Monday, 28 April 2025

 

 

কাহিনীকথন পদ্ধতিৰে সজোৱা কেইটিমান গীতৰ কথাৰে



 সৃষ্টিশীলতাৰ  জগত মানেই  বোধৰ জগত। মানৱ মনে  বিচিত্ৰ  জগতৰ  অনন্ত  ৰহস্য ভেদ কৰিবলৈ চলোৱা সৃষ্টিশীল  প্ৰচেষ্টাই আমাক শিহৰিত কৰে।  সৃষ্টিশীলতাৰ  জগতখনৰ  কিছুমান  দিশ  সকলোৱে বুজি পোৱাকৈ   সাৰ্বজনীন। যেনেকৈ  ৰং-তুলিকা-ভাস্কৰ্যৰ জগতখন। ইয়াৰ সুবিধা এয়ে যে, যিকোনো ভাষাৰ শিল্পীৰ হাতৰ ভাল ছবি এখন বা ভাস্কৰ্য এটা বুজি পাবলৈ আমাক এজন অনুবাদকৰ  প্ৰয়োজন  নহয়।  অৱশ্যে পাঠ নিৰ্ণয়  কৰিব বহু পৰিমাণে  দৰ্শকৰ বুজাৰ স্পৃহা  আৰু বোদ্ধাই।

 সেইবাবেই  আমাৰ দৰে সাহিত্যকৰ্মীৰ কেতিয়াবা  ৰং-তুলিকা-ভাস্কৰ্যৰ জগতখনৰ সাধকসকললৈ ইৰ্ষা হয়। তেওঁলোকৰ সৃষ্টিকৰ্মক বিশ্ব-জগতলৈ লৈ  যাবলৈ যে এজন অনুবাদকৰ হাতত ধৰাৰ  প্ৰয়োজন নাই! উৎকৃষ্ট  সাহিত্যই একোটা ভাষা আৰু  জাতিক একধৰণে সঞ্জীৱনী প্ৰদান  কৰে-সেই কথা  ঠিক।কিন্তু  সাহিত্যৰ  ভাষাই শিল্পৰ দৰে সকলো পৰিধি ভাঙি দিব নোৱাৰে। সাহিত্যই  পৰিধি ভাঙিবলৈ হাত ধাৰিবলগীয়া  হয় এজন সফল অনুবাদকৰ। যেতিয়ালৈকে এজন সফল অনুবাদক নাপায়, তেতিয়ালৈকে সাহিত্যৰ সঞ্জীৱনী নিজৰ ভাষাৰ  ভিতৰতে  আবদ্ধ হৈ  ৰবলৈ  বাধ্য।

 ৰং-তুলিকা-ভাস্কৰ্যৰ  সেই বৰ্ণিল  জগতখনৰ পিছতে  মানুহৰ হৃদয়লৈ  বাট  লোৱা  আনখনি  সাৰ্বজনীন  জগত  বোধহয় সংগীতৰ যাদুময়  জগতখনেই । কিছুপৰিমাণে  ভাষাৰ  প্ৰাচীৰ থাকিলেও  সুৰ- লয়- সংগীতৰ সংবেদী  যাদুৰ  আশ্বৰ্যবোৰে গীতৰ কথাংশভাষাৰ পৰিধি  যেন  অযাচিতে  ভাঙি  দিয়ে।  দেশ বা কাল  নিৰ্বিশেষে  মানুহ  হৃদয়লৈ  বিয়পি পৰে। আজিৰ তুলনাত  বিংশ শতিকাৰ সত্তৰৰ দশকৰ লেহেমীয়া  সময়ৰ  বুকুত  জন্মগ্ৰহণ  কৰা  আমাৰ দৰে  প্ৰজন্মই ভূপেন হাজৰিকাৰ ‘বুঢ়া লুইত তুমি বোৱা কিয়' গীতটি  শুনাৰ  বহু পিছতহে  পল বৰচনৰ ‘অল্ড মেন ৰিভাৰ' শুনিবলৈ পাইছিলোঁ। যিদিনাই  প্ৰথমবাৰৰ  বাবে  ‘অল্ড মেন ৰিভাৰশুনিবলৈ পাইছিলোঁ, সেইদিনাই  অনুভৱ  কৰিছিলোঁ  দুয়োটি গীতৰ  সংগীতৰ সেই  বিশেষ   শিহৰণ-সংগীতৰ মাজেৰে স্থিতাৱস্থাক প্ৰশ্ন কৰাৰ যুগপৎ প্ৰয়াস।

 তথাপিও  এনে কথা  নহয় যেভাষাৰ সীমাবদ্ধতা থাকিল বুলিয়েই  মানুহে  কাহিনী শুনিবলৈ  ভাল নাপায়।  বা   লিখিত কাহিনী এটা  পঢ়িবলৈ ভাল নাপায়। সাহিত্যৰ এক মহৎকল্যাণকামী দিশ থাকে। সফল কাহিনী এটাই  ভ্ৰমণ কৰি ফুৰে- মানুহৰ মুখে মুখে। শতিকাৰপৰা  শতিকালৈ। ভাষাৰ  ভূগোল অথবা ৰাজনৈতিক  মানচিত্ৰৰৰ  পৰিধি  ভাঙি-যিদৰে ৰামায়ন বা  মহাভাৰত।মানুহে আজিও শুনিবলৈ ভালপায় একোটা মজাৰ  কাহিনী, অপেক্ষা কৰে সেই বিশেষ  কাহিনীবোৰলৈ-যি কাহিনী কাল-নিৰন্তৰে সময়ৰ বুকুত ৰৈ  যায়। একেবাৰেই  সহজ কথাত  মানুহে আজিও  কাহিনীৰ কথকতাত মজি ৰয়।  একোখন ছবি, একোটি ভাস্কৰ্য, এটি গীত  বা কবিতাৰ তুলনাত  কাহিনীৰ  স্বাধীনতাও  বহু  বেছি। ইয়াৰ  দীঘল  কৰি  সজাই নিব পাৰি, চুটি কৰিব পাৰি । স্ৰষ্টাৰ ইচ্ছামতে গঢ় দিব পাৰি।

 সেইবাবেই সৃষ্টিশীল জগতৰ  অনেকেই বাস  কৰে গদ্যময় জগতত। গদ্যময় জগতৰ কাহিনী বুকুত  কঢ়িয়াই ফুৰে গল্প, উপন্যাস-নাটক-চলচ্চিত্ৰৰ  দৰে মাধ্যমত। তেওঁলোকে  ভাবেসাৰ্থক সৃষ্টিকৰ্তাৰ  দৰেই তেওঁলোকেও   কব  কিছুমান  অনন্য কাহিনী-দৰ্শকক, পাঠকক, শ্ৰোতাক। অভিনৱ চিন্তাৰে দিব নতুনৰ সন্ধান । সেইবাবেই  তেওঁলোকৰ  অত  সাধনা। সম্পৰীক্ষা।

 কাহিনীকথনৰ (storytelling) যাদুৱেই যেন ইয়াৰ সাৰ। হয়। কাহিনীকথনে চিৰকালেই মানুহক আকৰ্ষণ কৰি আহিছে।সেইবাবেই  কাব্য বা গীত- যিবোৰৰ আধাৰ মূলতঃ বোধ আৰু অনুভুতি--তালৈও  কেতিয়াবা  কাহিনী  গুচি  যায়। মহৎ কৰি থৈ আহেগৈ কাব্য বা গীতৰ উমাল  চোতাল । এই  নিবন্ধত   মূলত  কাব্যৰ প্ৰসংগ এৰি  কেইটিমান  আধুনিক  গীতৰ কাহিনীকথনৰ বিষয়ে  আলোচনা কৰিবলৈ  প্ৰয়াস  কৰা  হৈছে, 'ত কাহিনীকথনৰ মাজেৰে গীতৰ কথাংশই অনন্য মাত্ৰা লাভ কৰিছে।আচলতে ধৰ্মীয় সাহিত্য, বুৰঞ্জীমূলক গীত, কিংবদন্তিমূলক গীতসমূহ মূলতঃ কাহিনী নিৰ্ভৰ গীতেই।কাহিনী গীত হিচাপেই বেউলা-লখিন্দৰৰ গীত, জনা গাভৰুৰ গীত, মণিৰাম দেৱানৰ গীত, পিয়লি ফুকনৰ গীত, নাহৰ-মৰাণৰ গীত, চান্দ সদাগৰৰ গীতৰ দৰে গীতসমূহৰ  প্ৰাসংগিকতা সদায়েই  আছে।

 আধুনিক অসমীয়া গীতি-সাহিত্যৰ জগতখনত এনে কিছুমান নজহা- নপমা যুগজয়ী গীত আছে, যিবোৰৰ  কাহিনীকথনে আমাক উদ্বেলিত কৰে।ইয়াত গীতিকাৰে অতি সচেতনভাৱে কাহিনীকথনক(storytelling) এক পদ্ধতি              (methodology)  হিচাপে এনেদৰে ব্যৱহাৰ কৰিছে যেকাহিনীটোৰ  নায়ক বা নায়িকা  নিৰ্দিষ্ট সময়, প্ৰেক্ষা, সমাজৰ  একধৰণৰ প্ৰতিনিধি হৈ পৰিছে। এনে অনেক  গীত  ভিন ভিন প্ৰাসংগিকতাৰে  ভিন্ন  সময়ত   এনেদৰে মূৰ্তমান  হৈ উঠে  যে, তাত  সময়ৰ  নতুন  নতুন ব্যাখ্যা আৰোপ কৰি  গৈ  থাকিব  পাৰি, প্ৰাগংগিক কৰিতুলিব পাৰি।  গীতৰ  প্ৰসংগ  আপাতত  পুৰণি  হৈ  পৰা  যেন লাগিলেও  পৰিবৰ্তিত প্ৰেক্ষাত   নতুন  ব্যাখ্যাৰে  সেইবোৰ  সময়োপযোগী কৰি তুলিব পাৰি।

তেনে এটি যাউতিযুগীয়া  এটি  গীত হৈছে  প্ৰখ্যাত  কবি-গীতিকাৰ কেশৱ মহন্তদেৱৰ হাতত প্ৰাণ পাই উঠা আৰু গণশিল্পী খগেন মহন্তৰ যাদুময়  কণ্ঠেৰে সমাদৃত  হৈ পৰা তাহানিকালৰ সেই বিখ্যাত ‘কলৰে পাততে কাউৰী পৰে' গীতটি। এটা সময়ত  প্ৰায় সকলোৰে মুখতে থকা এই গীতটিত  এজন  ডাকোৱালৰ জীৱনগাথা  কোৱা হৈছে। এটা সময়ত এই  ডাকোৱালজন আমাৰ সকলোৰে অতিকৈ চিনাকি আছিল। সময়বোৰ যেতিয়া সৰল আছিল, দুৰণিত থকা  আপোনজনৰক  কুশল-মংগল চিন্তা কৰি আমাৰ চিত বিয়াকুল হৈছিল, তেতিয়া ডাকোৱালজনে পিঠিৰ বোজাত ডাকঘৰৰপৰা আমালৈ হঠাতেই কেতিয়াবা  কঢ়িয়াই  আনিছিল আপোনজনৰ খবৰ। অনাখৰী মানুহৰ ঘৰত চিঠিখন  পঢ়িও দিছিল। দুৰণিৰ আত্মীয়ৰ খবৰ কঢ়িয়াই অনা  সেই  ডাকোৱালজন নজনাকৈয়ে সোমাই  পৰিছিল আমাৰ  বুকুৰ  মাজত। চাহ- পানী এটোপা নযচাকৈ সেয়েহে  আমি ডাকোৱালজনক ঘৰৰপৰা বিদায় দিব পৰা  নাছিলোঁ।   সকলোৰে বুকুৰ খবৰ কঢ়িয়াই ফুৰা সেই ডাকোৱালজনৰ নিজৰ জীৱনৰ বেথা ভৰা কাহিনীয়েই ‘কলৰে পাততে কাউৰী পৰে' শীৰ্ষক গীতৰ যাদুকৰী ভাষা। চিঠিখন হাত পাতি লোৱাৰ সময়ত যোৱাবেলি আঘোণতে  পত্নীৰ  হাতত নিজৰ সন্তানক এৰি থৈ দুৰণিত কৰ্তব্য কৰিবলৈ বাধ্য হোৱা এই  ডাকোৱালজনৰ মনৰ খবৰেই  বা কোনে ৰাখে!সেই খবৰৰ সন্ধান দিবলৈ ওলাই আহিল  কবি-গীতিকাৰ  কেশৱ  মহন্তই, এটি সংবেদী মন লৈ। যাউতি-যুগীয়া  শব্দৰে  বান্ধি থ'লে ডাকোৱালৰ  মনত শংকা-“পথাৰতে যদিহে উঠিছে ঢল।হেৰুৱাই নিদিবি মনৰে বল।ৰাইজে মাৰিব ওখকৈ ভেটা। ঢলে এৰি যাব পলসৰ এঠা।” চেৰেং চেৰেংকৈ মনত পৰে ডাকোৱালৰ  ঘৰত এৰি  থৈ অহা পৰিয়ালটিলৈ-‘চিঠিৰ বোজা মই। পিঠিত বান্ধি লৈ। পৰৰ চেনেহ কঢ়িয়াও।মোৰহে  চেনেহীয়ে । কি কথা ভাবিছে। তাৰ একো গমকে  নাপাওঁ' অহৰহ তেওঁ যেন শুনা  পায় পোনাটিৰ আকুল মাত । সৰি পৰে পিতৃত্বৰ তাড়ণাৰ  অবুজ চকুলো--‘দেউতা বেগতে আহিবি। আহোঁতে জুনুকা আনিবি।' চিঠিৰ আদান-প্ৰদানৰ মাজেৰে খবৰ অহা-যোৱা কৰা সেই   সময়বোৰত বোধহয় এনে এজন মানুহ  নাছিল-এই গীতটি শুনি যাৰ হৃদয় এটিবাৰলৈ কঁপি উঠা নাছিল।

 তাৰপিছত সময়বোৰ  সলনি হৈ  গ'ল। তথ্য-প্ৰযুক্তি   আহিল। মানুহৰ  হাতে হাতে আহিল ম'বাইল ফোন।  দুৰণিৰ আত্মীয়জনৰ খবৰ পাবলৈ  ৰৈ থকা আমাৰ উৎকণ্ঠাৰ অৱসান ঘটিল। তাহানিৰ সেই ডাকোৱলজনৰো কামৰ  পৰিবৰ্তন হ'ল। পিঠিত আত্মীয়জনৰ খবৰ কঢ়িয়াই মৰমৰ বোজাটো বৈ তেওঁ আৰু আমাৰ কাষলৈ নাহে।  ডাকোৱালৰ  বৃত্তিটোৰ অন্ত পৰিল। কিন্তু সেইবুলিয়েই জানো ভিন্ন ৰূপত অজস্ৰ ডাকোৱাল মনৰ বেদনা আমাৰ চকুৰ আগৰপৰা নোহোৱা হৈ গ'ল!বিশেষকৈ বিশ্বায়ন আৰু নতুন অৰ্থনৈতিক নীতিয়ে আমাৰ অৰ্থনীতি, সমাজনীতি আৰু  সনাতন মূল্যবোধলৈ যি সংকট কঢ়িয়াই  আনিলে আৰু তাৰেই ফলশ্ৰুতিত গাৱঁৰপৰা দলে দলে ওলাই  আহি ল'ৰা-ছোৱালীবোৰে  পৰিয়াল-পৰিজন এৰি থৈ  কেতিয়াবা প্ৰব্ৰজিত শ্ৰমিকৰ ৰূপত, কেতিয়াবা গিগ  ৱৰ্কাৰৰ ৰূপত, কেতিয়াবা শ্বপিং মলৰ ভিতৰত তেনেই কম দৰমহাত অতি অমানৱীয় পৰিবেশত কাম  কৰিবলৈ বাধ্য  হ'ল-তেতিয়া তেওঁলোকৰ চকুৱে-মুখেও  জানো ফুটি নুঠিল তাহানিৰ সেই ডাকোৱালজনৰ মনৰ শংকা? চিঠিৰ টোপোলাতো নহয় বাৰু-কিন্তু  মহানগৰীৰ অভিজাত ৰেষ্টুৰেণ্ট-হোটেলৰপৰা আমি অৰ্ডাৰ কৰা বিলাসী খাদ্য কঢ়িয়াই অনা সেই ডেলিভাৰী বয়জনৰ শুকান মুখখনলৈ চাই কেতিয়াবা আমাৰ মনৰ গহনৰপৰা হুমুনিয়াহ এটি সৰি পৰেনে? তাহানিৰ ডাকোৱালজনতকৈও যে নিষ্ঠুৰ এই শিক্ষিত-অৰ্ধশিক্ষিত  ল'ৰা-ছোৱালীবিলাকৰ  জীৱন। তেওঁলোকৰ নিয়তি। কিয়নো তাহানিৰ ডাকোৱলজনৰ বুকুত আছিল এটা উকমুকনি- তেওঁৰ অৱৰ্তমানত পৰিয়ালটোৱে বা কোমল ধানৰ কঠিয়া পাৰিব পাৰিলে নে, পাৰিলেনে  বকুল বৰাধানৰ  কঠিয়া পাৰিবলৈ। যদিহে   বাৰিষাৰ  ঢল  আহে, তেনেহ'লে গাৱঁৰ ৰাইজে ভেটা  মাৰিব বুলিও তেওঁৰ মনত এটা সাহ আছিল। কিন্তু বিশ্বায়ন, নতুন অৰ্থনীতিয়ে কোঙা কৰা গাঁৱত আজিৰ ভুমিহীন পৰিয়ালৰ এই সন্তানবোৰৰ  ঘৰত  জানো সাতাম-পুৰুষৰ  সেই  পথাৰখন  বাচি  আছেগৈ? বিপদত পৰিলেও গাৱঁৰ ছুবুৰীয়াই কিবা সহায় কৰি দিব  বুলি তেওঁলোকে ভাৰসা কৰিব নোৱাৰে। কিয়নো, একাকীত্বই  আজি  গাৱঁকো গ্ৰাস কৰিবলৈ এৰা নাই। সংকটৰ ধামখুমিয়াত গাৱঁৰ জীৱন হৈ পৰিছে  কৃত্ৰিম।  গাৱঁতো এতিয়া চলে একধৰণৰ প্ৰতিযোগিতা। হেৰাই গৈছে গাৱঁৰ  সামূহিক  জীৱন। ধনীৰ হাতত দুখীয়াৰ মাটি কুক্ষিগত কৰাৰ ষড়যন্ত্ৰ  চলে তাতো। তেনেহ'লে ক'ত আছে  সেই দৰদী কবি-গীতিকাৰজন যাৰ হাতেৰে এই  গিগ-ৱাৰ্কাৰ, প্ৰব্ৰজিত শ্ৰমিক অথবা  ডেলিভাৰী বয় এজনৰ মৰ্মবেদনা গীতি-সাহিত্যত মূৰ্তমান হৈ  উঠিব

 এটা কথাত দুখ লাগে। অসমত এতিয়া খুব কমেইহে গীতৰ সৃষ্টি  হয়। গীত ৰছনা কৰিবলৈ  প্ৰায় সকলোৱে   এৰিয়েই দিছে।প্ৰায়বোৰেই  গান  এটা ‘বনায়'। আৰু, মাৰ্কেটত এৰি  দিয়ে। অগণণ শিক্ষিত যুৱক-যুৱতীৰ কৰ্মসংস্থাপনৰ  সংকটৰ সন্মুখত এই  আধুনিক যুৱ-শ্ৰমিকসকলৰ মনৰ খবৰ জনাই তাহানিৰ ডাকোৱালজনৰ দৰে কালজয়ী  গীত এটি যদিহে আমি শুনিবলৈ পোৱা নাই--সেয়া সমসায়িক অসমীয়া গীতি-সাহিত্যৰ  বিফলতা  বুলিহে   কব  লাগিব। সংগীতৰ জগতখনৰ অজস্ৰ  বিশৃংখলতাৰ মাজতে  কিছু সংখ্যকে সংগীতক গভীৰভাৱে  আঁকোৱালি লৈছে । তেওঁলোকৰ নিষ্ঠাৰ বলতেই  কেতিয়াবা এনে যাদুকৰী শব্দবোৰে প্ৰাণ পাই উঠিব বুলি  আশা কৰিব পাৰি।

অসমীয়া গীতি সাহিত্যত  কাহিনীকথনক(storytelling ) এক পদ্ধতি (methodology) হিচাপে লোৱা আন এটি কালজয়ী গীত হৈছে ভূপেন হাজৰিকাৰ ‘এন্ধাৰ কাতিৰ নিশাতে'। অৱশ্যে কেৱল এইটোৱেই  নহয়, ‘পৰহি পুৱাতে টুলুঙা নাৱতে', ‘যুৱতী অনামিকা গোস্বামী আৰু যুৱক প্ৰশান্ত দাস'ৰ দৰে সফল কাহিনীকথন তেখেতৰ গীতত আছে। তাৰ মাজতো ‘এন্ধাৰ কাতিৰ নিশাতে' যেন বিশেষ। গীতৰ কথাংশত আৰম্ভণিৰেপৰাই  আছে  শিহৰণ। ‘এন্ধাৰ কাতিৰ নিশাতে। এখনি নৈৰে পাৰতে। এটি ভগা পঁজাতে। পানেইৰ কামিহাড়  সাৱটি। তাইৰ পোনাকণে ফেঁকুৰে। আই ভোক লাগিছে।  আই ভাত দে। আই  পিয়াহ  লাগিছে। আই পানী দে।আই ডিঙি মোৰ শুকায়ে যায়.....।এফালে জ্বৰত আক্ৰান্ত  একমাত্ৰ   সন্তান, আনফালে ঘৰত নাই এটি খুদকণ, নাই  ফল-মূল, নাই  দৰৱ-জাতি। উপায়  নাপাই  মাকে পোনাকণক  সাৱটি নিচুকাই শুৱাই থবলৈ বিচাৰিছে। পুৱা হ'লেই খুজি-মাগি হলেও কিবা এটি আনি দিব, দৰৱ-জাতি  আনি দিব। গভীৰ আশাৰে নিচুকায় তাই, পুৱা হলেই ন-চাউলেৰে চিৰা ভাজি দিব, পোনাকণে বাটি ভৰাই খাব। তাই গাই যায়--‘সোণৰে পুতলি বাচা। মূৰ তুলি চা। ভগা পঁজাত কূটাও নাই। পানীটোপা খা।' কিন্তু  ভোকে-ভাগৰে তীৰকঁপে উঠা জ্বৰত পোণাকণে চিৰতিকাললৈ চকু মুদিলে । মৰিশালিৰ চিতাজুইত আলফুলে সন্তানক শুৱাই থৈ আহি  তাই  হৈ  উঠিল বিদ্ৰোহী। ‘চকুৰ  পানীবোৰ  শুকুৱাই পেলালোঁ। এইবাৰ পণ  লৈ ৰণলৈ ওলালোঁ।বঞ্চণা, বুভুক্ষাৰপৰা ওলাই অহা বিপ্লৱৰ ভাষা  যিজনে  নুবুজেতেওঁৰ বাবে আপাতত এনে কাৰ্য গীতৰ   ৰমন্যাসিক আৱেশ যেন লাগিবও পাৰে। এজনী সন্তানহাৰা, অসহায়  মাতৃয়ে  এনেকৈ  বিদ্ৰোহ কৰিব পাৰেনে?

পাচে, সৌ- সিদিনা  গুৱাহাটীৰ মাজ-মজিয়াত এজন কৰ্তব্যৰত সাংবাদিকক যেতিয়া ক্ষমতাত থকা চৰকাৰৰ অনুগত বাহিনীয়ে অন্যায়ভাৱে বন্দী কৰি পাণবজাৰৰ থানাত সুমুৱাই দিছিল--মাজনিশা পৰ্যন্ত পত্নী অথবা উকীল পৰ্যন্ত থানাৰ চৌহদৰ ভিতৰলৈ যাবলৈ অনুমতি দিয়া নাছিল আৰু তাৰ  প্ৰতিবাদত সাংবাদিকসকলে ৰাজপথত গুজৰি  উঠিছিল- সেই সময়ত যেন সতীৰ্থ সাংবাদিকসকলৰ  হাহাকাৰ, ক্ষোভ  আৰু বিদ্ৰোহৰ মাজত সুধাকণ্ঠৰ সেই বিদ্ৰোহী পানেইজনীয়েই   আকৌ এবাৰ  মূৰ্তমান হৈ উঠিছিল।সতীৰ্থসকলে  নিশা ডেৰবজালৈকে থানাৰ  সন্মুখত প্ৰতিবাদ  কৰাৰ পিছত  পিচদিনা এখন প্ৰতিবাদ সভা হৈছিল। কিন্তু প্ৰতিবাদী সভাত বক্তাৰ ভাষণ শুনি  সময়  পাৰ কৰিবলৈ সেইদিনা যেন  সমবেত হোৱা সেই তৰুণ সাংবাদিকসকলৰ সময় আৰু ধৈৰ্য নাছিল। তেওঁলোক অধৈৰ্য  হৈ উঠিছিল সতীৰ্থ সাংবাদিকক আৰক্ষীয়ে অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ বিৰুদ্ধে। স্বতঃস্ফুৰ্তভাৱেই তেওঁলোক ৰাজপথলৈ নামি আহিছিল। যেতিয়া আৰক্ষীয়ে কঠোৰ হাতেৰে তেওঁলোকক হোঁহোকাই  দিলে, তেতিয়াও চলে-বলে-কৌশলে বেহু ভাঙি  তেওঁলোক ওলাই গ'ল আৰু ৰাজপথৰ সংগ্ৰামলৈ নামি আহিল। ক্ষোভৰ  স্বতঃস্ফুৰ্ত  দাবানল অবিহনে এই বিদ্ৰোহ সহজ নহয়। তেওঁলোকে  বাট চাই থকা নাছিল সেইসকললৈ, যিসকলে তেওঁলোকক সংগ্ৰামৰ খচৰা প্ৰস্তুত কৰি দিবলৈ সাজু হৈছিল বা উপদেশ দিবলৈ বিচাৰিছিল । এয়াই আছিল সেই  বিদ্ৰোহ-যি পাৰ ভাঙি যায়। এইসকলেই আছিল সেইসকল সাংবাদিক-সৎ  আৰু নীতিনিষ্ঠ। যিসকলে  প্ৰাপ্যৰ বাবে, এক উন্নত জীৱনশৈলীৰ বাবে, কামৰ  নিৰাপত্তাৰ বাবে সদায় এখন সংগ্ৰাম কৰি আহিছে, সতীৰ্থৰ ন্যায়ৰ সংগ্ৰামত অহৰহ চামিল হৈছে। সাংবাদিকতা সমসাময়িক  সমাজবিজ্ঞানৰ ধাৰা বুলি স্বীকৃত হোৱাৰ পিছতো ‘মাথা নোহোৱা', ‘বুমধাৰী' অথবা ‘Jack of all trades but master of none’ বুলি যিসকলে পিচফালৰপৰা টিটকাৰী মাৰিছে, তেওঁলোকক অনায়াসে আওকাণ কৰি গৈছে। অৱশেষত সেইদিনা  তেওঁলোকৰ ক্ৰোধৰ সন্মুখত চৰকাৰে পৰাজয় স্বাকীৰ কৰিবলৈ বাধ্য হ'ল। সেইদিনা উপলব্ধি হৈছিল, মহৎ শব্দৰ  শিল্প এনেদৰেই বাৰে বাৰে কঠিন সময়ৰ প্ৰেক্ষাত হৈ উঠে জীৱনৰ আচৰিত মেটাফ'ৰ-আৰু দি যায় প্ৰেৰণা।

সমসাময়িক  গীতি-সাহিত্যৰ  কাহিনীকথনৰ সম্পৰীক্ষণে  কেতিয়াবা  হৃদয় আলোড়িত কৰিছেনে? কমকৈ হলেও গীতি-সাহিত্যত কাহিনীকথনৰ সফল চিত্ৰায়ন কেতিয়াবা চকুত পৰে। যি  আমাৰ হৃদয়  এবেলিলৈ  দোলা দি যায়। মনলৈ আহিছে কবি-সাহিত্যিক চন্দনা  পাঠকৰ  ‘ৰমেন নাথ এজন সুখী লোক' শীৰ্ষক গীতটিলৈ।  চৌপাশৰ যুৱ- উশৃংখলতা, সামাজিক  অস্থিৰতাৰ মাজত এজন মানুহ কেনেকৈ সুখী হৈ  থাকিব পাৰে? পাৰে, যিদৰে ৰমেন নাথ এজন সুখী মানুহ। চন্দনা পাঠকৰ সাহিত্যৰ ভাষাত পৰিহাসবোৰে অন্যতম চালিকা শক্তিৰূপে কাম কৰে। এই গীতৰ বেলিকাও পৰিহাসেই   মূল ভাষা। ৰমেন নাথ  কিয়নো ইমান  সুখী লোককিয় সুখী তেওঁ। তেওঁৰ ছুবুৰীয়া  ভৰালী খুৰাৰ দৰে তেওঁনো কিয়নো অসুখী নহয়? ভৰালী খুৰা-যাৰ  একেটি মাত্ৰ  ল'ৰা-বাইকত উৰি উৰি মদ- চিগাৰেটৰ নিচাত  আক্ৰান্ত । আকাশৰপৰা সৰি পৰা সি যেন পপীয়া তৰা । দিনে-নিশাই মদিৰাতে ডুবি থকা একমাত্ৰ পুত্ৰৰ চিন্তাতেই ভৰালী খুৰাৰ নিশা চকুৰ টোপনি নাই। কিন্তু  ৰমেন নাথ এজন নিৰ্বিকাৰ মানুহ। তেওঁ অকলশৰীয়াকৈ জীৱন জীয়াব জানে। সেয়েহে তেওঁৰ  চকুত নাই  সপোন। নেদেখা সপোনে তেওঁৰ নেভাঙে টোপনি।  ছুবুৰীয়া কাকতি জেঠীৰ দৰেও তেওঁৰ  মনত নাই কোনো উৎকণ্ঠা। জেঠীৰ ঘৰত জেঠা  নাথাকে। চাকৰিৰ  তাগিদাত তেওঁ  থাকে দুৰণিত। একমাত্ৰ ছোৱালীজনী  যেতিয়া ওলাই  যায়, তেতিয়া তেওঁ  খবৰ কাগজখন মেলি  লয় । খবৰকাগজত এটি আঠমহীয়া কন্যাসন্তান ধৰ্ষণৰ চিকাৰ হোৱাৰ খবৰ।  দিনে-নিশাই  ঘটা   এনে  অজস্ৰ   ঘটনা।  চৌপাশৰ  মূল্যবোধৰ এই   সংকটে অনা  দুঃচিন্তাই জেঠীক শুবলৈ নিদিয়ে। কিন্তু  ৰমেন নাথ এজন সুখী  মানুহ। বাতৰিকাকতৰ খবৰৰ লগত তেওঁৰ কোনো  মতলব নাই।  বজাৰৰপৰা  পাচলি কিনে।   দুবেলা- দুমুঠি খাই জীয়াই থাকে। তেওঁ সুখী । তেওঁ সুখী-কিয়নো তেওঁ নিৰ্বিকাৰ, অকলশৰীয়া, চৌপাশৰ  ঘটনাৰাজিৰ  প্ৰতি উদাসীন। হয়। এই অস্থিৰ, অৱক্ষয়ৰ সমাজত কেৱল  নিৰ্বিকাৰ, উদাসীনসকলেহে সুখী হবলৈ পাৰিব। শান্তিত থাকিবলৈ পাৰিব, লাগিলে সেই শান্তি মৰিশালিৰ শান্তিয়েই নহওক কিয়? এয়াই গীতৰ পৰিহাসৰ ভাষা-যাক চন্দনা পাঠকে সফলভাৱে শব্দৰ যাদুৰে চিত্ৰায়ন কৰিছে আৰু  শিল্পী  ৰূপম ভূঞাৰ দৰদী কণ্ঠেৰে সি মুহূৰ্মুহূ হৈ উঠিছে। সমকালীন গীতি-সাহিত্যৰ অলেখ তৰাং কাৰবাৰৰ মাজত এনেবোৰ গীতে আমাক আশ্বস্ত কৰে। সেইদৰেই চন্দনা পাঠকে কাহিনীকথন পদ্ধতিৰে কোৱা আন এটি গীত হৈছে ‘ৰাতিৰাম চকীদাৰ।' সমকালীন প্ৰেক্ষাত  এনেধৰণৰ   গীতবোৰৰ বিষয়ে আলোচনা হোৱাৰ থল আছে

এইবাৰ আহিছোঁ ৰাজস্থানৰ  এগৰাকী  তৰুণ কবি-গীতিকাৰ  ৰাহগীড়ৰ এটি  গীতৰ কাহিনীকথনলৈ। কাহিনীকথন (storytelling) ৰাহগীড়ৰ কেইবাটিও গীতৰ অন্যতম  পদ্ধতি(methodology)।  ৰাহগীড়  সংগীতশিল্পী  হিচাপে এজন ন্যুনতম শিল্পী (minimalist artist)দুই এপদ লোকবাদ্য আৰু হাতৰ গীটাৰখনেই সাৰ। তাৰেই  তেওঁ  অহৰহ  বাজীমাৎ কৰি গৈছে। তাকেই  সাৰথি কৰি তেওঁ গীতবোৰ লিখিছে আৰু  গাই  গৈছে। লিখি পেলাইছে কেইবাটাও অনন্য  কাহিনীকথনৰ  গীত।  সমাজৰ   অজস্ৰ  বিশৃংখলতা   আৰু  হুলস্থুলৰ  মাজত তেওঁ  যেন  এষাৰ  তৰুণ সঞ্জীৱনী মাত।  ‘বেটা ৰাহগীড়' শীৰ্ষক গীতটোৱে  আপোনাৰ  বুকুখন খহাই  নিব। ইয়াত উন্মোচিত হৈছে   তথাকথিত  আধুনিকতাৰ  আতিশয্যৰ  কদৰ্যময় আন এটি  দিশ-বৰ্তমানে সুলভ হৈ পৰা  আৰু  নগৰ -চহৰৰ চুকে-কোণে পৰি থকা ড্ৰাগচ আসক্ত সেই শ্ল', নিচাখোৰসকল-যাৰ কথা তেওঁ  গীতৰ মাজেৰে  তেওঁ কবলৈ বিচাৰিছে। এই ড্ৰাগচত আসক্তবোৰ তেওঁৰ  সমবয়সীয়া। ৰাহগীড়ৰ  ঘৰৰ ‘মহল্লানিলগতে  ‘গীতা মা'ৰ ঘৰ।সেইবাৰ ৰাহগীড়ে  গাৱঁলৈ  যাওতে তেওঁ ‘গীতা মা'ক লগ পালে। মাই ক'লে-‘বেটা ৰাহগীড়, চাহ খাই যা।লগে লগে বুঢ়ীৰ নিজৰ ল'ৰাৰ কথা  ওলাল।  ‘লড়কে'ৰ কথা ওলোৱাৰ লগে লগে ‘গীতা মা’ৰ বুঢ়া চেহেৰা ‘লটকি' 'ল। খোল খাই পৰিল অন্য এক কাহিনী। টিলাৰ পাৰৰ সৌ  ‘চুণচাণ' জেগাডোখৰত  সিহঁতৰ বসতি। ভয়ানক  নিচাৰ চিকাৰ। ড্ৰাগচৰ চিকাৰ। প্ৰথমতে  টকা-পইচটা বিচাৰি ঘৰত হুলস্থুলো কৰিছিল। এতিয়াটো সি ঘৰত পইচাৰ তাগিদাও নিদিয়ে। তেনেহ'লে সি ক'ৰপৰা পইচা পায়? এই চিন্তাই মোক খুলি খুলি খাইছে। বেটা ৰাহগীৰ, তয়েই  তাক এবাৰ বুজাই চা। মোৰ কথাটো নুশুনেই।  ‘হামাৰে তো চুনতা নেহী!’ আগতে  তালৈ ছোৱালী দিবলৈ বিচাৰি  ৰিস্তেদাৰো আহিছিল। এতিয়া তাৰ জীৱন মাথোন জুৱা খেল।  জুৱাত  জিকি যা। মেহনত কিয় লাগে।  পঢ়া-শুনা কিয় লাগে। জুৱা খেল, চিধাই জীৱন জিকি ল। বেকাৰ-নিবনুৱা কি, সি বুজিয়ে নাপায়। বেটা ৰাহগীড়, তয়েই  তাক  এবাৰ  সুধি চাচোন-- সিনো  কি কামাই কৰিব বিচাৰিছে?

গীতৰ  সুৰটো নিচুকণি গীতৰ। চুৰি কৰি কৰি ভাগৰুৱা হৈ পৰা সেই অপৰাধবোধে গ্ৰাস কৰা  কৰা চেহেৰাবোৰ, যিবোৰ ৰাহগীড়ৰ সমবয়সীয়া -ৰাহগীড়ে  গীতত সোঁৱৰণ কৰিছে কাৰোবাৰ এষাৰ  শুভবাণীৰে শুদ্ধপথলৈ  উভতি  আহিব পাৰিব বুলি ৰৈ ৰৈ ভ ভাগৰি পৰা ‘গীতা মা’ৰ। সেই চেহেৰাবোৰৰ । এনেকৈয়ে  গীতি-সাহিত্যলৈ তেওঁ  লৈ আহিছে প্ৰজন্মৰ এক কৰুণতম গাথা।

 আজিকালি  এটা  প্ৰশ্ন  বৰ  সঘনে  শুনা যায়। সংগীতৰ  জগতখনত  শিল্পী কোন? গায়ক কোনইয়াৰ   উত্তৰো অতিকৈ  সহজ।  গায়ক সেইজনেই যি মাথোন উপৰুৱা শব্দৰ মায়াজালেৰে মানুহৰ  বিনোদন দিছে-‘ঘূৰি ঘূৰিআইজ্জৌ, এইফালে' বুলি চিঞৰি মঞ্চ ভাঙি দুফাল কৰি দিব বিচাৰিছে। বেসুৰা গীতৰ তালত প্ৰজন্মক  উন্মাদ হ'বলৈ  আহ্বান কৰিছে।

আৰু শিল্পী সেইজনযি  নিজৰ সৃষ্টিৰ  মাজেৰে মানুহক  অভিনৱ চিন্তাৰে উদ্বেলিত কৰিব বিচাৰিছে। স্থিাতাৱস্থাক প্ৰত্যাহ্বান দিব বিচাৰিছে।  ব্যৱস্থাক  প্ৰশ্ন  কৰিব বিচাৰিছে।  নতুন সময়ৰ  নতুন অৰ্থ হৈ, অভিনৱ ৰূপক হৈ  উঠিব পৰা  মেটাফ'ৰবোৰৰ সন্ধান কৰিছে।

কিন্তু কেৱল সংগীতৰ জগতখনতে কিয়-সকলোপ্ৰকাৰৰ  সৃষ্টিৰ  সাধনাতেই  এয়াই  সত্য।  এয়াই নিয়তি কালৰ সত্য। এতিয়া আপুনি কাৰ পক্ষ  ল'? এই সিদ্ধান্ত আপোনাৰ হাতত।

ৰত্না ভৰালী তালুকদাৰ 

Friday, 18 April 2025

 নিৰাভৰণ--সৃষ্টি শ্ৰেয়মৰ এটি গল্প 





সৃষ্টি শ্ৰেয়মৰ গল্পৰ বিষয়ে খুব কমেইহে কথা পতা হয়।  জীৱন আৰু জীৱিকাৰ সন্ধানত তেওঁ এতিয়া মুম্বাইৰ বাসিন্দা। আগৰেপৰাই সৃষ্টিৰ গল্পৰ পোন, আৱেগবৰ্জিত, টনটনীয়া ভাষাটোৱে  আকৰ্ষণ কৰিছিল। লাহে লাহে তেওঁৰ গল্প লিখা কমি আহিল, বোধহয় চলচ্চিত্ৰৰ জগতৰ সতে সম্পৰ্ক গঢ়ি তোলাৰ বাবেই। তথাপি তেওঁৰ গল্প পঢ়ি হোৱা উপলব্ধিৰ বিষয়ে দুষাৰ নকৈ নোৱাৰিলোঁ।

আমাৰ অসমীয়া মানুহবোৰ ইমানেই ঘৰগোনা যে, বোছিভাগেই জীৱিকাৰ সন্ধানত অসমৰ বাহিৰলৈ ওলাই গলেও বাহিৰতো মনেৰে এখন অসমেই বিচাৰি ফুৰে। বিশেষকৈ সৃষ্টিশীল জগতৰ অনেক লোকে, তেওঁলোকে যিবোৰ ঠাইত বাস কৰে-সেইবোৰ ঠাইত সৃষ্টিশীলতাৰ উৎসৰ সন্ধান কৰাৰ বিপৰীতে অসমৰ প্ৰেক্ষাতেই নিজৰ কাম কৰিব বিচাৰে।  ঘূৰি ঘূৰি অসমৰ প্ৰেক্ষালৈকে উভতি আহে। সেয়েহে বাহিৰত  থকা অসমীয়া সৃষ্টিশীল মানুহৰ কাম-কাজত সৰ্বভাৰতীয় আত্মা এটা বিচাৰি পোৱা অলপ কঠিন বুলিবই পাৰি। মামনি ৰয়চম গোস্বামী বাইদেৱে অসমীয়া সাহিত্যত ভাৰতৰ আত্মাৰ সন্ধান  কৰিছিল বৃন্দাবনৰ বিধবাসকলৰ দুৰ্গতি সাহিত্যৰ কালজয়ী পাতলৈ আনি। পৰৱৰ্তী সময়ত তেখেতে নিৰৱচ্ছিন্নভাৱে আৰু একাণপতীয়াকৈ এই কৰ্মত  ব্ৰতী হৈছিল। মৌচুমী কন্দলিৰো কেইটামান এনে গল্প আছে। 

বহুদিন সৃষ্টি শ্ৰেয়মৰ গল্প পঢ়িবলৈ নোপোৱাৰ বিৰতি ভাঙিল, যেতিয়া তেওঁ ক’ভিডকালীন সময়ৰ মুম্বাইৰ এটা গল্প লিখিছিল ‘প্ৰকাশ’ৰ পাতত। ক’ভিডৰ সময়ত আমি বহুতেই গল্প-কবিতা-উপন্যাস লিখিছিলোঁ। এইবোৰ আছিল স্থানিক  অভিজ্ঞতাৰে সমৃদ্ধ। প্ৰকৃততে এটি অতিমাৰীৰ সন্মুখত  সমগ্ৰ ভাৰতবৰ্ষখনে সন্মুখীন হোৱা অভাৱনীয় সংকটৰ প্ৰতিনিধিত্বমূলক গল্পটো লিখিছিল বহুদিনৰ পিছত সৃষ্টি শ্ৰেয়মে। গল্পটো পঢ়ি তেওলৈ মেচেজ এটা দিলেও কিবা এষাৰ লিখিবলৈ ৰৈ গৈছিল।এটা মৰ্মস্পৰ্শী, অতি সফল আৰু শক্তিশালী গল্প—যাৰ বিষয়ে আমি ক’তোৱেই আলোচনা নকৰিলোঁ।

দুবছৰমানৰ বিৰতিত এইবাৰ ‘দৈনিক অসমৰ’ৰ ‘বসন্ত বৈভৱ’ত  তেওঁ ‘নিৰাভৰণ’ নামৰ এটা গল্প লিখি আমাক মোহিত কৰি তুলিছে। ইয়াত প্ৰধান প্ৰটাগনিষ্ট এযোৰ চেণ্ডেল। গল্পটো পঢ়ি আপুনি ভাবিবলৈ বাধ্য হ’ব যে, আমি যে দেশে  স্বাধীনতা লাভ কৰাৰ অমৃতকালত বাস কৰি আছোঁ, যে আমাৰ এখন সংবিধান আছে--যি প্ৰতিজন ভাৰতীয় নাগৰিকক জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সামাজিক ন্যায় প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে—এইবোৰ আচলতে কি? প্ৰহসন নেকি? নহয় নহয় । তেওঁ গল্পটোত  সাম্প্ৰতিক বহুচৰ্চিত গৰু-গাহৰিৰ ৰাজনীতিৰ কথা কোৱা নাই। তেওঁ এযোৰ চেণ্ডেলৰ কথা কৈছেনীলা ৰঙৰ ফিটাৰে এযোৰ বগা ৰঙৰ হাৱাই চেণ্ডেল। গল্প পঢ়িলেহে বুজিব পাৰিব, এনে এযোৰ চেণ্ডেল পিন্ধাৰ যোগ্যতা অৰ্জনৰ যি মুহুৰ্মুহুঃ বেদনা, তাক বুজিব পৰাকৈ গল্পকাৰে নিজকো কিমান vulnerable কৰি তুলিব লাগিব, সংবেদী হ’ব লাগিব। ধৰ্মীয়  সাম্প্ৰদায়িকতাবাদৰ টল-মল বাগধাৰাৰে দেশ-কাল-ৰাজনীতি-সমাজনীতি উত্তপ্ত হৈ থকাৰ সময়ত তল পৰি ৰোৱা অনেক বিৱৰণীৰ গাৰ নোম শিয়ৰি উঠা এটি লহ লহ বেদনা তেওঁ সাহিত্যলৈ কিদৰে তুলি আনিছে -বিশেষ কেৰিকেচাৰ নকৰাকৈ-কিন্তু গভীৰ মানৱীয় সংবেদনাৰে। ঘৰৰপৰা বাহিৰত থাকি তেওঁ তাহানিৰ প্ৰেমচান্দৰ দৰেই সমকালীন ইতিহাসৰ এলান্ধুত ওলমি থকা অন্য জীৱনৰ সন্ধান কৰিছে। ইমান ক্ৰুৰ, নিষ্ঠুৰ এই অন্বেষণ, অথচ ইমান গভীৰ।  বহুত গভীৰ।  

 

Thursday, 10 April 2025

 

সাহিত্যৰ মিঠা-কেঁহা-তিতিকি



 আমেৰিকাৰ বিখ্যাত ফটোগ্ৰাফাৰ ষ্টুৱাৰ্ট ৰোমক এক সাক্ষাতকাৰৰ শেষৰটো প্ৰশ্ন হিচাপে চাণ্টাল বয়নেচ-এ সুধিছিল- Lastly, I like to ask everyone what advice they would give to their fellow artists, what is your advice? ইয়াৰ উত্তৰত ষ্টুৱাৰ্ট ৰোমে ক’লে-‘Life is shorter than you think. Make your time count. Be curious, sensitive and patient. Treat other artists and fellow aspirants with the respect you yourself would like; these qualities will open a life up to a multiplicity of possibilities and projects.

(সম্পূৰ্ণ সাক্ষাতকাৰৰ বাবে এই লিংকটো চাব পাৰে-https://boynesartistaward.com/interviews/artist-stuart-rome)

এই কথাখিনি, বিশেষকৈ শেষৰ শাৰীটো  সৃষ্টিশীল সাহিত্যৰ বেলিকাও একে। আমি নিজে যদি বিচাৰোঁ যে, সমকালীন লেখকগৰাকীয়ে আমাক শ্ৰদ্ধা কৰক- তেতিয়াহ’লে আমিও তেওঁক সেই পৰিমাণৰ শ্ৰদ্ধা জনাব পাৰিব লাগিব। এই শ্ৰদ্ধা তেতিয়াই জনোৱা হয়, যেতিয়া আমি সমকালীল কবি-সাহিত্যিক-নিবন্ধকাৰসকলৰ কৰ্ম-ৰাজি পঢ়োঁ স্ৰষ্টালৈ মনতে শ্ৰদ্ধাৰ ভাৱ এটা লৈ। এনে শ্ৰদ্ধাই আমাৰ পঠনৰ সময় আনন্দিত কৰি তোলে। সকলো লেখকে একে সময়তে ভাল সৃষ্টি কৰিব নোৱাৰে। কিন্তু পঠনৰ সময়ত এজন পাঠকৰ মন ৰঙিয়াল হৈ থকা, সকলো সংকীৰ্ণতাৰপৰা উৰ্ধত থকাৰ লগতে স্ৰষ্টাৰ প্ৰতি শ্ৰদ্ধালু হৈ থকাটো কৰ্তব্য বুলিয়ে বিবেচনা কৰি আহিছোঁ।  

বহুদিনৰ বিৰতিত বিহু সংখ্যাৰ আলোচনীবোৰে এইবাৰ মেটমৰা সম্ভাৰৰ কিছু গল্প-কবিতা  পঢ়ি উঠি কবলৈ মন গৈছে-এটা ভাল গল্প সদায় এটা ভাল গল্প, এটা ভাল কবিতা সদায় এটা ভাল কবিতা, এখন ভাল উপন্যাস সদায় এখন ভাল উপন্যাস, এখন ভাল নাটক সদায় এখন ভাল নাটক। কোনোবা লেখকে হয়তো নীৰৱতাৰ জগতত বাস কৰে, আনজনে হয়তো সৰৱতাত। কিন্তু লেখক আৰু সৃষ্টি—সদায় ভিন্ন। আপুনি কাক আগ স্থান দিব-স্ৰষ্টাক, নে সৃষ্টিক? কোনোবাই গাৰ জোৰে হেঁচা মাৰি ভাল গল্প এটা বেয়া বুলি কব নোৱাৰে, সেইদৰে বেয়া এটাক ভাল বুলি কব স্বীকৃতি দিব নোৱাৰে। দিলেও সময়ে তাক নাকচ কৰি যাব। সুযোগ বুজি আপুনি কোনোবা লেখকৰ ব্যক্তিগত জীৱন আৰু আদৰ্শৰ  বেকগ্ৰাউণ্ডত বেলচা মাৰি তেওঁৰ সৃষ্টিক আওকাণ কৰিব নোৱাৰে। যদি তেওঁ ভাল সৃষ্টি কৰিছে, সেয়া এটা ভাল সৃষ্টিয়েই হয়। যদি বেয়া কৰিছে, সেয়া বেয়া।

তথাপি কিছুমান লেখকৰ সাহিত্যকৰ্মৰ বেলিকা আমি ইমান সোচ্ছাৰ হৈ উঠোঁ আৰু কিছুমানৰ বেলিকা ইমান নীৰৱ হৈ পৰোঁ। কিয়? হয়। সাহিত্যত মানুহক নীৰৱ কৰি দিয়াটো একধৰণৰ ‘ডিজাইন’। যোৱা সময়চোৱাত এই কথা বাৰে বাৰে উপলব্ধি কৰিছোঁ আৰু শিহৰিত হৈছোঁ।  ইয়াক দুই ধৰণে প্ৰক্ষেপ কৰা হয়। প্ৰথমটোত কোৱা হয়—আপুনি নীৰৱে সাহিত্যকৰ্মত ব্ৰতী হওক। ইমান হুলস্থুল কৰি থাকে কিয়? সূৰ্যক যিদৰে ডাৱৰে আৱৰি ধৰিব নোৱাৰে, সেইদৰে আপোনাৰ মহৎ সৃ্ষ্টিকো কোনোবাই ঢাকি দিব নোৱাৰে। ভাল কাম হ’লে সি মানুহৰ চৰ্চালৈ আহিবই। কিন্তু বাস্তৱত এইটো নহয়-কিয়নো এনে কোনো লেখক থাকে যাৰ সৃষ্টি যাতে পাঠকৰ সন্মুখলৈ যাব নোৱাৰে-তাৰবাবে সন্মুখত থকা দৃশ্যমান আৰু অদৃশ্যমান বাটবোৰ বন্ধ কৰি দিয়া হয়। চৌপাশৰপৰা এনে এটা পৰিবেশৰ সৃষ্টি কৰা হয়, য’ত লেখক  হতাশ হৈ নিজেই সৃষ্টিৰ বাটৰপৰা আঁতৰি যাবগৈ। এনে হৈছে। বহু লেখকে ভাল সৃষ্টি কৰিলেও তাক আলোচনাৰ বাবে উলিয়াই অনা নহয়।এনেকৈয়ে তৰুণ প্ৰজন্মৰ বহু লেখক আমি হেৰুৱাইছোঁ। গৈ গৈ ৰৈ যায়। দ্বিতীয় কথাটো হৈছে, এনে লেখকে যিমানেই ভালকৈ সৃষ্টি কৰিবলৈ চেষ্টা নকৰক কিয়, তেওঁৰ কৰ্মৰ বেলিকা অহৰহ নীৰৱতা প্ৰদৰ্শন কৰা হয়।

ইয়াৰ মাজতে এটা মজাৰ খেল আছে। লেখকে যেতিয়া এটা ভাল সৃষ্টিৰ বাবে প্ৰয়াস কৰি থাকে, পাৰ ভাঙি যাবলৈ চেষ্টা কৰে- চিন্তাৰ জড়তাৰপৰা মুক্ত হৈ নতুন কথা কবলৈ উন্মুখ হয়--তেতিয়া সকলো বাধা নেওচি সাহিত্য আগবাঢ়ি যায়।  কোন সেইজন ৰেফাৰী—যি সকলো প্ৰতিকূলতাৰ মাজতো সাহিত্যৰ সন্মুখলৈ আগুৱাই নি থাকে? সেই ৰেফাৰীজন আন কোনো নহয়, তেওঁ হৈছে আপোনাৰ সাহিত্যৰ উজ্জীৱিত পাঠকজন। সমকালীন সাহিত্যৰ জগতত সৃষ্টিশীল লেখক আৰু উজ্জীৱিত পাঠকজন সদায়ে এটা আনটোৰ পৰিপূৰক। এই পাঠকজন কেতিয়াবা নিজেও সৃষ্টিশীল লোক হ’ব পাৰে আৰু নিজকে পৰ্যায়ক্ৰমে এজন উজ্জীৱিত পাঠকলৈ পৰিণত কৰি থাকিব পাৰে। সমকালীন সাহিত্যৰ অনেক বেমেজালি আৰু চক্ৰান্তৰ মাজতো সৃষ্টিশীল লোকৰ বাবে আটাইতকৈ সুখৰ কথাটো এয়ে যে, আপোনাৰ সৃষ্টিৰ উজ্জীৱিত পাঠক সমাজ আছে। ৰাজনৈতিক দলৰ সভালৈ গাড়ীত উঠাই অনা ৰাইজৰ দৰে তেওঁলোক হয়তো সংখ্যাৰে অগণণ নহয়-তেওঁলোক সংখ্যাত এমুঠি- কিন্তু আপোনাক বোদ্ধাক শাণিত কৰি তুলিবলৈ তেওঁলোক যথেষ্ট। তেওঁলোক গেৰিলাৰ দৰে, নীৰৱে থাকে, লুকাই থাকে—আৰু আপোনাক অহৰহ প্ৰেৰণা দি যায়। কৈ দিয়ে—আপুনি কোনখিনিত ভাল কৰিছে, কোনখিনিত ভুল কৰিছে। আপোনাক অভিনৱ চিন্তাৰে আলোকিত কৰে। আপুনি সেইজন পাঠক বিচাৰি ফুৰিব নালাগে, তেওঁ নিজেই আপোনাৰ কাষ চাপি আহিব।

সাহিত্য শব্দৰ খেল, নে জীৱনৰ খেল? বহুতৰ বাবে সাহিত্য শব্দৰ খেল। সম্পৰীক্ষণৰ খেল। কিন্তু প্ৰকৃত সাধকৰ বাবে সাহিত্য জীৱনৰ খেল। তেওঁ সম্পৰীক্ষণৰ বাটেৰে গ’লেও তাত জীৱনৰ গভীৰতাৰ কথাহে ক’ব। প্ৰজন্মৰ সংকটৰ কথা কলেও তাত প্ৰজন্মই ধৰি ৰখা মূল্যবোধলৈহে বেছিকৈ চকু দিব। প্ৰতিটো প্ৰজন্মই পূৰ্বৰ প্ৰজন্মৰ তুলনাত কিছু পৰিমাণে অধিক সংকটৰ মাজেৰে গতি কৰে। কিন্তু সকলোৱেই অৱক্ষয়ৰ গ্ৰাসত জাহ নাযায়। এচামহে জাহ যায়। বেছিভাগেই সংগ্ৰাম কৰে, হতাশগ্ৰস্ত হয়, যুঁজ কৰি জিকি যায় আৰু প্ৰত্যাহ্বানৰ মাজতো ধৰি ৰাখে মূল্যূবোধ। এয়া নোহোৱা হ’লে মানৱ সমাজ কেতিয়াবাই ধ্বংস হৈ গ’লহেঁতেন। প্ৰজন্মৰ সংকটৰ কথা সাহিত্যত কবলৈ যাওতে প্ৰজন্মক কিদৰে প্ৰতিনিধিত্ব কৰা হয়, সেয়াও বিচাৰ্য বিষয়। আপোনাৰ চোৱাৰ দৃষ্টিভংগীৰ ওপৰতো বহু কথাই নিৰ্ভৰ কৰিব। অসমৰ সমাজ জীৱনৰ এচোৱা গভীৰ সংকটৰ সময়ত বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাই প্ৰজন্মৰ সম্পৰ্কক বৰ সযতনে কাব্যত তুলি ধৰি দায়বদ্ধতাৰ পৰিচয় দিছিল।  সমকালীন সাহিত্যত নৰ-নাৰীৰ আপাতত সাধাৰণ সম্পৰ্কৰ উৰ্ধত তৰুণ প্ৰজন্মৰ সাহিত্যত জীৱনৰ গভীৰতাৰ প্ৰতিফলন দেখিবলৈ পাই ভাল লগাটোৱেই স্বাভাৱিক।

দুজনমান গল্পলেখকে আহ্বান দিছিল— বিহু সংখ্যাত প্ৰকাশিত গল্পবোৰৰ এক আলোচনা সামাজিক মাধ্যমত হ’ব লাগে। কিন্তু আজিকালি সামাজিক মাধ্যমৰ ৰেহ-ৰূপ সলনি হৈ গ’ল। মানুহবোৰে কথা-বতৰাত ভাগ লোৱাতকৈ বেছি পৰিমাণে একোটা ক্ল’জ-চাৰ্কিট কেমেৰা হৈ পৰিল। এনে অৱস্থাত সাহিত্যৰ নিৰ্মোহ সমালোচনা এতিয়া আৰু সামাজিক মাধ্যমত সম্ভৱ নহয়। মুখত হাঁহি ওলোমাই, হাতত লৈ অহা ছুৰীৰে ৰাজহাড় দুটুকুৰা হৈ যোৱাকৈ কৰা কোনে আঘাত কৰি যায়, ধৰিব নোৱাৰি। কিমানবাৰ আৰু আঘাত মেৰামতি কৰি বাৰে বাৰে ঠিয়দঙা দিম! অনাহক সময় নষ্ট। আঘাতৰ প্ৰকোপত যদি কোনোবাজন নীৰৱ হৈ গৈছে, আন কোনোবাই আকৌ ক্ল’জ চৰ্কিট কেমেৰা হবলৈকে ভাল পাইছে। পিছৰটোত সুবিধা বেছি। সেয়েহে সামাজিক মাধ্যমৰ পৰিবেশ এতিয়া আৰু পূৰ্বৰ দৰে গণতান্ত্ৰিক হৈ থকা নাই বুলি ধৰি লৈছোঁ।  

তথাপি সাহিত্যৰ সাধাৰণ পাঠক হিচাপে এটা কথা কবলৈ ভাল লাগে— অসমীয়া সাহিত্যৰ জগতখনত ভাল সৃষ্টি কৰিবলৈ হাবিয়াস থকা তৰুণ প্ৰজন্মৰ সাহিত্যিকৰ অভাৱ নাই। তেনেহ’লে কিয় বাৰু আমি কিছুমানক তুলি ধৰি আন কিছুমানক নীৰৱতাৰ গৰ্ভলৈ ঠেলি দিবলৈ প্ৰয়াস কৰি থাকো? এইক্ষেত্ৰত কবলগীয়া এয়ে যে, তৰুণ প্ৰজন্মই লেখকৰ স্বাধীনতা গ্ৰহণ কৰক আৰু বাজীমাৎ কৰি যাওক। এটা ভাল গল্প, এটা ভাল কবিতা, এখন ভাল উপন্যাস, অথবা সাহিত্যৰ এটা অভিনৱ চিন্তা সমাজৰ হাজাৰ অপশক্তিক প্ৰতিহত কৰি দিব পৰাকৈ শক্তিশালী। আৰু আপুনি যদি ভাল লিখিছে, তেনেহ’লে কৰবাত উজ্জীৱিত পাঠকজনে আপোনাক চিনাক্ত কৰি পেলাইছে। সময়ত তেঁৱেই আপোনাক কৈ দিব—এই বাটে নাহিব, সন্মুখত খাৱৈ আছে। সেই বাটে নাহিব, সন্মুখত গভীৰ নাদ আছে। এই বাটে আহক, এয়াই সাহিত্যৰ জোনাকী বাট।

তেনেহ’লে, আপোনাৰ ভয় নাই।