মাজুলী
মানুহবোৰে বুজি পোৱা নাছিল
প্ৰেমৰ জটিল কথা
ভবা নাছিল দীঘল চাপৰিটো সাৱটি
নৈখন কিয় বৈ যায় বেলিয়ে কিয়
নৈৰ বুকুত গজালি মেলি নৈতে বুৰ যায়
ডেকা-গাভৰুৱে পাতিছিল তাত এখনি সহজ ঘৰ যিদৰে
বিলৰ পানীৰ দলপুঙা চৰায়ে বৰপুণিৰ পাতত
ঘৰ পাতে, কণী পাৰি পোৱালি জগায়
চেঁচা বতাহৰ চিঁচিয়নিত মাছে দৰক লয়
আপোন আছিল মাৰলিলৈ উঠি অহা ধল
চাপৰিৰ সৰি পৰা গৰা, পটিয়াগাঁৱলৈ নোযোৱালৈকে
কোনেও জনা নাছিল ক’লৈ যায় ওপঙা মানুহৰ
নৈ-কুঁৱলীত হেৰাই যোৱা নাও
শালমৰালৈ নোযোৱালৈকে কোনেও জনা নাছিল
পকনীয়াত কেনেকৈ হেৰায় কুমাৰ মাটিৰ সপোন
সদাগৰৰ টেকেলিৰ উজাই যোৱা নাও
পানী ভাঙি উটি অহা চিঞৰ, মৰণৰ দৰে
দীঘল ছায়া, এলান্ধুৰ দৰে ওলমি পৰা এন্ধাৰ
কোনেও উমান পোৱা নাছিল চাপৰিৰ মানুহে কিয়
ভোকত এলান্ধু খায় এজেবা নিমখ সানি
সিজোৱা পচলা, খোলাকটিৰ গুৰাৰে মাৰি থয় ভোক
ধল নামিলে যে বাটচ’ৰাত ৰাসজোনৰ মুকুতা সৰিব
চাং তলে চাং তলে সাৰ পাই উঠিব
মাটিশালৰ সপোন সৰিয়হফুলৰ বুটা
নৈ-খাগৰিত লাগি থকা অ’ইনি:তমৰ ৰাগীৰ দৰে
ঘল-কৰুণ বতাহত নৈ-চিৰিকাই বাঁহ সাজিব
ভকতচাপৰিৰ খহনীয়াত ঘৰখন সৰি পৰাৰ পিছত
মানুহজনীয়ে নাৱত জনম দিবলৈ ওলোৱা
বাজৰ পোহৰ নেদেখা শিশুটিৰ কথা নজনালৈকে
কোনেও উমান পোৱা নাছিল সপোনৰ দলঙখনৰকথা
মাজুলীবাসী ঐ, দলংকণ পালিং কি নেপালিং!
===
সুন্দৰ হৈছে বাইদেউ
ReplyDelete