Thursday, 19 June 2025

 

শিল্পীৰ পৃথিৱী'ৰ আলোকেৰে

 জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিজ্ঞানসন্মত শংকৰদেৱ অধ্যয়নৰ এক অৱলোকন 




ৰত্না ভৰালী তালুকদাৰ

এই পবিত্ৰ অসম ভূমিত জন্ম গ্ৰহণ কৰা যিকোনো সৃষ্টিশীল লোক, যিসকলে নিজৰ সৃষ্টিশীলতাক গতিশীল কৰি ৰখাটো এক কৰ্তব্য বুলি ভাবি লয়, তেওঁলোকৰ বাবে শ্ৰীমন্ত  শংকৰদেৱৰ সৃষ্টিৰাজিৰ অধ্যয়ন কেৱল এক অনুপ্ৰেৰণাই নহয়,  এক স্ব-আৰোপিত দায়িত্বও। অলেখ জাতি-উপজাতিৰে অসমীয়া এটা বৰণীয়া জাতি।বাৰেৰহণীয়া  কৃষ্টি-সংস্কৃতিৰে ভৰা এটা প্ৰাণোচ্ছল জাতি হিচাপে ইতিহাসৰ পাতত অসমীয়া জাতি নিজৰ মহিমাৰে  জীয়াই  থকাৰ  যি  কালিকা-  তাক উপলব্ধি কৰিবলৈ ঐতিহ্য চেতনাৰ লগতে আমাক গভীৰ অধ্যয়নৰো প্ৰয়োজন। অসমীয়া জাতিৰ সৌভাগ্য  এয়ে যে,  জাতিৰ সাহিত্য-সংস্কৃতিৰ বৰভেটি গঢোঁতা শ্ৰীমন্ত শংকৰদেৱে আমাক এনে কিছুমান সঞ্জীৱনী দি থৈ গৈছে যে,  তেখেতৰ কৰ্মৰাজিৰ অধ্যয়নৰ মাজেৰে সকলো মানুহেই নিজৰ বাবে  এক প্ৰচ্ছন্ন জীৱনাদৰ্শ হৰণ  কৰি লব পাৰে। সেইবাবেই বোধহয় বিশেষকৈ সাহিত্য আৰু সংস্কৃতিৰ জগতৰ প্ৰায় সকলোবোৰ ক্ষণ জন্মা মনিষীৰ বাবে জগত গুৰু শ্ৰীমন্ত  শংকৰদেৱৰ সৃষ্টিৰাজিৰ বিষয়ে  অধ্যয়ন কৰা,   চৰ্চা কৰা এক মহৎ কৰ্তব্য।      

অৱশ্যে সকলোৱেই শংকৰদেৱ অধ্যয়নৰ বিজ্ঞানসন্মত চৰ্চা কৰিব পাৰিছে বুলি ধাৰণা নহয়। যিকোনো বিষয়ৰ  বিজ্ঞানসন্মত চৰ্চা তেতিয়াই সম্ভৱ হৈ উঠে,  যেতিয়া তাক নতুন সময়ৰ পৰিপ্ৰেক্ষিতত নতুন ৰূপেৰে ব্যখ্যা কৰি সময়োপযোগী কৰি তুলিব পৰা  যায়।  

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনকাল নাতিদীৰ্ঘ।কিন্তু এই নাতিদীৰ্ঘ  জীৱনতে  সুকুমাৰ  কলাৰ  সাধকগৰাকীয়ে শংকৰদেৱৰ অধ্যয়নৰ বেলিকা যিধৰণৰ বিজ্ঞানসন্মত  দৃষ্টিভংগী  গ্ৰহণ  আৰু তাৰ ব্যাখ্যাৰ  ইৰ্ষণীয় পাৰদৰ্শিতা  লাভ কৰিছিল,  সেই কথাই আমাক বিস্মিত কৰে। কবলৈ গ'লে, ৰূপকোঁৱৰৰ যি  শিল্পদৰ্শন  আৰু তাৰ  উত্তৰণ, সেয়া বহুলাংশে তেখেতৰ শংকৰদেৱ চৰ্চা আৰু অধ্যয়নৰ  গৰ্ভৰপৰাই  ওলাই  আহিছে  বুলি   কব  পাৰি। এইক্ষেত্ৰত অৱশ্যে  ৰূপকোঁৱৰৰ বিশ্ববীক্ষাৰ কথাও কব লাগিব, যাৰ মাজেৰে বিশ্বসংস্কৃতিৰ প্ৰৱাহৰ সতে অসমীয়া সংস্কৃতিৰ তুলনা কৰি তেওঁ উত্তৰণৰ মাজেৰে  নিজৰ  শিল্প-দৰ্শন গঢ়ি তুলিছে।

জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই  অনন্য শিল্পদৰ্শনৰ  পূৰ্ণ  প্ৰকাশ  ঘটিছে ‘শিল্পীৰ পৃথিৱী'ত। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ  আগৰৱালাৰ জীৱনৰ প্ৰায় অন্তিম সময়ত ১৯৪৮ চনত শিৱসাগৰত অনুষ্ঠিত হোৱা ‘সদৌ অসম শিল্পী সংঘ'  প্ৰথম অধিবেশনৰ  সভাপতিৰ অভিভাষণখনেই  ‘শিল্পীৰ পৃথিৱী'। ‘শিল্পীৰ পৃথিৱী'  এক বিশাল  অভিভাষণ  আৰু  ইয়াতেই শিল্পীগৰাকীৰ শ্ৰীমন্ত শংকৰদেৱ অধ্যয়ন আৰু চৰ্চাৰ গভীৰতাৰ স্বাক্ষৰ তেখেতে ৰাখি থৈ গৈছে। নকলেও হ'ব যে,গুৰুজনা বিষয়ক যিখিনি কথা তেওঁ ‘শিল্পীৰ পৃথিৱী'ত কৈছে, সেয়া সামগ্ৰীক ভাষণৰ মাত্ৰ কিছু  অংশহে। কিন্তু  তাৰপৰাই তেখেতে  গোটেই  জীৱন  জুৰি কৰা শংকৰদেৱ অধ্যয়নৰ  বিস্তৃতিৰ উমান পাব পাৰি। দৰাচলতে  শ্ৰীমন্ত  শংকৰদেৱৰ  সামগ্ৰীক অধ্যয়নৰ আমঠুখিনিয়েই তেখেতে ‘শিল্পীৰ পৃথিৱী'ত ব্যক্ত কৰি থৈ গৈছে। কুৰি শতিকাৰ  আৰম্ভণিতে জন্ম  গ্ৰহণ কৰা এগৰাকী ৰূপান্তৰৰ শিল্পীয়ে তেওঁতকৈ পাঁচশ বছৰতকৈও আগতে জন্মগ্ৰহণ কৰা আন এগৰাকীৰ ৰূপান্তৰৰ শিল্পীৰ অৱদানক কিদৰে আৱিস্কাৰ  কৰিছে, নতুন সময়ৰ প্ৰেক্ষাত পূৰ্বৱৰ্তীৰ দৰ্শনক কিদৰে  বিজ্ঞানসন্মতভাৱে  ব্যাখ্যা কৰিছে-সেই কথাই  আমাক  বিস্মিত কৰাই নহয়-অসমীয়াৰ আধ্যাত্মিক দৰ্শনৰ মূল কালিকা ‘কৃষ্ণ’ সংস্কৃতিক  নস্যাৎ কৰিবলৈ বৰ্তমান সময়ত যিধৰণৰ ষড়যন্ত্ৰ  চলিছে ,সেই কথাৰ উমান লোৱাৰ বেলিকাও জ্যোতিপ্ৰসাদৰ এনে   ঐতিহ্যচেতনাৰপৰা আহৰিত শিল্পদৰ্শনে আমাক  সহায়  কৰিছে। এই দৰ্শনে  কেৱল  জ্যোতিপ্ৰসাদ আগৰৱালাৰ  শংকৰদেৱ অধ্যয়নৰ বিস্তৃতিৰ  কথাকেই কোৱা নাই। 

আচলতে, পৃথিৱীত অধ্যয়নশীল লোকৰ অভাৱ নাই। অধ্যয়ন বহুতেই  কৰে, কিন্তু  কম সংখ্যক  প্ৰতিভাধৰ লোকৰহে  থাকে সেই বিৰল বীক্ষণ, ভিন্ন সময়ৰ প্ৰেক্ষাত পদ্ধতিগত অধ্যয়নৰ  পৰা আহৰণ কৰা বোধ আৰু  উপলব্ধিক নতুন যুগৰ প্ৰেক্ষাত নতুনকৈ  ব্যাখ্যা কৰাৰ। যিদৰে জ্যোতিপ্ৰসাদ আগৰৱালাই শংকৰদেৱৰ আদৰ্শক পৰীক্ষা  কৰি  চাইছিল  পুৰণিক নতুনকৈ চোৱাৰ অন্তৰ্দৃষ্টিৰে নতুন সময়ৰ  কষটি  শিলত। তেখেতে শংকৰদেৱক ঠেক  পৰিচিতিৰ  গণ্ডীত  মাথোন এজন ধৰ্মপ্ৰচাৰক বুলি মানি  লবলৈ ৰাজী হোৱা নাই, বৰঞ্চ সাংস্কৃতিক গুৰুৰ আসনতহে  উপবিষ্ট কৰাইছে। 

শিল্পীৰ পৃথিৱী'ত তেখেতে গুৰুজনাৰ  বহুল  প্ৰচলিত ‘ধৰ্মপ্ৰচাৰক' ভাৱমূৰ্তিৰ উৰ্ধলৈ গৈ  কৈছে-“শ্ৰীমন্ত  শংকৰ আমাৰ সংস্কৃতিৰ গুৰু। আজিৰপৰা পাঁচশ বছৰ আগতেই এখেতে আমাক যি সাংস্কৃতিক আদৰ্শ দিলে আজি এই নতুন দিনত আমি সেই সাংস্কৃতিক আদৰ্শকেই ধৰি নতুন দিনৰ নতুন পৃথিৱীলৈ যাত্ৰা কৰিব পাৰিমনে নোৱাৰোঁ?  ইয়াকেই আজি  শ্ৰীমন্ত শংকৰে দি যোৱা সংস্কৃতিৰ আদৰ্শত আমি নতুনৰ পোহাৰত সুক্ষ্মভাৱে বিশ্লেষণ কৰি চাই-সেইমতেই  আগবাঢ়িব লাগিব। সেইকাৰণেই শ্ৰীমন্ত শংকৰে দিয়া সংস্কৃতিটোনো কি তাক আমি বুজিবলৈ প্ৰথমেই চেষ্টা কৰিব লাগিব। শ্ৰীমন্ত  শংকৰে দিয়া সংস্কৃতিৰ নাম হৈছে কৃষ্ণ। কৃষ্ণ শব্দৰ বৈয়াকৰণিক অৰ্থ হৈছে সংস্কৃতি। আজি আমি  ভাৰতীয়ই, ইউৰোপীয়, মংগোলীয়ই, গণতান্ত্ৰিকে, জনতান্ত্ৰিকে যাক  সংস্কৃতি বুলি  কওঁ-- পুৰণি ভাৰতত থকা হিন্দু সংস্কৃতি গঢ়া আৰু সেইমতে চলা মানুহখিনিয়ে সংস্কৃতিক কৃষ্ণ বুলি নাম দিছিল আৰু কৃষ্ণ বুলি উপাসনা পূজা  আৰু  কৃষ্ণই দেখুওৱা  আদৰ্শমতে মানৱ জীৱনত আগবাঢিছিল। ভাৰতত সত্য, ত্ৰেতা, যুগ পাৰ হৈ  দ্বাপৰত আহি ভাৰতীয় সংস্কৃতিয়ে যি ৰূপ ধাৰণ কৰিলে--সেই  ৰূপটোৱেই হৈ গৈছে কৃষ্ণ। এই সেই ভাৰতীয়ৰ মহান ঐতিহ্যকেই-সেই ঐতিহ্যৰ কৃষ্ণৰূপী সংস্কৃতিকেই শ্ৰীমন্ত শংকৰে উপনিষদ ভাগৱতৰপৰা আনি অৰ্থাৎ ব্ৰাহ্মণ্য সংস্কৃতিকেই সেই যুগৰ উপযোগী ৰূপত আমকি দি থৈ গ'ল।”

প্ৰকৃত শিল্পীয়ে জানে, চৰ্বিত-চৰ্বণত তেওঁ হেৰাই যাব যদিহে বিপ্লৱী সত্তা আহৰণ কৰিব পৰা নাযায়। শিল্পীৰ এই  বিপ্লৱী সত্তা কি? ই হাতত বন্দুক তুলি লৈ কৰা প্ৰতিবাদ নহয়। শিল্পীয়ে বিপ্লৱী সত্তা আহৰণ কৰে আদৰ্শৰ  দ্বন্দ্বৰ  মাজেৰে,  জীৱনৰ নুতন উপলব্ধিৰে। এইক্ষেত্ৰত,   যিকোনো শিল্পীয়ে বিপ্লৱী সত্তা আহৰণ কৰিবলৈ প্ৰাথমকিভাৱে চেষ্টা  কৰে অধ্যয়নৰ মাজেৰে, ঐতিহ্যৰ চেতনাৰ মাজেৰে গতি  কৰি।  জ্যোতিপ্ৰসাদ আগৰৱালাৰ অধ্যয়নৰ পদ্ধতিত ঐতিহ্যৰ চেতনা অতি তীক্ষ্ণ। সেইবাবেই ‘শিল্পীৰ পৃথিৱী'ত গুৰুজনাৰ উল্লেখ বিস্তৃত নহলেও,  যিখিনি  আছে সেয়া  সমস্ত উপলব্ধি আৰু সাৰকথাৰ শাহ বুলি উমান পাব  পাৰি।  জ্যোতিপ্ৰসাদে ঐতিহ্য চেতনা আহৰণ কৰাৰ সমান্তৰালভাৱে  স্থানীয় সংস্কৃতিৰ কালিকা  আত্মস্থ  কৰিবলৈ ভাৰতীয় সংস্কৃতিৰ লগতে বিশ্ব  সংস্কৃতিৰো নানা দিশ  অধ্যয়ন  কৰিছে। সেইবাবেই  শংকৰদেৱৰ  কৰ্ম-ৰাজিৰ  অধ্যয়নৰ মাজেৰে তেখেতে  গুৰুজনাৰ  ধৰ্মীয়  দৰ্শনৰ পৰিধি ভাঙি  সুকুমাৰ  কলা, স্থাপত্যৰ দৰে  দিশসমূহলৈ বিজ্ঞানসন্মত  দৃষ্টি  নিক্ষেপ  কৰিছে। 

কৃষ্ণ  সংস্কৃতি  সুকুমাৰ কলাৰ প্ৰতীক বুলি উপলব্ধি কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছে--“কিন্তু  দ্বাপৰত মনীষৰ পূৰ্ণ উপলব্ধিত দেখিলে, নহয়, মানুহৰ দৃষ্টিভংগী হ'ব লাগিব artistic, অৰ্থাৎ  শিল্পীহে  মানুহ। এই  শিল্পীটো হ'ব লাগিব প্ৰধান-আৰু জীৱনক কলাময়ী ৰূপ দিবলৈ যাওঁতে দুস্কৃতিৰ সতে যুদ্ধ আছে তাৰ বাবে বীৰত্বটো লাগিবই। কিন্তু মানুহৰ পূৰ্ণ জীৱন শিল্পীৰ ৰূপতহে ওলাব। সেইবাবে কৃষ্ণ শিল্পী-সুকুমাৰ কলা বিশাৰদ-চিৰসুন্দৰ মূৰ্তিৰে আঁকিলে। আৰু  এটা ডাঙৰ কথা যে কৃষ্ণক  ব্যৱসায়ী সুকুমাৰকলাসেৱী কৰি অঁকা নাই। আঁকিলে জীৱনৰ শিল্পীকৈ। সুকুমাৰ কলাৰ মাজেদিয়ে কৃষ্ণৰ  প্ৰথম প্ৰকাশ-কিন্তু সেই প্ৰকাশ একেবাৰে বাস্তৱ জীৱনৰ উতলি থকা জীৱনৰ মাজত। বাস্তৱ  জীৱনক্ষেত্ৰ আৰু বাস্তৱৰ ভাৱৰীয়া হৈয়েই কৃষ্ণৰ শিল্পীৰূপ প্ৰতিভাত। একেবাৰে জনতাৰ জীৱনৰ সোঁমাজতে। মানুহ যে শিল্পী-আৰু তাতেই গৈ তাৰ পূৰ্ণ বিকাশ আৰু প্ৰকাশ হ'ব-আৰু ব্যক্তিশিল্পীটোৱে জীৱনৰ কেন্দ্ৰজ্যোতি হৈ জনতাকো শিল্পীৰূপ দি জীৱনৰ পূৰ্ণৰাস পাতিব লাগিব-এই সত্যৰূপ ধৰা পৰিল দ্বাপৰতেই আমাৰ মনীষাত-কিন্তু এতিয়া এইযে মানুহৰ শিল্পীৰূপ এই কথাটো লাহে লাহে প্ৰতিভাত হৈ আহিছে পাশ্চাত্য এই কুৰি  শতিকাতহে।”

এই প্ৰসংগত প্ৰকৃত শিল্পীয়ে যে গজদন্ত  মিনাৰত  নহয়, মানুহৰ  মাজতে বাস কৰে সেই   কথাকেই  তেখেতে স্পষ্টকৈ  বুজাবলৈ চেষ্টা কৰিছে। ‘ব্যৱসায়ী সুকুমাৰকলাসেৱী'  শব্দযুগলৰ  প্ৰয়োগ মন কৰিবলগীয়া। প্ৰকৃত শিল্পী কেতিয়াও ৰজাঘৰীয়া  টুকৰ নহয়।  প্ৰকৃত শিল্পীৰ ব্যৱসায়িক দৃষ্টিভংগী নাথাকে, তেওঁ  মানুহৰ মাজতে সাধাৰণজনৰ এজন হৈ বাস কৰে। শ্ৰীকৃষ্ণও নাছিল । শ্ৰীমন্ত শংকৰদেৱো  নাছিল। শ্ৰীকৃষ্ণৰ জন্ম  হৈছে অত্যাচাৰী কংস  ৰজাৰ পোতাশালত। তোলনীয়া সন্তানৰূপে পালিত হৈছে গকুলৰ  গোপপালকৰ প্ৰধান নন্দৰ  ঘৰত, গোপপালকৰ  সতে  গৰু চৰাই উমলি-জামলি,  গৰখীয়াৰ ঘৰে ঘৰে মাখন চুৰ কৰি খাই ৰং-ধেমালি কৰি ডাঙৰ হৈছে। গৰু চৰাবলৈ যাওতেই  শিকিছে  কৃষ্টিৰ আধাৰ  মোহন  বাঁহী। কোনো সন্দেহ নাই যে,   দুস্কৃতি  নাশি  সংস্কৃতিক  থাপিবলৈ  পকিপক্ক  ৰাজনীতিবিদৰ দৰে জীৱনৰ পৰৱৰ্তী সময়ত বিভিন্ন কৰ্তব্য পালন কৰা  কৃষ্ণৰ এই শিশুৰূপেই যুগ যুগ  ধৰি সৰলপ্ৰাণ ভাৰতীয়ৰ বুকুত অনন্য স্থান  লৈছে। লগতে  ইয়াত কোনো সন্দেহ নাই যে,  দুবাৰকৈ  ভাৰত ভ্ৰমণ কৰি অনন্য জ্ঞান-অভিজ্ঞতাৰে সমৃদ্ধ হৈ  উভতি আহি  শ্ৰীমন্ত  শংকৰদেৱে  অসমীয়া সমাজখন কৃষ্টি-সংস্কৃতিৰে  বান্ধিবৰ সময়ত এই শিশুকৃষ্ণৰ ছবিখনেই  সাহিত্যত নিকপকপীয়াকৈ বান্ধিলে। সেই  সময়ত অনাখৰী মানুহে  বুজিব পৰাকৈ  উপযোগী  কৰি তুলি অতি বিচক্ষণতাৰে  নিঁভাজ  গাৱঁলীয়া শব্দৰ  প্ৰয়োগেৰে শ্ৰীমন্ত  শংকৰদেৱে  কিদৰে এই কাম সম্ভৱ  কৰি তুলিছিল,  সেয়া ড০ হীৰেন গোহাঁইৰ শংকৰদেৱ চৰ্চাৰ মাজেৰে আমি বিতংকৈ জানিব পাৰোঁ। ‘ব্যৱসায়ী সুকুমাৰকলাসেৱী'  হোৱাৰ বিপৰীতে শ্ৰীমন্ত শংকৰদেৱ  সদায় আছিল ৰাইজৰ মাজত, ৰজাঘৰীয়াৰ অত্যাচাৰতো তেওঁ শিৰ নত কৰা নাছিল।

ভাৰতীয় বা অসমীয়া মানুহৰ মনত এই  কৃষ্ণ সংস্কৃতি বা পৰম্পৰাৰৰ  মৰ্মাৰ্থ  জ্যোতিপ্ৰসাদে লাভ  কৰিছিল ক'ৰপৰা?   শংকৰদেৱ চৰ্চাৰ মাজেৰেই তেখেতে যে  এই  ‘কৃষ্ণসংস্কৃতিৰ মহিমা  উপলব্ধি  কৰিছিল, তাক  বুজাত অসুবিধা  নহয়। ভাৰতৰ সনাতনী সংস্কৃতিত কৃষ্ণ পৰম্পৰাই এক বিশাল ঠাই  অধিকাৰ কৰিছে  আৰু সেই কৃষ্ণ পৰম্পৰাকেই সংস্কৃতিৰ  দ্যোতক  বুলি  গণ্য কৰাৰ ক্ষেত্ৰত  জ্যোতিপ্ৰসাদ আগৰৱালাৰ এনে উপলব্ধি  বৈপ্লৱিক  বুলি  কব  পাৰি। অধ্যয়ন, বোধ আৰু গভীৰ অন্তৰ্দৃষ্টিৰ মাজেৰেই  এই বৈপ্লৱিক চেতনা তেখেতে আহৰণ কৰিছে।  লগতে  তেখেতে এই  কথা  বলৈ পাহৰা  নাই যে, গুৰুজনাই  কেইবা শতিকাৰো আগতেই ভাৰতীয় সংস্কৃতিৰ কৃষ্ণ  পৰম্পৰাৰ সেই মৰ্মাৰ্থ উপলব্ধি কৰিছিল।

কোনো সন্দেহ নাই  যে,  গুৰুজনাৰ  সাহিত্যক সাৰথি  কৰিয়েই  তেখেতে  সেই  উপলব্ধি আহৰণ কৰিবলৈ  সক্ষম হৈছিল। হয়তো তাৰ বাবে দীঘলীয়কালৰ অধ্যয়নো কৰিছিল।  ‘শিল্পীৰ পৃথিৱী'ত তেখেতে কৈছে-“শ্ৰীমন্ত শংকৰেও এই কৃষ্ণকে আমাক সংস্কৃতিৰ প্ৰতীককৈ দি গৈছে  আৰু তেওঁৰ নিজক জীৱনতো কৃষ্ণৰ শিল্পীৰূপ মানৱ জীৱনত প্ৰকাশ কৰিবলৈ তেওঁৰ প্ৰতিভাৰে মনীষাৰে  চেষ্টা  কৰি গ'ল। প্ৰায়বোৰ ধৰ্ম প্ৰচাৰকে  সন্যাসীৰ দৰে ধৰ্ম প্ৰচাৰ  কৰি ফুৰে। কিন্তু শ্ৰীমন্ত শংকৰে কৃষ্ণ শব্দটোৰ অৰ্থ ভালকৈ বুজিছিল- সেইহে কৃষ্ণৰ আদৰ্শতে সেই যুগৰ উপযোগী জীৱন গঢ়িছিল। আৰু সেইদৰে জীৱন গঢ়ি জগতকে জীৱন কেনে হ'ব লাগে দেখুৱাইছিল। সেইকাৰণে তেওঁ  দৈহিক সৌন্দৰ্যযুক্ত হৈ মানুহৰ শাৰীৰীক সৌন্দৰ্য যে থাকিব লাগে, তাক উপলব্ধি কৰি শৰীৰ  চৰ্চা, ব্যায়াম  আদি  কৰি  শৰীৰৰ  দৈহিক ভাগলৈ সম্পূৰ্ণ মন দিছিল। তেওঁ শৰীৰৰ শক্তিকো উপেক্ষা নিশ্চয় কৰা নাছিল--ভৰ বাৰিষা লুইত পাৰ হোৱা, ষাঁড় গৰুৰ শিঙত ধৰি পোলোৱাত তেওঁৰ দৈহিক শক্তি  আৰু শৰীৰ পুষ্ট কৰা খেল-ধেমালিকো তেওঁ কৰ্তব্যৰ ভিতৰত ধৰিছিল। তেওঁ  মানসিক স্থিতাৱস্থাৰ কাৰণে নিজৰ দেহৰ, মনৰ, হৃদয়ৰ সক লো গুণাগুণৰ ওপৰত নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ব্ৰহ্মচৰ্য্য, যোগাভ্যাস সকলো কৰিছিল।তেওঁ সংসাৰী হৈ, গৃহী হৈ আদৰ্শ গৃহস্থ, আদৰ্শ সংসাৰীৰ চানেকি দেখুৱাইছিল। তেওঁ সকলো শাস্ত্ৰৰ পণ্ডিত হৈছিল। তেওঁ সুকুমাৰ কলাৰ আটাইকেইবিধ- কবিতা, সংগীত, স্থাপত্য, ভাস্কৰ্য, আলেখ্যত বিশাৰদ হৈছিল। তেওঁ পৰিকল্পনা কৰিছিল, তেওঁ গাইছিল, বজাইছিল, নাচিছিল। তেওঁৰ চৰিত্ৰকাৰকে তেওঁ যে এজন মানুহ মোহিত কৰিব পৰা অতি সুদক্ষ শিল্পী আছিল, তাকে কৈ গৈছে। তেওঁৰ কবিতা, গীত, সুৰে আজিও পাঁচশবছৰৰ পিছতো তাৰ মাজেদি অহা তেওঁৰ প্ৰতিভাৰ শতদলৰ সুৰভিয়ে অসমীয়াৰ মনোবল আমোলমোলাই থৈছে।”-থোৰতে , মাথোন  এটা পেৰাগ্ৰাফত কোৱা  এই বক্তব্যতে জ্যোতিপ্ৰসাদ  আগৰৱালাৰ শ্ৰীমন্ত  শংকৰদেৱ অধ্যয়নৰ বিস্তৃতিৰ উমান পাব পাৰি।

কিন্তু কেৱল অধ্যয়নৰ বিস্তৃতিৰ মাজেৰে  নহয়, শংকৰদেৱ চৰ্চাৰ  প্ৰগতিশীল উপাদানেহে  জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিল্পী সত্তাটিক নতুনকৈ সজাই  তুলিছে।  শংকৰদেৱৰ অধ্যয়ন আৰু  চৰ্চাক প্ৰগতিশীলতাৰ  সূত্ৰৰে  অভিনৱত্ব প্ৰদান কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই ‘শিল্পীৰ পৃথিৱী'ত পুনৰ কৈছে-“১৯৩০ চনত বাৰ্লিনত ভাৱিষ্যতিক, আধুনিক  স্থাপত্যৰ কেইটিমান নতুনকৈ সজা ৰাজহুৱা ঘৰ দেখি-চক খাই উঠি-সেই বিদেশৰ চহৰৰপৰাই এই অসমৰ মহাপ্ৰতিভালৈ শিৰ দোঁৱাইছিলোঁ। ইয়াৰ পিছত ইউৰোপৰপৰা মই উভতি আহি ১৯৩১ চনত বৰদোৱা সত্ৰলৈ গৈ তাত বৰদোৱাৰ নামঘৰৰ খূঁটাত কাটি থোৱা ভাস্কৰ্য্যৰ নিদৰ্শন দেখি আকৌ এবাৰ বিস্ময়ত অভিভূত হৈছিলোঁ। সেই সময়ত বিশ্ববিশ্ৰুত ভাস্কৰ্য্যশিল্পী Epstein অৰ এক ভাস্কৰ্য্যৰ  কাৰিকৰীত জগতত এটা ৰোমাঞ্চ (sensation) সৃষ্টি হৈছিল। বিখ্যাত সমালোচকসকলে  Epstein অৰ কাৰিকৰীত ভাৰতীয়  প্ৰভাৱ আছে বুলি কৈছিল। সেই  কাৰিকৰীতেই দেখিলোঁ  বৰদোৱা নামঘৰৰ খূঁটাত কটা মূৰ্তিবোৰ। আচৰিত হ'লোঁ। ভকতক প্ৰশ্ন কৰোঁতে ক'লে সেই খুঁটাবোৰ গুৰুৰ দিনৰেই। তেন্তে এই ভাস্কৰ্যতো হিন্দুৰ দেৱ-দেৱীৰ ভাস্কৰ্য্যৰ কাৰিকৰী নহয়। এই নামঘৰৰ স্থাপত্যৰ দৰে বৈপ্লৱিক ভাস্কৰ্য্যটো দৃষ্টিভংগীৰপৰা ওপজা কাৰিকৰী। যি  কাৰিকৰী অলপ হেৰফেৰ হৈ আজি পাঁচশ বছৰৰ পিছত Epstein অৰ বটালিয়েদি ওলাই জগতৰ ৰোমাঞ্চিত কৰিছে তেতিয়া মোৰ মনে গাই উঠিছিল,


আগে নিচিনিলোঁ   এবেসে জানিলোঁ

তেন্তে তুমি শ্ৰীৰাম

অজ্ঞানীক মোক    প্ৰভূ ক্ষেমিয়োক

চৰণে কৰোঁ প্ৰণাম।

 

পশ্চিমীয়া শিক্ষা পাই অহঙ্কাৰত অন্ধলা হৈ ঘৰৰে মহাপ্ৰভূক চিনি নাপাই ফুৰা মোৰ মনটোৰ সকলো অহঙ্কাৰ সেইদিনা একেবাৰেই ধূলিস্যাৎ হৈ গ'ল। সেইদিনাৰপৰাহে মই অসমীয়া হবলৈ আৰম্ভ কৰিলোঁ। মোৰ ভিতৰৰ চাহাবটো ওলাই লৰ  মাৰিলে।

তাৰপাছত নামঘৰ ভিতৰলৈ গৈ দেখিলোঁ-থাপনাখন  দেখোন cubist design অৰ, তাত অঁকা-বাকবোৰ কোনোটো  impressionist, কোনটো symbolist শিল্পীৰ আলেখ্যৰ দৰে। বাৰে বাৰে এটা প্ৰশ্ন জাগিবলৈ ধৰিলে  বিদেশত কেলৈ পঢ়িবলৈ গৈছিলো, ঘূৰি আহিদেখোন ঘৰতে পালোঁ। তেতিয়াৰেপৰাই শ্ৰীমন্ত শংকৰৰ সৰ্বতোমুখী  প্ৰতিভা বুজিবলৈ চেষ্টা কৰি আহিছোঁ--আজিওতো সকলো বুজি শেষ কৰিব পৰা নাই। ইয়াকে কৰিছিল শ্ৰীমন্ত শংকৰে জনতাৰ মাজত, গাৱঁৰ মাজত। জনতাক সাংস্কৃতিক জীৱন দিবলৈ। সেইকাৰণেই  জনতাই  বুজি পোৱা সৰল অসমীয়ালৈ তেওঁ ভাঙি  দিলে ভাগৱত,  যি আছিল সংস্কৃত ভাষাত --জনতাই  হাতেৰে ঢুকি নোপোৱাত।  তেওঁ তাক আনি দিলে একেবাৰে জনতাৰ কোলাত। তেওঁ জীৱনৰ মহাশিল্পী হৈ বহিল অসমীয়া জনতাৰ মাজত বহিল  অসমীয়া  জনতাৰ নৱ জীৱন গঢ়িবলৈ। এই নতুন সমাজ সৃষ্টি অভিযানত তেওঁ  প্ৰথমেই সুকুমাৰ কলা-শিল্পী হৈয়েই ওলাই গৈ  পিছত সামাজিক সংগঠনৰ সকলো বিভাগতেই সেই শিল্পীৰ সৌন্দৰ্য সৃষ্টি-দৃষ্টিৰেই  সেই বৈপ্লৱিক ভংগীমাৰেই দেখা দিলে।

 

এই অনুপ্ৰেৰণাৰেই জ্যোতিপ্ৰসাদে লিখিছিল,

‘!

জনতা তোৰ প্ৰাণৰো প্ৰাণত,

মনৰো মনত

শিল্পী যে মই

লুকাই লুকাই আছোঁ

তোৰ সপোনৰ

কত ছবিত কত যে ফুল  বাছোঁ

লুকাই লুকাই আছোঁ।”

এয়াই  হৈছে কৃষ্ণ-সংস্কৃতিৰ দৰ্শন, যাক শ্ৰীমন্ত  শ্ৰীমন্ত  শংকৰদেৱে অভিনৱত্বৰে  গীত-মাত-অভিনয়-কৰ্মসংস্কৃতিৰে   নতুনকৈ  প্ৰতিষ্ঠা কৰিলে  নতুন সময়ৰ প্ৰেক্ষাত তেওঁৰ জীৱনকালত,  আৰু তাৰ পাঁচশ বছৰৰ পিছত সেই উপলব্ধিকেই  নৱ ৰূপ লিখিলে  জ্যোতিপ্ৰসাদ  আাগৰৱালাই। যে, প্ৰকৃত শিল্পীৰ অৱস্থান মানুহৰ মাজত, তেওঁ  মানুহৰ মাজতে লুকাই  লুকাই মানুহৰ সপোনৰ মাজেৰেই জীৱনৰ জয়গান গাই যায়। এই শিল্পীজন ৰজাঘৰীয়াৰ পদলেহনকাৰী ‘ব্যৱসায়ী সুকুমাৰকলাসেৱী' নহয়।

 জ্যোতিপ্ৰসাদে শ্ৰীমন্ত  শংকৰদেৱৰ কৰ্মৰাজিৰ চৰ্চাৰ কিমান গভীৰলৈ প্ৰৱেশ কৰিছিল তাক বুজিব  পাৰি  সমাজৰ অস্পৃস্যতা দূৰ কৰিবৰ ৰণে শংকৰদেৱে লোৱা বৈপ্লৱিক ব্যৱস্থাৰ উধৃতি দিবলৈ  গৈ তেওঁ  ‘শিল্পীৰ পৃথিৱী'ত তুলি দিয়া কীৰ্তনপুথিৰ তলৰ উদ্ধৃতিৰপৰা,

ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কূল

দাতাত চোৰত যেন দৃষ্টি সমতূল”

এইদৰেই  ক্ষণজন্মা গণশিল্পীগৰাকীয়ে  গুৰুজনাৰ আদৰ্শক যিদৰে  নতুনকৈ আৰু বিজ্ঞানসন্মতভাৱে  আৱিস্কাৰ কৰিলে   তাৰ  স্বাক্ষৰ ‘শিল্পীৰ পৃথিৱী'ৰ পাতত ৰৈ গৈছে। কবলৈ গ'লে, চৰ্বিত-চৰ্বণতাৰ উৰ্ধলৈ গৈ এয়াই ৰূপান্তৰৰ বিপ্লৱী  মন্ত্ৰ। আজিৰ ধৰ্মভিত্তিক ঘৃণাৰ ৰাজনীতিৰ কবলত ককবকাই থকা সমাজত য'ত গাহৰি-কুকুৰা পালন কৰাৰ অপৰাধতে মানুহক এঘৰীয়া  কৰা হৈছে, বা ধৰ্মীয়ভাৱে  সংখ্যালঘূ হোৱাৰ বাবেই নানা অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া হৈছে-তেনে সময়ত অন্তৰ পোহৰ কৰা এনে সাহিত্যৰ পঠন আৰু আলোচনাই  সমাজক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰিব পাৰি।


No comments:

Post a Comment