সত্যৰ মৃত্যু (death of truth) বোলা কথাষাৰ বেচ আমোদজনক। কোৱা হয় যে, সত্যৰ মৃত্যু (death of truth) হৈছে। এতিয়া আমি যিসময়ত বাস কৰিছোঁ, এয়া উত্তৰ-সত্য(Post Truth)ৰ যুগ। আচলতে সাহিত্যত উত্তৰ-সত্য আৰু উত্তৰ-আধুনিক দুয়োটা আমাৰ বাবে অলপ আমোদজনক বিষয়।
আচলতে সত্যৰ মৃত্যুনো কিদৰে হৈছে? এই সময়চোৱাত আচলতে অলেখ প্ৰপাগণ্ডাৰে প্ৰকৃত সত্যক ঢাকি ৰাখিবলৈ অনেক অৰ্ধসত্য, আৰু সত্যৰ অপলাপ মানুহৰ মাজলৈ এৰি দিয়া হৈছে। প্ৰচাৰ মাধ্যম, সংবাদ মাধ্যম, ৰাজনৈতিক দলৰ আই টি চে’ল- ইত্যাদি নানা আহিলাৰে সত্যৰ প্ৰকৃত ৰূপ ঢাকি ৰখা হৈছে। যেন এই মহাশক্তিমানসকলে যিখন জগত আমাক দেখুৱাব, সেইখন জগতহে যেন আমি চাব পাৰিম। চাবলৈ বাধ্য।
হয়তো এই অৰাজক পৰিবেশটো বহু পৰিমাণে সঁচা। তথাপি কব লাগিব যে, উত্তৰ সত্য সত্যৰ পৰৱৰ্তী যুগত বাস কৰাৰ সময়তো কিন্তু বহু চেষ্টাৰ পিছতো প্ৰকৃত সত্যক ঢাকি ৰাখিবলৈ কোনোৱেই এশ শতাংশ সক্ষম হোৱা নাই। কিয়নো বহু কাৰচাজি কৰা পিছতো কিন্তু তথ্য-প্ৰযুক্তিৰ জগতখন বহু পৰিমাণে গণতান্ত্ৰিক। তাৰেই সুযোগত আজিৰ মিথ্যাচাৰ কাইলৈ প্ৰট হৈ পৰিছে। বহুসময়ত উভয়পক্ষৰ যুদ্ধখন সত্যক প্ৰতিষ্ঠা কৰা আৰু সত্যক ঢাকি ৰাখি বলৈ প্ৰয়াস কৰাসকলৰ মাজৰ নিৰন্তৰ যুদ্ধ বুলিহে কব লাগিব। অৱশ্যে ইয়াত সময়ৰ হানি হয়।
সাহিত্যৰ ক্ষেত্ৰখনতো সত্যৰ অপলাপ আৰু অৰ্ধসত্যৰ বাতাবৰণ চলে। তদুপৰি চলে কিছুমান বিশেষ মানুহক নস্যাৎ কৰাৰ প্ৰৱণতা, তাকো ৰজাঘৰীয়াসকলৰেই প্ৰচেষ্টাত। যিসকলে প্ৰতিকূল সময়ত ৰজাঘৰীয়াৰ স্তাৱক হব পৰা নাই, মানুহৰ কল্যাণৰ বিপৰীতে লোৱা যিকোনো পদক্ষেপৰ বিৰোধিতা কৰিছে, মনে মনে থকা নাই--তেওঁলোক সকলোৱেই নস্যাৎকৰণৰ চিকাৰ।
কিন্তু প্ৰকৃত সৃষ্টিশীল জগতৰ লোক এজন যিদৰে সদায় বোবা হৈ থাকিব নোৱাৰে, সেইদৰে selective হবও নোৱাৰে। তেতিয়া তেওঁ নিজেই ধৰা পৰি যাব, বা স্ব-বিৰোধিতাত হেৰাই যাব।
ততাপি কব লগিব যে, যিকোনো সৃষ্টিশীল কৰ্মৰ দৰেই সাহিত্যয়ো আচলতে অলপ appreciation বিচাৰে। এনেদৰে সহজতে কৈ দিব পাৰি যে- তোমালোকেনো কি সোণৰ সোলেং লিখিছা যে, অনবৰতে আমাৰ appreciation বিচাৰি ফুৰিছা? কথাটো হয়তো কিছু পৰিমাণে সঁচা। কিন্তু অনাদৰত বহু কথা মৰহিও যায়।
এই সকলোবোৰৰ পিছতো অৱশেষত এটা আশা জীয়াই থাকে যে-উৎকৃষ্ট সাহিত্যই যুগৰ সকলো ষড়যন্ত্ৰ অতিক্ৰম কৰি যায়।সাহিত্যত ষড়যন্ত্ৰ বা নস্য্যৎকৰণৰ ধাৰণা নতুন কথা নহয়। জেমচ জয়েচৰ ‘ইউলিচিছ’ উপন্যাসখনৰ সন্দৰ্ভত এটি লিখনিয়ে বহু কতাই ভবাই তুলিলে। এই উপন্যাসখনে দুবছৰ আগতেই ইতিমধ্যে প্ৰকাশৰ এশ বছৰ অতিক্ৰম কৰি গৈছে। অলপতে ‘দ্য পেৰিচ ৰিভিউ’ আলোচনীখন চাই থাকোঁতে হঠাতে উপন্যাসখনৰ সন্দৰ্ভত এটা বিশ্লেষণ পঢ়িবলৈ পালোঁ।
‘দ্য গাৰ্ডিয়ান’ত প্ৰকাশিত এক প্ৰতিবেদনতো দেখিলোঁ উপন্যাসখনৰ সন্দৰ্ভত বিখ্যাত সাহিত্যিক পাওলো ক’ৱেলহ’ৰ মনোভাৱো তেনেই উচ্চ নহয়। তেখেতে অৱশ্যে পূৰ্বসুৰীসকলৰ দৰে উপন্যাসৰ মৃত্যুঘণ্টা বজোৱা নাই।
আচৰিত কথা এয়ে যে, সমালোচকৰ নেতিবাচক মন্তব্য, প্ৰাৰম্ভিক সংকটৰ পিছতো এশ বছৰৰ অধিককাল ধৰি ‘ইউলিচিছ’ এখন সৰ্বাধিক সমাদৃত উপন্যাস হিচাপে স্বীকৃতি পাইছে আৰু বিভিন্ন ধৰণে ইয়াকউদযাপন কৰা হৈছে। উদাহৰণস্বৰূপে, ২০১২ চনৰ ছয় আগষ্টত প্ৰকাাশিত ‘দ্য গৰ্ডিয়ান’ৰ উক্ত প্ৰতিবেদন অনুসৰি ‘ইউলিচিছ’ উপন্যাসখনৰ প্ৰথম প্ৰকাশৰ সময়ত ইয়াৰ ১০০০ কপি ছপা কৰা হৈছিল। প্ৰথম প্ৰকাশৰ সেই কপিবোৰৰ প্ৰতিটো কপি আজিৰ তাৰিখত ১,০০,০০০ পাউণ্ডত বিক্ৰী হয় বুলি ‘দ্য গৰ্ডিয়ান’ত প্ৰকাশ।
No comments:
Post a Comment