Friday, 18 April 2025

 নিৰাভৰণ--সৃষ্টি শ্ৰেয়মৰ এটি গল্প 





সৃষ্টি শ্ৰেয়মৰ গল্পৰ বিষয়ে খুব কমেইহে কথা পতা হয়।  জীৱন আৰু জীৱিকাৰ সন্ধানত তেওঁ এতিয়া মুম্বাইৰ বাসিন্দা। আগৰেপৰাই সৃষ্টিৰ গল্পৰ পোন, আৱেগবৰ্জিত, টনটনীয়া ভাষাটোৱে  আকৰ্ষণ কৰিছিল। লাহে লাহে তেওঁৰ গল্প লিখা কমি আহিল, বোধহয় চলচ্চিত্ৰৰ জগতৰ সতে সম্পৰ্ক গঢ়ি তোলাৰ বাবেই। তথাপি তেওঁৰ গল্প পঢ়ি হোৱা উপলব্ধিৰ বিষয়ে দুষাৰ নকৈ নোৱাৰিলোঁ।

আমাৰ অসমীয়া মানুহবোৰ ইমানেই ঘৰগোনা যে, বোছিভাগেই জীৱিকাৰ সন্ধানত অসমৰ বাহিৰলৈ ওলাই গলেও বাহিৰতো মনেৰে এখন অসমেই বিচাৰি ফুৰে। বিশেষকৈ সৃষ্টিশীল জগতৰ অনেক লোকে, তেওঁলোকে যিবোৰ ঠাইত বাস কৰে-সেইবোৰ ঠাইত সৃষ্টিশীলতাৰ উৎসৰ সন্ধান কৰাৰ বিপৰীতে অসমৰ প্ৰেক্ষাতেই নিজৰ কাম কৰিব বিচাৰে।  ঘূৰি ঘূৰি অসমৰ প্ৰেক্ষালৈকে উভতি আহে। সেয়েহে বাহিৰত  থকা অসমীয়া সৃষ্টিশীল মানুহৰ কাম-কাজত সৰ্বভাৰতীয় আত্মা এটা বিচাৰি পোৱা অলপ কঠিন বুলিবই পাৰি। মামনি ৰয়চম গোস্বামী বাইদেৱে অসমীয়া সাহিত্যত ভাৰতৰ আত্মাৰ সন্ধান  কৰিছিল বৃন্দাবনৰ বিধবাসকলৰ দুৰ্গতি সাহিত্যৰ কালজয়ী পাতলৈ আনি। পৰৱৰ্তী সময়ত তেখেতে নিৰৱচ্ছিন্নভাৱে আৰু একাণপতীয়াকৈ এই কৰ্মত  ব্ৰতী হৈছিল। মৌচুমী কন্দলিৰো কেইটামান এনে গল্প আছে। 

বহুদিন সৃষ্টি শ্ৰেয়মৰ গল্প পঢ়িবলৈ নোপোৱাৰ বিৰতি ভাঙিল, যেতিয়া তেওঁ ক’ভিডকালীন সময়ৰ মুম্বাইৰ এটা গল্প লিখিছিল ‘প্ৰকাশ’ৰ পাতত। ক’ভিডৰ সময়ত আমি বহুতেই গল্প-কবিতা-উপন্যাস লিখিছিলোঁ। এইবোৰ আছিল স্থানিক  অভিজ্ঞতাৰে সমৃদ্ধ। প্ৰকৃততে এটি অতিমাৰীৰ সন্মুখত  সমগ্ৰ ভাৰতবৰ্ষখনে সন্মুখীন হোৱা অভাৱনীয় সংকটৰ প্ৰতিনিধিত্বমূলক গল্পটো লিখিছিল বহুদিনৰ পিছত সৃষ্টি শ্ৰেয়মে। গল্পটো পঢ়ি তেওলৈ মেচেজ এটা দিলেও কিবা এষাৰ লিখিবলৈ ৰৈ গৈছিল।এটা মৰ্মস্পৰ্শী, অতি সফল আৰু শক্তিশালী গল্প—যাৰ বিষয়ে আমি ক’তোৱেই আলোচনা নকৰিলোঁ।

দুবছৰমানৰ বিৰতিত এইবাৰ ‘দৈনিক অসমৰ’ৰ ‘বসন্ত বৈভৱ’ত  তেওঁ ‘নিৰাভৰণ’ নামৰ এটা গল্প লিখি আমাক মোহিত কৰি তুলিছে। ইয়াত প্ৰধান প্ৰটাগনিষ্ট এযোৰ চেণ্ডেল। গল্পটো পঢ়ি আপুনি ভাবিবলৈ বাধ্য হ’ব যে, আমি যে দেশে  স্বাধীনতা লাভ কৰাৰ অমৃতকালত বাস কৰি আছোঁ, যে আমাৰ এখন সংবিধান আছে--যি প্ৰতিজন ভাৰতীয় নাগৰিকক জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সামাজিক ন্যায় প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে—এইবোৰ আচলতে কি? প্ৰহসন নেকি? নহয় নহয় । তেওঁ গল্পটোত  সাম্প্ৰতিক বহুচৰ্চিত গৰু-গাহৰিৰ ৰাজনীতিৰ কথা কোৱা নাই। তেওঁ এযোৰ চেণ্ডেলৰ কথা কৈছেনীলা ৰঙৰ ফিটাৰে এযোৰ বগা ৰঙৰ হাৱাই চেণ্ডেল। গল্প পঢ়িলেহে বুজিব পাৰিব, এনে এযোৰ চেণ্ডেল পিন্ধাৰ যোগ্যতা অৰ্জনৰ যি মুহুৰ্মুহুঃ বেদনা, তাক বুজিব পৰাকৈ গল্পকাৰে নিজকো কিমান vulnerable কৰি তুলিব লাগিব, সংবেদী হ’ব লাগিব। ধৰ্মীয়  সাম্প্ৰদায়িকতাবাদৰ টল-মল বাগধাৰাৰে দেশ-কাল-ৰাজনীতি-সমাজনীতি উত্তপ্ত হৈ থকাৰ সময়ত তল পৰি ৰোৱা অনেক বিৱৰণীৰ গাৰ নোম শিয়ৰি উঠা এটি লহ লহ বেদনা তেওঁ সাহিত্যলৈ কিদৰে তুলি আনিছে -বিশেষ কেৰিকেচাৰ নকৰাকৈ-কিন্তু গভীৰ মানৱীয় সংবেদনাৰে। ঘৰৰপৰা বাহিৰত থাকি তেওঁ তাহানিৰ প্ৰেমচান্দৰ দৰেই সমকালীন ইতিহাসৰ এলান্ধুত ওলমি থকা অন্য জীৱনৰ সন্ধান কৰিছে। ইমান ক্ৰুৰ, নিষ্ঠুৰ এই অন্বেষণ, অথচ ইমান গভীৰ।  বহুত গভীৰ।  

 

No comments:

Post a Comment