ময়ুৰী ডেকাৰ কবিতাৰ আচৰিত ব্যঞ্জনাবোৰৰ সুৰধ্বনি
অসমীয়া কাব্য সাহিত্যৰ এগৰাকী ব্যতিক্ৰমী কবি ময়ুৰী ডেকাক আচলতে কেতিয়াবা বাস্তৱৰ কবিসত্তা যেন নালাগেই। তেওঁ যেন এক অসম্ভৱ আশাৰ তৰীত জীয়াই থকা দূৰ- সুদূৰৰ কোনো এক অচিন বহিৰ্জগতৰ প্ৰাণী, যি নিজৰ কথা কবলৈ মৰতৰ কবিতাক মাধ্যম (medium)প্পগ্ৰ হিচাপে বাচনি কৰিলেহি। কিনো এনে কথা কৈছে তেওঁ, যাৰ বাবেই কবিতাৰ ভাষা ইমান আচৰিত!
নাম তেওঁৰ ময়ুৰী ডেকা। কিন্তু তেওঁ নিজকে পুৰুষ বুলি নকয়, নাৰী বুলিও নকয়। পুৰুষ অথবা নাৰী-- এই দুয়োটা দ্বি-মূলীয় (Binary) পৰিচিতি সত্তাৰে চিনাকি দিবলৈ তেওঁ ৰাজী নহয়। কিন্তু দ্বি-মূলীয় সত্তাৰ বাহিৰত (Non-binary) তৃতীয় সত্তা বুলি নিজকে কবলৈও ৰাজী নহয়। যদিহে তৃতীয় সত্তা, তেনেহ'লে প্ৰথম আৰু দ্বিতীয় সত্তাৰ পৰিচিতি কি? কোনে দিলে এই পৰিচিতি? অধিকাৰ? এই প্ৰশ্ন তেওঁ কেতিয়াবাই কাব্যত কৰিছে। আচলতে তেওঁ কবিতালৈ কুইয়েৰ, বা দ্বি-মূলীয় সত্তাৰ বাহিৰৰ (Non-binary) ভাৱ-অনুভূতিকেই লৈ অনা নাই, সমান্তৰালভাৱে তেওঁ প্ৰতিষ্ঠা কৰিছে আন এটি বাগধাৰাও(narrative)যে কবিতা ৰাজনৈতিক (poetry is political) ।স্বভাৱিকতেই কবিতাত দ্বি-মূলীয় সত্তাৰ আৱৰ্তৰ বাহিৰত থকাসকলৰ আৱেগ-আনুভুতি-অধিকাৰৰ প্ৰশ্নও ৰাজনৈতিক। সামগ্ৰীকভাৱে তেওঁ কবিতালৈ আনিছে এই বোধ। এই উপলব্ধি। সমকামীসকলৰ নিৰ্মম উপলব্ধি ।
তেওঁ তেতিয়াই লিখিছিল আন এখন চিঠি
এবাৰ, সঁচাকৈয়ে তেওঁ প্ৰেমত পৰি
গৈছিল--সমলিংগ কাৰোবাৰ সতে'
মোৰ কাষত বহিবলৈ
আপুনি কুইয়েৰ হবই লাগিব
নে কি/?”
মাটিৰ সতে কথা পাতে তাই
নাভিৰ ঠিক ওপৰত জুই একুৰা অনুভৱ কৰে
কুকুৰটোৱে আগা-দেৱা কৰে তাইৰ দুভৰিৰ
মাজত
তেনেকৈয়ে তাই খোজকাঢ়ে হাবিখনত নিতৌ
(খ)
মানুহবোৰ আকৌ ওলাই আহিছে ৰাস্তালৈ
ৰঙা, হালধীয়া, বেঙুণীয়া কাপোৰ পিন্ধি
এইবাৰ গোটেই গাওঁখনে সেকিছে
সমকামিতাৰ প্ৰেমত
উ২৬ল বুকু
(গ)
ফুলবোৰ সৰি পৰাৰ আগেয়েই ঘৰ পাবগৈ
লাগে
বেলি ডুবাৰ আগতেই নদীৰ পাৰ পাবগৈ
লাগে
মই ৰৈ থাকোঁ
(ঘ)
ইমান পৰিপাটি মৰিশালিবোৰ
মাটিৰ চপৰাই কিহত খুন্দিয়াই
আকাশৰ ছবি আঁকি ভালপোৱা ছোৱালীজনী
মই তাইক বিচাৰি থাকোঁ
ভুল
শৰীৰ এটাত জন্ম লৈ, এবাৰ নহয়, দুবাৰ নহয়, হাজাৰবাৰ
অপমাণিত হৈয়ো মানুহ জীয়াই থাকে।
সেই
কথা তাই ভালকৈ বুজিছিল
সেয়েহে হয়তো মোক কৈছিল, “তুমি মোৰ ভাল খবৰ”
....
মই কেতিয়াবা হতবাক হৈ
পৰিছিলোঁ-- ইমান সন্মানেৰে কেতিয়াও, কোনোৱে মোক ভালপোৱা নাছিল
মই
আধা জীৱন ভয়তে কটাইছিলোঁ আৰু আধা খঙত
তাই
আনিছিল ভালপোৱাখিনি
তাই আনিছিল সন্মানখিনি...”
এই অপমাণ, ক্ষোভৰ দহনক এনেদৰে কবিতাৰ ভাষালৈ লৈ অহাৰ বাবেই কবিক মাজে মাজে এই পৃথিৱীৰ বাসিন্দা যেন নালাগে। কিন্তু তেওঁ কেৱল নিজৰ কথাকেই কৈ থাকিব নেকি? নিজৰ দুখ- বেদনাৰেই কবিতাৰ স্তৱকবোৰ সজাব নেকি? ওহোঁ। তেওঁ কৈছে সমাজজীৱনৰ কথাও, কিন্তু ভিন্ন ভাষাৰে। নিজস্ব চেতনাৰে। ব্যতিক্ৰমী কণ্ঠেৰে। ব্যক্তিসত্ত্বাৰ অভিজ্ঞতাক সমাজজীৱনৰ অভিজ্ঞতাৰে কবিয়ে অপূৰ্ব নিষ্ঠাৰে সংশ্লেষণ কৰিবলৈ বিচাৰিছে। সমকামীসকল এইখন সমাজৰেই বাসিন্দা। তেনেহ'লে সেই পৰিচিতিৰেই তেওঁলোকে সমাজজীৱনৰ কথাও ক'ব। তলৰ কবিতাটিত এই কথা অতি স্পষ্ট।
আমি দুয়ো খোজকাঢ়িছিলোঁ গোটেই দিনটো
চহৰখনৰ ইমূৰৰপৰা সিমূৰলৈ
তেনেকৈ আমি ইতিমধ্যে কেইবাদিনো লগ
পালোঁ
.....
.....
হঠাতে চহৰখনত এদিন মঞ্চবোৰ স্থাপন হ'ল
মানুহবোৰে অভিশপ্তৰ নিচিনাকৈ বিনাদ্বিধাই, বিনা প্ৰতিবাদে
মঞ্চবোৰলৈ ঢাপলি মেলিলে
আৰু ৰাজপথবোৰ উদং হৈ পৰিল”
সেইদিনাই তাই উচুপি উঠিছিল, আৰু কৈছিল, “সময়ে সব মনত ৰাখে, এদিন ইয়াৰ বিচাৰ হ'ব। নিশ্চয়/'
তাৰপিছত মই আৰু
তাইক কোনোদিনেই লগ পোৱা নাই”
ইয়াত কোৱা হৈছে এখন গণ-আন্দোলনৰ কথা। আচলতে সেইখন কা-আইন বিৰোধী আন্দোলন-য'ত পাঁচজনকৈ নীৰিহ যুৱক ছহিদ হৈছিল। কা-আইন বিৰোধী আন্দোলন এখন ৰাজপথৰ সংগ্ৰাম আছিল। কিন্তু কাৰোবাৰ ষড়যন্ত্ৰত ৰাজপথৰ সেই সংগ্ৰাম গৈ মঞ্চ পালেগৈ। তাৰপিছত কি হ'ল? আন্দোলন মষিমূৰ কৰিবলৈ ৰজাঘৰীয়াৰ চক্ৰান্তৰ পিছত চক্ৰান্ত। আন্দোলনৰ নেতৃত্বক প্ৰলোভন, সৃষ্টিশীল সত্তাসমূহক প্ৰলোভন- অসংখ্য প্ৰলোভন। এনেকৈয়ে নেতৃতত্ব প্ৰদানকাৰী বুলি ভবা এচাম প্ৰলোভিত মানুহৰ অসংখ্য মুখেৰে ৰাইজক বিভ্ৰান্ত কৰা হ'ল। মানুহৰ এখন সংগ্ৰাম, ৰাজপথৰ এখন সংগ্ৰাম কাৰোবাৰ ষড়যন্ত্ৰৰ হাতোঁৰাত থান- বান হৈ গ'ল। কবিতাত কবিয়ে জনসাধাৰণৰ সতে থাকিব বিচৰাৰ হেঁপাহ লুকুৱাই ৰখা নাই। ইয়াত কবিৰ স্পষ্টতা (clarity) আৰু নিৰ্ভীকতা (fearlessness) স্পষ্ট। লগতে জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থৰ সৈতে জড়িত হৈ থাকিও লিংগ সমতাৰ যুঁজখনৰ বেলিকা নিজৰ উদ্দেশ্যধৰ্মিতা (objectivity) কিদৰে বজাই ৰাখিব লাগে-তাকো তেওঁ স্পষ্ট কৰি দিছে। এই কবিতাটোৱেই কবিৰ কাব্য-দৰ্শনৰ অন্যতম শ্ৰেষ্ঠ উদাহৰণ।
কবিতাত অনুপস্থিতি (absence) এটা সুন্দৰ অলংকাৰ। বিশ্বৰ বহুতো স্বনামধন্য কবিৰ যুগজয়ী কবিতা অনুপস্থিতিৰ অলংকাৰেৰে শোভিত হৈছে। পাবলো নেৰুদা যেন ‘অনুপস্থিতি' বিষয়ক কবিতাৰ বিস্ময়কৰ খনিকৰ । ময়ুৰী ডেকাৰ কবিতাৰো অন্যতম আকৰ্ষণীয় দিশ অনুপস্থিতি । প্ৰায়বোৰ কবিতাত উল্লেখ কৰা ‘তাই', অৰ্থাৎ সমকামীৰ প্ৰেম অনুপস্থিত। ‘তাই' হেৰাই গৈছে। প্ৰেম হেৰাই গৈছে। হয়তো চিৰতিকাললৈ। তেনেহ'লে কবিয়ে কিদৰে জীয়াই থাকিব? সেইবাবেই কবিতাবোৰ ইমান ভাৱগধূৰ! ইমান ব্যঞ্জণাময় আৱেগৰ টোপ টোপ বৰষুণ!শব্দবোৰ যেন বিষাদৰ ৰাগীৰে বিয়পি যোৱা পানী ৰঙৰ ষ্ট্ৰ'ক। কবি জীয়াই আছে ‘তাই' নথকাৰ জগতত। সেইবাবেই ‘তাই'ৰ সোঁৱৰণিলৈ লৈ কবিৰ ইমান আকুলতা।
মোনাৰ তলত যে ৰৈ যায় বহুতো চিনাকি
গোন্ধ,
তাই চাগে কুশলে আছে ”
অৱশ্যে সকলো সময় ইমান নিষ্ঠুৰ নহয়। সেয়ে আশ্ৰয়ৰ কথাও আহিছে। ক'ৰবাত, দূৰ বিদেশত তেওঁ হয়তোবা বিচাৰি পাইছেগৈ এধানি আশ্ৰয়। প্ৰেমৰ নিয়ৰ সনা এখনি হাত।
ইয়াত ইমান সহজেই তাই কব পাৰে-- “তোমাৰ স্তনৰ গোন্ধ মই পাহাৰবোৰত
পাওঁ।
মোৰ দেশত মই নিজৰ শৰীৰটো লুকুৱাই থওঁতেই গ'ল মোৰ আধা
জীৱন ”
আচলতে এইবোৰ স্বগতোক্তিহে। কিছুমান নিৰ্মম স্বগতোক্তি। কবিয়ে এখন স্বগতোক্তিৰ জগততে বাস কৰিছে। এই জগতখন কুইয়েৰসকলৰ, যিসকলে স্বগতোক্তিৰ জগততে বাস কৰে। কিন্তু এই কথাবোৰ বুজিবলৈ এখন অন্তৰ লাগিব। যদিও এইবোৰ কথা বুজা মানুহৰ সংখ্যা তাকৰ। দেশে বুজিলেও (দেশে যিহেতু তেওঁলোকৰ সুৰক্ষাৰ বাবে আইন তৈয়াৰ কৰিছে) দেশৰ মানুহে নবুজে, বুজিব নোখোজে।
মোৰ প্ৰেম মোৰ বাসনা মোৰ যৌনতা --
সব দেও লগা কথা”
একে আষাৰে কব লাগিলে তেওঁৰ কবিতাবোৰৰ আবেদন আন্তৰ্জাতিক। সমগ্ৰ বিশ্বতে এই সম্প্ৰদায়টো অকলশৰীয়া। তেওঁলোকৰ অভিজ্ঞতা আৰু দুখ- বেদনাৰ কাহিনীবোৰ শুনিবলৈ সমাজ অনিচ্ছুক । আইন তেওঁলোকৰ পক্ষত, কিন্তু সমাজ সংবেদী নহয়। কুইয়েৰ সম্প্ৰদায়ৰ যিসকল বৌদ্ধিকভাৱে সমৃদ্ধ অংশটোৰ আওতাত নাই, তেওঁলোকৰ বাবে সমস্যাবোৰ অতি গুৰুতৰ। এটা উদাহৰণ দিলেই এই কথা স্পষ্ট হৈ পৰে। ৰেল বা বাচত উঠাৰ সময়ত কিন্নৰৰ দল এটাই যেতিয়া অলপ পইচাৰ বাবে হাতখন আগুৱাই দিয়ে তেতিয়া আমি বহুতেই খঙতে টিকিচি-বিকিচি কৰি উঠোঁ। ‘কাম কৰি কিয় নাখায়' বুলি খং উজাৰোঁ। কিন্তু কিন্নৰ এজনে যদি উপাৰ্জনৰ বাবে গেলামালৰ দোকান এখন দিবলৈ ওলাই আহে, তেতিয়হ'লে আমাৰ কিমানে সেইখন দোকানৰপৰা সামগ্ৰী কিনিবলৈ আগ্ৰহী হ'ম? আমাৰ যদি এটা ভাৰাঘৰ থাকে, আৰু কোনোবা এজন কিন্নৰে যদি সেইটোত ভাৰাতীয়া হিচাপে থাকিবলৈ বিচাৰে, তেতিয়াহ'লে আমি দিবলৈ সন্মত হ'মনে? এই অত্যন্ত জৰুৰী প্ৰশ্নবোৰ কাব্যভাষাৰে কৰাৰ বাবেই ময়ুৰী ডেকাৰ কবিতাবোৰ নতুন নতুন প্ৰতীকেৰে ব্যঞ্জনাময় আৰু একে সময়তে গভীৰভাৱে ৰাজনৈতিক। লগতে আন্তৰ্জাতিকো। এই আন্তৰ্জাতিক সুৰ স্পষ্টকৈ শুনা যায় ময়ুৰীৰ কবিতাত
আছে সেই একেই ইতিহাস
আছে সেই একেই গল্পবোৰ
আছে সেই একেই সাধুকথাবোৰ
আৰু একেই বিষ
পানী মাটি আকাশ একাকাৰ কৰি দিয়া বিষ
সকলো ভূগোলৰ সীমা পাৰ হৈ যোৱা এটি
বিষ
সকলো আন্দোলন পাৰ হৈ যোৱা এটি বিষ
সকলো, সকলোবোৰ যন্ত্ৰণা পাৰ হৈ যোৱা
এটি বিষ”

No comments:
Post a Comment