Wednesday, 12 November 2025

 

 

ময়ুৰী ডেকাৰ কবিতাৰ  আচৰিত ব্যঞ্জনাবোৰৰ সুৰধ্বনি

 



অসমীয়া  কাব্য সাহিত্যৰ এগৰাকী  ব্যতিক্ৰমী  কবি ময়ুৰী ডেকাক  আচলতে কেতিয়াবা  বাস্তৱৰ কবিসত্তা যেন  নালাগেই। তেওঁ যেন  এক অসম্ভৱ আশাৰ  তৰীত  জীয়াই  থকা  দূৰ- সুদূৰৰ কোনো  এক  অচিন  বহিৰ্জগতৰ প্ৰাণী, যি   নিজৰ  কথা  কবলৈ  মৰতৰ   কবিতাক মাধ্যম (medium)প্পগ্ৰ  হিচাপে বাচনি কৰিলেহি।   কিনো  এনে কথা কৈছে তেওঁ, যাৰ বাবেই কবিতাৰ ভাষা  ইমান আচৰিত!

নাম তেওঁৰ  ময়ুৰী ডেকা।  কিন্তু  তেওঁ  নিজকে  পুৰুষ  বুলি  নকয়নাৰী  বুলিও  নকয়। পুৰুষ  অথবা  নাৰী-- এই  দুয়োটা দ্বি-মূলীয় (Binary) পৰিচিতি সত্তাৰে চিনাকি দিবলৈ তেওঁ ৰাজী নহয়।  কিন্তু  দ্বি-মূলীয় সত্তাৰ বাহিৰত (Non-binary) তৃতীয়  সত্তা বুলি নিজকে কবলৈও ৰাজী নহয়। যদিহে তৃতীয় সত্তাতেনেহ'লে প্ৰথম আৰু  দ্বিতীয়  সত্তাৰ পৰিচিতি  কি? কোনে  দিলে  এই  পৰিচিতি? অধিকাৰএই  প্ৰশ্ন তেওঁ কেতিয়াবাই কাব্যত  কৰিছে।  আচলতে তেওঁ  কবিতালৈ কুইয়েৰ, বা  দ্বি-মূলীয় সত্তাৰ বাহিৰৰ (Non-binary) ভাৱ-অনুভূতিকেই লৈ অনা নাই, সমান্তৰালভাৱে তেওঁ প্ৰতিষ্ঠা কৰিছে আন এটি বাগধাৰাও(narrative)যে  কবিতা  ৰাজনৈতিক (poetry is political) ।স্বভাৱিকতেই  কবিতাত দ্বি-মূলীয় সত্তাৰ আৱৰ্তৰ বাহিৰত থকাসকলৰ আৱেগ-আনুভুতি-অধিকাৰৰ প্ৰশ্নও  ৰাজনৈতিক।  সামগ্ৰীকভাৱে তেওঁ কবিতালৈ আনিছে এই বোধ। এই উপলব্ধি।  সমকামীসকলৰ নিৰ্মম উপলব্ধি ।

 পুৰুষ  আৰু  নাৰী- এই  দুয়োটা দ্বি-মূলীয় (binary) পৰিচিতি সত্তাৰ বাহিৰত যিসকলে  নিজৰ পৰিচিতি দিব খোজে, সমাজত তেওঁলোকৰ সমতাৰ হকে, ন্যায়ৰ হকে কৰা সংগ্ৰামখন আজি আৰু আমাৰ বাবে  অচিনাকি নহয়। তেওঁলোকৰ অনেকেই বৌদ্ধিকভাৱে  সমৃদ্ধ আৰু  মেধাসম্পন্ন।  তেওঁলোকৰ অনেকেই  সাহিত্য  চৰ্চা কৰিছে, গৱেষণা কৰিছে অথবা আন যিকোনো কামতেই সিদ্ধি লাভ কৰিছে।  কিন্তু ময়ুৰী ডেকাই  এনেকুৱা কিছুমান  ব্যতিক্ৰমী  প্ৰতীক, ব্যঞ্জণা  আৰু   অভিনৱ (organic)চিন্তা  কাব্যভাষালৈ আনিছে যেসি  আমাক শিহৰিত কৰি  তোলে।  সমকালীন ভাৰতীয়  আঞ্চলিক ভাষালৈ  এনে  কাব্যভাষা আহিছে  নে  নাই-- সেয়াও আন  এক  বিষয়।  তেওঁ  কৈছে  পুৰুষ  অথবা  নাৰী-- এই  দুয়োটা দ্বি-মূলীয় (binary) পৰিচিতিসত্তাৰ বাহিৰত নিজৰ  চিনাকি দিবলৈ বিচৰাসকলৰ  অধিকাৰৰ  কথা-- কুইয়েৰ  বা  সমকামীসকলৰ অধিকাৰৰ কথা।  দুখ-বেদনা-বঞ্চনাৰ  কথা  কবলৈ  যাওতে  অধিকাৰবোধৰ কথাটো  সন্মুখলৈ তুলি অনাটোৱে তেওঁৰ  যুঁজাৰু  ( asssertive)  মনোবৃত্তিৰ কথা কৈছে।   ইয়াৰ  বাবে তেওঁ প্ৰয়োগ  কৰিছে কাব্যৰ এনে  এটি  ভাষা যি  একেধাৰে  শাণিতসংবেদী, আৰু  জোনাক নিশা   গলি  গলি শেষ  হৈ  যোৱা জোনৰ ফুলবোৰৰ দৰে বিষাদময় (surreal), যি জোন তেওঁৰ বাবে ‘সমকামী'। অধিকাৰবোধ যেতিয়া আহে অন্তৰৰ গভীৰতম  দুখৰপৰা আৰু   তাৰ  সতে  সংপৃক্ত  হৈ  যায়  প্ৰজ্ঞাৰ সাধনা--তেতিয়াহে বোধহয়  এনে  আকুলতাৰ  ব্যঞ্জণা কবিতালৈ আহিব পাৰে। তেওঁ  কৈছে--

 ‘লিংগ দুবিধ--শ্ৰেণীকোঠাৰ ভিতৰৰ চিন

তেওঁ তেতিয়াই লিখিছিল আন এখন চিঠি

এবাৰ, সঁচাকৈয়ে তেওঁ প্ৰেমত পৰি গৈছিল--সমলিংগ কাৰোবাৰ সতে'

 অথবা,

 পাৰ্ক এখনত কাঠৰ বেঞ্চ এখন আছিল,

মোৰ কাষত বহিবলৈ

আপুনি কুইয়েৰ হবই লাগিব

নে কি/?”

 যদিহে  কাব্যভাষা এনে হৈ  পৰে- ‘আকাশৰ সমকামী জোন অকলশৰীয়া।তেতিয়া ৰক্ষণশীল  সমাজত প্ৰশ্ন উঠিব  পাৰে, সমালোচকে ক'ব পাৰে- এইবোৰো কবিতানেহয়।  এইবোৰো কবিতা।  উত্তৰ-আধুনিক  অথবা উত্তৰ- সত্যৰ যুগৰ  প্ৰাসংগিক  কবিতা। কিন্তু  এইবোৰ মাথোন  কবিতা  নহয়। কবিতাৰ  গতানুগতিক বাগধাৰাৰে  এইবোৰ বান্ধি থব নোৱাৰি--কিয়নো এইবোৰ একো একোটা প্ৰশ্নও। যি পাঠকৰ  মগজু  জোকাৰি যায়। তলৰ অংশটিলৈ  লক্ষ্য কৰা হওক--

 (ক) ‘

মাটিৰ সতে কথা পাতে তাই

নাভিৰ ঠিক ওপৰত জুই একুৰা অনুভৱ কৰে

কুকুৰটোৱে আগা-দেৱা কৰে তাইৰ দুভৰিৰ মাজত

তেনেকৈয়ে তাই খোজকাঢ়ে হাবিখনত নিতৌ

 

(খ)

মানুহবোৰ আকৌ ওলাই আহিছে ৰাস্তালৈ

ৰঙা, হালধীয়া, বেঙুণীয়া  কাপোৰ পিন্ধি

এইবাৰ গোটেই গাওঁখনে সেকিছে সমকামিতাৰ প্ৰেমত

উ২৬ল বুকু

(গ) 

 তাইৰ সদায় দৌৰা-দৌৰি

ফুলবোৰ সৰি পৰাৰ আগেয়েই ঘৰ পাবগৈ লাগে

বেলি ডুবাৰ আগতেই নদীৰ পাৰ পাবগৈ লাগে

মই ৰৈ থাকোঁ

(ঘ)

 

ইমান পৰিপাটি মৰিশালিবোৰ

মাটিৰ চপৰাই কিহত খুন্দিয়াই

আকাশৰ ছবি আঁকি  ভালপোৱা ছোৱালীজনী

মই তাইক বিচাৰি থাকোঁ

 ইয়াত এক অসম্ভৱ  আশাৰ কথা  কোৱা  হৈছে- “ৰঙা, হালধীয়া, বেঙুণীয়া  কাপোৰ পিন্ধি। এইবাৰ গোটেই গাওঁখনে সেকিছে  সমকামিতাৰ  প্ৰেমত।  উমাল বুকু”।  কিন্তু  এইখন পৃথিৱী সমকামীসকলৰ বাবে এতিয়াও জানো ইমান দৰদী হৈ উঠিছে যে, গাওঁখনে সমকামীসকলক এনেদৰে আকোঁৱালি  ল'ব! তেওঁলোকৰ বেথা  আকোঁৱালি ল'ব! উঠা নাই। সেইবাবেই কবিতালৈ সোমাই  আহিল  মৰিশালিৰ  প্ৰসংগ। কোনোবা হেৰাই গ'ল।  প্ৰেম হেৰাই গ'ল।  সমকামীৰ  প্ৰেম হেৰাই  যায়-মৰিশালিৰ তলত। কিন্ত তেওঁ আশা দেখিছে, এদিন  তেনে হ'ব। যদিওবা বৰ্তমানে  প্ৰেমিকাৰ নাভিৰ  ওপৰত  একুৰা জুইৰ  দহন! মৰিশালিৰ  চিতাৰ জুইক এনে ব্যঞ্জনাৰে কবিতালৈ  আনিব পৰাটোৱেই কবিৰ সাৰ্থকতাৰ পৰিচায়ক। 

 আৰু  এটা কবিতালৈ চোৱা যাওক ।

 তুমি মোৰ ভাল খবৰ” মোক লগ পালেই তাই  কৈছিল  আৰু  প্ৰত্যেকবাৰেই  মই  হাঁহিছিলোঁ

ভুল  শৰীৰ এটাত জন্ম লৈ, এবাৰ নহয়, দুবাৰ নহয়, হাজাৰবাৰ অপমাণিত হৈয়ো মানুহ  জীয়াই  থাকে।

সেই  কথা তাই ভালকৈ বুজিছিল

সেয়েহে হয়তো মোক কৈছিল, “তুমি মোৰ ভাল খবৰ”

....

মই কেতিয়াবা  হতবাক হৈ  পৰিছিলোঁ-- ইমান সন্মানেৰে কেতিয়াও, কোনোৱে মোক ভালপোৱা নাছিল

মই  আধা জীৱন ভয়তে কটাইছিলোঁ  আৰু  আধা খঙত

তাই  আনিছিল  ভালপোৱাখিনি

তাই আনিছিল সন্মানখিনি...”

এই অপমাণ, ক্ষোভৰ দহনক  এনেদৰে  কবিতাৰ ভাষালৈ  লৈ অহাৰ  বাবেই  কবিক  মাজে  মাজে এই পৃথিৱীৰ বাসিন্দা যেন  নালাগে। কিন্তু  তেওঁ কেৱল নিজৰ কথাকেই কৈ থাকিব নেকিনিজৰ দুখ- বেদনাৰেই কবিতাৰ স্তৱকবোৰ সজাব নেকি? ওহোঁ। তেওঁ কৈছে সমাজজীৱনৰ কথাও, কিন্তু  ভিন্ন  ভাষাৰে। নিজস্ব চেতনাৰে।  ব্যতিক্ৰমী কণ্ঠেৰে। ব্যক্তিসত্ত্বাৰ অভিজ্ঞতাক সমাজজীৱনৰ অভিজ্ঞতাৰে কবিয়ে অপূৰ্ব  নিষ্ঠাৰে  সংশ্লেষণ কৰিবলৈ বিচাৰিছে। সমকামীসকল এইখন সমাজৰেই বাসিন্দা। তেনেহ'লে সেই পৰিচিতিৰেই  তেওঁলোকে সমাজজীৱনৰ কথাও ক'ব।  তলৰ কবিতাটিত এই কথা অতি স্পষ্ট।

 গণ হতাশা আৰু গণ বিপ্লৱৰ এয়া  প্ৰথম  অভিজ্ঞতা মোৰ কাৰণে” মোৰ  ফালে অকণমান হাওলি তাই মোক জনাইছিল

আমি দুয়ো খোজকাঢ়িছিলোঁ গোটেই দিনটো চহৰখনৰ ইমূৰৰপৰা সিমূৰলৈ

তেনেকৈ আমি ইতিমধ্যে কেইবাদিনো লগ পালোঁ

.....

.....

হঠাতে চহৰখনত এদিন মঞ্চবোৰ স্থাপন হ'

মানুহবোৰে অভিশপ্তৰ  নিচিনাকৈ বিনাদ্বিধাই, বিনা প্ৰতিবাদে মঞ্চবোৰলৈ ঢাপলি মেলিলে

আৰু ৰাজপথবোৰ উদং হৈ পৰিল”

সেইদিনাই তাই উচুপি উঠিছিল, আৰু  কৈছিল, “সময়ে সব মনত  ৰাখে, এদিন ইয়াৰ বিচাৰ হ'ব। নিশ্চয়/'

তাৰপিছত মই  আৰু  তাইক কোনোদিনেই লগ পোৱা নাই”

ইয়াত কোৱা হৈছে এখন  গণ-আন্দোলনৰ কথা। আচলতে সেইখন কা-আইন বিৰোধী আন্দোলন-য'ত পাঁচজনকৈ নীৰিহ যুৱক  ছহিদ হৈছিল। কা-আইন বিৰোধী আন্দোলন এখন ৰাজপথৰ সংগ্ৰাম আছিল। কিন্তু কাৰোবাৰ  ষড়যন্ত্ৰত ৰাজপথৰ সেই সংগ্ৰাম গৈ মঞ্চ পালেগৈ।  তাৰপিছত কি হ'? আন্দোলন মষিমূৰ কৰিবলৈ ৰজাঘৰীয়াৰ  চক্ৰান্তৰ পিছত  চক্ৰান্ত।  আন্দোলনৰ নেতৃত্বক প্ৰলোভন, সৃষ্টিশীল সত্তাসমূহক প্ৰলোভন- অসংখ্য প্ৰলোভন।  এনেকৈয়ে নেতৃতত্ব প্ৰদানকাৰী  বুলি ভবা এচাম  প্ৰলোভিত  মানুহৰ  অসংখ্য  মুখেৰে  ৰাইজক  বিভ্ৰান্ত  কৰা হ'ল।  মানুহৰ এখন সংগ্ৰাম, ৰাজপথৰ  এখন  সংগ্ৰাম  কাৰোবাৰ ষড়যন্ত্ৰৰ হাতোঁৰাত থান- বান হৈ  গ'ল।  কবিতাত  কবিয়ে   জনসাধাৰণৰ  সতে  থাকিব  বিচৰাৰ হেঁপাহ  লুকুৱাই ৰখা নাই। ইয়াত   কবিৰ   স্পষ্টতা (clarity) আৰু  নিৰ্ভীকতা (fearlessness) স্পষ্ট।  লগতে  জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থৰ সৈতে জড়িত হৈ  থাকিও  লিংগ  সমতাৰ যুঁজখনৰ বেলিকা নিজৰ উদ্দেশ্যধৰ্মিতা (objectivity) কিদৰে বজাই ৰাখিব লাগে-তাকো তেওঁ স্পষ্ট  কৰি  দিছে।  এই কবিতাটোৱেই কবিৰ কাব্য-দৰ্শনৰ  অন্যতম শ্ৰেষ্ঠ  উদাহৰণ।

কবিতাত  অনুপস্থিতি (absence) এটা সুন্দৰ  অলংকাৰ।  বিশ্বৰ  বহুতো স্বনামধন্য  কবিৰ যুগজয়ী কবিতা অনুপস্থিতিৰ অলংকাৰেৰে শোভিত হৈছে। পাবলো নেৰুদা যেন ‘অনুপস্থিতি' বিষয়ক  কবিতাৰ বিস্ময়কৰ  খনিকৰ ।  ময়ুৰী ডেকাৰ কবিতাৰো অন্যতম  আকৰ্ষণীয়  দিশ অনুপস্থিতি । প্ৰায়বোৰ কবিতাত  উল্লেখ  কৰা  ‘তাই', অৰ্থাৎ  সমকামীৰ প্ৰেম  অনুপস্থিত। ‘তাইহেৰাই  গৈছে। প্ৰেম হেৰাই গৈছে। হয়তো  চিৰতিকাললৈ। তেনেহ'লে কবিয়ে  কিদৰে জীয়াই  থাকিব?  সেইবাবেই  কবিতাবোৰ  ইমান  ভাৱগধূৰ!  ইমান ব্যঞ্জণাময় আৱেগৰ  টোপ টোপ  বৰষুণ!শব্দবোৰ  যেন  বিষাদৰ ৰাগীৰে বিয়পি যোৱা পানী ৰঙৰ ষ্ট্ৰ'ক। কবি জীয়াই আছে ‘তাইনথকাৰ জগতত। সেইবাবেই ‘তাই'ৰ সোঁৱৰণিলৈ  লৈ কবিৰ ইমান আকুলতা। 

 “মন যায়, আই, মন যায়--তাইৰ পাচলিৰ মোনাখন কেতিয়াবা জুকিয়াই চাবলৈ

মোনাৰ তলত যে ৰৈ যায় বহুতো চিনাকি গোন্ধ,

তাই চাগে কুশলে আছে ”

অৱশ্যে সকলো সময়  ইমান নিষ্ঠুৰ  নহয়। সেয়ে  আশ্ৰয়ৰ কথাও আহিছে। ক'ৰবাত, দূৰ বিদেশত তেওঁ হয়তোবা বিচাৰি পাইছেগৈ  এধানি  আশ্ৰয়। প্ৰেমৰ নিয়ৰ সনা এখনি হাত।

 “যৌনগন্ধী সমাজ এখনৰপৰা অহা মই-- য'ত যৌনতাৰ কথা  কোৱাটো মানা।

ইয়াত ইমান সহজেই তাই  কব পাৰে-- “তোমাৰ স্তনৰ গোন্ধ মই পাহাৰবোৰত পাওঁ।

মোৰ দেশত মই নিজৰ  শৰীৰটো লুকুৱাই থওঁতেই  '  মোৰ আধা জীৱন ”

আচলতে  এইবোৰ  স্বগতোক্তিহে।  কিছুমান  নিৰ্মম স্বগতোক্তি।  কবিয়ে এখন স্বগতোক্তিৰ  জগততে  বাস  কৰিছে।  এই জগতখন  কুইয়েৰসকলৰ, যিসকলে স্বগতোক্তিৰ জগততে বাস কৰে।   কিন্তু  এই  কথাবোৰ  বুজিবলৈ  এখন অন্তৰ লাগিব। যদিও এইবোৰ কথা বুজা মানুহৰ সংখ্যা তাকৰ।  দেশে বুজিলেও (দেশে  যিহেতু তেওঁলোকৰ সুৰক্ষাৰ বাবে আইন তৈয়াৰ কৰিছে)  দেশৰ মানুহে নবুজে, বুজিব নোখোজে।

 “মোৰ দেশত মই  জন্মাটোৱেই এটা দেও লগা কথা--পিতায়ে কৈছিল।

মোৰ প্ৰেম মোৰ বাসনা মোৰ যৌনতা -- সব দেও লগা কথা”

 কিন্তু কেৱল এখন অন্তৰ  হলেই  নহ'ব।  স্বগতোক্তি যেন লগা এই  কথাবোৰৰ মৰ্মাৰ্থ  বুজিবলৈ  পঠনো  লাগিব। কুইয়েৰ (queer),লিংগ(gender) আুৰ লিংগসমতাৰ (gerder equality)দিশবোৰ নজনাকৈ এই  কবিতাবোৰৰ ৰসাস্বাদন কৰিবলৈ অসুবিধা। তৰাং  উপলব্ধিৰ  হিয়ালি- জিয়ালিৰে এই বেদনা  বুজি  পোৱা সহজ  নহয়। তেওঁ ইয়াত নিজৰ অভিজ্ঞতাকেই কৈছে। পাৰ্থক্য এটাই-এইবোৰ ব্যক্তিগত হৈও সমূহৰ অভিজ্ঞতা। ইমান সংবেদী ভাষাৰে, বৌদ্ধিকভাৱে সমৃদ্ধ  প্ৰতীকেৰে  এই অভিজ্ঞতাক আমাৰ কাব্য  সাহিত্যলৈ, কাব্য-ভাষালৈ পূৰ্বতে আন কোনেও  অনা নাই। আনিব পৰা নাই। পুৰুষ অথবা  নাৰীৰ  পৰিচিতিৰ দ্বিমূল সত্তাৰ বাহিৰৰ (non-binary) আভ্যন্তৰীণ কথক  (insider)হিচাপে কুইয়েৰসমাজৰ বিশ্বজোৰা লিংগসমতাৰ  ৰাজনীতিৰ  অংশ  হৈ বৌদ্ধিক সমৃদ্ধতাৰ এই  শক্তিশালী  বাগধাৰা  অসমীয়া গদ্য সাহিত্যলৈও  লৈ  অনা  নাই।  এই  অৰ্থতেই  ময়ুৰী ডেকা  পথিকৃৎ।

একে আষাৰে  কব লাগিলে তেওঁৰ কবিতাবোৰৰ আবেদন আন্তৰ্জাতিক।  সমগ্ৰ  বিশ্বতে এই   সম্প্ৰদায়টো  অকলশৰীয়া। তেওঁলোকৰ অভিজ্ঞতা আৰু দুখ- বেদনাৰ কাহিনীবোৰ শুনিবলৈ সমাজ  অনিচ্ছুক ।  আইন  তেওঁলোকৰ  পক্ষত, কিন্তু  সমাজ  সংবেদী নহয়। কুইয়েৰ সম্প্ৰদায়ৰ  যিসকল বৌদ্ধিকভাৱে  সমৃদ্ধ  অংশটোৰ আওতাত  নাইতেওঁলোকৰ  বাবে সমস্যাবোৰ   অতি  গুৰুতৰ। এটা  উদাহৰণ  দিলেই এই  কথা স্পষ্ট  হৈ পৰে।  ৰেল  বা বাচত উঠাৰ সময়ত কিন্নৰৰ দল এটাই  যেতিয়া  অলপ পইচাৰ  বাবে হাতখন  আগুৱাই  দিয়ে তেতিয়া আমি  বহুতেই  খঙতে  টিকিচি-বিকিচি  কৰি উঠোঁ। ‘কাম কৰি কিয় নাখায়' বুলি খং উজাৰোঁ।  কিন্তু কিন্নৰ এজনে  যদি উপাৰ্জনৰ বাবে গেলামালৰ দোকান এখন দিবলৈ  ওলাই আহেতেতিয়হ'লে আমাৰ  কিমানে সেইখন দোকানৰপৰা সামগ্ৰী  কিনিবলৈ  আগ্ৰহী  হ'? আমাৰ যদি  এটা ভাৰাঘৰ থাকেআৰু কোনোবা এজন কিন্নৰে যদি  সেইটোত ভাৰাতীয়া হিচাপে থাকিবলৈ বিচাৰে, তেতিয়াহ'লে আমি দিবলৈ সন্মত  হ'মনে? এই  অত্যন্ত  জৰুৰী  প্ৰশ্নবোৰ কাব্যভাষাৰে  কৰাৰ  বাবেই  ময়ুৰী ডেকাৰ কবিতাবোৰ নতুন  নতুন প্ৰতীকেৰে  ব্যঞ্জনাময় আৰু  একে সময়তে  গভীৰভাৱে  ৰাজনৈতিক।  লগতে  আন্তৰ্জাতিকো। এই আন্তৰ্জাতিক  সুৰ  স্পষ্টকৈ  শুনা যায়  ময়ুৰীৰ কবিতাত

 “কুইয়েৰ মানুহৰ কোনো দেশ নাই

আছে সেই একেই ইতিহাস

আছে সেই একেই গল্পবোৰ

আছে সেই একেই  সাধুকথাবোৰ

আৰু একেই বিষ

পানী মাটি  আকাশ একাকাৰ কৰি দিয়া বিষ

সকলো ভূগোলৰ সীমা পাৰ হৈ যোৱা এটি বিষ

সকলো আন্দোলন পাৰ হৈ যোৱা এটি বিষ

সকলো, সকলোবোৰ যন্ত্ৰণা পাৰ হৈ যোৱা এটি বিষ”

 তীক্ষ্ণধী আৰু সংবেদী কবিৰ কবিতাবোৰৰ বিশ্বজনীন আবেদন আৰু তীব্ৰ হওক, এই নতুন বাগধাৰা  আৰু কাব্যভাষাৰে  তেওঁৰ কবিতাই জগত জিনক,তাকেই কামনা কৰিছোঁ।