Tuesday, 30 December 2025

 

গায়ত্ৰী দেৱী বৰঠাকুৰৰ  ‘ফেথ’মিটাৰ’ৰ কবিতাবোৰ






‘ফেথ’মিটাৰ’ এক বিশেষ যন্ত্ৰ, যাৰ ব্যৱহাৰ সাগৰত জাহাজ চলোৱাৰ সময়ত কৰা হয়। সাগৰতলীৰ গভীৰতা জুখিবলৈ এক শব্দ তৰংগ সাগৰ পৃষ্ঠলৈকে তললৈ পঠিওৱা হয়, আৰু সি খূন্দা খাই উভতি অহাৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰি সাগৰৰ গভীৰতা জোখা হয়। সামুদ্ৰিক ডলফিন বা শিহুৱেও যোগাযোগৰ এনেদৰেই তৰংগায়িত সংকেত পঠিয়ায়, যি তৰংগই অলেখ অজানা শিহৰণৰ ঢৌ আমালৈ কঢ়িয়াই আনে।

‘ফেথ’মিটাৰ’ যেতিয়া এখন কবিতাপুথিৰ নাম হয়, তেতিয়া এক উৎসুকতা জাগে-কবিয়ে কি কবলৈ বিচাৰিছে? তেওঁ পাঠকক নিজৰ গভীৰতাক জুখি চাবলৈ আহ্বান জনাইছে নেকি! ‘ফেথ’মিটাৰ’ কবিতাবোৰে কবিৰ ভিতৰৰ এক অনন্য জগত সন্মুখলৈ লৈ আনিছে—যত তেওঁ এককভাৱে কিন্তু বিচ্ছিন্ন নোহোৱাকৈ বিচৰকৰে। চৌদিশৰ এখন কোলাহলপূৰ্ণ জগতলৈ নীৰৱে লক্ষ্য কৰি কবিতাৰ মেটাফ’ৰ ৰচনা কৰে।  

কবি গায়ত্ৰী দেৱী বৰঠাকুৰে বেছি কবিতা ৰচনা কৰা নাই, কিন্তু তেওঁৰ ব্যতিক্ৰমী কণ্ঠটোক আৰু সমসাময়িক কবিসকলৰ কবিতাৰপৰা অনায়াসে বাচি উলিয়াব পাৰি। কবিতাবোৰৰ সৰহভাগেই নিটোল। আৱেগৰ উচ্ছাস নাই। তেওঁ এক সমালোচনাত্মক, ব্যংগাত্মক আৰু মাজে মাজে ভ্ৰূকুটিৰে সমাজৰ বিবিন্ন বিষয়লৈ চকু দিছে। দেশ-বিদেশৰ কবিসকলৰ কবিতা পঢ়িছে, ইতিহাসৰ দাৰ্শনিক, নাৰীবাদী, এক্টভিষ্ট অথবা আন্দোলনকাৰীসকলৰ কথাবোৰ নিজস্ব পদ্ধতিৰে চিনিবলৈ বিচাৰিছে।

‘ফেথ’মিটাৰ’ কাব্যসংকলনৰ প্ৰথমটি কবিতা ‘লৰ্কা’। ইয়াত লৰ্কা বিষয়ক ছয়টি স্তৱক আছে। কবিতাটিৰ আৰম্ভণিৰ স্তৱকটি বৰ সুন্দৰ, লগতে সি সমকালীন সময়ৰ যি প্ৰেক্ষা, তাৰো এক অতূলনীয় ৰূপক।

 ‘কবি আৰু কবিতাক

হত্যা নকৰে বুলি

তেওঁৰ দৃঢ় বিশ্বাস আছিল

পৰ্বতৰ দৰে

অলৰ

 

পিচে সেই পৰ্বতকো

চোঁচোৰাই

অনা হৈছিল

বধ্যভূমিলৈ’

 চুডানৰ চিত্ৰশিল্পী ইব্ৰাহম এল চালাহীৰ শিল্পকৰ্ম ‘গছ–দ্য ট্ৰি’ৰ আধাৰত ৰচিত কবিতাৰ এটি শাৰীত কৈছে

‘গছ যিহেতু ভগবান

সেয়ে মৰিব নোৱাৰে

কথাটো আগাষ্টিন অৱ হিপ্পোয়্ওে কৈছে

গছ অমৃতৰ ইচ্ছাৰ

প্ৰথম সন্তান’

কবিতা সদায় আন্তৰ্জাতিক।এয়াই কবি আৰু কবিতাৰ বিশ্বপ্ৰেক্ষা।  সেয়ে কবিসকলে সমকালীন কবিসকলৰ প্ৰতিও অনুভৱ কৰে  সমমৰ্মিতা। চীনৰ নিৰ্বাসিত কবি গালনিছা ইমিনৰ বাবে তেওঁ লিখিছে এটি কবিতা-

 ‘ওঁঠত ফুলা ফুলপাহৰ নাম কি গালনিছা

বসন্ত, বিদ্ৰোহ

নে সূৰ্যমূখী

...

যদি বিদ্ৰোহ                                                                                           

ফুলা নাই কিয় জইফুল‌

 

হয়। বিদ্ৰোহী কবিৰ কবিতাই কেতিয়াবা জুইফুল ফুলাব নোৱাৰিব পাৰে, সপোন মৰহি যাব পাৰে-কিয়নো ৰাষ্ট্ৰ যে নিৰ্মম। কবিতাৰে বিচ্ছিন্নতাবাদী ভাৱধাৰা প্ৰসাৰিত কৰাৰ অভিযোগত কবি ইমিন নিৰ্বাসিত। কিন্তু কবিতাই পাৰ ভাঙি যায়, যেতিয়া কবিৰ কণ্ঠ হৈ উঠে আৰ্তজনৰ সাহস। সেইবাবেই সুদূৰত অসমীয়া ভাষাৰে লিখা কবিৰ কলমেৰেও নিগৰি আহিব পাৰে সমমৰ্মিতাৰ শব্দ।

 

কিছু চিৰন্তন সত্যকো কবিতাৰ মাজেৰে তেওঁ প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে।

 

‘আপুনি, মই চালেও নাচালেও

তাপ পালে

কেটলিৰ পানী উতলিবই

 

জিন’ই সেই তাহানিতেই কৈছিল।’

 

প্ৰসংগক্ৰমে, জিন’ চক্ৰেটিছ পূৰ্বৰ দাৰ্শনিক আৰু গণিতজ্ঞ। এটি নাৰীবাদী কবিতাৰ উদাহৰণ দিলোঁ-

 ‘ইচমত

 নাৰীক ফুলৰ লগত তুলনা কৰিলে

ভীষণ জিদ্দী হৈ পৰে

নাৰী জানো ইমান (সুকোমল?)

 ইচ্ছা কৰিলেই চিঙিব পাৰি’

নাৰীবিষয়ক চেতনাক নিজস্বধৰণে চাবলৈ বিচৰা আন এটি স্তৱক হৈছে-

 ‘বসন্তসেনাৰ টাইমলেচ বিউটিত

চগা হৈ জ্বলে এজাক শগুণ

 বসন্তসেনাই জানে

পাণ  কৰিব জানিলেহে

জীৱন মদিৰা

নহ’লে

সৱ বকৱাস...’

কবিতাবোৰ তেতিয়াই প্ৰাসংগিক হৈ উঠে, যেতিয়া সময়ৰ বিভিন্ন প্ৰেক্ষাত এইবোৰ প্ৰাসংগিক হৈ উছে। ‘তিনিশৰীয়া’ কবিতাৰ কেইটিমান শাৰীয়ে যেন কৃষকৰ মাটি কাঢ়ি নি উন্নয়নৰ সোপান গঢ়িব খোজা বৰ্তমানৰ মাটিখকুৱাৰ দলটোকেই যেন তীৰ্যকভাৱে কৈছে-

‘সকলোৰে ওচৰত সকলো নাথাকিব পাৰে

আকাশৰো নাই এধানি নিগাজী মাটি

সাগৰৰ বুকুৰ আকাশও লুণীয়া অ’ বনলতা’

 সেইদৰেই আছে শ্লেষ। (অ)সাংবিধানিক কবিতাত তেওঁ লিখিছে

 জনা কথাটো হ’ল

আপুনি ৰেকেটৰ সদস্য হোৱা

বহু যুগেই হ’ল

নভবা উত্তৰৰ প্ৰশ্নটো হ’ল

তথাপিও ইমান অসহায় কিয়…বাৰে বাৰে

ফেথ’মিটাৰৰ কবিতাসমূহ বিষয়-বৈচিত্ৰৰে ইমান ভিন্ন যে, কাব্যসংকলনটিৰ কবিতাসমূহৰ ভিত্তিত কবিৰ কাব্যদৰ্শন প্ৰতিষ্ঠা কৰিবলৈ অসুবিধা।অনেক বিষয়, প্ৰসংগ আৰু তত্বক তেওঁ এমুঠি কবিতালৈ লৈ আহিছে। তেওঁৰ ব্যাপ্তিৰ এক জিলিঙণি  এই কবিতাবোৰ এইবাবেই ব্যতিক্ৰমী-কিয়নো, সেইবোৰ অনাগত সময়ৰ উজ্জ্বল ভবিষ্যতৰ প্ৰতিশ্ৰুতি। গতিকে মতামত দিয়াতকৈ  কবিক অভিনন্দন আৰু শুভেচ্ছা দিয়াহে যুগুত বুলি বিবেচনা কৰিছোঁ। কবিৰ বাট এনেয়ে জটিল, তাতেই পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাত নাৰী কবিৰ উত্তৰণৰ বাটৰ বোজা আৰু অলপ বেছি। এই সকলো অতিক্ৰম কৰি তেখেত আগুৱাই যাওক। এয়ে কামনা।



ৰত্না ভৰালী তালুকদাৰ 

 

Saturday, 20 December 2025

 ‘অই নিঃতমৰ গাওঁবোৰ’- নৈ বিষয়ক জীৱনোপলব্ধিৰ অভিনৱ স্বাক্ষৰ 





যিকেইটা কথাৰ বাবে জীৱনৰ ওচৰত কৃতজ্ঞ, তাৰ ভিতৰত এটা হৈছে যে, এখন নদীৰ কোলাত জন্ম হৈছিলোঁ । বৰনৈৰ বুকুত। আৰু দ্বিতীয় কথাটো হৈছে এখন জনগোষ্ঠীয় সমাজৰ লোকসকলৰ কোলাই-বোকোচাই ডাঙৰ-দীঘল হোৱাৰ সুযোগ পাইছিলোঁ। সেই জনগোষ্ঠীয় সমাজখন আছিল নৈ-পৰীয়া মিচিং সমাজ। বোধহয় সেইবাবেই মিচিং কবিসকলৰ কবিতাই ইমানকৈ টানে। নৈ এখনকলৈ ৰাগী লগা জীৱনৰ ইমানবোৰ আৱেগৰ জোঁৱাৰ মিচিং কবিতকৈ আন কোনে আঁকিব পাৰে!

অসমৰ এটি বৰ্ণময় জনগোষ্ঠী মিচিংসকলৰৰ আকাৰ সংখ্যাগত দিশেৰে বৰ ডাঙৰ নহয়। কিন্তু গোষ্ঠীজীৱনপৰা আহি নিজৰ আইৰ মুখৰ ভাষাৰে কবিতা লিখাতকৈও প্ৰাণাধিক মৰমেৰে অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰা মিচিং সাহিত্যিকৰ সংখ্যা তেনেই কম নহয়।বিশেষকৈ অসমৰ কাব্যৰ জগতখন যেন মিচিং কবিসকলৰ অবিহনে উকা।  কেৱল সংখ্যাগত দিশেৰে নহয়, গুণগত চৰ্চাৰেও তেখেতসকলে অসমীয়া কাব্যজগত সমৃদ্ধ কৰিছে।

অসমীয়া ভাষাত কবিতা লিখা মিচিং কবি ক্ৰমে টম মেদক আৰু ডেনী গামৰদ্বাৰা সম্পাদিত ‘অই নিঃতমৰ গাওঁবোৰ’ হৈছে চৌব্বিশগৰাকী অসমীয়া ভাষাত লিখা মিচিং কবিৰ কবিতাৰ এটি কাব্য সংকলন। কেইবাটিও দিশৰপৰা গুৰুত্বপূৰ্ণ এই কাব্য সংকলনটিত যিসকল কবিৰ কবিতাই স্থান পাইছে তেওঁলোক হৈছে- যোগেন টাইড, জীৱন নৰহ, গংগামোহন মিলি, অনিল পাংগিং, ৰন্ জন কুমাৰ ৰেগন, তোষেশ্বৰ মিৰি আগৰৱালা, বিমান কুমাৰ দলে, জিতেন পায়েং, দেৱৰাজ মিলি, টম মেদক, তিলেশ্বৰ কামান, হিৰণ্য কুমাৰ লয়(এখেতক জানো যদিও মিচিং গোষ্ঠীৰ বুলি এই সংকলনটিতহে গম পালোঁ), চুণা কুমাৰ পাঠৰি,  অনুভৱ প্ৰিয়ম মিৰি, জয় কৃষ্ণ পায়েং, তুলিকা  চেতিয়া য়েইন, মৃণালী কাগয়ুং। সংকলনটিৰ কবিতাবোৰ আমাৰ অচিনাকি নহয়। অই নিঃতমৰ সুৰৰ দৰেই কৰুণ ৰাগীৰে ভিজি থকা মিচিং কবিৰ কাব্যভাষা। নৈপৰীয়া মিচিঙৰ জীৱনত হেৰুওৱাৰ বাদে পাবলৈনো কি থাকে! এই হেৰুওৱাৰ বেদনাৰ তেওঁলোক উত্তৰাধিকাৰ। প্ৰকৃতি তেওঁলোকৰ জীৱন, প্ৰকৃতিয়েই তেওঁলোকৰ শতৰুও। তথাপি জনাই জানে, মাটি হেৰুৱাই মথাউৰিত ঘৰ সাজি থাকিবলগীয়া অৱস্থাৰপৰাও বিদ্যাই-শিক্ষাই আগুৱাই অহা মিচিং এটা স্বাধীনমনা গোষ্ঠী। হাজাৰ কষ্টৰ মাজতো আনৰ কাষত হাত নাপাতে।

একোখন নৈ তেওঁলোকৰ জীৱনৰ সৰ্বহ। এটা সময় আছিল খৰালি ভৰি দুখন আৰু  বাৰিষা টলুঙা নাওখনেই আছিল গোষ্ঠীৰ যাতায়তৰ সাৰথি। কিন্তু গোষ্ঠীৰ প্ৰতি নদী সদয় নহয়। নৈ সদায় নিষ্ঠুৰ। নৈয়ে গৰা খহায়। গাওঁ খহায়। চাংঘৰ উটুৱাই লৈ যায়। উটুৱাই নিয়ে শইচৰ ভঁৰাল। গোষ্ঠীৰ সপোন।  তথাপি নৈৰ প্ৰতি নৈপৰীয়া কবিৰ নাথাকে আক্ষেপ। জীৱনৰ শেষ নোহোৱা খহনীয়াবোৰৰ মাজতো মিচিং কবিয়ে অহৰহ নদীৰেই জীৱনৰ মে’টাফৰ সাজে, নদীৰ মাজেৰেই হয়তোবা প্ৰকৃতিৰ উপাসনা আৰু উদযাপনো  কৰে। ‘অই নিঃতমৰ গাওঁবোৰ’ৰ  পাতে পাতে একোখন নদীৰ উপস্থিতিয়ে আমাৰ সেইবাবেই আচৰিত কৰি নোতোলে। আনকি নদী য’ত অনুপস্থিত, তাতো আছে নৈক কঢ়িয়াই অনা উত্তৰাধিকাৰৰ সোৱঁৰণি। হয়তো সেইবাবেই এজন মিচিং কবিয়ে এনেদৰে কবলৈ পাৰে,

 “...

আপুনি কিয় নদীৰ জলৰাশিলৈ থুৱাই ভালপায়?

নদী যদি আপোনাৰ আই

আপুনি কিয় আপোনাৰ অসফল সংলাপৰ দুৰ্গন্ধবোৰ

বেলছাৰে নদীলৈ চটিয়াই আছে।

...

নদীখনে কেৱল আমাক দিলে আৰু দিলে

দিয়াৰ বাহিৰে যেন নদীখনৰ আমাক দিবলৈ আৰু একো নাথাকিল।

(যোগেন টাইড)

 জীৱন নৰহ মিচিং গোষ্ঠীৰপৰা উঠি অহা অসমীয়া ভাষাৰ এগৰাকী অনন্য প্ৰতিভাৰ  কবি। কাব্য  সংকলনটিত আছে জীৱন নৰহৰ নদী আৰু যৌৱন বিষয়ক  সেই গা সিৰিসিৰাই যোৱা কবিতাটি-যি সদায় ব্যাখ্যাতীত। আৰু বোধাতীত। কবিতাটে কেৱল বাৰে বাৰে পাঠ কৰিবহে পাৰি। লোকজ চেতনাৰে কবিতাৰ শৰীৰ নিৰ্মাণৰ ইমান স্বাভাৱিক ছন্দ খুব কম কবিৰ কবিতাতহে আছে।  কবিতাটি হৈছে- তুমি পকাধানৰ দৰে গোন্ধাইছা

‘মই তোমা ভালপাওঁ

নৈখনলৈ নামি যোৱা

 

তুমি বৰষুণৰ টোপাল

নৈ’ত বুৰ মাৰা

 

তুমি পকাধানৰ দৰে গোন্ধাইছা

বতাহত সৰিব গোন্ধ’

 

কবিৰ আগজীৱনৰ, কিন্তু কেতিয়াও পুৰণি হৈ নোযোৱা এটি কবিতা। 

 আমাৰ ছাত্ৰাৱস্থাৰ এটা সময় আছিল, যোতিয়া আমাৰ কবি সন্মিলনবোৰ, আলোচনাচক্ৰবোৰ, অথবা ৰাজপথৰ আন্দোলনবোৰ হৈছিল—তেতিয়া আমি স্বনামধন্য কবিসকলৰ কবিতাৰ পংক্তিৰ প্লে’কাৰ্ডেৰেই মঞ্চবোৰ, সভাঘৰবোৰ, অথবা ৰাজপথবোৰ সজাই তুলিছিলোঁ। আমি নিজেই ৰঙীণ আৰ্ট পেপাৰত সেইবোৰ লিখি উলিয়াইছিলোঁ, কিয়নো অধ্যয়ন আৰু সংগ্ৰাম আছিল আমাৰ পাথেয়। এতিয়াও অসমত প্ৰকৃতিৰ সুৰক্ষাৰ হকে, মাটিৰ সুৰক্ষাৰ হকে, গছবোৰক নাকাটিবলৈ কাকূতি জনাই অলেখ আন্দোলন, সংগ্ৰাম হৈ আছে। কেতিয়াবা ভাৱ হয়, এই আন্দোলনত ভাগ লোৱাসকলে, নতুন প্ৰজন্মই যদিহে অন্তৰেৰৰ কবিতা পঢ়িলেহেঁতেন, তেনেহলে হয়তো ‘গংগামোহন মিলি’কো জানিলেহেঁতেন। তেওঁৰ ‘গছ’ শীৰ্ষক কবিতাটিৰ পংক্তিৰে হয়তোবা সমদলবোৰ, ধৰ্মঘটৰ স্থলীবোৰ সজাই তুলিলেহেঁতেন, য’ত তেওঁ লিখিছে-

 

‘গছবোৰ স্বভাৱতে শান্ত। নিৰ্জনতা প্ৰিয়।

বৰষুণৰ নিমন্ত্ৰণত মাথোঁ ব্যাকূল হয়।

ধুমূহাৰ সৈতে উৰুৱায় পুৰণি কামিজ।

 

তলত বহি গৰখীয়াই বাঁহী বজালৈ

উভতি আহে যৌৱন।’

 

ইয়াত এখন নৈৰ উপস্থিতি নাই, কিন্তু বৰষুণৰ কথা আছে, যি আমাক এখন নৈৰ সতে সংযোগ কৰাই দিয়ে, অথবা সোঁৱৰণিলৈ কঢ়িয়াই আনে নৈৰ অভিজ্ঞতা।  দুখৰ কথা এয়ে যে,  গছ-গছনিৰ প্ৰতি ইমান অৱেগ থকাৰ পিছতো এনে কবিতাৰ প্ৰসংগ খুব কমেইহে ওলায়। গছ  বিষয়ক কবিতা সম্পৰ্কে আমাৰ জ্ঞান ‘গছ ভালপোৱা ককাৰ খং’তে সীমাবদ্ধ।

 

অনিল পাংগিঙৰ কবিতা ‘আইৰ বাৰ্ধক্য’তো ফুটি উঠিছে নৈ’ৰ প্ৰতি কবিৰ দৰদ

 

“জান নিজানকৈ স্মৃতিৰ পথৰুৱা বাটত

বোকোচাত পাৰ হোৱা জীৱনৰ প্ৰথম নৈখন

ঝাওগছৰ সেউজীয়া বালিচৰত

ডিমৰুৰ দৰে পকি উঠা সপোন”

 

‘বাৰিষা’ শীৰ্ষক কবিতাত নদী আৰু স্বপ্নবিলাস হৈ নাথাকিল। ইয়াত নদী হৈ উঠিল ক্ৰূৰ-নিষ্ঠুৰ ।

 

‘মাটিৰ সীমা ঠেলি সোমাই আহিছে নদী

ঘৰৰ চৌদিশে পানীৰ সেওতা পালি

ব্যস্ত নাৱৰীয়াবোৰে

কঢ়িয়াই ফুৰিছে বিষাদৰ হুমুনিয়াহ।’

 

ৰন্ জন কুমাৰ ৰেগনৰ কবিতা ‘নৈখন বুকুত সামৰি’ৰ কেইটিমান শাৰীত আছে মাথোন ঐতিহ্যচেতনাৰ নহয়, বৰঞ্চ সমকালীনৰ অভিজ্ঞতা-

 

‘নৈৰ ঘাটে ঘাটে আজিকালি হাট বহে

মানুহবোৰে হাতে হাতে লৈ আহে গান

যিবোৰ গোৱা হোৱা নাই

অথবা শুনা নাই কাহানিও ।

নিৰ্লজ্জভাৱে গানৰ বেপাৰ হয়।”

 

“এটি পুৰণি কামিজ’ শীৰ্ষক স্মৃতিকাতৰতাৰপৰা তুলি অনা এটি কবিতাত তোষেশ্বৰ মিলি আগৰৱালাই লিখিছে

 

‘নৈৰ পাৰৰ হাবিত লুকাই বেজাৰ লগা মনটোক

নীৰৱে জিলিৰ গান এটা শুনাবলৈ মন গৈছে”

 

গোষ্ঠীজীৱনৰ পৰম্পৰাক সাৱটি অহা নৈখনৰ আচৰিত মেটাফ’ৰ আছে বিমান কুমাৰ দলেৰ ‘জখলা’ শীৰ্ষক কবিতাত। আচলতে পৰম্পৰাৰ দহতৰপীয়া চাংঘৰলৈ উঠি যোৱা ‘জখলা’টো মিচিঙৰ গোষ্ঠীজীৱনৰ এটি উল্লেখনীয় ৰূপক। সেইবাবেই তেখেতে কবলৈ পাৰিছে যে, জোন জখলাৰেই নামি যায় নদীলৈ। সেই জোন কিহৰ প্ৰতীক? দলেই লিখিছে,

 

‘যিখন জখলাৰে এদিন এটা

জোন নামি গৈছিল নৈ এখনৰ ফালে

আৰু চাংঘৰৰ আন্ধাৰলৈ উঠি আহিছিল

এটা তেজৰঙা বেলি

সেইখন জখলাৰেই এদিন

ককাদেউতাই উঠা-নমা কৰিছিল

আৰু এতিয়াও উঠা-নমা কৰে মোৰ দেউতাই

উঠা-নমা কৰোঁ মই’

 

নৈখনৰ কথা নকলেও বোৱতী পানীৰ ধাৰটোৱে ৰঘুনাখ কাগয়ুঙৰ ‘পানী’ শীৰ্ষক কবিতাত নিসৰ্গৰ সতে মিলি নতুনকৈ নিৰ্মিতি লাভ কৰিছে এনেকৈ-

 

‘জুৰিৰ পানী ঘোঁৰাৰ ৰথত উঠি নামি আহে

ৰথৰ শিলনি ফলা খোজৰ ধ্বনি

কুলু কুলু কুলু কুলু

পাহাৰৰ  নামনিত বাজি থাকে ৰিণি ৰিণি

 

বনফুল যেন ধুনীয়া

বনগীত যেন মধুৰ’

 

‘জীয়াভৰলী ২০১৫’ শীৰ্ষক কবিতাত গজেন মিলিয়ে নৈক যেতিয়া এনেদৰে আৱিস্কাৰ কৰিছে-

 

‘জীয়াভৰলী মোৰ শৈশৱ

কৈশোৰ

আৰু ল’ৰালিৰ ছাঁ’

 

তেতিয়া ভাৱ হয়, এয়াইতো গোষ্ঠীৰ পুৰাতন জীৱন, যাৰ কাষত পাৰ হয় শৈশৱ, কৈশোৰ আৰু ল’ৰালিৰ ছায়া।

 

খহনীয়াত হেৰাই যোৱা বংকোৱাল গাঁৱৰ  সোঁৱৰণিৰ পম খেদি পলাশ লইঙে ‘বংকোৱাল’ শীৰ্ষক কবিতাত কৈছে-

 

‘তেনেহ’লে সাধু এটিকে শুন-

এদিন ইয়ালৈ মোৰ আজোককা আহিছিল

-কেনেকৈ আহিছিল? লতা বগাই আহিছিল নে?

নাজানো

-নৈয়েদি আহিছিল নে বামেদি?

-নাজানো

--কি কি আনিছিল লগত? মিবুৰ য়ক্ চি, বুকুৰ ভিতৰত জোন বেলি তৰা’

 

বাস্তৱধৰ্মীতাৰে কবিতাৰ শাৰী সজোৱা কবি উজ্জ্বল পাওগামৰ ‘ভুলতে হলেও তুমি মোক এবাৰ ভালপাওঁ  বুলি কোৱা’

কবিতাত নদীৰ উল্লেখো আশ্বৰ্যকৰ-

 

‘কিন্তু তুমি যে মাটিৰ প্ৰেমিক হ’ব নোৱাৰিলা

কেনেকৈ বুজিবা দুখৰ ঋতুৰ নাচোন

মোৰ চকুত চকু থব পাৰা

হাতত হাত থব পাৰা

ওঁঠত ৰকিব পাৰা ওঁঠ

কিন্তু দুখৰ কথা

মোক ভাল বুলি কব নোৱাৰা

 

আচলতে তোমাৰ দোষ নাই

ভুল মোৰেই...

 

মইতো পাকৈত নাৱৰীয়া নহয়

নদীৰ গভীৰতা নজনাকৈ কিয়

মেলিছিলোঁ জীৱনৰ নাওঁ।”

 

যদিহে নদীবিষয়ক কবিতা এটিৰে জীৱনৰ ৰোমাঞ্চ লবলৈ মন যায়, প্ৰেমত পৰিবলৈ মন যায়, অথবা ভালপোৱাত দুবাহু মেলি কৰবালৈ উৰি যাবলৈ  তেতিয়াহ’লে ডেনী গামৰ ‘একান্ত ইচ্ছা’ নামৰ এই কবিতাটোকে আওৰাব পাৰি

 

‘কাৰপুন্ পুলি ৰাতি

ৰূপালী এখন ফেৰীৰে তোমাক

সোণালী দ্বীপলে পলুৱাই নিম

ককায়েৰে জোনাকী পৰুৱা হৈ

বাঁহীৰ ঠিকনা বিচাৰিব

বাঁহগছ কাষ পালে

নৈখনত ডুব যাম

মাছবোৰে সুধিলে কম

আমি দুয়ো দুয়োকে ভালপাওঁ।”

 

ডেনী গামৰ এই কবিতাটি পাঠ কৰিলে ভাৱ হয়, জীৱন আৰু ভালপোৱা আচলতে এনেকুৱাই হ’ব লাগে—সৰল, সত্য আৰু সুন্দৰ।এই সৰল স্বীকাৰোক্তিৰ বাবেই মিচিং কবিৰ কবিতাৰ প্ৰতি পপৰাণৰ আকূলতা ইমান বেছি।

 

আন এগৰাকী কবি জিতেন নৰহে ‘লাইকা-দধিয়াৰ কাবান’ শীৰ্ষক কবিতাটোত বান-খহনীয়াত সৰ্বস্ব হেৰুৱাই লাইকা-দধিয়াত বাস কৰা গোষ্ঠীৰ লোকসকলৰ দুচকুত এটুপি চকুলো টুকি গোষ্ঠীজীৱনক সমৃদ্ধি দিয়া নৈকেইখনৰ বিষয়ে এনেকৈ কৈছে-

 

‘আমাৰ কলিজা ৰেপি ৰেপি

উজনিত বাজিব গুমৰাগ

নামনিত বাজিব গুমৰাগ।

অৱনৰি, ধনশিৰি, জীয়াভৰলী,

দিহিং, দিচাং, দিখৌ

ৰঙানৈ, বৰনৈৰ

ইপাৰ -সিপাৰ গুমগুমাই থাকিব

গুমৰাগ গুমৰাগ

সেইফালেই যোৱাগৈ যোৱা

আমাৰ ফালে নাহিব অ লৃগাং।’

 

মিচিংসকলে সোৱণশিৰি নৈক ‘অৱনৰি’ বুলি কয়। সামগ্ৰীকভাৱে চাবৈল গ’লে কবিতাটো এটি আধুনিক কাবান-এটি শোকৰ গীত। ই এখন ইতিহাস ধৰি ৰাখিছে, মানুহৰ ইতিহাস। মৰিও নমৰা কিছুমান মানুহৰ জীয়াই থকাৰ ইতিহাস। বহুসময়ত এই কবিতাটো গোষ্ঠীজীৱনৰ সমাৰ্থকো।

অশোক কুমাৰ দলেই যেতিয়া কবিতাৰ নাম দিয়ে ‘ডিঙৰা’ বুলি, তেতিয়া তাত নদীৰ উল্লেখ নথকাটোহে আচৰিত কথা। ইাত তেওঁ লিখিছে—

‘মই নদীময় মমতাৰে তোমাৰ ভূগোল খামুচি আছোঁ

আৰু সপোনৰ তৰাং নদীত বাৰে বাৰে টুলুঙা পাল তৰিছোঁ।”

 

কিমান কবিয়ে যে অসমীয়া কবিতাত ‘ফাগুনক’ লৈ কবিতা লিখিলে। তথাপি কবিতাত ফাগুন পুৰণা নহয়। সি যে চট-মল যৌৱনৰ আবেদন! জিতেন পায়েঙেও ‘ফাগুণ’ শীৰ্ষক কবিতা এটি সহজ অনুযোগ কৰিছে-

 

‘আলি আয়ে লৃগাঙৰ চঃমানত

ঐনিঃতমেৰে ভৰুণ কৰি দিয় কতজনৰ উদং বুকু

 

কঁহুৱা তুলাৰ দৰেই উৰুৱাই নিয়

নৈপৰীয়া গাভৰুৰ তেনেই আলসুৱা মন’

 

এনে সহজ অনুযোগ-প্ৰতিযোগৰ বাট পাৰ হৈ আহি নৈ বিষয়ক মেটা’ফৰৰ বৌদ্ধিক সমৃদ্ধতাৰ অকস্মাত এটি মধুৰ ধাক্কা খোৱা যায় দেৱৰাজ মিলিৰ ‘তোমনাৰ ছিৰিমুখৰ জলজ অনুবাদ’ শীৰ্ষক কবিতাত য’ত কবিয়ে কৈ উঠিল-

 

“নিৰহ-নিপানীকৈ বৈ আছিল

নৈৰ্ব্যক্তিক এখনি নৈ নিচেই চিনাকি

 

গ’ল কাহানিবাই বিস্মৃত মোৰ

দাঁতিয়লী শইচৰ

সোণোৱালী ছেঁই

গৰখীয়া এটাৰ মোহত ঘূৰি ঘূৰি

এটা গঙা-চিলনী’

সোঁৱৰণিৰ এনে নিৰ্মাণে প্ৰমাণ কৰে জীৱনৰ প্ৰ্যত্যহিকতাত হেৰাই ন’গলে  গোষ্ঠীজীৱনৰ চেতনাৰে  সমৃদ্ধ হৈ অহা এজন কবিয়ে আধুনিক অসমীয়া কবিতাৰ কিমান সমৃদ্ধি দিয়াৰ প্ৰতিশ্ৰুতি থাকে।এই প্ৰতিশ্ৰুতিবোৰেই অসমীয়া কবিতাৰ অনাগত উজ্জ্বল দিনৰো সপোন।  

 নৈৰ চেতনা পাৰ হৈ আহি গদ্য গদ্য লগা কাব্যভাষাৰে জীৱনৰ জটিলতাক শক্তিশালী মে’টাফৰৰ জৰিয়তে কাব্যত সন্ধান কৰা টম মেদকৰ কবিতাকেইটাত নদী প্ৰত্যক্ষভাৱে অনুপস্থিত। তথাপি ‘টোপনি’ শীৰ্ষক কবিতাত তেওঁ নদী এখনৰ উপস্থিতিক আমাৰ চেতনালৈ কঢ়িয়াই দলঙৰ মাজেৰে আনিছে, যি আমাৰ জীৱনৰ  পৰিহাসৰ কঠিন অভিজ্ঞতাৰে পৰিচয় কৰাই দিয়ে-

 

‘মই টোপনিত

টোপনিৰ ভাও জুৰি থকা নাই

আৰু চোৱা তুমি জগোৱাৰ আগতে সাৰ পালোঁ

 

এতিয়া কোৱা

গাওঁবোৰৰ আধৰুৱা দলং সজা হ’লনে?

নে তেনেকৈয়ে পুৰণি হ’ল দলঙৰ কংকাল”

ফাগুনৰ দৰেই ‘ৰাধা’ও যে কিমান কবিৰ কবিতাৰ প্ৰিয় চৰিত্ৰ । তিলেশ্বৰ কামানৰ ‘ৰাধা’বিষয়ক কবিতাই নাৰীবাদী চেতনাকো কবিতালৈ আনিছে । তেওঁ কৈছে—‘কানাই ৰাধা ফেমিনিষ্ট নাছিল ভালপোৱাই মথাউৰি ভাঙিছিল।’ কবিতাত নদীৰ উপস্থিতি আছে এনেদৰে

 ‘ৰাধাই

নীলা সুৰ এটি

পেইণ্টিং কৰে, শূন্যতাত

যমুনা তীৰৰ বতাহজাকে

কেনভাছখন বহলাই নিয়ে

নদীখনৰ সিপাৰলৈ

য’ত পৰি আছে

এটা বাঁহীৰ কংকাল”

 

যমুনা গোষ্ঠীৰ চেতনাৰ সমীপৰ নদী নহয়। কবিতালৈ যমুনাক  আনিবলৈ তেওঁ সেই দুৱাৰ পাৰ হৈ আহিছে। কিন্তু  

‘ঝাও গছৰ সুহুৰি

পানী যুঁৱলিৰ ডৰিকণা

তোমাৰ বুকুৰ ঐকলি...’ৰ দৰে চিত্ৰকল্পৰ মাজেৰে ৰাধা আৰু যমুনাক তেওঁ গোষ্ঠীচেতনাৰ মাজলৈ কঢ়িয়াইও আনিছে।

 

কাব্যসংকলনটিৰ হিৰণ্য কুমাৰ লয়ৰ কবিতাত নদীৰ প্ৰসংগ ‘বৰ্তমানত’ নাই, কিন্তু ভবিষ্যতৰ নৈৰ ইংগিত আৰু সপোন আছে। ‘দুটা ক্ষমাহীন স্বৰত’ তেওঁ কৈছে-

‘মোৰ বিৰুদ্ধে নাইবা তাগিদাত চেতনা বাঢ়ি

আমি পাহাৰ হ’ম

আকৌ মেঘ হৈ আদিন আকাশ হ’ম।’

এই সপোনবোৰৰ মাজতেই  অনাগত দিনৰ নেদেখা নদী এখন তেওঁৰ কবিতালৈ সোমাই আহিছে-কিয়নো পাহাৰ, মেঘ আৰু আকাশখনতেই নদীৰ জন্মস্থল।

চুনা কুমাৰ পাঠৰীৰ কাব্যভাষাই জীৱনৰ জ়টিলতাৰ কথাহে কয়। ‘ৰিফ্ৰেকশ্যন’ কবিতাত নদীৰ উপস্থিতি অধিক ইমান তীৰ্যক আৰু শাণিত যে সি আমাৰ চেতনা জোকাৰি দিয়ে।  

 ‘আজিও কিছুমান মানুহে বুজিবলৈ চেষ্টা কৰা নাই

সেই যে নদীৰ মাজৰ উদাসীল শীৰ্ণ খুঁটিটো অহৰ্ণিশে কঁপি থকা

ঘটনাটোৰ প্ৰকৃত ৰহস্য কি!

 

পানীৰ প্ৰাচীন গভীৰ নীৰৱতা ভাঙি এইমাত্ৰ খুঁটিটোৰ কাষৰপৰা

 

বিপ্লৱী তেজাৰ গৰৈ মাছটো ৰজাঘৰীয়া চতুৰ মাছৰোকাটোৱে

থপিয়াই লৈ গ’ল

আৰু তৰংগায়িত খুঁটিতো স্থিতিহীন হৈ কঁপি থাকিল।

বহুতে হয়তো বুজি নাপায়

আচলতে এনেকৈ স্বচ্ছ পানীৰ আইনাত বিৱৰ্ণ খুঁটিটো

কিয় ইমান অস্থিৰ হৈ কঁপি থাকে!

 

সদায় একেদৰে মাছৰোকাটো আগি গুচি যায়

অথচ দিনৰ পোহৰ স্বপ্নক অলীক পাহাৰ গঢ়িব

খোজা মানুহে ভাৱে

নেপোটিজম মাছৰোকাই দ্ৰুততাৰে খুঁটিটো কঁপায়।’  

 

কাব্যত পৰিহাসৰ এনে চিত্ৰকল্প সাজিব পৰা কবিত স্বাগতম নজনোৱাকৈ জানো থাকিব পাৰি?

 ‘বংশলতা’ কবিতাত কবি অনুভৱ প্ৰিয়ম মিৰিয়ে নিৰ্ভেজাল মেটাফ’ৰেৰে শিপাৰ সন্ধান কৰিছে এনেদৰে-

 

‘বোঁৱতী নদী, যুদ্ধ-বিগ্ৰহও

বাধা দিব পৰা নাই

উভালিব পৰা নাই ধুমূহাও

সেই শিপাডাল শিপায়ে আহিছে

ৰ’দ-বৰষুণৰ কোলাহল নেওচি’

 

কবি জয়কৃষ্ণ পায়েঙৰ কবিতাত নৈৰ উপমাৰে জীৱনৰ গাঢ় উপলব্ধি  আছে। ‘এই সময় আমাৰ’ কবিতাত তেওঁ কৈছে-

‘প্ৰাচীন গধূলি

আপঙৰ বাটিত শুই পৰিল

ভাগৰুৱা বেলি

 

নৈৰ বুকু চুঁচৰি উজাই আহিল নাওঁবোৰ

গৰকীয়াজনে শামুকৰ খোলাটো পানীত

বুৰাওতে

নাৱৰীয়াজনে ক’লে-

আগৰ দৰে নৈত সোঁত নাই

নাই এইবেলি মাছ।’

 কাব্যসংকলনটিৰ একমাত্ৰ তুলিকা চেতিয়া য়েইনৰ কবিতাকেইটিতহে নদীৰ প্ৰসংগ প্ৰতক্ষ্য অথবা পৰোক্ষভাৱে  উঠি অহা নাই। কবিয়ে তেওঁৰ কবিতাৰ প্ৰেক্ষা নিৰ্মাণ কৰিছে কেতিয়াবা ইতিহাস চেতনাৰে, কেতিয়াবা জীৱনৰ জটিল উপলব্ধিৰে, ভ্ৰুকুটিৰে। ‘স্বৰ্গদেউ’ সীৰ্ষক কবিতাত তেওঁ কৈছে-

‘আপোনাৰ সোঁহাতে ৰক্তপিয়াসী চামুণ্ডা গোঁসানী

বাওহাতে স্বাধীনতাৰ ৰখীয়া ঘাতক বাহিনী

সুৰীাত শোণিত ঢালি পাণ কৰে আপুনি’

 

মৃণালী কাগযুঙে ‘ইয়াত আছিল এখন বৰ্ণময় গাওঁ’ কবিতাত সোঁৱৰণিৰ নদীৰ প্ৰসংগ আনিছে এনেদৰে,

‘এতিয়াও  ইয়াতে আছে এখন গাওঁ

আছে আকালৰ জুয়ে পোৰা এজান মানুহ

আছে এখন যৌৱন হেৰুওৱা উন্মাদিনী নদী’

 

নৈপৰীয়া জনগোষ্ঠীয় মূলৰপৰা উঠি অহা সমকালীন কবিসকলৰ কাব্যিক চেতনাৰ উল্লেখনীয় দলিল এই কাব্য-সংকলনটিৰ বিষয়ে অধিক চৰ্তাৰপ্ৰয়োজন আছে। এই নিবন্ধৰ মাজেৰে এটা দিশতহে আলোকপাত কৰিলেও সামগ্ৰীকভাৱে কবিতাসমূহে সমকালীন সময়ৰ বহুবোৰ প্ৰাসংগিক কথাই কৈ গৈছে। এই পৰম্পৰা প্ৰৱহমান নৈৰ দৰেই বোৱতী হৈ ৰওক, অধিক সাৰুৱা হওক। তেওঁলোকৰ  প্ৰজ্ঞা আৰু বোদ্ধাই  আমাক অধিক আন্দোলিত কৰক, তাকেই কামনা কৰিছোঁ।

গ্ৰন্থখনিৰ বেটুপাত সমিৰণ বৰুৱাৰ। প্ৰকাশক -গ্ৰন্থবাৰ্তা 

-ৰত্না ভৰালী তালুকদাৰ