বুদ্ধ-পূৰ্ণিমা, বুদ্ধ ডুডলচ্, সাধুকথাৰপৰা ওলাই অহাৰ বাট
পৰহি মোৰ জন্মদিন আছিল। এইটো একো ডাঙৰ কথা নহয়। সামাজিক
মাধ্যমত মোৰ জন্মদিন hide option-ত আছে।কোনেও নাজানে। তাৰ
আগদিনা মাতৃদিৱস আছিল। আমাৰ হিমাক্ষী বৰাই কৰ্মক্ষেত্ৰত দিনটো কাম কৰি নিশালৈকে
নিজৰ মাতৃৰ বাবে এটা কবিতা লিখি উলিয়াইছিল। কবিতাটোৱে আচলতে আমাৰ বয়সৰ সকলো মাতৃক প্ৰতিনিধিত্ব কৰে—পঞ্চাশৰ
দশক পাৰ হোৱা আমাৰ দৰে মাতৃবোৰৰ আশা, আকাংক্ষা, আশাভংগৰ বেদনা, ৰোগ-আজাৰ, সন্তানৰ
সপোনত মজি গৈ নিজডৰ সপোন পাহৰি যোৱা, ক’ৰবাত ওলমি থকা তাহানিৰ হেৰাই যোৱা সপোনবোৰ —এই
সকলোবোৰ সামৰি কবিতাটো । পিছদিনা পুৱাই
কবিতাটো তেওঁ ম’বাইলৰ বাৰ্তা-বাকচত মোলৈ পঠিয়াই
দিলে। তেতিয়া মই বাৰ্তা দিলোঁ—‘আজি মোৰো জন্মদিন। আচলতে মোৰ দুটা জন্মদিন। এটা বাৰ
মে’। আনটো বুদ্ধ পূৰ্ণিমা।কোনোবা এদিন বুদ্ধ-পুৰ্ণিমাৰ দিনা মোৰ জন্ম হৈছিল,
যিদিনা বাৰ মে’ আছিল। কাচিৎ কেতিয়াবাহে এই দুটা দিনৰ সংযোগ একেদিনাই হয়। বহুত বছৰৰ
মূৰত এইবাৰো হৈছে। গতিকে তুমি মোকো এটা কবিতা উপহাৰ দিয়া।’
হিমাক্ষী আৰু মোৰ মাজত এটা সংযোগ আছে। আমি বেছি কথা নাপাতোঁ। বহুত কম। কিন্তু আচলতে আমি কথাই পাতি থাকো মনে মনে। তাৰে কিছুমান কথা ম’বাইলৰ বাৰ্তা-বাকচত লিপিবদ্ধ হৈ থাকে। কথা কবলৈ মন গ’লে হিমাক্ষীয়ে বাৰ্তা-বাকচত কিবা এটা লিখি থৈ দিয়ে। কথা পাতিলে আমনি হ’ব বুলি ভাবি লয় চাগে। এমাহমান তেনেকৈয়ে যায়। কি বা ক’ব! ৰৈ থাকোঁ। আমাৰ কথাবোৰ soulfull, ক’ৰবাত মনক পূৰ্ণতাৰে দোলা দি যায়। ঠিক ‘বুদ্ধ ডুডল্’(Buddha Doodles)বোৰৰ দৰে। বুদ্ধ ডুডল্--গভীৰ উপলব্ধি থকা এটা ক্ৰীড়াসুলভ চিত্ৰকৰ্ম।
হিমাক্ষী তৰুণ প্ৰজন্মৰ বন্ধুসকলৰ অন্যতম। বিশেষ। এই বন্ধুত্ব সৰল, কিন্তু সহজ নহয়। তৰুণ প্ৰজন্মৰ আচলতে বহু কথাই সহজ নহয়।
ম’লি হান, ওৰফে মলিকিউলচ্-এ অঁকা ‘বুদ্ধ ডুডলচ্’ৰ বিষয়ে জানিব পাৰিছিলোঁ যিকোনো বিষয়ত মোৰ সৃষ্টিশীল লেখক এজনৰ থাকিবলগীয়া এটি প্ৰয়োজনীয় গুণ- detachment নাই বুলি সততে শুনা অভিযোগবোৰৰ বাবে। সমালোচনাৰ বাবে। যিকোনো সমালোচনাক যিহেতু আগ্ৰহেৰে গ্ৰহণ কৰোঁ, সেয়ে সৃষ্টিশীল সাহিত্যিকৰ থাকিবলগীয়া গুণ detachment-ৰ বিষয়েও পঢ়া-শুনা কৰি থাকোঁ। সঁচাকৈয়ে মোৰ detachment নাই নেকি? লিখিবলগীয়া সাধুকথাটোৰ গভীৰলৈ গৈ আকৌ প্ৰয়োজনীয় সময়ত তাৰপৰা ওলাই আহি চিন্তা কৰিব নোৱাৰোঁ নেকি? শেহতীয়াকৈ দিপৰ বিলক লৈ লিখা গল্পটো-দিপৰ, দ্য ৱাটাৰস্কে’প-কিমান বছৰ গল্পটোৰ ভিতৰত সোমালো আৰু ওলালোঁ!দিপৰ বিলখন দেখিলেই ভাৱ হৈছিল—ইয়াত মোৰ বাবেও এটা কাহিনী আছে। মায়-ব্ৰা পৰ্বত আৰু লংবুই পৰ্বতৰ গল্প দুটাও দুবছৰমান ধাৰণ কৰি আছিলোঁ। Detachment ন’হল নেকি? কিছুমান সামাজিক-ৰাজনৈতিক বিষয়ত এটা নিৰ্দিষ্ট অৱস্থান লওঁ আৰু মাত মাতোঁ বাবেই detachment নাই বুলি সমালোচনাৰ সন্মুখীন হৈছোঁ, নে সঁচাকৈয়ে মোৰ এই গুণটো নাই।
কেতিয়াবা কোনো এজন সাহিত্য অনুৰাগীয়ে কয়, আমাৰ নিজাইন আলোচনীৰ সাহিত্য আলোচনাবোৰ বহুত গভীৰ। অলপ পাতলীয়া হ’ব লাগে। বুজি পোৱা হ’ব লাগে। শ্ৰোতা-দৰ্শকৰ সংযোগ(connection)ত অধিক মন দিব লাগে। এনে সঁহাৰিয়েও কিছু কথা ভাবিবলৈ সুবিধা কৰি দিয়ে।
Detachment -- এই কথাটো পঢ়িবলৈ গৈয়ে সাধুকথাবোৰ লিখাৰ সময়ত কোনখিনিত নো সাধুটোৰপৰা ওলাই আহিব লাগে, কাহিনীৰ সতে কিমানবাৰ ওলোৱা-সোমোৱা কৰি থাকিব লাগে সেই বিষয়ে অলপ পঢ়া-শুনাই কৰি দিলোঁ। এটা সময়ত নীলমনি ফুকন ছাৰে কিছু কথা কৈছিল। কাহিনী এটাক লৈ কিদৰে খেলি থাকিব লাগে। পৰৱৰ্তী সময়ত, নকলেও হ’ব যে detachment চৰ্চাৰ প্ৰাথমিক শিক্ষকগৰাকী গুগলবিজ্ঞানেই আছিল। গৈ গৈ তাতেই পালোঁগৈ ‘বুদ্ধ ডুডলচ্’। এজন বৌদ্ধ সন্যাসী আৰু হাতী এটাৰ কাৰ্টুনেৰে ম’লি হান-এ ২০১১ চনৰপৰা প্ৰতিদিনে এটিকৈ কাৰ্টুন চিত্ৰ আঁকি আহিছে, যি কৰ্মক তেওঁ ক্ৰীড়াসুলভ বিনোদনৰ মাজেৰে জীৱনৰ গভীৰতাৰ সন্ধান বুলি উপলব্ধি কৰিছে। ম’লি হানৰ বাবে এয়া হৈছে গভীৰ অনুৰাগৰ ধ্যান- বুকুৰ ভিতৰৰ গভীৰ নাদটোক সমগ্ৰ জীৱনৰ বাবে নিৰহ-নিপানীকৈ ৰাখিবলৈ কৰা গভীৰতাৰ সন্ধান। যোৱা চৈধ্যটা বছৰত শিল্পীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে সমগ্ৰ পৃথিৱীত হাজাৰ হাজাৰ অনুৰাগীৰ সৃষ্টি কৰিছে প্ৰতিটো দিনত বৌদ্ধ সন্যাসী আৰু হাতী এটাৰ চৰিত্ৰৰে অংকন কৰা জীৱনোপলব্ধিৰে সমৃদ্ধ কাৰ্টুনবোৰৰ মাজেৰে।
Detachment এটা প্ৰক্ৰিয়া। এটা process বুলি কব পাৰি।মাৰ্ক্সবাদক যদি মাথোন এটা আদৰ্শ নহয়, বৰঞ্চ জীৱনৰ practice বুলি গ্ৰহণ কৰা হয়, তেনেহ’লে বুজিব পাৰি এই practice কিমান কঠিন। সামাজিক বিষয়ৰ দ্বান্দ্বিক বিশ্লেষণ ন’হলে সাহিত্যও আগনাবাঢ়ে, সমাজো আগনাবাঢ়ে। সমাজবাস্তৱতাৰ বিজ্ঞানসন্মত বিশ্লেষণ নহ’লে সাহি্ত্যই জনপ্ৰিয়তা পালেও দীৰ্ঘকালত কেতিয়াবা সেইবোৰ propaganda বা জাবৰ হৈ যাবগৈ পাৰে। অৱশ্যে সাহিত্য মূলতঃ সাহিত্যই। সমাজবাস্তৱতাৰ পৰা আহৰিত সাহিত্যৰ এইটো এটা ডাঙৰ প্ৰত্যাহ্বান। আপুনি এটা গল্প কবলৈ গ’লে সি এটা গল্পই হ’ব লাগিব। এতিয়া প্ৰশ্ন হ’ব পাৰে-গল্পনো কি? ইয়াৰ চাৰিসীমা কি? গল্প কেতিয়াবা ৰাছিয়াৰ পৰম্পৰাৰ matryoshka doll-বোৰৰ দৰে হ’ব পাৰেনে? ‘জোনফুল’ উপন্যাসত এই matryoshka doll-বোৰৰ প্ৰসংগ বাৰে বাৰে আহিছে।‘জোনফুল’ লিখিবলৈ গৈ দেখিছিলোঁ মাকৰ পেটৰপৰা পোৱালি ওলোৱাৰ দৰে অসমৰ সশস্ত্ৰ সংগ্ৰামৰ কাহিনীবোৰ এটাৰ পেটৰপৰা আনটো নিৰৱচ্ছিন্নভাৱে ওলায়েই থাকে, ওলায়েই থাকে-যদিওবা সেই সংগ্ৰামখনৰ জোৰ আছিল অতিকৈ সীমিত। এটা গল্পৰ মূল কাহিনীয়ে দাবী কৰিলে matryoshka doll-বোৰৰপৰা নিৰ্বাচিত কৰি আনি এটা দুটা সাধুকথা মূল কাহিনীৰ সতে কৈ দিব পাৰি নে নোৱাৰি—অৱশ্যেই মূল গল্পৰ ছন্দপতন নঘটাকৈ? সৃষ্টিশীল সাহিত্যত detachment-ক এটা process বুলি ধৰি ল’লেও বুজিব পাৰি ইয়াৰ সাধনা আচলতে কিমান কঠিন।
বুদ্ধক বহুতে জীৱনৰ বাবে বিভিন্নধৰণে গ্ৰহণ কৰিছে। বুদ্ধ মোৰ বাবে সদায় প্ৰতিবাদ। কাহিনীবোৰ হয়তো বুদ্ধ ডুডলচ্।
কিন্তু এটা কথা- কাহিনীৰপৰা ওলোৱা-সোমোৱাৰ practice কৰোঁতে কৰোঁতে যদি মানুহৰ কল্যাণৰ বাবে মাত মাতিবলগীয়া গভীৰ ৰাজনৈতিক-সামাজিক বিষয়বোৰৰপৰাও ফালৰি কাটি আহিছোঁ, নিস্পৃহ হৈ পৰিছোঁ, তেনেহ’লে সাহিত্যতো নিৰ্ঘাত fail মাৰিম, জীৱন ব্যৰ্থ হৈ যাব। বাকীখিনিক জীৱনৰ process আৰু practice-ৰ মাজত যুঁজ-বাগৰ কৰি থাকিবলৈ দিয়া। ইয়াৰ আনন্দ আৰু বেদনাবোৰ নিজা, তাতেই আছে জীৱনৰ মজা।
১৪ মে, ২০২৫
বৰ সুন্দৰ বাইদেউ
ReplyDeleteঅশেষ ধন্যবাদ
ReplyDelete