Thursday, 19 June 2025

 

শিল্পীৰ পৃথিৱী'ৰ আলোকেৰে

 জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিজ্ঞানসন্মত শংকৰদেৱ অধ্যয়নৰ এক অৱলোকন 




ৰত্না ভৰালী তালুকদাৰ

এই পবিত্ৰ অসম ভূমিত জন্ম গ্ৰহণ কৰা যিকোনো সৃষ্টিশীল লোক, যিসকলে নিজৰ সৃষ্টিশীলতাক গতিশীল কৰি ৰখাটো এক কৰ্তব্য বুলি ভাবি লয়, তেওঁলোকৰ বাবে শ্ৰীমন্ত  শংকৰদেৱৰ সৃষ্টিৰাজিৰ অধ্যয়ন কেৱল এক অনুপ্ৰেৰণাই নহয়,  এক স্ব-আৰোপিত দায়িত্বও। অলেখ জাতি-উপজাতিৰে অসমীয়া এটা বৰণীয়া জাতি।বাৰেৰহণীয়া  কৃষ্টি-সংস্কৃতিৰে ভৰা এটা প্ৰাণোচ্ছল জাতি হিচাপে ইতিহাসৰ পাতত অসমীয়া জাতি নিজৰ মহিমাৰে  জীয়াই  থকাৰ  যি  কালিকা-  তাক উপলব্ধি কৰিবলৈ ঐতিহ্য চেতনাৰ লগতে আমাক গভীৰ অধ্যয়নৰো প্ৰয়োজন। অসমীয়া জাতিৰ সৌভাগ্য  এয়ে যে,  জাতিৰ সাহিত্য-সংস্কৃতিৰ বৰভেটি গঢোঁতা শ্ৰীমন্ত শংকৰদেৱে আমাক এনে কিছুমান সঞ্জীৱনী দি থৈ গৈছে যে,  তেখেতৰ কৰ্মৰাজিৰ অধ্যয়নৰ মাজেৰে সকলো মানুহেই নিজৰ বাবে  এক প্ৰচ্ছন্ন জীৱনাদৰ্শ হৰণ  কৰি লব পাৰে। সেইবাবেই বোধহয় বিশেষকৈ সাহিত্য আৰু সংস্কৃতিৰ জগতৰ প্ৰায় সকলোবোৰ ক্ষণ জন্মা মনিষীৰ বাবে জগত গুৰু শ্ৰীমন্ত  শংকৰদেৱৰ সৃষ্টিৰাজিৰ বিষয়ে  অধ্যয়ন কৰা,   চৰ্চা কৰা এক মহৎ কৰ্তব্য।      

অৱশ্যে সকলোৱেই শংকৰদেৱ অধ্যয়নৰ বিজ্ঞানসন্মত চৰ্চা কৰিব পাৰিছে বুলি ধাৰণা নহয়। যিকোনো বিষয়ৰ  বিজ্ঞানসন্মত চৰ্চা তেতিয়াই সম্ভৱ হৈ উঠে,  যেতিয়া তাক নতুন সময়ৰ পৰিপ্ৰেক্ষিতত নতুন ৰূপেৰে ব্যখ্যা কৰি সময়োপযোগী কৰি তুলিব পৰা  যায়।  

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনকাল নাতিদীৰ্ঘ।কিন্তু এই নাতিদীৰ্ঘ  জীৱনতে  সুকুমাৰ  কলাৰ  সাধকগৰাকীয়ে শংকৰদেৱৰ অধ্যয়নৰ বেলিকা যিধৰণৰ বিজ্ঞানসন্মত  দৃষ্টিভংগী  গ্ৰহণ  আৰু তাৰ ব্যাখ্যাৰ  ইৰ্ষণীয় পাৰদৰ্শিতা  লাভ কৰিছিল,  সেই কথাই আমাক বিস্মিত কৰে। কবলৈ গ'লে, ৰূপকোঁৱৰৰ যি  শিল্পদৰ্শন  আৰু তাৰ  উত্তৰণ, সেয়া বহুলাংশে তেখেতৰ শংকৰদেৱ চৰ্চা আৰু অধ্যয়নৰ  গৰ্ভৰপৰাই  ওলাই  আহিছে  বুলি   কব  পাৰি। এইক্ষেত্ৰত অৱশ্যে  ৰূপকোঁৱৰৰ বিশ্ববীক্ষাৰ কথাও কব লাগিব, যাৰ মাজেৰে বিশ্বসংস্কৃতিৰ প্ৰৱাহৰ সতে অসমীয়া সংস্কৃতিৰ তুলনা কৰি তেওঁ উত্তৰণৰ মাজেৰে  নিজৰ  শিল্প-দৰ্শন গঢ়ি তুলিছে।

জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই  অনন্য শিল্পদৰ্শনৰ  পূৰ্ণ  প্ৰকাশ  ঘটিছে ‘শিল্পীৰ পৃথিৱী'ত। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ  আগৰৱালাৰ জীৱনৰ প্ৰায় অন্তিম সময়ত ১৯৪৮ চনত শিৱসাগৰত অনুষ্ঠিত হোৱা ‘সদৌ অসম শিল্পী সংঘ'  প্ৰথম অধিবেশনৰ  সভাপতিৰ অভিভাষণখনেই  ‘শিল্পীৰ পৃথিৱী'। ‘শিল্পীৰ পৃথিৱী'  এক বিশাল  অভিভাষণ  আৰু  ইয়াতেই শিল্পীগৰাকীৰ শ্ৰীমন্ত শংকৰদেৱ অধ্যয়ন আৰু চৰ্চাৰ গভীৰতাৰ স্বাক্ষৰ তেখেতে ৰাখি থৈ গৈছে। নকলেও হ'ব যে,গুৰুজনা বিষয়ক যিখিনি কথা তেওঁ ‘শিল্পীৰ পৃথিৱী'ত কৈছে, সেয়া সামগ্ৰীক ভাষণৰ মাত্ৰ কিছু  অংশহে। কিন্তু  তাৰপৰাই তেখেতে  গোটেই  জীৱন  জুৰি কৰা শংকৰদেৱ অধ্যয়নৰ  বিস্তৃতিৰ উমান পাব পাৰি। দৰাচলতে  শ্ৰীমন্ত  শংকৰদেৱৰ  সামগ্ৰীক অধ্যয়নৰ আমঠুখিনিয়েই তেখেতে ‘শিল্পীৰ পৃথিৱী'ত ব্যক্ত কৰি থৈ গৈছে। কুৰি শতিকাৰ  আৰম্ভণিতে জন্ম  গ্ৰহণ কৰা এগৰাকী ৰূপান্তৰৰ শিল্পীয়ে তেওঁতকৈ পাঁচশ বছৰতকৈও আগতে জন্মগ্ৰহণ কৰা আন এগৰাকীৰ ৰূপান্তৰৰ শিল্পীৰ অৱদানক কিদৰে আৱিস্কাৰ  কৰিছে, নতুন সময়ৰ প্ৰেক্ষাত পূৰ্বৱৰ্তীৰ দৰ্শনক কিদৰে  বিজ্ঞানসন্মতভাৱে  ব্যাখ্যা কৰিছে-সেই কথাই  আমাক  বিস্মিত কৰাই নহয়-অসমীয়াৰ আধ্যাত্মিক দৰ্শনৰ মূল কালিকা ‘কৃষ্ণ’ সংস্কৃতিক  নস্যাৎ কৰিবলৈ বৰ্তমান সময়ত যিধৰণৰ ষড়যন্ত্ৰ  চলিছে ,সেই কথাৰ উমান লোৱাৰ বেলিকাও জ্যোতিপ্ৰসাদৰ এনে   ঐতিহ্যচেতনাৰপৰা আহৰিত শিল্পদৰ্শনে আমাক  সহায়  কৰিছে। এই দৰ্শনে  কেৱল  জ্যোতিপ্ৰসাদ আগৰৱালাৰ  শংকৰদেৱ অধ্যয়নৰ বিস্তৃতিৰ  কথাকেই কোৱা নাই। 

আচলতে, পৃথিৱীত অধ্যয়নশীল লোকৰ অভাৱ নাই। অধ্যয়ন বহুতেই  কৰে, কিন্তু  কম সংখ্যক  প্ৰতিভাধৰ লোকৰহে  থাকে সেই বিৰল বীক্ষণ, ভিন্ন সময়ৰ প্ৰেক্ষাত পদ্ধতিগত অধ্যয়নৰ  পৰা আহৰণ কৰা বোধ আৰু  উপলব্ধিক নতুন যুগৰ প্ৰেক্ষাত নতুনকৈ  ব্যাখ্যা কৰাৰ। যিদৰে জ্যোতিপ্ৰসাদ আগৰৱালাই শংকৰদেৱৰ আদৰ্শক পৰীক্ষা  কৰি  চাইছিল  পুৰণিক নতুনকৈ চোৱাৰ অন্তৰ্দৃষ্টিৰে নতুন সময়ৰ  কষটি  শিলত। তেখেতে শংকৰদেৱক ঠেক  পৰিচিতিৰ  গণ্ডীত  মাথোন এজন ধৰ্মপ্ৰচাৰক বুলি মানি  লবলৈ ৰাজী হোৱা নাই, বৰঞ্চ সাংস্কৃতিক গুৰুৰ আসনতহে  উপবিষ্ট কৰাইছে। 

শিল্পীৰ পৃথিৱী'ত তেখেতে গুৰুজনাৰ  বহুল  প্ৰচলিত ‘ধৰ্মপ্ৰচাৰক' ভাৱমূৰ্তিৰ উৰ্ধলৈ গৈ  কৈছে-“শ্ৰীমন্ত  শংকৰ আমাৰ সংস্কৃতিৰ গুৰু। আজিৰপৰা পাঁচশ বছৰ আগতেই এখেতে আমাক যি সাংস্কৃতিক আদৰ্শ দিলে আজি এই নতুন দিনত আমি সেই সাংস্কৃতিক আদৰ্শকেই ধৰি নতুন দিনৰ নতুন পৃথিৱীলৈ যাত্ৰা কৰিব পাৰিমনে নোৱাৰোঁ?  ইয়াকেই আজি  শ্ৰীমন্ত শংকৰে দি যোৱা সংস্কৃতিৰ আদৰ্শত আমি নতুনৰ পোহাৰত সুক্ষ্মভাৱে বিশ্লেষণ কৰি চাই-সেইমতেই  আগবাঢ়িব লাগিব। সেইকাৰণেই শ্ৰীমন্ত শংকৰে দিয়া সংস্কৃতিটোনো কি তাক আমি বুজিবলৈ প্ৰথমেই চেষ্টা কৰিব লাগিব। শ্ৰীমন্ত  শংকৰে দিয়া সংস্কৃতিৰ নাম হৈছে কৃষ্ণ। কৃষ্ণ শব্দৰ বৈয়াকৰণিক অৰ্থ হৈছে সংস্কৃতি। আজি আমি  ভাৰতীয়ই, ইউৰোপীয়, মংগোলীয়ই, গণতান্ত্ৰিকে, জনতান্ত্ৰিকে যাক  সংস্কৃতি বুলি  কওঁ-- পুৰণি ভাৰতত থকা হিন্দু সংস্কৃতি গঢ়া আৰু সেইমতে চলা মানুহখিনিয়ে সংস্কৃতিক কৃষ্ণ বুলি নাম দিছিল আৰু কৃষ্ণ বুলি উপাসনা পূজা  আৰু  কৃষ্ণই দেখুওৱা  আদৰ্শমতে মানৱ জীৱনত আগবাঢিছিল। ভাৰতত সত্য, ত্ৰেতা, যুগ পাৰ হৈ  দ্বাপৰত আহি ভাৰতীয় সংস্কৃতিয়ে যি ৰূপ ধাৰণ কৰিলে--সেই  ৰূপটোৱেই হৈ গৈছে কৃষ্ণ। এই সেই ভাৰতীয়ৰ মহান ঐতিহ্যকেই-সেই ঐতিহ্যৰ কৃষ্ণৰূপী সংস্কৃতিকেই শ্ৰীমন্ত শংকৰে উপনিষদ ভাগৱতৰপৰা আনি অৰ্থাৎ ব্ৰাহ্মণ্য সংস্কৃতিকেই সেই যুগৰ উপযোগী ৰূপত আমকি দি থৈ গ'ল।”

প্ৰকৃত শিল্পীয়ে জানে, চৰ্বিত-চৰ্বণত তেওঁ হেৰাই যাব যদিহে বিপ্লৱী সত্তা আহৰণ কৰিব পৰা নাযায়। শিল্পীৰ এই  বিপ্লৱী সত্তা কি? ই হাতত বন্দুক তুলি লৈ কৰা প্ৰতিবাদ নহয়। শিল্পীয়ে বিপ্লৱী সত্তা আহৰণ কৰে আদৰ্শৰ  দ্বন্দ্বৰ  মাজেৰে,  জীৱনৰ নুতন উপলব্ধিৰে। এইক্ষেত্ৰত,   যিকোনো শিল্পীয়ে বিপ্লৱী সত্তা আহৰণ কৰিবলৈ প্ৰাথমকিভাৱে চেষ্টা  কৰে অধ্যয়নৰ মাজেৰে, ঐতিহ্যৰ চেতনাৰ মাজেৰে গতি  কৰি।  জ্যোতিপ্ৰসাদ আগৰৱালাৰ অধ্যয়নৰ পদ্ধতিত ঐতিহ্যৰ চেতনা অতি তীক্ষ্ণ। সেইবাবেই ‘শিল্পীৰ পৃথিৱী'ত গুৰুজনাৰ উল্লেখ বিস্তৃত নহলেও,  যিখিনি  আছে সেয়া  সমস্ত উপলব্ধি আৰু সাৰকথাৰ শাহ বুলি উমান পাব  পাৰি।  জ্যোতিপ্ৰসাদে ঐতিহ্য চেতনা আহৰণ কৰাৰ সমান্তৰালভাৱে  স্থানীয় সংস্কৃতিৰ কালিকা  আত্মস্থ  কৰিবলৈ ভাৰতীয় সংস্কৃতিৰ লগতে বিশ্ব  সংস্কৃতিৰো নানা দিশ  অধ্যয়ন  কৰিছে। সেইবাবেই  শংকৰদেৱৰ  কৰ্ম-ৰাজিৰ  অধ্যয়নৰ মাজেৰে তেখেতে  গুৰুজনাৰ  ধৰ্মীয়  দৰ্শনৰ পৰিধি ভাঙি  সুকুমাৰ  কলা, স্থাপত্যৰ দৰে  দিশসমূহলৈ বিজ্ঞানসন্মত  দৃষ্টি  নিক্ষেপ  কৰিছে। 

কৃষ্ণ  সংস্কৃতি  সুকুমাৰ কলাৰ প্ৰতীক বুলি উপলব্ধি কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছে--“কিন্তু  দ্বাপৰত মনীষৰ পূৰ্ণ উপলব্ধিত দেখিলে, নহয়, মানুহৰ দৃষ্টিভংগী হ'ব লাগিব artistic, অৰ্থাৎ  শিল্পীহে  মানুহ। এই  শিল্পীটো হ'ব লাগিব প্ৰধান-আৰু জীৱনক কলাময়ী ৰূপ দিবলৈ যাওঁতে দুস্কৃতিৰ সতে যুদ্ধ আছে তাৰ বাবে বীৰত্বটো লাগিবই। কিন্তু মানুহৰ পূৰ্ণ জীৱন শিল্পীৰ ৰূপতহে ওলাব। সেইবাবে কৃষ্ণ শিল্পী-সুকুমাৰ কলা বিশাৰদ-চিৰসুন্দৰ মূৰ্তিৰে আঁকিলে। আৰু  এটা ডাঙৰ কথা যে কৃষ্ণক  ব্যৱসায়ী সুকুমাৰকলাসেৱী কৰি অঁকা নাই। আঁকিলে জীৱনৰ শিল্পীকৈ। সুকুমাৰ কলাৰ মাজেদিয়ে কৃষ্ণৰ  প্ৰথম প্ৰকাশ-কিন্তু সেই প্ৰকাশ একেবাৰে বাস্তৱ জীৱনৰ উতলি থকা জীৱনৰ মাজত। বাস্তৱ  জীৱনক্ষেত্ৰ আৰু বাস্তৱৰ ভাৱৰীয়া হৈয়েই কৃষ্ণৰ শিল্পীৰূপ প্ৰতিভাত। একেবাৰে জনতাৰ জীৱনৰ সোঁমাজতে। মানুহ যে শিল্পী-আৰু তাতেই গৈ তাৰ পূৰ্ণ বিকাশ আৰু প্ৰকাশ হ'ব-আৰু ব্যক্তিশিল্পীটোৱে জীৱনৰ কেন্দ্ৰজ্যোতি হৈ জনতাকো শিল্পীৰূপ দি জীৱনৰ পূৰ্ণৰাস পাতিব লাগিব-এই সত্যৰূপ ধৰা পৰিল দ্বাপৰতেই আমাৰ মনীষাত-কিন্তু এতিয়া এইযে মানুহৰ শিল্পীৰূপ এই কথাটো লাহে লাহে প্ৰতিভাত হৈ আহিছে পাশ্চাত্য এই কুৰি  শতিকাতহে।”

এই প্ৰসংগত প্ৰকৃত শিল্পীয়ে যে গজদন্ত  মিনাৰত  নহয়, মানুহৰ  মাজতে বাস কৰে সেই   কথাকেই  তেখেতে স্পষ্টকৈ  বুজাবলৈ চেষ্টা কৰিছে। ‘ব্যৱসায়ী সুকুমাৰকলাসেৱী'  শব্দযুগলৰ  প্ৰয়োগ মন কৰিবলগীয়া। প্ৰকৃত শিল্পী কেতিয়াও ৰজাঘৰীয়া  টুকৰ নহয়।  প্ৰকৃত শিল্পীৰ ব্যৱসায়িক দৃষ্টিভংগী নাথাকে, তেওঁ  মানুহৰ মাজতে সাধাৰণজনৰ এজন হৈ বাস কৰে। শ্ৰীকৃষ্ণও নাছিল । শ্ৰীমন্ত শংকৰদেৱো  নাছিল। শ্ৰীকৃষ্ণৰ জন্ম  হৈছে অত্যাচাৰী কংস  ৰজাৰ পোতাশালত। তোলনীয়া সন্তানৰূপে পালিত হৈছে গকুলৰ  গোপপালকৰ প্ৰধান নন্দৰ  ঘৰত, গোপপালকৰ  সতে  গৰু চৰাই উমলি-জামলি,  গৰখীয়াৰ ঘৰে ঘৰে মাখন চুৰ কৰি খাই ৰং-ধেমালি কৰি ডাঙৰ হৈছে। গৰু চৰাবলৈ যাওতেই  শিকিছে  কৃষ্টিৰ আধাৰ  মোহন  বাঁহী। কোনো সন্দেহ নাই যে,   দুস্কৃতি  নাশি  সংস্কৃতিক  থাপিবলৈ  পকিপক্ক  ৰাজনীতিবিদৰ দৰে জীৱনৰ পৰৱৰ্তী সময়ত বিভিন্ন কৰ্তব্য পালন কৰা  কৃষ্ণৰ এই শিশুৰূপেই যুগ যুগ  ধৰি সৰলপ্ৰাণ ভাৰতীয়ৰ বুকুত অনন্য স্থান  লৈছে। লগতে  ইয়াত কোনো সন্দেহ নাই যে,  দুবাৰকৈ  ভাৰত ভ্ৰমণ কৰি অনন্য জ্ঞান-অভিজ্ঞতাৰে সমৃদ্ধ হৈ  উভতি আহি  শ্ৰীমন্ত  শংকৰদেৱে  অসমীয়া সমাজখন কৃষ্টি-সংস্কৃতিৰে  বান্ধিবৰ সময়ত এই শিশুকৃষ্ণৰ ছবিখনেই  সাহিত্যত নিকপকপীয়াকৈ বান্ধিলে। সেই  সময়ত অনাখৰী মানুহে  বুজিব পৰাকৈ  উপযোগী  কৰি তুলি অতি বিচক্ষণতাৰে  নিঁভাজ  গাৱঁলীয়া শব্দৰ  প্ৰয়োগেৰে শ্ৰীমন্ত  শংকৰদেৱে  কিদৰে এই কাম সম্ভৱ  কৰি তুলিছিল,  সেয়া ড০ হীৰেন গোহাঁইৰ শংকৰদেৱ চৰ্চাৰ মাজেৰে আমি বিতংকৈ জানিব পাৰোঁ। ‘ব্যৱসায়ী সুকুমাৰকলাসেৱী'  হোৱাৰ বিপৰীতে শ্ৰীমন্ত শংকৰদেৱ  সদায় আছিল ৰাইজৰ মাজত, ৰজাঘৰীয়াৰ অত্যাচাৰতো তেওঁ শিৰ নত কৰা নাছিল।

ভাৰতীয় বা অসমীয়া মানুহৰ মনত এই  কৃষ্ণ সংস্কৃতি বা পৰম্পৰাৰৰ  মৰ্মাৰ্থ  জ্যোতিপ্ৰসাদে লাভ  কৰিছিল ক'ৰপৰা?   শংকৰদেৱ চৰ্চাৰ মাজেৰেই তেখেতে যে  এই  ‘কৃষ্ণসংস্কৃতিৰ মহিমা  উপলব্ধি  কৰিছিল, তাক  বুজাত অসুবিধা  নহয়। ভাৰতৰ সনাতনী সংস্কৃতিত কৃষ্ণ পৰম্পৰাই এক বিশাল ঠাই  অধিকাৰ কৰিছে  আৰু সেই কৃষ্ণ পৰম্পৰাকেই সংস্কৃতিৰ  দ্যোতক  বুলি  গণ্য কৰাৰ ক্ষেত্ৰত  জ্যোতিপ্ৰসাদ আগৰৱালাৰ এনে উপলব্ধি  বৈপ্লৱিক  বুলি  কব  পাৰি। অধ্যয়ন, বোধ আৰু গভীৰ অন্তৰ্দৃষ্টিৰ মাজেৰেই  এই বৈপ্লৱিক চেতনা তেখেতে আহৰণ কৰিছে।  লগতে  তেখেতে এই  কথা  বলৈ পাহৰা  নাই যে, গুৰুজনাই  কেইবা শতিকাৰো আগতেই ভাৰতীয় সংস্কৃতিৰ কৃষ্ণ  পৰম্পৰাৰ সেই মৰ্মাৰ্থ উপলব্ধি কৰিছিল।

কোনো সন্দেহ নাই  যে,  গুৰুজনাৰ  সাহিত্যক সাৰথি  কৰিয়েই  তেখেতে  সেই  উপলব্ধি আহৰণ কৰিবলৈ  সক্ষম হৈছিল। হয়তো তাৰ বাবে দীঘলীয়কালৰ অধ্যয়নো কৰিছিল।  ‘শিল্পীৰ পৃথিৱী'ত তেখেতে কৈছে-“শ্ৰীমন্ত শংকৰেও এই কৃষ্ণকে আমাক সংস্কৃতিৰ প্ৰতীককৈ দি গৈছে  আৰু তেওঁৰ নিজক জীৱনতো কৃষ্ণৰ শিল্পীৰূপ মানৱ জীৱনত প্ৰকাশ কৰিবলৈ তেওঁৰ প্ৰতিভাৰে মনীষাৰে  চেষ্টা  কৰি গ'ল। প্ৰায়বোৰ ধৰ্ম প্ৰচাৰকে  সন্যাসীৰ দৰে ধৰ্ম প্ৰচাৰ  কৰি ফুৰে। কিন্তু শ্ৰীমন্ত শংকৰে কৃষ্ণ শব্দটোৰ অৰ্থ ভালকৈ বুজিছিল- সেইহে কৃষ্ণৰ আদৰ্শতে সেই যুগৰ উপযোগী জীৱন গঢ়িছিল। আৰু সেইদৰে জীৱন গঢ়ি জগতকে জীৱন কেনে হ'ব লাগে দেখুৱাইছিল। সেইকাৰণে তেওঁ  দৈহিক সৌন্দৰ্যযুক্ত হৈ মানুহৰ শাৰীৰীক সৌন্দৰ্য যে থাকিব লাগে, তাক উপলব্ধি কৰি শৰীৰ  চৰ্চা, ব্যায়াম  আদি  কৰি  শৰীৰৰ  দৈহিক ভাগলৈ সম্পূৰ্ণ মন দিছিল। তেওঁ শৰীৰৰ শক্তিকো উপেক্ষা নিশ্চয় কৰা নাছিল--ভৰ বাৰিষা লুইত পাৰ হোৱা, ষাঁড় গৰুৰ শিঙত ধৰি পোলোৱাত তেওঁৰ দৈহিক শক্তি  আৰু শৰীৰ পুষ্ট কৰা খেল-ধেমালিকো তেওঁ কৰ্তব্যৰ ভিতৰত ধৰিছিল। তেওঁ  মানসিক স্থিতাৱস্থাৰ কাৰণে নিজৰ দেহৰ, মনৰ, হৃদয়ৰ সক লো গুণাগুণৰ ওপৰত নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ব্ৰহ্মচৰ্য্য, যোগাভ্যাস সকলো কৰিছিল।তেওঁ সংসাৰী হৈ, গৃহী হৈ আদৰ্শ গৃহস্থ, আদৰ্শ সংসাৰীৰ চানেকি দেখুৱাইছিল। তেওঁ সকলো শাস্ত্ৰৰ পণ্ডিত হৈছিল। তেওঁ সুকুমাৰ কলাৰ আটাইকেইবিধ- কবিতা, সংগীত, স্থাপত্য, ভাস্কৰ্য, আলেখ্যত বিশাৰদ হৈছিল। তেওঁ পৰিকল্পনা কৰিছিল, তেওঁ গাইছিল, বজাইছিল, নাচিছিল। তেওঁৰ চৰিত্ৰকাৰকে তেওঁ যে এজন মানুহ মোহিত কৰিব পৰা অতি সুদক্ষ শিল্পী আছিল, তাকে কৈ গৈছে। তেওঁৰ কবিতা, গীত, সুৰে আজিও পাঁচশবছৰৰ পিছতো তাৰ মাজেদি অহা তেওঁৰ প্ৰতিভাৰ শতদলৰ সুৰভিয়ে অসমীয়াৰ মনোবল আমোলমোলাই থৈছে।”-থোৰতে , মাথোন  এটা পেৰাগ্ৰাফত কোৱা  এই বক্তব্যতে জ্যোতিপ্ৰসাদ  আগৰৱালাৰ শ্ৰীমন্ত  শংকৰদেৱ অধ্যয়নৰ বিস্তৃতিৰ উমান পাব পাৰি।

কিন্তু কেৱল অধ্যয়নৰ বিস্তৃতিৰ মাজেৰে  নহয়, শংকৰদেৱ চৰ্চাৰ  প্ৰগতিশীল উপাদানেহে  জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিল্পী সত্তাটিক নতুনকৈ সজাই  তুলিছে।  শংকৰদেৱৰ অধ্যয়ন আৰু  চৰ্চাক প্ৰগতিশীলতাৰ  সূত্ৰৰে  অভিনৱত্ব প্ৰদান কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই ‘শিল্পীৰ পৃথিৱী'ত পুনৰ কৈছে-“১৯৩০ চনত বাৰ্লিনত ভাৱিষ্যতিক, আধুনিক  স্থাপত্যৰ কেইটিমান নতুনকৈ সজা ৰাজহুৱা ঘৰ দেখি-চক খাই উঠি-সেই বিদেশৰ চহৰৰপৰাই এই অসমৰ মহাপ্ৰতিভালৈ শিৰ দোঁৱাইছিলোঁ। ইয়াৰ পিছত ইউৰোপৰপৰা মই উভতি আহি ১৯৩১ চনত বৰদোৱা সত্ৰলৈ গৈ তাত বৰদোৱাৰ নামঘৰৰ খূঁটাত কাটি থোৱা ভাস্কৰ্য্যৰ নিদৰ্শন দেখি আকৌ এবাৰ বিস্ময়ত অভিভূত হৈছিলোঁ। সেই সময়ত বিশ্ববিশ্ৰুত ভাস্কৰ্য্যশিল্পী Epstein অৰ এক ভাস্কৰ্য্যৰ  কাৰিকৰীত জগতত এটা ৰোমাঞ্চ (sensation) সৃষ্টি হৈছিল। বিখ্যাত সমালোচকসকলে  Epstein অৰ কাৰিকৰীত ভাৰতীয়  প্ৰভাৱ আছে বুলি কৈছিল। সেই  কাৰিকৰীতেই দেখিলোঁ  বৰদোৱা নামঘৰৰ খূঁটাত কটা মূৰ্তিবোৰ। আচৰিত হ'লোঁ। ভকতক প্ৰশ্ন কৰোঁতে ক'লে সেই খুঁটাবোৰ গুৰুৰ দিনৰেই। তেন্তে এই ভাস্কৰ্যতো হিন্দুৰ দেৱ-দেৱীৰ ভাস্কৰ্য্যৰ কাৰিকৰী নহয়। এই নামঘৰৰ স্থাপত্যৰ দৰে বৈপ্লৱিক ভাস্কৰ্য্যটো দৃষ্টিভংগীৰপৰা ওপজা কাৰিকৰী। যি  কাৰিকৰী অলপ হেৰফেৰ হৈ আজি পাঁচশ বছৰৰ পিছত Epstein অৰ বটালিয়েদি ওলাই জগতৰ ৰোমাঞ্চিত কৰিছে তেতিয়া মোৰ মনে গাই উঠিছিল,


আগে নিচিনিলোঁ   এবেসে জানিলোঁ

তেন্তে তুমি শ্ৰীৰাম

অজ্ঞানীক মোক    প্ৰভূ ক্ষেমিয়োক

চৰণে কৰোঁ প্ৰণাম।

 

পশ্চিমীয়া শিক্ষা পাই অহঙ্কাৰত অন্ধলা হৈ ঘৰৰে মহাপ্ৰভূক চিনি নাপাই ফুৰা মোৰ মনটোৰ সকলো অহঙ্কাৰ সেইদিনা একেবাৰেই ধূলিস্যাৎ হৈ গ'ল। সেইদিনাৰপৰাহে মই অসমীয়া হবলৈ আৰম্ভ কৰিলোঁ। মোৰ ভিতৰৰ চাহাবটো ওলাই লৰ  মাৰিলে।

তাৰপাছত নামঘৰ ভিতৰলৈ গৈ দেখিলোঁ-থাপনাখন  দেখোন cubist design অৰ, তাত অঁকা-বাকবোৰ কোনোটো  impressionist, কোনটো symbolist শিল্পীৰ আলেখ্যৰ দৰে। বাৰে বাৰে এটা প্ৰশ্ন জাগিবলৈ ধৰিলে  বিদেশত কেলৈ পঢ়িবলৈ গৈছিলো, ঘূৰি আহিদেখোন ঘৰতে পালোঁ। তেতিয়াৰেপৰাই শ্ৰীমন্ত শংকৰৰ সৰ্বতোমুখী  প্ৰতিভা বুজিবলৈ চেষ্টা কৰি আহিছোঁ--আজিওতো সকলো বুজি শেষ কৰিব পৰা নাই। ইয়াকে কৰিছিল শ্ৰীমন্ত শংকৰে জনতাৰ মাজত, গাৱঁৰ মাজত। জনতাক সাংস্কৃতিক জীৱন দিবলৈ। সেইকাৰণেই  জনতাই  বুজি পোৱা সৰল অসমীয়ালৈ তেওঁ ভাঙি  দিলে ভাগৱত,  যি আছিল সংস্কৃত ভাষাত --জনতাই  হাতেৰে ঢুকি নোপোৱাত।  তেওঁ তাক আনি দিলে একেবাৰে জনতাৰ কোলাত। তেওঁ জীৱনৰ মহাশিল্পী হৈ বহিল অসমীয়া জনতাৰ মাজত বহিল  অসমীয়া  জনতাৰ নৱ জীৱন গঢ়িবলৈ। এই নতুন সমাজ সৃষ্টি অভিযানত তেওঁ  প্ৰথমেই সুকুমাৰ কলা-শিল্পী হৈয়েই ওলাই গৈ  পিছত সামাজিক সংগঠনৰ সকলো বিভাগতেই সেই শিল্পীৰ সৌন্দৰ্য সৃষ্টি-দৃষ্টিৰেই  সেই বৈপ্লৱিক ভংগীমাৰেই দেখা দিলে।

 

এই অনুপ্ৰেৰণাৰেই জ্যোতিপ্ৰসাদে লিখিছিল,

‘!

জনতা তোৰ প্ৰাণৰো প্ৰাণত,

মনৰো মনত

শিল্পী যে মই

লুকাই লুকাই আছোঁ

তোৰ সপোনৰ

কত ছবিত কত যে ফুল  বাছোঁ

লুকাই লুকাই আছোঁ।”

এয়াই  হৈছে কৃষ্ণ-সংস্কৃতিৰ দৰ্শন, যাক শ্ৰীমন্ত  শ্ৰীমন্ত  শংকৰদেৱে অভিনৱত্বৰে  গীত-মাত-অভিনয়-কৰ্মসংস্কৃতিৰে   নতুনকৈ  প্ৰতিষ্ঠা কৰিলে  নতুন সময়ৰ প্ৰেক্ষাত তেওঁৰ জীৱনকালত,  আৰু তাৰ পাঁচশ বছৰৰ পিছত সেই উপলব্ধিকেই  নৱ ৰূপ লিখিলে  জ্যোতিপ্ৰসাদ  আাগৰৱালাই। যে, প্ৰকৃত শিল্পীৰ অৱস্থান মানুহৰ মাজত, তেওঁ  মানুহৰ মাজতে লুকাই  লুকাই মানুহৰ সপোনৰ মাজেৰেই জীৱনৰ জয়গান গাই যায়। এই শিল্পীজন ৰজাঘৰীয়াৰ পদলেহনকাৰী ‘ব্যৱসায়ী সুকুমাৰকলাসেৱী' নহয়।

 জ্যোতিপ্ৰসাদে শ্ৰীমন্ত  শংকৰদেৱৰ কৰ্মৰাজিৰ চৰ্চাৰ কিমান গভীৰলৈ প্ৰৱেশ কৰিছিল তাক বুজিব  পাৰি  সমাজৰ অস্পৃস্যতা দূৰ কৰিবৰ ৰণে শংকৰদেৱে লোৱা বৈপ্লৱিক ব্যৱস্থাৰ উধৃতি দিবলৈ  গৈ তেওঁ  ‘শিল্পীৰ পৃথিৱী'ত তুলি দিয়া কীৰ্তনপুথিৰ তলৰ উদ্ধৃতিৰপৰা,

ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কূল

দাতাত চোৰত যেন দৃষ্টি সমতূল”

এইদৰেই  ক্ষণজন্মা গণশিল্পীগৰাকীয়ে  গুৰুজনাৰ আদৰ্শক যিদৰে  নতুনকৈ আৰু বিজ্ঞানসন্মতভাৱে  আৱিস্কাৰ কৰিলে   তাৰ  স্বাক্ষৰ ‘শিল্পীৰ পৃথিৱী'ৰ পাতত ৰৈ গৈছে। কবলৈ গ'লে, চৰ্বিত-চৰ্বণতাৰ উৰ্ধলৈ গৈ এয়াই ৰূপান্তৰৰ বিপ্লৱী  মন্ত্ৰ। আজিৰ ধৰ্মভিত্তিক ঘৃণাৰ ৰাজনীতিৰ কবলত ককবকাই থকা সমাজত য'ত গাহৰি-কুকুৰা পালন কৰাৰ অপৰাধতে মানুহক এঘৰীয়া  কৰা হৈছে, বা ধৰ্মীয়ভাৱে  সংখ্যালঘূ হোৱাৰ বাবেই নানা অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া হৈছে-তেনে সময়ত অন্তৰ পোহৰ কৰা এনে সাহিত্যৰ পঠন আৰু আলোচনাই  সমাজক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰিব পাৰি।


Tuesday, 13 May 2025

 

বুদ্ধ-পূৰ্ণিমা, বুদ্ধ ডুডলচ্, সাধুকথাৰপৰা ওলাই অহাৰ বাট




 

পৰহি মোৰ জন্মদিন আছিল। এইটো একো ডাঙৰ কথা নহয়। সামাজিক মাধ্যমত মোৰ জন্মদিন hide option-ত আছে।কোনেও নাজানে। তাৰ আগদিনা মাতৃদিৱস আছিল। আমাৰ হিমাক্ষী বৰাই কৰ্মক্ষেত্ৰত দিনটো কাম কৰি নিশালৈকে নিজৰ মাতৃৰ বাবে এটা কবিতা লিখি উলিয়াইছিল। কবিতাটোৱে  আচলতে আমাৰ বয়সৰ সকলো মাতৃক প্ৰতিনিধিত্ব কৰে—পঞ্চাশৰ দশক পাৰ হোৱা আমাৰ দৰে মাতৃবোৰৰ আশা, আকাংক্ষা, আশাভংগৰ বেদনা, ৰোগ-আজাৰ, সন্তানৰ সপোনত মজি গৈ নিজডৰ সপোন পাহৰি যোৱা, ক’ৰবাত ওলমি থকা তাহানিৰ হেৰাই যোৱা সপোনবোৰ —এই সকলোবোৰ সামৰি  কবিতাটো । পিছদিনা পুৱাই কবিতাটো তেওঁ ম’বাইলৰ বাৰ্তা-বাকচত  মোলৈ পঠিয়াই দিলে। তেতিয়া মই বাৰ্তা দিলোঁ—‘আজি মোৰো জন্মদিন। আচলতে মোৰ দুটা জন্মদিন। এটা বাৰ মে’। আনটো বুদ্ধ পূৰ্ণিমা।কোনোবা এদিন বুদ্ধ-পুৰ্ণিমাৰ দিনা মোৰ জন্ম হৈছিল, যিদিনা বাৰ মে’ আছিল। কাচিৎ কেতিয়াবাহে এই দুটা দিনৰ সংযোগ একেদিনাই হয়। বহুত বছৰৰ মূৰত এইবাৰো হৈছে। গতিকে তুমি মোকো এটা কবিতা উপহাৰ দিয়া।’

হিমাক্ষী আৰু মোৰ মাজত এটা সংযোগ আছে। আমি বেছি কথা নাপাতোঁ। বহুত কম। কিন্তু আচলতে  আমি কথাই পাতি থাকো মনে মনে। তাৰে কিছুমান কথা ম’বাইলৰ বাৰ্তা-বাকচত লিপিবদ্ধ হৈ থাকে। কথা কবলৈ মন গ’লে হিমাক্ষীয়ে বাৰ্তা-বাকচত কিবা এটা লিখি থৈ দিয়ে। কথা পাতিলে আমনি হ’ব বুলি ভাবি লয় চাগে। এমাহমান তেনেকৈয়ে যায়। কি বা ক’ব! ৰৈ থাকোঁ। আমাৰ কথাবোৰ soulfull, ক’ৰবাত মনক পূৰ্ণতাৰে দোলা দি যায়। ঠিক ‘বুদ্ধ ডুডল্’(Buddha Doodles)বোৰৰ দৰে। বুদ্ধ ডুডল্--গভীৰ উপলব্ধি থকা এটা ক্ৰীড়াসুলভ চিত্ৰকৰ্ম।

হিমাক্ষী  তৰুণ প্ৰজন্মৰ বন্ধুসকলৰ  অন্যতম। বিশেষ। এই বন্ধুত্ব সৰল, কিন্তু সহজ নহয়। তৰুণ প্ৰজন্মৰ আচলতে বহু কথাই সহজ নহয়।

ম’লি হান, ওৰফে মলিকিউলচ্-এ অঁকা ‘বুদ্ধ ডুডলচ্’ৰ বিষয়ে জানিব পাৰিছিলোঁ যিকোনো বিষয়ত মোৰ সৃষ্টিশীল লেখক এজনৰ থাকিবলগীয়া এটি প্ৰয়োজনীয়  গুণ- detachment নাই বুলি সততে শুনা অভিযোগবোৰৰ বাবে। সমালোচনাৰ বাবে।  যিকোনো সমালোচনাক যিহেতু আগ্ৰহেৰে গ্ৰহণ কৰোঁ, সেয়ে সৃষ্টিশীল সাহিত্যিকৰ থাকিবলগীয়া গুণ detachment-ৰ বিষয়েও পঢ়া-শুনা কৰি থাকোঁ। সঁচাকৈয়ে মোৰ detachment নাই নেকি? লিখিবলগীয়া সাধুকথাটোৰ গভীৰলৈ গৈ আকৌ প্ৰয়োজনীয় সময়ত তাৰপৰা ওলাই আহি চিন্তা কৰিব নোৱাৰোঁ নেকি? শেহতীয়াকৈ দিপৰ বিলক লৈ লিখা গল্পটো-দিপৰ, দ্য ৱাটাৰস্কে’প-কিমান বছৰ গল্পটোৰ ভিতৰত সোমালো আৰু ওলালোঁ!দিপৰ বিলখন দেখিলেই ভাৱ হৈছিল—ইয়াত মোৰ বাবেও এটা কাহিনী আছে।  মায়-ব্ৰা পৰ্বত আৰু লংবুই পৰ্বতৰ গল্প দুটাও দুবছৰমান  ধাৰণ কৰি আছিলোঁ। Detachment ন’হল নেকি? কিছুমান সামাজিক-ৰাজনৈতিক বিষয়ত এটা নিৰ্দিষ্ট অৱস্থান লওঁ আৰু মাত মাতোঁ বাবেই detachment নাই বুলি সমালোচনাৰ সন্মুখীন হৈছোঁ, নে সঁচাকৈয়ে মোৰ এই গুণটো নাই।

কেতিয়াবা কোনো এজন সাহিত্য অনুৰাগীয়ে কয়, আমাৰ নিজাইন আলোচনীৰ সাহিত্য আলোচনাবোৰ বহুত গভীৰ। অলপ পাতলীয়া হ’ব লাগে। বুজি পোৱা হ’ব লাগে। শ্ৰোতা-দৰ্শকৰ সংযোগ(connection)ত অধিক মন দিব লাগে। এনে সঁহাৰিয়েও  কিছু কথা ভাবিবলৈ সুবিধা কৰি দিয়ে।  

Detachment -- এই কথাটো পঢ়িবলৈ গৈয়ে সাধুকথাবোৰ লিখাৰ সময়ত কোনখিনিত নো সাধুটোৰপৰা ওলাই আহিব লাগে, কাহিনীৰ সতে কিমানবাৰ ওলোৱা-সোমোৱা কৰি থাকিব লাগে সেই বিষয়ে অলপ পঢ়া-শুনাই কৰি দিলোঁ। এটা সময়ত নীলমনি ফুকন ছাৰে কিছু কথা  কৈছিল। কাহিনী এটাক লৈ কিদৰে খেলি থাকিব  লাগে।  পৰৱৰ্তী সময়ত, নকলেও হ’ব যে detachment চৰ্চাৰ প্ৰাথমিক শিক্ষকগৰাকী গুগলবিজ্ঞানেই আছিল। গৈ গৈ তাতেই পালোঁগৈ ‘বুদ্ধ ডুডলচ্’। এজন বৌদ্ধ সন্যাসী আৰু হাতী এটাৰ কাৰ্টুনেৰে ম’লি হান-এ ২০১১ চনৰপৰা প্ৰতিদিনে এটিকৈ কাৰ্টুন চিত্ৰ আঁকি আহিছে, যি কৰ্মক তেওঁ  ক্ৰীড়াসুলভ বিনোদনৰ মাজেৰে জীৱনৰ গভীৰতাৰ সন্ধান বুলি উপলব্ধি কৰিছে। ম’লি হানৰ বাবে এয়া হৈছে গভীৰ অনুৰাগৰ ধ্যান- বুকুৰ ভিতৰৰ গভীৰ নাদটোক সমগ্ৰ জীৱনৰ বাবে নিৰহ-নিপানীকৈ ৰাখিবলৈ কৰা গভীৰতাৰ সন্ধান। যোৱা চৈধ্যটা বছৰত শিল্পীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে সমগ্ৰ পৃথিৱীত হাজাৰ হাজাৰ অনুৰাগীৰ সৃষ্টি কৰিছে প্ৰতিটো দিনত বৌদ্ধ সন্যাসী আৰু হাতী এটাৰ চৰিত্ৰৰে  অংকন কৰা জীৱনোপলব্ধিৰে সমৃদ্ধ কাৰ্টুনবোৰৰ মাজেৰে।

Detachment এটা প্ৰক্ৰিয়া। এটা process বুলি কব পাৰি।মাৰ্ক্সবাদক যদি  মাথোন এটা আদৰ্শ নহয়, বৰঞ্চ জীৱনৰ  practice বুলি গ্ৰহণ কৰা হয়, তেনেহ’লে বুজিব পাৰি এই practice কিমান কঠিন। সামাজিক বিষয়ৰ দ্বান্দ্বিক বিশ্লেষণ ন’হলে সাহিত্যও আগনাবাঢ়ে, সমাজো আগনাবাঢ়ে। সমাজবাস্তৱতাৰ বিজ্ঞানসন্মত বিশ্লেষণ নহ’লে সাহি্ত্যই জনপ্ৰিয়তা পালেও দীৰ্ঘকালত কেতিয়াবা সেইবোৰ propaganda বা জাবৰ হৈ যাবগৈ পাৰে। অৱশ্যে সাহিত্য মূলতঃ সাহিত্যই। সমাজবাস্তৱতাৰ পৰা আহৰিত সাহিত্যৰ এইটো এটা ডাঙৰ প্ৰত্যাহ্বান। আপুনি এটা গল্প কবলৈ গ’লে সি এটা গল্পই হ’ব লাগিব। এতিয়া প্ৰশ্ন হ’ব পাৰে-গল্পনো কি? ইয়াৰ চাৰিসীমা কি? গল্প কেতিয়াবা ৰাছিয়াৰ  পৰম্পৰাৰ matryoshka doll-বোৰৰ দৰে হ’ব পাৰেনে? ‘জোনফুল’ উপন্যাসত এই matryoshka doll-বোৰৰ প্ৰসংগ বাৰে বাৰে আহিছে।‘জোনফুল’ লিখিবলৈ গৈ দেখিছিলোঁ মাকৰ পেটৰপৰা পোৱালি ওলোৱাৰ দৰে অসমৰ সশস্ত্ৰ সংগ্ৰামৰ কাহিনীবোৰ এটাৰ পেটৰপৰা আনটো নিৰৱচ্ছিন্নভাৱে ওলায়েই থাকে, ওলায়েই থাকে-যদিওবা সেই সংগ্ৰামখনৰ জোৰ আছিল অতিকৈ সীমিত। এটা গল্পৰ মূল কাহিনীয়ে দাবী কৰিলে matryoshka doll-বোৰৰপৰা নিৰ্বাচিত কৰি আনি এটা দুটা সাধুকথা মূল কাহিনীৰ সতে কৈ দিব পাৰি নে নোৱাৰি—অৱশ্যেই মূল গল্পৰ ছন্দপতন নঘটাকৈ? সৃষ্টিশীল সাহিত্যত detachment-ক এটা process বুলি ধৰি ল’লেও বুজিব পাৰি ইয়াৰ সাধনা আচলতে কিমান কঠিন।

বুদ্ধক বহুতে জীৱনৰ বাবে বিভিন্নধৰণে গ্ৰহণ কৰিছে। বুদ্ধ মোৰ বাবে সদায় প্ৰতিবাদ। কাহিনীবোৰ হয়তো বুদ্ধ ডুডলচ্।

কিন্তু এটা কথা- কাহিনীৰপৰা ওলোৱা-সোমোৱাৰ practice কৰোঁতে কৰোঁতে যদি মানুহৰ কল্যাণৰ বাবে মাত মাতিবলগীয়া  গভীৰ ৰাজনৈতিক-সামাজিক বিষয়বোৰৰপৰাও ফালৰি কাটি আহিছোঁ, নিস্পৃহ হৈ পৰিছোঁ, তেনেহ’লে সাহিত্যতো নিৰ্ঘাত fail মাৰিম, জীৱন ব্যৰ্থ হৈ যাব।  বাকীখিনিক জীৱনৰ process আৰু practice-ৰ মাজত যুঁজ-বাগৰ কৰি থাকিবলৈ দিয়া। ইয়াৰ আনন্দ আৰু বেদনাবোৰ নিজা, তাতেই আছে জীৱনৰ মজা।



১৪ মে, ২০২৫

Tuesday, 6 May 2025

 


অপূৰ্ব শৰ্মাৰ ‘সমসাময়িক কাহিনীবোৰ’--এটি অৱলোকন




 ৰত্না ভৰালী তালুকদাৰ 

প্ৰকাশ’ ২০২৫ আলোচনীৰ বিহু সংখ্যাত প্ৰকাশিত বিশিষ্ট গল্পকাৰ অপূৰ্ব শৰ্মাৰ  ‘সমসাময়িক কাহিনীবোৰ’ শীৰ্ষক গল্পটি পাঠকৰ  মাজত সমাদৃত হৈছে। কঠিন সময়ক হস্তক্ষেপ কৰি আনে নেদেখা জগতৰ তীক্ষ্ণ পৰ্যবেক্ষণেৰে ৰূপকীয় কাহিনীকথন নিৰ্মাণ কৰা বিশিষ্ট গল্পকাৰ অপূৰ্ব শৰ্মাৰ দৰে দক্ষতা অসমীয়া সাহিত্যৰ সমসাময়িক গল্পকাৰসকলৰ ভিতৰতে বিৰল। তেখেত অসমৰ কিংবদন্তি গল্পকাৰসকলৰ অন্যতম গল্পৰ বাটৰ এক বিৰল সাধনাৰে তেখেতে প্ৰতিটো প্ৰজন্মৰ গল্পকাৰৰপৰা আদায় কৰি লৈছে বিৰল শ্ৰদ্ধা।  

সমসাময়িক কাহিনীবোৰ’—গল্পটিৰ শিৰোনাম মন কৰিবলগীয়া। ইয়াৰ গল্পকাৰে কৈছে ‘সমসাময়িক কাহিনীবোৰৰ’ কথা। যিহে্তু সমসাময়িক কাহিনীবোৰ বুলি কোৱা হৈছে—সেয়ে ধৰি লব লাগিব যে, গল্পটো সমসাময়িক যিবোৰ কাহিনী আমাৰ চাৰিওকাষে ঘূৰি ফুৰিছে, সেই কাহিনীবোৰৰ প্ৰতিনিধি। যিহেতু গল্পৰ শিৰোনামে সামূহিক  প্ৰতিনিধিত্বৰ  কথা কৈছে—সেয়ে ধৰি লোৱা হৈছে যে, গল্পটো কেৱল অৰ্ণৱ, নন্দিনী, প্ৰিয়মহঁতৰ কাহিনী নহয়।যদি তেনে হ’লহেঁতেন, তেনেহ’লে আজিৰ আলোচনাৰ বিষয় সুকীয়া হলহেঁতেন। ই এটা সময়ৰ প্ৰজন্মৰ কাহিনী। 

গল্পটো যুৱ প্ৰজন্মৰ কেইবাটিও চৰিত্ৰৰ লগতে এটি বৃদ্ধ চৰিত্ৰৰ সমষ্টি। মূল চৰিত্ৰকেইটিৰ অভিজ্ঞতাবোৰ সামৰি ইয়াত প্ৰজন্মৰ অলেখ দুখ-বেদনা-প্ৰহসনৰ সমাহাৰ ঘটিছে। কাহিনীবোৰে কেতিয়াবা তীব্ৰ প্ৰতিযোগিতাময় এক কঠিন সময়ৰ বুকুত জীয়াই থাকিবলৈ আপ্ৰাণ চেষ্টা কৰিছে, কেতিয়াবা যুদ্ধত হাৰি আত্মহনন কৰিছে আৰু কেতিয়াবা ছলনাৰে আত্ম-প্ৰবঞ্চনাৰ বাটত ভৰি থৈছে। ‘সমসাময়িক কাহিনীবোৰ’ গল্পত তৰুণ প্ৰজন্মৰ চৰিত্ৰকেইটিৰ প্ৰত্যেকেই কঠিন সময়ৰ বুকুত জীৱন-জীৱিকাৰ সংগ্ৰামখনত লিপ্ত হৈছে। কাৰো জীৱন ইয়াত সহজ নহয়। যেন কবলৈ বিচৰা হৈছে যেআজিৰ প্ৰজন্মই কৰবাত আপোচ (compromise) কৰিবলৈ বাধ্য। এয়া হয়তো সময় কাৰুণ্যৰেই ৰূপক

জীৱনৰ বিয়লি বেলাত তৰুণ প্ৰজন্মৰ কঠোৰ জীৱনলৈ ইমান আকুলতাৰে আলোকপাত কৰিবলৈ বিচৰা অপূৰ্ব শৰ্মা ছাৰৰ চকুহালক ধন্যবাদ দিবই লাগিব

গল্পটিৰ আৰম্ভণি যাদুৰ দৰে। পৈণত শিল্পকৰ্মৰ দৰেই  প্ৰথমৰেপৰাই আমাক গল্পৰ ভিতৰলৈ সোমাই যাবলৈ অহৰহ আৱাহণ কৰে। অৱদমিত সময়, প্ৰহসন আৰু তৰুণ প্ৰজন্মৰ জীৱন-জীৱিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামক বুজাবলৈ গল্পত যৌনতাক (sexuality) এক আহিলা (tool) হিচাপে ব্যৱহাৰ কৰা হৈছে। গল্পৰ দুটি প্ৰধান নাৰী চৰিত্ৰ যৌনভাৱে সক্ৰিয়। গল্পকাৰে দ্বিতীয় পেৰাগ্ৰাফতেই লিখিছে যে মূল চৰিত্ৰ নন্দিনীৰ শৰীৰ ‘যৌন প্ৰৱণ, সহজেই দেহলৈ উত্তাপ আহে...প্ৰিয়মৰ চৰিত্ৰটিত আছে যৌন বিকৃতি। এই বিকৃতি আহিছে সমাজৰ পুৰুষতান্ত্ৰিক কাঠামোৰ অৱদমনৰপৰা। দেউতাকৰ অৱহেলাত মাকৰ মৃত্যুৰ পিছত তায়ো প্ৰথম অৱস্থাত দেউতাকৰপৰা অৱহেলিত হৈছে, তাৰপিছত আত্মীয়ৰ হাতত যৌনভাৱে নিৰ্যাতিত হৈছে, বায়েকৰ প্ৰেমিকৰ হাতত ধৰ্ষিতা হৈছেতাৰপিছত মহানগৰত পঢ়িবলৈ আহি বিভিন্ন ঘটনাৰ পাকচক্ৰত পৰি পঢ়া-শুনাৰ লগতে উপাৰ্জনৰ মাজতে হতাশগ্ৰস্ত হৈ ভাং (বাবা) খাইছে, আত্মহত্যাৰ চেষ্টা চলাই ব্যৰ্থ হৈছেঅৱশেষত ধনী বুঢ়া প্ৰেমিক এজন গোটাই লৈ যৌনাচাৰ কৰি সময় বুজি দলিয়াই দিছে আৰু জীম কৰা পুৰঠ দেহাত দামী ব্ৰেণ্ডেড্ জীনছ, টপ, জোতা, চচমা, ঘড়ী পিন্ধি তাইলৈ উপহাৰ হিচাপে নিজৰ উৎপন্ন ক্ষেত্ৰৰপৰা অনা মৌ, সৰিয়ৰহ তেল, মাছ আৰু দামী মদৰ বটল অনা এজন যুৱকৰ হাতত হাতত নিজকে এৰি দিছে- যি পুৰুষে তাইক কৈছে, ‘আপোনাৰ সন্যাসলৈ বহু বছৰ আছে। আপোনাৰ পুৰুষৰ স্পৰ্শৰ প্ৰয়োজন।’

আন এটি চৰিত্ৰ নীৰেন—যি এজন সংবেদী সাংবাদিক—সি হতাশাত ভুগি ভুগি এটা সময়ত গৈ আত্মহননৰ পথ বাচি লৈছে। এই গল্প ৰূপান্তৰৰ সপোনৰ নহয়—স্খলন আৰু অৱক্ষয়ৰ বিৱৰণীৰহে।  

গল্পটিত সময়ৰ উপস্থাপনাৰ একধৰণৰ  বেমেজালি দেখা যায়। ই কোনখিনি সময়ক ধৰি ৰাখিছে? ‘অৰ্ণৱ’ৰ চৰিত্ৰটি ‘জাতিক জগাই তোলা জাতীয় আন্দোলনৰ শেষত অহা নিজস্ব চৰকাৰৰ’ সময়ৰ অৰ্থাৎ, তেনেহ’লে এই সময়খিনি  আশীৰ দশকৰ বুলি ধৰি লব লাগিব। কিন্তু গল্পৰ নেৰেটিভ একবিংশ শতিকাৰ। অভিজ্ঞতা কবিংশ শতিকাৰ। ইয়াত প্ৰেমিক-প্ৰেমিকাই নিজৰ ভিতৰত কথা-বতৰা পাতিছে এনেদৰে-

- ‘তই বৰ ঝেং মাল বে’। পুৱাই বেকাৰ ফোন মাৰি অশান্তি কৰি আছ। আহচোন, আজি তোক যদি বুটী বাঢ়নীৰে নোকোবাও!’ অৰ্ণৱে নিদ্ৰালু কণ্ঠেৰে ক’লে

-জহনী,(…)!’ পুৰুষাংগসুচক অশ্লীল শব্দৰে তাই সমান মেজাজেৰে উত্তৰ দিলে।‘তোৰ বাঢ়নীৰ কোব মোৰ জনা আছে। ঘড়ীটো চাচোন।’—তাই ক’লে

-‘ৰাতি দুই বজাত শুইছোঁ বে’।’– সি উত্তৰ দিলে

-‘তই মুতনী খাই খাই দুই বজাত শোৱাটো মোক কেলেই লাগিছে। মই তিনি বজাত শুইছোঁ, কাম শেষ কৰি।’ তাই উত্তৰ দিলে

বুজিব পাৰি, সংলাপবোৰ এখন ভোগবাদী সমাজৰ হতাশগ্ৰস্ত যুৱপ্ৰজন্মৰ মুখৰ সংলাপ। সংলাপবোৰ যেন স্বাভাৱিক প্ৰেমৰ সম্পৰ্কৰ নহয়। যদিহে গল্পকাৰে ‘জাতিক জগাই তোলা জাতীয় আন্দোলনৰ শেষত অহা নিজস্ব চৰকাৰৰ’ সময়খিনিলৈ দৃষ্টি দিছে, তেনেহ’লে প্ৰশ্ন হয়,  প্ৰেমৰ এনে কথোপকথন কৰিব পৰা এই হতাশগ্ৰস্ত ভোগবাদী সমাজখন আশীৰ দশকত আছিল নে? তদুপৰিগল্পৰ সময়ৰ বিৱৰণী অনুসৰি ‘অৰ্ণৱে’ মাজবয়স পাৰ কৰিছে।তেতিয়া নন্দিনীৰ সতে সমন্ধটো বয়সৰ জোখেৰে পিতা-পুত্ৰীৰহে হয়গৈ।  তেনেহ’লেতেতিয়ালৈকে প্ৰেমিক অৰ্ণৱে নিজৰ প্ৰতিষ্ঠাৰ সংগ্ৰামতে আৱদ্ধ হৈ আছেনে? সেই বয়সৰ প্ৰেমৰ সমন্ধত উক্ত সংলাপ খাপ খাইছেনে? মন কৰিবলগীয়া দিশটো হৈছে গল্পৰ বিৱৰণী অনুসৰি ‘জাতিক জগাই তোলা জাতীয় আন্দোলনৰ শেষত অহা নিজস্ব চৰকাৰৰ’ সময়ত (অৰ্থাৎ আশীৰ দশকত) নিজকে প্ৰতিষ্ঠা কৰিবলৈ সংগ্ৰাম কৰি থকা অৰ্ণৱৰ প্ৰেয়সী নন্দিনীয়ে নতুন আলোচনী এখনত  কিছুদিন কাম কৰাৰ পিছতে ‘নিউজ চেনেল’ত কাম কৰাৰ অভিজ্ঞতা লাভ কৰিছে। প্ৰসংগক্ৰমে,  নিউজ চেনেলবোৰ  অসমত আৰম্ভ হৈছিল একবিংশ শতিকাৰ প্ৰথম দশকত আৰু দ্বিতীয় দশকৰপৰাহে নিউজ চেনেলবোৰ অধিক গতিশীল  হয়। গল্পত সামাজিক বান্ধোন ঢিলা হৈ পৰাৰ সময়ৰ কথা কোৱা হৈছে। তেনেহ’লে সি উদাৰবাদী অৰ্থনীতিৰ পৰৱৰ্তী কালৰ ছবি। সময়ৰ এনে বেমেজালিয়ে গল্পৰ নেৰেটিভ নিৰ্মাণৰ সময়ত প্ৰেমিক-প্ৰেমিকাৰ সমন্ধ অথবা কথোপকথন বুজি পোৱাৰ বেলিকা এক বিভ্ৰান্তিৰ সৃষ্টি কৰিছে

যদি ধৰি লোৱা যায় যে, গল্পৰ প্লট কাল্পনিক, ইয়াৰ বাস্তৱৰ আধাৰ নাই, অথবা ‘জাতিক জগাই তোলা জাতীয় আন্দোলনৰ শেষত অহা নিজস্ব চৰকাৰৰ’ৰ কথাটো গল্পৰ  খাতিৰতহে অৱতাৰণা কৰা হৈছে—তেতিয়াহ’লে অৱশ্যে এনেবোৰ যুক্তি নাখাটে। কিন্তু অপূৰ্ব শৰ্মা ছাৰৰ আন সকলো গল্পৰ দৰেই এই গল্পটিৰো উৎস ৰূঢ় সমাজবাস্তৱতা। নিৰ্দিষ্ট সময়ৰ প্ৰেক্ষা ইয়াৰ আধাৰ।  

গল্পৰ পঠনে আমাৰ দৃষ্টি আন এটি দিশলৈও লৈ গ’ল। আমি নিজে সাংবাদিক। শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি সাংবাদিকতা কৰা মানুহ আমি নহওঁ। এটা সহজ আৰু চলতি বিৱৰণী আছে যে, সম্পাদকসকলে নাৰী সাংবাদিকক যৌনতা (sexuality)নামৰ এপাত অস্ত্ৰৰে শোষণ কৰে। যি নাৰীয়ে নিজকে সহজলভ্য হবলৈ এৰি দিয়ে, তেওঁ প্ৰত়িষ্ঠিত হয়, আত্মাভিমান থকাসকল আঁতৰি যাবলৈ বাধ্য হৈ পৰে। নন্দিনীও এনে ঘটনাক্ৰমৰ চিকাৰ। হয়। এনে মানুহ নথকা নহয়।কিন্তু কেৱল সংবাদমাধ্যম কিয়? সকলো বৃত্তিতেই এনে লোক আছে। তথাপি কব লাগিব, সাংবাদিকতাৰ বৃত্তিত পুৰুষতান্ত্ৰিকতাৰ প্ৰভাৱ অতি স্পষ্ট। সাংবাদিকতাৰ জগতখনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত থকা  জটিলতা বুজাবলৈ সেয়েহে সাহিত্যত সততে দেখা পোৱা কিছুমান সহজ চিত্ৰকল্পকেই ‘আজিৰ সম্পৰ্কবোৰৰ’ত দেখা পোৱা গ’ল। যেনে- নাৰী সাংবাদিকক কোনোবা মহন্ত ছাৰ বা ফুকন ছাৰে দিপৰ বিল বা চন্দ্ৰপুৰৰ ফালে লং ড্ৰাইভৰ নিমন্ত্ৰণ দিয়ে, অফ্ ডে’ৰ ডিনাৰৰ নিমন্ত্ৰণ দিয়ে বা উইক এণ্ডত ছিলঙত নিশা কটাই অহাৰ নিমন্ত্ৰণ দিয়ে।যিবোৰ চিত্ৰকল্প  ৰহস্যধৰ্মী সাহিত্যৰপৰা আৰম্ভ কৰি  জীৱনৰ গভীৰতম দিশবোৰ সন্ধান কৰা সাহিত্য, নাটকচলচ্চিত্ৰৰ মাজেৰে অজস্ৰবাৰ ব্যৱহাৰ কৰা হৈছে

কিন্তু এই চিনাকি হৈ পৰা  মেটাফ’ৰবোৰৰ বাহিৰত একবিংশ শতিকাৰ নাৰী সাংবাদিকসকলৰ  জীৱনৰ সংগ্ৰাম প্ৰতিফলিত কৰিব পৰা অলেখ-অযুত মেটাফ’ৰ আছে। পৰিবৰ্তিত সময়ৰ বুকুৰে জটিল পৰিস্থিতিত এই মেটাফ’ৰবোৰ নিৰ্মাণ হৈছে। সমসাময়িক নাৰী সাংবাদিকৰ অভিজ্ঞতাত যৌনতাৰ সমানেই ‘ইৰ্ষা’ বা ভিন্নক্ষেত্ৰত ‘নিৰ্ভীকতা’ও গল্পত  নাৰী সাংবাদিকৰ অভিজ্ঞতা বৰ্ণৰ এক উল্লেখনীয় আহিলা (tool) হৈ উঠিব পাৰে। সমসায়কি কাহিনী একোটাৰ অংশ হৈ উঠিব পাৰে।  অৱশেষত পাঠকে এইটোৱে বিচাৰে যে, সাহিত্যলৈ নতুনত্ব আহক। নতুন চিত্ৰকল্পৰে সমৃদ্ধ হওক।  নাৰী সাংবাদিকৰ প্ৰতিষ্ঠাৰ প্ৰত্যাহ্বান এতিয়া পূৰ্বতকৈ সুকীয়া, তিষ্ঠি থকাৰ প্ৰতিযোগিতাখনো বহুতৰপীয়া আৰু তীব্ৰ।তেওঁ  অহৰহ নিজৰ উৎকৰ্ষ সাধন কৰি যাবলৈ বাধ্য, য’ত তেওঁ বহু সময় দিবলগীয়া হয়। সেইদৰে শোষণৰ ৰূপো সলনি হৈছে।কৰ্মস্থলী হৈ পৰিছে ভংগুৰ। কেতিয়া চাকৰি যায়, একো ঠিক নাই। এইবোৰেহে নাৰী সাংবাদিক এগৰাকীৰ চকুৰ টোপনি নোহোৱা কৰে। উদাহৰণস্বৰূপেএটা বৈদ্যুতিন সংবাদ মাধ্যমৰ দীঘলীয়া সময়জুৰি কৰ্মৰত হৈ থকা নাৰী সাংবাদিক (ৰিপ’ৰ্টাৰ) এগৰাকী যেতিয়া গৰ্ভৱতী হৈছিল, তোতিয়া তেওঁত অত্যন্ত অসন্মানজনকভাৱে কামৰপৰা অব্যাহতি দিয়া হৈছিল ক’ভিডজনিত পৰিস্থিতিৰ অচিলা লৈ।এনে ঘটনাই বুজাই দিয়ে যে,  ফিল্ডত কাম কৰা নাৰী সাংবাদিকৰ গৰ্ভধাৰণ বহু সংবাদ মাধ্যমৰ মালিকৰ বাবে এতিয়াও কাম্য নহয়। সন্তান জন্ম হোৱাৰ পিছত পাবলগীয়া ছমাহৰ বাধ্যতামূলক চুটীৰপৰা বহুতো নাৰী সাংবাদিক আজিও বঞ্চিত।এয়া এক বাস্তৱতা।  এনেবোৰ স্পৰ্শকাতৰ সময়তে বহু নাৰী সাংবাদিকে নীৰৱে কৰ্মক্ষেত্ৰৰপৰা বিদায় লবলগীয়া হয়। তেওঁৰ কৰ্মত নিয়োগৰ সময়তে এইবোৰ হিচাপত ধৰা হয়। এটা সময় আছিল, সংবাদ প্ৰতিষ্ঠানৰ সিদ্ধান্ত নিৰ্ণয়কাৰী অৱস্থানত থকা লোক এজনে যৌনতাক(sexuality) আহিলা (tool) হিচাপে লোৱাৰ মেটাফ’ৰে সাহিত্যৰ পাত শুৱনি কৰিলে সি পাঠকৰ তাৎক্ষণিক দৃষ্টি আকৰ্ষণ কৰিছিল।কিন্তু সময়ৰ পৰিৱৰ্তিত পৰিস্থিতিত নতুন প্ৰত্যাহ্বান আহিছে। আমাৰ সাহিত্যলৈ এই নতুন অভিজ্ঞতাবোৰ উঠি অহাৰ অৱকাশ আছে। এগৰাকী নাৰী সাংবাদিকে ‘চৰিত্ৰগত’ দিশত আপোচ নকৰাকৈ প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰে নেকি? নিশ্চয় পাৰে। কিন্তু তেওঁ পাৰ হৈ যাব লাগে প্ৰত্যাহ্বানৰ আন কেতবোৰ দীঘলীয়া পথ

আন এক নাৰী চৰিত্ৰ জয়িতাই ‘পোন্ধৰ হাজাৰ টকাৰ’ ঘোচ দি শিক্ষকতাৰ  চাকৰি কিনিবলগীয়া হোৱাটোও বিশ্বাস কৰিবলৈ কঠিন। যদিহে বিভাগীয় মুৰব্বীক উৎকোচ দি চাকৰি লৈছে, তেনেহ’লে সেয়া চাগে লাখটকাৰ ওপৰতে হ’ব লাগিব।গল্পকাৰে কৈছে জয়িতা প্ৰচণ্ড আত্মাভিমানী ছোৱালী। আত্মাভিমানী যদি কিয়নো বিভাগীয় মুৰব্বীক ঘোচ দিলে? যিহেতু ভাল ৰিজাল্ট কৰি সাক্ষাতকাৰত প্ৰথম হৈছেই। কিহে তাইক তেনে কৰিবলৈ বাধ্য কৰিলে? এই দিশটো গল্পত অনুপস্থিত। এই সকলোবোৰে গল্পৰ যি মূল আদৰ্শ (logic) ক্ষেত্ৰত প্ৰশ্নৰ অৱতাৰণা কৰিছে

অপূৰ্ব শৰ্মা ছাৰ গল্পৰ যাদুকৰ। ছাৰৰ গল্পৰ নেৰেটিভ নিৰ্মাণ ইৰ্ষণীয়ভাৱে চমৎকাৰ। তেখেতৰ গল্পবোৰেই আমাৰ বাবে একোখন কৰ্মশালাৰ দৰে।  শেহতীয়াকৈ তেখেতে পঁচাশী বছৰত ভৰি থৈছে ।সেইটো বয়সৰপৰা উভতনি যাত্ৰা এটাৰে  এনেদৰে তৰুণ প্ৰজন্মলৈ দৃষ্টি নিক্ষেপ কৰাৰ কাৰ্যক প্ৰশংসাৰ চকুৰে চাবই লাগিব ।গল্পৰ শেষলৈকে অৰ্ণৱে বহু আকাংক্ষিত ঔদ্যোগিক প্ৰতিষ্ঠানৰপৰা  ঋণ লাভ কৰিছে

তথাপিও এটা কথা কব লাগিব, তৰুণ প্ৰজন্মৰ জীৱন-জীৱিকা-প্ৰতিষ্ঠাৰ সংগ্ৰামখনৰ  জটিলতাক বুজিবলৈ যাওতে তেওঁলোকৰ বেপেৰোৱা জীৱন, হতাশগ্ৰস্ততা আৰু বিকৃত যৌনতা প্ৰয়োজনতকৈ অধিক গুৰুত্ব দিয়াৰ বাবেই হয়তো ‘সমসাময়িক কাহিনীবোৰ’ গল্পটিয়ে কোনোবাডোখৰত উজুটি খাইছেআকৌ কৈছোঁ যদিহে গল্পটো কোনোবা অৰ্ণৱ, নন্দিনী, প্ৰিয়ম বা জয়িতাৰ গল্প হ’লহেঁতেন তেনেহ’লে তাত কবলগীয়া একে নাথাকিলেহেঁতেন। কিন্তু ‘সমসাময়িক কাহিনীবোৰ’ শব্দযুগল প্ৰতিনিধিত্বমূলক হোৱাৰ বাবেহে এই প্ৰশ্নৰ অৱতাৰণা হয়। অদ্ভূত বাক ভংগী, মদ-ভাঙৰ নিচাত আক্ৰান্ত হৈ বেপেৰোৱা জীৱনক আঁকোৱালি নোলোৱাকৈও তৰুণ প্ৰজন্মৰ অনেকেই কঠিন জীৱন-জীৱিকাৰ সংগ্ৰাম কৰি গৈছে। আমাৰ সৃষ্টিশীল লোকসকলৰ মাজতেই জীৱনৰ কঠোৰ হতাশা-দৰিদ্ৰতাৰ অভিশাপক  প্ৰচণ্ড কৰ্মোদ্যমেৰে জয় কৰি বিদ্যায়তানিক আৰু সৃষ্টিশীল জীৱন জীপাল কৰি তোলা তেনে তৰুণ কবি-গল্পকাৰ আছে। তেওঁলোকৰ অন্তৰত দুখ আছে। মনত কষ্ট আছে। কিন্তু তেওঁলোক আওবাটে যোৱা নাই। মদ-ভাঙৰ নিচাত হেৰাই যোৱা নাইবিকৃত যৌন-প্ৰৰোচনাৰে আনক প্ৰৰোচিত কৰা নাই

সেয়েহে গল্পৰ পঠনে অৱশেষত আমাক কৈছে যে, ‘সমসাময়িক কাহিনীবোৰ’-শিৰোনামেৰে প্ৰতিনিধিত্বমূলক হলেও সমসাময়িক তৰুণ প্ৰজন্মৰ আত্মপ্ৰতিষ্ঠা লাভৰ সংগ্ৰাম আৰু মনোবেদনাৰ সামগ্ৰীক ছবিখনৰ বহু দিশ উন্মোচন অৱকাশ গল্পটিত  ৰৈ গ’ল।