কদম ফুলবোৰ
দৈৱকীৰ নৱম সন্তান -বিজয় শংকৰ বৰ্মনৰ পৰ্বান্তৰৰ কবিতা
ফটো- বিজয় শংকৰ বৰ্মন
অসমীয়া কাব্য
সাহিত্যত বিজয় শংকৰ বৰ্মন
তেওঁৰ প্ৰজন্মৰ কবিসকলৰ
অন্যতম প্ৰেৰণা। সম্ভৱতঃ প্ৰজন্মৰ
কবিসকলৰ আটাইতকৈ উদযাপিত কবিগৰাকীও
তেঁৱেই।
লোকপৰম্পৰাৰ
ৰেঙণি আৰু নৃ-তাত্বিক উৎসুকতা আছিল বিজয়
শংকৰ বৰ্মনৰ আদিকালৰ কবিতাৰ চকুত পৰা
বৈশিষ্ট। সময়ৰ লগে লগে সেই
জিজ্ঞাসালৈ আহিছে বোধ, চেতনা, প্ৰজ্ঞা আৰু
কৃ২৬সাধনাৰ পোতন। আংগিক, বিষয় বৈচিত্ৰতাৰে চকুত পৰাতকৈ
লোকজীৱনৰ সম্পদ বুটলি ঐতিহ্যৰ
বাটেৰে আগবাঢ়িবলৈ ভালপোৱা বিজয়
শংকৰ বৰ্মনৰ কবিতাবোৰ পঢ়িলেই অনুভৱ হয় যে,
কবিতাৰ বাটেৰে বহুদূৰ আগবাঢ়ি যাবলৈ, বাটত
পোৱা কষ্টবোৰত শৰীৰৰ ঘাম নিগৰাবলৈ আৰু
চকুৰ পানী পেলাবলৈ তেওঁ সাজু। সচেনত কবিয়ে নিজকে পুনৰাবৃত্তি নকৰে। সেইবাবেই তেওঁ নিজকে ন ন অভিজ্ঞতাৰ কষটি
শিলত এৰি দিবলগীয়া হৈছে । হোৱাই উচিত। অন্যথা কবি যে হেৰাই যাব। আমাৰ দৰে পাঠকেও চকুত সমালোচকৰ
নিষ্ঠুৰ বিতচকু পিন্ধি ৰৈ থাকোঁ।
অপেক্ষা কৰোঁ।
বিজয় শংকৰ
বৰ্মন আমাৰ মননৰ কবি। উজ্জীৱিত পাঠকৰ অপেক্ষাক ধৰি ৰাখে তেওঁ।জীৱনৰ প্ৰথমখন কবিতা
পুথি ‘দেও'ৰ পৰা আৰম্ভ কৰি শেহতীয়া ‘কদম ফুলবোৰ দৈৱকীৰ নৱম সন্তান'লৈকে এটি দীঘলীয়া বাট পাৰ কৰা বিজয় শংকৰ বৰ্মনৰ কবিতাৰ যাত্ৰালৈ লক্ষ্য
কৰিলে এই কথাৰেই উমান পোৱা যায়। চতুৰ্থ
শতিকাৰপৰা প্ৰামাণ্য লিপি থকা অসমীয়া
ভাষাৰ যি প্ৰকাশিকা শকতি আৰু কালিকা, বিজয় শংকৰ বৰ্মনক
সেই প্ৰকাশিকা শকতি আৰু কালিকাৰ একে আষাৰে যথাযোগ্য
উত্তৰাধিকাৰ বুলি কব পাৰি। কবিতা তেওঁৰ বাবে ধেমালি নহয়- জীৱন। অসমীয়া ভাষাৰ
কালিকা তেওঁ আত্মস্থ কৰিছে। লোকপৰম্পৰাক সন্মান কৰিছে।
উত্তৰ-পূব ভাৰতৰ বৰণীয়া নৃ-গোষ্ঠীৰ জীৱনলৈ কৌতূহলী দৃষ্টি নিক্ষেপ কৰিছে আন বহুতৰ
দৰে কেৱল ৰমন্যাসিক বিলাসিতাৰে নহয়, গোষ্ঠীজীৱনক বুজাৰ
আগ্ৰহেৰে। আৰু যতনেৰে ৰোৱা পুলিটিৰ এটি এটি সুমিষ্ট ফলৰ দৰেই
গোট গোট কবিতা আমালৈ আগবঢ়াই দিছে।
‘কদম ফুলবোৰ দৈৱকীৰ নৱম সন্তান'ৰ কবিতাবোৰ পূৰ্বৰ কবিতাৰপৰা
পৃথক।পৃথক-এইবাবেই যে, ইয়াত সমকালীন
ৰাজনৈতিক প্ৰেক্ষাৰপৰা আহৰণ কৰা এলানি
উল্লেখনীয় কবিতা আছে। তাৰ বিভিন্ন প্ৰসংগ আৰু অনুসংগবোৰ আছে. সমকালীন কবি -সাহিত্যকে ৰাজনীতিৰপৰা আঁতৰত
থাকি প্ৰকৃতিৰ দৰে
বিষযবোৰত অধিক চৰ্চা কৰিব
লাগে বুলি বুলি একধৰণৰ বাগধাৰা চলোৱা হৈছে। তেওঁলোকক চলে-বলে কৌশলে গঁৰালত
সুমুৱাই লৈ সৃষ্টিশীল
স্বাধীনতাত আঘাত হানিবলৈ বিচৰা হৈছে। তেনে এক প্ৰেক্ষাত বিজয় শংকৰ বৰ্মনে
তেওঁৰ কাব্যদৰ্শন আৰু কবিতাৰ মূল
সৌন্দৰ্যৰ সতে আপোচ নকৰাকৈও কিছু
ৰাজনৈতিক দিশক কবিতাৰ বিষয় কৰি
লোৱাটোৱে আমাক আশ্বস্ত কৰিছে। বিজয় শংকৰ বৰ্মনে সেই বাগধাৰাক একে আষাৰে নাকচ
কৰিছে। সৃষ্টিশীল সাহিত্যও আচলতে
ইতিহাসেই। ইতিহাসৰ এচোৱা সময়
সাহিত্যই ধৰি ৰাখে। ব্যক্তিগত দুখ-বেদনা, হাহাকাৰৰ ৰোদন হোৱাৰ বিপৰীতে
বিজয় শংকৰ বৰ্মনৰ কবিতাই জটিল
সময়ৰ প্ৰাসংগিক কথা
কবলৈ সক্ষম হোৱাটো সমকালীন
অসমীয়া কবিতাৰ বাবে অতিকৈ আশাৰ বতৰা।
এই সংকলনটিৰ এটি উল্লেখনীয় কবিতা হৈছে ‘এইমাত্ৰ অ' মোৰ আপোনাৰ দেশ'। কবিতাটি আৰম্ভ হৈছে এনেদৰে,
‘এইমাত্ৰ আমি পালোঁহি
এইমাত্ৰ আমি
ঘৰৰপৰা উভতি আহি
তলা খুলিলোঁ
আমাৰ আনখন ঘৰৰ'
এই আনখন ঘৰ কি? আনখন ঘৰ তেওঁৰ দেশ। আমাৰ সৃষ্টিশীল লোকসকলৰ অনেকেই ৰাষ্ট্ৰ আৰু দেশৰ পাৰ্থক্য বুজি নাপায়। দেশ হৈছে আমাৰ ভাষা, আমাৰ ইতিহাস, আমাৰ পৰিচিতি, আমাৰ
সংস্কৃতি আৰু আৱেগেৰে আমাৰ ওপজা ভূমি।আৰু ৰাষ্ট্ৰ হৈছে দেশৰ মানুহক নিয়ন্ত্ৰণতৰখা
সাৰ্বভৌম কতৃপক্ষ। এই দেশৰ মানুহৰ বাবে, প্ৰকৃতিৰ বাবে,
ইয়াৰ নৈ-উপনৈ, পৰ্বত-কন্দৰবোৰৰ বাবেই
আমাৰ যে কতনা হাবিয়াস! কতনা যাতনা আমি সহোঁ! সকলো সৃষ্টিশীল মানুহে বিচাৰে দেশৰ মানুহ কুশলে থাকক, প্ৰকৃতি কুশলে থাকক, কুশলে থাকক ইয়াৰ আকাশ-বতাহ-পানী।
কিন্তু বাস্তৱত সেয়া নহয়। হৈ নুঠে। যিসকলে ক্ষমতাত উপবিষ্ট হয়, তেওঁলোকে নিজৰ ক্ষমতা অক্ষুণ্ণ
ৰাখিবলৈ দেশৰ মানুহক ভাগ ভাগ কৰে নিজৰ স্বাৰ্থত। ৰাষ্ট্ৰ নিৰ্মাণৰ অচিলা লৈ ব্যক্তিগত লালসা পূৰণৰ কৰিবলৈ প্ৰকৃতি
ধ্বংস কৰে। মানুহৰ অকল্যাণ হয়।সচেতন কবিয়ে উপলব্ধি কৰে তেনে কঠিন সময়ত দেশত বাস
কৰা মানুহৰ অভিজ্ঞতা কেনে হয়,
‘এইমাত্ৰ চিনাকি যেন লগা এটি
পুৰাতন দুৰ্গন্ধ
ক'ৰবাত জেঠী এটা মৰাৰ খবৰ
ক'ৰবাত নিগনি এটা পচাৰ
এই ওকালি
আহিব খোজা গোন্ধটো লৈ
আজিৰ ৰাতিটো
কটাম?'
আচলতে এই আটাইবোৰ
মেটাফ'ৰ কুটিল সময়ৰ। আচলতে জেঠী,
নিগনিবোৰ মৰাৰ দৰেই, মৰাৰ পিছত পচি গোন্ধ ওলোৱাৰ দৰেই মৰিছে মানুহ । কেতিয়াবা উচ্ছেদৰ নিৰ্মম বিৱৰণীত, কেতিয়াবা
এনকাউণ্টাৰত, দুৰ্নীতিৰ বিৱৰণী ঢাকিবলৈ কৰা ষড়যন্ত্ৰৰ
প্ৰৰোচনাত। জেঠী-নিগনিৰ দৰে মানুহ মৰিছে।মানুহৰ কল্যাণৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ অহা
শাসকে দেশৰ মানুহৰ প্ৰতি কৰ্তব্য পালন কৰা নাই। কেতিয়াবা খহনীয়াত আমাৰ পৰম্পৰাৰ গাওঁ জাহ
যায়। নিৰ্মাণৰ নামত উঠাই লৈ যোৱা হয় নৈৰ বুকুৰ বালি, শিল। নৈয়ে
হেৰুৱাই পেলায় জলধাৰণ ক্ষমতা। এই অন্তহীন লোভৰ সন্মুখত নৈৰ বুকুৰ মাছ-কাছ-শিহুবোৰৰ
কি হ'ব! নৈ বহল হয়, ধেনুভিৰীয়া হৈ মানুহৰ
চোতাললৈকে সোমাই আহে।
আৰু থাকে দেশৰ মানুহৰ নিৰ্মম অভিজ্ঞতা ।
‘এইমাত্ৰ গাৱঁৰ ঘৰৰ চোতাললৈ
ধেনুভিৰীয়া হৈ
সোমাই অহা
সীমা।
মই মৰি যোৱাৰ
পাছতো বুকুত খাই থকা
দগধা গোৰৰ
শব্দ।'
এনে
চিত্ৰকল্পবোৰ কবিতালৈ উঠি অহাৰ যি সময়, তাক ব্যাখ্যা কৰিবলৈ বাস্তৱতে
আছে অলেখ ঘটনা-পৰঘিটনা-প্ৰসংগ অথবা অনুসংগ। আমাৰ সামূহিক সোৱঁৰণিৰ (collective
memory) গুপ্তহত্যা, এনকাউণ্টাৰ, সেনাৰ সন্ত্ৰাসকে ধৰি অজস্ৰ
বিৱৰণী।
কবিতাটিত কবিৰ
ভাষা ধীৰে ধীৰে শাণিত হৈছে । ক্ষোভিত হৈ উঠিছে জাতি ৰক্ষাৰ নামত, আদৰ্শৰ নামত কৰা বিশ্বাসঘাতক দলবোৰ
প্ৰতি।
‘এইমাত্ৰ পৰ্হূতাৰ বড়ি খাই শুই থকা মোৰ অসমী আই
এইমাত্ৰ আইৰ
আঁচলৰ এলান্ধুৰ দাগ
এইমাত্ৰ দাগকে
আখৰ বুলি পঢ়িব খোজা শনাহী ঘৰিয়াল
এইমাত্ৰ
জাতীয়তাবাদৰ জোল খাবলৈ ৰৈ থকা
দুৱাৰৰ চুকৰ
বিড়াল
এইমাত্ৰ
মোৰ দেশ মোৰ
দেশ
এইমাত্ৰ মাথোন
নামাৱলী,
খাৰ-চাবোনে
খাই অনা মাতৃভাষাৰ দেহ'
এই সকলোবোৰেই জাতিৰ
নামত, ভাষাৰ নামত, জন্মভুমিৰ নামত সুবিধাবাদীৰ দলে কৰা বিশ্বাসঘাতকতাৰ দ্যোতক। জাতি আৰু
আইৰ মুখৰ মাতষাৰৰ প্ৰতি নামি অহা ভাবুকিৰ কথাকেই ইয়াত কোৱা হৈছে। অসমী আই, আইৰ মুখৰ মাতষাৰ আজি নিজৰ সন্তানৰ
অৱহেলাত বিপন্ন হোৱা নাই--বিপন্ন হৈছে
প্ৰৰোচনাত, চক্ৰান্তত।উপযুক্ত চিকিৎসা নথকাৰ দিনত গাৱঁৰ গৰ্ভৱতী
নাৰীয়ে শৰীৰত কিবা আহুকাল অনুভৱ কৰিলে কবিৰাজৰ
নিদানৰ ওপৰত নিৰ্ভৰ কৰে, এয়াই পৰ্হূতাৰ বড়ি। এয়া বিজ্ঞানসন্মত নিদান নহয়। চক্ৰান্তকাৰীৰ
দেখা-অদেখা, মানুহে ঢুকি পোৱা- নোপোৱা অলেখ চক্ৰান্তত জন্মভুমি
অসমী আইৰ অৱস্থাও এতিয়া তেনে। আইৰ আঁচলৰ এলান্ধুৰ দাগকেই সিহঁতে যে আখৰ
বুলি পতিয়ন নিয়াব বিচাৰে, সেয়াও এক প্ৰৰোচনাহে। কবিয়ে
এই ঘটনা-পৰিঘটনাবোৰ গভীৰভাৱে নিৰীক্ষণ কৰিছে, অনুভৱ কৰিছে তাৰ মৰ্মন্তুদ অনুভৱ।
‘এইমাত্ৰ এটা পলাতক চিন্তা
বয়স জন্মৰ নে
মৃত্যুৰ
এইমাত্ৰ যেন
মেঘ কটা পোহৰ
পানী-পিপলিৰ
ৰঙাাখিনি'
আইৰ মুখৰ মাতষাৰ
ৰক্ষণাবেক্ষণ দিয়াৰ নামত আনসকল
বাদেই, স্বয়ং জাতি ৰক্ষাৰ দায়িত্ব লোৱাসকলেও যেতিয়া জাতীয়তাবাদৰ জোল খাবলৈ দুৱাৰৰ চুকত
মেকুৰী হৈ চোপ পাতে, তেতিয়ানো কবিয়ে কি কৰিব। বৰ্তমান যেতিয়া ক্ষয়িষ্ণু,
আশাহীনতাৰে ভৰা, তেতিয়া তেওঁ বাট চাব অনাগত
ভবিষ্যলৈ। শুভ দিনৰ আশাৰে তেওঁ ক'ব--
‘আমাৰ সন্তানহঁতে অঁকা আখৰৰ জঁকাত
জোৰেৰে লিপিট
খুৱাই থওঁ
এইমাত্ৰ
তোমাক।'
কাক? প্ৰেয়সীক নেকি? নহয়, তেওঁৰ
পৰাণৰ দেশখনক।
কবিতাটিত
‘এইমাত্ৰ' শব্দটিৰ পুনৰাবৃত্তিয়ে বাৰে বাৰে সোঁৱৰাই দিছে যে এই
ঘটনা-পৰিঘটনাবোৰ অতি সাম্প্ৰতিক কালৰ। পুনৰাবৃত্তিয়ে কবিতাটিক এটি ব্যঞ্জনা দিয়াই
নহয়, সি আমাক বাৰে বাৰে সোঁৱৰায়ো আছে যে, এই ঘটনাৱলী নিচেই কাষৰ।এইমাত্ৰ ঘটিছে। এইবোৰ সৌ তাহানিৰ কথা
নহয়। সি এক তৰংগায়িকত ভাৱনাৰে কবিতাটি
বান্ধি ৰাখিছে। কবিতাটিৰ নিৰ্মাণৰ আঁৰৰ কাবি্যক ভাৱনাৰ স্তৰবোৰৰ যি মথন, তাক ক্ৰমশঃ শক্তিশালী কৰি গৈছে। বিশ্বসাহিত্যৰ কাব্যত এনেধৰণৰ শব্দ পুৰনাৰবৃত্তিৰ পদ্ধতি (method)
নতুন নহয়। কিন্তু নতুন নহয়
বাবেই যে সি অপ্ৰাসংগিক, সেয়াও নহয়।
নিৰ্মম শ্লেষ
আৰু পৰিহাসেৰে লিখা আন এটি কবিতা হৈছে ‘স্বাধীনতা।' কবিতাত
দোকানীজন আমাৰ দেশক শাসকবৰ্গ। দোকানত
বেছিবলৈ থোৱা সামগ্ৰীবোৰ দৰিদ্ৰ
নাৰায়নক ভাগ ভাগ কৰাৰ হাথিয়াৰ। বিভাজনমুখী
অলেখ ৰাজনীতিৰে যাৰ ভাগ্য বিপন্ন। কবিয়ে
কৈছে,
‘দোকানলৈ আহাঁ, দেশৰ মানুহ জনতা জনাৰ্দন
নাথৰ চেপাই
সাঁথৰ খুলি হাতখনেৰে যেতিয়া সেপিয়ায়
আঙুলিৰ আগত
পাঁচোটা সূৰ্যোদয়
আহাঁ মোৰ দেশৰ
মানুহ, দীনবন্ধু দীনদয়াল
ইয়াত প্ৰতিটো
বিক্ৰীয়েই হ'ব স্বাধীনতাৰ উৎসৱ
বহনিৰেই হ'ব এই উত্তোলন।'
মানুহক
গভীৰভাৱে ভালপাবলৈ নোৱাৰিলে কবিতালৈ এনে নিৰ্মম চিত্ৰকল্প তুলি আনিব
নোৱাৰি। ‘মোৰ দেশৰ বৰণ বগা?' শীৰ্ষক কবিতাত আছে কবিৰ গভীৰ
উপলব্ধি--
‘লিখিছিলোঁ
এদিন--
মোৰ পৃথিৱীখন
ভূগোলত নাই
মোৰ পৃথিৱীখন
আখৰতো নাই
তথাপি
আই পিয়াহেই মোৰ
পৃথিৱী
আইৰ মাতষাৰিয়েই
মোৰ উশাহ
....
চিকেন নেকৰ এইফালেও
থাকে মোৰ আই
শয্যাশায়ী
শুই থাকে
ঢেঁকীৰ মাত
শুনিলেই উচাপ খাই উঠে। '
ওপজা ঠাইখনক লৈ ইমান আকুলতা, বিয়াকুলতাৰ স্পষ্ট প্ৰকাশৰ
জানো কিবা ব্যাখ্যা থাকিব
পাৰে! অৱশ্যে এনে চিত্ৰকল্পৰ মাজেৰে কবিয়ে যদি
জন্মভূমিৰ বেদনাৰ কথা কবলৈ বিচাৰিছে,
দুখৰ গাথাৰ বিষয়ে কবলৈ
বিচাৰিছে, তেনেহ'লে মনত এটি প্ৰশ্নৰ
উদয়ো হয়-- চিকেন নেকৰ এইফালে থকা আই জানো সঁচাকৈয়ে শয্যাশায়ী? হয়, নানা
চল-চক্ৰান্তত তেওঁ সময়ে সময়ে ধৰাশায়ী হৈছে,
কিন্তু আইৰ সন্তানে প্ৰতিৰোধো
গঢ়ি তুলিছে। অৱশ্যে এই কথাও সত্য যে, আইৰ সন্তানে গঢ়ি তোলা সেই প্ৰতিৰোধ অত্যন্ত নিষ্ঠুৰ ষড়যন্ত্ৰৰে ভাঙি দিয়া হৈছে। কা-আইন বিৰোধী আন্দোলনৰ পঞ্চছহিদৰ
হত্যা তাৰেই জানো বিৱৰণী নাছিল!
বিজয় শংকৰ
বৰ্মনৰ কবিতাৰ বিষয়ে লিখিবলৈ লৈ নৃ-গোষ্ঠীয় জীৱনলৈ দৃষ্টি দিয়াৰ ক্ষেত্ৰত কবিৰ
হেঁপাহৰ কথা নিলিখিলে জানো হ'ব!সমসাময়িক আন বহুতো কবিৰ দৰে তেওঁ গোষ্ঠীজীৱনক
ৰমন্যাসিক বিলাসিতাৰে চোৱা নাই। তেওঁ
লিখিছে খহনীয়াৰ কথা। মাটিবোৰ, গাওঁবোৰ হেৰাই যোৱাৰ কথা। আৰু
লিখিছে গোষ্ঠীৰ সৰলতাক লৈ চলা ষড়যন্ত্ৰবোৰৰ কথা। ‘উছৱৰ দিন' কবিতাত কবিৰ এই অন্তৰ্দৃষ্টিৰ গাঢ়তা ।
‘তই ৰিবিগাছেঙত ফাগুনৰ ফুল তুলিবি
ৰঙাকৈ সময়ৰ
পাৰিত চকুলোৰ বুটা বাছিবি
...
পানীৰ ধাৰত পৰি
খাগৰি কঁপাৰ দৰে
প্লাষ্টিকৰ
তম্বুবোৰ কঁপে
গুমৰাগৰ
গুমগুমণিত
ঠেঁটুৱৈ ধৰা
জাৰত
আমাৰ পোনাকেইটি
কঁপে
...
...
বাটবোৰ ভেটা
দিবলৈ
শূল পুতি থয়
কোনোবাই
আঙুৰ টেঙা বুলি
কৈ
নোহোৱা হয়
সমাজিকত
আঙুৰ খোৱা চৰাই'
গভীৰ উপলব্ধি, অন্তৰৰ ভালপোৱাৰ দৰদেৰে সিক্ত হৈ
অহা এইবোৰ অনুপম চিত্ৰকল্প। বোধ আৰু উপলব্ধিৰ স্বতঃস্ফূৰ্ত প্ৰকাশ। সেইবাবেই নিৰ্মাণৰো বিশেষ প্ৰয়োজন হোৱা নাই। মানুহক ভালপাবলৈ
জানিলে, সাহিত্যলৈ ভালপোৱাক তুলি অনাৰ পদ্ধতিবোৰ শিকিলে এনেদৰেই চলমান গোষ্ঠীজীৱনৰ ছন্দময় প্ৰৱাহৰপৰা উঠি
আহে কবিতাৰ যুগমীয়া মেটাফ'ৰ। গোষ্ঠীজীৱনৰ
জীৱনপ্ৰৱাহৰ যি ছন্দ, সেই ছন্দতেই কবিতাটো গাঁঠি থোৱা হৈছে।
অৱশ্যে কোনো কোনো কবিতাত এই নিৰৱধি প্ৰকাশ অনুপস্থিত। দীঘলীপুখুৰী
গুৱাহাটী মহানগৰীৰ বুকুৰ কেৱল এটা পুখুৰী নহয়, ই মহানগৰীৰ প্ৰাচীনতাৰ চিন।
যোৱা সময়চোৱাত এই দীঘলীপুখুৰীক ধ্বংস কৰিবলৈ যো জা চলা বুলিও কতযে গুণগুণণি উঠিছে?নিষ্ঠুৰ শাসকৰ হাতত মানুহ আজি
অসহায়। কবিৰ কবিতালৈও আহিছে তাৰ ধ্বনি-প্ৰতিধ্বনি। ‘কালি ৰাতি' শীৰ্ষক কবিতাটি
এইখিনিতে মন কৰিবলগীয়া ।
‘কালি ৰাতি
পহৰা দি
থাকোঁতে
কোনে কোনে
দেখিছিলা
লেকেচিয়াই থকা
এটা সিংহ
নগৰৰ দীঘল
পুখুৰীটোৰ পাৰত
তাৰ গাৰ
শোটোৰা-মোটোৰ ছালত
দুটা ঘাপ
চিকাৰীৰ
শিপা কটা
সভ্যতাৰ সেনাপতিৰ'
পঠনৰ সময়ত ভাৱ
হয়, প্ৰাচীন ৰজা ভগদত্তই খন্দোৱা বুলি থকা ইতিহাসেৰে সমৃদ্ধ,
মহানগৰীৰ সভ্যতাৰ প্ৰাচীনতা
আৰু ঐতিহ্যক সাৱটি থকা এই পুখুৰীটিক নিধন কৰিবলৈ চলোৱা ষড়ÿযন্ত্ৰৰ প্ৰেক্ষাত কবিতাটি শাণিত হৈ উঠিব নোৱৰিলেহেঁতেন জানো? দীঘলীপুখুৰীৰ দৰে ঐতিহ্যৰ ধ্বংসৰ
ষড়যন্ত্ৰ যেতিয়া কাব্যৰ
বিষয় হয়, তেতিয়া
কবিতাত নিনাদিত হোৱা শব্দবোৰ হৈ উঠে
মূল্যবোধৰ, সভ্যতাৰ স্খলনৰো ৰূপক। কবিতাই অৱশ্যে
সেই কথা নোকোৱাকৈ থকা নাই।
ভয়ংকৰ সময়ৰ
নিনাদিত স্বৰ লিপিট খাই থকা এটি কবিতা ‘গুলী'
‘গুপ্তাংগ বিদাৰি এটি গুলী
কণমানি
কচুতলী
এটা গুলীৰ
ৰক্তনেৰেটিভ
নামি অহা দুটি
ধাৰা
কেঁচা তেজৰ
চেঁচা তেজৰ
....
পকচ', তুমিও মায়াৰ হৰিণ?'
এখন নতুন
পৃথিৱীৰ সপোন দেখুওৱা সপোনৰ সদাগৰৰ হাতত পৰি দেশৰ মানুহৰ অৱস্থা কি হৈছে, তাৰ নিৰ্মম বিৱৰণী আছে ‘নতুন পৃথিৱী' শীৰ্ষক
কবিতাৰ পংক্তিত। মানুহৰ কল্যাণ এতিয়া হিতাধিকাৰী সৃষ্টিৰ ৰাজনীতি মাথো। য'ত মানুহে হেৰুৱাইছে সৰ্বস্ব। আমাৰ বেদনাবোৰ হৈ উঠিছে প্ৰৰোচনাৰ বীভৎস তাচ্ছিল্য।
‘কেঁকোৰাবোৰ গাঁতত নাই
কেঁকোৰাবোৰে
আমাৰ সপোনক গাত
গাঁত খানি
খানি
অমৃত কলহত
লুকুৱাই ৰখা
আমাৰ ক'লা কলিজাবোৰ পায়'
এনে চিত্ৰকল্পই
আমাৰ চেতনাক এনেদৰে বিন্ধি যায় যে, সেইবোৰ পঠনৰ দেওনা পাৰ হবলৈকে
কঠিন।
এই অনন্যসুন্দৰ
চিত্ৰকল্পৰ দেওনা পাৰ হৈ গ'লে উমান পোৱা যায় যে, সমকালীন ৰাজনৈতিক
প্ৰেক্ষাৰ বিষয়বোৰ কবিতালৈ আনিব খুজিও কোনোটো কবিতাত তেওঁ যেন ক'ৰবাত থমকি ৰৈছে। ‘কদম ফুলবোৰ দৈৱকীৰ নৱম সন্তান'ৰ
কবিতাবোৰ সময়ৰ নিষ্ঠুৰ শিলালিপি। কিন্তু বহুবোৰ
চিত্ৰকল্প তিৰ্যক আৰু শাণিত হোৱাৰ
থল থকা স্বত্বেও ক'ৰবাত
থমকি ৰৈছে। সময়ৰ সকলো সত্য তাত উন্মোচিত হোৱা নাই। অথবা, বহু
দৰকাৰী প্ৰসংগ উহ্য হৈ ৰৈ গৈছে। পাঠকৰ
বাবে তাত সংকেত নাই।অথবা, প্ৰয়োজনীয় ইংগিত নাই। হয়তোবা অতি
বেছি সম্পাদনাৰ প্ৰকোপত কোনো কোনো কবিতাই তাৰ সাৰভাগৰ বহু
অংশ হেৰুৱাই পেলাইছে।বিজয় শংকৰ বৰ্মনৰ কবিতা পঢ়াসকলে এই কথা জানে যে,নিজৰ কবিতাৰ সম্পাদনাৰ ক্ষেত্ৰত
কবি অতি নিষ্ঠুৰ। নৃশংস বুলিও কব পাৰি। কবিতা এটিৰ শব্দৰ সঁফুৰাবোৰ তেওঁৰ
হাতৰপৰা সতকাই ওলাই নাহে। কিন্তু সম্পাদনাৰ কোবতেই হওক বা আন কাৰণতেই হওক,
আনিব বিচৰা বিষয়বস্তুৰ মূল নিৰ্যাস কবিতাৰ পৰা হেৰাই গ'লে সি তাৰ প্ৰাসংগিকতাও বহু পৰিমাণে হেৰুৱাই পেলায়।
কেতিয়াবা ভাৱ
হয়, সমাজৰ নিষ্ঠুৰ প্ৰহসনবোৰ নিষ্ঠুৰভাৱেই কোৱা ভাল। তাক মসৃণ চিত্ৰকল্পৰে
সজাবলৈ গ'লে কবিতা হিচাপে সেইবোৰ অনন্যসুন্দৰ হৈ উঠে সেই কথা
ঠিক--কিন্তু আঁৰ-বেৰৰ প্ৰকোপত সমাজ সত্য ক'ৰবাত লুকাই পৰে? মানুহ
বিভ্ৰান্ত হয়। কবিয়ে লিখা এই কবিতাটোৰ পৃষ্ঠ কি? প্ৰাসংগিকতা
কি? এইবাবেই হয়তোবা
‘ফুলুং চাপৰিত'ৰ দৰে কবিতাৰ
চিত্ৰকল্পবোৰ ৰূপক হিচাপে অতূলনীয় হৈও বিষয়বস্তুৰ নিৰ্মমতাৰে তিৰ্যক আৰু
শাণিত হৈ উঠা নাই।অসমৰ
নৈ-উপনৈবোৰত হাজাৰ বিজাৰ চৰ-চাপৰি আছে। তেনেহ'লেনো কবিয়ে ‘ফুলুং চাপৰি'ক লৈ
এটি কবিতা লিখিলে কিয়? কি তাৰ পৃষ্ঠ? ইতিহাস?
এই প্ৰশ্ন পোনতেই পাঠকৰ মনলৈ আহিব।
কবিতাটিত উন্মোচিত হ'ব খোজা অলেখ সত্য
যেন আঁৰ কাপোৰৰ আঁৰতেই ৰৈ গ'ল। ‘ফুলুং চাপৰিত' কবিতাত কবিয়ে কৈছে -
‘ধুনীয়া গোলাপী ৰঙে মচি দিব খোজা
সৰু সৰু
শিলালিপিবোৰ
প্ৰত্নতাত্বিকসকল, তোমালোক যোৱাগৈ
সেন্দূৰ লেপি
বৰণ কৰা পবিত্ৰ শিল
নতুন ইতিহাসবিদ,
আহাঁ, দেৱতাৰ পদচিহ্ন
অথবা অসুৰৰ
ক'ৰবাত পোৱা নেকি চোৱা'
তেনেহ'লে কি এই ফুলুং চাপৰিৰ ইতিহাস, যাক বিচাৰি উলিয়াবলৈ কবিয়ে
নতুন ইতিহাসবিদক আমন্ত্ৰণ জনাইছে? তাৰ তিলমানো ইংগিত বা আভাস
নিদিয়াকৈ কেৱল অতূলনীয় চিত্ৰকল্পৰ মাজেৰে সজোৱা কবিতাটিয়ে পাঠক বিভ্ৰান্ত নকৰিবনে?
তদুপৰি কবিয়ে কৈছে--
‘মোৰ বুকুৰ উল্টাখান্দাত
পৰি ৰোৱা
বিৱৰ্ণ বেদীৰ স্মৃতি
বগা ফুলে ঢাকি
থয়
টোপ টোপ কৈ সৰে
বালি সৰকি অহা
পানী হোৱা তেজ
-মাটিৰ, মুখৰ
মাতৰ'
উল্টাখান্দা
বুকুৰ খহনীয়া, যি খহে ধীৰে ধীৰে,
পানীৰ ঢৌ নামি যোৱাৰ
পিছৰ ধীৰে ধীৰে ধীৰে নামি যোৱা যোৱা বালিৰ দৰে মূল ভূখণ্ডৰপৰা সুলকি। কঠিন এই
যাতনা। অনন্য চিত্ৰকল্প। কিন্তু কবিতাৰ বিষয় যদি ফুলুং চাপৰি, তেনেহ'লে সেই কবিতাৰ বিশেষত্ব কি? ফুলুং চাপৰি এইবাবেই ইতিহাস যে, ইয়াৰ সতে জড়িত হৈ
আছে সামূহিক সোঁৱৰণিৰ এক নিদাৰুণ গাথা।
তাহানিৰ হাবিৰাম বড়ো আৰু বিহুৰাম বড়ো নামৰ দুজনকৈ যুৱকৰ
নাম। দুয়ো আছিল সাম্যবাদী আদৰ্শৰ।
অসম আন্দোলনৰ সময়ত হাবিৰাম বড়ো আৰু
বিহুৰাম বড়োৰ নামৰ সাম্যবাদী দৰ্শনৰ দুজনকৈ প্ৰাণ দিবলগীয়া হোৱাৰ যি
সোঁৱৰণি, সেয়াই ফুলুং চাপৰিৰ গাথা। আজিৰ ফুলুং চাপৰিৰ মানুহে নাজানে,
হয়তোবা পাহৰি পেলাইছে সেই সামূহিক সোঁৱৰণি, কিয়নো
সেই সোঁৱৰণি কঢ়িয়াই নিয়া যি গোষ্ঠী, তেওঁলোক ক্ৰমে ক্ৰমে
তাৰপৰা উচ্ছেদিত হ'ল। অনেক প্ৰগতিশীল বাগধাৰাৰ কবিৰ হাতেৰে
কেতিয়াবা কেতিয়াবা ফুলুং চাপৰিৰ বাগধাৰা এতিয়াও উঠি আহে। সেই ফুলুং চাপৰিৰ
জনগোষ্ঠীয় মানুহবোৰ ক'ত হেৰাল?তেওঁলোকে
হেৰুৱালে ভূমি। তাৰ ঠাইত গঢ় লৈ উঠিল বৰ্তমানৰ উত্তৰ গুৱাহাটীৰ
নগৰী।ভূমি এক আৱেগ। গোষ্ঠীয়ে যেতিয়া ভূমি
হেৰুৱায়, তেতিয়া তাৰ সতে জড়িত হৈ থকা অলেখ সোঁৱৰণিও হেৰুৱাই পেলায়। কবিয়ে কবিতাটিত অতি স্পষ্টকৈ
কৈছে দুৰাকাংখী, স্বাৰ্থপৰ মানুহৰ বাসনাৰ কথা--
‘ফুলং চাপৰিৰ মোৰ ফাৰ্ম হাউছৰ
ওখ গছকেইজোপাৰ
কোনোবা এজোপাতেই
এই ধুনীয়া
জোনটো বান্ধি থ'ব পৰা হ'লে'
কিন্তু সুবিধাবাদীৰ এই উচ্চাকাংক্ষাৰ আঁৰত ক'ত হেৰাই গ'ল ফুলুং চাপৰিৰ সেই জনগোষ্ঠীয় মানুহবোৰ?
কবিয়ে তাকেই উন্মোচন কৰিবলৈ
পুৰণি যুগৰ প্ৰত্নতাত্বিক নস্যাৎ কৰি নতুন ইতিহাসবিদক নিমন্ত্ৰণ দিছে নেকি? নে, উত্তৰ
গুৱাহাটীৰ ভূমিখণ্ডৰ আশে-পাশে এলাগী হৈ সিচঁৰতি হৈ থকা অলেখ প্ৰত্নতাত্বিক সমলৰ উপযুক্ত
ৰক্ষণাবেক্ষণৰ অভাৱৰ কথা কৈছে।বহুতৰ বাবে আজিও অজানা ফুলং চাপৰিৰ সেই বিশেষ
সামুহিক সোঁৱৰণিৰ গাথা কবিতাটিত
অনুপস্থিত। কবিতাৰ পঠনে ফুলুং চাপৰিৰ জনগোষ্ঠীয় মানুহে একালত মাটিৰ ভোগ
দখলৰ বাবে কৰা সংগ্ৰামৰ সোঁৱৰণিৰ উল্লেখ, ইংগিত বা প্ৰসংগই
কবিতাটিক অন্য এক মাত্ৰা দিলেহেঁতনে বুলি অনুভৱ হয়। কবিতাৰ শেষত কবিয়ে কৈছে,
‘গাড়ীৰ হে'ড
লাইটৰ পোহৰত
আখৈগুটিৰ দৰে
ছিটিকি পৰা
এটা ৰাতিৰ হৰিণ
বৰলুইতৰ
ফালে লৱৰি যোৱা দেখিছিলোঁ'
এই অনন্য
চিত্ৰকল্পটিয়ে ফুলুং চাপৰিৰ বুকুত পোত খাই থকা তাহানিৰ ইতিহাসতকৈও ক্ষিপ্ৰতাৰে
আমালৈ কঢ়িয়াই আনে লৰ্কাৰ কবিতাৰ বিষাদময়তাক। কঢ়িয়াই আনে লৰ্কাৰ জীৱনত হৰিণৰ
চিত্ৰকল্পৰ বিষণ্ণ সোঁৱৰণি। সেই দিশৰপৰা
কব পাৰি, কবিতা হিচাপে ‘ফুলুং চাপৰিত' অতূলনীয় । কিন্তু ইতিহাসৰ পাতৰ এচোৱা মৰ্মন্তুদ বিৱৰণীৰ ইংগিত, নিৰ্যাস আৰু চিত্ৰকল্প সেই
কবিতাত অনুপস্থিত।
আন এটি কবিতা
‘সভ্যতা এৰাতিৰ স্বপ্ন নহয়, মণিপুৰ' কবিতাটি কবিয়ে মণিপুৰৰ অশান্তৰ্জজৰ পৰিস্থিতিৰ
বিষয়ে আলোকপাত কৰিছে। বিজয় শংকৰ বৰ্মন মূলতঃ যিহেতু অনন্য চিত্ৰকল্পৰ কবি, সেয়েহে এই কবিতাটিতো আছে তাৰ নিৰ্যাস, আস্বাদ।
‘ওফন্দি উঠা মণিপুৰ
ফণা মেলা
মেঘ হৈ ঢাকি
ধৰা
কাংবাই লাঙলৰ ধোঁৱাবোৰ
....
...
এঙাৰ এঙাৰ
অৰণ্যৰ পাছতো এখন অৰণ্য আছে
যিদৰে অৰণ্যৰ
পাছত এখন ঘৰ এডৰা পথাৰ মানুহ চোতাল
লোকটাকৰ
নাভিকুণ্ডত এতিয়াও ফুলি আছে পূণ্যৰ পদুম।'
কবিতাৰ এই
আকূতিতকৈ বাস্তৱৰ মণিপুৰ কিন্তু অধিক লেলিহান। এয়া পাপ অথবা পূণ্যৰ বিৱৰণী নহয়।
মণিপুৰ এক ষড়যন্ত্ৰ। কুকি গোষ্ঠী ইতিহাসৰ এক হতভগীয়া গোষ্ঠী, কিন্তু আন্তৰ্জাতিক। তিনিখন ৰাষ্ট্ৰত তেওঁলোক বিয়পি আছে। কিন্তু মে'ইটেইসকলৰ
ভুমি এডোখৰেই। সেই ভূমি হেৰাই গ'লে তেওঁলোক ক'লৈ যাব? কি হ'ব ইতিহাসৰ,
সোঁৱৰণিৰ, কৃষ্টিৰ আৰু আৱেগৰ উত্তৰাধিকাৰৰ?
সেইবাবেই তেওঁলোক নিষ্ঠুৰ হবলৈ বাধ্য নেকি? মণিপুৰৰ
পৰ্বতে-কন্দৰে তাহানিৰেপৰা থকা নগাগোষ্ঠীবোৰৰেই বা অৱস্থা কি? কি হ'ব তেওঁলোকৰ ভাগ্য? আজি
গাজাষ্ট্ৰীপতকৈও কঠিন মণিপুৰৰ পৰিস্থিতি। কিন্তু আন্তৰ্জাতিকমহলৰ চকুত মণিপুৰ অনুপস্থিত। দেশৰ ৰাজধানীত বহি থকা
নিয়ন্তাৰ দৃষ্টিতো মণিপুৰ আপাতত অনুপস্থিত। আমিও খবৰ ৰখা নাই আমাৰ ছুবুৰীয়াৰ।
কা-আইন বিৰোধী আন্দোলনৰ সময়তো আমাৰ বাগধাৰা আছিল-অসমীয়াৰ ভূমি
এডোখৰেই। ইয়াত সংখ্যালঘূ হ'লে আমি ক'লৈ যাম? ‘আনসকলৰ'
যে সুকীয়া ঠাইতো ভূমি আছে।ভূমি মাথো এক বসতিস্থল নহয়, সি জাতীয় আৱেগ। পৰম্পৰা আৰু কৃষ্টিৰ বাহক। সামুহিক সোঁৱৰণিৰ
চিহ্ন।এই কবিতাত কবিয়ে আশা কৰিছে-
‘মণিপুৰ
জ্বলি যোৱা
ঘৰবোৰ আকৌ ঠিয় হ'ব
ছাইৰ মাজেদি
ৰঙচুৱা ঘাঁহবোৰ গজি উঠিব
তেজৰ
ডোঙাবোৰত মুখ চাই
পিশাচবোৰ
আঁতৰি যাব
ফুল ফুলাৰ দৰে
মিচিকিয়াই হাঁহি
শিশুহঁতে চকু
মেলিব'
এয়া কবিৰ আশাহে । এই কবিতাটিৰ চিত্ৰকল্পবোৰে
আমাক অগ্ৰজ কবি নীলমনি ফুকনৰ কবিতাৰ
আকূতিবোৰলৈ মনত পেলাই দিয়ে, কিন্তু সেই দিনবোৰতকৈ আমি
বহুদূৰ আগুৱাই আহিলোঁ। কবিতায়ো বাট সলালে।
আজিৰ কবিতাই কাব্যগুণেৰে আৰু
বোদ্ধাৰে সমৃদ্ধ হৈয়ো মানুহৰ বুকুৰ মাজলৈ বাট লোৱাৰ বলেৰে বলীয়ান হৈ উঠিব পাৰে,
কিয়নো লেখেৰে এমুঠি
হলেও সময়ৰ তুলাচনীত আজিৰ
পাঠকো সমানেই উজ্জীৱিত। সেই উজ্জীৱিত পাঠকৰ মননক তিৰ্যক আৰু
শাণিত ভাৱনাৰে জোকাৰি দিয়াৰ দায়িত্ব কিন্তু কবিৰেই। পাঠেহে কবিতাক পূৰ্ণতা দিয়ে ।
পাঠ নোহোৱা হ'লে ৰামায়ন আৰু মহাভাৰতৰ দৰে মহাকাব্যই জানো
সভ্যতা গঢ়িব পাৰিলেহেঁতেন? কবিতাই যিমানেই পাঠকৰ মনলৈ বাট লব, সিমানেই ব্যাপ্ত
হ'ব তাৰ পাঠ। সিদ্ধি হ'ব কবিতাৰ
উদ্দেশ্য। মণিপুৰৰ জলন্ত পৰিস্থিতি লৈ কবিতা লিখাৰ বাবে কবি সাধুবাদৰ যোগ্য, কিন্তু
কবিতাৰো এক উদ্দেশ্য থাকে । সেই উদ্দেশ্য মাথোন অভিনৱ সৃষ্টিৰ নহয়, সেই উদ্দেশ্য মানুহৰ কল্যাণৰ। তাৰবাবে কেতিয়াবা কবিতা হ'ব লাগিব
ক্ষুৰধাৰ। সময়ৰ নিষ্ঠুৰতাৰে প্ৰাসংগিক। তেনে
কবিতা তেওঁ লিখিবই লাগিব, লিখিব লাগিব নিজকে জীয়াই ৰাখিবলৈ,
প্ৰাসংগিক কৰি তুলিবলৈ। বিজয় শংকৰ বৰ্মনৰ দৰে প্ৰজন্মই উদযাপন কৰা
কবিৰ ক্ষেত্ৰত সেইবাবেই আমি কেতিয়াবা নিষ্ঠুৰ হবলৈ, তীক্ষ্ম নজৰ ৰাখিবলৈ
বাধ্য।
‘কদম ফুলবোৰ দৈৱকীৰ নৱম সন্তান'ৰ সকলোবোৰ কবিতাবোৰৰ পৃষ্ঠ কেৱল ৰাজনৈতিক নহয়। ‘লীলাভূমি' শীৰ্ষক চাৰিটা কবিতা, কালদিয়া ঘাটত, আই গোঁসানীৰ দৰে
কবিতাবোৰৰ বিষয় মূলতঃ প্ৰেম। সমকালীন ইতিহাসৰ আন বহুতো বিষয় কবিতাবোৰলৈ উঠি
আহিছে। সুগন্ধিৰ সাধু, ক'ৰিডৰেদি,
বাপতি সাহোন, খতিৰ কবিতা-ৰ দৰে কবিতাসমূহে
আমাৰ মন দোলাই যায়। বীৰেন সিংহ, বিপুল কুমাৰ দত্ত, জয়ন্ত মহাপাত্ৰৰ দৰে অগ্ৰজসকলৰ বাবেও তেখেতে লিখা কেইটিমান কবিতা আছে।
অনন্য
ব্যঞ্জনাৰে সমৃদ্ধ কবিতালানিৰ আন এটি দিশ হৈছে এই কবিতাবোৰক কবিতাক গভীৰভাৱে লব
বিচৰা ন-শিকাৰুৰৰ উপযুক্ত হাতপুথি বুলি কব পাৰি। কবিতাবোৰ পঢ়ি অনুভৱ হ'ল বিজয় শংকৰ বৰ্মন এই সময়ৰ এজন যথাৰ্থ প্ৰতিনিধি, কবিতাৰে
জীৱন প্ৰসাৰিত কৰা অসমীয়া সাহিত্যৰ এজন উল্লেখনীয় কবি, এজন
দায়িত্বশীল সাহিত্যকৰ্মী-আৰু সবাৰো উপৰি
এগৰাকী শিক্ষক, নতুন কবিৰ বাবে। এই যাত্ৰা অব্যাহত থাকক। তাকেই কামনা কৰিছোঁ।
(তৰুণ কবি দেৱৰাজ মিলিলৈ কৃতজ্ঞতাৰে)
ৰত্না ভৰালী তালুকদাৰ