বুলড’জাৰ -এটা নন-ইক’ পয়েট্ৰি আৰু এটা ইক’ পয়েট্ৰি
(এক)
বুলড’জাৰ-এটা নন-ইক’ পয়েট্ৰি
(বুলড’জাৰ— আমেৰিকাৰ ১৮৭৬ চনৰ কুখ্যাত ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ব্লেক-এমেৰিকানসকলক
ভাবুকিৰে নিশ্চুপ কৰি দিবলৈ ব্যৱহাৰ কৰা অবাইচ মাত)
হালধীয়া অক্টোপাচটোৰ অহংকাৰ এয়াই যে-খাকী পোচাকধাৰীয়ে
লাঠি আৰু বন্দুকেৰে তাক সুৰক্ষা দিছে। সেইবাবেই সি সদায়
আদানী, আম্বানীৰ শেষ নোহোৱা প্ৰকল্প
নিৰ্মাণৰ বাবে, নিৰ্মাণৰ দ্বাৰা, নিৰ্মাণৰ হকে
আৰু মানুহৰ বিৰুদ্ধে-সদায় নৃশংস, অমানৱীয়
উচ্ছেদ! উচ্ছেদ! উচ্ছেদ! হালধীয়া অক্টোপাচ
সহজ হাথিয়াৰ। গৰুখুঁটি, ইংলেপথাৰ, চাপৰ, পৰ্বতঝোৰা,
লখিমপুৰ, হাচিলাবিল, ফুহুৰাতলি, ৰাক্ষসিনী পাহাৰ
জনগোষ্ঠী, শূদ্ৰ, অ’বিচি, সংখ্যালঘূ, বান ভগনীয়া
ভূমিহীন মানুহৰ মোলান বিৱৰণী
কেতিয়াবা সি এজন ভূ-স্বামীক উচ্ছেদ কৰা দেখিছে নেকি
অথবা দুৰ্নীতিত পোত যোৱা এটা ৰাজনীতিকক
সেইযে শিলসাঁকো বিললৈকে চোতাল উলিয়াই
অট্টালিকা সজা দানৱটো, উন্মাদ এটা লাওমূৰা দমৰাৰ
দৰে সি এতিয়াও ৰাজপথত লম্ফ-জম্ফ কৰিছে
ধীৰে ধীৰে ৰিণিকি ৰিণিকি দূৰণিত ঢাক খাই গৈছে
মাটিখাঁইতি আইৰ মাটিখোৱা হুতাহ
এটা হালধীয়া অক্টোপাচ, দীঘল শুঁৰৰ দৰে অশনি হাঁতোৰা
সোমাই যায়। খান্দি আনে চকুৰ কোটৰৰ চকুপানীৰ নৈ
দাঁত নাইকিয়া ককাৰ সোলা মুখৰ হাঁহি
মনত আছেনে শিলসাঁকোৰ সেই কণমানি শিশুটি
বিনম্ৰ হৈ খাকী পোচাকধাৰীকযে কৈছিল,
-‘আংকল, বুলডজাৰেৰে এতিয়াই ভাঙি দিব নেকি? অকণমান
ৰবচোন দে’ই, কিতাপখিনি উলিয়াই লওঁ!’
হালধীয়া অক্টোপাচটোৱে চৰকাৰী মাটিৰ
এডৰা সেউজীয়া কঠিয়া মহতিয়াই নিছে
এদল খাকী পোচাকধাৰীয়ে লাঠি আৰু
বন্দুকেৰে
তাক সুৰক্ষা দিছে।
কঠিয়াখিনি তুলি লবলৈ অকণমান সময় বিচৰা গুণগুণ চেতিয়াক
এজনী দেওধনিৰ দৰে লাগিছে, বলিশাললৈ লৈ যোৱা
কুমলীয়া ছাগলীৰ দৰে লাগিছে।
লাগিছেনে!?
(দুই)
বুলড’জাৰ-এটা ইক’ পয়েট্ৰি
সময়ে সময়ে টুৰুং ককাইদেউলৈ মনত পৰে। একবিংশ শতিকাৰ
পঞ্চম বৰ্ষৰ আহাৰমাহটো জুৰি আমি পাটকাই পৰ্বতখন বগাই ফুৰিছিলোঁ।
টুৰুং গোষ্ঠীৰ গাওঁখনৰ মুখিয়াল তেওঁ। তেওঁতে জীৱটো সঁপি
দিছিলোঁ।
কথা দিছিল- পাটকাইৰ হালধীয়া অক্টোপাচবোৰ মোক দেখুৱাব
হালধীয়া অক্টোপাচ !
টিপংপানী আৰু দিহিংপানীত চৰি থকা মাছবোৰ দে’ই গৈছিলোঁ
বৰ্ষাৰণ্যৰ চেঁচুক, কেঁচুমটাৰ সেমেকা,
চামচেলেকুৱাৰ মূত আৰু
লুংলুঙীয়াত সৌৱা গেৰিলাবোৰ কাচিনলৈ গুচি
যোৱাৰ বাট।
ধূসৰ, কুঁৱলীয়ে অৱৰি ধৰা বাট। টুৰুং ককাইদেৱে কৈছিল-
এয়াই গোষ্ঠীৰো আকাশলৈ গুচি যোৱাৰ আৰু
গোষ্ঠীত
পুনৰজনম লবলৈ জীৱই আকাশৰপৰা নামি অহাৰ বাট
খৰ-ধৰ খোজ। কাকাইদেউ আহাৰৰ ঘামত ভিজি উঠা
এখিলা কৌপাতৰ দৰে গোন্ধাইছিল।
-‘আহ, লাহেকৈ। খুপি
খুপি। সৌবোৰ পৃথানিৰ গাৰ্ড।সাৱধানে।’
-‘কেনেবাকৈ ধৰা পৰি যাম!’
-‘পৃথানিৰ অক্টোপাচ চাবলৈও গেৰিলা
হ’ব লাগিব। বাগি মাৰিবলৈ
লতা-পাতৰ সতে কেম’ফ্লেইজ কৰিব লাগিব।’
-‘অক্টোপাচ নে? হালধীয়া
মকৰা বুলিহে ভাবিছিলোঁ।’
-‘মকৰা নহয়-অক্টোপাচ! কয়লাখনিৰ হাজাৰ শ্ৰমিকৰ
বুকু খান্দি নিয়া হালধীয়া পিশাচ।’
বৰ্ষাৰণ্যৰ পৰ্বতৰ টিং খবলা-খবল কৰি শাৰী শাৰী অক্টোপাচ
ঘূৰি আছিল। থলৰকৈ সৰিছিল পৰ্বতৰ গা। গা ঢাকি ৰখা
তৰু-লতিকা। চৰাইৰ ঠুনুকা ঘৰ সৰিছিল, ডেকেৰুৱা আৰু
চেঙেলীয়া চৰাইবোৰে থিত লোৱা ঠেঙুলি সৰিছিল। ৰ’দ
জলমলত বাহ ভাঙি সৰি পৰা ফুটুকী কণীৰ বীজল
ধৰফৰাই আছিল।
ৰঙাকৈ বৈছিল দিহিংপানী আৰু টিপংপানীলৈ লোৰ কাটি
বৈ যোৱা পৰ্বতৰ মল ।কয়লাতকৈও মলিন যাৰ মুখ
কাম হেৰুওৱা সেই শ্ৰমিকবোৰ মুখ ওন্দোলাই
মদৰ ভাটীলৈ গৈছিলগৈ।
সেই আহাৰৰপৰা দুই দশকৰ পাৰ হ’ল। আজি পৃথানি
মহানগৰীৰ এলানি শ্বপিং মলৰ মালিক।মুঠিত ৰিয়েল এষ্টেট।
এপাৰ্টমে্ণ্টৰ সাম্ৰাজ্য।
আমাৰ টুৰুং ককাইদেউ! সেই যে পাটকাইত দুপৰীয়াৰ ঘামত
ভিজি উঠা পৰ্বতীয়া কৌপাত এখিলাৰ দৰে গোন্ধাইছিল !
দিহিং-পাটকাই বৰ্ষাৰণ্যত হালধীয়া অক্টোপাচ নমাই
কয়লাৰ অবৈধ মুক্তখননৰ বিৰোধিতা কৰি
ককাইদেউ হঠাতে এদিন ‘নিৰুদ্দিষ্ট’ হৈ গ’ল
বেতগুটি শালিধান,আবতৰীয়া বিলাহীৰে মচুৰ দাইলৰ এঁসাজ তেওঁৰ
চাংঘৰত খাইছিলোঁ। বেতনিৰ খোপা-থুপি গুটিৰ দৰে ঘূৰণীয়া
চাউল। ভোকৰ ভাত চোবাইছিলোঁ মোকোৰা-মোকোৰে ।
সেই সোঁৱৰণিকে সৰোগত কৰি অত বছৰে নিজকে সুধি থাকিলোঁ-
ক’ত হেৰাল! ক’ত হেৰাল টুৰুং ককাইদেউ! হেৰাই গ’ল নেকি
সত্যৰ পম খেদি ‘নিৰু্দ্দিষ্ট’ হৈ যোৱা সতীৰ্থ
সাংবাদিকৰ দৰে-নিৰলে! বৰ্ষাৰণ্যত!
প্ৰসন্ন টুৰুং। টুৰুং ককাইদেউক এদিন মানুহবোৰে পাহৰি গ’ল।
----
No comments:
Post a Comment