মাজুলীৰ দুটি সাধুঃ এটা পুৰাতনৰ, এটা সমকালৰ
পুৰাতনৰ সাধু
আমি সৰু থাকোঁতে শুনা এটি সাধুকথা। আজি কবলৈ মন গৈছে।
মাজুলীৰ কোনো এখন গাৱঁত এক আছিল জনগোষ্ঠীয় দম্পত্তি। নিজৰ সমাজত সুখে-দুখে আছিল। পাচে, কাষৰ বৰ্ণহিন্দু সমাজখনৰ
ধৰ্মীয় ৰীতি-নীতিৰ ৰেহ-ৰূপ দোখি তেওঁলোকে মনতে
পৰম সন্তোষ পায়। নিজৰটো হীন যেন দেখি পায়। এনেকৈয়ে এদিন তেওঁলোকৰো গোষ্ঠীৰ সাজ সলাই বৰ্ণহিন্দুৰ ধৰ্মৰ পোচাক পিন্ধিবলৈ
মন গ’ল।তাৰপিছত হ’ল কি, এদিন স্বধৰ্ম এৰি দি তেওঁলোকে অন্য পন্থাক ধৰ্ম বুলি আঁকোৱালি
ল’লে। গিয়াতি-কুটুম্বক এৰি নতুন ধৰ্মলৈ আহি ভাবিলে- সামাজিক অৱস্থানৰ এঢাপ ওপৰলৈ উঠিলোঁ
দেও।ৰইখা।
পিচে নতুন ধৰ্মত এশ এবুৰি নিয়ম।ধীতি-নীতি। পোনতে সকলো ঠিকেই আছিল বাৰু। পিচে লেঠা লাগিল তেতিয়াহে, যেতিয়া দম্পত্তিহালৰ মহিলাগৰাকী সিপুৰীলৈ গ’ল? মৃতকে সৰগলৈ যোৱাৰ শৰাধৰ শুচি কৰাৰ বিনিময়ত শৰাধৰ কাজ-কৰ্মত পুৰোহিতৰ যোগেদি মৃতকে সৰগত ব্কযৱহাৰ কৰিবলৈ ঢেৰ বস্তু দিবলগীয়া হ’ল। এইদৰে ধৰৰ কেবাবিধো মবল্যবান সামগ্ৰী পুৰোহিতৰ হাতেৰে সৰগলৈ বুলি ঘৰৰ ভিতৰৰপৰা ওলাই গুচি গ’ল।
ধৰ্মান্তৰিত হোৱা জনগোষ্ঠীয় মানুহ। নীতি-নিয়মৰ আওতাত সোমালেও বৰকৈ ভূ-ভা নাপায়। মনতে সদায় ভাবি থাকে- পুৰোহিতৰ হাতেৰে অতবোৰ বয়-বস্তু দিলোঁ, মানুহজনীয়ে বা সৰগত পালেনে নাই? এইবুলি মনৰ দুখতে সন্ধিয়া সন্ধিয়া মৰিশালিলৈ গৈ আইৰ মুখৰ দোৱন এৰি নতুনকৈ লোৱা ভাষাতে ৰাউচি জোৰেগৈ,
বাটিতো দিলোং, পালিং কি নেপালিং
কাঁহীখন দিলোং, পালিং কি নেপালিং
পুৰোহিতে দেখিলে, কথা বিষম। পুৰোহিতালিৰ ভিকাচন ভাগেহে এতিয়া। মৃতকৰ সকামৰ
নামত ঘটি-বাটি-কাঁহী সৰকালে বুলি ৰৌজাল-বৌজাল হৈ যাব। কিবা বুধি কৰিব লাগিল।
এইবুলি পুৰোহিতে এদিন মৰিশালিৰ পিচপিনে লুকাই থাকিলগৈ। যেই জনগোষ্ঠীয় মানুহজনে ৰাউচি জুৰিবলৈ ধৰিলে,
-
গট গটিতো (ঘটিতো) দিলোঁং, পালিং কি নেপালিং
লুকাই থকা পুৰোহিতে মহিলাৰ দৰে নাঁকীসুৰীয়া মাতেৰে ততালিকে ক’লে- ‘পালুং,পালুং’
-
বাটিতো দিলোং, পালিং কি নেপালিং
লুকাই থকা পুৰোহিতে মাত দিলে- ‘পালুং,পালুং’
-
কাঁহীখন দিলোং, পালিং কি নেপালিং
লুকাই থকাৰপৰা মাত ওলাল-‘পালুং,পালু”
এইবাৰ বৰলাৰ সঁচাকৈয়ে ভয় লাগিল। মানুহজনীৰ আত্মাটো আহি মাত দিছে নেকি! সি আৰু
ভয়তে মৰিশালিৰফালে মু’ নকৰা হ’ল।
সাধুকথাটো পিচে তাতেই ওৰ নপৰিল। যেতিয়াই মাজুলীবাসীক ইটো-সিটো দিয়াৰ নামত ৰাজনীতিৰে ঠগোৱা হয়, তেতিয়াই আশাহত মানুহৰ চেতনালৈ পুৰোহিতৰ টেঙৰালিৰ কাহিনীটো উঠি আহে
গটিতো (ঘটিতো) দিলোঁং, পালিং কি নেপালিং
বাটিতো দিলোং, পালিং কি নেপালিং
কাঁহীখন দিলোং, পালিং কি নেপালিং
নৈৰ ওপৰেৰে দলং আছিল তেওঁলোকৰ সপোন।পাচে, সপোন নফলিয়াইহে নফলিয়ায়। এনেকৈয়ে বহু যুগ পাৰ হৈ গ’ল।
হঠাতে গোটেই মাজুলীৰ আকাশ-পাতল ফাটি ঢৌ উঠিল। এইবাৰ ৰাজ্যত জনগোষ্ঠীৰ লোক এজন মূখ্যমন্ত্ৰী হ’ব। আপোনালোকৰ মাজুলীৰপৰাই টিকেট খেলিব। জিকাই দিব পাৰিলেই বৰহমপুত্ৰৰ ওপৰেৰে সপোনৰ দলংখন পাব।
এইবাৰহে এইবাৰ। নেৰিবা।
চাৰিখুঁটি তল-ওপৰ কৰি নামঘৰে নামঘৰে, গাঁৱে-ভূঞে, চাঙে চাঙে দলদোপ-হেন্দোলদোপ লাগিল। তেখেত জিকিল। ৰাজ্যবাসীয়ে পালে এজন জনগোষ্ঠীয় মূখ্যমন্ত্ৰী। আৰু মাজুলীবাসীয়ে আশা কৰা মতে পালে সপোনৰ দলঙ। এবাৰ নহয়, দুবাৰকৈ ভূমি-পূজন কৰি কাম-কাজ আৰম্ভ হ’ল। তড়িৎ গতি দেখি সকলোৱে কবলৈ ধৰিলে-দুবছৰৰ ভিতৰতে দলঙৰ কাম হ’ব। নহয় নহয় চাৰিবছৰমান লাগিব।
লাগিবনে? হওক দিয়া। মুঠতে ৰাইজক দলং এখন লাগে। এটা দুটাকৈ দলঙৰ খঁটুাৰ শাৰীয়ে মনলৈ আনিলে আশাৰ বতৰা।
পাঁচবছৰ পাৰ হ’ল। ঘূৰি ভোট আকৌ আহিল।এইফালে খোদ দিচপুৰত মূখ্যমন্ত্ৰী সলনি হৈ গ’ল। তাৰপিছত কি হ’ল? নতুন মূখ্যমন্ত্ৰীয়ে পুৰণা মূখ্যমন্ত্ৰীয়ে দিয়া দলঙৰ গতি কি কৰিলে?
মাজুলীবাসী ঐ, দলংখন পালিং কি নেপালিং।
সিদিনা দেখিলোঁ দলঙৰ খুঁটাৰ শাৰীটোৰ গতি কি হ’ল? কিছুমান খঁটাৰ চিন-মোকাম নাই। থকাকেইটাৰ লোহা কাটি কাটি চুৰ কৰি কৰি লৈ গ’ল। খুঁটাবোৰ হাৱা হৈ গ’ল।
পুৰাতনৰ সাধুটোৱে নতুন মোৰ ল’লে।
বাটিতো দিলোং, পালিং কি নেপালিং
কাঁহীখন দিলোং, পালিং কি নেপালিং
মাজুলীবাসী ঐ, দলংকণ পালিং কি নেপালিং!
নাক মোহাৰিলেই প্ৰশ্নৰ উত্তৰ ওলোৱা নতুন মূখ্যমন্ত্ৰীক কোনেও সুধিবলৈ সাহ নকৰে-দলঙৰ খুঁটাৰ লোহাবোৰে কোনে চুৰ কৰি নিলে?এখন দলঙৰ নামত ৰাইজৰ ভাৰসাক কোন ঠগে ঠগিলে?
মুখ বন্ধ।আও, মাত নামাতিবা।
নিশাৰ ভিতৰত হাৱা হৈ যোৱা খুঁটাবোৰ দেকি ৰাইজকখনেহে ইজনে-সিজনক সোধে- মাজুলীবাসী ঐ, দলংকণ পালিং কি নেপালিং!
উত্তৰ আশা নকৰিবা দেও।
কোনোবাই সুধিবলৈ সাহ কৰিবনে-মূখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ মাজুলীবাসীৰ দলংখনৰ কি হ’ল? তাহানিৰ পুৰোহিতে গোষ্ঠীৰ নিচলা মানুহৰ ঘটি-বাটিৰ হাত-চাফাই কৰাৰ দৰে ৰাজনীতিৰ মেৰপাশত আপোনালোকে দলঙৰো হাত-চাফাই কৰি দিলে নেকি- জোনমনি ৰাভাৰ কে’চচোৰ দৰে, উচ্ছেদৰ সাম্প্ৰদায়িক বিৱৰৰণীৰ দৰে, হস্পিতালৰ এন আই চি ইউত গেৰাই যোৱা কমমানিটিৰ দৰে!