অথঃসাৰমেয় সংবাদ
'ইনা-মিনা-ডিকা'- আমাৰ চুবুৰীৰ unsung heroকেইটাৰ কথা
তাহানিৰ পোহনীয়া 'কালু'ৰ সতে
সুশান্ত তালুকদাৰ, সুশোভন তালুকদাৰ, সুপ্ৰকাশ তালুকদাৰ
ইনা-মিনা-ডিকা হৈছে
আমাৰ চুবুৰীৰ নোদোকা-নাোদাক বাটৰ কুকুৰকেইটা (street dog)। বগা
বগা কুকুৰকেইটা নোদোকা আৰু স্বাস্থ্যবান। তাৰ ভিতৰতে ডিকা আটাইতকৈ
স্বাস্থ্যবান। ঢেকুৰা বুলিব নোৱাৰি, cross breed যেনহে লাগে। সামাজিক মাধ্যমত কুকুৰৰ বিষয়ে
বিভিন্নজনে কথা-বতৰা লিখে। কেতিয়াবা কাৰোবাৰ পোহনীয়া কুকুৰ হেৰোৱাৰ খবৰো আহে।তেতিয়াই
মোৰ ইনা-মিনা-ডিকালৈ মনত পৰে। ডিকালৈ মনত পৰে। পিচে, আমাৰ চুবুৰীৰ ইনা-মিনা-ডিকাহঁত গ্লেমাৰ নোহোৱা
কুকুৰ। গ্লেমাৰবিহীন হলেও সিহঁতে কিন্তু আমাৰ মৰম ঠিকেই পায়।
অৱশ্যে বাটৰ কুকুৰ, আকাশত উৰি ফুৰা চৰাই এইবোৰক লৈ মোৰ সিমান obsession নাই। সিহঁতৰ কথা-কাণ্ডবোৰ চাইহে ভাল পাওঁ। চৰাইক আহাৰ দিয়া চৰিয়াটোৰ ভাতকেইটা ভূজিয়া, নিমখীয়া বিস্কুটৰ গুৰা আদিৰে সোৱাদ কৰি দিলে সিহঁতে বৰ ভাল পায়। এতিয়া বিবিধ চৰাইয়ে পোৱালি দিয়াৰ সময়। এইকেইদিন ঘৰচিৰিকাৰ উপৰিও গাংশালিকা, চুটিয়া শালিকা, কাণ-কুৰিকা, বুলবুলিৰ পোৱালি কেইটামানে পাল পাতি পাতি চিঞৰি-বাখৰি খাই যায়হি। পাৰ আহে। কপৌ আহে। এটা সময়ত সুশান্তৰ Frontline আলোচনীৰ এগৰাকী সম্পাদক আছিল, তেখেতে নিবন্ধবোৰ সম্পাদনাৰ দায়িত্বত আছিল। মাজে মাজে নিবন্ধৰ সম্পাদনাৰ কালত সুশান্তলৈ ফোন কৰে আৰু কয়,--‘আপোনাৰ সতে কথা পাতি থাকোঁতেই বেকগ্ৰাউণ্ডত চৰাইৰ কিচিৰ-মিচিৰ শুনি আছোঁ।' কথাটো মিছা নহয়।’ ঘৰখনত চৰায়ে কিচিৰ-মিচিৰ কৰি থাকিলে ঘৰজেউতীয়ে ভাল পায়। পিচে, ঘৰজেউতিনো কোন!
মাজতে এহাল মাছৰোকা চৰায়ে গেছৰ ওপৰৰ চিমনিত বাহ সাজিবলৈ
বহি ভালেই ঝামেলা কৰিছিল। চৰাই খেদিব নোৱাৰি গেছৰ ষ্ট’ভেই আঁতৰাই দিবলগীয়া অৱস্থা। শালিকায়ো এনেদৰে চিমনিত বাহ সাজি পোৱালি জগাইহি। এইকেইদিন চাদত জুমকা জবাজোপাৰ ফালে যাব নোৱাৰা অৱস্থা। হাতেৰে
ঢুকি পোৱাতে বাটি এটাৰ দৰে
বাহ সাজি এহালি বুলবুলি চৰায়ে পোৱালি
উমনি দিছে। সেইফালে গ’লে ছোঁ মাৰি আহি মূৰৰ চুলি চিঙি নাও যেন কৰে। মেকুৰী মাহীয়েকে দেখিলে কি হ’ব তাকে যেনিবা
সিহঁতে ভাবি পোৱা নাই।
বাটৰ কুকুৰলৈ অৱশ্যে সুশান্তৰ মৰম জোখতকৈ অলপ বেছি। মাজে
মাজে কিনি-কুটিও কিবাকিবি খাবলৈও দি থাকে। সৰু
থাকোঁতে তেওঁলোকৰ ঘৰত কেইবাটাও পোহনীয়া কুকুৰ আছিল। এদিন
ক’লেহি যে সিহঁতে দোকানৰ গ্লাচ কে’ক (গিলাচৰ দৰে কে’ক) খাবলৈ ভালপায়। দিয়ক বাৰু, কিন্তু
সদায় গ্লাচকে’ক কিনি খুৱাবলৈ মানা কৰিলোঁ।
ফ্লাই অ’ভাৰে আগুৰি ধৰা গুৱাহাটী মহানগৰীত আমাকো শেহতীয়াকৈ চেৰাবভাট্টি (নতুন নাম
আৰ্যনগৰ) ফ্লাই অ’ভাৰে বান্ধি পেলালে। কিছু লোকে কয়-ফ্লাই অ’ভাৰ আমাৰ মহানগৰীৰ অভিজাত্যৰ
প্ৰতীক, ফ্লাই-অ’ভাৰে যান-জঁট কমাইছে। আমাৰ ধাৰণাত ফ্লাই অ’ভাৰে এফালৰ ট্ৰেফিক জাম
আন এটা ফাললৈ মেলিহে আনিছে। আজিকালি লখৰাৰ ফালৰপৰা উলুবাৰীলৈ যাবলগীয়া বাহনবোৰে ফ্লাইঅ’ভাৰৰপৰা
নামি আই টিআইৰ সন্মুখেৰে থকা আমাৰ জ্ঞানমালিনীৰ কবিৰ নামেৰে প্ৰখ্যাত মফিজুদ্দিন আহমেদ
পথেৰে শ্বৰ্ট কাট কৰি দিয়ে। ফলত এটা সময়ৰ প্ৰায়
নিজান এই উপপথটোত এতিয়া যান-বাহনৰ ভিৰ বহু বেছি।কেইবাঠাইতো পথৰ অৱস্থাও তথৈবচ হৈ পৰিছে।
এদিন সন্ধিয়া সুশান্ত পথৰ ওপৰতে উজুটি খাই
পৰিল। সন্মুখেৰে সিফালৰপৰা গাড়ীও আহি আছে। তেওঁ উঠিবলৈ চেষ্টা কৰোঁতেই হঠাতে দেখিলে
বোলে, সহায়ৰ বাবে মানুহতকৈও আগতে ইনা-মিনা-ডিকা গৈ উপস্থিত।
বিভিন্নজনে দোকানলৈ যাওতে মৰমতে দিয়া কে’ক খাই খায়ে চাগে মিনা অসুস্থ হ’ল? ঘৰলৈ
আহি সুশান্তই ক’লেহি পথৰ কুকুৰ ভালপোৱা কোনোবা এটিয়ে চিকিৎসাৰ বাবে লৈ গৈছে। কেইদিমানলৈ
মিনা এনেকৈ অন্তৰ্দ্ধান হৈ থাকিল।পিচত দেখিলোঁ, ডিঙিত ফিটা এডাল বান্ধি সুস্থ শৰীৰেৰে
তাই ওলালহি। তাৰে মাজতে এদিন সিহঁতে মাজনিশা খুব ভুকা যেন শুনা পাই উঠি আহি দেখিলোঁ
বাটেৰে চোৰ এটা একেবাৰে নিৰ্বিকাৰ হৈ গৈ আছে, আৰু ইনা-মিনা-ডিকাই ভুকি ভুকি চোৰৰ অৱস্থা নাইকীয়া কৰিছে।ডিকা
বোলাটোৱে তাক ভয় খুৱাবলৈ জঁপিয়াই আমাৰ দেৱালত উঠি লৈছে। পুলিচৰ পেট্ৰলিং পাৰ্টিয়ে মহানগৰীৰ পথ-উপপথবোৰত টহল
দিবলৈ এৰাৰ সময়তে ইনা-মিনা-ডিকাৰ এই তৎপৰতাই আমাক মুগ্ধ কৰিলে। মুঠতে ইনা-মিনা-ডিকা
আছিল আমাৰ চুবুৰীৰ unsung hero, গেটৰ মুখলৈ ওলালেই সম্ভাষণ জনাবহি।
তাৰপিছত হঠাতে দেখিলোঁ আটাইতকৈ স্বাস্থ্যবান আৰু দলৰ নেতা ডিকাও অন্তৰ্দ্ধান। নাই
মানে নায়েই। আজিলৈকে নোলাল। কোনোবাই খাবলৈ লৈ গ’ল যদিও গম নাপালোঁ, কেনেবাকৈ নাহৰফুটুকী
বাঘৰ পেটত সোমাল যদিও গম নাপালোঁ। নেতা অন্তৰ্দ্ধান
হোৱাৰ পিছত আনকেইটাৰ সৰৱতাও বৰকৈ দেখা নোপোৱা হৈছোঁ। তাতেই নিষ্ঠুৰ মানুহে আজিকালি
ঘৰৰ পোহনীয়া কুকুৰটো বাটত ফুৰাবলৈ নিওতেও হাতত
টোকোন বা এছাৰি এডাল লৈ যায়। বাটত মুক্ত মনে ঘূৰি থকা কুকুৰে ডিঙিত ৰছী বন্ধা পোহনীয়া
কুকুৰক দেখিলে অলপ উপলুঙা কৰে হবলা(!)। সিফালে আৰু বান্ধত থকা পোহনীয়া কুকুৰেও বাটৰ
কুকুৰৰ মুক্ত বিচৰণ, স্বাধীন জীৱন দেখি উত্ৰাৱল হৈ পৰে। তেতিয়াই মালিকৰ এছাৰি দাং খাই
উঠে। বোধহয় সেই ভয়তে সিহঁতে আগৰদৰে পুৱা বাটত লৱৰি-ঢাপৰি নুফুৰা হ’ল। নহলে পুৱা এবাৰ
হলেও সাক্ষাৎ হয়েই। অৱশ্যে তাৰ মাজতো চেগ বুজি চুচুক-চামাককৈ ভুমুকি নমৰা নহয়। আজিকালি
মানুহে সিহঁতক কে’ক খাবলৈ নিদিয়ে।বিপৰীতে, বিস্কুট দিয়ে, আমি মেৰীগ’ল্ড বিস্কুট দিওঁ।
মাজে মাজে বেপাৰীৰৰপৰা মাছ ৰাখিলেও সোমাই আহি এটুকুৰা খোজেহি।
আজিকালি তৰুণ প্ৰজন্মৰ কামৰ হেঁচা (work load) বহুত বেছি। ব্যক্তিগত খণ্ড বা কৰ্পৰেট
খণ্ডত কাম কৰা বহুতক দেখিছোঁ নিজৰ প্ৰতিষ্ঠা গঢ় দিওঁতে দিওঁতে বিয়াৰ বয়স উকলি যোৱাৰ
দৰে অৱস্তা। কেতিয়াবা বিয়া পাতিলেও সংসাৰ বঢ়াব পৰা অৱস্থা নাতাকে। তদুপৰি কামৰ হেঁচাত
সামাজিক জীৱন প্ৰায় শূন্য। ক’ভিদ পৰৱৰ্তী জীৱনে মেদাবী তৰুণ প্ৰজন্মৰ বাবে আনি নিলে
আৰু এপাত শোষণৰ শেল— ৱৰ্ক ফ্ৰম হ’ম। এটা কোঠাত বহি লৈ অকলে থাকি সুদূৰৰ কোনোবা অফিচৰ
এছাইনমেণ্টত ব্যস্ত মেধাবী তৰুণ প্ৰজন্ম। বিয়া-বাৰু পাতিলেও সংসাৰ বঢ়োৱাৰ উপায় নাই।এনে
একঘেঁয়ে জীৱনৰ একাকীত্ব দূৰ কৰিবলৈকে তেওঁলোকে পোহনীয়া জীৱ-জন্তু পোহে। তাতেই বোলে
সমস্ত মৰম-চেনেহ-আৱেগ ঢালি দিয়ে। সিদিনা কথাষাৰ ক’লে তৰুণ প্ৰজন্মৰ এজনেই।
এনেকুৱাও হৈছে নেকি?
তেওঁ সিদিনা এক নতুন বাস্তৱতাৰ সতে মোৰ মুখামুখি কৰাই দিলে।
No comments:
Post a Comment