Friday, 8 August 2025

 

 উৎকৃষ্ট সাহিত্যই  যুগৰ  সকলো ষড়যন্ত্ৰ পাৰ হৈ যায়



সত্যৰ মৃত্যু (death of truth) বোলা কথাষাৰ বেচ আমোদজনক। কোৱা হয় যে, সত্যৰ মৃত্যু (death of truth) হৈছে। এতিয়া আমি যিসময়ত বাস কৰিছোঁ, এয়া উত্তৰ-সত্য(Post Truth)ৰ যুগ। আচলতে সাহিত্যত উত্তৰ-সত্য আৰু উত্তৰ-আধুনিক দুয়োটা আমাৰ বাবে  অলপ আমোদজনক বিষয়। 

আচলতে সত্যৰ মৃত্যুনো কিদৰে হৈছে? এই সময়চোৱাত  আচলতে অলেখ প্ৰপাগণ্ডাৰে প্ৰকৃত সত্যক ঢাকি ৰাখিবলৈ অনেক অৰ্ধসত্য, আৰু সত্যৰ অপলাপ মানুহৰ মাজলৈ  এৰি দিয়া হৈছে। প্ৰচাৰ মাধ্যম, সংবাদ মাধ্যম, ৰাজনৈতিক দলৰ আই টি চে’ল- ইত্যাদি নানা আহিলাৰে সত্যৰ প্ৰকৃত ৰূপ ঢাকি ৰখা হৈছে।  যেন এই  মহাশক্তিমানসকলে যিখন  জগত আমাক দেখুৱাব, সেইখন জগতহে যেন আমি চাব পাৰিম।  চাবলৈ বাধ্য। 

হয়তো এই  অৰাজক পৰিবেশটো বহু পৰিমাণে সঁচা। তথাপি কব  লাগিব যে,  উত্তৰ সত্য  সত্যৰ পৰৱৰ্তী যুগত বাস কৰাৰ সময়তো কিন্তু বহু  চেষ্টাৰ পিছতো  প্ৰকৃত সত্যক ঢাকি ৰাখিবলৈ কোনোৱেই এশ শতাংশ সক্ষম হোৱা নাই। কিয়নো বহু কাৰচাজি কৰা পিছতো কিন্তু তথ্য-প্ৰযুক্তিৰ জগতখন বহু পৰিমাণে গণতান্ত্ৰি। তাৰেই সুযোগত  আজিৰ মিথ্যাচাৰ  কাইলৈ প্ৰট হৈ পৰিছে। বহুসময়ত  উভয়পক্ষৰ যুদ্ধখন সত্যক প্ৰতিষ্ঠা কৰা আৰু সত্যক ঢাকি ৰাখি বলৈ প্ৰয়াস কৰাসকলৰ মাজৰ নিৰন্তৰ যুদ্ধ বুলিহে কব লাগিব। অৱশ্যে ইয়াত সময়ৰ হানি হয়।

সাহিত্যৰ ক্ষেত্ৰখনতো সত্যৰ  অপলাপ আৰু  অৰ্ধসত্যৰ বাতাবৰণ চলে। তদুপৰি চলে  কিছুমান বিশেষ মানুহক  নস্যাৎ কৰাৰ প্ৰৱণতা, তাকো ৰজাঘৰীয়াসকলৰেই প্ৰচেষ্টাত। যিসকলে প্ৰতিকূল সময়ত ৰজাঘৰীয়াৰ  স্তাৱক হব পৰা নাই, মানুহৰ কল্যাণৰ বিপৰীতে লোৱা যিকোনো পদক্ষেপৰ বিৰোধিতা কৰিছে, মনে মনে থকা নাই--তেওঁলোক  সকলোৱেই  নস্যাৎকৰণৰ চিকাৰ।  

 কিন্তু প্ৰকৃত সৃষ্টিশীল  জগতৰ লোক এজন যিদৰে  সদায় বোবা হৈ থাকিব নোৱাৰে, সেইদৰে  selective হবও নোৱাৰে। তেতিয়া তেওঁ নিজেই ধৰা পৰি যাব, বা  স্ব-বিৰোধিতাত হেৰাই যাব।

ততাপি কব লগিব যে,  যিকোনো সৃষ্টিশীল কৰ্মৰ দৰেই সাহিত্যয়ো আচলতে অলপ appreciation বিচাৰে। এনেদৰে সহজতে কৈ দিব পাৰি যে- তোমালোকেনো কি সোণৰ সোলেং লিখিছা যে, অনবৰতে আমাৰ appreciation বিচাৰি ফুৰিছা? কথাটো হয়তো কিছু পৰিমাণে  সঁচা। কিন্তু অনাদৰত বহু কথা মৰহিও যায়।

এই সকলোবোৰৰ পিছতো অৱশেষত  এটা আশা জীয়াই থাকে যে-উৎকৃষ্ট সাহিত্যই যুগৰ  সকলো ষড়যন্ত্ৰ অতিক্ৰম কৰি যায়।সাহিত্যত  ষড়যন্ত্ৰ বা নস্য্যৎকৰণৰ ধাৰণা  নতুন কথা নহয়। জেমচ জয়েচৰ  ‘ইউলিচিছ’ উপন্যাসখনৰ  সন্দৰ্ভত এটি লিখনিয়ে বহু কতাই ভবাই তুলিলে। এই উপন্যাসখনে  দুবছৰ আগতেই ইতিমধ্যে প্ৰকাশৰ এশ বছৰ অতিক্ৰম কৰি গৈছে।  অলপতে ‘দ্য পেৰিচ ৰিভিউ’ আলোচনীখন চাই থাকোঁতে হঠাতে উপন্যাসখনৰ সন্দৰ্ভত এটা বিশ্লেষণ পঢ়িবলৈ পালোঁ।

 ১৯২৩ চনত প্ৰকাশ হোৱাৰ সময়তে উপন্যাসখনে পাৰ হ’বলগীয়া হৈছিল সংকটময় বাট। কেইবাবাৰো চেঞ্চৰশ্বিপ ব’ৰ্ডৰ নিষিদ্ধতাৰ সন্মুখীন হোৱা উপন্যাসখন সমালোচকসকলৰ  তীব্ৰ সমালোচনাৰো সন্মুখীন হয়। আয়াৰলেণ্ডক ডাবলিন চহৰৰ এটা দিনৰ পৃষ্ঠত ৰচিত ১৩০০ৰো অধিক পৃষ্ঠাৰ উপন্যাসখন সন্দৰ্ভত সেই সময়ৰ সমালোচকসকল আছিল অতিকৈ নেতিবাচক। কোনো কোনোৱে কবলৈ ধৰিছিল যে, ‘ইউলিচিছ’ৰ  প্পকাশৰ লগে লগে শৈলী হিচাপে উপন্যাসৰ মৃত্যু হৈছে। তেওঁলোকে কেতিয়াবা ‘ইউলিচিছৰ সৃষ্টি decline of the novel আৰু কেতিয়াবা crisis of the novel বুলি কলেও, সৌভাগ্যক্ৰমে টি এচ এলিয়টৰ দৰে মহাসাহিত্যিকে উপন্যাসখনৰ সমৰ্থনত থিয়  দিছিল। তেওঁ কৈছিল, “I hold this book to be the most important expression which the present age has found; it is a book to which we are all indebted, and from which none of us can escape.”

দ্য গাৰ্ডিয়ানত প্ৰকাশিত এক প্ৰতিবেদনতো দেখিলোঁ উপন্যাসখনৰ সন্দৰ্ভত বিখ্যাত সাহিত্যিক পাওলো ক’ৱেলহ’ৰ মনোভাৱো তেনেই উচ্চ নহয়তেখেতে অৱশ্যে পূৰ্বসুৰীসকলৰ দৰে উপন্যাসৰ মৃত্যুঘণ্টা বজোৱা নাই।

আচৰিত কথা এয়ে যে, সমালোচকৰ নেতিবাচক মন্তব্য, প্ৰাৰম্ভিক সংকটৰ পিছতো এশ বছৰৰ অধিককাল ধৰি ইউলিচিছএখন সৰ্বাধিক সমাদৃত উপন্যাস হিচাপে স্বীকৃতি পাইছে আৰু বিভিন্ন ধৰণে ইয়াকউদযাপন কৰা হৈছে। উদাহৰণস্বৰূপে, ২০১২ চনৰ ছয় আগষ্টত প্ৰকাাশিত ‘দ্য গৰ্ডিয়ান’ৰ উক্ত প্ৰতিবেদন অনুসৰি ‘ইউলিচিছ’ উপন্যাসখনৰ প্ৰথম প্ৰকাশৰ সময়ত ইয়াৰ ১০০০ কপি ছপা কৰা হৈছিল। প্ৰথম প্ৰকাশৰ সেই কপিবোৰৰ প্ৰতিটো কপি আজিৰ তাৰিখত ১,০০,০০০ পাউণ্ডত বিক্ৰী হয় বুলি ‘দ্য গৰ্ডিয়ান’ত প্ৰকাশ।

 ‘দ্য পেৰিচ ৰিভিউ’ৰ ইউলিচিছ সম্পৰ্কীয় লেখাটোৱে যেনিবা এইটোকে ক’লে, যে উৎকৃষ্ট সাহিত্যই যুগৰ  সকলো ষড়যন্ত্ৰ পাৰ হৈ যায়।

Thursday, 31 July 2025

 

অথঃসাৰমেয় সংবাদ

 'ইনা-মিনা-ডিকা'-  আমাৰ চুবুৰীৰ  unsung heroকেইটাৰ কথা  



তাহানিৰ পোহনীয়া 'কালু'ৰ সতে

 সুশান্ত তালুকদাৰ, সুশোভন তালুকদাৰ, সুপ্ৰকাশ তালুকদাৰ 


ইনা-মিনা-ডিকা হৈছে আমাৰ চুবুৰীৰ নোদোকা-নাোদাক বাটৰ কুকুৰকেইটা (street dog)। বগা বগা কুকুৰকেইটা নোদোকা আৰু স্বাস্থ্যবান। তাৰ ভিতৰতে ডিকা আটাইতকৈ স্বাস্থ্যবান। ঢেকুৰা বুলিব নোৱাৰি, cross breed যেনহে লাগে।  সামাজিক মাধ্যমত কুকুৰৰ বিষয়ে বিভিন্নজনে কথা-বতৰা লিখে। কেতিয়াবা কাৰোবাৰ পোহনীয়া কুকুৰ হেৰোৱাৰ খবৰো আহে।তেতিয়াই মোৰ ইনা-মিনা-ডিকালৈ মনত পৰে।  ডিকালৈ মনত পৰে। পিচে, আমাৰ চুবুৰীৰ ইনা-মিনা-ডিকাহঁত গ্লেমাৰ নোহোৱা কুকুৰ।  গ্লেমাৰবিহীন হলেও সিহঁতে কিন্তু  আমাৰ মৰম ঠিকেই পায়।

অৱশ্যে বাটৰ কুকুৰ, আকাশত উৰি ফুৰা চৰাই এইবোৰক লৈ মোৰ সিমান obsession নাই। সিহঁতৰ কথা-কাণ্ডবোৰ চাইহে ভাল পাওঁ। চৰাইক আহাৰ দিয়া চৰিয়াটোৰ ভাতকেইটা ভূজিয়া, নিমখীয়া বিস্কুটৰ  গুৰা আদিৰে সোৱাদ কৰি দিলে সিহঁতে বৰ ভাল পায়। এতিয়া বিবিধ চৰাইয়ে পোৱালি দিয়াৰ সময়। এইকেইদিন ঘৰচিৰিকাৰ উপৰিও গাংশালিকা, চুটিয়া শালিকা, কাণ-কুৰিকা, বুলবুলিৰ পোৱালি কেইটামানে পাল পাতি পাতি চিঞৰি-বাখৰি খাই যায়হি। পাৰ আহে। কপৌ আহে। এটা সময়ত সুশান্তৰ Frontline  আলোচনীৰ এগৰাকী সম্পাদক আছিল, তেখেতে নিবন্ধবোৰ সম্পাদনাৰ দায়িত্বত আছিল। মাজে মাজে নিবন্ধৰ সম্পাদনাৰ কালত  সুশান্তলৈ ফোন কৰে আৰু কয়,--‘আপোনাৰ সতে কথা পাতি থাকোঁতেই বেকগ্ৰাউণ্ডত চৰাইৰ কিচিৰ-মিচিৰ শুনি আছোঁ।'  কথাটো মিছা নহয়।’ ঘৰখনত চৰায়ে কিচিৰ-মিচিৰ  কৰি থাকিলে ঘৰজেউতীয়ে ভাল পায়। পিচে, ঘৰজেউতিনো কোন! 

মাজতে এহাল মাছৰোকা চৰায়ে গেছৰ ওপৰৰ চিমনিত বাহ সাজিবলৈ বহি ভালেই ঝামেলা কৰিছিল। চৰাই খেদিব নোৱাৰি গেছৰ ষ্ট’ভেই আঁতৰাই দিবলগীয়া অৱস্থা। শালিকায়ো এনেদৰে চিমনিত বাহ সাজি পোৱালি জগাইহি।  এইকেইদিন চাদত জুমকা জবাজোপাৰ ফালে যাব নোৱাৰা অৱস্থা। হাতেৰে ঢুকি পোৱাতে  বাটি এটাৰ দৰে বাহ সাজি এহালি বুলবুলি চৰায়ে পোৱালি উমনি দিছে। সেইফালে গ’লে ছোঁ মাৰি আহি মূৰৰ চুলি চিঙি নাও যেন কৰে। মেকুৰী মাহীয়েকে দেখিলে কি হ’ব তাকে যেনিবা সিহঁতে ভাবি পোৱা নাই।

বাটৰ কুকুৰলৈ অৱশ্যে সুশান্তৰ মৰম জোখতকৈ অলপ বেছি। মাজে মাজে কিনি-কুটিও কিবাকিবি খাবলৈ দি থাকে। সৰু থাকোঁতে তেওঁলোকৰ ঘৰত কেইবাটাও পোহনীয়া কুকুৰ আছিল। এদিন ক’লেহি যে সিহঁতে দোকানৰ গ্লাচ কে’ক (গিলাচৰ দৰে কে’ক) খাবলৈ ভালপায়। দিয়ক বাৰু, কিন্তু সদায় গ্লাচকে’ক কিনি খুৱাবলৈ মানা কৰিলোঁ।

ফ্লাই অ’ভাৰে আগুৰি ধৰা গুৱাহাটী মহানগৰীত আমাকো শেহতীয়াকৈ চেৰাবভাট্টি (নতুন নাম আৰ্যনগৰ) ফ্লাই অ’ভাৰে বান্ধি পেলালে। কিছু লোকে কয়-ফ্লাই অ’ভাৰ আমাৰ মহানগৰীৰ অভিজাত্যৰ প্ৰতীক, ফ্লাই-অ’ভাৰে যান-জঁট কমাইছে। আমাৰ ধাৰণাত ফ্লাই অ’ভাৰে এফালৰ ট্ৰেফিক জাম আন এটা ফাললৈ মেলিহে আনিছে। আজিকালি লখৰাৰ ফালৰপৰা উলুবাৰীলৈ যাবলগীয়া বাহনবোৰে ফ্লাইঅ’ভাৰৰপৰা নামি আই টিআইৰ সন্মুখেৰে থকা আমাৰ জ্ঞানমালিনীৰ কবিৰ নামেৰে প্ৰখ্যাত মফিজুদ্দিন আহমেদ  পথেৰে শ্বৰ্ট কাট কৰি দিয়ে। ফলত এটা সময়ৰ প্ৰায় নিজান এই উপপথটোত এতিয়া যান-বাহনৰ ভিৰ বহু বেছি।কেইবাঠাইতো পথৰ অৱস্থাও তথৈবচ হৈ পৰিছে।  এদিন সন্ধিয়া সুশান্ত পথৰ ওপৰতে উজুটি খাই পৰিল। সন্মুখেৰে সিফালৰপৰা গাড়ীও আহি আছে। তেওঁ উঠিবলৈ চেষ্টা কৰোঁতেই হঠাতে দেখিলে বোলে, সহায়ৰ বাবে মানুহতকৈও আগতে ইনা-মিনা-ডিকা গৈ উপস্থিত।

বিভিন্নজনে দোকানলৈ যাওতে মৰমতে দিয়া কে’ক খাই খায়ে চাগে মিনা অসুস্থ হ’ল? ঘৰলৈ আহি সুশান্তই ক’লেহি পথৰ কুকুৰ ভালপোৱা কোনোবা এটিয়ে চিকিৎসাৰ বাবে লৈ গৈছে। কেইদিমানলৈ মিনা এনেকৈ অন্তৰ্দ্ধান হৈ থাকিল।পিচত দেখিলোঁ, ডিঙিত ফিটা এডাল বান্ধি সুস্থ শৰীৰেৰে তাই ওলালহি। তাৰে মাজতে এদিন সিহঁতে মাজনিশা খুব ভুকা যেন শুনা পাই উঠি আহি দেখিলোঁ বাটেৰে চোৰ এটা একেবাৰে নিৰ্বিকাৰ হৈ গৈ আছে, আৰু  ইনা-মিনা-ডিকাই ভুকি ভুকি চোৰৰ অৱস্থা নাইকীয়া কৰিছে।ডিকা বোলাটোৱে তাক ভয় খুৱাবলৈ জঁপিয়াই আমাৰ দেৱালত উঠি লৈছে।  পুলিচৰ পেট্ৰলিং পাৰ্টিয়ে মহানগৰীৰ পথ-উপপথবোৰত টহল দিবলৈ এৰাৰ সময়তে ইনা-মিনা-ডিকাৰ এই তৎপৰতাই আমাক মুগ্ধ কৰিলে। মুঠতে ইনা-মিনা-ডিকা আছিল আমাৰ চুবুৰীৰ unsung hero, গেটৰ মুখলৈ ওলালেই সম্ভাষণ জনাবহি।

তাৰপিছত হঠাতে দেখিলোঁ আটাইতকৈ স্বাস্থ্যবান আৰু দলৰ নেতা ডিকাও অন্তৰ্দ্ধান। নাই মানে নায়েই। আজিলৈকে নোলাল। কোনোবাই খাবলৈ লৈ গ’ল যদিও গম নাপালোঁ, কেনেবাকৈ নাহৰফুটুকী বাঘৰ পেটত সোমাল যদিও গম নাপালোঁ।  নেতা অন্তৰ্দ্ধান হোৱাৰ পিছত আনকেইটাৰ সৰৱতাও বৰকৈ দেখা নোপোৱা হৈছোঁ। তাতেই নিষ্ঠুৰ মানুহে আজিকালি  ঘৰৰ পোহনীয়া কুকুৰটো বাটত ফুৰাবলৈ নিওতেও হাতত টোকোন বা এছাৰি এডাল লৈ যায়। বাটত মুক্ত মনে ঘূৰি থকা কুকুৰে ডিঙিত ৰছী বন্ধা পোহনীয়া কুকুৰক দেখিলে অলপ উপলুঙা কৰে হবলা(!)। সিফালে আৰু বান্ধত থকা পোহনীয়া কুকুৰেও বাটৰ কুকুৰৰ মুক্ত বিচৰণ, স্বাধীন জীৱন দেখি উত্ৰাৱল হৈ পৰে। তেতিয়াই মালিকৰ এছাৰি দাং খাই উঠে।  বোধহয় সেই ভয়তে সিহঁতে আগৰদৰে  পুৱা বাটত লৱৰি-ঢাপৰি নুফুৰা হ’ল। নহলে পুৱা এবাৰ হলেও সাক্ষাৎ হয়েই। অৱশ্যে তাৰ মাজতো চেগ বুজি চুচুক-চামাককৈ ভুমুকি নমৰা নহয়। আজিকালি মানুহে সিহঁতক কে’ক খাবলৈ নিদিয়ে।বিপৰীতে, বিস্কুট দিয়ে, আমি মেৰীগ’ল্ড বিস্কুট দিওঁ। মাজে মাজে বেপাৰীৰৰপৰা মাছ ৰাখিলেও সোমাই আহি এটুকুৰা খোজেহি।

আজিকালি তৰুণ প্ৰজন্মৰ কামৰ হেঁচা (work load) বহুত বেছি। ব্যক্তিগত খণ্ড বা কৰ্পৰেট খণ্ডত কাম কৰা বহুতক দেখিছোঁ নিজৰ প্ৰতিষ্ঠা গঢ় দিওঁতে দিওঁতে বিয়াৰ বয়স উকলি যোৱাৰ দৰে অৱস্তা। কেতিয়াবা বিয়া পাতিলেও সংসাৰ বঢ়াব পৰা অৱস্থা নাতাকে। তদুপৰি কামৰ হেঁচাত সামাজিক জীৱন প্ৰায় শূন্য। ক’ভিদ পৰৱৰ্তী জীৱনে মেদাবী তৰুণ প্ৰজন্মৰ বাবে আনি নিলে আৰু এপাত শোষণৰ শেল— ৱৰ্ক ফ্ৰম হ’ম। এটা কোঠাত বহি লৈ অকলে থাকি সুদূৰৰ কোনোবা অফিচৰ এছাইনমেণ্টত ব্যস্ত মেধাবী তৰুণ প্ৰজন্ম। বিয়া-বাৰু পাতিলেও সংসাৰ বঢ়োৱাৰ উপায় নাই।এনে একঘেঁয়ে জীৱনৰ একাকীত্ব দূৰ কৰিবলৈকে তেওঁলোকে পোহনীয়া জীৱ-জন্তু পোহে। তাতেই বোলে সমস্ত মৰম-চেনেহ-আৱেগ ঢালি দিয়ে। সিদিনা কথাষাৰ ক’লে তৰুণ প্ৰজন্মৰ এজনেই।

এনেকুৱাও হৈছে নেকি?

তেওঁ সিদিনা এক নতুন বাস্তৱতাৰ সতে মোৰ মুখামুখি কৰাই দিলে।

Thursday, 10 July 2025

 

বুলড’জাৰ -এটা নন-ইক’ পয়েট্ৰি আৰু এটা ইক’ পয়েট্ৰি


 (উৎস-সামাজিক মাধ্যম)


(এক)

 

বুলড’জাৰ-এটা নন-ইক’ পয়েট্ৰি

 

(বুলড’জাৰ— আমেৰিকাৰ ১৮৭৬ চনৰ কুখ্যাত ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ব্লেক-এমেৰিকানসকলক ভাবুকিৰে নিশ্চুপ কৰি দিবলৈ ব্যৱহাৰ কৰা অবাইচ মাত)

 

হালধীয়া অক্টোপাচটোৰ অহংকাৰ এয়াই যে-খাকী পোচাকধাৰীয়ে  

লাঠি আৰু বন্দুকেৰে তাক সুৰক্ষা দিছে। সেইবাবেই সি সদায়

আদানী, আম্বানীৰ শেষ নোহোৱা প্ৰকল্প

নিৰ্মাণৰ বাবে, নিৰ্মাণৰ দ্বাৰা, নিৰ্মাণৰ হকে

আৰু মানুহৰ বিৰুদ্ধে-সদায় নৃশংস, অমানৱীয় 

 

উচ্ছেদ! উচ্ছেদ! উচ্ছেদ! হালধীয়া অক্টোপাচ

সহজ হাথিয়াৰ। গৰুখুঁটি, ইংলেপথাৰ, চাপৰ, পৰ্বতঝোৰা,

লখিমপুৰ, হাচিলাবিল, ফুহুৰাতলি, ৰাক্ষসিনী পাহাৰ

 

জনগোষ্ঠী, শূদ্ৰ, অ’বিচি, সংখ্যালঘূ, বান ভগনীয়া

ভূমিহীন মানুহৰ মোলান বিৱৰণী

 

কেতিয়াবা সি এজন ভূ-স্বামীক উচ্ছেদ কৰা দেখিছে নেকি

অথবা দুৰ্নীতিত পোত যোৱা এটা ৰাজনীতিকক

সেইযে শিলসাঁকো বিললৈকে চোতাল উলিয়াই

অট্টালিকা সজা দানৱটো, উন্মাদ এটা লাওমূৰা দমৰাৰ

দৰে সি এতিয়াও ৰাজপথত লম্ফ-জম্ফ কৰিছে

 

ধীৰে ধীৰে ৰিণিকি ৰিণিকি দূৰণিত ঢাক খাই  গৈছে

মাটিখাঁইতি আইৰ মাটিখোৱা হুতাহ

 

এটা হালধীয়া অক্টোপাচ, দীঘল শুঁৰৰ দৰে অশনি হাঁতোৰা

সোমাই যায়। খান্দি আনে চকুৰ কোটৰৰ চকুপানীৰ নৈ

দাঁত নাইকিয়া ককাৰ সোলা মুখৰ হাঁহি

 

মনত আছেনে শিলসাঁকোৰ সেই কণমানি শিশুটি

বিনম্ৰ হৈ খাকী পোচাকধাৰীকযে কৈছিল,

-‘আংকল, বুলডজাৰেৰে এতিয়াই ভাঙি দিব নেকি? অকণমান

ৰবচোন দে’ই, কিতাপখিনি উলিয়াই লওঁ!’

 

হালধীয়া অক্টোপাচটোৱে চৰকাৰী মাটিৰ

এডৰা সেউজীয়া কঠিয়া মহতিয়াই নিছে

এদল খাকী পোচাকধাৰীয়ে  লাঠি আৰু বন্দুকেৰে

তাক সুৰক্ষা দিছে।

 

কঠিয়াখিনি তুলি লবলৈ অকণমান সময় বিচৰা গুণগুণ চেতিয়াক

এজনী দেওধনিৰ দৰে লাগিছে, বলিশাললৈ লৈ যোৱা

কুমলীয়া ছাগলীৰ দৰে লাগিছে।

 

লাগিছেনে!?

 

(দুই)

 

বুলড’জাৰ-এটা ইক’ পয়েট্ৰি






 

সময়ে সময়ে টুৰুং ককাইদেউলৈ মনত পৰে। একবিংশ শতিকাৰ

পঞ্চম বৰ্ষৰ আহাৰমাহটো জুৰি আমি পাটকাই পৰ্বতখন বগাই ফুৰিছিলোঁ।

টুৰুং গোষ্ঠীৰ গাওঁখনৰ মুখিয়াল তেওঁ। তেওঁতে জীৱটো সঁপি দিছিলোঁ।

কথা দিছিল- পাটকাইৰ হালধীয়া অক্টোপাচবোৰ মোক দেখুৱাব

 

হালধীয়া অক্টোপাচ !

 

টিপংপানী আৰু দিহিংপানীত চৰি থকা মাছবোৰ দে’ই গৈছিলোঁ

বৰ্ষাৰণ্যৰ চেঁচুক, কেঁচুমটাৰ সেমেকা, চামচেলেকুৱাৰ মূত আৰু 

লুংলুঙীয়াত সৌৱা গেৰিলাবোৰ কাচিনলৈ গুচি যোৱাৰ বাট।

ধূসৰ, কুঁৱলীয়ে অৱৰি ধৰা বাট। টুৰুং ককাইদেৱে কৈছিল-

এয়াই গোষ্ঠীৰো আকাশলৈ গুচি যোৱা আৰু গোষ্ঠীত

পুনৰজনম লবলৈ জীৱই আকাশৰপৰা নামি অহাৰ বাট

 

খৰ-ধৰ খোজ। কাকাইদেউ আহাৰৰ ঘামত ভিজি উঠা

এখিলা কৌপাতৰ দৰে গোন্ধাইছিল

 

-‘আহ, লাহেকৈ খুপি খুপি। সৌবোৰ পৃথানিৰ গাৰ্ড।সাৱধানে।

-‘কেনেবাকৈ ধৰা পৰি যাম!’

-‘পৃথানিৰ অক্টোপাচ চাবলৈগেৰিলা হ’ব লাগিব। বাগি মাৰিবলৈ

লতা-পাতৰ সতে কেম’ফ্লেইজ কৰিব লাগিব।’

-‘অক্টোপাচ নে? হালধীয়া মকৰা বুলিহে ভাবিছিলোঁ।’

-মকৰা নহয়-অক্টোপাচ! কয়লাখনিৰ হাজাৰ শ্ৰমিকৰ

বুকু খান্দি নিয়া হালধীয়া পিশাচ

 

বৰ্ষাৰণ্যৰ পৰ্বতৰ টিং খবলা-খবল কৰি শাৰী শাৰী অক্টোপাচ

ঘূৰি আছিল। থলৰকৈ সৰিছিল পৰ্বতৰ গা। গা ঢাকি ৰখা

তৰু-লতিকা। চৰাইৰ ঠুনুকা ঘৰ সৰিছিল, ডেকেৰুৱা আৰু

চেঙেলীয়া চৰাইবোৰে থিত লোৱা ঠেঙুলি সৰিছিল। ৰ’দ

জলমলত বাহ ভাঙি সৰি পৰা ফুটুকী কণীৰ বীজল

ধৰফৰাই আছিল।   

 

ৰঙাকৈ বৈছিল দিহিংপানী আৰু টিপংপানীলৈ লোৰ কাটি

বৈ যোৱা পৰ্বতৰ মল ।কয়লাতকৈও মলিন যাৰ মুখ

কাম হেৰুওৱা সেই শ্ৰমিকবোৰ মুখ ওন্দোলাই

মদৰ ভাটীলৈ গৈছিলগৈ।

 

সেই আহাৰৰপৰা দুই দশকৰ পাৰ হ’ল। আজি পৃথানি

মহানগৰীৰ এলানি শ্বপিং মলৰ মালিক।মুঠিত ৰিয়েল এষ্টেট।

এপাৰ্টমে্ণ্টৰ সাম্ৰাজ্য।

 

আমাৰ টুৰুং ককাইদেউ! সেই যে পাটকাইত দুপৰীয়াৰ ঘামত

ভিজি উঠা পৰ্বতীয়া কৌপাত এখিলাৰ দৰে গোন্ধাইছিল !

দিহিং-পাটকাই বৰ্ষাৰণ্যত হালধীয়া অক্টোপাচ নমাই

কয়লাৰ অবৈধ মুক্তখননৰ বিৰোধিতা কৰি

ককাইদেউ হঠাতে এদিন ‘নিৰুদ্দিষ্ট’ হৈ গ’ল

 

বেতগুটি শালিধান,আবতৰীয়া বিলাহীৰে মচুৰ দাইলৰ এঁসাজ তেওঁৰ

চাংঘৰত খাইছিলোঁ। বেতনিৰ খোপা-থুপি গুটিৰ দৰে ঘূৰণীয়া

চাউল। ভোকৰ ভাত চোবাইছিলোঁ মোকোৰা-মোকোৰে ।

 

সেই সোঁৱৰণিকে সৰোগত কৰি অত বছৰে নিজকে সুধি থাকিলোঁ-

ক’ত হেৰাল! ক’ত হেৰাল টুৰুং ককাইদেউ! হেৰাই গ’ল নেকি

সত্যৰ পম খেদি ‘নিৰু্দ্দিষ্ট’ হৈ যোৱা সতীৰ্থ

সাংবাদিকৰ দৰে-নিৰলে! বৰ্ষাৰণ্যত!  

 

প্ৰসন্ন টুৰুং। টুৰুং ককাইদেউক এদিন মানুহবোৰে পাহৰি গ’ল।


----