প্ৰতিভা ভাগৱতীৰ গল্পকলা
গল্প কোৱাটো এটা জটিল কলা।
কাব্যৰ প্ৰাথমিক ভাষা অন্তৰৰ সাৱলীল প্ৰকাশ বুলি যদি ধৰা যায়,
তেনেহ’লে গল্পৰ নিৰ্মাণেই কবিতা বা উপন্যাসৰ তুলনাত আটাইতকৈ
জটিল কলা বুলি ক'ব লাগিব। ইয়াত এগৰাকী সৃষ্টিশীল লোকৰ নিৰ্মাণৰ স্বাধীনতা
কাব্য বা উপন্যাসতকৈ কম—সীমিত দৈৰ্ঘ্যৰ ভিতৰতে মেদহীনভাৱে নিজৰ বক্তব্য কৈ কাহিনী
এটাৰে পাঠকক ধৰি ৰখাটো তেনেই সহজ কথা নহয়।
অসমৰ যিসকল গল্পকাৰে গল্প
লিখাৰ কামটোত একাণপতীয়াকৈ লাগি আছে আৰু পাঠকৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে,
সেইসকলৰ ভিতৰত প্ৰতিভা ভাগৱতী অন্যতম। কাকত-আলোচনীত তেখেতে
নিয়মীয়াকৈ গল্প লিখি আহিছে আৰু সেইবোৰে পাঠকৰ অন্তৰ স্পৰ্শ কৰিছে। তেখেতৰ গল্পবোৰে
পাঠকৰ অন্তৰ কিয় স্পৰ্শ কৰিছে, সেই কথা বুজি পাবলৈ হ’লে তিনিটা দিশ পৰিস্কাৰ হৈ পৰে।
এইকেইটা হৈছে—গভীৰ সামাজিক প্ৰেক্ষাপটৰপৰা তুলি অনা বিষয়,
বিষয়বস্তুৰ ভিন্নতা আৰু গল্পৰ মেদহীন ভাষা।
প্ৰতিভা ভাগৱতী এগৰাকী তৰুণ
প্ৰজন্মৰ প্ৰতিনিধি। এগৰাকী তৰুণ প্ৰজন্মৰ প্ৰতিনিধি হৈয়ো তাৰুণ্যৰ আৱেগক কঠোৰভাৱে
জয় কৰি গভীৰ সামাজিক প্ৰেক্ষালৈ যোৱাৰ লগতে নিৰ্মেদ কথনৰ শৈলীৰ বাবে তেখেতে
নিৰৱচ্ছিন্নভাৱে যি কষ্টসাধ্য প্ৰচেষ্টা
কৰি আহিছে—সি আমাৰ দৰে লোকক আশ্বস্ত কৰিছে। আচলতে অসম,
উত্তৰ-পূৰ্বাঞ্চল বা সমগ্ৰ ভাৰতবৰ্ষই তৃতীয় বিশ্বৰ এখন দেশ
হোৱাৰ বাবেই আমাৰ ইয়াত সামাজিক বিষয়ত সাহিত্য সৃষ্টি কৰিব পৰা মেটমৰা সম্ভাৰৰ অভাৱ
নাই। এই বিষয়বোৰ অত্যন্ত স্পৰ্শকাতৰ আৰু সেইবোৰে সাহিত্যৰ পাতলৈ উঠি অহাৰ
প্ৰাসংগিকতা দাবী কৰে। অথচ বহুতেই বিষয়বস্তু বিচাৰি হাহাকাৰ কৰি অৱশেষত তৰাং আৱেগক
প্ৰাধান্য দি পথভ্ৰষ্ট হোৱা দেখা যায়। সুখৰ কথা এয়ে যে,
প্ৰতিভা ভাগৱতীয়ে এনে সীমাবদ্ধতাক অতিক্ৰম কৰি গভীৰ সামাজিক
বিষয়বোৰলৈ দৃষ্টি নিক্ষেপ কৰিছে। এইবাবেই প্ৰতিভা ভাগৱতীৰ গল্পবোৰৰ যিসমূহ চৰিত্ৰ
সেইবোৰ সংগ্ৰামী। যি চৰিত্ৰই সংগ্ৰাম কৰি জীয়াই থাকে—সেই চৰিত্ৰৰ থাকে ক'বলৈ এসাগৰ কাহিনী। জীৱন-জীৱিকাৰ নিৰন্তৰ সংগ্ৰামত মানৱতাৰ
হাত ধৰি আগুৱাই গৈ থকা চৰিত্ৰবোৰেই তেওঁৰ প্ৰিয়। ই সাহিত্যৰ কল্যাণমূলক দিশলৈ থকা
প্ৰতিভা ভাগৱতীৰ হাবিয়াসৰেই নামান্তৰ। তেওঁৰ গল্পৰ চৰিত্ৰবোৰ আমাৰ বাবে চিনাকি হৈও
অচিনাকি। সেইবোৰ আমাৰ চকুৰ সন্মুখতেই থাকে—অহা-যোৱা কৰে। জীৱন-জীৱিকাৰ সংগ্ৰামে
তেওঁলোকক অহৰ্নিশে ব্যস্ত কৰি ৰাখে আৰু তাৰ মাজেৰেই জীৱন সুন্দৰ কৰিব বিচাৰে।
পোৱা-নোপোৱাৰ হিচাপ ল'বলৈ তেওঁলোকৰ আহৰি নাই। অথচ সেইবোৰ যেন অদৃশ্য,
কিয়নো সেইবোৰে প্ৰায়েই সমাজৰ নিম্নত বাস কৰে।সেইবাবেই আমাৰ উপৰুৱা চকুৱে
সেইসকলক ইচ্ছাকৃতভাৱেই যেন অৱহেলা কৰে। জনপদৰ ছন্দৰ এই অদৃশ্যতাক দৃশ্যমান কৰি
তোলাতোও গল্পকাৰৰ মহান কৰ্তব্য।
এই কৰ্তব্য পালন কৰিবলৈ
যোৱাটো কিন্তু অতি প্ৰত্যাহ্বানমূলক। সংগ্ৰামী চৰিত্ৰবোৰ অত্যন্ত সংবেদী। এই
সংবেদনাক চিনি পোৱাটো আৰু সন্মান কৰিবলৈ শিকাটো গল্পকাৰৰ প্ৰাথমিক দায়িত্ব। এনে
একোখন ফিল্ডৰপৰা বিষয় এটা বা চৰিত্ৰ এটা তুলি আনোঁতেও বহুতো সাৱধানতা অৱলম্বন
কৰিবলগীয়া হয়। আমি যি দেখোঁ, বা যি শুনো—সেই সত্যৰ আঁৰতো অনেক সত্য থাকে। কেতিয়াবা আমি
আনে দেখুৱাবলগীয়াখিনিহে দেখোঁ, প্ৰকৃত সত্যক তেওঁলোকে যিদৰে চাবলৈ কয়,
সেইখিনিহে চাওঁ।সত্যক ঢাকি ৰখাৰ তৰপবোৰৰ এই দেওনাবোৰ চেৰাই
গৈ প্ৰকৃত সত্যৰ সন্ধান কৰিবলৈ যাওঁতে অধ্যয়ন,
অন্তৰ্দৃষ্টি—এই সকলোবোৰ আহিলাৰ হাত ধৰিব লাগিব। এইটো ভাল
লগা কথা যে, প্ৰতিভা ভাগৱতীয়ে সংঘাতজৰ্জৰ উত্তৰ-পূব ভাৰতৰ গোষ্ঠী সংঘাতৰ দৰে জটিল বিষয়ক
গল্পৰ পাতলৈ তুলি আনিছে। এনে বিষয় যেতিয়া সাহিত্যলৈ আহে,
তেতিয়া অনেক সংবেদনশীল কথালৈ দৃষ্টি নিক্ষেপ কৰিবলগীয়া হয়।
আমাৰ পৰ্যবেক্ষণ আৰু চেতনাই গোষ্ঠীজীৱনৰ তৰাং সত্যকহে প্ৰকাশ কৰিলে নেকি?
সত্যৰ আঁৰৰ সত্যবোৰ ক'ৰবাত উপেক্ষিত হৈ ৰৈ গ’ল নেকি?
এনে অনেক প্ৰশ্ন উঠি আহিব পাৰে। নিৰ্দিষ্ট গোষ্ঠীজীৱন বিষয়ক
অধ্যয়নৰ লগতে আমি চাব লাগিব গোষ্ঠী-সংঘাতৰ আধাৰত লিখা কোনবোৰ গল্প শ্ৰেষ্ঠ?
মানুহৰ পক্ষ লৈ, সকলো সংকীৰ্ণতাৰ উৰ্ধলৈ গৈ লিখা গল্পবোৰেই শ্ৰেষ্ঠ নহয়জানো?
লগতে লাগিব নতুনত্বও। এগৰাকী যৌনকৰ্মীৰ জীৱন বিষয়ক অনেক
কথাই সাহিত্যত কোৱা হৈ গৈছে। তথাপিও তেনে লোকৰ মনৰ অতল গভীৰৰ অনেক কথা এতিয়াও কোৱা
হোৱা নাই। তেতিয়াহ’লে তেনে যৌনকৰ্মী
এগৰাকীৰ কথা সাহিত্যলৈ তুলি আনোতে আমাৰ লক্ষ্য হ’ব লাগিব কোনবোৰ দিশ আন্ধাৰৰপৰা
পোহৰলৈ আমি তুলি আনিম-যিবোৰ পাঠকৰ বাবে এতিয়াও অজানা?
সাহিত্যৰ গভীৰ দিশবোৰ স্পৰ্শ কৰা মহৎ সাহিত্যৰ অধ্যয়নে এই
কথাবোৰলৈ পুংখানুপুংখভাৱে দৃষ্টি দিবলৈ আমাক শিকায়। আচলতে এইবোৰ গল্প লিখাৰ বাটৰ
নিৰৱচ্ছিন্ন শিকণৰ প্ৰক্ৰিয়া। সাহিত্যক গভীৰভাৱে লোৱাসকলে আগবাঢ়ি গৈ থকাৰ বাটে
বাটে এনে কথাও শিকি গৈ থাকে।শিকাৰ অন্ত হ’ল বুলি ভাবি ল’লেহে গল্পকাৰৰ উত্তৰণৰ পথ
বন্ধ হৈ যায়।
এই উত্তৰণেই মূল কথা। প্ৰতিভা ভাগৱতীয়ে এই উত্তৰণৰ দিশেৰে গৈ অসমীয়া
গল্পসাহিত্যক অধিক সমৃদ্ধ কৰক, তাকেই কামনা কৰিছোঁ। নিৰ্মেদ কথনেই তেওঁৰ গল্পসাহিত্যৰ আটাইতকৈ আকৰ্ষণীয় দিশ। অৱশ্যে শৈলী অথবা জীৱনৰ
গভীৰতাক স্পৰ্শ কৰিবলৈ আমি বহু সাধ্য-সাধনা কৰিবলগীয়া হয়। তেখেতলৈ অজস্ৰ শুভকামনা।