Wednesday, 17 September 2025

 

 শিখা গগৈৰ উপন্যাস ‘যুগান্তৰ’- এক বিশেষ সামাজিক সংকটৰ দলিল  




যেতিয়া কোনো এক  লাভজনক চৰকাৰী উদ্যোগখণ্ড যিকোনো পাকচক্ৰত বন্ধ হৈ যায়, অথবা ষড়যন্ত্ৰ কৰি বন্ধ হৈ যাবলৈ দিয়া হয়-তেতিয়া সেই উদ্যোগখণ্ডত কাম কৰা মানুহবোৰৰ কি হয়? কি হয় তেওঁলোকৰ জীৱনৰ, সপোনবোৰৰ? আধাতে চাকৰি এৰি দিবলগীয়া হোৱা সেই পৰিয়ালবোৰৰ!

যিকোনো কাৰণতেই নহওক কিয়- কেইটামান বছৰৰ আগতে যেতিয়া জাগীৰ’ডৰ কাগজকল বন্ধ কৰি দিয়াৰ দৰে পৰিস্থিতি এটাৰ সৃষ্টি কৰি দিয়া হ’ল তেতিয়া তাক কৰ্মৰত হৈ থকা শ শ কৰ্মচাৰী, বিষয়াৰ পৰিয়ালৰ জীৱনলৈ কিদৰে অমানিশা নামি আহিছিল, সেই অভিজ্ঞতা আমাৰ বাবে বৰ বেছি পুৰণা হোৱা নাই।  কি হ’ল তেওঁলোকৰ সতি-সন্ততিবোৰৰ? আমি খবৰ ৰাখিছোঁনে?

কিছুদিনৰ আগতে বিবাহৰ অনুষ্ঠান এটিত বিশ্ববিদ্যালয় এখনৰ শিক্ষক এগৰাকীয়ে লগ পাই সুধিছিল, industrial layoff-ৰ পৰিবেশত অসমত সম্প্ৰতি কোনো উপন্যাস ৰছনা হৈছে নেকি? বিশেষকৈ মহিলাসকলৰ অৱস্থা লৈ? তেখেতে জাগীৰোডৰ কাগজ কল বন্ধ হৈ যোৱাৰ পৰৱৰ্তী সময়ত তাৰ বিষয়া-কৰ্মচাৰীসকলৰ পৰিয়ালৰ অৱস্থাক লৈ উদ্বিগ্ন হৈ আছিল। উত্তৰত কৈছিলোঁ, বিশ্ববিদ্যালয়ৰ প্ৰকল্প এটাৰ মাজেৰেই দেখোন তেনে এক কাম কৰিব পৰা যায়। সাংবাদিক বা লেখক হিচাপে আনি কিছুমান পৰিস্থিতি  দেখা পাওঁ, যিবোৰৰ বিস্তৃত বিদ্যায়তানিক অধ্যয়ন হোৱাটো আমিও বিচাৰোঁ। তেখেতে ক’লে-হয়তো, পৰা যায়। অহাবছৰত, (অৰ্থাৎ এই বছৰতে) তেনে এটা প্ৰকল্পৰ সম্ভাৱনীয়তাৰ বিষয়ে ভাবিব পাৰি বুলিও তেখেতে ক’লে।

হঠাতে সুধি দিলোঁ–এটা collaboration কৰিব পাৰি নেকি? অৰ্থাৎ methodology আৰু field-study কৰি এটা বিদ্যায়তানিক প্ৰকল্প সমাপ্ত কৰা হ’ল আৰু সেই অভিজ্ঞতাৰে এখন উপন্যাসো লিখা হ’ল। পাৰি পাৰি। তেখেত ক’লে-আমি কথা পাতিম ৰ’ব।উত্তৰবোৰ নেতিবাচক হ’ব বুলি জানিও আজিকালি এনেকৈ সুধিয়েই দিওঁ- পাৰি নেকি collaboration কৰিবলৈ। কৰিব নেকি?

বাৰু, গ’ল কথা গুচিল। বহুদিনৰ নীৰৱতা। তাৰপিছত এদিন তেখেতে এটা মেচেজ দিলে। আমাৰ সিদিনাৰ কথা-বতৰাখিনিক লৈ  আনুষ্ঠানিকভাৱে আগবাঢ়িব পাৰি । আমাৰফালৰপৰা বিষয়টো ইতিবাচকেই আছিল।  পিচে, তেখেতৰ সতে হোৱা কথা-বতৰাই তেনে এক প্ৰকল্পৰ সৈতে জড়িত হোৱাৰ আশা নিৰ্বাপিতহে কৰিলে। মূৰ ঘমাই (brain-storming), আলোচনা-পৰ্যালোচনাৰ অন্ততঃ এটা পদ্ধতি(methodology) বাচি উলিওৱাৰ পিছত  যদি ক্ষেত্ৰ অধ্যয়নলৈ যোৱাৰ কোনো অৱকাশেই নাথাকে, বিপৰীতে শিক্ষাৰ্থীৰ দ্বাৰা সংগৃহীত তথ্য-সংগ্ৰহৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয়, তেনেহ’লে আমাৰ দৰে ফিল্ডত কাম কৰিবলৈ ভালপোৱা মানুহৰ তাত কামেইবা কি?  তাতকৈ নিজাববীয়াকৈয়ে সাজু হোৱাই ভাল! কিন্তু এই অভিজ্ঞতাৰ মাজেৰে আমাৰ উচ্চশিক্ষাৰ জগতখনৰ  সৃষ্টিশীল গৱেষণাৰ বিষয়টোৰ কিদৰে হাত-ভৰি বান্ধি পেলোৱা হৈছে, তাক বাৰুকৈয়ে বুজি পালোঁ।

আশী-নব্বৈৰ দশকত এটা স্পান সূতাৰ মিল, এটা পলিয়েষ্টাৰ সূতাৰ মিল, আৰু এটা ৰাষ্ট্ৰীয়কৃত কাগজ কলেৰে খদমদমাই অসমৰ এখন বিশেষ উদ্যোগ নগৰলৈ পৰিণত হোৱা জাগীৰোড নগৰৰ পলিয়েষ্টাৰ সূতাৰ মিলটো সঠিক ব্যৱস্থাপনাৰ অভাৱ আৰু ৰাজনীতিৰ পাকচক্ৰত পৰি কিদৰে বন্ধ হৈ পৰিল আৰু industrial layoff-ৰ ফলত মানুহবোৰে কাম হেৰুওৱাৰ পৰৱৰ্তী সময়ত কি অৱস্থালৈ গতি কৰিলে-‘যুগান্তৰ’ শীৰ্ষক উপন্যাসখনৰ মাজেৰে তাৰ এক সফল নথিকৰণ(documentation)সম্পন্ন কৰি তুলিছে এগৰাকী শিক্ষক আৰু উপন্যাসিক শিখা গগৈয়ে। উপন্যাসখনৰ পঠনে  উক্ত বিবাহ অনুষ্ঠানটিত বিশ্ববিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ সতে হোৱা কথা-বতৰাৰ লগতে পৰৱৰ্তী সময়ত তেখেত অসহায় হৈ পৰাৰ অৱস্থাটোলৈ মনত পেলায়ো দিলে।

১৬৬ পৃষ্ঠাৰ এই  উপন্যাসখন শিখা গগৈয়ে  বান্ধি ৰাখিছে এটা নিটোল কাহিনীৰে। প্ৰথমেই দৃষ্টি আকৰ্ষণ কৰা বিষয়টো হৈছে নিটোল, নিৰাভৰণ কথনশৈলী। বহুতো নাৰী সাহিত্যিকৰ অলংকাৰ নিৰ্ভৰ, আৱেগমথিত কথনশৈলীৰ বিপৰীতে শিখা গগৈৰ সংহত কথনশৈলীয়ে উপন্যাসৰ পঠন ধৰি ৰাখিছে। আজিকালি বহুতো উপন্যাস পঢ়িলে এনে ভাৱ হয় যেন দুশ পৃষ্ঠা্ৰ উপন্যাস এখনকে বজাৰলৈ দৃষ্টি ৰাখি জোৰকৈ চাৰিশমান পৃষ্ঠাৰ কলেৱৰৰ ৰূপ দিয়া হয় আৰু ফলস্বৰূপে অজস্ৰ পুনৰাবৃত্তি, আৱেগমথিত বাগাড়ম্বৰে পঠনৰ সময়ত পাঠকৰ মনোযোগ অহৰহ ব্যাহত কৰি থাকে।ই এক আমনিদায়ক অৱস্থা। 

শিখা গগৈয়ে পাঠকক আভুৱা ভাৰিবলৈ অকণো চেষ্টা কৰা নাই। তেখেতে এখন সুখপাঠ্য উপন্যাস আমাৰ হাতত তুলি দিছে।এনে এটা কাহিনী কবলৈ প্ৰাৰয়োজন হোৱা ৰাজনীতিও তেওঁ আত্মস্থ কৰিছে। অৰ্থাৎ, সাহিত্যিক হিচাপে আপুনি কাৰ পক্ষ লব-এইটো এটা মৌলিক প্ৰশ্ন। এইটো হৈছে তেখেতৰ প্ৰাথমিক কৃতিত্ব। কিয়নো গল্প এটা কবলৈ যিদৰে কাহিনী আৰু কিছু টেকনিক লাগে, এটা সাৰ্থক কাহিনী উপন্যাসৰ মাজেৰে কবলৈ হ’লে কিন্তু সাহিত্যিকজনৰ এটা দৰ্শনো লাগিব। উপন্যাসত স্ৰষ্টাৰ সাহিত্যৰ দৰ্শন প্ৰতিফলিত হ’ব লাগিব- অন্যথা ওলোম-জোলোমত উপন্যাস হেৰাই যাব।

দ্বিতীয়তে আকৰ্ষণ কৰা দিশটো হৈছে ক্ষেত্ৰ অধ্যয়ন। তেখেতে  কাহিনীৰ বাবে যিবোৰ case-study তুলি আনিছে, প্ৰতিটোৱেই যথাৰ্থভাৱে উপন্যাসখনৰ উদ্দ্যেশ্যধৰ্মিতাক সমৃদ্ধ কৰিছে। কাহিনীবোৰ বাস্তৱৰ, সেয়েহে industrial layoff-ৰ পৰৱৰ্তী সময়ৰ দুখৰ পেনপেননিৰ বিপৰীতে ইয়াত মানুহবোৰৰ জীৱন-সংগ্ৰামৰ দিশটোহে বেছিকৈ পৰিস্ফুট হৈছে।তেখেতৰ  পৰ্যবেক্ষণে দেখুৱাইছে যে,  এনে অৱস্থা এটি আহিলে দুই এজনেহে মদৰ পিপাত ডুব দি জীৱন শেষ কৰি দিব, অথবা আত্মহননৰ পথলৈ নিজকে ঠেলি দিব। বেছিভাগেই কিন্তু জীৱন-জীৱিকা, পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা আৰু কাম হেৰুওৱাৰ পিছৰ হৃত মৰ্যদা উদ্ধাৰৰ দুৰ্মদ সংগ্ৰামতহে ব্ৰতী হ’ব। তেওঁলোক পৰাজিত কাহিনীৰ স্ৰষ্টা হবও নিবিচাৰে আৰু একেসময়তে কাৰোবাৰ অনুকম্পা বা সহানুভুতিত জীয়াই থাকিবও নোখোজে- তেওঁলোকে  বিচাৰে এটি মৰ্যদাৰ জীৱন।  তাৰ মাজতেই তেওঁলোকে লিখি থৈ যাব বিচাৰে মানৱ জীৱনৰ সাৰ্থকতা।আচলতে ফিল্ডৰ পৰা তুলি অনা বাস্তৱৰ জীয়া জীয়া অভিজ্ঞতাবোৰৰ প্ৰতি হেঁপাহ ইমান বেছি যে, কেতিয়াবা ঘৰ-বাৰী এৰি থৈ ফিল্ড এখনতেই পৰি থাকিবলৈ মন যায়। সেয়েহে আমাৰ দৰে পাছকে  পঠনত উন্মোচিত কৰিব পাৰে- কোনখিনি কল্পনা, কোনখিনি বাস্তৱৰপৰা আহৰিত।

আৰু এটা কথা, অসমৰ শেহতীয়া উপন্যাস নিৰ্মাণৰ প্ৰচলিত ধাৰা-যেনে ইতিহাস-আশ্ৰয়ী  ঘটনা বা চৰিত্ৰত বাস্তৱৰ ৰূপ দি কল্পনাৰ সহায়েৰে কাহিনী নিৰ্মাণ, অস্ত্ৰ-সংঘাত, গেৰিলা সংগ্ৰামৰ ধাৰা—আদি চৰ্বিত-চৰ্বণ বিষয়বোৰৰপৰা ইচ্ছাকৃতভাৱে ফালৰি কাটি আহি আন একপ্ৰাসংগিক, জীয়া বাস্তৱতাক তেওঁ উপন্যাসৰ কাহিনী কৰি লৈছে। ফলত পঠনত অনুভৱ কৰিব পাৰি এক সতেজতা, অন্য জীৱনৰ সোৱাদ। মূল কাহিনীত সাঙোৰ খাই থকা পৃষ্ঠভূমিৰ গোষ্ঠী-জীৱনৰ অনন্য স্বাদো তেওঁ উপেক্ষা কৰা নাই।

অৱশ্যে এখন সাৰ্থক উপন্যাস হিচাপে কিছু খুঁটি-নাটিৰপৰা ইয়াক মুক্ত বুলি কব নোৱাৰি। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘প্ৰতিপদ’ উপন্যাস সমান বৰ্ণিল উপন্যাস বুলিবও নোৱাৰি।অৱশ্যে ‘যুগান্তৰ’ত  তাৰ পৰিসৰো কম। কিয়নো এই পলিয়েষ্টাৰ সূতাৰ মিলটোত কৰ্মৰত পৰিয়ালৰ সংখ্যাও যিহেতু কম, গতিকে তাৰ অভিজ্ঞতাও কম। কিন্তু এই প্ৰচেষ্টাক উপন্যাসৰ মাজেৰ গুৰুত্বপূৰ্ণ সামাজিক পৰিঘটনা এটাৰ সাৰ্থক এক সামাজিক দলিল বুলি নিশ্চয় কব পাৰি। উদ্যোগখণ্ড এটাত কৰ্মৰত  বিষয়া-কৰ্মচাৰীৰ ঐকান্তিক সহযোগিতাৰ পিছতো চৰকাৰৰ আন্তৰিক প্ৰচেষ্টাৰ অভাৱ, স্থানীয় ৰাজনীতিকৰ ভোটবেংকৰ ৰাজনীতিৰ চক্ৰান্তৰ দৰে বিভিন্ন কাৰকত অসমত বহুবোৰ চৰকাৰী খণ্ডৰ উদ্যোগ বন্ধ হৈ গৈছে। এই উদ্যোগবোৰ বন্ধ হৈ যোৱাৰ পৰিস্থিতিবোৰ, পৰিকল্পিত  কাৰকবোৰ অনুধাৱন কৰাৰ বাবে, একোটা industrial layoff-এ সৃষ্টি কৰা হাহাকাৰ অনুধাৱন কৰাৰ বাবে আৰু বৰ্তমানৰ বহুচৰ্চিত অৰ্থনৈতিক জাতীয়তাবাদৰ কিছু দিশ অনুধাৱন কৰাৰ বাবে এই উপন্যাসখনক যথাৰ্থভাৱে এটা baseline survey বুলি ধৰি লব পাৰি। এইখিনিতে উপন্যাসখনৰ সাৰ্থকতা নিহিত হৈ আছে।

শিখা গগৈলৈ অভিনন্দন। বোধহয়  এইখন তেওঁৰ প্ৰথম উপন্যাস। সংহত কথনশৈলীয়ে তেওঁৰ ভিতৰৰ সফল কথকজনক ইৰ্ষণীয়ভাৱে উন্মোচিত কৰি তুলিছে।পৰৱৰ্তী উপন্যাসতবোৰত ইয়াৰ অধিক প্ৰোজ্জল কৰি তুলিবলৈ তেওঁ কিন্তু আৰু বেছি কষ্ট কৰিব লাগিব। বিশেষকৈ ক্ষেত্ৰলৈ যোৱাৰ পূৰ্বৱৰ্তী সময়ৰ যিধৰণৰ methodologyৰ প্ৰয়োজন, লগতে কম সময়তে অধিক সফল ক্ষেত্ৰ অধ্যয়ন কৰিব পৰাৰ যি কলা-কৌশল সেয়া তেওঁ নিজেই পঢ়ি-শুনি-উদ্ভাৱনী কৌশল খটুৱাই আহৰণ কৰি লব লাগিব। নিষ্ঠা, সততা, জীৱনৰ মিতব্যয়িতা আৰু  সাধনা-এইবোৰৰ বাহিৰে আমাৰ হাতত ভাৰসা কৰিবলৈনো কি আছে!  

 

 

Friday, 12 September 2025

 

মাজনিশাৰ কেতেকীৰ হিয়া ভগা মাত, জুবিন গাৰ্গৰ মাত আৰু কিছু ভাৱনাৰ দ্যোতনা 




‘মাজনিশা সাৰ পাই শুনিছানে কেতিয়াবা হিয়া ভগা মাত’ –‘সাগৰ দেখিছা’ৰ কবি দেৱকান্ত বৰুৱাই অসমীয়া কাব্যসাহিত্যলৈ দি যোৱা এটি নজহা-নপমা চিত্ৰকল্প । দেৱকান্ত বৰুৱা মৰি গ’ল, কিন্তু এই চিত্ৰকল্পটিৰ ৰমন্যাসিক আবেদনে কত প্ৰজন্মক শিহৰিত কৰি ৰাখিলে আৰু আগলৈও বা কতজনক কৰিব-তাৰ হিচাপ কোনে ৰাখিছে!

নাজানো, মাজ নিশা সাৰে থাকি কেইজনে শুনিবলৈ পাইছে মাজনিশাৰ কেতেকীৰ হিয়া ভগা মাত! মহানগৰীৰ এই কংক্ৰিটৰ জংঘলত সেই আশা হয়তো সুদূৰপৰাহত। তথাপি ভাৱ হয়  কেতিয়াবা মাজনিশা কেতেকীৰ হিয়া ভগা মাতত সাৰ পাই যোৱা, অথবা কেতেকী পখীয়ে বিনোৱা শুনিবলৈ মাজনিশালৈকে সাৰ পাই থকা-এই দুয়োটাই পৰিঘটনা যেন আমাৰ ভাৱনাৰ সিপাৰৰ অতীন্দ্ৰীয় চেতনাৰ দ্যোতনা। কেতেকী বোলে পৰিব্ৰাজক পখী। স্থানীয়ভাৱে প্ৰব্ৰজনকাৰী চৰাই, যি বসন্তকালত আমাৰ মাজলৈ আহে।

সৌ সিদিনালৈকে আমাৰ বাবেও এয়া অপেক্ষাই আছিল। সঁচাকৈয়ে কেতিয়াবা কেতেকীয়ে মাজনিশা মাত মাতেনে! কেতেকীৰ মাত দিনত, দিনান্তৰ ৰহস্যময় সময়ত কেইবাবাৰো শুনিছোঁ। কিন্তু মাজনিশা!শুনা নাছিলোঁ। তেনেহ’লে কবিয়ে কিয় এনেদৰে লিখিলে! কবিয়ে বাৰু ভুল চিত্ৰকল্প আঁকিলে নেকি!

নাজানো কিয়, নব্বৈৰ দশকত আসমৰ সংগীতজগতত খলকনি তোলা  জুবিন গাৰ্গৰ গীত যেতিয়াৰেপৰা শুনিছোঁ, মাতটো শুনিলেই মনলৈ ভাহি আহে  দেবকান্ত বৰুৱাৰ সেই বিখ্যাত কবিতাৰ পংক্তি- “মাজনিশা সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ হিয়া ভগা মাত”।সঁচাকৈয়ে জুবিন গাৰ্গৰ মাতটো মাজনশা কেতেকীয়ে বিনোৱাৰ দৰে নেকি!   অৱশ্যেই কথাটো মনলৈ আহে চিত্ৰকল্পৰ দৰে, যিহেতু মাজনিশাৰ কেতেকী পখীৰ হিয়া ভগা মাত বাস্তৱতে শুনিবলৈ পোৱা নাছিলোঁ।

আমাৰ দৰে নিশা বিছনাত পৰিলেই টোপনিয়ে হেঁচা মাৰি ধৰা মানুহৰ বাবে নিশাচৰ চৰাইৰ মাত শুনিবলৈ পোৱাটো কঠিন বুলিবই পাৰি। সৰুতে নিয়তি চৰাইজনীৰ মাতটোহে এবাৰ সৰুতে শুনিবলৈ পাইছিলোঁ। সৰুতে শুনিছিলোঁ নিয়তি চৰাই, মানে ফেঁচা চৰায়ে বোলে বাৰ মাহে বাৰটা বেলেগ বেলেগ মাত উলিয়ায়।  শৈশৱৰ সেই সময়বোৰ আছিল ভূত-প্ৰেত-কৱন্ধ-পিশাচ আৰু অজানা পৃথিৱীৰ অনন্ত ৰহস্যৰ। ভয় লগা সাধুকথাৰ। ফেঁচা চৰায়ে ‘নিউ নিউ’কৈ বিনালে বোলে ঘৰৰ কাৰোবাৰ মৰণ আহিবই! হয়তো সেইবাবেই মনত প্ৰচণ্ড কৌতূহল আছিল নিয়তি পখীৰ সেই অলৌকিক, নে পৰলৌকিক মাতষাৰ শুনাৰ। একে সময়তে ভয়। শংকা। সেই মাত শুনি যদিহে মৰণ আহে!

সেই সময়ৰ মাজুলীৰ একমাত্ৰ চিকিৎসালয় ১০ খন বিছনাযুক্ত পাব্লিক হেল্থ ক্লিনিকখনৰ কাষতে আমাৰ ঘৰ। তাত উপযুক্ত চিকিৎসাৰ কোনো সুবিধা নাছিল। নিশা নিশা কেতিয়াবা নিশাৰ এন্ধাৰ ভেদি একোটি বিননি ভাহি আহিছিল। ৰোগী যোতিয়া মৰে, মৃতকৰ আত্মীয়ই তেনেদৰে বিনায়। সেই কান্দোনে টোপনি ভাঙি নিছিল। বহুপৰলৈ...। তেনেদৰে টোপনি ভাঙি যোৱা এটি নিশাতেই শুনিবলৈ পাইছিলোঁ বুকুৰ হাড়লৈকে কঁপাই  নিয়তি পখীৰ ভয় লগা মাত ‘নিউ, নিউ।’ বহুদিনলৈ মনৰ গোপনত এটা হাহাকাৰ শিল হৈ বহি আছিল। কোন মৰিব! মৰিব নেকি! নিয়তি চৰায়ে আমাৰ ঘৰৰ কাৰোবাক লৈ যাব নেকি! পিচে কোনো মৰা নাছিল।

অসম আন্দোলনৰ সময়ৰ উজাগৰে থাকিবলগীয়া হোৱা সেই ভয়াবহ নিশাবোৰত এদিন শুনিছিলোঁ হুদু পখীৰ ভয় লগা মাত— ‘হুদু হুদু’। স্কুল-কলেজ বন্ধ। ঘৰৰ সন্মুখত দেউতাই কাম কৰা কলেজত চিআৰপিৰ কেম্প, পিচফালৰ মায়ে কাম কৰা স্কুলতো চিআৰপিৰ কেম্প। মানুহে ভয়তে খেতি-বাতি কৰিবলৈ এৰা পথাৰখনকে পায়খানা কৰাৰ জেগা হিচাপে জোৱানবোৰে ব্যৱহাৰ কৰিছিল। লাঠি লোৱা হাৱাই চেণ্ডেল পিন্ধা পুলিচ দেখিলেই সৰুপানী চোৱাৰ উপক্ৰম ঘটা সেই দিনবোৰত মানুহে গিৰিপ্ গাৰাপ্ চিআৰপি দেখি বাহিৰলৈ ওলাবলৈ এৰি দিছিল। নিশা মতা মানুহে ঘৰ এৰি বেলেগত থাকিবলগীয়া হৈছিল।তিৰাশীৰ নিৰ্বাচনত আমাৰ দেউতাই পামৰ ঘৰত তিনিমাহ আত্মগোপন কৰিছিলগৈ, কিয়নো নিৰ্বাচনৰ ডিউটি পৰিছিল। অষ্টমমানত পঢ়ি থকা দাদাই কাষৰ ডাক্তৰৰ কোৱাৰ্টাৰত নিশা শুইছিলগৈ, নিৰাপত্তা বাবে। এই কথাবোৰ বুজি নাপালেও দেখিচিলোঁ ঘৰৰ মানুহৰ চকুত টোপনি নাই। তেনে উজাগৰী নিশা এটাতে শুনিছিলোঁ সেই ভয় লগা মাত- ‘হুদু, হুদু’। শুনিছিলোঁ, এনেকৈ হুদুৱে মাতিলে বোলে ঘৰে-ভেটিয়ে উচন যায়।সেই সময়ত হুদু নামৰ চৰাইটো  ফেঁচা পৰিয়ালৰ বুলিও জনা নাছিলোঁ। পিচে সেই ভয় লগা সময়বোৰত হুদুৱে ঘৰৰ চালত পৰি মতাৰ পিছতো আমি কাৰো ভেটি-মাটি উচন যোৱা নেদেখিলোঁ। বৰঞ্চ, এনে অভিজ্ঞতাৰপৰা  অন্ধবিশ্বাসৰ বি্ৰুদ্ধে এনেকৈয়ে বাস্তৱৰ অভিজ্ঞতাৰে যুক্তিসন্মতভাৱে কথাবোৰ ভাবিবলৈ শিকিছিলোঁ।

এইদৰেই মাজনিশা ফেঁচা আৰু হুদুৰ মাত শুনিবলৈ পালেও মাজনিশাৰ কেতেকীৰ হিয়া ভগা মাত শুনা নাছিলোঁ। আচলতে কেতেকী চৰায়ে নিশা বিনায় বুলিও ভবাই নাছিলোঁ।। দেৱকান্তৰ ‘সাগৰ দেখিছা’ কবিতাইহে এই কৌতূহলৰ জন্ম দিলে। একেসময়তে, ‘সাগৰ দেখিছা’ৰ বুকুৰ এই চিত্ৰকল্পটি যে কোনোবা এজন শিল্পীৰ কণ্ঠৰ সৈতে সংযোগ হৈ মনলৈ আহিব, সেই কথাৰো উমান পোৱা নাছিলোঁ। কিন্তু নব্বৈৰ দশকৰ এই ব্যতিক্ৰমী মানুহজনৰ গীত নুশুনাকৈ থকাৰ উপায় নাছিল, কিয়নো চিটিবাচৰপৰা পাণদোকানলৈকে সকলোতে বিয়পি থকা সেই একেটাই কণ্ঠ । ইয়াৰ আগলৈকে চিটিবাচ, পাণদোকানৰ সন্মুখত বাজি থাকিছিল হিন্দী চিনেমাৰ গীত। সঠিক চনটো পাহৰিলোঁ, কিন্তু জাজফিল্ডত এবাৰ ভূপেন হাজৰিকা, খগেন মহন্ত আৰু জুবিন গাৰ্গৰ কনচাৰ্ট এটা শুনিছিলোঁ। কেউজনৰে গীত-সুৰ-কণ্ঠ-মেজাজৰৰ বিন্যাসে পুলকিত কৰিছিল। সেয়াই আছিল জুবিন গাৰ্গৰ গীতৰ প্ৰথমটো ৰাজহুৱা অনুষ্ঠান চোৱাৰ অভিজ্ঞতা।এটা সময়ত সম্পৰীক্ষাৰ অভাৱত আৰু স্থবিৰতাত হেৰাই যাবৰ উপক্ৰম হোৱা আধুনিক অসমীয়া সংগীতলৈ অভিনৱ জোঁৱাৰ অনা জুবিন গাৰ্গ আজি ইমানেই বিতৰ্কৰ বিষয় যে এই বিষয়ে কিবা এটা লিখিবলৈ ভয় লাগে। তদুপৰি অসমত জুবিন গাৰ্গৰ সমান ব্যণিজ্যিকীকৰণ হোৱা শিল্পী বোধহয় দ্বিতীয় এজন বিচাৰি পাবলৈ নাই।

তেনেহ’লে কিদৰে এই মাতটোৱে সমকালীন প্ৰজন্মক উতলা কৰি তুলিলে।

কিয়নো প্ৰজন্মই জুবিন গাৰ্গৰ গীত ইমানকৈ শুনিলে?

---

যি নহওক, অৱশেষত এদিন নিশাৰ দোভাগত কেতেকীৰ সেই হিয়া ভগা মাতটি শুনাৰ সৌভাগ্য ঘটিল।আত্মীয়ৰ কুশল কামনাৰে সেই নিশা আমাৰ চকুত টোপনি অহা নাছিল। নিশাৰ প্ৰহৰ আছিল প্ৰিয়জনক হেৰুওৱাৰ আশংকাৰে থৰ থৰ। হাজাৰবাৰ যুক্তি আৰু বিজ্ঞানৰ শীতল ছায়াত আশ্ৰয় ললেও মানুহ হিচাপে কেতিয়াবা ইন্দ্ৰিয়গ্ৰাহ্য আৰু ইন্দ্ৰীয়াতীত চেতনাৰ চাবুকৰ কোবত আমি কাহিল হৈ পৰোঁ। চকুৰ টোপনি হেৰাই যায়। সময় হৈ পৰে মৃতৱৎ। দুখ, শোক আৰু যন্ত্ৰণাৰ সমুদ্ৰত অৱগাহন কৰি তেনে মৃতকল্পৰ সময়ৰ বুকুৰে খোজকঢ়া ধেমালি কথা নহয়।

গুৱাহাটীৰ বাহিৰৰ এখন চহৰত,  তেনে এক চাটি-ফুটি, যন্ত্ৰণাকাতৰ সময়তে  নিশাৰ দোভাগত শুনিবলৈ পালোঁ সেই অমিয়া মাত—‘অ’ কেতেকী, মই কেতেকী।’  থাকি থাকি আকৌ বিনালে, ‘অ’ কেতেকী, মই কেতেকী।’ তাৰপিছত আকৌ এবাৰ।...ভ্ৰম বুলি ভাবিছিলোঁ। কিন্তু  ভ্ৰম নাছিল। বাস্তৱতেই সেয়া আছিল মাজনিশাৰ কেতেকীৰ হিয়া ভগা মাত। নিশাৰ দোভাগত নিস্তব্ধতাক ভেদি যেন এক ধাৰাল সাংগীতিক fusion যেন।কৰুণ। অথচ প্ৰশান্তিময়।  ঠিক যেন যেন প্ৰজন্মক উতলা কৰি ৰখা সেই কণ্ঠটিৰ দৰেই--যি কণ্ঠ folk আৰু western সংগীতৰ অনন্য fusion, সংশ্লেষণ- hymn বা নিচুকণিৰ দৰেই কিবা এটা। এটা সময়ত নিশাৰ বুকুত কেতেকীৰ বিননি হেৰাই গ’ল। সেই বিননি মাৰ যোৱাৰ লগে লগে জান-নেজানকৈ মনত ভাহি আহিল আন এটি প্ৰিয় গীত-‘পাখি মেলি দিয়ে যে গানে আজি, ছায়া হৈ ৰৈ তাৰ আহে নামি,হালধীয়া ৰং কিনো, বাখৰুৱা প্ৰাণ কিনো, বসন্ত নিবিড় নয়ন বুজাব খুজি...”। মনাকাশ পোহৰ কৰি তোলা এটি অনন্য গীত, শব্দৰ চয়ন। আকস্মাত, আশাৰ এছাটি বতাহে ঢৌৱাই গ’ল। মনলৈ আহিল এক কুশল ভাৱনা—ভাল হ’ব, সকলোৰে ভাল হ’ব। গভীৰ শোক, দুখ অথবা সংকীৰ্ণ ভাৱনা নহয়-সৃষ্টিৰ বাবে এই সকলোবোৰ কষ্টকৰ সীমনা পাৰ হৈ আহি আমি মনাকাশ উজ্জল কৰি লবলগীয়া হয়। মাজনিশাৰ কেতেকীৰ আটকীয়া হিয়া ভগা মাতটোৱে যদি আমাৰ মনাকাশ পোহৰাই তোলে, তাতকৈ সুখৰ অনুভুতি কি হ’ব পাৰে!

--- 

জুবিন গাৰ্গ এই প্ৰজন্মৰ শিল্পী। বহুতে অৱশ্যে মানুহজনক ‘শিল্পী’ বুলিবলৈ টান পায়। গায়ক বুলি কয়। সস্তীয়া জনপ্ৰিয়তাত হেৰাই যোৱা, প্ৰজন্মক উশৃংখল হবলৈ, বোকা নৃত্য কৰিবলৈ শিকোৱা বুলি অভিযোগ তোলে। শিল্পৰ মাজেৰে অভিনৱ চিন্তাৰে, চেতনাৰে মানুহক উজ্জীৱিত কৰিব পৰাজনকে শিল্পী বুলি আমি মানি আহিছোঁ। শিল্পীসত্তা আহৰণ কৰিব পাৰি মানুহৰ মাজত থাকি। মানুহৰপৰা আঁতৰি গৈ মানুহ শিল্পী হ’ব নোৱাৰে। তোষামোদকাৰীৰ মাজত অৱস্থান লৈ কোনোবাই উচ্চপৰ্যায়ৰ সৃষ্টি কৰিব নোৱাৰে। সৃষ্টিশীলতাই দাবী কৰে সৃষ্টিকৰ্তাৰ আপোচহীন স্থিতি। শিল্পীৰ এই অৱস্থান একধৰণৰ practice- অকলশৰীয়া হলেও তেওঁ কায়-মনো-বাক্যে মানুহৰ মাজতে থাকিব লাগিব, বিচ্ছিন্ন হব নোৱাৰে। জ্যোতিপ্ৰসাদে জীৱনৰ শেষ বয়সত ৰঙা দলিচাৰপৰা ঘাঁহিলৈ নামি গৈছিল। বিষ্ণু প্ৰসাদ ৰাভাৰ কথাটো কবই নালাগে। ভূপেন হাজৰিকাই এই কথাটো তত্ত্ব আৰু ব্যৱহাৰৰ মাজেৰে বুজি পোৱাৰ বাবেই তেওঁৰ সংগীতে প্ৰজন্ম, দেশ আৰু কালৰ পৰিধি ভাঙি গ’ল। Theory আৰু practice-ৰ অপূৰ্ব সংশ্লেষণে তেওঁৰ সংগীতক অমৰত্ব দিলে।আজি ৰজাঘৰীয়া-প্ৰজাঘৰীয়া সকলোৱে ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ পাতিবলৈ আয়োজন কৰিছোঁ- কিন্তু ভূপেন হাজৰিকাৰ সংগীতত গণসংযোগৰ কালিকা কিমান, সেই বিষয়ে critical study যিসকলে কৰি আছে, তেওঁৱোকক পোহৰলৈ আনিবলৈ কিমান যত্নবান হৈছোঁ। গান-বাজনাতে যেন সকলো শেষ।এয়াও মানুহক উপৰুৱা ভাৱনাৰে ওপঙাই ৰাখিবলৈ খুৱাই দিয়া আফিং নহয়জানো!

প্ৰজন্মৰ ব্যৱধানত জুবিন গাৰ্গৰ সংগীতে দেশৰ মানচিত্ৰৰ পৰিধি ভাঙি গৈছে। প্ৰজন্মক প্ৰতিনিধিত্ব কৰিছে। কিন্তু  কালৰ পৰিধি ভাঙিবলৈ সক্ষম হৈছেনে-সেই কথা উপলব্ধি কৰিবলৈ আৰু কিছু সময় অপেক্ষা কৰিব লাগিব। আজি জুবিন গাৰ্গৰ সংগীতৰ কথা ওলালেই ভূপেন হাজৰিকাৰৰ সংগীতৰ ৰিজনি এটা স্বভাৱিকভাৱে মানুহৰ মনলৈ আহি যায়। ইয়া নস্যাৎ কৰাৰ উপায়ো নাই।  

এটা উদাহৰণ মনলৈ আহিছে। সিদিনা কাশ্মীৰৰ পাহলগামত নীৰিহ পৰ্যটকৰ ওপৰত সীমান্ত সিপাৰৰ সন্ত্ৰাসবাদীয়ে চলোৱা নিৰ্বাচাৰ গুলাঘটনাৰ ঘটনাৰ দিনা আমাৰ সকলোৰে মন  গধূৰ হৈ আছিল। সামাজিক মাধ্যমত ‘কত জৱানৰ মৃত্যু হ’ল, কতৰ জীৱন-যৌৱন গ’ল’ গীতৰ প্ৰসংগ বাৰে বাৰে উঠি আহিছিল। কিন্তু সেই সময়ত আমাৰ মনলৈ নিভৃতে ৰিণি ৰিণিকৈ ভাহি আহিছিল ‘সোণৰে সজোৱা পঁজা ভাঙি যায়, কোনে আজি সাজিবহি পাৰিব দুনাই’’ গীতটি। সঁচাকৈয়ে, সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদীৰ নিষ্ঠুৰ আক্ৰমণত থিতাতে হেৰাই যোৱা নীৰিহৰ মৃত্যুৰ প্ৰেক্ষাত এই গীতটি বেছিকৈ প্ৰাসংগিক হৈ উঠা নাছিলনে? হয়। নব্বৈৰ দশকৰ অসমৰ গুপ্তহত্যাৰ নিৰ্লজ্জ ইতিহাসৰ পৃষ্ঠত ৰচিত এই গীতটি কাশ্মীৰৰ আন এটি প্ৰেক্ষাত সেইদিনা যেন প্ৰাসংগিক হৈ উঠিছিল। ‘সোণৰে সজোৱা পঁজা ভাঙি যায়..’ মাথো এটি গীত নহয়। সি এক হাহাকাৰ, প্ৰজন্মৰ বিননি, hymn, এক ইতিহাস।

তাৰপিছত সৌ সিদিনা মাজনিশাৰ কেতেকীৰ মাত শুনাৰ মুহূৰ্ততো মনলৈ ভাহি আহিছিল সেই গীত- ‘পাখি মেলি দিয়ে যে..’। অথচ যোৱা কেইটামান বছৰত বোধহয় এনে এটা দিন পাৰ হোৱা নাই, যিটো দিনত ভূপেন হাজৰিকাৰ গীত এটি এবাৰ হলেও শুনা হোৱা নাই। তেওঁযে আমাৰ দৰে মানুহৰ কাহিনীবোৰকেই গীতত ধৰি ৰাখিছে! জীৱনৰ গীত গোৱা আমাৰ হিয়াৰ আঠুৰ সেই এজনেই- যি এজন বিশ্বপ্ৰেমিক বাৰ্ড(bard)- আমাৰ জীৱনৰ, সভ্যতাৰ অনন্য বেলাড গায়ক (ballad singer)।সেই অনন্য গীতবোৰৰ এটা হলেও দিনত এবাৰ নুশুনিলে কেনেকৈ হ’ব!

লিখনিৰ প্ৰসংগটো অৱশ্যে মাজনিশাৰ কেতেকীৰ হিয়া ভগা মাতটোৰ হে আছিল। আৰু জুবিন গাৰ্গৰ কণ্ঠটোৰ। হয়তো প্ৰজন্মৰ আশাভংগৰ বেদনাক মাজনিশাৰ কেতেকীৰ হিয়া ভগা মাতটোৰ দৰেই অনন্য সাংগীতিক fusionৰ মূৰ্ছনাৰে ধৰি ৰখাৰ সামৰ্থৰ মাজেৰে জুবিন গাৰ্গৰ সংগীতো প্ৰাসংগিক হৈ থাকিব।এটা হাহাকাৰ হৈ।  দেৱকান্ত বৰুৱাই আমাক দিয়া চিত্ৰকল্পটিৰ দৰেই।

তেওঁ এই প্ৰজন্মৰ প্ৰতিনিধি। নব্বৈৰ দশকত আত্মপ্ৰকাশ। কোৱা বাহুল্য, এই দশকৰপৰাই আমাৰ সমাজত সামাজিক মূল্যবোধৰ স্খলন, অৱক্ষয়ো তীব্ৰতৰ হৈছে আমদানিকৃত  ভোগবাদৰ মাজেৰে। মানুহ এতিয়া শামুকৰ খোলাত। তথ্য-প্ৰযুক্তি আহিল বুলি আমি কিৰীলি পাৰিলোঁ ঠিক, হাত পাতি হাতৰ তলুৱাত ম’বাইল ললোঁ ঠিক- কিন্তু এই তথ্য-প্ৰযুক্তি মানুহৰ কল্যাণৰ হকে কিমান ব্যৱহাৰ হৈছে!প্ৰজন্মক ভোগবাদে গ্ৰাস কৰিছে-post truth, misinformation, disinformation-ৰ ষড়যন্ত্ৰবোৰৰ শেষ নোহোৱা কাৰচাজিয়ে শেষ কৰি দিছে সপোন দেখাৰ অধিকাৰ। প্ৰজন্মৰ পিছত প্ৰজন্মক ছিন্ন-ভিন্ন, দিশহাৰা কৰি দিয়া হৈছে।প্ৰজন্ম হৈ পৰিছে সস্তীয়া, অনিশ্চিত জীৱনৰ প্ৰব্ৰজনকাৰী।  অস্থিৰ ৰাজনৈতিক পৰিস্থিতি, ভোগবাদ, একাংশৰ ক্ষমতাৰ ৰাজনীতিৰ কোৰোণাৰে চপোৱা  ধনৰ পৰ্বতৰ বিপৰীতে হয়তো প্ৰজন্মৰ সৰহভাগৰ আশাভংগৰ বেদনাৰ হাহাকাৰৰবোৰৰেই ৰিণিকি ৰিণিকি অনুৰণণ আছে প্ৰজন্মৰ শিল্পীৰ কণ্ঠত। আপুনি গীত সুনা নাপায়, কিন্তু এটা হাহাকাৰহে শুনিব-এটা  hyme-যি হাহাকাৰে হয়তো lyrics-ক চেৰাই গৈছে, অথবা তাৰ প্ৰয়োজনীয়তা নস্যাৎ কৰি দিছে। যদিহে কৰিছে, সিও এই ক্ৰুৰ, নিষ্ঠুৰ সময়ৰেই অনুৰণণ। সঁচাকৈয়ে এনে এখন সমাজত আশাভংগৰ বেদনাৰ বাহিৰে, জুবিন গাৰ্গৰ hymnবোৰৰ বাহিৰে বিনাবলৈ আপোনাৰ কি আছে! বিশেষকৈ বিপ্লৱ, বিদ্ৰোহো, ৰাজপথৰ সংগ্ৰামবোৰো যেতিয়া হৈ পৰিছে অদৃশ্য শক্তিৰ ক্ৰুৰ, নিষ্ঠুৰ হাঁতোৰৰ নাগপাশ অথবা বিলাসী হোটেলৰ কোঠাত ৰাইজৰ বিশ্বাসৰ দৰ-দাম— তাত কোনোবা সৃষ্টিশীল হাতেৰে গণমুখী, সুস্থিৰ সৃষ্টি বিচৰাতো এক বিলাস নহয়নে! প্ৰজন্মই প্ৰিয় শিল্পীৰ বিনাপইচাই চাবলৈ পোৱা আবতৰীয়া বিহুৰ ফাংচন চাবলৈ গৈ hymn শুনি, নিচা খাই, বোকানৃত্য নকৰি কি কৰিব! তেওঁলোকে ‘পাণেইৰ পোনাকণ’ শুনিবলৈ তালৈ গৈছে বুলি আপনি আশা কৰিছে নেকি?

প্ৰজন্মক বিপথে নিবলৈ কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰগতিশীল সমাজখনে কৰা সংগ্ৰাম, আন্দোলনৰ ধাৰাও স্তিমিত। গতানুগতিক। মানুহৰ প্ৰকৃত দুখ-বেদনা উপলব্ধি কৰিব পৰাকৈ ব্যৰ্থ। ক’তা, ওলাই আহিছে জানো পৰিবৰ্তিত সময়ত নতুন প্ৰাণৰ উন্মেষ ঘটোৱা গণমুখী গণসংগীতৰ সঞ্জীৱনী সুধা। বংগৰ দুৰ্ভিক্ষৰ প্ৰেক্ষাত ভূপেন হাজৰিকাই ‘এন্ধাৰ কাতিৰ নিশাতে’ৰ দৰে অজৰ-অমৰ গীত ৰচনা কৰিছিল। আজি হয়তো খাবলৈ নাপাই বাটে-ঘাটে  মানুহ মৰাৰ দৰে দুৰ্ভিক্ষ বা আকাল নাই-কিন্তু দেশৰ আশী শতাংশ জনসাধাৰণে চাউলকেইটা যোগাৰ কৰিবলৈও হিতাধিকাৰীৰ তালিকাত নাম সুমুৱাবলগীয়া হোৱাৰ পৰিবেশ এতিয়াও জীয়াই আছে। তাকে পাহৰাই ৰাখিবলৈ শাসকপক্ষৰ ধৰ্মৰ বেপাৰ।অনেক চক্ৰান্ত। গণমুখী সংগীত, গণমুখী নাটকৰ সৃষ্টিৰ প্ৰয়োজনীয়তা জানো নাছিল!তেনেহ’লে কৰবাত আমি বিচ্ছিন্ন হৈ পৰিলোঁ নেকি? গতানুগতিকতা, চৰ্বিত-চৰ্বণ, অভিনৱ চিন্তাৰ অভাৱত হেৰাই গলোঁ নেকি? গণসংগীত, গণসাহিত্যৰ ধাৰাবোৰ যেন নিৰ্দ্ধাৰিত লক্ষ্যৰপৰা বহু দূৰৈলৈ গুচি গৈছে। এই সময়চোৱাত কৃষকৰ সমস্যাৰপৰা আৰম্ভ কৰি জাতিসত্তা, প্ৰকৃতি সুৰক্ষালৈকে বিভিন্ন আন্দোলন-সংগ্ৰামে ৰাজপথ কঁপাইছে-কিন্তু জীৱনৰ প্ৰাণসঞ্চাৰী এটা শ্ল’গান পাবলৈ কঠিন।

সকলোৱেই এতিয়া অনুৰ্বৰ। গতানুগতিকতা আৰু চৰ্বিত-চৰ্বণত বন্দী। ইয়াৰ মাজতে চেগা-চোৰোকাকৈ যদি কৰবাত ভাল কিবা এটাৰ সৃষ্টি হৈছে— সেইবিষয়ে চৰ্চা নকৰিবলৈকেও চলে পৰিকল্পিত আয়োজন।

তথাপি সকলো হতাশাৰ শেষত এই কথা সত্য যে,  জীৱনত কব নোৱাৰাকৈ প্ৰেৰণাৰ উন্মেষৰ অনুৰণণ কৰবাত ৰৈ থাকে। এটা আয়োজন থাকে জীৱনৰ গতিপথ সলনি কৰি দিয়াৰ। সেইবাবেই অতীৱ এক আশা বুকুত বান্ধি আমি ৰৈ থাকিব লাগে। অপেক্ষা কৰিবলৈ শিকিব লাগে আপোনাৰ প্ৰিয়জনৰ, চৌপাশৰ মানুহৰ কুশল কামনাৰে মাজনিশাৰ কেতেকীৰ হিয়া ভগা মাতষাৰ শুনিবলৈ। ইও জীৱন সংগীতৰেই  এক অভিনৱ কলা। তেতিয়া হয়তো এদিন অকস্মাতে আপুনিও শুনিবলৈ পাব মাজনিশাৰ কেতেকীৰ আকাংক্ষিত হিয়া ভগা মাত, য’ত আমাৰ কবিতাৰ সমৃদ্ধ ধাৰাৰ এটি অনুপম চিত্ৰকল্প আকৌ এবাৰ সাৰ পাই উঠিব। সাৰপাই উঠিব জীৱনৰ এক অমিয়ামাধুৰী দ্যোতনা। আশাহীনতাৰ এন্ধাৰ ভেদি আশাৰ এক অপূৰ্ব সাংগীতিক মুৰ্ছনা। এটি fusion- প্ৰজন্মৰ শিল্পীৰ মাতটোৰ দৰেই কিবা এক অচিন হাহাকাৰ, বিয়াকুলতা। হয়তো সেই hymn বা বিননিতেই কেনেবাকৈ ৰিণিকি ৰিণিকি  ভাহি থাকিব প্ৰজন্মৰ সৃষ্টিশীল ভাৱনা। আপোনাৰ কামবোৰ আনে ভাল পোৱা বা নোপোৱাৰ কৰ্ম-কাণ্ডত আপুনি হেৰাই যোৱাৰ অথবা সময়ৰ স্বাক্ষৰ হৈ ৰৈ যোৱাৰ প্ৰাসংগিক-অপ্ৰাসংগিক অলেখ প্ৰসংগ আৰু অনুসংগৰ ভিৰে আপোনাক হয়তো তেতিয়া উতলা কৰি তুলিব পাৰে।