰ অভিজ্ঞতাও কম। কিন্তু এই প্ৰচেষ্টাক উপন্যাসৰ মাজেৰ গুৰুত্বপূৰ্ণ সামাজিক পৰিঘটনা এটাৰ সাৰ্থক এক সামাজিক দলিল বুলি নিশ্চয় কব পাৰি। উদ্যোগখণ্ড এটাত কৰ্মৰত  বিষয়া-কৰ্মচাৰীৰ ঐকান্তিক সহযোগিতাৰ পিছতো চৰকাৰৰ আন্তৰিক প্ৰচেষ্টাৰ অভাৱ, স্থানীয় ৰাজনীতিকৰ ভোটবেংকৰ ৰাজনীতিৰ চক্ৰান্তৰ দৰে বিভিন্ন কাৰকত অসমত বহুবোৰ চৰকাৰী খণ্ডৰ উদ্যোগ বন্ধ হৈ গৈছে। এই উদ্যোগবোৰ বন্ধ হৈ যোৱাৰ পৰিস্থিতিবোৰ, পৰিকল্পিত  কাৰকবোৰ অনুধাৱন কৰাৰ বাবে, একোটা industrial layoff-এ সৃষ্টি কৰা হাহাকাৰ অনুধাৱন কৰাৰ বাবে আৰু বৰ্তমানৰ বহুচৰ্চিত অৰ্থনৈতিক জাতীয়তাবাদৰ কিছু দিশ অনুধাৱন কৰাৰ বাবে এই উপন্যাসখনক যথাৰ্থভাৱে এটা baseline survey বুলি ধৰি লব পাৰি। এইখিনিতে উপন্যাসখনৰ সাৰ্থকতা নিহিত হৈ আছে।

শিখা গগৈলৈ অভিনন্দন। বোধহয়  এইখন তেওঁৰ প্ৰথম উপন্যাস। সংহত কথনশৈলীয়ে তেওঁৰ ভিতৰৰ সফল কথকজনক ইৰ্ষণীয়ভাৱে উন্মোচিত কৰি তুলিছে।পৰৱৰ্তী উপন্যাসতবোৰত ইয়াৰ অধিক প্ৰোজ্জল কৰি তুলিবলৈ তেওঁ কিন্তু আৰু বেছি কষ্ট কৰিব লাগিব। বিশেষকৈ ক্ষেত্ৰলৈ যোৱাৰ পূৰ্বৱৰ্তী সময়ৰ যিধৰণৰ methodologyৰ প্ৰয়োজন, লগতে কম সময়তে অধিক সফল ক্ষেত্ৰ অধ্যয়ন কৰিব পৰাৰ যি কলা-কৌশল সেয়া তেওঁ নিজেই পঢ়ি-শুনি-উদ্ভাৱনী কৌশল খটুৱাই আহৰণ কৰি লব লাগিব। নিষ্ঠা, সততা, জীৱনৰ মিতব্যয়িতা আৰু  সাধনা-এইবোৰৰ বাহিৰে আমাৰ হাতত ভাৰসা কৰিবলৈনো কি আছে!  

 

 

No comments:

Post a Comment